Tuesday, 27 November 2018

অপূৰ্ব আয়াৰলেণ্ড (তৃতীয় খণ্ড)

ইউৰোপা হোটেলৰ কাষতে লাগি আছে বেলফাষ্টৰ গ্ৰেণ্ড অপেৰা হাউছ৷  চালে চকুৰোৱা ঘৰ এটি৷ ইটাবৰণীয়া বেৰবোৰৰ লগত শ্বেতৰঙী কাৰুকাৰ্য্য৷

’এইটো ঘৰ ১৮৯৫ চনতে নিৰ্মাণ হৈছিল৷’- মেথিউয়ে ক’লে৷

’সেইসময়ত ইউৰোপত আটাইতকৈ বিখ্যাত ইংৰাজ নিৰ্মাতা ফ্ৰেঙ্ক মাচ্ছামে এই ঘৰটো সাজিছিল৷ তেতিয়াৰ পৰাই বিশ্ববিখ্যাত শিল্পীৰ গীত, নৃত্য, নাটকৰ শ শ অনুষ্ঠান ইয়াত হৈ আহিছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণিৰ অনুষ্ঠান পাতোতে ইয়ালৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি আইজেনহাৱাৰো আহিছিল৷’ 
গ্ৰেণ্ড অপেৰা হাউছ

’ভিতৰখন চাবলৈ যাব পাৰিম নে বাৰু?’- কানাডাৰ ল’ৰা-ছোৱালীহালে সুধিলে৷ 

মেথিউয়ে আহল-বহল হাঁহি এটাৰে ক’লে,


আমি খোঁজ দিয়া এটা ৰঙীণ ফুটপাথ
’কিয় নোৱাৰিব! ভিতৰলৈ যোৱাৰ প্ৰথম উপায়টো হ’ল আপুনি অনুষ্ঠানৰ টিকেট ল’ব লাগিব৷ আৰু যদি টিকেটৰ দাম খুউব বেছি যেন ভাৱ হয় তেনে মোৰ হাতত সহজ উপায় এটাও আছে,  খুউব আত্মবিশ্বাসেৰে কাৰো ফালে নোচোৱাকৈ পোনে পোনে সোমাই যাওক ৷ য’ত যি ফটো ল’ব লাগে লৈ আহক!’

দলটোৰ কৌতুহলী দৃষ্টি উফৰাই মেথিউয়ে কৈ উঠিল,
’মাত্ৰ আগতীয়াকৈ কৈ থৈলো, ভিতৰত কোনোবাই কিবা সুধিলে যাতে আপোনালোকে মোৰ নাম নলয়!’

অগ্যতা আমি আগলৈ খোঁজ দিলো৷ কিছুদূৰ গৈয়ে অন্য এটা আটকধুনীয়া ঘৰৰ সন্মুখত ৰ’লোগৈ৷ দ্য ক্ৰাউন বাৰ৷ বাৰখনৰ বেৰবোৰৰ পৰা মজিয়াৰ টাইললৈকে সুক্ষ্ম আৰু ৰঙীণ কাৰুকাৰ্য্য! খিৰিকীৰ আইনাত নীলা, হালধীয়া আৰু সেউজীয়া ৰঙৰ মনোমোহা খোলা, অপ্সৰা আদিৰ ছৱি৷ মজিয়াৰ টাইলত ভিক্টোৰিয়ান জ্যামিতিক ক’লা-বগা সজ্জা৷ দুৱাৰৰ কাষবোৰত টেৰাক’টা আৰু নীলা টাইল৷ আনকি অ’ক কাঠৰ পেনেলবোৰতো নানা খোদিত কাৰুকাৰ্য্য৷ 
ক্ৰাউন বাৰৰ একাংশ

দলটোৰ বিস্ময়াভূত মুখবোৰ চাই মেথিউয়ে আমোদ পালে৷ কৈ উঠিল,

’বাৰখনৰ ৰূপ চাই চাই ইয়াৰ অতীতৰ আমোদজনক কাহিনীও শুনক তেন্তে৷ ক্ৰাউন বাৰখন সোতৰশ শতিকা মানতে নিৰ্মান কৰা৷ ওঠৰশ শতিকাত এই বাৰখন মাইকেল ফ্লেনেগান নামৰ আইৰিছ লোক এজন কিনি লয়৷ তেওঁ কিনাৰ সময়ত এই বাৰখন অন্য সাধাৰণ বাৰৰ দৰেই আছিল বাহিৰে ভিতৰে৷ পিছত তেওঁৰ পুতেক পেট্ৰিকেহে বাৰখন পুনৰ নতুনকৈ সজাই তুলিলে৷ 
বাৰখনৰ ভিতৰ চৰা, উৎস:ireland.com
’পেট্ৰিক নিজে এজন প্ৰটেষ্টান্ট আছিল কিন্তু  তেওঁৰ পত্নী আছিল কেথলিক, যিটো সেই সময়ত আচলতে অসাধাৰণ কথাই আছিল৷  কিন্তু তেওঁলোক দুয়ো ধনীঘৰৰ আছিল আৰু সৰ্বসাধাৰণৰ মাজৰ বিভেদে তেওঁলোকক তেতিয়াও ঢ়ুকি পোৱাগৈ নাছিল ৷ বাৰখনৰ নামটো আগতে ’ৰে’লৱে টেভাৰ্ণ’ হে আছিল৷ পেট্ৰিকে নামটো সলোৱাৰ সিদ্ধান্ত ল’লে কিন্তু নতুন নাম কি হ’ব সেই লৈ পতি-পত্নী বিপৰীত মেৰুত অৱস্থান কৰিলে৷ প্ৰটেষ্টান্ট পেট্ৰিক স্বাভাৱিকতে ইংৰাজ শাসকৰ প্ৰতি অনুগত আছিল৷ তাতে বেলফাষ্টলৈ দুদিনমানতে ৰাণী ভিক্টোৰিয়া অহাৰ কথা৷ গতিকে পেট্ৰিকৰ কথা, এইখনৰ নাম ক্ৰাউন ৰখা যাওক৷

পিছে পত্নীয়ে প্ৰতিবাদ কৰি উঠিল,
’নাই, কোনো কাৰণতে ক্ৰাউন নাম ৰাখিব নোৱাৰে৷ আমি ব্ৰিটিছ হোৱাৰ আগতে আইৰিছ মানুহ! গতিকে এটা আইৰিছ নাম ৰাখিলেহে ভাল হ’ব৷’

পিছে পেট্ৰিক নাছোৰবান্দা ৷ তেওঁৰ কল্পনাত ইতিমধ্যেই ৰাণী ভিক্টোৰিয়া বেলফাষ্টলৈ আহি ’দ্য ক্ৰাউন’ ত আইৰিছ ক্ৰাফট বীয়েৰৰ এটা পাইন্ট লোৱাৰ ছৱিখনে জলমলাবলৈ লাগিলে৷ গতিকে কাৰো কথা নামানি তেওঁ সেই নামেই দিলে৷

ৰাণী ভিক্টোৰিয়া বেলফাষ্টলৈ ঠিকেই আহিল৷ আহি তেওঁ লগান নৈৰ ওপৰত এখন দলং উন্মোচন কৰিলে৷ কিন্তু ক্ৰাউনলৈ নহাকৈয়ে ৰাণী লণ্ডনলৈ উভতি গ’লগৈ৷ ৰাণীক আদৰি আনিবলৈ বুলি শেনটো হৈ গৈ পেট্ৰিক ফেঁচাটো হৈ উভতি আহিল৷

তাৰ কেইবাবছৰৰ পিছত বেলফাষ্টৰ কেথেড্ৰেলটোৰ সাজ-সজ্জা কৰিবলৈ কেইজনমান ইটালীয়ান শিল্পী আহিছিল৷ তেওঁলোকে প্ৰায় প্ৰতি সন্ধিয়াই আহি ক্ৰাউন বাৰত বীয়েৰ খাই আড্ডা দিয়েহি৷ পেট্ৰিকৰ লগত খুব সোনকালেই তেওঁলোকৰ বন্ধুত্ব গঢ়ি উঠিল৷ এদিন তেওঁ ইটালীয়ান শিল্পীকেইজনক এটা প্ৰস্তাৱ দিলে,

বাৰখনৰ বাটচৰাত মুকুটৰ ম’জেইক
’তোমালোকে মোৰ এই বাৰখন বাহিৰে-ভিতৰে সঁজাই ধুনীয়া কৰি পেলাব পাৰিবানে? যদি পাৰা, তেনে আজীৱন মোৰ এই বাৰত তোমালোকৰ কাৰণে বিনামূলীয়াকৈ বীয়েৰ যোগান ধৰিবলৈ মই ৰাজী৷’

ইটালীয়ানসকল লগে লগেই মান্তি হৈ গ’ল আৰু বহুদিনজোৰা শ্ৰমেৰে বাৰখনৰ মুধচ, বেৰ আৰু মজিয়া পৰ্যন্ত আটকধুনীয়াকৈ সজাই পেলালে৷

পিছে পেট্ৰিকৰ পত্নীয়ে ইংৰাজৰ আনুগত্য জিলিকাই থকা নামটো তেতিয়াও সহজভাৱে ল’ব পৰা নাছিল৷ সেই অসন্তুষ্টি আঁতৰাবলৈকে তেওঁ এটা উপা্য উলিয়ালে৷ এদিন তেওঁ ইটালীয়ান শিল্পী সকলক গৈ অনুৰোধ কৰিলেগৈ যে বাৰখনৰ বাটচৰাতে মজিয়াত ৰাণীৰ মুকুটটোৰ আৰ্হিত এটা ম’জেইক কৰিবলৈ৷ 

কথা মতেই কাম! পত্নীয়ে বিচৰা মতেই আজিও যিয়ে বাৰখনলৈ সোমাই যায়, ক’ব নোৱাৰাকৈয়ে নিজৰ ভৰিখন সেই মুকুটৰ ম’জেইকৰ ওপৰতে ঘঁহাই চাফা কৰি যায়৷’

আমি গোটেইবোৰে হো-হোৱাই হাঁহি উঠিলো! ইয়াকে কয় সন্ধিৰ বাঁহ বুদ্ধিৰে কটা!
চিটি চেন্টাৰত প্ৰতিমূৰ্ত্তি
পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী-৩

Monday, 26 November 2018

অপূৰ্ব আয়াৰলেণ্ড (দ্বিতীয় খণ্ড)

বেলফাষ্টত দ্বিতীয় দিন৷ পুৱাতে খোঁজেৰে চিটি চেন্টাৰলৈ ওলাই গ’লো৷ ৱাকিং ট্যুৰৰ ইমেইলত কৈছিল, ’Look for a yellow umbrella in front of the city hall' ৷ বতৰ ডাৱৰীয়া যদিও বৰষুণ নাই৷ গতিকে চিটি হলৰ আশে পাশে মেলি থোৱা একমাত্ৰ হালধীয়া ছাতিটো বিচাৰি উলিয়াবলৈ অসুবিধা নহ’ল৷ 

বেলফাষ্টৰ চিটি হ’ল
প্ৰকাণ্ড ছাটিটোৰ তলত এজন আইৰিছ ডেকাল’ৰা- ত্ৰিছৰ অনুৰ্দ্ধৰ হ’ব কিজানি৷ সাধাৰণতে ৱাকিং ট্যুৰৰ গাইড হিচাপে প্ৰায়ে চাকৰিৰ পৰা অৱসৰ লোৱা বয়সস্থ লোককহে দেখা পাওঁ যি নিজৰ ঠাইৰ অতীত-বৰ্তমানৰ গল্প কৰিবলৈ আৰু চহৰৰ চুকে কোণে বিদেশী পৰ্য্যটকক লৈ ফুৰিবলৈ ভাল পায়৷ নতুন চামেও এনেকুৱা কামত স্বেচ্ছাসেৱক হিচাপে যোগ দিয়া দেখি ভাল লাগিল৷

ইতিমধ্যে ল’ৰাজনৰ চাৰিওকাষে ভালেখিনি পৰ্য্যটকে ভিৰ কৰিছেহি৷ গলখেকাৰি এটা মাৰি ল’ৰাজনে ক’লে,
’মোৰ নাম মেথিউ৷ আজি আপোনালোকক বেলফাষ্ট চহৰখন দেখুওৱাৰ দায়িত্ব মোৰ ৷ কিবা প্ৰশ্ন থাকিলে নিসংকোচে মোক সকলোৱে সুধিব দেই৷ মই কেনেবাকৈ নাজানিলে গুগুল ককাইদেউক সুধি হ’লেও আপোনালোকক উত্তৰ উলিয়াই দিম৷’

আমাৰ মাজত হাঁহিৰ ৰোল উঠিল৷ মেথিউৱে আমাকো কোন ক’ৰ পৰা আহিছে চমুকৈ ক’বলৈ ক’লে৷ কমেও পোন্ধৰজনীয়া এটা দল৷ কোনোবা কানাডাৰ পৰা আহিছে আৰু কোনোবাজন আকৌ লণ্ডনৰ পৰাই৷ বাকীকেইজন ওলাল ৰাছিয়া, আমেৰিকা আৰু ইটালীৰ ৷ অকলশৰে ফুৰা  পৰ্য্যটক 
(solo traveller) কেৱল ময়ে!

তাতে ৰৈ মেথিউৱে প্ৰথমে চমুৱাই ’হেল্থ এণ্ড চেফটি’ নিৰ্দেশনাবোৰ দিলে৷ ইয়াত দেখিছোঁ যিকোনো সভা বা কাম সদায়ে ’হেল্থ এণ্ড চেফটি নিৰ্দেশনা’ৰে আৰম্ভ হয়৷ মেথিউৱে প্ৰথমেই কৈ ল’লে -

’Anything you do is not my fault!' গোটেইজাক মানুহৰ হাঁহিৰ মাজত সি কৈ গ’ল-

’বেলফাষ্টত ঘনাই বৰষুণ হয়৷ আজি ডাৱৰীয়া যদিও বৰষুণ হোৱাৰ সম্ভাৱনা নাই৷ তথাপি আমি খোঁজ কাঢ়ি ঘুৰি ফুৰোঁতে কেনেবাকৈ পাতলীয়াকৈ বৰষুণ হ’বও পাৰে৷ গতিকে এতিয়াই সাবধান কৰি থওঁ, ইয়াৰ ফুটপাথবোৰ তিতিলে পিছল হৈ পৰে৷ সেয়ে খোঁজ দিওঁতে সকলোৱে যেন সাৱধান হয়৷ আৰু প্ৰতিটো মূল বাট পাৰ হোৱাৰ পৰত পথচাৰীৰ ক্ৰছিঙত সকলোৱে সেউজ সংকেতৰ কাৰণে ৰ’ৱলৈও নাপাহৰিব কিন্তু৷’

সন্মুখত থকা বিশাল চিটি হলটোৰ পৰাই মেথিউৱে আয়াৰলেণ্ডৰ ইতিহাসেৰে ট্যুৰ আৰম্ভ কৰিলে-

’আয়াৰলেণ্ডত আজিৰ পৰা বাৰহেজাৰ বছৰৰ আগৰে পৰা মানুহে বাস কৰিছিল৷ লৌহ যুগৰ আৰম্ভণিৰ পৰা চেলটিক (Celtic) ভাষী লোকসকল আয়াৰলেণ্ডলৈ আহিবলৈ লয় আৰু তেতিয়াৰ পৰাই এই লোকসকলৰ গেলিক সংস্কৃতিয়ে আয়াৰলেণ্ডত খোপণি পুতিলে৷ বাৰশ শতিকালৈ আয়াৰলেণ্ড বিভিন্ন ৰাজত্বৰ ৰজাৰ মাজত শক্তিক লৈ হোৱা খোৱা কামোৰাত বিভক্ত হৈ পৰিছিল৷ এই ৰাজত্ববোৰক দমন কৰি  ইংলেণ্ডৰ ৰজা দ্বিতীয় হেনৰিয়ে
 বিশাল সৈন্যবাহিনী লৈ ১১৭১ চনত আয়াৰলেণ্ড অধিকাৰ কৰিলে৷ এটা শতিকা জুৰা যুদ্ধ বিগ্ৰহৰ অন্তত ষোল্ল শতিকাত এলিজাবেথ আৰু প্ৰথম জেমছৰ ৰাজত্বৰ সময়ত আয়াৰলেণ্ড  সম্পূৰ্ণকৈ ইংৰাজৰ অধীনলৈ আহিল৷

বেলফাষ্টৰ আকৰ্ষণীয় গ্ৰাফিথি
ষোল্লশ শতিকালৈ প্ৰায়বিলাক প্ৰটেষ্টান্ট ধৰ্মী ব্ৰিটিছ লোকে আয়াৰলেণ্ডত কাঠনি পাতিছিল আৰু অধিকাংশ কেথলিক আইৰিছ লোকে সেইবোৰত শ্ৰমিক হিচাপে কাম কৰিছিল৷ থলুৱা আইৰিছ সকলৰ ওপৰত ব্ৰিটিছ শাসকে কৰা নিপীড়নৰ বাবে বহুবাৰ কেইবাবছৰ জোৰা হিংসাত্মক প্ৰতিবাদ হৈছিল৷   ব্ৰিটিছে এই সকলোবোৰ আইৰিছ বিপ্লৱ কঠোৰ হাতেৰে দমন কৰি ব্ৰিটিছে ১৮০১ চনত গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড একেলগ কৰিলে৷’
  
বেলফাষ্টৰ চিটি হ’লৰ সন্মুখভাগত থকা নানা প্ৰতিমূৰ্ত্তিবোৰলৈ আঙুলিয়াই মেথিউয়ে ক’লে,

’এয়া ৰাণী ভিক্টোৰিয়াৰ মূৰ্ত্তি আৰু তাৰ কাষতে চাওঁক গেলিক ভাষাত খোদিত আছে আয়াৰলেণ্ডৰ নাম ৷ বেলফাষ্টৰ সকলোতে ব্ৰিটিছ আৰু আইৰিছ-আমাৰ এই দুয়োটা পৰিচয়ৰ চিন আপোনালোকে একেলগে দেখা পাব৷ কাৰণ, আমি জন্মৰ লগে লগে দুয়োখন দেশৰ নাগৰিকত্ব পাওঁ৷'
চিটি হ’লৰ সন্মুখত ৰাণী ভিক্তোৰিয়াৰ প্ৰতিমূৰ্ত্তি

’তেন্তে উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুখন বেলেগ দেশ কিয়’- কোনোবা এজনে মাত লগালে৷

মেথিউৰ মুখেৰে যেন এটা হুমুনিয়াহ ওলাল৷
’তাৰ আঁৰৰ কাহিনী দুখলগা আৰু ভয়ানকো! উনৈশৰ দশকত আয়াৰলেণ্ডত দুটা মূল ৰাজনৈতিক দলে মূৰ দাঙি উঠিছিল৷ উত্তৰত প্ৰটেষ্টান্ট সকলৰ ইউনিয়নিষ্ট (unionist) যি আয়াৰলেণ্ড আৰু ইংলেণ্ড একেলগ হৈ থকাটো বিচাৰিছিল আৰু দক্ষিণত কেথলিক সকলৰ জাতীয়তাবাদী দল যি সমগ্ৰ আয়াৰলেণ্ড কেৱল আইৰিছসকলৰ হোৱাটো বিচাৰিছিল৷ নব্বৈৰ দশকত এই দুটা দলৰ মাজত ৰাজনৈতিক সংঘৰ্ষ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিল৷ বহুতো লোকৰ মৃত্যু হ’ল, বহুতো পৰিয়াল ছিন্ন ভিন্ন হ’ল৷ এই সংঘৰ্ষৰ ফলতেই ১৯২১ চনত আয়াৰলেণ্ডক পৃথক কৰি উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুখন ভিন্ন দেশ হৈ পৰে৷ এই পৃথকীকৰণেও কিন্তু দেশ দুখনলৈ শান্তি কঢ়িয়াই নানিলে৷ দুয়োখন দেশতে কেথলিক আৰু প্ৰটেষ্টান্ট লোক মিশ্ৰিত হৈ থকাৰ বাবে চৰকাৰৰ ৰাজনৈতিক আৰু ধৰ্মীয় পক্ষপাতিত্বই সংখ্যালঘু সকলৰ ওপৰত শোষণ বন্ধ কৰিব নোৱাৰিলে৷ ইয়াৰ পিছতো ত্ৰিছ বছৰ ধৰি  দুয়োটা গোটৰ মাজত হিংসাত্মক সংঘৰ্ষ চলি থাকিল যাক আয়াৰলেণ্ডত মানুহে ’The Troubles’ বুলি কয়৷


 ১৯৯৮ চনত চুক্তি কৰি দুয়োটা ৰাজনৈতিক দলৰ সমান সংখ্যক প্ৰতিনিধি লৈ ক্ষমতাৰ সমানে ভাগ কৰি উত্তৰ আয়াৰলেণ্ডৰ চৰকাৰ গঠন কৰিবলৈ ল’লে৷ কিন্তু দুয়োটা দলৰ মাজত থকা মূল্যবোধৰ পাৰ্থক্যৰ বাবে কোনো কথাতে সহমত হৈ সিদ্ধান্ত লোৱা সদায়ে টান হৈ আহিছে৷ এতিয়াও ২০১৭ চনৰ জানুৱাৰীত দুয়োটা দলৰ মাজত বিভাজন হৈ চৰকাৰ ভংগ হৈ পৰিল আৰু তেতিয়াৰ পৰা আজিলৈ প্ৰায় ৭০০ দিন ধৰি কাৰ্য্যক্ষম চৰকাৰ এখন নোহোৱাকৈয়ে উত্তৰ আয়াৰলেণ্ড চলি আছে৷’
হয়তো নিজৰ অজানিতেই হাঁহিমুখীয়া মেথিউৰ চকুৱে-মুখে হতাশা আৰু ক্ষোভৰ ছাঁ এটা পৰিল৷ আমাৰ দলটো নিমাতে ৰ’ল৷ হয়তো প্ৰত্যেকেই নীৰৱে অনুভৱ কৰিলে শেষ নোহোৱা এক সংগ্ৰামৰ বাবে হেৰাই যোৱা বহুতো জীৱনৰ বেথাঁ৷

লাহে লাহে আমাৰ দলটোৱে চিটি হ’লৰ পৰা ওলাই মে’ ষ্ট্ৰীটেৰে খোঁজ ল’লে৷ মেথিউয়ে  কৈ গ’ল,

’বেলফাষ্টৰ বাটে পথে ঘুৰি ফুৰোঁতে মন কৰিবচোন, প্ৰতিটো বাটৰ কাষৰ ঘৰবোৰ কিছুমান খুবেই প্ৰাচীন, কিছুমান অত্যাধুনিক৷ ইটোৰ লগত সিটো লগালগিকৈ আছে৷ এই অদ্ভুত ধৰণটোৱেও আমাক সেই হিংসাত্মক অতীতকে মনত পেলাই দিয়ে৷ কিয় জানেনে? ট্ৰাবলছৰ সময়ত বেলফাষ্ট চিটি চেন্টাৰ সকলোবোৰ হিংসাত্মক ঘটনাৰ মূল লক্ষ্য হৈ পৰিছিল৷ বোমা বিস্ফোৰণ বা অন্য কিবা হিংসাত্মক ঘটনাত বহুতো প্ৰাচীন অট্টালিকা ধ্বংস হ’ল আৰু চৰকাৰে খৰধৰকৈ সেইবোৰৰ ঠাইত আধুনিক অট্টালিকা সাজি উলিয়ালে৷’
নতুন আৰু পুৰণিৰ ইতিহাস বুকুত লৈ বেলফাষ্ট মহানগৰ

বেলফাষ্টৰ বাটে-কেঁকুৰিয়ে ৰৈ যোৱা অতীত-বৰ্তমানৰ লগ্নবোৰৰ সন্ধানত আমাৰ খোঁজবোৰ আগবাঢ়িল৷ কেঁকুৰিটো ঘূৰিয়েই আমি ভৰি থ’লোগৈ গ্ৰেট ভিক্টোৰিয়া ষ্ট্ৰীটত ৷ দেখিলো সন্মুখত এটা প্ৰকাণ্ড অট্টালিকা৷ ট ট কৈ জ্বিলিকি আছে এটা বিয়াগোম নাম- ’ইউৰোপা’৷

মেথিউয়ে ক’লে,
ইউৰোপা হোটেল

’এইখন ইউৰোপা হোটেল৷ ১৯৭১ চনতে পতা এইখন হোটেল৷ ট্ৰাবলছৰ সময়ত 
সকলো নেতা-পালিনেতা, সাংবাদিক আদি বেলফাষ্টলৈ আহিলে এইখন হোটেলতে থাকিছিল কাৰণ এইখনে বেলফাষ্টৰ একমাত্ৰ হোটেল আছিল৷ সেইসময়ত এইখন হোটেলত মুঠতে ৩৬ টা বোমা পেলাইছিল কূটাঘাটকাৰীয়ে৷ সেয়ে এই হোটেলখন আজিও ইউৰোপৰ ভিতৰতে সকলোতকৈ বেছি বোমা বিস্ফোৰণ হোৱা হোটেল বুলি কুখ্যাত! এটা সময়ত ইউৰোপা হোটেলখনৰ গোটেইবোৰ খিৰিকীয়ে বোমা বিস্ফোৰণৰ সময়ত ক্ষতিগ্ৰস্ত হোৱাত সকলোতে কাঠৰ পেনেল লগাই থ’ব লগা হৈছিল৷ তেতিয়াৰ পৰা হোটেলখনক ’হাৰ্ডবৰ্ড হোটেল’ বুলিও মানুহে ক’বলৈ ল’লে৷”


মেথিউৰ কথাবোৰ শুনি কি যে এক অনুভৱে দোলা দি গ’ল! কিছুমান অতীত সঁচায়ে হয়তো পাহৰণিৰ গৰ্ভত কেতিয়াও হেৰায় নাযায়! অতীত ৰৈ যায় সোঁৱৰণীৰ জাপে জাপে, বৰ্তমানৰ অলিয়ে গলিয়ে ! এখন মহানগৰৰ মাটিয়ে সাঁচি থয় ধূলি হৈ যোৱা হাজাৰটা জীৱনৰ হাঁহাকাৰ আৰু  আকাশে বতাহে ওলমি ৰয় অতৃপ্ত সপোনৰ আৰ্তনাদবোৰ !

মনলৈ আহিল, এই একেবোৰ কথাই চোন পৃথিৱীৰ চুকে কোণে পুনৰাবৃত্তি হয়! থলুৱাৰ ওপৰত বহিৰাগতৰ শোষণ, মাতৃভূমিৰ ভাষা-সংস্কৃতিৰ সংকট-এয়া যেন প্ৰত্যেক জাতিৰে ইতিহাস৷ স্বাভিমানী জাতিয়ে মাথোঁ সেয়া অতিক্ৰম কৰি নিজৰ পৰিচয় দিয়ে, নতুন বৰ্তমান ৰচে৷ সংগ্ৰাম শেষ হওক বা নহওক, জীৱন ৰৈ নাযায় কাহানিও৷ জীৱন এক বোৱতী নদী-চৈৰৱতি চৈৰৱতি!



বেলফাষ্টৰ কোনোবা এটা গলি
পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী-২

Sunday, 25 November 2018

অপূৰ্ব আয়াৰলেণ্ড (প্ৰথম খণ্ড)

আয়াৰলেণ্ডখন নিজ চকুৰে চোৱাৰ হেঁপাহ এটা বহুদিনৰে পৰা পুঁহি ৰাখিছিলো৷ এইবাৰ আজৰি সময় ওলোৱাত ঠিক কৰিলো, গৈয়ে আহোঁ৷ ৰাজধানী ডাবলিনৰ কথাই প্ৰথমে মনলৈ আহিল৷ অলপ খুঁচৰি চাইহে উপলব্ধি কৰিলো, আয়াৰলেণ্ডলৈ মোৰ ব্ৰিটিছ ভিজাই যোৱাৰ অনুমতি নিদিয়ে৷ ভাৰতীয় পৰ্য্যটকৰ বাবে একেখন ভিজাৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ড দুয়োখন দেশলৈকে ফুৰিবলৈ যাব পাৰি যদিও যিকোনো এখন দেশত দিঘলীয়াকৈ থকা লোকৰ ক্ষেত্ৰত এই বিশেষ সুবিধা নাখাটে! এনেকুৱা নিয়ম কৰাৰ যুক্তিযুক্ততা কি বুজিব নোৱাৰি আইৰিছ এম্বেছিলৈ ইমেইল এটাকে কৰিলো৷ মনতে ক্ষীণ আশা- কেনেবাকৈ নতুনকৈ ভিজা নকৰাকৈয়ে যাব পৰা যায়ে বা! উত্তৰ আহিল- ’As a resident of the UK, the Short Stay Visa Waiver Programme does not apply and the permission to remain you have in the UK will not allow you entry into Ireland without the appropriate Irish visa.’


ডাবলিনলৈ যোৱাৰ আশা সদ্যহতে বাদ দি ঠিক কৰিলো উত্তৰ আয়াৰলেণ্ডলৈকে যোৱা যাওক৷ ৰাজনৈতিক সীমাই দুখন ভিন্ন দেশ কৰি পেলালেও ঐতিহাসিকভাৱেটো একেখনেই আয়াৰলেণ্ড!   উত্তৰ আয়াৰলেণ্ড গ্ৰেট ব্ৰিটেইনৰ ভিতৰত পৰে বাবে মোক বেলেগকৈ ভিজাৰো প্ৰয়োজন নাই৷ উত্তৰ আয়াৰলেণ্ডৰ ৰাজধানী বেলফাষ্টলৈ ৰায়ানএয়াৰৰ টিকেট খুউব সস্তাতে পালো- মানচেষ্টাৰৰ পৰা বেলফাষ্টলৈ পঞ্চল্লিছ মিনিটৰ বাটৰ খৰচ মাত্ৰ ৯.৯৯ পাউণ্ড! আমাৰ হিচাপত প্ৰায় নশ টকা৷ আচলতে  ইউ কেৰ ভিতৰত আৰু ইয়াৰ পৰা ইউৰোপৰ প্ৰায়বোৰ দেশলৈকো ৰায়ান এয়াৰৰ খুউব সস্তাত ফ্লাইট পাব পাৰি৷ মনত পৰিল বান্ধৱী কেটিয়ে এবাৰ এনেকৈয়ে মানচেষ্টাৰৰ পৰাই দুই পাউণ্ডত ৰায়ান এয়াৰেৰে ডাবলিনলৈ যোৱাৰ কথা৷



বেলফাষ্টত ভৰি দিয়াৰ সময়ত সন্ধিয়া নামিল৷ যোৱাৰ পৰতহে উপলব্ধি কৰিলো, বেলফাষ্টত দুটা বিমানবন্দৰ আছে৷ এটা চিটি এয়াৰপৰ্ট আনটো আন্তৰ্জাতিক বিমানবন্দৰ, বেলফাষ্ট মহানগৰীৰ পৰা প্ৰায় ত্ৰিছ কিলোমিটাৰ আঁতৰত৷ অন্য একো ৰাজহুৱা যাতায়ত নাপাই বাছতে উঠিলো৷ আধাঘন্টাৰ বাছ যাত্ৰাৰ বাবে আঠ পাউণ্ড দি টিকেট ল’ব লগা হ’ল৷


আইৰিছ সাগৰৰ পাৰত বেলফাষ্ট মহানগৰীৰ একাংশ



মহানগৰীখনলৈ তেতিয়া নিশা নামিছে৷ বেলফাষ্টত এইকেইদিন থাকিবৰ বাবে এয়াৰ বি এন বিৰ এটা ঘৰত বুক কৰি থৈছিলো৷ ঘৰটো মহানগৰীৰ এমূৰত নৈৰ পাৰত৷  শীতৰ সেমেকা নিশা৷ দোকান-পোহাৰ আৰু বাটবোৰ উদ্ভাসিত হৈ উঠিছে নানাৰঙী লাইটেৰে৷ পৰিৱেশটো ভাল লগাত খোঁজকাঢ়িয়ে ঘৰলৈ যাবলৈ ওলালো৷ গুগল মেপৰ কৃপাত ঘৰৰ ঠিকনাটো বিচাৰি উলিয়াবলৈ অকণো অসুবিধা নহ’ল৷


বেলফাষ্টৰ ৰঙীণ টেক্সি
কেৰলে দুৱাৰ খুলি দিলে,

’হাই! ইউ মাষ্ট বি জলি!’

কেৰল এইকেইদিনৰ বাবে মোৰ হ’ষ্ট৷ এগৰাকী মিঠামুখীয়া মহিলা৷ বয়স হয়তো ত্ৰিছৰ আশে পাশে হ’ব৷

মোৰ হাতখন মুঠি মাৰি তাই শিয়ঁৰি উঠিল,
’অহ, ইউ আৰ ফ্ৰিজিং কল্ড!’

মই হাঁহি পেলালো৷ এই অক্টোবৰ মাহতে এনে ঠাণ্ডা হ’ব বুলি ভবা নাছিলো বাবে গ্ল’ভছ যে অনাই নহ’ল!

কেৰলে মোৰ শোৱা কোঠাটো দেখুৱাই দিলে৷ সুসজ্জিত ডাবল বেডৰ একাষে এটা বুক ছেলফ৷ বেলফাষ্টৰ বিভিন্ন পৰ্য্যটনৰ ঠাইসমূহ সুন্দৰকৈ সঁজাই থোৱা আছে৷ লগতে কেৰলে বেলফাষ্টত চাব পৰা দহখন ঠাইৰ এখন তালিকাও লেমিনেশ্যন কৰি ৰাখিছে আলহীৰ বাবে৷ আহল-বহল পাকঘৰটো দেখুৱাই তাই ক’লে,

’ফ্ৰীজৰ পৰা যিকোনো বস্তু লৈ খাবলৈ সংকোচ নকৰিবা৷ মনৰ পচন্দৰ খাদ্য ৰান্ধিবৰ বাবে চেলফৰ পৰাও সকলো বস্তু ব্যৱহাৰ কৰিব পাৰা৷’

ভাল লাগিল পৰিপূৰ্ণ পাকঘৰটো দেখি৷ প্ৰতিসাঁজ বাহিৰত খোৱাটো ইয়াত খুবেই খৰচী কাৰবাৰ৷ গতিকে নিজৰ সুবিধামতে দুই-এটা ৰান্ধি ল’ব পাৰিলে বৰ ৰেহাই হয়৷

পাকঘৰত তেতিয়া নিশাৰ সাঁজ ৰন্ধাত ব্যস্ত আছিল অন্য এজন আলহী৷ কেৰলে চিনাকি কৰি দিলে,

’দিছ ইজ চাইমন ফ্ৰম কেন্ট৷’

চাইমন চল্লিশৰ উৰ্দ্ধৰ নহ’ব৷ এজন বিয়াগোম মানুহ! তেওঁ আগ্ৰহেৰে বহিলহি কথা পাতিবলৈ বুলি৷ ইংলেণ্ডৰ কেন্ট মহানগৰৰ পৰা তেওঁ প্ৰতিমাহে এসপ্তাহমানৰ কাৰণে বেলফাষ্টলৈ আহে৷ কামৰ বাবে৷ যেতিয়াই আহে কেৰলৰ ঘৰতে থাকে৷ গতিকে প্ৰায় স্থায়ী আলহীৰ দৰেই হৈছেগৈ!

কেৰল আৰু চাইমন দুয়ো বেলফাষ্টত চাব পৰা ঠাই, কৰিব পৰা কামৰ ইটো সিটো উপদেশ দিলে৷ শুনিলো, ’গেম অব থ্ৰনছ’ চিৰিজটোৰ বহুতো শ্বুটিং উত্তৰ আয়াৰলেণ্ডতে হৈছে৷ এইটো বেলফাষ্টৰ পৰ্য্যটনৰ এটা মূল আকৰ্ষণ হৈ পৰিছে৷ ’গেম অব থ্ৰনছ’ৰ শ্বুটিং হোৱা ঠাইবোৰ দেখুওৱাৰ বাবে বিশেষ ট্যুৰ পেকেজ ল’বও পাৰি৷ কেৰলে ক’লে, তাৰে কোনোবা এজন অভিনেতাৰ ঘৰ আনকি সেই একেটা ষ্ট্ৰীটতে আছে!

মোৰ আগ্ৰহ পিছে অন্যতহে! কংক্ৰিটৰ মহানগৰীৰ সলনি প্ৰকৃতিৰ মাজলৈ যোৱাৰ,  সময়ে গঢ়ি তোলা বৰ্তমানটোৰ আঁৰৰ ইতিহাস জনাৰ আৰু অচিন ঠাইৰ অচিন জীৱনৰ এধানি সুবাস লোৱাৰ আকৰ্ষণতহে অৰঙে দৰঙে ঢ়পলিয়াই ফুৰোঁ মই৷

সিদিনাই নিশা বিচাৰি খুঁচাৰি শেষৰ দিনটোৰ বাবে এটা ট্যুৰ পেকেজ ল’লো৷ জায়েন্টছ ক’জৱে (Giants causeway) চাবলৈ৷ প্ৰকৃতিৰ এটা আশ্বৰ্য্য আৰু বহুদিনলৈকে বিজ্ঞানীসকলৰ বাবে এটা ৰহস্য হৈ ৰোৱা এই পৰিঘটনাৰ অভিজ্ঞতা নোলোৱাকৈ কেনেকৈ উভতি যাব পাৰো! প্ৰথমেই বেলফাষ্টৰ অতীত আৰু বৰ্তমানৰ স’তে থুলমুলকৈ চিনাকি হৈ লওঁ বুলিয়েই পিছদিনাৰ বাবে এটা ৱাকিং ট্যুৰ বুক কৰিলো৷ ইয়াৰ প্ৰায়বোৰ চহৰতে এনে বিনামূলীয়া ৱাকিং ট্যুৰৰ সুবিধা থাকে৷ একোজন স্থানীয় গাইডে পৰ্য্যটকৰ সৰু-বৰ দলবোৰক লৈ চহৰখনৰ ইতিহাসৰ সৈতে জড়িত ঠাইবোৰ দেখুৱায় যায় আৰু চহৰখনৰ বিষয়ে ধাৰণা এটাও দিয়ে৷

এটা হেঁপাহৰ দিনলৈ বাট চাই নিশা বিছনালৈ গ’লো৷
বেলফাষ্টৰ চিটি চেন্টাৰত এটা ৰঙীণ ঘৰ
পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী

Thursday, 22 November 2018

আমি

মই ঠিকে আছোঁ
জানো তুমিও ঠিকে থাকিবা
যদিওবা সোণালী ৰ’দজাকে তোমাৰ গালে-মুখে
বিয়লিৰ ৰাগটি সানি যাওঁতে
গোমা পুৱাটোৰে মই প্ৰাত্যহিকতা দোহাৰো
দিনবোৰ মাহত আৰু মাহবোৰ বছৰ হ’লে
লেপটপৰ স্ক্ৰীণৰ পৰা আহি 
আমি বাস্তৱ পৃথিৱীত থিয় দিওঁ
একেলগে আওৰাও জীৱনে ৰচি যোৱা
 সুখ-দুখৰ কবিতা


আমাৰ মাজত যে অৰ্ধ পৃথিৱীৰ দুৰত্ব
 যি অহৰহ ধূসৰ কৰিব খোঁজে
হৃদয়ৰ মৌন গুঞ্জন
নিৰ্মম হাতেৰে আঁজুৰি নিয়ে
ৰ’দাল দুপৰীয়া এটাৰ একান্ত হাবিয়াস
সিৰাই সিৰাই এৰি যায়
অপাৰ বিষণ্ণতা

তথাপিও মই ঠিকে আছোঁ
জানো তুমিও থাকিবা কুশলে
তুমিয়েতো কোৱা একেই থাকিব সকলো
ব’হাগৰ প্ৰথমজাক বৰষুণ
দুচকুৰ সেউজীয়া আশাৰ সোপান
আৰু হিয়াৰ ইকুল সিকুল জুৰাই থকা
আমাৰ ভালপোৱা

এই দুৰত্ব, এই নিৰ্যাস

মাথোঁ এক সময়ৰ পৰিহাস
আমি ঠিকে আছোঁ, ঠিকে থাকিম
চিৰদিন

Friday, 6 April 2018

তোমাৰ সান্নিধ্যত

তোমাৰ সান্নিধ্যত
হেঁপাহবোৰ কৃষ্ণচূড়া ফুল হৈ ফুলে
আকাশখনে ঘনে ঘনে বিজুলীয়াই
ধাৰাসাৰ এজাক বৰষুণ নামে হৃদয়লৈ

তোমাৰ সান্নিধ্যত
প্ৰাচীন এক সুৰ সাৰ পায় সংগোপণে
যি মূৰ্ত হৈ উঠে বাসনাৰ সপ্তম লয়ত
হেৰায় যায় অবাধ্য সময়ৰ আঁত

তোমাৰ সান্নিধ্যত
জীৱনে দেও দি যায় সুখৰ বাটেৰে
উৰ্বৰা হৃদয়ত সপোনে সঁজাল ধৰে
বিশ্বাস আৰু ভালপোৱাৰ এই বান্ধোনে
বাৰে বাৰে মোক পূৰ্ণ কৰি তোলে৷

Tuesday, 6 February 2018

সুস্বাস্থ্যৰ বাবে পাঁচটা অভ্যাস

স্বাস্থ্যৰক্ষাৰ বিধি সম্পৰ্কে কাৰিকৰী পৰামৰ্শ দিব পৰাকৈ মই কোনো বিশেষজ্ঞ নহওঁ৷ কিন্তু নিজৰ অভিজ্ঞতাৰ পৰা এইটো নিশ্চয় ক’ব পাৰোঁ যে কেৱল অকণমান স্বাস্থ্য সচেতনতা আনিব পাৰিলেই মোৰ দৰে যিকোনো সাধাৰণ মানুহে স্বাস্থ্যকৰ জীৱন এটা কটাব পাৰে৷ সঁচা কথা ক’বলৈ গ’লে আজি কিছু বছৰৰ আগলৈকে মই নিজেও স্বাস্থ্য সম্পৰ্কে প্ৰায় নিৰ্বিকাৰ আছিলো৷ ডাক্তৰৰ ওচৰলৈ দৌৰিব লগীয়া অৱস্থা এটা নোহোৱালৈকে স্বাস্থ্য সম্পৰ্কে কিবা ভাবিলগীয়া আছে বুলিয়ে গণ্য কৰা নাছিলো৷ কিন্তু কামৰ টানে যেতিয়া নানা দুৰ্গম ঠাইত পাহাৰে-কণ্ডৰে সাধাৰণ অৰ্থত ’কঠিন’ পৰিস্থিতিৰ মুখামুখি কৰাই দিলে, তেতিয়াহে নতুনকৈ উপলব্ধি কৰিলো এটা সুস্থ-সবল শৰীৰৰ গুৰুত্ব আৰু জীৱনত সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা৷ আমি বহুতেই হয়তো ভাবি নাচাওঁ, এই পৃথিৱীত আমাৰ অস্বিত্ব, আমাৰ দৈনন্দিন জীৱন, আমাৰ সুখ-দুখ সকলোৰে মাধ্যম হ’ল আমাৰ শৰীৰটো৷ কথাতে কয়, সুস্থ শৰীৰ এটাতহে সুস্থ মন এটাই বাস কৰিব পাৰে৷ গতিকে সেই শৰীৰক সুস্থ কৰি ৰখাৰ গুৰুত্বও আমি হয়তো সচৰাচৰ ভবাতকৈ বহু বেছি৷


স্বাস্থ্য সম্পৰ্কে কিছু সচেতন হোৱাৰ পৰা মই নিজে কিছুমান অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছোঁ৷ বিশেষকৈ এনে অভ্যাস যিবোৰে শৰীৰটোক যিমানদূৰ সম্ভৱ নিৰোগী আৰু সক্ৰিয় কৰি ৰাখে৷ কাৰণ ৰোগৰ চিকিৎসা (cure)ত কৈ প্ৰতিকাৰ (prevention) কৰিব পাৰিলে  বহুতো আহুকালৰ পৰাও নিলগত থাকিব পাৰি৷ ৰোগৰ এনে আগতীয়া প্ৰতিকাৰৰ বাবে মাথোঁ কিছুমান প্ৰাথমিক অভ্যাস কৰিয়ে বহুখিনি সুফল পাব পাৰি বুলি মোৰ বিশ্বাস৷ মোৰ জীৱনত সুস্বাস্থ্যৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হোৱা এনে কেইটামান অভ্যাস আগবঢ়াইছোঁ৷ আশাকৰোঁ মোৰ দৰেই সকলোকে সুস্বাস্থ্য বৰ্তাই ৰখাত এই অভ্যাসবোৰে সহায় কৰিব৷

১) আপোনাৰ সুস্বাস্থ্যৰ প্ৰধান বৈৰী চেনি

সুস্বাস্থ্যৰ বাবে কৰিব পৰা প্ৰথম আৰু প্ৰাথমিক কামটো কি বুলি কোনোবাই সুধিলে মোৰ তাৎক্ষণিক উত্তৰ হ’ব মিঠা সোৱাদকণৰ সৈতে চিৰবিচ্ছেদ! এটা সময় আছিল, যেতিয়া মোৰ বাবে সকলো সময়তে পাকঘৰত মিঠাই বা বেকাৰিৰ বিভিন্ন বিস্কুট-কেক, চকলেট আদি মজুত কৰি ৰাখিব লগা হৈছিল৷ গৰমদিনত শীতল পানীয়, আইচক্ৰীম আদি নহ’লে মোৰ জীয়াই থকাই অসম্ভৱ যেন লাগিছিল৷ সময়ত বুজি পালো, এই কেক, বিস্কুট, আইচক্ৰীম, পেষ্ট্ৰি, শীতল পানীয়, কেণ্ডি সকলোতে অতি বেছি কেল’ৰি শক্তি থাকে, কিন্তু পৰিপুষ্টিৰ উপাদান বিশেষ একো নাথাকে৷ এইবোৰ নিয়মীয়াকৈ খালে উপৰুৱা কেল’ৰিখিনি দেহে চৰ্বি (visceral fat) হিচাপে দেহত জমা কৰি ৰাখে৷ সেইবাবেই এইবোৰ খাদ্যই মেদবহুলতা আনে৷ চেনিৰ প্ৰতি আমাৰ প্ৰায় সকলোৰে আসক্তিৰ বৈজ্ঞানিক ভিত্তিও আছে৷ এই চেনীজাতীয় খাদ্যবোৰত থকা ফ্ৰুক্ট’জে আমাৰ মগজুত ড’পামাইন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য (neurotransmitter) ক্ষৰণ কৰে৷ এই ড’পামাইনে গৈ আমাৰ স্নায়ুতন্ত্ৰৰ সুখানুভূতিৰ কেন্দ্ৰ (reward centre)বোৰ সক্ৰিয় কৰি দিয়ে যাৰ বাবে মিঠা কিবা এটা খালেই আমাৰ মন ভাল লাগে৷ সেই অনুভৱখিনিৰ বাবেই আমাৰ বাৰে বাৰে মিঠা খোৱাৰ ইচ্ছা হয়৷ মিঠাৰ এই আসক্তিৰ প্ৰক্ৰিয়া ক’কেইন, নিক’টিন আদি ড্ৰাগছৰ আসক্তিৰ সৈতে সম্পূৰ্ণ একে৷ গতিকে দ্বিতীয়বাৰ মিঠাই এবিধ মুখত দিয়াৰ আগতে ক্ষন্তেক ৰৈ নিজকে সুধি চাবচোন, সুস্বাস্থ্য গঢ়াৰ বাটটো আপুনি অজানিতে নিজেই ভেটি থৈছে নেকি!


২) (বিশুদ্ধ) পানীয়েই অমৃত
আমাৰ শৰীৰৰ দুই-তৃতীয়াংশই পূৰাই ৰখা পানীৰ উপকাৰিতাৰ কথা আমি সকলোৱে জানো৷ পানীয়ে খাদ্য হজম কৰাত সহায় কৰে, দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে, শৰীৰৰ ছাল সতেজ কৰি ৰাখে, বিষাক্ত পদাৰ্থ বৰ্জন কৰি পৰিশুধনত সহায় কৰে আৰু বিপাক ক্ৰিয়াও নিয়মিত কৰে৷ পিছে প্ৰতিদিনে পৰ্য্যাপ্ত পৰিমাণে পানী খাবলৈ বাৰু আমাৰ কিমানৰ মনত থাকে! মোৰো নাছিল!  কেইবাজনো ডাক্তৰে প্ৰেছক্ৰিপ্টশ্যনত যেতিয়া মোৰ বাবে ঔষধৰ সলনি যথেষ্ট পানী খোৱাৰহে উপদেশ দিলে, তেতিয়াহে মোৰ গা লৰিল৷ শুই উঠি অন্য কিবা পেটত পেলোৱাৰ আগতে এগিলাচ কুহুমীয়া গৰম পানী খাবলৈ ল’লো৷ ঘৰ-অফিচ, বাটে-পথে য’তেই নাথাকো পানীৰ বটলটো লগত লৈ ফুৰা হ’লো৷ কম সময়ৰ ভিতৰতে আৰু ক’ব নোৱাৰাকৈয়ে শৰীৰৰ পূৰ্বৰ বহুতো আলৈ-আহুকাল দূৰ হ’ল৷ এতিয়া সঁচা অৰ্থতে মই পানীৰ সম্পূৰ্ণ ’আসক্ত’! দিনটোতে বটলত যিমানবাৰ পানী ভৰাওঁ আৰু পৰম তৃপ্তিৰে গিলাচে গিলাচে যেনেকৈ পানী খাওঁ যে কোনোবাই মন কৰিলে সঁচাই সেই সন্দেহেই কৰিব! বিশুদ্ধ বুলি কিয় কৈছোঁ বুজিছেই চাগৈ৷ দূষিত পানী হাজাৰটা ৰোগৰ উৎসও৷ গতিকে খোৱা পানীখিনি বিশুদ্ধ নহ’লে হিতে বিপৰীতহে হোৱাৰ সম্ভাৱনা৷

৩) আখলত কিছু সময়
প্ৰথমেই এটা স্বীকাৰোক্তি: বহুদিনলৈকে মই মেগীৰ বাহিৰে অন্য একো ৰান্ধিবলৈ নাজানিছিলো৷ ঘৰত থাকোতে শিকাৰ একো আগ্ৰহ নাছিল৷  ভাৱিছিলো, মোৰ দ্বাৰা ৰন্ধা-বঢ়া সম্ভৱ নহয়৷ যেন তেন প্ৰকাৰেণ সোৱাদ লগা খাদ্য মুখৰ আগত পাই থাকিলে কি খালো, ক’ৰ পৰা-কেনেকৈ আহিল সেইবোৰ প্ৰশ্ন ভুলতো মনলৈ অহা নাছিল৷ পিছে কামৰ বাবে লাগ বুলিলেই কিবা এটা খোৱাবস্তু কিনিবলৈ শ শ মাইল দূৰলৈ কোনো দোকান বা ৰেষ্টুৰেন্ট নোহোৱাকৈ অৰণ্যৰ মাজত নূন্যতম খাদ্যৰে দিন কটোৱাৰ অভিজ্ঞতাই প্ৰথমবাৰৰ বাবে খাদ্যৰ মূল্য কি সেয়া নতুনকৈ উপলব্ধি কৰাই দিলে৷ তেনে ঠাইৰ পৰা ’সভ্যতা’ৰ মাজলৈ ওলাই অহাৰ পিছত মনৰ জোখাৰে সোৱাদ লগাই কিবা এটা খোৱাৰ বাবে পুহি ৰখা হেঁপাহটোৱে ৰান্ধিবলৈ আগ্ৰহী কৰি তুলিলে মোক৷ ইটো-সিটোকৈ নতুন একোবিধ ৰান্ধি-খাই আৰু খুৱাই বৰ সন্তুষ্টি পোৱা হ’লো৷ সুযোগ-সুবিধা মিলিলেই  ৰেষ্টুৰেন্টত খাবলৈ যোৱাৰ অভ্যাসটো প্ৰায় নোহোৱা হৈ পৰিল৷ এই সাধাৰণ পৰিৱৰ্ত্তনটোৱে নজনাকৈয়ে স্বাস্থ্যতো আমূল পৰিৱৰ্ত্তন আনি দিলে৷ ইয়াৰ কাৰণ যথেষ্ট৷ প্ৰথমেই হ’ল, বাহিৰৰ পৰা যিমানেই পৰিষ্কাৰ যেন নালাগক আমাৰ প্ৰায়বোৰ ৰেষ্টুৰেন্টৰ ৰন্ধাঘৰৰ ভিতৰখন এবাৰ দেখিলে আপোনাৰ কেতিয়াও দ্বিতীয়বাৰ তাতে খোৱাৰ সত নাযাব৷ আইনগতভাৱে বাধ্যতামূলক যদিও খাদ্যৰ স্বাস্থ্যবিধি (food hygiene) সম্পৰ্কত আমি এতিয়াও সচেতন হোৱা নাই৷ অপৰিষ্কাৰ খাদ্যই কিমান ৰোগ বিয়পায় সেয়া জানিও আমি প্ৰায় সকলোৱে সেয়া পাহৰি থাকিবলৈ চেষ্টা কৰোঁ৷ ৰেষ্টুৰেন্টত খোৱাটো কমালে এনে অপৰিষ্কাৰ খাদ্যই বিয়পোৱা ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি৷ অতিপাত মছলা দিয়া খাদ্যই কৰা পেটৰ আলৈ আহুকালবোৰৰ কথা নক’লেও হয়৷ বিশেষকৈ কেঁচা শাক-পাচলিৰ চালাড কিমান পৰিষ্কাৰ নিজ চকুৰে নেদেখিলে কেতিয়াও মুখত দিব নালাগে, কাৰণ অপৰিষ্কাৰ কেঁচা পাচলিয়ে বিষক্ৰিয়া কৰিব পাৰে৷ তাৰোপৰি ৰেষ্টুৰেন্টত খোৱাৰ অভ্যাস আঁতৰাব পাৰিলে নিজৰ ইচ্ছামতে স্থাস্থ্যকৰ খাদ্যৰে খোৱা কাঁহীখন সজাই ল’ব পাৰি৷ এখোপ আগবাঢ়ি মই এইটোও ক’ম যে স্থাস্থ্যসচেতন যিকোনো মানুহে নিজৰ প্ৰয়োজনীয় খিনি নিজেই ৰান্ধিবলৈ শিকাটো অতি দৰকাৰী৷ বৰ্তমান ইন্টাৰনেটত সহজ ৰেচিপিৰ, ইউটিউবত নিৰ্দেশনাৰ অভাৱ নোহোৱা দিনত সেইখিনি শিকি ল’ব পাৰিলেই পৰত আশ, বনত বাস পৰিস্থিতিৰ পৰা সহজতে হাত সাৰিব পাৰি৷

৪) দৈনিক কিছু শাৰীৰিক পৰিশ্ৰম 
সুস্বাস্থ্যৰ বাবে শাৰীৰিক সক্ৰিয়তাৰ কিমান প্ৰয়োজন সেয়া জানিলেও  দৈনন্দিন জীৱনৰ নানা লেঠাৰ মেৰপাকত পৰি বহুতৰ সময় বা আগ্ৰহৰ অভাৱ হয়৷ মোৰো হৈছিল বা সঁচাকৈ ক’বলৈ গ’লে এতিয়াও হয়৷ কিন্তু এটা সময়ত মই অনুভৱ কৰিলো, বেলেগকৈ সময় বা সুবিধা নোলালেও দৈনন্দিন জীৱনৰ ৰুটিনৰ সৈতে খাপ খুৱাই আমি বহুতো উপায়েৰে শাৰীৰিক সক্ৰিয়তা বজাই ৰাখিব পাৰোঁ৷ সাধাৰণভাৱে আপোনাৰ ২০ টা খোঁজত এক কেল’ৰিকৈ শক্তি ক্ষয় হয়৷ গতিকে যিমান পাৰি ভৰি দুখনকে ব্যস্ত কৰি ৰাখিব পাৰিলেই শৰীৰৰ সক্ৰিয়তা বৃদ্ধি কৰিব পাৰি৷ যেনে, কম দূৰত্বৰ কৰ্মক্ষেত্ৰলৈ গাড়ীৰে নগৈ খোঁজকাঢ়ি, দৌৰি বা চাইকেলেৰে অহা-যোৱা কৰা, পৰাপক্ষত লিফটৰ সলনি  খটখটী ব্যৱহাৰ কৰা, ঘৰৰ ফুলনি বা শাকনিবাৰীৰ নিজে যত্ন লোৱা- মুঠতে শৰীৰক সক্ৰিয় কৰি ৰাখিব পৰা যিকোনোধৰণৰ এনে সৰু-সুৰা সুযোগবোৰৰ পূৰ্ণব্যৱহাৰ কৰক৷ গৱেষণাই দেখুৱাইছে যে দিনে এঘন্টা নিয়মীয়া খোঁজকঢ়া আৰু তিনিবাৰকৈ মাথোঁ দহমিনিট সময়ৰ বাবে খুউব খৰ খোঁজ দিয়াৰ শৰীৰৰ ওপৰত প্ৰভাৱ একেই৷ সৰু হ’লেও এইবোৰ অভ্যাস সুস্বাস্থ্যৰ বাবে একোটা উল্লেখযোগ্য পদক্ষেপ৷ 

৫) ভাতঘুমটিৰ আমেজকণৰ পৰা বিপদ
অসমীয়াৰ বাবে ভাতঘুমটিৰ আমেজখিনি বৰ হেপেহুৱা৷ গধুৰকৈ ভাতসাঁজ খাই আমি ভাগৰুৱা অনুভৱ কৰোঁ আৰু অকণমানকৈ জিৰোৱাৰ ইচ্ছা হয়েই৷ পিছে এই ভাতঘুমটি কণেই শৰীৰত কেণা লগাই পেলাব পাৰে৷ ইয়াৰ কাৰণ হ’ল, খাই উটাৰ লগে লগে শৰীৰে খাদ্যবোৰ হজম কৰা প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু এই কামটো ভালকৈ সম্পন্ন হয় শৰীৰটো থিয় হৈ থাকিলে৷ শুই দিলে, কিছুমান খাদ্য পাকস্থলী অৰ্থাৎ পেটৰ পৰা উভতি হৈ গ্ৰাসনলী (esophagus)লৈ গ’লে তাৰ সৈতে থকা হজমৰ বাবে নি:সৰণ হোৱা উৎসেচকে পেট জ্বলা-পূৰা (Gastroesophageal Reflux Disease) আৰম্ভ কৰে৷ তাৰোপৰি নিশা খায়ে পোনেই বিছনালৈ গ’লে ষ্ট্ৰ’কৰ সম্ভাৱনাও বঢ়াই তোলে বুলি গৱেষণাত ধৰা পৰিছে৷ গতিকে খোৱাৰ পিছত ভাতঘুমটি কণৰ আমেজ এৰি প্ৰায় দুইৰ পৰা চাৰি ঘন্টালৈ বিছনাত বাগৰ নিদিয়াকৈ থাকিবলৈ চেষ্টা কৰা ভাল৷ 


ব’নাছ টিপ: আজিৰ যুগত যিকোনো বস্তুৰে আঁতি-গুৰি ছেকেণ্ডতে ইন্টাৰনেটত বিচাৰি উলিয়াব পাৰি৷ গতিকে ঘৰুৱা বিধি, বনৌষধ, হোমিঅ’পেথিক-এলোপেথিক-আয়ুৰ্বেদিক আদি যি সামগ্ৰীয়ে নহওক কোনোবাই পৰামৰ্শ দিলে বুলিয়ে জধে-মধে নাখাই গুণাগুণ পৰীক্ষা কৰিহে লোৱা উচিত৷ আটাইতকৈ দৰকাৰী কথাটো হ’ল, আমি যিয়ে মুখত নিদিওঁ, সেয়া আমাৰ নিজৰ শৰীৰেই পাব-তাৰ ভাল-বেয়া প্ৰভাৱ আমাৰ নিজৰ শৰীৰতে আৰু নিজৰ জীৱনতে পৰিব৷ সেয়ে যিমান পাৰি স্বাস্থ্যকৰ খাদ্য খাওক, সুস্বাস্থ্যই আপোনাৰ জীৱনত নিজে ধৰা দিবহি৷

Medindia-ই প্ৰস্তুত কৰা সুষম খাদ্যৰ পিৰামিড

Wednesday, 24 January 2018

ক্ষীণোৱাৰ নতুন উপায়: পৰ্যাপ্ত ৰ’দ লওক!

আমি সকলোৱে জানো আমাৰ দেহে সূৰ্য্যৰ অতি বেঙুণীয়া ৰশ্মি ব্যৱহাৰ কৰি ভিটামিন ডি উৎপাদন কৰে৷ এই ৰশ্মি আমি খালী চকুৰে দেখা নাপাওঁ৷ শেহতীয়াকৈ খালী চকুৰে দেখা পোৱা সূ্ৰ্য্যৰ পোহৰৰ এক নতুন বৈশিষ্ট্য এলবাৰ্টা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে গৱেষণাত প্ৰকাশ কৰিছে যি মানুহক ক্ষীণোৱাত সহায় কৰিব পাৰে৷
পৰীক্ষামূলক গোট দুটাত স্নেহপদাৰ্থ (ৰঙা অংশ)
-ৰ পৰিমাণ: প্ৰথমগোট (C)-ত কোনো পোহৰ

নোহোৱাকৈ আৰু দ্বিতীয় গোট (D)টোত সূৰ্য্যৰ
ৰশ্মি পৰিবলৈ দিয়াৰ পিছত স্নেহপদাৰ্থ হ্ৰাস পাইছে
ফটো-Katarina Ondrusova
গৱেষণাটোৰ তথ্য অনুসৰি, ৰ’দঘাই দিন এটাত আমি খালী চকুৰে দেখা পোৱা পোহৰৰ বৰ্ণালীৰ প্ৰায় ১-৫% ৰশ্মি আমাৰ দেহৰ ছালৰ মাজেৰে পাৰ হৈ যায়৷ ছালৰ ঠিক তলতে থকা এডিপ’জ কলাৰ স্নেহকোষ (fat cells) বোৰ এই পোহৰৰ সংস্পৰ্শলৈ আহিলে তাত থকা স্নেহপদাৰ্থ (lipid) আকাৰত সৰু হৈ পৰে আৰু স্নেহকোষৰ পৰা মুকলি হৈ ওলাই যায়৷ ফলত এই কোষবোৰে মেদ সঞ্চয় কৰি নাৰাখে৷ তেওঁলোকে এই গৱেষণাৰ পৰা অনুমান কৰিছে যে পশ্চিমীয়া দেশবোৰত দীঘলীয়া শীতকালৰ বেছিভাগ সময় পৰ্য্যাপ্ত ৰ’দ নোপোৱাটোৱে এই সময়ছোৱাত তাৰ অধিবাসীৰ শীতৰ মেদবহুলতা সমস্যাৰ এক অন্যতম কাৰণ হ’ব পাৰে৷ 
সূৰ্য্যৰ এই ৰশ্মি নিয়মীয়াকৈ পৰিবলৈ দিলে স্নেহকোষবোৰে কেনে প্ৰতিক্ৰিয়া কৰে জানিবলৈ বিজ্ঞানীৰ দলটোৱে এডিপ’জ কলাৰ দুটা পৃথক গোটৰ ওপৰত এটা পৰীক্ষা সম্পন্ন কৰে৷ প্ৰথমবিধ কলাৰ স্নেহকোষৰ মাজেৰে একেৰাহে তেৰদিন দৈনিক চাৰি ঘন্টাকৈ নিৰ্দিষ্ট তীব্ৰতাৰ সূৰ্য্যৰ নীলা ৰশ্মি পাৰ হৈ যাবলৈ দিয়ে৷ দ্বিতীয় গোটটো কন্ট্ৰ’ল হিচাপে ৰাখি কোনো ৰশ্মি পাৰ হৈ যাবলৈ দিয়া নহয়৷ পৰীক্ষাৰ শেষত তেওঁলোকে দেখা পালে যে সূৰ্য্যৰ ৰশ্মি পৰা কোষবোৰৰ স্নেহপদাৰ্থ (lipid)-ৰ পৰিমাণ কন্ট্ৰল গোটটোতকৈ যথেষ্ট হ্ৰাস পাইছে৷ লগতে তেওঁলোকে ধৰা পেলালে যে এই কোষবোৰত থকা স্নেহপদাৰ্থবোৰ খৰতকীয়াকৈ ভাঙি মুকলি হৈ গৈছে৷ উপবাস বা ব্যায়ামৰ সময়ত এই একে প্ৰক্ৰিয়াৰেই আমাৰ দেহৰ স্নেহকোষবোৰৰ পৰা মেদ ভাঙি সঞ্চিত শক্তি মুকলি হয়৷ গতিকে বিজ্ঞানীসকলৰ মতে ৰ’দে আমাৰ শৰীৰৰ মেদ কমোৱাৰ বাবে একেটা প্ৰক্ৰিয়াই সক্ৰিয় কৰি তুলিব পাৰে৷ অৱশ্যে কিমান সময় বা তীব্ৰতাৰ ৰ’দে এই প্ৰক্ৰিয়া সক্ৰিয় কৰি তুলিব সেইসম্পৰ্কে অধিক গৱেষণাৰ প্ৰয়োজন৷ এই গৱেষণাই অদূৰ ভৱিষ্যতে সূৰ্য্যৰ পোহৰেৰে মেদবহুলতাৰ চিকিৎসাৰ সম্ভাৱনীয়তা আনি দিছে৷ 
(আলোকচিত্ৰ: ইন্টাৰনেটৰ পৰা সংগৃহীত)

Saturday, 13 January 2018

প্ৰবাসত ভোগালী

ভোগালীৰ গধূলি
পদূলিত জাৰৰ উকমুকনি
ভেলাঘৰত ডেকা-গাভৰুৰ উচ্ছ্বসিত হাঁহি
খুড়ী-পেহীৰ আখলৰ মায়াময় পৃথিৱী

ভোগালী আহে
মেজিৰ পবিত্ৰ জুইৰ উত্তাপৰ মাজেৰে
লাৰু-পিঠা, কোমল-চাউল আৰু সান্দহৰ জুতিৰে
আপোন মানুহৰ মৰমসনা সান্নিধ্যৰে

এই সকলোবোৰৰৰ পৰা বহু যোজঁন আঁতৰত
সাত সাগৰ তেৰ নদীৰ সিপাৰে
এদল প্ৰবাসী অসমীয়াৰ প্ৰয়াস
ভোগালীক আদৰাৰ
অসমৰ অমিয়া সুবাসেৰে
অসমীয়া হোৱাৰ গৌৰৱেৰে
প্ৰবাসত ভোগালী

মৰুভূমি

সময় উকলি গ’ল
আমি নজনাকৈয়ে
হৃদয়বোৰ বৃদ্ধ হ’ল
সেউজীয়া সপোনৰ ঠাই ল’লে
সোঁৱৰণিৰ সৰা পাতে
আশাবোৰ ভৰুণ হৈও
অনাদৰত গেলি-পচি ৰ’ল
ঘনে ঘনে বাৰিষাৰ ঢল অনা
বৰদৈচিলাজাকো থমকি ৰ’ল

নোকোৱা নপতা কথাবোৰ
সাঁচতিৰ জাপতে হেৰাল
শব্দহীন হাজাৰটা অনুভৱৰ ঢৌ
অদেখা হৈয়ে মাৰ গ’ল
আমি চকুৰ টিপ নেপেলাওঁতেই
বহু সময় পাৰ হৈ গ’ল

এতিয়া কেনেকৈ আনো
বসন্তৰ কুঁহিপাত
কেনেকৈ সী নিওঁ
অবুজ অভিমানৰ ফাঁট?

সময় উকলি গ’ল
আমি নজনাকৈয়ে
হৃদয় যে মৰুভূমি হ’ল

Sunday, 31 December 2017

২০১৭ চনৰ মোৰ প্ৰিয় দহটা অসমীয়া গীত

সাধাৰণ শ্ৰোতা হিচাপে গান শুনো, শুনি ভাল পাওঁ৷  কথা, সুৰ, কন্ঠ বা গান এটাই কঢ়িয়াই অনা সুন্দৰ অনুভৱখিনিৰ বাবেও মোৰ প্ৰিয় হৈ পৰে৷ অসমীয়া চিৰসেউজ গীতসমূহে দৈনন্দিন জীৱনৰ প্ৰায়বোৰ মুহুৰ্ত জীপাল কৰি ৰখাৰ মাজত সময়-সুবিধা অনুযায়ী ইউটিউবত উপলব্ধ দুই-এটি নতুন গীতো শুনাৰ বা চোৱাৰো অৱকাশ ওলায়৷ বিশেষকৈ অসমীয়া গীতৰ আগ্ৰহী শ্ৰোতা বন্ধুৱে ভাল লগা নতুন গানবোৰৰ নিয়মীয়াকৈ খৱৰ ৰাখে বাবে মোৰো এবাৰ শুনি চাবলৈ সুবিধা ওলায়৷ এনে কিছুমান গীতৰ মাজৰ পৰা ২০১৭ চনৰ বিদায়ৰ সন্দিক্ষণত বছৰটোৰ প্ৰিয় দহটা গানৰ তালিকা এখন কৰাৰ ইচ্ছা হ’ল৷ সস্তীয়া জনপ্ৰিয়তাৰ বাবে হিন্দী গানৰ অন্ধ অনুকৰণ কৰি তৰল কথা বা দৃশ্যকটু ভিডিঅ’ৰে চকু-কাণক কষ্ট দিয়া ইউটিউবত উপলব্ধ অলেখ অসংখ্য বেসুৰা অসমীয়া গীতৰ মাজত  এনে মন পৰশা গীতবোৰ সঁচাই আশাৰ এটাকৈ উজ্বল ৰেঙণি যেন৷ আশাকৰোঁ, অনাগত বছৰটোত এনে বহুতো হৃদয়স্পৰ্শী নতুন গীত দেখিবলৈ পাম৷

১) মাজুলী
কন্ঠ আৰু সুৰ: নীলোৎপল বৰা
কথা: শান্তনু  ৰৌমুৰীয়া

নীলোৎপল বৰাৰ সুমধুৰ কন্ঠত মাজুলীৰ ৰং-ৰূপৰ অপূৰ্ব চিত্ৰণেৰে মন পৰশা এটি গীত ’মাজুলী’৷ অসমৰ কলা-সংস্কৃতি, বিনন্দীয়া প্ৰকৃতিৰ সৈতে সংপৃক্ত অসমীয়াৰ সুখ-দুখৰ মনোমোহা প্ৰতিচ্ছবি দাঙি ধৰা গীতটোৰ প্ৰতিটো দৃশ্য হৃদয় জুৰুৱা৷ কথা-সুৰ-কেমেৰাই পলকতে যিকোনো অসমীয়াক ভাববিলাসী কৰি তুলিব পাৰে৷ বাৰে বাৰে শুনি থাকিবলৈ মন যোৱা এই গীতটো মোৰ দৃষ্টিত নিসন্দেহে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ গীতবোৰৰ মাজৰ এটা৷


২) কবিতা কেনেকৈ লিখে
কন্ঠ: জুবিন গাৰ্গ আৰু সুবাসনা দত্ত
কথা: ইবছন লাল বৰুৱা

ৰোমান্টিক গীতটোৰ কবিতাময় ভাষা মন পৰশা৷ কন্ঠ আৰু সুৰ অপূৰ্ব৷ গীতৰ মূল থীমত নতুনত্ব নাই যদিও ভাষা আৰু বুদ্ধিদ্বীপ্ত দৃশ্যগ্ৰহণে ভিডিঅ’টোও উপভোগ্য কৰি তুলিছে৷ গীতটো অন্তৰ্ভুক্ত কৰা ’কোঁৱৰপুৰৰ কোঁৱৰ’ মই এতিয়াও চোৱা নাই পিছে৷ 
৩) তুহু দীন তাৰণ
কন্ঠ: অভিশ্ৰুতি বেজবৰুৱা
কথা:স্বৰ্গীয় ৰাধানাথ ফুকন
সুৰ: পংকজ শৰ্মা

১৯০৫-০৬ চনত ৰাধানাথ ফুকনে লিখা এটি আধ্যাত্মিক ধৰ্মী গীত তুহু দীন তাৰণ৷ অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠত গীতটিৰ ভাব-ভাষা জীপাল হৈ উঠিছে৷ ওজাপালিৰ জৰিয়তে অসমৰ সত্ৰীয়া সংস্কৃতি, দৌল মহোৎসৱৰ এনে চিত্ৰণ অন্য অসমীয়া গীতত পূৰ্বতে দেখা মনত নপৰে৷ অভিশ্ৰুতি বেজবৰুৱাৰ পূৰ্বৰ এছাটি বতাহে, ৰৈ ৰৈ ৰতি আদিৰ দৰেই এই গীতটিয়েও অসমৰ নিভাঁজ ৰূপ এটা শ্ৰোতাৰ হৃদয়ত আঁকি থৈ যাবলৈ সক্ষম হৈছে৷


৪) ন যুঁজৰ ৰণুৱা

কন্ঠ আৰু সুৰ: জয় বৰুৱা
কথা: ইবছন লাল বৰুৱা

অসমীয়াৰ চেতনা জগোৱা কথা-সুৰৰ এটি মনোমোহা গীত৷ জয় বৰুৱাৰ শক্তিশালী কন্ঠই গীতটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷  শিলালিপি-সাঁচিপাতত সিঁচৰতি হৈ থকা কমতাপুৰৰ কোঁচ ৰাজত্বৰ গৌৰৱময় ইতিহাস সুঁৱৰি অসমীয়াৰ একতাৰ হকে যুঁজাৰ বাৰ্তা বহন কৰিছে গীতটোৱে৷ শিপাৰ সন্ধানত ওলোৱা অসমীয়া বিভেদকামী শক্তিক লাই নিদিয়ে, বৰং ইতিহাসে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে ঐক্য-সংহতি আৰু অহিংস পথৰ শক্তি, কৰ্মনিষ্ঠা আৰু যুক্তিৰ শক্তি৷ গীতটো আজিৰ দিনত প্ৰত্যেক অসমীয়াৰ বাবেই সময়োপযোগী আৰু প্ৰেৰণাদায়ক ৷

৫) ভাটিয়ালী সপোন
কথা, কন্ঠ আৰু সুৰ: মৈত্ৰেয়ী পাটৰ

মোৰ বাবে নতুন গায়িকা তথা গীতিকাৰ৷ মৈত্ৰেয়ী পাটৰৰ কন্ঠ সুমধুৰ, গীতৰ কথা-সুৰো মন চুই যোৱা৷  গীতটোৰ দৃশ্যগ্ৰহণ অগতানুগতিক -ৰং-তুলিকা আৰু ছাঁ-পোহৰৰ খেলাৰ মাজেৰে আবেগৰ এক বিমূৰ্ত ৰূপ দিয়াৰ চেষ্টা কৰিছে যেন ভাব হয়৷ বুজা নুবুজাৰ মাজতে গীতৰ কথা-সুৰ-দৃশ্য সকলো মিলি এক অনিৰ্বচনীয় অনুভৱ আনি দিয়ে, অচিনাকি এখন জগতলৈ মোক টানি লৈ যায়৷ 


৬) জলপ্ৰপাত
কন্ঠ: অভি শইকীয়া
কথা: শংকুৰাজ কোঁৱৰ

আকৰ্ষণীয় কথা আৰু সুৰৰ এটা আধুনিক গীত৷ ব্যতিক্ৰমী হিচাপে ধৰা দিছে গীতটিৰ ইলেক্ট্ৰনিক মিউজিকে; হয়তো এই ধাৰাত প্ৰথম অসমীয়া গীত৷ কিন্তু গীতটিত কন্ঠ মিউজিকৰ তুলনাত কিছু অৱদমিত হৈ ৰ’ল (বেকগ্ৰাউণ্ডত থকাৰ দৰে) যেন ভাব হ’ল ৷ লগতে ভিডিঅ’টোত গীতৰ কথাবোৰ অসমীয়া ইউনিক’ডেৰে দিয়া হ’লে বেছি ভাল লাগিলহেঁতেন৷


৭) জীৱনে ওমলে জামলে
কন্ঠ: সিদ্ধাৰ্থ হাজৰিকা
কথা: শান্তনু ৰৌমুৰীয়া

২০১৮-ত মুক্তি পাবলগীয়া ’কেলেণ্ডাৰ’ কথাছবিৰ এটি গীত ’জীৱনে ওমলে জামলে’৷ গীতটোৰ শব্দচয়ন খুবেই মনোগ্ৰাহী৷ দৈনন্দিন সৰু সৰু মুহুৰ্ত্তবোৰ, মান-অভিমান, সুখ-দুখৰ সমষ্টি এই জীৱনৰ এটা বাংময় ৰূপ দাঙি ধৰাৰ সুন্দৰ প্ৰচেষ্টা৷ গীতটোৱে দৰ্শকক কথাছবিখনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈও সক্ষম হ’ব৷


৮) লাচিতে কৈছোঁ মই
কন্ঠ: নীল আকাশ আৰু কুসুম কৈলাশ

অন্য এটা জাতীয়তাবাদী চেতনা জগোৱা গীত৷ কুসুম কৈলাশৰ কন্ঠত অসমীয়াৰ মানসিকতাত লাচিতৰ সৈতে সংপৃক্ত হৈ থকা দুৰ্বাৰ সাহস আৰু পৰাক্ৰম সুন্দৰকৈ প্ৰতিফলিত হৈছে বুলি মোৰ ধাৰণা৷ এই দুয়োগৰাকী গায়কৰ বলিষ্ঠ কন্ঠ আৰু প্ৰচেষ্টা প্ৰশংসনীয়৷ ’ৰেপ’ৰ মাজেদি এনে এটা বাৰ্তা কঢ়িওৱাৰ বাবে গীতটো মোৰ দৃষ্টিত অধিক আকৰ্ষণীয় হৈ উঠিছে৷

৯) অ’ মা
কন্ঠ: জুবিন গাৰ্গ, পাপৰি গগৈ

আৱাহন থিয়েটাৰৰ গীতটোৰ কথাত বিশেষ নতুনত্ব-আকৰ্ষণ নাথাকিলেও (’তাৰে জমিন পৰ’ৰ মেৰি মা-ৰ সৈতে যথেষ্ট সাদৃশ্য চকুত পৰিল!) সুৰ আৰু জুবিনৰ অপূৰ্ব কন্ঠই শ্ৰেষ্ঠ দহটা গীতৰ তালিকাত স্থান পোৱাৰ যোগ্য কৰি তুলিছে৷

১০) শুদ্ধ চিন্তা কন্ঠ: নবন্তিকা কলিতা
কথা আৰু সুৰ: ইবছন লাল বৰুৱা

অসমীয়াৰ চেতনাবোধ জাগ্ৰত কৰাৰ প্ৰচেষ্টাৰে অন্য এটা গীত৷ গীতটোৱে বহন কৰা শক্তিশালী বাৰ্তা আৰু সুৱলা কন্ঠ প্ৰশংসনীয়৷ ’শুদ্ধ চিন্তা কৰা অসমীয়া, ক্ষুদ্ৰ চিন্তা এৰা, হাতে কামে ধৰা.. দুচকু মেলি চোৱা অসমীয়া, জাগি উঠা জাতি অসমীয়া..’ -অসমীয়া জাতিৰ এই সন্ধিক্ষণত ইয়াতকৈ সময়োপযোগী গীতৰ কথা কি হ’ব পাৰে!

Tuesday, 19 December 2017

পৰিচয়

চিনাকি মুখবোৰৰ আঁৰত
সংগোপনে বাস কৰে
একোখন অপৰিচিত হৃদয়
দিনে নিশাই য’ত ঐক্যতান জুৰে
হাজাৰ অচিনাকি সুৰে

এই সহজ হাঁহি, এই অপূৰ্ব অভিনয়
সকলোৰে সিপাৰে দেও পাৰি থাকে
অপাৰ ক্ষোভ, হতাশা অথবা অপূৰ্ণতা
আৰু হৃদয়ক শিল কৰিব খোজাঁ
কোনো অভিশপ্ত মুহুৰ্ত

আমি মাথোঁ ভাও দি যাওঁ
হৃদয়ত চ’তৰ বা-মাৰলি লৈও
সৌম্য প্ৰতিমূৰ্ত্তি হৈ ৰওঁ
দাপোণত নিজকে নিচিনাৰ পৰত
আত্মীয়তাৰ মায়াজাল ৰচোঁ
অন্য মুখ কিছুমানৰ স’তে
চিনাকি অথচ বহু অচিনাকি




Thursday, 23 November 2017

উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ভাৰসাম্য ৰক্ষাৰ বাবে ঘাইপথৰ এক গোলকীয় মেপ

সমগ্ৰ বিশ্বতে ২০৫০ চনৰ ভিতৰত ২৫ মিলিয়ন কিলোমিটাৰ নতুন ঘাইপথ নিৰ্মাণ কৰাৰ আঁচনি আছে৷ ২০১০ চনৰ মুঠ পথৰ তুলনাত ঘাইপথৰ মুঠ দৈৰ্ঘ্যৰ এয়া প্ৰায় ৬০% বৃদ্ধি৷ ইয়াৰে দহভাগৰ ন অংশ নতুন ঘাইপথ নিৰ্মাণ কাৰ্য্য উন্নয়নশীল দেশসমূহত হ’ব বুলি ধাৰণা কৰা হৈছে৷ নতুন ঘাইপথ নিৰ্মাণে যিকোনো অঞ্চলৰ আৰ্থসামাজিক উন্নয়নৰ বাট মুকলি কৰি দিয়াৰ সময়তে প্ৰকৃতিৰ বাবে বহুসময়ত ক্ষতিকাৰক হৈও দেখা দিয়ে৷ উদাহৰণস্বৰূপে বনাঞ্চলৰ মাজেৰে বা কাষৰীয়া অঞ্চলত নিৰ্মাণ কৰা পথে বহুসময়ত অৰণ্য ধ্বংস কৰে, বনজুই বা বনৰীয়া জন্তুৰ চোৰাং চিকাৰৰ সম্ভাৱনাও বঢ়ায়৷ 

শেহতীয়াকৈ পৰিৱেশবিজ্ঞানী সকলে জৈৱবৈচিত্ৰ্য আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষা কৰি পূৰ্বপৰিকল্পিতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহ নিৰ্বাচন কৰাৰ এক আন্ত:ৰাষ্ট্ৰীয় আঁচনি প্ৰকাশ কৰিছে৷ এই প্ৰক্ৰিয়াই প্ৰকৃতিৰ ওপৰত নুন্যতম বিৰূপ প্ৰভাৱ পৰা কিন্তু উন্নয়নৰ বাবে আটাইতকৈ লাভদায়ক ঠাইসমূহ চিনাক্ত কৰি পৰিকল্পিতভাৱে তেনে অঞ্চলত ঘাইপথ নিৰ্মাণত প্ৰাধান্য দিছে৷ 
পৰিৱেশ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ (environmental-values layer) স্তৰ (a) আৰু কৃষিক্ষেত্ৰত উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ (road-benefits layer)  অঞ্চলসমূহ (b) 

এই গোলকীয় মেপখন নতুন ঘাইপথ নিৰ্মাণৰ বাবে হ’বলগীয়া লাভ বা লোকচান (cost-benefits)-ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে৷ মেপখন প্ৰস্তুত কৰিবলৈ বিজ্ঞানীসকলে দুটা স্তৰত অঞ্চলসমূহ পৰীক্ষা কৰে- প্ৰথমে পৰিৱেশ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ (environmental-values layer) স্তৰ আৰু দ্বিতীয়তে কৃষিক্ষেত্ৰত উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ (road-benefits layer)  অঞ্চলসমূহ৷ এই দুইটাস্তৰ সংযোগ কৰি তেওঁলোকে কোনবোৰ অঞ্চলত নতুনকৈ ঘাইপথ নিৰ্মাণে উন্নয়নৰ সম্ভাৱনা আনে, কোনবোৰ অঞ্চলত ঘাইপথ নিৰ্মাণকাৰ্য্য পৰিৱেশ সংৰক্ষণৰ বাবে ক্ষতিকাৰক হৈ উঠিব পাৰে আৰু এই দুয়োক্ষেত্ৰত সংঘৰ্ষ হ’ব পৰা উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ দুয়োটাৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চলসমূহো নিৰ্ণয় কৰিছে৷


গোলকীয় ঘাইপথৰ মানচিত্ৰ: সেউজীয়া অঞ্চলসমূহ পৰিৱেশ সংৰক্ষণৰ বাবে আৰু ৰঙা অংশসমূহ অৰ্থনৈতিক উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চল; গাঢ় অঞ্চলসমূহ দুয়োটাক্ষেত্ৰতে গুৰুত্বপূৰ্ণ  
  
এই  গোলকীয় মেপে পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন দৃষ্টি ৰাখি আৰু অৰ্থনৈতিক উন্নয়নো বাধাপ্ৰাপ্ত নোহোৱাকৈ পৰিকল্পিতভাৱে ঘাইপথ নিৰ্মাণত সহায় কৰিব বুলি আশা কৰা হৈছে ৷

Tuesday, 21 November 2017

মানুহৰ দাঁতে বহন কৰে ভিটামিন ডিৰ অভাৱৰ সাক্ষ্য

মানুহৰ দাঁতৰ পৰা দেহত ভিটামিন ডিৰ অভাৱ সম্পৰ্কে তথ্য পাব পাৰি৷ মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে শেহতীয়াকৈ দাঁতৰ এক্স-ৰে’ পৰীক্ষাৰ দ্বাৰা এই তথ্য আৱিষ্কাৰ কৰিছে৷ 


বিজ্ঞানীসকলে পূৰ্বতে ধৰা পেলাইছিল যে মানুহৰ দাঁতৰ গঠন আৰু আকৃতিৰ পৰা ভিটামিন ডিৰ অভাৱৰ ফলত হোৱা ৰিকেটছ (rickets) ৰোগৰ স্থায়ী আৰু নিৰ্ভৰযোগ্য তথ্য পাব পাৰি৷ এই ভিটামিনৰ অভাৱত দাঁতৰ মূল অংশ ডেন্টিন (dentin) ত ক্ষুদ্ৰাতিক্ষুদ্ৰ বিকৃতি (deformities) আৰম্ভ হয়৷ এই ডেন্টিনৰ এনে বিকৃতিবোৰ এনামেল (enamel) নামৰ অংশই আৱৰি ৰাখে বাবে এইবোৰ ক্ষয় নাযায়৷ এই বৈশিষ্ট্যৰ বাবে প্ৰাচীন মানুহৰ দাঁত অধ্যয়ন কৰি তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কেও তথ্য পাব পাৰি৷  কিন্তু ডেন্টিনৰ এই বিকৃতিসমূহ দাঁতবোৰ পৃথক কৰি তন্নতন্নকৈ পৰীক্ষা নকৰিলে ধৰা পেলোৱা প্ৰায় অসম্ভৱ ৷ এই অসুবিধা আঁতৰ কৰিবৰ বাবে বিজ্ঞানীৰ  দলটোৱে এক্স ৰে’ ব্যৱহাৰ কৰি দাঁতৰ ’পাল্প হৰ্ণ’ নামৰ অন্য এক অংশৰ গঠনৰ পৰিৱৰ্ত্তনৰ লগত তুলনা কৰি ভিটামিন ডিৰ পৰিমাণ নিৰ্ণয় কৰিব পৰাৰ পদ্ধতি উলিয়াইছে৷ এক্স ৰে’ত দেখা পোৱা দাঁতৰ মাজভাগত দেখা পোৱা ক’লা অংশটোক পাল্প হৰ্ণ বুলি কোৱা হয়৷ এই পাল্প হৰ্ণৰ আকাৰ পৰীক্ষা কৰি অতি সহজেই ভিটামিন ডিৰ অভাৱ নিৰ্ণয় কৰিব পৰা যায়৷

দাঁতৰ বিভিন্ন অংশসমূহৰ অৱস্থান আৰু ভিটামিন ডিৰ অভাৱত দেখা দিয়া বিকৃতি সমূহ ( b, c) 

সুস্থ মানুহ এজনৰ পাল্প অংশৰ আকৃতি ধেনুভিৰীয়া (ওপৰৰ চিত্ৰত a) হয় কিন্তু ভিটামিন ডিৰ অভাৱ হ’লে এই আকৃতি বেছি জোঙা (ওপৰৰ চিত্ৰত b) বা এমূৰে দীঘলীয়া হৈ চকী এখনৰ দৰে (ওপৰৰ চিত্ৰত c) হৈ পৰে৷ 


ভিটামিন ডিৰ অভাৱে আমাৰ দেহত নানা জটিলটাৰ সৃষ্টি কৰে৷ বিশেষকৈ আমাৰ দেহৰ হাড়ৰ গঠনত এই ভিটামিনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ এক্স ৰে’ৰ দ্বাৰা দাঁতৰ পাল্প অংশৰ নিয়মীয়া পৰীক্ষাৰ দ্বাৰাই এই অভাৱ চিনাক্ত কৰাৰ পদ্ধতিয়ে এনে জটিলটাসমূহ সময়মতে ৰোধ কৰাৰ পথ মুকলি কৰিছে৷

Sunday, 5 November 2017

ঘোঁৰাই বুজিব পাৰে মানুহৰ দেহৰ ভাষা

ঘোঁৰাই মানুহৰ দেহৰ ভাষা (body language) অধ্যয়ন কৰি কৰ্তৃত্বশীল আৰু আজ্ঞাধীন মানুহৰ পাৰ্থক্য বুজিব পাৰে৷ ছাছেক্স বিশ্ববিদ্যালয় (University of Sussex) ৰ বিজ্ঞানীসকলে শেহতীয়া এক গৱেষণাৰ যোগেদি এই তথ্য আৱিষ্কাৰ কৰিছে৷ এই গৱেষণাই জীৱ-জন্তুৱে দেহৰ ভাষা অধ্যয়নৰ দ্বাৰা অন্য প্ৰজাতিৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰে সেই বিষয়ে আমাক নতুন বাতৰি দিছে৷ 

ঘোঁৰাই কৰ্তৃত্বশীল লোক (বাওঁফালে)ৰ সলনি আজ্ঞাধীন লোক (সোঁফালে) হে পছন্দ কৰে


বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে ত্ৰিছটা পোহনীয়া ঘোঁৰাৰ ওপৰত এই বিষয়ত পৰীক্ষা চলায়৷ তেওঁলোকে ঘোঁৰাবোৰে কৰ্তৃত্বশীল (dominant) ৰূপে (ভৰি-হাত মেলি ৰাখি আৰু বুকু ফুলাই থাকি) পোনকৈ থিয় দিয়া মানুহ এজন নে আজ্ঞাধীন (submissive) ৰূপে (ভৰি-হাত দেহৰ ওচৰত আৰু সহজভাৱে) থকা মানুহ এজনৰ ওচৰ চাপে সেয়া পৰীক্ষা কৰে৷ দেখা গ’ল যে দেহৰ ভাষা নিৰপেক্ষভাৱে ৰাখি ইয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে পোনতে ঘোঁৰাবোৰক খাদ্য খাবলৈ দি প্ৰলোভিত কৰি ৰখাৰ পিছতো তেওঁলোকৰ দেহৰ ভাষা সলনি হোৱাৰ লগে লগে ঘোঁৰাবোৰৰ প্ৰতিক্ৰিয়াও সলনি হয়৷ ঘোঁৰাবোৰে সহজভাৱে থকা আজ্ঞাধীন ধৰণৰ মানুহৰহে কাষ চাপিব খোঁজে৷  

ইতিহাসৰ বিভিন্ন কাহিনীত ঘোঁৰাই মানুহৰ মনৰ ভাব বুজি কাম কৰাৰ উল্লেখ পোৱা যায় যদিও বৈজ্ঞানিকভাৱে কোনো গৱেষণাত এই কথা প্ৰমাণ হোৱা নাছিল৷ গতিকে এই গৱেষণাই বেলেগ বেলেগ প্ৰজাতিৰ মাজত হোৱা যোগাযোগ সম্পৰ্কে নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে৷