Saturday, 22 June 2013

অৱগুণ্ঠিতা


“ ঐ... ঐ.. মাইকী মানুহে ভান গাড়ী চলাইছে চা চা…”

বাটৰ কাষৰ পাণদোকানখনৰ আড্ডাটোৰ পৰা ভাঁহি অহা আশ্চৰ্য্য তথা কিছু গৰিহণা মিহলি কথাষাৰ মানুহ গৰাকীৰ কাণত ঠিকেই পৰিলহি৷ কিন্তু  কথাষাৰে পূৰ্বৰ দৰে তেওঁৰ মনত অকণো  খং বা বিৰক্তিৰ ভাৱ জগাই নুতুলিলে৷ তাৰ পৰিৱৰ্ত্তে তেওঁ কিছু আমোদহে পালে কথাষাৰৰ সুৰটোত৷ তেওঁৰ মনৰ ভাৱটোকে অবিকল প্ৰকাশ কৰিয়েই যেন সন্মুখৰ আসনত তেওঁৰ স’তে বহি যোৱা জীয়েক অৰুণাই কৃত্ৰিম খঙেৰে কৈ পেলালে-

“ধেৎ,অতদিনে দেখাই পোৱাই নাছিল নে!!”

মাক-জীয়েক আৰু পিছৰ আসনত বহা পুতেক পাৰ্থই প্ৰাণ খুলি হাঁহি পেলালে৷ 

পিছফালৰ আসনতে কোমল গাৰু এটা আওঁজাই লৈ গভীৰ টোপনিত মগ্ন বৰুৱাই এইবোৰৰ একো ভূ-ভা নাপালে৷ চালকৰ আসনৰ পৰাই ৰিয়েৰ-ভিউ আইনাত বৰুৱালৈ এবাৰ চাই তেওঁ ল’ৰা-ছোৱালী হালক দেউতাক শুই থকাৰ কথা ইংগিতেৰে সোঁৱৰাই দিলে৷ পুৱা চাহকাপ খায়ে তেওঁলোক আজি বোৱালগুৰিলৈ বুলি ওলাই আহিছে - বৰুৱাৰ গাৱঁৰ ঘৰলৈ বুলি৷ কালি হঠাতে খবৰ আহিল বৰুৱাৰ দেউতাকৰ অসুখ বুলি-পুৰণি হাই প্ৰেছাৰৰ আমনি৷ গতিকে কৰ্মস্থলীৰ পৰা কালি নিশাৰ বাছেৰে দুদিনৰ ছুটি লৈ বৰুৱা আজি পুৱা ঘৰ ওলালেহি৷  

ঘৰৰ পৰা ওলোৱাৰ সময়ত গাড়ীৰ পিছৰ আসনত আৰামেৰে বহি লৈ তেওঁ পত্নীক ক’লে, “মই হ’লে ভাগৰহে মাৰিম৷ তোমাৰ আমনি নলগালৈকে চলোৱা দেই৷ ভাগৰ লাগিলে মই লাগিম আৰু৷”
মানুহগৰাকীয়ে হাঁহিলে মাথোঁ; মনতে ভাবিলে, ইয়াৰ পৰা বোৱালগুৰিলৈ মাথোঁ পাঁচঘন্টাৰ বাটহে! আগতে ইমান দীঘলীয়াকৈ একেৰাহে গাড়ী চলোৱা নাই যদিও পাৰিব তেওঁ! সেইবুলি কালি গোটেই নিশাটো বাছত এপলকো শুৱলৈ নোপোৱা মানুহজনক জিৰণি ল’বলৈ নিদি গাড়ী চলাবলৈ ক’বনে!

সৰু মফচলীয় অঞ্চলটোৰ পুৱাৰ ভিৰৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথেদি গাড়ীখন আগবাঢ়িল৷ সেই আড্ডাস্থলীৰ পৰা অহা মন্তব্যটোৱে মানুহগৰাকীৰ হৃদয়ত একো আঁচোৰ নেপেলালেও কিছু আনমনা কৰি তুলিলে৷ বৰ্তমান মানুহগৰাকীয়ে এনেকৈ ভান এখন চলাই ফুৰা কথাটো চহৰখনত নতুন দৃশ্য হৈ ৰোৱা নাই৷ কিন্তু বহুদিনৰ বিৰতিৰ অন্তত এনে এটা মন্তব্য শুনি তেওঁৰ মনটো যেন অতীতলৈ ঘুৰি গ’ল৷


গাড়ীখন কিনাৰ সময়ত ৰ’দে বৰষুণে বিপদে-আপদে ইফাল সিফাল কৰিবলৈ সুবিধা হ’ল বুলি সকলোৰে লগতে তেওঁৰো আনন্দ লাগিছিল৷ সেইসময়ত বাট-পথত ব্যক্তিগত বাহন বুলিলে কেইখনমান  মাৰুতী ৮০০ হে দেখিবলৈ পোৱা গৈছিল। তথাপিও ভানখনৰ আহল-বহল ভিতৰখন আৰু বেয়া বাটতো সুচাৰুকৈ চলাবলৈ ভাল হ’ব বুলি ভাবিয়ে তেওঁলোকে ভান এখন কিনাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু কিনাৰ সময়ত আজিৰ দৰে পৰিস্থিতি এটা তেওঁৰ বাবে সপোনৰো অগোচৰ আছিল৷  সময়ে হঠাতে পৰিয়ালটোলৈ যেন পৰিবৰ্তনৰ ঢৌজাক লৈ আনিছিল৷ ল’ৰা-ছোৱালীৰ স’তে মানুহজনীক গাড়ীত তুলি ফুৰোৱাৰ হেঁপাহ পুৰ নৌ-হওঁতেই বৰুৱাৰ চাকৰিৰ বদলিৰ খৱৰ আহিছিল৷ তাকো নতুন কৰ্মস্থলী ঘৰৰ পৰা দহ-বাৰঘন্টীয়া যাত্ৰাৰ দুৰত্বত হ’ল৷ আগৰ দৰে পুনৰ স্কুল বদলি কৰি পাৰ্থ-অৰুণাৰ পঢ়া-শুনাৰ খেলি-মেলি নহওক বুলিয়ে বৰুৱাই অকলশৰেই থাকি লৈ কাম চলোৱাৰ সিদ্ধান্ত ল’লে৷ আৰু তাৰ পিছৰ পৰা মাহত এবাৰ-দুবাৰ হে ঘৰলৈ আহিবলৈ মিলাব পৰা হ’ল তেওঁ৷

পাৰ্থ আৰু অৰুণাৰ পঢ়া-শুনাৰ পৰা আদি কৰি সংসাৰখনৰ এশ এবুৰি দায়িত্ব মানুহগৰাকীয়ে অকলশৰে মূৰ পাতি ল’বলৈ  বাধ্য হ’ল৷ প্ৰথমে তেওঁ কিংকৰ্তব্যবিমুঢ় হ’ল-কিন্তু লাহে লাহে কথাবোৰ তেওঁ আয়ত্বলৈ আনি ল’লে৷ দিনে দিনে তেওঁ সকলোবোৰ কামতে অভ্যস্ত হৈ পৰিল, আত্মবিশ্বাসেও কমসময়ৰ ভিতৰতে লগ দিলেহি৷ তেওঁৰ কৰ্মদক্ষতা লক্ষ্য কৰি বৰুৱাও ঘৰখনৰ বাবে নিশ্চিত হৈ থাকিব পৰা হ’ল৷
এবাৰ দুদিনীয়া ছুটিত ঘৰলৈ আহোতে নিত্যনৈমিত্তিক ভাৱে গেৰেজলৈ গৈ  বৰুৱাই গাড়ীখন ষ্টাৰ্ট দি চালে৷ বহুদিন একেৰাহে নচলোৱাকৈ পৰি থকা গাড়ীৰ বেটেৰীয়ে কাম নকৰা হোৱাৰ কেইবাটাও ঘটনা তেওঁ জানে, সেয়ে৷ অলপ সময় চালকৰ আসনতে বহি থাকি খুঁটি নাটিবোৰ পৰীক্ষা কৰি মেলি তেওঁ ওলাই আহিল৷ বাৰাণ্ডাতে আবেলিৰ ফিকা চাহ কাপ লৈ ৰৈ থকা অৱস্থাত তেওঁ পত্নীক দেখিলেহি৷ দুয়ো বাৰাণ্ডাৰ বেটৰ চকীদুখনতে বহি চাহত চুমুক দিলে৷ চাহকাপত এসোহা মাৰিয়ে বৰুৱাই পত্নীক ক’লে,

“হেৰা, নতুন গাড়ীখন গেৰেজত এনেকৈ পেলাই থোৱাতকৈ তুমিয়ে চলাবলৈ শিকি নোলোৱানো কিয়? বহুত কামত সময় বাচিব-সুবিধাও হ’ব৷”

গৰম চাহে মানুহগৰাকীক জিভাত অকণমান পুৰি গ’ল৷ ধেমালি কৰা বুলি তেওঁ বৰুৱাৰ মুখলৈ চালে৷ নাই, তেওঁৰ ভাগৰে ক্লান্ত কৰি থোৱা মুখখনত ধেমালিৰ ৰেশ এটাও নাই! তেওঁ আশ্চৰ্য্যৰ ভাৱটো লুকুৱাই শান্তভাৱে ক’লে,

“মই পাৰিম জানো? মানুহে বা কি ভাবিব? আৰু চলাবলৈনো কোনে শিকাব?" 

আধুনিকতাৰ বতাহজাকে মাথোঁ চেলেকা চুবীয়াকৈহে স্পৰ্শ কৰা এই সৰু ঠাইখনত মহিলাই এইদৰে গাড়ী চলোৱাতো নাভূত নাশ্ৰুত কথাই। তাৰোপৰি মহিলাৰ বাবে আচুতীয়াকৈ সংৰক্ষিত স্কুটী, ট্ৰেণ্ডী আদি চেৰাই গৈ গাড়ী এখন চলাবলৈ লোৱাতো প্ৰায় দুঃসাহসী প্ৰচেষ্টা হ'ব যেন ভাৱ হ'ল তেওঁৰ।

কিন্তু বৰুৱাৰ মুখৰ ক্লান্তিখিনি যেন নিমিষতে উৎসাহৰ তিৰবিৰণিয়ে ঢাকি পেলালে।

“পাৰিবা! ইমানবোৰ কাম অকলশৰেই চম্ভালিছা যদি গাড়ীখন নো কিয় চলাব নোৱাৰিবা? আনে কি ভাবিব বা কি ক'ব ভাবিবলৈ হ'লে জীৱনত পদূলি মূৰলৈ ওলাই যোৱাটোয়ে নহ'বগৈ।  আৰু শিকাবলৈ মই আছোৱে চোন! ব’লা, আজিয়ে আৰম্ভ কৰোঁ৷”

বৰুৱাৰ মনৰ উৎসাহখিনি মুহুৰ্ততে মানুহগৰাকীৰ হৃদয়ৰ চুকে কোণে বিয়পি পৰিল৷ প্ৰথমবাৰ গাড়ীখনৰ ষ্টিয়েৰিঙত হাত থৈ তেওঁৰ হাতখন কঁপিল-তাতোকৈ জোৰেৰে মনটো কঁপিল৷ শিহঁৰিত হৈ উঠা দেহ-মনক শান্ত কৰি তেওঁ চাবিকোঁচা পকালে৷ বৰুৱাই কাষৰ আসনত বহি দেখুৱাই গ’ল৷ পিছদিনাৰ পৰা ওচৰৰ খেলপথাৰখনত দোকমোকালিতে কাউৰীয়ে কাঁ কৰাৰ আগতেই তেওঁৰ গাড়ী চলোৱাৰ প্ৰশিক্ষণ আৰম্ভ হ’ল৷  লাহে লাহে আত্মবিশ্বাস বাঢ়িল৷ ল’ৰা-ছোৱালী হালৰ যত্নত অসুবিধা নহওক বুলিয়ে শিক্ষয়িত্ৰীৰ চাকৰি এৰি আজি দহটা বছৰে ঘৰৰ চাৰিবেৰৰ মাজতে নিজৰ পৃথিৱীখন সামৰি ৰখা মানুহগৰাকীৰ দক্ষতা বৰুৱাই যেন নতুনকৈহে আৱিস্কাৰ কৰিলে৷ অৰুণা আৰু পাৰ্থইয়ো মাকক উৎসাহ দিলে৷ বৰুৱা নথকা দিনকেইটাত ঘৰৰ চোতালতে তেওঁ ভান খন অগা পিছা কৰিবলৈ ল’লে৷ মাহেকৰ মূৰত বৰুৱাৰ ছুটিৰ দিনকেইটালৈ আগ্ৰহেৰে বাট চাবলৈ যেন পৰিয়ালটোৰ বাবে আৰু এটা কাৰণ  যোগ হ’ল৷

দুমাহ এনেকৈয়ে পাৰ হ’ল৷ এবাৰ বৰুৱা নথকা অৱস্থাতে আচম্বিতে এটা ঘটনা ঘটিল৷ দুপৰীয়া অসময়ত মানুহগৰাকীলৈ অৰুণাৰ স্কুলৰ পৰা আহিল, ক’লে, অৰুণাৰ হঠাতে খুউব পেটৰ বিষ আৰম্ভ হৈছে৷ ডাক্তৰক খৱৰ দিয়া হৈছে৷ মাক নৰ’লেই৷ এখন্তেকো নভৱাকৈ তেওঁ ঘৰত পিন্ধা সাঁজেৰেই গাড়ীৰ চাবিকোঁচা লৈ ওলাই আহিল৷ তাইৰ স্কুললৈ পাঁচ কি:মি: তেওঁ পাঁচ মিনিটতে পাৰ হ’ল৷

সেই বাটছোৱা বাটৰ কাষৰ চিনাকী বাটৰুৱা- দোকানী মানুহবোৰে যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে৷ বাটতে ৰৈ ইজনে সিজনৰ লগত কথাটো আলচি থাকোতে সেই বগা ভানখন পুনৰ তেওঁলোকৰ সন্মুখেদিয়ে পাৰ হৈ গ’ল হস্পিটেল অভিমুখে৷ এইবাৰ মানুহবোৰে ভালকৈ দেখিলে, বুজিলে; হয়, সেয়া চালকৰ আসনত বৰুৱাদাৰ বাইদেউৱেই!!
মানুহগৰাকীয়ে এইবোৰ লক্ষ্য নকৰিলে৷ তেওঁ সেই মুহুৰ্তত অৰুণাৰ চিন্তাত বিতত৷ হস্পিতেলত ডাক্তৰে ক’লে, তাইৰ এপেণ্ডিছাইছিটছৰ অপাৰেশ্যন কৰাব লাগিব, বিশেষ চিন্তাৰ কাৰণ নাই৷ ৷ বৰুৱা সিদিনা ৰাতিৰ বাছেৰে আহি পোৱাৰ পিছত পিছদিনা পুৱাতে তাইৰ অপাৰেশ্যন হৈ গ’ল৷ তাইক তিনিদিনৰ অন্তত ঘৰলৈ অনাৰ পিছত বৰুৱাই প্ৰথমে কথাটো উলিয়ালে৷ ইতিমধ্যে অৰুণাৰ খৱৰ ল’বলৈ অহা প্ৰতিবেশী তথা চিনাকী প্ৰতিজন মানুহৰ মুখত তাইৰ অসুখতকৈ মানুহগৰাকীয়ে ভান খন কেনেকৈ চলাই গ’ল সেইটোৱে বেলেগ  বেলেগ কাহিনীৰ ৰূপ লৈ বৰুৱাৰ কাণতো পৰিছিলগৈ৷ 

লাইচেন্স নোহোৱাকৈ আৰু বৰুৱা নথকা অৱস্থাত তেনেদৰে হঠাতে প্ৰথমবাৰৰ বাবে গাড়ীখন লৈ ওলাই যোৱাৰ বাবে বৰুৱাই তেওঁক মৃদু ককৰ্থনা কৰিলে৷ ক’লে, পুলিচে ধৰা হ’লে কি খন যে হ’লগৈ হেঁতেন! মানুহগৰাকীয়ে নীৱৱে শুনি ৰ’ল৷ কিন্তু বৰুৱা নীৰৱে বহি নাথাকিল৷ অতি সোনকালেই পত্নীৰ বাবে লাইচেন্স উলিওৱাৰ ব্যৱস্থা কৰিলে তেওঁ৷ এমাহৰ তাতবাদি আৰু বিভাগীয়া কামবোৰৰ অন্তত লাইচেন্স ওলাল৷ 

লাইচেন্সখন হাতত লৈ মানুহগৰাকীৰ দুচকু তিৰবিৰাই উঠিল৷ এইবাৰ তেওঁৰ লগতে বৰুৱা আৰু ল’ৰা-ছোৱালী হালৰো আত্মবিশ্বাস বাঢ়িল৷ সকলো কামতে গাড়ীখন নহ’লেই নোহোৱা হৈ পৰিল৷  বজাৰ-সমাৰ, পাৰ্থ-অৰুণাক স্কুলৰ পৰা অনা-নিয়া, চিলিণ্ডাৰ অনা, বিজুলী, টেলিফোনৰ বিল পৰিশোধ কৰা আদি নৈমিত্তিক কামবোৰৰ বাহিৰেও গাড়ীখনৰ কাগজ-পত্ৰ আপডে'ট কৰা, মাজে মাজে গেৰেজলৈ নি সৰু-সুৰা ওজৰ আপত্তি বোৰ নোহোৱা কৰা আদি অনেক কামত তেওঁ ব্যস্ত হৈ পৰিল৷ কম সময়ৰ ভিতৰতে চহৰখনত মহিলা এগৰাকীয়ে এনেকৈ ভান চলাই ফুৰাৰ কথাটো ৰজনজনাই গ’ল৷ বাটৰ কাষত ৰৈ তেওঁলৈ তধা লাগি চোৱা মানুহবোৰৰ আশ্চৰ্য্য দৃষ্টি, কিছুমানৰ তীৰ্য্যক মন্তব্যবোৰে মানুহগৰাকীক শেলে বিন্ধাদি বিন্ধিবলৈ ধৰিলে! কিন্তু লাহে লাহে তেওঁ সেইবোৰলৈ মন-কাণ নিদিয়া হৈ পৰিল৷ তেনে স্থুল দৃষ্টি বা কটু মন্তব্যই ঢুকি পোৱাৰ পৰা তেওঁ যেন বহু যোজন আঁতৰলৈ গুচি গ’ল! পুৰ্বতে কেৱল ঘৰুৱা কাম কাজতে সীমাবদ্ধ তেওঁৰ পৃথিৱীখন হঠাতে বহু মুকলি হৈ যোৱা যেন ভাৱ হ’ল তেওঁৰ!  

সময় একে হৈ নাথাকিল৷ খুউব কম দিনৰ ভিতৰতে তেওঁ দক্ষতা দেখি মানুহবোৰৰ শেলে বিন্ধা চাৱনিলৈ শ্ৰদ্ধা আহিল, কটু মন্তব্যবোৰ প্ৰশংসালৈ ৰূপান্তৰিত হ’ল৷ কিছুদিনৰ ভিতৰতে তেওঁক সকলোৱে ভান চলোৱা বাইদেউ বুলি জনা হ’ল৷ বিয়াৰ পিছত গাৱঁত প্ৰথমে ন-বোৱাৰী, অৰুণাৰ জন্মৰ পিছত অৰুণাৰ মাক নামবোৰ সাদৰেৰে গ্ৰহণ কৰাৰ দৰে এই নামটোও তেওঁ আনন্দেৰে আকোঁৱালী ল’লে৷ প্ৰতিবেশী ঘৰৰ অসুখীয়া লোকক হঠাতে হস্পিতেললৈ নিবলৈ, বৰষুণৰ বতৰত ল’ৰা- ছোৱালীক স্কুলৰ পৰা অনা-নিয়া কৰিবলৈ, বিয়া-বাৰুত দৰা বা কইনাৰ স’তে  যাবলৈ মানুহে তেওঁকে পাচিবলৈ ভালপোৱা হ’ল৷ ভান চলোৱা বাইদেৱে কাম ল’লে ঠিককৈ আৰু সময়মতে কৰিবই, তাত একো সন্দেহেই নাই৷ তেওঁক পূৰ্বতে সমালোচনা কৰা মানুহবোৰেই তেওঁৰ প্ৰশংসাত পঞ্চমুখ হ’বলৈ ধৰিলে৷

এই সকলোবোৰৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত হৈ ৰ’ল মানুহগৰাকী৷ 

“মা, ভোক লাগিছে! ইয়াতে খাই লওঁ ব’লা!”- পাৰ্থৰ মাতত মানুহগৰাকী বাস্তৱলৈ ঘুৰি আহিল৷ দেখিলে, বৰুৱাইও সাৰ পাইছে৷ চাহবাগানৰ কাষৰ ছাঁ পৰি থকা ঠাইকণতে ৰৈ তেওঁলোকে ঘৰৰ পৰা কৰি অনা ৰুটী-ভাজি খাই ল’লে৷ বৰুৱাই খাই উঠি পিছৰ আসনত গাৰুটো ঠিক-ঠাক কৰি লৈ তেওঁক এবাৰ সুধিলে,

“পাৰিবা নহয় এইখিনি?”  

তেওঁ মূৰ দুপিয়ালে৷ এইবাৰ মাকৰ স’তে সন্মুখত পাৰ্থ বহিল৷ অৰুণাই দেউতাকৰ স’তে শুবলৈ পিছলৈ গৈ ল’লে!

বোৱালগুৰি পোৱাৰ আগে আগে তেওঁ বৰুৱাক ক’লে,

“হেৰি, আপুনিয়ে এইকণ চলাওক নেকি! আমি ঘৰ পাবহিৰে হ’ল!”

তেওঁৰ কথাখিনিত অন্তৰ্নিহিত সংকোচৰ ভাৱটো বৰুৱাই ঠিকেই ধৰিব পাৰিলে৷ গাঁৱৰ বোৱাৰী এজনীয়ে এনেকৈ ভানত পৰিয়ালক উঠাই নিজে চলাই অনাৰ গুজবটো আকৌ নোলাওক বুলিয়ে তেওঁৰ এই সাবধানতা৷ বৰুৱাই তেওঁক সহজভাৱে ক’লে,

“নাই, চলোৱা তুমিয়ে!”

বৰুৱাই জানে, তেওঁৰ পত্নীক এনে সংকোচে, এনে সীমাবদ্ধতাই বান্ধি ৰাখিব নোৱাৰে৷ সেয়ে ইছ্ছাকৃতভাৱে তেওঁ মানুহগৰাকীক ভুৱা আৱৰণেৰে ঢকাৰ চেষ্টা নকৰিলে৷ 

গাওঁৰ সীমামূৰীয়া পথাৰখন পাওঁতেই মানুহগৰাকীয়ে ওৰণিখন ভালকৈ টানি লৈ ল’লে৷ অৰুণা আৰু পাৰ্থই মাকৰ কাৰবাৰ দেখি মুখটিপি হাঁহিলে৷ গাৱঁৰ মানুহবোৰৰ আশ্চৰ্য্য দৃষ্টি প্ৰায় আওকাণ কৰিয়ে তেওঁলোকৰ ঘাইঘৰৰ সন্মুখত গাড়ীখন ৰ’লগৈ৷ চোতালতে চকী এখনত বহি থকা ককাকৰ ওচৰলৈ পাৰ্থ আৰু অৰুণাই দৌৰ দিলে৷ 

সিহঁতৰ পিছতে তেওঁৰ ভৰি চুই সেৱা কৰিব খোজা মানুহগৰাকীক তেওঁ ক’লে,

“ আও! বোৱাৰীয়েই চলাই আহিলা যেন পাওঁ!”

“হয় দেউতা! অৰুণাৰ দেউতাকৰ গোটেই ৰাতি বাছত টোপনি ক্ষতি!”

দেউতাকে একো নক’লে৷  বৰুৱালৈ চাই মাথোঁ নীৰৱে  হাঁহিলে৷ সেই হাঁহিত শ্লেষ বা খঙৰ কোনো আভাস নেদেখি মানুহগৰাকী আশস্ত হ’ল! দেউতা ইমান ঠেক-মনোবৃত্তিৰ মানুহ নহয়, ভাৱিলে তেওঁ৷ ভায়েকৰ পৰিয়ালটোৰ স’তে ভাত-পানী খাই সকলোৱে ভাল-বেয়া খৱৰ আলচিলে৷ তেওঁ ভানখন চলাই অহাৰ কথাটো মুকলিকৈ কোনেও নাপাতিলে৷ অৱশ্যে ভাইবোৱাৰী জনীয়ে নিশা ভাত ৰন্ধাৰ পৰত ক’লে, “বৌ, আপুনি হেনো টাউনত এনেকৈয়ে চলাই ফুৰে! মোকো শিকাই দিবনে বাৰু?”

‘’কিয় নিদিম আকৌ? আমাৰ তালৈকে গৰমৰ বন্ধত দীঘলীবাকৈ থকাকৈ আহিবা-ওচৰৰ পথাৰখনতে শিকিব পাৰিবা!”- তেওঁ হাঁহি লৈ ক’লে!

দেউতাকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰুৱাই ভায়েকৰ সৈতে আলচি তেওঁক চহৰৰ ঘৰলৈ দুদিনমানৰ বাবে লৈ অনাৰ সিদ্ধান্তকে ল’লে৷ অন্তত: প্ৰয়োজনৰ সময়ত ডাক্তৰ বা অন্য সুবিধা সমূহ পাবলৈ অসুবিধা নহ’ব৷ পিছদিনাই দেউতাকক লৈ উভতিবলৈ ওলাল তেওঁলোক৷

বয়-বস্তুবোৰ তুলি লৈ বৰুৱাই জোকাৰণি নাখাওক বুলিয়ে দেউতাকক সন্মুখৰ আসনত বহুৱালে ৷ তাৰপিছত নিজে চালকৰ আসনত বহিবলৈ লওঁতেই দেউতাকে ক’লে,

“বোপাই তই পিছত বহগৈ যা! বোৱাৰীয়েই অলপ চলাওক৷ ময়ো চাওঁ আকৌ বোৱাৰীয়ে কিমান ভালকৈ চলায়! এইখন গাৱঁত বোৱাৰীয়েকে চলোৱা ভানত উঠা ময়েই প্ৰথম মানুহ হ’ম কিজানি, নহয়?”

কথাষাৰ কৈয়ে ককাকে হোহোৱাই হাঁহি উঠিল৷ বৰুৱায়ো দেউতাকৰ স’তে হাঁহিত যোগ দিলে৷ মানুহগৰাকীয়ে
​লাজ ভাবটো কোনোমতে লুকুৱাই  ওৰণিখন পুনৰ এবাৰ পৰীক্ষা কৰি ল’লে ৷ সংকোচ বা অসহজ ভাৱৰ শেষ কণিকাটোলৈকে মনৰ পৰা চিৰদিনলৈ জোকাৰি দি তেওঁ গাড়ীখনৰ ষ্টাৰ্ট দিলে৷
-----------------------------------------------------------

১ ডিচেম্বৰ, ২০১৩ ৰ আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত৷http://www.ajirdainikbatori.com/surabhi/main/special2.htm

Sunday, 26 May 2013

‘ৰিভাৰ ডগ’: মহাবাহু ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বংগোপ সাগৰৰ মোহনালৈ এক বৰ্ণাঢ্য যাত্ৰা


‘ৰিভাৰ ডগ’ বৃটিছ পৰ্য্যটক তথা লিখক মাৰ্ক চান্দে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বংগোপ সাগৰৰ মোহনালৈ কৰা পৰিভ্ৰমণ সম্পৰ্কে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী ৷ ১৯৫১ চনত জন্ম গ্ৰহণ কৰা মাৰ্কে জীৱনৰ সৰহভাগ কাল ভ্ৰমণ কৰিয়েই পাৰ কৰিছে৷ শেহতীয়াকৈ তেওঁৰ তাৰা নামৰ হাতীজনীৰ সৈতে ইতিহাসৰ প্ৰথম মহিলা মাউত পাৰ্বতী বৰুৱা (প্ৰতিমা পাণ্ডে বৰুৱাৰ ভগ্নী)ৰ লগ হৈ ভাৰতৰ বিভিন্ন অঞ্চলত কৰা ভ্ৰমণৰ সাৱলীল বৰ্ণনাসমৃদ্ধ ‘ট্ৰেভেলচ অন মাই এলিফেন্ট’ (Travels on My Elephant ) নামৰ গ্ৰন্থখনে আন্ত:ৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে৷

বিখ্যাত লিখক তথা পৰ্যটক চাৰ্লছ এলেন ( Charles Allen )ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন দু:সাহসিক অভিযানৰ অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ ১৯৮২ চনত মাৰ্কে পোন-প্ৰথমে ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বংগোপ সাগৰৰ মোহনালৈকে সমগ্ৰ গতিপথেৰে এনে এক যাত্ৰাৰ পৰিকল্পনা কৰে৷ চাৰ্লছ এলেনে “Last Great Asian Adventure’’ বুলি অভিহিত কৰা এই যাত্ৰাৰ বাবে ভালেমান বছৰ জুৰি অধ্যয়ন আৰু প্ৰস্তুতি চলাই তেওঁ অৱশেষত ১৯৯৮-৯৯ চনত ইয়াৰ শুভাৰম্ভ কৰে৷
মানস সৰোবৰৰ এটা সৰু বৰফাবৃত জুৰিত আৰম্ভ হৈ তিনিখন দেশৰ মাজেৰে, ৫৭১৫ মিটাৰ উচ্চতাৰ পৰা সাগৰ-পৃষ্ঠলৈকে এই ১৮০০ মাইল জোৰা দৈৰ্ঘ্য অতিক্ৰম কৰি বংগোপ সাগৰত বিলীন হোৱা ব্ৰহ্মপুত্ৰ দুয়োপাৰৰ শত-সহস্ৰ লোকৰ জীৱনৰেখা স্বৰূপ৷ এই ব্ৰহ্মপুত্ৰই তীব্বতত চাংপো, তাৰপৰা “হে'য়াৰ-পিন”ৰ আকৃতিৰ গতিলৈ চিয়াং নামেৰে অৰুণাচলত সোমায়হি৷ ই অসমত বিভিন্ন উপনৈসমূহেৰে লগ লাগি বিশাল ৰূপ লয় আৰু সৰ্বশেষত বাংলাদেশত গংগাৰে লগ হৈ পদ্মা নামেৰে সাগৰলৈ গতি লৈ শেষত ই মেঘনা নামেৰে সাগৰত বিলীন হয়৷ গ্ৰন্থখনত এজন বিদেশী পৰ্য্যটকৰ দৃষ্টিভংগীৰে মহাবাহুৰ এই অনন্য ৰূপ, দুয়োপাৰৰ জনজীৱন তথা এই গতিপথৰ আলিয়ে-কেঁকুৰিয়ে লাগি ৰোৱা ইতিহাস সাৱলীলভাৱে অংকিত হৈছে ৷
তীব্বতৰ কৈলাশ পৰ্বতৰ বৰফাবৃত উচ্চতম শিখৰৰত এই অনন্য যাত্ৰাৰ শুভাৰম্ভণি ঘটাই তীব্বতৰ দুৰ্গম অংশ লিখকে খোজেৰে আৰু মাজে মাজে গাড়ী তথা য়াকেৰে অতিক্ৰম কৰে৷ চিয়াঙৰ পাৰৰ গেলিং, টুটিং,ব’না,পাংগ’, পেলিং আদি অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত সৰু-বৰ ভিতৰুৱা অঞ্চলসমূহ মাৰ্ক আৰু তেওঁৰ সহযোগীসকলে খোজেৰে পৰিভ্ৰমণ কৰে। এই সমগ্ৰ যাত্ৰাপথত হোৱা বিভিন্ন অভিজ্ঞতা যেনে- বাঁহৰ ওলোমা সেঁতুৰে পাৰ হওঁতে পিছলি পৰি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, আপঙৰ সোৱাদ তথা এই গাওঁসমূহৰ স্থানীয় মানুহৰ সৈতে হোৱা ভাব-বিনিময়ৰ এক সজীৱ বৰ্ণনাই পাঠকৰ বাবে অধিক মনোগ্ৰাহী কৰি তোলে৷ তাৰোপৰি এই চিৰ-পৰিৱৰ্ত্তনশীল আৰু ৰহস্যময় নৈখনক নিচেই ওচৰৰ পৰা অনুভৱ কৰা লিখকৰ বৰ্ণনাত নৈখন যেন জীৱন্ত হৈ উঠে৷
ব্ৰহ্মপুত্ৰৰ অসমৰ ভিতৰৰ প্ৰায় সমগ্ৰ অংশটো অৰ্থাৎ পূৱৰ অসম-অৰুণাচল সীমান্তৰ পৰা পশ্চিমৰ ধুবুৰী পৰ্যন্ত লিখকে নাৱেৰে ভ্ৰমণ কৰে৷ এই নৌকাযাত্ৰাৰ মাজত ক্ষন্তেকীয়া বিৰতি লৈ তেওঁ ডিব্ৰুগড়, শিৱসাগৰ তথা মাজুলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ভুমুকি মাৰি যায়৷ ব্ৰহ্মপুত্ৰৰ ইপাৰ-সিপাৰ নেদেখা বিশালতাৰ মাজত দিক-বিদিক হেৰুওৱা অৱস্থাত লিখকে বাৰে বাৰে অনুভৱ কৰে এই মহাবাহুৰ সীমাহীন শক্তিৰ প্ৰভাৱ৷ য’ত একোৱেই স্থায়ী নহয়, যিখন নৈয়ে স্ব-ইচ্ছাৰেই দুয়োপাৰৰ অঞ্চলৰ মানচিত্ৰ ঘনে ঘনে সলনি কৰে তাত কোনোৱে যেন প্ৰকৃত অৱস্থান জনা অসম্ভৱ- কেৱল যেন নাৱৰ চালক ‘গামা’ই দিব্যচকুৰে নাৱৰ গতিপথ স্থিৰ কৰি তেওঁলোকক নিৰাপদে আগুৱাই নিছিল ৷ ব্ৰহ্মপুত্ৰৰ মাজে মাজে সিঁচৰতি হৈ থকা জনপ্ৰাণীবিহীন বালিচৰত নিশা কটাওঁতে পুৱতি নিশা আকাশেদি উৰি যোৱা শ-শ ধৃতিৰাজ চৰাই চাই চাই তেওঁ স্বগতোক্তি কৰি উঠিছিল- “Life couldn’t get much better than this”৷ তেনেদৰে মাজুলীৰ কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰি সত্ৰত বিৰাজমান অবিস্মৰণীয় পবিত্ৰতা, শান্তি আৰু নিৰ্মোহে তেওঁক বুৰাই পেলোৱা যেন অনুভৱ কৰিছিল ৷ শিষ্যসকলৰ শান্ত-সমাহিত আধ্যাত্মিক দৃষ্টিয়ে তেওঁক যেন চুম্বকৰ দৰে সন্মোহিত কৰি পেলাইছিল৷ সংসাৰৰ সকলো মায়া-মোহৰ পৰা মুক্ত হৈ মন্ত্ৰমুগ্ধৰ দৰে তেওঁ তাতে ৰৈ যাব খোজা যেন অনুভৱ কৰিছিল৷ সত্ৰৰ কাঠৰ দুৱাৰখন বন্ধ হৈ যোৱাৰ লগে লগে তেওঁ সপোনৰ পৰা সাৰ পাই উঠা যেন ভাৱ হৈছিল৷
ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নানা বিপদ বিঘিনি নেওচি আগবাঢ়োতে এনেদৰেই লেখক নানা পৰিস্থিতিৰ সম্মুখীন হৈছে , মাৰাঠী বন্ধুৰ পৰা আৰম্ভ কৰি জনজাতীয় গাৱঁৰ গাওঁবুঢ়া, অসমীয়া বন্ধু-বান্ধৱী, মিলিটেৰী কৰ্প’ৰেল, বাংলাদেশী আৰক্ষী আদি বিভিন্ন ব্যক্তিত্বৰ সৈতে এই যাত্ৰাৰ মূহুৰ্তবোৰ অতিবাহিত কৰিছে; এই সৰু বৰ ঘটনাবোৰ খুবেই মনোগ্ৰাহী ভাৱে লেখকে বৰ্ণনা কৰিছে। “ৰিভাৰ ডগ’’ৰ এই যুগমীয়া যাত্ৰাত লেখকৰ সহযাত্ৰী ‘ভাইটি’ নামৰ চিকাৰী কুকুৰটোৰ সৈতে সহমৰ্মিতাইয়ো ইয়াক অন্য এক মাত্ৰা প্ৰদান কৰিছে৷ সমগ্ৰ যাত্ৰাৰ বৰ্ণনাৰ মাজত লিখকৰ ৰসবোধেও গ্ৰন্থখনিৰ প্ৰথমৰ পৰা শেষলৈকে পাঠকৰ বাবে উপভোগ্য কৰি ৰাখে৷ যাত্ৰাৰ বাটে পথে লিখকে প্ৰায় সকলো ঠাইৰ ইতিহাস, লোকগাঁথাৰ উল্লেখ কৰি পাঠকক বহু কথা জনাৰ সুযোগ দিছে৷ সকলো মিলি এই গ্ৰন্থখন নিশ্চিতভাৱে সকলো শ্ৰেণীৰ পাঠকৰ বাবে উপভোগ্য হৈ উঠিছে৷ তাৰোপৰি এই গ্ৰন্থখনে বিশ্বৰ অন্য অংশৰ পাঠক সমাজকো আমাৰ এই অঞ্চলৰ চহকী লোকসংস্কৃতি তথা কিংবদন্তী সমূহৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি আশা কৰিব পৰা যায়৷

গ্ৰন্থ–ৰিভাৰ ডগ
(River Dog-A journey down the Brahmaputra)
গ্ৰন্থকাৰ-মাৰ্ক চান্দ (Mark Shand)
প্ৰথম সংস্কৰণ: ২০০২
প্ৰকাশক: লিটল ব্ৰাউন বুক গ্ৰুপ, লণ্ডন (Little, Brown Book Group, London)
মূল্য-৪৮৫ টকা
জুন, ২০১৩ সংখ্যাৰ সাহিত্য ডট অৰ্গত প্ৰকাশিত

Wednesday, 8 May 2013

এনেকৈয়ে জীৱন

পূবৰ আকাশত ধলফাঁট দিবলৈ তেতিয়াও কিছু বাকী৷ নিশাৰ শেষ আন্ধাৰখিনিয়ে ক্ৰমান্বয়ে মুখৰ হৈ অহা পুৱাটোৰ সৈতে যেন যুঁজি যুঁজি ভাগৰি পৰিছে৷ ভিতৰকণিকা নৈৰ দুয়োপাৰে থকা মেনগ্ৰুভ অৰণ্যখনো লাহে লাহে সাৰ পাই উঠিছে৷ তাৰ মাজেৰেই আমাৰ ডিংগী অৰ্থাৎ সৰু হাত নাওখন ধীৰ গতিৰে মহিষামুণ্ডা সুঁতিৰ ফালে আগবাঢ়িল৷ ডিংগীৰ উজনি মূৰত বহি ৰক্ষাকৰে চলৌপ চলৌপকৈ বঠা মাৰিছে৷  তাৰ বঠাই বাৰে বাৰে আঘাত কৰা পানীখিনি সৰু সৰু বগা কণিকা হৈ ছিটিকি পৰিছে। মন্ত্ৰমুগ্ধৰ দৰে নাৱত বহি মই সেই পানীৰ খেলাকে চাই গ'লো। নাওখনৰ ইটো মূৰত বাংগই বঠা ধৰিছে৷ সোঁতৰ বিপৰীতে নাও লৈ যাব লগীয়া হ’লে ময়ো কেতিয়াবা বঠা ধৰোঁ৷ আজি এয়া ভাটা আৰম্ভ হৈছেই। তাতে আমি সাগৰৰ দিশতে আগবাঢ়িছোঁ৷ গতিকে মই আজি অকণমান আৰামেৰে এইকণ বাট যাব পাৰো৷

“মেডামৰ এতিয়াও টোপনি ভঙাই নাই নেকি?” ৰক্ষাকৰে ভঙা ভঙা ওড়িয়া-হিন্দী মিহলি শব্দেৰে মোক সুধিলে৷ গৱেষণাৰ কামত ইয়ালৈ অহাৰে পৰা ময়ো অলপ-অচৰপ ওড়িয়া শিকিছো৷ গতিকে সম্পূৰ্ণ সাৱলীলকৈ ক’ব নোৱাৰিলেও কাম চলাকৈ ওড়িয়াতে পাতিব পৰা হৈছোঁ৷ 

মই তন্ময় হৈ পানীৰ খেলা চাই যোৱা কাৰৱাৰটোকে ৰক্ষাকৰে টোপনিওৱা বুলি ভুল বুজিলে কিজানি৷ তাৰ উত্তৰত একোকে নকৈ মাথোঁ মূৰ জোকাৰিলোঁ৷ 

ৰক্ষাকৰৰ বয়স পঞ্চাছৰো উৰ্দ্ধৰ৷ তেনে এজন মানুহে মোক ‘মাডাম’ বুলি সম্বোধন কৰাটোত বৰ অস্বস্তি পাওঁ৷ প্ৰথম দুদিনমান কেইবাবাৰো নাম কাঢ়ি মাতিবলৈ সোঁৱৰাই দিছিলোঁ। পিছে অফিচৰ সকলোকে তেনেকৈ সম্বোধন কৰাৰ অভ্যাসটো যে ইমান সহজে নাযায় সেয়া এতিয়া বুজি উঠিছোঁ৷ উপায় নাপাই ময়ে সকলোকে ‘ভাই’ বুলি মাতোঁ। ওড়িয়াত ইয়াক ককাইদেউ স্থানীয়জনক সম্বোধন কৰিবলৈ 'ভাই' ব্যৱহাৰ কৰে।

“পৰহি ৰাতি গাৱঁত কি হ’ল গম পায় নে নাপায় মেডাম?”

মোক সাৰ পোৱাবলৈকে যেন ৰক্ষাকৰে কথা আৰম্ভ কৰিলে৷  কৌতুহলেৰে তাৰ মুখলৈ চালো৷ 

ভিতৰকণিকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাতে লাগি থকা গাওঁ ডাংমালত থাকে সিহঁত৷ যোৱা এবছৰে এই গাওঁখনৰ মাটিৰ সৰু সৰু পঁজাবোৰ মোৰ বাবে তেনেই চিনাকি হৈ পৰিছে। তাৰ লগতে চিনাকি হৈ পৰিছে সেই গাঁৱৰ প্ৰায়বোৰ মুখ, সেই শুকান মুখবোৰৰ আঁৰত লুকাই থকা দৈন্যতা আৰু যন্ত্ৰণাবোৰো৷ 

ৰাজ্যখনৰ ৰাজধানীৰ পৰা বাছেৰে মাত্ৰ পাঁচঘন্টা দুৰত্বত এই ভিতৰকণিকা। কিন্তু অঞ্চলটো বাহিৰৰ পৃথিৱীখনৰ পৰা যেন বহু যোজন দুৰত যে ৰৈ গৈছে৷ দুবেলা-দুমুঠি, এসাঁজ ভাল কাপোৰ আৰু মূৰৰ ওপৰত এখন চালিৰ বাবে কৰা হাঁহাকাৰৰ মাজতেই এই মানুহচামৰ জীৱনৰ চকৰি আৱৰ্ত্তিত হয়৷ তাৰ মাজতে খন্তেকীয়াকৈ হ’লেও মানুহবোৰৰ জীৱনত অকণমান ৰং বোলাই যায় যাত্ৰাৰ দৰে অনুষ্ঠানবোৰে৷ মাথোঁ দুদিন আগতে তেনেকুৱা যাত্ৰা এখনেই ডাংমাললৈ আহিছিল। একমাত্ৰ বুনিয়াদী বিদ্যালয়খনতে অস্থায়ীকৈ সজা মঞ্চত যাত্ৰাৰ নাটক হৈছিল। গাৱঁৰ সকলোৰে লগতে ময়ো ওৰে ৰাতি নাটক চালোগৈ৷ পঢ়া-শুনা মানুহ বুলি হাজাৰ আপত্তি কৰা স্বত্বেও মোক তাত সসন্মানে আছুতীয়াকৈ চকী পাৰি বহুৱাইছিল৷ অগৰবাৰ চান্দবালিৰ বজাৰৰ পৰা মই ৰক্ষাকৰ আৰু বাংগৰ কাৰণে দুটা চাৰ্ট কিনি আনিছিলোঁ। তাকে দুয়ো পিন্ধি গৈ সেইনিশা গাঁৱৰ মানুহক গৌৰৱেৰে দেখুৱাই ফুৰিছিল৷ 

মই একো নোকোৱা দেখি ৰক্ষাকৰে নিজেই ক’বলৈ ধৰিলে-

“পৰহি মূৰ্মূৰ শাক-পাচলিৰ বাৰীখন বনৰীয়া গাহৰিয়ে তহিলং কৰি দিলে নহয়৷’’

"ইচ, হয় নেকি?”


মোৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি 
ৰক্ষাকৰ যেন অধিক উৎসাহী হৈ পৰিল। সি মূৰ্মূৰ বাৰীৰ ক্ষয়-ক্ষতিৰ বিশদ বৰ্ণনা দিবলৈ লাগিল৷ মূৰ্মূ বনবিভাগৰ মটৰচালিত নাও ‘মা ঠানুপতি’ৰ চালক৷ যাত্ৰা চাবলৈ গৈ আমাৰ দৰেই তাৰ পৰিয়ালৰ সকলো মানুহ নিশাটো বিদ্যালয়তে কটালে। সেই সুযোগতে বাঁৰীত বনৰীয়া গাহৰিৰ দল এটা সোমাল হেনো৷ লূণীয়া মাটি-পানীৰ এই সাগৰৰ উপকূলীয় ঠাইবোৰত শাক-পাচলি লগাবলৈ এনেয়ে ইমান হাড়ভঙা পৰিশ্ৰম কৰিব লাগে ৷ তাতে আকৌ ঠন ধৰি অহা বাৰীখন এটা নিশাতে তহিলং কৰিলে ঘৰৰ মানুহৰ কেনে অৱস্থা হ’ব মোৰ ভাবিবলৈকে বেয়া লাগিল৷ মোৰ নিজৰ বাবেও অলপ চিন্তা লাগিল৷ মূৰ্মূৰ বাঁৰীখন ডাংমাল গাঁৱৰ ভিতৰতে  ডাঙৰ বাঁৰী। তাৰ পৰাই মোৰ অস্থায়ী ঘৰলৈকো শাক-পাচলি আহে৷ গাঁৱৰ সাপ্তাহিক বজাৰখনত শাক-পাচলি নোহোৱা হ’লে মই আকৌ চান্দবালিৰ বজাৰলৈকে যাব লাগিব৷ 

চান্দবালিলৈ যোৱা মানেইতো সম্পৰ্ণ দুটা দিন কাম বন্ধ ! তালৈ যে বৰ দীঘলীয়া বাট! ডাংমালৰ পৰা নদীৰ ঘাটলৈ দহ কি:মি: বাট চাইকেলেৰে গৈ, তাৰ পৰা আকৌ সৰু মটৰ নাৱেৰে ধামৰা নৈখন পাৰহৈ চান্দবালিৰ বজাৰ পাওঁগৈ মানে বেলি ভটিয়াবৰে হয়গৈ৷

ৰক্ষাকৰে মোৰ মুখলৈ চায়ে মনৰ ভাৱ পঢ়িব পাৰিলে চাগৈ৷ সি সান্তনাৰ সুৰত ক’লে,

“দুদিনমান অজয়ৰ দোকানৰ পৰাই আলু আনি খাব লাগিব আৰু মেডাম৷ এইকেইদিন কাম কৰোঁতে নদীত জাল ধৰিব পাৰিলে মাছো পাম নহয়৷”


ভিতৰকণিকাৰ মূল নৈখন আৰু সুঁতিবোৰত মাছ উভৈনদী৷ কিন্তু ৰাষ্ট্ৰীয় উদ্যান বাবে ইয়াত মাছ মৰা, গছ কটা বা কেকোঁৰা ধৰা সকলো নিষিদ্ধ৷ কিন্তু বেআইনীভাৱে এইবোৰ কম-বেছি পৰিমাণে চলিয়ে থাকে৷ চোৰাং-চিকাৰীয়ে মাছ ধৰিবলৈ এনেকৈ গোপনে পাতি থৈ যোৱা জালৰ কথাকে সি বুজালে৷ 

মই অৱশ্যে এইবোৰ ধৰাত বৰ এটা উৎসাহ নিদিওঁ ৷ তাতকৈ একো নাপালে অজয়ভাইৰ দোকানৰ পৰা আলু আনি খাই থকাই ভাল৷ 

পিছে এই গৱেষণা আৰম্ভ কৰোঁতেই ইয়াৰ মূখ্য বনবিষয়া জনে মোক ভিতৰকণিকাত চলি থকা চোৰাং কাৰবাৰৰ কথা কৈ কৈছিল,

“আপুনিটো প্ৰতিটো সুঁতিলৈ গৈ গৱেষণাৰ কাম কৰিব৷ কামৰ লগতে আমাকো অলপ সহায় কৰি দিব পাৰেচোন৷ আমাৰ মানুহ চোৰাং-চিকাৰী বিচাৰি ৰাতি ৰাতি ঘুৰে৷ কিন্তু প্ৰতিটো সুঁতি ঘনাই পহৰা দিয়া সম্ভৱ নহয়৷ আপুনি কামৰ ঠাইত চোৰাং চিকাৰীৰ কিবা চিন-মোকাম পালে আমাক খবৰ দিবচোন৷’’


এইবোৰত মূৰ গুঁজিবলৈ 
মোৰ বৰ এটা ইচ্ছা নাছিল৷ কাৰণ মই জানো, দুটামান বাহিৰা গোটৰ বাহিৰে ইয়াৰ প্ৰায়বোৰ চিকাৰীয়ে কাষৰীয়া গাৱঁৰ সহজ-সৰল মানুহবোৰহে ৷ তেওঁলোকৰ কোনেও চোৰাং-চিকাৰ কৰিবলৈ এই হাবিত নোসোমায়হি৷ তেওঁলোকৰ বেছিভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে। বহুতে দৈনিক ৰোজগাৰ উলিয়ায় বনবিভাগৰ কাম বা গাঁৱৰ ৰাস্তা বনোৱা কামত হাজিৰা খাতি৷ সেই নামমাত্ৰ হাজিৰাই প্ৰায়বোৰ পৰিয়ালৰে অভাৱ নামাৰে। সেয়ে খৰচৰ জোৰা মাৰিবলৈকে বহুতে এই ঘৰিয়ালেৰে ভৰা সুঁতিবোৰত মাছ বা কেকোঁৰা ধৰিবলৈ আহে৷ এনে মানুহৰ বাবে পেটৰ ভোকৰ সন্মুখত আইনৰ ধাৰণা বহু তলতে পৰি ৰয়৷

অৱশ্যে এতিয়ালৈকে আমি কেইবাবাৰো চোৰাংকৈ পতা মাছধৰা জাল, কেকোঁৰাৰ ফান্দ আদি উঠাই আনি বন-বিভাগত জমা দিছোঁ৷ চোৰাং চিকাৰী অহাৰ চিন দেখা পাই কেইবাবাৰো খবৰো দিছো৷ মোতকৈ এনে কামত সদায়ে ৰক্ষাকৰ আৰু বাংগৰ উৎসাহ বেছি৷ প্ৰথমতে ইয়াৰ কাৰণ বুজা নাছিলোঁ৷ পিছত গম পালোঁ, প্ৰতিটো খবৰৰ বাবে সিহঁতে বিভাগৰ পৰা বকচিচ পায়৷ তাতে মাছ লগা জাল পালে আমি সকলোৱে মাছৰো ভাগ পাওঁ৷

ক্ৰমাৎ চাৰিওকাষে উজ্জল হৈ আহিল৷ আমাৰ ডিংগীৰ গতিও খৰ হ’ল৷ এই এটা বছৰৰ অভিজ্ঞতাৰে দুয়ো জানে যে চৰাইৰ কাকলি প্ৰথম শুনাৰ লগে লগেই আমি কাম আৰম্ভ কৰিব লাগে৷ তথাপিও ৰক্ষাকৰৰ কথাৰ গতি নকমিল৷ কথাৰ লগে লগে সুঁতিৰ দুয়োপাৰেও সি তীক্ষ্ন দৃষ্টি দি গ’ল৷ সি মুখ ফুটাই নক'লেই বুজিলোঁ, এতিয়া ভাটাৰ সময় যেতিয়া সুঁতিবোৰত পানী কমি আহিছে। গতিকে চোৰাং চিকাৰীয়ে নিশাতে আহি সুঁতিৰ ইপাৰ সিপাৰ কৰি পাতি যোৱা জালবোৰ এতিয়া ওলাই পৰাৰ সম্ভাৱনা৷

“ৰক্ষাকৰ ভাই, কাম শেষ কৰি ঘুৰি আহোতেও জাল চাব পাৰিব।এতিয়া আমি সোনকালে পাবগৈ লাগে দেই৷’’

মই সঁকিয়ালোঁ ৷ উপায় নাই৷ ৰক্ষাকৰ শৈশৱৰে পৰা এই অৰণ্যত পিতপিতাই ঘুৰি ফুৰি ডাঙৰ হৈছে। গতিকে এতিয়াও মানুহজনৰ মনত অহৰহ ক’ত মাছ বা কেকোৰাঁ পোৱা যাব, ক’ত মৌবাহ পোৱা যাব আদিৰ চিন্তা৷ সেইবাবেই এই অৰণ্যৰ গছ-লতা, জীৱ-জন্তুৰ বিষয়ে মানুহজনৰ জ্ঞানৰো তুলনা নাই৷ বাংগৰো ঘৰ এই একে গাঁৱত যদিও দুশ্ৰেণী পঢ়াৰ জহতে সি কেৰেলাৰ প্লাইউদ কাৰখানাত কাম কৰাৰ সুবিধা পালে৷ বহুদিন তাতে থাকি এতিয়া তাৰ চাকৰিটো জোৱায়েকক দি বাংগ গাঁৱলৈ উভতি আহিছে ৷

কিছুপৰৰ পিছতে আমি মহিষামুণ্ডা পালোগৈ৷ মহিষামুণ্ডা সুঁতিটো ভিতৰকণিকা নৈখনত মিলি যোৱা ঠাইতে ৰক্ষাকৰে সাৱধানেৰে নাওখন চম্ভালিলে৷ 

মোৰ মনত পৰিল, এই ঠাইতে এদিন এটা ঘৰিয়ালে আমাৰ ডিংগীৰ পিছ লৈছিল৷ সিদিনা বহুপৰলৈ আমাৰ পিছে পিছে ঘৰিয়ালটোৰ পিঠিৰ জোঙবোৰ পানীৰ ওপৰত ভাঁহি আহি আছিল। প্ৰথমতে ঘৰিয়ালে এনেকৈ পিছ ল’ব পাৰে বুলি মোৰ বিশ্বাসেই হোৱা নাছিল৷ কিন্তু ৰক্ষাকৰ আৰু বাংগ দুয়ো কৈছিল, এই ঘৰিয়ালটো সিহঁতে ভালকৈয়ে চিনি পায়৷ ঘৰিয়ালটো হেনো বৰ চতুৰ আৰু এনেকৈয়ে মনে মনে মানুহৰ পিছ লয়৷ এই ঘৰিয়ালেই হেনো  নিৰাকৰৰ মানুহজনীক কেকোঁৰা ধৰিবলৈ আহোতে জোৱাৰৰ সময়ত পাৰৰ পৰা টানি নিলে৷ লগত অহা দুজনী গাভৰু ছোৱালী ভাগ্যৰ বলত সাৰিল৷ পিছত কোনেও মানুহজনীৰ চুলি এডালো বিচাৰি নাপালে৷ বেআইনীভাৱে অৰণ্যত সোমোৱাৰ বাবে চৰকাৰেও সিহঁতলৈ কোনোদিনে ঘুৰি নাচালে৷ কেকোঁৰা বেচি দুশ-তিনিশ মান টকা পাবলৈকে কোনোবা মানুহে যে নিজৰ জীৱনক এনে বিপদলৈ ঠেলি দিব পাৰে সেয়া সঁচাই অবিশ্বাস্য৷

ৰক্ষাকৰৰ মাতত মোৰ সম্বিত ঘুৰিল৷ সি পানীৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা দীঘল বাঁহডাল উলিয়াই ক’লে,

“ইয়ে....এইডালৰ মিটাৰৰ চিনবোৰ এৰালেই চোন৷ সোনকালেই চিনবোৰত আকৌ ৰং লগাব লাগিব৷”

“এইবাৰ বাহডালত ৰং লগাই সংখ্যাবোৰো তই লিখিবি দেই, মই বেলেগ কাম কৰিম৷”

বাংগই কথাষাৰ কৈয়ে মোলৈ চাই মুখ টিপি হাঁহিলে৷ 

ৰক্ষাকৰ সম্পৰ্ণ নিৰক্ষৰ বাবে দুশ্ৰেণী পঢ়া বাংগই মোক ফিল্ডৰ লিখা মেলা কামত সহায় কৰে৷ ৰক্ষাকৰকো দহটা সংখ্যা আৰু ইংৰাজী বৰ্ণমালা অলপকৈ শিকাইছোঁ৷ কিন্তু এইবোৰত লাগি থাকিবলৈ মানুহটোৱে বৰ টান পায়৷ ঘৰত কিবা লিখি আনিবলৈ দিলে সৰু ল’ৰাৰ দৰে কলমটো বেয়া হ’ল বা কাগজ নাছিল বুলি ফাঁকি দিয়ে৷ এইবোৰ কথাত বাংগ আৰু মই খুউব হাঁহো ৷ এবাৰটো কাগজ নাই বুলি মিছাকৈ কোৱাত শাস্তি দিবলৈকে মই মানুহটোক নিজৰ দাখনৰ নালতে সংখ্যা লিখিবলৈ দিছিলো৷ আমি দৰকাৰী ঠাইবোৰত চিন দিবলৈ ৰখা হালধীয়া ৰঙ ৰক্ষাকৰে থেৰোগেৰোঁকৈ ব্ৰাছত লগাই লৈছিল। বেছ কিছুপৰ যুঁজি থাকি এটা সময়ত আমাক দাখন দেখুৱাইছিলহি। দাখনত ওলোটাকৈ লিখা ‘তিনি’ সংখ্যাটো দেখি বাংগই সিদিনা এনে হাঁহি মাৰিছিল যে পিছৰ কেইবাদিনলৈ ৰক্ষাকৰে পঢ়া-শুনাৰ নামকে লোৱা নাছিল৷

এতিয়াও সি আমাৰ হাঁহিক আওকাণ কৰি একমনে ডিংগীখন চম্ভালিলে৷ মই মাছোৰোকা চৰাই এটাৰ নিৰীক্ষণত লাগিলোঁ৷ সুঁতিলৈ হাউলি পৰা ডাল এটাত পৰি চৰাইটোৱে কিছুপৰ জোপ লৈ থাকিল। চাই থাকোঁতেই ভুটুংকৈ পানীত ডুব দিলে আৰু মুখত মাছ এটা লৈ উৰা মাৰিলে। মই খৰকৈ পৰ্য্যবেক্ষণবোৰৰ টোকা কৰিলোঁ। সেইখিনি সময়তে বাংগই  পানীৰ সোঁত, গভীৰতা আদি জুখি লিখি গ’ল৷ 

এইবাৰ আমাৰ ডিংগীখন লাহে লাহে আৰু একেবাৰে নীৰৱে সুঁতিৰ মাজেৰে আগবাঢ়িল৷ সম্পূৰ্ণ সুঁতিটো ছাৰ্ভে কৰি উঠি ডিংগীখন সুবিধাজনক এঠাইত গছৰ গাত বান্ধি আমি জিৰালোঁ৷ ভাটাৰ সময় বাবে সুঁতিৰ পানী পাৰৰ অৰণ্যতকৈ বহু তলেদি বৈছে৷ গতিকে পাৰৰ আলতীয়া আৰু পিছল বোকা পাৰ হৈ কেনিও যোৱাৰ উপায় নাই৷ সেয়ে আনদিনাৰ দৰে নৈৰ পাৰলৈ গৈ মুকলি ঠাইত বহি খোৱাৰ সলনি আজি আমি ডিংগীতে খাবলৈ বহিলোঁ৷ তিনিও পানী দিয়া পইতা ভাত আৰু আলুপিটিকা বৰ তৃপ্তিৰে খালোঁ৷ খোৱাৰ মাজতে ৰক্ষাকৰে ক’লে,

“কালি ভ’জ’ৰ পৰা লোৱা ডাবটো আনিছোঁ নহয়৷ মেডামে ইয়াতে খাব পাৰিব৷”

ভ’জ’ ডাংমালৰে ডাব নাৰিকলৰ বেপাৰী৷ ভিতৰকণিকালৈ অহা পৰ্য্যটকৰ মাজত বিক্ৰী কৰিবলৈ সি চাইকেলত ওলোমাই ডাব আনে৷ বনবিভাগৰ কোৱাৰ্টাৰতে থাকো বাবে মোৰ ঘৰত সদায়ে সি দুটাকৈ ডাব দি যায়৷ দুপৰীয়াৰ অসহ্য গৰমত উভতি গৈ ডাবৰ পানী খোৱাৰ আমেজেই সুকীয়া।

“চাওঁ, দাখন দে, মেডামক ডাবটো কাটি দিও ৷’’ খাই উঠি বাংগই ক’লে৷

“মই আধাৰাতিতে খৰধৰকৈ আহোতে দাখন আনিবলৈ পাহৰিলোঁ, তোৰখন কি কৰিলি?” ৰক্ষাকৰে ভেকাহি মৰাৰ সুৰেৰে ক’লে৷

বাংগ ৰক্ষাকৰতকৈ বয়সত কিছু সৰু। মানুহটোৱে কথা বতৰাও কমকৈ কয়৷ ৰক্ষাকৰৰ দৰে কথা-চহকী মানুহৰ লগত সি চাগৈ মুখ চুপতি মাৰি থাকিবলৈকো টান পায়৷ আৰু ৰক্ষাকৰেও ইয়াৰে সুযোগ লৈ হোৱাই নোহোৱাই বাংগক দাবী-হুমকি দি থাকে৷ দুয়োজনৰ মাজত আকৌ থোতামোজা আৰম্ভ হয় বুলি মই ক’লোঁ,

“হ’ব, নালাগে ৷ মই ঘুৰি গৈ ঘৰতে ডাব খামগৈ আৰু!”

আধাঘন্টামান জিৰণি লৈ আমাৰ ওভোটনি যাত্ৰা আৰম্ভ হ’ল৷ এইবাৰ উজাই আগবঢ়া বাবে ময়ো বঠা ধৰিলোঁ৷ জোৱাৰ আৰম্ভ হ’বলৈ এঘন্টা মান বাকী৷ ৰক্ষাকৰে এইবাৰ সুঁতিৰ দুয়োপাৰে খুউব মন দি চাই আহিল৷ কেইবাঠাইতো আমি চোৰাং কৈ জাল পতাৰ চিন পালোঁ, কিন্তু জাল ইতিমধ্যেই উঠাই নিয়া হৈছিল৷ ৰক্ষাকৰক সেইবিষয়ে ফৰেষ্টাৰক জনাবলৈ ক’লোঁ৷

আমাৰ কেম্প পাবলৈ মাথোঁ কিছুদুৰ বাকী আছিল৷ দুপৰীয়াৰ ৰ’দজাক মূৰতে পৰাত মোৰ অলপ টোপনি টোপনি ভাৱো আহিছিল৷ এনেতে ৰক্ষাকৰৰ মাত শুনি সচকিত হৈ উঠিলোঁ৷

“মেডাম, চাওক, চাওক৷ মানুহ আছে৷”

দেখা পালোঁ নৈৰ সোঁফালে ভাটাৰ পানীয়ে উদঙাই দিয়া পাৰৰ আলতীয়া বোকামাটিত মানুহৰ খোজ ৷ খোজবোৰ সতেজ! বুজিলোঁ, অলপ সময় আগতে কোনোবা আহিছিল৷ হয়তো এতিয়াও হাবিৰ মাজতে আছে৷ নাইবা আমাৰ কথা-বতৰা শুনি বনবিভাগৰ মানুহ বুলি ভয় খাই আঁতৰি গৈছে৷ কেকোঁৰা ধৰিবলৈ পুঁতি থোৱা ফান্দৰ ৰছী কেইডালমানো আমাৰ চকুত পৰিল৷ 

ৰক্ষাকৰ আৰু বাংগ দুয়ো উত্তেজিত হৈ উঠিল৷ ৰক্ষাকৰে ক’লে,

“মেডাম, আমি নামি গৈ চাই আহোঁ৷ মানুহ এতিয়াও ভিতৰতে আছে৷’’

মই দুয়োৰে উৎসাহ দমাবলৈকে নিৰ্বিকাৰ হৈ ক’লোঁ-

“নালাগে থাকক, কেকোঁৰাহে ধৰিবলৈ আহিছে চাগৈ৷ ঠাইখনৰ কথা ছাৰক কৈ দিলেই হ’ব৷”

পিছে ৰক্ষাকৰ আৰু বাংগ দুয়ো গৈ চাই আহিবলৈ বৰকৈ মন কৰিলে। উপায় নাপাই সঁচাকৈয়ে কোনোবা আছে নেকি তাকে চাই আহিবলৈ ক'লোঁ৷ ক’বতো নোৱাৰি, বাহিৰৰ কোনোবা হ’লে লগত বন্দুকো থাকিব পাৰে ৷ 

পাৰৰ পৰা পানীৰ ফালে বেঁকা হৈ পৰা সুন্দৰী গছ এজোপাতে ৰক্ষাকৰে ডিংগীখন চপালে। তাৰপিছত দুয়ো নামি লৈ আলতীয়া বোকাৰে খুপি খুপি আগবাঢ়িল৷ মই ডিংগীতে বহি বাট চাই ৰ’লোঁ৷ 

প্ৰায় বিশমিনিটমান সময় পাৰ হৈ গ’ল৷ মোৰ চিন্তাই লাগিল৷ কিন্তু ভাৱিলোঁ, কেম্পৰ ইমান ওচৰৰ ঠাইলৈ এই সময়ত বাহিৰৰ কোননো আহিব৷ বাহিৰৰ পৰা চোৰাং-চিকাৰী আহিলে সাধাৰণতে মাজনিশা বাঁহৰ জালিত পলিথিন লগোৱা নাৱেৰেহে আহে৷ হয়তো ওচৰৰ গাঁৱৰে মানুহ! কাৰণ সুঁতিৰ এইপাৰে ডাংমালকে ধৰি কেইবাখনো গাওঁ ওলাবগৈ পৰা লুংলুঙীয়া বাট আছে৷


কিছুসময়ৰ পিছত দুয়ো নিৰ্বিকাৰভাৱে উভতি আহিল ৷ লগত কোনো নাই। কিন্তু ৰক্ষাকৰৰ হাতত দা এখন৷ 

“কি হ'ল? কাকো নাপালে?”

“নাই, মানুহ কেইটামান পালোঁ৷’’-বাংগই ক’লে

“নধৰিলো আৰু মেডাম৷ গাঁৱৰে দুখীয়া মানুহ! কেকোঁৰাহে ধৰিবলৈ আহিছে৷ অলপ দাবী দি এই দা খনকে ছাৰক দিবলৈ বুলি কাঢ়ি লৈ আহিলো৷’’ ৰক্ষাকৰে নৰম সুৰত ক’লে আৰু বঠা মাৰিবলৈ আৰম্ভ কৰিলে৷

ইমান উৎসাহেৰে যোৱা মানুহ দুজন এনেকৈ নৰম হৈ উভতি অহাত অলপ আচৰিত হ’লো। তথাপি একো নক’লোঁ ৷ 

কিছু সময়ৰ পিছত ৰক্ষাকৰে ক’লে,

“মেডাম, সেই খাবলৈ নোপোৱা মানুহবোৰৰ পৰা দাখন লৈ গৈ ছাৰক দিনো কি কৰিম! ঘুৰায়ে দিম দিয়ক৷ সিহঁতৰ এটাক মই চিনিয়ে পাওঁ৷”

মই হ’ব বুলিয়ে ক’লোঁ আৰু কথাটো বিশেষ নাভাৱিলোঁ৷ এটা সময়ত আমি তিনিও ঘৰ পালোঁগৈ৷ বাংগই চাহ একাপ খাই লৈ গাঁৱলৈ উভতিল৷ ৰক্ষাকৰে মোৰ বাবে সদায় ভাত সাঁজো ৰান্ধি থৈ যায়৷ সি ল’ৰালৰিকৈ ডাবটো কাটি দি পাকঘৰত লাগোগৈ বুলি ক’লে৷ ডাবৰ মিঠা পানীখিনি খাই অঁটাই ফালি লৈ ভিতৰৰ অপৈণত বগা খিনিও খাওঁ বুলি দাখন বিচাৰি আনিলোগৈ৷ ডাবটো ফালিব খোজোতেই মোৰ চকুত পৰিল, এইমাত্ৰ ৰক্ষাকৰে চোৰাংচিকাৰীৰ পৰা কাঢ়ি অনা দাখনত ওলোটাকৈ লিখা হালধীয়া তিনি সংখ্যাটো!

Monday, 22 April 2013

মুম্বাই

বাংগালোৰৰ পৰা মুম্বাইলৈ এটা ইন্টাৰভিউ দিয়াৰ বাবে যাব লগাত পৰিলোঁ৷ লগৰ ল’ৰা চেতানৰ ঘৰ তাতে৷ আজি দুবছৰ ধৰি লগো পোৱা হোৱা নাই৷ সি ক’লে, “মোৰ ঘৰলৈকে আহি যা!” একেলগে পঢ়া আৰু বৰ্ত্তমান বাংগালোৰতে কাম কৰি থকা লগৰ দিব্যাও ওলাল ৷ ক’লে “উই ৱিল হেভ ফান টুগ্যেদাৰ৷’’ শেষত গৈ থৈ ইন্টাৰভিউটো মুম্বাইলৈ যোৱাৰ অজুহাত হে হৈ পৰিলগৈ৷ পৰিকল্পনা চলিল… 

১) কে এছ আৰ টি চি-শ্লীপ লাইক এ বেবী


ইন্টাৰভিউলৈ কেইটামান দিন বাকী থাকোতেহে যোৱাৰ সিদ্ধান্ত লোৱাত খৰধৰকৈ যা-যোগাৰ কৰিব লগাত পৰিলোঁ৷ গতিকে ট্ৰেইনত একো সুবিধা কৰিব নোৱাৰিলো৷ লগৰবোৰে ক’লে বাছেই ভাল-ট্ৰেইনতকৈ বহুত কম সময় লয়৷ ২৪ ঘন্টাৰ ঠাইত ১৮ ঘন্টা৷ হ’ব- ঠিক আছে বুলি ভাৱিলো যদিও ১৮ ঘন্টা বাছেৰে একেৰাহে গৈ থকাৰ কথা ভাৱিয়ে চিন্তা লাগিল! উপায় নাই৷ আগতে কে এছ আৰ টি চিৰ বাছত দীঘলীয়া ভ্ৰমণ কৰাৰ মোৰ বিশেষ অভিজ্ঞতা নাই৷ দিব্যাই তাইৰ ঘৰ চেন্নাইত বাবে বাছেৰে অহা-যোৱা কৰিয়ে থাকে৷ তায়ে ক’লে, তাতে টিকেট কৰোঁ-ভাল চাৰ্ভিছ৷ হৈ গ’ল টিকেট৷ 

"শ্লীপ লাইক এ বেবী" বাছ
যথা সময়ত মেজেষ্টিকৰ কেম্পেগ’ৰা বাছ ষ্টেচন পালোগৈ৷ ম’বইলত এচ এম এচ আহিল আপুনি টিকেট বুক কৰা বাচৰ নম্বৰ অমুক, বাচ এৰাৰ সময় অমুক, আপোনাৰ চিটৰ নম্বৰ অমুক অমুক বুলি! ৰিপৰ্টিঙৰ বাবে ধাৰ্য্য সময়তে বাছ আহিল৷ বাছৰ গাত এটা টোপনিত লালকাল শিশুৰ ছবি, লিখা আছিল, “Sleep like a baby”৷ দিব্যাক আশ্চৰ্য্যৰে ক’লো, “বাহ, এনেকুৱাইনে!!” ধকধকীয়া বগা ইউনিফৰ্মেৰে কণ্ডাক্টৰ আগুৱাই আহিল৷ প্ৰত্যেকৰে টিকেট আৰু আই কাৰ্ড পৰীক্ষা কৰি এজন এজন কৈ যাত্ৰীসকলক সোমাবলৈ দিলে৷ সময়মতেই বাছ চলিল৷ লগে লগে আমাক পানীৰ বটল আৰু কম্বল একোখনকৈও দি গ’ল৷ শীত-তাপ নিয়ন্ত্ৰিত বাছ, আৰামদায়ক আসন, কানাড়া চিনেমা এখন আৰম্ভ হ’ল৷ ইংৰাজী চাবটাইটল নাথাকিলেও তেনেকৈয়ে চাই চাই টোপনি গ’লো৷ নিশা ভাত খাবলৈ এখন ৰেষ্টুৰেন্টত বাছ ৰ’ল৷ কণ্ডাক্টৰে পূৰ্বেই সকীয়াই দিয়া মতেই বিশ মিনিটতকৈ অকনমাণো পলম নকৰাকৈ বাছে গতি ল’লে৷ ট্ৰেফিক জামত ৰৈ মেলি ১৮ ঘন্টাৰ ঠাইত ২০ ঘন্টাৰ অন্তত পিছদিনা বাৰ বজাত মুম্বাইৰ মালাডত নামিলোগৈ ৷ কিন্তু ভৱাৰ দৰে অকণো ভাগৰ নালাগিল, আমনিও নালাগিল৷ I actually slept like a baby :)


২) মুম্বাই-ট্ৰেফিক

আমি গৈ পোৱাৰ দিনাই চেতানে সকীয়াই দিলে মুম্বাইৰ ট্ৰেফিকৰ সমস্যাৰ বিষয়ে৷ গতিকে ইন্টাৰভিউৰ দিনা সোনকালে ওলোৱাৰ সিদ্ধান্ত ল’লো৷ ইন্টাৰভিউ আছিল পুৱা দহ বজাত, ফৰ্ট অঞ্চল মানে দক্ষিণ মুম্বাইত৷ চেতানৰ ঘৰ পশ্চিম মালাডৰ পৰা তালৈ প্ৰায় ৩৫ কিলোমিটাৰ বাট৷ সেয়ে সিহঁতৰ গাড়ীৰে পুৱা আঠ বজাতে ওলালো৷ ইমানকৈ শুনি অহা মুম্বাই ট্ৰেফিক জামৰ পৰা পিছে ৰক্ষা নপৰিলো৷ বান্দ্ৰা-ৱৰলী চি লিংকতে ট্ৰেফিক জামত বহু সময় ৰৈ থাকিব লগাত পৰিলো আমি৷ দিব্যাই ইফালে সিফালে ফটো ল’লে৷ ইন্টাৰভিউ বুলি থকা অৱশিষ্ট অসহজবোধ খিনি আঁতৰাবলৈকে ময়ো ফটো লোৱাত লাগিলো৷ কিন্তু ঘড়ীৰ কাঁটাই যেতিয়া ন-পঞ্চলিছ বুলি সময় দেখুৱালে, মই কিছু চিন্তিত হৈ উঠিলো৷ চেতানক সুধিলো, “আৰু কিমান দূৰ?” সি বোলে, “উই আৰ জ্যাষ্ট দেয়াৰ!” ঘড়ীৰ কাঁটাৰ লগে লগে মোৰ টেনছনো বাঢ়ি গ’ল কিন্তু চেতানৰ উত্তৰ একেটাই থাকিল- “উই আৰ জ্যাষ্ট দেয়াৰ!” দহ বাজি গ’ল-এক দুই মিনিটকৈ সময় গৈ থাকিল৷ আমাৰ গাড়ী মাজে মাজে চলিল, মাজে মাজে জামত আকৌ ৰৈ গ’ল৷ 


চেতানে সন্মুখৰ গাড়ীবোৰক দুটামান গুৱাল-গালি পাৰিলে৷ সাধাৰণতে সকলো সময়তে একেবাৰে টেনছন ফ্ৰী হৈ থকা ধৰণৰ ছোৱালী দিব্যাইয়ো মাজতে এবাৰ সুধিলে মোক, “ তেওঁলোকে জানেতো তই ইন্টাৰভিউ দিবলৈ আহি আছ বুলি?” মই ‘অ’ বুলি কয়েই মনতে নিজক সান্তনা দি থাকিলো৷ কাৰণ ইয়াৰ আগতে সকলো ইন্টাৰভিউতে মই কমেও এঘন্টাৰ আগতেই উপস্থিত হোৱাৰহে অভ্যাস৷ এনেকৈ পলম হ’লে কি কৰা উচিত মোৰ একো ধাৰণাই নাই৷ গতিকে মই নীৰৱে ৰ’লো৷ আমি যেতিয়া এশ বছৰীয়া ঐতিহাসিক মুল্লা হাউচ অৰ্থাৎ মোৰ গন্তব্যস্থান পালোগৈ তেতিয়া দহ বাজি বিশ মিনিট৷ দিব্যা-চেতানে আগবঢ়াই থৈ গুচি গ’ল৷ ইমান ততাতৈয়াৰ মাজতো সিহঁতক ক’বলৈ নাপাহৰিলো, “মোলৈ ৰৈ থাকোতে যিমান ঘুৰিবলৈ মন যায় ঘুৰিবি, কিন্তু বাড়াপাও নাখাবি, মই ওলোৱাৰ পিছত একেলগে খাম!”

গৈ দেখিলো ইন্টাৰভিউ আৰম্ভ হৈছে কিন্তু মোৰ পাল পৰা নাই৷ মোৰ কাগজ-পত্ৰ দেখুৱাই মেলি শান্তিৰ নিশ্বাস লৈ বহিলোগৈ৷ পোন্ধৰ মিনিট মানৰ পিছতেই মোক ভিতৰলৈ মতা হ’ল৷ সময়খিনি ভালদৰেই পাৰ হৈ গ’ল যেনিবা ৷ তাৰ পৰা ওলায়েই দিব্যা আৰু চেতানক খৱৰ দিলো৷ সিহঁত ওচৰতে আছিল, লগে লগেই আহিল৷ এই পঞ্চলিছ মিনিট কি কৰিলে সুধিলো৷ দিব্যাই পৰম সন্তুষ্টিৰে ক’লে বোলে কিনো কৰিব ভাবি নাপাই বড়াপাও খাই আহিল৷ এনেয়ে ইন্টাৰভিউলৈ পলম হোৱাৰ খংটো সামৰি থোৱা আছিলেই৷ এইটোৱে তাকে উলিয়াবলৈ সুবিধা কৰি দিলে৷ জাৰি দিলো দুয়োটাকে৷ পিছত কালাঘোঁৰাৰ অতিকায় আকাৰৰ গিলাচত ফ্ৰেছ কুঁহিয়াৰৰ ৰস খুৱাইহে সিহঁতে মোক শান্ত কৰিলে৷

৩) এদিনৰ বাবে মেৰী ক'ম  



দিব্যাই তোলা সেই ফটোখন 
দিব্যা আৰু চেতানৰ লগত এদিন লোকেল ট্ৰেইনত মালাডৰ পৰা চাৰ্চগেটলৈ বুলি উঠিলো৷ চেতান চিধাই গৈ দুৱাৰমুখত থিয় দিলেগৈ, তাত ৰৈ বতাহ খাই খাই গৈ হেনো তাৰ বিৰাট আৰম লাগে! ভিৰৰ বাবে দিব্যা আৰু মই দুয়ো থিয় হৈয়ে গৈ আছিলো৷ ট্ৰেইন চলি থকাৰ মাজতে বহা আসনৰ পৰা এজন বয়সস্থ লোকে দিব্যাক মাত লগাই কিবা সুধিলে৷ দিব্যাই মাত্ৰ হাঁহি লৈ ‘ন’’ বুলি কৈ থ’লে৷ ষ্টেচনৰ কথা সুধিছে বুলি ময়ো বিশেষ গুৰুত্ব নিদিলো৷ পিছত মানুহৰ ভিৰ কমাত আমি দুয়োজনীয়ে যেতিয়া শান্তিৰে এচুকত বহিলোগৈ দিব্যাই ক’লে, মানুহজনে সুধিছিল, “এওঁ মেৰী ক'ম নেকি?” এওঁ মানে দিব্যাৰ কাষত থিয় দি থকা মই! মোৰ আশ্চৰ্য্যৰ সীমা নোহোৱা হ’ল! কিন্তু দিব্যাই ক’লে এইটো ইমানো অস্বাভাৱিক কথা নহয়৷ তাই যুক্তি দিলে যে প্ৰথম দেখিলে আমাৰ উত্তৰ-পূবৰ মংগোলীয় সাঁচৰ সকলো মানুহকে সিহঁতৰ দৰে বাহিৰৰ মানুহৰ একে যেন লাগে৷ কিছুদিন ওচৰৰ পৰা পালেহে হেনো পাৰ্থক্যবোৰ দেখা পায়৷ গতিকে মোৰ মংগোলীয় চেহেৰা দেখি মেৰী কম বুলি ভুল কৰাটো একো ডাঙৰ কথা নহয়৷ মোৰ প্ৰতিক্ৰিয়া কেনে হোৱা উচিত ভাৱি নাপালো৷ কিন্তু পিছত কাৰৱাৰ নামৰ কৰ্ণাটকৰ সীমান্তৱৰ্তী ঠাই এখনত মেৰী ক'মৰ বিশাল হৰ্ডিং এখন দেখি দিব্যাই কৰা অন্যায় (?) অনুৰোধ ৰাখি মই ফটোৰ বাবে প’জ দিব লগা হ’ল৷


৪) জুহু বীচ্চত এটা প্ৰাণোচ্ছল গধূলি

এনিশা বাইদেউ দুগৰাকীৰ লগত অন্ধেৰীত থাকিলো৷ নিশা সিহঁতে জুহু বীচ্চলৈ লগ ধৰিলে- ওলালো৷ অট’ৰে গৈ বীচ্চত নামিলোগৈ৷ দেখিলো দিনটোৰ আমনিদায়ক গৰমৰ আতিশয্যৰ পৰা সকাহ পাবলৈকে নেকি সাগৰৰ পাৰত অলেখ অসংখ্য মানুহ ৷ কোনোৱে পাৰে পাৰে খোজ দিছে, কোনোৱে পানীত খেলিছে, কোনোৱে জুম পাতি লৈ আড্ডা দিচে, কোনোৱে আকৌ বালিতে কাপোৰ এখন পাৰি ক্ষন্তেকৰ বাবে দীঘল দিছে৷ বীচ্চৰ একাষে শাৰী শাৰী ফাষ্ট ফুড ষ্টলত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ আমি বহুপৰ সাগৰৰ চেঁচা বতাহৰ আমেজ লৈ লৈ বালিৰ ওপৰেদি খোজ কাঢ়িলো৷ প্ৰচণ্ড গৰমৰ পৰা আহি মন শাঁত পৰি গ’ল৷ কণমাণি বোৰে সাগৰৰ ঢৌবোৰৰ স’তে কৰা খেলাবোৰ চাই তবধ মানিলো৷ ভয় বা আশংকাৰ যেন চিন চাবেই নাই৷ মাক-দেউতাকেও ল’ৰা-ছোৱালীক ইচ্ছামতে স্ফূৰ্তি কৰিবলৈ দি বালিত বহি আৰাম কৰিছে, আড্ডা দিছে৷ দিব্যাই ক’লে, চেন্নাইত সাগৰৰ পাৰত এনে দৃশ্য এতিয়া দুৰ্লভ৷ নিশা বাৰ বজাৰ পিছত কাকো বীচ্চত থকাৰ অনুমতি দিয়া নহয়৷ কেইবাটাও দুৰ্ভাগ্যজনক ঘটনাৰ পিছত শেহতীয়াকৈ এনে পদক্ষেপ লোৱা হৈছে হেনো৷ 


জুহুৰ বীচ্চৰ গধুলি
যি নহওক গা-মন শীতল কৰি ফাষ্ট ফুডৰ দোকানবোৰলৈ গ’লো৷ সোমায়েই মূৰ ঘুৰাই গ’ল৷ সীমা-সংখ্যা নোহোৱা দোকান, অলেখ অজস্ৰ খোৱাবস্তু, কেনি যাম-কি খাম যেন অৱস্থা হ’ল৷ তাতে প্ৰতিখন দোকানৰ পৰা একোজন প্ৰতিনিধি আগুৱাই আহি নিজৰ নিজৰ দোকানৰ গুণ বখানি আমাক খাবলৈ নিমন্ত্ৰণ কৰিবলৈ লাগিল৷ নিমন্ত্ৰণ নহয় যেন টনা-আজোৰাহে! অৱশেষত খালো- বাটাৰত ডুবাই ডুবাই ৰন্ধা পাওভাজি, মুখখন যিমান পাৰি ডাঙৰকৈ মেলিলেও সুমুৱাব নোৱাৰা আকাৰৰ বড়াপাও, বেনাৰসী বুলি মিছাকৈ দিয়া অতি মিঠা চুপাৰিবিহীন পান সকলো খালো৷ 

সিদিনালৈ আৰু একো খাবলৈ পেটত ঠাই নাথাকিল৷

৫) কাৰৱাৰৰ সাগৰ

মুম্বাইৰ পৰা উভতি আহোতে আমি কৰ্ণাটকৰ সীমান্তৱৰ্ত্তী এখন সৰু ঠাই কাৰৱাৰত এটা দিন কটাবলৈ ঠিক কৰিলো৷ চেতানৰ মাকৰ মূল ঘৰ এই ঠাইত৷ সেয়ে আমাৰ স’তে চেতানো আহিল৷ মুম্বাইৰ পৰা ট্ৰেইনেৰে বাৰ ঘন্টা আহি আমি কাৰৱাৰৰ সৰু ৰেলৱে ষ্টেচনটোত নামিলোহি৷ তেতিয়া দিনৰ এঘাৰ বাজিছে৷ আমাৰ প্ৰত্যেকৰে হাতত মজলীয়া আকাৰৰ একোটা পিঠিত লোৱা বেগ৷ চেতানে ক’লে তাৰ মামাকৰ ঘৰ মাজালী নামৰ গাওঁখনত আৰু কাৰৱাৰ টাউনৰ পৰা তালৈ দহ কিল’মিটাৰ মান৷ গতিকে তালৈ যোৱাৰ আগতে আমি কাৰৱাৰৰ বীচ্চ চাই যোৱাৰ সিদ্ধান্ত ল’লো৷

মই প্ৰথম সাগৰ দেখা পোৱাৰ বেছি দিন হোৱা নাই৷ অৱশ্যে তাৰ পিছত সাগৰৰ পাৰৰ মেনগ্ৰুভ অৰণ্যত একেৰাহে পাঁচমাহ থাকি কাম কৰাৰ অভিজ্ঞতা হ’ল৷ তথাপিও শৈশৱৰে পৰা সাগৰৰ পানীত খেলি ডাঙৰ হোৱা চেতান, দিব্যা হঁতৰ দৃষ্টিত মই সাগৰ নেদেখা ছোৱালীজনীয়ে হৈ থাকিলো! গতিকে প্ৰতিবাৰেই এনেকুৱা সুবিধা পালে সিহঁতে মোক সাগৰখন দেখুওৱাৰ দায়িত্বটো উৎসাহেৰে পালন কৰে! এইবাৰ অৱশ্যে দিব্যাও খুউব উৎসাহী হৈ আছিল৷ অতদিনে তাই হেনো পশ্চিমৰ বীচ্চ দেখাৰ সুবিধা পোৱা নাছিল৷ ময়ো বেয়া নাপালো-জুহুৰ মানুহেৰে পূৰ্ণ বীচ্চৰ পিছত কাৰৱাৰৰ নীৰৱ বীচ্চৰ ৰূপো চাই যোৱা হব বুলি৷ কিন্তু আমাৰ মুম্বাই ভ্ৰমণৰ গাইড জনৰে মানে চেতানৰে অকণো উৎসাহ নাই৷ আমি টানি লৈ ফুৰাৰ দৰে হ’ল তাক৷ সি বোলে, সৰুৰে পৰা দেখি অহা একেবোৰ ঠাইকে সি কি উৎসাহেৰেনো বাৰে বাৰে চাব! 

কাৰৱাৰৰ দুপৰীয়াৰ সাগৰ
ভৰ-দুপৰীয়া চোকা ৰ’দ জাক মূৰত লৈ জনপ্ৰাণীশূন্য ৰৱীন্দ্ৰনাথ ঠাকুৰ বীচ্চলৈ গ’লো আমি তিনিওটা৷ চেতানে বালিত বহি দুঘন্টামান সময় ধৰি আমাৰ বেগ আৰু চেন্দেল-জোতাৰ পহৰা দিলে৷ দিব্যা আৰু মই গোটেই পাৰটোত এপাক মাৰিলো, সাগৰৰ ঢৌৰ লগে লগে জাপ মাৰিবলৈ চেষ্টা কৰিলো, সৰু ৰং-বিৰঙী শংখ বুটলিলো৷ তেতিয়া অনুভৱ কৰিলো, সদায় দেখিলেও এই সাগৰৰ ৰূপ কেতিয়াও নতুনত্ব বিহীন হৈ নাযায়, তেনে হৈছে বুলি ভৱাটো আচলতে চেতানৰ ভুল ধাৰণাহে৷

৬)মাজালী-
সাগৰৰ পাৰৰ এখন শান্ত গাওঁ 

অৱশেষত একমান বজাত মাজালীৰ গাঁৱৰ ঘৰ পালোগৈ আমি৷ চেতানৰ ককাক-আইতাক ঢুকুৱাৰ পিছত বৰ্ত্তমান দুজন মামাকে ঘৰখন চলাই আছে৷ ডাঙৰ জনে বিয়া কৰালে-দুজনী ছোৱালী, ৰুচি আৰু অনুস্কা৷ ৰুচি পঞ্চম শ্ৰেণীত, অনুস্কা সপ্তম শ্ৰেণীত৷ দুয়োজন মামাকে পৈতৃক সূত্ৰে পোৱা কাপোৰৰ ব্যৱসায় চম্ভালে৷ সেই অঞ্চলত সেইখনেই আটাইতকৈ ডাঙৰ আৰু পুৰণি কাপোৰৰ দোকান৷ তাতে এইসময়তো বিয়াৰ বতৰ৷ গতিকে দুয়োৰে খাৱন-শুৱন বাদ দিয়াৰ দৰে অৱস্থা৷

মাজালীৰ ঘৰটো পুৰণি, দেখাত বাহিৰৰ পৰা ইমান ডাঙৰ যেন নেদেখায় কিন্তু এবাৰ ভিতৰত সোমালে ইটোৰ পিছত সিটো কোঠা, তলৰ পৰা ওপৰলৈ উঠা-নম কৰা খটখটিৰ মাজত নিজকে হেৰুওৱাৰ উপক্ৰম হয়৷ তাতে দোকানৰ গুডামত বস্তুৰ বাবে ঠাইৰ নাটনি হোৱাত ঘৰৰ অন্য কোঠাবোৰতো শাৰীৰ পেকেটৰ দ’ম লাগি আছে৷ আনকি খটখটিৰো আধা মানুহক অহাযোৱা কৰিবলৈ এৰি দি বাকী অংশত শাৰীৰ পেকেটেৰে ভৰাই থোৱা৷ এই সকলোবোৰৰ মাজেৰে নি চেতানে আমাক প্ৰকৃততে মানুহ থকা কোঠা যেন লগা এটা কোঠাত সুমুৱালেগৈ৷ জিৰণি ল’লো তাতে৷

চেতানৰ মামীয়েকে ৰন্ধা সুস্বাদু কেকোঁৰা আৰু অইষ্টাৰেৰে ভাত খাই এবাগৰ নিদিয়াকৈ ৰ’ব নোৱাৰিলো৷ কিন্তু বেছি সময় নহ’লেই, ৰুচি, অনুস্কাই আমাৰ কোঠাৰ দুৱাৰেদি জুমি জুমি চাবলৈ লাগিল৷ হাত-বাউলি দি মাতিলো৷ দুয়ো উৎসাহেৰে সোমাই আহি কথা পাতিবলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ নিজৰ নিজৰ মেকুৰী পোৱালী দুটা দেখুৱালে, গম পালো ইজনীয়ে সিজনীৰ মেকুৰী চুই চোৱাৰো অধিকাৰ নাই, তেনে হ’লেই তামাম কাজিয়া হৈ যায়৷ ৰুচিয়ে তাইৰ ৰিম’ট কন্ট্ৰলৰ গাড়ী খন দেখুৱালে৷ অনুস্কাই ডিস্ক’ভাৰী চেনেলে প্ৰকাশ কৰা বিশ্বৰ জীৱ-জন্তু, চৰাই আদিৰ ৰং বিৰঙৰ অতিকায় কিতাপখন আনি দেখুৱালেহি৷ মই চৰাইৰ ওপৰত গৱেষণা বুলি জানি ইটো সিটো প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিলেহি৷

গধূলি আমি গাওঁখনতে এপাক মাৰোগৈ বুলি ওলাই গ’লো৷ গাৱঁৰ বাটেৰে পোনে পোনে এক কিল’মিটাৰ মান গ’লেই সাগৰ৷ সেইখিনিতে কেইবাখনো মাছমৰীয়া গাওঁ৷ সাগৰৰ পাৰত বহুতো মাছমৰীয়া নাওঁ৷ এফালে শিলৰ এটা সৰু পাহাৰ৷ শান্ত ঠাইৰ শান্ত সাগৰ৷ তাতে বহি ৰ’লো বহুপৰ৷ 

মাজালীৰ দুভাগ দুৱাৰ
 উভতি আহোতে মন কৰিলো সকলোৰে ঘৰৰ দুৱাৰখনত তল আৰু ওপৰ দুটা ভাগ৷ দুয়োটা লগ লগাই বন্ধ কৰিলে আমাৰ দীঘল দুৱাৰ বোৰৰ দৰেই দেখায়৷ চেতানে ক’লে সেয়া পৰম্পৰাগত ভাৱেই চলি আহিছে৷ দেখি ভাল লাগিল-পুৰণি কৃষ্টি এটা এনেকৈ ধৰি ৰখা দেখি৷ তাৰ বেছিভাগ মানুহে কোংকণি ভাষা কয়৷ চেতানে ক’লে গোৱা মাথোঁ দহ কিল’মিটাৰ মান আঁতৰতে হোৱাৰ বাবে বেছিভাগ মানুহেই তাতে সংস্থাপন লাভ কৰে৷ 


   ***********

সিদিনা নিশাই কাৰৱাৰৰ পৰা বাংগালোৰলৈ বুলি বাছত উঠিলো৷ এইবাৰ প্ৰাইভেট বাছ৷ আমাৰ চিটত বহি আৰামত টোপনি যোৱা মানুহক জগাই আমি নিজে উঠিবলৈ ক’লো৷ মাজনিশালৈকে চিনেমা চলিল৷ লেতেৰা কম্বল দিয়াৰ বাবে নোলোৱাকৈয়ে ৰাতিটো শুই আহিলো৷ কে এছ আৰ টি চি কিয় ভাল তেতিয়াহে বুজিলো৷ 

Friday, 12 April 2013

প্ৰিয় বিহুগীত

এই বিহুৰ বতৰত মোৰ দুটামান প্ৰিয় বিহুগীত ডাউনলোডৰ লিংকসহ তলত উল্লেখ কৰিছৌঁ৷

১)   "চকলা টেঙাটি অকলে নাখাবা.."
কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত

২) ''এ গগণা ৰছী টনা আজি পিতাই মোৰ ডবল ঘটনা....'' 

কন্ঠ-অংগৰাগ মহন্ত আৰু খগেন মহন্ত

৩)  ''লাহে লাহে লাহে বান্ধৈ ঐ''- হুচঁৰি

৪)  ''ম'হৰ শিঙৰ পেঁপাত'' 

কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত

৫) ''লুইতৰ বুকুতে বানপানী আহিলে''

৬) ''বিহুৱান বৈছিলো''

কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত



৭) ''পাটকাই পাৰে হৈ.."- ক'ক ষ্টুডিঅ'ৰ বিহু
কন্ঠ- খগেন গগৈ

৮) ''ধনচেঙ ধনৰ মলা''

৯)  ''গৰু বিহুৰ গধূলি হুচঁৰি গায়''


১০)   ''জেং বিহু''

১১)   ''কেলৈ ফুলিলি ঐ নাজিতৰা''

১২)  বিহু হুঁচৰি


Saturday, 23 March 2013

পৃথিৱীৰ বাবে এঘন্টা



ফটোৰ উৎস- Earth Hour India


আজি অৰ্থাৎ ২৩ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে নিশা ৮.৩০ ৰ পৰা ৯.৩০ বজালৈকে এঘন্টা সময় বিজুলীবাতি নুমুৱাই ৰাখি পৃথিৱীৰ বাবে এঘন্টা (Earth hour) পালন কৰা হব৷ ই প্ৰকৃততে ৱৰ্ল্ড ৱাইড ফান্ড ফৰ নেচাৰ বা চমুকৈ WWF নামৰ সংস্থাৰ তত্ত্বাৱধানত সমগ্ৰ বিশ্ব জুৰি পালন কৰা এক প্ৰতীকী পদক্ষেপ৷ সাধাৰণতে প্ৰতিবছৰে মাৰ্চ মাহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই দিনটোত সকলো ঘৰ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ অপ্ৰয়োজনীয় সকলো বিজুলীবাতি এঘন্টাৰ বাবে নুমুৱাই ৰাখিবলৈ আগ্ৰহ যোগোৱা হয়৷ ইয়াৰ দ্বাৰা বতৰ পৰিৱৰ্ত্তনৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ ওপৰত পৰা প্ৰভাৱসমূহৰ বিষয়ে জনসাধাৰণক সচেতন কৰি তুলিবলৈ চেষ্টা কৰা হয়৷ এই অনুষ্ঠানটো পোন-প্ৰথমবাৰৰ বাবে ২০০৭ চনৰ অষ্ট্ৰেলিয়াৰ চিডনীত আয়োজিত হৈছিল য’ত প্ৰায় ২.২ মিলিয়ন লোকে এটা ঘন্টাৰ বাবে সকলো বিজুলী-বাতি বন্ধ কৰি ৰাখিছিল৷ পৰৱৰ্ত্তী বৰ্ষৰ পৰা আন্ত:মহাদেশীয়ভাৱে এই এঘন্টা পালন কৰি অহা হৈছে৷ এই এঘন্টাৰ মূল উদেশ্য হ’ল-

১) আমাৰ এই বিনন্দীয়া পৃথিৱীখনৰ পৰিৱেশ বিনষ্টকাৰী অপশক্তিসমূহৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ আগ্ৰহ প্ৰদৰ্শন কৰা আৰু সকলোকে একত্ৰিত কৰোৱা৷

২) জনসাধাৰণক এই এটা ঘন্টাৰ বাহিৰেও অন্যান্য উপায়েৰে শক্তিৰ অপচয় ৰোধ কৰিবলৈ উৎসাহ যোগোৱা

৩) এক বহণক্ষম (sustainable) ভৱিষ্যতৰ অৰ্থে বিশ্বৰ সকলো বিভিন্ন ঠাইৰ জনসাধৰণ তথা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ মাজত এক যোগসূত্ৰ গঢ়ি তোলা৷



ফটোৰ উৎস- Green Humour

অৱশ্যে পৃথিৱীৰ বাবে এঘন্টা বৰ্তমান কেৱল এটা ঘন্টাতে সীমাবদ্ধ হৈ থকা নাই৷ ২০১২ বৰ্ষৰ পৰা ডব্লিউ ডব্লিউ এফে “I Will If You Will” নামেৰে এটা নতুন আঁচনি আৰম্ভ কৰে৷ ইয়াৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন দেশত পৃথিৱীৰ বাবে এঘন্টাৰে আৰম্ভ হৈ পৰিৱেশ সংৰক্ষণৰ যুগান্তকাৰীপদক্ষেপ কিছুমান সফলতাৰে আৰম্ভ হৈছে৷ উদাহৰণ স্বৰূপে ৰাছিয়াত সাত বছৰ ধৰি কৰি অহা বিফল প্ৰচেষ্টাৰ পিছত প্ৰায় ১,২০,০০০ লোকৰ স্বাক্ষৰ সম্বলিত এক আৰ্জিয়ে সাগৰত তৈলখণ্ডনৰ সময়ত হোৱা সাগৰৰ পানীৰ প্ৰদুষণ ৰোধ কৰিবলৈ আইনী সংশোধন কৰিবলৈ সক্ষম হয়৷ তেনেদৰে উগাণ্ডাতো বিশ্বৰ প্ৰথমখন ২৭০০ হেক্টৰ জোৰা Earth Hour forest গঠন কৰে৷ বৰ্তমান এই অৱ্যৱহৃত আৰু ব্যৱহাৰৰ অনুপযোগী মাটিত জনসাধাৰণ আৰু বিভিন্ন প্ৰতিষঠানৰ উদ্যোগত স্থানীয় গছ ৰোপণ কৰা হৈছে ৷ একেদৰে অহা জুলাই মাহত ফ্ৰান্সত এক নতুন আইন বলবৎ কৰা হ’ব যাৰ দ্বাৰা সকলো উদ্যাগিক প্ৰতিষ্ঠান আৰু অফিচ-কাছাৰীত নিশা এক বজাৰ পিছত সকলো বিজুলীবাতি নুমুৱাই ৰখাটো বাধ্যতামুলক কৰা হ’ব ৷

বৰ্তমান বতৰ পৰিৱৰ্ত্তনৰ ফলত আমাৰ জীৱনত পৰিব পৰা কুপ্ৰভাৱ সম্পৰ্কে সকলোৱে কম-বেছি পৰিমাণে অৱগত৷ আমি কৰা পৰিৱেশ বিনষ্টকাৰী নানা কামে আমাৰ জীৱনতে ইতিমধ্যে বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷ ইণ্ডোনেছিয়াৰ বানপানী, চীনৰ অত্যাধিক প্ৰদুষণৰ ফলত তাৰ নাগৰিকে ভোগা স্বাস্থ্যজনিত সমস্যা, আমেৰিকাক কঁপাই যোৱা হাৰিকেন ছেণ্ডি আদি সকলো এই পৰিৱেশ বিনষ্টকাৰী কুকৰ্মসমূহৰে ফল৷ গতিকে আমি বাস কৰা এই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি ৰোধ কৰিলে আমি নিজৰ আৰু উত্তৰপুৰুষৰ জীৱন সুনিশ্চিত তথা নিৰাপদ কৰা হব৷ দেখাত এইটো ব্যক্তিগত প্ৰচেষ্টাতকৈ বহু ডাঙৰ পদক্ষেপ যেন লাগিলেও প্ৰকৃততে আমি প্ৰত্যেকেই সচেতন হৈ উঠিলে কিঞ্চিত পৰিমাণে হ’লেও শক্তিৰ অপচয় ৰোধ কৰিব পাৰোঁ৷ শক্তিৰ অপচয় ৰোধ কৰিলে আমি সামূহিকভাৱে পৰিৱেশৰ বাবে বৰঙণি যোগোৱাৰ লগতে আমাৰ নিজৰো বহুতো টকাৰ অপচয়ত বাধা দিব পাৰো৷ অন্যান্য কামৰ লগতে আমি ল’ব পৰা সাধাৰণ পদক্ষেপসমূহ এনেধৰণৰ-
  • পানীৰ সংৰক্ষণ কৰক৷ অপ্ৰয়োজনীয় ভাৱে পানীৰ টেপ খুলি নাৰাখিব৷
  • দৰকাৰ নহ’লে বিজুলীবাতি (লাইট) নুমুৱাই ৰাখক৷ অন্য বাল্বৰ সলনি চি এফ এল বাল্ব লগাওক যি অন্য বাল্বতকৈ ৭৫% শক্তি কমকৈ খৰচ কৰে আৰু দহগুণ বেছি কাৰ্য্যক্ষম হয়৷
  • আহিলা-পাতি কিনোতে শক্তিৰ অপচয় ৰোধ কৰিবলৈ সক্ষম হয় নে নহয় (energy efficiency label) পৰীক্ষা কৰক৷
  • ডেস্কটপৰ সলনি লেপটপ ব্যৱহাৰ কৰক৷ লেপটপে তুলনামূলকভাৱে পাঁচগুণ কম বিজুলীশক্তি খৰচ কৰে৷ ডেস্কটপ ল’লে এল চি ডি স্ক্ৰীণ (LCD screen) থকা লওক৷ কম্পিউটাৰত বেটেৰী পৰিচালনা (power management) সক্ষম কৰি ৰাখক৷
  • অপ্ৰয়োজনীয়ভাৱে প্ৰিন্ট নকৰিব৷ প্ৰিন্ট কৰিলে সদায়ে কাগজৰ দুয়োপিঠিত কৰক৷
  • গাড়ী-মটৰ কমকৈ চলাওক৷ আপুনি নচলোৱা প্ৰতি পাঁচ কি:মি:ত ১.৫ কি:গ্ৰা:কৈ কাৰ্বন –ডাই-অক্সাইডৰ নিস্কাষণ কমিব৷ এনেয়ে ৰৈ থাকিব লগীয়া হ’লে গাড়ী-মটৰৰ ইঞ্জিণ বন্ধ কৰি ৰাখক৷
  • প্লাষ্টিক সম্পূৰ্ণকৈ বৰ্জন কৰক৷ বজাৰলৈ যাওঁতে কাপোৰৰ বজাৰ কৰা বেগ এটা লগত লৈ যাওক৷ কিছুমান বস্তু ভাগে ভাগে পেকিং নকৰাকৈ একেলগে বেগত ভৰাব পাৰি৷
  • সৌৰশক্তি ব্যৱহাৰ কৰা আহিলা-পাতিৰ ব্যৱহাৰ অধিক কৰক৷
  • ব্যৱহাৰ নকৰাৰ সময়ত টিভি, কম্পউটাৰ, ফেন সকলো বন্ধ কৰি থওক৷
  • ফ্ৰিজত থোৱাৰ আগতে খাদ্যবোৰ কিছু ঠাণ্ডা হ’বলৈ দিয়ক৷ একেবাৰে গৰমে গৰমে ভৰাই ৰাখিলে বেছি শক্তিৰ খৰচ হয়৷

পৃথিৱীৰ দুয়োটা মেৰুতে ভৰি থোৱা প্ৰথম অভিযাত্ৰী ৰৱাৰ্ট শ্বোৱানে (Robert Swan) কৈছিল, “আমি প্ৰত্যেকেই অন্য কোনোবাই পৰিৱেশ সংৰক্ষণ কৰিব বুলি ভৱাটোৱে পৃথিৱীৰ বাবে আটাইতকৈ ডাঙৰ সংকট”৷ অথচ আমি য’তেই নাথাকো এই কামত অংশ ল’ব পাৰো, নিজৰ সাৰ্মথ্যৰে অকনমান হ’লেও বৰঙণি আগবঢ়াব পাৰোঁ আমি বাস কৰা এই পৃথিৱীক ধ্বংসৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ৷ তেন্তে আহক আনলৈ আশা পালি নাথাকি আমি নিজে এই আন্দোলনৰ অংশ হওঁ৷ আহক আজি নিশা এঘন্টাৰ বাবে বিজুলীবাতি নুমুৱাই ৰাখি এনে এক মহৎ প্ৰচেষ্টাৰ শুভাৰম্ভণি কৰোঁ৷



সহায়ক উৎসসমূহ-
১) http://www.earthhour.org/
২) http://www.thedailygreen.com/green-homes/latest/7-energy-savers-460608#slide-6
৩)http://www.emd.wa.gov/hazards/haz_simple_ways_to_save_energy.shtml

সাহিত্য ডট অৰ্গৰ এপ্ৰিল সংখ্যাত প্ৰকাশিত৷ চাবলৈ ইয়াত ক্লিক কৰক৷

Sunday, 17 March 2013

চৰাই চিনো আহক


কইম্ব’টোৰত হোৱা চৰাইৰ গৱেষণা বিষয়ক এখন কনফাৰেন্সত ছেলিম আলিৰ ভতিজাক ৰ’ফ আলি (Rauf Ali) য়ে তেওঁৰ বক্তৃতাৰ আৰম্ভণিতে কৈছিল যে পক্ষী বিষয়ক গৱেষণা কৰা লোকক সততে এটা প্ৰশ্ন সোধা যায়৷ প্ৰশ্নটো হ’ল, “আপুনি কেতিয়াৰ পৰা পক্ষী নিৰীক্ষণ (Bird-watching) কৰিবলৈ ল’লে?” তেওঁৰ মতে প্ৰকৃততে প্ৰশ্নটো ইয়াৰ ওলোটাহে হ’ব লাগে৷ কাৰণ শৈশৱত আমি প্ৰত্যেকেই জ্ঞাতে বা অজ্ঞাতে পক্ষী নিৰীক্ষণ কৰোঁ৷ ৰং-বিৰঙী চৰাই, সিহঁতৰ কিচিৰ-মিচিৰ মাত-কথাই আমাৰ শৈশৱৰ একাল ৰঙীণ কৰি ৰাখে৷ তাৰোপৰি বয়স নিৰ্বিশেষে চৰাইৰ দৰে উৰিব খোজাৰ হেঁপাহে আমনি নকৰা লোক খুবেই কম ওলাব৷ উদাহৰণস্বৰূপে ব্যক্তিগতভাৱে, শৈশৱৰ স্মৃতি বুলি ক’লে অন্য হাজাৰটা কথাৰ লগতে মোৰ মনলৈ আহে পুৱা শুই উঠিয়ে কেনেবাকৈ অকলশৰীয়াকৈ শালিকা দেখিলে দিনটো বেয়াকৈ যোৱাৰ ভয়ত যোৰ পাতিবলৈ আৰু এটা শালিকা বিচাৰি চলাথ কৰা, বাৰিষা ঘৰৰ ওপৰেদি উৰি যোৱা গঙাচিলনীটোৱে বানপানী অহাৰ বতৰা দিছে বুলি শংকিত হৈ পৰা, আকাশেদি উৰি যোৱা বগলীহালক ‘বগলী বগা ফোঁট দি যা, দি যা’ বুলি কাবৌ কৰা ইত্যাদি স্মৃতিবোৰ৷ তাৰোপৰি পুৱাতে ৰুণ দি দি চাউল খুজি থকা কপৌহালক সন্তুষ্ট কৰা, ঘৰৰ মুধচৰ ফাঁকত কূটা কঢ়িয়াই কঢ়িয়াই বাহ সঁজা ঘৰচিৰিকা হালৰ লগত কটোৱা সময়বোৰৰ কথা নক’লোৱে বা!

কিন্তু বয়সৰ লগে লগে নানা ব্যস্ততাই বা জটিলতাই আমাক প্ৰকৃতিৰ এই মনোমোহা ৰাজ্যখনৰ পৰা আঁতৰাই আনে৷ আমি হেৰাই যাবলৈ বাধ্য হওঁ এখন যান্ত্ৰিক পৃথিৱীত৷ সেয়ে ৰ’ফ আলিয়ে কৈছিল, আমি প্ৰত্যকেই আচলতে সুধিব লগীয়া প্ৰশ্নটো হ’ল, “ আমি কেতিয়াৰ পৰা পক্ষী নিৰীক্ষণ কৰিবলৈ এৰিলো?’’ সঁচা কথা, এইখন প্ৰতিযোগিতাৰ পৃথিৱী৷ ইয়াত কাৰো অন্য একো ভৱাৰ সময় নাই ৷ কিন্তু তথাপিও আমি হৃদয়ৰ একোণত সেই নিভাঁজ আমেজকণ সাঁচি থওঁ চিৰদিনলৈ কাৰণ আমিও প্ৰকৃতিৰেই এটা অংশ ৷ সেইবাবেই হয়তো আমাৰ মনটোৱে যেতিয়া অকণমাণো জিৰণি লোৱাৰ কথা ভাৱে, আমি ব্যাকুল হৈ পৰো এই আধুনিক বিশৃংখল পৃথিৱীৰ পৰা আতঁৰি আৰণ্যক নিৰ্জনতাৰ মাজত ডুব গৈ মনটোত শান্তি দিবলৈ৷ আৰু সেইবাবেই সুবিধা পালেই আমি অভয়াৰণ্য-ৰাষ্ট্ৰীয় উদ্যান সমূহলৈ যাওঁ, নতুন বছৰৰ ভোজ খাওঁ কোনোবা নদীৰ পাৰত অৰণ্যত, চেষ্টা কৰো ব্যস্ত জীৱনৰ কেইটামান মূহূৰ্ত প্ৰকৃতিৰ সৌহাৰ্দ্যত কটাই নিজকে প্ৰাণোচ্ছল কৰি তুলিবলৈ৷

যদি আপুনিও এনে এজন প্ৰকৃতিৰ মাজত থাকি ভালপোৱা ব্যক্তি, একান্ত মনেৰে বিচৰা স্বত্বেও বহুসময়ত আধুনিক জীৱনৰ নানা লেঠাত পৰি প্ৰকৃতিৰ কোলাত মনটো অকণমান সতেজ কৰি তোলাৰ হেঁপাহকণ অৱদমিত কৰি ৰাখিবলৈ বাধ্য হয়; তেন্তে আপোনালৈ এটা সুখৱৰ আছে৷ আপুনি জানেনে, আপুনি য’তেই নাথাকক নিজৰ আশে পাশে থকা ঠাইতে আপুনি সেই হেৰাবলৈ ধৰা আমেজকন ল’ব পাৰে ৷ ইয়াৰ বাবে বহুতো উপায় থাকিব পাৰে৷ কিন্তু শেহতীয়া ভাৱে আটাইতকৈ জনপ্ৰিয় হৈ উঠা এনে এটা উপায় হৈছে পক্ষী নিৰীক্ষণ৷ উৰিব পৰাৰ বাবে আৰু সময়ৰ লগে লগে বাঢ়ি অহা নগৰ অঞ্চল সমূহত নিজকে সফলভাৱে অভিযোজিত কৰিব পৰাৰ বাবে চৰায়ে বিশ্বৰ প্ৰায় সকলো ঠাইতে বিস্তৃতি লাভ কৰিছে৷ সেয়ে আমি য’তেই নাথাকো , সকলো ঠাইতে চৰায়ে মানুহৰ আশে পাশে প্ৰকৃতিৰ সেই বিনন্দীয়া জগত খন কঢ়িয়াই লৈ যায়৷ অৱশ্যে এনে বহুতো প্ৰজাতি আছে যি কেৱল অৰণ্যতহে বাস কৰে- মুকলি বা মানুহ থকা ঠাইত এইবোৰ চৰাই সাধাৰণতে দেখা নাযায়৷ তথাপিও আপুনি নিজৰ আশে পাশেই চাব পৰা বহুতো নানাৰঙী চৰায়ে আছে৷ এবাৰ এই পক্ষী নিৰীক্ষণৰ কামটো আৰম্ভ কৰকচোন৷ দেখিব লাহে লাহে এইটো আপোনাৰ প্ৰিয় হবী হৈ পৰিব৷ 


নাচনী চৰাই; ফটোৰ উৎস-orientalbirdimages.org 

নতুন শিকাৰুৰ বাবে এটা নতুন চৰাই চিনাক্ত কৰাৰ সমান আনন্দ একোৱে হ’ব নোৱাৰে৷ যদি আপুনিও এই আনন্দ আৰু প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰিব বিচাৰিছে তেন্তে আজিৰ পৰাই আৰম্ভ কৰক৷ প্ৰথম আৰম্ভ কৰোতে দুটামান বস্তু যোগাৰ কৰি ল’ব পাৰিলে আপোনাৰ সহায় হ’ব৷ যেনে ধৰক, এখন নোটবুক- য’ত আপুনি দেখা চৰাইৰ নাম, সংখ্যা লিখিব পাৰে৷ নাম নাজানিলে কেৱল আপুনি দেখা বৈশিষ্ট্য কেইটা (কিমান ডাঙৰ-চিনাকি চৰাইৰ লগত তুলনা কৰি, যেনে-ঘৰচিৰিকা, শালিকা নে কাউৰীটোৰ সমান?, ঠোঁটতো দীঘলীয়া নে চুটি, কি ৰঙৰ, ডেউকা দুখনৰ ৰং কেনে? ঠেং দুখন? ইত্যাদি)৷ আৰু যদি মাজে সময়ে ছবি অঁকাৰ অভ্যাস আছে তেন্তেতো খুবেই বঢ়িয়া৷ আপুনি যেনেকৈ দেখিছে সেয়া পিছত চাই বুজিব পৰাকৈ স্কেছ এটাকে আঁকি থব পাৰে৷ তেনে স্কেচ্ছ এটা বহুত ভাল কিবা হোৱাৰ প্ৰয়োজন নাই৷ চৰাইটোৰ সহজতে চকুত পৰা বৈশিষ্ট্য সমূহ পিছত চিনিব পাৰিলেই যথেষ্ট৷ লগতে নোটবুকত চৰাইটো দেখাৰ তাৰিখ আৰু সময় লিখিবলৈও নাপাহৰিব৷ অন্য কিবা বিশেষ তাৎপৰ্য্যপূৰ্ণ ব্যৱহাৰ যেনে- নেজডাল ফেন খনৰ দৰে মেলি মেলি দিছে নেকি ( যিটো সততে দেখা পোৱা নাচনী চৰাই, White throated Fantail ৰ অন্যতম বৈশিষ্ট্য) বা নেজডাল একেৰাহে পথালিকৈ লৰাই আছে নেকি (বালিমাহী বা Wagtail গোটৰ চৰাইৰ বৈশিষ্ট্যপূৰ্ণ ব্যৱহাৰ) অথবা মাতটোৰ বিষয়েও লিখি ৰাখিব পাৰে৷ এইবোৰেও চৰাইৰ চিনাক্তকৰণত বহুত সহায় কৰিব পাৰে৷ কেমেৰা থাকিলে আপুনি থাউকতে এখন ফটোও তুলি ৰাখিব পাৰে৷ 

দ্বিতীয়তে, যদি দূৰৈৰ চৰাই ভালকৈ চাব বিচাৰে তেন্তে আপোনাক এটা বাইন’কুলাৰৰ প্ৰয়োজন হ’ব৷ আজিকালি যথেষ্ট সস্তাতে একোটা ভাল বা কাম চলিব পৰা বাইনকুলাৰ কিনিবলৈ পোৱা যায়৷ তেনে এটা সুবিধা হ’লে লৈ লওক৷ বৰ্তমানৰ বাইন’কুলাৰ সমূহৰ ভিতৰত নিকন, অলিম্পাছ আদি কোম্পানীৰ বাইন’কুলাৰ খুবেই জনপ্ৰিয়৷

চৰাই চিনাৰ বাবে সহায়ক ফিল্ড গাইড বুক

এবাৰ এটা নতুন চৰাই দেখাৰ পিছত আপুনি জানিব বিচাৰিব সেইটো কি চৰাই৷এইক্ষেত্ৰত আপোনাক বিভিন্ন ফিল্ড গাইডবুক সমূহে সহায় কৰিব পাৰে৷ অথবা চৰাইৰ বিষয়ে জনা কোনোবা ব্যক্তিৰো সহায় ল’ব পাৰে৷ এনে কিতাপ সমূহত চৰাইৰ চিনাক্তকৰণত সুবিধা হোৱাকৈ প্ৰধান বৈশিষ্ট্যবোৰ চিত্ৰৰ সৈতে লিখা থাকে৷ লগতে আপোনাৰ সহায়ক হোৱাকৈ প্ৰত্যেকটো চৰাইৰ বিস্তৃতি সম্পৰ্কে মেপো থাকে৷ সততে পাব পৰা এনে দুখনমান গাইড বুক হৈছে, “A Field Guide to the Birds of the Indian Subcontinent” , লেখক- Krys Kazmierczak আৰু “ Birds of the Indian Subcontinent”, লেখক- Richard Grimmett, Carol Inskipp, Tim Inskipp ৷আমাৰ অসমৰ চৰাই সম্পৰ্কীয় এখন খুউব তথ্যসমৃদ্ধ কিতাপ হৈছে আনোৱাৰোদ্দিন চৌধুৰীৰ ‘Birds of Assam’৷ কিন্তু শেহতীয়াকৈ এই কিতাপখনৰ নতুন প্ৰিন্ট বজাৰত উপলব্ধ হৈ থকা নাই৷ 

পক্ষী নিৰীক্ষণৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে৷ প্ৰথম কথা, ই কম-খৰচী৷ একেবাৰে কম বাজেটতে এই কাম কৰিব পৰা যায়৷ ইয়াৰ বাবে কেৱল প্ৰয়োজন ভাল দৃষ্টিশক্তি আৰু চৰাইৰ প্ৰতি আগ্ৰহ৷ ই মন সতেজ কৰাৰ লগতে চৰাই আৰু প্ৰকৃতিৰ বিষয়ে জনাতো সহায়ক হয়৷ প্ৰতিদিনেই কিছুমান নতুন প্ৰজাতিৰ চৰাই দেখাৰ উপৰিও নতুন নিৰীক্ষক এগৰাকী চৰাইৰ খাদ্য, আচৰণ, পৰিভ্ৰমণ আদিৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে৷ তাৰোপৰি কোনবোৰ চৰাই সাধাৰণতে কেনে বাসস্থানত দেখা পোৱা যাব পাৰে সেইবিষয়েও জানিব পাৰে৷ ৰং বিৰঙী চৰাইবোৰ কেমেৰাৰ লেনছত ধৰি ৰখাৰ চেষ্টাই কাৰোবাক আকৌ ফটোগ্ৰাফীতো আগ্ৰহী কৰি তোলে৷ গতিকে পক্ষী নিৰীক্ষণেৰে আৰম্ভ হৈ এজন ব্যক্তি পৰ্য্যায়ক্ৰমে ফটোগ্ৰাফী, ভ্ৰমণ আদিতো আগ্ৰহী হৈ উঠে৷ আপুনি ইচ্ছা কৰিলে নিজৰ ফুলনি বা বাৰীতে বহুতো চৰাই দেখা পাব পাৰে৷ ইয়াৰ কোনো বয়সো নাই৷ পেন্দুকণাটোৰ পৰা আলৰবৃদ্ধ এজনেও সহজতে এই হবী গঢ়ি তুলিব পাৰে আৰু বিশেষ কষ্ট নকৰাকৈয়ে ইয়াৰ আমেজ ল’ব পাৰে৷ সেইবাবেই বৰ্তমান পক্ষী নিৰীক্ষণ এটা অতিকৈ জনপ্ৰিয় হবী হৈ পৰিছে৷ আগতে নিচিনা চৰাই এটা অকণমান চেষ্টা কৰি আপুনি প্ৰথমবাৰ যেতিয়া চিনাক্ত কৰিব, তাৰ আনন্দই সুকীয়া হয়৷ তেন্তে আহক, আমি চৰাই চিনো আৰু নতুনকৈ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ উপভোগ কৰোঁ৷


সাহিত্য ডট অৰ্গৰ এপ্ৰিল সংখ্যাত প্ৰকাশিত

Thursday, 9 June 2011

বৰষুণ

আবতৰীয়া বৰষুণ এজাকে জুৰুলি জুপুৰিকৈ তিয়াই পেলালেহি সন্ধ্যাৰ পৃথিৱীখন
গোমা আকাশ খণ্ড-বিখণ্ড কৰি চমকাই তুলিলে বিজুলীৰ ৰেখাবোৰে
আকাশ খনে গৰজিয়ে থাকিল অবিৰত
ধূলিৰ আৱৰণ ভেদি হৃদয়ৰ আলি-পদূলিত চিনাকি মাটিৰ সুৰটো উভতাই ননালৈকে!

Saturday, 20 September 2008

তুমি অহাৰ কথা আছিল

 
তুমি অহাৰ কথা আছিল
ব্যাকুল প্ৰতীক্ষাই ধুৱাই নিয়া বাটটোৰে
এবুকু অবুজ হাহাঁকাৰ সামৰি ল'বলৈ আলফুলে
আউসীৰ চোতালত মুঠি মুঠি জোনাক সিঁচিবলে
 
তুমি অহাৰ কথা আছিল


 
আকাশচুম্বী এপার্টমেন্টৰ সলনি
তোমাক আদৰাৰ কথা আছিল
ৰঙা কৃষ্ণচূড়াৰ ঠিকনাৰে
সুগন্ধি বাটটোৰে দুয়ো একেলগে
অলপ খোজকঢ়াৰ কথা আছিল
দুটিমান নীৰৱ মুহুর্ত্ত
মৌনতাৰে মুখৰ কৰি তোলাৰ কথা আছিল
দুয়ো একেলগে আওঁৰোৱাৰ কথা আছিল
এটা মংগলময় প্ৰার্থনা
 
তুমি অহাৰ কথা আছিল
কাৰণ আহিম বুলি তুমি কথা দিছিলা
 
এতিয়া ইয়াত উদাসী সুৰ
কৃষ্ণচূড়া বিৱর্ণ অকলশৰীয়া
মর্মাহত অপেক্ষাৰ বাট
সকলোৰে আঁৰত
শব্দময় হৃদয়ৰ সজল মৌনতা
তুমি যে নাহিলা
তুমি যে নাহিলা।

Monday, 28 July 2008

মানাহত হৃদয়ৰ বৰষুণ


(এক)

এটা সৰু কোঠা৷ নিশ্চিদ্ৰ অন্ধকাৰ আৰু নিৰ্জনতাই গিলি থৈছে কোঠাটোক ৷ সেই কোঠাটোৰে চেঁচা মজিয়াত উদভ্ৰান্তৰ দৰে পৰি আছে মানসী৷ ঘোপমৰা অন্ধকাৰত তাই নিজকে চিনিব পৰা নাই৷ অখণ্ড নিৰ্জনতা ভংগ কৰি চিঞৰি উঠিবলৈকো সাহস হেৰুৱাই পেলাইছে তাই কিবা এক অজান আশংকাত৷ মনটো যেন অসাৰ হৈ গৈছে৷ ক’ত আছে- কিয় আছে সেইবোৰ একোকে চিন্তা কৰিব পৰা নাই তাই৷ কিমান সময় তেনেদৰে পৰি ৰ’ল মানসীয়ে ক’ব নোৱাৰে, হঠাতে তাই কাৰোৱাৰ খোজৰ শব্দ শুনা পাইছে৷ শব্দটো ক্ৰমাৎ কোঠাৰ কাষ চাপি আহিছে৷ এয়া-একমাত্ৰ দুৱাৰখনেদি পোহৰৰ ক্ষীণ ৰশ্মি এটা কোঠাটোৰ ভিতৰলৈ সোমাইছে৷ এটা চেপা আৰ্তনাদ কৰি দুৱাৰখন লাহেকৈ মেল খাইছে৷ ক্ৰমান্বয়ে পোহৰ ৰশ্মিটোৰ আকাৰ বাঢ়ি আহিছে৷ বহুপৰ অন্ধকাৰত থকাৰ বাবেই কিজানি উজ্জল পোহৰত তাইৰ চকুযোৰ স্বত:স্ফুৰ্তভাৱে মুদ খাই গৈছে৷ কিন্তু মনে মনে শিহৰিত হৈ উঠিছে তাই উদ্ধাৰৰ আশাত৷ সঁচাকৈ তাইক উদ্ধাৰ কৰিবলৈ কোনোবা আহিছে৷ দুবাহুত ধৰি জোকাৰি দিছে তাইক কাৰোৱাৰ দুখন হাতে৷ মানসীয়ে জোৰকৈ দুচকু মেলি দিলে৷ কিন্তু এয়া কি? তাইৰ দুবাহুত ধৰি এয়াচোন ৰীমাহে৷ সেই অন্ধকাৰ কোঠাটোৰ পৰিৱৰ্ত্তে তাই দেখোন পুৱাৰ পোহৰেৰে আলোকিত এটি কোঠাৰ বিছনাত৷

“কি হ’ল? মোলৈ ট ট কৈ চাই আছ যে?”-ৰীমাই ক’লে৷
“ মানে…….”- মানসীয়ে থতমত খালে৷
“সপোন দেখিলি?”
“ অ’৷” –মানসীয়ে সপোনটো ভালকৈ মনত পেলাবলৈ চেষ্টা কৰিলে৷

“সপোন বাদ দে এতিয়া৷ দিঠকলৈ আহ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আছো আমি৷ সপোন দেখি দেখি শুই থাকিলে আমাৰ এইটো শিক্ষামূলক ভ্ৰমণ নহৈ স্বপ্নৰাজ্য ভ্ৰমণহে হ’বগৈ, বুজিছনে?”

নিজৰ কথাতে ৰস পাই ৰীমাই সশব্দে হাঁহি উঠিল৷ মানসীয়ে গুৰুত্ব নিদিয়া যেন দেখুৱাই বিছনাৰ পৰা নামিল৷ কোঠাৰ এচুকত খেলিমেলিকৈ থোৱা এয়াৰ বেগবোৰৰ পৰা তাই নিজৰটো উলিয়াই আনিলে আৰু কিবা এটা বিচাৰিবলৈ ধৰিলে৷ অলপ সময়ৰ ভিতৰতে টুথপেষ্ট, ব্ৰাছ আৰু টাৱেলখন উলিয়াই তাই ব্ৰাছ কৰিবলৈ লাগি গ’ল৷ 

“মানসী, এই শব্দটো শুনিছনে?”- ৰীমাই ক’লে৷

ব্ৰাছ কৰা বন্ধ কৰি ক্ষন্তেক ৰৈ মানসীয়ে শব্দটো ভালকৈ শুনিবলৈ চেষ্টা কৰিলে৷ পানীৰ প্ৰচণ্ড হোহোৱনিৰ শব্দ৷ যিমান উৎসাহেৰে তাই ব্ৰাছ কৰিবলৈ আৰম্ভ কৰিছিল তাতকৈ দুগুণ হতাশাৰে বেচিনত মুখ ধুলেগৈ৷ কালি নিশা মাত্ৰ সিহঁতৰ বাইশজনীয়া কলেজীয়া দলটো আহি পাইছেহি৷ আজি পুৱাই যদি এনেকৈ কলহৰ কাণে ঢলা বৰষুণ দিবলৈ হয়, তেন্তে সকলোৰে আশাত চেঁচাপানী পৰিব৷

“ক আকৌ৷”- ৰীমাই সুধিলে
“কি?”
“কিহৰ শব্দ এইটো?”
“বৰষুণ দিছে৷” - অলপ বিৰক্তিৰে ক’লে মানসীয়ে৷ ৰীমাৰ হাঁহিৰে উজ্জল মুখখন দেখি তাইৰ খঙো উঠিল৷ পিছে ৰীমাৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই৷ মানসীৰ কথা শুনি তাইৰ হাঁহিটো আৰু অলপ বহল হৈহে গ’ল৷ ‘ব’ল’ বুলি একপ্ৰকাৰ জোৰ কৰিয়েই মানসীক বাহিৰলৈ টানি লৈ আহিল৷

বাৰাণ্ডাত ভৰি দিয়ে মানসী বিস্ময়াভূত হৈ পৰিল৷ ইয়াততো এটোপালো বৰষুণ নাই৷ বৰং উজ্জল ৰ’দাল ৰাতিপুৱা এটাৰহে সম্ভাৱনাহে প্ৰকট হৈ পৰিছে৷ অথচ শব্দটো তাই দেখোন এতিয়াও শুনি আছে৷ একমুহূৰ্তৰ বাবে তাইৰ সন্দেহ হ’ল৷ এয়া পুনৰ অন্য এক সপোন নহয়তো! ৰীমালৈ চোৱাত তাই খিলখিলাই হাঁহি উঠিল৷ একো নকৈ তাই আগবাঢ়ি গ’ল৷ মানসীয়ে কৌতুহলী হৈ তাইৰ পিছ ল’লে৷

এটা সৰু টিলাৰ ওপৰত সিহঁত থকা দুই মহলীয়া ট্যুৰিষ্ট বাংল’টো৷ বাৰাণ্ডা আৰু সৰু চোতালখন পাৰ হৈয়ে এঢলীয়াকৈ তললৈ নামি যোৱা চিৰি৷ সেই চিৰিত ভৰি দিয়ে মানসীয়ে দেখিলে ট্যুৰিষ্ট বাংল’ৰ নিচেই কাষেদি প্ৰচণ্ড শব্দ কৰি দক্ষিণলৈ বৈ গৈছে এখন তীব্ৰবেগী পাহাৰীয়া নৈ৷ পূবৰ আকাশত ডাৱৰ ফালি সূৰুযৰ কিৰণ সিঁচৰিত হৈ পৰিছে৷ চাৰিওফালে গভীৰ অৰণ্য৷ সেউজীয়াৰ অপূৰ্ব সমাহাৰ৷ চিনাকি অচিনাকি অনেক চৰাইৰ মাত৷ যেন সকলো মিলি স্বাগতম জনাইছে সিঁহতক এই প্ৰাচুৰ্যময় পৃথিৱীখনলৈ৷

দুয়ো উল্লাসিতভাৱে নৈৰ পাৰলৈ ঢাপলি মেলিলে৷ সৰু-বৰ শিলবোৰ বগাই গৈ নৈৰ পাৰ পালেগৈ সিহঁত৷ বিজিত, পৰাণ, জুৰি, সৌৰভ, মৃদুল সকলো ইতিমধ্যে তাৰ পাইছিলগৈ৷ মানসী আৰু ৰীমাক দেখি সিহঁতে চিঞৰি উঠিল৷ আগদিনাৰ দীঘলীয়া ক্লান্তিকৰ যাত্ৰাৰ কোনো অৱশেষ নাই সিহঁতৰ দেহ-মনত৷ কোনোবাই পানী ছটিয়াইছে, কোনোবাই ইটোৰ পৰা সিটো শিললৈ জপিয়াইছে, কোনোবাই আকৌ ঢৌবোৰ চাই চাই আত্মহাৰা হৈ পৰিছে৷ মানসী আগবাঢ়ি গৈ লাহেকৈ পানীত ভৰিখন দিয়ে শিয়ঁৰি উঠিল৷ ইমান চেঁচা! স্ফটিকৰ দৰে ফটফটীয়া পানী৷ প্ৰচণ্ড বেগত আহি ঢৌবোৰে শিলে শিলে খুন্দা খাইছে ৷ তীব্ৰ খলকনি তুলি পুনৰ আগবাঢ়ি গৈছে পূৰ্বতকৈ অধিক বেগেৰে৷ মানসীৰ এনে লাগিল যেন নৈখনে আনন্দত কথা ক’ব ধৰিছে, গীত জুৰিছে সুৱদি কন্ঠেৰে৷…তেন্তে এইখনেই অসম-ভূটান সীমান্তৰে প্ৰবাহিত হৈ থকা বেঁকী নৈ ৷ ছাৰে সিহঁতক মানাহৰ বিষয়ে আভাস দিওঁতে বেঁকী নৈৰ কথাও কৈছিল৷ অৱশ্যে নৈখনে যে অবিৰাম এনেকৈ কথা কয় সেয়া কোৱা নাছিল৷

মানসীৰ হাঁহি উঠিল৷ অলপ আগেয়ে নৈখনৰ এই সুৱদি মাত কথাবোৰকে সপোন-দিঠকৰ মায়াজালত বৰষুণৰ শব্দ বুলি ভুল কৰিছিল তাই৷ এই সপোন-দিঠক, সুখ-দুখ, বুজা-নুবুজাৰ দোমোজাতে মানুহে চাগৈ কিমান ভুল কৰে৷ কিমান কথা, ঘটনা-অঘটনা চাগৈ শুদ্ধ ৰূপত নিচিনাকৈ-নজনাকৈ থাকি যায়! অনুপমলৈ মনত পৰিল তাইৰ৷ অনুপমক জানিলেনে তাই? তাৰ প্ৰকৃত ৰূপটো চিনিলেনে তাই? অনুপম- ঋজু দেহৰ বগাকৈ সেই ল’ৰাটো৷ সাধাৰণ বেশভূষাৰে অন্য দহজনৰ সৈতে মিলি যাব যদিও অনুপমৰ এটা বিশেষত্ব আছিল৷ শিশুসুলভ এক সৰলতাই বৰ সৌন্দৰ্য্যময় কৰি তুলিছিল তাৰ হাঁহিটো৷ হাঁহিটো দেখিলে আনা লাগে যান সেই হাঁহিৰ গৰাকীৰ হৃদয় কেতিয়াও কোনো কলুষতাই স্পৰ্শ কৰা নাই, কাহানিও যন্ত্ৰণাত নীল বৰণীয়া হোৱা নাই সেই হৃদয়! প্ৰথম লগ পোৱাৰ দিনটোৰ পৰা প্ৰায় ডেৰ বছৰ ধৰি এই হাঁহিটোৱে খেদি ফুৰিলে মানসীক৷ সেই ডেৰ বছৰত অসংখ্যবাৰ অনুপমৰ মুখামুখি হ’ল তাই৷ অথচ তাৰ দুচকুত বাঢ়নী পানীৰ দৰে বাঢ়ি অহা ব্যাকুলতা দেখিও তাই অকণো দুৰ্বলতা প্ৰকাশ নকৰিলে৷ মাথোঁ নীৰৱে সহি গ’ল সেই ব্যাকুল দুচকু আৰু নিষ্পাপ হাঁহিৰ আমনি৷

কাৰোৱাৰ চিঞৰত মানসী বাস্তৱলৈ উভতি আহিল৷ ঘূৰি চাই দেখিলে, ছাৰে সকলোকে পুৱাৰ আহাৰৰ বাবে মাতিছে৷ ছে: এই সুন্দৰ পুৱাটোত কি যে কথাবোৰে আমনি কৰিলেহি! নৈখনৰ স’তে কথা পাতিবলৈ আহি নিজৰ সৈতেই কথা পাতি থাকিল দেখোন তাই৷ মানসীয়ে এবাৰ চাই পঠিয়ালে নৈখনলৈ৷ মনতে ক’লে, “বেঁকী, অভিমান নকৰতো?” এইবাৰ পানীৰ শব্দটো খিলখিলনিৰ দৰে লাগিল তাইৰ৷ এইখন পাহাৰীয়া চঞ্চল নৈ৷ দুখ-অভিমান সাঁচি থব নাজানে এই নৈয়ে৷ সকলো ঢৌৰ স’তে উটি গুচি যায় অজান দেশলৈ৷ নিশ্চিত হৈ তাই দৌৰ দিলে ট্যুৰিষ্ট বাংল’লৈ৷ যাওঁতে মনে মনে ভাৱি গ’ল, “ মানুহৰ হৃদয়ো যদি এনে হ’লহেঁতেন!!”


(দুই)
নৱেম্বৰ মাহৰ শেষ ভাগ যদিও বৰ বিশেষ জাৰ পৰা নাই ইয়াত৷ ব্ৰেড-জাম, ফল-মূল আদি খাই পুৱা আঠ বজাতে সিহঁত ট্ৰেকিঙৰ বাবে ওলাল৷ প্ৰতে্যকৰ লগত মজলীয়া জোখৰ একোটা বেগ৷ বেগত কেমেৰা, নোটবুক, কলম আৰু পানীৰ বটল৷ প্ৰথমে ছাৰ, ছাৰৰ পিছে পিছে এজন এজনকৈ শাৰী পাতি সকলো আগবাঢ়িল৷ সিহঁতৰ লগত দুজন ফৰেষ্ট গাৰ্ডও নিৰাপত্তাৰ বাবে গ’ল৷

মথনগুৰি অৰ্থাৎ ট্যুৰিষ্ট বাংল’ থকা ঠাইৰ উত্তৰ দিশত ভূটানৰ অটব্য অৰণ্য৷ তাৰ কাষেদিয়ে দক্ষিণলৈ বৈ গৈছে বেঁকী নৈ৷ বেঁকীৰ এইপাৰে ট্যুৰিষ্ট বাংল’টো৷ বাংল’ৰ পৰা দক্ষিণ-পশ্চিমমুৱাকৈ থকা অৰণ্যলৈ যোৱা বাটটোৰে দলটো আগবাঢ়িল৷ প্ৰায় এক কি: মি: ব্যৱধানত থকা জংৰং আৰু চংৰং সুঁতি দুটা পাৰ হৈ দুইমুখত উপস্থিত হ’লগৈ সিহঁত৷ এই দুইমুখতে জংৰং আৰু চংৰং লগ লাগিছে৷ ইমান বৃহৎ দলটোত কেমেৰাৰ ‘ক্লিক ক্লিক’ৰ বাহিৰে এটাও শব্দ নাই৷ কাৰণ সকলোকে আগতেই সকীয়াই দিয়া হৈছে যে অৰণ্যৰ জীৱ-জন্তুক সিহঁতৰ স্বাভাৱিক বাসস্থানত পৰ্ষবেক্ষণ কৰিবলৈ হ’লে নীৰৱতাই সৰ্বশ্ৰেষ্ঠ পন্থা৷

প্ৰত্যেকৰে সন্ধানী দুচকু চাৰিওফালে ঘূৰি ফুৰিছে নতুন কিবা এটা দেখাৰ আশাত৷ অৱশ্যে সিহঁত বিমুখো নহ’ল৷ প্ৰথম চকু গ’ল পৰাণৰ৷ ওখ ওখ নাম নজনা গছকেইজোপাত জাক জাক বন্দৰ৷ অন্য ঠাইত অন্য সময়ত হোৱা হ’লে সি হয়তো স্ফূৰ্তিতে চিঞৰ দুটামান মাৰিলেহেঁতেন৷ আতিয়া তাৰে নিয়ন্ত্ৰিত ৰূপ হিচাপে সি ঔফুলীয়া হাঁহি এটা মাৰি উত্তেজিত কন্ঠেৰে কিন্তু ফুচফুচাই ছাৰক ক’লে- “ছাৰ ছাৰ, ওপৰলৈ চাওকচোন৷”

ছাৰৰ লগতে সকলোৱে ওপৰলৈ চালে৷ ছাৰে ক’লে,-“এইবোৰ টুপীমূৰীয়া বান্দৰ৷” প্ৰায় দহমিনিটমান সময় সকলোৱে নীৰৱে বান্দৰজাকৰ খেলা উপভোগ কৰিলে৷ তাৰ পিছত ছাৰে কোৱাত অনিচ্ছাস্বতে্বও সকলো আগবাঢ়িল৷ ৰোৱাৰ যে সময় নাই কাৰো৷ এয়া যে অৰণ্য, প্ৰকৃতিৰ ৰাজ্য-ইয়াত খোজে প্ৰতি নতুনত্বৰ সোৱাদ৷

বহুদূৰ সুঁতিৰ কাষেদি বালিত খোজকাঢ়িলে দলটোৱে৷ কেইবাৰো শিলে শিলে জপিয়াই জংৰং সুঁতি পাৰ হ’ল৷ প্ৰথমবাৰ পাৰ হওঁতে পিছল শিলত ভৰি দি জুৰি পানীত পৰিল৷ সশব্দে হাঁহিব নোৱাৰিলেও কোনেও নহঁহাকৈ নাথাকিল৷ পিছৰবাৰত এজন এজনকৈ পিছলিল বিজিত, মানসী আৰু একেবাৰে শেষত পৰাণ৷ গোটেইটো পানীত তিতি জুৰুলি-জুপুৰি হৈ পৰাণে ক’লে- “এহ- শিলবোৰ বৰ পিছল অ’৷ এইবাৰো সকলোৰে হাঁহিয়ে নিয়ন্ত্ৰিত ৰূপ ল’লে৷

তেনেকৈয়ে এক কি:মি: মান গৈ সিহঁত জ্ঞাতি কেম্প পালেগৈ৷ তিতা কাপোৰ গাতে শুকালে- তালৈ কাৰো ভ্ৰূক্ষেপ নাই৷ বালিত সিহঁতে চিনাকি-অচিনাকি অনেক জন্তুৰ খোজৰ চিন পালে৷ ছাৰে সিহঁতক দেখুৱাই দিলে তাৰে কোনবোৰ বাঘৰ, কোনবোৰ বনৰীয়া ম’হ বা নলগাহৰিৰ৷ জ্ঞাতিৰ পৰা সিহঁতৰ উভতনি যাত্ৰা আৰম্ভ হ’ল৷ কি যে প্ৰচণ্ড উৎসাহত অকণো জিৰণি নোলোৱাকৈ প্ৰায় বাৰ কি:মি: বাট খোজকাঢ়িলে সেয়া শিহঁতে নিজেই ক’ব নোৰাৰিলে৷ হয়তো মানাহৰ ইতিহাস শুনি শুনি তাৰে বৰ্তমান নিজ চকুৰে পৰ্যবেক্ষণ কৰি অভিভূত হৈ পৰিছিল সিহঁত৷ আশীৰ দশকত উগ্ৰপন্থীৰ সক্ৰীয় ঘাটী হৈ পৰাত মানাহৰ সমগ্ৰ আন্ত:গাঁঠনিৰ বিস্তৰ ক্ষতি হয়৷ সেই ক্ষতিপূৰণ এতিয়াও সম্পূৰ্ণকৈ হৈ উঠা নাই৷ বন্যকৰ্মীৰ নিৰলস প্ৰচেষ্টাতহে প্ৰকৃতিৰ অপূৰ্ব লীলাভূমি মানাহে আজি জীয়াই থকাৰ সপোন দেখিছে৷

ভৰ দুপৰীয়া ট্যুৰিষ্ট বাংল’ পালেহি মানসীহঁত৷ বাংল’ৰে কৰ্মচাৰী কালাচান, জয়, বীৰবলহঁতৰ উদ্যোগত ৰন্ধা-বঢ়া ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছিল৷ প্ৰতে্যেকেই নিজৰ বাবে বাচন-বৰ্তন লৈ গৈছিল৷ অন্য কোনো বিকল্প ব্যৱস্থাই প্ৰাকৃতিক পৰিৱেশ দূষিত কৰাৰ আশংকাতেই এই সতৰ্কতা লোৱা হ’ল৷ এটা দীঘলীয়া শাৰী৷ প্ৰত্যেকৰে হাতত থাল৷ দুজনমানে ভাত-দাইল বিলাইছে, দুই-একে ঠাট্টা মস্কৰা কৰিছে৷ সৰু সৰু কথাতে সকলোৱে গৰ্জনি মাৰি হাঁহিছে৷

মনটো এনেয়ে ভাল লাগি গ’ল মানসীৰ৷ কেতিয়াও এনে পৰিৱেশ পোৱা মনত নপৰে তাইৰ৷ ব্যৱসায়ী দেউতাক আৰু সমাজসেৱিকা মাক নিজৰ ক্ষেত্ৰতে অতি ব্যস্ত৷ আধুনিক জীৱনৰ যান্ত্ৰিকতাত ৰং হেৰুৱাই পেলোৱা এটা শৈশৱ পাৰ কৰি আহিছে মানসীয়ে৷ সেয়ে সৰুৰে পৰা তাই নিসংগতাপ্ৰিয়৷ সামাজিক অনুষ্ঠানবোৰৰ পৰাও পৰাপক্ষত আঁতৰি থাকে তাই৷
“জলকীয়া দিওঁ?”- বিজিতে সুধিলে৷
“হা-অ’ দিয়া৷”- মানসীৰ সম্বিৎ ঘূৰি আহিল৷

ট্যুৰিষ্ট বাংল’ৰ সন্মুখৰ বিস্তৰ ঘাঁহনিৰ অ’ত-ত’ত বহি খাবলৈ আৰম্ভ কৰিছিল সকলোৱে৷ মুকলি আকাশৰ তলত প্ৰকৃতিৰ কোলাত বহি খোৱাৰ আমেজ যেন মানসীয়ে আজিহে অনুভৱ কৰিলে৷ টিলাটোৰ পৰা তললৈ নামি যোৱা চিৰিত ৰীমা আৰু তাই বহিলগৈ৷ সিহঁতক দেখি জুৰি, মৃদুল, সৌৰভহঁতো আহিল৷ সন্মুখত বেঁকী নৈ৷ সিপাৰে গভীৰ অৰণ্য৷ চহৰৰ যান্ত্ৰিক কোলাহল, গতানুগতিক ব্যতিব্যস্ত জীৱনৰ পৰা বহু আঁতৰত এয়া যেন কোনোবা তপস্বীৰ শান্তি আশ্ৰমহে৷ মানসীৰ মনৰ ভাৱ চুৰ কৰি পঢ়িয়েই হয়তো ৰীমাই উচ্ছাসেৰে কৈ উঠিল৷

“ আস! কি যে সুন্দৰ পৰিৱেশ৷ ইয়াতে যদি থাকি যাব পাৰিলোহেঁতেন!”

“হয়নে? পিছে থকাৰ বন্দোবস্ত কৰিলে কেৱল নিজৰ বাবেই নকৰিবি৷ সৌৰভৰ কথাও চিন্তা কৰিবি৷”-বিজিতে ক’লে৷

ৰীমা আৰু সৌৰভৰ পৰস্পৰৰ প্ৰতি থকা দুৰ্বলতাৰ কথা সিহঁতৰ কাৰোৰে অবিদিত নহয়৷ সেয়ে সুবিধা পাই বিজিতে খোঁচটো মাৰিলে৷ এফালে পাহাৰীয়া জুৰিৰ দৰে প্ৰাণোচ্ছল ৰীমা আৰু অন্যফালে বয়সৰ হিচাপত অত্যাধিক গম্ভীৰ, অন্তৰ্মুখী সৌৰভ- দেখাত দুটা বিপৰীত মেৰু যেন লাগে৷ কিন্তু তাৰ মাজত যে এক অদৃশ্য চুম্বক আছে সেয়াও সঁচা৷ অৱশ্যে অজ্ঞাত কাৰণত সেই চুম্বক এতিয়াও দৃশ্যমান হৈ উঠা নাই৷ সেয়ে ৰীমাই বিজিতক কৃত্ৰিম দাবী দিলে, “বিজিত, মজা পাবি কিন্তু৷”

তাইৰ কথাষাৰ শেষ হ’ল কি নহ’ল, মৃদুলৰ আৰ্ত্তনাদ শুনা গ’ল, “ নিলে নিলে ঐ মোৰ মাছটুকুৰা৷” লগে লগে ভাতৰ থাল লৈয়ে পৰাণৰ দৌৰ৷ পিছে পিছে মৃদুল৷ অলপ সময়ৰ পিছত দুয়ো ঘুৰি আহিল৷ মৃদুলৰ মূকত বিজয়ীৰ হাঁহি৷ ক’লে-“আধাটুকুৰা পালো৷”

মানসীয়ে বেছ উপভোগ কৰিলে এই নিৰ্দোষ ধেমালিবোৰ৷ ইয়াৰ আগলৈকে ৰীমাৰ বাহিৰে অন্য কাৰোৰে সৈতে বিশেষ ঘনিষ্ঠতা নাছিল তাইৰ৷ কলেজত প্ৰায়ে তাই বন্ধু-বান্ধৱৰ সংগ এৰাই ফুৰে৷ কাৰো স’তে মনৰ অনুভৱবোৰ ভাগ-বতৰা কৰিব নোখোজে তাই৷ প্ৰকৃততে একধৰণৰ আত্মাভিমান গঢ় লৈ উঠিছিল তাইৰ মনত৷ এই অহংকাৰৰ বাবেই ডেৰ বছৰ হৃদয়ৰ সমস্ত ব্যাকুলতা লুকুৱাই প্ৰতিক্ৰিয়াহীন হৈ ৰৈছিল তাই অনুপমৰ আগত৷ আহো আহো কৰি থকা বৰষুণজাকক বাট ভেটি ধৰি ভাৱিছিল, সেইজাক বৰষুণত অনুপমৰ সৈতে কেতিয়াও একেলগে নিতিতে তাই৷ মাথোঁ স্মৃতিৰ জোলোঙাত সংগোপনে সাঁচি থব ডাৱৰে ওন্দোলাই অনা এখন আকাশৰ কথা৷ ভবামতে নহ’ল৷ বাৰিষাৰ প্ৰথমজাক বৰষুণক কোনোবাই বাধা দি ৰাখিব পাৰে জানো? 


(তিনি)

সিদিনাই আবেলি এঘন্টামান জিৰণি লোৱাৰ পিছত সকলো পুনৰ ট্ৰেকিঙত ওলাল৷ মানাহৰ পূব দিশে ট্যুৰিষ্ট বাংল’ৰ কাষেৰে যোৱা বাটটোৰে দলটো আগবাঢ়িল৷ এঘন্টামান খোজকাঢ়ি গৈ সিহঁত ভাৰত-ভূটান সীমান্ত পালেগৈ৷ তাৰ পৰা বিশফুটমান তলেদি বৈ গৈছে বেঁকী৷ পাৰলৈ নামি যোৱা লুংলুঙীয়া বাটটো একেবাৰে থিয় আৰু পিছল৷ বৰ সাৱধানতাৰে খুপি খুপি প্ৰত্যেকেই আগবাঢ়িল৷ এইবাৰ কিন্তু কোনেও পিছল নাখালে৷ ইয়াত অৱশ্যে বেঁকী সেই অবিৰাম কথা কোৱা বেঁকী নহয়৷ ইয়াত বেঁকীৰ শান্ত সৌম্য ৰূপ৷ নাৱেৰে বেঁকী পাৰ হৈ ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানত সিহঁতে ভৰি দিলেগৈ৷ ভূটান ৰজাৰ বাংল’টো পাই দলটো তাতে ক্ষন্তেক ৰ’ল৷ সেই অঞ্চলত ফটো তোলা নিষেধ৷ ঘূৰি পকি চাই সকলোৱে সেয়ে মনৰ কেমেৰাতে বন্দী কৰি ল’লে সেই স্মৃতি৷

ট্যুৰিষ্ট বাংল’লৈ ঘূৰি অহাৰ পিছত গধূলি চাহৰ পৰ্ব৷ জুৰি, বৰ্ণালী, মৃদুলহঁতে চৌকাতে জুই ধৰি চাহ কৰিলে৷ বাকীবোৰেও লাগি ভাগি দিলে৷ ছাৰ কিবা কামত ব্যস্ত হৈ নিজৰ কোঠাতে আছে বুলি গম পাই ৰীমাই ক’লে,

“যাচোন মানসী, ছাৰক চাহকাপ তাতে দি আহগৈ৷”

মানসীয়ে ট্ৰে এখনত চাহ একাপ আৰু প্লেটত ব্ৰেড-জাম লৈ ছাৰৰ কোঠালৈ আগবাঢ়িল৷ দুই মহলীয়া বাংল’টোৰ তলৰ মহলাৰ তিনিটা আৰু ওপৰ মহলাৰ দুটা কোঠা দিয়া হৈছে সিহঁতৰ দলটোক৷ তলৰ মহলাৰ এটাত মানসীহঁত আৰু অন্য দুটাত ল’ৰাকেইজন৷ ছাৰৰ কোঠা ওপৰ মহলাত৷ কিন্তু এতিয়া ওপৰলৈ গৈ মানসীৰ খেলিমেলি লাগি গ’ল৷ ছাৰ বা কোনটো কোঠাত আছে! কাৰোৱাক সুধি ল’বলৈকো বাহিৰত কোনো নাই৷ অনুমানতে তাই এটা কোঠাৰ দুৱাৰত টোকৰ মাৰিলে৷ কোনো সঁহাৰি নাই৷ অলপপৰ ৰৈ আকৌ এবাৰ টুকুৰিয়াবলৈ লওঁতেই দুৱাৰখন খোল খালে৷ দীৰ্ঘদেহী এক যুৱক দুৱাৰমুখত৷ উজ্জল দুচকুৰে কান্তিময় মুখখনত ৰুক্ষ চুলিবোৰ যেন চন্দ্ৰৰ গাত থকা কলংকহে৷ মানসী অপ্ৰস্তুত হ’ল, খৰধৰকৈ ক’লে তাই,

“বেয়া নাপাব৷ মিছাতে আপোনাক আমনি কৰিলো আপোনাক৷ মই এইটো ছাৰৰ কোঠা বুলি ভাৱিছিলো৷”

ল’ৰাজনে প্ৰথমে তাইলৈ আৰু তাৰ পিছত তাইৰ হাতত থকা ট্ৰেখনলৈ চাই মিচিকিয়াই হাঁহিলে৷ ক’লে-

“ইটছ অ’কে৷ তুমি সেই কলেজীয়া দলটোৰ লগত আহিছা, নহয় জানো? তোমালোকৰ ছাৰৰ কোঠা সেই একেবাৰে কাষৰটো৷”

তেওঁক ধন্যবাদ জনাই মানসী ছাৰৰ কোঠালৈ গ’ল৷ সিহঁতৰ দলটোৰ বাহিৰে অন্য কোনোবা বাংল’ত থকাৰ কথাটো সিহঁতে গম পোৱা নাছিল৷ মাথোঁ ভাত খোৱাৰ পৰত কৰ্মচাৰী এজনে বৰ ৰস লগাকৈ কৈছিল পাঁচদিন ঘূৰা-পকাৰ পিছত দুজন বিদেশীয়ে কালি মানাহ এৰাৰ কথা- বৰ আগ্ৰহেৰে হাতলেম্পকেইটাৰ ফটো তোলাৰ কথা৷ ক’তা-এওঁৰ কথাটো কোনেও কোৱা নাই৷

ছাৰক চাহকাপ দি পাকঘৰলৈ উভতি গৈ মানসীয়ে কিবা এটা ভাবিলে৷ আগৰ দৰেই ট্ৰেত চাহ একাপ সজাই তাই ওপৰলৈ আহিল৷ পুনৰ টোকৰ পৰিল সেই অচিনাকি যুৱকৰ দুৱাৰত৷ দুৱাৰ খোলাৰ লগে লগে এইবাৰ অকণো সংকোচ নকৰাকৈ স্মিত হাঁহিৰে মানসীয়ে ক’লে-

“অথনি চাহকাপ আপোনাৰ দুৱাৰমুখৰ পৰাই উভতাই নিলো ৷ বেয়া নাপায় যদি এয়া নতুনকৈ বাঁকি আনিছোঁ-খাব৷”

অপ্ৰস্তুত ভাবটো লুকুৱাই ধন্যবাদ দি চাহকাপ ল’লে তেওঁ৷ তললৈ নামি আহোতেহে মানসীৰ খেয়াল হ’ল, তেওঁনো কোন তাকে নুসুধিলে তাই৷……

নিশাও এটা ট্ৰিপ হ’ল সিহঁতৰ৷ চাৰিটা দলত বিভক্ত হৈ পৃথকে পৃথকে গাড়ীৰে সিহঁত নৈশ অভিযানত ওলাল৷ ঘূৰি আহি প্ৰত্যেকৰে উত্তেজনাপূৰ্ণ বৰ্ণনা৷ গাড়ীৰ সন্মুখতে আহি পৰা শৰপহু, দল-হৰিণ, বনৰীয়া মেকুৰী দেখা পোৱাৰ বৰ্ণনা৷ ঢেঁকীয়াপতিয়া বাঘ দেখা নোপোৱাৰ দুখ এইবোৰে যথেষ্ট পাতলালে৷

নিশা ভাত হোৱালৈকে চোতালতে জুই একুৰা ধৰি ঘূৰণীয়াকৈ সকলো বহিল৷ জুৰি, ৰীমা আৰু পৰাণে সৰু সৰু আলু আনি ৰঙা আঙঠাৰ মাজে মাজে ভৰাই দিলেহি৷ নানা কথাৰ মাজত মানাহৰ কথাই বেছিকৈ পাতিলে সিহঁতে৷ বিজিতৰ কথাৰ পৰা মানসীয়ে গম পালে, তাই আজি লগ পোৱা যুৱকজন কলকাতাৰ পৰা অহা গৱেষক সুমিত ভট্টাচাৰ্য্য৷ বিগত দুটামাহ ধৰি তেওঁ মানাহতে থাকি গৱেষণা কৰি আছে৷ তেওঁৰ লগত ছাৰে কথা পতা দেখিছিল বিজিতে৷ পিছত সি ছাৰক সোধাত ছাৰে তেওঁৰ কথা ক’লে হেনো৷ মানসীয়ে তাৰ কথাবোৰ নীৰৱে শুনি থাকিল৷ কিন্তু তাইৰ যে ইতিমধ্যে সেই সুমিত ভট্টাচাৰ্য্যৰ স’তে দেখা-সাক্ষাৎ হৈ গৈছে সেয়া তাই কাকো নক’লে৷

আড্ডা ইতিমধ্যে জমি উঠিল৷ সকলোৱে সৌৰভক গান গাবলৈ অনুৰোধ কৰিলে৷ সৌৰভে খুউব সুন্দৰকৈ গান গায়৷ প্ৰথমেই সি আৰম্ভ কৰিলে, “এই ধুনীয়া গধূলি লগন…৷” সকলো নিজম পৰিল৷ কি যে এক দৰদী কন্ঠ সৌৰভৰ! এক অজান দুখবোধে স্পৰ্শ কৰি গ’ল প্ৰত্যেকৰে হৃদয়৷ ৰীমাই পোৰা আলু এটা উলিয়াই বাকলি গুচাবলৈ আৰম্ভ কৰিছিল৷ হাতৰ আলু হাততে থাকিল তাইৰ৷ থৰ হৈ চাই ৰ’ল তাই সৌৰভলৈ৷ সি তেতিয়াও আত্মবিভোৰ হৈ গাই আছে৷


প্ৰেম যেন বহুতৰ কটাৰীৰ খেল
শানিত কটাৰীৰ চালে
শন শন শৱদে বুকু ভেদিলে
বাধা দিব কোন কৌশলে……

গান শেষ হ’ল৷ সকলো নীৰৱ-নিথৰ৷ নিৰ্জনতা ভেদি জুৰিয়ে আৱেগেৰে কৈ উঠিল, “এনে গান কিয় গাইছ সৌৰভ?” একো নকৈ সৌৰভে মাথোঁ হাঁহিলে আৰু আৰম্ভ কৰি দিলে অন্য এটা গান৷

“গা গা আজি গাই যা যা এই গীতকে গা……”

তাৰ লগে লগে পৰাণে গাই গাই নাচিবলৈ ধৰিলে৷ বিজিত, বৰ্ণালী, মৃদুলহঁতেও যোগ দিলে৷ পুনৰ সজীৱ হৈ উঠিল পৰিৱেশটো৷ ভাত খোৱাৰ পৰলৈকে সিহঁতৰ মাজত ইটোৰ পিছত সিটোক গানৰ মজলিছ বহি গ’ল৷

দিনটোৰ পৰিশ্ৰমৰ অন্ততো নিশা বহু পৰলৈকে টোপনি নাহিল মানসীৰ৷ ৰীমা তাইৰ নিচেই কাষতে একেখন লেপৰ তলত৷ তাই মানসীৰ ফালে পিঠি দি শুই আছে৷ ওপৰমুৱাকৈ শুই চিলিঙৰ ফালে চাই চাই ৰীমাৰ কথাকে ভাৱিলে মানসীয়ে৷ ইমান প্ৰাণ চাঞ্চল্যৰে ভৰা ছোৱালীজনী আজি গম্ভীৰ হৈ পৰিছিল সৌৰভৰ গান শুনি৷ 

…এনেতে ৰীমাই কাতি হৈ তাইৰ ফালে মুখ ঘূৰালে৷ চিলিঙৰ পৰা দৃষ্টি উভতাই আনি ৰীমালৈ চায়ে থতমত খালে মানসীয়ে৷ স্থিৰ দৃষ্টিৰে তাইলৈকে চাই আছে ৰীমাই৷

“ৰীমা, তই শুৱা নাই?”
“ওহো৷” মানসীয়ে বুজিলে তাইৰ দৰেই ৰীমাৰো দুচকুত অনিদ্ৰাই বাহৰ পাতিছে৷
“এটা কথা কওঁ?” মানসীয়ে ক’লে৷
“ক৷”
“তহঁত কিমান দিন এনেদৰে থাকিবি?”
“মানে?”
“একেলগে একেটা বাটেৰে গৈ থাকিও কিমানদিন ইটোৱে সিটোক নেদেখাৰ ভাও ধৰি থাকিবি?”


মানসীৰ আশংকা হৈছিল, ৰীমা হয়তো আবেগিক হৈ পৰিব৷ কিন্তু তাইক অলপ আচৰিত কৰি অকনো আবেগিক নোহোৱাকৈ শান্তভাৱেই ৰীমাই ক’লে-

“নাজানো৷ মাথোঁ জানো, ভালপোৱা স্বতৰ্স্ফুত৷ কাৰোৱাৰ ওপৰত জোৰ কৰি যেনেকৈ ইয়াৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি, তেনেকৈ হাজাৰ চেষ্টাৰেও বাধা দি ৰাখিব নোৱাৰি ইয়াৰ চিৰপ্ৰবাহমান গতিক৷ যিমান সময় লাগে লওক সি৷ মাই বাট চাম৷”

দুয়ো নীৰৱ হৈ ৰ’ল৷ মানসীৰ মনত এজাক প্ৰবল বৰষুণ আৰম্ভ হ’ল৷ স্মৃতিৰ বৰষুণ৷ বৰষুণৰ প্ৰতিটো টোপাল হৈ অনুপম সৰিল- এখন নৈ হ’ল আৰু দিহিঙে দিপাঙে বুৰাই পেলালে৷ কিয় এনে হ’ল? কিয় তাইৰ বাবে প্ৰেম যন্ত্ৰনাৰ অন্য এক নাম হ’ল? ইমান নিবিড়তাৰে, হৃদয়ৰ সমস্ত আন্তৰিকতাৰে গঢ়ি উঠা স্বতে্বও সিহঁতৰ সম্পৰ্ক স্থায়ী নহ’ল৷ সৰু সৰু কথাতে শিশুৰ দৰে অভিমান কৰা ল’ৰাটো হঠাতে যেন পৰিপক্ক হৈ উঠিল৷ হঠাতে এদিন সি বুজি উঠিল, সিহঁত পৰস্পৰে পৰস্পৰৰ বাবে নহয়৷ সিহঁত প্ৰকৃততে ৰেলৰ আলিৰ সমান্তৰাল চিৰি দুডালৰ দৰে৷ বহুদূৰৈৰ কোনোবা এটা বিন্দুত লগ হোৱা যেন দেখিলেও সেয়া চকুৰ ভ্ৰমহে৷ প্ৰকৃততে কেতিয়াও ইডাল সিডালৰ সৈতে লগ নহয়৷ অলপ কষ্টতে মানসীয়ে গম পালে, অনুপমৰ হৃদয়লৈ পুনৰ বসন্ত নামিছে৷ তাইৰ বাবে নহয়-অন্য কাৰোৱাৰ বাবে৷ কোনো কাজিয়া বা ভুল বুজাবুজি নোহোৱাকৈ দুয়ো আঁতৰি আহিল৷ কোনোধৰণৰ উষ্মা প্ৰকাশ নকৰাকৈ , একো কৈফিয়ৎ নিবিচৰাকৈ নীৰৱ হৈ ৰ’ল মানসী৷


(চাৰি)

পিছদিনা পুৱা এলাৰ্মৰ শব্দত সাৰ পালে মানসীয়ে৷ ৰীমা তেতিয়াও টোপনিত৷ মানসী বাহিৰলৈ ওলাই আহিল৷ ৰাতি পুৱাবলৈ তেতিয়াও কিছুসময় বাকী৷ অৱশিষ্ট আন্ধাৰখিনিয়ে অস্তিত্বৰ বাবে পোহৰৰ স’তে শেষ সংগ্ৰামত উঠি-পৰি লাগিছে৷ কিন্তু তিষ্ঠিব নোৱাৰি অন্ধকাৰ কেনিবা পলাই ফাঁট মাৰিছে৷ মানসী গৈ ছিৰিবোৰৰে কোনোবা এটাত বহিলগৈ৷ বেঁকীৰ পাৰলৈ যাবলৈ মন গৈছিল তাইৰ৷ কিন্তু এই সময়ত অকলশৰে তালৈ যোৱাটো বিপদজনক হ’ব পাৰে বুলি আশংকা হোৱাত সেই ইচ্ছা সম্বৰণ কৰিলে৷ নিশা যে বনৰীয়া জীৱ-জন্তু ট্যুৰিষ্ট বাংল’ৰ চোতাল পায়হি সেয়া সিহঁতক আগেয়ে জনোৱা হৈছিল৷

“গুডমৰ্ণিং৷” কাৰোৱাৰ মাত শুনি মানসীয়ে ঘূৰি চালে৷ দেখিলে, তাইৰ পিছফালে থিয় দিছেহি সুমিত ভট্টাচাৰ্য্য৷ পিন্ধনত পাতল সেউজীয়া ৰঙৰ চাৰ্ট আৰু খাকী ৰঙী ট্ৰাউজাৰ৷ হাতত কেমেৰা, দূৰবীণ আৰু পিঠিত মজলীয়া জোখৰ এটা বেগ৷ মানসীয়ে স্মিত হাঁহিৰে ক’লে-

“গুড মৰ্ণিং৷” আপুনি ক’ৰবালৈ যায় নেকি?”

“নাই-মই এঠাইৰ পৰা ঘূৰি আহিলো এইমাত্ৰ৷” বেগ-কেমেৰা এইবোৰ থৈ তাইৰ কাষতে বহি পৰিল তেওঁ৷

“ইমান ৰাতিপুৱাই ক’লৈনো গৈছিল আপুনি?”- তাই পুনৰ সুধিলে৷

মিচিকিয়া হাঁহিৰে তেওঁ ক’লে,

“মানাহলৈ নতুনকৈ পবিতৰাৰ পৰা আনি মুকলি কৰা গঁড় কেইটাৰ কথা জানা নহয়? আমি সেই গড়ঁ কেইটাত সংযোগ কৰি থোৱা ৰেডিঅ’ কলাৰৰ সহায়ত সিহঁতৰ চাল-চলনৰ বিষয়ে গম পাই থাকোঁ ৰুমত বহিয়েই৷ কালি এটা গঁড় কাটাঝাৰ কেম্পৰ ফালে চৰি ফুৰা বুলি গম পাইছিলো৷ সেয়ে আজি ৰাতিপুৱাই চাই আহিলোগৈ ৷ আচৰণৰ বিষয়ে ডেটা অলপ দৰকাৰ আছিল৷ 

“আপোনাৰ ভয় নালাগেনে এনেকৈ অকলশৰে ঘূৰি ফুৰিবলৈ?”

“প্ৰথমে লাগিছিল৷ জীৱ-জন্তুৰ আচৰণৰ বিষয়ে যথেষ্ট শিকিছোঁ বাবে এতিয়া নালাগে৷ আজি দুমাহ ধৰি এইখনেইতো মোৰ পৃথিৱী৷…বাৰু এটা কথা মন কৰিছানে তুমি?” তেওঁৰ দুচকুত কৌতুক৷

“কি কথা?”

“আমি যে এতিয়ালৈকে চিনাকিয়েই হোৱা নাই?”
মানসীৰ হাঁহি উঠি গ’ল৷ হাঁহি হাঁহিয়েই ক’লে তাই,

“আপোনাৰ পৰিচয় মই আগতেই পালো৷ আৰু মোৰ চিনাকি? মোৰ নাম মানসী!”

“ঠিক আছে মানসী৷ পিছত আকৌ কথা পাতিম তোমাৰ স’তে৷ এতিয়া মোৰ অলপ কাম আছে৷”

সুমিত ভট্টাচাৰ্য্যই বিদায় লোৱাৰ পিছতো মানসী কিছুপৰ তাতে বহি ৰ’ল৷ অৱশ্যে কিছু সময়ৰ পিছতে ৰীমা, বিজিত, পৰাণহঁত আহি হুলস্থুল লগাই দিলেহি তাই নিৰলে বহি কবিতা ৰচি আছে বুলি৷ অগ্যতা তাই উঠিব লগা হ’ল৷

সেইদিনা সমগ্ৰ দিনটোত সিহঁত এবাৰেই ট্ৰেকিঙলৈ গ’ল৷ এই ট্ৰেকিঙটো যথেষ্ট দীঘলীয়া হ’ল৷ জ্ঞাতি পাৰ হৈ পহুফিল্ড পাই তাৰ পৰা দুই কি:মি: দূৰত্বত থকা বাঁহবাৰী ৰেঞ্জ অফিচলৈকে দলটোৱে ট্ৰেকিং কৰিলে৷ মুঠতে বিশ কি:মি: ট্ৰেকিঙত নলগাহৰি যোৱা লুংলুঙীয়া বাটেৰে, বাট নথকা ঠাইত হাবিৰ মাজেৰেই দলটো আগবাঢ়িল৷ এঠাইত ওখ ওখ বিৰিণাৰ মাজেদি ঠেক বাট এটাৰে যাওঁতে প্ৰায় সকলোৰে হাত-মুখত বিৰিণাই কাটিলে৷ অলপ দূৰ তেনেকৈয়ে যোৱাৰ পিছত পৰাণে খন্তেক ৰৈ পিন্ধি থকা জেকেটটো খুলি মূৰ ঢাকি আগবাঢ়িল৷ বিৰিণাৰ পৰা মুখখন ৰক্ষা কৰিব পাৰি সি স্বস্তিৰ নিশ্বাস এৰিলে৷ তাক দেখি সকলোৱে যি পালে তাৰেই মূৰ ঢাকি ঢাকি আগবাঢ়িল৷ ভাগ্য ভাল যে এই সময়লৈ জোকৰ উপদ্ৰৱ যথেষ্ট কমে৷

ট্যুৰিষ্ট বাংল’লৈ উভতি আহি ভাত-পানী খাই সকলোৱে অলপ জিৰণি ল’লে৷ প্ৰায় আবেলি হৈছিল তেতিয়া ৷ বাহিৰৰ চোতালতে অ’ত ত’ত বহি প্ৰত্যকেই কামত লাগি গ’ল৷ মানসী আৰু সৌৰভে ট্ৰেকিঙৰ বৰ্ণনা লিখিলে, মৃদুলে ফৰেষ্ট গাৰ্ড কেইজনৰ সহায়ত ট্ৰেকিংপথৰ স্কেচ আঁকিলে, জুৰি আৰু ৰীমাই এই দুদিনৰ অভিযানত দেখা জীৱ-জন্তু, বনাঞ্চলৰ প্ৰকাৰ সম্পৰ্কে ছাৰৰ লগত আলোচনা কৰিলে৷ কাৰো আদেশক্ৰমে নহয়, প্ৰত্যেকেই এইবোৰ কৰি গ’ল একমাত্ৰ নিজৰ আন্তৰিক আগ্ৰহৰ বাবে৷ প্ৰাণচাঞ্চল্যৰে টগবগাই থকা বয়স এইটো অথচ প্ৰত্যেকেই নিজৰ কৰ্তব্যৰ প্ৰতি সদা-সচেতন৷

কামবোৰ শেষ কৰি সাঁজ লগাৰ আগে আগে ৰীমা আৰু মানসী নৈৰ পাৰলৈ গ’ল৷ নৈৰ পাৰত শিলত বহি লৈ মানহৰ কথা পাতি থাকোতে কিমান সময় পাৰ হৈ গ’ল দুয়ো গমকে নাপালো৷ হঠাতে কাৰোৱাৰ মাত শুনি দুয়োৰে সম্বিৎ আহিল৷ ঘূৰি চাই দেখিলে, সৌৰভ ওপৰত ৰৈ আছে-সিহঁতকো ওপৰলৈ আহিবলৈ ইংগিত দিছে৷ ৰীমা আৰু মানসী নৈৰ পাৰৰ পৰা উঠি আহিল৷ সূৰুযৰ শেষ কিৰণ চতুৰ্দিশে বিয়পি পৰিছে তেতিয়া৷ শিলবোৰ বগাই ওপৰলৈ আহোতে মানসী ৰীমাতকৈ অলপ আগবাঢ়িল৷ ওপৰ পাই তাই দেখিলে, সৌৰভ নামি গৈছে খৰধৰকৈ৷ এটা পিছল শিলত থাউনি নাপাই ৰীমাই অন্য এটা শিলত ধৰিবলৈ লওঁতেই সৌৰভে হাতখন আগবঢ়াই দিলে তাইলৈ৷ এপলকৰ বাবে তাই তাৰ চকুলৈ চালে আৰু লাহেকৈ তাৰ হাতত ধৰিলে৷ দুয়ো পোন-প্ৰথমবাৰৰ বাবে কোনো দ্বিধা বা জড়তা নোহোৱাকৈ পৰস্পৰে পৰস্পৰৰ মুখামুখি হ’ল৷ অতদিনৰ সাঁচতীয়া আবেগখিনি যেন সেই ক্ষণতে পাৰ ভাঙি বৈ গ’ল বেঁকীৰ সোঁতে সোঁতে৷ সৌৰভে সেই একেই স্বভাৱগত গম্ভীৰ সুৰত ক’লে, “যাওঁ ব’লা৷” এটাও মাত নমতাকৈ দুয়ো আগবাঢ়িল ট্যুৰিষ্ট বাংল’লৈ৷ মানসী ইতিমধ্যে তাৰ পাইছিলগৈ৷

(পাঁচ)

সম্পূৰ্ণ এটা সপ্তাহ সিহঁতে মানাহত অতিবাহিত কৰিলে৷ মানহৰ চুকে-কোণে অক্লান্তভাৱে ঘুৰি ফুৰিলে কলেজীয়া দলটো৷ এনিশা ছাৰৰ অনুৰোধক্ৰমে সুমিত ভট্টাচাৰ্য্যই প্ৰজেক্টৰৰ সহায়ত মানাহৰ ওপৰত কৰা ডকুমেন্টেৰী দেখুৱালে সিহঁতক৷ ইখনৰ পিছত সিখনকৈ নানা তথ্য আৰু নতুনত্বৰে ভৰা ডকুমেন্টেৰী চাই সকলো আপ্লুত হৈ পৰিল৷ মানাহৰ বিষয়ে, প্ৰকৃতিৰ বিষয়ে সোধা প্ৰতিটো প্ৰশ্নৰে তেওঁ সাৱলীলভাৱে উত্তৰ দি গ’ল৷ সকলোৰে লগত এটা সপ্তাহতে আন্তৰিকতা গঢ়ি উঠিল তেওঁৰ৷ প্ৰত্যেকৰে বাবে হৈ পৰিল সুমিতদা৷ অত্যন্ত ব্যস্ততাৰ মাজতো ক্ষন্তেক আজৰি সময় পালেই তেওঁ সিহঁতৰ সৈতে সময় কটাবলৈ ভাল পোৱা হ’ল৷

প্ৰকৃতিৰ কোলাত, বন্ধুত্বৰ উমাল স্পৰ্শত দিনবোৰ কেনেকৈ যে পাৰ হৈ গ’ল মানসীয়ে ধৰিবই নোৱাৰিলে৷ কিন্তু নতুনকৈ এটা অস্বস্তিয়ে তাইৰ অনুভৱৰ সাগৰত অশান্ত ঢৌৰ সৃষ্টি কৰিলেহি৷ 

এদিন ট্ৰেকিঙৰ পৰা ঘূৰি আহি ভাত-পানী খাই ওপৰ মহলাৰ বাৰাণ্ডাৰ এমূৰত বহিছিল তাই৷ দূৰবীণ লৈ বেঁকীৰ সিপাৰৰ অৰণ্যখনৰ শোভা উপভোগ কৰি আছিল৷ এনেতে সুমিত আহিল৷ মানসীৰ স্মিত হাঁহিৰ প্ৰত্যুত্তৰত তেৱোঁ হাঁহিলে আৰু ক’লে,

“নৈখন চাইছা ?”
“ও৷ নৈখন চাইছোঁ-লগতে সিপাৰৰ অৰণ্যখনো৷”
“এই বেঁকী নৈৰ ভূটানত নাম কি জানানে?”
“ওহো-নাজানো৷ কওকচোন৷” মানসীয়ে দূৰবীণটো নমাই থ’লে৷
“ভূটানত ‘ডামেচ্ছু’ আৰু ‘মাংদেচ্ছু’ নামৰ দুখন নৈ লগ হৈ বেঁকী হৈছে৷ ভূটানী ভাষাত ‘চ্ছু’ মানে নদী৷ এই বেঁকী নৈ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ গৈ তিনিটা সুঁতিত ভাগ হৈছে-মানহ, বেঁকী আৰু হাকুৱা৷ পঞ্চাছ কি: মি: পশ্চিমত গৈ ব্ৰহ্মপুত্ৰত তিনিওটা সুঁতি লগ লাগিছেগৈ৷”

“তেন্তে আমি দেখা এই নৈখন প্ৰকৃততে বেঁকীৰ সুঁতিহে নেকি?”
“ওঁ৷ বেঁকী নৈৰ ওপৰত বিশেষভাৱে এখন ডকুমেন্টেৰী বনাই আছোঁ৷ বেছিদিন নালাগেই চাগৈ৷ তেতিয়া ভালকৈ বুজি পাবা৷”
“কিমান দিন লাগিব?”
“এই ধৰা, দহ-বাৰ দিন৷”
“আমিতো নাথাকিম তেতিয়ালৈ৷ আৰু এদিন পিছতেই আমি মানাহ এৰিব লাগিব৷”

সুমিতে যেন অপ্ৰত্যাশিত কিবা এষাৰহে শুনিলে৷ এই প্ৰথমবাৰৰ বাবে মানসীয়ে তেওঁৰ হাঁহিৰে উজ্জল মুখখন বিষণ্ণ হৈ পৰা দেখিলে৷ আচৰিত হৈ তাই সুধিলে,

“কি হ’ল আপোনাৰ ?”
“নাই, তোমালোক যে যাবাগৈ সেইটো মনলৈকে অহা নাছিল৷”
তেওঁ যেন কিবা এটা লুকুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছে- এনে লাগিল মানসীৰ৷ কিছু সময় দুয়ো নীৰৱ৷ মৌনতা ভাঙি গম্ভীৰ মাতেৰে সুমিতে কৈ উঠিল,

“মোৰ খুউব বেয়া লাগিব৷”
“আমাৰো৷”
“বিশেষকৈ তোমাক মিছ কৰিম৷”
“কিয়?” কথাটো সুধিয়ে তাই থতমত খালে৷ সুমিতৰ গম্ভীৰ মাতটোৱে ইতিমধ্যে ভয় খুৱাই দিছে তাইক৷ কিন্তু তেওঁ অকণো খোকোজা নলগাকৈ ক’লে,

“তুমি আনতকৈ ভিন্ন, সেইবাবে৷”

মানসীয়ে লগে লগে প্ৰতিবাদ কৰি উঠিল,

“নক’ব তেনেকৈ৷ মই আনতকৈ ভিন্ন নহওঁ-হ’বও নিবিচাৰো৷ প্ৰত্যেক মানুহৰ দৰেই মোৰ দুখ আছে৷ আছে পাহৰিব নোৱাৰা কিছুমান স্মৃতি৷ সেই সকলোবোৰ বুকুত সাবটি লৈয়ো মই সপোন দেখোঁ সুখী জীৱন এটাৰ৷….”

হঠাৎ ৰৈ গ’ল তাই৷ তাই এইবোৰ কি কৈ পেলাইছে! কেতিয়াওতো কাকো কোৱা নাই এইবোৰ কথা-তেন্তে আজি কিয় কৈ পেলালে? কিয়?

“কোৱা মানসী-কৈ যোৱা৷ কিয় ৰৈ গ’লা৷ কিয় নিজকে ইমান লুকুৱাই ৰাখা তুমি?”- সুমিতৰ অধৈৰ্য কন্ঠস্বৰ৷

মানসী শংকিত হৈ উঠিল৷ কিছুদিনৰ চিনাকি এই মানুহজনে কেনেকৈ তাইক ইমান বেছিকৈ জানি পেলাইছে! তাইক জানিবলৈ-বুজি পাবলৈ মাক-দেউতাক আছিল, অনুপম আছিল- তেওঁলোকে বুজি নাপালে যদি এওঁ কোন ইমান বেছিকৈ জানিবলৈ! তাই দৃঢ় হ’ল৷ লাহেকৈ ক’লে,

“ছৰী৷ মোৰ অলপ কাম আছে-মই যাওঁ৷”

সুমিতে একো নক’লে৷ মাথোঁ মূৰ দুপিয়াই মিচিকিয়াই হাঁহিলে৷ সেই হাঁহিত জয়ৰ এক বিনম্ৰ অহংকাৰ সন্নিহিত হৈ থকা যেন লাগিল মানসীৰ৷ এবাৰো উভতি নোচোৱাকৈ তাই দুপদুপাই চিৰিয়েদি তললৈ নামি গ’ল৷

পিছদিনা দিনটো কামৰ ফাঁকে ফাঁকে মানসীয়ে সুমিতৰ কথাকে ভাৱি থাকিল৷ একো বুজি নোপোৱাৰ ভাও ধৰি থকা মানুহৰ শাৰীত নপৰে তাই৷ তাই ঠিকেই বু্জি পালে আৰু এই ঠিককৈ বুজি পোৱা কথাটোৱে তাইক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিলে৷

জীৱনে কি যে বিচিত্ৰ ৰূপ দেখুৱায় মানুহক! জীৱনৰ মোহত বন্দী মানুহে মৰিচীকাৰ পিছে পিছে দৌৰি ফুৰে-কিহৰ সন্ধানত হয়তো সেয়া নিজেই নাজানে৷ সঁচাকৈ, কেনেকৈ বাৰে বাৰে প্ৰেমত পৰে মানুহ? প্ৰেমত হ’ব পাৰেনে প্ৰথম, দ্বিতীয় বুলি কিবা হিচাপ? হৃদয়ত এবাৰ কাৰোৱাৰ প্ৰতিচ্ছৱি অংকিত হৈ যোৱাৰ পিছত মচ খাব পাৰেনে সেয়া ? তেন্তে কিয় তাই কোনোমতেই পাহৰিব পৰা নাই অনুপমৰ সান্নিধ্য? কিয় তাইৰ হৃদয়ত আগৰ সমানেই উজ্জ্বলতাৰে জিলিকি আছে অনুপম নামৰ এক সত্ত্বা-য’ত পাৰ্থিৱ ঘটনা-অঘটনা আৰু সময়ৰ প্ৰভাৱো ব্যৰ্থ হৈ গৈছে! নাই নাই, প্ৰেম বাৰে বাৰে হ’ব নোৱাৰে৷ মানুহৰ জীৱনত প্ৰেম এবাৰেই হয়-মাথোঁ এবাৰেই৷ বাকীবোৰ পাৰস্পৰিক বুজাবুজি মাত্ৰ, যাক মানুহে প্ৰেম বুলি ভুল কৰে৷

তেন্তে সুমিত ভট্টাচাৰ্য নামৰ দুদিনীয়া চিনাকী বঙালী যুৱকজনৰ স’তে গঢ়ি উঠা এই সহমৰ্মিতাৰ নাম কি? তেওঁৰ এষাৰ কথাতে কিয় তাই কাকো নোকোৱা কথা কিছুমান কৈ পেলালে?...নাই, এই সম্পৰ্কৰ কোনো নাম নাই৷ কোনো সংজ্ঞা, চৰ্ত বা দাবীও নাই এই সম্পৰ্কত৷ সামাজিক মূল্যবোধে সংজ্ঞা স্থিৰ কৰি দিয়া সম্পৰ্কবোৰৰ স’তে তাই ইমানদিনে বুজাপৰা কৰিলে৷ তথাপিও কোনো সম্পৰ্কই নিস্বাৰ্থ হৈ নাথাকিল তাইৰ বাবে-নানা চৰ্ত দাবী আহি পৰিল সংজ্ঞাৰ লগে লগে৷ মানাহলৈ আহি এই প্ৰথমবাৰৰ বাবে তাই জীৱনটো নতুন দৃষ্টিভংগীৰে ল’বলৈ শিকিছে৷ প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছে, মানুহক মানুহৰ সংগ লাগে৷ নিসংগতাও কেতিয়াবা যন্ত্ৰণাদায়ক হৈ উঠিব পাৰে৷ তেন্তে সুমিত ভট্টাচাৰ্যৰ স’তে তেনে এক সম্পৰ্কই হওক৷ সংজ্ঞা, চৰ্ত বা অন্য সকলো কাৰকৰ পৰা মুক্ত আক স্বতন্ত্ৰ সম্পৰ্ক৷…মানসী আশস্ত হ’ল৷

মানাহত শেষ নিশা৷ দলটোৰ সৈতে অন্তৰংগ আলাপৰ বাবে মুখ্য সংৰক্ষণকাৰী বিষয়াগৰাকী আহিছে৷ প্ৰজেক্টৰৰ সহায়ত মানহ ৰাষ্ট্ৰীয় উদ্যানৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত গভীৰভাৱে আলোকপাত কৰিছে তেওঁ৷ শেষত তেওঁ কৈছে, সংৰক্ষণৰ লক্ষ্য হ’ল প্ৰেম, শান্তি আৰু পাৰস্পৰিক সহানুভূতি৷ নিজেও জীয়াই থাকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া৷ সকলোকে আহ্বান জনাইছে তেওঁ মানাহৰ বাবে, প্ৰকৃতিৰ বাবে কিছু ভাৱিবলৈ, কিছু কৰিবলৈ৷

(ছয়)

পুৱাৰ পৰা খদমদম ৷ বয়-বস্তু সামৰি গাড়ীত তোলা, নিজে সাজু হোৱা আদিক লৈ সকলো ব্যস্ত ৷ ৰীমাৰ উৎপাতত তাইৰ লগতে মানসীৰো যথেষ্ট সোনকালেই সকলো সামৰা হৈ গ’ল৷ সৌৰভ, জুৰি আৰু মৃদুল সকলোকে চাহ বিলোৱাত ব্যস্ত৷ মানসীয়ে সিহঁতক সহায় কৰি দিলে৷ তাৰ পিছত আজৰি হৈ কিবা এটা ভাৱি তাই ওপৰলৈ আহিল ৷ দেখিলে সুমিত বাৰাণ্ডাত৷ দূৰবীণ লৈ কিবা এটা চাই আছে৷ চাই দেখিলে, মানাহৰ সিটো পাৰত ক’লাকৈ কিবা এটা ঘূৰি ফুৰিছে৷ তাইৰ উপস্থিতি গম পাই সুমিতে দূৰবীণটো তাইক দি ক’লে, “চোৱাচোন৷” বনৰীয়া ম’হ এটা৷ অলপ পৰ চাই তাই দূৰবীণ নমাই থ’লে৷ সুমিত যেন অন্যমনস্ক হৈ আছে৷ তাই লাহেকৈ সুধিলে,

“আপুনি আৰু কিমান দিন থাকিব ইয়াত?”

“ৰিচাৰ্ছৰ কাম শেষ নোহোৱালৈকে থাকিবইতো লাগিব৷ কেতিয়া শেষ হ’ব সেয়া ক’ব নোৱাৰো৷ যিমানে সোমাই গৈছোঁ মানহৰ ভিতৰলৈ সিমানে নতুন নতুন তথ্য পাইছো৷ হয়তো-হয়তো একপ্ৰকাৰ মোহ উপজিছে মানাহত৷”

কিছু সময় দুয়ো নীৰৱ৷ নীৰৱতা ভেদি সুমিতে সুধিলে,

“তোমালোকৰ যাবৰ হ’ল?’’
“ও৷ এঘন্টাৰ ভিতৰতে আমি মানাহ এৰিম৷”
“মই বিদায় জনাবলৈ নাপাম চাগৈ৷ অলপ পিছতে লতাজানলৈ কাম এটাৰ বাবে যাব লাগিব৷”

মানসীৰ অলপ সন্দেহ হ’ল৷ এয়া অজুহাত নহয়তো? তাই ক’লে,

“ঠিক আছে, মই যাওঁ তেন্তে!” মানসীয়ে দীঘল বাৰাণ্ডাখন পাৰ হৈ প্ৰথম চিৰিটোত ভৰি দিওঁতে সুমিতৰ মাত শুনিলে,

“মানসী…৷” তাই ঘুৰি চালে৷

“তুমি সুখী হোৱা, মই তাকে বিচাৰো৷” সুমিতে আবেগ কম্পিত মাতেৰে ক’লে৷ পূৰ্ণ দৃষ্টিৰে তাইকেই চাই আছিল তেওঁ৷

একেবাৰে শান্তভাৱে মানসী তললৈ নামি আহিল৷ তাই নিশ্চিত হ’ল, অনুপমৰ নিচিনাকৈ এই দৃষ্টিয়ে কেতিয়াও খেদি নুফুৰে তাইক৷ কাৰণ হৃদয়ৰ নিভৃত কোণত চিৰদিনলৈ বন্দী হৈ গ’ল আই দৃষ্টি- কেতিয়াও আমনি কৰিব নোৱাৰাকৈ৷……..

সকলো সাজু হোৱাৰ পিছত শেষ বাৰৰ বাবে বেঁকীৰ পাৰলৈ গ’ল ৰীমা আৰু মানসী৷ দুয়ো এটা প্ৰকাণ্ড শিলত বহি সৰু ঢৌৰ খেলা চাই চাই আত্মমগ্ন হৈ ৰ’ল৷ আজি পুৱা বিছনাত থাকোতেই মানসীৰ ফোন আহিছিল৷ মানাহত এইকেইদিন কোনেও নেটৱৰ্ক পোৱা নাছীল৷ খৰধৰকৈ ম’বাইলটো লৈ দেখে, ঘৰৰ ফোন৷ ৰিচিভ কৰাৰ লগে লগে মাকৰ চিন্তিত মাত ভাঁহি আহিল, “মানু, তুমি কেনে আছা? আমি বৰ চিন্তাত পৰিছিলো৷….”

মাকৰ পৰা ম’বাইলটো লৈ দেউতাকে ক’লে, “তুমি কেতিয়া আহিবা, মানু?” দুচকু ভৰি আহিছিল মানসীৰ৷ কোনোমতে তাই ক’লে,

“মই ঠিকে আছো- চিন্তা নকৰিবা৷ আজি গৈ আছো মা-আজিয়েই৷” এতিয়া নৈৰ পাৰত বহি বহি তাই মাক-দেউতাকৰ কথাকে ভাবিলে৷ প্ৰথমবাৰৰ বাবে তাইৰ মনটো ঘৰমুখী হৈ পৰিল৷ বহাৰ পৰা উঠি তাই যাবলৈ ওলাল৷ ৰীমাও থিয় হ’ল৷ কাষ চাপি আহি তাই মানসীৰ কাণত ফুচফুচাই কোৱাৰ দৰে ক’লে,

“মই আকৌ আহিম ইয়ালৈ৷”
“ময়ো৷”
“জাননে, এই নৈৰ প্ৰেমত পৰিলো মই৷”
“মই এই অৰণ্যৰ প্ৰেমত-এই গছ-লতা, চৰাই-চিৰিকটি, আকাশ-বতাহ সকলোৰে প্ৰেমত পৰিলো৷”
এইবাৰ বেছ ডাঙৰ মাতেৰে ৰীমাই ক’লে,

“প্ৰকৃততে আমি জীৱনৰ প্ৰেমত পৰিলো-একেবাৰে নতুনকৈ ৷”