Saturday, 30 April 2022

আশৈশৱ (চুটিগল্প)

কলিতা ছাৰ সোমাই অহাৰ লগে লগে গোটেই শ্ৰেণীটো কাঁহ পৰি জীণ যোৱাৰ দৰে হ'ল। ছাৰৰ কপালত বিন্দু বিন্দু ঘাম। তামোলৰ বোলেৰে ৰাঙলী মুখখনত ধুমুহাৰ আগৰ নিমাত-নিসাৰ ৰূপ। শ্ৰেণীত সোমায়ে ছাৰে কাঠৰ টেবুলখনত ধাচ্ কৈ পৰীক্ষাৰ বহীৰ জাপটো থ'লে। সেই তীব্ৰতা সহিব নোৱাৰি টেবুলখনৰ লেহুকা মাৰিকেইডাল কঁপি উঠিল। তালৈ আওকাণ কৰি ছাৰে দুহাতমান দীঘল বেতডাল হাতেৰে খামোচ মাৰি লৈ সিহঁতলৈ চালে। ঠিক বাঘৰ চোঙত ক'ব নোৱাৰাকৈয়ে আৱদ্ধ হৈ পৰা হৰিণৰ জাকলৈ চোৱাৰ দৰে। ছাৰৰ প্ৰতিটো চাল-চলন সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা গোটেই ছোৱালীজাকে প্ৰমাদ গণিবলৈ আৰম্ভ কৰিলে।

ষষ্ঠ শ্ৰেণীৰ কোঠাটোত তৃতীয় শাৰীৰ বেঞ্চখনৰ একোণত পম্পী। লগৰ ছোৱালীবোৰৰ দৰে কলিতা ছাৰৰ আতংকই ইতিমধ্যে তাইৰো মন-মগজু গ্ৰাস কৰাৰ উপক্ৰম কৰিছে। কিন্তু তাৰ মাজতো তাই আঁৰ চকুৰে কোঠাটোৰ সোঁফাললৈ চাই পঠিয়ালে। দীঘল স্কুলঘৰটোত শ্ৰেণীবোৰ পৃথক কৰিছে অস্থায়ী জালীকটা বেৰাই। সেই জালীকটা বেৰাৰ মাজেৰে পম্পীয়ে পৰীক্ষা কৰিলে, কাষৰ শ্ৰেণীৰ পৰা ভনীয়েক মাতুৱে এইফালে চাইছে নেকি! সিহঁতৰ শ্ৰেণীলৈ এতিয়াও কোনো শিক্ষক অহা নাই। কিন্তু সিহঁতে এইপাৰে কলিতা ছাৰ সোমোৱাৰ উমান পাইছে। পম্পীয়ে দেখিলে, মাতুৱে লগৰ পিংকীৰ সৈতে ভুনভুনাই কথা পাতিছে। কিন্তু কথাৰ মাজে মাজে এইফালেও চকু দি আছে। আস, তাই অলপ পিছতে কান্দিবলৈ নল'লেই হ'ল!

কলিতা ছাৰে ইতিমধ্যে ছমহীয়া পৰীক্ষাৰ বহীবোৰ দিবলৈ আৰম্ভ কৰিছে। প্ৰথমেই ছাৰে মাতিলে, 'ৰোল নম্বৰ দুই!'

অঁ, এইবাৰ তেনে সমাজ অধ্যয়নত জাহ্নবীয়ে সকলোতকৈ বেছি নম্বৰ পাইছে! খপজপকৈ উঠি গৈ তাই নিজৰ বহীখন ল'লে। বেতডাল টেবুলতে লৰচৰ নকৰাকৈ পৰি থাকিল। জাহ্নবীয়ে হাহোঁ হাহোঁ কৰিও ছোৱালীবোৰৰ কেহেৰাজ বৰণীয়া মুখবোৰলৈ চাই হাঁহিব নোৱাৰিলে। মাথোঁ নীৰৱে উভতি গৈ পম্পীৰ সন্মুখৰ বেঞ্চখনত বহি পৰিল। বাকীবোৰৰ দৰেই পম্পীৰো ঈৰ্ষাৰ দৃষ্টি জাহ্নবীৰ পিঠিত লাগিলগৈ।

তাইৰ পিছতে ৰোল নম্বৰ মতাত আগবাঢ়ি গ'ল মণিকুন্তলা। বহী ল'বলৈ পতা তাইৰ হাতখনত পোনেই বেতৰ কোবহে পৰিল। সৰৌপ সৰৌপকৈ তিনিবাৰ!

'নাম সেইটো আৰু নম্বৰ পাইছ এয়া!' কোব দিয়াৰ মাজতে ছাৰে ভেকাহি মাৰি ক'লে।

লাজে-দুখে কোঙা হৈ মণিকুন্তলা নিজৰ ঠাইলৈ উভতি আহিল। তাই কিমান নম্বৰ পাইছে চাবলৈ শ্ৰেণীৰ বাকীবোৰে অলপ জুমাজুমি কৰিলে। ৬৫ নম্বৰৰ কাৰণে তিনিকোব যদি ৪০, ৫০ আৰু ৬০ নম্বৰৰ কাৰণে কিমান বাৰ বেতৰ কোব পৰিব? এটা সৰল মৌখিক অংক। কিন্তু পাছ কৰিবনে নাই তাকে লৈ আশংকাত ভোগা পম্পীৰ বাবে সেই মৌখিকটোও যেন বৰ জটিল হৈ পৰিল!

তাৰপিছত আৰু ছাৰৰ হাতৰ পৰা সেই বেতডালে আহৰি নাপালে। বহীৰ জাপটো যিমানেই কমি আহিল সিমানেই বাঢ়ি আহিল বেতৰ কোবৰ সংখ্যা আৰু কলিতা ছাৰৰ বিষোদগাৰ।

'কোন গাঁৱৰ ছোৱালী তই? অঁ, সেই গাঁৱৰ মানুহে পৃথিৱী বেলিৰ চাৰিওফালে ঘূৰে নে বেলিটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে তাকো ক'ব নোৱাৰে, মোৰ জনা আছে।'

'কি উত্তৰ লিখিছ এইবোৰ? ইমান ভুল! পঢ়া-শুনা কৰি মাৰ-বাপেৰৰ টকা ভঙাতকৈ ৰন্ধা-বঢ়া শিক বুজিছ? এনেয়ে মই তহঁতজাকৰ লগত কষ্ট কৰি মৰিছোঁ।'

যিমানে সময় গ'ল সিমানে পম্পীৰ অস্থিৰতা বাঢ়িল। তাই ইমান কম নম্বৰ পাইছেনে যে এতিয়াও তাইৰ বহীখন ওলোৱা নাই! সেই আশংকা-অস্থিৰতাৰ মাজতে তাই আকৌ এবাৰ পঞ্চম শ্ৰেণীলৈ চালে। এতিয়ালৈকে সিহঁতৰ শিক্ষক নাহিল। সেয়া মাতুকে ধৰি গোটেইবোৰ ছোৱালীয়ে বেৰাখনৰ কাষত ৰৈ ঠৰ লাগি এইফালেই চাই আছে। সেই বেৰাৰ মাজেদিও মাতুৰ সজল দুচকু তাই ঠিকেই দেখা পালে। ফুলৰ পাহিহেন কোমল এই মাতুজনীৰ মনটো। পম্পীয়ে জানে বায়েকক কষ্ট পোৱা দেখিলে মাতুৰ চকুপানীয়ে বাধা নমনা হ'ব। মাতুৰ বাবেই যেন তাই বুকুত সাহ বান্ধিলে। নিজৰ ৰোল নম্বৰ শুনাৰ লগে লগে অসহায় ভাৱটো লুকুৱাই তাই আগবাঢ়ি গ'ল।

কলিতা ছাৰে কিবা কোৱাৰ আগতেই পম্পীয়ে নিজৰ হাতখন পাতি দিলে। মনতে প্ৰাৰ্থনা কৰিলে, ছাৰে যি কয় কওক- কিন্তু তাইৰ নম্বৰটো যাতে সকলোৰে আগত কৈ নিদিয়ে। পিছে বেতৰ কোবৰ লগে লগে মুখখন বিকটাই লৈ ছাৰে গোঁজৰি উঠিল,

'এই নম্বৰ লৈ জীৱনত কি কৰিবিগৈ হুহ! চাফ-চিকুণতাৰ কাৰণে দিয়া পাঁচ নম্বৰ লৈ কোনোমতে পাছ কৰিছ।'

পম্পীয়ে লাজতে তলমূৰ কৰিলে। হাতখন বিষত থৰথৰাই গ'ল। তথাপিও বেতৰ কোব বন্ধ নোহোৱা দেখি নিৰুপায় হৈ তাই এইবাৰ হাত সলাই সোঁহাতখন পাতি দিলে। একেৰাহে বেত ঘূৰাই ছাৰৰো থুলন্তৰ দেহটোত ইতিমধ্যে ফোঁপনি উঠিছে। সেয়ে কিজানি হাতৰ সলনি ছাৰৰ মুখৰ তীব্ৰতা বাঢ়িল। ছাৰৰ সেই তীব্ৰ ককৰ্থনা নিৰৱে হজম কৰি এটা সময়ত পম্পী নিজৰ ঠাইলৈ উভতি আহিল।

বেঞ্চত বহি পম্পীয়ে কোনোমতে চকুপানী সামৰি হাত দুখন অলপ পৰ জোকাৰি থাকিল। দুয়োহাতৰ পতা টিকটিকীয়া ৰঙা। ভালকৈ চাই দেখিলে বাওঁহাতৰ আঙুলীৰ পাবত অলপকৈ তেজ বিৰিঙিছে। এনেতে কোনোবাই নাক উজোৱা শুনি তাই মূৰ তুলি চাই দেখিলে, বেৰৰ সিপাৰে তাইৰ নিচেই কাষত সেইজনী মাতু। পম্পীৰ উখহি উঠা হাত দুখন তায়ো দেখা পাইছে। পম্পীয়ে ভয় কৰাৰ দৰেই চকুপানীয়ে তাইৰ দুয়োগাল তিয়াই পেলাইছে।

পম্পীয়ে তাইলৈ চাই জোৰ কৰি হাঁহি এটা উলিওৱাৰ চেষ্টা কৰিলে। অন্য দিনাৰ দৰেই আকাৰে-ইংগিতে মাতুক পতিয়ন নিওৱাৰ চেষ্টা কৰিলে, তাই ঠিকে আছে। ক'তা, একোৱেতো হোৱা নাই তাইৰ! মাতুৱে মাথোঁ অবিশ্বাসৰ দৃষ্টিৰে তাইলৈ চাই ৰ'ল। পিছে পম্পীয়ে ইমান সহজে হাৰ নামানিলে। ছাৰৰ বেতৰ কোব কেনেকৈ তাইৰ হাতত পৰিল আৰু স্প্ৰীঙৰ দৰে উফৰি গ'ল তাকে তাই হাতৰ চিয়াৰেৰে দেখুৱাবলৈ ধৰিলে। পম্পীৰ সেই অংগী-ভংগী দেখি এটা সময়ত মাতুৱে সঁচাকৈ হাঁহি পেলালে। এনেতে দুয়োৰে চকুত পৰিল, মাতুৰ শ্ৰেণীলৈ খৰ খোজেৰে সোমাই আহিছে হাজৰিকা বাইদেউ। বাইদেউৰ হাততো এজাপ বহী! দেখিয়েই নিমিষতে মাতুৰ মুখৰ হাঁহি মৰহি গ'ল। একেকোবে দৌৰি গৈ তাই নিজৰ আসনত বহি পৰিলগৈ।

পম্পীৰ বুকুখন চিৰিংকৈ গ'ল। আজিৰ দিনতোৱে যেন আপদীয়া। আজি কিয়, গৰম বন্ধ খোলাৰ পিছৰ এই গোটেই মাহটো বিভীষিকাৰ মাহ! ছমহীয়া পৰীক্ষাৰ বহী দিয়াৰ পৰ্বটোৱে সিহঁতৰ গা আৰু মনত এচাৰিৰ ঘাঁ শুকাবলৈ নিদিয়ে।

প্ৰথমবাৰ এই হাজৰিকা বাইদেউৰ ৰুদ্ৰমূৰ্ত্তি দেখি পিছদিনাৰ পৰা স্কুললৈ নাহোঁ বুলি মাতুৱে কান্দিছিল। পম্পীয়ে সেইদিনা মৰসাহ কৰি গৈ বাইদেউক কৈছিল,

'বাইদেউ, আপোনালৈ ভয় কৰি মোৰ ভণ্টি মাতুৱে স্কুললৈ নাহে বুলি কন্দা-কটা কৰিছে। তাইক আপুনি নামাৰে বুলি কৈ দিবনে? নহ'লে যে তাই কেতিয়াও স্কুললৈ নাহিব!'

সেই অদ্ভুত অনুৰোধটো শুনি বাইদেৱে থতমত খাই গৈছিল সেইদিনা।

'কিয় নাহিব তাই? স্কুলত শাসন মানিলে আৰু ভালকৈ পঢ়িলে এনেয়ে মাৰ নাখায় নহয়!'

বাইদেৱে আজি সেই কথা নাৰাখে, পম্পীয়ে বুজিলে। অসহায় হৈ তাই মাথোঁ চাই ৰ'ল মাতুৱে বাইদেউৰ পৰা বহী লোৱাৰ পৰ্ব। পম্পীৰ দৰে সাহসীৰ অভিনয় কৰাৰ সলনি তাই বেতৰ কোব পৰাৰ আগতেই আতংকত হাও হাওকৈ কান্দি পেলালে। বাইদেউৰ কঠোৰ মুখখন যেন অলপ কুমলিল। 'বছৰেকীয়া পৰীক্ষাত ভাল নম্বৰ পাব লাগিব' বুলি কৈ দুকোব দিয়ে তাইক ঘুৰাই পঠালে। বেঞ্চত বহিও মাতুৱে উচুপি থাকিল। পম্পীৰ বুকুখন মোচৰ খাই যোৱা যেন ভাৱ হ'ল।

স্কুল ছুটি হোৱাৰ পৰলৈকে মাতুৰ চকু-নাক ৰঙা পৰি থাকিল। পম্পীয়ে টিউবেলৰ পাৰলৈ নি তাইৰ মুখখন ধুৱাই দিলে। ৰুমালেৰে মুখখন লাহেকৈ মচি দি তাই ক'লে,

'একো নহয় দে! কাইলৈকে এইবোৰ বিষ কমি যাব। হু ল- এয়া তোলৈ মৰ্টন কিনিছিলো।'

টেঙা মৰ্টনৰ কমলা বাকলিখন এৰুৱাই এৰুৱাই মাতুৱে আপচোছ ভৰা মাতেৰে ক'লে,

'আজি ইংৰাজীৰ বহী নিদি ছবিৰ দিয়া হ'লে! মই জানো, ছবিত ভাল নম্বৰ পামেই। পৰীক্ষাত কিমান ধুনীয়াকৈ কাপ-প্লেটযোৰ আঁকিছিলো।'

'পাবি, ছবি অঁকাত তোক কোনেও হৰুৱাব নোৱাৰে মাতু।'

মাতুৱে মিচিকিয়াই হাঁহিলে। মৰ্টন চুপি চুপি দুয়ো লাহে লাহে ঘৰলৈ বাট বুলিলে। মাতুৰ মনটো অলপ মুকলি হোৱা দেখি সেই সুযোগতে পম্পীয়ে ক'লে,

'শুনচোন মাতু! আজি যদি দেউতাই এচাৰি লৈ খেদি আহে, তই ঠাইতে ৰৈ নাথাকিবি দেই। দুয়োজনীয়ে একেলগে পলাম। পিছত দেউতাৰ খং কমিলে ইমান মাৰ খাব লগা নহয়।'

কথাষাৰ শুনাৰ লগে লগে মাতুৰ মুখখন পুনৰ ক'লা পৰি গ'ল।তাই যেন পাহৰিয়ে গৈছিল এতিয়াও ঘৰত যে কি বিভীষিকা ৰৈ আছে! পৰীক্ষাৰ বহীত দেউতাকৰ চহী লৈ কাইলৈকে স্কুলত দেখুৱাব লাগিব। সিহঁতৰ পঢ়াৰ অগ্ৰগতি যে ঘৰত জানে তাৰ প্ৰমাণ দিব লাগিব। কিন্তু পৰীক্ষাৰ নম্বৰ চাই আজি ৰাতি দেউতাকে বা কি ৰূপ লয়! চিটিপনি এচাৰিৰ কোব দিয়েই ক্ষান্ত হ'বনে খাবলৈ-শুবলৈ নিদি শেষ নিশালৈকে সিহঁতক পঢ়ুৱাবলৈ ল'ব কোনে জানে।

পম্পীৰ হাত এখনত জোৰেৰে খামোচ মাৰি ধৰি তাই ক'লে,

'কিন্তু দেউতাৰ ওচৰলৈতো যাবই লাগিব! কাইলৈ চহী দেখুৱাব নোৱাৰিলে স্কুলত আকৌ মাৰ খাব লাগিব। '

'নহয় অঁ! দেউতাক বহীখন দি ৰৈ নাথাকিবি আকৌ। এনেকৈ ধৰাৰ নিচিনাকৈ মোক হাতত ধৰি ল'বি। আমি দুয়োজনী একেলগে পলাম।'

'ক'লৈ?'

'বাটলৈ। একো নহ'লেও গাঁৱৰ মানুহে শুনা পাব। কেনেবাকৈ তামুলী খুড়া ঘৰত থাকিলে জৰুল আমাক বচাবহি!'

মাতুৱে কিছু দ্বিধাৰে মূৰ দুপিয়ালে। তাই যে বুজি নাপায় কি হৈ যায়! দেউতাকৰ সেই ৰূপ দেখিলে তাইৰ যেন মন-মগজু উকা হৈ পৰে। হাত-ভৰি লৰচৰ কৰিব নোৱাৰা হৈ পৰে। পম্পীৰ চিৎকাৰ, মাকৰ কান্দোনৰ বিপৰীতে মাতু হৈ পৰে এক প্ৰস্তৰ মূৰ্ত্তি।

এবাৰ এনেকুৱা এটা কালনিশাৰ পিছত সিহঁতৰ গাঁৱৰে তামুলী খুড়াই দেউতাকক কৈছিলহি,

'হোমেনকাই, এই ফুকলীয়া ছোৱালীদুজনীক ইমানকৈ মাৰধৰ কৰিব লাগেনে বাৰু? এইবয়সত ইমানকৈ মাৰ খালে সিহঁত গোটেই জীৱনলৈ ঘুণীয়া হৈ পৰিব।'

দেউতাকে ভেকাহি মাৰি উঠিছিল,

'কি কোৱাহে ব্ৰজেন! ছেকনিৰ আগতহে বিদ্যা বুলি এনেয়ে নকয় নহয়। আমাৰ দেউতাৰ এচাৰিৰ কোবকেইটায়ে আমাক পোন কৰিছিল, মানুহ হোৱাৰ শিক্ষা দিছিল। এতিয়াও সেই শিক্ষা পাহৰা নাই।'

তাৰপিছত দেউতাকে আৰম্ভ কৰিলে সেই একেখন ৰেকৰ্ড। ককাক হৰিকান্তৰ ভয়ত কেনেকৈ সাতোটা ককাই-ভাই ঘৰত থৰহৰি কম্পমান হৈ ৰৈছিল। হৰিকান্তৰ চকুলৈ চাই কোনেও কথা কোৱাৰ সাহস নকৰিছিল। কৈ কৈ দেউতাক অতীত সোঁৱৰণিত ডুব গ'ল। তামুলী খুড়াই হামিয়াবলৈ আৰম্ভ কৰিলে। বহা কোঠাৰ সিপাৰে কাণ উনাই ৰোৱা পম্পীৰ গধুৰ খোজবোৰ পাকঘৰ অভিমুখে গতি কৰিলে।

সকলো যেন একেটা পাকচক্ৰত বন্দী। কথাবোৰ যেনেকৈ চলি আহিছে তেনেকৈয়ে চলাই নিয়াৰ এটা অদ্ভুত তাড়নাত বন্দী। এবাৰ মাথোঁ- এবাৰ যদি ছেকনিৰ আগেৰে সিহঁতক ডাঙৰ মানুহ কৰাৰ অহৰহ চেষ্টাত যতি পেলাই কেৱল মানুহ বুলি চালেহেঁতেন। তেজ-মঙহৰ মানুহ। ভাল লগা-বেয়া লগা বহু অনুভূতিৰে, হেঁপাহেৰে উপচি থকা মানুহ! ইমান সাধাৰণ কথাটোনো মাক-দেউতাক-ছাৰ-বাইদেউহঁতে কিয় দেখা নাপায়? পম্পীয়ে বুজি নাপায়।

যিমানেই ঘৰৰ কাষ চাপিল সিমানেই দুয়োজনীয়ে মনে-প্ৰাণে বিচাৰিলে এই বাটৰ যেন কেতিয়াও শেষ নহওক। বাটৰ বাওঁকাষৰ ধাননি পথাৰবোৰ দীঘল হৈ গৈ থাকক, সন্মুখৰ কেকুঁৰিটোৰ ওৰ নোলাওক, সোঁকাষৰ দ'লনিখন বহল হৈ গৈ ইপাৰ-সিপাৰ নমনা হৈ পৰক!

ঘৰ পায়ে মুখ হাত ধুই দুয়ো নিৰৱে ভাত খাবলৈ বহিল। দুয়োৰে শুকান মুখ দেখি একো নোকোৱাকৈয়ে মাকে যেন সকলো বুজি পালে।

'কিহৰ বহী দিলে আজি? কিমান পালি?' খাই থকাৰ মাজতে মাকে সুধিলে।

পম্পী আৰু মাতুৱে একো ক'ব নোৱাৰিলে। মাথোঁ নিৰৱে গৈ বহী দুখন মাকৰ হাতত দিলেহি। লগে লগে মাকৰ মুখ গোমোঠা হৈ পৰিল। সিহঁত দুজনীতকৈ মাকৰ দুখ আৰু হতাশাৰ ধাৰাহে তীব্ৰ হৈ পৰিল যেন!

পাকঘৰৰ চৰু-কেৰাহী সামৰি সামৰি মাকে আপোনমনে ক'বলৈ লাগিল,

'লোকৰ ল'ৰা-ছোৱালীয়ে ইমান নম্বৰ তোলে। আমাৰ কেইজনীৰ চোৱা। পঢ়া-শুনাত নহ'ল, নাচ-গান-ঘৰৰ কাম কাজ একোতেই নহ'ল।'

পম্পী আৰু মাতুৱে ভাতৰ গৰাহ মুখলৈ নিনি লিৰিকি বিদাৰি মাকৰ কথা শুনি থাকিল। কিমান কষ্ট কৰি মাক-দেউতাকে দুয়োজনীক স্কুলত পঢ়াইছে। দেউতাকে দিনৰ দিনটো চাপৰিৰ খেতিতে কটায়। মাকে তাঁত বয়। তথাপি সিহঁত দুজনীক স্কুললৈ পঠাইছে- পঢ়ি-শুনি মানুহ হওক বুলি। মাক-দেউতাকৰ দৰে কষ্টৰ জীৱন সিহঁতৰো নহওক বুলি। তাৰ প্ৰতিদান এয়া?

মাকৰ দুখৰ মালিতা স্তব্ধ হোৱাৰ কোনো লক্ষণ নেদেখি পম্পীয়ে অলপ অসহিষ্ণুভাৱে কৈ পেলালে,

'কিয়, স্কুলৰ প্ৰতিযোগিতাত কিমানবোৰ খেলত মই প্ৰতিবাৰেই প্ৰথম হওঁ!'

পিছে হিতে বিপৰীত হ'ল। মাকৰ দুচকু ভমক কৰে জ্বলিহে উঠিল যেন।

'খেলত প্ৰথম হৈ তই কেনেকৈ ঘৰ পুহিবি মোক ক'চোন। মাতু অন্তত: নম্ৰ। তইতো সেয়াও হ'বলৈ নিশিকিলি, কথাই কথাই উত্তৰ দিয়। ইমান চোকা মুখখনেৰে কাৰ ঘৰ ধৰিবিগৈ?'

দুখে-ক্ষোভে মাকে এসোঁতা কান্দি পেলালে। পম্পীৰ মন বিতৃষ্ণাৰে ভৰি পৰিল। তাই ভাতৰ থালখনকে থেকেচিলে। মাক আৰু পম্পীৰ উখনা-উখনিৰ মাজত মাতু যেন নিৰুপায় হৈ পৰিল। তাই কোমল মাতেৰে লেনিয়াই ক'লে,

'মা, আমি পথাৰত গৈ সোণটোহঁতৰ লগত অলপ খেলোগৈনে?'

'পৰীক্ষাত সেয়া নম্বৰ আনিছ আৰু খেলাৰ কথা ক'বলৈ লাজ লগা নাই? যা: অলপ শুই লগৈ। ৰাতি পঢ়িব লাগিব।' মাকে দাবী দি উঠিল।

দুয়ো সুৰসুৰাই আহি বিছনাত পৰিলহি। মাকে নক'লেও দুয়ো বুজিলে, আজি ৰাতিৰ বাবে সাজু হ'বলৈহে এই ব্যৱস্থা। দেউতাক অহাৰ পিছত সিহঁতৰ কি দশা হ'ব কোনেও নাজানে!

মনত হাজাৰটা আশংকা লৈও কেতিয়ানো টোপনি গ'ল দুয়ো ক'বই নোৱাৰিলে। সন্ধিয়া মাকে জগাই দিলত পম্পী আৰু মাতু দুয়ো একেজাপে উঠি আহিল। প্ৰথমেই দেউতাক আহিল নেকি তাৰ উমান ল'লে। নাই, এতিয়াও ঘৰ পোৱাহি নাই! মুখ হাত ধুই দুয়ো প্ৰাৰ্থনা কৰি লৈ পোনেই পঢ়া টেবুলত বহিল। অন্য দিনাৰ দৰে আজি সিহঁতক পঢ়িবলৈ মাকে সোঁৱৰাব লগা নহ'ল।

পিছে সিহঁত এজনীৰো পঢ়াত মন নবহিল। এই যেন এজাক তীব্ৰ ধুমুহা আহিব। তছনছ কৰি দিবহি এই নিৰিবিলি সন্ধিয়াটো। সেই উদ্বিগ্নতাই সিহঁতৰ উশাহবোৰ চুটি কৰি আনিলে। তথাপি মাতুৱে বিজ্ঞানৰ পাঠ এটা যিমান পাৰে ডাঙৰ মাতেৰে মাতি পঢ়িবলৈ চেষ্টা কৰিলে। তাকে দেখি দেউতাকৰ মন কুমলেই বা।

শিল্পী: Alina-Ondine Slimovschi


সন্ধিয়া লাগি ভগাৰ পিছত দেউতাক ঘৰ সোমালহি। চাহকাপ খাই লৈ তেওঁ বহাকোঠাৰ আৰামী চকীখনত বহিল। তাৰপৰাই কাষৰ কোঠাত পঢ়ি থকা পম্পী আৰু মাতুৱে শুনাকৈ ডাঙৰ মাতেৰে ক'লে,

'বহীকেইখন লৈ আন!'

লগে লগে আতংকত মাতুৰ কণ্ঠৰুদ্ধ হৈ গ'ল। বিজ্ঞানৰ কিতাপখন তাইৰ হাতৰ পৰা সৰি পৰিল। পম্পীয়ে তাইক ভৰসা দিয়াৰ চেষ্টা কৰিলে। ঘৰলৈ অহাৰ বাটত কি পাতিছিল সোঁৱৰাই দিয়াৰ চেষ্টা কৰিলে। দুয়ো চুচুক-চামাককৈ নিজৰ নিজৰ পৰীক্ষাৰ বহী হাতত লৈ বহাকোঠাটোলৈ সোমাই আহিল।

দেউতাকৰ ক্লান্ত মুখ। কিন্তু চকুৱে-মুখে খঙৰ ৰেখা স্পষ্ট। দেউতাকৰ কাষতে টমীয়ে মজিয়াত বাগৰ দি আছে। দুদিনমানৰ আগতে সেই বাটৰ কুকুৰটোৱে ঘৰ লৈছেহি। কিন্তু সি যেন ইতিমধ্যে দেউতাকৰ বিশস্ত সহচৰ হৈ পৰিছে। বহাকোঠাৰ খোলা দুৱাৰেৰে অহা ফিৰফিৰিয়া বতাহজাক লৈ আৰাম কৰি থকা টমীলৈ সিহঁতৰ ঈৰ্ষা উপজিল। পম্পীয়ে পাকঘৰলৈ যোৱা দুৱাৰখনত ভেঁজা দি ৰৈ থকা মাকলৈ চালে। অসহায় নিৰৱ দৰ্শক মাকৰ দুচকুত এসাগৰ দুখ। নে হতাশা? পম্পীয়ে ঠিক ধৰিব নোৱাৰিলে। দেউতাকৰ কথামতে মাকে বিনা প্ৰতিবাদে কোঠাৰ চুকৰ পৰা চেৰেপনি এছাৰি ডাল আনি তেওঁৰ হাতত তুলি দিলে।

বহীখন দেখুৱাবলৈ কোৱাৰ লগে লগে পম্পীয়ে মাতুৰ বাওঁহাতখনত খামোচ মাৰি ধৰিলে আৰু চকুৰে ইংগিত দিলে। তথাপি যেন কিছু পলম হৈ গ'ল!

ইতিমধ্যে মাতুৰ সমগ্ৰ শৰীৰ জঠৰ হৈ পৰিছে। পম্পীয়ে সৰ্বশক্তিৰে টানিও তাইৰ গাটো কেটকুটেই কৰাব নোৱাৰিলে। মাতুৱে যেন উশাহো ল'বলৈ পাহৰি গৈছে। মাথোঁ নিথৰ চকুৰে চাই ৰৈছে দেউতাকলৈ।

পম্পীৰ কাৰবাৰ দেখি দেউতাকে প্ৰথমে তাইকে ধৰিবলৈ উদ্যত হ'ল। এইবাৰ আৰু এক মুহুৰ্তও পলম নকৰি পম্পীয়ে মাক-দেউতাকে তলকিবলৈ পোৱাৰ আগতেই সাউৎকৈ বাহিৰলৈ দৌৰ দিলে।

বিস্ফোৰিত দুচকুৰে দেউতাকে তাইৰ পিছে পিছে খেদি গ'ল। দেউতাকৰ পিছে পিছে লৰ দিলে টমীয়ে। ঘটনাৰ আকস্মিকতাত মাক তাতে হতভম্ব হৈ থিয় দি ৰ'ল।

কেনিও নোচোৱাকৈ ঘৰৰ সন্মুখৰ বাটেৰে পম্পীয়ে মাথোঁ দৌৰিলে আৰু দৌৰিলে। দৌৰি দৌৰি তাই পাৰ হৈ গ'ল সেই ধূলিয়ৰি বাট, বাটৰ সিপাৰৰ সৰিয়হডৰা। স্কুলৰ দৌৰ প্ৰতিযোগিতাত তাই সদায়ে প্ৰথম হয়।তাইৰ ভৰি দুখনেই যেন যিকোনো বিপদৰ সময়ত একমাত্ৰ সাৰথি।

তাইৰ দৌৰৰ লগত তাল মিলাব নোৱাৰি বাটটোৰ শেষত ফোঁপাই জোঁপাই দেউতাক ৰৈ গ'ল। প্ৰচণ্ড আক্ৰোশেৰে তেওঁ গৰজিলে,

'আহ তই আজি ঘৰলৈ! ভৰিৰ কলাফুল ফালি চিৰাচিৰ কৰি দিম।'

সেই কাণিমুনি আন্ধাৰৰ মাজেদি তাই অবিৰাম দৌৰিয়ে থাকিল। কিমান দূৰ, কিমান সময় দৌৰিলে তাই ক'বই নোৱাৰিলে। দেউতাক যে বহু আগতেই ঘৰলৈ উভতি গৈছে তাই মনেই নকৰিলে। 

এটা সময়ত তাইৰ দুভৰি থমকি ৰ'ল। পথাৰৰ সিপাৰৰ দ'লনি খন পাবৰ হৈছে। সেইখিনিতে ঘোপমৰা বাঁহনি এখন। বুকুৰ ধপধপনিটো কমাৰ পিছত পম্পীয়ে লাহেকৈ বাঁহনিৰ কাষতে থকা বৰটেঙাৰ গছ এজোপাত বগাই উঠিল। এইখিনিত ওচৰে পাজৰে এঘৰো মানুহ নাই। পথাৰৰ সিপাৰেহে ঘৰবোৰৰ ধিমিক ধামাক লেমৰ পোহৰ দেখা গৈছে। সেইফালে মন দি চাই পম্পীয়ে সিহঁতৰ ঘৰটোও দেখিলে। টমীৰ ভুকভুকনিৰ ক্ষীণ শব্দ এটা শুনা পালে যেন তাই। নাই, সেয়া অন্য কুকুৰহে কিজানি। সৌৱা সিহঁতৰ ঘৰৰ মূল দুৱাৰখনচোন বন্ধ হৈ গৈছে। মাথোঁ খিৰিকীৰে ভাঁহি আহিছে টেবুল লেম্পৰ অনুজ্জল পোহৰ।

বৰটেঙাৰ ডাল এটা সাবটি ধৰি সেই গছৰ ফেৰেঙণিতে বহু পৰ বহি ৰ'ল পম্পী। বতাহে কঁপাই যোৱা বাঁহপাতৰ চি চি শব্দৰ বাহিৰে চাৰিওফালে মৰিশালিৰ নিৰ্জনতা। ইমান অন্ধকাৰ, ইমান প্ৰশান্তিময় সেই ঠাই! কেইটামান মুহুৰ্ত্তৰ আগৰ সেই আতংকৰ যেন একো চিনমোকামেই নাই ইয়াত।

দিনটোৰ অৱসাদে যেন এতিয়াহে আৱৰি ধৰিলে তাইক। চকুহাল মুদি লৈ তাই ভাবিবলৈ ধৰিলে, কি কৰা যায়? তাই গুচি যাব নেকি? এই গাওঁ এৰি। এই ঘৰ এৰি। চিৰদিনলৈ?

আজি ৰাতিটো ইয়াতে কটাই দোকমোকালিতে যোগেনৰ বাছত উঠি টাউনলৈ গুচি যাব নেকি? টাউনত কাৰোবাৰ ঘৰত বন কৰা ছোৱালী হৈ পইচা ঘটিব। দিনত কাম কৰি আৰু ৰাতি ৰাতি পঢ়ি তাই এদিন মানুহ হ'ব!

নাইবা- নাইবা এই গাওঁ পাৰ হৈ বহু দূৰৈৰ কোনোবা অজান গাঁৱলৈ গুচি যাব নেকি? এই হাবিতলীয়া বাটেৰে গোটেই ৰাতি দৌৰি দৌৰি গৈ ক'ৰবাৰ কোনোবা গাওঁ ওলাবগৈ। তাত মৰমিয়াল এঘৰ মানুহে তাইক তুলনীয়া জী কৰি ল'ব। তাৰ স্কুলৰ শিক্ষকেও মৰম কৰি পঢ়াব। তাই তাতে খুউব মন দি পঢ়িব।

কল্পনাৰ পখীঘোঁৰাত উঠি বেছ কিছুপৰ তাই আপোনপাহৰা হৈ ৰ'ল।

কিন্তু এনেতে এটা শব্দই তাইক বাস্তৱলৈ উভতাই আনিলে। বহুত দূৰৈৰ পৰা ৰিৰিয়াই ভাঁহি আহিছে এটা কান্দোনৰ শব্দ। কোনোবা নাৰীয়ে হিয়া বিদাৰি কান্দিছে।

কাৰ কি হৈছে? পম্পীয়ে উৎকণ্ঠাৰে সিহঁতৰ ঘৰলৈ চাই পঠিয়ালে। ঘৰৰ খিৰিকী খোলা কিন্তু ভিতৰখন আন্ধাৰ।

হঠাৎ যেন তাইৰ সম্বিত আহিল। তাই গুচি গ'লে মাতুৰ কি হ'ব? মাতুৰ??

হুৰুসকৈ গছজোপাৰ পৰা পম্পী নামি আহিল। গছৰ ঠানি এটাত লাগি তাইৰ চোলাটোৰ এফাল চিঙি গ'ল। ছেহ! মাকে দেখা পোৱাৰ আগতেই চোলাটো চিলাই পেলাব লাগিব। ফালি যোৱা চোলাটোলৈ চাই চাই তাই ভাৱিলে।

লাহে লাহে তাইৰ ভৰি দুখন আগবাঢ়িল। ঘৰ অভিমুখে। 

Tuesday, 22 March 2022

অবাঞ্ছিত (চুটিগল্প)

’আজি আমাৰ হাফ ছুটি দেই!’ 

পম্পীয়ে ব’ৰ্ডখনৰ কাষত থিয় দি লৈ সকলোৱে শুনাকৈ অলপ ডাঙৰ মাতেৰে ঘোষণা কৰিলে৷ কথাষাৰৰ লগে লগে তাইৰ সৰু চকুহাল উৎসাহত তিৰবিৰাই উঠিল। বেগৰ পৰা কিতাপ-বহী, জ্যামিতি বক্স আদি উলিওৱাৰ মাজে মাজে ভুনভুনাই কথা পতাত ব্যস্ত ছোৱালীবোৰ ক্ষন্তেক থমকি ৰ’ল৷ হিলৈদাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ কেপ্টেইন পম্পী৷ তাইৰ প্ৰায়বোৰ কথাই সিহঁতে মন দি শুনে, শ্ৰেণীটোৰ নেত্ৰী বুলি কিছু সমীহো কৰে৷

আজি কাৱেৰীৰ বিয়া৷ পম্পীয়ে তাইৰ এবেগেত দীঘল বেণী ডালত হাত বুলাই বুলাই সিহঁতক মনত পেলাই দিলে৷ অঁ, অঁ, সিহঁতে পাহৰা নাই৷ সকলোৱে দেখিছেই, যোৱা দুসপ্তাহ ধৰি কাৱেৰী স্কুললৈ অহা নাই৷ তাইৰ ঘৰৰ ওচৰৰ মাতু্ৱে সিহঁতক কৈছেহি, কাৱেৰী পেহীয়েকৰ সৈতে চুবুৰীয়াৰ ঘৰ ফুৰিবলৈ গৈ এদিন সন্ধিয়া ঘৰ সোমাইছিলহে৷ অলপ পিছতে মাক-পেহীয়েকৰ হিয়ালি জিয়ালিকৈ কান্দোনৰ ৰোল উঠিল৷ ওচৰ-চুবুৰীয়া ঢপলিয়াই আহি সিহঁতৰ ঘৰ পালেহি৷ কি হ’ল? কি হ’ল? তেতিয়াহে কথাটো ওলাল, কাৱেৰীৰ বিয়া হ’ল! ছোৱালী গাভৰু হ’ল!

’প্ৰত্যেকেই টিফিন ছুটিৰ আগতে মোৰ হাতত দহটকাকৈ দিবাহি দেই৷ কাৱেৰীহঁতৰ ঘৰলৈ যোৱাৰ বাটতে গিফট্ এটা কিনি ল’ম৷’ পম্পীয়ে ক’লে৷ 

তাইৰ কথাত হয়ভৰ দি শ্ৰেণীটোৰ ছোৱালীজাক পুনৰ ব্যস্ত হৈ পৰিল৷ প্ৰথম পিৰিয়ডতে আজি ইংৰাজী আছে৷ ডিম্বেশ্বৰ ছাৰে টেনিছনৰ কবিতাটো মুখস্থ লোৱাৰ কথা৷ আজি বা ছাৰে কেনে ৰূপ ধৰি আহে, কোনে জানে! ডিম্বেশ্বৰ ছাৰৰ এচাৰিৰ কোব কেইটাৰ আতংকই সিহঁতৰ বাবে বিয়া খাবলৈ যোৱাৰ উত্তেজনাটো যথেষ্ট দমাই থ’লে যেন৷ ইংৰাজী কিতাপখন উলিয়াই বহুতে অহৰহ দোহাৰি থাকিল, ’Home they brought her warrior dead....’।

সিহঁতৰ মাজত পম্পী অৱশ্যে ব্যতিক্ৰম৷  ইংৰাজী কবিতা লৈ তাই বিশেষ ব্যতিব্যস্ত নহ’ল৷ সেয়া তাই কাহানিবাই সলসলীয়াকৈ মুখস্থ কৰি থৈছে৷ তাৰ সলনি চিচাৰ গিলাচটো ভালকৈ ধুই পখালি আনি তাই ডিম্বেশ্বৰ ছাৰৰ বাবে টেবুলত পানী এগিলাচ থ’লেহি৷ শ্ৰেণীৰ কেপ্টেইনৰ বাবটো পোৱাৰ পৰা প্ৰতিটো পিৰিয়ডতে বৰ নিষ্ঠাৰে তাই এইটো কাম কৰি আহিছে৷ তাৰ লগতে ক্লাছৰ শেষত ব’ৰ্ডখন মোহাৰি চিকুণ কৰি ৰখা, কোনোবা পিৰিয়ডত শিক্ষক অহা পলম হ’লে শ্ৰেণীৰ শৃংখলা বজাই ৰখা আদি সকলোখিনি কাম তাই বৰ দায়িত্বসহকাৰে কৰে৷ এই চিৰাচৰিত দায়িত্বখিনিৰ লগতে মাজে মাজে তোলনি বিয়া খাবলৈ যোৱাৰ ওপৰঞ্চি দায়িত্বটো তাই বেয়া পোৱা নাই৷ 

সিদিনা শ্ৰেণীত ছিটিকনি এছাৰিৰ কোবত বহুতৰে হাতৰ তলুৱাবোৰ থৰথৰাই গ’ল৷ কিন্তু সেয়া প্ৰায় আওকান কৰিয়ে টিফিন ছুটিৰ সময়লৈ গোটেই ছোৱালীজাক হৈ-চৈকৈ বিয়া খাবলৈ ওলাল৷ স্কুলৰ পৰা সোনকালে ওলোৱাৰ লগতে বিয়াঘৰত চিৰা-দৈ খোৱাৰ হেঁপাহে সিহঁতৰ মনবোৰ ৰঙীয়াল কৰি  তুলিলে৷ যোৱা কেইমাহমানত সিহঁতৰ কেইবাবাৰো এই সুযোগ মিলিছে৷ ষষ্ঠ শ্ৰেণীলৈ পোৱাৰ পৰা এনেকৈ হাফছুটি লৈ সিহঁতে ইয়াৰ আগতেও তিনিজনীকৈ সমনীয়াৰ বিয়া খাই আহিছেগৈ৷ 

যোৱাকেইবাৰৰ দৰেই বিয়াঘৰলৈ যোৱাৰ বাটত মহেন্দ্ৰ ষ্ট’ৰত সোমাই সিহঁতে স্কুলবেগ এটা কিনিলে৷ পম্পীয়ে দোকানীক কৈ বেগটো চিকমিকিয়া ৰঙীন কাগজেৰে মেৰিয়াই বন্ধাই ল’লে৷ মহেন্দ্ৰ দোকানীয়ে সেইটো পম্পীলৈ আগবঢ়াই দি হাঁহি হাঁহি ক’লে,

’হয়নে,এইবাৰ তেনে কাৱেৰী গাভৰু হ’ল! যা যা ভালকৈ বিয়া খাই যিমান পাৰ স্ফূৰ্ত্তি কৰি ল, ইয়াৰ পিছৰবাৰ বা তহঁতৰ কোনজনীৰ পাল পৰে কোনে জানে!’

পম্পীয়ে একো উত্তৰ নিদিলে৷ কিন্তু মহেন্দ্ৰৰ কথাষাৰত গোটেই ছোৱালীজাক লাজত মৰহি যোৱাৰ দৰে হ’ল৷ হয়তো! সিহঁতৰ মাজৰে কোনজনীৰ গাত বা এইবাৰ প্ৰজাপতি পৰেহি! কাক বা ছাৎ মাৰি টানি নি শৈশৱৰ দেওনা পাৰ কৰি একেকোবে যৌৱনৰ পাৰ-ঘাটত পেলাবগৈ কোনে জানে! সেই উপলব্ধিয়ে আশংকা আৰু উত্তেজনাৰ এটা মিশ্ৰিত আবেগ আনি দিলে সিহঁতৰ মনলৈ৷ পিছে তেনে কথাই বেছিপৰলৈ কাবু কৰি ৰাখিব পৰাৰ বয়স নহয় এয়া৷ কিছু পৰৰ পিছতে সিহঁতৰ খোজৰ লগে লগে হাঁহি-খিকিন্দালি আৰু কথাৰ গতিও তীব্ৰ হৈ আহিল৷

দলটো বিয়াঘৰ পাইগৈ মানে ৰভাতলী আয়তীৰ উৰুলি, নাম-প্ৰসংগ, গাঁৱৰ মানুহেৰে উদুলি মুদুলি হৈ পৰিছে৷ ইয়াৰ আগৰবাৰ কেতিয়া কাৱেৰীৰ ঘৰলৈ আহিছিল সেয়া মনত পেলাবলৈ চেষ্টা কৰিলে পম্পীয়ে৷ ছমাহমানেই হ’ল নেকি! তেতিয়া দেখা আহল-বহল চোতাল আৰু জপনাৰ দুয়োকাষৰ ফুলনিৰ সলনি আজি ইমূৰৰ পৰা সিমূৰ জুৰি নীলা-বগা পেণ্ডেলেৰে সজ্জিত ৰভাতলী৷ পম্পী অলপ আচৰিত হ’ল, কাৱেৰীয়ে তাইৰ মৰমৰ গোলাপকেইজোপাও কাটি পেলাবলৈ দিলেনে!

ৰভাতলীৰ বাটচ’ৰাতে দুফালে দুটা কলপুলি৷ সোঁমাজৰ তোৰণত এখন ভমকাফুলীয়া গামোচাৰে সৈতে দুটা ডাঙৰ জাপি৷ সেই তোৰণৰ তলেদিয়ে পম্পীৰ লগে লগে সিহঁত গোটেইবোৰ অলপ চুচুক-চামাককৈ সোমাই গ’ল৷ সিহঁতৰ যেন এইবাৰহে নিজৰ ইউনিফৰ্মবোৰলৈ চকু গ’ল৷ এই বিয়াঘৰৰ চকুত চাত মৰা সাজ-সজ্জা আৰু অভ্যাগতৰ সাজোন-কাচোনৰ মাজত সিহঁতৰ বগা চাৰ্ট আৰু সেউজীয়া স্কাৰ্টবোৰ বৰ বিসদৃশ যেন দেখা গ'ল!

 এনেতে কাষেৰে পাৰ হৈ যোৱা দুগৰাকী অভ্যাগতৰ কথা পম্পীৰ কাণত পৰিল, 

’আয়ৈ, তোলনি বিয়াতে ইমান ৰমক জমক! বৰবিয়াৰ আয়োজন কেনে হ’ব ভাবচোন নীৰুৰ মাক!’

’হয় দে! কোনে জানে, ছোৱালী পলাই গ’লে বৰবিয়া পাতিবলৈ নাপাব বুলিয়ে কিজানি মাক-বাপেকে এতিয়াই হেঁপাহটো পলুৱাই লৈছে!’

দুয়োৰে হাঁহিৰ খলকনিয়ে যেন পম্পীক বাৰুকৈ জোকাৰি গ’ল৷ শুনিলেনে অন্য কোনোবাই? শুনিলেনে? তাই লগৰবোৰলৈ চালে৷ নাই! সিহঁত গোটেইবোৰে মাথোঁ ৰভাতলীৰ সাজ-সজ্জা ট্ লাগি চাই ৰৈছে৷ হয়তো কল্পনা কৰিছে, সিহঁতৰ বিয়াতো এনে আয়োজন হ’বনে নহ’ব৷ কইনা সাজেৰে সিহঁতক কেনেকৈ সজাব৷ চিৰা-দৈৰ লগতে মিঠাই খুৱাবনে নুখুৱাব৷ 

স্কুলৰ ইউনিফৰ্ম দেখিয়ে সকলোৱে বুজি পালে, কাৱেৰীৰ সমনীয়াবোৰ একেলগে ওলাইছেহি৷ আলহী সোধাত ব্যস্ত হৈ থকা কাৱেৰীৰ মাক আগবাঢ়ি আহিল৷ আথে বেথে সিহঁতক মাতি নিলে,

’আহা আহা, কাৱেৰীয়ে ৰাতিপুৱাৰে পৰা তোমালোকলৈ বাট চাই আছে ৷’ 

আলহী বহিবলৈ শাৰী শাৰীকৈ ৰখা চকীখিনি পাৰ হৈ আহি পম্পীহঁতে কাৱেৰীক দেখা পালে৷ নাৰ্জী আৰু গোলাপ ফুলেৰে চাৰিওকাষ সজাই ৰখা এখন আহল বহল চোফাত তাই বহি আছে৷ ৰঙা পাটৰ কাপোৰ আৰু সোণৰ গহনাৰ মাজৰ পৰা কোনোমতে ওলাই থকা তাইৰ কণমান মুখখনত প্ৰসাধনৰ ডাঠ প্ৰলেপ, ওঁঠত ৰঙা লিপষ্টিক৷ কেঁকুৰা চুলিটাৰিৰ সৰু খোপাটোত কৃত্ৰিম চুলিৰ তৰপেৰে ডাঙৰ কৰি সোঁকাষে গুঁজি দিছে এপাহ গোলাপ ফুল৷ দূৰৈৰ পৰা দেখাত তাইক মহেন্দ্ৰ’ ষ্ট'ৰৰ শ্ব’কেছত সজাই থোৱা পুতলা এজনীৰ দৰে লাগিছে৷ হাতত চফদানি লৈ কাৱেৰীয়ে যন্ত্ৰবৎ হাঁহি এটাৰে ইজনৰ পিছত সিজনকৈ অতিথিক মাত লগাইছে৷ বিয়াৰ উপহাৰবোৰ লৈ চফদানিটো আগবঢ়াই দিছে৷ 

সিহঁতক দেখা পায়ে কাৱেৰীৰ দুচকু জিলিকি উঠিল, হাঁহিটো সজীৱ হৈ পৰিল ৷ আলহ উলহকৈ সিহঁত গোটেইজাককে কাষতে বহিবলৈ তাই ঠাই উলিয়াই দিলে৷ 

’আস্ তহঁত ইমান দেৰিকৈ ওলাইছহি! ইয়াত আলহী সুধি সুধি মই ব’ৰ হৈ গৈছোঁ৷ যাচোন যা পম্পী, সৌ চ্যুটকেছটো ভিতৰত খালী কৰি আনগৈ৷ গিফটবোৰ থ’বলৈ ঠাই নোহোৱা হৈছে৷’

পম্পীয়ে হাঁহি হাঁহি ক’লে,

’আমাৰ গিফট্ টোও লৈ ল তেনে! একেলগে ভিতৰত থৈ আহোঁ৷’

কাৱেৰীয়ে হাঁহিলে৷ ৰঙীন কাগজ ফালি উৎসাহেৰে তাই স্কুলবেগটো উলিয়ালে৷

’ইয়ে, এনেকুৱা বেগ এটাকে কিনিম কিনিম বুলি ভাৱি আছিলো৷ তহঁতে তাকে পছন্দ কৰি আনিলি! থেংক্ ইউ!’

কাৱেৰীয়ে বেগটো ভাল পোৱা দেখি সিহঁত সুখী হ’ল৷ লগতে বিয়াৰ অন্য উপহাৰবোৰৰ বিষয়ে, কাৱেৰীৰ যোৱা দুসপ্তাহৰ বিষয়ে জানিবলৈ সিহঁতৰ বৰ কৌতুহল হ’ল৷ যোৱামাহত শান্তি হোৱা ভনীকনে অভিজ্ঞ সুৰ এটাৰে ক’লে,

’কাৱেৰী, তোৰ মুখৰ ৰঙেই বদলিলচোন৷’

’যা:’ বুলি কৈ কাৱেৰীয়ে তাইক লাহেকৈ ঠেলা এটা মাৰিলে৷

’এতিয়াৰ পৰা যে চাদৰ-মেখেলাৰ ইউনিফৰ্ম পিন্ধিব লাগিব, গম পাইছনে নাই? তোৰ স্কাৰ্ট-চাৰ্ট পিন্ধাৰ দিন উকলিল আৰু৷ ’

মেনকাৰ কথা শুনি কাৱেৰীয়ে পাতলীয়া সুৰেৰে ডবিয়ালে, 

’সেইবোৰ যে মনত পেলাই নিদিবি এতিয়াই! কইনা হোৱাৰ স্ফূৰ্ত্তিখিনি কৰি লও ৰ৷ যোৱা এঘাৰ দিন মাটিতে খেৰৰ বিছনা কৰি শুলো, চাগু-বুট খাই ৰ’দ অকণ নোসোমোৱা চুকটোত পৰি থাকিলো বুজিছ৷ একো ক’ব নোৱাৰি, ক’লৈকো যাব নোৱাৰি- উস, অসহ্য লাগি গ’ল!’

পম্পীৰ বেথা উপজিল কাৱেৰীলৈ৷ বৰ চটফটীয়া ছোৱালী তাই৷ ক’তো যেন থিৰেৰেই নাথাকিব৷  এতিয়া সেই কাৱেৰীয়ে এঘাৰদিনীয়া বন্দীত্বৰ অন্তত গহীন গপচকৈ কইনা সাজেৰে বহি ৰৈছে৷ নম্ৰ হাঁহিৰে আলহী সুধিছে৷ তাৰ মাজতো বাৰে বাৰে কাপোৰৰ ভাঁজবোৰ ঠিক কৰি দি বৰমাকে সোঁৱৰাই দিছেহি, 

’এতিয়া তই গাভৰু হ’লি৷ আগৰ দৰে লচপচাই থাকিলে নহ’ব৷ অলপ লাহেকৈ খোজ নিদিয় কিয়!’

পম্পীয়ে দেখিছে, দুটা মুহুৰ্ত্তৰ বাবে কাৱেৰীজনী যেন জঁই পৰি গৈছে৷ নিজৰ ভিতৰলৈকে কেৰেলুৱাৰ দৰে সোমাই গৈছে৷ কিন্তু ক্ষন্তেক পিছতে পুনৰ তাই নম্ৰ হাঁহিটো যেন উলিয়াই লৈছে৷ তাই সঁচাই সলনি হোৱাৰ চেষ্টা কৰিছে নে মাথোঁ সকলোৰে দিহা-পৰামৰ্শ মানি চলাৰ অভিনয় কৰিছে? পম্পীয়ে ঠিক ধৰিব নোৱাৰিলে৷ 

ছোৱালীজাকৰ মাজত নানা কথা-হাঁহি খিকিন্দালি চলি থাকিল৷ পম্পী বা কাৱেৰী কোনো এজনীয়ে যেন তাত পুৰামাত্ৰাই অংশ ল’ব নোৱাৰিলে৷ দুয়ো যেন নিজা একোখন অনুভৱৰ জগতত ডুব গৈ থাকিল৷ দুয়ো যেন স্বকীয়ভাৱেই উপলব্ধি কৰিলে, এই আনন্দ উলাহ সিহঁতৰ বাবে নহয়, সেয়া মাক-দেউতাকৰ বাবে, অঙহী-বঙহীৰ বাবে, এই সমাজখনৰ বাবে৷ তাইক উৰ্বৰ বুলি সমাজক জনাই মাক-দেউতাক ধন্য হৈছে৷ তাৰে উত্তৰত হাঁহি হাঁহি সমাজে তাইলৈ আগবঢ়াই দিছে নাৰীজীৱনৰ তথাকথিত বাধ্যবাধকতাৰ শিকলিডাল৷ 

কাইলৈৰ পৰা কাৱেৰী কিশোৰীৰ সলনি এগৰাকী ৰজস্বলা: নাৰী হৈ পৰিব৷ লিংগভেদৰ শিকলিৰে আঁটি আঁটি বান্ধি পেলোৱা হ’ব তাইক৷ তাইৰ ইচ্ছা-অনিচ্ছাবোৰ নিৰ্ধাৰিত কৰি দিব মাক-দেউতাক আৰু অঙহী-বঙহীয়ে৷ আগৰদৰে খিলখিলাই হাঁহিব নোৱাৰিব, অকলশৰে ইফালে সিফালে যাব নোৱাৰিব৷ পুৰুষৰ লোলুপ দৃষ্টিৰ পৰা সমগ্ৰ শৰীৰ লুকুৱাই ভৰিৰ সৰু গাঁঠিলৈকে ঢাকি তাই কাপোৰ পিন্ধিব লাগিব৷ ৰজস্বলা: নাৰীৰ যে পদে পদে বিপদ, চেকা লগাৰ আশংকা৷ 

ৰুমালৰে যুৰীয়া তামোল মেৰিয়াই সজোৱা কেঁচুৱাটি লৈ কাৱেৰীৰ মাকে আয়তীসকলৰ সৈতে ধেমালি কৰা চাই চাই পম্পীৰ দেহ-মন যেন সংকুচিত হৈ পৰিল৷ কাৱেৰীৰো কাণ দুখন ৰঙা হৈ পৰা তাই ঠিকেই দেখিলে৷ এতিয়াৰ পৰা তাইৰ যেন জীৱনৰ লক্ষ্য আৰু উদেশ্য হৈ পৰিব  সন্তান ধাৰণৰ আৰু পালনৰ বাবে নিজকে সাজু কৰা৷ ইমানবোৰ সমনীয়াৰ মাজত থাকিও পম্পীয়ে বৰ অকলশৰীয়া অনুভৱ কৰিলে৷ এই সকলোবোৰ সমাজৰ বিধান বুলি নীৰৱে মানি লোৱা সমনীয়াবোৰৰ লগত তাই একোকে পাতিব নোৱাৰিলে৷

আবেলি ঘৰলৈ উভতে মানে পম্পীৰ হৃদয়ত ভয় আৰু আশংকাৰ হাজাৰটা ঢৌয়ে ছানি ধৰিলে৷ তাইৰ বাবেও এনেকৈয়ে হেৰাই যাব নেকি এই শৈশৱ? পৰিৰ্ৱত্তনৰ ধুমুহাই নিশ্চিহ্ন কৰি দিব নেকি এই মুকলি আকাশ আৰু সপোনৰ ৰামধেনু? পাৰিবনে তাই? পাৰিবনে কাৱেৰীৰ দৰেই সেই সামাজিক বিধান নীৰৱে মানি ল’ব? অথবা মানি লোৱাৰ অভিনয় কৰিব? 

’বিয়া খালিগৈ?’ তাইলৈ গাখীৰ এগিলাচ আগবঢ়াই দি মাকে সুধিলে৷ বাবু আৰু মাকণক খাবলৈ দি মাক পাকঘৰত ব্যস্ত ৰাতিৰ সাঁজৰ যোগাৰত৷ ভায়েক-ভনীয়েকৰ কাষতে পীৰা এখন পাৰি পম্পী বহি পৰিল৷ মাকৰ কথাৰ উত্তৰত একো নকৈ মাথোঁ মূৰ দুপিয়ালে আৰু গাখীৰত চুমুক দিলে৷

অন্য একোকে নোসোধা স্বত্বেও মাকৰ মুখৰ ভাষা পম্পীয়ে ঠিকেই বুজি পালে৷ প্ৰতিবাৰে সমনীয়াৰ তোলনি বিয়া খাই আহি ঘৰ পোৱাৰ পিছতে মাকৰ এই কেঁহৰাজ বৰণীয়া মুখখন আৰু উদ্বিগ্ন দৃষ্টি তাই দেখি আহিছে। সেয়াই যেন তাইক বাৰে বাৰে সোঁৱৰাই দিয়ে, তাই যে এটা বিস্ফোৰণৰ আগজাননী  লৈ আহিছে ঘৰখনলৈ৷ মাক-দেউতাকে যেন অহৰহ শুনা পাইছে সেই বোমাৰ টিকটিক শব্দ! 

কাৱেৰীৰ দৰেই আজি বা কাইলৈ পম্পীৰ শান্তি হ’ব৷ কেনেকৈ কোন সতেৰে এখন বিয়াৰ আয়োজন কৰিব মাক-দেউতাকে? সৌ সিদিনা মাথোঁ ককায়েকৰ সৈতে মাটি-সম্পত্তি লৈ দুৰ্বাদল কাজিয়া হোৱাৰ পিছত দেউতাকে ঘাইঘৰ এৰি আহিছে৷ গাঁৱৰ একোণৰ এই চাপৰিত কোনোমতে চালি এখন তৰি পৰিয়ালটোৱে মূৰ গুঁজি আছে৷  চাপৰিৰ মাটি টুকুৰা দ৷ যোৱা মাহৰ পৰা দেউতাকে ধাৰ-ধুৰ কৰি ট্ৰাকেৰে মাটি পেলোৱাই ভেঁটিটো ওখ কৰিছে৷ তাতে পকী ঘৰ এটা সাজিবলৈ বিলালৰ দোকানত শিল, বালি, চিমেন্টৰ বাকীৰ দাম দৰ কৰিছে৷ বৰ বেয়া সময় এতিয়া৷ বৰ বেয়া সময়!

উৎস

সেই নিশা টোপনিত ঢলি পৰা বাবু-মাকণৰ কাষত পম্পী নীৰৱে পৰি ৰ’ল৷ দিনটোৰ কথাবোৰে উখল মাখল লগাই থকাৰ বাবেই বহুপৰলৈ কিজানি তাইৰ টোপনি নাহিল৷ কাষৰ দ পথাৰ খনৰ পৰা ভাঁহি  অহা ভেকুলীৰ টোৰটোৰণিৰ মাজতে তাই শুনা পালে কাষৰ কোঠাৰ পৰা অহা মাক-দেউতাকৰ কথা৷ দেউতাকৰ চেপা মাতে খং আৰু বিৰক্তিখিনি লুকুৱাই ৰাখিব পৰা নাই৷

’ছোৱালী মানেই জঞ্জাল বুলি মই এনেয়ে কওঁ নেকি! এতিয়া শিল-বালিৰ চিন্তা কৰোঁ নে ছোৱালীৰ বিয়াৰ চিন্তা কৰোঁ?’

’আপুনি সেয়া চিন্তা কৰিছে৷ দং দংকৈ যে ছোৱালীজনী বাঢ়ি আহিছে- চকুত লগা হৈ আহিছে সেয়া ভাৱিছে জানো? গাভৰু ছোৱালী এজনীৰ গাত চেকা নলগাকৈ পদে পদে সাৱধানে ৰখাটোৰ কথা মই  মাকজনীয়েহে ভাৱি মৰিছোঁ৷’ মাকৰ মাতটো অসহায় কান্দোনৰ দৰে ওলাইছে যেন৷

পম্পীৰ হৃদয়খন ক’লা পৰি আহিছে৷ নিজৰ শৰীৰটোৰ প্ৰতি এক তীব্ৰ বিতৃষ্ণা আৰু ক্ষোভে তাইক ডুবাই পেলাইছে৷ অভিশপ্ত এই শৰীৰেই যেন তাইৰ প্ৰধান শত্ৰু হৈ পৰিছে৷ তাই ডাঙৰ হ’ব নোখোজে৷ ৰজস্ব:লা নাৰী হৈ মাক-দেউতাকৰ বাবে বব নোৱাৰা বোজা হ’ব নোখোজে৷ তাই ৰৈ যাব খোজে শৈশৱৰ এই মুকলি পৃথিৱীখনতে৷ বহুপৰ লৈ সিনিশা তাইৰ চকুপানীয়ে গাৰুটো তিয়াই পেলালে, নীৰৱ প্ৰতিবাদ বোৰ ঠেকা খালে কোঠাৰ চাৰিবেঁৰত। কোনেও নজনাকৈ, কোনেও নুবুজাকৈ।

বাঢ়ি অহা শৰীৰটোৱে সঁচাকৈয়ে এদিন পম্পীৰ সকলো বিদ্ৰোহ ধূলিসাৎ কৰি দিলে৷ পুৱাতে গা ধুৱা ঘৰত সোমাই তাই শিয়ঁৰি উঠিল ৰঙা সোঁত এছাটি দেখি৷ কেইটামান মুহুৰ্ত্ত ভয় আৰু আতংকত তাই যেন উশাহেই ল’বলৈ পাহৰি গ’ল৷  এয়া যে তাইৰ জীৱন স্তব্ধ হৈ পৰাৰ অশনি সংকেত৷  কি কৰিব এতিয়া? কি কৰিব? উজাই আহিব খোজা কান্দোনটো কোনোমতে সামৰি থ'লে পম্পীয়ে। বৰ অসহায়, বৰ অকলশৰীয়া যেন অনুভৱ কৰিলে তাই।

বেছ কিছুপৰ কিংকৰ্তব্যবিমুঢ় হৈ ৰোৱাৰ পিছত পম্পীৰ হৃদয়ত কেনেকৈ জানো এটা দৃঢ়তাই ভৰ কৰিলেহি৷ তাই যেন হঠাৎ বদ্ধপৰিকৰ হৈ উঠিল নিয়তিৰ এই পৰিহাস নিশ্চিন্ন কৰি দিবলৈ৷ 

তেজৰ চেকা লগা চোলাটো ঘঁহি ঘঁহি ধুই লৈ তাই গা ধোৱা ঘৰৰ মজিয়াত বাল্টিয়ে বাল্টিয়ে পানী ঢালিলে৷ শেষত গাটো ধুই উঠি লাহেকৈ দুৱাৰখন খুলি মাকনো ক’ত আছে টং কৰাৰ চেষ্টা কৰিলে৷ বাবু-মাকণৰ মাত শুনি তাই অনুমান কৰি ল’লে অন্যদিনাৰ দৰেই মাকে পাকঘৰত চাহ আৰু টিফিন কৰাত লাগি পৰিছে৷ যিমান পাৰি মাকৰ চকুত নপৰাকৈ তাই পাকঘৰৰ দুৱাৰখন সাউৎকৈ পাৰ হৈ আহিল৷ দেউতাক ইতিমধ্যে কোৰ এখন লৈ পিছচোতালৰ শাকনি বাঁৰীখনত সোমাইছে৷ সেই সুযোগতে পম্পীয়ে শোৱাকোঠাৰ আলমিৰাৰ একেবাৰে তলৰ খাপটোৰ পৰা বিচাৰি বিচাৰি মাকৰ পুৰণা কপাহী চাদৰ এখন উলিয়াই আনিলে৷ খুউব সাৱধানেৰে চাদৰখন অন্য কাপোৰৰ লগত লৈ তাই পুনৰ গা ধোৱা ঘৰত সোমালগৈ৷ এইবাৰ চাদৰখনৰ পৰা আহল বহল এটুকুৰা চিৰি লৈ তাই সেই ৰাঙলী নৈৰ বাট ভেঁটাৰ ব্যৱস্থা কৰি ল’লে৷ প্ৰতিমাহে মাকক দেখি দেখি তাই ইমানখিনিলৈ অন্তত: আয়ত্ব কৰিব পাৰিছে৷ সকলো সামৰি সুতৰি লৈ তাই দীঘলকৈ স্বস্তিৰ উশাহ এটা ল’লে৷

’পম্পী, গাখীৰ আৰু বিস্কুট ইয়াতে থৈছোঁ, খা হি আহ আকৌ৷’ 

পাকঘৰৰ পৰা মাকৰ মাত শুনি তাই আতংকিত হৈ উঠিল৷ চুচুক চামাককৈ আহি পাকঘৰৰ দুৱাৰডলিত তাই থমকি ৰ’লহি৷ কি কৰিব লৈছে তাই এয়া? তাই জানে, এই চুৱা শৰীৰেৰে পাকঘৰত সোমোৱা নিষেধ৷ প্ৰতিমাহে মাক নোৱাৰাঁ হোৱাৰ পৰা সাতদিনলৈকে দেউতাকে ৰন্ধা খিচিৰি খাই সিহঁতে দুইবেলা কটায়৷ পম্পীয়ে চম্ভালিব পৰা হোৱাৰে পৰা এতিয়া পিছে সিহঁত তিনিওটাই অন্তত: সেইকেইদিনত টিফিনত খাবলৈ ৰুটি ভাজি কৰি নিব পৰা হৈছে৷ কোনেও নাজানিলেও সামাজিক বিধিৰ সেই অলংঘ্য সীমা পাৰ কৰাৰ সাহস নহ’ল তাইৰ৷ 

সমগ্ৰ মন আৰু শৰীৰ আছ্ন্ন কৰি পেলোৱা অস্বস্তি, ভয়-শংকা সকলো চেপি ধৰি যিমান পাৰি সহজভাৱে দুৱাৰডলিৰ পৰাই পম্পীয়ে মাকক ক’লে,

’মা, আজি স্কুললৈ নাযাওঁ নেকি! মোৰ গাটোচোন বৰ বেয়া লাগিছে৷’

আলুৰ বাকলি গুচাই থকাৰ পৰা মাকে মূৰ তুলি চালে৷ তাইৰ মুখৰ অভিব্যক্তিতে মাকে সকলো বুজি পাব বুলি পম্পী ভিতৰি উচপিচাই উঠিল! 

’কি হৈছে তোৰ? মুখখন এনেকুৱা কৰিছ কিয়? জ্বৰ উঠিছে নেকি?’ মাক যেন চিন্তিত হৈ পৰিল৷ 

ধৰা পৰাৰ আতংকই পম্পীক নিমিষতে বাকৰুদ্ধ কৰি পেলালে৷ হাতখন ধুই চাদৰৰ আচলেৰে মোহাৰি লৈ মাক তাইৰ কাষলৈ আহিল। আলফুলে তাইৰ কপালত হাত খন দি চালে৷ আস! এই যেন মাকৰ লনী দেহাটো সাৱট মাৰি লৈ হুকহুকাই কান্দি পেলাব তাই, সেই প্ৰশান্তিৰ ছায়াঁৰে যেন পুৱাটোৱে আনি দিয়া কলীয়া ডাৱৰজাক আঁতৰাই পেলাব! সেই তীব্ৰ ইচ্ছাটো মনতে সামৰি মাথোঁ দাঁত-ওঁঠ কামুৰি নীৰৱে থিয় দি ৰ'ল পম্পী।

’ইয়ে, গোটেই গাটোৱে গৰমচোন৷ হ’ব নালাগে আজি যাব৷ যা, বিছনাতে অলপ পৰি থাকগৈ৷ অলপ জিৰণি ল’লে ভাল লাগিবও পাৰে৷’

মাকে জানে, পম্পীয়ে স্কুললৈ গৈ বৰ ভাল পায়৷ অনাহকত স্কুল ক্ষতি কৰাৰ কথা তাই নকয়৷ সেয়ে তেওঁ সন্দেহ কৰাৰ থল নাপালে। পম্পীয়ে গৈ শোৱাকোঠাত সিহঁতৰ বিছনাখনতে বাগৰ দিলেগৈ৷  সাত বছৰীয়া মাকণে তাইৰ গাখীৰ গিলাচৰ সৈতে বিস্কুট দুখন বিছনাৰ কাষতে থ’লেহি৷ অন্যদিনা হোৱা হ’লে তাই মৰমতে ভনীয়েকক টানি আনি ভাকুটকুটাই দিলেহেঁতেন কিজানি৷ কিন্তু আজি তাই সঁহাৰি দিবলৈকো থেৰোঁগেৰোঁ কৰিলে। জানোচা, সেই চলতে ভনীয়েকে তাইৰ কাষত এবাগৰ দিবলৈ আহে! এতিয়া যে তাই এই চুৱা শৰীৰেৰে সিহঁতক চুব নাপায়!

বৰ অসহজভাৱে বিছনাৰ একেবাৰে দাঁতিত পম্পী পৰি ৰ’ল৷  কামলৈ ওলাই যোৱাৰ পৰত দেউতাকে আহি তাইক এবাৰ চাই গ’ল৷ দেউতাকৰ হাতখনে তাইৰ কপাল স্পৰ্শ কৰাৰ মুহুৰ্ত্তত পম্পীৰ সমগ্ৰ শৰীৰ যেন জিকাৰ খাই উঠিল। দুচকু জোৰেৰে মুদি দিলে তাই৷ তাই যে কোনো পুৰুষৰ মুখ চাব নাপায়, স্পৰ্শ কৰাটো দূৰৈৰে কথা! কোনেও  নাজানিলেও এটা অপৰাধবোধে তাইক খুলি খুলি খালে৷ 

বাবু আৰু মাকণ স্কুললৈ যোৱাৰ পিছত মাকে আগচোতালত চাউল জাৰিবলৈ ল’লে৷ ঘৰ-চাপৰি চম্ভালোতে মাকৰ দিনটো আহৰিয়ে নোলায়৷ তাৰ মাজতে দুপৰীয়া অকণমান সময় তেওঁ তাঁতৰ শালতো বহে৷ আজি পিছে সেইখিনি সময়ত মাকে কাম এৰি আহি পম্পীৰ কাষত বহিলহি৷ গৰমপানী এগিলাচৰ সৈতে তাই ভালপোৱা ৰঙালাউ আগ দি হাঁহৰ কণীৰ ভজা দিলেহি৷

পম্পীয়ে কোনোমতে বিছনাত বহি খালে৷ ভিতৰি অনুশোচনাত দগ্ধ হৈ পৰিল তাই মাকৰ পৰা ইমান ডাঙৰ কথা এটা লুকুওৱাৰ বাবে৷ কিন্তু কওঁ কওঁ বুলি বহু চেষ্টা কৰিও তাই মুখ খুলিব নোৱাৰিলে৷ এতিয়া যেন বহু পলম হৈ গৈছে৷ সেই পাপৰ বাটত তাই ইতিমধ্যেই ভৰি থৈছে- এতিয়া আৰু উভতাৰ বাট নাই৷ তাই যে ইতিমধ্যে পথভ্ৰষ্টা৷ তাইৰ ভীষণ ভয় হ’ল এই পাপৰ কেনেকৈ প্ৰায়শ্চিত্ত কৰিব সেইকথা ভাৱি৷ 

সন্ধিয়া বাবু আৰু মাকণে তাইক মাতিলে প্ৰাৰ্থনা কৰিবৰ বাবে৷ সিহঁত তিনিও একেলগে থাপনা ঘৰত বহি প্ৰতি সন্ধিয়া প্ৰাৰ্থনা কৰে৷ পম্পীয়ে লগে লগে টোপনিৰ ভাও জুৰিলে৷ মাকে বিছনাৰ কাষলৈ আহি তাইক এবাৰ চাই গৈ সিহঁতক ক’লে,

’বায়েৰৰ গা ভাল নহয় অঁ৷ তহঁত দুটায়ে মিলি আজি প্ৰাৰ্থনা কৰচোন৷’

পম্পীয়ে নীৰৱে শুনি থাকিল বাবু আৰু মাকণৰ মাতত ভাঁহি অহা ’মুক্তিতো নিস্পৃহো' ৰ মন জুৰোৱা সুৰ। তাৰ লগে লগে বিছনাৰ পৰাই তাই হৃদয়ৰ সকলো আবেগেৰে নীৰৱে ভগৱানক কাকুতি কৰিলে তাইৰ এই পাপ খণ্ডাবলৈ৷

সমগ্ৰ নিশাটো বিছনাৰ দাঁতিত বাবু আৰু মাকণৰ পৰা যিমান পাৰি দূৰৈত মৰা গছ এডালৰ দৰে চিত হৈ পৰি ৰ’ল পম্পী৷ একাঁতিকৈ শুলে কেনেবাকৈ বিছনা চাদৰখন লেতেৰা হৈ পৰাৰ আশংকাত তাই তিলমাত্ৰও লৰচৰ নকৰিলে৷ চাদৰখনৰ তলত ঠিক তাই শুৱা ঠাইকণতে সংগোপনে পলিথিনৰ বেগ এটা ফালি দীঘলীয়াকৈ পাৰি ল'লে। বিছনাৰ তুলীখন অন্তত: লেতেৰা নহ'ব। পিছে খিচখিচিয়া পলিথিনৰ ওপৰত  শুৱাটো বৰ অস্বস্তিকৰ হৈ পৰিল তাইৰ বাবে। কাল নিশাটো নাযায় নুপুৱায় যেন হ'ল।

পিছদিনা পুৱাতে কোনো নুঠোতেই হাতত সাৰে ভৰিত সাৰে মাকৰ সেই কপাহী চাদৰখন লৈ পম্পীয়ে পিছচোতাললৈ দৌৰ দিলে৷ গা-ধোৱা ঘৰত সোমায়ে তাইৰ মূৰ আচন্দ্ৰাই কৰিব খুজিলে যেন৷ ইমান তেজ! তেজৰ সোঁত নহৈ যেন সেয়া এক পাৰভঙা  নদী! আঙুলীৰ ছাল ছিঙি বিৰিঙা তেজখিনিও সহিব নোৱাৰা ছোৱালী পম্পী৷ জীৱনত কেতিয়াও তাই ইমান তেজ দেখা পোৱা নাই৷  কোনোমতে কান্দোন সামৰি থৈ তাই পিন্ধি থকা কাপোৰবোৰ  তন্নতন্নকৈ চালে কৰবাত তেজৰ দাগ লাগিছে নেকি বুলি৷ নীলা ফুটুকীয়া চোলাটোৰ একাংশ তেনেই ৰাঙলী হৈ পৰা দেখি তাই আতংকিত হৈ উঠিল৷ কি হ’ব এতিয়া! মাকে বা অন্য কোনোবাই সেয়া দেখিলে অনৰ্থ হ’বচোন৷ লৰালৰিকৈ পম্পীয়ে চোলাটো সলাই লৈ থুকুচি থুকুচি ধুলে। কাপোৰ আছাৰাৰ চিটিকনিৰ লগত তাইৰ অবিৰাম চকুপানী মিলি এক হৈ গ'ল। 

এই ধৰা পৰোঁ পৰোঁ কৈও মাক-দেউতাকৰ চকুত হাতে-লোটে ধৰা নপৰাকৈ দুটা সম্পূৰ্ণ দিন পাৰ হৈ গ’ল৷ দ্বিতীয় দিনাৰ পৰা পিছে ভূতৰ ওপৰত দানহ পৰাৰ দৰে চিৰিং চিৰিং কৈ পেটৰ  বিষ এটাই পম্পীক বাৰুকৈ ভোগালে। লাহে লাহে বিষটোৱে যেন তাইৰ সমগ্ৰ দেহটোৱে কাবু কৰি পেলালে। ক্ষণে ক্ষণে উঠা বিষৰ ঢৌবোৰে তল পেটটো বাৰে বাৰে খামোচ মাৰি আনিলে। সেই বিষৰ তীব্ৰতাত  কঁকালটো ছিঙি আহিব যেন ভাব হ'ল পম্পীৰ। সিদিনা সন্ধিয়া উভতাৰ পৰত দেউতাকে ফাৰ্মাচীৰ পৰা পেটৰ বিষ আৰু জ্বৰৰ টেবলেট দুটামান লৈ আহিল৷ মাকে দিয়াত তাকে বিনা প্ৰতিবাদে পম্পীয়ে খালে। কিন্তু তাইৰ বিশ্বাস হ'ল যেন এই যন্ত্ৰণা তাইৰ প্ৰাপ্য। দুটা দিনতে তাই কিমানবোৰ অপৰাধ কৰি পেলাইছে, কিমানবোৰ বাধা নিষেধৰ লক্ষ্মণ ৰেখা দেও দি গৈছে। এতিয়া তাই ভগৱানৰ দৃষ্টিতো এলাগী। কোনো দেব-দেৱীয়ে তাইৰ অশুচি দেহ-মনৰ প্ৰাৰ্থ্না গ্ৰহণ নকৰে। 

পিছদিনা পুৱা গাখীৰ গিলাচৰ সৈতে দুখন বিস্কুট লৈ আহি মাকে পম্পীক জগালেহি। পিছে গাত ধৰি কেইবাবাৰো মাত দিয়াতো তাই সাৰ নাপালে। মাকে উদ্বিগ্ন হৈ কপালখন চুই চালে। আগ্নেয়গিৰি হেন হৈ যেন ভকভকাব লাগিছে তাইৰ সমস্ত শৰীৰ! 

'হেৰি, এইফালে চাওকহিচোন। পম্পীৰ চোন সাৰ-সিকতি নাই।' মাকৰ আতংকিত চিঞৰটো শুনি শাকনিবাৰীৰ পৰা দেউতাক ঢপলিয়াই আহিল।

'পম্পী, চাওঁ মাত এষাৰ দেচোন মাজনী। কি হৈছে তোৰ? কিয় এনেকুৱাখন কৰিছ?' মাকে প্ৰায় কান্দিবলৈ আৰম্ভ কৰিছে তেতিয়ালৈ।

দেউতাক হতভম্ভ হৈ পৰিব খুজিলে। কিন্তু একমুহুৰ্ত্তৰ পিছত তেওঁ লৰালৰিকৈ তাইৰ  হাত আৰু ডিঙি  পৰীক্ষা কৰিলে।

'উশাহ লৈ আছে, উশাহ লৈ আছে তাই!!'

মাকে বিহ্বল দুচকুৰে দেউতাকলৈ চালে। বাবু আৰু মাকণ ইতিমধ্যে কোঠাৰ এচুকত তাপ মাৰি ৰৈছে। 

দেউতাক প্ৰায় দৌৰি যোৱাদি গ'ল চাপৰিৰ ইটো  মূৰত থকা নৱৰ ঘৰলৈ। ভাগ্যে নৱই তাৰ অট'ৰিক্সাখন লৈ টাউনলৈ তেতিয়াও ওলাই যোৱা নাই। 

দুয়ো কেইমিনিটমানৰ ভিতৰতে আহি পাই উথপথপকৈ পম্পীৰ চেতনাহীন শৰীৰটো  বিছনাৰ পৰা দাংকোলাকৈ ধৰিলেহি। তাইক তুলি আনোতেহে তেজেৰে ৰাঙলী হৈ পৰা বিছনাখনলৈ চকু গ'ল মাক দেউতাকৰ। দুয়োৰে একেসময়তে।সেই এচপৰা ৰঙা ৰঙে যেন পলকতে শুহি লৈ গ'ল দুয়োৰে মুখৰ সকলো ৰং। দুয়ো সেই মুহুৰ্ত্তত হৈ পৰিল বিবৰ্ণ আৰু বিধস্ত দুটা প্ৰস্তৰ মূৰ্ত্তি।

Saturday, 12 March 2022

চিন্তাৰ ফান্দ

’মোৰ আজি পৰীক্ষা বেয়া হোৱাটো খাটাং!’

’এই পৃথিৱীৰ সকলো মানুহেই স্বাৰ্থপৰ৷’

’যিমানেই চেষ্টা নকৰোঁ, মই কেতিয়াও ভৱামতে ফল নাপাওঁ৷’

’সবেই মোৰ বেয়া হোৱাটোৱে বিচাৰে৷’


’সি পৰীক্ষাত ফেইল কৰিলে৷ তাৰ দ্বাৰা আৰু জীৱনত একো নহব৷’

আপোনাৰ মনলৈ যদি 
প্ৰায়ে এনে ভাৱ কিছুমান আহে, তেনে এই লেখাটো আপোনাৰ কাৰণে! অবিশ্বাস্য হ’লেও আচলতে এই সকলোবোৰ একো একোটা চিন্তাৰ ফান্দ (Thinking trap)! সেই ফান্দত পোনেই ভৰি নথৈ ক্ষন্তেক থমকি ৰৈ যদি আপুনি ভাৱি চায়, দেখিব যে এনে চিন্তাবোৰ বহুসময়ত কেৱল আপোনাৰ নিজা অনুভৱ, সেয়া প্ৰকৃতাৰ্থত সঁচা নহবও পাৰে৷ এই এটা মাত্ৰ উপলব্ধিয়েই আপোনাৰ জীৱনৰ গতি সম্পূৰ্ণ সলনি কৰি দিব পাৰে৷ আহকচোন চাওঁ কেনেকৈ!

চিন্তাৰ ফান্দ হ’ল আমাৰ মনত অভ্যাসবশত: উপজা নেতিবাচক চিন্তাৰ সোঁত৷ আমি যি পৰিৱেশত ডাঙৰ হৈছোঁ বা দৈনন্দিন জীৱন পাৰ কৰিছোঁ সেই সকলোবোৰে এনে ফান্দবোৰ সৃষ্টি কৰাত আৰু অব্যাহত ৰখাত সহায় কৰে৷ এই ফান্দত পৰিলে আপোনাৰ মগজুৱে বাস্তৱতনো সেই চিন্তাৰ কিমান সত্যতা আছে তাৰ বিচাৰ কৰাৰ অৱকাশ নোপোৱা হয়৷ প্ৰতিটো কথাৰে যে ভাল-বেয়া দুয়োটা দিশ থাকিব পাৰে সেয়া বাচ-বিচাৰ নকৰাকৈ আপোনাক চিন্তাৰ ফান্দে পোনেই লৈ যায় আবেগিক সিদ্ধান্তলৈ৷ বহুসময়ত এনে চিন্তাৰ ফান্দে নিৰন্তৰ পিষ্ট কৰি থাকি আপোনাক বিষণ্ণতাৰ মাজলৈকো ঠেলি দিব পাৰে৷

উৎস


এনে কিছুমান চিন্তাৰ ফান্দ আৰু সেই ফান্দবোৰ এৰাই চলাৰ উপায় এনেধৰণৰ-

(১) ক’লা-বগা চিন্তা (All-or-nothing thinking)

আশা কৰাৰ দৰে আপোনাৰ কামটো নহ’ল, চাকৰিটো নাপালে, পৰীক্ষাত ভাল নম্বৰ নাপালে৷ লগে লগে আপোনাৰ মনলৈ আহিল, ’মই একোৰে লায়ক নহয়’ বা ’মোৰ ভাগ্যই বেয়া’৷ কিন্তু ক্ষন্তেক ৰৈ দকৈ ভাৱি চালে দেখিব, প্ৰত্যেকৰ জীৱনলৈ সৰু-বৰ বিফলতা আহেই৷ কেতিয়াবা বিফলতাই নতুন বাটৰ, অন্য সফলতাৰ সুযোগো লৈ আনে৷ গতিকে বহুসময়ত এনে ’সকলো বহুত ভাল বা সকলো বহুত বেয়া’ ধৰণৰ চিন্তাৰ ফান্দৰ পৰা ওলাবলৈ নিজকে সোঁৱৰাই দিব পাৰে, ’বেয়াৰ মাজতো ভাল থাকে, সেয়া চিনিব পৰাটোহে ডাঙৰ কথা৷’

(২) ভিত্তিহীন ধাৰণা (Mind-reading)


বহুসময়ত আমি নিজৰ অজানিতেই অন্য লোকে কি ভাৱিছে তাৰ ধাৰণা কৰি লওঁ৷ ’মই বিপদত পৰিলে সিহঁতে ভালেই পায়’, ’তাই মোৰ বদনাম গাইহে ফুৰিব’, ’মোৰ কথা শুনি সকলোৱে কিজানি মনতে হাঁহিছে’, ’মই জানো তেওঁ মোক দেখিবই নোৱাৰে’ আদি এনেধৰণৰ চিন্তাৰ ফান্দ৷ তাৰ সলনি এবাৰ নিজকে মনত পেলাই দিয়কচোন, অন্যৰ মনত কি আছে সেয়া নোকোৱাকৈ আপুনি জনাৰ কোনো উপায় নাই৷

(৩) ভৱিষ্যত দ্ৰষ্টা (Fortune-telling)

কোনো বাস্তৱ ভিত্তি নথকাকৈয়ে আমি বহু কথা বা কামৰ নেতিবাচক ফল হ’ব বুলি ধৰি লওঁ৷ ’আজি পৰীক্ষা বেয়া হ’বই’, ’ফুৰিবলৈ যোৱাৰ আগতে গা বেয়া হ’বই’, ’চাকৰিটো নাপাওঁ বুলি জানোৱে’ -এই সকলোবোৰ চিন্তা এনে ফান্দৰ উদাহৰণ৷ অথচ আমি সকলোৱে জানো, ভৱিষ্যতে কি হ’ব সেয়া আচলতে কোনেও ডাঠি ক’ব নোৱাৰে৷

(৪) সাধাৰণীকৰণ (Overgeneralisation)

আমাৰ প্ৰত্যেকৰে জীৱনলৈ ভাল-বেয়া সময় আহে৷ কিন্তু এবাৰ কিবা এটা বেয়া হ’লে আমি কেতিয়াবা ধাৰণা কৰি লওঁ, ’মোৰ লগত সদায় এনেকুৱাই হয়’৷ চিন্তাৰ সোঁতত যেতিয়াই ’সদায়’, ’সকলোৱে’, ’কেতিয়াও’ আদি শব্দ সোমাব, তেতিয়াই সাৱধান হওক৷ কাৰণ প্ৰায়ে এই কথা বা কামবোৰৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক নাই৷ এটা বেয়া অভিজ্ঞতাই সকলোবোৰ অভিজ্ঞতা বেয়া হোৱাৰ সম্ভাৱনা আনি নিদিয়ে৷

(৫) আপদ চিন্তা (Catastrophising)

প্ৰায়বোৰ পৰিস্থিতিতে আপুনি আটাইতকৈ বেয়া ফলটো কল্পনা কৰি লয় নেকি? ’যদি এই চাকৰিটো নাপাওঁ মই গোটেই জীৱন নিবনুৱা হৈ থাকিম, সমাজে মোক হাঁহিব’, ’মেডিকেল কলেজত ছিট এটা নাপালে মোৰ জীৱন বিফল’ -এইবোৰ আপদ চিন্তাৰ ফান্দ৷ প্ৰকৃতাৰ্থত পৰিস্থিতিয়ে তেনেকুৱা ৰূপ নল’বও পাৰে৷ কেৱল এটা কাৰকেই আপোনাৰ সমগ্ৰ জীৱন অৰ্থহীন কৰি নুতুলিবও পাৰে৷ গতিকে এনে চিন্তাৰ ফান্দত পৰিলে অন্য সম্ভাৱনা বা বাটবোৰৰ বিষয়ে নিজকে সোঁৱৰাওক৷

(৬) ব্যক্তিগতকৰণ (Personalization)

’সকলো মোৰেই ভুল’, ’তাই আঁতৰি থকা যেন লাগিছে, ময়ে কিবা কৈ বা কৰি তাইক দুখ দিলো চাগৈ’ -আপোনাৰ চাৰিওফালে অন্যই যি কয় বা কৰে সকলোৰে বাবে আপুনি নিজকে এনেকৈ দোষী সাব্যস্ত কৰে নেকি? বাস্তৱত অন্যৰ কথা বা কামৰ আঁৰত আন হাজাৰটা কাৰণ থাকিব পাৰে৷ তাৰে এটা আপুনি নহবও পাৰে৷ এই চিন্তাৰ ফান্দত পৰা যেন দেখিলে বাকীবোৰ সম্ভাৱনা চালি-জাৰি চোৱাৰ চেষ্টা কৰক৷

(৭) উচিত-অনুচিতৰ ফান্দ (Should Statement)

বহুসময়ত আমি উচিত-অনুচিতৰ বান্ধোনেৰে নিজকে বা আনক আঁটি আঁটি বান্ধি ৰাখিবৰ চেষ্টা কৰোঁ৷ ’এইটো কৰা উচিত’, ’তেনেকৈ কোৱা অনুচিত’ আদিবোৰৰ অলপো ইফাল সিফাল হ’লে আমি হতাশ হওঁ, দুখ, ক্ষোভ বা খঙে আৱৰি ধৰে৷ কিন্তু সেইসময়ত মনত পেলাওকচোন, এই উচিত অনুচিতৰ নিয়মবোৰ আমাৰে সৃষ্ট৷ জীৱনৰ বোঁৱতী নৈক বহুসময়ত উচিত-অনুচিতৰ এনে শিকলিৰে বান্ধি ৰাখিব পৰা নাযায়৷

(৮) নেতিবাচক ছেকনী (Filtering)

বহু পৰিস্থিতিত আমাৰ মনোযোগ স্থিৰ হৈ ৰয়গৈ নেতিবাচক কথা বা কামত৷ আপোনাৰ কামৰ তিনিজনে যদি প্ৰশংসা কৰিলে কিন্তু এজনে সমালোচনা কৰিলে, আপোনাৰ চিন্তাত মধ্যমণি হৈ ৰৈ যাব সেই সমালোচনাখিনি৷ মেট্ৰিক পৰীক্ষাত এটাৰ বাহিৰে আপোনাৰ ছোৱালীজনীয়ে সকলোতে লেটাৰ মাৰ্ক পালে৷ কিন্তু আশানুৰূপ নম্বৰ নোপোৱা সেই এটা বিষয়ক লৈ আপুনি উচপিচাই উঠিব৷ এইবিষয়ে সচেতন নহ’লে এই নেতিবাচক ছেকনীয়ে আপোনাৰ জীৱনটো নিৰন্তৰ ছেকি ছেকি ’নাই নাই’ৰ ফান্দতে বন্দী কৰি ৰখাৰ সম্ভাৱনা৷

চিন্তাৰ ফান্দৰ পৰা মুক্তি পোৱাৰ প্ৰথম পদক্ষেপটো হ’ল আপোনাৰ মনত চলি থকা এই ফান্দবোৰনো কি সেয়া চিনাক্ত কৰা৷ এইবিষয়ে সচেতন হ’লে আপুনি পোনেই তাত জাঁপ নিদি পৰিস্থিতি এটা বাস্তৱসন্মতভাৱে চালি-জাৰি চোৱাৰ চেষ্টা কৰিবলৈ ল’ব৷ এটা চিন্তাৰ আলম লৈয়ে সুখ-দুখ-খং-ক্ষোভৰ আবেগে এখন সাগৰৰ জোৱাৰ আনি দিব পাৰে৷ গতিকে এনে চিন্তাৰ ফান্দৰ কালচক্ৰটো আৰম্ভণিতেই ভঙাৰ চেষ্টা কৰাৰ দৰকাৰ৷
চিন্তাৰ ফান্দত জাঁপ দিয়াৰ আগতে এটা ছেকেণ্ডৰ বাবে থমকি ৰওক৷ নিজকে এবাৰ সুধি চাওক, আপোনাৰ চিন্তা কিমানদূৰ সত্য৷ পৰিস্থিতিটো মই ভৱাৰ দৰেই হয়নে? আজি পৰীক্ষা বেয়া হ’বই বুলি কি প্ৰমাণ আছে? তেওঁ মোৰ কথা মনতে কি ভাৱিছে সেয়া মই কেনেকৈ জানো? এই এটা কাম কৰিব নোৱাৰিলো কাৰণে মই যে একো কামৰেই যোগ্য নহওঁ তাৰ কি প্ৰমাণ আছে?

প্ৰতিদিনে আমাৰ মনলৈ অহা প্ৰতিটো চিন্তাকে সঁচা বুলি ধৰি নলৈ মাথোঁ নিজা এটা অনুভৱ বুলি ল’বলৈ অভ্যাস কৰিলেই বহুতো চিন্তাৰ ফান্দত পৰাৰ পৰা হাত সাৰিব পাৰি৷ এনে চিন্তাৰ ফান্দবোৰ যিমানেই চিনিব আৰু ফান্দত ভৰি পৰাৰ আগতেই সাৱধান হ’ব সিমানেই আপুনি জীৱনটো সুখ আৰু পৰিপূৰ্ণতাৰে কটোৱাৰ বাবে ন ন বাট মুকলি হ’ব৷ 


এইবিষয়ে অধিক জানিবলৈ:

Thursday, 10 March 2022

অসমীয়া ভাষাত বিজ্ঞান চৰ্চা

প্ৰাচীন কালৰে পৰা অসমত বিজ্ঞান চৰ্চাৰ ইতিহাস পোৱা যায়৷ মধ্যযুগত কোঁচৰাজ্যত মাটিৰ জোখ-মাখ আৰু ৰজাঘৰীয়া হিচাপ-পত্ৰ ৰাখিবৰ বাবে কায়স্থসকলে গণিতৰ এটা নতুন পদ্ধতিৰ বিকাশ কৰিছিল৷ এই বিশেষ ধাৰাটো কাইথেলী অংক নামেৰে জনাজাত হৈ পৰিছিল৷ এই অংকবোৰ  প্ৰায়ে সাঁথৰ, পদ্য বা সাধু একোটাৰ দৰে হোৱাত সাধাৰণ ৰাইজৰ বাবে এই পদ্ধতিটো ব্যৱহাৰ কৰিবলৈ সহজ হৈছিল৷ প্ৰথমতে এই অংকবোৰ মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি পিছলৈ কায়স্থ পণ্ডিতসকলৰ চেষ্টাত লিখিত ৰূপ লয়৷ 

তেনে এজন পণ্ডিত বকুল কায়স্থই কোঁচৰজা নৰনাৰায়ণৰ সৌজন্যত ১৮৩৮ চনমানত ’কিতাবত মঞ্জৰী’ নামৰ কাইথলী অংকৰ কাব্য গ্ৰন্থখন ৰচনা কৰিছিল৷ এইখনেই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম বিজ্ঞান বিষয়ক গ্ৰন্থ বুলি জনা যায়৷ পৰৱৰ্ত্তী সময়ত কবিৰত্ন দ্বিজৰ ’লীলাৱতী’,  কবিৰাজ চক্ৰৱৰ্তীৰ ‘অংকৰআৰ্য্যা’, ’ভাস্বতী’, সুকুমাৰ বৰকাথৰ ‘হস্তী-বিদ্যাৰ্ণৱ-সাৰ সংগ্ৰহ’ আৰু  ‘ঘোঁৰানিদান’ আদি গ্ৰন্থই ব্যৱহাৰিক জ্ঞানৰ লগতে বিজ্ঞান বিষয়ক বিষয়বস্তুৰ লিখিত ৰূপ দিয়াত বৰঙণি যোগায়৷

ঊনবিংশ শতিকাৰ তৃতীয় দশকৰ পৰা অসমলৈ অহা খ্ৰীষ্টান মিছনেৰীসকলে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আমি সকলোৱে জানো৷ তেওঁলোকে অসমীয়া ভাষাৰ অন্য বিষয়ৰ কিতাপ-আলোচনীৰ লগতে ভালেসংখ্যক বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ কৰিছিল৷ এওঁলোকৰ ভিতৰত বিশেষকৈ নাথান ব্ৰাউনৰ অৱদান উল্লেখযোগ্য৷ তেওঁ বকুল কায়স্থৰ ‘কিতাবত মঞ্জৰী’কিতাপখন ‘পদগণিত’ আৰু ‘লীলাৱতী’ নামেৰে দুটা ভাগত বিভক্ত কৰি প্ৰকাশ কৰে। তেনেদৰে ব্ৰাউনে প্ৰকাশ কৰা ‘ভূগোল শিক্ষক’ নামৰ গ্ৰন্থখন অসমীয়া ভাষাৰ প্ৰথম ভূগোল বিষয়ক গ্ৰন্থ৷ এই সময়ছোৱাত মিছনেৰীসকলৰ উদ্যোগত সেইসময়ত প্ৰকাশ পোৱা অন্য কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘সমাচাৰ চন্দ্ৰিকা’, ‘পদাৰ্থ বিদ্যাসাৰ’, ‘বিজ্ঞানৰ বাৰেমতৰা’ ইত্যাদি৷

খ্ৰীষ্টান মিছনেৰীসকলৰ উদ্যোগতে ১৮৪৬ চনত প্ৰকাশ পাইছিল প্ৰথম অসমীয়া আলোচনী ‘অৰুণোদই’৷ অৰণোদয়ে প্ৰথম প্ৰকাশৰ পৰাই বিজ্ঞান বিষয়ৰ লেখা প্ৰকাশত গুৰুত্ব দিছিল৷ এই লেখাবোৰত নেজাল তৰা, গ্ৰহ, প্ৰিন্টিংপ্ৰেছ, পৃথিৱী, ৰক্তপৰিসঞ্চৰণ তন্ত্ৰ আদিৰ পৰা কাকতি ফৰিঙলৈকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছিল৷ তাৰপিছত প্ৰকাশ পোৱা বিভিন্ন আলোচনী যেনে ’জোনাকী’, ’বিজুলী’, ’আৱাহন’ , ‘আসাম বন্ধু, ‘মৌ, ‘ঊষা, ‘আসাম বান্ধৱ, ‘বাঁহী’, ‘ৰামধেনু’ আদিয়েও বিজ্ঞান বিষয়ক লেখা প্ৰকাশত যথেষ্ট গুৰুত্ব দিছিল। উদাহৰণস্বৰূপে, ‘ৰামধেনু’ত ’বিজ্ঞান বিচিত্ৰা’ নামেৰে এটা শিতান নিয়মীয়াকৈ প্ৰকাশ পাইছিল৷ অৱশ্যে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম বিজ্ঞান বিষয়ক আলোচনীখন হ’ল ’পশু পালন’৷ তেনেদৰে ৰসায়ন বিজ্ঞান বিষয়ক প্ৰথম অসমীয়া আলোচনী খন হ’ল ড৹ পবিত্ৰ কুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা ’ৰসায়ন শিক্ষা’৷ 


বৰ্তমান অসমত বিজ্ঞান চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসম বিজ্ঞান সমিতিৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ৷ ১৯৫৩ চনত প্ৰতিষ্ঠা হোৱা অসম বিজ্ঞান সমিতিৰ বৰ্তমান সমগ্ৰ অসমত এশৰো অধিক শাখা আছে৷ এই সমিতিয়ে বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ কাৰণে বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালা, সভা আদি অনুষ্ঠিত কৰি আহিছে আৰু বিজ্ঞান বিষয়ক ভালেসংখ্যক কিতাপো প্ৰকাশ কৰিছে৷ এই সমিতিয়ে ১৯৬১ চনৰ পৰা প্ৰকাশ কৰি অহা ’বিজ্ঞান জেউতি’ বৰ্তমান অসমীয়াত প্ৰকাশ পোৱা বিজ্ঞান বিষয়ক আলোচনীৰ ভিতৰত অন্যতম৷ 

সাম্প্ৰতিক সময়ত বিজ্ঞানক অসমীয়া ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বহু কেইজন বিশিষ্ট লেখকে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷ এওঁলোকৰ ভিতৰত ড° দীনেশ চন্দ্ৰ গোস্বামী, ড° কুলেন্দু পাঠক, ক্ষীৰধৰ বৰুৱা, ডিম্বেশ্বৰ চলিহা, ড° শ্যামাপ্ৰসাদ শৰ্মা, অভিজিত শৰ্মা বৰুৱা, জয়ন্তী চুতীয়া, ড° যজ্ঞেশ্বৰ হাতীবৰুৱা, ড° চন্দ্ৰমোহন শৰ্মা, ড° বসন্ত ডেকা, ড° ৰমেশ চন্দ্ৰ গোস্বামী আদি চিনাকি নাম৷ ড° দীনেশ চন্দ্ৰগোস্বামী, ড° বিজয়কৃষ্ণদেৱ শৰ্মা, ড° লক্ষ্ণীনন্দন বৰা, শান্তনু তামুলী, ৰথীন্দ্ৰনাথ গোস্বামী, ৰঞ্জু হাজৰিকা, চাকিল জামাল আৰু বন্দিতা ফুকনৰ লেখাসমূহে অসমীয়া কল্পবিজ্ঞানৰ সাহিত্য সমৃদ্ধ কৰিছে্৷ অসমত ‘ছাইন্টুন’ বা বিজ্ঞান কাৰ্টুন অংকনৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হ’ল ক্ষীৰধৰ বৰুৱা। তেনেদৰে ড° বিজয়কৃষ্ণ দেৱ শৰ্মাৰ ‘চন্দ্ৰলোকত প্ৰথম মানুহ’ (১৯৬৯) প্ৰথম অসমীয়া  কল্পবিজ্ঞানভিত্তিক উপন্যাস৷  

শিশুসকলৰ বাবে অসমীয়াত বিজ্ঞান বিষয়ক লেখা বা কিতাপ-আলোচনী আদি এতিয়াও যথেষ্ট  সীমিত৷ ১৯৯৩ চনত ৰোহিণী কুমাৰ বৰুৱাৰ ’বিজ্ঞানৰ সাধু’ খনেই প্ৰথম শিশু বিজ্ঞানৰ গ্ৰন্থ বুলি জনা যায়৷ অৱশ্যে বিভিন্ন সময়ত প্ৰকাশ পোৱা শিশু আলোচনী যেনে পখিলা (১৯৩৩) আৰু পাৰিজাত (১৯৪০) আদিত সৰু ল’ৰা ছোৱালীৰ উপযোগীকৈ বিজ্ঞানৰ বহু লেখা নিয়মীয়াকৈ প্ৰকাশ পাইছিল৷ পৰৱৰ্ত্তী সময়ত দীনেশ চন্দ্ৰ গোস্বামীৰ উদ্যোগত শিশু উপযোগী ভালেসংখ্যক কল্পবিজ্ঞান বিষয়ক অনুবাদ গ্ৰন্থ যেনে ’পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান’, ’সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ’, ’মহাকাশচাৰী’, ’এখন মহাকাশ অডিছি’ আদিয়ে শিশু বিজ্ঞান সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷

ইন্টাৰনেটত অসমীয়া ভাষাত বিজ্ঞান চৰ্চা অন্য ভাষাৰ তুলনাত এতিয়াও সীমিত যদিও তাৰ মাজতো বহুকেইটা ভাল প্ৰচেষ্টা দেখা পাইছোঁ৷ উদহৰণস্বৰূপে গণিত চ’ৰা, ৰিচাৰ্ছ মেটাৰ্ছ আদি ৱেবছাইটত বিজ্ঞানৰ নতুন নতুন ধাৰণা আৰু বাতৰিবোৰৰ চৰ্চা হৈ আহিছে৷ তেনদৰে বহুতো অসমীয়া ব্লগতো বিজ্ঞান বিষয়ক লেখা প্ৰকাশ পায়৷ উদাহৰণস্বৰূপে ’বিজ্ঞানৰ বিচিত্ৰ কথা’, ’এই সময়ত’, ’মুক্ত চিন্তা’, ’সাহিত্য ডট অৰ্গ’, ’নীলা চৰাই’, ’এজাক ৰ’দ’ আদি ব্লগসমূহত অন্য লেখাৰ লগতে বিজ্ঞান বিষয়ক লেখা প্ৰকাশ পাই আহিছে৷

মই কিয় লিখোঁ?

আজি প্ৰায় এটা দশক জুৰি মই বৈজ্ঞানিক গৱেষণাত জড়িত হৈ আছোঁ৷ এই সময়ছোৱাত প্ৰায়ে অনুভৱ কৰিছোঁ যে আমাৰ প্ৰায়ভাগ গৱেষণা কেৱল ইংৰাজী গৱেষণা পত্ৰ বা থেছিছ আদিতে সীমাবদ্ধ হৈ ৰয়৷ বৈজ্ঞানিক গৱেষণাৰ মূল উদেশ্যই হ’ল নতুন তথ্য-পাতি, আৱিস্কাৰেৰে সমাজখনক সহায় কৰা৷ বিশেষকৈ মই নিজে পৰিৱেশ সংৰক্ষণৰ গৱেষণাত জড়িত বাবে এনে গৱেষণাৰ ফলসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা খুবেই গুৰুত্বপূৰ্ণ৷ গতিকে সেই প্ৰয়োজন পূৰাবলৈকে মই প্ৰথমে অসমীয়া ভাষাত বিজ্ঞান বিষয়ক প্ৰবন্ধ পাতি লিখিবলৈ আৰম্ভ কৰিলো৷ আৰম্ভণিতে শেহতীয়াকৈ গৱেষণাত প্ৰকাশ পোৱা তথ্যপাতিক লৈ সহজ-সৰল ভাষাত প্ৰবন্ধ লিখাৰ চেষ্টা কৰিছিলো৷ লাহে লাহে অনুভৱ কৰিলো যে, অসমীয়া ভাষাত সামগ্ৰিকভাৱেই বিজ্ঞান চৰ্চা যথেষ্ট সীমিত৷ এইক্ষেত্ৰত আনে কিবা কৰিব বুলি আশা কৰি থকাতকৈ মই নিজেই যি পাৰোঁ কৰিবলৈ আৰম্ভ কৰিলো৷ গতিকে মোৰ লিখনিবোৰো কেৱল গৱেষণাৰ বিষয়তে সীমাবদ্ধ হৈ নাথকিল৷  এই লেখাসমূহ বিবিন্ন সময়ত অসমৰ দৈনিক বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাই আহিছে৷

অসমীয়া ভাষাত বৈজ্ঞানিক সমল বৃদ্ধি কৰিবলৈ মই বাছি লোৱা অন্য এটা মাধ্যম হ’ল অসমীয়া ৱিকিপিডয়া৷ ২০০২ চনতে আৰম্ভ হোৱা অসমীয়া ৱিকিপিডিয়াত বৰ্তমান দহহাজাৰ প্ৰবন্ধ হৈছেগৈ৷ ইয়াৰে বহুতো বিজ্ঞান বিষয়ক৷ ইন্টাৰনেটত যিকোনো বিষয় এটাৰ বিষয়ে কোনোবাই  খুঁচৰি চালে সেইবিষয়ে অসমীয়াতে তথ্য পাব, এই কথাটোৱে প্ৰায় এটা দশক ধৰি মোক ৱিকিপিডিয়াত লিখি থাকিবলৈ প্ৰেৰণা যোগাই আহিছে৷ অসমীয়া ৱিকিপিডিয়াত বৈজ্ঞানিক সমল বৃদ্ধি কৰিলে বিজ্ঞানৰ জনপ্ৰিয়কৰণত বহুখিনি সহায় হ’ব বুলি মই বিশ্বাস কৰোঁ৷ সেই আপাহতে বৰ্তমানলৈকে মই অসমীয়া ৱিকিপিডিয়াত অসমৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিৰ বিষয়ে পাঁচশৰো অধিক প্ৰবন্ধ যোগ দিছোঁ৷

সময়ৰ লগে লগে মই উপলব্ধি কৰিলো বিজ্ঞান স্কুল-কলেজৰ পাঠ্যপুথিতে আবদ্ধ এটা বিষয় বা আমাৰ শিক্ষা ব্যৱস্থাত কৰা কলা, বিজ্ঞান বা বাণিজ্যৰ দৰে এটা পৃথক বিভাগ নহয়৷ বিজ্ঞান প্ৰকৃততে আমাৰ দৈনন্দিন জীৱনৰ এটা অংগ৷ এটা সুস্থ আৰু সুখী জীৱনৰ কাৰণে বৈজ্ঞানিক মানসিকতা গঢ় দিয়াটো আমাৰ প্ৰত্যেকৰে বাবেই খুবেই প্ৰয়োজনীয়৷ উদাহৰণস্বৰূপে, জলবায়ু পৰিৱৰ্ত্তনে আমাৰ ভৱিষ্যত কেনেকৈ অনিশ্চিত কৰি পেলাইছে বা এই পৰিৱৰ্ত্তন ৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ সেইবিষয়ে অসমীয়া ভাষাত তথ্য থকাৰ দৰকাৰ আৰু আমি সকলোৱে জনাৰ দৰকাৰী৷ তেনেকৈ কৰ’না ভাইৰাছ ৰোগৰ সময়ত কেনেকৈ নিজকে বা পৰিয়ালৰ সকলোকে বচাই ৰাখি নিৰাপদে থাকিব পাৰি সেই বিষয়ে জনাটো আমাৰ কাৰণে এতিয়া জীৱন-মৰণৰ প্ৰশ্ন! গতিকে বিজ্ঞানক কেৱল পাঠ্যক্ৰম বা গৱেষণাৰ মাজতে আৱদ্ধ নাৰাখি অসমীয়া ৰাইজৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে চেষ্টা চলোৱাটো আমাৰ সমাজখনৰ উত্তৰণৰ বাবেই অতীব গুৰুত্বপূৰ্ণ৷

ভৱিষ্যত পদক্ষেপ

অসমত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কিছুমান কাৰ্য্যকৰী পদক্ষেপ লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ প্ৰথমেই মই ভাৱোঁ, নতুন প্ৰজন্মই অসমীয়া ভাষাত বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সন্মুখীন হয়৷ বিশেষকৈ অসমীয়াৰ সলনি ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা সকলৰ বাবে বিজ্ঞান বিষয়ক লেখা অসমীয়াত পঢ়া বা লেখাৰ চেষ্টা কৰাটো টান কাম৷ অসমীয়া ভাষাত বহুতো বৈজ্ঞানিক পৰিভাষা বিচাৰি মই নিজেও উজুটি খাওঁ৷ কিন্তু এনে অসুবিধাৰ সন্মুখীন হোৱা সকলোকে মই ক’ব খোজো যে এইক্ষেত্ৰত আগ্ৰহেই মূল৷ আগ্ৰহ থাকিলেই সমস্যা সমাধানৰ বাটো ওলায়৷ উদাহৰণস্বৰূপে, শেহতীয়াকৈ ক্ষীৰধৰ বৰুৱাই বিজ্ঞানৰ সকলো ক্ষেত্ৰ সামৰি ‘অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ’ প্ৰকাশ কৰাটো আমাৰ সকলোৰে কাৰণে খুবেই ভাল খৱৰ৷ অৱশ্যে ইয়াৰ লগতে এনে পৰিভাষাসমূহৰ নিয়মীয়াকৈ উন্নীতকৰণ (update) কৰাৰ দৰকাৰ৷ কাৰণ, বিজ্ঞান প্রযুক্তিৰ ক্ষেত্রখনত নিতৌ নতুন নতুন শব্দ আৰু ধাৰণাৰ সংযোজন ঘটি আছে আৰু নিৰন্তৰ উন্নীতকৰণ অবিহনে এইক্ষেত্ৰত স্থবিৰতা আহি পৰাৰ সম্ভাৱনা৷  তাৰোপৰি অনুবাদেই হওঁক বা মৌলিক লেখাই হওক, বিজ্ঞানৰ কথাবোৰ সহজ সৰল আৰু মনোগ্ৰাহীকৈ লিখিবলৈ বিশেষ কৌশলৰ দৰকাৰ৷ নতুন বা আগ্ৰহী লেখক-লেখিকাৰ বাবে এইসম্পৰ্কে কৰ্মশালা বা প্ৰশিক্ষণৰ ব্যৱস্থা থাকিলে যথেষ্ট সহায় হ’ব পাৰে৷ 

বৰ্তমান অসমীয়া ভাষাত প্ৰকাশ পোৱা বাতৰি কাকত আৰু আলোচনীসমূহে বিজ্ঞান বিষয়ক লেখা প্ৰকাশত গুৰুত্ব দিয়াৰ প্ৰয়োজন৷ বৰ্তমান প্ৰান্তিক বা সাতসৰীৰ দৰে দুই এখন আলোচনীৰ বাহিৰে অন্য কাকত আলোচনীত বিজ্ঞান বিষয়ক আলোচনা বিশেষ হোৱা দেখা নাযায়৷ লগতে মই ভাৱোঁ, বিজ্ঞানী সকলৰো এইক্ষেত্ৰত বহুখিনি দায়িত্ব আছে৷ উদাহৰণস্বৰূপে, অসমত চলা যিকোনো বৈজ্ঞানিক গৱেষণাৰ বিষয়ে প্ৰকাশ হোৱা গৱেষণা পত্ৰত অন্তত: এবষ্ট্ৰেক্ট বা সাৰাংশটো অসমীয়া ভাষাত প্ৰকাশ কৰিব পাৰে৷ তেতিয়া সংবাদ মাধ্যমেও এনে বাতৰি প্ৰকাশ কৰিবলৈ সুবিধা হয়৷ 

বিজ্ঞানৰ প্ৰচাৰ বা প্ৰসাৰ বুলি ক’লে আমি প্ৰায়ে পশ্চিমীয়া বিজ্ঞানৰ কথাই ভাৱোঁ৷ কিন্তু খিলঞ্জীয়া লোকসকলে পৰম্পৰাগত পদ্ধতিৰে আহৰণ কৰা জ্ঞান বহুসময়ত পশ্চিমীয়া বিজ্ঞানতকৈ গভীৰ হয়৷ কাৰণ এই জ্ঞানৰ উৎস হ’ল শ শ বছৰ জোৰা পৰ্য্যবেক্ষণ, বিভিন্ন পৰীক্ষা-নীৰিক্ষা আৰু পৰিৱেশৰ লগত খাপ খুৱাই চলাৰ অহৰহ চেষ্টা৷ এই পৰম্পৰাগত জ্ঞান (Indigenous Traditional Knowledge) ৰ গুৰুত্ব বৰ্তমান আন্তৰ্জাতিকভাৱে স্বীকৃত কিন্তু অসমীয়া ভাষাত এইবিষয়ে সিমান চৰ্চা হোৱা দেখা নাই৷ বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ কেৱল একপক্ষীয় অৰ্থাৎ বিজ্ঞানীৰ পৰা জনসাধাৰণলৈ নহৈ পাৰস্পৰিক হোৱাৰ প্ৰয়োজন৷ তাৰোপৰি ইংৰাজীৰ বাহিৰেও অসমৰ অন্য আঞ্চলিক ভাষাসমূহৰ পৰাও বিজ্ঞান বিষয়ক লেখাৰ অনুবাদৰ প্ৰচেষ্টা হাতত লোৱা উচিত৷

বিজ্ঞানক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত নাগৰিক বিজ্ঞান বা চিটিজেন চায়েন্সে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে৷ নাগৰিক বিজ্ঞান হ’ল বৈজ্ঞানিক গৱেষণাৰ বিভিন্ন পৰ্য্যায়ত জনসাধাৰণেও অংশ লৈ অৱদান আগবঢ়াব পৰা এক মাধ্যম৷ যিকোনো ঠাইৰ, যিকোনো বয়সৰ বা যিকোনো শিক্ষাগত অৰ্হতাৰ মানুহেই নাগৰিক বিজ্ঞানী হ’ব পাৰে৷ নাগৰিক বিজ্ঞানৰ সহায়ত আগ্ৰহ অনুসৰি যিকোনো বিষয় যেনে বতৰ, গছ-লতা, জীৱ-জন্তু বা মহাকাশ আদি যিকোনো বিষয় বাচি লৈ সেইসম্পৰ্কে তথ্য আহৰণত জনসাধাৰণে অৱদান আগবঢ়াব পাৰে৷ ভাৰতত জনপ্ৰিয় নাগৰিক বিজ্ঞানৰ প্ৰকল্পবোৰ হ’ল, চিজনৱাটছ, আই ফাউণ্ড বাটাৰফ্লাইজ, চিটিজেন স্পেৰ’, ইবাৰ্ড, হৰ্ণবিল ৱাটছ্ ইত্যাদি৷ প্ৰায়বোৰ প্ৰকল্পৰে মূখ্য ধাৰণা একেই- প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপৰ তথ্য সংগ্ৰহ৷ উদাহৰণস্বৰূপে, চিজনৱাটছ্ত অংশ ল’বলৈ আপোনাৰ কাম হ’ব, মাথোঁ পছন্দৰ যিকোনো এজোপা গছ বাছনি কৰা আৰু প্ৰতি সপ্তাহে গছজোপাৰ বিভিন্ন পৰিৱৰ্তন পৰ্য্যবেক্ষণ কৰা৷ এই তথ্যৰ সামূহিক বিশ্লেষণৰ পৰা আমি জানিব পাৰিম বিভিন্ন ঋতুৰ পৰিৱৰ্তনে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ যেনে গছ-লতাৰ ফুল বা ফল ধৰাৰ সময়ৰ কেনে পৰিৱৰ্ত্তন আনিব পাৰে৷ ৰাইজে আগবঢ়োৱা এনে অৱদানৰ বৈজ্ঞানিক বিশ্লেষণে বহুতো উল্লেখযোগ্য আৱিষ্কাৰত সহায় কৰিব পাৰে৷ নাগৰিক বিজ্ঞানে ৰাইজৰ মাজত বৈজ্ঞানিক সচেতনতা বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ 

শেষত কওঁ, অসমীয়া ভাষাত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমীয়া ন-পুৰণি লেখক-লেখিকাৰ মাজত সহযোগিতাৰ দৰকাৰ৷ তাৰোপৰি  ভাৰতৰ অন্য আঞ্চলিক ভাষাত বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত জড়িত হৈ থকা লোকসকলৰ সৈতে সহযোগিতাৰে আগবাঢ়িলে অসমত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নতুন দিগন্তৰ উন্মোচন হ’ব৷

Monday, 28 February 2022

বৰশিমলুৰ ভূত (চুটিগল্প)

নীৰুয়ে আকৌ টোপনিতে বিৰবিৰাব লাগিছে৷ সেই শব্দত সাৰ পাই কোঠাৰ সিমূৰৰ বিছনাখনত খৰমৰাই উঠিল পূৰ্ণিমা৷ মূৰ শিতানতে থকা ফোনটো টানি লৈ তাই চালে৷ নিশা দুই বাজি গৈছে৷ ইতিমধ্যে নীৰুৰ অস্পষ্ট বিৰবিৰনিবোৰ ক্ৰমাৎ ডাঙৰ হৈ আহিছে৷ তাইক জগাই নিদিলে সিনিশাৰ দৰে আকৌ বিকট চিঞৰ মাৰি উঠিব নেকি! কথাটো মনলৈ অহাত খপজপকৈ পূৰ্ণিমা উঠি আহিল৷

’নীৰু.....নীৰু!’ আঁঠুৱাখন দাঙি লৈ নীৰুৰ কান্ধত ধৰি তাই লাহেকৈ জোকাৰি দিলে৷

নীৰুৰ অবিন্যস্ত চুটি চুলিৰে ঢাক খাই থকা কপালখনত বিন্দু বিন্দু ঘাম৷ সমগ্ৰ শৰীৰত কঁপনি৷ যেন তাই দৌৰিব খুজিছে, কিহবাৰ পৰা পলাব খুজিছে৷ কিন্তু সৰ্ব শৰীৰৰ এটি অংগও লৰচৰ কৰিব পৰা নাই৷ সকলোবোৰ যেন কিবা এক অদৃশ্য শক্তিৰ প্ৰভাৱত স্থানু হৈ ৰৈছে৷ অসহায় হৈ কাতৰ আস্ফালন কৰি উঠিছে নীৰুয়ে৷

তাইৰ অৱস্থাটো দেখি কিছু বিতত হৈ পূৰ্ণিমাই এইবাৰ তাইক দুবাহুত খামুচি ধৰি জোৰেৰে জোকাৰি দিলে৷

’নীৰু!!’

মুহুৰ্ত্ততে সেই কঁপনি আৰু অসহায় বিৰবিৰনি থমকি ৰ’ল৷ নীৰুয়ে লাহেকৈ দুচকু মেলি চালে৷ তাইৰ দুচকুত এতিয়াও কিবা এক অজান যুঁজৰ ক্লান্তি, অসহায় আবেগৰ ছাঁয়া৷ 

’সপোন দেখিছিলি তই?’ পূৰ্ণিমাই কোমল মাতেৰে ল’লে৷

’হু অঁ! তোক টোপনিৰ পৰা জগালো নেকি আকৌ? বেয়া নাপাবি দেই৷ নাজানো কিয় যে ইমানকৈ বেয়া সপোনবোৰ দেখোঁ৷’ নীৰুয়ে দোষী দোষী ভাৱ এটাৰে ক’লে৷

’বেয়া পোৱা নাই দে৷ কিনো দেখিছিলি সপোনত?’

’সদায় দেখাৰ দৰেই সেই একেই’ , নীৰুৰ প্ৰায় নিৰুদ্বেগ উত্তৰ, ’বৰশিমলুৰ ভূতৰ সপোন!’ 

’বৰশিমলুৰ ভূত?’ পূৰ্ণিমা আচৰিত হ’ল৷ 

’পিছত ক’ম দে৷ এতিয়া দুঘন্টামান টোপনি মাৰি নল’লে ৰাতিপুৱাৰ ক্লাছত মনেই নবহিব৷ শুই লগৈ যা৷’ 

নীৰুৰ কথাত হয়ভৰ দি পূৰ্ণিমা নিজৰ বিছনালৈ উঠি গ’ল যদিও তাইৰ মনত হাজাৰটা প্ৰশ্ন ৰৈ গ’ল৷ এই হোষ্টেলত নীৰুৰ সৈতে তাই একেটা কোঠাতে থকা প্ৰায় দুমাহমানহে হৈছে৷ এই দুটা মাহতে নীৰুৰ সপোন, টোপনিতে যুঁজ-বাগৰ আদিৰে সৈতে তাই প্ৰায় অভ্যস্ত হৈ পৰিছে৷ পিছে এতিয়াও সেই বৰশিমলুৰ ভূতৰ একো শুংসূত্ৰ পোৱা নাই পূৰ্ণিমাই৷

পুৱা অন্যদিনাতকৈ পলমকৈ পূৰ্ণিমাৰ টোপনি ভাগিল৷ সাৰ পাই দেখে, নীৰু ওলাই গ’লেই৷ তাইৰ কুংফুৰ ক্লাছলৈ কিজানি! যিমান যি হ’লেও নীৰুয়ে সেই ক্লাছ ক্ষতি নকৰে, তাই জানে৷ প্ৰথম লগ পোৱাৰ দিনাই নীৰুয়ে কৈছিল, 

’মোৰ বৰ হেঁপাহ ব্লেক বেল্ট ল’বলৈ৷ সকলোৱে গাওঁ এৰি মহানগৰলৈ পঢ়িবলৈ, কেৰিয়াৰ গঢ়িবলৈ আহে৷ মোৰ পিছে অহাৰ মূল কাৰণ আছিল কুংফু শিকা৷’

দিনটোৰ ব্যস্ততাৰ শেষত সেইদিনা আৰু সিহঁতৰ বৰশিমলুৰ ভূতৰ কথা পতা নহ’ল৷ কিন্তু তাৰ দুদিন পিছতেই নিশা পুনৰ নীৰুৰ চিঞৰত পূৰ্ণিমা সাৰ পাই গ’ল ৷ বিছনাৰ পৰা মূৰ তুলি দেখিলে কিবা এক অজান আতংকত থৰ্ থৰ্ কৈ কঁপিছে নীৰু৷

পূৰ্ণিমাই জোৰ কৰি জগাই দিলে তাইক৷

’নীৰু! নীৰু!! কি হৈছে! একো ভয় নকৰিবিচোন৷ সেয়া সপোনহে দেখিছ তই!’ 

নীৰুয়ে সাৰ পালে৷ কিছুপৰ অসহায় যেন হৈ বিছনাতে পৰি থাকি তাই উঠি আহিল৷ নীৰৱে আহি চকী এখনত বহি লৈ আঁঠুত মুখ গুঁজি ৰ’ল৷ কিছুপৰৰ পিছত বিছনাত বহি তাইলৈ কিছু চিন্তিতভাৱে চাই থকা পূৰ্ণিমাক ক’লে,

’তই শুই থাক পূৰ্ণিমা৷ মোৰ টোপনি ভাগিল৷’

পূৰ্ণিমাই শুৱাৰ চেষ্টা কৰিলে৷ কিন্তু তাইৰো টোপনি নধৰা হ’ল৷ কিছুপৰ নিষ্ফল চেষ্টা কৰি থাকি এটা সময়ত এনেয়ে আঁঠুৱাৰ মাজেৰে জুপি চালে৷ নীৰু তেতিয়াও চকীখনতে জুপুকা লাগি ৰৈছে৷ টোপনিত কলমটিয়াই থাকিও চকুৰ পতা জাপ খাবলৈ নিদিয়াৰ চেষ্টাত যেন লাগি আছে৷ তাই বুজিলে, নীৰুৰ হয়তো ভয় হৈছে, টোপনি গ’লেই যদি বৰশিমলুৰ ভূতটোৱে ধৰেহি!

উঠি আহি নীৰুৰ কাষতে বহিলহি তাই৷ নীৰুৰ সৰু সৰু চকু দুটাত তেতিয়াও অসহায় আতংক৷ পূৰ্ণিমাই আশ্বাস দি ক’লে,

’পাৰ যদি ক’চোন সপোনত কি দেখিলি৷ ক’লে কিজানি মনটো পাতলেই তোৰ৷’

নীৰু কিছুপৰ নীৰৱে ৰ’ল৷ তাৰ পিছত লাহে লাহে কিন্তু কিছু কষ্টেৰে যেন ক’বলৈ চেষ্টা কৰিলে৷

’সপোনটো অন্য দিনাৰ দৰেই আৰম্ভ হৈছিল৷ ফৰিংফুটা জোনাক৷ জোনাকৰ পোহৰত জিলিকি উঠিছে আমাৰ গাঁৱৰ বৰশিমলুজোপা৷ বতাহত শিমলুৰ ডালবোৰ কঁপি আছে, ৰঙা ফুলৰ পাহিবোৰ যেনি তেনি উৰি ফুৰিছে৷’

’সঁচাকৈয়ে তহঁতৰ গাঁৱত আছে গছজোপা?’

’অঁ, গাঁৱৰ ঘৰবোৰ শেষ হৈ যিখিনিত শাৰী শাৰী পথাৰ আৰম্ভ হৈছে তাতে বাটৰ একোণত আছে এই বৰশিমলুজোপা৷ শিমলুজোপাৰ বয়স কোনেও নাজানে৷ গাঁৱৰ মানুহে ককা-আজোককাৰ দিনৰে পৰা সেই গছজোপা দেখি আহিছে হেনো৷ কোনেও সেইগছত হাত দিয়াৰ সাহস নকৰে৷ সেই শিমলুজোপা দেওলগা!’

নিজৰ অজানিতে নীৰু শিয়ঁৰি উঠিল যেন৷ পূৰ্ণিমাই তাইৰ হাতখন জোৰেৰে খামোচ মাৰি ধৰি থাকিল কিছুপৰ৷ 

’মানুহে কয়, বৰশিমলুৰ ভূতে ইয়াৰ আশে পাশে কাকো সহ্য নকৰে৷ সেই বৰশিমলুৰ পোনে পোনে বাটৰ দুয়োকাষে কোনেও ঘৰ নাসাজে, খেতি নকৰে৷ যিয়ে আগতে চেষ্টা কৰিছে, তাৰ জীৱনলৈ কাল নামি আহিছে৷’

পূৰ্ণিমাৰ দুচকুত অপাৰ কৌতুহল, কিন্তু তাৰ মাজতো অবিশ্বাসৰ ছিটিকনিখিনি নীৰুয়ে ঠিকেই দেখিলে৷ তাইলৈ মূৰ তুলি চাই নীৰুয়ে ক’লে,

’মই জানো, তই ভূত বিশ্বাস নকৰ পূৰ্ণিমা৷ কিন্তু এই বৰশিমলুজোপাৰ তলতে মই সৰু থাকোঁতে কুমুদ মহাজনৰ মানুহজনীয়ে ট্ৰাক এখনৰ সন্মুখত জাঁপ দিছিল৷ তেতিয়াৰ পৰাই শিমলুজোপাৰ আশে পাশে কত ঘটনা ঘটি গৈছে যাৰ কোনো ব্যাখ্যা নাই৷ এই বৰশিমলুজোপাৰ ডালবোৰেই ৰাতিৰ পিছত ৰাতি মোক মেৰিয়াই ধৰেহি৷ মোৰ...মোৰ গোটেই গাটো চাৰিওফালৰ পৰা চেপি আনে৷ উশাহ বন্ধ হৈ যাব খোজে৷ ৰাতিবোৰলৈ, সেই সপোনবোৰলৈ মোৰ বৰ ভয় হয় পূৰ্ণিমা!’

পূৰ্ণিমাই এইবাৰ একো নকৈ সহানুভূতিৰে নীৰুক আলফুলে আকোঁৱালি ধৰি থাকিল৷ তাই বৰশিমলুৰ ভূতৰ পম খেদাৰো যেন প্ৰয়োজনবোধ নকৰিলে৷ কাৰণ সেয়া সঁচা হওক বা নহওক নীৰুৰ শৰীৰৰ কঁপনি আৰু কাতৰ আবেগখিনিৰ সততা তাই যেন মৰ্মে মৰ্মে উপলব্ধি কৰিলে৷ 

কলেজৰ ক্লাছ আৰু কামৰ ব্যস্ততাৰ মাজেৰেই পূৰ্ণিমা আৰু নীৰুৰ গতানুগতিক জীৱন আগবাঢ়ি গৈ থাকিল৷ নিশাবোৰ সহজ কৰিবলৈকে নীৰুয়ে ৰাতিপুৱাৰ সলনি সন্ধিয়ালৈ কুংফুৰ ক্লাছ কৰিবলৈ ল’লে৷

’কুংফু ক্লাছৰ জোৰদাৰ লৰা-ঢপৰাবোৰৰ পিছত একেবাৰে অৱশ হৈ বিছনালৈ গ’লে চিন্তা-ভয়বোৰে বৰ পাত্তা নাপাই বুজিছ!’ পূৰ্ণিমাক তাই সন্তুষ্টিৰ হাঁহি এটাৰে ক’লে৷

সেই উপায়টোয়ে সঁচাই যেন কিছু কাম দিলে৷ তথাপিও মাজে সময়ে ভিন্ন ৰূপত বৰশিমলুৰ ভূতে নীৰুৰ সপোনত ভুমুকি মাৰি থাকিল৷ কিন্তু আগৰদৰে সেই দুস্বপ্নৰ আতংক মনতে সামৰি নাৰাখি নীৰুয়ে পূৰ্ণিমাক উপযাচিয়ে সপোনৰ কাহিনীবোৰ ক’বলৈ ল’লে৷ যেন কৈ কৈ তাই বুকুখন পাতলাব খুজিলে৷ যেন শব্দৰ সেই প্ৰকাশতে বৰশিমলুৰ ভূতৰ সৈতে তাই যুঁজাৰ কিছু সাহস পালে৷ কাকো ক’ব নোৱাৰা কথাবোৰে যে প্ৰায়ে লাহে লাহে শিপা মেলি হৃদয় ছাটি ধৰে৷ নুফুটা শব্দৰ হাহাঁকাৰে এনেকুৱাকৈ জপটিয়াই ধৰে যে ৰ’দ এচেৰেঙা সোমাবলৈ নিদিয়াকৈ হৃদয়খন আন্ধাৰ কৰি আনে৷ 

পূৰ্ণিমাই সেয়া বুজে৷ বুজে বাবেই মন দি শুনে নীৰুৰ সপোনৰ কাহিনী৷ সপোনটো প্ৰায়ে একেই যদিও সপোনত প্ৰায়ে নতুন অংশ একোটা যোগ হয়৷ যেন দিনৰ পিছত দিন ক্ৰমাৎ সপোনৰ অংশবোৰ অলপ অলপকৈ জোৰা লাগে৷ ইটোৰ পিছত সিটো অংশ জোৰা লাগি লাগি এটা আধৰুৱা সাঁথৰ সম্পূৰ্ণ হ’বলৈ ধৰে৷

’সেই একেই জোনাক নিশা৷ কাষৰ ধাননি পথাৰৰ পৰা অহা পকা ধানৰ ফুৰফুৰীয়া গোন্ধ এটা মোৰ নাকত লাগে৷ কাণত পৰেহি পথাৰৰ সিপাৰে হাবিডৰাত শিয়ালৰ হোৱা৷ লগতে শুনা পাওঁ সেই ৰাগৰ সৈতে এক হৈ পৰা কঁহাৰ শালৰ অহৰহ টুং-টাং শব্দবোৰ!’ নীৰুয়ে প্ৰায় একাত্ম হৈ কৈ যায়৷

’কঁহাৰ শাল?’

’অঁ৷ তোক কোৱা নাই কিজানি৷ শিমলুজোপাৰ কাষত এখন কঁহাৰ শাল৷ শালৰ মানুহকেইজনে পুৱাৰ পৰা সন্ধিয়ালৈ একেৰাহে তাতে কাম কৰে৷ আৰু নিশা বৰশিমলুৰ ভূতলৈ পূজা দি বহুপৰলৈকে নাম জপে৷ গাঁৱৰ মানুহে কয়, মাত্ৰ সেই আপাহতে বৰশিমলুৰ তলতে থকা স্বত্বেও শালখনৰ আজিলৈকে একো অপকাৰ হোৱা নাই!’

’বৰশিমলুৰ আশে পাশে অন্য একো নাই?’ পূৰ্ণিমাৰ কৌতুহলটো যেন পুনৰ সাৰ পাই উঠে৷

’উহো, বৰশিমলুৰ কাষৰ মাটিত কোনোবাই ঘৰ দুৱাৰ সাজিবলৈ বা খেতি কৰিবলৈ চেষ্টা কৰিলেও কেনেবাকৈ সেয়া হৈ নুঠেগৈ৷ কিবা নহয় কিবা দুৰ্ঘটনাৰ ৰূপত সেই মানুহবোৰৰ জীৱনলৈ কাল নামি আহে৷’

নীৰু ক্ষন্তেক ৰ’ল৷ তাইৰ মুখত পূৰ্ণিমাই দেখা পালে কিবা এটা অবুজ হাঁহাকাৰৰ ৰেঙনি৷ জানিও নজনা, দেখিও নেদেখা যেন এক অস্থিৰতাৰ উকমুকনি৷ তথাপিও যথেষ্ট কষ্টেৰে হ’লেও তাই কৈ গ’ল,

’কঁহাৰ শালখন আৰু শিমলুজোপা পাৰ হৈয়ে অলপ আঁতৰত এটা সৰু পকী ঘৰ আছে৷ সকলোৱে সেইটোক পোৰা ঘৰ বুলিয়ে জানে৷ চহৰৰ কোনোবা এজন ঘোচখোৰ ঠিকাদাৰে হেনো তাতে মাটিডোখৰ কিনি ঘৰটো সজাইছিল৷ ঘৰটো সম্পূৰ্ণকৈ সাজি নহওঁতেই এৰাতি ঘৰটোত জুই লাগিল৷ কোনেও ক’ব নোৱাৰিলে সেই আধাসজা ঘৰটোত কেনেকৈ জুই লাগিবলৈ পালে৷ ’

নীৰুয়ে বৰ কষ্টেৰে এটা হুমুনিয়াহ কাঢ়িলে৷ তাইৰ যেন ভিতৰি কিবা এটা তীব্ৰ হাহাকাৰৰ উখলমাখল! 

উৎস

নীৰুৰ অস্থিৰতাখিনি পূৰ্ণিমাৰ বাবে কুঁহেলিকা হৈ ৰ’ল৷ পিছে তাই কৌতুহল সম্বৰণ কৰি নীৰৱে ৰ’ল৷ বেছ কিছুপৰ নীৰু মৌন হৈ ৰোৱা দেখি কথা সলাবলৈকে পূৰ্ণিমা উঠিল৷ 

’চাহ একাপ খাবি নেকি?’ তাই লাহেকৈ সুধিলে৷ ’পাকঘৰত মণিমালাই সান্ধিয়াৰ চাহ সাজু কৰিছেই কিজানি৷’ 

’মোৰ গাটো অলপ বেয়া লাগিছে অঁ৷ কালি টোপনি ঠিক নোহোৱাৰ কাৰণেই চাগৈ৷ আজি চাহ তই অকলেই খাগৈ পূৰ্ণিমা৷ কাষৰ ৰুমৰ অঞ্জলীহঁত থাকিব কিজানি৷’ 

বৰ অনিচ্ছাৰে কথা কেইষাৰ কৈ নীৰুয়ে চিধাই বিছনাত বাগৰ দিলেগৈ৷

অগ্যতা পূৰ্ণিমা ওলাই গ’ল৷ হোষ্টেলৰ পাকঘৰত অঞ্জলীহঁতৰ সৈতে কিছুপৰ আড্ডা দি মেলি পূৰ্ণিমা নিজৰ কোঠা পাইহি মানে সন্ধিয়া লাগি ভাগিছে৷ নীৰুক তেতিয়া কিছু সুস্থিৰ দেখা গৈছে৷ পূৰ্ণিমাই তাইলৈ লৈ অহা চাহ-বিস্কুট খাই খাই তাই আনখন হাতেৰে ফোনটো তুলি ল’লে৷ কিছুপৰৰ পিছতে ফোনৰ সিপাৰে মাকৰ মাত ভাঁহি আহিল৷

’ভালে আছনে নীৰু? এই সন্ধিয়াখন পঢ়িবলৈ নলৈ ফোন কৰিলি যে?

মাকৰ প্ৰশ্ন প্ৰায় আওকান কৰি নীৰুয়ে পোনেই সুধিলে, ’মা, বৰশিমলুৰ তলৰ কঁহাৰ শালখন এতিয়াও আছেনে?’

কিছুপৰ ফোনৰ সিপাৰে অসহজ নীৰৱতা৷ তাৰপিছত মাকৰ উদ্বিগ্নতা ভৰা মাত,

’মাজনী,  আকৌ বৰশিমলুৰ ভূতে তোক অশান্তি কৰিছে নেকি? ঘৰলৈ আহি যা এবাৰ৷ তই ঘৰলৈ নহা আজি দেৰবছৰ হ’বৰ হ’ল৷ মইদুল বেজে ভালকৈ জাৰি দিয়া তেল এটোপা তোৰ মূৰত পিহি দিলেই সেইবোৰ নোহোৱা হ’ব৷ আৰু..’

মাকক কথাৰ মাজতে ৰখাই কিছু বিৰক্তিৰে নীৰুয়ে কৈ উঠিল,

’মই ঠিকে আছোঁ মা৷ মইদুল বেজে বহুত জাৰিলে-সেইবোৰে কিমান কাম কৰে দেখিলিয়েই চোন!’

’তথাপিও এবাৰ..’

’মই পঢ়িবগৈ লাগে মা৷ পিছত কথা পাতিম৷’ কৈয়ে নীৰুয়ে ফোনটো কাটি দিলে৷

কোঠাৰ ইটো মূৰত মুখামুখিকৈ থকা টেবুলখনত কিতাপৰ পৰা মূৰ তুলি চাই থকা পূৰ্ণিমাৰ চকুৱে চকুৱে পৰিল নীৰুৰ৷ একো মাত নামাতি খপজপকৈ পূৰ্ণিমাই পুনৰ নোটবুকত লিখাত লাগিল৷ তাইৰ দৃষ্টিৰ পৰা আঁৰ হ’বলৈকে যেন নীৰুয়ে সেইনিশা এপৰলৈকে কিতাপত মূৰ গুঁজি ৰ’ল৷ কিন্তু ভিতৰি এক বিদ্ৰোহ আৰু নিৰাশাই চেপি ধৰিলে তাইক৷ নাই, নাযায় তাই ঘৰলৈ৷ এই হোষ্টেলৰ চাৰিবেৰৰ মাজতে বহুত নিৰাপদ তাই৷ বহু সুখী৷ 

পিছদিনাৰ পৰা নীৰুয়ে ইটোৰ পিছত সিটোকৈ নতুন নতুন উপায় উলিয়াবলৈ আৰম্ভ কৰিলে৷ দুস্বপ্নৰ পৃথিৱীখনৰ পৰা, বৰশিমলুৰ বন্ধনৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে৷ পূৰ্ণিমা হৈ ৰ’ল সেই সকলো নিৰন্তৰ প্ৰচেষ্টাৰ একমাত্ৰ সাক্ষী৷ লাহে লাহে নীৰুৰ সেই ঐকান্তিক চেষ্টাৰ জোৰতে যেন সপোনবোৰৰ  তীব্ৰতা আৰু সঘন আমনি আগতকৈ কমি আহিল৷ কলেজৰ ক্লাছ, চিটিবাছৰ অহা-যোৱা আৰু হোষ্টেলৰ হাঁহি-কান্দোনৰ মাজেৰে গভীৰ হৈ আহিল পূৰ্ণিমা আৰু নীৰুৰ আন্তৰিক বান্ধোন৷ 

হোষ্টেলৰ সেই গতানুগতিক জীৱনৰ মাজত ডুবি থাকি দুয়ো বৰশিমলুৰ ভূতৰ সপোনবোৰ প্ৰায় পাহৰি যোৱাৰ উপক্ৰম হওঁতেই এদিন কলেজৰ পৰা উভতি আহি হোষ্টেলৰ কোঠাত সোমাই পূৰ্ণিমা উচপ খাই উঠিল৷

নীৰু কোঠাৰ মজিয়াত লেপেটা কাঢ়ি বহি আছে৷ তাইৰ উখহি উঠা দুচকুত এক শূন্য দৃষ্টি৷ নাক-মুখ ৰঙা হৈ পৰিছে৷ অবিন্যস্ত চুলি-কাপোৰ একোলৈকে যেন তাইৰ খেয়াল নাই৷ যেন অলপ আগতে তাইৰ মাজেৰে এজাক বলিয়া ধুমুহা পাৰ হৈ গৈছে৷ যেন সেই ধুমুহাত তাই খোপনি হেৰুৱাই পেলাইছে৷ এডাল ঠেৰু হেৰুওৱা লতাৰ দৰে তাই বিছনাতে আঁউজি মূৰটো পেলাই থৈছে৷ 

পূৰ্ণিমা শংকিত হৈ উঠিল৷ কলেজৰ বেগটো কোঠাৰ একাষে পেলাই তাই প্ৰায় দৌৰি অহাদি আহি নীৰুৰ কাষ পালেহি৷

’নীৰু, কি হ’ল তোৰ? গা বেয়া নেকি? নে কালি ৰাতি আকৌ সপোন দেখিলি? ৰাতিপুৱাচোন ঠিকেই দেখিছিলো তোক!’

তাইৰ উপৰা-উপৰি প্ৰশ্নৰ উত্তৰ দিবলৈকো যেন নীৰুৰ শক্তিৰ অভাৱ৷ এনে এটা দৃষ্টিৰে তাই পূৰ্ণিমালৈ চালে৷ তাইৰ কাষতে মজিয়াত পূৰ্ণিমা বহি পৰিল৷ নীৰুৰ কপালত হাতখন থৈ চালে৷ এক ভকভকীয়া উত্তাপত বিদ্ধ নীৰুৰ সমগ্ৰ শৰীৰ!

কি হৈছে নীৰুজনীৰ! পূৰ্ণিমাই পুনৰ কিবা সুধিবলৈ পোৱাৰ আগতেই নীৰুয়ে হুকহুকাই কান্দি পেলালে৷ পূৰ্ণিমা আচৰিত হ’ল৷ অতদিনে তাই নীৰুৰ দুচকুত মাথোঁ দেখি আহিছে ভয় আৰু আশংকাৰ এজাৰবুলীয়া ৰং৷ কিন্তু আজি যে নীৰুৰ দুচকুৱেদি বৈ আহিছে এটা সাতোৰঙী অনুভৱৰ নিজৰা৷ যেন হৃদয়ত বহুদিন ধৰি গোট মাৰি ৰোৱা অলেখ অপাৰ যন্ত্ৰণা, খং-ক্ষোভ আৰু হতাশাৰ বন্যা৷

’আজি মই বৰশিমলুৰ ভূতটো বিচাৰি পালো পূৰ্ণিমা!’ চকুপানীখিনি মোহাৰি লৈ নীৰুয়ে কৈ উঠিল৷ বৰ শান্ত কিন্তু কৰুণ তাইৰ কন্ঠস্বৰ৷

’কি? কি কৈছ তই এইবোৰ? মই একোকে বুজিব পৰা নাই!’

তাই একো নকৈ সিদিনাৰ বাতৰি কাকতখন পূৰ্ণিমালৈ আগবঢ়াই দিলে৷ চকুৰে ইংগিত কৰি দেখুৱালে প্ৰথম পৃষ্ঠাৰ বাতৰি এটালৈ৷

’বাছ দুৰ্ঘটনাত দুজনৰ মৃত্যু’

পূৰ্ণিমাই বাতৰটো পঢ়ি গ’ল৷ আমবাৰীৰ পৰা যোৰহাটলৈ যোৱা বাছখনৰ ট্ৰাকৰ সৈতে আগনিশা মুখামুখি সংঘৰ্ষ৷ বহু যাত্ৰী আহত হৈছে৷ তাৰে দুগৰাকীৰ হস্পিটেলত মৃত্যু৷ এজন হ’ল ড্ৰাইভাৰ তীৰ্থ দত্ত আৰু আনজন কণ্ডাক্টৰ যতীন হাজৰিকা৷

বাতৰিটো পঢ়ি একো নুবুজাৰ দৰে পূৰ্ণিমাই নীৰুলৈ মূৰ তুলি চালে৷ 

’তোৰ চিনাকি কোনোবা নেকি নীৰু?’ তাই লাহেকৈ কিন্তু ভয়ে ভয়ে সুধিলে৷

’মই কোৱা নাছিলো তোক৷ আচলতে কাকোৱে ক’ব পৰা নাই আজিলৈকে পূৰ্ণিমা! নিজকো৷ নিজৰ পৰাই অতদিনে পলাই ফুৰিছিলো কিজানি৷ কিন্তু আজি সকলো চকুৰ আগত ফটফটীয়াকৈ যেন জিলিকি উঠিল!’

নীৰুৰ মাতটো প্ৰায় কান্দোনৰ দৰে ওলাল৷

’বৰশিমলুৰ তললৈ এদিন সন্ধিয়া মই ফুৰিবলৈ গৈছিলো৷ এই যতীন হাজৰিকাৰ লগত৷ মোৰ দুৰসম্পৰ্কীয় যতীন খুড়াৰ লগত৷’

পূৰ্ণিমাৰ বাবে তেতিয়ালৈ বৰ ৰহস্যঘন হৈ পৰিছে সেই বৰশিমলুৰ তলখন৷ কিন্তু এই মুহুৰ্ত্তত সেই সাঁথৰৰ সন্ধি ভঙাৰ সলনি তাইৰ তীব্ৰ ইচ্ছা হ’ল বৰশিমলুৰ ভূতৰ অশৰীৰী ৰূপটো স্বীকাৰ কৰি ল’বলৈহে৷ নীৰুৰ ভয়টোৱে যেন অজানিতে আহি তাইকো মেৰিয়াই ধৰিলেহি৷ কেতিয়াবা যেন সপোন আৰু বাস্তৱৰ মাজৰ বন্ধ দুৱাৰ কিছুমান কেতিয়াও নোখোলাটোৱে নিৰাপদ৷ কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছে৷ তেতিয়ালৈ সেই অভিশপ্ত দুৱাৰখন খোল খাই গৈছে৷

পূৰ্ণিমাৰ দুচকুৰ সন্মুখৰ পৰা উনৈশ বছৰীয়া নীৰু হেৰাই গৈছে৷ তাৰ ঠাইত থিয় দিছেহি এজনী সাতবছৰীয়া কণমানি ছোৱালী৷ তাইৰ পিন্ধনত নীলা ফুটুকীয়া এটা ফ্ৰিল দিয়া চোলা৷ কিন্তু সেই একেই অবিন্যস্ত চুলি, সৰু সৰু দুটি চকু৷

জোনৰ পোহৰত গাঁৱৰ বাটটো লিৰলিৰিয়া সাপ এডাল হেন হৈ জিলিকিছে৷ জোনাকী পৰুৱাবোৰ বাটৰ দুয়োকাষে মুকুতা হৈ ফুলিছে৷ সৌৱা যতীন খুড়াই ছোৱালীজনীৰ হাতত ধৰি হাঁহি হাঁহি কৈছে,

’ব’ল নীৰু, অলপ ফুৰি আহোঁ৷’

নীৰুয়ে উলাহতে জাপ মাৰি উঠিছে৷ যতীন খুড়াৰ লগত যোৱা মানেইতো এটা নতুন অভিযান৷ সেই খুড়াই তাইক ভাতৰ আঠা দি, বাঁহৰ কামি আৰু ৰঙীন কাগজেৰে চিলা সাজি দিয়ে৷ বিৰিণাৰ আগেৰে পেঁপা বজাবলৈ শিকায়৷ কত কিমান ধেমালিৰ লগৰীয়া এই যতীন খুড়া! 

এটা নতুন খেলাৰ উত্তেজনা লৈ নীৰু আগবাঢ়িছে যতীন খুড়াৰ লগত৷ খুড়াৰ কিবা খুহুতীয়া কথাত তাই খিলখিলাই হাঁহিছে৷ মাজে মাজে খুড়াই তাইৰ হাতখনত টান মাৰি কাষ চপাই আনিছে৷ খোজেৰে গৈ থকাৰ মাজতে হাউলি তাইৰ গালখনত চুমা একোটা খাইছে৷ 

নীৰুৰ কণমান হৃদয়খন মৰমৰ পৰশত দুবেগেত হেন হৈ পৰিছে৷ লাহে লাহে সিহঁত গাঁৱৰ বাটটোৰ এমূৰত বৰশিমলুৰ কাষ চাপিছেগৈ৷ বৰশিমলুৰ তলখন দেখি হঠাতে এটা দুৰু দুৰু ভয়ে তাইক আৱৰি পেলাব খুজিছে৷ দেওলগা বৰশিমলুৰ কাষৰ পৰা পলোৱাৰ বাট বিচাৰিছে তাই৷

’খুড়া, সৌৱা বৰশিমলুৰ ছাঁটোৱে গুৰিৰ পৰা বাটটো কাটি থৈছে৷ পেহীহঁতে কৈছে সেই ছাঁ পাৰ হৈ যাব নাপায়৷ গ’লেই হেনো অনৰ্থ হয়৷ উভতি যাওঁ বলক৷’

’হেই! তই ইমান সাহসী ছোৱালীজনীয়ে সেইবোৰ কৱনে নীৰু! গছৰ ছাঁ বাটত নপৰি ক’ত পৰিব! চাচোন চা, জোনৰ পোহৰত বাকীবোৰ গছৰ ছাঁও কেনেকৈ বাটটোতে পৰিছেহি৷’

খুড়াই আঙুলীয়াই দিয়াৰ ফাললৈ নীৰুৱে চালে৷ সেয়া বাটৰ সোমাঁজতে কেইবাটাও ছাঁ, কাষৰ ৰবাব টেঙাজোপাৰ, ওখ তামোলজোপাৰ, ফ্ৰিল দিয়া চোলাটোৰে তাইৰ আৰু কাষত যতীন খুড়াৰ ছাঁ!

তাইৰ চকুৰ সন্মুখতে এইবাৰ যতীন খুড়াৰ ছাঁটোৰ লেং পেং ঠেংদুখনে এটা দীঘল জাঁপ মাৰিলে৷ লগে লগে লৰচৰ কৰি উঠিল হাত দুখনো৷  ছাঁটোৰ অদ্ভুত অংগী ভংগীবোৰ দেখি হাঁহি পেলালে নীৰুয়ে৷

হাঁহি হাঁহিয়ে দীঘল দীঘল খোজেৰে দুয়োটা ছাঁই বৰশিমলুৰ ছাঁটো দেও দি গ’ল!

’ব’ল, সেই ঘৰটোত কি আছে চাওঁগৈ!’

এইবাৰ পিছে কিবা এক আতংক আৰু উত্তেজনাই একেলগে মিলি নীৰুক যেন ধৰাশায়ী কৰি পেলাব খুজিলে৷

’নাই নাই, নাযাওঁ দেই! পোৰা ঘৰটো দেওলগা!’

’হেই, একো ভয় নকৰিবি৷ মই আছোঁ নহয়৷ ব’ল, মোৰ কোচত তুলি নিম তোক!’

আস, যতীন খুড়া যেন সেইদিনা বহু বেছি দু:সাহসী হৈ পৰিল! যেন দুৰ্জেয় হৈ পৰিল৷ যেন মানুহ হৈ নাথাকিল তাইৰ যতীন খুড়া৷ পানীৰ পৰা তুলি অনা কাৱৈ মাছটোৰ দৰে ছটফটাই উঠা, হাত-ভৰি আচাৰি পেলোৱা নীৰুক একেকোবে দাঙি নি পোৰা ঘৰটোৰ ভিতৰ পোৱালেগৈ৷  

সেই জোনাক নিশা পোৰা ঘৰটোৰ ভিতৰত নীৰুয়ে সময়ৰ চেতনা হেৰুৱালে৷ অনুভূতিৰ ৰামধেনুখনৰ পৰা এটা এটাকৈ ৰংবোৰ মোহাৰ খাই গ’ল৷ তাইৰ হৃদয়খন যেন ওলাই গৈ বহুপৰলৈ পোৰা ঘৰৰ ভঙা মূধচখনত ওলমি ৰ’ল৷ তাৰ পৰা নীৰৱে নিশব্দে চাই ৰ’ল মজিয়াত পৰি ৰোৱা তাইৰ শূন্য দেহটোলৈ, ধিমিককৈ নুমাই যোৱা জোনাকী পৰুৱাবোৰলৈ৷ নিৰ্বিবাদে শুনি ৰ’ল, কঁহাৰ শালৰ অনৰ্গল টুং টাং শব্দ, শিয়ালৰ হোৱা আৰু এটা সোণালী শৈশৱৰ উচুপনিৰ ধাৰা৷ 

সিদিনা নিশালৈ নীৰুৰ তীৰকঁপে জ্বৰ উঠিল৷ মাকে কপালত কাপোৰ তিয়াই তিয়াই দি থাকিল ওৰে ৰাতি৷ কেইবাবাৰো নীৰুয়ে দুচকু মেলি মাকক কিবা ক’বৰ চেষ্টা কৰিলে৷ কিন্তু শব্দবোৰ জোৰা লগাই কথাবোৰৰ সংগতি আনিবলৈ বৰ কষ্ট হ’ল তাইৰ, বৰ কষ্ট!

’বৰ....বৰশিমলু মা! জোনাকী পৰুৱা! ইমান জোনাকী পৰুৱা!’

তাই মনত পেলাব নোৱাৰিলে৷ মূধচৰ পৰা ওলমি ৰোৱা তাইৰ হৃদয়খনেনো কি দেখিলে, কি অনুভৱ কৰিলে তাই কাকোৱে বুজাব নোৱাৰিলে৷ নিজকো, মাককো, হাজাৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলা পৰিয়ল আৰু গাঁৱৰ মানুহকো৷ মইদুল বেজৰ জাৰণি পানীয়েও সেই অস্ফুট হৃদয়ক প্ৰকাশৰ ভাষা দিব নোৱাৰিলে৷ সকলোৰে প্ৰশ্নবোৰ ঠেকা খাই ৰ’ল নীৰুৰ ঘোলা দুচকুত, শিল হেন হৃদয়ত৷ 

বৰশিমলুৰ ভূতৰ ৰোমহৰ্ষক কাহিনীয়ে আকৌ এবাৰ সোণাপুৰ গাঁৱক জোকাৰি গ’ল৷ 

নীৰুজনী যেন নীৰু হৈ নাথাকিল৷ জোনাক ৰাতি ককাকৰ সৈতে চোতালত বহি তাই সাধু শুনিব নোৱাৰা হ’ল৷ তেতিয়াৰ পৰা তাই লুকাই ফুৰা হ’ল মানুহৰ পৰা৷ কিন্তু যতীন খুড়া আগৰদৰেই সিহঁতৰ ঘৰলৈ আহি থাকিল৷ খুড়াকক দেখিলেই তাই লৰ মাৰি শোৱাকোঠাৰ কাঠৰ আলমিৰাটোৰ ভিতৰত সোমোৱা হ’ল৷ কোনেও তাৰ ব্যাখ্যা নিবিচাৰিলে৷ কাকোৱে তাই বুজাই ক’ব নোৱাৰিলে কেনেকৈ তাইৰ বুকুখন ঘনে ঘনে টনটনাই উঠে৷ গোটেই শৰীৰটোৱে কিবা এটা বিদ্ৰোহত আস্ফালন কৰে৷ ৰাতিৰ পিছত ৰাতি বৰশিমলুৰ ডালবোৰে কেনেকৈ মেৰিয়াই ধৰি তাইৰ উশাহ বন্ধ কৰি পেলাব খোজে৷ 

প্ৰচণ্ড ক্ষোভ আৰু যন্ত্ৰণাত যেন ফাঁটিহে পৰিব নীৰু!

'তেনেকুৱা অসহ্য পৰিৱেশটোৰ পৰা প্ৰথম সুযোগটোতে ওলাই আহিলো মই বুজিছ!’

ইতিমধ্যে চকুপানীৰে পূৰ্ণিমাৰ হালধীয়া টিচাৰ্টৰ সন্মুখভাগ তিতি গৈছে৷ বাকৰুদ্ধ হৈ পৰিছে তাই৷ তেনেকৈয়ে নীৰুক আঁকোৱালি লৈ তাই কোনোমতে মাথোঁ ক’লে,

’চা নীৰু৷ সেয়া শেষ হৈ গ’ল৷ সকলো শেষ আজি৷’

নীৰুয়ে ভগ্ন কন্ঠেৰে তাকে দোহাৰিলে,

’শেষ, সকলো শেষ আজি৷ কিন্তু মইতো কিবা এটা কৰিব পাৰিলোহেঁতেন!’

’কাৰোৱাক ক’ব পাৰিলোহেঁতেন!’

’বন্ধ কৰিব পাৰিলোহেঁতেন!’

’কিবা এটাতো কৰিব পাৰিলোহেঁতেন, নহয় পূৰ্ণিমা?’

পূৰ্ণিমাই একো উত্তৰ নাথাকিল৷ তাই জানে, এইবোৰৰ উত্তৰ বিচৰাৰ সময় কেতিয়াবাই পাৰ হৈ গৈছে৷ হয়তো নীৰুয়েও সেয়া জানে৷ সেইবাবেই তাৰপিছত বহুদিনলৈ দুয়োৰে মাজত বৰশিমলুৰ ভূতৰ প্ৰসংগ নোলাল৷ বহুদিনলৈ নীৰুৰ বিৰবিৰণিত পূৰ্ণিমাৰ টোপনিও নাভাঙিল৷

কিন্তু সকলোৰে অজানিতে নীৰুয়ে বুকুৰ সেই বিষটো লৈ ফুৰিলে৷ কঢ়িয়াই ফুৰিলে সেই হেঁতেনবোৰৰ অসহায় হাহাকাৰখিনি৷ 

তাৰ মাজতে শিৱৰাত্ৰিৰ দিনটো পালেহি৷ পুৱাতে চুলি তিয়াই চাদৰ-মেখেলা পিন্ধি হোষ্টেলৰ ছোৱালীবোৰ জাকে জাকে ওচৰৰ শিৱমন্দিৰটোলৈ ওলাল৷ অঞ্জলী, পূৰ্ণিমাকে ধৰি হোষ্টেলৰ কেইবাজনী ছোৱালীৰ লগ হৈ নীৰুয়েও গৈ মন্দিৰত ভৰি থ’লেগৈ৷ 

শিৱমন্দিৰৰ শাৰী শাৰী চাকি, ধূপৰ সুগন্ধি, টিলিঙাৰ নিৰন্তৰ শব্দই উদ্বেলিত কৰি পেলালে নীৰুৰ দেহ-মন৷ কি এক অপৰূপ আধ্যাত্মিক পৰিৱেশ৷ যেন যোৱা বেছ কিছুদিন ধৰি এই সুৰকে বিচাৰি আছিল তাই! যি সুৰে সেইমুহুৰ্ত্তত তাইক এৰি যোৱা হৃদয়খন স্থাপন কৰিব, হেৰুৱা অনুভূতিৰ ৰংবোৰ ঘুৰাই আনিব৷ বাস্তৱৰ এটা সুগভীৰ ভেঁটি গঢ়িব তাইৰ মাজত৷

দেৱমূৰ্ত্তিৰ সন্মুখত আঁঠু লৈ চাকিগছি জ্বলোৱাৰ সময়ত, পূজাৰীৰ অনৰ্গল মন্ত্ৰপাঠৰ সময় নীৰুয়ে একমনে তাকেই প্ৰাৰ্থনা কৰিলে৷ প্ৰাৰ্থনা কৰিলে তাইৰ সেই অতীত অতীত হৈ যোৱাৰ বাবে, বৰ্তমান কেৱল বৰ্তমানৰ হৈ ৰোৱাৰ বাবে৷ এটা নতুন আৰম্ভণিৰ বাবে৷ নীৰুৰ কাষতে আঁঠু লৈ তাইৰ অজানিতে পূৰ্ণিমাইও যেন নিজৰ প্ৰাৰ্থনাত তাকেই দোহাৰিলে৷

পূজা-অৰ্চনা সামৰি সিহঁত উঠিল৷ হোষ্টেলৰ বাকীবোৰৰ সৈতে পূৰ্ণিমা আৰু নীৰুয়েও কংক্ৰীটৰ বিশাল শিৱলিংগৰ চাৰিওফালে ধীৰ গতিৰে খোজ দিলে৷ কোনে জানো ক’লে, ’তিনিপাক দিব লাগে দেই, তিনিপাক!’

তিনিনম্বৰ পাকটোত মানুহৰ ঠেলা-হেঁচাত নীৰুৰ তন্ময়তা ভাঙিল৷  ভাঙৰ উৎকট গোন্ধ এটা তাইৰ নাকত লাগিল৷ পিছলৈ ঘুৰি চাই তাই দেখা পালে৷ সিহঁতৰ কাষতে দুজন থুলন্তৰ মানুহ৷ ইচ্ছাকৃতভাৱেই তাইৰ কাষৰ অঞ্জলীৰ ফালে ঠেলা দিছেহি যেন৷ এনেতে পূৰ্ণিমাই চিঞৰ মাৰি উঠিল,

’ক’ত হাত দিছে অসভ্য কৰবাৰ!’

মাথোঁ এটা ছেকেণ্ডৰ বাবে নীৰুৰ চকুত পৰিল শিৱলিংগৰ ফালে ঠেলা মাৰি নি অঞ্জলীৰ কঁকালত সেই মানুহজনে হাতখনেৰে মেৰিয়াই ধৰিব খুজিছে৷ অঞ্জলীৰ মুখখন বিকৃত হৈ উঠিছে৷

ছেকেণ্ডৰ ভিতৰতে পূজাৰ থালখন পূৰ্ণিমাৰ হাতত দি নীৰু বলিয়া বাঘিনীৰ দৰে জপিয়াই পৰিল৷ পলকতে সেই মানুহটোৰ হাতৰ মুঠিত ধৰি লৈ ওলোটাকৈ পকাই পেলালে তাই৷ মুহুৰ্ত্ততে ফৰিং ছিটিকা দিয়া মানুহবোৰে দূৰৰ পৰা মাথোঁ দেখা পালে, সেই থুলন্তৰ মানুহটোৱে ভীষণ যন্ত্ৰণাত হাউলি পৰিছে আৰু বলিৰ পঠাৰ দৰে কেঁকাবলৈ ধৰিছে৷ একোলৈকে ভ্ৰক্ষেপ নকৰি নীৰুয়ে মানুহটোৰ দেহত উপৰ্যুপৰি ঘোঁচা সোধাবলৈ ধৰিলে৷ পূৰ্ণিমাই অবাক হৈ দেখা পালে, নীৰুৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছে, হাতৰ মুঠিৰ জোৰত যেন ফাটি পৰিব খুজিছে তাইৰ দুবাহুৰ পেশী৷

মানুহটোৱে তেজ বটিয়াবলৈ আৰম্ভ কৰা দেখিহে পূৰ্ণিমাৰ যেন সম্বিত ঘুৰি আহিল! অঞ্জলীৰ সৈতে মিলি দুয়ো নীৰুক জোৰ কৰি টান মাৰি আঁতৰাই আনিলে৷ প্ৰত্যক্ষদৰ্শী কোনোৱেই সিহঁতৰ কাষ চপাৰ হয়তো সাহস বা প্ৰয়োজনবোধ নকৰিলে৷

নীৰু ক্ষান্ত হোৱা যেন পাই হোষ্টেলৰ ছোৱালীকেইজনী এটা সময়ত হোষ্টেললৈ উভতিল৷ ক’ৰবাত ছিটিকি পৰি ৰোৱা পূজাৰ প্ৰসাদ, ধূপ-চাকি বুটলি অনাৰ আৰু সত নগ’ল সিহঁতৰ৷ গোটেই বাটছোৱা টু শব্দ এটাও নকৰাকৈ পূৰ্ণিমা আৰু নীৰুয়ে নীৰৱে খোজ দি আহিল৷ যিমানেই খোজ আগবঢ়ালে, সিমানেই নীৰুৰ বুকুখন যেন পাতল হৈ আহিল৷ যেন হাহাকাৰবোৰে অতীতৰ বুকুলৈ উভতি যোৱাৰ এটা বাট বিচাৰি পালে৷ সকলো যেন নীৰৱ হৈ পৰিল আজি৷ 

হোষ্টেলৰ দুৱাৰমুখ পোৱাৰ সময়ত পূৰ্ণিমালৈ ঘুৰি চাই নীৰুয়ে মুকলি হাঁহি এটাৰে ক’লে,

’বৰশিমলুৰ ভূতটোৱে মোক আৰু আমনি কৰিব নোৱাৰে পূৰ্ণিমা৷ বৰশিমলুৰ ভূতটো ঘুৰি গৈছে শিমলুৰ বুকুলৈকে৷’

পৃথিৱীৰ বাবে এটা দিন

আমি বাস কৰা পৃথিৱীখনৰ যে আজি এক সংকটময় অৱস্থা সেয়া আমি সকলোৱে জানো৷ গোলকীয় উষ্ণতা বাঢ়িছে, সেউজীয়া অৰণ্যবোৰ আৰু তাত বাস কৰা আপুৰুগীয়া জীৱ-জন্তুবোৰ নোহোৱা হৈ আহিছে ইত্যাদি নানা বাতৰিয়ে আমাক সময়ে-অসময়ে হয়তো আমনি কৰেহি৷ তেনে সময়ত অসহায় অনুভৱ কৰাটোৱে স্বাভাৱিক৷ কিন্তু আমি বহুতেই হয়তো গম নাপাওঁ, এই বিশাল পৃথিৱীখনক সংকটৰ পৰা মুক্ত কৰিবলৈ কেৱল চৰকাৰ বা অন্য অনুষ্ঠান-প্ৰতিষ্ঠানলৈ বাট চাই নাথাকি আপোনাৰ মোৰ দৰে সাধাৰণ নাগৰিকেও বহুখিনি অৱদান আগবঢ়াব পাৰোঁ৷ এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰেই আমাৰ প্ৰত্যেকৰে সৰু সৰু একোটা চিন্তাশীল পদক্ষেপেই পৃথিৱী ৰক্ষাৰ ক্ষেত্ৰত অভাৱনীয় আৱদান আগবঢ়াব পাৰে৷ এই কথা যদি শুনাত অবিশ্বাস্য যেন ভাৱ হৈছে,আহকচোন চাওঁ এখন বহনক্ষম পৃথিৱীৰ বাবে এটা দিনতে আমি কি কৰিব পাৰোঁ? 

১৯৫১ চনৰ পৰা পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ৰূপ; উৎস: ৱিকিকমনছ

এটি নতুন দিনৰ আৰম্ভণি! নিত্যনৈমিত্তিকভাৱে আপুনি বিছনা এৰিছে৷ গা ধোৱা ঘৰত সোমাই  দাঁত মজা ব্ৰাছডাল হাতত লৈছে৷ আইনাত চকু থৈ দিনটোৰ কৰিবলগীয়া কামবোৰৰ কথাৰে হয়তো আপুনি কিছু অন্যমনস্ক হৈ পৰিছে৷ কিন্তু এইখিনিতে এবাৰ মন কৰকচোন, মুখ ধুবলৈ লৈ বা দাঁত মাজি থাকোঁতে পানীৰ টেপটো অপ্ৰয়োজনতে খুলি থৈছে নেকি? কথাতে কয়, সকলো বিপ্লৱৰ আৰম্ভণি হ’ব পাৰে আপোনাৰ নিজৰ ঘৰখনৰ পৰাই৷ পাকঘৰত, গা ধোৱা ঘৰত বা ঘৰৰ অন্য সকলো কাম-কাজত পানীৰ অপচয় কমাই আপুনি পৃথিৱীখন ৰক্ষা কৰিবলৈ সহায় কৰিব পাৰে৷ 

নিত্য কৰ্মখিনি কৰি লৈ আপুনি ঘৰৰ মূল দুৱাৰখন খুলিছেগৈ৷ সতেজ বতাহ ছাটিয়ে, এচেৰেঙা উজ্বল ৰ’দে আপোনালৈ স্নিগ্ধ পুৱাটিৰ মিঠা আমেজ কঢ়িয়াই আনিছে৷ চিৰাচৰিত নিয়ম অনুসৰি আপুনি বাৰাণ্ডা বা চোতাল পোহৰাই ৰখা লাইটটো নুমুৱাইছে৷ খুউব ভাল কথা! আশা কৰোঁ, সন্ধিয়াবেলাও কোঠাত কোনো নাথাকিলে লাইটৰ চুইচবোৰ অফ কৰিছে, পাহৰিলে পৰিয়ালৰ আনসকলক মনত পেলাই দিছে৷ তাৰ লগে লগে আপোনাৰ বিজুলীৰ বিলো কমিল, এইছেগতে পৃথিৱীখনৰ বাবে আপোনাৰ অৱদানো কিছু বাঢ়িল! 

পুৱাতে খৰধৰকৈ সকলোৱে ভাতসাঁজ খাই দিনটোৰ কামৰ বাবে ওলাই যাবলৈ লৈছে৷ আজিৰ ভাতসাঁজ কিহেৰে খালে? ক্ষন্তেক মন কৰকচোন, প্ৰতিসাঁজ ভাতৰ সৈতে প্ৰায়ে আপুনি থলুৱা শাক-পাচলিৰ নে মাছ-মাংসৰ জুতি বিচাৰে? গৱেষণাই দেখুৱাইছে যে গাহৰি, ছাগলী, গৰু আদিৰ মাংসই শাক-পাচলিতকৈ ১০-৪০ গুণ বেছি সেউজগৃহ গেছ নিৰ্গমণ কৰে৷ কেনেকৈ? কাৰণ, সেই জন্তুবোৰক পালন কৰাৰ পৰা মাংস হিচাপে ব্যৱহাৰ কৰালৈ বহুতো শক্তিৰ অপচয় হয়৷ এই জন্তুবোৰ পালন কৰিবলৈ প্ৰতিবছৰে বহুতো অৰণ্য ধ্বংস আৰু পানীৰ অপচয় হৈ আহিছে৷ গতিকে সম্পূৰ্ণৰূপে নিৰামিষ খাদ্য খোৱাৰ অভ্যাস কৰিব নোৱাৰিলেও যিমান পাৰি এনেধৰণৰ মাংস খোৱাটো কমাই সেউজগৃহ প্ৰভাৱ কমোৱাত আপুনিও সহায় কৰিব পাৰে৷ তেনেদৰে থলুৱাভাৱে উৎপাদন হোৱা বতৰৰ ফল-মূল বা শাক পাচলি খোৱাৰ অভ্যাস কৰিলে বাহিৰৰ পৰা আমদানি কৰা আবতৰীয়া ফল-মূল-পাচলি আদিৰ ভ্ৰমণৰ বাবে হোৱা শক্তিৰ অপচয়ো ৰোধ কৰিব পাৰিব৷ 

অসমৰ থলুৱা শাক পাচলি; উৎস
খোৱা মেজৰ পৰা উঠাৰ আগেয়ে এবাৰ মন কৰকচোন৷ আপুনি বা পৰিয়ালৰ অন্য কোনোৱে কাঁহীখনত খাদ্য এৰি গ’ল নেকি? সহানুভূতিৰে নিজকে বা আনকো খাদ্য অপচয়ৰ কৰুণ পৰিণতিৰ কথা সোঁৱৰাই দিয়াৰ চেষ্টা কৰক৷ আমি খোৱা প্ৰতিসাঁজ খাদ্য কাঁহীখন পোৱালৈকে উৎপাদন আৰু আমদানি-ৰপ্তানি আদিত বহুত পৰিমাণে সেউজ গৃহ গেছ নিৰ্গমণ হৈছে, অৰণ্য ধ্বংস হৈছে৷ গতিকে সেয়া অনাহকতে অপচয় কৰা মানে পৃথিৱীৰ বোজাটো অধিক গধুৰ হোৱা৷ তথ্যমতে সমগ্ৰ বিশ্বত উৎপাদন হোৱা খাদ্যৰ এক তৃতীয়াংশই অনাহকত নষ্ট হয়৷ পৃথিৱীৰ সকলো মানুহে মিলি যদি এতিয়া অপচয় কৰা খাদ্যৰ এক চতুৰ্থাংশও ৰাহি কৰিব পাৰে, এই পৃথিৱীত হেনো তেতিয়া কোনো লোক অনাহাৰে নাথাকিব৷ গতিকে যিমান খাব খোজে সিমানখিনি অনুমান কৰিহে কাঁহীখনত লওক৷ 

ঘৰৰ পৰা ওলাই ঠিক সময়তে আজি আপুনি কামলৈ বুলি বাছখনত উঠি পৰিছে৷ বাটতে কিনি লোৱা তামোলখন মুখত ভৰাই প্লাষ্টিকৰ পেকেটটো বা মিনাৰেল ৱাটাৰৰ খালী বটলটো বাছৰ খিৰিকীৰে দলিয়াই দিছে নেকি? তাকে নকৰি সেয়া ডাষ্টবিনত পেলাবলৈ বুলি সামৰি ৰাখকচোন৷ নাইবা আপুনি লৈ যোৱা ফ্লাস্ক বা পুনৰ ব্যৱহাৰ কৰিব পৰা বটলটোৰ পৰা বিশুদ্ধ পানীটোপা খাওক৷ তাৰ লগে লগে প্লাষ্টিক প্ৰদূষণো কমিল, লগতে সমজুৱা বাট পথ নিকা কৰি ৰখাতো আপুনি সহায় কৰিলে৷ ইফালে সিফালে যাবলৈ অপ্ৰয়োজনতে গাড়ী বা স্কুটাৰখন লৈ যোৱাৰ অভ্যাসটো কমালেও পৃথিৱীখন বহু পৰিমাণে ৰক্ষা পৰে৷ তথ্যমতে, ২০২০ চনত ভাৰতত পৰিবহণ ব্যৱস্থাই নিৰ্গমণ কৰা সেউজগৃহ গেছৰ ৭১% ই হ’ল ব্যক্তিগত বাহনৰ পৰা হোৱা নিৰ্গমণ৷ গতিকে মাজেসময়ে তাৰ পৰিমাণ কমায়ো আপুনি এখন বহনক্ষম পৃথিৱী গঢ়াত সহায় কৰিব পাৰে৷

কাৰ্য্যালয়ত আজি আপোনাক হাজাৰ ব্যস্ততাই আৱৰি ধৰিছে৷ তাৰ মাজতে কিবা এখন কাগজ প্ৰিন্ট কৰিব খুজিছে৷ এইখিনিতে এবাৰ ৰৈ নিজকে দুটামান প্ৰশ্ন কৰকচোন৷ সেই কাগজখন প্ৰিন্ট কৰাটো সঁচাই কিমান দৰকাৰী? যদিহে অত্যৱশ্যকীয়, কাগজৰ দুয়োপিঠিতে প্ৰিন্ট কৰিব পাৰিবনে? পৃথিৱীত অৰণ্যৰ পৰা কাটি ব্যৱসায়িকভাৱ চালান দিয়া ৪০% কাঠৰ কুণ্ডা ব্যৱহাৰ হয় কাগজ তৈয়াৰ কৰাত৷ গতিকে কাগজৰ অযথা অপচয় কৰা মানে আপুনি পৰোক্ষভাৱে কোনোবা কোণত এজোপা গছ কটাৰ চাহিদা বৃদ্ধি কৰা৷ গতিকে খুবেই প্ৰয়োজন ন’হলে কাগজৰ ব্যৱহাৰ কমাই আনক৷ 

সন্ধিয়া বজাৰ কৰিবলৈ ওলাই গৈছে৷ বজাৰৰ মোনাটোৰ সলনি আপুনি প্লাষ্টিকৰ মোনাত ভাগে ভাগে বস্তু কিনিছে নেকি? আপুনি জানেনে, সমগ্ৰ পৃথিৱীত মানুহে একেলগে প্ৰতিবছৰে ৫,০০,০০০ কোটিটা প্লাষ্টিকৰ মোনা এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়ে৷ ইয়াৰে বেছিভাগ গৈ নৈ-জান-জুৰি আৰু সাগৰত পৰেগৈ৷ গতিকে এইবাৰ তাকে নকৰি শাক-পাচলি, গেলামালৰ বস্তুবোৰ ভৰাবলৈ বজাৰৰ মোনাটো আগবঢ়াই দিয়কচোন৷ সেই এটা পদক্ষেপেৰেই প্লাষ্টিকৰ প্ৰদূষণ কমোৱাত আপোনাৰ অৱদান মূল্যৱান হৈ পৰিব৷ আপোনাৰ-মোৰ দৰে একো একোজন নাগৰিকৰ সচেতনতা যিমানে বাঢ়িব সিমানেই প্লাষ্টিকৰ আৱৰ্জনাৰ দ’মটোৰ উচ্চতা কমি আহিব৷ 

প্লাষ্টিকৰ আৱৰ্জনা কমোৱাত আপুনিও সহায় কৰিব পাৰে; উৎস

নিশা দিনটোৰ পৰিশ্ৰমৰ শেষত আপুনি বিছনাখনত ভাগৰুৱা দেহটো এৰি দিছেহি৷ চাবচোন, টোপনিত ঢলি পৰাৰ আগতে এই এটা দিনতে পৃথিৱীখন ৰক্ষা কৰিবলৈ আপুনি আগবঢ়োৱা অৱদানখিনিৰ বাবে এক অপাৰ গৌৰৱবোধে আপোনাক সুখী কৰি তুলিছে৷ আপোনালৈ আন্তৰিক অভিনন্দন! 

Thursday, 17 February 2022

বনৰৌৰ বিলৈ

জন্তুবিধৰ আকৃতি প্ৰকাণ্ড জেঠী এটাৰ দৰে৷ কিন্তু ই জেঠীৰ দৰে সৰীসৃপ নহয়, স্তন্যপায়ী জন্তুহে৷ পৰুৱা, উঁইহাঁফলু আদি খাই বৰ ভাল পায় ই৷ সেইবাবেই এই জন্তুবিধৰ আক্ষৰিক অৰ্থতে ইংৰাজী নাম ৰখা হৈছে, স্কেলি এন্টইটাৰ (Scaly anteater)বা পেংগ’লিন;অসমীয়াত বনৰৌ৷ বনৰৌৰ সমগ্ৰ দেহটো দেখাত মাছৰ বাকলিৰ দৰে টান বাকলিৰে আবৃত৷ অৰণ্যৰ চিকাৰী জন্তুৱে আক্ৰমণ কৰিলে ই প্ৰতিৰক্ষাৰ বাবে ঘুৰণীয়া বল এটাৰ দৰে পাক খাই লৈ টান বাকলিবোৰেৰে নিজকে ঢাকি পেলায়৷ যুগ যুগ ধৰি এই ব্যৱস্থাৰেই বনৰৌবোৰে নিজকে প্ৰতিৰক্ষা দি আহিছে অৰণ্যৰ বাঘ, বনৰীয়া কুকুৰ, শিয়াল আদিৰ পৰা৷ পিছে জীৱশ্ৰেষ্ঠ মানুহৰ নিৰ্মমতাৰ পৰা প্ৰতিৰক্ষাৰ বাবে কোনো অৱলম্বন নাই এই নিমাখিত জন্তুবিধৰ৷

অসমত দেখা পোৱা চীনা বনৰৌ; উৎস: ৱিকিকমনছ

অৰণ্যৰ কোনোবা গছৰ খোৰোঙত লুকাই থকা লাজকুৰীয়া বনৰৌবোৰ চিকাৰী মানুহে পিতপিতকৈ বিচাৰি উলিয়ায়৷ বনৰৌ থকা গছৰ তলৰ পৰা ধোঁৱা দি শ্বাসৰুদ্ধ কৰি চিকাৰীয়ে সিহঁতক বাহিৰলৈ ওলাই পৰিবলৈ বাধ্য কৰে৷ জালিকটা মোনাত সোমাই ভয়াৰ্ত বনৰৌবোৰ চিকাৰীৰ চোং পাইহি৷ তাৰ পিছত আৰম্ভ হয় অন্য এক বৰ্বৰ অধ্যায়৷ চিকাৰীয়ে উপৰ্যুপৰি মাৰ সোধাই বনৰৌবোৰ লৰচৰ কৰিব নোৱাৰা কৰি পেলায়৷ প্ৰায় অচেতন কিন্তু কেতিয়াবা জীৱিত বনৰৌবোৰক উতলা পানীত পেলাই দি হত্যা কৰা হয়৷ কেতিয়াবা জীৱন্তে অন্য ঠাইলৈ চালান দিয়া বনৰৌবোৰে অমানুষিক যন্ত্ৰণা সহি দীঘলীয়া যাত্ৰা কৰে অবৈধ বেহাৰ গন্তব্যস্থলীলৈ৷ 

বনৰৌৰ এই বিলৈৰ কাৰণ হ’ল সিহঁতৰ মাংস আৰু বাকলিক লৈ চলি অহা আন্তৰ্জাতিক বেহা৷ বনৰৌৰ বাকলিৰ মূল চাহিদা মূলত: চীন দেশত৷ এই দেশৰ পৰম্পৰাগত বিশ্বাস অনুসৰি বনৰৌৰ বাকলিয়ে শালমইনাৰ পৰা কৰ্কটৰোগলৈকে বহুতো ৰোগ নিবাৰণ কৰে৷ তেনেদৰে পশ্চিম আৰু কেন্দ্ৰীয় আফ্ৰিকাৰ বিভিন্ন দেশতো পৰম্পৰাগত ঔষধ তৈয়াৰ কৰাত বনৰৌৰ বাকলি ব্যৱহাৰ কৰা হয়৷  বনৰৌৰ বাকলি গঠনকাৰী কেৰাটিনেই আমাৰ আঙুলীৰ নখো তৈয়াৰ কৰিছে৷ গতিকে সেই বাকলি আৰু মানুহৰ নখৰ গঠনগত পাৰ্থক্য নাই৷ কোনো বৈজ্ঞানিক ভিত্তি নথকা স্বত্বেও এই দেশসমূহতত পৰম্পৰাগতভাৱে নানা ৰোগৰ ঔষধ হিচাপে বনৰৌৰ বাকলি আৰু মাংসৰ বিধান দিয়া হৈ আহিছে আৰু তেনেদৰেই চাহিদা ক্ৰমাৎ বৃদ্ধি পাই আহিছে ৷ তাৰোপৰি চীন আৰু ভিয়েটনামৰ বহু ঠাইত ঔষধি গুণৰ বাবে আৰু দুষ্প্ৰাপ্য খাদ্যৰূপে বনৰৌৰ মাংস পৰিৱেশন কৰা হয়৷ বিশেষকৈ বিলাসী ৰেষ্টোৰাত জুই ছাই দামৰ বনৰৌৰ মাংস পৰিৱেশন কৰাটো আঢ্যবন্ত গ্ৰাহকৰ বাবে ’ষ্টেটাছ চিম্বল’ যেন হৈ পৰিছে৷ এই আন্তৰ্জাতিক বেহাই এনে ৰূপ লৈছেগৈ যে বৰ্তমান সমগ্ৰ বিশ্বতে সৰ্বাধিক হাৰত চোৰাংচিকাৰ আৰু অবৈধ বেহাৰ বলি হোৱা স্তন্যপায়ী জন্তু হিচাপে পৰিগণিত হৈ পৰিছে এই বনৰৌ৷

সমগ্ৰ বিশ্বত ২০০০ ৰ পৰা ২০১৯ চনৰ ভিতৰত ৮৯৫,০০০ বনৰৌৰ চালান দিয়া বুলি তথ্য প্ৰকাশ পাইছে৷ ভাৰতত ২০০৬ ৰ পৰা ২০১৭ চনৰ ভিতৰত ৬০০০ টা বনৰৌ চালানীৰ সময়ত জব্দ কৰা হৈছে৷ অসমতো শেহতীয়াকৈ বিভিন্ন ঠাইত অবৈধ বেহাত সৰবৰাহ কৰাৰ সময়ত বনৰৌ উদ্ধাৰ কৰাৰ ঘনাই বাতৰি ওলাবলৈ লৈছে৷ গৱেষণাৰ তথ্য অনুসৰি যোৱা দহটা বছৰত মণিপুৰত সৰ্বাধিক পৰিমাণে বনৰৌ জব্দ হৈছে৷ তাৰ পিছতেই স্থান মিজোৰাম আৰু অসমৰ৷ তথ্য মতে এই বেহাৰ দালালবোৰে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলৰ পৰা বনৰৌৰ বাকলি কিনি মণিপুৰ ৰাজ্যলৈ চালান দিয়ে৷ তাৰ পৰা বনৰৌৰ সৰবৰাহ হয় ম্যানমাৰ আৰু চীনদেশৰ য়ুনান প্ৰভিন্সলৈ৷ এই সমগ্ৰ সৰবৰাহত গুৱাহাটী আৰু কলকাতা  ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বেহাৰ বিশেষ সংযোগ বুলি ধৰা পৰিছে৷  

চীনা বনৰৌৰ বিস্তৃতি; উৎস: ৱিকিকমনছ


এছিয়া আৰু আফ্ৰিকা মহাদেশত বনৰৌৰ মুঠ আঠটা প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভাৰতত পোৱা  প্ৰজাতি দুটা হৈছে ভাৰতীয় বনৰৌ (Manis crassicaudata) আৰু চীনা বনৰৌ (Manis pentadactyla)। অসমৰ বনৰৌবিধ হৈছে চীনা বনৰৌ৷ চীনা বনৰৌ উত্তৰ-পূব ভাৰতকে ধৰি চীন, ম্যানমাৰ, নেপাললৈকে দেখা পোৱা যায়৷ বৰ্তমানলৈকে ইহঁতৰ বিস্তৃতি বা সংখ্যা সম্পৰ্কে বিশদ কোনো তথ্য উপলব্ধ হোৱা নাই৷ আই ইউ চি এনৰ ৰঙা তালিকা অনুসৰি চীনা বনৰৌক ঘোৰ সংকটজনক ( Critically Endangered), আৰু ভাৰতীয় বনৰৌক বিলুপ্তপ্ৰায় (Endangered) আখ্যা দিয়া হৈছে৷ বনৰৌৰ আঠবিধ প্ৰজাতিকে চাইটিছ (Convention on International Trade in Endangered Species, CITES)ৰ প্ৰথম পৰিশিষ্ট (Appendix I) ত স্থান দিয়া হৈছে৷ গতিকে এই আন্তৰ্জাতিক আইন অনুসৰি বনৰৌ সংৰক্ষিত আৰু ইহঁতৰ চোৰাং চিকাৰ আৰু বেহা অবৈধ৷ কিন্তু আইনমতে সৰ্বাধিক প্ৰতিৰক্ষা লাভ কৰা স্বত্বেও আন্ত:ৰাষ্ট্ৰীয় চাহিদাৰ বাবে বনৰৌৰ চিকাৰ আৰু বেহা অবাধ গতিত চলি আছে৷ এই গতি অব্যাহত থাকিলে অনতিপলমেই এই আপুৰুগীয়া জন্তুবিধ এই পৃথিৱীৰ পৰা হেৰাই যোৱাৰ সম্ভাৱনা আহি পৰিছে৷  

কিন্তু বনৰৌৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে অন্য এক সংকটে বনৰৌৰ বেহা ৰোধ কৰাটো মানৱ সমাজৰ বাবেই কিমান জৰুৰী আৰু গুৰুত্বপূৰ্ণ সেয়া পোহৰলৈ আনিলে৷ গৱেষণাৰ তথ্য মতে ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰী ৰোধ কৰিবলৈকো বনৰৌৰ চিকাৰ আৰু অবৈধ বেহা অনতিপলমে বন্ধ কৰাৰ প্ৰয়োজন৷ আমি সকলোৱে ইতিমধ্যেই গম পাইছোঁ যে কৰ'না ভাইৰাছ ৰোগৰ আৰম্ভ হৈছিল চীন দেশৰ ৱ’হান প্ৰদেশত বন্য জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ভাইৰাছৰ জড়িয়তে৷ এই ভাইৰাাছ বাদুলীৰ পৰা বনৰৌলৈ আৰু তাৰ পিছত মানুহলৈ সংক্ৰমণ হ’ল বুলি গৱেষণাই দেখুৱাইছে৷ ইয়াৰ পূৰ্বেও কেইবাটাও মহামাৰীৰ উৎপত্তি হৈছিল একেই প্ৰক্ৰিয়াৰে৷ উদাহৰণস্বৰূপে, বিংশ শতাব্দীত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ হৈছিল চিম্পাঞ্জী আৰু গৰিলাৰ পৰা মানুহলৈ ৰোগৰ বীজাণু বিয়পি৷ তেনেদৰে ছোৱাইন ফ্লু , ইব’লা, জিকা  আৰু নিপা ভাইৰাছ আদিৰ মহামাৰী বন্য জন্তুৰ পৰাই মানুহলৈ বিয়পিল৷  যেন মানুহৰ বৰ্বৰতাৰ উত্তৰ দিবলৈ প্ৰকৃতি বাধ্য হৈছে! প্ৰকৃতিৰ এই শিকনি লৈ জীৱ-জন্তুৰ চোৰাংচিকাৰ আৰু বেহা বন্ধ কৰাৰ বাবে সকলো ব্যৱস্থা লোৱাটো মানৱ সমাজৰ কল্যানৰ বাবেই অতিকৈ জৰুৰী৷

A ভাৰতীয় বনৰৌ B হাতৰ খাৰু হিচাপে বনৰৌৰ বাকলি C বেহাৰ বাবে সাজু কৰা বনৰৌৰ বাকলি D অসমৰ ডিমা হাছাওৰ ডিঙিৰ অলংকাৰ হিচাপে পিন্ধা বনৰৌৰ বাকলি আৰু নখ
উৎস: গৱেষণা


বনৰৌৰ চোৰাং চিকাৰ আৰু অবৈধ বেহা বন্ধ কৰিবলৈ ইয়াৰ চিকাৰ, সৰবৰাহ আৰু ব্যৱসায়িক চাহিদা নিবাৰণৰ বাবে সৰ্বাংগীন উপায়েৰে পৰিকল্পনা কৰাৰ প্ৰয়োজন৷ পৰম্পৰাগত ঔষধত বনৰৌৰ মাংস বা বাকলিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ চীন দেশৰ পৰম্পৰাগত ঔষধৰ হাতপুথি ফাৰ্মাক’পিয়া (Pharmacopoeia) ৰ পৰা বনৰৌৰ উল্লেখ আঁতৰাই দিবলৈ বিভিন্ন মহলে দাবী উত্থাপন কৰি আহিছে৷ বৈজ্ঞানিক মানসিকতাই এই অন্ধবিশ্বাসবোৰ নোহোৱা কৰাত সহায় কৰিব৷

অসমৰ দৰে বহু ঠাইত স্থানীয় লোকসকল কেৱল জীৱিকাৰ প্ৰয়োজনত বনৰৌৰ এই আন্ত:ৰাষ্ট্ৰীয় বেহাৰ জালত সোমাই পৰে আৰু বনৰৌৰ চিকাৰ কৰি বহিৰাগত দালালৈ চালান দিয়ে৷ শেহতীয়াকৈ অসমৰ ডিমা হাছাও জিলাত কৰা এক গৱেষণাৰ সময়ত ডিমাছা, কাৰ্বি আৰু বিয়াটে জনজাতিৰ ১৪০ গৰাকী স্থানীয় চিকাৰীৰ সাক্ষাৎকাৰত এই তথ্য প্ৰকাশ পাইছে৷ এই গৱেষণাৰ মূল উদেশ্য আছিল বনৰৌৰ চিকাৰ আৰু বেহাত স্থানীয় লোকসকল কিয় আৰু কেনেদৰে জড়িত হৈ পৰিছে তাৰ বুজ লোৱা৷ পূৰ্বতে অৰণ্যৰ ওচৰে পাজৰে থকা অধিবাসীসকলে কেৱল ব্যক্তিগত প্ৰয়োজনত সীমিতভাৱে বনৰৌৰ চিকাৰ কৰিছিল যদিও বৰ্তমান ইয়াৰ বাকলিৰ উচ্চ দাম আৰু চাহিদাৰ বাবে পোৱা ব্যৱসায়িক লাভে পৰম্পৰাগত ব্যৱহাৰ সলাই পেলালে৷ এই গৱেষণাত প্ৰকাশ কৰা মতে মাথোঁ এটা বনৰৌৰ বাকলি বিক্ৰী কৰি ডিমা হাছাওৰ এগৰাকী স্থানীয় চিকাৰীয়ে চাৰি মাহৰ আয়ৰ সমান টকা ঘটিব পাৰে৷ গতিকে এই সমস্যা দূৰ কৰিবলৈ দৰিদ্ৰতা নিবাৰণ আৰু স্থানীয় চিকাৰীৰ বিকল্প সংস্থাপন গুৰুত্বপূৰ্ণ৷ কিন্তু কেৱল এই ব্যৱস্থাসমূহে বনৰৌৰ চিকাৰ আৰু বেহা সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰে৷ এই সম্প্ৰদায়সমূহৰ মাজত বনৰৌৰ সংৰক্ষণ সম্পৰ্কে সচেতনতা অনাটোও দৰকাৰী৷ তেনেদৰে স্থানীয় সম্প্ৰদায়সমূহে বনৰৌৰ সংৰক্ষণৰ বাবে আগভাগ লোৱাৰ সুবিধা পাবলৈ সম্প্ৰদায় কেন্দ্ৰিক সংৰক্ষণ (community-based conservation)ৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন৷

বনৰৌবোৰে আমাৰ পৰিস্থিতিতন্ত্ৰত এক বিশেষ ভূমিকা লৈ আহিছে৷ ইহঁতে পোক-পৰুৱা খাই  কীট-নিয়ন্ত্ৰণ (pest control) কৰে আৰু খাদ্যৰ সন্ধানত মাটি খুঁচৰি মাটিৰ সমতাও বজাই ৰাখে৷ এই আপুৰুগীয়া জন্তুবিধৰ বাসস্থান, বিস্তৃতি, আচৰণ আদিৰ বিষয়ে বিশদ অধ্যয়ন কৰাৰ প্ৰয়োজন৷ চোৰাং চিকাৰ আৰু অবৈধ বেহাৰ বৰ্বৰতা বন্ধ কৰি বনৰৌক বিলুপ্তিৰ গৰাহৰ পৰা উভতাই অনাটো মানৱ সমাজৰ কল্যাণৰ বাবেই অতীব গুৰুত্বপূৰ্ণ৷


তথ্যউৎস

  • D’Cruze, N., Singh, B., Mookerjee, A., Harrington, L. A., & Macdonald, D. W. (2018). A socio-economic survey of pangolin hunting in Assam, Northeast India. Nature Conservation, 30, 83
  • Challender, D. W., Heinrich, S., Shepherd, C. R., & Katsis, L. K. (2020). International trade and trafficking in pangolins, 1900–2019. In Pangolins (pp. 259-276). Academic Press.
  • Aisher A. (2016). Scarcity, Alterity and Value: Decline of the Pangolin, the World’s Most Trafficked Mammal. Conservation & Society. 14(4): pp 317-329