Saturday, 25 September 2021

ব্যতিক্ৰম

কলেজৰ পৰা উভতাৰ বাটত অন্যদিনাৰ দৰে দূৰৈৰ পৰাই ৰশ্মিয়ে সিহঁতক দেখা পালে৷ দেখামাত্ৰেই উষ্ণ তেজৰ সোঁত এটা বৈ গ’ল তাইৰ ভৰিৰ পৰা মগজুলৈ৷ নিজৰ অজ্ঞাতেই  শৰীৰৰ মাংশপেশীবোৰ যেন সংকুচিত হ’ব খুজিলে৷ মুখৰ অভিব্যক্তি সলনি হৈ তৎক্ষণাত এক কঠোৰতাৰ প্ৰলেপে তাইৰ চকু-মুখ ছানি পেলালে৷ খোজবোৰ দৃঢ় হ’ল আৰু দুচকু স্থিৰ হৈ ৰ’ল মাথোঁ সন্মুখৰ বাটটোত৷

মফচলীয়া হ’লেও স্কুল ছুটিৰ এই সময়খিনিত বাটত যথেষ্ট ভিৰ হয়৷ এতিয়াও তাইৰ কাণত পৰিল ইখনৰ পিছত সিখনকৈ অহা যোৱা কৰি থকা গাড়ীৰ হৰ্ণৰ কৰ্কশ শব্দ৷ ভাঁহি আহিল, কাষেৰে পাৰ হৈ যোৱা স্কুলীয়া ল’ৰা-ছোৱালীৰ চাইকেলৰ যান্ত্ৰিক শব্দৰ সৈতে প্ৰাণোচ্ছল হাঁহি খিকিন্দালিবোৰ৷ ৰশ্মিয়ে দেখা পালে, বাটৰ একাষে দত্ত বুক ষ্টলত দোকানদাৰে কাপোৰ এখন লৈ কিতাপৰ জাপৰ পৰা ধূলি জোকাৰিছে৷ ইটো পাৰৰ গুমটিখনত পাণ দোকানীয়ে মলিন গেঞ্জিটো কোঁচাই ৰঙালাউহেন পেটটো উলিয়াই লৈ বিচনীৰ বা লৈছে৷ তাইৰ আগে-পিছে অহৰহ গতি আৰু শব্দৰ ভিৰ৷ কিন্তু ইমানবোৰ মানুহ আৰু কোলাহলৰ মাজতো প্ৰতিদিনৰ দৰে আজিও ৰশ্মিক অকলশৰীয়া আৰু অসহায় ভাৱটোৱে বিব্ৰত কৰি পেলালে৷ কাৰণ তাই জানে, এই অচিন বাটৰুৱা, চকুৰ চিনাকি দোকানদাৰ, আনকি চিনা-জনা কোনেও এইপৰত তাইৰ কাষত আহি থিয় নিদিয়েহি৷ যেন দিলেই বহু যুগৰ আগতে হৈ যোৱা এক অকথিত বুজাপৰাত বিঘিনি ঘটিব, যেন আউল লাগি পৰিব এক বদ্ধমূল সামাজিক পৰিক্ৰমাত- সেয়ে সকলো সদাসতৰ্ক সেই অখণ্ড বিধান মানি চলাত৷ 

কেঁকুৰিটো ঘুৰিলেই বাটৰ কাষত এজোপা বিশাল পলাশ৷ এইসময়ত পলাশৰ সৰা ফুলেৰে এই বাটছোৱা ৰাঙলী হৈ পৰে৷ পিছে সেই ৰং, সেই প্ৰাচুুৰ্য্য উপভোগ কৰাৰ অৱকাশ নাপায় ৰশ্মিয়ে৷ তাইৰ সমস্ত ধ্যান মাথোঁ এইছোৱা বাট নিৰ্বিকাৰ হৈ যিমান পাৰি সোনকালে পাৰ হৈ যোৱা৷ কাৰণ সেই পলাশ জোপাৰ সন্মুখতে বাটৰ কাষত এখন গেলামালৰ দোকান, দিলীপ ষ্ট’ৰ৷ প্ৰতিদিনে আবেলি তাত ডেকা ল’ৰাজাকৰ কেৰ’মৰ আড্ডা বহে৷ হয়তো কেৰ’ম খেলাটো মাথোঁ এক অজুহাত৷ কেৰ’ম বৰ্ডৰ সলনি সিহঁতৰ তীক্ষ্ণ চকু সন্মুখৰ বাটত আৰু কেৰ’মৰ গুটিতকৈ বেছিকৈ সিহঁতৰ মুখ চলে সেই বাটৰ বাটৰুৱাৰ ওপৰত৷ সকলোৰে ওপৰত পিছে নহয়- সিহঁতৰ আক্ৰমণৰ লক্ষ্য মাথোঁ এক বিশেষ শ্ৰেণী ৷ সেই বাটেৰে যোৱা মাটিত ভৰি পেলাব নোখোজা পাখিলাহী কিশোৰীজনীৰ পৰা আদবয়সীয়া স্কুলৰ শিক্ষয়ত্ৰীগৰাকীলৈকে কাকোৱেই সিহঁতে ৰেহাই নিদিয়ে৷ প্ৰত্যেকৰে মূৰৰ পৰা ভৰিলৈ পিতপিতাই পৰীক্ষা কৰি কিবা নহয় কিবা এটা সুৰুঙা উলিয়াই সিহঁতে উকিয়াবলৈ ধৰে৷ শ্ৰুতিকটু মন্তব্য আৰু উকিৰ উপৰ্যুপৰি কৰাঘাটত জোঁট-পোঁট লাগিব খোজা মহিলা পদচাৰীৰ ৰূপ চাই এক দাৰুণ তৃপ্তিত ডুব যায় সিহঁত৷ 

সেই ভুক্তভোগীসকলৰ মাজৰ এগৰাকী ৰশ্মি৷ ৰ’দ দিয়ক বা বৰষুণ- একোৱেই যেন টলাব নোৱাৰে কৰ্মহীন ডেকাজাকক৷ এই বাটেৰে স্কুললৈ অহা-যোৱা কৰিবৰ দিন ধৰি উভতনিৰ বাটত প্ৰতিদিনে তাই সিহঁতৰ অপঘাতৰ চিকাৰ হয়৷ প্ৰতিদিনে সিহঁতে তাইক দেখা পোৱাৰ লগে লগেই বলিয়া কুকুৰৰ দৰে ৰাউচি জোৰে,

’লেফট-ৰাইট-লেফট৷ লেফট-ৰাইট-লেফট৷ লেফট-ৰাইট-লেফট৷..............'

ৰশ্মি সিহঁতৰ চকুৰ আঁৰ নোহোৱালৈকে সেই উকি বন্ধ নহয়৷ কোনোফালে নোচোৱাকৈ প্ৰস্তৰ মূৰ্ত্তিৰ ৰূপ লৈ তাই মাথোঁ সেই ’লেফট-ৰাইট’ৰ তালে তালেই ভৰি চলাই যায়৷ তাই ভাৱে, দিনৰ পিছত দিন, মাহৰ পিছত মাহ তাইৰ এনে নিৰ্বিকাৰ ৰূপ দেখি দেখি এদিন আমনি লাগি সিহঁত নীৰৱ হৈ পৰিব৷ নাই, তাই ভৱাৰ দৰে নহ’ল৷ আজিলৈ নাইহোৱা৷ তাইৰ ইউনিফৰ্ম স্কাৰ্ট-চাৰ্টৰ পৰা চাদৰ-মেখেলা হ’লগৈ৷ সিহঁতৰ কেৰ’মৰ আড্ডা আৰু ঐক্যতান একোৰে পৰিৱৰ্তন নহ’ল৷ বৰঞ্চ দিন যোৱাৰ লগে লগে সেই চিঞৰবোৰৰ স’তে অশ্লীল বাক্যবাণ আৰু লোলুপ দৃষ্টি কিছুমানহে যোগহে হ’ল৷ 

’লেফট-ৰাইট-লেফট৷’
’কি ধুনীয়া আপী ঐ! এবাৰ আমালৈ চোৱা হ’লে পলুৱায়ে লৈ গ’লোহেঁতেন!’
’লেফট-ৰাইট-লেফট৷’
’তিতা চুলিৰেই ওলালা যে? আজি তিনিদিন যেন পাইছোঁ দেই!’
 লেফট-ৰাইট-লেফট৷ লেফট-ৰাইট-লেফট৷লেফট-ৰাইট-লেফট৷..............'

কি কৰা যায়! কিমান দিন এনেকৈ সহা যায় এই কটুদৃষ্টি আৰু বাক্যবাণৰ আঁচোৰ! ৰশ্মিয়ে জানিব খোজে৷ উপায় উলিয়াব খোজে৷ লগৰ ছোৱালীকেইজনীয়ে প্ৰায় একেমুখেই কয়, ’অকলশৰে অহা-যোৱা কৰা স্বত্বেও তোক সিমানতে এৰিছে যে আকৌ৷ আমি জাক পাতি হোষ্টেলৰ পৰা ওলাই আহোঁতে কিমান কি কি যে শুনিবলৈ পাওঁ- কিছুমান মুখলৈ আনিবলৈকে লাজ লগা৷’

আপোন বান্ধৱী পূৰ্ণিমাই সহানুভূতিৰে কয়, ’ৰিক্সা এখন লৈ ঘৰলৈ নাযাৱ কিয় ৰশ্মি? মই তিনিআলিৰ চুকৰ পৰাই সেইকণ বাট ৰিক্সাৰে যাওঁ যাতে গুমটিৰ আগৰ ল’ৰাজাকৰ আগেদি খোজেৰে যাব লগা নহয়৷ সদায় ৰিক্সাত খৰচ কৰিবলৈ অসুবিধা যদি বেতমহলৰ বাটেৰেই ঘৰ ওলাবগৈ পাৰচোন৷ দহমিনিটমানহে বেছিকৈ ল’ব৷’

বন্ধু বিকাশে কয়, ’এস্, সেইখিনি বাট তোক ময়ে আগবঢ়াই থৈ আহিব পাৰিম দে৷ চাইকেলখন আছে যেতিয়া আকৌ সাউৎকৈ ঘুৰি মোৰ ঘৰ পাবলৈ বেছি সময় নালাগে৷’ 

মাক-দেউতাক দুয়োৰে ভাষ্য একেই,
’পিলিঙা ডেকাই মুখৰ খজুৱতি মাৰিছে, মাৰক৷ তই গুৰুত্ব নিদিলেই হ’ল৷ ছোৱালী যেতিয়া এইখিনি সহ্য কৰিব পাৰিবই লাগিব!’

পেহী-খুড়ী-বাইদেউয়ে অকপটে দাঙি ধৰে লাঞ্ছনাৰ অনুৰূপ প্ৰতিচ্ছৱি৷ বাছে-কাৰ্য্যালয়ে-অনুষ্ঠানে, অলিয়ে-গলিয়ে, দোকানে-পোহাৰে সকলোতে৷ দৈনন্দিন থকা-সৰকা কৰা এই বাক্যবাণ আৰু উকিবোৰ উফৰাই প্ৰস্তৰ মূৰ্ত্তি হৈ নিৰ্বিবাদে চলাই নিয়ে জীৱন৷ সকলোৱে৷

প্ৰতিষাৰ কথাই ৰশ্মিৰ হৃদয় কুটি কুটি খাই নিশেষ কৰিব খোজা হাজাৰটা কীটক মুকলি কৰি দিয়ে৷ উঁৱলি যোৱা কাপোৰৰ দৰে ফালি চিৰাচিৰ কৰি পেলায় তাইৰ আত্মমৰ্য্যদাবোধ, মূৰ দাঙি জীয়াই থকাৰ সপোন৷ ভাৱ হয়, জন্মৰ লগে লগেই যেন এই সমাজত লিখা হৈ গৈছে তাইৰ ভাগ্যৰ বিধান৷ কিয় সলাব তাই নিজৰ বাট? কিয় আঁৰ ল’ব কোনোবা ৰিক্সাৱালাৰ?  কিয় সমনীয়া বিকাশে দেহৰক্ষী হৈ আগবঢ়াই থৈ যাব লাগে তাইক? তাই নাৰী, মাথোঁ সেইবাবেই? আৰু সেই উদণ্ড ডেকাজাকৰ দৈনিক লাঞ্ছনা হৈ পৰে ’ছোৱালী জোকোৱা’ নিৰ্দোষ ধেমালি৷ কাৰণ সিহঁত পুৰুষ? এক প্ৰতিবাদী কন্ঠই চিৎকাৰ কৰি উঠে তাইৰ হৃদয়ত৷ জেদী হৈ পৰে তাই৷ 

গতিকে কাৰো কথা নামানি আজিও ৰশ্মি সেই বাটতে৷ অন্যদিনাৰ দৰেই অকলশৰে৷ তাইৰ একমাত্ৰ অস্ত্ৰ- প্ৰতিক্ৰিয়াহীনতা৷ তাৰ বাহিৰে যেন অন্য একো প্ৰতিৰক্ষাৰ উপায় নাই তাইৰ৷ লিংগভেদৰ আকাশলংঘী দেৱালখনৰ প্ৰহৰী হৈ ৰোৱা এই সমাজত তাইৰ দৰে নাৰীৰ বাবে অন্য একো সমিধানৰ অনুমতি নাই৷ গতিকে প্ৰতিদিনে দহ-বাৰটা ডেকা ল’ৰাৰ বিপৰীতে ৰশ্মিৰ এই অকলশৰীয়া নীৰৱ প্ৰতিবাদৰ যুঁজ- ধৈৰ্য্য আৰু অপেক্ষাৰ এক নেৰানেপেৰা যুঁজ! সিহঁতে নিৰন্তৰ অপঘাতৰ শূলেৰে তাইক খোঁচা-বিন্ধাৰ চেষ্টা কৰি যাব আৰু তাই ক’লা-বোবা-অন্ধ হৈ নিৰ্বিকাৰভাৱে যিমান পাৰে উফৰাব সেই আক্ৰমণ৷ দিনৰ পিছত দিন, মাহৰ পিছত মাহ৷ যি প্ৰথম চকুৰ পতা জপাব, সিয়ে হাৰিব৷ 

কিন্তু আজিৰ দিনটো যেন ব্যতিক্ৰম! কিছু ওচৰ পাই আজি ৰশ্মিয়ে মন কৰিলে, সিহঁত যেন অন্যদিনাতকৈও অধিক মত্ত কিবা এক খেলাত৷ অন্যদিনাতকৈ বেছি দু:সাহসী যেন দেখা গৈছে সিহঁতক৷ গোটেইজাকে নিজৰ মাজতে কিৰিলি পাৰি অথালি পঠালিকৈ নাচিছে৷ মদৰ ৰিমঝিম নিচাত সিহঁতৰ খোজবোৰ লটং ভটং হৈ পৰিছে৷ দুখোজমান আগবাঢ়ি সিহঁতৰ মুখবোৰ মণিব পৰা হওঁতেই তাইৰ চকুত ধৰা পৰিল, সিহঁতৰ দেহত ৰঙৰ বাহাৰ৷ ফাকুৰ বাৰেৰহণীয়া ৰং৷ 

নিমিষতে এজাক অস্থিৰতাই ৰশ্মিক আৱৰি ধৰিলে৷  ফাকুৱা কাইলৈহে নহয় জানো? নাই, আজিকালি ফাকুৰ খেলাতো দুদিনীয়াই হৈছেগৈ৷ গতিকে চৰকাৰী বন্ধহে কাইলৈ! কথাটো উপলব্ধি কৰাৰ লগে লগে তাইৰ বুকুখন চিৰিংকৈ গ’ল৷ খোজৰ গতি মন্থৰ হৈ পৰিল ক্ৰমাৎ৷ তাইৰ দুচকুৰ সন্মুখৰ পৰা অদৃশ্য হৈ পৰিল আবেলিৰ কোমল ৰ’দজাক, ফাগুণৰ ৰিব ৰিব পছোৱা আৰু ধূলিয়ৰী বাটৰ আখৰা৷ 

গোটেইখন যেন কিবা ধুঁৱলী কুঁৱলী হৈ পৰিল৷ লাহে লাহে সেই কুঁৱলীৰ মায়াজাল ফালি ধৰা দিলেহি গাঁৱৰ এটা উজ্জ্বল দুপৰীয়া৷ দুপৰৰ ৰ’দজাক মূৰত লৈ নিজান বাটটোৰে ঢপলিয়াই আহিছে এগৰাকী সদ্যস্নাতা কিশোৰী৷ ফাগুণৰ উচ্ছল বতাহজাকত তাইৰ কিচকিচিয়া ক’লা চুলিখিনিয়ে অহৰহ ঢৌ খেলিছে৷ তাইৰ হাতত বাবুলদাৰ দোকানৰ পৰা কিনি অনা নীলৰ পেকেটটো৷ সৌৱা বাটৰ সিপাৰে সিহঁতৰ ঘৰৰ চোতালতে এবাল্টি কাপোৰ লৈ পেহীয়েকে বাট চাই আছে৷ 

ঠিকেই, একেই ঋতু, একেই দিন - মাথোঁ দহটা দশকে পৃথক কৰি ৰখা দুখন ভিন্ন পৃথিৱী৷ সিদিনাও সমনীয়াৰ সৈতে ৰঙৰ খেলা খেলি খেলি পুৱাটো দুপৰ হৈছিল৷ মাকে দাবী ধমকিৰে জোৰ কৰি নিহে কুঁৱাৰ পাৰত বহুৱাইছিল তাইক৷ কুঁৱাৰ চেঁচা পানীখিনি গাত পৰাৰ লগে লগে তাইৰ মূৰৰ পৰা ভৰিলৈ এটা মিঠা শিহৰণ বৈ গৈছিল৷ কিচকিচীয়া ক’লা চুলিৰ পৰা ফাকুৰ ৰঙেৰে সাতোৰঙী হৈ বৈ যোৱা পানীৰ নিজৰাবোৰ চাই চাই তাই খিলখিলাই হাঁহিছিল৷ ফাকুৰ ৰং আৰু নিষ্কলুষ শৈশৱৰ সৰলতা মিলি সপোনৰ ৰামধেনু গঢ়িছিল৷

হঠাৎ সেই দুপৰৰ নীৰৱতা ভেদি ভাঁহি আহিল এক তীক্ষ্ণ চিৎকাৰ৷ বুকু কঁপাই যোৱা এক আতংকৰ জোৱাৰে ৰশ্মিক স্তব্ধ কৰি দিব খুজিলে৷ ক’ৰ পৰা আহিছে এই আৰ্তনাদ? কাৰো কাণত পৰা নাইনে? কোনেও দেখা নাইনে ক’ৰবাত এক অঘটন ঘটিব ধৰিছে? কিয় দৌৰি-ঢাপলি কোনো আগবাঢ়ি অহা নাই? হয়তো পুৱাৰে পৰা ফাকু খেলি খেলি মছগুল হৈ পৰা মানুহবোৰ ভাগৰি বিছনাত বাগৰ দিছেগৈ৷ মাকহঁতে ল’ৰা-ছোৱালীক ধুৱাই পখলাই আজৰি হ’ব খুজিছে৷ দেউতাকবোৰে চ’ৰাঘৰত আৰামী চকীখনত ভাত-ঘুমটি মাৰিছে৷ সকলো কিজানি আত্মমগ্ন হৈ পৰিছে নিজৰ নিজৰ পৃথিৱীত৷

উৎস: freepik
সঁচাই, সেই চিৎকাৰ কোনেও শুনা নাপালে! হয়তো কাৰোৰে চকুত নপৰিল, বাটৰ সিপাৰৰ দোকানখনৰ পৰা ঢপলিয়াই ঘৰলৈ আহি থকা ছবছৰীয়া ছোৱালী এজনীৰ ভৰি দুখন হঠাৎ জঠৰ হৈ পৰিছে৷ তাইৰ হাতৰ নীলৰ পেকেটটো উফৰি কেনিবা পৰি ৰৈছে৷ কিবা তলকিবলৈ পোৱাৰ আগতেই চাৰি-পাঁচটা মদগজ ডেকাই বাটৰ একাষে বালিত তাইক আফাল মাৰি পেলাই দিছে৷ তাইৰ সমগ্ৰ দেহত ফাকুৰ ৰং আছাৰি দি সিহঁত কিৰিলিয়াই উঠিছে৷

ৰশ্মিৰ শৰীৰেদি এছাটি বিদ্যুৎ পাৰ হৈ গ’ল! সেই দুটা পলকতে সোণালী শৈশৱৰ গানটো হেৰাই গ’ল তাইৰ পৃথিৱীৰ পৰা৷ তাইৰ দেহ জঠৰ হৈ পৰিল, হৃদয় হ’ল শিল৷ প্ৰস্ফুটিত হ’ব ধৰা কলিটো যেন আদবাটতে মৰহি গ’ল৷ সকলোৰে অজানিতে, চিৰদিনলৈ৷ সেই ডেকাজাকৰ কোনেও তাৰ ভূকে নাপালে৷ ভূ নাপালে আত্মীয়-স্বজনে, নৈতিকতাৰ পাঠ পঢ়াব খোজা সমাজখনে৷ হয়তো পায়ো নোপোৱাৰ ভাও ধৰিলে৷ অন্যদিনাৰ দৰেই৷

কিন্তু আজিৰ দিনটো যেন ব্যতিক্ৰম! আজি তাই ঠিকেই দেখিলে, মদৰ ৰাগীত উন্মত্ত এজাক ডেকাৰ চিকাৰী চকু তাইৰ ওপৰত পৰিছে৷ ফাকুৰ ৰঙেৰে ৰাঙলী হৈ সিহঁত তাইৰ ফাললৈকে আগবাঢ়ি আহিছে৷ 
ক্ষণিকতে তাইৰ শিল হৈ যোৱা হৃদয়ত যেন এক মহানাদ আৰম্ভ হ’ল৷ অতদিনে গোট মাৰি ৰোৱা সোঁৱৰণীয়ে যেন সাৰ পাই উঠি ছিৰাছিৰ কৰি দিলে হৃদয়৷ প্ৰতিটো খণ্ডৰ পৰা বিস্ফোৰিত হৈ ওলাল ক্ষোভৰ লেলিহান জুই৷ সেই জুয়ে পুৰি ছাৰখাৰ কৰি দিয়াৰ উপক্ৰম কৰিলে তাইৰ অতীত আৰু বৰ্তমান৷ 

সিহঁতৰ কিৰিলিবোৰ ডাঙৰ হৈ আহিল৷ অন্যদিনা দূৰৈৰ পৰাই ’লেফট-ৰাইট-লেফটে’ৰে সামৰা ডেকাজাকে ফাকু সনাৰ অজুহাত লৈ আজি ওচৰ চাপি আহিল৷ তাৰে এজনে ঢেল খোৱা চকুৰে চিঞৰি ক’লে,

’ভন্টি, আমাৰ লগত ফাকু খেলিবা আহা৷’ 

লগে লগে গোটেই জাকৰ অশ্লীল উকি৷

ৰশ্মিৰ খোজ ৰৈ গ’ল হঠাৎ! সৰ্বশৰীৰ যেন ক্ষোভ আৰু অপমানৰ জ্বালাত দগ্ধ হৈ গ’ল তাইৰ৷ আজি যেন শুভাকাংক্ষীৰ দিহামতে অন্যদিনাৰ দৰে নাৰীৰ বিধিগত সেই মৌন প্ৰস্তৰ মূৰ্ত্তিৰ ৰূপ ধাৰণ কৰাৰ অৱকাশ নোহোৱা হৈ গ’ল৷  আজি যেন সময় হ’ল, যৌৱনৰ প্ৰাচুৰ্য্য আৰু শক্তিৰে সেই মৰহা শৈশৱলৈ কণমান সঞ্জীৱনী সুধা বোৱাই দিয়াৰ৷  নিজৰ বাবেই নিজৰ সন্মুখতে এবাৰ থিয় দিয়াৰ৷

আবেলিৰ সেই ধূলিয়ৰী বাটত তাইৰ হঠাৎ থমকি ৰোৱা খোজ দেখি সিহঁতো ৰৈ গ’ল৷ অতবছৰে কেতিয়াও সিহঁতৰ ফালে কেৰাহিকৈও নোচোৱা ৰশ্মিয়ে পূৰ্ণ দৃষ্টিৰে পোনপটীয়াকৈ আজি সিহঁতলৈ চালে৷ সেই দৃষ্টিত খং, ক্ষোভ বা অসহায় আবেগৰ পৰিৱৰ্তে উপচি উঠিল এসাগৰ পুতৌ আৰু ব্যথা- এই কৰ্মহীন পথভ্ৰস্ত ডেকাজাকৰ প্ৰতি, লিংগভেদৰ অসমতাত অহৰহ উজুটি খোৱা সমাজখনৰ প্ৰতি৷ দিবনে তাই এই ল’ৰাজাকক তাইৰ মূৰ তুলি জীয়াই থকাৰ সপোন চূৰ্ণ কৰিবলৈ? ৰৈ যাবনে তাই চিৰদিন নীৰৱে মা-পেহী-বাইদেউ সকলোৰে দৰে প্ৰস্তৰ মূৰ্ত্তি হৈ আকাশলঙ্ঘী দেৱালৰ এইপাৰে ?

প্ৰথমবাৰৰ বাবে ৰশ্মি সিহঁতৰ ফালে দুখোজ আগুৱাই গ’ল৷ ফাকু সানিবলৈ আগবাঢ়ি অহা ল’ৰাটো এইবাৰ দুখোজ পিছুৱাই গ’ল৷ সিহঁতৰ একেবাৰে ওচৰ চাপি গৈ প্ৰত্যকটো ডেকা ল’ৰালৈ চকুৱে চকুৱে চালে৷ কোনোবাই সেই দৃষ্টিৰ তীব্ৰতা সহিব নোৱাৰি চকু তল কৰিলে, কোনোবাই তধা লাগি লক্ষ্য কৰিলে তাইৰ সেই জ্বালামুখী ৰূপ৷ যেন সিহঁতৰ কোনোৱে ধৰিবই নোৱাৰিলে অতবছৰে ’লেফট-ৰাইট-লেফট’ৰ সৈতে তাল মিলাই খোজ দি যোৱা প্ৰস্তৰ মূৰ্ত্তিটোৰ আঁৰত এখন মুখ আছিল, আছিল আবেগ-অনুভূতিৰে ভৰা এক মানবীয় হৃদয়! সেই উপলব্ধিয়ে সিহঁতক বিস্মিত কৰিলে, এক বিস্ফোৰণৰ অপেক্ষাত সিহঁতে প্ৰমাদ গণিলে৷

দুটা নীৰৱ মুহুৰ্ত্তৰ পিছত এক হিম শীতল দৃঢ় কন্ঠেৰে ৰশ্মিয়ে ক’লে, 

’ফাকুৱা খেলিব খুজিছে যদি নিজৰ মাজতেই খেলক৷ সদায় অহা-যোৱা কৰাৰ বাটত মোক যাতে আৰু অশান্তি নকৰে৷’

কথাষাৰ কৈয়ে এবাৰো পিছলৈ নোচোৱাকৈ তাই তীব্ৰগতিৰে ঘৰলৈ পোনালে৷ সিহঁতে কি কয়, কি কৰে তাক লৈ আৰু অস্থিৰ হোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে তাই৷ অতবছৰে বুকুখন গধুৰ কৰি ৰখা শিলচটা যেন আঁতৰি গ’ল৷ সকাহ আৰু প্ৰশান্তিৰ এছাটি পছোৱাই মন জুৰাই পেলালে তাইৰ৷ আজি প্ৰথমবাৰৰ বাবে ৰশ্মিয়ে উপলব্ধি কৰিলে, তাইৰ জীৱন কোনো অখণ্ড বিধানত আবদ্ধ নহয়৷ নিজৰ বাট নিজেই উলিয়াই ল’ব পাৰে তাই৷ নিজৰ বাবে নিজেই থিয় দিব পাৰে৷ বিচাৰিলে এই চিকাৰ আৰু চিকাৰীৰ সমাজত তায়েই হ’ব পাৰে এক ব্যতিক্ৰম৷

Tuesday, 17 August 2021

কানাডাৰ ডায়েৰী (৪): ভেনকুভাৰ দ্বীপ

নানাইম’ৰ ৰং-ৰূপ

ভেনকুভাৰ দ্বীপৰ নানাইম’ চহৰত সেইদিনা আমাৰ দ্বিতীয় দিন৷ সেইদিনা পুৱাতে নানাইম’ৰ খাদ্যৰ সোৱাদ লওঁ বুলিয়ে ডাউনটাউনলৈ ওলাই আহিলো৷ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ পুৰণি নগৰবোৰৰ ভিতৰত এখন এই নানাইম’৷ এসময়ত কানাডাৰ ভিতৰতে সৰ্ববৃহৎ কয়লাৰ খনি ইয়াতে আছিল হেনো ৷

ডাউনটাউনত কেফে বহুত যদিও প্ৰায় সকলোতে মানুহৰ দীঘলীয়া লানি৷ কেইবাখনো কেফে চাই চাই গৈ অৱশেষত য়ানেক আৰু মই সোমালোগৈ ভল্ট কেফেত৷ সোমায়েই অনুভৱ কৰিলো এই কেফেৰ আৱহাৱা অন্য ঠাইতকৈ যথেষ্ট ভিন্ন৷ সাজ-সজ্জা আৰু পৰিৱেশ সকলো বৰ কলাত্মক আৰু ব্যতিক্ৰমী৷ কেফেৰ আচবাব, বাচন-বৰ্তন সকলোতে ভিন্টেজ ষ্টাইল স্পষ্ট৷ চকুত পৰিল একোণত পুৰণি ট্ৰাংক এটাকে খোৱামেজৰ ৰূপ দিছে৷ তাৰ লগতে নানা প্ৰাচীন বাদ্যযন্ত্ৰ, দেৱালৰ ভিন্টেজ চিত্ৰ আৰু সাজ-সজ্জা সকলো মিলি ভল্ট কেফেক এটা অপূৰ্ব ব্যক্তিত্ব প্ৰদান কৰিছে৷ কেৱল চাহ বা কফি একাপ খোৱাই নহয়, সেই কেফেত বহি পৰিৱেশটো উপভোগ কৰিবলৈকো যেন মানুহৰ ইচ্ছা জাগিব৷ 

একোণত কিতাপৰ ভিন্টেজ আলমিৰা এটা দেখি চকু ফুৰালোগৈ৷ ইউৰোপৰ ইম্প্ৰেছনিষ্ট কলাৰ এখন বিশাল সংগ্ৰহপুথিৰ পাত লুটিয়াই থাকোঁতেই কফি আৰু পুৱাৰ আহাৰ দিলেহি ৱেইটাৰ গৰাকীয়ে৷

ভল্ট কেফেৰ ভিতৰছোৱা

তাতে জুতি ল’লো নানাইম’ বাৰৰো৷ নানাইম’ বাৰৰ সুখ্যাতি সমগ্ৰ কানাডাতে৷ এই মিঠাইবিধত সাধাৰণতে তিনিটা তৰপ থাকে- প্ৰথমে ৰুকা নাৰিকল, ৱালনাট, কক’ পাউডাৰ আৰ গ্ৰাহাম ক্ৰেকাৰৰ টুকুৰাৰ এটা মিশ্ৰণ, তাৰ ওপৰত কাষ্টাৰ্ড বাটাৰক্ৰীম আৰু একেবাৰে ওপৰত ডাৰ্ক চকলেট৷ ভেনকুভাৰত দুবাৰমান এই বাৰৰ সোৱাদ লৈছোঁ, পিছে নানাইম’ত নানাইম’ বাৰৰ সোৱাদেই বেলেগ!

গৈ থৈ ভল্ট কেফেত সেইদিনা ব্ৰেকফাষ্টৰ সলনি ব্ৰাঞ্চ কৰি দুপৰীয়াহে ওলালো!

নানাইম’ বাৰ (ফটোৰ উৎস)

কাৱিচ্চান নৈৰ পাৰত এনিশা

ভল্ট কেফেৰ পৰা  পোনেই আমাৰ গাড়ী চলিল কাৱিচ্চান কেম্পগ্ৰাউণ্ডলৈ৷ নানাইম’ৰ পৰা ৬৫ কিমি দূৰৈৰ এই কাৱিচ্চান নদীৰ পাৰতে অৰণ্যত টেন্ট তৰি সেই নিশাটো কটোৱাৰ পৰিকল্পনা৷ 

নানাইম’ৰ পৰা কাৱিচ্চানলৈ যোৱাৰ দুটা বাট -প্ৰথমটো সাগৰৰ কাষেৰে ট্ৰেন্স কানাডা হাইৱে হৈ আৰু আনটো নানাইম’ নদীৰ পাৰে পাৰে এটা পথেৰে৷ হাইৱেতকৈ নানাইম’ নদীৰ পাৰেৰে যাবলৈ বেছি আকৰ্ষণীয় হ’ব বুলি গুগুল মেপৰ পৰামৰ্শ আওকাণ কৰি আমি সেইবাটেৰেই আগবাঢ়িলো৷ পিছে দুয়োকাষৰ অৰণ্যৰ শোভা চাই চাই নিজান বাটটোৰে আধাঘন্টা মান যোৱাৰ পিছতে হঠাৎ আমাৰ গাড়ী ৰৈ গ’ল৷

’আগলৈ ৰাস্তা বেয়া চোন!’- য়ানেকে অলপ থতমত খাই ক’লে৷ ভেনকুভাৰ দ্বীপত এইষাৰ কথা মুখত ওলোৱাটোৱে যেন নোহোৱা-নোপজা কথা!

দেখা পালো, সেইখিনিতে পকী ৰাস্তা হঠাৎ নোহোৱা হৈ আৰম্ভ হৈছে গ্ৰেভেল দিয়া ঠেক বাট৷ তেতিয়াহে আমি উপলব্ধি কৰিলো, গুগল মেপে কিয় বাৰে বাৰে আনটো বাটেৰে যোৱাৰ পৰামৰ্শ দিছিল! অগ্যতা বাধ্য হৈ পুনৰ নানাইম’লৈ উভতিলো৷ তাতে কিছুপৰ জিৰাই-শঁতাই এইবাৰ আমি বাট বুলিলো কৰিলোঁ ট্ৰেন্স কানাডা হাইৱে’ৰে৷

প্ৰায় ডেৰঘন্টামানৰ মূৰত আবেলি ওলালোগৈ কাৱিচ্চান কেম্পগ্ৰাউণ্ড৷ প্ৰাদেশিক চৰকাৰে সমগ্ৰ কানাডাৰে বনাঞ্চলবোৰত ব্যৱস্থা কৰি দিয়া অলেখ-অসংখ্য কেম্পৰ এটা এই কাৱিচ্চান ষ্ট’লজ পুল কেম্পগ্ৰাউণ্ড৷ গ্ৰীষ্মকালি মহানগৰৰ কংক্ৰিটৰ অৰণ্যৰ পৰা আঁতৰি আহি প্ৰকৃতিৰ সেউজীয়াৰ মাজত আশ্ৰয় ল’ব খোজা লোকেৰে এই কেম্পিঙৰ ঠাইবোৰ গিজগিজাই থাকে৷ ইয়াত কেম্পিং ইমানেই জনপ্ৰিয় যে বছৰৰ আৰম্ভণিতে সকলো ঠাই সমগ্ৰ বছৰটোৰ বাবে অনলাইন বন্দবস্ত হৈ যায়৷ গতিকে যথেষ্ট চেষ্টাৰেহে কাৱিচ্চানৰ কেম্পগ্ৰাউণ্ডত সেই নিশাটোৰ বাবে ঠাই পালো৷ 

কেম্পগ্ৰাউণ্ডত অৰণ্যৰ মাজে মাজে একোটা দলৰ বাবে নিৰ্ধাৰিত কণমান একোডোখৰ মুকলি ঠাই৷ তাৰ ঠেক বাটটোৰে লাহে লাহে গাড়ী আগবঢ়াই নি আমি চাই গ’লো ইতিমধ্যে থিতাপি লোৱা অলেখ-অসংখ্য দলৰ শাৰী শাৰী কেম্পবোৰ৷ কাৰোবাৰ অত্যাধুনিক সুবিধাযুক্ত কাৰাভান, কাৰোবাৰ শোৱা-খোৱাৰ পৃথকে পৃথকে সুসজ্জিত টেন্ট, কাৰোবাৰ গছত ওলোমাই লোৱা হেম’কৰ জোলনা৷ যেন অস্থায়ীকৈ হ’লেও নিজাকৈ সকলো সা-সুবিধা কৰি লৈ সকলোৱে অৰণ্যৰ মাজৰ জীৱনকে আকোঁৱালি লৈছেহি! 

’ওঠৰ নম্বৰ ছাইট! এয়াই আমাৰ ঠাই তেনে!’ য়ানেকক দেখুৱালো৷ বাটৰ কাষতে সেই ছাইটৰ সন্মুখত কণমানি এটা কাঠৰ খুঁটাত ঠাইৰ নম্বৰ আৰু তাতে গোঁজ মাৰি থোৱা এটুকুৰা কাগজত আমাৰ নাম৷ 

লাহে লাহে য়ানেকে গাড়ীখন নি তাতে ৰখালেগৈ৷ এনেকৈ কেম্পৰ ঠাইলৈকে গাড়ী নি আৰামেৰে টেন্ট তৰি থকাটো আমি ৰস কৰি কেম্পিং নহৈ ’গ্লেম্পিং’ (glamour camping)হে কৰা বুলি কওঁ৷ হয়তো যিকোনো ফিটনেছৰ লোকৰ বাবে প্ৰকৃতিৰ মাজত সময় কটোৱাৰ সুবিধা কৰি দিয়াৰ বাবেই কানাডাৰ বহু ঠাইত এই ব্যৱস্থা৷ অৱশ্যে বহু প্ৰাদেশিক উদ্যানত দীঘলীয়া ট্ৰেকিং কৰি গৈ দুৰণিবটীয়া ঠাইতো কেম্প কৰাৰ ব্যৱস্থা আছে৷ তেনে কেম্পিঙক ইয়াত কোৱা হয় বেক কান্ট্ৰি কেম্পিং৷ তাৰ পৰিকল্পনা পিছলৈ থৈ সদ্যহতে ফ্ৰন্ট কান্ট্ৰি কেম্পিং বা গ্লেম্পিঙৰ বিলাসিতাকে আমি আকোঁৱালি ল’লো৷

আমাৰ বাবে নিৰ্ধাৰিত ঠাইত কাঠৰ পিকনিক টেবুল আৰু জুহাল৷ অৱশ্যে ব্ৰিটিছ কলম্বিয়াৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা বনজুইৰ বাবে বৰ্তমান সকলো কেম্পৰ জুহালত জুই ধৰাটো নিষিদ্ধ৷ ইতিমধ্যে বেলি পৰিবৰ হৈছে৷ সেয়ে লৰালৰিকৈ টেন্ট তৰি লৈ তাত নিশাটো কটাবৰ বাবে সকলো যা-যোগাৰ কৰি ল’লো৷ 

কাৱিচ্চান নদীৰ পাৰত কেম্পিং
কেম্পগ্ৰাউণ্ডৰ কাষেৰে কাৱিচ্চান নদীলৈ এটা সৰু হাবিতলীয়া বাট গৈছে৷ সেইবাটেৰেই আমি দুয়ো খোজ দিলো অৰণ্যখন আৰু কাৱিচ্চান নদীখন চাওঁগৈ বুলি৷ বাটৰ দুয়োকাষে ডগলাছ ফাৰ আৰু ৱেষ্টাৰ্ন হেমল’কৰ ঘন অৰণ্য৷ চকুৰে মনালৈকে সেই অৰণ্যত  ঢেঁকীয়াজাতীয় চ’ৰ্ড ফাৰ্ণৰ দলিচা৷ তাৰ মাজে মাজে থকা চা’মন বেৰী আৰু ব্লেকবেৰীৰ জোপোহাবোৰত ভৰি ভৰি বেৰী লাগিছে৷ এনেয়ে বনৰ জন্তু-চৰাই চিৰিকটিৰ খাদ্য বুলি বেৰী ছিঙি খাবলৈ মোৰ সত নাযায়৷ কিন্তু দিনটোৰ ভাগৰ আৰু গৰমৰ অজুহাততে দুয়ো হাতমেলি দুটামান বেৰী ছিঙি আনিলো৷

’কেনে সতেজ আৰু সোৱাদ! বজাৰত কিনা বেৰীৰ সৈতে তুলনাই নহয়৷’- য়ানেকে ক’লে৷

মই একো নকৈ হাঁহিলো মাথোঁ৷ লগতে সষ্টম হ’লো জোপোহাৰ আশে পাশে বেৰী খোৱাত মগ্ন হৈ থকা ভালুকৰ মুখামুখি হ’ব লগা হয় বুলি৷ ভালুকক আমাৰ উপস্থিতিৰ আগতীয়া জাননী দিবলৈকে পিঠিৰ বেকপেকত ওলোমাই ল’লো ভালুকৰ টিলিঙা (Bear bell) এটা৷ এই ঠাইত গ্ৰীষ্মকালি ক’লা ভালুক সক্ৰিয় হৈ থাকে৷ গতিকে কেম্পগ্ৰাউণ্ডত ভালুকক আকৰ্ষণ নকৰিবলৈ সকলো খাদ্য-বস্তু, জাবৰ-জোথৰ ভাগে ভাগে বন্ধ কৰি থোৱাৰো দিহা কৰা হৈছে৷ 

হাবিতলীয়া বাটটো মুকলি হৈ ওলালগৈ ঘাঁহনি এখনত৷ তাৰ কাষেৰেই পাৰ হৈ গৈছে খৰস্ৰোতা কাৱিচ্চান নদী৷ সৰু যদিও প্ৰাণচঞ্চল৷ কাৱিচ্চান নদীৰ সেই অপূৰ্ব ৰূপে মন মুহি নিলে৷ বহুদিন উপবাসে থকা মানুহৰ দৰে প্ৰাণখুলি টানি নিলো সেই ৰূপ, সেই গতি আৰু সেই পানীৰ খলখলনি৷ নদীপৰীয়া মানুহৰ যে নদীৰ সৈতে এক চিৰদিনীয়া আপোনত্ব! 

কাৱিচ্চান নদীৰ একাংশ

বিশালকায় কাৱিচ্চান হ্ৰদৰ পূবৰ পৰা ওলাইছে কাৱিচ্চান নদী৷ এই কাৱিচ্চান নদীৰ পাৰৰ খিলঞ্জীয়া সাগৰীয় চালিছ (Coast Salish) লোকসকলৰ ভাষাত কাৱিচ্চান শব্দৰ অৰ্থ ’সুৰুযে উমাল কৰা ভূমি’ (land warmed by the sun)৷  কাৱিচ্চান নদীত পোৱা ক’হ’, চিনুক আদি চা’মন মাছ আৰু ট্ৰাউট মাছৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই উপত্যকাৰ ভালুক আৰু খিলঞ্জীয়া জাতিৰ জীৱনবোৰ ঠন ধৰি উঠিছিল৷ কাৱিচ্চান নদীৰ পাৰত ক্ষন্তেক ৰৈ পুনৰ যেন সুঁৱৰিলো, গছ-লতা, জীৱ-জন্তু আৰু মানুহ আদি প্ৰকৃতিৰ বিভিন্ন অংগৰ সেই চিৰন্তন আন্ত:সংযোগ৷ পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু ভাৰসাম্য ৰক্ষাৰে আদিম কালৰে পৰা বোৱতী নদীৰ দৰেই বৈ অহা সেই জীৱনবোধ৷ কিমান শ্বাস্বত, কিমান অপৰূপ!

কাৱিচ্চান নদীৰ একাষে  দেখা পালো এটা স্মৃতিস্তম্ভ৷ কাষৰে ফলকখনত চকু ফুৰাই আচৰিত হৈ পৰিলো৷ সেই স্মৃতিস্তম্ভ হেনো ক’হিমাৰ ৱাৰ মেম’ৰিয়েলৰ এটা সৰু প্ৰতিৰূপৰূপে সজা! বাৰ্মা ষ্টাৰ মেম’ৰিয়েল কেইৰন (The Burma Star Memorial Cairn)-এ দ্বিতীয় মহাযুদ্ধৰ সময়ত পূব এছিয়াত জাপানী সৈন্যৰ হাতত পতিত হোৱা সৈন্যসকলৰ সোঁৱৰণত ক’হিমা ৱাৰ মেম’ৰিয়েলৰ এই প্ৰতিৰূপ গঢ়িছিল৷ প্ৰথমে গৱেষণাৰ বাবে আৰু তাৰ পিছত তাত আপোন হৈ পৰা বহুজনৰ বাবে নাগালেণ্ডৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক মোৰ৷ ক’হিমাৰ সেই মাজ মজিয়াত অৱস্থিত ৱাৰ মেম’ৰিয়েলৰ এটি চিন পৃথিৱীৰ এই প্ৰান্তত পাই সুখী হৈ পৰিলো৷


কাৱিচ্চান নদীৰ পাৰত ক’হিমাৰ স্মৃতি



কাৱিচ্চান নদীৰ পাৰত থকা ক’হিমা ৱাৰ মেম’ৰিয়েলৰ প্ৰতিৰূপ


ইতিমধ্যে সন্ধিয়া লাগিছিল৷ দিনটোৰ অৱসাদে আমাক আগুৰি ধৰিবলৈও আৰম্ভ কৰিছিল৷ সিদিনা আৰু কেম্পত ৰন্ধাৰ ইচ্ছা নহ’ল৷ গ্লেম্পিঙৰ অন্য এটা সুবিধা হ’ল, প্ৰায়বোৰ কেম্পগ্ৰাউণ্ডৰ ওচৰতে পোৱা যায় সৰু একোখন টাউন৷ যেন আধুনিক পৃথিৱীৰ পৰা বহু আঁতৰত হৈও সেই পৃথিৱীৰ সকলো সুবিধা ল’ব পৰাৰ বিলাসিতা! সেইনিশা তাৰেই সুবিধা লৈ আমি ওলাই গ’লো কাৱিচ্চানৰ কেম্পৰ ওচৰতে থকা লেক কাৱিচ্চান টাউনলৈ৷ তাতে নিশাৰ সাজ খাই আহি  পুনৰ সোমাই পৰিলোহি প্ৰকৃতিৰ মাজত৷ সকলোৰে পৰা বিছিন্ন হৈ কেৱল সেউজীয়াৰ মাজত, চৰাইৰ কাকলি, চিকাডাৰ মাতৰ মাজত এনিশা কটোৱাৰ হেঁপাহত৷

ভেনকুভাৰ দ্বীপ ভ্ৰমণৰ পথ (পশ্চিমৰ শুভ্ৰ ৰেখাডাল কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমা)



Tuesday, 10 August 2021

আকাশী নাৰীৰ কাহিনী (কানাডাৰ লোকগাঁথা)

এসময়ত আকাশত ওপঙি থকা এখন বিশ্ব (Skyworld)ত আকাশী মানুহবোৰে বাস কৰিছিল৷ এদিন তাৰে আকাশী নাৰী এগৰাকীয়ে ভোকত ৰ’ৱ নোৱাৰা হৈ খাদ্যৰ সন্ধানত ওলাই গ’ল৷ গৈ গৈ তেওঁ এজোপা বিশাল গছৰ ওচৰ পালেগৈ আৰু তাৰ শিপা বিচাৰি গছজোপাৰ চাৰিওফালে খান্দিবলৈ আৰম্ভ কৰিলে৷ এই গছজোপা এজোপা বিশেষ  জীৱন দায়িনী (Tree of Life) গছ আছিল৷ আকাশী নাৰীগৰাকীয়ে খান্দি থাকোঁতে দেখা পালে সেই জীৱন দায়িনী গছৰ তেওঁ খন্দা বিন্ধাটোৰ সিপাৰে এক বিশাল মুকলি ঠাই৷ দূৰ-দিগন্ত বিয়পি আন্ধাৰ-পোহৰৰ চিকমিকনি তাত৷ তেওঁ খান্দি থকাৰ সময়ত অৰণ্যৰ জীৱ-জন্তুবোৰে তেওঁক পিছে বাৰে বাৰে সেয়া বন্ধ কৰিবলৈ সকিয়নী দিলে৷ কাৰণ বেছিকৈ খান্দিলে সেই বিন্ধাৰে আকাশী নাৰীগৰাকী সৰি পৰাৰ সম্ভাৱনা! কিন্তু তেওঁ ভোকত ইতিমধ্যে বৰ অস্থিৰ হৈ পৰিছিল৷ সেইসময়ত আকাশী নাৰীগৰাকীয়ে গম পোৱা নাছিল যে তেওঁ যঁজা সন্তান দুটিৰে গৰ্ভৱতী হৈ আছে৷ গতিকে কাৰো সকিয়নী নামানি তেওঁ নিৰন্তৰ খান্দিয়ে থাকিল৷

সকলোৰে আশংকা সঁচা কৰিয়ে এইবাৰ সেই অঘটন ঘটিল৷ বিন্ধাৰ সিপাৰৰ মুকলি ঠাইৰ ছাঁ-পোহৰৰ খেলা দেখি আকাশী নাৰী গৰাকী বিভোৰ হৈ পৰিল৷ খন্দাৰ মাজতে এবাৰ বিন্ধাৰে হাউলি ভালকৈ চাব খোজোতেই তেওঁ হঠাৎ সেইফালেদি তললৈ সৰি পৰিল৷

Sky Woman (1936), by Seneca artist Ernest Smith

আকাশী নাৰীগৰাকী খৰগতিৰে তলৰ ভিন্ন পৃথিৱীখনলৈ আহিবলৈ ধৰিলে৷ সেইসময়ত তলৰ পৃথিৱী জুৰি আছিল এখন সুবিশাল মহাসাগৰ৷ সাগৰৰ জলচৰ জীৱ-জন্তুবোৰে ওপৰলৈ চাই সেইদিনা দেখা পালে আকাশৰ বিন্ধা এটাৰে কিবা এটা সৰি পৰিব ধৰিছে৷ সকলোৱে চাই থাকোঁতেই আকাশী নাৰীগৰাকী সৰি আহি পানীত পৰোঁ পৰোঁ হ’লহি৷ তেওঁ আহি পানীত পৰিলে এই পৃথিৱীৰ ভাৰসাম্যতা নষ্ট হ’ব বুলি ভয় কৰি জীৱ-জন্তুবোৰ বিতত হৈ জৰুৰী আলোচনাত বহিল৷ 
এই আচৰিত আকাশী নাৰীগৰাকী কোনে কেনেকৈ আকাশতে ধৰিবগৈ তাকে লৈ জীৱ-জন্তুবোৰৰ মাজত উত্তপ্ত আলোচনা হ’ল৷ আলোচনাৰ শেষত অৱশেষত এই দায়িত্ব দিয়া হ’ল ৰাজহাঁহৰ জাকটোক৷ 

কথামতেই কাম৷ ৰাজহাঁহৰ জাকটো তৎক্ষণাত আকাশী নাৰীৰ কাষলৈ উৰা মাৰিলে৷ সিহঁতৰ পাখিবোৰ জোৰাই লৈ এখন সুকোমল দলিচাৰ সৃষ্টি কৰি আকাশতে সেই নাৰীক আশ্ৰয় দিলে৷ সেই দলিচাত উঠি লৈ আকাশী নাৰী এই পৃথিৱী পালেহি৷

কানাডা ৰাজহাঁহৰ জাক (ফটো: Ken Billington)


ৰাজহাঁহৰ জাকটোৱে আকাশী নাৰীগৰাকীক বেছিসময় দলিচাত ধৰি ৰখাটো সম্ভৱপৰ নাছিল৷ সেয়ে সকলো জীৱ-জন্তু মিলি ভৱিষ্যত কাৰ্য্যপন্থা থিৰ কৰিবলৈ আলোচনাত বহিল৷ দলিচাৰ পৰাই নাৰীগৰাকীয়ে দেখিলে চাৰিওফালে গোট খোৱা জলচৰ জন্তু আৰু চৰাই-চিৰিকটিবোৰ৷ সেইদলত আছিল লুন নামৰ হাঁহবিধ, উদ, বিভাৰ আদি জলচৰ জন্তু আৰু নানা প্ৰকাৰৰ মাছবোৰ৷ সেইদলৰ পৰাই ওলাই আহি এটা বৰকাছই আকাশী নাৰীক জিৰণি ল’বলৈ বুলি নিজৰ পিঠিখন পাতি দিলে৷ কৃতজ্ঞভাৱেৰে তেওঁ ৰাজহাঁহৰ দলিচা এৰি বৰকাছটোৰ পিঠিত বহিলহি৷ 

জন্তুবোৰে উপলব্ধি কৰিলে যে আকাশী নাৰীগৰাকী বাস কৰিবলৈ এডোখৰ ঠাইৰ প্ৰয়োজন৷ তেওঁ পানীত বাস কৰিব নোৱাৰে আৰু আকাশত উৰিবও নোৱাৰে৷ গতিকে সকলোৱে মিলি ঠিক কৰিলে, তেওঁৰ বাবে এডোখৰ মাটি বিচৰাৰ প্ৰয়োজন৷ জলচৰ জন্তুবোৰৰ কিছুমানে ক’লে, সেই সাগৰৰ গভীৰ তলিত মাটি পোৱা যাব৷ গতিকে সেই মাটি বিচাৰি যোৱাই উচিত কাম হ’ব৷

লুন চৰাই (ফটো: ৱিকিকমনছ)
প্ৰস্তাৱমতেই সকলোতকৈ প্ৰথমে সহায় কৰিবলৈ বুলি লুন হাঁহ (Loon) আগবাঢ়ি আহিল৷ চাৰিওদিশ ৰজনজনাই যোৱা দীঘলীয়া সুহুৰিটো মাৰি হাঁহবিধে মাটিৰ সন্ধানত ডুব দিলে৷ কিন্তু  সাগৰৰ গভীৰলৈ গৈ তলিখন উলিয়াব নোৱাৰি  ব্যৰ্থ হৈ কিছুপৰৰ পিছত খালীহাতেৰে উভতি আহিল৷ লুনৰ পিছত উদ, বিভাৰ, মাছ সকলোৱে এটা এটাকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিল৷ কিন্তু সকলোবোৰেই সাঁতোৰাত পাকৈত হোৱা স্বত্বেও গভীৰ সাগৰৰ তলিৰ পৰা মাটি আনিবলৈ কোনোৱে সক্ষম নহ’ল৷ বহুপৰ যুঁজি প্ৰত্যেকেই উশাহ ল’বলৈ কষ্ট পাই, সাগৰ তলিৰ অন্ধকাৰত আতংকিত হৈ ককবকাই উঠি আহিল৷ 

একেবাৰে শেষত বাকী ৰ’ল মাস্কৰেট (Muskrat) নামৰ এন্দুৰবিধ৷ সকলোৱে জানিছিল মাস্কৰেট জলচৰ হ’লেও গভীৰ পানীত সাঁতোৰাত বিশেষ পাকৈত নহয়৷ গতিকে সেই এন্দুৰবিধে আকাশী নাৰীৰ বাবে মাটি বিচাৰি যাব খোজাত বাকী জন্তুবোৰে বিশেষ আশা কৰিব নোৱাৰিলে৷ তথাপিও মাস্কৰেটে উৎসাহেৰে কণমানি ঠেং আৰু নেজডাল মাৰি মাৰি পানীত ডুব দিলে৷

বহুপৰলৈকে মাস্কৰেট উভতাৰ কোনো নাম-গোন্ধ পোৱা নগ’ল৷ তালৈ বাট চাই চাই জীৱ-জন্তুবোৰ ভাগৰি পৰিল৷ এটা সময়ত হঠাৎ পানীত বুদবুদনি উঠিল৷ সকলোৱে সেইফালে চকু দিলে৷ লাহে লাহে ওপঙি উঠিল মাস্কৰেটৰ প্ৰাণহীন শৰীৰটো৷ 

মাস্কৰেট (ফটো: ৱিকিকমনছ)

আকাশী নাৰীক সহায় কৰিবলৈ গৈ মাস্কৰেট আওমৰণে মৰিল বুলি সকলো জীৱ-জন্তু গভীৰ শোকত বুৰ গ’ল৷ কিন্তু তাৰ মাজতে কোনোবাই দেখা পালে, মাস্কৰেটৰ হাঁতোৰাৰ মুঠি তেতিয়াও টানকৈ মৰা৷ সেই মুঠি খোলাত তাত ওলাই পৰিল এচপৰা মাটি৷ 

বৰকাছই ক’লে, ’মাটিখিনি মোৰ পিঠিতে দিয়া৷ ময়ে সেয়া ৰাখিব পাৰিম৷’

কথামতেই আকাশী নাৰীগৰাকীয়ে হাওলি লৈ বৰকাছৰ পিঠিৰ খোলাটোত মাটি চপৰা লেপি দিলে৷ বিন্ধাটোৰে সৰি পৰাৰ সময়ত আকাশী নাৰী গৰাকীয়ে জীৱন দায়িনী গছজোপাত এখন হাতেৰে থাপ মাৰি ধৰাৰ চেষ্টা কৰিছিল৷ তাৰ ফলত তেওঁৰ হাতৰ মুঠিত ৰৈ গ’ল জীৱন দায়িনী গছজোপাৰ পাত আৰু গুটিৰে সৈতে এটা ডাল৷ তেওঁ সেইখিনিকে বৰকাছৰ পিঠিৰ মাটিত সিঁচি দিলে৷ 

জীৱ-জন্তুবোৰৰ নিস্বাৰ্থ সহায় আৰু কৰুণাত অভিভূত হৈ তেওঁ কৃতজ্ঞতাৰ গীত এটি গালে আৰু মাটিৰ ওপৰতে ঘুৰি ঘুৰি নাচিলে৷ তেওঁৰ সুললিত গীত আৰু ভৰিৰ পৰশত সেই মাটি ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে৷ আকাশী নাৰী আৰু জীৱ-জন্তুবোৰৰ সদিচ্ছা আৰু সহমৰ্মিতাৰ প্ৰভাৱতে সেই এচপৰা মাটিৰ পৰাই এটা সময়ত গৈ সমগ্ৰ পৃথিৱীখন সৃষ্টি হ’লগৈ৷ নিজে সিঁচা গছবোৰৰ আকাশী নাৰীগৰাকীয়ে প্ৰতিদিনে যত্ন ল’লে৷ তেওঁ সৰি পৰা বিন্ধাটোৰে সূৰ্য্যৰ পোহৰ পৰি গছবোৰ লহপহকৈ বাঢ়িবলৈ ধৰিলে আৰু এটা সময়ত তাৰ পৰাই ৰুক্ষ পৃথিৱীখন গছে-বনে  সেউজীয়া হৈ পৰিল৷ সময়ত আকাশী নাৰীৰ যঁজা সন্তান দুটিৰ জন্ম হ’ল আৰু তাৰ পৰাই এই পৃথিৱীত মানুহৰো বংশ আৰম্ভ হ’ল৷ 


‘Turtle Island’ by First Nations Cree artist Jasyn Lucas


এইবাবেই উত্তৰ আমেৰিকাক খিলঞ্জীয়া জাতিসমূহে এতিয়াও বৰকাছৰ দ্বীপ (Turtle Island) টো বুলি বিশ্বাস কৰে আৰু পূৰ্বৰ পাৰস্পৰিক সহমৰ্মিতা বজাই ৰাখি যুগ যুগ ধৰি ইয়াৰ প্ৰতিপালন কৰি আহিছে৷

(উৎস: Sky Woman creation story: Folklore among the Anishinaabe and Haudenosaunee First Nations in Canada and the United States)

Saturday, 7 August 2021

কানাডাৰ ডায়েৰী (৩): ভেনকুভাৰ দ্বীপ

সাগৰৰ বুকুৱেদি

ভেনকুভাৰৰ বাটে-পথে শনিবাৰৰ পুৱাৰ সমাগম৷ অন্য ঠাইৰ দৰে সপ্তাহৰ অন্তত শনি বা দেওবাৰৰ দিনটো লাহে-ধীৰে যেন পাৰ নহয় ইয়াত৷ তাৰ বিপৰীতে প্ৰকৃতিৰ বুকুত কোনো অভিযানৰ হেঁপাহত চাইকেল, স্কি, ৰাফট আদি লৈ পুৱাতে ওলোৱা গাড়ীৰ ভিৰ লাগে৷ সেইদিনা আমিও সেই দলতে যোগ দিলো৷ য়ানেক আৰু মই ওলাই আহিলো মহানগৰীৰ পশ্চিমে থকা ছোৱাছেন (Tsawwassen) বন্দৰলৈ৷
 সেই বন্দৰৰ পৰা ভেনকুভাৰ দ্বীপলৈ জাহাজ ধৰিবলৈ৷

আজি প্ৰায় ডেৰবছৰৰ মূৰত এনেকৈ পুনৰ সাগৰৰ বুকুৱেদি ভ্ৰমণ কৰিবলৈ ওলাইছোঁ৷ অন্য বহু ঠাইৰ দৰে প্ৰয়োজনীয় যাতায়তৰ বাহিৰে সকলো ভ্ৰমণ বন্ধ হৈ আছিল কানাডাৰ এই ব্ৰিটিছ কলম্বিয়া প্ৰদেশতো৷ অতদিনৰ মূৰত সেই অৱকাশ, সেই স্বাধীনতা পোৱাৰ বাবেই যেন এক অনাবিল সুখেৰে-সকাহবোধেৰে হৃদয় উপচি পৰিল৷ হয়তো ক’ভিডৰ পূৰ্বৰ সেই স্বাভাৱিক পৃথিৱীৰ ক্ষণিক পৰশ পাই নতুন ঠাইৰ নতুন অভিজ্ঞতাৰ হেঁপাহৰ উজান উঠিল৷

ছোৱাছেনৰ পৰা ভেনকুভাৰ দ্বীপলৈ সাগৰীয় পথ

ছোৱাছেন বন্দৰৰ পৰা আঠ বজাৰ ফেৰী৷ নামতহে ফেৰী যদিও আকাৰ আৰু সা-সুবিধাৰে এইখন এক বিশালকায় জাহাজ৷ ফেৰীখন পাঁচখলপীয়া, তাৰে দুটাত শাৰী শাৰী গাড়ী আৰু বাকীবোৰত যাত্ৰীৰ বাবে ব্যৱস্থা৷ অন্য গাড়ী, আৰ ভি আৰু ট্ৰাকৰ সৈতে দীঘলীয়া শাৰীত গৈ এটা সময়ত আমাৰ গাড়ীও ফেৰীত উঠিলগৈ৷ এইমাহত আৰম্ভ হোৱা ব্ৰিটিছ কলম্বিয়াৰ পুনৰাম্ভণিৰ তৃতীয় পৰ্য্যায়ত মাস্কৰ বাধ্যবাধকতা উঠাই দিছে যদিও দেখা পালো প্ৰায়ভাগ মানুহেই ফেৰীৰ ভিতৰত মাস্ক পিন্ধিছে, ঘনে ঘনে হাতত লৈছে চেনিটাইজাৰ৷ সেই সচেতনতাই, নিজৰ লগতে অন্যৰ সুৰক্ষাৰ প্ৰতি দায়িত্বশীলতাই মনলৈ এক স্বস্তি আৰু কৃতজ্ঞতাৰ অনুভৱ আনি দিলে ৷

ভেনকুভাৰ দ্বীপলৈ যোৱা ফেৰী

ফেৰীৰ ভিতৰতে থকা অত্যাধুনিক ৰেষ্টুৰাঁত আমি পুৱাৰ আহাৰ লৈ বহোঁগৈ মানে দীঘলীয়া উকি এটা মাৰি ফেৰীখনে যাত্ৰা আৰম্ভ কৰিলে৷ লগে লগে ৰেষ্টুৰাঁৰ খিৰিকীৰ সিপাৰে গতি ল’লে সাগৰৰ সৰু-বৰ ঢৌবোৰে৷ উজ্বল ৰ’দৰ পৰশত চিকমিকাই উঠিল সেই নীলিম সাগৰৰ পানী৷ সাগৰৰ সেই ৰূপ আওকান কৰি ফেৰীৰ ভিতৰৰ আৰামী চকীতে বহি ৰোৱাৰ সাধ্য নহ’ল আমাৰ৷ সেয়ে ওলাই আহিলো একেবাৰে ওপৰ খলপৰ মুকলি ছান ডেকলৈ৷ দুৱাৰখন খোলাৰ লগে লগেই এছাটি উচ্ছল বতাহে প্ৰায় ঠেলি নিয়াদি নিলে! ডেকত ৰ’দ আৰু বতাহৰ কি এক উত্তাল ৰূপ! যেন নীলিম প্ৰশান্ত মহাসাগৰৰ ঢৌবোৰৰ উদ্দাম গতিৰ সৈতে ছন্দ মিলোৱাৰ এক প্ৰতিযোগিতা!

সাগৰৰ সেই বিশাল নীলিমাৰ মাজত অ’ত ত’ত দেখা পালো দুই এখন পালতৰা নাও৷ মাজে মাজে কাষেৰে উৰা মাৰিলে সাগৰৰ বুকুত খাদ্যৰ সন্ধানত ব্যস্ত গাল চৰাই দুটামানে৷ প্ৰশান্ত মহাসাগৰৰ এই ষ্টেইট অব জৰ্জিয়া (Strait of Georgia) অংশটোলৈ খাদ্যৰ সন্ধানতে কেইবাটাও প্ৰজাতিৰ তিমি মাছৰো আগমন হয়৷ বিশেষকৈ গ্ৰীষ্মকালিৰ এনে দিনবোৰতে৷ গতিকে তিমিমাছ বা ছীল আদি সাগৰীয় জন্তু দেখা পাওঁৱে নেকি বুলি মোৰ বাইন’কুলাৰ সষ্টম হৈ ৰ’ল৷

ছান ডেকৰ পৰা নীলিম সাগৰৰ ৰূপ

সাগৰৰ ৰং-ৰূপ উপভোগ কৰি কেনেকৈ দুঘন্টা সময় পাৰ হৈ গ’ল যেন গমকে নাপালো৷ প্ৰায় দহমান বজাত আমাৰ ফেৰী ৰ’লগৈ ভেনকুভাৰ দ্বীপৰ পূবপ্ৰান্তৰ চহৰ নানাইম’ৰ ডিউক পইন্টত৷

আকাশ চুব খোজা এজোপা প্ৰাচীন গছ

ভেনকুভাৰ মহানগৰীৰ পশ্চিমে প্ৰশান্ত মহাসাগৰৰ বুকুত ভেনকুভাৰ দ্বীপ৷ এই দ্বীপৰ পশ্চিম সীমান্ত স্পৰ্শ কৰি আছে আমেৰিকা আৰু কানাডাৰ আন্ত:ৰাষ্ট্ৰীয় সীমা৷ ভেনকুভাৰ দ্বীপৰ ভিক্টোৰিয়া মহানগৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ ৰাজধানী৷ অপূৰ্ব বৰ্ষাৰণ্য আৰু ইতিহাস-সংস্কৃতিৰে সমৃদ্ধ এই দ্বীপ কানাডাৰ এই পাৰত পৰ্য্যটনৰ এক অন্যতম আকৰ্ষণ ৷

ভিক্টোৰিয়াৰ পিছতে ভেনকুভাৰ দ্বীপৰ দ্বিতীয় বৃহৎ মহানগৰী নানাইম’৷  সিদিনা নানাইম’ৰ বন্দৰৰ পৰা আমি পোনেই যাত্ৰা কৰিলো কেথিড্ৰেল গ্ৰুভ নামৰ এক অৰণ্য অভিমুখে৷ নানাইম’ৰ উত্তৰে প্ৰায় ষাঠি কিমি দূৰত্বত এই কেথিড্ৰেল গ্ৰুভ৷ সাগৰৰ পাৰৰ সুৰ-বৰ নগৰবোৰৰ কাষেৰে যোৱা আইলেণ্ড হাইৱেত অন্য গাড়ীৰ লগতে তীব্ৰ গতিৰে আমাৰ গাড়ী আগবাঢ়িল৷ বাটৰ দুয়োকাষৰ ৰূপ চাই চাই আত্মমগন হৈ গৈ পালোগৈ কেথিড্ৰেল গ্ৰুভ৷ 
কানাডাৰ আটাইতকৈ প্ৰাচীন আৰু সুউচ্চ অৰণ্য এই কেথিড্ৰেল গ্ৰুভ৷ আঠশ বছৰীয়া এক অপৰূপ নাতিশীতোষ্ণ বৰ্ষাৰণ্য৷ 

ঘাইপথৰ দুয়োকাষ জুৰি বিস্তৃত হৈ থকা অৰণ্যখনৰ শোভা উপভোগ কৰিবলৈ কেইবাটাও হাবিতলীয়া বাট৷ তেনে এটা বাটেৰে আমি আগবাঢ়ি গ’লো৷ বাটৰ চাৰিওকাষে থিয় দি আছে ডগলাছ ফাৰ, হেমলক , গ্ৰেণ্ড ফাৰ আৰু ৰেড চিডাৰৰ বিশাল গছবোৰ৷ সুউচ্চ গছবোৰৰ ছাঁত অৰণ্যৰ তলিখন সেউজ কৰি তুলিছে ঢেকীয়াজাতীয়  চৰ্ড জোপোহাবোৰে৷ গছবোৰৰ ডালে- ডালে এক ডাঠ সেউজীয়া প্ৰলেপ ভিন্ন প্ৰজাতিৰ মছৰ৷

কেথিড্ৰেল গ্ৰুভৰ অৰণ্য
ভাৱ হ'ল, দুপৰৰ সুৰুযো যেন বিনম্ৰ হৈ পৰিছে সেই অৰণ্যৰ মাজত৷ সেউজীয়াৰ আচ্ছাদনৰ মাজেৰে মাথোঁ কোনোমতে সৰকি আহি মাটি চুইছেহি ৰ’দৰ একোটা ক্ষীণ ছাটিয়ে৷ তাৰ পোহৰত ধৰা দিছে সেউজীয়াৰ ভিন্ন তৰপবোৰে৷ ভৰ দুপৰৰ সেই সময়খিনিতো খাদ্যৰ সন্ধানৰ ব্যস্ত হৈ পৰিছে কেইটামান এমেৰিকান ৰ’বিন চৰাই আৰু কেৰ্কেটুৱাবোৰ৷ 


কিছুদূৰ গৈয়ে থিয় দিলোগৈ এই অৰণ্যৰ প্ৰধান আকৰ্ষণ এজোপা বিশেষ ডগলাছ ফাৰ গছৰ কাষত৷ দকৈ খাঁজ কটা ৰুক্ষ বাকলি এই ডগলাছ ফাৰৰ৷ চকুৰে কোনোমতেহে মনিব পৰা উচ্চতাৰ আকাশ ছানিব খোঁজা ডালবোৰত লিহিৰি পাতবোৰ৷ ডগলাছ ফাৰ সৰল গছৰ পৰিয়ালৰে এজোপা গছ৷ এই গছৰ নাম আহিছে ডেভিড ডগলাছ নামৰ এগৰাকী স্কটিছ উদ্ভিদবিদৰ পৰা৷ ইয়াৰ গাৰ পৰাই চৰাই-চিৰিকটিয়ে পোক খায়, হৰিণ, বিভাৰ আদিয়ে পাত খায়, ভালুকে ডগলাছ ফাৰৰ বাকলি বখলিয়াই ভিতৰৰ ৰস খায়৷
কানাডাৰ ভিতৰতে সৰ্ববৃহৎ আৰু প্ৰাচীন গছবোৰৰ অন্যতম এই ডগলাছ ফাৰজোপা৷ ইয়াৰ উচ্চতা হেনো পিছাৰ হেলনীয়া স্তম্ভতকৈও বেছি৷ আঠশ বছৰীয়া সেই প্ৰাচীন গছৰ বিশালতাৰ সন্মুখত ৰৈ যেন এক অপাৰ বিনম্ৰতাই মোক দেহ-মন স্পৰ্শ কৰি গ’ল৷ ভাৱ হ’ল, আকাশ চুব খোজা সেই গছে কত ইতিহাস হয়তো সামৰি থিয় দি ৰৈছে সেই ঠাইত৷ কত পৰিৱৰ্ত্তনৰ ধুমুহা বৈ গৈছে সেই গছৰ চাৰিওকাষে! ইউৰোপীয়ান মূলৰ অধিবাসীয়ে কানাডাত থিতাপি লোৱাৰ পূৰ্বৰ বহু প্ৰাচীন সভ্যতাৰ সাক্ষী এই গছজোপা৷ এই গছজোপা হয়তো প্ৰস্ফুটিত হৈছিল, লহপহকৈ বাঢ়িছিল বহু হাজাৰ বছৰৰ আগৰ পৰা এই ভূমিত বসবাস কৰি অহা ক’ম’কছ (K’ómoks), চেহাহ (Tseshaht) আৰু টেমেক্স (Te’mexw) নামৰ খিলঞ্জীয়া জাতি (First Nations) ৰ প্ৰতিপালনত৷ খিলঞ্জীয়া লোকে এই গছৰ কাঠ ব্যৱহাৰ কৰিছিল পৰম্পৰাগত ঘৰৰ মজিয়া আৰু মাছ ধৰাৰ সঁজুলিৰ বাবে৷ কানাডাৰ এই খিলঞ্জীয়া জাতি সমূহৰ নিজস্ব ভূমি আৰু পৰিচয় ৰক্ষাৰ নিৰৱছিন্ন সংগ্ৰামৰো সাক্ষী কিজানি এই প্ৰাচীন গছজোপা৷ 

 প্ৰাচীন ডগলাছ ফাৰ গছজোপা


’এইটো ডগলাছ ফাৰৰে গুটি নেকি?’ য়ানেকৰ মাতত মোৰ তন্ময়তা ভাঙিল৷ তাৰ হাতত সৰল গছৰ গুটিৰ দৰে যেন লগা এটা গুটি৷ মটিয়া বৰণৰ গুটিটোৰ প্ৰতিটো খাঁজৰ ওপৰত একোটা মিহি দীঘলীয়াকৈ ওলাই থকা অংশ৷ গুটিটোৰ সেই ৰূপ দেখিয়ে চিনি পালো এয়া ডগলাছ ফাৰৰে গুটি৷ লগে লগে মনত পৰিল ক’ৰবাত শুনা এটা কাহিনী- গুটিৰ এই বিশেষ ৰূপটোৰ ভিত্তিতেই কানাডাৰ খিলঞ্জীয়া লোকসকলৰ  মাজত প্ৰচলিত এক লোককথা৷

লোককথা অনুসৰি, এবাৰ অৰণ্যখন এক ভয়ানক বনজুইয়ে ছাটি ধৰিলে৷ লগে লগে অৰণ্যৰ সকলো জীৱ-জন্তুৱে সেই বনজুইৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায় বিচাৰিব ধৰিলে৷ চৰাইবোৰ বনজুইৰ পৰা যিমান পাৰে দূৰলৈ উৰি গুচি গ’ল৷ হৰিণৰ দৰে খৰকৈ দৌৰ দিব পৰা সকলো জন্তুৱে প্ৰাণটাকি দৌৰিবলৈ ধৰিলে৷ কিন্তু কণমান ঠেং দুখনেৰে জুইৰ খেদাত দৌৰিব নোৱাৰি অৰণ্যৰ নিগনিবোৰ বিতত হৈ পৰিল৷ সিহঁতে গৈ মেপল, হেমলক আৰু চিডাৰ গছৰ সহায় বিচাৰিলে৷ কিন্তু কোনো এজোপা গছেই নিগনিবোৰক সহায় কৰিবলৈ বাট উলিয়াব নোৱাৰিলে৷ অৱশেষত নিগনিবোৰে গৈ ডগলাছ ফাৰক কাবৌ কৰিলেগৈ কোনোৰকমে সিহঁতক বনজুইৰ পৰা ৰক্ষা কৰিবলৈ৷ ডগলাছ ফাৰে কিছু ভাৱি এটা উপায় দিলে৷ ইয়াৰ গা-গছডাল জুইত সহজে নজ্বলে৷ গতিকে তৎক্ষণাৎ নিগনিবোৰে যদি বগাই গৈ ফাৰৰ গুটিবোৰৰ আঁৰত লুকাই পৰে, বনজুইয়ে সিহঁতৰ একো অপকাৰ সাধিব নোৱাৰে৷ কথামতেই কাম৷ ডগলাছ ফাৰৰ গুটিৰ ভিতৰত লুকাইহে সেইবাৰলৈ নিগনিবোৰ বনজুইৰ পৰা ৰক্ষা পৰিল৷ সেইবাবেই আজিও ডগলাছ ফাৰৰ গুটিৰ খাঁজে খাঁজে দেখা পোৱা যায় নিগনিৰ কণমান ঠেং দুখন আৰু নেজডাল৷

সেই লোককথাই আমাক যেন পুনৰ সোঁৱৰাই দিলে প্ৰাচীন অধিবাসীসকলৰ প্ৰকৃতিৰ সৈতে অপূৰ্ব সংযোগৰ কথা৷ গম পালো, প্ৰায় এশবছৰমান আগৰ পৰা নতুন অধিবাসীয়ে গঠন কৰা লগিং কোম্পানীয়ে এই অৰণ্যৰ কুণ্ডা কাটিবলৈ আৰম্ভ কৰিছিল৷ জনসাধাৰণৰ বিপুল হেঁচাৰ মুখামুখি হৈহে অৱশেষত ১৯৪৪ চনত এই অংশটোৰ প্ৰতিৰক্ষাৰ পদক্ষেপ লয় আৰু মেকমিলান প্ৰাদেশিক উদ্যানৰ অংশ ৰূপে স্বীকৃতি দিয়ে৷

এইবাৰ আমি খোঁজ দিলো ঘাইপথৰ ইটো পাৰে থকা অৰণ্যৰ অংশটোত৷ দেখা পালো, ইফালে সিফালে পৰি ৰোৱা বহুতো সৰু-বৰ গছ৷ তিনিশ বছৰৰ পূৰ্বে অহা ধুমুহা আৰু জুইত কৰ্ফাল খাই পৰা গছবোৰে যেন এতিয়াও ধৰি ৰাখিছে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে সেই যুঁজৰ প্ৰতিচ্ছৱি৷ সেই শেষ হ’ব ধৰা জীৱনৰ ওপৰতে ভৰষা কৰি পচিব ধৰা কুণ্ডাবোৰৰ ওপৰত মূৰ দাঙি উঠিছে হেমলকৰ গছবোৰ৷ ইয়াৰ বনাঞ্চলত হেমলক গছৰ এনে সুবিধাবাদী ৰূপ তেনেই পৰিচিত৷ প্ৰকৃতিৰ প্ৰত্যেক প্ৰজাতিৰ জীয়াই থকাৰ ভিন্ন সংগ্ৰাম, ভিন্ন কৌশল! 


কেথিড্ৰেল গ্ৰভৰ এটা বাটত


ধুমুহাত কৰ্ফাল খাই পৰা এজোপা বিশাল গছৰ শিপা


ইংলিছমেন নদীৰ জলপ্ৰপাত

সিদিনাই নানাইম’লৈ উভতনি যাত্ৰাত চালোগৈ ইংলিছমেন নদীৰ জলপ্ৰপাত৷ 
ইংলিছমেন নামৰ নদীয়ে সৃষ্টি কৰা এই জলপ্ৰপাত ইংলিছমেন ৰিভাৰ প্ৰাদেশিক উদ্যানৰ ভিতৰত পৰে৷ ৷ শুনামতে এই নদীতে হেনো বহুবছৰ পূৰ্বে খিলঞ্জীয়া লোকসকলে শ্বেতাংগ লোক এজনৰ মৃতদেহ পাইছিল৷ তাৰপৰাই নদীখন আৰু জলপ্ৰপাতটোৰ নামো ’ইংলিছমেন’ হৈ পৰিল৷


ইংলিছমেন নদীৰ জলপ্ৰপাত


নদীৰ পানীয়ে সেইখিনিতে এক গভীৰ গিৰিখাত (canyon) সৃষ্টি কৰিছে৷ তাৰ পৰাই অৰণ্যৰ মাজেৰে বহুতো হাবিতলীয়া বাট৷ তাত ট্ৰেকিং আৰু মাউন্টেইন বাইকিঙৰ সুবিধা কৰি দিছে প্ৰাদেশিক উদ্যানৰ কৰ্তৃপক্ষই৷ তেনে এটা বাটেৰেই আমিও কিছুদূৰ খোজ দিলো৷ বাটৰ চাৰিওদিশে একেই সুউচ্চ ডগলাছ ফাৰ, চিডাৰ, হেমলক আৰু মেপলৰ বৰ্ষাৰণ্য৷ আমি দুয়ো থৰ লাগি চালো আকাশৰ সলনি অৰণ্যৰ পাতৰ সেই সেউজীয়া আচ্ছাদন, বৰ হেঁপাহেৰে উশাহত টানি ল’লো নিৰ্মল বতাহজাক, সেই অৰণ্যৰ সজীৱতা৷ প্ৰকৃতিৰ অপূৰ্ব ৰং-ৰূপেৰে দেহ-মন ওপচাই লৈ নানাইম’লৈ বুলি গাড়ী এৰি দিলো৷

অৰণ্যৰ বাটেৰে মই


ক্ৰমশ:

Saturday, 24 July 2021

নিৰৱধি

’দেউতা, শুই উঠিলানে? বাহিৰলৈ ওলাই এবাৰ চোৱাচোন৷’

পুৱাতে ফোনত মিলিৰ এই আব্দাৰটো শুনি পদ্মকান্ত বৰুৱা অলপ আচৰিত হ’ল৷ চিৰাচৰিত নিয়ম অনুসৰি তেওঁ শুই উঠি চাহ একাপ কৰি লৈছিলহে৷ পত্নী তুলু তেতিয়াও বিছনাতে৷ তেওঁ বিছনা এৰালৈ পদ্মকান্ত বৰুৱাই গা ধোৱা ঘৰত গিজাৰৰ চুইচটো অন কৰে আৰু পাকঘৰত সৰহকৈ আদা দিয়া ফিকা চাহ দুকাপ সাজু কৰে ৷ তাৰপিছত নিজৰ চাহকাপ আৰু দিনটোৰ বাতৰি কাকতখন লৈ পদ্মকান্তই বেলকনিৰ চকীখনত বহেহি৷ তেওঁ চাহত কেইশোহামান মাৰে মানে ইতিমধ্যে গৰম হোৱা পানীৰে গা পা ধুই আহি তুলুও বহেহি৷ চাহকাপ অলপ কুহুমীয়াকৈহে খোৱাৰ অভ্যাস তুলুৰ৷ বাতৰি কাকত পঢ়াৰ মাজে মাজে দুয়ো ইটো সিটো কথা পাতে৷ অন্যথা দুয়ো প্ৰায় নীৰৱেই উপভোগ কৰে পুৱাৰ এইখিনি সময়৷ এয়া বেছ কিছুবছৰ ধৰি চলি অহা তেওঁলোকৰ নিত্য নৈমিত্তিক ৰুটিন৷

পিছে আজিৰ দিনটো এটা বিশেষ দিন! পদ্মকান্ত আৰু তুলু দুয়ো হয়তো আশা কৰিয়ে আছিল মিলি, প্ৰদীপ আৰু দিলীপ সকলোৰে ফোনৰ বাবে৷ গতিকে মিলিৰ এই দোকমোকালি পুৱাৰ আব্দাৰটোও আজিৰ বিশেষ দিনটোৰে এটা অংশ বুলি পদ্মকান্তই বুজি পালে৷ মিঠা হাঁহি এটাৰে তেওঁ ফোনটো কাণত লৈয়ে বেলকনিখনলৈ ওলাই আহিল৷ ইতিমধ্যে বিছনা এৰি উঠি অহা তুলুক চকুৰ ইংগিততে ক’লে,

’তোমাৰ চাহকাপ পাকঘৰতে সজাই থৈ আহিছো ৷’

’সম্প্ৰাপ্তি ভিলা’ৰ চতুৰ্থ মহলাত পদ্মকান্ত আৰু তুলু বৰুৱাৰ এপাৰ্টমেন্টৰ এই সৰু বেলকনিখন৷ বেলকনিৰ সোঁমাজতে এখন টেবুল৷ চাহগছৰ অকোঁৱা পকোৱা ঠানিৰ খুঁটিয়ে তুলি ধৰা কাঁচৰ ঘুৰণীয়া টেবুলখন খুউব ডাঙৰো নহয়, সৰুও নহয়৷ টেবুলখনৰ আকাৰটো এই সৰু বেলকনিৰ ঠাইখিনিৰ লগত খাপখোৱাকৈ কৰা যেন৷ বন্ধু মহেশে তেওঁৰ চাহ বাগানৰ নিপুণ শিল্পীৰ হতুৱাই কৰোৱা এই টেবুলখন পদ্মকান্ত আৰু তুলুৰ বিয়াত উপহাৰ দিছিল৷ টেবুলখনৰ দুকাষে দুখন আৰামী চকী৷ তাৰ বাহিৰে সমগ্ৰ বেলকনিখন ভৰি আছে সৰু-ডাঙৰ টাবেৰে৷ টাববোৰত ঠন ধৰি উঠিছে পদ্মকান্ত আৰু তুলুৰ ফুল আৰু শাকনিৰ বাঁৰী এখন- এই কংক্ৰিটৰ অৰণ্যত তেওঁলোকে বৰ হেঁপাহেৰে গঢ়ি তোলা এখিনি সেউজীয়া৷

তেওঁলোকৰ বেলকনিখন অট্টালিকাটোৰ মূল প্ৰবেশদ্বাৰৰ মুখে মুখে নাথাকিলেও বাওঁফালৰ চুকটোৰ পৰা সেই গেইটখন আৰু তাৰ সিপাৰৰ বাটটোৰ কিছু অংশ স্পষ্টকৈ দেখা পায়৷ এতিয়া সেই চুকটোৰ টাববোৰৰ সুৰুঙাৰে গৈ ইন্দ্ৰমালতী আৰু পেন্সি ফুলৰ ডাঙৰ টাব দুটাৰ কাষত থিয় দি পদ্মকান্তই গেইটখনলৈ চাই পঠিয়ালে৷

কলা বিশাল গেইটখনৰ ঠিক বাহিৰতে মিলি আৰু সঞ্জীৱ সিহঁতৰ ৰঙা হোণ্ডা চিটি গাড়ীখনৰ কাষত থিয় দি আছে! ছবছৰীয়া নাতি মুকুলে গাড়ীৰ হুদত বহি লৈ দাঙি ধৰিছে তিনিটামান ৰঙা-বগা বেলুন৷ সিহঁতৰ চকুৱে চকুৱে পৰাত পদ্মকান্তই হাঁহি পেলালে৷ ইতিমধ্যে তুলুও চাহকাপ লৈ বেলকনি পাইছেহি৷

মিলি আৰু সঞ্জীৱ দুয়োয়ে তেওঁলোকলৈ চাই হাত জোকাৰিলে৷ ফোনতে দুয়ো একেলগে ক’লে,

’হেপ্পী এনিভাৰ্ছেৰী মা-দেউতা! আজি সন্ধিয়া ভালকৈ সাজি পাৰি ওলাই থাকিবা দেই৷ পৰিয়ালৰ গোটেইবোৰ স্কাইপত আহিব৷’

লগে লগে মুকুলৰো উলাস ভৰা মাত, ’হেপ্পী এনিভাৰ্ছেৰী ককা-আইতা’! দূৰৈৰ পৰাই সি বেলুনকেইটা জোকাৰি দেখুৱালে৷

পদ্মকান্ত আৰু তুলুয়ে হাত জোকাৰিলে সিহঁতলৈ চাই৷ ফোনতে তুলুয়ে ক’লে,

’ইমান ৰাতিপুৱাই সাজু হৈ গোটেইকেইটা ওলাইছাহি! ঘৰলৈকে আহা বুলিও যে ক’ব নোৱাৰোঁ!’

ক’ভিডৰ লকডাউনৰ বাবে বাংগালোৰৰ এই বয়োজ্যেষ্ঠ আৱাসত আৱাসীসকলৰ বাহিৰে অন্যৰ প্ৰবেশ নিষেধ৷ নিজৰে জী-জোৱাই আৰু নাতিটো এই বিশেষ দিনটোত ইমান ওচৰত থাকিও ইমান দূৰৈত বুলি তুলুৰ মনটো যেন সেমেকিব খুজিলে৷ এনেতে তেওঁ কান্ধত অনুভৱ কৰিলে পদ্মকান্তৰ হাতৰ স্পৰ্শ৷

’কি কৰিবা, উপায়তো নাই! পৃথিৱী খনেইতো ৰৈ গৈছে! পৰিয়ালৰ সকলোবোৰ যে নিৰাপদে আছে, আমি যে ভালে আছোঁ, সেয়াই বৰ ডাঙৰ কথা দিয়াচোন৷’

তুলুয়ে একো নকৈ মূৰ দুপিয়ালে মাথোঁ৷ মিলিহঁতৰ গাড়ীখন তেওঁলোকৰ চকুৰ আঁৰ হৈছে ইতিমধ্যে৷ দুয়ো আহি বেলকনিতে চকীত বহিলহি৷ তুলুৰ মুখৰ পৰা হতাশাৰ ছাঁ তেতিয়াও আঁতৰা নেদেখি পদ্মকান্তই মনতে যেন ঠিক কৰিলে, অন্তত: আজিৰ দিনটোত তেওঁ তুলুক আমন-জীমনকৈ থাকিবলৈ দিব নোৱাৰে৷ চাহকাপত শোহা এটা মাৰি লৈ তেওঁ উৎসাহেৰে ক’লে,

’এতিয়া টেকন’লজিয়ে মূল ভৰসা বুজিছা৷ এই নতুন অচিনাকি পৃথিৱীখনত জীৱনটো চলাই নিবলৈ আমি শিকিব লাগিব- খা-খৱৰ ল’বলৈ দিবলৈ নতুন উপায়বোৰো আপোন কৰিব পাৰিব লাগিব৷ ভিডিঅ’ কল এটা কৰিয়ে সকলোকে মুহুৰ্ত্ততে দেখা পাইছোঁ- কথা পাতিব পাৰিছোঁ, সেয়া জানো সাংঘাতিক কথা নহয়?’

তুলুয়ে এইবাৰ অলপকৈ হাঁহি ক’লে,

’তুমি জানাই দেখোন, মই এতিয়াও পুৰণি ধৰণবোৰৰ মায়া এৰিব পৰা নাই৷ ভিডিঅ’ কলৰ সলনি মুখামুখিকৈ কথা পতা, ফোন বা কীবৰ্ডত হাত ফুৰাই থকাতকৈ চিঠিৰ দুশাৰী কথাই দিয়া মাদকতাখিনিৰ কাৰণেহে হেঁপাহ কৰি থাকোঁ৷’

পদ্মকান্ত কিছুপৰ নীৰৱে ৰ’ল৷ তেওঁৰ মনত পৰিল, সৌ তাহানিতে তুলুৰ চিঠিয়ে আনি দিয়া হৃদয়ৰ কঁপনিবোৰ, আবেগৰ উখল-মাখল ঢৌবোৰ! সঁচাই, ইমান বছৰৰ পিছতো সেই সোঁৱৰণিয়ে তেওঁৰ দেহ-মনত এতিয়াও শিহৰণ আনি দিব পাৰে, সাতোৰঙী পখিলা উৰুৱাব পাৰে ৷ তথাপিও তুলুক বুজনি দিয়াৰ সুৰতে তেওঁ ক’লে,

’জানো৷ কিন্তু এতিয়াতো উপায় নাই৷ আমাৰ হাতত থকা উপায়বোৰকে আপোন কৰি লোৱাৰ বাহিৰে কি কৰিব পাৰোঁ কোৱাচোন! এই সংকটৰ সময়ত অন্তত: আমি দুয়ো ইটো সিটোৰ ছাঁ হৈ ৰ’ব পাৰিছোঁ৷’

তুলুৰ মুখত এইবাৰ মধুৰ হাঁহি এটা বিৰিঙিল৷ তেওঁ কৈ উঠিল,

’এতিয়াহে নে! আজি ছল্লিশটা বছৰেতো আমি তেনেকৈয়ে আছোঁ৷’

বৰুৱাই সেই মধুৰ হাঁহিটোলৈ চাই ৰ’ল৷ চাই চাই কিছু অন্যমনস্ক হৈ পৰিল তেওঁ৷ ইমান মনোৰম, ইমান শান্ত-সমাহিত তুলুৰ সেই দৃষ্টি, সেই হাঁহি৷ যোৱা চাৰিটা দশকত তেওঁলোকৰ জীৱন আকাশে যে কতবাৰ ৰূপ সলাইছে, কত ৰ’দ-বৰষুণ-ধুমুহাই খেলা কৰি গৈছে এই যুগ্ম জীৱনত! কিন্তু সেই সকলোবোৰৰ মাজত এক অনাবিল প্ৰশান্তিৰ ছায়া হৈ ৰৈছে তুলুৰ এই দৃষ্টি আৰু এই মৌসনা মিচিকিয়া হাঁহি!

সিদিনা সন্ধিয়া ঠিক সাত বজাত দুয়ো লেপটপৰ সন্মুখত বহিল৷ ক্ষন্তেকতে স্ক্ৰীণত ভাঁহি আহিল মিলিৰ হাঁহিভৰা মুখ৷

’তোমালোক দুয়োকে বৰ ভাল দেখাইছে দেই৷’

তাইৰ কথাত পদ্মকান্ত আৰু তুলু দুয়োৰে মুখ দুখন যেন ৰামধেনুৰ ৰঙেৰে ৰাঙলী হৈ উঠিব খুজিলে৷ তুলুৰ দেহত নীলা পাটৰ কাপোৰ এযোৰ৷ নীলাৰ মাজত সোণালী সৰু সৰু ফুল৷ তেওঁৰ কাষতে বহি পৰা পদ্মকান্তৰ শুধ বগা পাটৰ পাঞ্জাৱীটোৱে যেন ব্যাকুল হৈ বিচাৰিলে সেই ৰঙৰ উৎসৱ! শেষবাৰ মাজু ল’ৰা প্ৰদীপৰ বিয়াতে দুয়ো এই সাঁজেৰে অতিথি আদৰিছিল৷ তাৰপিছত যোৱা দুবছৰে যেন তেনেদৰে সাঁজোন কাঁচোন কৰাৰ অৱকাশেই নোলাল! জীৱনৰ ৰংবোৰ দৈনন্দিন ব্যস্ততাৰ অজুহাতত এনেকৈয়ে অজনিতে হেৰাই যায় নেকি বাৰু, পদ্মকান্তই মনতে ভাৱিলে৷

স্কাইপৰ একোণৰ পৰা ভাঁহি অহা প্ৰদীপ আৰু এমিৰ দ্বৈত কন্ঠই দুয়োকে বাস্তৱলৈ উভোতাই আনিলে৷ সুদুৰ কেলিফৰ্ণিয়াত তেতিয়া ৰাতি পুৱাইছে মাথোঁ৷ এমিয়ে এমোকোৰা হাঁহিৰে আঙুলীয়াই দেখুৱালে সিহঁতৰ বহা কোঠাৰ বেঁৰাত আঁৰি থোৱা নীলা আৰু বগা বেলুনৰ থোপাটো- তাৰ কাষতে সোণালী আখৰকেইটা ’হেপ্পী এনিভাৰ্ছেৰী৷’

কিছুসময়ৰ ভিতৰতে স্কাইপৰ স্ক্ৰীণখন আপোন মানুহবোৰৰ প্ৰতিচ্ছৱিৰে ভৰি পৰিল৷ তেজপুৰৰ পৰা ডাঙৰ ল’ৰা দিলীপ, পত্নী মাধুৰী, দিল্লীৰ পৰা দিলীপ আৰু মাধুৰীৰ ছোৱালী পৰী, গুৱাহাটীৰ পৰা পৰীৰ ককায়েক ধ্ৰুৱৰ পৰিয়াল৷

সকলোকে একেলগে দেখি পদ্মকান্ত কিছু আবেগিক হৈ পৰিল যেন৷ অন্যসময়ত কাৰোৱাৰ মিলিলে অন্য কাৰোৱাৰ সময় বা আহৰি নোলায়৷ এতিয়া অন্তত: মিলিৰ উৎসাহতে স্কাইপত সকলো লগ হৈছেহি৷ প্ৰদীপৰ বিয়াতে হয়তো গোটেই পৰিয়ালটো শেষৰবাৰ এনেকৈ একেলগ হৈছিল৷ তেজপুৰৰ মূলঘৰ উখল মাখল হৈ পৰিছিল৷ তাৰপিছতে মানুহবোৰ যেন দিহিঙে দিপাঙে হেৰাই গৈছিল৷ প্ৰদীপ আৰু এমি গুচি গৈছিল সুদুৰ কেলিফৰ্ণিয়াৰ কৰ্মক্ষেত্ৰলৈ৷ পদ্মকান্ত আৰু তুলুয়ে তেজপুৰৰ মূল ঘৰ ডাঙৰ ল’ৰা দিলীপ আৰু বোৱাৰী মাধুৰীক চমজাই গুচি আহিছিল বাংগালোৰৰ এই বয়োজ্যেষ্ঠ আৱাসলৈ৷

’মা-দেউতা, তোমালোক এই বয়সত ইমান দূৰৈত কিয় থাকাগৈনো? অৱসৰৰ পিছত ইয়াতে সকলোৰে মাজত থাকি আৰাম কৰিব পাৰা৷’ তেওঁলোক বাংগালোৰলৈ যোৱাৰ সকলো যা-যোগাৰ হৈ উঠাৰ পিছতো দিলীপে ক্ষীণ আশা এটা লৈয়ে দেউতাক পদ্মকান্তক কৈছিল৷

পিছে পদ্মকান্ত আৰু তুলুৱে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছিল৷ জীৱনৰ শেষ দিনটোলৈকে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ স্বাধীন চিতীয়াকৈ থাকিব খোজে তেওঁলোকে৷ দুয়ো বাংগালোৰত বহু বছৰ চাকৰি কৰিলে৷ কেইবাবছৰ ধৰি সামাজিক প্ৰতিষ্ঠানৰ সৈতে মিলি দুয়ো উত্তৰ-পূবৰ পৰা প্ৰব্ৰজন কৰা ডেকা-গাভৰুক সংস্থাপনৰ বাবে কাম কৰি আহিছে৷ দেহ-মনে টনালৈকে দুয়ো সেইখিনি কামকে কৰি যাব খোজে৷ বাংগালোৰত জী-জোৱাই মিলি আৰু সঞ্জীৱৰো সংসাৰ৷ গতিকে সিহঁতৰ পৰা অলপ দূৰৈতে এই সম্প্ৰীতি বয়োজ্যেষ্ঠ আৱাসত এপাৰ্টমেন্ট এটা ঠিক কৰি পেলাইছিল দুয়ো৷ এই বয়োজ্যেষ্ঠ আৱাস অন্য যিকোনো সাধাৰণ এপাৰ্টমেন্টৰ দৰেই, কিন্তু প্ৰয়োজন হ’লেই পোৱাকৈ স্বাস্থ্য পৰীক্ষাৰ সুবিধা আৰু অন্য ইটো সিটো কামৰ বাবে লাগ বুলিলেই সহায় পোৱা যায়৷ লগতে ৰুচি অনুযায়ী বয়স্ক লোকৰ কেইবাটাও সক্ৰিয় ক্লাব৷ পদ্মকান্তৰ সৈতে একেসময়তে অৱসৰ লোৱা সহকৰ্মী ৰংগনাথনৰ এইবোৰ কথাই দুয়োকে পতিয়ন নিয়াইছিল৷

মিলিয়ে সদায়ে উৎসৱ-পাৰ্বনত আগভাগ লয়৷ গহীন-গম্ভীৰ স্বভাৱৰ দুয়োটা ককায়েকৰ সম্পূৰ্ণ বিপৰীত যেন তাই! য’তেই নাথাকক তাইৰ স্ফূৰ্ত্তিবাজ স্বভাৱটোৰে পৰিৱেশটো গমগমাই ৰাখে মিলিয়ে৷ আজিও কুশল বাৰ্ত্তা বিনিময়ৰ লগে লগে স্বাভাৱিকভাৱেই আৰম্ভ হোৱা লকডাউনৰ সেমেকা আলোচনাৰ মাজত তায়ে হস্তক্ষেপ কৰিলেহি,

’আজি মা-দেউতাৰ এনিভাৰ্ছেৰীৰ দিনা অন্তত: সেইবোৰ নাপাতো দিয়াচোন৷ ক’ভিড আৰম্ভ হোৱাৰ পৰা সেইবোৰকে দিনে-ৰাতিয়ে পাতিছোঁ৷ আজিৰ দিনটোত বাদ দিয়া সেইবোৰ৷’

দিলীপ আৰু প্ৰদীপেও সঁহাৰি দিলে৷ কিমান পাতিব, কিমান পঢ়িব ক’ভিডৰ কথা! পাতি পাতি জানো কিবা সমাধান উলিয়াব পাৰিব৷ সকলোৱে কৰিব পৰা এটাই আছে, নিজকে আৰু নিজৰ আপোনজনক বচাই ৰখা- যিমান পাৰি সাৱধান হৈ, শৰীৰটোৰ যত্ন লৈ৷

মিলিৰ আগতীয়া পৰিকল্পনা মতেই প্ৰত্যেকেই কেক এটুকুৰা মুখত ল’লে৷ মাক তুলুৱে কৰা গাজৰৰ কেকৰ ৰেচিপি লৈ সকলোৱে নিজৰ নিজৰ ঘৰতে কৰা কেক৷ তাকে দেখি তুলুৰ বুকুখন ভৰি পৰিল-মাতৃত্বৰ আবেগেৰে, এবুকু মৰমেৰে৷

দিলীপে ক’লে,
’চোৱাচোন৷ আজিৰ পৰা ছল্লিছ বছৰৰ আগতে তোমালোকে বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ পৰাই ঠালে-ঠেঙুলীয়ে আজি আমি কিমানবোৰ হ’লোহি!’

’পুলিয়ে-পোখায়ে!’ কৈয়ে ধ্ৰুৱই তাৰ কোলাত বহি কেমেৰালৈ তধা লাগি চাই থকা এবছৰীয়া আজো নাতি ৰুণালৈ দেখুৱাই হাঁহিলে৷ তাৰ লগতে সুৰত সুৰ মিলাই মিলি আৰু সঞ্জীৱে কোলালৈ আনি কেমেৰাৰ সন্মুখত দেখুৱালে মুকুলক৷

সঁচাকৈ! জীৱনৰ এনে একোটা সিদ্ধান্তই যেন বহুতৰ অজানিতেই চিৰ যুগমীয়া বাট এটা মুকলি কৰি থৈ যায়৷ দুটা সত্বা এক হৈ জীৱনৰ বাটত একেলগে খোজ দিয়াৰ সিদ্ধান্ত কৰাৰ পৰাই কেনে এক নতুন আৰম্ভণিৰ সূত্ৰপাত হ’ল৷ আজীৱন মৰম আৰু আপোনত্বৰ বান্ধোনেৰে সাৰ-পানী যোগাই তেওঁলোকেইতো প্ৰতিপালন কৰিলে এই কেইবাটও প্ৰজন্মৰ জীৱন-বৃক্ষ!

পৰীয়ে ধেমেলীয়া সুৰেৰে ক’লে,

’ককা-আইতা, কোৱাচোন অতবছৰৰ সুখী যুগ্ম জীৱনৰ ৰহস্যটোনো কি? আমিবোৰেও জনাৰ দৰকাৰ!’

পৰীৰ বিয়া ঠিক হৈছে তাইৰ লগতে দিল্লীৰ ল’ ফাৰ্ম এখনত একেলগে চাকৰি কৰা সুধীৰৰ সৈতে৷ সেইবাবেই হয়তো ককাক-আইতাকৰ সৈতে এটা বিশাল প্ৰজন্মৰ ব্যৱধান দেও দি হ’লেও তাই জানিব খুঁজিলে, কি সেই যাদুস্পৰ্শ যি দুজন ভিন্ন ব্যক্তিৰ জীৱনৰ বাট এক কৰিব পাৰে, সকলো ধুমুহা-বৰষুণ দেও দি আজীৱন বান্ধি ৰাখিব পাৰে নিবিড়তাৰ বান্ধোনেৰে৷

পদ্মকান্ত আৰু তুলু দুয়ো মিঠা হাঁহি এটাৰে পৰস্পৰে পৰস্পৰলৈ চালে৷ চাৎকৈ যেন তেওঁলোকৰ দুয়োৰে মনৰ পৰ্দাইদি খৰ গতিৰে চলি গ’ল কেমেৰাৰ ৰীল এটা! কি এক অপৰূপ যাত্ৰা এয়া! এই যাত্ৰাক জানো শব্দৰে বীজগণিতৰ এটা সমীকৰণত পৰিণত কৰিব পাৰি? ক’ব পাৰিনে যে বাওঁপক্ষৰ ৰাশিত দুটামান চলকৰ নিৰ্দিষ্ট পৰিমাণ কিছুমানে নিশ্চিত কৰি দিব সোঁপক্ষৰ ৰাশিত ৰৈ থকা সুখী সংসাৰ এখনৰ আশা এটা?

অন্য দিনাৰ দৰেই তুলুৰ মুখখনতে তেওঁৰ অনুভৱৰ ঢৌবোৰ যেন পদ্মকান্তই নিমিষতে পঢ়ি পেলালে৷ কান্ধত পদ্মকান্তৰ হাতৰ কোমল স্পৰ্শতে তুলুয়ে বুজি পালে, তুলুৰ দৰেই তেৱোঁ ভাৱে এই যুগ্ম জীৱন এক যাত্ৰা- এয়া কোনো সম্পৰ্কৰ অন্তিম লক্ষ্য নহয়৷ জীৱনৰ কেঁকুৰিবোৰ, ধুমুহা-বৰষুণ সকলো পাৰ কৰি এই যাত্ৰা অবিৰত আৰু উপভোগ্য কৰিব পাৰে মাথোঁ পাৰস্পৰিক সন্মান, বিশ্বাস আৰু বুজাবুজিয়ে৷ কিন্তু এয়া প্ৰত্যেকৰে নিজস্ব এক যাত্ৰাৰ, নিজস্ব অভিজ্ঞতাৰ উপলব্ধি- অন্য কাৰো সৈতে তুলনা কৰিব নোৱাৰা এক সমান্তৰাল অদ্বিতীয় যাত্ৰাৰ উপলব্ধি৷ পৰীয়েও এদিন নিজেই সেয়া যাত্ৰাৰ বিভিন্ন পৰ্য্যায়ত এটুকুৰা দুটুকুৰাকৈ সেই সাঁথৰৰ সমিধান উলিয়াব -নিজেই উপলব্ধি কৰিব কিহে ধৰি ৰাখে দুটা সম্পূৰ্ণ স্বকীয় সত্বাক আপোনত্বৰ বান্ধোনেৰে৷

সেয়ে পদ্মকান্তই হাঁহি হাঁহি ক’লে,

’মোৰ ফালৰ পৰা তিনিটা উপদেশ দিব পাৰোঁ, প্ৰথম, সদায়ে সহধৰ্মিনীক ৰাতিপুৱাৰ চাহ কাপ দিবা৷ নেভাৰ টেক এনিথিং ফৰ গ্ৰান্টেড! দ্বিতীয়, নিশা বিছনালৈ কেতিয়াও ইজনে সিজনৰ প্ৰতি খং-ক্ষোভ-অভিমান লৈ নাযাবা- যি মনত আছে সকলো পাতি মুকলি মনৰেহে বিছনাত পৰিবা৷’

’আৰু তিনি নম্বৰ উপদেশটো?’- ধ্ৰুৱই মাত লগালে৷

’এইটো মূল আৰু তোমালোক সকলোৱে আগতে শুনিছাই কিজানি- ঘৰৰ গৃহিণী সদায়ে সকলো কথাতে শুদ্ধ!’

লগে লগে সকলোৰে সন্মিলিত হাঁহিত স্কাইপ উথলি উঠিল৷

সিদিনা সেই হাঁহি-ধেমালিৰ মাজত কোনেও ভৱা নাছিল কি এক কাল ধুমুহা নামি আহিব পৰিয়ালটোলৈ আৰু কেনিবা হেৰাই যাব সেই হাঁহিবোৰ!

তাৰ এমাহ নহৌতেই এনিশা মাধুৰীৰ ফোন৷ উচুপনিৰ মাজে মাজে ওলোৱা শব্দ কেইটাৰ পৰা পদ্মকান্ত আৰু তুলুৱে গম পালে, দিলীপৰ ক’ভিড পজিটিভ, গুৱাহাটীত আই চি ইউত ভৰ্ত্তি হৈছে৷ সেই এটা সপ্তাহতে এটা এটাকৈ অশুভ বাতৰিবোৰে যেন লানি লগালে৷ বাৰে বাৰে বাজি উঠা ফোনৰ শব্দত প্ৰত্যেকৰে হৃদয়বোৰ দুশ্চিন্তা-আশংকাৰে কঁপি উঠিল৷ দুদিনতে দিলীপৰ অক্সিজেনৰ মাত্ৰা বিপদজনকভাৱে কমি যোৱাত কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰিব লগা হ’ল৷ সুস্থ সবল দিলীপকে এসপ্তাহতে জুৰুলা কৰি পেলালে সেই ক্ষুদ্ৰাতিক্ষুদ্ৰ ভাইৰাছৰ আক্ৰমণে৷ দহদিনৰ অন্তত এৰাতি মাজনিশা মাধুৰীৰ হিয়াভঙা কান্দোনে ফোনৰ ইপাৰে প্ৰত্যেকেৰে হৃদয়বোৰ ছিন্নবিছিন্ন কৰি গ’ল৷ তেওঁলোকৰ বৰপুত্ৰ দিলীপ হেৰাই গ’ল চিৰদিনলৈ৷ পদ্মকান্ত আৰু তুলুৰ হৃদয়ৰ একাংশ যেন গোট মাৰি শিল হৈ গ’ল সেইমুহুৰ্ত্ততে৷

অসমৰ কঠোৰ কাৰ্ফিউৰ মাজত দিলীপৰ শ্ৰাদ্ধ পতাৰো সুৰুঙা নাথাকিল৷ পৰী আৰু ধ্ৰুৱ কোনোমতেহে ঘৰ ওলালগৈ মাকৰ কাষত থিয় দিবলৈ, দেউতাকক শেষবাৰৰ বাবে বিদায় জনাবলৈ৷ ভাগ্যক্ৰমে মাধুৰীৰ নিগেটিভ আহিল৷ পদ্মকান্ত আৰু তুলু শোকত ম্ৰিয়মাণ হৈ বাংগালোৰতে ৰ’ল৷ বয়সৰ বাবে দুয়োৰে দেহৰ প্ৰতিৰোধ ব্যৱস্থা দুৰ্বল হোৱাত কাৰো সংস্পৰ্শলৈ আহি বিপদাশঙ্কা বঢ়াব নোৱাৰিলে৷

এমাহ পাৰ হৈ গ’ল৷ কিন্তু সময় যেন স্থিৰ হৈ গ’ল বাংগালোৰৰ বয়োজ্যেষ্ঠ আৱাসত আবদ্ধ পদ্মকান্ত আৰু তুলুৰ বাবে৷ দুয়ো মাথোঁ সকলোৰে পৰা বিছিন্ন হৈ নীৰৱে অপেক্ষা কৰিলে দিলীপবিহীন পৃথিৱীখন বাস্তৱ বুলি হৃদয়ে মানি লোৱালৈ, এই মৰ্মান্তিক আঘাত সহনীয় হোৱালৈ৷

এদিন মিলিয়ে জোৰ কৰি মাক-দেউতাকক আগৰদৰে বেলকনিলৈকে মাতিলে আকৌ৷ বহুদিনৰ মূৰত পুৱাৰ ৰ’দজাকৰ মুখামুখি হ’ল যেন তুলু আৰু পদ্মকান্ত৷ গেইটৰ মুখৰ পৰাই তেওঁলোকলৈ হাত জোকাৰি জোকাৰি মিলিয়ে কান্দি পেলালে৷ পদ্মকান্ত আৰু তুলুয়ে কোনোমতে সামৰি ৰাখিলে পাৰ ভঙা চকুলোৰ বান৷ মিলি আৰু সঞ্জীৱ উভতি যোৱাৰ পিছতো বহুপৰ পদ্মকান্ত আৰু তুলু থিয় দি ৰ’ল বেলকনিতে৷ এটা সময়ত পদ্মকান্ত ভিতৰ সোমাল কিন্তু তুলু আহি বহি পৰিল ঘুৰণীয়া টেবুলখনৰ কাষত তেওঁৰ চকীখনত৷ যত্নৰ অভাৱত লেৰেলি মৰহি যোৱা বাগানখনলৈ তেওঁ অপলক নেত্ৰে চাই ৰ’ল৷

’তোমাৰ চাহ!’

পদ্মকান্তৰ মাতে তেওঁৰ তন্ময়তা ভাঙিলে৷ তেওঁৰ হাতৰ পৰা চাহকাপ লৈ তুলু যেন মূক হৈ পৰিল- দিলীপ হেৰাই যোৱাৰ পিছত এই প্ৰথমবাৰ তেওঁক যেন এটা স্বস্তিয়ে লগ দিলে৷ গতানুগতিক জীৱনৰ ৰেঙণিয়ে আনি দিয়া স্বস্তি৷ বহুদিনৰ মূৰত দুয়ো পৰস্পৰে পৰস্পৰৰ দুচকুলৈ চালে৷ পদ্মকান্ত আহি তুলুৰ কাষৰ চকীখনত বহি পৰিল আৰু আগৰদৰেই একো নোকোৱাকৈয়ে বহু কথা হৈ গ’ল দুয়োৰে মাজত৷

সেইদিনাৰে পৰা পুৱাতে দুয়ো প্ৰায় জোৰ কৰিয়ে ওলাই আহি বেলকনিত আগৰদৰে বহিবলৈ ল’লে৷ একো কথা নাপাতিলেও, শোকত ডুবি থাকিলেও দুয়ো দুয়োৰে কাষত বহি ৰয়৷ কেতিয়াবা ইজনে সিজনৰ হাতত খামুচি ৰয় জোৰেৰে৷ পদ্মকান্তই আগতকৈ বহু নিষ্ঠাৰে আৰু আন্তৰিকতাৰে চাহ দুকাপ কৰিবলৈ ল’লে৷ যেন বছৰ বছৰ ধৰি চলি অহা তেওঁলোকৰ দৈনন্দিন ৰুটিনখনকে দুয়ো ডুবিব ধৰা মানুহে খেৰকুটাক সাবটি ধৰাৰ দৰে ধৰি ওলমি ৰ’ল৷ যেন এটা স্থিৰতা, এক নিশ্চিতি এই অস্থিৰ অপ্ৰত্যাশিত সমুদ্ৰত য’ত তেওঁলোকে নিৰ্ভৰ কৰিব পাৰে৷

এনেকৈয়ে এদিন চাহকাপ শেষ কৰিয়েই উঠি গৈ তুলুৱে অযত্নপালিত টাববোৰত হাত দিলেগৈ৷ বয়স গৰকা পাতবোৰ আঁতৰাই তেওঁ অৱহেলাত সুৰুঙা পাই গজি উঠা বনবোৰো উঘালি তুলসীজোপাক উশাহ ল’বলৈ বাট উলিয়াই দিলে৷ গছজোপা দেখি তেওঁৰো যেন উশাহটো অলপ মুকলি হৈ গ’ল৷ প্ৰতি দেওবাৰে মিলিও নিয়মীয়াকৈ আহিবলৈ ল’লে৷ গাড়ীখন গেইটৰ বাহিৰৰ সেই একেখন ঠাইতে ৰখাই লৈ তাই মাক-দেউতাকক মাত লগায়৷ মুকুল কিমান খৰকৈ ডাঙৰ হৈছে দেখুৱায়৷ কেতিয়াবা তেনেকৈয়ে কথা পাতি পাতি ফোনত কেতিয়া দুঘন্টাৰ ওপৰ পাৰ হৈ যায় তেওঁলোকে গম নাপায়৷

বাংগালোৰত লকডাউন সাময়িকভাৱে লাঘৱ কৰাৰ সময়তে এদিন তেওঁলোকলৈ ’সম্প্ৰাপ্তি ভিলা’ৰ ৰিচেপশ্যন ডেস্কৰ পৰা ফোন আহিল৷ ক’ভিডৰ সঞ্চাৰণ ৰোধাৰ সকলো বৰ্মৰে পৰিবেষ্টিত হৈ পদ্মকান্ত লিফটেৰে ৰিচেপশ্যন ডেস্ক পালেগৈ৷ আৰু উভতি অহাৰ পৰত লগতে লৈ আহিল এখন চাইকেল!

তুলুৱে তেওঁক দেখি আশ্চৰ্য্যচকিত হৈ ক’লে,
’চাইকেল? আপুনি এই বয়সত চাইকেল চলাব? পেডেল মাৰি মাৰি ক’ত চলাবগৈ এই সময়ত?’

’নাই এইখন ইলেকট্ৰিকহে, চাৰ্জ কৰিলেই হ’ল৷ পেডেল মৰাটো অপশ্যনেল বুজিছা৷ সেয়ে অনলাইন অফাৰ দেখি অৰ্ডাৰেই কৰি দিলো৷’ উৎসাহত পদ্মকান্তৰ দুচকু তিৰবিৰাই উঠিল৷

তেওঁক দেখি তুলুৰো হাঁহিটো বহল হৈ পৰিল৷ বহুদিনৰ মূৰত৷ পিছদিনাৰ পৰাই ৰাতিপুৱা চাহকাপ শেষ কৰি তুলুয়ে ফুলনিত লাগে মানে পদ্মকান্তই মাস্ক-গ্লভছ সকলো পিন্ধি লৈ চাইকেলত উঠেগৈ৷ মূল মহানগৰৰ পৰা কিছু আঁতৰত বাবে সেইখিনিত পুৱাতে গাড়ী-মটৰৰ বিশেষ ভিৰ নাই৷ এপাৰ্টমেন্টৰ কাষেৰে যোৱা ওখ হেলনীয়া বাটেৰে ইঞ্জিন আৰম্ভ নকৰাকৈ পদ্মকান্তই চাইকেলখন এৰি দিয়ে৷ চাইকেলৰ খৰ হৈ অহা গতিয়ে, গালে-মুখে স্পৰ্শ কৰা সতেজ বতাহছাটিয়ে তেওঁৰ দেহ-মন শিহৰিত কৰি আনে- শৰীৰত ৰৈ যোৱা শেষনিশাৰ টোপনিহীনতা, মনৰ আশংকা-হাহাঁকাৰ সকলো যেন উটুৱাই লৈ যায়৷

গতানুগতিক জীৱনতে নতুন ৰং সানি পদ্মকান্ত আৰু তুলুৱে যেন পুনৰ বাস্তৱক আকোঁৱালি লোৱাৰ চেষ্টাত মগ্ন হয়! এনেকৈয়ে দিলীপ হেৰাই যোৱাৰ তিনিমাহ পাৰ হৈ গ’ল৷ এনেতে এদিন গধুৰ কন্ঠ এটাৰে ফোনত মাধুৰীয়ে ক’লে,

’অসমত লক ডাউন কিছু খুলিছে৷ গতিকে সৰুকৈ হ’লেও পৰিয়ালৰ মানুহখিনিৰেই তেখেতৰ শ্ৰাদ্ধখন কৰিব খুজিছোঁ৷ আপোনালোক আহিব পাৰিবনে মা-দেউতা?’

নাযাবনে, নাযাবনে তেওঁলোকে বৰপুত্ৰক সমজুৱাকৈ বিদায় জনোৱাৰ এই সুযোগটোৰ বাবে? সেই আকস্মিক দুৰ্য্যোগে মানসিকভাৱে পিষ্ট কৰি পেলোৱা বোৱাৰী মাধুৰীৰ কাষত এপলক থিয় দিবলৈকে? সকলো সাৱধানতা লৈ হ’লেও বিমানত উঠিবলৈকে পদ্মকান্ত আৰু তুলু এইবাৰ সঁচাকৈয়ে সাজু হ’ল৷

Credit: Ivan Grozdanovski
পিছে বাস্তৱৰ কৰাঘাত যেন এতিয়াও বাকী আছিল তেওঁলোকৰ বাবে৷ কুটিল সময়ে মুহুৰ্ত্ততে পুনৰ ৰং সলালে৷ তেজপুৰলৈ যোৱাৰ মাথোঁ এসপ্তাহৰ আগত খৱৰ আহিল তেওঁলোকৰ এই সম্প্ৰাপ্তি ভিলাত কেনেবাকৈ ক’ভিডৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হৈছে৷ এই বয়োজ্যেষ্ঠ আৱাসত সকলো লোকৰ বাবে আশংকা অনুভৱ কৰি সম্পূৰ্ণ কোৱাৰেনটিন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ লগে লগে আৰম্ভ হ’ল এক যুদ্ধকালীন প্ৰস্তুতি আৰু সতৰ্কতা৷ প্ৰতিটো এপাৰ্টমেন্টলৈ আহি নাৰ্ছে আৱাসীসকলৰ নিয়মিত স্বাস্থ্যপৰীক্ষা কৰিবলৈ ল’লে৷ আৰু অসমলৈ যোৱাৰ বাবে ঠিক কৰা তাৰিখৰ আগদিনা এনে এটা নিয়মিত পৰীক্ষাৰ পিছতে খৱৰ আহিল, তুলু ক’ভিড পজিটিভ!

পদ্মকান্তৰ বুকুখন চিৰিংকৈ গ’ল! অবিশ্বাস্য যেন ভাৱ হ’ল এই দুৰ্য্যোগৰ উপৰি দুৰ্য্যোগ! ইমান অসহায় যেন তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল৷ মাথোঁ তিনিমাহৰ আগতে এই যুঁজত হাৰ মানি চিৰদিনলৈ হেৰাই যোৱা দিলীপৰ পিছত সত্তৰ বছৰীয়া তুলুৰ দৈহিক-মানসিক অৱস্থাই যেন আশাৰ শেষ সম্বলটোও কাঢ়ি নিব খুজিলে৷ মাকৰ আগত ধৈৰ্য্য ধৰিলেও মিলিয়েও দেউতাকৰ লগত কথা পাতোতে ফোনতে কান্দোনত ভাঙি পৰিল৷ ট্ৰাম্পৰ নেতৃত্ববিহীনতাত ক’ভিডে মাৰাত্মক ৰূপ লোৱা সুদূৰ কেলিফৰ্ণিয়াত আৱদ্ধ হৈ ছটফটাব ধৰিলে মাজুল’ৰা প্ৰদীপ আৰু বোৱাৰী এমিয়ে৷

পদ্মকান্তৰ স্বাস্থ্যৰ প্ৰতি আহি পৰা ভাবুকিলৈ লক্ষ্য ৰাখিয়ে সম্প্ৰাপ্তি ভিলাৰ পৰা সকলো ব্যৱস্থা লোৱা হ’ল তুলুক পৃথককৈ ৰাখি হস্পিটেলত চিকিৎসা কৰোৱাৰ৷ এইবাৰ যেন শেষ সাহসৰ উৎসটোও নোহোৱা হৈ গ’ল দুয়োৰে জীৱনৰ পৰা৷ কিন্তু তথাপিও পদ্মকান্তই হস্পিটেললৈ ওলোৱা তুলুক দূৰৈৰ পৰাই বাৰে বাৰে আশ্বাস দিলে, আগৰ দৰে আকৌ এবাৰ টেকন’ল’জীৰ উপকাৰিতাৰ বিষয়ে চমূ বক্তৃতা এটা দি প্ৰায় জোৰ কৰিয়ে দি পঠালে তেওঁৰ আই পেডটো৷

জ্বৰ আৰু কাহে বিধস্ত কৰা শৰীৰত বন্দী মনটো যেন অধিক বিধস্ত হৈ পৰিল তুলুৰ৷ প্ৰথমনিশা হস্পিটেলৰ বিছনাত নিশ্চল হৈ পৰি থাকি তেওঁৰ মনলৈ আহিল,

’তেন্তে এয়াই নেকি সেই মুহুৰ্ত্ত? য’ত শেষ হৈ যায় জীৱনৰ আশা-নিৰাশা আৰু পোৱা-নোপোৱাৰ হিচাপ? য’ত কুটিল সময়ে সোঁৱৰাই দিয়ে কিমান থুনুকা, কিমান ক্ষণস্থায়ী জীৱনৰ বালিঘৰ!’

শোক আৰু আশংকাৰ সেই চাকনৈয়াত নিজকে এৰি দিব খোজোতেই হঠাৎ এটা চিনাকি সুৰত তেওঁ উচপ খাই উঠিলে৷ পদ্মকান্তৰ মেচেজ, ’আইপেডটো খুলি চোৱাচোন৷’

বিছনাৰ পৰা তুলু উঠি আহিল ৷ দুৰ্বল খোজেৰে কোঠাৰ একাষত থোৱা ছ্যুটকেছটো খুলি আইপেডটো উলিয়াই আনিলে৷ পুনৰ বিছনালৈ উভতি আহি আইপেডটো খোলাৰ লগে লগে সৰি পৰিল এটা খাম! সময়ে আঁচোৰ পেলোৱা অতি প্ৰাচীন কিন্তু তেনেই চিনাকি এটা খাম!!

তুলুৰ মনত যেন পলকতে বিজুলীৰ সঞ্চাৰ হ’ল! তেওঁ জানে কি আছে সেই খামৰ ভিতৰত৷ এখন ছৱিৰ দৰেই তেওঁৰ স্পষ্টকৈ মনত আছে কোনোবা এক যুগতে সেই খাম প্ৰথমবাৰ তেওঁৰ হাতত পৰাৰ মুধুৰতম সময়খিনিৰ আবেগ আৰু উত্তেজনা! তথাপিও তেওঁ খুলিলে৷ ভিতৰত সৌ তাহানিতে পদ্মকান্তই তুলুলৈ দিয়া এখন চিঠি৷ কলমে শাৰীয়ে শাৰীয়ে অঁকা ভালপোৱাৰ আকুলতাৰ মাজত হীৰুদাৰ কবিতাৰ শাৰী-

’উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইছ-সোণালী হাঁহি|
অযুত তৰাৰ ঘুমটি ভাঙি যেন
সূৰ্য্য আহিছে নামি৷’

হৃদয় বিগলিত হৈ নৈ এখনি যেন বৈ গ’ল তুলুৰ মাজেদি৷ পদ্মকান্তই বোৱায় অনা সেই চিৰন্তন প্ৰেমৰ নৈ৷ সময়ে ঠেলি হেঁচি বহুবাৰ দুয়োকে অকোঁৱা পকোৱা বাটেৰে অজান কেঁকুৰিলৈ লৈ গৈছে৷ জীৱন আকাশে বাৰে বাৰে কতনা ৰূপ সলাইছে৷ তাৰ লগেলগে এই নৈয়েও ৰূপ আৰু গতি সলাইছে৷ কেতিয়াবা চঞ্চলা জুৰি হৈ ঢৌৰ নাচোন তুলিছে- কেতিয়াবা বলিয়া বান হৈ পাৰ ভাঙিছে- কেতিয়াবা পকনীয়া উঠিছে- কেতিয়াবা হৈ পৰিছে এখনি শান্ত সমাহিত বিস্তীৰ্ণ নদী৷ কিন্তু সকলোবোৰৰ মাজতো সেই নৈ থমকি ৰোৱা নাই৷ অবিৰাম বৈয়ে আছে নিৰবধি৷

সেই উপলব্ধিয়ে যেন এটা প্ৰচণ্ড জেদ হৈ তুলুৰ হৃদয় আৰু শৰীৰ আৱৰি পেলালে৷ শেষ উশাহটোলৈকে তেওঁ যুঁজ দিব খোজে সেই নিৰবধি নৈৰ বাবে৷ যুঁজি থকালৈকে তেওঁ যে হাৰ মনাৰ প্ৰশ্ন নুঠে! ৰৈ দিয়াৰ পিছতহে যুঁজ শেষ হয়- বিচাৰ হয় সফলতা-বিফলতাৰ!

পিছদিনাৰ পৰা কোঠাৰ ভিতৰতে তেওঁ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে৷ মিলি আৰু নাতি-নাতিনীৰ সৈতে স্কাইপত দিনে এবাৰকৈ হ’লেও কথা পাতিবলৈ ল’লে৷ তেওঁ আধুনিক প্ৰযুক্তিক আপোন কৰি লোৱাৰ চেষ্টা দেখি সন্তোষৰ হাঁহি বিৰিঙিল পদ্মকান্তৰ মুখতো৷

এপাৰ্টমেন্ট আৰু হস্পিটেলত পৃথকে পৃথকে পদ্মকান্ত আৰু তুলুৱে আৰম্ভ কৰিলে জীয়াই থকাৰ সেই আদিম সংগ্ৰাম৷

তুলু নথকা স্বত্বেও পদ্মকান্তই প্ৰতিদিনেই চাহ দুকাপেই কৰি থাকিল৷ তুলুৰ চাহকাপ তাতে চেঁচা হৈ পৰি ল’ল প্ৰতিদিনে৷ পদ্মকান্ত আহি বেলকনিত বহে কিন্তু আগৰদৰে বাতৰি-কাকত নপঢ়ে৷ পুৱাই ক’ভিডে কেনেকৈ কিমান দেশ আক্ৰান্ত কৰিছে, কিমান মানুহৰ জীৱন তছ-নছ হৈ গৈছে সেয়া জনাৰ যেন তেওঁ প্ৰয়োজনবোধ নকৰা হ’ল৷ তাৰ সলনি তেওঁ চাইকেলখনকে সাৰথি কৰি ল’লে৷ চাহকাপ খায়ে পুনৰ ওলাই যাবলৈ ল’লে ৰাতিপুৱা৷ দুদিনমানতে চিনাকি হৈ আহিল সেই পাহাৰীয়া পথটো, পথৰ কাষৰ কৃষ্ণচূড়া কেইজোপা আৰু মেটেকাৰে ভৰা বিশাল পুখুৰীটো৷ নিজৰ অজানিতেই তেওঁ যেন উভতি গ’ল কলেজীয়া দিনবোৰলৈ৷ উভতি আহি তুলুবিহীন ঘৰটোৰ দুৱাৰমুখ পোৱাৰ লগে লগে তেওঁ নিজৰ মনৰ ভিতৰতে আওৰোৱা হ’ল, ’আজিৰ দিনটো-মাথোঁ আজিৰ দিনটোৰ কথাই ভাৱিম- আজিৰ দিনটোৱে ভালদৰে কটোৱাৰ চেষ্টা কৰিম৷’

সকলোকে কিছু চিন্তামুক্ত কৰি তুলুৰ স্বাস্থ্যৰ দিলীপৰ দৰে তীব্ৰতাৰে অৱনতি নঘটিল৷ মাথোঁ জ্বৰ-কাহ আৰু দুৰ্বলতাৰে তেওঁ যুঁজি থাকিল হস্পিটেলৰ অকলশৰীয়া কোঠাত৷ তেওঁৰ বাবে নতুনকৈ আপোন হৈ পৰা স্কাইপত সকলোৰে লগতে সঘনাই কল আহিবলৈ ল’লে কেলিফৰ্ণিয়াৰ পৰা প্ৰদীপৰো৷ কেতিয়াবা সি অকলে স্কাইপৰ সন্মুখত বহে৷ কেতিয়াবা তাৰ স’তে এমিও বহে৷ প্ৰদীপ কামত ব্যস্ত হৈ থাকিলেও এমিয়ে অকলেই বহুপৰ কথা পাতে তুলুৰ সৈতে৷ ছোৱালীজনীৰ মুখলৈ চাই চাই তুলুয়ে অন্যমনস্ক হৈ ভাৱিবলৈ লয়, কিয় যে সন্দেহৰ ডাৱৰে আৱৰি ধৰিছিল তেওঁৰ মন আজি দুবছৰৰ আগতে প্ৰদীপে এমিৰ সৈতে বিয়াৰ কথা উলিয়াওতে! কিমান অজান আশংকাই আগুৰি ধৰিছিল তেওঁলোকক৷ সেই নজনা-নিচিনা পশ্চিমীয়া পৃথিৱীখন, তাৰ অচিন মানুহেৰে সম্পৰ্কই তেওঁলোকক ভীষণ দুশ্চিন্তাত ভোগাইছিল৷ গতিকে সময় লৈছিল তেওঁলোকে এমিক আদৰি ল’বলৈ৷ এতিয়া ভাইৰাছৰ তাণ্ডৱে স্তব্ধ কৰি দিয়া এই অচিন পৃথিৱীখনত এমিৰ সৈতে তেওঁলোকৰ দুৰত্বখিনিও যেন কমি আহিল৷ তাই কৈ যোৱা মাক-দেউতাকৰ অসুস্থতা, হস্পিটেলত কাম কৰা বায়েকক লৈ হোৱা দুশ্চিন্তা, ভয় সকলোবোৰ ইমান চিনাকি, ইমান আত্মীয়! হয়তো ক’ভিডে আনি দিয়া এই দুৰ্য্যোগেই এডাল সাকো গঢ়িলে দুয়োৰে মাজত৷ প্ৰথমবাৰৰ বাবে তুলুৱে দেখিলে, সেই শ্বেতাংগদেহী নাৰীৰ মাজতো অহৰহ বৈছে একেই চিৰন্তন আবেগৰ ঢল - জীয়াই থকাৰ হেঁপাহে আনি দিয়া শোক, যন্ত্ৰণা আৰু আশংকা আদিমতম আবেগ৷

সেই অকলশৰীয়া দুসপ্তাহ পদ্মকান্ত আৰু তুলুৰ বাবে দুটা যুগ যেন হৈ পৰিলে যেন৷ ইমান যে অভ্যস্ত হৈ পৰিছিল ইজনে সিজৰ উপস্থিতিত, সেই উপস্থিতিয়ে অহৰহ বিলাই থকা প্ৰশান্তিৰ ছায়াত৷ কিন্তু সেই দুসপ্তাহৰ ভিতৰতে তেওঁৰ কাহ যথেষ্ট কমিল৷ ডাক্তৰে মাথোঁ আৰাম কৰিবলৈ ক’লে আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি থাকিল৷

এদিন পুৱাই উৎকন্ঠাত তুলুৰ মন থৌকিবাথৌ হৈ পৰিল৷ যোৱা তিনিদিন ধৰি একো উপশম নাই তেওঁৰ৷ জ্বৰ আঁতৰাই এসপ্তাহ হ’ল৷ উপৰা উপৰিকৈ মিলি, প্ৰদীপ আৰু অঙহী বঙহীৰ কল আহিল৷ পদ্মকান্তৰ বাহিৰে তেওঁৰ পিছে কাৰোৰে সৈতে এইমুহুৰ্ত্তত কথা পতাৰ ইচ্ছা নহ’ল৷ এই ধুমুহাত যেন তেওঁৰ একমাত্ৰ লংগৰ পদ্মকান্ত৷ সেই এজন মানুহ যি একো নোকোৱাকৈয়ে বুজি পায় কি চলি আছে তেওঁৰ মনৰ ভিতৰত, যি পলকতে অনুভৱ কৰিব পাৰে তেওঁৰ হৃদয়ৰ কঁপনি, যাৰ সংস্পৰ্শই নিমিষতে উটুৱাই লৈ যাব পাৰে সকলো হাঁহাকাৰ৷

সেইদিনা তেওঁৰ দ্বিতীয় ক’ভিড পৰীক্ষাৰ ৰিজাল্ট অহাৰ কথা৷ এসপ্তাহৰ আগতে প্ৰথমটো পৰীক্ষাত নিগেটিভ অহাৰ খৱৰ পাই গোটেই পৰিয়ালটোৱে সকাহৰ নিশ্বাস পেলাইছিল৷ কিন্তু ডাক্তৰে কৈছিল,
’অলপ ধৈৰ্য্য ধৰক৷ দ্বিতীয়টো পৰীক্ষাত নিগেটিভ হ’লেহে আপোনাক কোৱাৰেনটিনৰ পৰা ওলাই ঘৰলৈ যোৱাৰ অনুমতি দিব৷’

মিলি আৰু পদ্মকান্তৰ আব্দাৰ এৰাব নোৱাৰি দুয়োকে স্কাইপৰ পৰ্দাত ৰ’ৱলৈ দি তুলু মুখামুখি হ’ল নাৰ্ছগৰাকীৰ৷

’কংগ্ৰেছুলেশ্যনছ! আপোনাৰ টেষ্ট নিগেটিভ!’ নাৰ্ছগৰাকীৰ কথা শেষ হ’বলৈকে নাপালে সিফালে মিলিয়ে আনন্দত চিৎকাৰহে কৰি উঠিল যেন৷

বহুদিনৰ মূৰত, বহুমাহৰ মূৰত তিনিও মুকলিকৈ হাঁহিলে, হাঁহি হাঁহি কান্দি পেলালে৷ কি যে এটা সকাহবোধেৰে, অপাৰ কৃতজ্ঞতাৰে উথলি উঠিল তুলুৰ মন৷ যেন মৃত্যুয়ে মাতি মাতি দুৱাৰডলিলৈ আনি তেওঁৰ শিকলি খুলি দিলে৷ যেন নতুনকৈ এবাৰ তেওঁ উপলব্ধি কৰিলে, তেওঁৰ এতিয়াও জীৱন উপভোগ কৰি হেঁপাহ পলুৱা নাই৷ এতিয়াও যে তেওঁ বুকুত কঢ়িয়াই লৈ ফুৰিছে বহুত আশা, বহুত সপোন, বহুত ভালপোৱা- জীৱনৰ প্ৰতি, নিজৰ প্ৰতি, সকলোৰে প্ৰতি৷ যেন সেই সকলোবোৰৰ সন্মিলিত শক্তিয়ে টানি ধৰিলে তেওঁক এই বান্ধোন হেৰাই যাবলৈ নিদিয়াকৈ৷

সেইদিনাই প্ৰায় যন্ত্ৰবৎ ক্ষিপ্ৰতাৰে সৰু চ্যুটকেছটো সামৰি তেওঁ হস্পিটেলত গাড়ীত উঠিলহি, এক অপূৰ্ব পুলকত মন্ত্ৰমুগ্ধৰ দৰে আহি থিয় দিলেহি সম্প্ৰাপ্তি ভিলাৰ এপাৰ্টমেন্টৰ সন্মুখত, হেঁপাহৰ ঘৰখনৰ দুৱাৰমুখত৷

দুৱাৰ খুলিয়েই পদ্মকান্তৰ দুচকু পুনৰ এবাৰ সেমেকি উঠিল৷ অন্য দিনাৰ দৰেই শব্দৰ প্ৰয়োজন নহ’ল তেওঁলোকৰ৷ উশাহো নসলোৱাকৈ তুলু পোনেই গৈ কুঁচি মুঁচি হৈ সোমাই পৰিল পদ্মকান্তৰ বুকুত৷ যি তেওঁৰ বাবে চিৰদিন প্ৰশান্তি আৰু ভালপোৱাৰ ঠিকনা- জীৱন যাত্ৰাৰ বিশস্ত লগৰীয়া৷ যাৰ বাবে তেওঁ চিৰন্তন হৈ ৰ’ৱ খোজে কেতিয়াও থমকি নোৰোৱা এখন নিৰৱধি বোৱতী নৈ৷