Sunday, 28 July 2013

জীৱবিজ্ঞানৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান

A list of all the good courses available in India in Biology-



Tuesday, 2 July 2013

সংগীতৰ অন্য এখন পৃথিৱী

সংগীত বুলিলে আমাৰ মনলৈ সাধাৰণতে মানুহে সৃষ্টি কৰা সংগীতৰ কথাই আহে৷ আমাৰ বহুতৰে অগোচৰেই হয়তো ৰৈ যায় সংগীতৰ অন্য এখন পৃথিৱী- প্ৰকৃতিৰ অপূৰ্ব সংগীতময় জগতখন৷ মানৱ সমাজৰ হিংসা-দ্বেষ, খাম-খেয়ালিৰ পৰা আঁতৰত প্ৰকৃতিৰ কোলাত বসবাস কৰা ক্ষুদ্ৰাকাৰ জীৱৰ পৰা আদি কৰি সকলো পশু-পক্ষীৰ মাজত সংগীতৰ গুৰুত্ব অপৰিসীম৷ কেৱল শ্ৰুতিমধুৰ বাবেই নহয়, সংগীত বহু জীৱ-জন্তু তথা চৰাই চিৰিকটিৰ জীয়াই থকাৰ বাবে এক অতি আৱশ্যকীয় যোগাযোগৰ মাধ্যমো! আহকচোন, প্ৰকৃতিৰ এই বিচিত্ৰ জগতখনৰ সংগীতৰো কিছু আমেজ লওঁ৷


প্ৰকৃতিৰ বহুতো নিৰ্জীৱ মাধ্যমৰ মাজেৰেও সংগীতৰ সৃষ্টি হয় স্বতৰ্স্ফূতভাৱে৷ উদাহৰণস্বৰূপে, কুলু কুলু সুৰেৰে বৈ যোৱা পাহাৰীয়া জুৰিৰ প্ৰাণোচ্ছল গীত, শীতৰ সেমেকা ৰাতি টোপ টোপকৈ গছৰ পাতৰ পৰা সৰি পৰা নিয়ৰৰ টোপালৰ শব্দ, ফাগুণী পছোৱাৰ হো-হোৱনি, সৰাপাতৰ খচমচনি, মেঘৰ গাঁজনি সকলো যেন প্ৰকৃতিৰ অমিয়া গীতৰ একো একোটা কলি! তেনেদৰে প্ৰকৃতিৰ কোলাত বাস কৰা পশু-পক্ষীয়েও এনে সংগীতত তাল নিমিলোৱাকৈ ৰৈ নাথাকে৷ সৰু কীট-পতংগয়ো নিজৰ সাৰ্মথ্যৰে গীতৰ সম্ভাৰ মেলে৷ অৱশ্যে এই সংগীত কেৱল মাত্ৰ মনোৰঞ্জনৰ আহিলা নহৈ পশু-পক্ষীৰ বহুতো প্ৰয়োজনীয় কাৰ্য্য সমাধা কৰাতো ই সহায় কৰে৷ প্ৰায়বোৰ জীৱ-জন্তু তথা চৰাই-চিৰিকটিয়ে এই সুৰীয়া সংগীতেৰে কোনো এলেকাত নিজৰ অধিকাৰ সাব্যস্ত কৰে, বহুতো প্ৰতিযোগীৰ মাজত নিজৰ শ্ৰুতিমধুৰ গীতেৰে লগৰীক আকৰ্ষিত কৰিবলৈ গীত জুৰে৷ বহুতে আকৌ খাদ্যৰ সন্ধান পোৱাৰ কথা বা চিকাৰী জন্তুৰ আগমণৰ বিষয়ে গোটৰ অন্যবোৰক সাৱধান কৰি দিবলৈও বেলেগ বেলেগ সুৰত গীত জুৰে৷


কণমাণি কীট-পতংগ কিছুমানে খুউব তীক্ষ্ন সুৰেৰে গীত গাব পাৰে৷ যেনে গধূলিপৰত আমাৰ সকলোৰে চিনাকী সহস্ৰ জিলি (Cicada)ৰ তীক্ষ্ন মাতে অন্য সকলো কোলাহল থাম কটাই দিবলৈ সক্ষম হয়৷ উইচিৰিঙাই আকৌ মুখেৰে নহয়, পাখিৰ গুৰিত থকা এবিধ বিশেষ ধৰণৰ অংগ (stridulatory organ)ত পাখিৰ ঘঁহনি খুৱাইহে তীব্ৰ শব্দৰ সৃষ্টি কৰে (শুনিবৰ বাবে ইয়াত চাব পাৰে)৷ তেনেদৰে ভেকুলীৰ টোৰটোৰণিয়ে চৌপাশলৈ বৰষাৰ বতৰা আনি দিয়ে৷ এনেধৰণৰ গীতবোৰ প্ৰকৃততে সমস্বৰে গোৱা বাবেহে এনে তীক্ষ্ন হৈ উঠে৷

এই ক্ষুদ্ৰ কীট-পতংগ তথা নিম্নবৰ্গৰ প্ৰাণীসমূহৰ উপৰিও স্তন্যপায়ী জন্তুৱেও গীতৰ ভাষা বুজি পায় আৰু নিজৰ সামৰ্থ্যৰে অংশগ্ৰহণ কৰে৷ পশুৰ মাজত আটাইতকৈ পাকৈত গায়কবোৰৰ ভিতৰত তিমি মাছ অন্যতম৷ 
ভাৰত মহাসাগৰত দেখা পোৱা
হাম্পবেক তিমি-সুদক্ষ গায়ক
 হাম্পবেক তিমি (humpback whale) য়ে বেলগ বেলেগ কম্পনাংক বিশিষ্ট এনে কিছুমান শব্দ কৰে যাক তিমিৰ গীত (whale song) বুলি জনা যায়৷ সাগৰীয় জীৱবিজ্ঞানী সকলে এই গীতক প্ৰাণীজগতৰ আটাইতকৈ জটিল গীত সমূহৰ ভিতৰত এটা বুলি স্বীকৃতি দিছে৷ অতীজৰে পৰা নাৱিক সকলে এই গীত শুনি আহিছিল যদিও পোনপ্ৰথমবাৰৰ বাবে ইয়াক ৰেকৰ্ডিং কৰা হয় পঞ্চাছৰ দশকত৷ তাৰো এটা দশকৰ পিছতহে বিজ্ঞানীসকলে এই গীত হাম্পবেক তিমিয়ে গায় বুলি প্ৰমাণ কৰিবলৈ সক্ষম হয়৷ এই গীত বিশেষকৈ প্ৰজনন কালত শুনিবলৈ পোৱা যায়৷ ইহঁতে একো একোটা গান ৮-১৫ মিনিট পৰ্যন্ত গায়৷ এই গানবোৰৰ বিষয় (theme) তথা কথাংশ (phrase) বেলেগ বেলেগ হয়৷ মাইকী তিমিক আকৰ্ষিত কৰিবলৈকে মতা তিমিয়ে এনেদৰে গান গায় বুলি বিজ্ঞানীসকলে ধাৰণা কৰে৷ আশ্চৰ্য্যজনক ভাৱে, এই গীতৰ ধৰণ সময়ৰ লগে লগে পৰিৱৰ্তিত হৈ আহিছে বুলিও তথ্য পোৱা গৈছে৷ (শুনিবৰ বাবে ইয়াত চাওক)

মতা আৰু মাইকী গিবন বান্দৰ
তেনেদৰে অসমৰ গিবন অভয়াৰণ্য আৰু অন্যান্য অঞ্চলত বসবাস কৰা গিবন বান্দৰ (Western hoolock gibbon)ৰ মাজত আকৌ প্ৰজননৰ সময়ছোৱাত মতা আৰু মাইকী বান্দৰে মিলি বিশেষ এবিধ প্ৰেমৰ গীত গায়, যাক দ্বৈত সংগীত (duet) বুলি কোৱা হয়৷ মতা গিবন বান্দৰে চুটি কিন্তু উচ্চ নোট(high notes) ত এই গীত আৰম্ভ কৰে আৰু তাৰ পিছতেই মাইকীজনীয়ে যোগ দিয়ে৷ ই প্ৰজনন কালত নিজৰ এলেকা (territory) ৰক্ষাত তথা মতা-মাইকীৰ যোৰ পতাত সহায় কৰে(শুনিবৰ বাবে ইয়াত চাওক)৷ 

চৰাই-চিৰিকটিৰ সমাজতো সংগীতৰ গুৰুত্ব অপাৰ৷ সকলো পশু-পক্ষীৰ ভিতৰতে চৰাই চিৰিকটিৰ গীত জনপ্ৰিয়৷ দোকমোকালিতে ঘৰচিৰিকাৰ ‘কিচিৰ-মিচিৰ’ মাতে টোপনিৰ পৰা জগাই দিয়াৰ পৰা কুলিৰ ‘কুউ কুউ’ মাতে ব’হাগৰ বতৰা অনা, হুদুৰ ‘নিউ নিউ’ মাতে আমাৰ মনলৈ এক অজান আশংকা আনি দিয়ালৈকে সততে দেখা বা শুনা পোৱা কিছুমান চৰাইৰ সংগীতৰ সৈতে আমি কম-বেছি পৰিমাণে পৰিচিত৷ বেলেগ বেলেগ চৰাইৰ মাত বেলেগ বেলেগ হয় বুলি আমি সকলোৱে জানো৷ বহুতো চৰাইৰ আকৌ মাত আৰু গানো বেলেগ বেলেগ হয়৷ এনে চৰাইৰ গান সাধাৰণতে মাততকৈ দীঘলীয়া আৰু জটিল হয়৷ চৰাইৰ পেছ্ছেৰিফৰমিছ (Passeriformes) নামৰ বৰ্গটোত গান গোৱা চৰাইৰ পয়োভৰ আটাইতকৈ বেছি৷ 


অষ্ট্ৰেলিয়াত পোৱা লায়াৰ চৰাই,
 যি শুনা পোৱা প্ৰায়বোৰ মাতৰে নকল কৰিব পাৰে
গিবন বান্দৰৰ দৰে বহুতো চৰাইৰ মাজতো দ্বৈত গান গোৱাৰ প্ৰবৃত্তি আছে৷ মতা আৰু মাইকী চৰায়ে তাল মিলাই এনেদৰে গীত জুৰে যে শুনিলে একেটা চৰায়ে গোৱা যেনেই ভাৱ হয়৷ উদাহৰণস্বৰূপে, ‘Puff-throated babbler’ নামৰ সৰু আকাৰৰ চৰাইবিধে একেলগে গীত জুৰিলে ইমানেই সমকালিকভাৱে সংঘটন (synchronise) ঘটাই যে দুটা চৰায়ে মিলি একেলগে গাইছে বুলি বিশ্বাস কৰাই টান হৈ পৰে (শুনিবৰ বাবে ইয়াত চাব পাৰে)৷ এই দীঘলীয়া মাতটোৰ দুটা অংশ থাকে, এটা অংশ মতা চৰায়ে গাই শেষ কৰাৰ লগে লগে মাইকী চৰাইজনীয়ে পিছৰ অংশ গাবলৈ আৰম্ভ কৰে আৰু এনেদৰে দুয়ো মিলি বাৰে বাৰে গোৱা বাবে গীতটো সম্পূৰ্ণ হৈ উঠে৷ বহুতো চৰায়ে আকৌ অন্য বহুতৰ, আনকি মানুহৰো মাতৰ সুবহু নকল কৰিব পাৰে৷ অষ্ট্ৰেলিয়াৰ লায়াৰ চৰাই (Lyrebird)য়ে নিজে শুনিবলৈ পোৱা বিছ টাতকৈও অধিক চৰাইৰ মাতৰ উপৰিও অন্যান্য শব্দ যেনে গাড়ীৰ ইঞ্জিন, কুকুৰৰ ভুকভুকনি, কেচুৱাৰ কান্দোন, অগ্নি নিৰ্বাপক এলাৰ্ম আদিৰ হুবহু নকল কৰিব পাৰে(লায়াৰ চৰাইৰ গীত) তেনেদৰে আমাৰ অসমত দেখা পোৱা ভীমৰাজ (Greater Racket-tailed Drongo), দহিকতৰা (Oriental Magpie Robin) আদি চৰায়েও অন্য চৰাইৰ গীত নকল কৰাত খুবেই পাকৈত৷

চৰাইৰ গানে চৰাইটোৰ যোগ্যতা(fitness) তথা সুস্বাস্থ্যৰ ইংগিত বহন কৰে বুলি জনা যায়৷ সেয়ে ভালকৈ গান গাব জনা মতা চৰায়ে যোগ্য মাইকী চৰাইক আকৰ্ষিত কৰি প্ৰজননতো সফল হয়৷ তাৰোপৰি চৰায়ে চিকাৰীৰ অৱস্থিতি সম্পৰ্কে অন্য চৰাইক সতৰ্ক কৰিবলৈ (alarm calls), চিকাৰীক জুম পাতি খেদিবলৈ (Mobbing calls) অথবা মাক-দেউতাকে নিজৰ পোৱালি চৰাই চিনাক্ত কৰিবলৈও মাত দিয়ে৷

এনেদৰেই আমাৰ বহুতৰে অলক্ষিতেই প্ৰকৃতিৰ এই অমিয়া জগতখন সংগীতময় হৈ আছে৷ আৰু 
আপাত দৃষ্টিত বিশেষ অৰ্থপূৰ্ণ যেন নালাগিলেও এই সংগীতেই পশু-পক্ষীৰ সমাজত জীয়াই থকাৰ সংগ্ৰামৰ স’তেও ওত:প্ৰোতভাৱে জড়িত হৈ আছে৷


সহায়ক সূত্ৰ: 

http://www.xeno-canto.org/browse.php?dir=0&order=xc

http://www.whaletrust.org/whales/whale_song.shtml

http://www.gibbons.de/main2/08teachtext/facthoolock/hoolockfact.html

http://www.theprimata.com/hylobates_hoolock.html


জুলাই, ২০১৩ সংখ্যাৰ সাহিত্য ডট অৰ্গ ত প্ৰকাশিত

Saturday, 22 June 2013

অৱগুণ্ঠিতা


“ ঐ... ঐ.. মাইকী মানুহে ভান গাড়ী চলাইছে চা চা…”

বাটৰ কাষৰ পাণদোকানখনৰ আড্ডাটোৰ পৰা ভাঁহি অহা আশ্চৰ্য্য তথা কিছু গৰিহণা মিহলি কথাষাৰ মানুহ গৰাকীৰ কাণত ঠিকেই পৰিলহি৷ কিন্তু  কথাষাৰে পূৰ্বৰ দৰে তেওঁৰ মনত অকণো  খং বা বিৰক্তিৰ ভাৱ জগাই নুতুলিলে৷ তাৰ পৰিৱৰ্ত্তে তেওঁ কিছু আমোদহে পালে কথাষাৰৰ সুৰটোত৷ তেওঁৰ মনৰ ভাৱটোকে অবিকল প্ৰকাশ কৰিয়েই যেন সন্মুখৰ আসনত তেওঁৰ স’তে বহি যোৱা জীয়েক অৰুণাই কৃত্ৰিম খঙেৰে কৈ পেলালে-

“ধেৎ,অতদিনে দেখাই পোৱাই নাছিল নে!!”

মাক-জীয়েক আৰু পিছৰ আসনত বহা পুতেক পাৰ্থই প্ৰাণ খুলি হাঁহি পেলালে৷ 

পিছফালৰ আসনতে কোমল গাৰু এটা আওঁজাই লৈ গভীৰ টোপনিত মগ্ন বৰুৱাই এইবোৰৰ একো ভূ-ভা নাপালে৷ চালকৰ আসনৰ পৰাই ৰিয়েৰ-ভিউ আইনাত বৰুৱালৈ এবাৰ চাই তেওঁ ল’ৰা-ছোৱালী হালক দেউতাক শুই থকাৰ কথা ইংগিতেৰে সোঁৱৰাই দিলে৷ পুৱা চাহকাপ খায়ে তেওঁলোক আজি বোৱালগুৰিলৈ বুলি ওলাই আহিছে - বৰুৱাৰ গাৱঁৰ ঘৰলৈ বুলি৷ কালি হঠাতে খবৰ আহিল বৰুৱাৰ দেউতাকৰ অসুখ বুলি-পুৰণি হাই প্ৰেছাৰৰ আমনি৷ গতিকে কৰ্মস্থলীৰ পৰা কালি নিশাৰ বাছেৰে দুদিনৰ ছুটি লৈ বৰুৱা আজি পুৱা ঘৰ ওলালেহি৷  

ঘৰৰ পৰা ওলোৱাৰ সময়ত গাড়ীৰ পিছৰ আসনত আৰামেৰে বহি লৈ তেওঁ পত্নীক ক’লে, “মই হ’লে ভাগৰহে মাৰিম৷ তোমাৰ আমনি নলগালৈকে চলোৱা দেই৷ ভাগৰ লাগিলে মই লাগিম আৰু৷”
মানুহগৰাকীয়ে হাঁহিলে মাথোঁ; মনতে ভাবিলে, ইয়াৰ পৰা বোৱালগুৰিলৈ মাথোঁ পাঁচঘন্টাৰ বাটহে! আগতে ইমান দীঘলীয়াকৈ একেৰাহে গাড়ী চলোৱা নাই যদিও পাৰিব তেওঁ! সেইবুলি কালি গোটেই নিশাটো বাছত এপলকো শুৱলৈ নোপোৱা মানুহজনক জিৰণি ল’বলৈ নিদি গাড়ী চলাবলৈ ক’বনে!

সৰু মফচলীয় অঞ্চলটোৰ পুৱাৰ ভিৰৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথেদি গাড়ীখন আগবাঢ়িল৷ সেই আড্ডাস্থলীৰ পৰা অহা মন্তব্যটোৱে মানুহগৰাকীৰ হৃদয়ত একো আঁচোৰ নেপেলালেও কিছু আনমনা কৰি তুলিলে৷ বৰ্তমান মানুহগৰাকীয়ে এনেকৈ ভান এখন চলাই ফুৰা কথাটো চহৰখনত নতুন দৃশ্য হৈ ৰোৱা নাই৷ কিন্তু বহুদিনৰ বিৰতিৰ অন্তত এনে এটা মন্তব্য শুনি তেওঁৰ মনটো যেন অতীতলৈ ঘুৰি গ’ল৷


গাড়ীখন কিনাৰ সময়ত ৰ’দে বৰষুণে বিপদে-আপদে ইফাল সিফাল কৰিবলৈ সুবিধা হ’ল বুলি সকলোৰে লগতে তেওঁৰো আনন্দ লাগিছিল৷ সেইসময়ত বাট-পথত ব্যক্তিগত বাহন বুলিলে কেইখনমান  মাৰুতী ৮০০ হে দেখিবলৈ পোৱা গৈছিল। তথাপিও ভানখনৰ আহল-বহল ভিতৰখন আৰু বেয়া বাটতো সুচাৰুকৈ চলাবলৈ ভাল হ’ব বুলি ভাবিয়ে তেওঁলোকে ভান এখন কিনাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু কিনাৰ সময়ত আজিৰ দৰে পৰিস্থিতি এটা তেওঁৰ বাবে সপোনৰো অগোচৰ আছিল৷  সময়ে হঠাতে পৰিয়ালটোলৈ যেন পৰিবৰ্তনৰ ঢৌজাক লৈ আনিছিল৷ ল’ৰা-ছোৱালীৰ স’তে মানুহজনীক গাড়ীত তুলি ফুৰোৱাৰ হেঁপাহ পুৰ নৌ-হওঁতেই বৰুৱাৰ চাকৰিৰ বদলিৰ খৱৰ আহিছিল৷ তাকো নতুন কৰ্মস্থলী ঘৰৰ পৰা দহ-বাৰঘন্টীয়া যাত্ৰাৰ দুৰত্বত হ’ল৷ আগৰ দৰে পুনৰ স্কুল বদলি কৰি পাৰ্থ-অৰুণাৰ পঢ়া-শুনাৰ খেলি-মেলি নহওক বুলিয়ে বৰুৱাই অকলশৰেই থাকি লৈ কাম চলোৱাৰ সিদ্ধান্ত ল’লে৷ আৰু তাৰ পিছৰ পৰা মাহত এবাৰ-দুবাৰ হে ঘৰলৈ আহিবলৈ মিলাব পৰা হ’ল তেওঁ৷

পাৰ্থ আৰু অৰুণাৰ পঢ়া-শুনাৰ পৰা আদি কৰি সংসাৰখনৰ এশ এবুৰি দায়িত্ব মানুহগৰাকীয়ে অকলশৰে মূৰ পাতি ল’বলৈ  বাধ্য হ’ল৷ প্ৰথমে তেওঁ কিংকৰ্তব্যবিমুঢ় হ’ল-কিন্তু লাহে লাহে কথাবোৰ তেওঁ আয়ত্বলৈ আনি ল’লে৷ দিনে দিনে তেওঁ সকলোবোৰ কামতে অভ্যস্ত হৈ পৰিল, আত্মবিশ্বাসেও কমসময়ৰ ভিতৰতে লগ দিলেহি৷ তেওঁৰ কৰ্মদক্ষতা লক্ষ্য কৰি বৰুৱাও ঘৰখনৰ বাবে নিশ্চিত হৈ থাকিব পৰা হ’ল৷
এবাৰ দুদিনীয়া ছুটিত ঘৰলৈ আহোতে নিত্যনৈমিত্তিক ভাৱে গেৰেজলৈ গৈ  বৰুৱাই গাড়ীখন ষ্টাৰ্ট দি চালে৷ বহুদিন একেৰাহে নচলোৱাকৈ পৰি থকা গাড়ীৰ বেটেৰীয়ে কাম নকৰা হোৱাৰ কেইবাটাও ঘটনা তেওঁ জানে, সেয়ে৷ অলপ সময় চালকৰ আসনতে বহি থাকি খুঁটি নাটিবোৰ পৰীক্ষা কৰি মেলি তেওঁ ওলাই আহিল৷ বাৰাণ্ডাতে আবেলিৰ ফিকা চাহ কাপ লৈ ৰৈ থকা অৱস্থাত তেওঁ পত্নীক দেখিলেহি৷ দুয়ো বাৰাণ্ডাৰ বেটৰ চকীদুখনতে বহি চাহত চুমুক দিলে৷ চাহকাপত এসোহা মাৰিয়ে বৰুৱাই পত্নীক ক’লে,

“হেৰা, নতুন গাড়ীখন গেৰেজত এনেকৈ পেলাই থোৱাতকৈ তুমিয়ে চলাবলৈ শিকি নোলোৱানো কিয়? বহুত কামত সময় বাচিব-সুবিধাও হ’ব৷”

গৰম চাহে মানুহগৰাকীক জিভাত অকণমান পুৰি গ’ল৷ ধেমালি কৰা বুলি তেওঁ বৰুৱাৰ মুখলৈ চালে৷ নাই, তেওঁৰ ভাগৰে ক্লান্ত কৰি থোৱা মুখখনত ধেমালিৰ ৰেশ এটাও নাই! তেওঁ আশ্চৰ্য্যৰ ভাৱটো লুকুৱাই শান্তভাৱে ক’লে,

“মই পাৰিম জানো? মানুহে বা কি ভাবিব? আৰু চলাবলৈনো কোনে শিকাব?" 

আধুনিকতাৰ বতাহজাকে মাথোঁ চেলেকা চুবীয়াকৈহে স্পৰ্শ কৰা এই সৰু ঠাইখনত মহিলাই এইদৰে গাড়ী চলোৱাতো নাভূত নাশ্ৰুত কথাই। তাৰোপৰি মহিলাৰ বাবে আচুতীয়াকৈ সংৰক্ষিত স্কুটী, ট্ৰেণ্ডী আদি চেৰাই গৈ গাড়ী এখন চলাবলৈ লোৱাতো প্ৰায় দুঃসাহসী প্ৰচেষ্টা হ'ব যেন ভাৱ হ'ল তেওঁৰ।

কিন্তু বৰুৱাৰ মুখৰ ক্লান্তিখিনি যেন নিমিষতে উৎসাহৰ তিৰবিৰণিয়ে ঢাকি পেলালে।

“পাৰিবা! ইমানবোৰ কাম অকলশৰেই চম্ভালিছা যদি গাড়ীখন নো কিয় চলাব নোৱাৰিবা? আনে কি ভাবিব বা কি ক'ব ভাবিবলৈ হ'লে জীৱনত পদূলি মূৰলৈ ওলাই যোৱাটোয়ে নহ'বগৈ।  আৰু শিকাবলৈ মই আছোৱে চোন! ব’লা, আজিয়ে আৰম্ভ কৰোঁ৷”

বৰুৱাৰ মনৰ উৎসাহখিনি মুহুৰ্ততে মানুহগৰাকীৰ হৃদয়ৰ চুকে কোণে বিয়পি পৰিল৷ প্ৰথমবাৰ গাড়ীখনৰ ষ্টিয়েৰিঙত হাত থৈ তেওঁৰ হাতখন কঁপিল-তাতোকৈ জোৰেৰে মনটো কঁপিল৷ শিহঁৰিত হৈ উঠা দেহ-মনক শান্ত কৰি তেওঁ চাবিকোঁচা পকালে৷ বৰুৱাই কাষৰ আসনত বহি দেখুৱাই গ’ল৷ পিছদিনাৰ পৰা ওচৰৰ খেলপথাৰখনত দোকমোকালিতে কাউৰীয়ে কাঁ কৰাৰ আগতেই তেওঁৰ গাড়ী চলোৱাৰ প্ৰশিক্ষণ আৰম্ভ হ’ল৷  লাহে লাহে আত্মবিশ্বাস বাঢ়িল৷ ল’ৰা-ছোৱালী হালৰ যত্নত অসুবিধা নহওক বুলিয়ে শিক্ষয়িত্ৰীৰ চাকৰি এৰি আজি দহটা বছৰে ঘৰৰ চাৰিবেৰৰ মাজতে নিজৰ পৃথিৱীখন সামৰি ৰখা মানুহগৰাকীৰ দক্ষতা বৰুৱাই যেন নতুনকৈহে আৱিস্কাৰ কৰিলে৷ অৰুণা আৰু পাৰ্থইয়ো মাকক উৎসাহ দিলে৷ বৰুৱা নথকা দিনকেইটাত ঘৰৰ চোতালতে তেওঁ ভান খন অগা পিছা কৰিবলৈ ল’লে৷ মাহেকৰ মূৰত বৰুৱাৰ ছুটিৰ দিনকেইটালৈ আগ্ৰহেৰে বাট চাবলৈ যেন পৰিয়ালটোৰ বাবে আৰু এটা কাৰণ  যোগ হ’ল৷

দুমাহ এনেকৈয়ে পাৰ হ’ল৷ এবাৰ বৰুৱা নথকা অৱস্থাতে আচম্বিতে এটা ঘটনা ঘটিল৷ দুপৰীয়া অসময়ত মানুহগৰাকীলৈ অৰুণাৰ স্কুলৰ পৰা আহিল, ক’লে, অৰুণাৰ হঠাতে খুউব পেটৰ বিষ আৰম্ভ হৈছে৷ ডাক্তৰক খৱৰ দিয়া হৈছে৷ মাক নৰ’লেই৷ এখন্তেকো নভৱাকৈ তেওঁ ঘৰত পিন্ধা সাঁজেৰেই গাড়ীৰ চাবিকোঁচা লৈ ওলাই আহিল৷ তাইৰ স্কুললৈ পাঁচ কি:মি: তেওঁ পাঁচ মিনিটতে পাৰ হ’ল৷

সেই বাটছোৱা বাটৰ কাষৰ চিনাকী বাটৰুৱা- দোকানী মানুহবোৰে যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে৷ বাটতে ৰৈ ইজনে সিজনৰ লগত কথাটো আলচি থাকোতে সেই বগা ভানখন পুনৰ তেওঁলোকৰ সন্মুখেদিয়ে পাৰ হৈ গ’ল হস্পিটেল অভিমুখে৷ এইবাৰ মানুহবোৰে ভালকৈ দেখিলে, বুজিলে; হয়, সেয়া চালকৰ আসনত বৰুৱাদাৰ বাইদেউৱেই!!
মানুহগৰাকীয়ে এইবোৰ লক্ষ্য নকৰিলে৷ তেওঁ সেই মুহুৰ্তত অৰুণাৰ চিন্তাত বিতত৷ হস্পিতেলত ডাক্তৰে ক’লে, তাইৰ এপেণ্ডিছাইছিটছৰ অপাৰেশ্যন কৰাব লাগিব, বিশেষ চিন্তাৰ কাৰণ নাই৷ ৷ বৰুৱা সিদিনা ৰাতিৰ বাছেৰে আহি পোৱাৰ পিছত পিছদিনা পুৱাতে তাইৰ অপাৰেশ্যন হৈ গ’ল৷ তাইক তিনিদিনৰ অন্তত ঘৰলৈ অনাৰ পিছত বৰুৱাই প্ৰথমে কথাটো উলিয়ালে৷ ইতিমধ্যে অৰুণাৰ খৱৰ ল’বলৈ অহা প্ৰতিবেশী তথা চিনাকী প্ৰতিজন মানুহৰ মুখত তাইৰ অসুখতকৈ মানুহগৰাকীয়ে ভান খন কেনেকৈ চলাই গ’ল সেইটোৱে বেলেগ  বেলেগ কাহিনীৰ ৰূপ লৈ বৰুৱাৰ কাণতো পৰিছিলগৈ৷ 

লাইচেন্স নোহোৱাকৈ আৰু বৰুৱা নথকা অৱস্থাত তেনেদৰে হঠাতে প্ৰথমবাৰৰ বাবে গাড়ীখন লৈ ওলাই যোৱাৰ বাবে বৰুৱাই তেওঁক মৃদু ককৰ্থনা কৰিলে৷ ক’লে, পুলিচে ধৰা হ’লে কি খন যে হ’লগৈ হেঁতেন! মানুহগৰাকীয়ে নীৱৱে শুনি ৰ’ল৷ কিন্তু বৰুৱা নীৰৱে বহি নাথাকিল৷ অতি সোনকালেই পত্নীৰ বাবে লাইচেন্স উলিওৱাৰ ব্যৱস্থা কৰিলে তেওঁ৷ এমাহৰ তাতবাদি আৰু বিভাগীয়া কামবোৰৰ অন্তত লাইচেন্স ওলাল৷ 

লাইচেন্সখন হাতত লৈ মানুহগৰাকীৰ দুচকু তিৰবিৰাই উঠিল৷ এইবাৰ তেওঁৰ লগতে বৰুৱা আৰু ল’ৰা-ছোৱালী হালৰো আত্মবিশ্বাস বাঢ়িল৷ সকলো কামতে গাড়ীখন নহ’লেই নোহোৱা হৈ পৰিল৷  বজাৰ-সমাৰ, পাৰ্থ-অৰুণাক স্কুলৰ পৰা অনা-নিয়া, চিলিণ্ডাৰ অনা, বিজুলী, টেলিফোনৰ বিল পৰিশোধ কৰা আদি নৈমিত্তিক কামবোৰৰ বাহিৰেও গাড়ীখনৰ কাগজ-পত্ৰ আপডে'ট কৰা, মাজে মাজে গেৰেজলৈ নি সৰু-সুৰা ওজৰ আপত্তি বোৰ নোহোৱা কৰা আদি অনেক কামত তেওঁ ব্যস্ত হৈ পৰিল৷ কম সময়ৰ ভিতৰতে চহৰখনত মহিলা এগৰাকীয়ে এনেকৈ ভান চলাই ফুৰাৰ কথাটো ৰজনজনাই গ’ল৷ বাটৰ কাষত ৰৈ তেওঁলৈ তধা লাগি চোৱা মানুহবোৰৰ আশ্চৰ্য্য দৃষ্টি, কিছুমানৰ তীৰ্য্যক মন্তব্যবোৰে মানুহগৰাকীক শেলে বিন্ধাদি বিন্ধিবলৈ ধৰিলে! কিন্তু লাহে লাহে তেওঁ সেইবোৰলৈ মন-কাণ নিদিয়া হৈ পৰিল৷ তেনে স্থুল দৃষ্টি বা কটু মন্তব্যই ঢুকি পোৱাৰ পৰা তেওঁ যেন বহু যোজন আঁতৰলৈ গুচি গ’ল! পুৰ্বতে কেৱল ঘৰুৱা কাম কাজতে সীমাবদ্ধ তেওঁৰ পৃথিৱীখন হঠাতে বহু মুকলি হৈ যোৱা যেন ভাৱ হ’ল তেওঁৰ!  

সময় একে হৈ নাথাকিল৷ খুউব কম দিনৰ ভিতৰতে তেওঁ দক্ষতা দেখি মানুহবোৰৰ শেলে বিন্ধা চাৱনিলৈ শ্ৰদ্ধা আহিল, কটু মন্তব্যবোৰ প্ৰশংসালৈ ৰূপান্তৰিত হ’ল৷ কিছুদিনৰ ভিতৰতে তেওঁক সকলোৱে ভান চলোৱা বাইদেউ বুলি জনা হ’ল৷ বিয়াৰ পিছত গাৱঁত প্ৰথমে ন-বোৱাৰী, অৰুণাৰ জন্মৰ পিছত অৰুণাৰ মাক নামবোৰ সাদৰেৰে গ্ৰহণ কৰাৰ দৰে এই নামটোও তেওঁ আনন্দেৰে আকোঁৱালী ল’লে৷ প্ৰতিবেশী ঘৰৰ অসুখীয়া লোকক হঠাতে হস্পিতেললৈ নিবলৈ, বৰষুণৰ বতৰত ল’ৰা- ছোৱালীক স্কুলৰ পৰা অনা-নিয়া কৰিবলৈ, বিয়া-বাৰুত দৰা বা কইনাৰ স’তে  যাবলৈ মানুহে তেওঁকে পাচিবলৈ ভালপোৱা হ’ল৷ ভান চলোৱা বাইদেৱে কাম ল’লে ঠিককৈ আৰু সময়মতে কৰিবই, তাত একো সন্দেহেই নাই৷ তেওঁক পূৰ্বতে সমালোচনা কৰা মানুহবোৰেই তেওঁৰ প্ৰশংসাত পঞ্চমুখ হ’বলৈ ধৰিলে৷

এই সকলোবোৰৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত হৈ ৰ’ল মানুহগৰাকী৷ 

“মা, ভোক লাগিছে! ইয়াতে খাই লওঁ ব’লা!”- পাৰ্থৰ মাতত মানুহগৰাকী বাস্তৱলৈ ঘুৰি আহিল৷ দেখিলে, বৰুৱাইও সাৰ পাইছে৷ চাহবাগানৰ কাষৰ ছাঁ পৰি থকা ঠাইকণতে ৰৈ তেওঁলোকে ঘৰৰ পৰা কৰি অনা ৰুটী-ভাজি খাই ল’লে৷ বৰুৱাই খাই উঠি পিছৰ আসনত গাৰুটো ঠিক-ঠাক কৰি লৈ তেওঁক এবাৰ সুধিলে,

“পাৰিবা নহয় এইখিনি?”  

তেওঁ মূৰ দুপিয়ালে৷ এইবাৰ মাকৰ স’তে সন্মুখত পাৰ্থ বহিল৷ অৰুণাই দেউতাকৰ স’তে শুবলৈ পিছলৈ গৈ ল’লে!

বোৱালগুৰি পোৱাৰ আগে আগে তেওঁ বৰুৱাক ক’লে,

“হেৰি, আপুনিয়ে এইকণ চলাওক নেকি! আমি ঘৰ পাবহিৰে হ’ল!”

তেওঁৰ কথাখিনিত অন্তৰ্নিহিত সংকোচৰ ভাৱটো বৰুৱাই ঠিকেই ধৰিব পাৰিলে৷ গাঁৱৰ বোৱাৰী এজনীয়ে এনেকৈ ভানত পৰিয়ালক উঠাই নিজে চলাই অনাৰ গুজবটো আকৌ নোলাওক বুলিয়ে তেওঁৰ এই সাবধানতা৷ বৰুৱাই তেওঁক সহজভাৱে ক’লে,

“নাই, চলোৱা তুমিয়ে!”

বৰুৱাই জানে, তেওঁৰ পত্নীক এনে সংকোচে, এনে সীমাবদ্ধতাই বান্ধি ৰাখিব নোৱাৰে৷ সেয়ে ইছ্ছাকৃতভাৱে তেওঁ মানুহগৰাকীক ভুৱা আৱৰণেৰে ঢকাৰ চেষ্টা নকৰিলে৷ 

গাওঁৰ সীমামূৰীয়া পথাৰখন পাওঁতেই মানুহগৰাকীয়ে ওৰণিখন ভালকৈ টানি লৈ ল’লে৷ অৰুণা আৰু পাৰ্থই মাকৰ কাৰবাৰ দেখি মুখটিপি হাঁহিলে৷ গাৱঁৰ মানুহবোৰৰ আশ্চৰ্য্য দৃষ্টি প্ৰায় আওকাণ কৰিয়ে তেওঁলোকৰ ঘাইঘৰৰ সন্মুখত গাড়ীখন ৰ’লগৈ৷ চোতালতে চকী এখনত বহি থকা ককাকৰ ওচৰলৈ পাৰ্থ আৰু অৰুণাই দৌৰ দিলে৷ 

সিহঁতৰ পিছতে তেওঁৰ ভৰি চুই সেৱা কৰিব খোজা মানুহগৰাকীক তেওঁ ক’লে,

“ আও! বোৱাৰীয়েই চলাই আহিলা যেন পাওঁ!”

“হয় দেউতা! অৰুণাৰ দেউতাকৰ গোটেই ৰাতি বাছত টোপনি ক্ষতি!”

দেউতাকে একো নক’লে৷  বৰুৱালৈ চাই মাথোঁ নীৰৱে  হাঁহিলে৷ সেই হাঁহিত শ্লেষ বা খঙৰ কোনো আভাস নেদেখি মানুহগৰাকী আশস্ত হ’ল! দেউতা ইমান ঠেক-মনোবৃত্তিৰ মানুহ নহয়, ভাৱিলে তেওঁ৷ ভায়েকৰ পৰিয়ালটোৰ স’তে ভাত-পানী খাই সকলোৱে ভাল-বেয়া খৱৰ আলচিলে৷ তেওঁ ভানখন চলাই অহাৰ কথাটো মুকলিকৈ কোনেও নাপাতিলে৷ অৱশ্যে ভাইবোৱাৰী জনীয়ে নিশা ভাত ৰন্ধাৰ পৰত ক’লে, “বৌ, আপুনি হেনো টাউনত এনেকৈয়ে চলাই ফুৰে! মোকো শিকাই দিবনে বাৰু?”

‘’কিয় নিদিম আকৌ? আমাৰ তালৈকে গৰমৰ বন্ধত দীঘলীবাকৈ থকাকৈ আহিবা-ওচৰৰ পথাৰখনতে শিকিব পাৰিবা!”- তেওঁ হাঁহি লৈ ক’লে!

দেউতাকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰুৱাই ভায়েকৰ সৈতে আলচি তেওঁক চহৰৰ ঘৰলৈ দুদিনমানৰ বাবে লৈ অনাৰ সিদ্ধান্তকে ল’লে৷ অন্তত: প্ৰয়োজনৰ সময়ত ডাক্তৰ বা অন্য সুবিধা সমূহ পাবলৈ অসুবিধা নহ’ব৷ পিছদিনাই দেউতাকক লৈ উভতিবলৈ ওলাল তেওঁলোক৷

বয়-বস্তুবোৰ তুলি লৈ বৰুৱাই জোকাৰণি নাখাওক বুলিয়ে দেউতাকক সন্মুখৰ আসনত বহুৱালে ৷ তাৰপিছত নিজে চালকৰ আসনত বহিবলৈ লওঁতেই দেউতাকে ক’লে,

“বোপাই তই পিছত বহগৈ যা! বোৱাৰীয়েই অলপ চলাওক৷ ময়ো চাওঁ আকৌ বোৱাৰীয়ে কিমান ভালকৈ চলায়! এইখন গাৱঁত বোৱাৰীয়েকে চলোৱা ভানত উঠা ময়েই প্ৰথম মানুহ হ’ম কিজানি, নহয়?”

কথাষাৰ কৈয়ে ককাকে হোহোৱাই হাঁহি উঠিল৷ বৰুৱায়ো দেউতাকৰ স’তে হাঁহিত যোগ দিলে৷ মানুহগৰাকীয়ে
​লাজ ভাবটো কোনোমতে লুকুৱাই  ওৰণিখন পুনৰ এবাৰ পৰীক্ষা কৰি ল’লে ৷ সংকোচ বা অসহজ ভাৱৰ শেষ কণিকাটোলৈকে মনৰ পৰা চিৰদিনলৈ জোকাৰি দি তেওঁ গাড়ীখনৰ ষ্টাৰ্ট দিলে৷
-----------------------------------------------------------

১ ডিচেম্বৰ, ২০১৩ ৰ আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত৷http://www.ajirdainikbatori.com/surabhi/main/special2.htm

Sunday, 26 May 2013

‘ৰিভাৰ ডগ’: মহাবাহু ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বংগোপ সাগৰৰ মোহনালৈ এক বৰ্ণাঢ্য যাত্ৰা


‘ৰিভাৰ ডগ’ বৃটিছ পৰ্য্যটক তথা লিখক মাৰ্ক চান্দে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বংগোপ সাগৰৰ মোহনালৈ কৰা পৰিভ্ৰমণ সম্পৰ্কে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী ৷ ১৯৫১ চনত জন্ম গ্ৰহণ কৰা মাৰ্কে জীৱনৰ সৰহভাগ কাল ভ্ৰমণ কৰিয়েই পাৰ কৰিছে৷ শেহতীয়াকৈ তেওঁৰ তাৰা নামৰ হাতীজনীৰ সৈতে ইতিহাসৰ প্ৰথম মহিলা মাউত পাৰ্বতী বৰুৱা (প্ৰতিমা পাণ্ডে বৰুৱাৰ ভগ্নী)ৰ লগ হৈ ভাৰতৰ বিভিন্ন অঞ্চলত কৰা ভ্ৰমণৰ সাৱলীল বৰ্ণনাসমৃদ্ধ ‘ট্ৰেভেলচ অন মাই এলিফেন্ট’ (Travels on My Elephant ) নামৰ গ্ৰন্থখনে আন্ত:ৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে৷

বিখ্যাত লিখক তথা পৰ্যটক চাৰ্লছ এলেন ( Charles Allen )ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন দু:সাহসিক অভিযানৰ অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ ১৯৮২ চনত মাৰ্কে পোন-প্ৰথমে ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বংগোপ সাগৰৰ মোহনালৈকে সমগ্ৰ গতিপথেৰে এনে এক যাত্ৰাৰ পৰিকল্পনা কৰে৷ চাৰ্লছ এলেনে “Last Great Asian Adventure’’ বুলি অভিহিত কৰা এই যাত্ৰাৰ বাবে ভালেমান বছৰ জুৰি অধ্যয়ন আৰু প্ৰস্তুতি চলাই তেওঁ অৱশেষত ১৯৯৮-৯৯ চনত ইয়াৰ শুভাৰম্ভ কৰে৷
মানস সৰোবৰৰ এটা সৰু বৰফাবৃত জুৰিত আৰম্ভ হৈ তিনিখন দেশৰ মাজেৰে, ৫৭১৫ মিটাৰ উচ্চতাৰ পৰা সাগৰ-পৃষ্ঠলৈকে এই ১৮০০ মাইল জোৰা দৈৰ্ঘ্য অতিক্ৰম কৰি বংগোপ সাগৰত বিলীন হোৱা ব্ৰহ্মপুত্ৰ দুয়োপাৰৰ শত-সহস্ৰ লোকৰ জীৱনৰেখা স্বৰূপ৷ এই ব্ৰহ্মপুত্ৰই তীব্বতত চাংপো, তাৰপৰা “হে'য়াৰ-পিন”ৰ আকৃতিৰ গতিলৈ চিয়াং নামেৰে অৰুণাচলত সোমায়হি৷ ই অসমত বিভিন্ন উপনৈসমূহেৰে লগ লাগি বিশাল ৰূপ লয় আৰু সৰ্বশেষত বাংলাদেশত গংগাৰে লগ হৈ পদ্মা নামেৰে সাগৰলৈ গতি লৈ শেষত ই মেঘনা নামেৰে সাগৰত বিলীন হয়৷ গ্ৰন্থখনত এজন বিদেশী পৰ্য্যটকৰ দৃষ্টিভংগীৰে মহাবাহুৰ এই অনন্য ৰূপ, দুয়োপাৰৰ জনজীৱন তথা এই গতিপথৰ আলিয়ে-কেঁকুৰিয়ে লাগি ৰোৱা ইতিহাস সাৱলীলভাৱে অংকিত হৈছে ৷
তীব্বতৰ কৈলাশ পৰ্বতৰ বৰফাবৃত উচ্চতম শিখৰৰত এই অনন্য যাত্ৰাৰ শুভাৰম্ভণি ঘটাই তীব্বতৰ দুৰ্গম অংশ লিখকে খোজেৰে আৰু মাজে মাজে গাড়ী তথা য়াকেৰে অতিক্ৰম কৰে৷ চিয়াঙৰ পাৰৰ গেলিং, টুটিং,ব’না,পাংগ’, পেলিং আদি অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত সৰু-বৰ ভিতৰুৱা অঞ্চলসমূহ মাৰ্ক আৰু তেওঁৰ সহযোগীসকলে খোজেৰে পৰিভ্ৰমণ কৰে। এই সমগ্ৰ যাত্ৰাপথত হোৱা বিভিন্ন অভিজ্ঞতা যেনে- বাঁহৰ ওলোমা সেঁতুৰে পাৰ হওঁতে পিছলি পৰি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, আপঙৰ সোৱাদ তথা এই গাওঁসমূহৰ স্থানীয় মানুহৰ সৈতে হোৱা ভাব-বিনিময়ৰ এক সজীৱ বৰ্ণনাই পাঠকৰ বাবে অধিক মনোগ্ৰাহী কৰি তোলে৷ তাৰোপৰি এই চিৰ-পৰিৱৰ্ত্তনশীল আৰু ৰহস্যময় নৈখনক নিচেই ওচৰৰ পৰা অনুভৱ কৰা লিখকৰ বৰ্ণনাত নৈখন যেন জীৱন্ত হৈ উঠে৷
ব্ৰহ্মপুত্ৰৰ অসমৰ ভিতৰৰ প্ৰায় সমগ্ৰ অংশটো অৰ্থাৎ পূৱৰ অসম-অৰুণাচল সীমান্তৰ পৰা পশ্চিমৰ ধুবুৰী পৰ্যন্ত লিখকে নাৱেৰে ভ্ৰমণ কৰে৷ এই নৌকাযাত্ৰাৰ মাজত ক্ষন্তেকীয়া বিৰতি লৈ তেওঁ ডিব্ৰুগড়, শিৱসাগৰ তথা মাজুলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ভুমুকি মাৰি যায়৷ ব্ৰহ্মপুত্ৰৰ ইপাৰ-সিপাৰ নেদেখা বিশালতাৰ মাজত দিক-বিদিক হেৰুওৱা অৱস্থাত লিখকে বাৰে বাৰে অনুভৱ কৰে এই মহাবাহুৰ সীমাহীন শক্তিৰ প্ৰভাৱ৷ য’ত একোৱেই স্থায়ী নহয়, যিখন নৈয়ে স্ব-ইচ্ছাৰেই দুয়োপাৰৰ অঞ্চলৰ মানচিত্ৰ ঘনে ঘনে সলনি কৰে তাত কোনোৱে যেন প্ৰকৃত অৱস্থান জনা অসম্ভৱ- কেৱল যেন নাৱৰ চালক ‘গামা’ই দিব্যচকুৰে নাৱৰ গতিপথ স্থিৰ কৰি তেওঁলোকক নিৰাপদে আগুৱাই নিছিল ৷ ব্ৰহ্মপুত্ৰৰ মাজে মাজে সিঁচৰতি হৈ থকা জনপ্ৰাণীবিহীন বালিচৰত নিশা কটাওঁতে পুৱতি নিশা আকাশেদি উৰি যোৱা শ-শ ধৃতিৰাজ চৰাই চাই চাই তেওঁ স্বগতোক্তি কৰি উঠিছিল- “Life couldn’t get much better than this”৷ তেনেদৰে মাজুলীৰ কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰি সত্ৰত বিৰাজমান অবিস্মৰণীয় পবিত্ৰতা, শান্তি আৰু নিৰ্মোহে তেওঁক বুৰাই পেলোৱা যেন অনুভৱ কৰিছিল ৷ শিষ্যসকলৰ শান্ত-সমাহিত আধ্যাত্মিক দৃষ্টিয়ে তেওঁক যেন চুম্বকৰ দৰে সন্মোহিত কৰি পেলাইছিল৷ সংসাৰৰ সকলো মায়া-মোহৰ পৰা মুক্ত হৈ মন্ত্ৰমুগ্ধৰ দৰে তেওঁ তাতে ৰৈ যাব খোজা যেন অনুভৱ কৰিছিল৷ সত্ৰৰ কাঠৰ দুৱাৰখন বন্ধ হৈ যোৱাৰ লগে লগে তেওঁ সপোনৰ পৰা সাৰ পাই উঠা যেন ভাৱ হৈছিল৷
ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নানা বিপদ বিঘিনি নেওচি আগবাঢ়োতে এনেদৰেই লেখক নানা পৰিস্থিতিৰ সম্মুখীন হৈছে , মাৰাঠী বন্ধুৰ পৰা আৰম্ভ কৰি জনজাতীয় গাৱঁৰ গাওঁবুঢ়া, অসমীয়া বন্ধু-বান্ধৱী, মিলিটেৰী কৰ্প’ৰেল, বাংলাদেশী আৰক্ষী আদি বিভিন্ন ব্যক্তিত্বৰ সৈতে এই যাত্ৰাৰ মূহুৰ্তবোৰ অতিবাহিত কৰিছে; এই সৰু বৰ ঘটনাবোৰ খুবেই মনোগ্ৰাহী ভাৱে লেখকে বৰ্ণনা কৰিছে। “ৰিভাৰ ডগ’’ৰ এই যুগমীয়া যাত্ৰাত লেখকৰ সহযাত্ৰী ‘ভাইটি’ নামৰ চিকাৰী কুকুৰটোৰ সৈতে সহমৰ্মিতাইয়ো ইয়াক অন্য এক মাত্ৰা প্ৰদান কৰিছে৷ সমগ্ৰ যাত্ৰাৰ বৰ্ণনাৰ মাজত লিখকৰ ৰসবোধেও গ্ৰন্থখনিৰ প্ৰথমৰ পৰা শেষলৈকে পাঠকৰ বাবে উপভোগ্য কৰি ৰাখে৷ যাত্ৰাৰ বাটে পথে লিখকে প্ৰায় সকলো ঠাইৰ ইতিহাস, লোকগাঁথাৰ উল্লেখ কৰি পাঠকক বহু কথা জনাৰ সুযোগ দিছে৷ সকলো মিলি এই গ্ৰন্থখন নিশ্চিতভাৱে সকলো শ্ৰেণীৰ পাঠকৰ বাবে উপভোগ্য হৈ উঠিছে৷ তাৰোপৰি এই গ্ৰন্থখনে বিশ্বৰ অন্য অংশৰ পাঠক সমাজকো আমাৰ এই অঞ্চলৰ চহকী লোকসংস্কৃতি তথা কিংবদন্তী সমূহৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি আশা কৰিব পৰা যায়৷

গ্ৰন্থ–ৰিভাৰ ডগ
(River Dog-A journey down the Brahmaputra)
গ্ৰন্থকাৰ-মাৰ্ক চান্দ (Mark Shand)
প্ৰথম সংস্কৰণ: ২০০২
প্ৰকাশক: লিটল ব্ৰাউন বুক গ্ৰুপ, লণ্ডন (Little, Brown Book Group, London)
মূল্য-৪৮৫ টকা
জুন, ২০১৩ সংখ্যাৰ সাহিত্য ডট অৰ্গত প্ৰকাশিত

Wednesday, 8 May 2013

এনেকৈয়ে জীৱন

পূবৰ আকাশত ধলফাঁট দিবলৈ তেতিয়াও কিছু বাকী৷ নিশাৰ শেষ আন্ধাৰখিনিয়ে ক্ৰমান্বয়ে মুখৰ হৈ অহা পুৱাটোৰ সৈতে যেন যুঁজি যুঁজি ভাগৰি পৰিছে৷ ভিতৰকণিকা নৈৰ দুয়োপাৰে থকা মেনগ্ৰুভ অৰণ্যখনো লাহে লাহে সাৰ পাই উঠিছে৷ তাৰ মাজেৰেই আমাৰ ডিংগী অৰ্থাৎ সৰু হাত নাওখন ধীৰ গতিৰে মহিষামুণ্ডা সুঁতিৰ ফালে আগবাঢ়িল৷ ডিংগীৰ উজনি মূৰত বহি ৰক্ষাকৰে চলৌপ চলৌপকৈ বঠা মাৰিছে৷  তাৰ বঠাই বাৰে বাৰে আঘাত কৰা পানীখিনি সৰু সৰু বগা কণিকা হৈ ছিটিকি পৰিছে। মন্ত্ৰমুগ্ধৰ দৰে নাৱত বহি মই সেই পানীৰ খেলাকে চাই গ'লো। নাওখনৰ ইটো মূৰত বাংগই বঠা ধৰিছে৷ সোঁতৰ বিপৰীতে নাও লৈ যাব লগীয়া হ’লে ময়ো কেতিয়াবা বঠা ধৰোঁ৷ আজি এয়া ভাটা আৰম্ভ হৈছেই। তাতে আমি সাগৰৰ দিশতে আগবাঢ়িছোঁ৷ গতিকে মই আজি অকণমান আৰামেৰে এইকণ বাট যাব পাৰো৷

“মেডামৰ এতিয়াও টোপনি ভঙাই নাই নেকি?” ৰক্ষাকৰে ভঙা ভঙা ওড়িয়া-হিন্দী মিহলি শব্দেৰে মোক সুধিলে৷ গৱেষণাৰ কামত ইয়ালৈ অহাৰে পৰা ময়ো অলপ-অচৰপ ওড়িয়া শিকিছো৷ গতিকে সম্পূৰ্ণ সাৱলীলকৈ ক’ব নোৱাৰিলেও কাম চলাকৈ ওড়িয়াতে পাতিব পৰা হৈছোঁ৷ 

মই তন্ময় হৈ পানীৰ খেলা চাই যোৱা কাৰৱাৰটোকে ৰক্ষাকৰে টোপনিওৱা বুলি ভুল বুজিলে কিজানি৷ তাৰ উত্তৰত একোকে নকৈ মাথোঁ মূৰ জোকাৰিলোঁ৷ 

ৰক্ষাকৰৰ বয়স পঞ্চাছৰো উৰ্দ্ধৰ৷ তেনে এজন মানুহে মোক ‘মাডাম’ বুলি সম্বোধন কৰাটোত বৰ অস্বস্তি পাওঁ৷ প্ৰথম দুদিনমান কেইবাবাৰো নাম কাঢ়ি মাতিবলৈ সোঁৱৰাই দিছিলোঁ। পিছে অফিচৰ সকলোকে তেনেকৈ সম্বোধন কৰাৰ অভ্যাসটো যে ইমান সহজে নাযায় সেয়া এতিয়া বুজি উঠিছোঁ৷ উপায় নাপাই ময়ে সকলোকে ‘ভাই’ বুলি মাতোঁ। ওড়িয়াত ইয়াক ককাইদেউ স্থানীয়জনক সম্বোধন কৰিবলৈ 'ভাই' ব্যৱহাৰ কৰে।

“পৰহি ৰাতি গাৱঁত কি হ’ল গম পায় নে নাপায় মেডাম?”

মোক সাৰ পোৱাবলৈকে যেন ৰক্ষাকৰে কথা আৰম্ভ কৰিলে৷  কৌতুহলেৰে তাৰ মুখলৈ চালো৷ 

ভিতৰকণিকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাতে লাগি থকা গাওঁ ডাংমালত থাকে সিহঁত৷ যোৱা এবছৰে এই গাওঁখনৰ মাটিৰ সৰু সৰু পঁজাবোৰ মোৰ বাবে তেনেই চিনাকি হৈ পৰিছে। তাৰ লগতে চিনাকি হৈ পৰিছে সেই গাঁৱৰ প্ৰায়বোৰ মুখ, সেই শুকান মুখবোৰৰ আঁৰত লুকাই থকা দৈন্যতা আৰু যন্ত্ৰণাবোৰো৷ 

ৰাজ্যখনৰ ৰাজধানীৰ পৰা বাছেৰে মাত্ৰ পাঁচঘন্টা দুৰত্বত এই ভিতৰকণিকা। কিন্তু অঞ্চলটো বাহিৰৰ পৃথিৱীখনৰ পৰা যেন বহু যোজন দুৰত যে ৰৈ গৈছে৷ দুবেলা-দুমুঠি, এসাঁজ ভাল কাপোৰ আৰু মূৰৰ ওপৰত এখন চালিৰ বাবে কৰা হাঁহাকাৰৰ মাজতেই এই মানুহচামৰ জীৱনৰ চকৰি আৱৰ্ত্তিত হয়৷ তাৰ মাজতে খন্তেকীয়াকৈ হ’লেও মানুহবোৰৰ জীৱনত অকণমান ৰং বোলাই যায় যাত্ৰাৰ দৰে অনুষ্ঠানবোৰে৷ মাথোঁ দুদিন আগতে তেনেকুৱা যাত্ৰা এখনেই ডাংমাললৈ আহিছিল। একমাত্ৰ বুনিয়াদী বিদ্যালয়খনতে অস্থায়ীকৈ সজা মঞ্চত যাত্ৰাৰ নাটক হৈছিল। গাৱঁৰ সকলোৰে লগতে ময়ো ওৰে ৰাতি নাটক চালোগৈ৷ পঢ়া-শুনা মানুহ বুলি হাজাৰ আপত্তি কৰা স্বত্বেও মোক তাত সসন্মানে আছুতীয়াকৈ চকী পাৰি বহুৱাইছিল৷ অগৰবাৰ চান্দবালিৰ বজাৰৰ পৰা মই ৰক্ষাকৰ আৰু বাংগৰ কাৰণে দুটা চাৰ্ট কিনি আনিছিলোঁ। তাকে দুয়ো পিন্ধি গৈ সেইনিশা গাঁৱৰ মানুহক গৌৰৱেৰে দেখুৱাই ফুৰিছিল৷ 

মই একো নোকোৱা দেখি ৰক্ষাকৰে নিজেই ক’বলৈ ধৰিলে-

“পৰহি মূৰ্মূৰ শাক-পাচলিৰ বাৰীখন বনৰীয়া গাহৰিয়ে তহিলং কৰি দিলে নহয়৷’’

"ইচ, হয় নেকি?”


মোৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি 
ৰক্ষাকৰ যেন অধিক উৎসাহী হৈ পৰিল। সি মূৰ্মূৰ বাৰীৰ ক্ষয়-ক্ষতিৰ বিশদ বৰ্ণনা দিবলৈ লাগিল৷ মূৰ্মূ বনবিভাগৰ মটৰচালিত নাও ‘মা ঠানুপতি’ৰ চালক৷ যাত্ৰা চাবলৈ গৈ আমাৰ দৰেই তাৰ পৰিয়ালৰ সকলো মানুহ নিশাটো বিদ্যালয়তে কটালে। সেই সুযোগতে বাঁৰীত বনৰীয়া গাহৰিৰ দল এটা সোমাল হেনো৷ লূণীয়া মাটি-পানীৰ এই সাগৰৰ উপকূলীয় ঠাইবোৰত শাক-পাচলি লগাবলৈ এনেয়ে ইমান হাড়ভঙা পৰিশ্ৰম কৰিব লাগে ৷ তাতে আকৌ ঠন ধৰি অহা বাৰীখন এটা নিশাতে তহিলং কৰিলে ঘৰৰ মানুহৰ কেনে অৱস্থা হ’ব মোৰ ভাবিবলৈকে বেয়া লাগিল৷ মোৰ নিজৰ বাবেও অলপ চিন্তা লাগিল৷ মূৰ্মূৰ বাঁৰীখন ডাংমাল গাঁৱৰ ভিতৰতে  ডাঙৰ বাঁৰী। তাৰ পৰাই মোৰ অস্থায়ী ঘৰলৈকো শাক-পাচলি আহে৷ গাঁৱৰ সাপ্তাহিক বজাৰখনত শাক-পাচলি নোহোৱা হ’লে মই আকৌ চান্দবালিৰ বজাৰলৈকে যাব লাগিব৷ 

চান্দবালিলৈ যোৱা মানেইতো সম্পৰ্ণ দুটা দিন কাম বন্ধ ! তালৈ যে বৰ দীঘলীয়া বাট! ডাংমালৰ পৰা নদীৰ ঘাটলৈ দহ কি:মি: বাট চাইকেলেৰে গৈ, তাৰ পৰা আকৌ সৰু মটৰ নাৱেৰে ধামৰা নৈখন পাৰহৈ চান্দবালিৰ বজাৰ পাওঁগৈ মানে বেলি ভটিয়াবৰে হয়গৈ৷

ৰক্ষাকৰে মোৰ মুখলৈ চায়ে মনৰ ভাৱ পঢ়িব পাৰিলে চাগৈ৷ সি সান্তনাৰ সুৰত ক’লে,

“দুদিনমান অজয়ৰ দোকানৰ পৰাই আলু আনি খাব লাগিব আৰু মেডাম৷ এইকেইদিন কাম কৰোঁতে নদীত জাল ধৰিব পাৰিলে মাছো পাম নহয়৷”


ভিতৰকণিকাৰ মূল নৈখন আৰু সুঁতিবোৰত মাছ উভৈনদী৷ কিন্তু ৰাষ্ট্ৰীয় উদ্যান বাবে ইয়াত মাছ মৰা, গছ কটা বা কেকোঁৰা ধৰা সকলো নিষিদ্ধ৷ কিন্তু বেআইনীভাৱে এইবোৰ কম-বেছি পৰিমাণে চলিয়ে থাকে৷ চোৰাং-চিকাৰীয়ে মাছ ধৰিবলৈ এনেকৈ গোপনে পাতি থৈ যোৱা জালৰ কথাকে সি বুজালে৷ 

মই অৱশ্যে এইবোৰ ধৰাত বৰ এটা উৎসাহ নিদিওঁ ৷ তাতকৈ একো নাপালে অজয়ভাইৰ দোকানৰ পৰা আলু আনি খাই থকাই ভাল৷ 

পিছে এই গৱেষণা আৰম্ভ কৰোঁতেই ইয়াৰ মূখ্য বনবিষয়া জনে মোক ভিতৰকণিকাত চলি থকা চোৰাং কাৰবাৰৰ কথা কৈ কৈছিল,

“আপুনিটো প্ৰতিটো সুঁতিলৈ গৈ গৱেষণাৰ কাম কৰিব৷ কামৰ লগতে আমাকো অলপ সহায় কৰি দিব পাৰেচোন৷ আমাৰ মানুহ চোৰাং-চিকাৰী বিচাৰি ৰাতি ৰাতি ঘুৰে৷ কিন্তু প্ৰতিটো সুঁতি ঘনাই পহৰা দিয়া সম্ভৱ নহয়৷ আপুনি কামৰ ঠাইত চোৰাং চিকাৰীৰ কিবা চিন-মোকাম পালে আমাক খবৰ দিবচোন৷’’


এইবোৰত মূৰ গুঁজিবলৈ 
মোৰ বৰ এটা ইচ্ছা নাছিল৷ কাৰণ মই জানো, দুটামান বাহিৰা গোটৰ বাহিৰে ইয়াৰ প্ৰায়বোৰ চিকাৰীয়ে কাষৰীয়া গাৱঁৰ সহজ-সৰল মানুহবোৰহে ৷ তেওঁলোকৰ কোনেও চোৰাং-চিকাৰ কৰিবলৈ এই হাবিত নোসোমায়হি৷ তেওঁলোকৰ বেছিভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে। বহুতে দৈনিক ৰোজগাৰ উলিয়ায় বনবিভাগৰ কাম বা গাঁৱৰ ৰাস্তা বনোৱা কামত হাজিৰা খাতি৷ সেই নামমাত্ৰ হাজিৰাই প্ৰায়বোৰ পৰিয়ালৰে অভাৱ নামাৰে। সেয়ে খৰচৰ জোৰা মাৰিবলৈকে বহুতে এই ঘৰিয়ালেৰে ভৰা সুঁতিবোৰত মাছ বা কেকোঁৰা ধৰিবলৈ আহে৷ এনে মানুহৰ বাবে পেটৰ ভোকৰ সন্মুখত আইনৰ ধাৰণা বহু তলতে পৰি ৰয়৷

অৱশ্যে এতিয়ালৈকে আমি কেইবাবাৰো চোৰাংকৈ পতা মাছধৰা জাল, কেকোঁৰাৰ ফান্দ আদি উঠাই আনি বন-বিভাগত জমা দিছোঁ৷ চোৰাং চিকাৰী অহাৰ চিন দেখা পাই কেইবাবাৰো খবৰো দিছো৷ মোতকৈ এনে কামত সদায়ে ৰক্ষাকৰ আৰু বাংগৰ উৎসাহ বেছি৷ প্ৰথমতে ইয়াৰ কাৰণ বুজা নাছিলোঁ৷ পিছত গম পালোঁ, প্ৰতিটো খবৰৰ বাবে সিহঁতে বিভাগৰ পৰা বকচিচ পায়৷ তাতে মাছ লগা জাল পালে আমি সকলোৱে মাছৰো ভাগ পাওঁ৷

ক্ৰমাৎ চাৰিওকাষে উজ্জল হৈ আহিল৷ আমাৰ ডিংগীৰ গতিও খৰ হ’ল৷ এই এটা বছৰৰ অভিজ্ঞতাৰে দুয়ো জানে যে চৰাইৰ কাকলি প্ৰথম শুনাৰ লগে লগেই আমি কাম আৰম্ভ কৰিব লাগে৷ তথাপিও ৰক্ষাকৰৰ কথাৰ গতি নকমিল৷ কথাৰ লগে লগে সুঁতিৰ দুয়োপাৰেও সি তীক্ষ্ন দৃষ্টি দি গ’ল৷ সি মুখ ফুটাই নক'লেই বুজিলোঁ, এতিয়া ভাটাৰ সময় যেতিয়া সুঁতিবোৰত পানী কমি আহিছে। গতিকে চোৰাং চিকাৰীয়ে নিশাতে আহি সুঁতিৰ ইপাৰ সিপাৰ কৰি পাতি যোৱা জালবোৰ এতিয়া ওলাই পৰাৰ সম্ভাৱনা৷

“ৰক্ষাকৰ ভাই, কাম শেষ কৰি ঘুৰি আহোতেও জাল চাব পাৰিব।এতিয়া আমি সোনকালে পাবগৈ লাগে দেই৷’’

মই সঁকিয়ালোঁ ৷ উপায় নাই৷ ৰক্ষাকৰ শৈশৱৰে পৰা এই অৰণ্যত পিতপিতাই ঘুৰি ফুৰি ডাঙৰ হৈছে। গতিকে এতিয়াও মানুহজনৰ মনত অহৰহ ক’ত মাছ বা কেকোৰাঁ পোৱা যাব, ক’ত মৌবাহ পোৱা যাব আদিৰ চিন্তা৷ সেইবাবেই এই অৰণ্যৰ গছ-লতা, জীৱ-জন্তুৰ বিষয়ে মানুহজনৰ জ্ঞানৰো তুলনা নাই৷ বাংগৰো ঘৰ এই একে গাঁৱত যদিও দুশ্ৰেণী পঢ়াৰ জহতে সি কেৰেলাৰ প্লাইউদ কাৰখানাত কাম কৰাৰ সুবিধা পালে৷ বহুদিন তাতে থাকি এতিয়া তাৰ চাকৰিটো জোৱায়েকক দি বাংগ গাঁৱলৈ উভতি আহিছে ৷

কিছুপৰৰ পিছতে আমি মহিষামুণ্ডা পালোগৈ৷ মহিষামুণ্ডা সুঁতিটো ভিতৰকণিকা নৈখনত মিলি যোৱা ঠাইতে ৰক্ষাকৰে সাৱধানেৰে নাওখন চম্ভালিলে৷ 

মোৰ মনত পৰিল, এই ঠাইতে এদিন এটা ঘৰিয়ালে আমাৰ ডিংগীৰ পিছ লৈছিল৷ সিদিনা বহুপৰলৈ আমাৰ পিছে পিছে ঘৰিয়ালটোৰ পিঠিৰ জোঙবোৰ পানীৰ ওপৰত ভাঁহি আহি আছিল। প্ৰথমতে ঘৰিয়ালে এনেকৈ পিছ ল’ব পাৰে বুলি মোৰ বিশ্বাসেই হোৱা নাছিল৷ কিন্তু ৰক্ষাকৰ আৰু বাংগ দুয়ো কৈছিল, এই ঘৰিয়ালটো সিহঁতে ভালকৈয়ে চিনি পায়৷ ঘৰিয়ালটো হেনো বৰ চতুৰ আৰু এনেকৈয়ে মনে মনে মানুহৰ পিছ লয়৷ এই ঘৰিয়ালেই হেনো  নিৰাকৰৰ মানুহজনীক কেকোঁৰা ধৰিবলৈ আহোতে জোৱাৰৰ সময়ত পাৰৰ পৰা টানি নিলে৷ লগত অহা দুজনী গাভৰু ছোৱালী ভাগ্যৰ বলত সাৰিল৷ পিছত কোনেও মানুহজনীৰ চুলি এডালো বিচাৰি নাপালে৷ বেআইনীভাৱে অৰণ্যত সোমোৱাৰ বাবে চৰকাৰেও সিহঁতলৈ কোনোদিনে ঘুৰি নাচালে৷ কেকোঁৰা বেচি দুশ-তিনিশ মান টকা পাবলৈকে কোনোবা মানুহে যে নিজৰ জীৱনক এনে বিপদলৈ ঠেলি দিব পাৰে সেয়া সঁচাই অবিশ্বাস্য৷

ৰক্ষাকৰৰ মাতত মোৰ সম্বিত ঘুৰিল৷ সি পানীৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা দীঘল বাঁহডাল উলিয়াই ক’লে,

“ইয়ে....এইডালৰ মিটাৰৰ চিনবোৰ এৰালেই চোন৷ সোনকালেই চিনবোৰত আকৌ ৰং লগাব লাগিব৷”

“এইবাৰ বাহডালত ৰং লগাই সংখ্যাবোৰো তই লিখিবি দেই, মই বেলেগ কাম কৰিম৷”

বাংগই কথাষাৰ কৈয়ে মোলৈ চাই মুখ টিপি হাঁহিলে৷ 

ৰক্ষাকৰ সম্পৰ্ণ নিৰক্ষৰ বাবে দুশ্ৰেণী পঢ়া বাংগই মোক ফিল্ডৰ লিখা মেলা কামত সহায় কৰে৷ ৰক্ষাকৰকো দহটা সংখ্যা আৰু ইংৰাজী বৰ্ণমালা অলপকৈ শিকাইছোঁ৷ কিন্তু এইবোৰত লাগি থাকিবলৈ মানুহটোৱে বৰ টান পায়৷ ঘৰত কিবা লিখি আনিবলৈ দিলে সৰু ল’ৰাৰ দৰে কলমটো বেয়া হ’ল বা কাগজ নাছিল বুলি ফাঁকি দিয়ে৷ এইবোৰ কথাত বাংগ আৰু মই খুউব হাঁহো ৷ এবাৰটো কাগজ নাই বুলি মিছাকৈ কোৱাত শাস্তি দিবলৈকে মই মানুহটোক নিজৰ দাখনৰ নালতে সংখ্যা লিখিবলৈ দিছিলো৷ আমি দৰকাৰী ঠাইবোৰত চিন দিবলৈ ৰখা হালধীয়া ৰঙ ৰক্ষাকৰে থেৰোগেৰোঁকৈ ব্ৰাছত লগাই লৈছিল। বেছ কিছুপৰ যুঁজি থাকি এটা সময়ত আমাক দাখন দেখুৱাইছিলহি। দাখনত ওলোটাকৈ লিখা ‘তিনি’ সংখ্যাটো দেখি বাংগই সিদিনা এনে হাঁহি মাৰিছিল যে পিছৰ কেইবাদিনলৈ ৰক্ষাকৰে পঢ়া-শুনাৰ নামকে লোৱা নাছিল৷

এতিয়াও সি আমাৰ হাঁহিক আওকাণ কৰি একমনে ডিংগীখন চম্ভালিলে৷ মই মাছোৰোকা চৰাই এটাৰ নিৰীক্ষণত লাগিলোঁ৷ সুঁতিলৈ হাউলি পৰা ডাল এটাত পৰি চৰাইটোৱে কিছুপৰ জোপ লৈ থাকিল। চাই থাকোঁতেই ভুটুংকৈ পানীত ডুব দিলে আৰু মুখত মাছ এটা লৈ উৰা মাৰিলে। মই খৰকৈ পৰ্য্যবেক্ষণবোৰৰ টোকা কৰিলোঁ। সেইখিনি সময়তে বাংগই  পানীৰ সোঁত, গভীৰতা আদি জুখি লিখি গ’ল৷ 

এইবাৰ আমাৰ ডিংগীখন লাহে লাহে আৰু একেবাৰে নীৰৱে সুঁতিৰ মাজেৰে আগবাঢ়িল৷ সম্পূৰ্ণ সুঁতিটো ছাৰ্ভে কৰি উঠি ডিংগীখন সুবিধাজনক এঠাইত গছৰ গাত বান্ধি আমি জিৰালোঁ৷ ভাটাৰ সময় বাবে সুঁতিৰ পানী পাৰৰ অৰণ্যতকৈ বহু তলেদি বৈছে৷ গতিকে পাৰৰ আলতীয়া আৰু পিছল বোকা পাৰ হৈ কেনিও যোৱাৰ উপায় নাই৷ সেয়ে আনদিনাৰ দৰে নৈৰ পাৰলৈ গৈ মুকলি ঠাইত বহি খোৱাৰ সলনি আজি আমি ডিংগীতে খাবলৈ বহিলোঁ৷ তিনিও পানী দিয়া পইতা ভাত আৰু আলুপিটিকা বৰ তৃপ্তিৰে খালোঁ৷ খোৱাৰ মাজতে ৰক্ষাকৰে ক’লে,

“কালি ভ’জ’ৰ পৰা লোৱা ডাবটো আনিছোঁ নহয়৷ মেডামে ইয়াতে খাব পাৰিব৷”

ভ’জ’ ডাংমালৰে ডাব নাৰিকলৰ বেপাৰী৷ ভিতৰকণিকালৈ অহা পৰ্য্যটকৰ মাজত বিক্ৰী কৰিবলৈ সি চাইকেলত ওলোমাই ডাব আনে৷ বনবিভাগৰ কোৱাৰ্টাৰতে থাকো বাবে মোৰ ঘৰত সদায়ে সি দুটাকৈ ডাব দি যায়৷ দুপৰীয়াৰ অসহ্য গৰমত উভতি গৈ ডাবৰ পানী খোৱাৰ আমেজেই সুকীয়া।

“চাওঁ, দাখন দে, মেডামক ডাবটো কাটি দিও ৷’’ খাই উঠি বাংগই ক’লে৷

“মই আধাৰাতিতে খৰধৰকৈ আহোতে দাখন আনিবলৈ পাহৰিলোঁ, তোৰখন কি কৰিলি?” ৰক্ষাকৰে ভেকাহি মৰাৰ সুৰেৰে ক’লে৷

বাংগ ৰক্ষাকৰতকৈ বয়সত কিছু সৰু। মানুহটোৱে কথা বতৰাও কমকৈ কয়৷ ৰক্ষাকৰৰ দৰে কথা-চহকী মানুহৰ লগত সি চাগৈ মুখ চুপতি মাৰি থাকিবলৈকো টান পায়৷ আৰু ৰক্ষাকৰেও ইয়াৰে সুযোগ লৈ হোৱাই নোহোৱাই বাংগক দাবী-হুমকি দি থাকে৷ দুয়োজনৰ মাজত আকৌ থোতামোজা আৰম্ভ হয় বুলি মই ক’লোঁ,

“হ’ব, নালাগে ৷ মই ঘুৰি গৈ ঘৰতে ডাব খামগৈ আৰু!”

আধাঘন্টামান জিৰণি লৈ আমাৰ ওভোটনি যাত্ৰা আৰম্ভ হ’ল৷ এইবাৰ উজাই আগবঢ়া বাবে ময়ো বঠা ধৰিলোঁ৷ জোৱাৰ আৰম্ভ হ’বলৈ এঘন্টা মান বাকী৷ ৰক্ষাকৰে এইবাৰ সুঁতিৰ দুয়োপাৰে খুউব মন দি চাই আহিল৷ কেইবাঠাইতো আমি চোৰাং কৈ জাল পতাৰ চিন পালোঁ, কিন্তু জাল ইতিমধ্যেই উঠাই নিয়া হৈছিল৷ ৰক্ষাকৰক সেইবিষয়ে ফৰেষ্টাৰক জনাবলৈ ক’লোঁ৷

আমাৰ কেম্প পাবলৈ মাথোঁ কিছুদুৰ বাকী আছিল৷ দুপৰীয়াৰ ৰ’দজাক মূৰতে পৰাত মোৰ অলপ টোপনি টোপনি ভাৱো আহিছিল৷ এনেতে ৰক্ষাকৰৰ মাত শুনি সচকিত হৈ উঠিলোঁ৷

“মেডাম, চাওক, চাওক৷ মানুহ আছে৷”

দেখা পালোঁ নৈৰ সোঁফালে ভাটাৰ পানীয়ে উদঙাই দিয়া পাৰৰ আলতীয়া বোকামাটিত মানুহৰ খোজ ৷ খোজবোৰ সতেজ! বুজিলোঁ, অলপ সময় আগতে কোনোবা আহিছিল৷ হয়তো এতিয়াও হাবিৰ মাজতে আছে৷ নাইবা আমাৰ কথা-বতৰা শুনি বনবিভাগৰ মানুহ বুলি ভয় খাই আঁতৰি গৈছে৷ কেকোঁৰা ধৰিবলৈ পুঁতি থোৱা ফান্দৰ ৰছী কেইডালমানো আমাৰ চকুত পৰিল৷ 

ৰক্ষাকৰ আৰু বাংগ দুয়ো উত্তেজিত হৈ উঠিল৷ ৰক্ষাকৰে ক’লে,

“মেডাম, আমি নামি গৈ চাই আহোঁ৷ মানুহ এতিয়াও ভিতৰতে আছে৷’’

মই দুয়োৰে উৎসাহ দমাবলৈকে নিৰ্বিকাৰ হৈ ক’লোঁ-

“নালাগে থাকক, কেকোঁৰাহে ধৰিবলৈ আহিছে চাগৈ৷ ঠাইখনৰ কথা ছাৰক কৈ দিলেই হ’ব৷”

পিছে ৰক্ষাকৰ আৰু বাংগ দুয়ো গৈ চাই আহিবলৈ বৰকৈ মন কৰিলে। উপায় নাপাই সঁচাকৈয়ে কোনোবা আছে নেকি তাকে চাই আহিবলৈ ক'লোঁ৷ ক’বতো নোৱাৰি, বাহিৰৰ কোনোবা হ’লে লগত বন্দুকো থাকিব পাৰে ৷ 

পাৰৰ পৰা পানীৰ ফালে বেঁকা হৈ পৰা সুন্দৰী গছ এজোপাতে ৰক্ষাকৰে ডিংগীখন চপালে। তাৰপিছত দুয়ো নামি লৈ আলতীয়া বোকাৰে খুপি খুপি আগবাঢ়িল৷ মই ডিংগীতে বহি বাট চাই ৰ’লোঁ৷ 

প্ৰায় বিশমিনিটমান সময় পাৰ হৈ গ’ল৷ মোৰ চিন্তাই লাগিল৷ কিন্তু ভাৱিলোঁ, কেম্পৰ ইমান ওচৰৰ ঠাইলৈ এই সময়ত বাহিৰৰ কোননো আহিব৷ বাহিৰৰ পৰা চোৰাং-চিকাৰী আহিলে সাধাৰণতে মাজনিশা বাঁহৰ জালিত পলিথিন লগোৱা নাৱেৰেহে আহে৷ হয়তো ওচৰৰ গাঁৱৰে মানুহ! কাৰণ সুঁতিৰ এইপাৰে ডাংমালকে ধৰি কেইবাখনো গাওঁ ওলাবগৈ পৰা লুংলুঙীয়া বাট আছে৷


কিছুসময়ৰ পিছত দুয়ো নিৰ্বিকাৰভাৱে উভতি আহিল ৷ লগত কোনো নাই। কিন্তু ৰক্ষাকৰৰ হাতত দা এখন৷ 

“কি হ'ল? কাকো নাপালে?”

“নাই, মানুহ কেইটামান পালোঁ৷’’-বাংগই ক’লে

“নধৰিলো আৰু মেডাম৷ গাঁৱৰে দুখীয়া মানুহ! কেকোঁৰাহে ধৰিবলৈ আহিছে৷ অলপ দাবী দি এই দা খনকে ছাৰক দিবলৈ বুলি কাঢ়ি লৈ আহিলো৷’’ ৰক্ষাকৰে নৰম সুৰত ক’লে আৰু বঠা মাৰিবলৈ আৰম্ভ কৰিলে৷

ইমান উৎসাহেৰে যোৱা মানুহ দুজন এনেকৈ নৰম হৈ উভতি অহাত অলপ আচৰিত হ’লো। তথাপি একো নক’লোঁ ৷ 

কিছু সময়ৰ পিছত ৰক্ষাকৰে ক’লে,

“মেডাম, সেই খাবলৈ নোপোৱা মানুহবোৰৰ পৰা দাখন লৈ গৈ ছাৰক দিনো কি কৰিম! ঘুৰায়ে দিম দিয়ক৷ সিহঁতৰ এটাক মই চিনিয়ে পাওঁ৷”

মই হ’ব বুলিয়ে ক’লোঁ আৰু কথাটো বিশেষ নাভাৱিলোঁ৷ এটা সময়ত আমি তিনিও ঘৰ পালোঁগৈ৷ বাংগই চাহ একাপ খাই লৈ গাঁৱলৈ উভতিল৷ ৰক্ষাকৰে মোৰ বাবে সদায় ভাত সাঁজো ৰান্ধি থৈ যায়৷ সি ল’ৰালৰিকৈ ডাবটো কাটি দি পাকঘৰত লাগোগৈ বুলি ক’লে৷ ডাবৰ মিঠা পানীখিনি খাই অঁটাই ফালি লৈ ভিতৰৰ অপৈণত বগা খিনিও খাওঁ বুলি দাখন বিচাৰি আনিলোগৈ৷ ডাবটো ফালিব খোজোতেই মোৰ চকুত পৰিল, এইমাত্ৰ ৰক্ষাকৰে চোৰাংচিকাৰীৰ পৰা কাঢ়ি অনা দাখনত ওলোটাকৈ লিখা হালধীয়া তিনি সংখ্যাটো!

Monday, 22 April 2013

মুম্বাই

বাংগালোৰৰ পৰা মুম্বাইলৈ এটা ইন্টাৰভিউ দিয়াৰ বাবে যাব লগাত পৰিলোঁ৷ লগৰ ল’ৰা চেতানৰ ঘৰ তাতে৷ আজি দুবছৰ ধৰি লগো পোৱা হোৱা নাই৷ সি ক’লে, “মোৰ ঘৰলৈকে আহি যা!” একেলগে পঢ়া আৰু বৰ্ত্তমান বাংগালোৰতে কাম কৰি থকা লগৰ দিব্যাও ওলাল ৷ ক’লে “উই ৱিল হেভ ফান টুগ্যেদাৰ৷’’ শেষত গৈ থৈ ইন্টাৰভিউটো মুম্বাইলৈ যোৱাৰ অজুহাত হে হৈ পৰিলগৈ৷ পৰিকল্পনা চলিল… 

১) কে এছ আৰ টি চি-শ্লীপ লাইক এ বেবী


ইন্টাৰভিউলৈ কেইটামান দিন বাকী থাকোতেহে যোৱাৰ সিদ্ধান্ত লোৱাত খৰধৰকৈ যা-যোগাৰ কৰিব লগাত পৰিলোঁ৷ গতিকে ট্ৰেইনত একো সুবিধা কৰিব নোৱাৰিলো৷ লগৰবোৰে ক’লে বাছেই ভাল-ট্ৰেইনতকৈ বহুত কম সময় লয়৷ ২৪ ঘন্টাৰ ঠাইত ১৮ ঘন্টা৷ হ’ব- ঠিক আছে বুলি ভাৱিলো যদিও ১৮ ঘন্টা বাছেৰে একেৰাহে গৈ থকাৰ কথা ভাৱিয়ে চিন্তা লাগিল! উপায় নাই৷ আগতে কে এছ আৰ টি চিৰ বাছত দীঘলীয়া ভ্ৰমণ কৰাৰ মোৰ বিশেষ অভিজ্ঞতা নাই৷ দিব্যাই তাইৰ ঘৰ চেন্নাইত বাবে বাছেৰে অহা-যোৱা কৰিয়ে থাকে৷ তায়ে ক’লে, তাতে টিকেট কৰোঁ-ভাল চাৰ্ভিছ৷ হৈ গ’ল টিকেট৷ 

"শ্লীপ লাইক এ বেবী" বাছ
যথা সময়ত মেজেষ্টিকৰ কেম্পেগ’ৰা বাছ ষ্টেচন পালোগৈ৷ ম’বইলত এচ এম এচ আহিল আপুনি টিকেট বুক কৰা বাচৰ নম্বৰ অমুক, বাচ এৰাৰ সময় অমুক, আপোনাৰ চিটৰ নম্বৰ অমুক অমুক বুলি! ৰিপৰ্টিঙৰ বাবে ধাৰ্য্য সময়তে বাছ আহিল৷ বাছৰ গাত এটা টোপনিত লালকাল শিশুৰ ছবি, লিখা আছিল, “Sleep like a baby”৷ দিব্যাক আশ্চৰ্য্যৰে ক’লো, “বাহ, এনেকুৱাইনে!!” ধকধকীয়া বগা ইউনিফৰ্মেৰে কণ্ডাক্টৰ আগুৱাই আহিল৷ প্ৰত্যেকৰে টিকেট আৰু আই কাৰ্ড পৰীক্ষা কৰি এজন এজন কৈ যাত্ৰীসকলক সোমাবলৈ দিলে৷ সময়মতেই বাছ চলিল৷ লগে লগে আমাক পানীৰ বটল আৰু কম্বল একোখনকৈও দি গ’ল৷ শীত-তাপ নিয়ন্ত্ৰিত বাছ, আৰামদায়ক আসন, কানাড়া চিনেমা এখন আৰম্ভ হ’ল৷ ইংৰাজী চাবটাইটল নাথাকিলেও তেনেকৈয়ে চাই চাই টোপনি গ’লো৷ নিশা ভাত খাবলৈ এখন ৰেষ্টুৰেন্টত বাছ ৰ’ল৷ কণ্ডাক্টৰে পূৰ্বেই সকীয়াই দিয়া মতেই বিশ মিনিটতকৈ অকনমাণো পলম নকৰাকৈ বাছে গতি ল’লে৷ ট্ৰেফিক জামত ৰৈ মেলি ১৮ ঘন্টাৰ ঠাইত ২০ ঘন্টাৰ অন্তত পিছদিনা বাৰ বজাত মুম্বাইৰ মালাডত নামিলোগৈ ৷ কিন্তু ভৱাৰ দৰে অকণো ভাগৰ নালাগিল, আমনিও নালাগিল৷ I actually slept like a baby :)


২) মুম্বাই-ট্ৰেফিক

আমি গৈ পোৱাৰ দিনাই চেতানে সকীয়াই দিলে মুম্বাইৰ ট্ৰেফিকৰ সমস্যাৰ বিষয়ে৷ গতিকে ইন্টাৰভিউৰ দিনা সোনকালে ওলোৱাৰ সিদ্ধান্ত ল’লো৷ ইন্টাৰভিউ আছিল পুৱা দহ বজাত, ফৰ্ট অঞ্চল মানে দক্ষিণ মুম্বাইত৷ চেতানৰ ঘৰ পশ্চিম মালাডৰ পৰা তালৈ প্ৰায় ৩৫ কিলোমিটাৰ বাট৷ সেয়ে সিহঁতৰ গাড়ীৰে পুৱা আঠ বজাতে ওলালো৷ ইমানকৈ শুনি অহা মুম্বাই ট্ৰেফিক জামৰ পৰা পিছে ৰক্ষা নপৰিলো৷ বান্দ্ৰা-ৱৰলী চি লিংকতে ট্ৰেফিক জামত বহু সময় ৰৈ থাকিব লগাত পৰিলো আমি৷ দিব্যাই ইফালে সিফালে ফটো ল’লে৷ ইন্টাৰভিউ বুলি থকা অৱশিষ্ট অসহজবোধ খিনি আঁতৰাবলৈকে ময়ো ফটো লোৱাত লাগিলো৷ কিন্তু ঘড়ীৰ কাঁটাই যেতিয়া ন-পঞ্চলিছ বুলি সময় দেখুৱালে, মই কিছু চিন্তিত হৈ উঠিলো৷ চেতানক সুধিলো, “আৰু কিমান দূৰ?” সি বোলে, “উই আৰ জ্যাষ্ট দেয়াৰ!” ঘড়ীৰ কাঁটাৰ লগে লগে মোৰ টেনছনো বাঢ়ি গ’ল কিন্তু চেতানৰ উত্তৰ একেটাই থাকিল- “উই আৰ জ্যাষ্ট দেয়াৰ!” দহ বাজি গ’ল-এক দুই মিনিটকৈ সময় গৈ থাকিল৷ আমাৰ গাড়ী মাজে মাজে চলিল, মাজে মাজে জামত আকৌ ৰৈ গ’ল৷ 


চেতানে সন্মুখৰ গাড়ীবোৰক দুটামান গুৱাল-গালি পাৰিলে৷ সাধাৰণতে সকলো সময়তে একেবাৰে টেনছন ফ্ৰী হৈ থকা ধৰণৰ ছোৱালী দিব্যাইয়ো মাজতে এবাৰ সুধিলে মোক, “ তেওঁলোকে জানেতো তই ইন্টাৰভিউ দিবলৈ আহি আছ বুলি?” মই ‘অ’ বুলি কয়েই মনতে নিজক সান্তনা দি থাকিলো৷ কাৰণ ইয়াৰ আগতে সকলো ইন্টাৰভিউতে মই কমেও এঘন্টাৰ আগতেই উপস্থিত হোৱাৰহে অভ্যাস৷ এনেকৈ পলম হ’লে কি কৰা উচিত মোৰ একো ধাৰণাই নাই৷ গতিকে মই নীৰৱে ৰ’লো৷ আমি যেতিয়া এশ বছৰীয়া ঐতিহাসিক মুল্লা হাউচ অৰ্থাৎ মোৰ গন্তব্যস্থান পালোগৈ তেতিয়া দহ বাজি বিশ মিনিট৷ দিব্যা-চেতানে আগবঢ়াই থৈ গুচি গ’ল৷ ইমান ততাতৈয়াৰ মাজতো সিহঁতক ক’বলৈ নাপাহৰিলো, “মোলৈ ৰৈ থাকোতে যিমান ঘুৰিবলৈ মন যায় ঘুৰিবি, কিন্তু বাড়াপাও নাখাবি, মই ওলোৱাৰ পিছত একেলগে খাম!”

গৈ দেখিলো ইন্টাৰভিউ আৰম্ভ হৈছে কিন্তু মোৰ পাল পৰা নাই৷ মোৰ কাগজ-পত্ৰ দেখুৱাই মেলি শান্তিৰ নিশ্বাস লৈ বহিলোগৈ৷ পোন্ধৰ মিনিট মানৰ পিছতেই মোক ভিতৰলৈ মতা হ’ল৷ সময়খিনি ভালদৰেই পাৰ হৈ গ’ল যেনিবা ৷ তাৰ পৰা ওলায়েই দিব্যা আৰু চেতানক খৱৰ দিলো৷ সিহঁত ওচৰতে আছিল, লগে লগেই আহিল৷ এই পঞ্চলিছ মিনিট কি কৰিলে সুধিলো৷ দিব্যাই পৰম সন্তুষ্টিৰে ক’লে বোলে কিনো কৰিব ভাবি নাপাই বড়াপাও খাই আহিল৷ এনেয়ে ইন্টাৰভিউলৈ পলম হোৱাৰ খংটো সামৰি থোৱা আছিলেই৷ এইটোৱে তাকে উলিয়াবলৈ সুবিধা কৰি দিলে৷ জাৰি দিলো দুয়োটাকে৷ পিছত কালাঘোঁৰাৰ অতিকায় আকাৰৰ গিলাচত ফ্ৰেছ কুঁহিয়াৰৰ ৰস খুৱাইহে সিহঁতে মোক শান্ত কৰিলে৷

৩) এদিনৰ বাবে মেৰী ক'ম  



দিব্যাই তোলা সেই ফটোখন 
দিব্যা আৰু চেতানৰ লগত এদিন লোকেল ট্ৰেইনত মালাডৰ পৰা চাৰ্চগেটলৈ বুলি উঠিলো৷ চেতান চিধাই গৈ দুৱাৰমুখত থিয় দিলেগৈ, তাত ৰৈ বতাহ খাই খাই গৈ হেনো তাৰ বিৰাট আৰম লাগে! ভিৰৰ বাবে দিব্যা আৰু মই দুয়ো থিয় হৈয়ে গৈ আছিলো৷ ট্ৰেইন চলি থকাৰ মাজতে বহা আসনৰ পৰা এজন বয়সস্থ লোকে দিব্যাক মাত লগাই কিবা সুধিলে৷ দিব্যাই মাত্ৰ হাঁহি লৈ ‘ন’’ বুলি কৈ থ’লে৷ ষ্টেচনৰ কথা সুধিছে বুলি ময়ো বিশেষ গুৰুত্ব নিদিলো৷ পিছত মানুহৰ ভিৰ কমাত আমি দুয়োজনীয়ে যেতিয়া শান্তিৰে এচুকত বহিলোগৈ দিব্যাই ক’লে, মানুহজনে সুধিছিল, “এওঁ মেৰী ক'ম নেকি?” এওঁ মানে দিব্যাৰ কাষত থিয় দি থকা মই! মোৰ আশ্চৰ্য্যৰ সীমা নোহোৱা হ’ল! কিন্তু দিব্যাই ক’লে এইটো ইমানো অস্বাভাৱিক কথা নহয়৷ তাই যুক্তি দিলে যে প্ৰথম দেখিলে আমাৰ উত্তৰ-পূবৰ মংগোলীয় সাঁচৰ সকলো মানুহকে সিহঁতৰ দৰে বাহিৰৰ মানুহৰ একে যেন লাগে৷ কিছুদিন ওচৰৰ পৰা পালেহে হেনো পাৰ্থক্যবোৰ দেখা পায়৷ গতিকে মোৰ মংগোলীয় চেহেৰা দেখি মেৰী কম বুলি ভুল কৰাটো একো ডাঙৰ কথা নহয়৷ মোৰ প্ৰতিক্ৰিয়া কেনে হোৱা উচিত ভাৱি নাপালো৷ কিন্তু পিছত কাৰৱাৰ নামৰ কৰ্ণাটকৰ সীমান্তৱৰ্তী ঠাই এখনত মেৰী ক'মৰ বিশাল হৰ্ডিং এখন দেখি দিব্যাই কৰা অন্যায় (?) অনুৰোধ ৰাখি মই ফটোৰ বাবে প’জ দিব লগা হ’ল৷


৪) জুহু বীচ্চত এটা প্ৰাণোচ্ছল গধূলি

এনিশা বাইদেউ দুগৰাকীৰ লগত অন্ধেৰীত থাকিলো৷ নিশা সিহঁতে জুহু বীচ্চলৈ লগ ধৰিলে- ওলালো৷ অট’ৰে গৈ বীচ্চত নামিলোগৈ৷ দেখিলো দিনটোৰ আমনিদায়ক গৰমৰ আতিশয্যৰ পৰা সকাহ পাবলৈকে নেকি সাগৰৰ পাৰত অলেখ অসংখ্য মানুহ ৷ কোনোৱে পাৰে পাৰে খোজ দিছে, কোনোৱে পানীত খেলিছে, কোনোৱে জুম পাতি লৈ আড্ডা দিচে, কোনোৱে আকৌ বালিতে কাপোৰ এখন পাৰি ক্ষন্তেকৰ বাবে দীঘল দিছে৷ বীচ্চৰ একাষে শাৰী শাৰী ফাষ্ট ফুড ষ্টলত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ আমি বহুপৰ সাগৰৰ চেঁচা বতাহৰ আমেজ লৈ লৈ বালিৰ ওপৰেদি খোজ কাঢ়িলো৷ প্ৰচণ্ড গৰমৰ পৰা আহি মন শাঁত পৰি গ’ল৷ কণমাণি বোৰে সাগৰৰ ঢৌবোৰৰ স’তে কৰা খেলাবোৰ চাই তবধ মানিলো৷ ভয় বা আশংকাৰ যেন চিন চাবেই নাই৷ মাক-দেউতাকেও ল’ৰা-ছোৱালীক ইচ্ছামতে স্ফূৰ্তি কৰিবলৈ দি বালিত বহি আৰাম কৰিছে, আড্ডা দিছে৷ দিব্যাই ক’লে, চেন্নাইত সাগৰৰ পাৰত এনে দৃশ্য এতিয়া দুৰ্লভ৷ নিশা বাৰ বজাৰ পিছত কাকো বীচ্চত থকাৰ অনুমতি দিয়া নহয়৷ কেইবাটাও দুৰ্ভাগ্যজনক ঘটনাৰ পিছত শেহতীয়াকৈ এনে পদক্ষেপ লোৱা হৈছে হেনো৷ 


জুহুৰ বীচ্চৰ গধুলি
যি নহওক গা-মন শীতল কৰি ফাষ্ট ফুডৰ দোকানবোৰলৈ গ’লো৷ সোমায়েই মূৰ ঘুৰাই গ’ল৷ সীমা-সংখ্যা নোহোৱা দোকান, অলেখ অজস্ৰ খোৱাবস্তু, কেনি যাম-কি খাম যেন অৱস্থা হ’ল৷ তাতে প্ৰতিখন দোকানৰ পৰা একোজন প্ৰতিনিধি আগুৱাই আহি নিজৰ নিজৰ দোকানৰ গুণ বখানি আমাক খাবলৈ নিমন্ত্ৰণ কৰিবলৈ লাগিল৷ নিমন্ত্ৰণ নহয় যেন টনা-আজোৰাহে! অৱশেষত খালো- বাটাৰত ডুবাই ডুবাই ৰন্ধা পাওভাজি, মুখখন যিমান পাৰি ডাঙৰকৈ মেলিলেও সুমুৱাব নোৱাৰা আকাৰৰ বড়াপাও, বেনাৰসী বুলি মিছাকৈ দিয়া অতি মিঠা চুপাৰিবিহীন পান সকলো খালো৷ 

সিদিনালৈ আৰু একো খাবলৈ পেটত ঠাই নাথাকিল৷

৫) কাৰৱাৰৰ সাগৰ

মুম্বাইৰ পৰা উভতি আহোতে আমি কৰ্ণাটকৰ সীমান্তৱৰ্ত্তী এখন সৰু ঠাই কাৰৱাৰত এটা দিন কটাবলৈ ঠিক কৰিলো৷ চেতানৰ মাকৰ মূল ঘৰ এই ঠাইত৷ সেয়ে আমাৰ স’তে চেতানো আহিল৷ মুম্বাইৰ পৰা ট্ৰেইনেৰে বাৰ ঘন্টা আহি আমি কাৰৱাৰৰ সৰু ৰেলৱে ষ্টেচনটোত নামিলোহি৷ তেতিয়া দিনৰ এঘাৰ বাজিছে৷ আমাৰ প্ৰত্যেকৰে হাতত মজলীয়া আকাৰৰ একোটা পিঠিত লোৱা বেগ৷ চেতানে ক’লে তাৰ মামাকৰ ঘৰ মাজালী নামৰ গাওঁখনত আৰু কাৰৱাৰ টাউনৰ পৰা তালৈ দহ কিল’মিটাৰ মান৷ গতিকে তালৈ যোৱাৰ আগতে আমি কাৰৱাৰৰ বীচ্চ চাই যোৱাৰ সিদ্ধান্ত ল’লো৷

মই প্ৰথম সাগৰ দেখা পোৱাৰ বেছি দিন হোৱা নাই৷ অৱশ্যে তাৰ পিছত সাগৰৰ পাৰৰ মেনগ্ৰুভ অৰণ্যত একেৰাহে পাঁচমাহ থাকি কাম কৰাৰ অভিজ্ঞতা হ’ল৷ তথাপিও শৈশৱৰে পৰা সাগৰৰ পানীত খেলি ডাঙৰ হোৱা চেতান, দিব্যা হঁতৰ দৃষ্টিত মই সাগৰ নেদেখা ছোৱালীজনীয়ে হৈ থাকিলো! গতিকে প্ৰতিবাৰেই এনেকুৱা সুবিধা পালে সিহঁতে মোক সাগৰখন দেখুওৱাৰ দায়িত্বটো উৎসাহেৰে পালন কৰে! এইবাৰ অৱশ্যে দিব্যাও খুউব উৎসাহী হৈ আছিল৷ অতদিনে তাই হেনো পশ্চিমৰ বীচ্চ দেখাৰ সুবিধা পোৱা নাছিল৷ ময়ো বেয়া নাপালো-জুহুৰ মানুহেৰে পূৰ্ণ বীচ্চৰ পিছত কাৰৱাৰৰ নীৰৱ বীচ্চৰ ৰূপো চাই যোৱা হব বুলি৷ কিন্তু আমাৰ মুম্বাই ভ্ৰমণৰ গাইড জনৰে মানে চেতানৰে অকণো উৎসাহ নাই৷ আমি টানি লৈ ফুৰাৰ দৰে হ’ল তাক৷ সি বোলে, সৰুৰে পৰা দেখি অহা একেবোৰ ঠাইকে সি কি উৎসাহেৰেনো বাৰে বাৰে চাব! 

কাৰৱাৰৰ দুপৰীয়াৰ সাগৰ
ভৰ-দুপৰীয়া চোকা ৰ’দ জাক মূৰত লৈ জনপ্ৰাণীশূন্য ৰৱীন্দ্ৰনাথ ঠাকুৰ বীচ্চলৈ গ’লো আমি তিনিওটা৷ চেতানে বালিত বহি দুঘন্টামান সময় ধৰি আমাৰ বেগ আৰু চেন্দেল-জোতাৰ পহৰা দিলে৷ দিব্যা আৰু মই গোটেই পাৰটোত এপাক মাৰিলো, সাগৰৰ ঢৌৰ লগে লগে জাপ মাৰিবলৈ চেষ্টা কৰিলো, সৰু ৰং-বিৰঙী শংখ বুটলিলো৷ তেতিয়া অনুভৱ কৰিলো, সদায় দেখিলেও এই সাগৰৰ ৰূপ কেতিয়াও নতুনত্ব বিহীন হৈ নাযায়, তেনে হৈছে বুলি ভৱাটো আচলতে চেতানৰ ভুল ধাৰণাহে৷

৬)মাজালী-
সাগৰৰ পাৰৰ এখন শান্ত গাওঁ 

অৱশেষত একমান বজাত মাজালীৰ গাঁৱৰ ঘৰ পালোগৈ আমি৷ চেতানৰ ককাক-আইতাক ঢুকুৱাৰ পিছত বৰ্ত্তমান দুজন মামাকে ঘৰখন চলাই আছে৷ ডাঙৰ জনে বিয়া কৰালে-দুজনী ছোৱালী, ৰুচি আৰু অনুস্কা৷ ৰুচি পঞ্চম শ্ৰেণীত, অনুস্কা সপ্তম শ্ৰেণীত৷ দুয়োজন মামাকে পৈতৃক সূত্ৰে পোৱা কাপোৰৰ ব্যৱসায় চম্ভালে৷ সেই অঞ্চলত সেইখনেই আটাইতকৈ ডাঙৰ আৰু পুৰণি কাপোৰৰ দোকান৷ তাতে এইসময়তো বিয়াৰ বতৰ৷ গতিকে দুয়োৰে খাৱন-শুৱন বাদ দিয়াৰ দৰে অৱস্থা৷

মাজালীৰ ঘৰটো পুৰণি, দেখাত বাহিৰৰ পৰা ইমান ডাঙৰ যেন নেদেখায় কিন্তু এবাৰ ভিতৰত সোমালে ইটোৰ পিছত সিটো কোঠা, তলৰ পৰা ওপৰলৈ উঠা-নম কৰা খটখটিৰ মাজত নিজকে হেৰুওৱাৰ উপক্ৰম হয়৷ তাতে দোকানৰ গুডামত বস্তুৰ বাবে ঠাইৰ নাটনি হোৱাত ঘৰৰ অন্য কোঠাবোৰতো শাৰীৰ পেকেটৰ দ’ম লাগি আছে৷ আনকি খটখটিৰো আধা মানুহক অহাযোৱা কৰিবলৈ এৰি দি বাকী অংশত শাৰীৰ পেকেটেৰে ভৰাই থোৱা৷ এই সকলোবোৰৰ মাজেৰে নি চেতানে আমাক প্ৰকৃততে মানুহ থকা কোঠা যেন লগা এটা কোঠাত সুমুৱালেগৈ৷ জিৰণি ল’লো তাতে৷

চেতানৰ মামীয়েকে ৰন্ধা সুস্বাদু কেকোঁৰা আৰু অইষ্টাৰেৰে ভাত খাই এবাগৰ নিদিয়াকৈ ৰ’ব নোৱাৰিলো৷ কিন্তু বেছি সময় নহ’লেই, ৰুচি, অনুস্কাই আমাৰ কোঠাৰ দুৱাৰেদি জুমি জুমি চাবলৈ লাগিল৷ হাত-বাউলি দি মাতিলো৷ দুয়ো উৎসাহেৰে সোমাই আহি কথা পাতিবলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ নিজৰ নিজৰ মেকুৰী পোৱালী দুটা দেখুৱালে, গম পালো ইজনীয়ে সিজনীৰ মেকুৰী চুই চোৱাৰো অধিকাৰ নাই, তেনে হ’লেই তামাম কাজিয়া হৈ যায়৷ ৰুচিয়ে তাইৰ ৰিম’ট কন্ট্ৰলৰ গাড়ী খন দেখুৱালে৷ অনুস্কাই ডিস্ক’ভাৰী চেনেলে প্ৰকাশ কৰা বিশ্বৰ জীৱ-জন্তু, চৰাই আদিৰ ৰং বিৰঙৰ অতিকায় কিতাপখন আনি দেখুৱালেহি৷ মই চৰাইৰ ওপৰত গৱেষণা বুলি জানি ইটো সিটো প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিলেহি৷

গধূলি আমি গাওঁখনতে এপাক মাৰোগৈ বুলি ওলাই গ’লো৷ গাৱঁৰ বাটেৰে পোনে পোনে এক কিল’মিটাৰ মান গ’লেই সাগৰ৷ সেইখিনিতে কেইবাখনো মাছমৰীয়া গাওঁ৷ সাগৰৰ পাৰত বহুতো মাছমৰীয়া নাওঁ৷ এফালে শিলৰ এটা সৰু পাহাৰ৷ শান্ত ঠাইৰ শান্ত সাগৰ৷ তাতে বহি ৰ’লো বহুপৰ৷ 

মাজালীৰ দুভাগ দুৱাৰ
 উভতি আহোতে মন কৰিলো সকলোৰে ঘৰৰ দুৱাৰখনত তল আৰু ওপৰ দুটা ভাগ৷ দুয়োটা লগ লগাই বন্ধ কৰিলে আমাৰ দীঘল দুৱাৰ বোৰৰ দৰেই দেখায়৷ চেতানে ক’লে সেয়া পৰম্পৰাগত ভাৱেই চলি আহিছে৷ দেখি ভাল লাগিল-পুৰণি কৃষ্টি এটা এনেকৈ ধৰি ৰখা দেখি৷ তাৰ বেছিভাগ মানুহে কোংকণি ভাষা কয়৷ চেতানে ক’লে গোৱা মাথোঁ দহ কিল’মিটাৰ মান আঁতৰতে হোৱাৰ বাবে বেছিভাগ মানুহেই তাতে সংস্থাপন লাভ কৰে৷ 


   ***********

সিদিনা নিশাই কাৰৱাৰৰ পৰা বাংগালোৰলৈ বুলি বাছত উঠিলো৷ এইবাৰ প্ৰাইভেট বাছ৷ আমাৰ চিটত বহি আৰামত টোপনি যোৱা মানুহক জগাই আমি নিজে উঠিবলৈ ক’লো৷ মাজনিশালৈকে চিনেমা চলিল৷ লেতেৰা কম্বল দিয়াৰ বাবে নোলোৱাকৈয়ে ৰাতিটো শুই আহিলো৷ কে এছ আৰ টি চি কিয় ভাল তেতিয়াহে বুজিলো৷ 

Friday, 12 April 2013

প্ৰিয় বিহুগীত

এই বিহুৰ বতৰত মোৰ দুটামান প্ৰিয় বিহুগীত ডাউনলোডৰ লিংকসহ তলত উল্লেখ কৰিছৌঁ৷

১)   "চকলা টেঙাটি অকলে নাখাবা.."
কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত

২) ''এ গগণা ৰছী টনা আজি পিতাই মোৰ ডবল ঘটনা....'' 

কন্ঠ-অংগৰাগ মহন্ত আৰু খগেন মহন্ত

৩)  ''লাহে লাহে লাহে বান্ধৈ ঐ''- হুচঁৰি

৪)  ''ম'হৰ শিঙৰ পেঁপাত'' 

কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত

৫) ''লুইতৰ বুকুতে বানপানী আহিলে''

৬) ''বিহুৱান বৈছিলো''

কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত



৭) ''পাটকাই পাৰে হৈ.."- ক'ক ষ্টুডিঅ'ৰ বিহু
কন্ঠ- খগেন গগৈ

৮) ''ধনচেঙ ধনৰ মলা''

৯)  ''গৰু বিহুৰ গধূলি হুচঁৰি গায়''


১০)   ''জেং বিহু''

১১)   ''কেলৈ ফুলিলি ঐ নাজিতৰা''

১২)  বিহু হুঁচৰি


Saturday, 23 March 2013

পৃথিৱীৰ বাবে এঘন্টা



ফটোৰ উৎস- Earth Hour India


আজি অৰ্থাৎ ২৩ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে নিশা ৮.৩০ ৰ পৰা ৯.৩০ বজালৈকে এঘন্টা সময় বিজুলীবাতি নুমুৱাই ৰাখি পৃথিৱীৰ বাবে এঘন্টা (Earth hour) পালন কৰা হব৷ ই প্ৰকৃততে ৱৰ্ল্ড ৱাইড ফান্ড ফৰ নেচাৰ বা চমুকৈ WWF নামৰ সংস্থাৰ তত্ত্বাৱধানত সমগ্ৰ বিশ্ব জুৰি পালন কৰা এক প্ৰতীকী পদক্ষেপ৷ সাধাৰণতে প্ৰতিবছৰে মাৰ্চ মাহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই দিনটোত সকলো ঘৰ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ অপ্ৰয়োজনীয় সকলো বিজুলীবাতি এঘন্টাৰ বাবে নুমুৱাই ৰাখিবলৈ আগ্ৰহ যোগোৱা হয়৷ ইয়াৰ দ্বাৰা বতৰ পৰিৱৰ্ত্তনৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ ওপৰত পৰা প্ৰভাৱসমূহৰ বিষয়ে জনসাধাৰণক সচেতন কৰি তুলিবলৈ চেষ্টা কৰা হয়৷ এই অনুষ্ঠানটো পোন-প্ৰথমবাৰৰ বাবে ২০০৭ চনৰ অষ্ট্ৰেলিয়াৰ চিডনীত আয়োজিত হৈছিল য’ত প্ৰায় ২.২ মিলিয়ন লোকে এটা ঘন্টাৰ বাবে সকলো বিজুলী-বাতি বন্ধ কৰি ৰাখিছিল৷ পৰৱৰ্ত্তী বৰ্ষৰ পৰা আন্ত:মহাদেশীয়ভাৱে এই এঘন্টা পালন কৰি অহা হৈছে৷ এই এঘন্টাৰ মূল উদেশ্য হ’ল-

১) আমাৰ এই বিনন্দীয়া পৃথিৱীখনৰ পৰিৱেশ বিনষ্টকাৰী অপশক্তিসমূহৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ আগ্ৰহ প্ৰদৰ্শন কৰা আৰু সকলোকে একত্ৰিত কৰোৱা৷

২) জনসাধাৰণক এই এটা ঘন্টাৰ বাহিৰেও অন্যান্য উপায়েৰে শক্তিৰ অপচয় ৰোধ কৰিবলৈ উৎসাহ যোগোৱা

৩) এক বহণক্ষম (sustainable) ভৱিষ্যতৰ অৰ্থে বিশ্বৰ সকলো বিভিন্ন ঠাইৰ জনসাধৰণ তথা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ মাজত এক যোগসূত্ৰ গঢ়ি তোলা৷



ফটোৰ উৎস- Green Humour

অৱশ্যে পৃথিৱীৰ বাবে এঘন্টা বৰ্তমান কেৱল এটা ঘন্টাতে সীমাবদ্ধ হৈ থকা নাই৷ ২০১২ বৰ্ষৰ পৰা ডব্লিউ ডব্লিউ এফে “I Will If You Will” নামেৰে এটা নতুন আঁচনি আৰম্ভ কৰে৷ ইয়াৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন দেশত পৃথিৱীৰ বাবে এঘন্টাৰে আৰম্ভ হৈ পৰিৱেশ সংৰক্ষণৰ যুগান্তকাৰীপদক্ষেপ কিছুমান সফলতাৰে আৰম্ভ হৈছে৷ উদাহৰণ স্বৰূপে ৰাছিয়াত সাত বছৰ ধৰি কৰি অহা বিফল প্ৰচেষ্টাৰ পিছত প্ৰায় ১,২০,০০০ লোকৰ স্বাক্ষৰ সম্বলিত এক আৰ্জিয়ে সাগৰত তৈলখণ্ডনৰ সময়ত হোৱা সাগৰৰ পানীৰ প্ৰদুষণ ৰোধ কৰিবলৈ আইনী সংশোধন কৰিবলৈ সক্ষম হয়৷ তেনেদৰে উগাণ্ডাতো বিশ্বৰ প্ৰথমখন ২৭০০ হেক্টৰ জোৰা Earth Hour forest গঠন কৰে৷ বৰ্তমান এই অৱ্যৱহৃত আৰু ব্যৱহাৰৰ অনুপযোগী মাটিত জনসাধাৰণ আৰু বিভিন্ন প্ৰতিষঠানৰ উদ্যোগত স্থানীয় গছ ৰোপণ কৰা হৈছে ৷ একেদৰে অহা জুলাই মাহত ফ্ৰান্সত এক নতুন আইন বলবৎ কৰা হ’ব যাৰ দ্বাৰা সকলো উদ্যাগিক প্ৰতিষ্ঠান আৰু অফিচ-কাছাৰীত নিশা এক বজাৰ পিছত সকলো বিজুলীবাতি নুমুৱাই ৰখাটো বাধ্যতামুলক কৰা হ’ব ৷

বৰ্তমান বতৰ পৰিৱৰ্ত্তনৰ ফলত আমাৰ জীৱনত পৰিব পৰা কুপ্ৰভাৱ সম্পৰ্কে সকলোৱে কম-বেছি পৰিমাণে অৱগত৷ আমি কৰা পৰিৱেশ বিনষ্টকাৰী নানা কামে আমাৰ জীৱনতে ইতিমধ্যে বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷ ইণ্ডোনেছিয়াৰ বানপানী, চীনৰ অত্যাধিক প্ৰদুষণৰ ফলত তাৰ নাগৰিকে ভোগা স্বাস্থ্যজনিত সমস্যা, আমেৰিকাক কঁপাই যোৱা হাৰিকেন ছেণ্ডি আদি সকলো এই পৰিৱেশ বিনষ্টকাৰী কুকৰ্মসমূহৰে ফল৷ গতিকে আমি বাস কৰা এই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি ৰোধ কৰিলে আমি নিজৰ আৰু উত্তৰপুৰুষৰ জীৱন সুনিশ্চিত তথা নিৰাপদ কৰা হব৷ দেখাত এইটো ব্যক্তিগত প্ৰচেষ্টাতকৈ বহু ডাঙৰ পদক্ষেপ যেন লাগিলেও প্ৰকৃততে আমি প্ৰত্যেকেই সচেতন হৈ উঠিলে কিঞ্চিত পৰিমাণে হ’লেও শক্তিৰ অপচয় ৰোধ কৰিব পাৰোঁ৷ শক্তিৰ অপচয় ৰোধ কৰিলে আমি সামূহিকভাৱে পৰিৱেশৰ বাবে বৰঙণি যোগোৱাৰ লগতে আমাৰ নিজৰো বহুতো টকাৰ অপচয়ত বাধা দিব পাৰো৷ অন্যান্য কামৰ লগতে আমি ল’ব পৰা সাধাৰণ পদক্ষেপসমূহ এনেধৰণৰ-
  • পানীৰ সংৰক্ষণ কৰক৷ অপ্ৰয়োজনীয় ভাৱে পানীৰ টেপ খুলি নাৰাখিব৷
  • দৰকাৰ নহ’লে বিজুলীবাতি (লাইট) নুমুৱাই ৰাখক৷ অন্য বাল্বৰ সলনি চি এফ এল বাল্ব লগাওক যি অন্য বাল্বতকৈ ৭৫% শক্তি কমকৈ খৰচ কৰে আৰু দহগুণ বেছি কাৰ্য্যক্ষম হয়৷
  • আহিলা-পাতি কিনোতে শক্তিৰ অপচয় ৰোধ কৰিবলৈ সক্ষম হয় নে নহয় (energy efficiency label) পৰীক্ষা কৰক৷
  • ডেস্কটপৰ সলনি লেপটপ ব্যৱহাৰ কৰক৷ লেপটপে তুলনামূলকভাৱে পাঁচগুণ কম বিজুলীশক্তি খৰচ কৰে৷ ডেস্কটপ ল’লে এল চি ডি স্ক্ৰীণ (LCD screen) থকা লওক৷ কম্পিউটাৰত বেটেৰী পৰিচালনা (power management) সক্ষম কৰি ৰাখক৷
  • অপ্ৰয়োজনীয়ভাৱে প্ৰিন্ট নকৰিব৷ প্ৰিন্ট কৰিলে সদায়ে কাগজৰ দুয়োপিঠিত কৰক৷
  • গাড়ী-মটৰ কমকৈ চলাওক৷ আপুনি নচলোৱা প্ৰতি পাঁচ কি:মি:ত ১.৫ কি:গ্ৰা:কৈ কাৰ্বন –ডাই-অক্সাইডৰ নিস্কাষণ কমিব৷ এনেয়ে ৰৈ থাকিব লগীয়া হ’লে গাড়ী-মটৰৰ ইঞ্জিণ বন্ধ কৰি ৰাখক৷
  • প্লাষ্টিক সম্পূৰ্ণকৈ বৰ্জন কৰক৷ বজাৰলৈ যাওঁতে কাপোৰৰ বজাৰ কৰা বেগ এটা লগত লৈ যাওক৷ কিছুমান বস্তু ভাগে ভাগে পেকিং নকৰাকৈ একেলগে বেগত ভৰাব পাৰি৷
  • সৌৰশক্তি ব্যৱহাৰ কৰা আহিলা-পাতিৰ ব্যৱহাৰ অধিক কৰক৷
  • ব্যৱহাৰ নকৰাৰ সময়ত টিভি, কম্পউটাৰ, ফেন সকলো বন্ধ কৰি থওক৷
  • ফ্ৰিজত থোৱাৰ আগতে খাদ্যবোৰ কিছু ঠাণ্ডা হ’বলৈ দিয়ক৷ একেবাৰে গৰমে গৰমে ভৰাই ৰাখিলে বেছি শক্তিৰ খৰচ হয়৷

পৃথিৱীৰ দুয়োটা মেৰুতে ভৰি থোৱা প্ৰথম অভিযাত্ৰী ৰৱাৰ্ট শ্বোৱানে (Robert Swan) কৈছিল, “আমি প্ৰত্যেকেই অন্য কোনোবাই পৰিৱেশ সংৰক্ষণ কৰিব বুলি ভৱাটোৱে পৃথিৱীৰ বাবে আটাইতকৈ ডাঙৰ সংকট”৷ অথচ আমি য’তেই নাথাকো এই কামত অংশ ল’ব পাৰো, নিজৰ সাৰ্মথ্যৰে অকনমান হ’লেও বৰঙণি আগবঢ়াব পাৰোঁ আমি বাস কৰা এই পৃথিৱীক ধ্বংসৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ৷ তেন্তে আহক আনলৈ আশা পালি নাথাকি আমি নিজে এই আন্দোলনৰ অংশ হওঁ৷ আহক আজি নিশা এঘন্টাৰ বাবে বিজুলীবাতি নুমুৱাই ৰাখি এনে এক মহৎ প্ৰচেষ্টাৰ শুভাৰম্ভণি কৰোঁ৷



সহায়ক উৎসসমূহ-
১) http://www.earthhour.org/
২) http://www.thedailygreen.com/green-homes/latest/7-energy-savers-460608#slide-6
৩)http://www.emd.wa.gov/hazards/haz_simple_ways_to_save_energy.shtml

সাহিত্য ডট অৰ্গৰ এপ্ৰিল সংখ্যাত প্ৰকাশিত৷ চাবলৈ ইয়াত ক্লিক কৰক৷

Sunday, 17 March 2013

চৰাই চিনো আহক


কইম্ব’টোৰত হোৱা চৰাইৰ গৱেষণা বিষয়ক এখন কনফাৰেন্সত ছেলিম আলিৰ ভতিজাক ৰ’ফ আলি (Rauf Ali) য়ে তেওঁৰ বক্তৃতাৰ আৰম্ভণিতে কৈছিল যে পক্ষী বিষয়ক গৱেষণা কৰা লোকক সততে এটা প্ৰশ্ন সোধা যায়৷ প্ৰশ্নটো হ’ল, “আপুনি কেতিয়াৰ পৰা পক্ষী নিৰীক্ষণ (Bird-watching) কৰিবলৈ ল’লে?” তেওঁৰ মতে প্ৰকৃততে প্ৰশ্নটো ইয়াৰ ওলোটাহে হ’ব লাগে৷ কাৰণ শৈশৱত আমি প্ৰত্যেকেই জ্ঞাতে বা অজ্ঞাতে পক্ষী নিৰীক্ষণ কৰোঁ৷ ৰং-বিৰঙী চৰাই, সিহঁতৰ কিচিৰ-মিচিৰ মাত-কথাই আমাৰ শৈশৱৰ একাল ৰঙীণ কৰি ৰাখে৷ তাৰোপৰি বয়স নিৰ্বিশেষে চৰাইৰ দৰে উৰিব খোজাৰ হেঁপাহে আমনি নকৰা লোক খুবেই কম ওলাব৷ উদাহৰণস্বৰূপে ব্যক্তিগতভাৱে, শৈশৱৰ স্মৃতি বুলি ক’লে অন্য হাজাৰটা কথাৰ লগতে মোৰ মনলৈ আহে পুৱা শুই উঠিয়ে কেনেবাকৈ অকলশৰীয়াকৈ শালিকা দেখিলে দিনটো বেয়াকৈ যোৱাৰ ভয়ত যোৰ পাতিবলৈ আৰু এটা শালিকা বিচাৰি চলাথ কৰা, বাৰিষা ঘৰৰ ওপৰেদি উৰি যোৱা গঙাচিলনীটোৱে বানপানী অহাৰ বতৰা দিছে বুলি শংকিত হৈ পৰা, আকাশেদি উৰি যোৱা বগলীহালক ‘বগলী বগা ফোঁট দি যা, দি যা’ বুলি কাবৌ কৰা ইত্যাদি স্মৃতিবোৰ৷ তাৰোপৰি পুৱাতে ৰুণ দি দি চাউল খুজি থকা কপৌহালক সন্তুষ্ট কৰা, ঘৰৰ মুধচৰ ফাঁকত কূটা কঢ়িয়াই কঢ়িয়াই বাহ সঁজা ঘৰচিৰিকা হালৰ লগত কটোৱা সময়বোৰৰ কথা নক’লোৱে বা!

কিন্তু বয়সৰ লগে লগে নানা ব্যস্ততাই বা জটিলতাই আমাক প্ৰকৃতিৰ এই মনোমোহা ৰাজ্যখনৰ পৰা আঁতৰাই আনে৷ আমি হেৰাই যাবলৈ বাধ্য হওঁ এখন যান্ত্ৰিক পৃথিৱীত৷ সেয়ে ৰ’ফ আলিয়ে কৈছিল, আমি প্ৰত্যকেই আচলতে সুধিব লগীয়া প্ৰশ্নটো হ’ল, “ আমি কেতিয়াৰ পৰা পক্ষী নিৰীক্ষণ কৰিবলৈ এৰিলো?’’ সঁচা কথা, এইখন প্ৰতিযোগিতাৰ পৃথিৱী৷ ইয়াত কাৰো অন্য একো ভৱাৰ সময় নাই ৷ কিন্তু তথাপিও আমি হৃদয়ৰ একোণত সেই নিভাঁজ আমেজকণ সাঁচি থওঁ চিৰদিনলৈ কাৰণ আমিও প্ৰকৃতিৰেই এটা অংশ ৷ সেইবাবেই হয়তো আমাৰ মনটোৱে যেতিয়া অকণমাণো জিৰণি লোৱাৰ কথা ভাৱে, আমি ব্যাকুল হৈ পৰো এই আধুনিক বিশৃংখল পৃথিৱীৰ পৰা আতঁৰি আৰণ্যক নিৰ্জনতাৰ মাজত ডুব গৈ মনটোত শান্তি দিবলৈ৷ আৰু সেইবাবেই সুবিধা পালেই আমি অভয়াৰণ্য-ৰাষ্ট্ৰীয় উদ্যান সমূহলৈ যাওঁ, নতুন বছৰৰ ভোজ খাওঁ কোনোবা নদীৰ পাৰত অৰণ্যত, চেষ্টা কৰো ব্যস্ত জীৱনৰ কেইটামান মূহূৰ্ত প্ৰকৃতিৰ সৌহাৰ্দ্যত কটাই নিজকে প্ৰাণোচ্ছল কৰি তুলিবলৈ৷

যদি আপুনিও এনে এজন প্ৰকৃতিৰ মাজত থাকি ভালপোৱা ব্যক্তি, একান্ত মনেৰে বিচৰা স্বত্বেও বহুসময়ত আধুনিক জীৱনৰ নানা লেঠাত পৰি প্ৰকৃতিৰ কোলাত মনটো অকণমান সতেজ কৰি তোলাৰ হেঁপাহকণ অৱদমিত কৰি ৰাখিবলৈ বাধ্য হয়; তেন্তে আপোনালৈ এটা সুখৱৰ আছে৷ আপুনি জানেনে, আপুনি য’তেই নাথাকক নিজৰ আশে পাশে থকা ঠাইতে আপুনি সেই হেৰাবলৈ ধৰা আমেজকন ল’ব পাৰে ৷ ইয়াৰ বাবে বহুতো উপায় থাকিব পাৰে৷ কিন্তু শেহতীয়া ভাৱে আটাইতকৈ জনপ্ৰিয় হৈ উঠা এনে এটা উপায় হৈছে পক্ষী নিৰীক্ষণ৷ উৰিব পৰাৰ বাবে আৰু সময়ৰ লগে লগে বাঢ়ি অহা নগৰ অঞ্চল সমূহত নিজকে সফলভাৱে অভিযোজিত কৰিব পৰাৰ বাবে চৰায়ে বিশ্বৰ প্ৰায় সকলো ঠাইতে বিস্তৃতি লাভ কৰিছে৷ সেয়ে আমি য’তেই নাথাকো , সকলো ঠাইতে চৰায়ে মানুহৰ আশে পাশে প্ৰকৃতিৰ সেই বিনন্দীয়া জগত খন কঢ়িয়াই লৈ যায়৷ অৱশ্যে এনে বহুতো প্ৰজাতি আছে যি কেৱল অৰণ্যতহে বাস কৰে- মুকলি বা মানুহ থকা ঠাইত এইবোৰ চৰাই সাধাৰণতে দেখা নাযায়৷ তথাপিও আপুনি নিজৰ আশে পাশেই চাব পৰা বহুতো নানাৰঙী চৰায়ে আছে৷ এবাৰ এই পক্ষী নিৰীক্ষণৰ কামটো আৰম্ভ কৰকচোন৷ দেখিব লাহে লাহে এইটো আপোনাৰ প্ৰিয় হবী হৈ পৰিব৷ 


নাচনী চৰাই; ফটোৰ উৎস-orientalbirdimages.org 

নতুন শিকাৰুৰ বাবে এটা নতুন চৰাই চিনাক্ত কৰাৰ সমান আনন্দ একোৱে হ’ব নোৱাৰে৷ যদি আপুনিও এই আনন্দ আৰু প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰিব বিচাৰিছে তেন্তে আজিৰ পৰাই আৰম্ভ কৰক৷ প্ৰথম আৰম্ভ কৰোতে দুটামান বস্তু যোগাৰ কৰি ল’ব পাৰিলে আপোনাৰ সহায় হ’ব৷ যেনে ধৰক, এখন নোটবুক- য’ত আপুনি দেখা চৰাইৰ নাম, সংখ্যা লিখিব পাৰে৷ নাম নাজানিলে কেৱল আপুনি দেখা বৈশিষ্ট্য কেইটা (কিমান ডাঙৰ-চিনাকি চৰাইৰ লগত তুলনা কৰি, যেনে-ঘৰচিৰিকা, শালিকা নে কাউৰীটোৰ সমান?, ঠোঁটতো দীঘলীয়া নে চুটি, কি ৰঙৰ, ডেউকা দুখনৰ ৰং কেনে? ঠেং দুখন? ইত্যাদি)৷ আৰু যদি মাজে সময়ে ছবি অঁকাৰ অভ্যাস আছে তেন্তেতো খুবেই বঢ়িয়া৷ আপুনি যেনেকৈ দেখিছে সেয়া পিছত চাই বুজিব পৰাকৈ স্কেছ এটাকে আঁকি থব পাৰে৷ তেনে স্কেচ্ছ এটা বহুত ভাল কিবা হোৱাৰ প্ৰয়োজন নাই৷ চৰাইটোৰ সহজতে চকুত পৰা বৈশিষ্ট্য সমূহ পিছত চিনিব পাৰিলেই যথেষ্ট৷ লগতে নোটবুকত চৰাইটো দেখাৰ তাৰিখ আৰু সময় লিখিবলৈও নাপাহৰিব৷ অন্য কিবা বিশেষ তাৎপৰ্য্যপূৰ্ণ ব্যৱহাৰ যেনে- নেজডাল ফেন খনৰ দৰে মেলি মেলি দিছে নেকি ( যিটো সততে দেখা পোৱা নাচনী চৰাই, White throated Fantail ৰ অন্যতম বৈশিষ্ট্য) বা নেজডাল একেৰাহে পথালিকৈ লৰাই আছে নেকি (বালিমাহী বা Wagtail গোটৰ চৰাইৰ বৈশিষ্ট্যপূৰ্ণ ব্যৱহাৰ) অথবা মাতটোৰ বিষয়েও লিখি ৰাখিব পাৰে৷ এইবোৰেও চৰাইৰ চিনাক্তকৰণত বহুত সহায় কৰিব পাৰে৷ কেমেৰা থাকিলে আপুনি থাউকতে এখন ফটোও তুলি ৰাখিব পাৰে৷ 

দ্বিতীয়তে, যদি দূৰৈৰ চৰাই ভালকৈ চাব বিচাৰে তেন্তে আপোনাক এটা বাইন’কুলাৰৰ প্ৰয়োজন হ’ব৷ আজিকালি যথেষ্ট সস্তাতে একোটা ভাল বা কাম চলিব পৰা বাইনকুলাৰ কিনিবলৈ পোৱা যায়৷ তেনে এটা সুবিধা হ’লে লৈ লওক৷ বৰ্তমানৰ বাইন’কুলাৰ সমূহৰ ভিতৰত নিকন, অলিম্পাছ আদি কোম্পানীৰ বাইন’কুলাৰ খুবেই জনপ্ৰিয়৷

চৰাই চিনাৰ বাবে সহায়ক ফিল্ড গাইড বুক

এবাৰ এটা নতুন চৰাই দেখাৰ পিছত আপুনি জানিব বিচাৰিব সেইটো কি চৰাই৷এইক্ষেত্ৰত আপোনাক বিভিন্ন ফিল্ড গাইডবুক সমূহে সহায় কৰিব পাৰে৷ অথবা চৰাইৰ বিষয়ে জনা কোনোবা ব্যক্তিৰো সহায় ল’ব পাৰে৷ এনে কিতাপ সমূহত চৰাইৰ চিনাক্তকৰণত সুবিধা হোৱাকৈ প্ৰধান বৈশিষ্ট্যবোৰ চিত্ৰৰ সৈতে লিখা থাকে৷ লগতে আপোনাৰ সহায়ক হোৱাকৈ প্ৰত্যেকটো চৰাইৰ বিস্তৃতি সম্পৰ্কে মেপো থাকে৷ সততে পাব পৰা এনে দুখনমান গাইড বুক হৈছে, “A Field Guide to the Birds of the Indian Subcontinent” , লেখক- Krys Kazmierczak আৰু “ Birds of the Indian Subcontinent”, লেখক- Richard Grimmett, Carol Inskipp, Tim Inskipp ৷আমাৰ অসমৰ চৰাই সম্পৰ্কীয় এখন খুউব তথ্যসমৃদ্ধ কিতাপ হৈছে আনোৱাৰোদ্দিন চৌধুৰীৰ ‘Birds of Assam’৷ কিন্তু শেহতীয়াকৈ এই কিতাপখনৰ নতুন প্ৰিন্ট বজাৰত উপলব্ধ হৈ থকা নাই৷ 

পক্ষী নিৰীক্ষণৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে৷ প্ৰথম কথা, ই কম-খৰচী৷ একেবাৰে কম বাজেটতে এই কাম কৰিব পৰা যায়৷ ইয়াৰ বাবে কেৱল প্ৰয়োজন ভাল দৃষ্টিশক্তি আৰু চৰাইৰ প্ৰতি আগ্ৰহ৷ ই মন সতেজ কৰাৰ লগতে চৰাই আৰু প্ৰকৃতিৰ বিষয়ে জনাতো সহায়ক হয়৷ প্ৰতিদিনেই কিছুমান নতুন প্ৰজাতিৰ চৰাই দেখাৰ উপৰিও নতুন নিৰীক্ষক এগৰাকী চৰাইৰ খাদ্য, আচৰণ, পৰিভ্ৰমণ আদিৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে৷ তাৰোপৰি কোনবোৰ চৰাই সাধাৰণতে কেনে বাসস্থানত দেখা পোৱা যাব পাৰে সেইবিষয়েও জানিব পাৰে৷ ৰং বিৰঙী চৰাইবোৰ কেমেৰাৰ লেনছত ধৰি ৰখাৰ চেষ্টাই কাৰোবাক আকৌ ফটোগ্ৰাফীতো আগ্ৰহী কৰি তোলে৷ গতিকে পক্ষী নিৰীক্ষণেৰে আৰম্ভ হৈ এজন ব্যক্তি পৰ্য্যায়ক্ৰমে ফটোগ্ৰাফী, ভ্ৰমণ আদিতো আগ্ৰহী হৈ উঠে৷ আপুনি ইচ্ছা কৰিলে নিজৰ ফুলনি বা বাৰীতে বহুতো চৰাই দেখা পাব পাৰে৷ ইয়াৰ কোনো বয়সো নাই৷ পেন্দুকণাটোৰ পৰা আলৰবৃদ্ধ এজনেও সহজতে এই হবী গঢ়ি তুলিব পাৰে আৰু বিশেষ কষ্ট নকৰাকৈয়ে ইয়াৰ আমেজ ল’ব পাৰে৷ সেইবাবেই বৰ্তমান পক্ষী নিৰীক্ষণ এটা অতিকৈ জনপ্ৰিয় হবী হৈ পৰিছে৷ আগতে নিচিনা চৰাই এটা অকণমান চেষ্টা কৰি আপুনি প্ৰথমবাৰ যেতিয়া চিনাক্ত কৰিব, তাৰ আনন্দই সুকীয়া হয়৷ তেন্তে আহক, আমি চৰাই চিনো আৰু নতুনকৈ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ উপভোগ কৰোঁ৷


সাহিত্য ডট অৰ্গৰ এপ্ৰিল সংখ্যাত প্ৰকাশিত