Friday, 23 October 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৬)

লিভিংষ্ট’নত স্থবিৰ সময়

কেতিয়াবা ভাৱ হয়, জীৱনৰ দুৰন্ত গতিয়ে, উখল-মাখলবোৰে আমাক যেন এটা যান্ত্ৰিক পৰিক্ৰমাত আৱদ্ধ কৰি ৰাখে৷ দৈনন্দিন ব্যস্ততাৰ পৰা কণমান আহৰি পালেও হাতৰ মুঠিতে যে কিমানবোৰ অজুহাত ৰৈ থাকে সেই নীৰৱতা মুখৰ কৰি তুলিবলৈ- ডিজিটেল স্ক্ৰীণৰ মায়াজালে অহৰহ বন্দী কৰি ৰাখিব খোঁজে আমাৰ মন-মগজু!


কৰ্মশালা সামৰি লিভিংষ্ট’নলৈ উভতি আহি থাকোঁতে আমাৰ এখন দীঘলীয়া তালিকা আছিল কৰিব লগীয়া কামৰ- দুটামান সময়সীমাৰ! আহি পাই দেখোঁ, ইন্টাৰনেট অচল; হঠাতে পুৱা শুই উঠি বাতৰিত চকু ফুৰোৱা, ফেইচবুক-টুইটাৰৰ আপডেট চোৱা, ইটোৰ পিছত সিটোকৈ ইমেইলৰ উত্তৰ দিয়াৰ ব্যতিব্যস্ততা খিনিয়ে নোহোৱা হৈ পৰিল! আনকি বাহিৰৰ পৃথিৱীখনৰ সৈতে যোগাযোগ ৰখাৰো একো উপায় নোহোৱা হ’ল৷ হঠাতে যেন জীৱনেই অচল হৈ গ’ল আমাৰ দলটোৰ চাৰিওৰে৷ বহু হাই-উৰুমিৰ শেষত বেজী এটা পৰিলেও চক খাই উঠাৰ দৰে নীৰৱ নিথল হৈ পৰিল যেন সকলো! নতুনকৈ অনুভৱ কৰিলোঁ ইন্টাৰনেটে, ডিজিটেল পৃথিৱীয়ে কেনেকৈ আমাৰ অন্তৰ্জগতখন হেঁচা মাৰি ৰুদ্ধ কৰি পেলাব পাৰে!

লিভিংষ্ট’নৰ আছেংগা ল’জত এনে এটা অচল ৰৌদ্ৰোজ্জল দুপৰীয়া৷ অন্য সময়ৰ দৰে নিজৰ কোঠাত লেপটপ লৈ ব্যস্ত হৈ থকাৰ সলনি এজন এজনকৈ আমি ওলাই আহিলো ৷ কোঠাৰ লানিবোৰৰ সোঁমাজতে এটা সৰু ছুইমিং পুল৷ পুলৰ নীলা পানীত চাৰিওকাষে চিকুণকৈ ৰখা তালজাতীয় গছৰ লিহিৰি পাতৰ ছাঁই তলমল কৰিছে৷ সেই ছাঁৰ তলে তলে কেইবাজোৰা চকী-টেবুল৷ এলাইডা, ক’লা আৰু মই বহিলোগৈ অলপ একাষৰীয়াকৈ থকা মুখামুখি জোলনা দুখনত৷ ছুইমিং পুলৰ নীলা পানীখিনিয়ে, পাতলীয়া বতাহজাকে গা-মন শাঁত পেলালে৷ ক’লা আৰু এলাইডাৰ সৈতে পাৰ হৈ যোৱা দিনকেইটাৰ ৰোমন্থন চলিল৷ ক’ল’মৰ কৰ্মশালাত লগ পোৱা বিভিন্ন মুখ, বিভিন্নজনৰ সৈতে মতবিনিময়ৰ শেষত হোৱা উপলব্ধিৰ প্ৰতিফলন৷


এটা সময়ত কাষৰ কোঠাৰ পৰা আহি যোগ দিলেহি জেম্ছে৷ ক’লা আৰু এলাইডাই জেম্ছক কেইবাবাৰো লগ পাইছে যদিও প্ৰকল্পত যোগ দিয়াৰ পিছত জেম্ছৰ সৈতে এই জাম্বিয়া ভ্ৰমণতে মোৰ প্ৰথম সাক্ষাৎ৷ গতিকে ব্যক্তিগত ৰূপত তেওঁক তেনেকৈ জনাৰ সুযোগ পোৱা নাই৷ যোৱা কেইদিনৰ সান্নিধ্যৰে মাথোঁ বুজি উঠিছোঁ, জেম্ছ খুবেই অন্তৰ্মুখী মানুহ৷ কিন্তু সেই অচল আবেলিটোত অপ্ৰত্যাশিতভাৱে তেওঁ স্বতস্ফূৰ্ত হৈ উঠিল৷ আমিও কৌতুহলী হৈ বহু কথাই সুধি পেলালো৷ জেমছে নিৰলসভাৱে কৈ গ’ল তেওঁৰ জীৱন কাহিনী৷ বিছ বছৰীয়া চফল ডেকাজনে যুক্তৰাজ্যৰ শিক্ষা ব্যৱস্থাত নিজৰ ঠাই বিচাৰি পোৱা নাছিল৷ তেওঁনো জীৱনত প্ৰকৃততে কি কৰিব বিচাৰে একো উৱাদিহ পোৱা নাছিল৷ জীৱনৰ অৰ্থ বিচাৰিয়ে যুক্তৰাজ্য এৰি তেওঁ সেইসময়ত অনিৰ্দিষ্ট কাললৈ বিশ্ব ভ্ৰমণলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷ এনে দিন এটাতে হঠাত লগ পাই গ’ল ৰেচেলক৷ বিশ্ব ভ্ৰমণলৈ যাবলৈ তেতিয়া দুসপ্তাহ বাকী মাথোঁ৷ মাত্ৰ দুবাৰ লগ পোৱাৰ পিছতে ৰেচেলে প্ৰস্তাৱ দিলে তেৱোঁ জেম্ছৰ সৈতে একেলগে সেই ভ্ৰমণত যাব খোঁজে৷ জেম্ছে পোনেই না কৰিলে৷ কিন্তু বিশ্ব ভ্ৰমণৰ প্ৰথমটো আস্থান স্পেইনত দুদিন কটাই কিবা ভাৱি তেওঁ ৰেচেললৈ ফোন কৰিলে,

’এতিয়াও যদি তুমি আহিব খোঁজা, মোক স্পেইনত লগ কৰিব পাৰা৷’


ৰেচেলে কলেজীয়া শিক্ষা আধৰুৱা কৰি গুচি গৈছিল দুদিনৰ চিনাকী জেম্ছৰ কাষলৈ৷ কেইবা মাহজোৰা এই ভ্ৰমণত দুয়ো অলৌ টলৌকৈ ইখন দেশৰ পৰা সিখন দেশলৈ ঘুৰিলে৷ নানা দেশত জেম্ছে শাৰীৰিক শ্ৰম কৰিলে, ক’ৰবাত ইংৰাজী শিক্ষকৰ কাম কৰিলে৷ বিধিৰ পৰিহাসত ইণ্ডোনেছিয়াত ৰেচেলে এটা কৰ্মসংস্থান পালে আৰু তাৰ পৰাই নতুন সুযোগ আহিল৷ তাতে জেম্ছৰ টেৰীৰ সৈতে চিনাকি হ’ল৷ তেওঁৰ অসাধাৰণ প্ৰতিভা চিনিবলৈ টেৰীৰ অকণো টান নহ’ল৷ তাৰ পিছত জেম্ছে আৰু কেতিয়াও ঘুৰি চাবলগীয়া নহ’ল৷ ত্ৰিছ বছৰ বয়সত কলেজীয়া শিক্ষা আৰম্ভ কৰি তেওঁ মাথোঁ দুবছৰত অভূতপূৰ্ব সফলতাৰে পি এইচ ডি সম্পূৰ্ণ কৰিলে৷ বৰ্তমান সেই ৰেচেলৰ সৈতে দুটি সন্তানেৰে তেওঁৰ সুখৰ সংসাৰ আৰু ইণ্ডোনেছিয়াৰ সেই সংস্থানেই তেওঁৰ কৰ্মস্থান!


অভিভূত হৈ পৰিলো! সমাজে বা পৰম্পৰাই ঠিক কৰি দিয়া বাটবোৰ-ধাৰণাবোৰ আওকাণ কৰি কেৱল নিজৰ হৃদয়ৰ আহ্বান শুনাৰ এনে সততা আৰু সাহসিকতা কিমান বিৰল, কিমান প্ৰেৰণাদায়ক!


আতংকৰ ছাঁ

লিভিংষ্ট’নত যোগাযোগবিহীন হৈ অচল দুটা দিন কটোৱাৰ পিছত পুৱা টেৰী আৰু জেমছে হোটেল এৰিলে- দুপৰীয়া জোহানেছবাৰ্গ হৈ লণ্ডনলৈ ফ্লাইট৷ আছেংগাত ৰৈ গ’লো এলাইডা, ক’লা আৰু মই৷ ক’লা দুদিনৰ পিছত ফ্ৰান্সলৈ উভতি যোৱাৰ কথা৷ এলাইডা আৰু মই জিম্বাবোৱেৰ ৰাজধানী লুছাকাত এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনা সভাত যোগ দি এসপ্তাহৰ পিছত কানাডালৈ উভতাৰ পৰিকল্পনা৷


আবেলি নিজৰ কোঠাত জিৰণি লওঁ বুলি কিতাপ এখন মেলি ল’লো৷ এটা সময়ত চিলমিল কৈ টোপনিও আহিল! এনেতে ফোনৰ ৰিঙৰ শব্দত চক্ খাই সাৰ পাই গ’লো৷ অচিনাকি নম্বৰ৷ সন্দেহ হ’ল- ৰ’মিং কল ধৰোঁ নধৰোঁ কৈ ৰিচিভ কৰিলো৷

ফোনৰ সিপাৰে টেৰীৰ ভীষণ উৎকন্ঠিত মাত!

’আমি অলপ আগতে জোহানেছবাৰ্গ পাইছোঁহি৷ তোমালোক ঠিকে আছানে?’

’হয়, ঠিকে আছোঁতো!’- আচৰিত হ’লো অলপ৷ আজি ৰাতিপুৱা মাথোঁ গৈছে টেৰী আৰু জেম্ছ৷ এবেলাতে কি সলনি হ’বনো!

টেৰীয়ে একেই সুৰত কৈ গ’ল,

’ইয়াত আহি পাই ইন্টাৰনেট পোৱাতহে গোটেই কথাবোৰ গম পাইছোঁ৷ আমাৰ সংগঠনৰ লুছাকাৰ অফিচৰ পৰা উপৰাউপৰিকৈ বহুত ইমেইল আৰু ফোন কল৷ জাম্বিয়াৰ পৰিস্থিতি খুউব বেয়া৷ কালি লুছাকালৈ উভতি যোৱা চিফৰৰ গাড়ী বাটত মানুহৰ আক্ৰমণ (riot) ৰ পৰা কোনোৰকমেহে ৰক্ষা পাইছে৷ পুলিচ আহি কন্দুৱাগেছ মৰাতহে মুকলি হৈ যাব পাৰিছে৷ বহু ঠাইত মানুহে গাড়ী হাইজেক কৰিছে আৰু যাত্ৰীক গুলীয়াই মাৰিছে হেনো৷’

মই আতংকিত হৈ পৰিলোঁ৷ কাৰো সৈতে একো যোগাযোগ নথকাত আমি একো গমেই নাপাওঁ!

টেৰীয়ে ক’লে,

’মোৰ কথা মন দি শুনা! লুছাকাৰ আলোচনা সভালৈ তোমালোক যাব পৰাটোতো দূৰৰে কথা, লিভিংষ্টনো একেবাৰে নিৰাপদ নহয়৷ চিফৰৰ অফিচৰ লগত পাতি আমি সিদ্ধান্ত লৈছোঁ, তোমালোক যিমান পাৰি সোনকালে ভেনকুভাৰলৈ উভতি অহাটোৱে ঠিক হ’ব৷ পাৰা যদি কাইলৈকে জাম্বিয়া এৰিবলৈ চেষ্টা কৰে৷ কথাবোৰে কেতিয়া কি ৰূপ লয় কোৱা টান হৈছে৷’

মোৰ টোপনিৰ জাল কাটি গ’ল৷ যিমান পাৰোঁ খৰকৈ চিন্তা কৰাৰ চেষ্টা কৰিলোঁ৷ কৈ উঠিলো,

’কিন্তু আমাৰ উভতাৰ ফ্লাইট এসপ্তাহৰ পিছত হে আছে!’

’সলনি কৰি কাইলৈকে অহাৰ চেষ্টা কৰা৷ যিমানেই খৰচ নহওক তোমালোক নিৰাপদে উভতি অহাটো সকলোতকৈ গুৰুত্বপূৰ্ণ৷ আমাৰ লণ্ডনৰ ফ্লাইটলৈ আৰু তিনিঘন্টা আছে৷ সকলো বন্দবস্ত কৰি খৱৰ দিবা মোক৷’

ফোনটো ৰাখি দীঘলকৈ উশাহ এটা টানি ল’লো৷ খৰকৈ হিচাপ-নিকাচ কৰিলো৷ তেতিয়া আবেলি চাৰে-চাৰি বাজিছে৷ আন্ধাৰ হোৱাৰ পিছত ক’লৈকো ওলাই যোৱাটো সেই পৰিস্থিতিত নিৰাপদ নহয়৷ গতিকে যিয়ে নকৰোঁ সোনকালে কৰিব লাগিব৷

ক’লা বাহিৰতে গছৰ তলত বহি আছিল৷ তাৰ সৈতে গৈ এলাইডাৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালোগৈ৷ বৃত্তান্ত শুনি দুয়ো কিছুপৰ কিংকৰ্তব্যবিমুঢ় হৈ ৰ’ল৷ এলাইডাই গোটেই কথাবোৰ জুকিয়াই চালে৷ ফোন বা ইন্টাৰনেট নোহোৱাকৈ কাইলৈকে টিকেট কৰাৰ উপায় কি? এয়াৰপৰ্ট ইয়াৰ পৰা গাড়ীৰে আধাঘন্টামানৰ বাট৷ এতিয়াই গ’লে আন্ধাৰ হোৱাৰ আগতে নিৰাপদে আহি পামনে!

অন্য একো উপায় নথকাত তাকে কৰাৰ সিদ্ধান্ত হ’ল৷ লৰালৰিকৈ ওলাই গৈ এয়াৰপৰ্টলৈ টেক্সি ল’লো৷ টেক্সিৰ ড্ৰাইভাৰক ক’লাই সুধিলে,

’আজিৰ দিনটোত লিভিংষ্ট’নৰ ওচৰে পাজৰে কিবা হিংসাত্মক ঘটনা ঘটিছে নেকি?’

আদহীয়া ড্ৰাইভাৰজনে হাঁহিমুখেৰেই ক’লে,
’আমিতো একো শুনা নাই এতিয়ালৈকে৷ মাত্ৰ কাৰ্ফিউৰ কাৰণে সন্ধিয়াৰ লগে লগে ঘৰৰ বাহিৰলৈ নোলোৱাৰ নিৰ্দেশহে পাইছোঁ৷’

লিভিংষ্ট’নৰ একেবাৰে সৰু এয়াৰপৰ্ট৷ সোমায়ে দেখোঁ, এয়াৰলাইনৰ সকলো কাউন্টাৰ বন্ধ! গম পালো, দিনটোত মাথোঁ দুখনমানহে ফ্লাইট অহা-যোৱা কৰে৷ গতিকে পাঁচবজাত সকলো বন্ধ হয়৷

আমি তিনিও অসহায় হৈ তাতে থিয় দি ৰ’লো!


লিভিংষ্ট’নৰ দেশত (১): ভিজা, ক’ৰ’না আৰু ধুমুহা
লিভিংষ্ট’নৰ দেশত (২):ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্
লিভিংষ্ট’নৰ দেশত (৩): এটা সপোন খেদি
লিভিংষ্ট’নৰ দেশত (৪): বাওবাব গছৰ সন্ধানত
লিভিংষ্ট’নৰ দেশত (৫): যাত্ৰা আৰু আড্ডা

Friday, 17 July 2020

অসমলৈ অহা পৰিভ্ৰমী চৰাই

চৰাইৰ পৰিভ্ৰমণ প্ৰকৃতিৰ আটাইতকৈ আশ্চৰ্য্যকৰ পৰিঘটনাসমূহৰ ভিতৰত অন্যতম৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমহূৰ ভিতৰত প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২০০০ বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ ভিতৰত আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা চৰাইবিধ হ’ল আৰ্কটিক টাৰ্ন নামৰ গঙাচিলনীজাতীয় চৰাইবিধ৷ এই চৰাইবিধে সুমেৰুৰ পৰা কুমেৰুলৈ প্ৰায় ৪০,৩০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি প্ৰতিটো শীততে পৰিভ্ৰমণ কৰে আৰু গ্ৰীষ্মকালত উভতি আহে৷ শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈও পৰিভ্ৰমী চৰাইৰ সোঁত বয়৷ তথ্য অনুসৰি অসমলৈ ২৮০ বিধ পৰিভ্ৰমী চৰাইৰ আগমণ ঘটে৷ ইয়াৰে উল্লেখযোগ্য কেইবিধমান চৰাইৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হৈছে-

ধৃতিৰাজ (Bar-headed Goose): ধৃতিৰাজ নামৰ বনৰীয়া হাঁহবিধ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ কোনো কোনোৰ মতে মাউন্ট এভাৰেষ্টতো এই হাঁহবিধক দেখা পোৱাৰ নজিৰ আছে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ শীতকালত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনত দুই-তিনিহাজাৰ পৰ্য্যন্ত ধৃতিৰাজ দেখা পোৱা যায়৷ তথ্য অনুসৰি কাজিৰঙাত বিশ্বৰ মুঠ ধৃতিৰাজৰ প্ৰায় ৪-৫% চৰায়ে পৰিভ্ৰমণ কৰেহি৷ ইয়াৰোপৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দ্বীপৰ বিল, বুঢ়াচাপৰি অভয়াৰণ্য আদিত শীতকালি এই হাঁহ দেখা পোৱা যায়৷

File:Bar-headed Goose - St James's Park, London - Nov 2006.jpg
ধৃতিৰাজ হাঁহ (ফটো: ৱিকিমিডিয়া কমনছ)

দীঘলনেজী (Northern Pintail)
: দীঘলনেজী হাঁহ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' বুলি কোৱা হয়৷এই হাঁহৰ প্ৰজাতিটোৱে প'লেণ্ড, মংগোলিয়া,কানাডা, আলাস্কা, আমেৰিকা আদি দেশত এপ্ৰিল আৰু জুন মাহত প্ৰজনন কৰে আৰু অসমকে ধৰি অন্য বিষুৱীয় অঞ্চল যেনে পানামা, আফ্ৰিকা আৰু দক্ষিণ এছিয়া লৈ শীতকালত পৰিভ্ৰমণ কৰে৷ এই হাঁহে ঘন্টাত ৪৮ মইল পৰ্য্যন্ত বেগেৰে নিশাৰ ভাগত পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ দীঘলনেজীয়ে সাধাৰণতে মুকলি জলাশয় যেনে, পানীপূৰ্ণ ঘাঁহনি, হ্ৰদ আদিত বাস কৰে৷ দীঘলনেজীয়ে অগভীৰ পানীত আন্ধাৰ হোৱাৰ পিছত ডুব দি দি খাদ্যৰ সন্ধান কৰে৷ সেয়ে ই দিনৰ বেছিভাগ সময় জিৰণি লৈ থাকে৷ ই প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে শিপা, গুটি আদি খাই জীয়াই থাকে৷ কাজিৰঙকে ধৰি অসমৰ বিভিন্ন বনাঞ্চল, জলাশয় আদিত দীঘলনেজী দেখা পোৱা যায়৷

Northern Pintails (Male & Female) I IMG 0911.jpg
দীঘলনেজী  (ফটো: ৱিকিমিডিয়া কমনছ)

চাকৈ-চকোৱা (Ruddy Shelduck): চাকৈ-চকোৱা বা বামুণী হাঁহ সোণালী বৰণৰ এটা হাঁহৰ প্ৰজাতি। চাকৈ-চকোৱাই গ্ৰীষ্মকালত ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে আৰু শীতকালত অসমকে ধৰি ভাৰত মহাদেশৰ অন্যান্য অঞ্চল সমূহলৈ পৰিভ্ৰমণ কৰে৷ ই ওখ পাহাৰৰ ওপৰত, গছৰ ধোন্দত, মাটিৰ ফাঁকত, কণী পাৰি পোৱালি জগায়। এই চৰাই বিধ সদায় যোৰা পাতি থাকে নাইবা সৰু দলবান্ধি থাকে। হিন্দু আৰু বৌদ্ধ ধৰ্মত এই হাঁহক পৱিত্ৰ বুলি গণ্য কৰা হয়৷ শীতকালি অসমৰ কাজিৰঙা, দ্বীপৰ বিল, ডিব্ৰু ছৈখোৱাকে ধৰি বিভিন্ন জলাশয়ত এই হাঁহ দেখিবলৈ পোৱা যায়৷ 

File:Ruddy shelduck (Tadorna ferruginea) 200.jpg
চাকৈ-চকোৱা  (ফটো: ৱিকিমিডিয়া কমনছ)
কলীমূৰী হাঁহ (Common Teal): কলীমূৰী হাঁহ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে মাৰ্চ মাহত নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চল প্ৰজনন কৰে আৰু শীতকালত জাপান, টাইৱান, দক্ষিণ এছিয়া আদিলৈ পৰিভ্ৰমণ কৰে৷ ক'লীমূৰী হাঁহে প্ৰধানকৈ জাক পাতি বাস কৰে৷ প্ৰজননৰ সময়ত ঘাইকৈ ইয়াক ওখ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখিবলৈ পোৱা যায়৷ আনহাতে শীতকালত ই সাগৰীয় পানী থকা জলাশয় সমূ্হত চৰে৷ প্ৰজনন কালত ক'লীমূৰী হাঁহে প্ৰধানকৈ জলজ অমেৰুদণ্ডী প্ৰাণী যেনে- কেঁকোৰা, পোক-পতংগ, কণী আদি খাই জীয়াই থাকে৷ শীতকালত ইহঁতে জলজ উদ্ভিদৰ গুটি, ঘাঁহ আদি খাবলৈ লয়৷ শীতকালত এই হাঁহবিধে গধূলি বা নিশাৰ ভাগত খাদ্যৰ সন্ধান কৰে৷ অসমৰ কাজিৰঙা, ওৰাং, মানাহকে ধৰি বিভিন্ন বনাঞ্চল আৰু জলাশয়ত শীতকালি এই হাঁহ দেখিবলৈ পোৱা যায়৷ 

File:Common Teal Anas crecca 690V0830 - Lip Kee.jpg
কলীমূৰী হাঁহ  (ফটো: ৱিকিমিডিয়া কমনছ)

খন্তীয়া হাঁহ (Northern Shoveller): খন্তীয়া হাঁহ এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ , দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে। খন্তীয়া হাঁহে প্ৰধানকৈ মুকলি জলাশয়ত বসবাস কৰে আৰু উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে। তদুপৰি ই দীঘল আৰু বিশেষভাৱে অভিযোজিত খন্তীৰ দৰে ঠোঁটটো ব্যৱহাৰ কৰি পানীৰ পৰা বিভিন্ন জলজ কীট-পতংগ আদিও খায়। অসমৰ কাজিৰঙা, পবিতৰা, মাজুলী, দ্বীপৰ বিল আদিৰ মুকলি জলাশয়সমূহত শীতকালি এই হাঁহ দেখা পোৱা যায়৷

File:Northern Shoveller Anas clypeata.jpg
খন্তীয়া হাঁহ  (ফটো: ৱিকিমিডিয়া কমনছ)

বগা বালিমাহী (White Wagtail): বগা বালিমাহী এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ বালিমাহী চৰায়ে সকলো সময়তে নেজডাল লৰাই থাকে (tail wagging) বাবে ইয়াৰ ইংৰাজী নাম ৱেগটেইল৷ ই এপ্ৰিল মাহৰ পৰা আগষ্টৰ সময়ছোৱাত ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷ শীতকালি অসমৰ প্ৰায়বোৰ পথাৰ, নৈকাষৰীয়া অঞ্চল আৰু জলাশয়ৰ আশে পাশে বগা বালিমাহী দেখা পোৱা যায়৷

File:Bachstelze - Bergeronnette grise - White wagtail 02.jpg
বগা বালিমাহী  (ফটো: ৱিকিমিডিয়া কমনছ)

বৰবালি বগুৱা (Wood Sandpiper): বৰবালি বগুৱা এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে৷ ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ পৰিভ্ৰমণ কৰে বুলিও জনা যায়৷ বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়৷ পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য৷ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়৷ অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলকে ধৰি অন্যান্য জলাশয়সমূহত শীতকালি বৰবালি বগুৱা দেখা পোৱা যায়৷

File:Wood Sandpiper Tringa glareola by Dr. Raju Kasambe DSCN1982 (2).jpg
বৰবালি বগুৱা  (ফটো: ৱিকিমিডিয়া কমনছ)

লৰীয়তী (Marsh Sandpiper): এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়। লৰীয়তী চৰায়ে আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে। লৰীয়তী চৰাই অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলত দেখা পোৱা যায়৷

File:Marsh Sandpiper Tringa stagnatilis by Dr. Raju Kasambe DSCN0948 (4).jpg
লৰীয়তী  (ফটো: ৱিকিমিডিয়া কমনছ)

ৰামপাৰ (Brown-headed Gull)
: ৰামপাৰ এবিধ জলচৰ চৰাই৷ ই তাজিকিস্তান, মংগোলিয়া আদি কেন্দ্ৰীয় এচিয়াৰ দেশসমূহত প্ৰজনন কৰি শীতকালি ভাৰত উপমহাদেশলৈ পৰিভ্ৰমণ কৰে৷ ৰামপাৰ সাধাৰণতে সাগৰীয় অঞ্চলত আৰু বিশাল নদী বা জলাশয়ত চৰে৷ ৰামপাৰই শীতকালত প্ৰধানকৈ মাছ আৰু প্ৰজননৰ সময়ত এন্দুৰ, কেঁচু আদিকে ধৰি কীট-পটংগ খায়৷ অসমৰ দ্বীপৰ বিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বৰদৈবাম বিলমুখ পক্ষী উদ্যান, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, মাজুলী আদিত দেখা পোৱা যায়৷

File:Brown Headed Gull.jpg
ৰামপাৰ  (ফটো: ৱিকিমিডিয়া কমনছ)

গলমণিকা নাচনী (Red-throated Flycatcher): গলমণিকা নাচনী এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে৷ শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে৷গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়৷ ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে৷

File:Red-throated or Taiga Flycatcher Ficedula albicilla female by Dr. Raju Kasambe DSCN4790 (7).jpg
গলমণিকা নাচনী  (ফটো: ৱিকিমিডিয়া কমনছ)

তথ্যউৎস:

· BirdLife International (2020) Species factsheet

· India Biodiversity Portal

· অসমীয়া ৱিকিপিডিয়া

Friday, 26 June 2020

অসমৰ আপুৰুগীয়া উদ্ভিদৰ প্ৰজতি

অসমৰ অৰণ্যসমূহক মূলত: সাতটা শ্ৰেণীত ভগোৱা হয়-১) ক্ৰান্তীয় সেমেকা চিৰসেউজ অৰণ্য ২) ক্ৰান্তীয় অৰ্ধচিৰসেউজ অৰণ্য ৩) ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য ৪) উপক্ৰান্তীয় বিস্তৃত পাতৰ পাহাৰীয়া অৰণ্য ৫) উপক্ৰান্তীয় সৰল গছৰ অৰণ্য ৬) উপকূলীয় আৰু জলাহ অৰণ্য আৰু ৭) তৃণভূমি আৰু ক্ৰান্তীয় অঞ্চলৰ তৃণভূমি৷ তথ্য অনুসৰি অসমৰ এই অৰণ্যসমূহত মুঠতে ৩৮৫৪ বিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ৩২৮ বিধ অৰ্কিড, ৪২ বিধ বাঁহ, ১৪ বিধ বেঁত আৰু ৯৫২ বিধ ঔষধি গুণসম্পন্ন উদ্ভিদৰ প্ৰজাতি৷ এই প্ৰজাতিসমূহৰ ভিতৰত ১৬৭ বিধ উদ্ভিদ স্থানিক উদ্ভিদ (endemic species) অৰ্থাৎ এই প্ৰজাতিসমূহ কেৱল অসমতহে দেখা পোৱা যায়৷

আই ইউ চি এনৰ ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কেইবাবিধো উদ্ভিদক সংকটাপন্ন (threatened) বুলি অভিহিত কৰা হৈছে৷ ইয়াৰে ২৮৪ বিধ উদ্ভিদ ঘোৰ সংকটজনক (critically endangered), ১৪৯ বিধ উদ্ভিদ বিলুপ্তপ্ৰায় (endangered) যেনে চিয়া নাহৰ, ৫৮ বিধ অসুৰক্ষিত (vulnerable) আৰু ১৩ বিধ সংকটাসন্ন (near threatened) ৰূপে চিহ্নিত হৈছে৷ এনে গুৰুত্বপূৰ্ণ উদ্ভিদৰ প্ৰজাতি কিছুমান হৈছে Accacia gageana, Adiantum assamicum, Alseodaphne andersonii, Alseodaphane khasyana, Angiopteris assamica, Cedrela fabrifuga, Cinnamomum cacharensis, Coelogyne assamica, Combretum wallichii, Dinochloa indica, Diospyros cacharensis, Dipterocarpus mannii, Eugenia cyanophylla ইত্যাদি৷ অসমত বহুলভাৱে ব্যৱহৃত গুৰুত্বপূৰ্ণ উদ্ভিদৰ ভিতৰত হোলোং (Dipterocarpus macrocarpus), Gurjan (Dipterocarpus tubinatus), Mekai (Shorea assamica), Kurta (Palaquium polyanthum), নাহৰ (Mesua ferrea), চিয়া নাহৰ (Keyea assamica), শিশু (Dalbergia sissoo), খৈৰ (Acacia catechu) ইত্যাদি উল্লেখযোগ্য৷

ইয়াৰোপৰি অসমত ২৯৩ বিধ অৰ্কিডৰ প্ৰজাতি পোৱা যায় যি ভাৰতত দেখা পোৱা মুঠ অৰ্কিডৰ ২৪.৪২% আৰু উত্তৰ-পূবৰ ৮৮.৩৯% প্ৰজাতিক প্ৰতিনিধিত্ব কৰে ৷ এইসমূহৰ ভিতৰত Bulbophyllum elassonotum, Bulbophyllum vireus, Dendrobium assamicum, Bulbophyllum obrienianum, Calanthe odora, Dendrobium parciflorum, Dendrobium spatella, Eria pumila, Eulophia candida, Liparis plantaginea, Luisia macrotis, Phalaenopsis mastersii, Tainia barbata আদি স্থানিক প্ৰজাতি (endemic)৷ কপৌফুল, ভটৌফুল আদি অৰ্কিডৰ অসমৰ জনজীৱন আৰু সংস্কৃতিত স্থান অতি গুৰুত্বপূৰ্ণ৷

অসম বাঁহ-বেতৰ বৈচিত্ৰ্যও যথেষ্ট৷ তথ্য অনুসৰি অসমত মুঠতে ৩৮ বিধ বাঁহৰ প্ৰজাতি প্ৰাকৃতিকভাৱে হয়৷ ইয়াৰ ভিতৰত ভলুকা বাঁহ (Bambusa balcooa ), জাতি বাঁহ (Dendrocalamus strictus), মূলি বাঁহ (Malocanna bacciferra ), কাঁক বাঁহ (Dendrocalamus hamiltonii), মোকাল বাঁহ (Bambusa pallida), কোটোহা বাঁহ 
(Bambusa arundinacea), বিজুলি বাঁহ (Bambusa tulda), বৰুৱা বাঁহ (Dendrocalamus giganteus)আদি উল্লেখযোগ্য৷ অসমৰ স্থানিক বাঁহৰ প্ৰজাতিৰ ভিতৰত উল্লেখযোগ্য Bamboosa masrtersei কেৱল ডিব্ৰুগড় জিলাত, Bamboosa cacharensis, Dinochlora compactiflora, Dinochlora india কেৱল বৰাক উপত্যকাত আৰু Chimnobabusa griffithiana আৰু Oxetenanthera parviflora কেৱল উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলত দেখা পোৱা যায়৷ ইয়াৰোপৰি, অসমত মুঠতে চৈধ্য বিধ বেতৰ প্ৰজাতিও দেখা পোৱা যয়৷ ইয়াৰ ভিতৰত অসমত সাধাৰণতে পোৱা প্ৰজাতিবোৰ হৈছে Calamus flagellum, Calamus floribunadus, Calamus latifolius ইত্যাদি৷ অসমৰ স্থানিক বেতৰ প্ৰজাতিসমূহৰ ভিতৰত Plectomia assamica আৰু Plectomia bractealis উল্লেখযোগ্য৷ 

অসমত সৰ্বমুঠ ৯৫২ প্ৰকাৰৰ ঔষধি গুণসম্পন্ন উদ্ভিদৰ তথ্য পোৱা গৈছে৷ এইসমূহৰ ভিতৰত অসমীয়া ৰাইজে গৰু বিহুৰ দিনা পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ বহুতো ঔষধি গুণ থকা বুলি জনা যায়৷ এই শাকসমূহ হৈছে- ১) সৰু মানিমুনি ২) বৰ মানিমুনি ৩) মচন্দৰী ৪) নৰসিংহ ৫) তিতা ভেঁকুৰী ৬) পনৌনৌৱা ৭) ভেদাইলতা ৮) ঢেঁকীয়া ৯) তিতামৰা ১০) টেঙেচি ১১) চজিনা ১২) কালমেঘ ১৩) জিলমিল ১৪) কচুঠুৰি ১৫) কলমৌ শাক ১৬) কেহৰাজ ১৭) খুতুৰা শাক ১৮) কাটা খুতুৰা ১৯) গাজৰ ২০) লাইজাবৰি ২১) শুকলতি ২২) দহিকচু ২৩) ওলকচু ২৪) টিকনিবৰুৱা ২৫) ধনিয়া পাত ২৬) চুকাশাক ২৭) দোৰোণবন ২৮) নেফাফু ২৯) পদিনা ৩০) পুৰৈশাক ৩১) পালেংশাক ৩২) পাতেগজা ৩৩) পানীটেঙেচি ৩৪) ব্ৰাহ্মীশাক ৩৫) বাহক তিতা ৩৬) ভাঙৰ পাত ৩৭) মহাভৃংগৰাজ ৩৮) মটৰ মাহ ৩৯) মহানিম ৪০) মেথিশাক ৪১) মাটিকাঁদুৰি ৪২) মূলা ৪৩) মালভোগ শাক ৪৪) মৰিচা শাক ৪৫) মানকচু ৪৬) সৰিয়হ শাক ৪৭) কাচকল ৪৮) বনজালুক ৪৯) টেঙামৰা ৫০) তিতাফুল ৫১) চেংমৰা ৫২) মধুসোলেং ৫৩) তিতা কেৰেলা ৫৪) কপৌঢেঁকীয়া ৫৫) বেতগাজ ৫৬) তেজপাত ৫৭) তিয়ঁহ ৫৮) চিৰতা ৫৯) কেঁচা জলকীয়া ৬০) কালজিৰা ৬১) উৰহী ৬২) পচলা ৬৩) কঁঠাল ৬৪) অমিতা ৬৫) ৰঙালাউ ৬৬) মৰলীয়া ৬৭) বাবৰিশাক ৬৮) হেলচি শাক ৬৯) শুহনিবন ৭০) তিতাফুল ৭১) মোৱা আলু ৭২) বকফুল ৭৩) ভাতকেৰেলা ৭৪) আদা ৭৫) হালধি ৭৬) ভূতমলা ৭৭) ফুটকলা ৭৮) জেতুলীপকা ৭৯) কলডিল ৮০) বিলাহী ৮১) চয়াবিন ৮২) নহৰু ৮৩) পিয়াঁজ ৮৪) জালুক ৮৫) ৰঙাআলু ৮৬) আলু ৮৭) পানীলাউ ৮৮) ৰঙা মৰিচা ৮৯) ভোট জলকীয়া ৯০) কাজিনেমু ৯১) শেৱালি ফুল ৯২) বেঙেনা ৯৩) জিকা ৯৪) ভোল ৯৫) ফেচবিন ৯৬) ভেন্দি ৯৭) মানধনিয়া ৯৮) লেচেৰামাহ ৯৯) হাতীভেঁকুৰি ১০০) ভুঁই আমলখি আৰু ১০১) ধঁপাত তিতা৷

তথ্যউৎস

Bhattacharya, P. C., Muzumder, R., & Sarmah, G. D. (1991). Rare medicinal plants of Assam. Ancient science of life, 10(4), 234.

De, L. C., & Medhi, R. P. (2014). Diversity and conservation of rare and endemic orchids of North East India-A Review. Indian Journal of Hill Farming, 27(1), 138-153.

Envis Centre, Ministry of Environment & Forest, Govt. of India
http://asmenvis.nic.in/Database/PlantDiversity_833.aspx?format=Print

Gogoi¹, K., Borah, R. L., & Sharma, G. C. (2010). Orchid flora of Dibru–Saikhowa National Park and Biosphere Reserve, Assam, India.

Gogoi, K., Borah, R. L., Sharma, G. C., & Yonzone, R. (2012). Present status of orchid species diversity resources and distribution in Dibrugarh district of Assam of North East India. International Journal of Modern Botany, 2(2), 19-34.

Monday, 22 June 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৫)

যাত্ৰা আৰু আড্ডা

চ’মাৰ ৰাতিপুৱা৷ অন্যদিনাৰ দৰে পুৱাৰ আহাৰৰ সময়ত হাঁহি আৰু আড্ডাৰ পৰিৱেশ নাই৷ কৰ্মশালাৰ শেষত সকলোকে এটা অৱসাদে আৱৰি ধৰিছিলেই৷ তাতে আগনিশা জাম্বিয়াৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ বাতৰিয়ে গোটেই দলটোক চিন্তিত কৰি তুলিছে৷ আমি বাহৰ পাতি থকা চ’মা টাউনখন ভিতৰুৱা ঠাই বাবে ইয়াৰ বহুতো খৱৰ এতিয়াও দুৰদৰ্শনৰ বাতৰিত অহা নাই৷ গতিকে জাম্বিয়া দলৰ নেতা কালা আৰু ডেভিছনে অফিচৰ দুজনমানক পঠালে, খোঁজেৰে গৈ টাউনৰ পৰিৱেশৰ গম লৈ আহিবলৈ৷


চ’মা টাউনৰ উত্তৰে প্ৰায় চাৰি ঘন্টাৰ বাটত ৰাজধানী লুছাকা৷ তাতে আমাৰ স্থানীয় সহযোগী সংগঠন চিফৰৰ মূল কাৰ্য্যালয়৷ গতিকে স্থানীয় গোটেই দলটো তালৈ উভতি যোৱাৰ কথা৷ বিপৰীত দিশত চ’মা টাউনৰ দক্ষিণত লিভিংষ্ট’ন নগৰী৷ আমাৰ প্ৰকল্পৰ মূল ব্যক্তি টেৰী আৰু জেমছ তালৈ উভতি যাব লাগে- দুদিন পিছতে লণ্ডনলৈ বুলি ফ্লাইট ধৰিবলৈ৷ পৰিকল্পনা মতে সকলো তেনেকৈ দিহাদিহি যোৱাৰ পিছত এলাইডা আৰু মই প্ৰকল্পৰ অন্য দুজন গৱেষক ফ্ৰেডী আৰু মালাইকাৰ সৈতে চ’মাতে এসপ্তাহৰ বাবে ৰৈ দিয়াৰ কথা৷ এই এসপ্তাহতে আমাৰ প্ৰকল্পৰ অধীনত থকা ঠাইবোৰলৈ গৈ তাৰ সমস্যাৰ বুজ লোৱা, স্থানীয় জনজাতিৰ প্ৰতিনিধি সকলক লগ কৰি আলাপ আলোচনা কৰাৰ আঁচনি৷ কিন্তু এতিয়া পৰিস্থিতিৰ মেৰপাকত সেই সকলোবোৰ অসম্ভৱ যেনেই লাগিল৷

পুৱাৰ আহাৰৰ পিছতে দলটোৰ জৰুৰী আলোচনা বহিল৷ ডেভিছন আৰু কালাই স্পষ্ট কৰি দিলে,

’যি বাতৰি পোৱা গৈছে পৰিস্থিতি খুবেই স্পৰ্শকাতৰ৷ ক’ত কেতিয়া হিংসাত্মক ঘটনা ঘটিব একো ক’ব পৰা নাযায়! বিশেষকৈ আমাৰ মাজৰ বিদেশী সকলৰ বাবে এয়া বেছি বিপদজনক!’

’তেনে এলাইডা আৰু মই কি কৰিলে ভাল হ’ব?’-  আমি অলপ কিংকৰ্তব্যবিমুঢ় হ’লো৷

কালাই ক’লে,
’এনে পৰিস্থিতিত তোমালোক ভিতৰুৱা গাঁৱে ভূঞে যোৱাটো খুবেই বিপদজনক! বহুতো ঠাইত গাঁৱৰ মানুহে বাহিৰা যিকোনো মানুহকে সন্দেহজনক বুলি গণ্য কৰি শাস্তি বিহাৰ বাতৰি আহি আছে৷ গতিকে তোমালোকৰ হাতত এতিয়াও এসপ্তাহ সময় আছে যেতিয়া আমাৰ চিফৰৰ দলৰ সৈতে লুছাকালৈকে আহিব পাৰা৷ তিনিদিন পিছত আমি তাত এখন আন্ত:ৰাষ্ট্ৰীয় সভা আহ্বান কৰিছোঁ৷ সমগ্ৰ আফ্ৰিকাৰ বিভিন্ন দেশৰ প্ৰতিনিধিসকলে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ বিষয়ে সভাখনত অংশ ল’ব৷ তাত থাকিলে তোমালোকেও বহু কথা শিকিব পাৰিবা৷ বহুতো দৰকাৰী বিষয়া আৰু বিজ্ঞানীকো লগ পাবা৷’

এলাইডা আৰু মই টেৰীলৈ চাই পঠিয়ালো৷ এইক্ষেত্ৰত শেষ মতামত ৰজিব টেৰীৰহে৷

টেৰীয়ে ক’লে, সেই সভাত ভাগ ল’ব পাৰিলে খুবেই ভাল কিন্তু পৰিস্থিতিয়ে অহা কেইদিনমানতে কি ৰূপ লয় ক’ব নোৱাৰি৷ টেৰীয়ে প্ৰস্তাৱ দিলে আমাৰ উভতাৰ ফ্লাইট যিহেতু লিভিংষ্ট’নৰ পৰাই আছে, গতিকে আমাৰ দলৰ বিদেশী কেইজন তালৈকে ঘুৰি যাওঁ৷ তিনিদিনৰ পিছত পৰিস্থিতিৰ বুজ লৈ এলাইডা আৰু মই লুছাকালৈ গৈ সেই সভাত যোগ দিব পাৰিম৷  

কথা মতেই কাম৷ চ’মাৰ পৰা লিভিংষ্টন আঢ়ৈ ঘন্টাৰ বাট৷ লুছাকা অভিমুখী চিফৰৰ দলটোক বিদায় দি কিছু সেমেকা মন এটাৰে আমি উভতিলো৷ চিফৰৰ গাড়ীচালক মিঅ’বাৰ সৈতে আমাৰ দলটো ওলাল৷  সন্মুখৰ আসনত বহি জেমছে এখন কিতাপ উলিয়াই ল’লে৷ পিছৰ আসনত এলাইডা, ক’লা, টেৰী আৰু মই৷ 

কিছুপৰ নীৰৱেই পাৰ হৈ গ’লো কাঁইটীয়া অৰণ্য, বাটৰ কাষে কাষে কয়লাৰ বস্তাৰ ভিৰ আৰু কাঁঠফুলাৰ লানি! সকলো ফালেই দেখাত স্বাভাৱিক পৰিৱেশ৷ একোৱেই যেন হোৱা নাই৷ কিন্তু কিছুপৰৰ পিছতেই কেইবা ঠাইতো আমাৰ চকুত পৰিল বাটৰ কাষলৈ চপাই থোৱা আধাপোৰা টায়াৰ, লণ্ডভণ্ড কৰা খুটা আৰু বেঁৰা! হয়তো মাথোঁ যোৱা নিশা সেইবোৰ ঠাইত ঘটি গৈছে জনতাৰ ৰায়ত, মিলিটেৰীৰ গুলীচালনা, কাৰোৱাৰ জীৱন্ত অগ্নিদাহ! ভাৱিয়ে গা জিকাৰ খাই উঠিল মোৰ৷

এলাইডা আৰু ক’লাই টোপনিয়াইছিল৷ গাড়ীৰ ভিতৰৰ উদ্বিগ্নতাৰে ভৰা গধুৰ পৰিৱেশটো দেখিয়ে হয়তো টেৰীয়ে মাতি দিলে,

’এই যে কাঠফুলাবোৰৰ লগতে ৰঙা প্ৰকাণ্ড জলকীয়া দেখিছা, এইবোৰে ভাৰতীয় কাৰীৰ লগত ফেৰ মাৰিব পাৰিবনে?’

মই হাঁহিলো৷ বিদেশী প্ৰায়বোৰ মানুহৰে ভাৱ, ভাৰতীয় কাৰী মানেই পশ্চিমীয়াই সহিব নোৱাৰা মছলা যুক্ত জ্বলা খাদ্য! সেই একেখন দেশতে কত কিমানযে সোৱাদ আছে, ৰন্ধাৰ বিবিধ প্ৰকৰণ আছে তাকে মই প্ৰায়ে সোঁৱৰাই থাকো!


ক’লো,
’হ’ব পাৰে৷ ইয়াৰ জলকীয়া কিমান জ্বলা সেই  বিষয়ে মোৰ একো ধাৰণাই নাই-গতিকে ক’বলৈ টান৷’
’ভিন্দালুৰ দৰে হ’লেতো কথাই নাই!’
’ভিন্দালু? সেইটো কি?’
’সঁচাই নাজানানে তুমি?’

টেৰী যেন ভীষণ আচৰিত হ’ল! ধৰি ল’লে, মই জানি শুনিয়ে নজনাৰ ভাও ধৰিছোঁ৷ কিন্তু সেইদিনাই মই প্ৰথম শুনিলো ভিন্দালুৰ কথা! তেওঁৰ প্ৰতিক্ৰিয়া দেখি মোৰ আকৌ ভাৱ হ’ল টেৰীৰ এইটোও ধেমালিহে৷ আমাৰ দুয়োৰে মাজত ধেমেলীয়া ভাৱতে কথাৰ অলপ কটাকটি হ’ল৷ উপায়হীন হৈ মই জেমছক সুধিলো,

’জেমছ, আপুনি জানেনে ভিন্দালু কি বস্তু?
’ভিন্দালু এটা গান!’ পঢ়ি থকা কিতপখনৰ পৰা মূৰ তুলি জেমছে বেপৰোৱা ভাৱে ক’লে৷
’কি?’

লগে লগে জেমছে গাবলৈ লাগিল,

’ভিন্দালু ভিন্দালু ভিন্দালু ভিন্দালু না না..
ভিন্দালু ভিন্দালু ভিন্দালু ভিন্দালু না না..

ভিন্দালু.......
ভিন্দালু এণ্ড ৱি অ’ল লাইক ভিন্দালু’

মোৰ কৌতুহল বাঢ়ি গ’ল, কিন্তু এইটো সঁচাই খায় নে পিন্ধে খুঁচৰি চাবলৈকো কাৰো লগতে ইন্টাৰনেটো নাই৷ এটা সময়ত তন্দ্ৰালস মাত এটাৰে এলাইডাই বিৰক্তিৰে কৈ উঠিল,

’প্লিজ, ভিন্দালুৰ কথা আৰু নাপতিলেও হ’বনে? মোৰ মূৰ কামোৰণি উঠাৰ উপক্ৰম হৈছে ভিন্দালুৰ আলোচনা শুনি শুনি!’

এলাইডাৰ আপত্তি শুনি আমাৰ তৰ্ক আধাতে বন্ধ হ’ল৷ কিন্তু মই টেৰীক ক’লো,

’লিভিংষ্টনৰ হোটেল গৈ পাই নেট পোৱাৰ পিছত মই খুঁচৰিম ৰ’ৱ৷ নজনাকৈ নেৰিছোঁ!’


চ’মাৰ পৰা লিভিংষ্ট’নলৈ যাত্ৰা

আছেংগাত নতুন আশংকা

লিভিংষ্ট’নৰ আছেংগা ল’জ৷ পৰ্য্যটন নগৰী বাবে ঘাইপথৰ কাষে কাষে অলেখ অসংখ্য ল’জ৷ সকলোৰে আৰ্হি প্ৰায় একেই- পৰ্য্যটকক আকৰ্ষণ কৰাৰ বাবে আধুনিক সা-সুবিধাৰে কিছু দুৰত্বত প্ৰতিটো কোঠা৷ কোঠাৰ লানিবোৰৰ মাজৰ মুকলি ঠাইত ছুইমিং পুল, চাৰিওকাষে বহাৰ ব্যৱস্থা৷ ভীষণ গৰমত পুলৰ পানীৰ কাষত গছৰ ছাঁত বহিয়ে সকলোৱে খোৱা বোৱা কৰিবলৈ ভাল পায় কিজানি!

গৈ পায়ে গম পালো, যোৱা দুদিন ধৰি সমগ্ৰ দক্ষিণ প্ৰভিঞ্চতে ইন্টাৰনেট সেৱা কাটি থৈছে! হোটেলৰ পৰিচালকে ক’লে, হয়তো ছ’ছিয়েল মেডিয়াত গেছিঙ আৰু অন্য হিংসাত্মক ঘটনাবোৰৰ বিষয়ে ভাইৰেল হোৱা উৰা বাতৰি বোৰ ৰুধিবলৈকে চৰকাৰে বন্ধ কৰি থৈছে৷ 

আমি কিছু বিপাঙত পৰিলো৷ ইন্টাৰনেট নাই মানে কাৰোৰে সৈতে সম্পৰ্ক কৰিবলৈ ভীষণ অসুবিধা হ’ব- ক’ত কি হৈছে একো জনাৰ উপায় নাথাকিব৷ বিশ্বাস নহ’ল, মাথোঁ দুমাহ আগতে একেই পৰিৱেশত আবদ্ধ হৈ পৰিছিলো অন্য এখন মহাদেশত, অসমত নিজৰ ঘৰত৷ একেই ঘটনাৰে যেন পুনৰাবৃত্তি! এনেবোৰ পৰিস্থিতিয়ে কেতিয়াবা মোৰ মনলৈ সন্দেহ আনি দিয়ে,

’মই নিজেই এনে পৰিস্থিতি খেদি ফুৰোঁ নে মোক এইবোৰে খেদি ফুৰে!!’

যি নহওক, টেৰী আৰু জেমছে ততাতৈয়াকৈ লিভিংষ্ট’ন বিমানবন্দৰলৈ ওলাই গ’ল, এদিন পিছত লণ্ডনলৈ যাব লগা ফ্লাইটখন সময়মতে যাব নে নাযাব খৱৰ ল’বলৈ৷ আমাৰ ভোকে-ভাগৰে হেঁচা মাৰি ধৰিছিল৷ আবেলিৰ তীব্ৰ ৰ’দজাক মুখতে লৈ ক’লা আৰু এলাইডাৰ সৈতে ওলাই গ’লো নিৰামিষ খাদ্য বিচাৰি৷ জাম্বিয়াত ভৰি দিয়াৰে পৰা সেইটো আমাৰ বাবে অন্য প্ৰত্যাহ্বানবোৰৰ লগতে এটা হৈ পৰিছে৷ প্ৰায়বোৰ ৰেষ্টুৰেন্টতে কেৱল বিভিন্ন প্ৰকাৰৰ মাংসৰ বিধে বিধে খাদ্য৷ নিৰামিষ খাদ্য বিচাৰিলে সকলোৱে আচৰিত ধৰণে আমালৈ চাই পঠিয়ায়, ক’ৰ পৰা এই তিনিও আহিল বুলি!কাৰণ তেনে অভ্যাগত নাহেই হেনো!

অৱশেষত আক তাক সুধি আমি বিচাৰি উলিয়ালোগৈ ’ফ্লেভাৰ্ছ’ নামাৰ ৰেষ্টুৰেন্টখন৷ মেন্যু চায়ে মোৰ চকু কপালত উঠিল৷ বিধে বিধে প্ৰায়বোৰ ভাৰতীয় কাৰী! নিৰামিষ-আমিষ সকলোবোৰ উপলব্ধ৷ কৌতুহল দমাব নোৱাৰি ক’লাই ৱেইট্ৰেছক সুধিয়ে পেলালে 

’এই ৰেষ্টুৰেন্টৰ মালিক ভাৰতীয় নেকি?’

উত্তৰ আহিল, ’নহয়!’

ভাৱ হ’ল, হয়তো জাম্বিয়াত চুকে কোণে থিতাপি লোৱা ভাৰতীয় সকলৰ প্ৰভাৱতে এনেদৰে খাদ্যও সোমাই পৰিছে জাম্বিয়াৰ জনজীৱনত!

তৃপ্তিৰে খাই বৈ আছেংগা গৈ পাওঁ মানে সন্ধিয়া হ’বৰ হ’ল৷ টেৰী আৰু জেমছ বিমানবন্দৰৰ পৰা আহি পাইছিলহি৷ খৱৰ পালো,

’ফ্লাইট সময় মতেই যাব৷ পিছে লিভিংষ্ট’নতো ঠায়ে ঠায়ে জনতাৰ ৰায়’ট আৰম্ভ হৈছে হেনো৷ লগতে গেছিঙৰ ঘটনাৰো বাতৰি আহি আছে৷ গতিকে প্ৰয়োজন নহ’লে নিশাৰ ভাগত ঘুৰা ফিৰা নকৰিবলৈ চৰকাৰে সকলোকে উপদেশ দিছে!’

উপায় নাপাই যিমান পাৰোঁ সোনকালেই নিশাৰ সাঁজো খাই আহো বুলি এইবাৰ আমি পাঁচোজনেই ফ্লেভাৰ্ছলৈ ওলাই গ’লো৷ ভাৰতৰ চহৰবোৰৰ দৰেই ইয়াত প্ৰাইভেট টেক্সিৰ সীমা সংখ্যা নাই৷ গতিকে উভতাৰ পৰত এই দহমিনিটৰ বাট টেক্সি এখন লৈয়ে আহিব পাৰিম বুলি ধৰি ল’লো৷

ফ্লেভাৰ্ছ পৰ্য্যটকেৰে গিজগিজাই আছে৷ নিশাৰ ৰঙীন পৰিৱেশ, মানুহৰ আড্ডা আৰু হাঁহিৰ মাজত ধাৰণাই নহয় এই নগৰখনৰে ঠায়ে ঠায়ে হিংসা দাবানল জ্বলি উঠিছে৷ কেতিয়া কি হ’ব কোনেও ক’ব নোৱাৰে! হয়তো ইন্টাৰনেটৰ অভাৱত বহুতো পৰ্য্যটকে পৰিস্থিতিৰ একো ভূকে পোৱা নাই৷

আমাৰো আড্ডা জমিল৷ খাই বৈ এটা সময়ত টেক্সিৰে আছেংগালৈ উভতনি যাত্ৰা৷ ঘাইপথ এৰি আছেংগালৈ বুলি উপপথটো ল’ব খোঁজোতেই আমাৰ চকুত পৰিল, সন্মুখত বাট বন্ধ কৰি থোৱা আছে! টেক্সিৰ হেডলাইটৰ সন্মুখত জিলিকি উঠিল সশস্ত্ৰ দুজন ব্যক্তি!


অজান আশংকাত আমাৰ হৃদয় কঁপি উঠিল! তেওঁলোকৰ ইংগিতত ট্যু শব্দ এটাও নকৰি টেক্সি চালকে ষ্টাৰ্ট বন্ধ কৰিলে৷ এগৰাকী আমাৰ গাড়ীৰ কাষ চাপি আহি খিৰিকীৰে জুমি চালে৷৷ ইংৰাজীতে সুধিলে,

’ক’লৈ যাব?’
’আছেংগা ল’জ!’- টেক্সি চালকৰ সমীহ ভৰা উত্তৰ৷

তেতিয়ালৈ আমি বুজি উঠিছোঁ, তেওঁলোক জাম্বিয়াৰ বিশেষ মিলিটেৰী বাহিনীৰ৷ 

’ক’ৰ আপোনালোক?’
’আমি যুক্তৰাজ্য আৰু কানাডাৰ পৰা আহিছোঁ৷’- টেৰীয়ে উত্তৰ দিলে৷

’ৱেলকাম ট্যু জাম্বিয়া! আপোনালোকৰ নিৰাপত্তা আমাৰ দায়িত্ব৷ পৰিস্থিতি খুবেই স্পৰ্শকাতৰ৷ গতিকে সন্ধিয়া লগাৰ পিছত বাহিৰত ঘুৰা ফিৰা যিমান পাৰি এৰাই চলিব!’

তেওঁলোকৰ সুব্যৱহাৰত আমি প্ৰায় আচৰিতেই হ’লো৷ লগতে সেই মুহুৰ্ত্ততে পৰিস্থিতিৰ ভয়াবহতা নতুনকৈ  উপলব্ধি কৰিলোঁ যেন! আছেংগা পোৱালৈকে আমাৰ কাৰোৰে মুখত এটাও মাত নোলাল৷ 


------------------------------------------

বিশেষ দ্ৰষ্টব্য: ঘটনাৰ মেৰপাকত পৰি ভেনকুভাৰলৈ  উভতি অহাৰ পিছতহে ভিন্দালুৰ বিষয়ে খুঁচৰি চাবলৈ আহৰি পালো৷ গম পালো, ভিন্দালু গোৱা আৰু দক্ষিণ ভাৰতৰ ঠাইবিশেষে প্ৰচলিত এবিধ খুউব জ্বলা মছলাযুক্ত কাৰী৷ কিবা কাৰণত চিকেন টিক্কা মছলাৰ দৰেই এইবিধো যুক্তৰাজ্যত খুবেই জনপ্ৰিয় হৈ পৰিল৷ গতিকে মই সেইবিষয়ে নজনাটো টেৰীৰ বাবে অবিশ্বাস্য হোৱাটোৱে স্বাভাৱিক৷ 

Tuesday, 9 June 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৪)

বাওবাব গছৰ সন্ধানত 

জাম্বিয়া দেশৰ ক’ল’ম’ জিলাত আমি৷ চ’মা নামৰ সৰু নগৰ এখনত দলটোৱে বাহৰ পাতি আছে৷ বতৰ গোমা৷ নিচেই পুৱাতে খোঁজেৰে ওলাই গ’লো আশে পাশে ঠাইখন চাওঁ বুলিয়ে৷ দেখা পালো প্ৰতিদিনৰ দৰেই আমাৰ প্ৰকল্পৰ মূল সমন্বয়ৰক্ষী জেম্ছ দৌৰিবলৈ ওলাই গৈছে৷ য’ত যেনেকৈয়ে নাথাকক ব্যস্ততাৰ মাজতো এটা দিনো ক্ষতি নকৰাকৈ দৌৰিবলৈ যোৱাৰ কি অদম্য উৎসাহ তেওঁৰ!

ধূলিয়ৰী বাটটোৰ একাষে এখন বিশাল আদ্ৰভূমি, অন্যকাষে গোমধানৰ খেতি- দুই এটা ঘৰ নাতিদূৰৈত৷ হয়তো আগলৈ এখন গাওঁ আছে৷ আমাৰ দলৰ মালাইকাই কৈছিল, সেইফালে কিছুদূৰ আগবাঢ়ি গ’লে স্কুলঘৰ এটাৰ কাষতে এজোপা প্ৰকাণ্ড বাওবাব গছ আছে৷ জাম্বিয়াত ভৰি থোৱাৰ পৰাই মোৰ মনটো উচপিচাই আছে বাওবাব গছ এজোপা নিজ চকুৰে চাবলৈ৷ ওভোতাকৈ ৰোৱা গছ যেন লগা এই বাওবাববোৰ আফ্ৰিকাৰ জীৱনদায়িনী গছ (tree of life)৷ বিস্তৰ চাভানা অঞ্চলত জীৱজন্তুক খাদ্য আৰু আশ্ৰয় দিয়াৰ উপৰিও বাওবাবৰ বাকলিৰ পৰা মানুহে কাপোৰ-ৰছী আদিও তৈয়াৰ কৰে৷ শুনামতে এই গছজোপা তিনিহাজাৰ বছৰ পৰ্য্যন্ত জীয়াই থাকে! গতিকে গছজোপাৰ প্ৰতি মোৰ কৌতুহলৰ শেষ নাই!


বাটত লগ পোৱা প্ৰায় সকলোৱে মাত লগালে খুবেই বন্ধুত্বপূৰ্ণ ভাৱে৷ দেখা পালো, বাটৰ কাষৰ ওখ বনবোৰৰ মাজত ৰেড বিশ্ব’প চৰাইটোৱে অহৰহ দেও দি ফুৰিছে৷ পুৱাৰ ৰ’দত সেউজীয়া বনবোৰৰ মাজত চৰাইটোৰ টিকটিকীয়া ৰঙা মূৰটো জিকমিকাই উঠিছে৷ কি অপৰূপ দৃশ্য! ভালকৈ চাবলৈ বুলি ৰৈ গ’লো তাতে৷ কিছুপৰ আগ্ৰহেৰে তাকে চাই থাকোতে মোৰ কাষতে হঠাৎ সেউজীয়া গাড়ী এখন ৰৈ গ’লহি৷ 
চ’মাৰ ধূলিয়ৰি বাট আৰু সেউজীয়া অৰণ্য
চালকৰ আসনত এগৰাকী আফ্ৰিকান মহিলা- বেছ দেখনিয়াৰ! খিৰিকীৰে মূৰটো উলিয়াই  খুউব উৎসাহেৰে মাত দিলে,
’গুড মৰ্ণিং! ইমানকৈ ফটো তুলিছা যে আমাকো তোলা আকৌ!’
কৈয়ে তেওঁ মুকলিকৈ হাঁহি উঠিল৷

ময়ো হাঁহি মাৰি কাষ চাপি গ’লো৷ চা-চিনাকি পৰ্ব চলিল৷ মানুহগৰাকীৰ নাম বাৰবাৰা৷ পিছৰ আসনত আঠবছৰীয়া জীয়েক জেমা৷ তাইক স্কুলত থ’বলৈ যাবলৈ ওলাইছে৷ মোক হেনো কালি আবেলিও আমি থকা হোটেলৰ কাষত দেখা পাইছিল৷ সৰু ঠাই! নতুন মানুহ সকলোৰে চকুত পৰিবলৈ বেছি সময় নালাগেই৷

মোৰ বাওবাব গছৰ সন্ধানৰ কথা শুনি তেওঁ কলে,
’সেই গছজোপা মই শিক্ষকতা কৰা স্কুলখনৰ লগতে লাগি আছে৷ জেমাৰ দেউতাক সেইখন স্কুলৰে প্ৰধান শিক্ষক৷ আমাৰ ঘৰো স্কুলৰ কাষতে৷ আজি আবেলি ঘৰলৈকে আহিবা ৷ বাওবাব দেখুৱাম আৰু লগতে ভালকৈ বহি কথাও পাতিম৷’

তেওঁৰ নিমন্ত্ৰণ পাই ভালেই পালো৷ এই সুযোগতে এই ঠাইৰ বিষয়ে, ইয়াৰ জীৱনৰ বিষয়ে কিছু আভাস পাম বুলিয়ে! উৎসাহেৰে ক’লো,

’অহ, বঢ়িয়া তেনে! নিশ্চয় আহিম৷ পিছে আজি আৰু কাইলৈ আমাৰ মিটিং এখন আছে৷ মিটিং শেষ কৰি পৰহিলৈহে আপোনালোকৰ ঘৰলৈ আহিব পাৰিম৷ হ’বনে?’

’ঠিক আছে, আহিবা দেই! বাট চাই থাকিম৷’

বাৰবাৰাৰ সেউজীয়া গাড়ীখনে উৰুৱাই যোৱা ধূলিজাকৰ পৰা চকু আঁতৰাইহে উপলব্ধি কৰিলোঁ মোৰ পলমেই হৈছে৷ কৰ্মশালা আৰম্ভ হ’বলৈ বেছিপৰ নাই৷ দুদিন পিছত তেওঁলোকৰ ঘৰলৈ যাওঁতেই ভালকৈ বাওবাবজোপা চোৱাৰ আশা লৈ উভতনি খোঁজ দিলো৷



পৰিৱৰ্ত্তনৰ উকমুকনি

পুৱাৰ খদম্দম্খিনি পাৰ কৰি এটা সময়ত আমাৰ দলটো ওলাই আহিল৷ পোন্ধৰ মিনিটমানৰ বাটতে সভাৰ প্ৰেক্ষাগৃহ টুইন কেভ ল’জ৷ এজন দুজনকৈ বিশাল হ’লটোত মানুহবোৰ গোট খালেহি৷ জিলা প্ৰশাসন, বনবিভাগ, জলসম্পদ বিভাগৰ পৰা আৰম্ভ কৰি স্থানীয় সংগঠন আৰু বিভিন্ন গাঁৱৰ গাওঁবুঢ়া আদিলৈকে বৈচিত্ৰপূৰ্ণ অভ্যাগতৰ দলটো দেখি ভাল লাগিল৷


আমাৰ দলৰ ফ্ৰেডি চ’মাৰ স্থানীয় ল’ৰা৷ সি আঁতৰৰ পৰা আমাক দেখুৱালে,
’সৌৱা যে একাষৰীয়াকৈ বহিছে তেওঁলোক হ’ল ক’ল’ম’ জিলাৰ তিনিজন চিফ৷ তেওঁলোক আমাৰ পৰম্পৰাগত নেতা৷ প্ৰতিজনৰ অধীনত বহুতো গাওঁ আছে আৰু গাওঁবুঢ়াসকলে তেওঁলোকৰ লগত বিচাৰ কৰিহে গাওঁ পৰিচালনা কৰে৷’

দেখিলো, সভাগৃহত প্ৰৱেশ কৰিয়ে প্ৰতিজন লোকে চিফকেইজনৰ ফালে আগবাঢ়িছে৷ প্ৰতিজন চিফৰ সন্মুখত সন্মানেৰে আঁঠু লৈ কৰমৰ্দন কৰি সম্ভাষণ জনাইছে৷

আমি অনুৰোধ কৰাত ফ্ৰেডিয়ে এলাইডা আৰু মোকো শিকালে পৰম্পৰাগত পদ্ধতিৰে কেনেকৈ কৰমৰ্দন কৰিব লাগে৷ ক’লে,

’আগবাঢ়ি গৈয়ে প্ৰথমে আঁঠু ল’বা৷ কথা পাতোতে ’ইয়ৰ হাইনেছ’ বুলি সম্বোধন কৰিবা৷ আৰু তিনিবাৰ এনেকৈ হাতখন ঘুৰাই কৰমৰ্দন কৰিবা৷’

ফ্ৰেডীৰ লগতে ইয়াৰ নিয়ম অনুসৰি তিনিটা পৃথক ভংগীমাৰে তিনিবাৰ কৰমৰ্দন কৰাৰ কেইবাৰমান অভ্যাস কৰি লৈ আগবাঢ়ি গ’লো৷ নিজৰ চিনাকি দি কৰমৰ্দন কৰিলোগৈ চিফ চিকান্টাক৷ তেওঁ হাঁহি মাৰি আগ্ৰহেৰে ইংৰাজীতে সম্ভাষণ জনালে৷


কৰ্মশালাৰ একাংশ


এটা সময়ত কৰ্মশালা আৰম্ভ হ’ল৷ আমাৰ দলৰ ফালৰ পৰা ফ্ৰান্সৰ অৰ্থনীতিবিদ ক’লা আৰু ইংলেণ্ডৰ সমাজবিজ্ঞানী জেম্ছে বিতংকৈ বুজালে এই ’থিঅ’ৰি অব চেঞ্জ’নো কি৷ জাম্বিয়া দলৰ নেতা কালাই স্থানীয় টংগা ভাষাত অনুবাদ কৰি গ’ল কথাবোৰ৷ 

’এই কৰ্মশালাৰ জড়িয়তে আমি দুটা প্ৰশ্নৰ উত্তৰ বিচৰাৰ চেষ্টা কৰিম - ক’ল’ম’ জিলাৰ মূল সমস্যাসমূহৰ কাৰণ আৰু পৰিণতি কি? আৰু ইয়াৰ পৰা আমি ভৱিষ্যতে আমি ক’লৈ যাব খোঁজো আৰু কেনেকৈ? ’ 

তেওঁ লগতে স্পষ্ট কৰি দিলে, ’আমি বৰ্তমানৰ পৰা সেই ভৱিষ্যতলৈ যাবলৈ বাটটো বিচৰিম- সেই বাটত আগবাঢ়িবলৈ কোনবোৰ পদক্ষেপ ল’ব পৰা যায় সেয়াও পাতিম৷  কিন্তু এই সকলোবোৰ হ’ব সন্মিলিত প্ৰচেষ্টা৷’

কালাৰ আহ্বানতে  আমিবোৰ যাদৃচ্ছিকভাৱে দুটা গোটত ভাগ হ’লো৷  আমাৰ দলৰ গৱেষকসকলে দুয়োটা গোটৰ আলোচনাত কোনো প্ৰভাৱ নেপেলাবলৈ মূলত: পৰ্য্যবেক্ষকৰ ভূমিকা ল’লে৷ দেখা পালো, মুহুৰ্ত্ততে দুয়োটা দল বিশাল হলঘৰটোৰ দুটাকোণত ব্যস্ত হৈ পৰিল৷ এটা দলত স্বত:স্ফূৰ্ত্ত ভাৱে নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে জিলা প্ৰশাসনৰ বিষয়া ডৰীন৷ কি এক ব্যক্তিত্ব মানুহগৰাকীৰ! তেওঁ দলটোক প্ৰশ্ন কৰিছে- সকলোৰে মতামত শুনি লৈ খচখচকৈ লিখি ভৰাই গৈছে পেপাৰ পেডৰ পৃষ্ঠা৷ দ্বিতীয় দলত কেয়াৰ ইন্টাৰনেশ্যনেল সংগঠনৰ আহ্বায়ক টেডী উঠি গৈছে পেপাৰ পেডৰ কাষলৈ৷ মানুহবোৰ এপলকৰ বাবেও থমকি ৰোৱা নাই৷ সকলোৱে বিভাগীয় বাধ্যবাধকতা বা মতবিৰোধ পাৰ কৰি খুউব মুকলিকৈ ক’ল’মৰ সমস্যাবোৰৰ নিজা দৃষ্টিভংগীৰে দাঙি ধৰিছে৷  বাৰে বাৰে উচ্চাৰিত হৈছে- বনাঞ্চল ধ্বংস, ধপাত আৰু কয়লাৰ বাণিজ্যৰ প্ৰভাৱ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত সমন্বহীনতা, সমাজ সচেতনতাৰ অভাৱ আদি প্ৰত্যাহ্বান৷ 
ক’ল’ম’ৰ সমস্যাৰ ৰূপৰেখা

নিচিমাৰে দুপৰীয়াৰ সাঁজ খাই লৈ দুয়োটা দলে বৰ্তমানৰ সমস্যাসমূহ সকলোৰে আগত সাংঘাতিক দক্ষতাৰে  উপস্থাপন আগবাঢ়ালে৷ দুয়োটা দলৰ আলোচনাৰ সুঁতি একেই- বিভাগীয় সমন্বয়ৰ অভাৱত কেনেকৈ চৰকাৰী সেৱা প্ৰতিহত হৈছে, চৰকাৰী আৰু পৰম্পৰাগত নেতৃত্বৰ মাজত সহযোগিতা নথকাৰ বাবে বহুতো ক্ষেত্ৰত হকে বিপৰীত পৰিণতিহে হৈছে! এইবোৰৰ পৰানো কল্যানমুখী এটা ভৱিষ্যতৰ বাবে কেনেকৈ আগবাঢ়িব পৰা যায় সেয়া পিছদিনালৈ বুলি সামৰাৰ সিদ্ধান্ত হ’ল৷ 

সন্ধিয়া উভতি আহি আমাৰ হোটেল পাওঁহি মানে সাত বাজি গ’ল৷ জেট লেগৰ প্ৰভাৱ আৰু দিনটোৰ অৱসাদে মোক বাৰুকৈয়ে জুৰুলা কৰিলে৷ তথাপিও দলটোৰ সৈতে আজিৰ দিনটোৰ আলোচনাত বহি ৰ’লো৷ আজি দুয়োটা দলে উত্থাপন কৰা প্ৰত্যাহ্বানবোৰৰ পৰা ভৱিষ্যতৰ এটা বাট উলিওৱা আৰু সকলোৱে সন্মিলিত ভাৱে কাৰ্য্যপন্থা স্থিৰ কৰাটো যে কাইলৈৰ নতুন প্ৰত্যাহ্বান সেয়া সকলোৱে মৰ্মে মৰ্মে অনুভৱ কৰিলে৷ তথাপি দলৰ সকলো আশাবাদী হৈ ৰ’ল নতুন দিন এটাই নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ হেঁপাহেৰে!


আকাশ চোৱাৰ হেঁপাহ 


কৰ্মশালাৰ দ্বিতীয় দিন! আগদিনা এৰা আঁতবোৰ উলিয়াই লৈ সেই একেই কচৰৎ৷ দুয়োটা দল একেটা প্ৰশ্ন লৈ পৃথকে পৃথকে আলোচনাত বহিল ,

’আমাৰ সপোনৰ ক’ল’ম’খনৰ ৰূপটো কেনে? ভৱিষ্যতে কি বিচাৰোঁ আমি?’

এজনে কৈ উঠিল, ’আমি বিচাৰো শুকাই যোৱা নৈবোৰ আকৌ বব!’

মানুহবোৰৰ মাজত এটা ৰঙীন সপোনৰ সুঁতি উঠিল যেন৷ ওপৰাওপৰিকৈ কৈ গ’ল-

’আমাৰ লঠঙা অৰণ্যবোৰ আকৌ সেউজীয়া হ’ব৷’
’মাটিবোৰ সাৰুৱা হ’ব!’
’গোমাধানৰ খেতি ভাল হ’ব৷’
’খেতিয়ক দুখ-কষ্টবোৰ আঁতৰিব!’


কথাবোৰ শুনি বাৰে বাৰে চমকি ৰ’লো মই৷ এইবোৰ সপোন জানো সকলোৰে একেই নহয়? এনে বহুতো সপোন জানো প্ৰত্যেকেই কঢ়িয়াই ফুৰা নাই? তেনে আমি কিয় অমিলখিনি ক্ষন্তেকৰ বাবে একাষৰীয়াকৈ থৈ মিলবোৰৰ পৰা আৰম্ভ কৰিব নোৱাৰোঁ!


সঁচাই সকলো মতানৈক্য একাষে থৈ মানুহবোৰে যুঁজ দিলে এটা সন্মিলিত বাট গঢ়াৰ প্ৰচেষ্টাত৷ সপোনৰ ক’ল’ম’ক বাস্তৱত ৰূপ দিবলৈ বিভিন্ন জনে বিভিন্ন উপায় প্ৰস্তাৱ কৰিলে৷ ইজনে সিজনক যুক্তি দিলে তাৰে কোনটো কিছুদিনৰ বাবে, কোনটো দীৰ্ঘদিনীয়া পদক্ষেপ৷ পেপাৰ পেডখনত ৰঙা-নীলা টোকাৰ ভিৰ হ’ল৷ প্ৰতিটোতে লিখা আছে একোটা পদক্ষেপ- বৃক্ষৰোপণ, পৰম্পৰাগত আইনৰ সৈতে চৰকাৰী আইনৰ সমন্বয়, বিভাগীয় সহযোগীতা, স্থানীয় জাতি-জনজাতিৰ মাজত সচেতনতা আৰু কল্যানমূলক পদক্ষেপ, বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰেৰে খেতিৰ ফচল বৃদ্ধি ৷ ইটোৰ পৰা সিটোলৈ একোজনে সংযোগ কৰিছে৷ এখোঁজ দুখোঁজকৈ এটা বাটৰ সৃষ্টি হৈছে! 

এটা বাট, বহুতো খোঁজ
কোৱাৰ দৰে কৰিবলৈ তেনে সহজ নহয়- সকলোৱে যেন উপলব্ধি কৰিলে৷ কেইবাজনে আঙুলীয়াই দেখুৱালে বাস্তৱৰ জটিলতাবোৰ! বনবিষয়া ৰেইছে শান্তভাৱে বাকীসকলক কৈ উঠিল,

’বৃক্ষ ৰোপন মানে যিকোনো গছ ৰুই যোৱাৰ কথাও নহয়৷ আমি ভাৱিব লাগিব কোনবোৰ গছ বিচাৰোঁ আৰু কিহৰ বাবে এই বৃক্ষৰোপণ৷’

ভৱিষ্যতৰ সেই সপোন আৰু সপোন চুব খোঁজা পদক্ষেপবোৰৰ উপস্থাপন শুনি চীফ চিকান্টাই মাত দিলে,

’আমি মনত ৰাখিব লাগিব এয়া মাথোঁ এটা প্ৰকল্পৰ সময়সীমাৰ ভিতৰত সম্ভৱ নহয়৷ তেনেকৈ ভৱাটোৱে বাস্তৱসন্মত নহয়৷ এইটো এটা প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াটো আমিয়ে আগবঢ়াই নি থাকিব লাগিব৷ প্ৰথম পদক্ষেপটো হ’ল এই কৰ্মশালাৰ মূল বক্তব্যখিনি স্থানীয় জাতি-জনজাতিবোৰৰ মাজলৈ লৈ যোৱা, কোনবোৰ পদক্ষেপৰ দায়িত্ব কোনে পালন কৰিব সেয়া নিৰ্ধাৰণ কৰা৷’

মোৰ মনত এটা আশাৰ ৰোল উঠিল৷ মাথোঁ দুদিনতে যে ক’ল’ম’ৰ বিভিন্ন অংশৰপৰা প্ৰতিনিধিসকল আহি আলোচনা কৰিলে, এটা সন্মিলিত বাট নিৰ্ধাৰণ কৰিলে, এয়াই এটা সোণালী যাত্ৰাৰ অপূৰ্ব শুভাৰম্ভ! ক’ল’ম’ৰ খেতিয়ক, বিষয়া-কৰ্মচাৰী, বিজ্ঞানী সকলোৰে সৈতে এই যাত্ৰাৰ অংশীদাৰ হ’বলৈ পাই সুখী হৈ উঠিলো মই!


আমাৰ দলৰ (সোঁফালৰ পৰা) মালাইকা, ফ্ৰেডী, এলাইডাৰ সৈতে

নিশাৰ বিভীষিকা 


সেই নিশা দলৰ সকলোৰে সৈতে চ’মা টাউনৰ ৰেষ্টুৰেন্ট এখনত নিশাৰ আহাৰৰ বাবে গ’লো৷ আমাৰ সহযোগী সংগঠন চিফৰৰ বিষয়া লিকাণ্ড’, মালাইকা আৰু এছনেলীৰ সৈতে আড্ডা চলিল৷ লিকাণ্ড’ই জাম্বিয়াৰ পৰম্পৰাগত সুৰাক লৈ হোৱা অভিজ্ঞতাৰ ৰসাল বৰ্ণনা দিলে৷

আড্ডাৰ মাজতে লক্ষ্য কৰিলোঁ, দলৰ বাকী সকলোৰে চকু কিছুদূৰৈত থকা টিভিৰ বাতৰিত! দেখিলো টিভিৰ পৰ্দাত ইখনৰ পিছত সিখন খণ্ডচিত্ৰ আহিব লাগিছে - উত্তপ্ত জনতা, ক’লা ধোঁৱা, মিলিটেৰীৰ জাক জাক দল!

মোৰ প্ৰশ্নবোধক চাৱনি দেখি এছনেলীয়ে মাত দিলে,

’গেছিঙৰ ঘটনা এইবোৰ৷ আজি কিছুদিন ধৰি জাম্বিয়াৰ কেইবাখনো প্ৰভিঞ্চত ৰহস্যময় গেছ আক্ৰমণৰ হৈ আছে৷ কোনে কিয় কৰিছে কোনেও নাজানে!’

’মানে? সঁচাই কিবা ভিত্তি আছেনে এই আক্ৰমণবোৰৰ নে এয়া মানুহৰ মাজত কিবা কাৰণে আতংক বিয়পাবলৈ উলিওৱা উৰাবাতৰি?’ মই আচৰিত হ’লো৷


’অঁ, সঁচাই হৈছে ঠাই কিছুমানত৷ শুনিছোঁ অপৰাধীবোৰে ৰাতি কিবা উপায়েৰে মানুহৰ ঘৰত সোমাই গেছ স্প্ৰে কৰি মানুহবোৰক অচেতন কৰি পেলায়৷ লুটপাট হোৱা নাই বুলি শুনিছোঁ৷ কিন্তু কোনো কোনোৱে কয়, সিহঁতে মানুহৰ গাৰ পৰা তেজ উলিয়াই নিয়ে! কোনেও নাজানে কোনে কি কাৰণে এইবোৰ কৰিছে৷ যোৱা দুদিনত এই গেছিঙৰ আতংক ঠায়ে ঠায়ে এনেকৈ বিয়পিল যে স্থানীয় ৰাইজে ৰায়ট আৰম্ভ কৰি দিছে!’

ফ্ৰেডীয়ে মাত দিলে,

’চৰকাৰৰ মতে ইয়াৰে বহুখিনি উৰা বাতৰি! ছ’ছিয়েল মেডিয়াই বিকৃত কৰি পেলাইছে৷ বিৰোধী ৰাজনৈতিক দলবোৰে আকৌ চৰকাৰৰ কৃতী বুলি সমালোচনা কৰিছে৷’

অবিশ্বাস্য! মোৰ মনত পৰিল এটা সময়ত ভাৰতত বান্দৰ-মানৱক লৈ হোৱা আতংকৰ কথা! কিন্তু ইমান গহীন বুলি অনুমান কৰিব পৰা নাছিলো কিজানি৷ আমি থকা কেইদিনতে এই ঘটনাসমূহ বৰ খৰতকীয়াকৈ জাম্বিয়াৰ বাকীবোৰ অঞ্চলতো বিয়পি পৰিল৷ চৰকাৰে কোনো তাৎক্ষণিক পদক্ষেপ নোলোৱা যেন অনুভৱ কৰি ঠায়ে ঠায়ে স্থানীয় জনগোষ্ঠীবোৰে নিজৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে৷ ৰায়ট আৰু জনতাৰ হিংসাত্মক প্ৰতিৰোধৰ বাতৰি আহি থাকিল টিভিত৷ বাতৰিত ক’লে,

’জনতাই নীৰৱ চৰকাৰক ধিক্কাৰ দি নিজৰ হাতত আইন তুলি লৈছে৷ ৰাজধানী লুছাকাকে ধৰি বহুতো ঠাইত জনতাৰ দলে হত্যা বা গেছৰ আক্ৰমণৰ আঁৰত থকা বুলি সন্দেহ হোৱা মানুহবোৰক আক্ৰমণ কৰিছে৷ বাট-পথ ৰোধ কৰিছে কোনো বাহিৰৰ মানুহ বা গাড়ী সোমাব নোৱাৰাকৈ৷ সন্দেহজনক গাড়ী- ঘৰ-দুৱাৰত জুই লগাই দিছে৷’

বাতৰি কওঁতাৰ কাষত অহৰহ আহি থকা ভয়ংকৰ খণ্ডচিত্ৰবোৰ আৰু ব্ৰেকিং নিউজৰ হেডলাইন চাই চাই লিকাণ্ডই কৈ উঠিল,

’অহ, এই ঠাইখন চোন আমাৰ পৰা মাথোঁ পাঁচ কিলোমিটাৰ মান আঁতৰত! ৰায়টৰ আক্ৰমণত তাত এজন মানুহ জীৱন্তে অগ্নিদগ্ধ!’

আমাৰ বাবে সকলো আকস্মিক, অবিশ্বাস্য! খোৱা-বোৱা সিমানতে সামৰি আমি সকলো টিভিৰ চাৰিওফালে গোট খালো৷ চাই ৰ’লো সেই ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ’ব খোঁজা পৰিস্থিতি৷

শুনিলো, চৰকাৰে অতিৰিক্ত সৈন্যবাহিনী নিয়োগ কৰিছে উত্তেজিত হৈ পৰা জনতা আৰু এই হিংসাত্মক আক্ৰমণবোৰৰ আঁৰৰ অপৰাধীক বিচাৰি উলিয়াবলৈ৷

গধুৰ মন এটাৰে হোটেললৈ উভতাৰ পৰত টেৰীয়ে এলাইডা আৰু মোক একাষৰীয়া কৰি নি ক’লে,

’মই জানো, তোমালোকে আৰু এটা সপ্তাহ ইয়াতে থাকি এই ক’ল’ম অঞ্চলটো, গাওঁ-ভুই, অৰণ্য ভালকৈ চাব খোঁজা৷ কিন্তু পৰিস্থিতি চাই সেয়া সম্ভৱ নহ’বই যেন লাগিছে৷ মোৰ দুদিন পিছতে ভেনকুভাৰলৈ উভতাৰ ফ্লাইট৷ গতিকে কাইলৈ জেমছ আৰু মই লিভিংষ্টনলৈ উভতি যাবলৈ লাগিব৷ চিফৰৰ গোটেইখিনি মানুহ তাৰ বিপৰীত দিশে ৰাজধানী লুছাকালৈ যোৱাৰ কথা৷ আজি বাতৰিত যি দেখিলো দুয়োটা বাটতে বিপদৰ সম্ভাৱনা! কিন্তু ইয়াত ৰৈ দিয়াটোও সুৰক্ষিত নহয়! বিশেষকৈ আমি দুটা দল দুফালে গুচি যোৱাৰ পিছত তোমালোক দুজনী ইয়াত ৰৈ দিয়াটো মই কোনোপধ্যেই সমৰ্থন নকৰোঁ৷’

আমাৰ মন সেমেকিল৷ বহু আশা কৰি আছিলো, এই ঠাই, ইয়াৰ জীৱনৰ ৰেহ-ৰূপ নিজ চকুৰে চাম আৰু শিকিম বুলি৷ পিছে পৰিস্থিতিৰ অপ্ৰত্যাশিত পট পৰিৱৰ্ত্তনে সেই আশাত চেঁচাপানী ঢলাৰ উপক্ৰম কৰিলে৷  সিদিনা নিশা সেমেকা মনেৰে বিছনাত পৰোঁতে কল্পনাও কৰা নাছিলো, আৰু কেনে ঘটনাবহুল সময় এখিনিয়ে অপেক্ষা কৰি আছিল আমালৈ! পিছে বাৰবাৰাৰ ঘৰলৈ গৈ বাওবাব গছ মোৰ চোৱা নহ’ল! 



দ্বিতীয় খণ্ড: লিভিংষ্টনৰ দেশত
তৃতীয় খণ্ড: এটা সপোন খেদি

Wednesday, 6 May 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৩)

এটা সপোন খেদি

আফ্ৰিকাৰ জাম্বিয়া দেশত দ্বিতীয় দিন৷ বিভিন্ন দেশৰ পৰা অহা আমাৰ দলটোৰ সদস্যসকল লিভিংষ্ট’ন নগৰৰ উপকন্ঠ অঞ্চলত  থকা প্ৰ’টিয়া হোটেলত কালি গোট খাইছেহি৷ আগনিশা হোটেলৰ আৰামদায়ক কোঠা আৰু সুকোমল বিছনায়ো পিছে জেট লেগৰ প্ৰভাৱৰ পৰা মোক ৰক্ষা কৰিব নোৱাৰিলে৷ নিশা একমান বজাতে যি সাৰ পালো দুচকুলৈ আৰু টোপনি নাহিল৷ তেতিয়া কানাডাৰ ভেনকুভাৰত দুপৰীয়া এঘাৰমান বাজিছে- গতিকে শৰীৰটোৱে দৈনিক অভ্যাশবশত: সেই সময়মতেই কাম চলাই নিছে৷ ছয়ত্ৰিছ ঘন্টীয়া বিমান যাত্ৰাৰ শেষত যে পৃথিৱীৰ অন্য এটা কোণত নিশা কটাইছোঁহি তাৰ সৈতে এটা দিনতে শৰীৰটো অভ্যস্ত হ’ব নোৱাৰাৰ কথাই!

ইটো সিটো কৰি কোনোমতে সময়খিনি কটাই পোহৰ হোৱাৰ লগে লগেই হোটেলৰ বাহিৰ ওলালো৷ আহোঁতে হোটেলৰ ল’বীত আৰু ৰেষ্টুৰেন্টত এনেয়ে চকু ফুৰালোঁ- আমাৰ দলৰ কাৰোৱাক দেখোঁৱেই নেকি বুলি৷ কোনো নাই- সকলোৱে কিজানি কালিৰ যাত্ৰাৰ ভাগৰ মাৰিছে! বাহিৰ হৈয়ে ৰাতিপুৱাৰ ৰ’দজাক দেখি মনটো মুকলি হৈ পৰিল৷ ভেনকুভাৰত এতিয়াও শীতৰ প্ৰকোপেই যোৱা নাই- গতিকে জাম্বিয়াৰ ৰ’দৰ উত্তাপে গা-মন সতেজ কৰি তুলিলে৷ ওলাই আহি লিভিংষ্ট’ন-লুছাকা ঘাইপথৰ পদপথেদি খোঁজ দিলো৷ আহল-বহল পকী পথ৷ টেৰীয়ে কোৱা মনত পৰিল, জাম্বিয়া উন্নয়নশীল দেশ যদিও মূল ঘাইপথসমূহ খুবেই সুন্দৰ৷ কাৰণটো হ’ল দেশখনৰ অৰ্থনীতি বহুখিনি তামৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল; গতিকে তামৰ বাণিজ্য সুচল কৰাৰ উদেশ্যেৰেই দেশখনত ঘাইপথসমূহ ভাল হোৱাৰ দৰকাৰ৷ 

পুৱা খোঁজ কাঢ়িবলৈ যোৱা লিভিংষ্টন-লুছাকা ঘাইপথ

বাটত দেখা পোৱা প্ৰায়বোৰ আফ্ৰিকান চেহেৰাৰ মানুহ- মোক যে দেখিলেই বাহিৰৰ বুলি ধৰিব পাৰি সেইটো উপলব্ধি কৰি অলপ সতৰ্ক হ’লো৷ কিন্তু বাটেদি পাৰ হৈ যোৱা  সকলোৰে বন্ধুত্বসুলভ আচৰণত যথেষ্ট সহজ অনুভৱ হ’ল৷ প্ৰায় সকলোৱে হাঁহিমুখেৰে সম্ভাষণ জনালে ’গুড মৰ্ণিং, হাউ আৰু ইউ’ ইত্যাদিৰে৷ মাথোঁ এটা কথাত আমনি পালো, কাষেৰে পাৰ হৈ যোৱা প্ৰতিখন টেক্সিৰ চালকে মোৰ কাষ পাই হৰ্ণ বজালে, কোনোৱে ৰখাই লৈ যাম নেকি সুধিলে৷ ’ক’লৈকো নাযাওঁ, খোঁজহে কাঢ়িছোঁ’ বুলি কৈ কৈ ভাগৰেই লাগিলগৈ৷ পিছতহে গম পালো, ইয়াত এইটো প্ৰায় নিয়মৰ দৰেই৷ পৰ্য্যটক যেন দেখিলেই টেক্সিৰ চালকে এনেকৈ উপযাচি সোধাপোচা কৰে হেনো৷ 

বাৰিষা যদিও বাটত ধূলিৰ প্ৰকোপ দেখি অলপ আচৰিত হ’লো৷ লগতে চকুত পৰিল কেইবাখনো ভাৰতীয় ৰেষ্টুৰেন্ট৷ ইয়াত যথেষ্ট প্ৰবাসী ভাৰতীয়ই জীবিকাৰ সন্ধানত আহি থিতাপি লৈছে৷ গতিকে ভাৰতীয় খাদ্য,পোছাক-পাতিৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰো বহুতো উপাদান জাম্বিয়ান সমাজত পৰিচিত৷ 
লিভিংষ্টন’ত ভাৰতীয় ৰেষ্টুৰেন্ট
উভতাৰ বাটত দেখা পালো, সিটো মূৰৰ পৰা আমাৰ প্ৰকল্পৰ মূল সমন্বয়ৰক্ষী জেমছ দৌৰি পাৰ হৈ গৈছে৷ ইমানেই খৰকৈ দৌৰিছে যে জেমছ বুলি হাতখন দাঙি মাত লগাবলৈ লৈয়ো মই ৰৈ গ’লো৷ নিজৰ ভাৱতে বিভোৰ হৈ জেমছ পাৰ হৈ গ’ল৷ উভতি আহি প্ৰ’টিয়াত সোমাওঁ মানে ৰেষ্টুৰেন্টত ইতিমধ্যে আমাৰ দলৰ কেইবাজনো পুৱাৰ আহাৰৰ বাবে বহিছেগৈ৷ 


টেৰীয়ে মোৰ খৱৰ ল’লে,

’ভালকৈ শুলা জানো?’

’নাই, একেবাৰেই শুৱা নহ’ল৷ নবজাত বিছনালৈ গৈছিলোঁহে- একমানৰ পৰা চকুৰ টিপকে মাৰিব নোৱাৰিলো৷’

টেৰী আচৰিত নহ’ল৷ বিদেশ ভ্ৰমণৰ স’তে ওত:প্ৰোত এই সমস্যাৰ সৈতে তেওঁৰ যেন চিৰদিনৰ চিনাকি! ক’লে,

’আজি তেনে আবেলিৰ পৰাই তুমি কলমটিয়াবা৷ কিন্তু যিমান টোপনি ধৰিলেও নিশা আঠমানৰ পিছতহে শুবলৈ যোৱাৰ চেষ্টা কৰিবা৷ জেট লেগৰ পৰা সোনকালে উদ্ধাৰ পাব পাৰি সেইটো বুদ্ধিৰে৷’

’চাওচোন, চেষ্টা কৰিব লাগিব৷’

’কাইলৈ কেইবজাত সাৰ পাবা মই একেবাৰে সঠিক কৈ দিব পাৰোঁ! কিন্তু কিমান টকাৰ বাজীত সেইটো প্ৰথমে জানিব লাগিব!’- ধেমেলীয়া সুৰেৰে টেৰীয়ে ক’লে৷

মই হাঁহি পেলালো৷ কাষতে থকা এলাইডা, ক’লা আৰু ডেভিছ’নেও যোগ দিলে,

’কওক, কওক৷ কিমান শুদ্ধ হয় কাইলৈ চাম৷’

’কাইলৈ নিশা দেৰবজাত!’

মই অলপ হতাশ হ’লো- টোপনিৰ এই গতি হ’লে জেট লেগৰ পৰা উদ্ধাৰ পাবলৈ এসপ্তাহৰো ওপৰ লাগিব৷ কিন্তু ইয়াত আমাৰ কাৰণে প্ৰতিটো মুহুৰ্ত্তই কেনে গুৰুত্বপূৰ্ণ! ইচ্ছাশক্তিৰ জোৰতে টোপনি-ভাগৰ সকলো আওকাণ কৰিবলৈ মন বান্ধিলো যেন! 

পুৱাৰ চাহ-কফিৰ লগতে দিনটোৰ পৰিকল্পনা৷ ডেভিছ’নে আমাক সকলোকে এটা আভাস দিলে ক’ল’ম’ জিলাৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ ক্ষেত্ৰত থকা মূল সমস্যবোৰৰ বিষয়ে৷  

’গৰুপালন আৰু কয়লাৰ ব্যৱসায় এই জিলাত অৰ্থনীতিৰ মূল ভৰষা৷ ধপাত উৎপাদনো বহু ঠাইত হয়৷ তিনিওটাই বনাঞ্চল ধ্বংসৰ মূল কাৰণ হৈ পৰিছে৷ আমাৰ সংগঠন চিফৰে যোৱা দুটা দশক ধৰি বিভিন্ন প্ৰকল্পত ইয়াত কাম কৰি আহিছে৷ গতিকে জাম্বিয়াৰ চৰকাৰ আৰু প্ৰায়বোৰ অংশীদাৰ সংগঠনৰ সৈতে আমাৰ ভাল যোগাযোগ আছে৷ আজি সেইসকলৰ মাজৰ পৰাই প্ৰতিনিধি কেইজনমান আহিব৷ আমি সকলোৱে ক’ল’ম’ত লগ হৈ কাইলৈৰ কৰ্মশালা খনৰ বিষয়ে ভালকৈ পৰিকল্পনা কৰাৰ কথা ভাৱিছোঁ৷’ 

এই মাটি, ইয়াৰ মানুহ, ইয়াৰ জীৱন আৰু সমস্যা সকলো একেবাৰে নতুন মোৰ বাবে৷ গতিকে ডেভিছ’নৰ পৰা যিমান পাৰি বুজি লোৱাৰ চেষ্টা কৰিলো৷ তেওঁ কৈ গ’ল, ইয়াৰ বিভিন্ন সময়ত বিভিন্ন প্ৰয়োজনত ক’ল’ম’লৈ জনজাতিসমূহৰ প্ৰব্ৰজনৰ কথা, জীৱন আৰু জীৱিকাৰ প্ৰয়োজনত অৰণ্য মুকলি কৰি থিতাপি লোৱা মানুহবোৰৰ কথা৷ প্ৰতিবাৰৰ দৰেই মাটিৰ মানুহৰ এই বৃত্তান্ত শুনি মোৰ ভাৱ হ’ল, প্ৰকৃতি সংৰক্ষণ মানে মানুহক পৃথক কৰি কেৱল গছ-গছনি, তৰু লতা, জীৱ-জন্তুৰ সংৰক্ষণ নহয়৷ প্ৰকৃতি সংৰক্ষণৰ অৰ্থ বছৰ বছৰ ধৰি প্ৰকৃতিৰ সৈতে সমন্বয়েৰে বাস কৰি অহা মানুহবোৰৰ সেই আঁতডাল ছিঙিব ধৰাৰ কাৰণবোৰ বিচাৰি উলিওৱা, মানুহ যে প্ৰকৃতিৰে এক অবিচ্ছেদ্য অংশ সেই সত্যটো প্ৰতিষ্ঠা কৰা৷ তাৰবাবে কেইজনমান বিজ্ঞানীয়ে অকলশৰে একো কৰিব নোৱাৰে, কোনোবা ৰাজনীতিবিদে, সমাজকৰ্মীয়ে অকলশৰে একো কৰিব নোৱাৰে৷ ইয়াৰ বাবে প্ৰথম পদক্ষেপটো হল সকলো অংশীদাৰক একেলগ কৰাটো- প্ৰত্যেকেই মত বিনিময় কৰাটো৷ এই বিশ্বাসটোৰ বাবেইতো মই এই প্ৰকল্পত এক অংশীদাৰ হৈ পৰিছোঁ, আজি জাম্বিয়াৰ লিভিংষ্ট’নত এই প্ৰকৃতিবিদ, সমাজবিজ্ঞানী, অৰ্থনীতিবিদসকলৰ মাজত আছোঁহি৷ আমাৰ সপোন বিশাল, লক্ষ্য বহু উচ্চাকাংক্ষী! কিন্তু প্ৰতিটো লক্ষ্যলৈ বুলি বাট বুলিবলৈ দৰকাৰ প্ৰথমটো সঠিক খোঁজৰ- এয়া আমাৰ সেই অভিলাষী যাত্ৰাৰ প্ৰথমটো খোঁজ!

লিভিংষ্টনৰ পৰা ক’ল’ম’ টাউনলৈ প্ৰায় দুঘন্টাৰ বাট৷ আমাৰ দলটো দুখন গাড়ীত ভাগে ভাগে ওলাল৷ ড্ৰাইভাৰ মিঅ’বাৰ সৈতে মই, এলাইডা আৰু ক’লা৷ সমগ্ৰ বাটছোৱা এলাইডা আৰু ক’লাই এলাইডাৰ ডক্টৰেট গৱেষণাৰ কথা পাতি গ’ল৷ এই বৃহৎ প্ৰকল্পটোত মোৰ আৰু ক’লাৰ কামৰ ক্ষেত্ৰ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈ গৈছে যদিও এলাইডাই এতিয়াও তাইৰ ডক্টৰেট গৱেষণাৰ বাবে নানা সম্ভাৱনীয় বিষয় মনতে পাঙি আছে৷ তাইৰ আশা, এই কৰ্মশালাৰ পৰাই তাই কোন বাটে গৱেষণা আগবঢ়াব তাৰ এটা ধাৰণা পাব৷ সমাজবিজ্ঞানৰ কথা বাবে ক’লাই নিজৰ অভিজ্ঞতাৰ পৰা কৰ্মশালাখনৰ কোনবোৰ দিশত মনোযোগ দিয়াৰ দৰকাৰ সেয়া তাইক কৈ গ’ল৷ সিহঁতৰ আলোচনাত মাজে মাজে দুই এটা মন্তব্য দিয়াৰ বাহিৰে বাকী সমগ্ৰ সময়খিনি মই গাড়ীৰ খিৰিকীৰে চাই গ’লো বাটৰ দুয়োফালে দূৰ দিগন্তলৈ বিয়পি থকা সেউজীয়া সমভূমি, বাটৰ কাষে কাষে বিক্ৰীৰ বাবে ঠাকে ঠাকে সজাই থোৱা কয়লাৰ বস্তাবোৰ, অ’ত ত’ত গছৰ ছাঁত অতিকায় কাঠফুলা আৰু জলকীয়া লৈ গ্ৰাহকৰ অপেক্ষাত থকা আফ্ৰিকান পুৰুষ-মহিলা, মাকৰ আচলত ধৰি দুপৰৰ ৰ’দজাক মুখতে লৈ বাটত খোঁজ দিয়া কণ কণ কেকুঁৰাচুলীয়া শিশুবোৰ!

ক’লাৰ হঠাৎ চিৎকাৰ শুনি মোৰ তন্ময়তা ভাঙিল৷ দেখা পালো আমাৰ গাড়ীৰ কাষেৰে এখন জৰাজীৰ্ণ গাড়ী প্ৰচণ্ড বেগেৰে যাবলৈ লাগিছে৷ সন্মুখৰ আসনত দুজন আৰোহী৷ ক’লাই ক’লে,

’গাড়ীখনৰ চকালৈ চোৱা৷ এটা চকাতোচোন টায়াৰ নাই!’

আমি কৌতুহলেৰে চাই পঠিয়ালো৷ এটাও টায়াৰ নোহোৱাকৈ কি নিৰ্বিকাৰ হৈ দুয়োজন আৰোহী গৈ আছে! মিঅ’বাই আমাৰ গাড়ীৰ বেগ বঢ়াই সেইখন পিছ পেলাই আহিল৷ ক’লে,

’ৰিস্ক ল’ব নোৱাৰি! গাড়ীৰ যিটোহে ৰূপ!’ 

মই মনতে ভাৱিলোঁ, ’জাম্বিয়াৰ কি ৰূপ!’


এজাক কণমানিৰ মাজত



আলোচনা সভা আৰম্ভ  হোৱাৰ বহু আগতেই আমি ক’ল’ম’ পালোগৈ৷ গতিকে এলাইডা আৰু মই খোঁজেৰে ওলালো ওচৰে পাজৰে ঠাইখন চাওঁ বুলি৷

ক’ল’ম’ টাউনখন সৰু৷ তাতে আমাৰ সভাৰ ঠাইখন টাউনৰ পৰা অলপ আওহতীয়া ঠাইত আছে৷ ধূলিময় বাটটোৰে দুয়োজনী আগবাঢ়ি গ’লো৷ বাটৰ দুয়োকাষে সৰু-বৰ গোমধানৰ খেতি- অ’ত ত’ত দুটামান পকীঘৰ৷ তিনিআলি এটা পাই দেখোঁ সেইখিনি বজাৰৰ দৰে- যথেষ্ট সৰু সৰু দোকান৷ ফল-মূল আৰু শাক-পাচলিবোৰো আমি দুয়োজনীয়ে কৌতুহলেৰে চাই গ’লো৷ 

কিছুদূৰ গৈয়ে আমি অজানিতে এখন স্কুলৰ সন্মুখ ওলালোগৈ৷ স্কুল ছুটি হৈছে মাথোঁ- পলকতে ইউনিফৰ্ম পিন্ধা সৰু-ডাঙৰ এজাক শিশু ওলাই আহিল হঠাৎ চাব খোৱা মৌবাহৰ পৰা ওলোৱা মৌবোৰৰ দৰে৷ আমাক দেখি যেন সিহঁতৰ কৌতুহলৰ সীমা নোহোৱা হ’ল৷ প্ৰথমে সিহঁতৰ মাজৰ পৰা ভয়-ভীত-সংকোচ নোহোৱা কেইটামান ল’ৰা-ছোৱালী আহি আমাৰ কাষ চাপিল৷ ইংৰাজীতে সিহঁতৰ উপৰা-উপৰি প্ৰশ্ন-

’তোমালোকৰ নাম কি?’

’ক’ৰ পৰা আহিছা?’

’ক’লৈ যোৱা?’

আমি হাঁহিমুখেৰে সিহঁতৰ প্ৰশ্নবোৰৰ যিমান পাৰি সৰলকৈ উত্তৰ দিলো৷ এটা দুটাকৈ আহি অন্য ল’ৰা-ছোৱালীবোৰে যোগ দিলেহি৷ নিমিষতে আমি যেন এজাক কণ কণ শিশুৰ মাজত মনোৰঞ্জনৰ-কৌতুহলৰ উৎসহে হৈ পৰিলো৷ দুটামানে অলপ আসৈ পাই মোৰ চুলিখিনি চুলেহি- মই হাউলি দিলো কিনো কৰে কৰক বুলি! লগে লগে আৰু এজাক আহি মোৰ চুলি, হাত আদিত হাত ফুৰাই ফুৰাই ক’লে,

’তোমাৰ চুলিখিনি ইমান পোন, ইমান ধুনীয়া!’

এলাইডাও ইতিমধ্যে বহি পৰিছে সিহঁতৰ মাজত৷ তাইক সিহঁতে কৈছে,

’তুমি কেনেকৈ ইমান ধুনীয়া!’

আমি দুয়োজনীয়ে হাঁহি হাঁহি কৈ উঠিলো,

’তোমালোকো ইমান মৰমলগা, ইমান স্মাৰ্ট! ভালকৈ পঢ়া-শুনা কৰিবা দেই৷’ 

আমাক আৱৰি ধৰা ল’ৰা-ছোৱালীৰ সংখ্যা যিমানেই বাঢ়িল, আমি দুয়োজনীয়ে এইখিনি কথাকে বাৰে বাৰে দোহাৰিব লগা হ’ল৷ কাৰণ প্ৰত্যেকৰে এটাই কথা- আমাৰ চুলি, আমাৰ গাৰ ৰং আদি ইমান সুন্দৰ!
এটা সময়ত মই ঘড়ীলৈ চাই ক’লো, ’ তোমালোক ঘৰলৈ যোৱাগৈ দেই৷ আমিও যাব লাগে- কাম আছে যে৷’

বহুবাৰ ’বাই বাই’ কৈ কৈ এটা দুটাকৈ ল’ৰা-ছোৱালীবোৰ উভতিল৷ কিন্তু দুজনী কণ কণ ছোৱালী বাৰে বাৰে আমাৰ পিছে পিছে আহি থাকিল৷ আবেগেৰে সাবটি ধৰি কৈ থাকিল,

’আমাক এৰি নাযাবা- থাকাচোন থাকা৷’

মোৰ যেন মনটো পমি গ’ল৷ দুয়োকে বুজাই বঢ়াই উভতাই পঠাবলৈ আমাৰ কিছু সময় লাগিল৷ প্ৰতিশ্ৰুতি দিব লগা হ’ল, কেতিয়াবা আকৌ আহিম সিহঁতৰ কাষলৈ৷ 

কণমানিজাকৰ মাজত এলাইডা!

উভতাৰ পৰত আমি দুয়োজনী নীৰৱ হৈ সেই আবেগৰ উচ্ছাসতে ডুব গৈ থাকিলো যেন! মুকলিকৈ নাপাতিলেও দুয়ো বুজি পালো, সেই শিশুহঁতৰ ভাৱ, শ্বেতাংগ বাবেই এলাইডা ধুনীয়া, পোন বাবেই মোৰ চুলি ধুনীয়া! আচৰিত লাগিল, সৌন্দৰ্য্যৰ এই বিকৃত ধাৰণাবোৰ যে ইমান কোমল বয়সতে কেনেকৈ সোমাই পৰিছে এই সৰলমনা শিশুবোৰৰ মাজত! ভাৱিলো, ডাঙৰ হৈ এদিন যেন সিহঁতে বুজে, ছালৰ ৰং, চুলি বা শৰীৰৰ একো আকৃতি-প্ৰকৃতিৰে সৌন্দৰ্য্যৰ বিচাৰ কৰা নাযায়! এই সকলোবোৰ মাথোঁ সমাজে জাপি দিয়া সৌন্দৰ্য্যৰ কিছুমান ভিত্তিহীন মাপকাঠি যি প্ৰতিখন সমাজতে ভিন্ন! এই সকলোবোৰ দেও দি যাব পাৰিলেই সিহঁতে দেখা পাব প্ৰত্যেকেই নিজৰ ৰূপতে কেনে অদ্বিতীয় আৰু সুন্দৰ! 


নিচিমা আৰু সভা


আমি গৈ আলোচনা সভা সোমোৱাৰ ক্ষন্তেক পিছতে ধাৰাসাৰে বৰষুণ এজাক নামিল৷ বৰষুণৰ মাজতে এজন এজনকৈ জাম্বিয়া দলৰ মানুহবোৰ আহিল৷ ডেভিছ’নৰ মূল সহযোগী কালা থুলন্তৰ মানুহ- দেখাত অলপ গোমোঠা যেন লাগে৷ কিন্তু ব্যৱহাৰ-পাতি যথেষ্ট সৌজন্যপূৰ্ণ৷ লগ পালো জাম্বিয়াৰে ফ্ৰেডি আৰু ইটালীৰ মালাইকাক ৷ দুয়ো আমষ্টাৰডাম বিশ্ববিদ্যলয়ৰ পৰা আমাৰ প্ৰকল্পৰে একোটা বিষয়ত ডক্টৰেট গৱেষণা আৰম্ভ কৰিছে৷ স্থানীয় বাবে ক’ল’মৰ সমস্যাসমূহত ফ্ৰেডিৰ জ্ঞান যথেষ্ট গভীৰ৷ প্ৰকাণ্ড কেকুঁৰা চুলিকোঁচাৰে কেমেৰুনীয়ান-ইটালিয়ান মালাইকাক দেখিলেই আকৰ্ষণীয় ব্যক্তিত্বৰ বুলি ধৰিব পাৰি৷ দুয়ো আমাৰ বয়সৰ৷ এলাইডা আৰু ক’লাই সিহঁতক আগতে লগ পাইছে বাবে মোৰো সৌহাৰ্দ্য গঢ়ি তুলিবলৈ বেছি পৰ নালাগিল৷ 

জাম্বিয়াৰ পৰম্পৰাগত খাদ্য নিচিমা
 দুপৰীয়াৰ খাদ্যত জাম্বিয়াৰ পৰম্পৰাগত খাদ্য নিচিমাৰ লগত পাতশাকৰ এবিধ জোল আৰু মাংস পৰিবেশন কৰিলে৷ নিচিমা গোমধানৰ গুড়ি সিজাই তৈয়াৰ কৰে৷ আমাৰ ভাতৰ দৰে জাম্বিয়াত সকলোৱে দিনটোৰ  প্ৰতি সাঁজতে এই নিচিমাৰ সৈতে শাক আৰু মাংস খায়৷


চৰকাৰী কেইবাটাও বিভাগৰ আৰু স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ সৈতে চা-চিনাকিৰে সভা আৰম্ভ হ’ল৷ তেওঁলোকে কৰ্মশালাখন কেনেকৈ আগবঢ়ালে ভাল হ’ব তাৰ পৰামৰ্শ আগবঢ়ালে৷ কেইবাজনেও উল্লেখ কৰিলে, কয়লাৰ সমস্যাৰ কথা৷ প্ৰায়খিনি সময় আমাৰ দলটোৱে মাথোঁ শুনি গ’ল- মাজে মাজে মাথোঁ দুই এটা প্ৰশ্ন প্ৰতিনিধিসকলৰ মতামত বোৰ বুজি লোৱাৰ বাবে৷ এই প্ৰকল্পৰ আৰম্ভণিতে ঠিক কৰা হৈছে যে ইয়াত জড়িত দেশ-বিদেশৰ গৱেষণাকাৰীসকলে যৎপৰোনাস্তি চেষ্টা কৰিব তেওঁলোকৰ ধ্যান ধাৰণা জাপি দিয়াৰ সলনি প্ৰথমে স্থানীয় লোকৰ পৰা তেওঁলোকৰ সমস্যসমূহ বুজিবলৈ৷ আমাৰ দায়িত্ব স্থানীয় অংশীদাৰসকলে তেওঁলোকৰ ঠাইৰ সমস্য-সমাধানৰ বাবে সিদ্ধান্ত আৰু পদক্ষেপ ল’বলৈ প্ৰয়োজনীয় বৈজ্ঞানিক তথ্য আৰু দক্ষতা আগবঢ়োৱা৷ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত তেওঁলোকৰ সিদ্ধান্ত আৰু কামসমূহ তুলি ধৰা৷ গতিকে আমি মাথোঁ সহায়কাৰী (facilitator) এই প্ৰক্ৰিয়াত৷

পিছদিনা পুৱাতে ক’ল’মৰে চুবুৰীয়া নগৰ চ’মাত মূল কৰ্মশালাৰ বাবে লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে সকলো উভতিল৷ আমি সেইদিনাই যাত্ৰা কৰিলো চ’মালৈ বুলি৷ প্ৰায় দুঘন্টাৰ বাট৷ চ’মা পাওঁগৈ মানে সন্ধিয়াই হ’লগৈ৷ নিশা বহুপৰলৈকে দলৰ সকলোৱে পিছদিনাৰ কৰ্মশালাৰ প্ৰস্তুতিত লাগি থাকিল৷ আবেলিৰ পৰাই টোপনিৰ প্ৰকোপত মোৰ অৱস্থা কাহিল হোৱা দেখি সকলোৱে যেনিবা সহানুভূতিৰে মোৰ দায়িত্বখিনি শিথিল কৰি দিলে৷ কোনোমতে নিশাৰ সাঁজ খাই বৈ বিছনাত পৰিলোঁগৈ৷ দুচকুত ওলমি ৰ’ল আমাৰ সেই অভিলাষী সপোনটো- আশাৰে বাট চালো সেই বাটৰ আৰম্ভণিৰ বাবে- এটা নতুন পুৱাৰ বাবে!

দ্বিতীয় খণ্ড: লিভিংষ্টনৰ দেশত

Thursday, 23 April 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (২)

লিভিংষ্টনৰ দেশত

ভেনকুভাৰৰ পৰা ছয়ত্ৰিছ ঘন্টীয়া বিমান যাত্ৰাৰ শেষত আমি চাৰিও অৱশেষত জাম্বিয়াত ভৰি দিলোহি৷ বিমানৰ পৰা নামিয়ে টেৰীয়ে ইচইচাই উঠিল৷ দেখিলো, তেওঁৰ শুধ বগা চাৰ্টটোৰ এফালে গোটেইখন মুগাৰঙী ঊণেৰে ভৰি আছে৷ টেৰীৰ কাষৰ আসনৰ যাত্ৰী গৰাকীয়ে হেনো নতুন ঊণৰ শ্বল এখন উৰি আহিছিল৷ তেওঁৰ অজানিতে গোটেইবোৰ টেৰীৰ চাৰ্টতো লাগিল৷ মানুহগৰাকীয়ে যোৱাৰ সময়ত হেনো দোষী দোষী ভাৱেৰে যিমান পাৰে টেৰীৰ চাৰ্টৰ পৰা আঁতৰোৱাৰ চেষ্টাও কৰিছিল! এনে দীঘলীয়া যাত্ৰাত টেৰীয়ে শুধ বগা চাৰ্ট আৰু কলা ট্ৰাউজাৰেৰে সম্পূৰ্ণ ফৰ্মেল সাজপাৰ কৰি অহাটোক লৈ ইতিমধ্যে আমি ৰগৰ কৰিছিলোৱে৷ এতিয়া ঊণৰ কাৰবাৰটো লৈ আমাৰ মাজত হাঁহিৰ ধুম উঠিল৷

লিভিংষ্ট’ন সৰু বিমানবন্দৰ ৷ মূলত: বিদেশী পৰ্য্যটকৰ ওপৰতে নিৰ্ভৰশীল এটা বিমানবন্দৰ৷ আমি সকলোৱে গৈ ইমিগ্ৰেশ্যনত ভিজাৰ বাবে ৰ’লোগৈ৷ মোৰ সন্মুখত টেৰী৷ আগবাঢ়ি গৈ ভিজাৰ বাবে আবেদনখন দিয়াৰ পিছত অফিচাৰগৰাকীয়ে সুধিলে,

’জাম্বিয়ালৈ অহাৰ উদেশ্য?’

’পৰ্য্যটন!’ টেৰীৰ তাৎক্ষণিক উত্তৰ৷ বেছি দীঘলীয়া সময়ৰ বাবে নহ’লে সাধাৰণতেই আমি গৱেষণাৰ ভিজাৰ সলনি পৰ্য্যটনৰ ভিজা আবেদন কৰোঁ৷ প্ৰক্ৰিয়াটো সহজ আৰু খৰতকীয়া হয়৷ গৱেষণাৰ ভিজা পোৱাত কেতিয়াবা যথেষ্ট জটিলতা আহি পৰে৷

দেখিলো, অফিচাৰগৰাকীয়ে অলপ সন্দেহৰ দৃষ্টিৰে টেৰীক মূৰৰ পৰা ভৰিলৈকে চাই পঠিয়ালে৷

’ক’ত থাকিব?’

’হোটেল প্ৰ’টিয়াত৷’

একো নকৈ অফিচাৰ গৰাকীয়ে এইবাৰ তেওঁৰ পাছপৰ্টত ষ্টাম্প মাৰিলে৷ বাকী আমাৰ তিনিওৰে বিশেষ প্ৰশ্নৰ মুখামুখি হ’বলগীয়া নহ’ল৷

আমালৈ বাট চাই ৰৈ থকা টেৰীৰ ওচৰলৈ আগবাঢ়ি গ’লো৷ সকলোৰে হাঁহি দেখি তেওঁ নিজেই উপযাচি কৈ উঠিল,

’জানো জানো! সকলো মোৰ এই ফৰ্মেল সাজপাৰৰে কৃতী!’

’এনে সাজ পাৰেৰে পৰ্য্যটনৰ বাবে আহিছে বুলি ক’লে কোনে বিশ্বাস কৰিব বাৰু!’- এলাইডাই মাত দিলে৷ জেমছে আমাৰ আশে পাশে থকা কেইটামান বিদেশী দললৈ ইংগিতেৰে দেখুৱাই ক’লে,

’চাওক, পৰ্য্যটক মানে সেই মানুহবোৰ- আফ্ৰিকালৈ আহিছে বুলি বিমানযাত্ৰাতে হেট, কেম’ফ্লেজ চৰ্টছ আদিৰে একেবাৰে ছাফাৰীৰ সাজপাৰেৰে ইয়াত নামিছেহি!’

দেখিলো সঁচাই, বহুখিনি যাত্ৰীৰ সাজপাৰ তেনে৷ এই যেন বিমানৰ পৰা নামিয়ে পোনে পোনে সোমাই পৰিবগৈ আফ্ৰিকাৰ অপৰূপ অৰণ্যত! 
বিমানৰ পৰা দেখা পোৱা জাম্বেজি নদী

বাহিৰত তেতিয়া তীব্ৰ ৰ’দত জলমলাই আছে লিভিংষ্ট’ন নগৰী৷ জাম্বিয়াৰ দক্ষিণ প্ৰভিঞ্চৰ এটা কোণত জিম্বাবোৱে, বটছ’ৱানা আৰু নামিবিয়াৰ সীমাকাষৰীয়া এখন সৰু নগৰ৷ এই দেশত প্ৰথম ভৰি থোৱা ইউৰোপীয়ান অভিযাত্ৰী ডেভিদ লিভিংষ্টনলৈ সন্মান জনাই যাৰ নাম ’লিভিংষ্টন’৷ নীল নদীৰ উৎস বিচাৰিবলৈ ওলাই ওঠৰশ শতিকাত জাম্বিয়া পাইছিলহি প্ৰসিদ্ধ মিছনাৰী লিভিংষ্টন৷ ৰহস্যময় ব্যক্তিত্বৰ এই লিভিংষ্টনে দাস প্ৰথা দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল, তেৱে পৰ্টুগীজসকলক ৰুধিবলৈ ব্ৰিটিছৰ বাবে দুৱাৰ মুকলি কৰি দিছিল৷ লিভিংষ্টনৰ মৃত্যু হৈছিল ১৮৭৩ চনত বাংগুৱেলু (Bangweulu Swamp) নামৰ অঞ্চলটোত অভিযান চলাই থকাৰ সময়ত- যি অঞ্চল এতিয়াৰ জাম্বিয়াত পৰে৷

আমাৰ সহযোগী প্ৰতিষ্ঠান চিফ’ৰ (চেন্টাৰ ফৰ ইন্টেৰনেশ্যনেল ফৰেষ্ট্ৰি ৰিচাৰ্ছ)ৰ গাড়ীয়ে আগবঢ়াই নিলেহি প্ৰ’টিয়া হোটেললৈ৷ গোটেই বাটছোৱা খিৰিকীৰে অপলক নেত্ৰেৰে মই চাই গ’লো, দূৰ দূৰণিলৈকে বিয়পি থকা মিঅ’ম্ব’ গছৰ সেৰেঙা লানি, তাৰ মাজে মাজে নীল আকাশলৈ মূৰ দাঙি চাব খোঁজা সেউজ বননি, তাত আপোন-মনে চৰি ফুৰা গৰুবোৰ! জাম্বিয়াৰ মাটিত প্ৰথম ভৰি থোৱাৰ উত্তেজনাই মোক উন্মনা কৰি তুলিলে৷ বিশ্বাস নহ’ল, এয়াই সেই আফ্ৰিকান ৰিফ্ট উপত্যকা য’ত পোনপ্ৰথমবাৰৰ বাবে মানৱ সভ্যতাই জন্ম লৈছিল! 

মোৰ তন্ময়তা ভাঙি এলাইডাই কৈ উঠিল,
’এতিয়া বাৰিষা ঋতু কাৰণেহে ইমান সেউজ দেখিছা৷ অন্য সময়ত এই ঠাইবোৰৰ ৰূপ একেবাৰে বেলেগ হৈ থাকে৷’
টেৰী আৰু এলাইডাই ইটো সিটো দেখুৱাই গ’ল৷

জাম্বিয়াৰ মাটিত ভৰি দিয়াৰ উত্তেজনা কিছু শাম কটাৰ লগে লগে ভাগৰ আৰু টোপনিয়ে হেঁচা মাৰি ধৰিলে৷ মোক কলমটিওৱা দেখি সন্মুখৰ আসনৰ পৰা টেৰীয়ে কৈ উঠিল,

’এতিয়া গৈ পাই কোনেও শুব নোৱাৰিব দেই৷ গৈ পাই শুই পৰিলে জেটলেগৰ প্ৰকোপ বাঢ়িবহে৷ ভেনকুভাৰৰ সৈতে ইয়াত দহঘন্টাৰ সময়ৰ পাৰ্থক্য৷ গতিকে যিমান দেৰিলৈ পাৰি জোৰ কৰি সাৰে থাকি শৰীৰটো ইয়াৰ সময়ৰ লগত অভ্যস্ত কৰাটোহে ভাল৷’

’সেইটো আজি দুসাধ্যই হ’ব যেন পাইছোঁ৷’ মই লাহেকৈ আপত্তি কৰিলো৷

’পাৰিবা, আমি ভিক্টোৰিয়া ফলছ্ চাবলৈ যাম আজিয়ে৷ সকলো ওলাবা৷’

বাকী সকলোৱে উপায় নাপাইহে যেন টেৰীৰ প্ৰস্তাৱত সন্মতি দিলে৷ টেৰীৰ যুক্তি হ’ল এনেকৈ সময় নুলিয়ালে কেতিয়াও কৰাই নহয়৷ আগতে বহুবাৰ তেওঁ কামৰ বাবে জাম্বিয়ালৈ আহিছে কিন্তু আজিলৈকে ভিক্টোৰিয়া ফলছ্লৈ যোৱাৰ আহৰি ওলোৱা নাই৷

প্ৰ’টিয়া হোটেলত আমাৰ বাবে অপেক্ষা কৰি আছিল চিফৰৰ জাম্বিয়া দলৰ মূল সোঁতা ডেভিছনে৷ টেৰীৰ পৰা শুনিছিলো, ডেভিছনে যোৱা বিছ বছৰ ধৰি এই দেশত বিভিন্ন গৱেষণাত জড়িত হৈ আছে৷ ডেভিছনৰ বয়স প্ৰায় সত্তৰৰ ঘৰত, মিহিকৈ কথাবোৰ কয়৷ টেৰী আৰু জেমছৰ সৈতে তেওঁৰ ব্যৱহাৰ দেখি বুজিলো, বহুদিনীয়া পুৰণি বন্ধুত্ব তেওঁলোকৰ৷ ডেভিছনে টেৰীৰ কথাতে হয়ভৰ দি ক’লে,

’যোৱা যোৱা চাই আহাগৈ৷ জাম্বিয়া ভ্ৰমণৰ সেইটো এটা ভাল আৰম্ভণি হ’ব!’

অগ্যতা এঘন্টামানৰ ভিতৰতে সাজু হৈ আমি ওলাই আহিলো৷


ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্

লিভিংষ্ট’নৰ পৰা ভিক্টোৰিয়া ফলছ্লৈ গাড়ীৰে মাথোঁ আধাঘন্টামানৰ বাট৷ যোৱাৰ বাটত চিফ’ৰৰ গাড়ীৰ চালক মিঅ’বাৰ সৈতে দুই এষাৰ পাতি গ’লো৷ এসময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ হোৱাৰ সুবাদতে এই দেশৰ চৰকাৰী ভাষা ইংৰাজী- ভাৰতৰ দৰেই প্ৰায় সকলোৱে ইংৰাজী ক’ব পাৰে৷ স্থানীয় ভাষাবোৰৰ ভিতৰত বেম্বা (Bemba), ল’জি (Lozi), লুৱাণ্ডা (Luanda), টংগা (Tonga) আদি প্ৰধান৷ টংগাত দুই এষাৰ শিকাৰ চেষ্টা কৰি আছিলো- কিন্তু মিঅ’বাৰ সলসলীয়া ইংৰাজী শুনি ইংৰাজীতে আমাৰ কথা-বতৰা চলিল৷

গাড়ীত টেৰী, জেমছ, এলাইডাৰ লগত আমাক লগ দিলে ফ্ৰান্সৰ ক’লাই৷ ক’লা তাৰে এটা প্ৰতিষ্ঠানত অৰ্থনীতিবিদ আৰু আমাৰ এই প্ৰকল্পৰ অংশীদাৰ৷ আমাৰ দৰেই ক’লাও আজি আগবেলাহে আহি পাইছে৷ প্ৰায় সমবয়সীয়া- ওখ-পাশ, অবিন্যস্ত কেকুঁৰা চুলিৰে এটা আকৰ্ষণীয় ৰসিক ব্যক্তিত্বৰ ক’লাৰ সৈতে সহজ হৈ পৰিবলৈ বিশেষ সময় নালাগিল৷

পৰ্য্যটনৰ অফিচটোত টিকেট লৈ আমি খোঁজ দিলো জলপ্ৰপাতটোলৈ বুলি৷ ভিক্টোৰয়া ফলছ্ ৰ প্ৰায় সোঁমাজেৰে পাৰ হৈ গৈছে জিম্বাবোৱে আৰু জাম্বিয়াৰ আন্তৰ্জাতিক সীমা৷ জলপ্ৰপাতৰ পূবৰ অংশখিনি জাম্বিয়াত আৰু পশ্চিমৰ অংশ জিম্বাবোৱেত পৰে৷ 

মিঅ’বাই ক’লে,

’ভিক্টোৰিয়া ফলছৰ জাম্বিয়াত স্থানীয় নাম ম’ছি অ’ টুন্যা (Mosi-oa-Tunya), যাৰ অৰ্থ গৰজি থকা ধোঁৱা (the smoke that thunders)৷ জাম্বেজি নদীখন জাম্বিয়াৰ পশ্চিম আৰু দক্ষিণ সীমাৰে বৈ গৈ একেবাৰে পশ্চিমে ভিক্টোৰিয়া জলপ্ৰপাত আৰু কৰিবা হ্ৰদ সৃষ্টি কৰি ভাৰত মহাসাগৰত পৰিছেগৈ৷ এই নদীৰ পৰাই জাম্বিয়াৰ নাম হৈছে৷’ 

অৰণ্যৰ ঠেক বাটটোৰে আমাৰ দলটো আগবাঢ়ি গৈ থাকোঁতেই দূৰৈৰ পৰা দেখা পালো আকাশলৈ ছিটিকি পৰা পানী আৰু বাস্পৰ শুভ্ৰ মায়াজাল! আৰু শুনা পালো গা-মন ৰোমাঞ্চিত কৰি তোলা পানীৰ গৰ্জন!

প্ৰায় দৌৰি যোৱাৰ দৰেই গৈ থিয় দিলোগৈ পৃথিৱীৰ বৃহত্তম জলপ্ৰপাতটোৰ সন্মুখত! পৃথিৱীৰ সাতোটা প্ৰাকৃতিক আশ্চৰ্য্যৰো এটা এই ভিক্টোৰিয়া ফলছ্৷  চকুৰে মনালৈকে মাথোঁ দেখা পালো হিলদল ভাঙি ধলধলাই পৰা পানীৰ ফোৱাৰা! কোনোবা এজনে ক’লে, প্ৰায় দুই কিলোমিটাৰ দূৰলৈকে বিয়পি আছে এই জলপ্ৰপাাত৷ বেছাল্টৰ শিখৰৰ পৰা শ মিটাৰ তললৈ অবিৰাম পৰি ৰোৱা পানী তলৰ জাম্বেজি নদীৰ ঢৌৰ সৈতে মিলিবলৈ নাপাওঁতেই বাষ্প  হৈ পুনৰ উঠি গৈছে আকাশলৈ বুলি! প্ৰকৃতিৰ অদমনীয় শক্তি আৰু সৌন্দৰ্য্যৰ, বাস্তৱ আৰু কল্পনাৰ এক অপূৰ্ব সংমিশ্ৰণ যেন এই জলপ্ৰপাত! কি এক শিহৰণ জগাই তোলা পৰিৱেশ! নিজ চকুৰে নেদেখিলে, অনুভৱ নকৰিলে যেন অবিশ্বাস্য এই ঠাই, এই অভিজ্ঞতা! 

আজিৰ পৰা প্ৰায় দেৰশ বছৰ পূৰ্বে এই জলপ্ৰপাতৰ সন্ধানত আহি ডেভিড লিভিংষ্ট’নে প্ৰথমবাৰৰ বাবে অপূৰ্ব ৰূপ দেখা পাই লিখিছিল, 

’Creeping with awe to the verge, I peered down into a large rent which had been made from bank to bank of the broad Zambezi, and saw that a stream of a thousand yards broad leaped down a hundred feet and then became suddenly compressed into a space of fifteen to twenty yards....the most wonderful sight I had witnessed in Africa.’
ভিক্টোৰিয়া ফলছ্ ৰ একাংশ

ক’লাই বাটতে ৰেইনকোট কিনি লৈছিল- বাকী আমাৰ দলৰ কোনেও বিশেষ নাভাৱিলো৷ ভিক্টোৰয়াৰ পানীৰ ফোৱাৰাই নিমিষতে জুৰুলি জুপুৰিকৈ তিয়াই পেলালে আমাক৷ মোৰ কাষতে থকা টেৰী দুখোঁজ পিছুৱাই গ’ল পানীৰ সেই উত্তাল খেলাৰ পৰা- মই পিছে দুখোঁজ আগবাঢ়ি গৈ লোহাৰ ৰেলিঙত হাত থ’লোগৈ৷ হৃদয়ৰ সমস্ত আকুলতাৰে টানি লোৱাৰ চেষ্টা কৰিলোঁ সেই সতেজতা! সেই অপূৰ্ব দৃশ্য, সেই গৰ্জন, সেই আবেগৰ তীব্ৰতা সকলো নিভৃত একোণত বন্দী হৈ ৰ’ল চিৰদিনৰ বাবে৷ 


ইতিমধ্যে আমাৰ দেহ-মনৰ ভাগৰ বহুখিনি আঁতৰিছে৷ গতিকে জলপ্ৰপাতৰ সমান্তৰালভাৱে বৰ্ষাৰণ্যৰ কাষেৰে যোৱা বাটটোৰে বহুদূৰলৈকে খোঁজ দিলো৷  জলপ্ৰপাতৰ বিভিন্ন অংশৰ পৰা বহুতো দু:সাহসিক ক্ৰীড়াৰ ব্যৱস্থা আছে৷ তাৰ ভিতৰত জলপ্ৰপাতৰ একেবাৰে কাষলৈকে গৈ ডেভিলছ্ পুলত পানীত ডুব মৰা, দলঙৰ পৰা শফুট তললৈ জাঁপ দিয়া (বাঞ্জি জাম্পিং), মাইক্ৰ’লাইটেৰে আকাশৰ পৰা জলপ্ৰপাতৰ ৰূপ চোৱা, ৰাফটিং আদি খুবেই জনপ্ৰিয়৷ কিন্তু এতিয়া বাৰিষা বাবে প্ৰায়বোৰ পৰ্য্যটকৰ বাবে বন্ধ কৰি থোৱা আছে৷

অন্য এটা কোণৰ পৰা ভিক্টোৰিয়া ফলছ্

জাম্বিয়াৰ প্ৰথম দিনটোতে ভিক্টোৰিয়া জলপ্ৰপাতৰ অভিজ্ঞতাই যেন মনৰ দুৱাৰ মুকলি কৰি পেলালে নতুন অভিযান আৰু নতুন অভিজ্ঞতাৰ বাবে! সন্ধিয়া ডেভিছনৰ সৈতে সকলোৱে বহি আলোচনা কৰিলো আমাৰ ভৱিষ্যত কাৰ্য্যপন্থা৷ ডেভিছনে ক’লে,

’আমি কাইলৈকে ৰাওনা হ’ম আমাৰ গৱেষণাৰ ক্ষেত্ৰ ক’ল’ম’ জিলালৈ৷ আমাৰ অনুষ্ঠানৰ বাকীবোৰ ইতিমধ্যে তাৰ পাইছেহি৷ ক’ল’ম’ জিলাৰ প্ৰশাসন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু স্থানীয় জনজাতিৰ মুৰব্বীসকলৰ সৈতে কাইলৈ আবেলি আমি প্ৰাৰম্ভিক আলোচনাত বহিম৷’

অনাগত দুটা সপ্তাহৰ অভিজ্ঞতাৰ বাবে অধীৰ আগ্ৰহ লৈ নিজৰ কোঠালৈ বুলি আগবাঢ়িলো৷ তেতিয়া কল্পনাও কৰা নাছিলো, জাম্বিয়াৰ এই ভ্ৰমণে আৰু কিমান আশ্চৰ্য্য লৈ ৰৈ আছিল! 

এই ভ্ৰমণকাহিনীৰ প্ৰথম খণ্ড: ভিজা, কৰ’না আৰু ধুমুহা