Sunday, 11 July 2021

কানাডাৰ ডায়েৰী (২): আঁউসীৰ শেষত

’হেপ্পী কানাডা ডে!’ উবাৰখনত মোৰ কাষৰ আসনত বহি লৈয়েই এলাইডাই ক’লে৷

এক জুলাই, ২০২১। কানাডাৰ প্ৰতিষ্ঠা দিৱস৷ বন্ধবাৰ পাই ৰাতিপুৱাই আমি দুয়ো ওলাইছোঁ মাউন্ট ছিম’ৰলৈ বুলি৷ পুৱা যদিও মহানগৰৰ ব্যস্ততা আৰম্ভ হৈছেই৷ অৱশ্যে বন্ধবাৰত ভেনকুভাৰত ব্যস্ততা অন্যদিনতকৈ বাঢ়েহে৷ এই মহানগৰ ফিটনেছ আৰু ক্ৰীড়াপ্ৰেমীৰ মহানগৰ৷ বেছিভাগ মানুহেই সাগৰত চাৰ্ফিং, কায়াকিং, কেনুয়িঙৰ পৰা পৰ্বতত হাইকিং, স্কি, ৰ’ক ক্লাইম্বিং আদি বিভিন্ন চখৰ মোহতে আহি এই মহানগৰত থিতাপি লয়হি হেনো৷ গতিকে বন্ধদিনৰ পুৱা তেনে অভিযানকাৰীৰেই ইয়াৰ বাট-পথ মুখৰ হৈ উঠে। সকলোৱা গাড়ীতে স্কি, কায়াক, চাইকেল আদি বোজাই কৰি প্ৰকৃতিৰ বুকুলৈ ঢাপলি মেলে যেন। 
আজিও তাৰ ব্যতিক্ৰম নহ’ল৷

বহুদিনৰ মূৰত এনেকৈ এলাইডাৰ সৈতে একেলগে ফুৰিবলৈ ওলাইছোঁ৷ আজিৰ পৰা কানাডাৰ একেবাৰে পশ্চিম প্ৰান্তৰ এই ব্ৰিটিছ কলম্বিয়া প্ৰদেশত অতিমাৰীৰ পৰা পুনৰাম্ভণি (restart)ৰ তৃতীয়টো পৰ্য্যায় আৰম্ভ হৈছে৷ 
প্ৰতিষেধক লোৱাৰ হাৰ বাঢ়ি অহাৰ লগে লগে ইয়াত কোভিড-১৯ সংক্ৰমণৰ হাৰ কমিছে। গতিকে বহুতো বাধা-নিষেধো আঁতৰোৱা সম্ভৱ হৈ পৰিছে৷ আজিৰ পৰা নিজৰ পৰিয়ালৰ বাহিৰৰ মানুহৰ সৈতেও মুকলিকৈ মিলামিছা কৰাত কোনো বাধা নাই৷  অতদিনে মুখামুখি ভাৱ বিনিময়, ফুৰা-চকা সকলো বাদ দি এই নতুন পৃথিৱীত নিৰাপদে থকাৰ অহৰহ প্ৰচেষ্টাতে যেন লাগি আছিলো। সেয়ে আজি বন্ধুৰ সৈতে একেলগে গাড়ীত ফুৰিবলৈ যাব পৰাটোৱে ভীষণ সৌভাগ্য যেন ভাৱ হ'ল। 

আধাঘন্টা নহওঁতেই আমাৰ উবাৰখন ভেনকুভাৰ বন্দৰৰ কাষৰ দলংখনৰ ওপৰেদি পাৰ হ’ল৷ এইখিনিৰ পৰাই উত্তৰ ভেনকুভাৰ আৰম্ভ হৈছে ৷ এই দিশত ভেনকুভাৰৰ আকাশ শুৱনি কৰি আছে তিনিটা সুউচ্চ পৰ্বতে- চাইপ্ৰেছ, গ্ৰাউজ আৰু চিম’ৰ পৰ্বত৷ এই পৰ্বতসমূহক কেন্দ্ৰ কৰি আছে নাতিশীতোষ্ণ বৰ্ষাৰণ্যৰে ভৰা তিনিখন অপূৰ্ব প্ৰভিঞ্চিয়েল পাৰ্ক৷

ভেনকুভাৰৰ পৰা মাউন্ট চিম’ৰলৈ যোৱা বাট

এইবাৰ মাউন্ট চিম’ৰ পাৰ্কৱে’ৰ একা-বেঁকা পথটোৰে আমাৰ গাড়ী চলিবলৈ আৰম্ভ কৰিলে৷ পাহাৰীয়া বাটটোত হঠাতে ঘন হৈ আহিল কুঁৱলীৰ আচ্ছাদন৷

'ইমান কুঁৱলী হঠাতে!' মই ক'লো৷ 
'ভালেই দিয়া৷ আজি অন্তত: যোৱা কেইদিনৰ দৰে গৰম নাপাওঁ৷' এলাইডাৰ মাতত সকাহৰ ভাৱ৷ 

যোৱা বেছ কিছুদিন সমগ্ৰ ব্ৰিটিছ কলম্বিয়াতে অভাৱনীয়কৈ গৰম পৰিছে৷ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি তাপমাত্ৰাই কোনো কোনো ঠাইত পঞ্চাছ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিবৰ উপক্ৰম হৈছে৷ জলবায়ু পৰিৱৰ্ত্তনে ক্ৰমশ: জটিল কৰি অনা এখন পৃথিৱীৰ নিদৰ্শন ৰূপে৷

আমি যিমানে ওপৰলৈ উঠিলো, চাৰিওদিশৰ কুঁৱলীৰ মাত্ৰা বাঢ়িল৷ আঠমান বজাত গাড়ীখন মূল প্ৰৱেশদ্বাৰত ৰয়গৈ মানে কেইফুটমান আঁতৰতো একোকে নমনা এক পৰিৱেশ! মাউণ্ট ছিম’ৰৰ শীতল বতাহ আৰু কুঁৱলীৰ আৱৰণে আমাৰ দেহ-মন জুৰাই পেলালে৷

এই প্ৰৱেশস্থানৰ পৰাই মাউন্ট ছিম’ৰৰ বিভিন্ন শিখৰলৈ কেইবাটাও ট্ৰেকিং পথ আছে৷ সিদিনা আমি বাট বুলিলো ওচৰৰে মিষ্টেৰী লেকলৈ৷
 আৰম্ভণিৰ পৰা ১৫০ মিটাৰ উচ্চতালৈ আৰোহণ কৰিব লাগে যদিও মাথোঁ ডেৰ কিলোমিটাৰৰহে বাট৷ ভেনকুভাৰৰ ভাষাত সহজ হাইক এইটো৷ কিন্তু গোটেই পথটোৱে থিয় পাহাৰীয়া। লগতে গছৰ শিপা আৰু সৰু-বৰ শিলেৰে ভৰা বাট৷ পৰ্বতাৰোহণৰ অভিজ্ঞতা নথকা মানুহৰ বাবে যথেষ্ট কষ্টসাধ্য পথ৷

চিম’ৰৰ বৰফাবৃত বাট
পৰ্ণপাতী অৰণ্যৰ মাজেৰে ঠেক বাটেৰে আমি খুপি খুপি খোজ দিলো৷ কুঁৱলীৰ মাজেৰে কোনোমতেহে দেখা পালো পাৰ্ক কৰ্তৃপক্ষই বাটৰ কাষৰ গছত আঁৰি থোৱা পথনিৰ্দেশক উজ্জ্বল কমলা চিনবোৰ৷ মাথোঁ কিছুদূৰ যোৱাৰ পিছতেই বাট ঢাকি পেলালে শুকুলা বৰফে৷ বিশ্বাস নহ’ল, ইয়াৰ পৰা মাথোঁ আধাঘন্টাৰ বাটত এখন মহানগৰীয়ে ছটফটাইছে অভাৱনীয় গৰমৰ সৈতে!

গছৰ শিপাই আঁক বাঁক কৰা পথ

আমাৰ দুয়োকাষে সুউচ্চ হেমলক, চিডাৰ আৰু পাইনৰ গছবোৰ৷ সেই গছৰ ছাঁত ঘৰ পাতিছে ঢেকীয়াজাতীয় চৰ্ড ফাৰ্ন (Sword fern) আৰু চালাল (Salal) ৰ জোপোহাই৷ এনেসময়তে হঠাত কুঁৱলীৰ মাজেৰে আমাৰ চকুৰ সন্মুখত ধৰা দিলেহি এটা ছুটি গ্ৰাউজে৷ আমাৰ বনৰীয়া কুকুৰা জাতীয় এটা চৰাই৷ দুয়ো থমকি ৰ’লো৷ চৰাইটোৱে আমালৈ সিমান মনকাণ নিদি মুকলিলৈ আহি বাটৰ কাষৰে চালাল নামৰ জোপোহাবিধৰ পাত খাবলৈ লাগিল৷ হয়তো প্ৰায়ে পদচাৰীৰ মুখামুখি হৈ হৈ এই বন্য চৰায়ো সহজ হৈ পৰিছে মানুহৰ উপস্থিতিত৷ 

আমাৰ সন্মুখত ধৰা দিয়া ছুটি গ্ৰাউজ চৰাইটো

বেছ কিছুসময় সেই গ্ৰাউজৰ ৰং-ৰূপ উপভোগ কৰি এইবাৰ আমি শিলাময় বাটেৰে খোজ দিলো৷ অৰণ্যৰ একাষৰ পৰা ভাঁহি আহিল পেচিফিক ৰেন নামৰ চৰাইটোৰ সুললিত গীত৷ আমাৰ ঘৰচিৰিকাটোৰ সমান এক কণমান চৰাই এই পেচিফিক ৰেন।

'চৰাইটোৰ যেন বহুত কথা ক’বলৈ আছে, সেয়ে উশাহ নসলোৱাকৈ বৰ খৰকৈ সকলোবোৰ কৈ পেলাইছে-তেনে লাগিলে শুনিলে, নহয়নে?' এলাইডাই ক’লে৷
চিম’ৰৰ পৰ্ণপাতী অৰণ্য
ঠিকেই, এই বৰ্ষাৰণ্যত আটাইতকৈ দীঘলীয়া এই পেচিফিক ৰেনৰ গান৷ একেসময়তে অৰণ্যৰ লানি লানি গছৰ ডাল-পাত ভেদি ভাঁহি আহিল ছোৱেইনছ’ন থ্ৰাছ নামৰ অন্য এক চৰাইৰ গান- 'ক ক ক-তাকেইতো-তাকেইতো (মোৰ কাণত ধৰা দিয়া ভাষাৰে)'৷ শৰীৰেদি এক শিহৰণ বৈ গ’ল! কি এক সতেজতা, কি এক মাদকতা এই মুখৰ অৰণ্যৰ৷ 

প্ৰায় এঘন্টাৰ ট্ৰেকিঙতে আমি মিষ্টেৰী লেক গৈ পালোগৈ ৷ কুঁৱলীৰ বগা চাদৰে তেতিয়াও হ্ৰদৰ বেছিভাগ আৱৰি ৰাখিছে৷ ভেনকুভাৰৰ উত্তৰ পাৰৰ আটাইতকৈ মনোমোহা হ্ৰদবোৰৰ এটা এই মিষ্টেৰী লেক৷ ফটফটীয়া পৰিস্কাৰ পানী, চাৰিওদিশৰ সেউজীয়া আৰু শিলৰ গড়াৰে আৱৰা এটা অপূৰ্ব পৰ্বতীয়া হ্ৰদ৷ এটা সময়ত কুঁৱলীৰ আচ্ছাদন আঁতৰি আমাৰ চকুত ধৰা দিলে এই অপূৰ্ব সুন্দৰ হ্ৰদটোৱে৷ 

হ্ৰদৰ একাষৰ প্ৰকাণ্ড শিল এছটাতে আমি দুয়ো বহি পৰিলো৷ বহুপৰ নীৰৱে চাই ৰ’লো হ্ৰদৰ পানীৰ মাজত ওপঙি ৰোৱা বৰফৰ সৰু-বৰ টুকুৰা আৰু পাৰৰ সেউজীয়া। গালে-মুখে অনুভৱ কৰিলো কুঁৱলীৰ কণ কণ কণাবোৰৰ শীতল স্পৰ্শ। কাণপাতি শুনিলো অৰণ্য মুখৰ কৰা সংগীতৰ সুৰ৷ যেন এই বিনন্দীয়া প্ৰকৃতিয়ে একেসময়তে দেহৰ সকলো ইন্দ্ৰিয়ৰ বাবে এক অনাবিল প্ৰশান্তিৰ ঢল বোৱাই আনিলে ৷ 

বৰফাবৃত মিষ্টেৰী লেক

'বগা ভালুকৰ ডুব (Polar bear dip) এটা দিম আজি!' এলাইডাৰ মাতে মোৰ তন্ময়তা ভাঙিলে৷

'সঁচাকৈ?' ক’লো যদিও মই পিছে বিশেষ আচৰিত নহ’লো৷ শীতকালি কনাডাত এইটো খুবেই জনপ্ৰিয় খেল! বিশেষকৈ নতুন বছৰৰ আৰম্ভণিতে অলেখ-অসংখ্য মানুহে গৈ জোবোৰা মাৰেগৈ হিমচেঁচা পানীত৷ এলাইডাও এই দলৰে এগৰাকী প্ৰকৃত কেনেডিয়ান!

মই লাহেকৈ হাউলি লৈ হাতেৰে পানী স্পৰ্শ কৰিলো৷ ইমানেই হিমচেঁচা যে আঙুলীকেইটা তৎক্ষণাৎ বিষাই উঠিল৷ মনত পৰিল, বহুবছৰৰ আগেয়ে দাৰ্জিলিঙত এবাৰ  চেঁচা পানীৰে গা ধুই আহি বহুপৰলৈ প্ৰচণ্ড বিষত কোঙা হৈ থকাৰ কথা৷ ডুব এটা মাৰি চাবলৈ ময়ো সাজু হৈ গৈছিলো যদিও এতিয়া দ্বিতীয়বাৰ নভৱাকৈয়ে কৈ পেলালো,

’মোৰ দ্বাৰা নহ’ব দেই! এইটো প্ৰত্যাহ্বান অহাবছৰলৈ থ’লো!’
হ্ৰদৰ হিমচেঁচা পানীত ডুব দিয়াৰ মানসিক প্ৰস্তুতি এলাইডাৰ

মোৰ কথা শুনি এলাইডাই হাঁহিলে৷ ইফাল সিফাল কৰি তাই পানীত নামিবলৈ ভাল ঠাই এডোখৰ বাচি উলিয়ালে আৰু বিশেষ হেহোঁ-নেহোঁ নকৰাকৈয়ে জাপ মাৰিলে সেই হ্ৰদৰ বুকুলৈ৷ 

ক্ষন্তেক সাঁতুৰিয়ে পিছে তাই তাই সেহাঁই সেহাই ক’লে,

'ব...হু...ত চেঁ...চা৷'

তেতিয়া মই তাইৰ এই দু:সাহসিক খেলখন কেমেৰাত ধৰি ৰখাত ব্যস্ত৷ কিন্তু শিলছটাত উঠিয়ে তাই কঁপি কঁপি কলে,

'আই নিড হেল্প!' মোক সহায় লাগে।

অলপ আতংকিত হৈ পৰিলো৷ এনে পৰিৱেশত জাৰ লাগি হাইপ'থাৰ্মিয়া হৈ পৰাৰ ভয়। লৰালৰিকৈ দুখনকৈ ব্লেংকেটেৰে তাইক মেৰিয়াই দিলোগৈ৷ ফ্লাস্কৰ পৰা ধোঁৱা ওলাই থকা চাহত সোহা মাৰি মাৰি তাই বহি পৰিল৷ মোৰ আশংকাৰ অন্ত পেলাই পিছে  দহমিনিটমানৰ ভিতৰতে তাই স্বাভাৱিক হৈ পৰিল৷ কেৱল স্বাভাৱিকেই নহয়, উৎফুল্লিত হৈ পৰিল তাই! যেন মিষ্টেৰী লেকৰ হিমচেঁচা স্পৰ্শই 
তাইৰ মাজলৈ এক নতুন প্ৰাণচাঞ্চল্য আনি দিলে৷

'জানানে, আজি কিমানদিনৰ মূৰত এনেকৈ ভেনকুভাৰৰ পৰা ওলাই আহিছোঁ, মোৰ মনত নাই!'

জানো মই! লগতে জানো, অতিমাৰীয়ে কাঢ়ি নিয়া আপোনজনৰ শেষকৃত্যতো ভাগ ল’বলৈ যাব নোৱাৰিলে তাই৷ কত সৰু-বৰ ধুমুহা পাৰ কৰি আমি যে অতদিনে নিজকে আৰু আপোনজনক নিৰাপদে ৰখাৰ এক প্ৰত্যাহ্বানতে মূৰ গুঁজি আছিলো! ইয়াৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰে ভাৰতৰ দিহিঙে দিপাঙে থকা আপোনজনে সেই প্ৰত্যাহ্বানেৰে প্ৰতিদিনে যুঁজিছে৷ ডেল্টা ভেৰিয়েন্টৰ আশংকাত এতিয়াও বন্ধ কৰি থোৱা আছে ভাৰত আৰু কানাডাৰ মাজৰ বিমান পৰিৱহণ৷ 

তথাপি- তথাপি এই দিনটোৱে, এই অৰণ্যৰ মাদকতাই যেন এটা নতুন আশাৰ বতৰা আনি দিলে৷ বহুদূৰৈত যেন দেখা পালো অন্ধকাৰ সুৰংগৰ শেষত এক ক্ষীণ পোহৰ, আঁউসীৰ শেষত জোনাক অহাৰ বতৰা৷ এদিন এই সংকটৰ কলীয়া ডাৱৰজাক সঁচাকৈয়ে আঁতৰি যাব৷ কোভিডৰ পূৰ্বৰ সাধাৰণ নিৰাপদ জীৱন এটাও যে কেনে অসাধাৰণ আশীৰ্ব্বাদস্বৰূপ তাৰ নতুন উপলব্ধিয়ে আমাক শিকাই যাব জীৱনৰ প্ৰতিটো দিন উদযাপন কৰাৰ আদিপাঠ৷ 

এইবাবেইতো জীৱন চৰৈৱতী নৈ! সকলো ধুমুহা পাৰ কৰিও চিৰদিন বৈ যায় একা-বেকাঁ পথেৰে৷ এইবাবেইতো হাজাৰ বিপৰ্য্যয়ৰ মাজতো হেৰাই যাবলৈ দিব নোৱাৰোঁ আশাৰ সোপান৷ আজিও সেই আশাক, সেই সেউজীয়া সপোনক সাৰথি কৰিয়ে এবুকু প্ৰাণচাঞ্চল্য লৈ আমি দুয়ো খোজ দিলো উভতনিৰ বাটত৷

হ্ৰদলৈ যোৱাৰ পথত বৰফৰ মাজৰ সুঁতি


Monday, 28 June 2021

কানাডাৰ লোকগাঁথা: জোনবাই আৰু কায়’টি

এসময়ত মানুহে বনৰীয়া সকলো জীৱ-জন্তুৰ সৈতে কথা-বতৰা পাতিব পাতিছিল৷ এনে সময়তে হাবিৰ এটা পুখুৰীৰ পাৰত এগৰাকী বুঢ়ী মানুহে অকলশৰে বাস কৰিছিল৷ প্ৰতি সন্ধিয়া তেওঁ পুখুৰীৰ পাৰলৈ আহি আকাশত জোনবাই উঠালৈ বাট চায়৷

ফটো: পিক্সেলছ

সেই সময়ত আকাশৰ জোনবাইটো পৃথিৱীৰ বহু কাষত আছিল৷ গতিকে জোনবাইৰ পোহৰো এতিয়াতকৈ যথেষ্ট উজ্জ্বল যেন দেখা যায়৷ পূৰ্ণিমাৰ জোন ডাঠ হাবিখনৰ গছ-গছনিৰ ওপৰেদি আকাশলৈ উঠাৰ সময়ত বুঢ়ীগৰাকীয়ে প্ৰাণ ঢালি গাবলৈ ধৰে, 

’জোন, জোন, পূৰ্ণিমাৰ জোন৷’ 

তেনেকৈয়ে আমাৱস্যাৰ নিশাও জোনবায়ে দেখা দিয়াৰ লগে লগে তেওঁ গায়, 

’জোন, জোন, আউঁসীৰ জোন৷’

মুছ; ফটো: ৱিকিকমনছ
এদিন সন্ধিয়া বুঢ়ীগৰাকীৰ এই গান শুনিবলৈকে হাবিৰ সকলো জীৱ-জন্তু পুখুৰীলৈ নামি আহিল৷

’কি যে অপূৰ্ব কন্ঠ’- দীঘল শিঙীয়া মুছ নামৰ জন্তুবিধে ক’লে৷

’ঠিকেই, কিন্তু আমাক আৰু অলপ স্পন্দন (beat) ৰ দৰকাৰ৷’ হাঁহবোৰে মাত দিলে৷

’আৰু লগতে অলপ লয় থাকিলেও বৰ ভাল হ’ব৷’  বিভাৰ বোৰে সিহঁতৰ চেপেটা লপথপীয়া নেজবোৰ পানীত চপৰিয়াই চপৰিয়াই যোগ দিলে৷ 

’ডু-উপ, ডু-উপ, সমলয় (harmony)ৰ কথাও নাপাহৰিবা পিছে!’ লগে লগে ভেকুলী আৰু কাছবোৰেও কৈ উঠিল৷

এনেকৈয়ে এটা এটাকৈ সকলো জন্তুৱে বুঢ়ীগৰাকীৰ গীতত যোগ দিলে আৰু সমস্বৰে জোনবাইক উদেশ্যি গান গাবলৈ ধৰিলে৷

’জোন জোন, পূৰ্ণিমাৰ জোন’

এদিন সন্ধিয়া কায়’টিয়ে বুঢ়ীগৰাকী আৰু অন্য জন্তুবোৰৰ গীত শুনা পালে৷ 

সিয়ান হাঁহিটোৰে কায়’টিয়ে সকলোকে সুধিলে,

’তোমালোক কি কৰিছানো?

’আমি সকলোৱে জোনবাইৰ বাবে গান গাইছোঁ৷’- বুঢ়ী মানুহগৰাকীয়ে উত্তৰ দিলে৷

বিভাৰ; ফটো: ৱিকিকমনছ

ফণি এখনেৰে গোটেই গাৰ নোমবোৰ ফনিয়াই, জীভাখনেৰে দাঁত দুপাৰি পৰীক্ষা কৰি আৰু হাতোঁৰাৰে নাকটো মোহাৰি লৈ কায়’টিয়ে ক’লে,

’তেনে তোমালোকক মোৰ দৰে সুমধুৰ কন্ঠ এটাৰ দৰকাৰ৷’

’নাই নাই! তোমাৰ মাতটো বৰ কৰ্কশ৷’ সকলোৱে প্ৰায় আতংকত চিঞৰি উঠিল৷

বুঢ়ী মানুহগৰাকীয়েও হয়ভৰ দি ক’লে,

’তোমাৰ মাতটোৱে জোনবাইক আঁতৰলৈ খেদিহে পঠাব৷’

কায়’টিয়ে আহত অনুভৱ কৰি ক’লে,

’হুহ! জোনবাইৰ কাৰণে কোনেনো গান গাব খুজিছে!’

’জোনবাই আমাৰ বন্ধু৷ ৰাতি আমাক পোহৰ দিবলৈকে জোনবাইজনীয়ে গোটেই পৃথিৱীৰ চাৰিওফালে ঘুৰে৷’

’ৰাতিনো কাক পোহৰৰ দৰকাৰ পৰিছে? মূৰ্খ জোনবাইৰ উজ্জ্বল পোহৰৰ কাৰণেই ৰাতি মই ভালকৈ টোপনি যাব নোৱাৰোঁ৷ তোমালোকে মোক কাকুতি কৰিলেও জোনবাইৰ কাৰণে মই গান নাগাওঁ৷’ 

কায়’টিয়ে অহংকাৰ আৰু অভিমানেৰে ক’লে৷

কায়’টিৰ গান; ফটো: ৱিকিকমনছ

দুৰ্ভাগ্যক্ৰমে জোনবাইয়ে কায়’টিৰ সকলো কথাই শুনিবলৈ পালে৷ যিমানেই শুনিলে সিমানে জোনবাইৰ খং বাঢ়ি গ’ল৷

’ঠিক আছে৷ কায়’টিয়ে আন্ধাৰনো কিমান ভাল পায় চোৱা যাৱক তেনে৷’

এইবুলি কৈয়ে জোনবায়ে খঙে-দুখে নিজৰ সকলো বয়-বস্তু মোনা এটাত লৈ আকাশৰ পৰা সৰি পৰিল আৰু পুখুৰীটোত ডুব দিলে৷

জোনবাইয়ে পুখুৰীৰ তলিলৈ গতি কৰাৰ পৰত চাৰিওদিশ জোনৰ পোহৰে উজ্জ্বলাই তুলিলে৷

’উৱা, হঠাৎ ইমান পোহৰ কিয়?’ কায়’টি আচৰিত হ’ল৷

কিন্তু ক্ষন্তেক পিছতে গোটেই হাবিখন আন্ধাৰত ডুব গ’ল৷

’উৱা, হঠাৎ ইমান আন্ধাৰ কিয়?’ কায়’টি এইবাৰ হতভম্ব  হ’ল৷

কায়’টি আৰু বুঢ়ী মানুহগৰাকীৰ তৰ্কাতৰ্কি শেষ হোৱাৰ পিছতে সকলোৱে লক্ষ্য কৰিলে যে আকাশত জোনবাই নাই!

’সকলো তোমাৰ ভুল৷ জোনাবাইয়ে নিশ্চয়কৈ তোমাৰ কথাবোৰ শুনা পালে৷’ বুঢ়ী মানুহগৰাকীয়ে কায়’টিক ক্ষোভেৰে কৈ উঠিল৷

কায়’টিয়ে বেপৰোৱা ভাৱে ক’লে,

’ভালেই হ’ল, এতিয়া অন্তত: মই ৰাতি ভালদৰে টোপনি যাব পাৰিম৷’

কায়’টি চকুৰ আঁতৰ হোৱাৰ লগে লগে বুঢ়ীগৰাকীয়ে হাবিৰ সকলো জন্তুকে একেলগে গোট খুৱালে৷

’আমি জোনবাইক বিচাৰি উলিয়াই আকাশলৈ উভতি যাবলৈ অনুৰোধ কৰিব লাগিব৷ নহ’লে এই পৃথিৱীৰ অৱস্থা শোচনীয় হৈ পৰিব৷’

’কিন্তু জোনবাইনো গ’ল ক’লৈ?’ মুছে ক’লে৷

’নাজানো, কিন্তু আমি যিমান পাৰোঁ সোনকালে জোনবাইক বিচৰাৰ দৰকাৰ৷’ বুঢ়ীগৰাকীয়ে ক’লে৷

গতিকে সকলো জীৱ জন্তুৱে তেওঁৰ সৈতে লগ লাগি জোনবাইৰ সন্ধান কৰিবলৈ লাগিল৷

সেইসময়ত কায়’টিয়ে পিছে চেষ্টা কৰি আছিল ঘৰলৈ উভতাৰ বাট উলিয়াবলৈ৷

আন্ধাৰত কেনিও ভালকৈ নেদেখি ঘৰলৈ বুলি ওলাই কায়’টিয়ে প্ৰথমেই এজোপা গছৰ গাতহে খুন্দা মাৰিলেগৈ৷

’হেই, অলপ চাই চিতি যাব নোৱাৰানে?’ গছজোপাই চিৎকাৰ কৰি উঠিল৷

’দোষ নধৰিবাচোন৷ আন্ধাৰত একো দেখা নাপাইহে খুন্দাটো মাৰিলো৷’ কায়’টিয়ে দোষী দোষীভাৱেৰে ক’লে৷

’আন্ধাৰ নহ’বনো কিয়! কোনোবা জধামূৰ্খই হেনো অপমান কৰি জোনবাইৰ খং তুলিলে৷’ গছজোপাই বিৰক্তিৰে ক’লে৷

’মইতো ঠিকেই দেখা পাইছোঁ৷’ কপট গৌৰৱেৰে কৈয়ে কায়’টিয়ে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিলে কিন্তু অলপ দূৰ গৈ আকৌ এটা প্ৰকাণ্ড শিলত হামথুৰি খাই পৰিলেগৈ৷

’অহ, সেইটোৱে নিশ্চয় বিষ তুলিলে!’ শিলটোৱে ক’লে৷

’উফ্, মই ঘৰলৈ উভতাৰ বাট বিচাৰি ফুৰিছোঁ৷’

’জোনৰ পোহৰ অলপ থকা হ’লেহে দেখা পালাহেঁতেনে৷’

’নাই, মোক জোনবাইৰ দৰকাৰ নাই৷’ 

এইবাৰ কায়’টিয়ে অন্ধৰ দৰে খেপিয়াই খেপিয়াই আগবঢ়াৰ চেষ্টা কৰিলে৷ কেইবাবাৰো গছ আৰু শিলবোৰত খুন্দা-খুন্দুলি খাই,  পিছল শেলুৱৈ আৰু গছৰ শিপাত উজট খাই মেলি এটা সময়ত সি ঠিক কৰিলে,

’আজিৰ ৰাতিটোৰ কাৰণে ইয়াতে শুৱাৰ ব্যৱস্থা কৰাই ভাল হ’ব কিজানি! ঘৰলৈ কাইলৈ ৰাতিপুৱাই যামগৈ৷’

এইবুলি সিদ্ধান্ত লৈ সি চাৰিওফালে খেপিয়াই চালে৷ এঠাইত সমান ঠাই এটুকুৰা অনুভৱ কৰি হাত মেলি চালে- খুউব কোমল আৰু উমাল কিবা এটা যেন৷

’অঁ, এইটোচোন বঢ়িয়াকৈ গাৰু কৰিব পাৰিম’ এইবুলি সি সেইটো মেৰিয়াই লৈ মূৰ শিতানত থৈ বাগৰ দিলে৷ টোপনি যাবলৈ ধৰোঁতেই কায়’টিৰ মূৰৰ তলৰ গাৰুটো লৰচৰ কৰিবলৈ ধৰিলে৷

’কিহে, বন্ধ কৰা সেইবোৰ৷ মই টোপনি যোৱাৰ চেষ্টা কৰিছোঁ৷’ বিৰক্তিৰে কৈ উঠিল সি৷

’ময়ো শুৱাৰেই চেষ্টা কৰি আছোঁ’- গাৰুটোৱে ঘপকৈ মাত দিলে৷

কায়’টি চক খাই উঠিল৷ আন্ধাৰত সি একো দেখা নাপালে৷ কিন্তু নোমটেঙৰ কায়’টিয়ে তৎক্ষণাৎ বুজি পালে যে সি এটা ভুল কৰি পেলাইছে৷ ইফালে সিফালে শুঙি চাই সি কোনোমতে ক’লে,

’তুমি জাবৰৰ কোমল মোনা এটা হ’লেই হয়!’

’নাই, ভাৱি লৈ আকৌ কোৱাচোন মই কি?

’মুছৰ কোমল বিষ্ঠা?’

’নহয়’

’স্কাংক?’

’ঠিক ধৰিছা!’ কৈয়ে স্কাংকটোৱে কায়’টিৰ গোটেই শৰীৰত অতিপাত দুৰ্গন্ধময় জুলীয়া মাস্ক (musk) এখিনি ছটিয়াই দিলে৷ চিকাৰী বা যিকোনো সংকটৰ পৰা ৰক্ষা পাবলৈকে স্কাংকৰ দেহত এই অস্ত্ৰবিধ মজুত থাকেই৷ সেইখিনি পোনে পোনে কায়’টিৰ মুখত লগাত তাৰ গোটেই শৰীৰ জ্বলি যোৱা যেন লাগিল, উৎকট দুৰ্গন্ধই পৰিপাটি নোমবোৰ ঢাকি পেলালে৷

দুৰ্গন্ধময় মাস্ক ছটিউৱাৰ আগমুহৰ্ত্তত স্কাংক
ফটো: ৱিকিকমনছ
’ইউউউউউউউউউ’ কায়’টিয়ে চিৎকাৰ কৰি জঁপিয়াই উঠিল আৰু প্ৰাণপণে ঢপলিয়াবলৈ আৰম্ভ কৰিলে৷

দৌৰি দৌৰি কায়’টি একেবাৰে থিয় গঁৰা এটাৰ দাঁতি পালেগৈ৷ সেইখিনি পায়ো নিজকে ৰখাব নোৱাৰি পোনে পোনে সি গৰাটোৰ পৰা সৰি একেটা পুখুৰীতে পৰিলগৈ৷

ইফালে বুঢ়ী মানুহগৰাকী আৰু গোটেই জীৱ-জন্তুবোৰ মিলি জোনাবাইৰ সন্ধান কৰি আছিল৷ কিন্তু বহু বিচাৰি খুঁচৰিও তেওঁলোকে ক’তো জোনবাইক দেখা নাপালে৷

’সেই বুঢ়া ফোঁপোলা গছজোপাত বিচাৰি চালানে? বুঢ়ী মানুহগৰাকীয়ে সুধিলে৷

’আমি তাত চালো৷’ কেৰ্কেটুৱাবোৰে উত্তৰ দিলে৷

’গুহাটোত পিছে?

’তাতো বিচাৰি চালো আমি৷’ ভালুককেইটাই কৈ উঠিল৷

’তেনে জোনবাই কিজানি সৌ জলপ্ৰপাতটোৰ আঁৰত লুকাই আছে৷’ বুঢ়ী মানুহগৰাকীয়ে চিন্তিত মনেৰে ক’লে৷

’নাই, জোনবাই তাতো নাই৷’ হৰিণকেইটাই ক’লে৷

হতাশ হৈ বুঢ়ী মানুহগৰাকী এচটা শিলত বহি পৰিল আৰু মূৰে কপালে হাত দি কৈ উঠিল,

’ক’লৈ গ’ল বাৰু আমাৰ মৰমৰ জোনবাই জনী!’

ইফালে কায়’টিয়ে চকু মেলি দেখা পালে, সি একেবাৰে পুখুৰীত তলিত পৰি আছে৷ 

’আহাহা, এইটো বৰ লাজলগা কথা হ’ল৷’ সি নিজকে নিজে ক’লে৷

 এনেতে তাৰ চকুত পৰিল, পুখুৰীৰ চেঁচা আৰু অন্ধকাৰ তলিৰ পৰিৱৰ্তে চাৰিওদিশ দেখোন উজ্জ্বল আৰু অপূৰ্ব সুন্দৰ! কিনো বুলি চাবলৈকে কায়’টিয়ে পুখুৰীটোৰ তলিতে ইফালে সিফালে খোজ দিবলৈ ধৰিলে৷

কিছুদূৰ গৈয়ে সি দেখা পালে, তলিৰ বালিতে কাপোৰ এখন পাৰি লৈ ঘূৰণীয়া ৰংবিৰঙী ছাতি এটাৰ তলত জোনবায়ে  সুৰুয মাছ (Sunfish)ৰ সৈতে ডবা খেলি আছে৷

’তুমি? ইয়াত!’ কায়’টিয়ে চিঞৰি উঠিল৷

’আঁতৰ হোৱা৷ মই খেলখন জিকিবৰ হৈছেই৷’ জোনবায়ে বিৰক্তিৰে কৈ  উঠিল৷

’চেকমে’ট!’ মাছটোৱে মাত দিলে আৰু তেওঁৰ ঘোঁৰাটোৰে জোনবাইৰ ৰজাটো উঠাই পেলালে৷ কিন্তু সি হঠাতে নাক-মুখ বিকটাই কৈ উঠিল,

’আস, কিহৰ উৎকট গোন্ধ সেয়া!’

’নাই, একোতো নাই৷’ কায়’টিয়ে একো নজনাৰ ভাও ধৰিলে৷

’আকৌ খেলা আৰম্ভ কৰোঁ আহা৷’ কৈ লৈয়ে জোনবায়েও নাকত সোপা দিলে৷

’ইমান বেয়া গোন্ধ ক’ৰ পৰা আহিছে!!’

একো নজানাৰ ভাও ধৰিয়েই কায়’টিয়ে ক’লে,

’জোনবাই, তুমি আকাশলৈ যাব লাগিব৷’

’মই ইয়াতে সুখেৰে আছোঁ’, জোনবায়ে অভিমানেৰে ক’লে৷

’কিন্তু তোমাক যে আকাশত বৰ দৰকাৰ হৈছে৷’ কায়’টিয়ে নেৰানেপেৰাকৈ ধৰিলে৷

কথা সলাবলৈকে জোনবায়ে ক’লে,

’তুমি যে পানীৰ তলত আছাহি, গম পাইছানে?

এইবাৰ কায়’টি সঁচাকৈয়ে চিন্তিত হ’ল৷ উশাহ সলাবলৈকে সি  পুখুৰীৰ ওপৰলৈ উঠি আহিবলৈ বাধ্য হ’ল৷ ওপৰলৈ উঠি আহি সি পুখুৰীৰ পাৰতে দেখা পালে, বুঢ়ীগৰাকী আৰু অন্য জীৱ-জন্তুবোৰে মন মাৰি বহি আছে৷

’আকৌ তুমি কিয় আহিছা ইয়ালৈ?’ বুঢ়ীগৰাকীয়ে খঙেৰেই সুধিলে৷

’ৰ’ৱাচোন ৰ’ৱা, শান্ত হোৱা! মই জোনবাইক বিচাৰি পালো৷ তেওঁ পুখুৰীৰ একেবাৰে তলিত আছেগৈ৷’

কায়’টিৰ কথা শুনি বুঢ়ী মানহগৰাকী আৰু জন্তুবোৰে পানীত জোবোৰা মাৰি তলিলৈ চাই পঠিয়ালে৷ সঁচাকৈ, একেবাৰে তলিত জোনবায়ে আনন্দমনেৰে মাছৰ সৈতে ডবা খেলি আছে৷

’কি যে লেঠা লগালা তুমি! এতিয়া জোনবাইক আকাশলৈ কেনেকৈ অনা যায়৷’ বুঢ়ীগৰাকীয়ে কায়’টিক উদেশ্যি ক’লে৷

এইবাৰ সকলোৱে পুখুৰীৰ পাৰতে বহি লৈ গুণা গঁথা কৰিবলৈ লাগিল৷ কিছুপৰৰ পিছত বুঢ়ীগৰাকীয়ে মাত লগালে,

’এটা উপায় পাইছোঁ৷ প্ৰথমে আমি এখন ভুৰ সাঁজিব লাগিব৷’

কথামতেই কাম৷ পিছদিনা পুৱাতে দিনৰ পোহৰত সকলোৱে মিলি এখন ভুৰ সাঁজি উলিয়ালে৷ বেলি ডুবাৰ আগে আগে সকলোৱে সেই ভুৰখনত উঠিল আৰু পুখুৰীৰ তলি পালেগৈ৷

জোনবায়ে বাহৰ পাতি থকা ঠাইতে ৰৈ এইবাৰ বুঢ়ীগৰাকীয়ে ক’লে,

’এতিয়া তোমালোক সকলোৱে গীত জুৰিবলৈ আৰম্ভ কৰা৷ সকলোৱে মানে কায়’টিক বাদ দিহে পিছে৷’

’সেয়া কেনে নিৰ্দয় কথা!জোনবাইকতো ময়ে বিচাৰি উলিয়ালো!’ কায়টিয়ে আপত্তি কৰি উঠিল৷ 

এইবাৰ বুঢ়ীগৰাকীয়ে একপ্ৰকাৰ আদেশৰ সুৰেৰে ক’লে,

’ইয়াতে চুপচাপ বহি থাকা৷’

কৈয়ে তেওঁ গীত জুৰিলে আৰু লগে লগে বাকী জন্তুবোৰেও এটা এটাকৈ ভাগ ল’বলৈ আৰম্ভ কৰিলে৷

’জোন জোন, সোনকালে উভতি ব’লাচোন৷’

সকলোৱে বহুপৰ ধৰি গান গাই থাকিল৷ পিছে জোনবায়ে লৰচৰ কৰাৰ নামেই নল’লে৷

’এনেকৈ কাম নিসিজিব৷’ বুঢ়ীগৰাকীয়ে চিন্তিত সুৰেৰে ক’লে৷ এখন্তেক ভাৱি তেওঁ গোটেইবোৰ জন্তুক গান গোৱা বন্ধ কৰি কাণত ঠিলা লগাবলৈ ক’লে৷ সকলোৱে তেওঁৰ কথা মতেই কৰাৰ পিছত তেওঁ কায়’টিলৈ চাই হাঁহি এটা মাৰি ক’লে,

’মই তোমাৰ কন্ঠক লৈ মিছাতে সন্দেহ কৰিছিলো৷ তোমাৰ গান অপূৰ্ব! মই ভাৱো, তুমি যদি অকলে এটা গীত জুৰা জোনবাই নিশ্চয় আকাশলৈ উঠি যাব৷’

’অকলেই?’ গৰ্বত কায়’টিৰ বুকুখন ফুলি উঠিল৷ কোনোমতেহে নিজকে চম্ভালি সি শান্তভাৱেৰে সুধিলে৷

বুঢ়ীগৰাকীৰ দুচকু কৌতুকেৰে ভৰি পৰিল৷

’অঁ, অকলেই৷ কিন্তু তুমি যিমান পাৰি ডাঙৰ মাতেৰে গাব পাৰিব লাগিব৷’ 

’ঠিক আছে, মই যিমান পাৰি ডাঙৰ মাতেৰেই সুন্দৰ গীত এটা গাম৷’ উত্তেজনাত কায়’টিৰ গা সাতখন আঠখন যেন হ’ল৷

ফণিখন উলিয়াই সি গোটেই গাৰ নোমবোৰ পৰিপাটীকৈ ফনিয়াই ল’লে, জীভাৰে দাঁতদুপাৰি তিয়ালে আৰু হাতোৰাৰে নাকটো মোহাৰি থিয় হৈ ল’লে৷ এইবাৰ কায়’টিয়ে ভীষণ কৰ্কশ মাতেৰে গাবলৈ ধিলে,

’ইউউউউউউ-এউউউউউউ-ৱাৱাৱাৱাৱা-ইউউউউউউ!’

কাণত ঠিলা দি থকা ভাগেই বুঢ়ী মানুহগৰাকী আৰু বাকী জন্তুবোৰে মুখ বিকটাই উঠিল৷

কায়’টিয়ে কেনিও নোচোৱাকৈ আপোন মনেৰে গায়ে থাকিল,

’ইউউউউউউ-এউউউউউউ-ৱাৱাৱাৱাৱা-ইউউউউউউ!’

সেইসময়ত জোনবায়ে সুৰুয মাছটোৰ লগত ডবাখেলত মগ্ন হৈ আছিল৷ এনেতে কাণ উনাই তেওঁ কৈ উঠিল,

’সেয়া কিহৰ হুলস্থুল?’

’মোৰ কাণ নাথাকি ভালেই হৈছে- একো হুলস্থুলে মোক আমনি কৰিব নোৱাৰে৷’ - সুৰুয মাছে ক’লে৷

কায়’টিৰ গান অবিৰাম ভাঁহি আহি থাকিল আৰু ক্ৰমে গানৰ শব্দ ডাঙৰ হৈ গৈ থাকিল৷ কাণত ঠিলা দিও জোনবায়ে শান্তিৰে বহি থাকিব নোৱাৰা হ’ল৷

’কোনে এনে বিকট হুলস্থুল খন কৰিছে?’

কৈয়ে জোনবায়ে তেওঁৰ সকলো বয় বস্তু মোনাখনত ভৰাই কিনো হৈছে চাবলৈকে উঠি আহিল৷ তাকে দেখি বুঢ়ীগৰাকীয়ে কায়’টিক ক’লে,

’আৰু ডাঙৰকৈ গোৱা৷’

কায়’টিয়েও এটা দীঘল উশাহ টানি লৈ আগতকৈও ডাঙৰ মাতেৰে গীত আৰম্ভ কৰিলে৷

’আআআআআআওওওওওওও, আআআআআআওওওওওওও’

’আস!’ জোনবাই খুউব অতীষ্ঠ হৈ পৰিল৷ ৰ’ৱ নোৱাৰি তেওঁ আকাশলৈ জাঁপ দিলে৷

’আআআআওওওওও, ইউউউউউউ৷’

কায়’টিয়ে গান গায়ে থাকিল৷

জোনবায়ে সেই বিকট শব্দৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈকৈ আকাশলৈ খৰগতিৰে ঢাপলি মেলিলে৷

’হ’ব, যথেষ্ট হৈছে৷’ বুঢ়ী মানুহগৰাকীয়ে কায়’টিৰ গান বন্ধ কৰাৰ চেষ্টা কৰিলে৷ কিন্তু সি তেওঁৰ কথা শুনাই নাপালে৷ সি গান গায়ে থাকিল আৰু জোনবাইজনীও দূৰলৈ গৈয়ে থাকিল৷

ঘটনা দেখি বুঢ়ীগৰাকীয়ে তৎক্ষণাৎ বুজি পালে যে তেওঁ কায়’টিৰ গান বন্ধ কৰিব নোৱাৰিলে জোনবাই আঁতৰি গৈ আকাশত নেদেখা হৈ পৰিব৷ গতিকে উপস্থিত বুদ্ধিৰে তেওঁ কায়’টিৰ জীভাখন থাপ মাৰি ধৰিলে আৰু মুখৰ চাৰিওফালে মেৰিয়াই পেলালে৷ 

কিন্তু কায়’টিৰ জীভাখন দীঘল আৰু পিছল৷ গতিকে বুঢ়ীগৰাকীয়ে গোটেই জীভাখন মেৰিয়াই অঁতাই মানে জোনবাই ইতিমধ্যে যথেষ্ট দূৰলৈ গ’লেই৷ লগতে জোনৰ পোহৰৰ উজ্জ্বলতাও বহুখিনি কমি গ’ল৷

’অহ, ভবাৰ দৰে বুদ্ধিটোৱে কাম নিদিলে!’ বুঢ়ীগৰাকীয়ে নিজকে নিজে ক’লে৷

’ পিছে উপায়টো নাই, এনেকৈয়ে কাম চলাব লাগিব৷’

’কায়’টিৰ গান বন্ধ কৰিবলৈ যিকোনো উপায়ে চলিব৷’ জন্তুবোৰে সমস্বৰে কৈ উঠিল৷

কিন্তু তেনেতে দেখা গ’ল, জোনবায়ে আকাশৰ পৰা পুখুৰীটোলৈ ভুমুকিয়াই চাইছে!

’অঁ চোৱা চোৱা, জোনবায়ে আকৌ আকাশৰ পৰা এইফালে নামি আহিব খুজিছে৷’ জন্তুবোৰে চিঞৰি উঠিল৷

বুঢ়ীগৰাকীয়ে মূৰ তুলি চালে৷ সঁচাকৈ জোনবায়ে আকৌ আকাশৰ পৰা পুখুৰীটোলৈ বুলি ঢাপলি মেলিছে৷ এইবাৰ তেওঁ কায়’টিৰ জীভাখন মুকলি কৰি দিলে আৰু ক’লে, 

’গোৱা গোৱা, গান এটা গোৱা৷’

’তুমি মোৰ জীভাখন উলিয়াই আকৌ পকাই নেপেলোৱাটো? কায়’টিয়ে সন্দেহেৰে সুধিলে৷

’নকৰোঁ, তুমি গাবলৈ আৰম্ভ কৰা৷ জোনবাই আহি পায়হিয়ে আৰু!’

গতিকে কায়’টিয়ে পুনৰ গাবলৈ আৰম্ভ কৰিলে৷ 

’ইউউউউউউউউউ, আউউউউউউউউউ’

কায়’টিৰ গান শুনামাত্ৰেই জোনবায়ে আকৌ আকাশলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিলে৷

’এয়া যে বৰ লেঠা লাগিল! বুঢ়ীগৰাকীয়ে ক’লে৷

’মোৰ এটা বুদ্ধি আছে৷’ কায়’টিয়ে নাকটো মোহাৰি কৈ উঠিল৷

’মই জোনবাইক প্ৰতিনিশা চামহি৷ এই পুখুৰীটোলৈ নামি আহিব খুজিলেই গান জুৰি জোনবাইক উভতাই পঠাম৷’

’নাই নাই৷’ জন্তুবোৰে ক’লে৷

’নাই নাই নাই৷’ বুঢ়ীগৰাকীয়ে ক’লে৷

কিন্তু জোনবাইক আকাশত ধৰি ৰখাৰ এইটোৱে একমাত্ৰ  উপায় আছিল৷ 

গতিকে তেতিয়াৰে পৰা প্ৰতি সন্ধিয়া বুঢ়ীগৰাকীয়ে পুখুৰীটোলৈ গৈ জোনবাই আকাশলৈ উঠালৈ বাট চায়গৈ৷ আৰু কায়টিয়ে ওচৰৰ পাহাৰ এটাতে বহি নিজৰ নোমবোৰ পৰিপাটিকৈ ফনিয়াই, জীভাৰে দাঁত দুপাৰী তিয়াই আৰু হাতোৰাৰে নাকটো মোহাৰি লৈ গীত জুৰে,

’আআআআওওওওওওও, আওওওওওও৷’

উৎস: Coyote Tales- Thomas King

(কানাডাৰ খিলঞ্জীয়া সাধু)

Wednesday, 9 June 2021

কানাডাৰ ডায়েৰী (১): কনাক নামৰ কাউৰীটো

প্ৰথমে খৱৰটো শুনিলো বান্ধৱী এলাইডাৰ মুখত৷ আমাৰ নিয়মীয়া সান্ধ্যভ্ৰমণৰ সময়ত৷ সেইদিনা পেচিফিক স্পিৰিট পাৰ্কৰ প্ৰৱেশপথত তাইলৈ ৰৈ ৰৈ ঘড়ীটোলৈ চাবলৈ আৰম্ভ কৰিছিলো মই৷ সচৰাচৰ আমি দুয়ো ঠিক সময়তে সেই ঠাইতে লগ হওঁহি৷ কেতিয়াবা কাচিৎ এগৰাকীৰ অলপ পলম হ’লেই অন্যগৰাকীৰ মন উচপিচাবলৈ ধৰে,

’সকলো ঠিকেই আছেতো!’

অতিমাৰীৰ সময়! মুহুৰ্ত্ততে জীৱনৰ ছন্দত আউল লাগি পৰাৰ সময় এয়া৷ সেয়ে নিজৰ অজানিতেই আমিবোৰ যেন চিৰন্তন উৎকন্ঠাৰ এক বৃত্তত সোমাই পৰিছোঁ৷ দিনে-নিশাই ঘুৰি পকি সেই একেই উৎকন্ঠা৷ সকলো ঠিকেই আছেতো!

কিছুসময়ৰ পিছতে অলপ বিতত ভাৱেৰে এলাইডা ওলালেহি৷ মই কিবা সুধিবলৈ পোৱাৰ আগতেই তাই কৈ উঠিল, 

’জানা, কাউৰীৰ আক্ৰমণৰ পৰা কোনোমতে বাচি আহিছোঁ আজি!’ 

মই হো-হোৱাই হাঁহি উঠিলো৷ অতিমাৰীৰ উৎকন্ঠাৰ পৰা কাউৰীৰ আতংক! তাকো ভেনকুভাৰ মহানগৰীত!

মোৰ হাঁহিলৈ পৰোৱাই নকৰি এলাইডাই বেছ গহীনভাৱেৰে ক’লে,
’I am not kidding!  ঘৰৰ পৰা ওলাই দুখোজমান দিছোঁহে, বাটৰ একাষৰ পৰা আহিল নহয় কাউৰী এটা! একেবাৰে মোৰ মূৰৰ ফালেই চো মাৰি উৰি আহিছিল৷ ঘপকৈ দুপ মাৰি হাউলী দিয়াতহে বাচিলো৷’ তাই যেন এতিয়াও কিছু হতভম্ভ, কিছু আতংকিত৷

’তাৰ পিছতো বেছ কিছুদূৰ কাউৰীটোৱে মোক অনুসৰণ কৰি আছিল বুজিছা৷’

’কাউৰীৰ এনে আক্ৰমণৰ কথা আগতে কেতিয়াও শুনা পোৱা নাই! সঁচাই তেনেকৈ মানুহক আক্ৰমণ কৰে?’ মোৰ মাতত কিছু আশ্চৰ্য্য, কিছু সহানুভূতি৷

’অঁ, তুমি নতুন কাৰণেহে গম পোৱা নাই চাগৈ৷ ইয়াত এয়া একো আচৰিত কথা নহয়! বিশেষকৈ গৰমকালি৷’ 

ঠিকেই, তেতিয়া মই ভেনকুভাৰলৈ অহা বেছি দিন হোৱাই নাই৷ এলাইডা কানাডাৰ নাগৰিক৷ যোৱা দুবছৰ ধৰি ভেনকুভাৰৰ নিবাসী তাই৷ 

ইতিমধ্যে আমি পেচিফিক অৰণ্যৰ হাবিতলীয়া বাট এটাত খোজ দিবলৈ আৰম্ভ কৰিলো৷ বাটৰ দুয়োফালে বিশালকায় ডগলাছ ফাৰ, চিডাৰ আৰু হেমলক গছৰ লানি৷ কানাডাৰ অপূৰ্ব বৰ্ষাৰণ্যৰ এটা অংশ৷ কথাৰ লগে লগে পিছে এলাইডাৰ সতৰ্ক দৃষ্টি দুয়োফালৰ সেই অৰণ্যত- যেন যিকোনো মুহুৰ্ত্ততে আকৌ কাউৰীৰ আক্ৰমণৰ সম্ভাৱনা!

মোৰ কৌতুহল বাঢ়িল৷ এলাইডাই ক’লে, বসন্ত নমাৰ লগে লগে এপ্ৰিল মাহৰ পৰা জুলাইলৈ ইয়াত কাউৰীৰ প্ৰজননৰ বতৰ৷ গতিকে সেই সময়ছোাৱত বাহ সজাত ব্যস্ত হৈ পৰে সিহঁত৷ তাৰ লগে লগে কাউৰীবোৰ ব্যতিব্যস্ত হৈ পৰে এই জনঅৰণ্যত নিজৰ আটোমটোকাৰী বাহটোৰ প্ৰতিৰক্ষাৰ বাবে ৷ গতিকে এই সময়ত কাউৰীৰ আক্ৰমণ এক সচৰাচৰ পৰিঘটনা৷ আনকি এনে আক্ৰমণৰ ভুক্তভোগীসকলৰে এজনে এই ঘটনাবোৰ অনুসৰণ কৰিবলৈ আৰু অন্য হাজাৰজনক সতৰ্ক কৰি দিবলৈকে আৰম্ভ কৰিলে এটা অনলাইন মেপিং চিষ্টেম৷ নাম ক্ৰ’ট্ৰেক্স (Crowtrax)৷ 

সিদিনাই ক্ৰ’ট্ৰেক্সৰ বিষয়ে খুঁচৰিলো৷ ভেনকুভাৰৰ মেপখনত একোটা কাউৰীৰ চিনে দাঙি ধৰিলে বিভিন্ন ঠাইত হোৱা কাউৰীৰ আক্ৰমণৰ বিৱৰণ৷ ২০১৬ চনত প্ৰথম আৰম্ভ কৰাৰ সময়ত ইয়াত মুঠতে ৮০০ টা ঘটনাৰ তথ্য জমা হৈছিল৷ তাৰ পিছৰ পৰা প্ৰতিবছৰে ছাইটটোত এনে মানুহ-কাউৰীৰ সংঘাতৰ ঘটনা প্ৰায় ১৫০০ টাকৈ ৰিপৰ্ট হৈ আহিছে৷ বিশেষকৈ মূল চিটিচেন্টাৰ অৰ্থাৎ ডাউনটাউন অঞ্চলটোতে এনে সংঘাতৰ ঘটনা সৰ্বাধিক৷ কাৰণ স্পষ্ট৷ এই অঞ্চলটোতে সৰ্বাধিক ৰেষ্টোঁৰা আছে য’লৈ খাদ্যৰ সন্ধানত ব্যস্ত কাউৰীবোৰ আকৰ্ষত হয় আৰু ইয়াতে জনবসতিও সৰ্বাধিক৷

ক্ৰ’ট্ৰেক্সত কাউৰী আৰু মানুহৰ সংঘাতৰ ঘটনা


ঘটনাৰ বিৱৰণবোৰৰ কিছুমান আমোদজনক, কিছুমান কিছু উদ্বেগজনক! ’এহাল কাউৰীৰ প্ৰতাপত আমি গোটেই দিনটো ঘৰৰ বাহিৰ হ’ব নোৱাৰিলো’, ’চো মাৰি আহি মোৰ পিঠিত ঠোঁটেৰে আঁচুৰি গ’ল’, ’বেছ কিছুদূৰ মোক খেদা মাৰি আহিছিল’, ’কাকো একো আমনি নকৰাকৈ থাৰ্ল’ পথেৰে খোজকাঢ়ি গৈ আছিলো৷ অকস্মাৎ এটা কাউৰী উৰি আহি ডুব মৰাদি পৰিলহি৷ তাৰ ঠেং দুখনে মোৰ চুলি চুই গ’ল৷ ঘটনাৰ আৎ নাপাওঁতেই তাৰ লগতে আৰু তিনিটা কাউৰীয়ে যোগ দিলে আৰু মোক ডেভি পথলৈকে খেদি আহিল!’ অলেখ-অসংখ্য ঘটনা- বিভিন্ন বিৱৰণ!

মন কৰিলো, তথ্য জমা কৰাৰ প্ৰপত্ৰখনত সন্নিবিষ্ট কৰা হৈছে এটা প্ৰশ্ন, ’Was it Canuck the Crow? আপুনি যদি কনাক নামৰ কাউৰীটো দেখে তেন্তে সেইবিষয়েও জনাওক!’

কোন এই কনাক নামৰ কাউৰী? অলপ খুঁচৰোতেই ওলাই পৰিল কনাক নামৰ কাউৰীটোৰ অলেখ-অসংখ্য অভিযানৰ কাহিনী! ইমানেই খ্যাতি (কুখ্যাতি?) যে এক অনলাইন নিৰ্বাচনত প্ৰায় তিনিলাখ ভোট লাভ কৰি ভেনকুভাৰৰ এম্বেছাদৰ হিচাপে নিৰ্বাচিত হৈছিল এই কনাক নামৰ কাউৰীটো!

কনাকৰ বৰ্ণাধ্য জীৱনৰ আৰম্ভণি পিছে কৰুণ৷ তেনেই পোৱালী অৱস্থাতে অজ্ঞাত কাৰণবশত: এদিন নিজৰ বাহৰ পৰা সৰি পৰিল কনাক৷ ভেনকুভাৰৰ দৰদী যুৱক এজনে তাক উদ্ধাৰ কৰি নিজ হাতে তুলি-তালি ডাঙৰ কৰিলে৷ সম্পূৰ্ণকৈ উৰিব পৰা আৰু আত্মনিৰ্ভৰ হোৱাৰ পিছত তেওঁ কনাকক মুকলি কৰি দিলে স্বাধীন জীৱন এটাৰ সপোন দি৷ চিন ৰাখিবলৈকে কনাকৰ বাওঁঠেঙত পিন্ধাই দিলে এটা ৰঙা আঙঠি৷ 

কনাক নামৰ কাউৰীটো (ফটো: ফে’চবুকৰ ’Canuck and I’ গোট)

স্বাধীন জীৱন কটাবলৈ আৰম্ভ কৰাৰ পৰাই কনাক ব্যস্ত হৈ পৰিল ইটোৰ পিছত সিটোকৈ দু:সাহসিক অভিযানত ৷ তাৰ যেন কৌতুহলৰ সীমা নাই মানুহকৈ লৈ৷ হয়তো মানুহৰ হাতত লালিত পালিত হোৱাৰ বাবেই সি মানুহৰ প্ৰতি কোনো ভয়-সংকোচ কৰিবলৈ নিশিকিলেই৷ কেতিয়াবা সি মানুহৰ মুখৰ পৰাই চিগাৰেট বা হাতৰ পৰা ছাবিকোঁচা লৈ উৰা মাৰে৷ কাৰোৱাৰ গাড়ীৰ দুৱাৰ বা খিৰিকীৰ আইনা খোলা থাকিলে কনাক সোমাই আহি আনকি গাড়ীৰ ভিতৰ পাইহি৷ কেতিয়াবা কনাকক দেখা যায় অন্য কাউৰীৰ সৈতে মিলি শেন চৰাইৰ সৈতে আকাশী যুদ্ধ কৰা, কেতিয়াবা দেখা যায় ভেনকুভাৰৰ স্কাই ট্ৰেইন (মেট্ৰ’)-ৰে যাত্ৰা কৰা৷ আনকি তিনিবছৰমান আগতে কনাকে কেইবাবাৰো ডাকোৱালক আক্ৰমণ কৰাৰ বাবে ভেনকুভাৰৰ পূবৰ কিছুমান অঞ্চললৈ চৰকাৰী ডাকসেৱা দুমাহলৈ বন্ধ কৰিব লগা হৈছিল ৷

সেইবোৰ অত:পালিতে ক্ষান্ত নাথাকি কনাক নামৰ কাউৰীটো জড়িত হৈ পৰিল অপৰাধৰ পৃথিৱীতো! এবাৰ ভেনকুভাৰৰ মাজ-মজিয়াতে এজন অপৰাধীৰ সৈতে পুলিচৰ মুখামুখি হ’ল আৰু অপৰাধীজনে তৎক্ষণাৎ
 ছুৰী এখন লৈ পুলিচৰ সৈতে যুঁজাৰ চেষ্টা কৰিলে৷ গুলী কৰিহে পুলিচে সেই অপৰাধীক ধৰিবলৈ সক্ষম হ’ল৷ কিন্তু তাৰ মাজতে ক’ৰবাৰ পৰা ওলালহি কনাক নামৰ কাউৰীটো৷ কোনেও তলকিবলৈ নাপাওঁতেই অপৰাধীৰ সেই ছুৰীখন ঠোঁটত লৈ  সি উৰা মাৰিলে৷ পুলিচ এজনে তাৰ পিছে পিছে খেদা মাৰি যোৱাতহে অৱশেষত কনাকে অনিচ্ছাস্বত্বেও (!) সেই ছুৰী ঠোঁটৰ পৰা মুকলি কৰি দিলে৷  এই চুৃৰী চোৰৰ ঘটনাটোৱে কনাকক সমগ্ৰ ভেনকুভাৰতে খ্যতনামা কৰি তুলিলে৷

পুলিচকো বিব্ৰত কৰা কনাক (ফটো: ফে’চবুকৰ ’Canuck and I’ গোট)


ফে’চবুকত কনাকৰ নামত আৰম্ভ হ’ল এটা অনুৰাগীৰ পৃষ্ঠা৷  এক লাখৰ অধিক অনুৰাগীয়ে কনাকৰ এনে দু:সাহসিক অভিযানবোৰৰ ফটো আৰু তথ্যৰে এই পৃষ্ঠা ভৰাই পেলালেহি৷ কনাকৰ বাবে বহুতো লোক অতীষ্ঠ বা আতংকিত হোৱাৰ বিপৰীতে কাউৰীটোৰ সাহস আৰু বুদ্ধিমত্তাই অনুৰাগীৰ সংখ্যা দিনক দিনে বঢ়াই আনিলে৷ কিছুমানে তাৰ বাবে পাছচোতালত খাদ্য উলিয়াই দিবলৈ ল’লে, কিছুমানে কনাকক সচৰাচৰ দেখা পোৱা ঠাইবোৰলৈ নিয়মীয়াকৈ যাবলৈ ল’লে তাৰ সান্নিধ্যৰ বাবে৷ কনাক যেন হৈ পৰিল কউৰী আৰু মানৱ সমাজৰ মাজত এক যোগসূত্ৰ! 

কনাকৰ মানুহে ব্যৱহাৰ কৰা বিভিন্ন বস্তুৰ প্ৰতি অদম্য কৌতুহল আৰু কৌশল পিছে কাউৰীৰ সমাজত ব্যতিক্ৰম নহয়৷ শেহতীয়া বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে প্ৰাইমেট বা বান্দৰজাতীয় প্ৰাণীৰ পিছতেই কাউৰীয়ে প্ৰাণীজগতৰ আটাইতকৈ বেছি বুদ্ধিমত্তা সম্পন্ন৷ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কাউৰীয়ে উপস্থিত বুদ্ধিৰে বহুতো জটিল সমস্যা-সমাধান কৰা আৰু সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ গতিকে মানুহৰ সংস্পৰ্শত ডাঙৰ হৈ কনাকৰ এনে গুণসমূহ বিকাশৰো হয়তো সুবিধা হ’ল৷

প্ৰখৰ বুদ্ধিমত্তা আৰু কৌতুহল-অত:পালিৰে সমগ্ৰ মহানগৰখনকে মোহাবিষ্ট কৰি ৰখা কনাক হঠাৎ এদিন নিৰুদ্দেশ হৈ পৰিল৷ সিদিনা আছিল ২০১৯ চনৰ ৩০ আগষ্ট৷ তাৰ পিছৰ পৰা কনাকক কোনেও ক’তো দেখা পোৱা নাই৷ কনাক নামৰ কাউৰীটো সন্ধানহীন হৈ পৰাৰ বাতৰি সংবাদ মাধ্যমত জোৰদাৰ প্ৰচাৰ হ’ল৷ কনাকৰ যিকোনো খৱৰ আৰু ভালে কুশলে উভতাই অনাৰ বাবে দহহাজাৰ ডলাৰ (আমাৰ হিচাপত প্ৰায় ছয় লাখ টকা) ৰ পুৰস্কাৰো ঘোষণা কৰা হ’ল৷ কনাকৰ শুংসুত্ৰ লৈ নানা গুজব ওলাল৷ বহুতৰ ধাৰণা কনাকৰ বয়স চাৰি বছৰ৷ প্ৰায় দুবছৰ বয়সৰ পৰা প্ৰায়বোৰ চৰাইৰ স্বাভাৱিক মৃত্যুৰ সম্ভাৱনা বাঢ়ি যায়৷ গতিকে কিছুমানৰ ধাৰণা, হয়তো কনাকে স্বাভাৱিক মৃত্যুকে আকোৱালি ল’লে৷ কিন্তু কিছুমানে অপহৰণ বা অন্য ষড়যন্ত্ৰৰো উমান পালে৷  আনকি এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিৰ প্ৰশ্নোত্তৰ কালত এগৰাকী সাংবাদিকে ভেনকুভাৰৰ মেয়ৰক প্ৰশ্ন কৰিলে,

’কনাক নামৰ কাউৰীটোৰ কিবা খৱৰ?’

মেয়ৰৰ সহানুভুতিপূৰ্ণ উত্তৰ, 

’কনাকৰ চিন্তাত বিতত হৈ থকা অনুৰাগীসকললৈ আমাৰ সহানুভূতি জনাইছোঁ৷ কনাকৰ সন্ধান উলিয়াবলৈ যিকোনোধৰণে সহায় কৰিবলৈ আমি সাজু৷ আশা কৰোঁ, কনাকে মাথোঁ এটা বিৰতি লৈছে আৰু অতি সোনকালেই আমাৰ মাজলৈ উভতি আহিব৷’

তাৰপিছৰে পৰা কনাকৰ প্ৰতীক্ষাত ৰৈছে ভেনকুভাৰবাসী৷ বহুতো অনুৰাগীয়ে সংগ দিছেগৈ কনাকৰ প্ৰেয়সী কেছিয়াৰ (Cassiar)ক৷ তাইৰ আচৰণতো মানুহে দেখা পালে কনাক হেৰাই যোৱাৰ দুখ! দুদিনমানলৈ কনাকক বিচাৰি তাই হেনো ৰমলিয়াই থাকিল৷ কাউৰীয়ে আজীৱন প্ৰেমাস্পদৰ প্ৰতি বিশ্বস্ত (loyal) হৈ থাকে৷ কিন্তু জীৱন থমকি নৰয়৷ অনুৰাগীৰ আশা, কেছিয়াৰেও জীৱনৰ অৱধাৰিত গতিত বাট ল’ব৷ অন্য এক সংগীৰ সৈতে আপোনত্বৰ বান্ধোন গঢ়িব আৰু এদিন পোৱালিও জগাব৷

পেচিফিক স্পিৰিট পাৰ্ক
অতিমাৰীয়ে প্ৰায় স্তব্ধ কৰি পেলাব খোঁজা আমাৰ জীৱনতো সময়ে পাত লুটিয়ালে৷ এইবছৰ পুনৰ বাটৰ দুয়োকাষে ভৰি ভৰি ফুলা গুলাপী চেৰী ফুলে  ভেনকুভাৰলৈ গ্ৰীষ্মক বাট এৰি দিলেহি৷ এলাইডা আৰু মোৰ নিয়মীয়া সান্ধ্যভ্ৰমণ একেদৰেই থাকিল৷ একেদৰেই থাকিল সেই সহমৰ্মিতা আৰু বন্ধুত্ব৷ লগতে একেদৰেই থাকিল কাউৰীৰ আক্ৰমণৰ পৰা বাচিবলৈ তাইৰ সকলো সতৰ্কতা৷

পেচিফিক স্পিৰিট অৰণ্যৰ বাট এটাতে খোজ দিয়াৰ পৰত এদিন তাইক সুধিলো,
’কাউৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কিবা টিপছ?

মই ধেমালি কৰিবলৈহে সুধিছোঁ নেকি এবাৰ পৰীক্ষা কৰি লৈ তাই উত্তৰ দিলে,

’ঘৰৰ পৰা টুপী পিন্ধি ওলাবা, সদায় ছাতি এটা লগত ৰাখিবা৷ কাউৰীয়ে খেদা মাৰিলে দৌৰি পলোৱাৰ সলনি সিহঁতৰ চকুলৈ থৰ লাগি চাই ভয় খুৱাবা৷’

ক্ষন্তেক ৰৈ এটা খোলা হাঁহিৰে তাই পুনৰ ক’লে,

’কাউৰীবোৰ মোৰ সঁচাই ভাল লাগে৷ মাত্ৰ সিহঁতৰ পৰা বাচিবলৈ সদায় ক্ৰ’টেক্স চাইহে ঘৰৰ বাহিৰ ওলাওঁ!’

আগৰদৰে এইবাৰ পিছে মোৰ ৰগৰ কৰাৰ ইচ্ছা নহ’ল৷ মাথোঁ নীৰৱে মোৰ সমগ্ৰ চেতনাক বাট এৰি দিলো অৰণ্যৰ দুয়োপাৰৰ সেউজীয়া আৰু চৰাইৰ কিচিৰ-মিচিৰ মাতেৰে দেহ-মন জুৰাই পেলাবলৈ; বাট এৰি দিলো এই মহানগৰৰ বন্যজীৱৰ সৈতে সহনশীলতা আৰু সহাৱস্থানৰ এই অনন্য ৰূপটো আপোন কৰি ল’বলৈ৷

ভেনকুভাৰত বসন্ত


Wednesday, 12 May 2021

পৰিৱেশ দিৱস হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প

বিদ্যালয়ত পঢ়ি থকা দিনবোৰত প্ৰতিবছৰে পাঁচ জুন তাৰিখটো কেৱল এটা কাৰণতে আমাৰ বাবে বিশেষ হৈ ৰৈছিল৷ বছৰৰ সেই দিনটোত বন বিভাগৰ স্থানীয় কাৰ্য্যালয়ৰ উদ্যোগত বিতৰণ কৰা বিভিন্ন গছপুলি ৰুইছিলো ঘৰ আৰু বিদ্যালয়ৰ চৌহদত৷ বিদ্যালয় বা স্থানীয় কোনো মঞ্চই আয়োজন কৰা ৰচনা বা চিত্ৰ প্ৰতিযোগিতা কিছুমানতো যোগ দিছিলো৷ এতিয়াও শিক্ষানুষ্ঠান আৰু অন্য প্ৰতিষ্ঠানবোৰত তেনেদৰেই বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰা হয়নে নহয় নাজানো৷ কিন্তু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত যোৱা এটা দশক ধৰি জড়িত হৈ থাকি অনুভৱ কৰিছোঁঁ, মাথোঁ এই এটা দিনতে সজাগতা অনাৰ চেষ্টাসমূহ সীমিত হৈ থাকিলে বৰ্ত্তমানৰ পৰিৱেশ সংকটৰ পৰা ৰক্ষা পোৱাৰ আশা নিচেই কম৷ প্ৰগতিৰ শীৰ্ষত আৰোহণ কৰাৰ যুঁজত মগ্ন হৈ থাকোতে মানৱ সমাজে নিজৰ অস্তিত্বৰ মূল ভেঁটি প্ৰকৃতিৰ ভাৰসাম্যতাকে বিনষ্ট কৰি বৰ্তমান এক সংকটময় সময়ত উপস্থিত হৈছেহি৷ ইয়াৰ সাক্ষ্য দিছে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা, প্ৰদূষণ, দৰিদ্ৰতা, মহামাৰী আদিয়ে৷ গতিকে বৰ্তমান প্ৰয়োজন হৈ পৰিছে সামগ্ৰিকভাৱে সমাজৰ সকলো স্তৰতে আৰু গাইগুটিয়াকৈ প্ৰতিজন সচেতন নাগৰিকেই পৰিৱেশ সংৰক্ষণৰ বাবে সময়োচিত ব্যৱস্থা লোৱাৰ আৰু মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক এক নতুন সংজ্ঞা দিয়াৰ৷ আমি মৰ্মে মৰ্মে উপলব্ধি কৰাৰ প্ৰয়োজন হৈছে যে মানৱজাতিৰ অস্তিত্ব ৰক্ষা নিৰ্ভৰ কৰিছে পৰিৱেশ সংৰক্ষণৰ ওপৰত৷ 

প্ৰকৃতিয়ে মানৱ সমাজৰ কল্যানৰ বাবে আগবঢ়োৱা অমূল্য অৱদান আৰু বৰ্তমান পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকিবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাষ্ট্ৰসংঘই ২০২১-২০৩০ দশকটো পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ (ecosystem restoration)ৰ দশক হিচাপে ঘোষণা কৰিছে৷ এইটোকে মূল বিষয় হিচাপে লৈ দেশে-বিদেশে এইবৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ’ব৷ এই দিৱসত ৰাষ্ট্ৰসংঘই সকলোকে আহ্বান জনাইছে মানুহ আৰু প্ৰকৃতিৰ উভয়ৰে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু প্ৰতিৰক্ষাৰ বাবে #GenerationRestoration নামৰ বিশ্বজুৰা আন্দোলনত যোগ দিবলৈ ৷ এই সুযোগতে আহকচোন বুজ লওঁ কিয় আৰু কেনেকৈ এই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কৰিব পৰা যায়?

পৰিস্থিতিতন্ত্ৰনো কি?

সহজ ভাষাত পৰিস্থিতিতন্ত্ৰ হৈছ জীৱ-জন্তুৱে ইটোৱে সিটোৰ লগত আৰু চাৰিওদিশৰ পৰিৱেশৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ থাকি জীৱন অতিবাহিত কৰা যিকোনো ঠাই৷ পৰিস্থিতিতন্ত্ৰ এটাত সকলো জৈৱিক কাৰক অৰ্থাৎ সৰু-বৰ সকলোবোৰ জীৱ চাৰিওদিশৰ পৰিৱেশৰ অজৈৱিক কাৰক যেনে উষ্ণতা, আৰ্দ্ৰতা আদিৰ সৈতে পাৰস্পৰিকভাৱে নিৰ্ভৰশীল হৈ জীয়াই থাকে৷ জৈৱিক বা অজৈৱিক কোনো এটা অংশৰ সালসলনি হ’লে পৰিস্থিতিতন্ত্ৰৰ বাকী অংশবোৰতো ইয়াৰ প্ৰভাৱ পৰে৷ উদাহৰণস্বৰূপে, এটা পৰিস্থিতিতন্ত্ৰত উষ্ণতা বাঢ়িলে তাত থকা উদ্ভিদবোৰৰ বৃদ্ধি আৰু প্ৰজননত প্ৰভাৱ পৰে৷ ইয়ে আকৌ গৈ তেনে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল প্ৰাণীবোৰক প্ৰভাৱান্বিত কৰে৷ পৰিস্থিতিতন্ত্ৰ এখন অৰণ্যৰ দৰে বিশাল হ’ব পাৰে নাইবা এটা কণমাণি পুখুৰীৰ দৰে সৰুও হ’ব পাৰে৷ পৃথিৱীৰ সকলো ঠাই প্ৰকৃততে ইটোৱে সিটোৰ লগত সংযোজিত হৈ থকা অলেখ-অসংখ্য পৰিস্থিতিতন্ত্ৰৰ সমষ্টি৷ 

অসমত সচৰাচৰ দেখা পোৱা এক পৰিস্থিতিতন্ত্ৰ

পৰিস্থিতিতন্ত্ৰবোৰ মানুহৰ বাবে অপৰিহাৰ্য্য কাৰণ প্ৰতিটো পৰিস্থিতিতন্ত্ৰই বিভিন্ন উপায়েৰে মানৱ সমাজক উপকৃত কৰে৷ আমি খোৱা পানী আৰু খাদ্য, উশাহত টানি লোৱা বায়ুৰ লগতে পৃথিৱীখন মানুহৰ বাবে বাসযোগ্য কৰি ৰখা সকলোখিনি পৰিস্থিতিতন্ত্ৰৰে অৱদান৷ 

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কিয়?

শেহতীয়াকৈ মানুহৰ ধ্বংসাত্মক কাৰ্য্য কলাপৰ ফলত পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা বিনষ্ট হৈছে৷ মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন , জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation) ,জলবায়ু পৰিৱৰ্ত্তন , প্ৰদূষণ আদিয়ে বহুতো পৰিস্থিতিতন্ত্ৰক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ শেহতীয়াকৈ মুক্তি পোৱা ৰাষ্ট্ৰসংঘৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন ত প্ৰকাশ পাইছে যে মানৱ ইতিহাসত অভুতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে আৰু বিভিন্ন জীৱ বিলুপ্তিৰ পথত আগবাঢ়িছে৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্ত্তনসমূহ অধ্যয়ন কৰি আগবঢ়োৱা এই আন্ত:ৰাষ্ট্ৰীয় বিশ্লেষণত প্ৰকাশ পাইছে যে মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫% ৰো অধিক জলাশয় নোহোৱা হৈছে৷ তেনেদৰে ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃ্দ্ধি পাইছে৷ বছৰি ৩০০-৪০০ মিলিয়ন টন প্লাষ্টিক, ৰাসায়নিক সাৰ আদি বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zone) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভুখণ্ডৰ প্ৰায় তিনিগুণ (২৪৫,০০০ বৰ্গ কিলোমিটাৰ)৷ বিশ্লেষণটোত লগতে ধৰা পৰিছে যে যোৱা ত্ৰিছ বছৰে প্ৰতিটো দশকতে পৃথিৱীৰ গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলিছিয়াছকৈ বৃদ্ধি পাই আহিছে৷ পৰিস্থিতিতন্ত্ৰৰ এই সংকটৰ ফলতেই প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ এই ধ্বংসাত্মক কাৰ্য্যসমূহ অনতিপলমে বাধা দিব নোৱাৰিলে মানৱ সমাজৰ ওপৰত ইয়াৰ অতি বিপদজনক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ হ’ব কেনেকৈ?

পৰিস্থিতিতন্ত্ৰবোৰ জটিল, ঠাইবিশেষে পৰিস্থিতিতন্ত্ৰও ভিন্ন৷ গতিকে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াও ঠাই আৰু সেই ঠাইৰ প্ৰত্যাহ্বান লৈ বেলেগ বেলেগ হ’ব পাৰে৷ এইবাবেই ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ সকলো পৰ্য্যায়ৰ সচেতন নাগৰিক, সংগঠন তথা চৰকাৰৰ বাবে বিশেষভাৱে সহায়ক হোৱাকৈ বিভিন্ন পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ এক নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে ৷ এই নিৰ্দেশনাত পৰিস্থিতিতন্ত্ৰৰ ক্ষতি ৰোধ কৰিবলৈ দৰকাৰী পদক্ষেপসমূহৰ বিশদ আলোচনা কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনাত  উল্লিখিত মূল পৰিস্থিতিতন্ত্ৰবোৰ হৈছে- অৰণ্য, পৰ্বত, তৃণভূমি, জলাশয়, কৃষিভূমি আৰু নগৰ অঞ্চল৷

নাগালেণ্ডৰ ফাকিম সংৰক্ষিত বনাঞ্চলৰ সেউজ অৰণ্য


অৰণ্য: অৰণ্যই আমাৰ বাবে পৰিস্কাৰ পানী আৰু বায়ু যোগান ধৰে আৰু জলবায়ু নিয়ন্ত্ৰণ কৰি পৃথিৱীখন মানুহৰ বসবাসৰ উপযোগী কৰি ৰাখে৷ অলেখ অসংখ্য উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান হ’ল অৰণ্যবোৰ৷ তেনেদৰে দেশে-বিদেশে বহুতো স্থানীয় জাতি-জনজাতিৰ জীৱন নিৰ্বাহৰ থলো অৰণ্য৷

জনসংখ্যা বাঢ়ি অহাৰ লগে লগে বৃদ্ধি পোৱা খাদ্য আৰু বাসস্থানৰ প্ৰয়োজন পূৰাবলৈ বহুতো অৰণ্য মোকলাই মানুহে খেতি-বাতি কৰিবলৈ লৈছে আৰু ঘৰ সাঁজি বাস কৰিবলৈও লৈছে৷ তাৰ লগে লগে বাঢ়ি গৈছে কুণ্ডা কটা, প্ৰদূষণ আৰু বনজুইৰ বিভীষিকা৷ অৰণ্যৰ পুনৰুদ্ধাৰৰ বাবে এই বনাঞ্চলসমূহত ওপৰত পৰা হেঁচা কমাই আনি ক্ষতিগ্ৰস্ত অঞ্চলবোৰত পুনৰীজ্জীৱিত কৰাত সহায় কৰাৰ প্ৰয়োজন৷ লগতে খেতিৰ বাবে অনুপযোগী হৈ পৰা বহুতো অঞ্চলত স্থানীয় গছৰোপণৰ জড়িয়তে অৰণ্যৰ উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰি৷ 

নাগালেণ্ডৰ সেউজ নাগা পৰ্বতশ্ৰেণী

পৰ্বত: পৃথিৱীৰ প্ৰায় এক চতুৰ্থাংশ ভূমি অধিকাৰ কৰি আছে পৰ্বতীয়া অঞ্চলে৷ এই পাহাৰ-পৰ্বতসমূহ বিশ্বৰ প্ৰায় আধা জনসংখ্যাৰ বাবে পৰিষ্কাৰ পানীৰো উৎস৷ বিশ্বৰ বহুতো আপুৰুগীয়া জীৱ-জন্তুৰ আবাসস্থল এই পৰ্বতবোৰত মানুহৰ সাংস্কৃতিক বৈচিত্ৰ্যতাও অদ্বিতীয়৷

পৰ্বতসমূহ মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপ আৰু জলবায়ু পৰিৱৰ্তন দুয়ো দিশৰ পৰাই স্পৰ্শকাতৰ অঞ্চল৷ বহুতো পৰ্বতীয়া অঞ্চলত খেতি বা বসবাসৰ বাবে এঢলীয়া ঠাই মোকলালে তেনে ঠাইৰ মাটিত খহনীয়া হ’বলৈ আৰম্ভ কৰে৷ খহনীয়া আৰু প্ৰদূষণে পাহাৰৰ পৰা বৈ যোৱা নৈ-জুৰি আদিৰ পানীতো প্ৰভাৱ পেলায়৷ তেনেদৰে গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পেলাই স্থানীয় জীৱ-জন্তু বা জাতি-জনজাতিকো স্থানান্তৰিত কৰিব পাৰে৷ এনে ঠাইৰ পুনৰুদ্ধাৰৰ বাবে মাটিৰ সংৰক্ষণ কৰি খহনীয়া আৰু প্ৰদূষণ ৰোধ কৰাৰ দৰকাৰ৷ খেতিৰ সৈতে উপকাৰী গছৰ ৰোপন আৰু প্ৰতিপালৰ পদ্ধতি যেনে এগ্ৰ’ফৰেষ্টিৰ প্ৰয়োগেৰে এনে পৰিস্থিতিতন্ত্ৰৰ স্থিতিস্থাপকতা (resilience) বঢ়াব পাৰি৷ এইক্ষেত্ৰত স্থানীয়া জাতি-জনজতিৰ পৰম্পৰাগত জ্ঞান (Indigenous knowledge) বিশেষভাৱে সহায়ক হ’ব পাৰে৷

অসমৰ জীয়াভৰলী নৈ এক গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ

জলাশয়: নদ-নদীয়ে বহু লোকৰ বাবে খাদ্য, পানী আৰু শক্তিৰ যোগান ধৰে৷ অসমৰ দৰে নদ-নদী আৰু খাল-বিলেৰে পৰিপূৰ্ণ ৰাজ্যত এই পৰিস্থিতিতন্ত্ৰসমূহ পুনৰুদ্ধাৰৰ গুৰুত্ব অসীম৷ জলাশয়ৰ আশে পাশে চলা বিভিন্ন কাৰ্য্যকলাপে ইয়াৰ পৰিৱেশ বিনষ্ট কৰে, প্ৰদূষিত পানীয়ে জলাশয়ৰ জীৱ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ জীৱনতো প্ৰভাৱ পেলায়৷ 

জলাশয়ৰ পুনৰুদ্ধাৰৰ বাবে পানীৰ গুণাগুণ ৰক্ষা আৰু প্ৰদূষণ ৰোধ কৰাৰ দৰকাৰ৷ তেনেদৰে বান্ধ নিৰ্মাণৰ সময়ত ইয়াৰ ফলত জলাশয়ৰ বিভিন্ন স্তৰত আৰু আশে পাশে জৈৱবৈচিত্ৰ্য আৰু মানুহৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিশদ আৰু নিৰপেক্ষ বিশ্লেষণৰ প্ৰয়োজন৷ 

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ তৃণভূমি

তৃণভূমি: তৃণভূমি মানুহ আৰু বহু জীৱ-জন্তুৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ৷ এনে অঞ্চলসমূহৰ সঠিক পৰিচালনা নকৰাৰ বাবেই বহু ঠাইত তৃণভূমিসমূহ ক্ষতিগ্ৰস্ত হৈছে৷ তৃণভূমিৰ গুৰুত্ব নুবুজি বিস্তৰ অঞ্চল খেতি-পথাৰলৈ ৰূপান্তৰ কৰা হৈছে৷ ইয়াৰ ফলত এই অঞ্চলবোৰৰ মাটি অনুৰ্বৰা হৈ পৰিছে আৰু স্থানীয় উদ্ভিদৰ সলনি অপকাৰী বহিৰাগত উদ্ভিদ (invasive alien species) থন ধৰি উঠিছে৷

তৃণভূমিৰ পুনৰুদ্ধাৰৰ বাবে এই অঞ্চলসমূহৰ ব্যৱহাৰ বহনক্ষম (sustainable) কৰাৰ প্ৰচেষ্টা চলোৱা উচিত৷ এইক্ষেত্ৰত স্থানীয় লোকসকলৰ সৈতে সহমতত উপনীত হৈ দীৰ্ঘম্যাদী পৰিকল্পনা কৰাৰ দৰকাৰ৷ 

অসমৰ এখন ধাননি পথাৰ


কৃষিভূমি: বৰ্তমান পৃথিৱীৰ এক-তৃতীয়াংশ ভূমি কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়৷ গতিকে এই অঞ্চলবোৰ মানুহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ৷ আমাৰ বাবে খাদ্য যোগান ধৰাৰ উপৰিও বহু খেতি-পথাৰ বাদুলী, চৰাই-চিৰিকটিকে ধৰি নানা জৈৱবৈচিত্ৰ্যৰেও চহকী৷ গতিকে অৰ্থনৈতিক আৰু প্ৰাকৃতিক দুয়োটা দিশৰ পৰাই এই পৰিস্থিতিতন্ত্ৰৰ প্ৰতিৰক্ষা অতিকৈ প্ৰয়োজনীয়৷

 মাটিৰ খহনীয়া, অত্যাধিক ৰাসায়নিক সাৰ-প্ৰয়োগ, অপকাৰী কীট-পতংগ আদিয়ে কৃষিভূমিৰ ক্ষতিসাধন কৰি উৎপাদন কমাই আনিছে৷ এনে অঞ্চলৰ পুনৰুদ্ধাৰৰ বাবে জৈৱিক সাৰ প্ৰয়োগ, জৈৱিক পদ্ধতিৰে কীট-পতংগৰ প্ৰতিৰোধ, একেবিধ খেতিৰ সলনি মিশ্ৰিত খেতি আৰু প্ৰয়োজন সাপেক্ষে উপকাৰী গছৰোপণ কৰি সহায় কৰিব পাৰি৷ এনে পদক্ষেপবোৰে খেতিৰ মাটি উৰ্বৰা কৰে আৰু কম মাটিতে অধিক উৎপাদনতো সহায় কৰিব পাৰে৷ 

মিজোৰামৰ আইজ’ল চহৰ


নগৰ অঞ্চল: পৃথিৱীৰ প্ৰায় এক শতাংশ নগৰ অঞ্চল কিন্তু এই নগৰসমূহতে বৰ্তমান মুঠ জনসংখ্যাৰ অৰ্ধাংশ লোকে বসবাস কৰে৷ বৃহৎ নগৰ আৰু টাউন এলেকাবোৰক বহুতে প্ৰাকৃতিক মৰুভূমি (ecological deserts) বুলি আখ্যা দিয়ে কিন্তু এনে অঞ্চলৰো পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ থল আছে৷ কংক্ৰীটৰ অৰণ্য, যান-বাহনৰ ভিৰৰ মাজতো নগৰীয়া অঞ্চলবোৰে আমাৰ জীৱন-ধাৰণ স্বাস্থ্যকৰ কৰি তুলিব পাৰে৷

নগৰসমূহ মূলত ক্ষতিগ্ৰস্ত হৈছে প্ৰদূষণ আৰু অস্বাস্থ্যকৰ- অপৰিষ্কাৰ পৰিৱেশেৰে৷ ইয়াৰ পুনৰুদ্ধাৰৰ বাবে পথৰ আশে পাশে স্থানীয় উদ্ভিদ ৰোপন আৰু প্ৰতিপালন কৰি আৰু সৰু-বৰ সেউজ উদ্যান আদি গঢ়ি তুলি এটা সুস্থ পৰিৱেশ গঢ়াত অৰিহণা যোগাব পাৰে৷ তেনেদৰে প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰি চলিলে এনে আৱৰ্জনাই প্ৰদূষণ কৰাৰো সম্ভাৱনা কমি যায়৷ তাৰোপৰি স্থানীয় সচেতন মহলে পৌৰনিগমৰ সৈতে লগ লাগি নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ 


আমাৰ চাৰিওকাষৰ বিভিন্ন পৰিস্থিতিতন্ত্ৰই বহুতো উপায়েৰে আমাৰ দৈনন্দিন জীৱন সুচল কৰি তুলিছে, আমাৰ স্বাস্থ্য আৰু কল্যান সুনিশ্চিত কৰি ৰাখিছে৷ গতিকে মানৱ জাতি তিষ্ঠি থাকিবৰ বাবেই মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুলৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ অতিকৈ প্ৰয়োজন৷ কিন্তু এই সকলোবোৰ উপযোগীতা বিনামূল্যেই বা অযাচিতেই পাই অহাৰ বাবেই হয়তো মানুহে প্ৰকৃতি বিনষ্ট কৰাৰ আগতে এবাৰ ভাৱি চোৱাৰ অৱকাশ নোলায়৷ এইপথতে একেগতিৰে আগবাঢ়ি গৈ থাকিলে মানৱজাতিয়ে নিজৰে কৃতকৰ্মৰ ফল বৰ্তমানতকৈও ভয়াবহভাৱে ভুগিবলৈ সাজু হ’ব লাগিব৷ আমাৰ জীৱন-ধাৰণৰ বাবে অপৰিহাৰ্য্য খাদ্য আৰু স্বাস্থ্যৰ ওপৰতে ইয়াৰ সকলোতকৈ গম্ভীৰ প্ৰভাৱ পৰিব৷ ক’ৰনা ভাইৰাছ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ পৰা হোৱা ব্যাপক ক্ষতিয়ে পুনৰবাৰ আমাক সোঁৱৰাই গৈছে যে, প্ৰাকৃতিক পৰিৱেশ ধবংসই মানৱজাতিৰ অস্তিত্ব ৰক্ষা কৰি থকা প্ৰক্ৰিয়াটোকে ধবংস কৰে৷ প্ৰকৃতিয়ে মানৱসমাজলৈ প্ৰেৰণ কৰা এই বাৰ্তাই আমাক সকলোকে জাগ্ৰত কৰি তোলক৷ বিশ্ব পৰিৱেশ দিৱস মাথোঁ এটা দিৱস নহওক, ই হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প৷ এয়াই সকলোৰে প্ৰতি সময়ৰ আহ্বান৷ 

Friday, 30 April 2021

মহামাৰী ৰোধৰ বাবে জৈৱবৈচিত্ৰ্য সংৰক্ষণ

  • আমাৰ দেহত  দেখা দিয়া তিনি-চতুৰ্থাংশ সংক্ৰমনশীল ৰোগ  হয় জন্তুৰ পৰা বীজাণুৰ  সঞ্চাৰণৰ যোগেদি৷
  • মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট  হোৱাৰ  বাবে ৰোগৰ বীজাণুৰ বাহক বন্য জন্তুৰ লগত মানুহ আৰু পোহনীয়া জন্তুৰ সংস্পৰ্শ বাঢ়িছে ৷
  • ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰী  প্ৰতিৰোধ কৰিবলৈ জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণ অতি প্ৰয়োজন৷

এবছৰৰ অধিক দিন কৰ'না ভাইৰাছ ৰোগৰ গ্ৰাসত স্তব্ধ হৈ ৰোৱাৰ পিছত বৰ্তমান পৃথিৱীৰ দেশে দেশে এই ৰোগৰ প্ৰতিষেধকৰ বিতৰণ আৰম্ভ হৈছে৷ লগতে ৰোগৰ সংক্ৰমণ ৰোধ আৰু চিকিৎসাৰো প্ৰচেষ্টা পূৰ্ণোদ্যমে চলি আছে৷ কৰ'না ভাইৰাছ ৰোগৰ দৰে যিকোনো মহামাৰী ৰোধৰ বাবে এই সকলোবোৰ প্ৰচেষ্টা খুবেই প্ৰয়োজনীয়৷ কিন্তু একেসময়তে আমি পাহৰিলে নহ’ব যে এইবোৰ পদক্ষেপ প্ৰকৃততে ৰোগৰ মূল উৎস ৰোধৰ সলনি কেৱল লক্ষণ নিৰাময়ৰ দৰে ব্যৱস্থাহে৷ কৰ'না ভাইৰাছ ৰোগে ভাইৰাছকে আদি কৰি অন্য ৰোগৰ বীজাণুৰ সংক্ৰমণ ঘটি কেনে ভয়াবহ মহামাৰীৰ ৰূপ ল’ব পাৰে সেয়া সমগ্ৰ বিশ্বকে সোঁৱৰাই গ’ল ৷ গতিকে ইয়াৰ পুনৰাবৃত্তি নহ’বলৈ এনে ৰোগৰ সংক্ৰমণৰ মূল কাৰকবোৰ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাবোৰ ফঁহিয়াই চোৱাটোও অতি জৰুৰী৷ 

আমি সকলোৱে ইতিমধ্যেই গম পাইছোঁ যে কৰ'না ভাইৰাছ ৰোগৰ আৰম্ভ হৈছিল চীন দেশৰ ৱ’হান প্ৰদেশত বন্য জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ভাইৰাছৰ জড়িয়তে৷ কিন্তু আমি বহুতেই হয়তো নাজানো, ইয়াৰ পূৰ্বেও কেইবাটাও মহামাৰীৰ উৎপত্তি হৈছিল একেই প্ৰক্ৰিয়াৰে৷ উদাহৰণস্বৰূপে, বিংশ শতাব্দীত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ হৈছিল চিম্পাঞ্জী আৰু গৰিলাৰ পৰা মানুহলৈ ৰোগৰ বীজাণু বিয়পি৷ তেনেদৰে ছোৱাইন ফ্লু , ইব’লা, জিকা  আৰু নিপা ভাইৰাছ আদিৰ মহামাৰী বন্য জন্তুৰ পৰাই মানুহলৈ বিয়পিল বুলি ইতিমধ্যে তথ্য পোৱা গৈছে৷ এইখিনিতে আহি পৰে মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ মাজৰ ওত:প্ৰোত সম্পৰ্কৰ কথা ৷   

জৈৱবৈচিত্ৰ্যৰ সৈতে মহামাৰীৰ সম্পৰ্ক

জৈৱবৈচিত্ৰ্য সংৰক্ষণ আৰু স্বাস্থ্য দুয়োটা এক জটিল প্ৰাকৃতিক আৰু আৰ্থসামাজিক প্ৰক্ৰিয়াৰে পাৰস্পৰিকভাৱে সংযুক্ত৷ শেহতীয়াকৈ আইপিবিইএছ (Intergovernmental Science-Policy Platform on Biodiversity and Ecosystem Services, IPBES) নামৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত  জৈৱবৈচিত্ৰ্য ধ্বংস আৰু মহামাৰীৰ সম্ভাৱনা বৃদ্ধি কৰা কাৰকসমূহৰ মাজৰ সম্পৰ্কৰ বিশ্লেষণ দাঙি ধৰিছে৷ জৈৱবৈচিত্ৰ্য ধ্বংসৰ কাৰক যেনে বনাঞ্চল ধ্বংস, বেদখল, চোৰাংচিকাৰ আৰু বন্য জীৱৰ বেআইনী বেপাৰ আদি সংক্ৰংমণশীল ৰোগ(infectious disease)ৰ উৎপত্তিৰো মূল কাৰণ৷ প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে, ১৯৮০ৰ দশকৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত সংক্ৰমণশীল ৰোগৰ প্ৰাদুৰ্ভাৱ ক্ৰমাগতভাৱে বাঢ়ি আহিছে৷ উদাহৰণস্বৰূপে, ১৯৮০ ৰ পৰা ২০১৩ চনলৈ ১২,০১২ টা বিভিন্ন মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটিছে য’ত বিশ্বৰ প্ৰতিখন দেশেই কম-বেছি পৰিমাণে আক্ৰান্ত হৈছে৷  একেসময়তে বনাঞ্চল ধবংসৰ হাৰ যোৱা দুটা দশকত অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পাইছে আৰু বিশ্বত বিভিন্ন সময়ত দেখা পোৱা ৩১% ৰোগ যেন ইব’লা, জিকা আৰু নিপা ভাইৰাছৰ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সৈতে ইয়াৰ পোনপটীয়া সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে৷ 

ইণ্ডোনেছিয়াৰ এখন বজাৰত বন্যজন্তুৰ মাংস
আলোকচিত্ৰ: Axel Drainville
বন্য জন্তুৰ পৰা মানুহলৈনো কেনেকৈ ৰোগ বিয়পে? বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে  প্ৰতিটো বন্য জন্তুৰ দেহতে এটা নিৰ্দিষ্ট সংখ্যক ভাইৰাছ আৰু বেক্টেৰিয়া থাকে৷ সাধাৰণতে ইয়াৰ বেছিভাগেই নিৰাপদ৷ ইয়াৰে মাথোঁ এটা সৰু অংশৰহে মানুহৰ দেহত ৰোগ সৃষ্টি কৰাৰ সামৰ্থ্য থাকে৷ আই বি পি এছৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে স্তন্যপায়ী আৰু চৰাইৰ দেহত থকা মানুহলৈ এতিয়াও নিবিয়পা কিন্তু সাম্ভাৱ্য ক্ষতিকৰ ভাইৰাছৰ সংখ্যা প্ৰায় ১৭ লাখ ৷ এই ৰোগৰ বীজাণুবোৰৰ  বিশেষ পৰিৱেশতহে উৎপৰিৱৰ্ত্তন (evolve) ঘটি মানুহক আক্ৰান্ত কৰিব পৰা সংক্ৰমণশীল ৰোগৰ সৃষ্টি হয়৷  প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহ বন্য জন্তুৰ সংস্পৰ্শলৈ আহিলে জন্তুৰ দেহত থকা সংক্ৰমণশীল ৰোগৰ বীজাণু আমাৰ দেহলৈ বিয়পিব পাৰে৷ বৈজ্ঞানিক পৰিভাষাত এই প্ৰক্ৰিয়াক ’স্পিল অভাৰ’ (spillover) বুলি কোৱা হয়৷ এই প্ৰক্ৰিয়া সংঘটিত হ’ব পাৰে বহুতো উপায়েৰে- পোনপটীয়াকৈ যেনে, বনৰীয়া জন্তুৱে কামুৰিলে, কেঁচা বা ভালকৈ নিসিজোৱা বনৰীয়া জন্তুৰ মাংস খালে, আনকি দূষিত পানীৰ জড়িয়তেও৷ তাৰোপৰি পৰোক্ষভাৱে বনৰীয়া জীৱ-জন্তুৰ পৰা পোহনীয়া জন্তুলৈ বিয়পিও ৰোগৰ বীজাণুৱে মানুহক সংক্ৰমিত কৰিব পাৰে৷ মানুহে বনাঞ্চল মোকলাই খেতি-পথাৰ, ঘৰ-দুৱাৰ সাজি বাস কৰিবলৈ লোৱাৰে পৰা মানুহ আৰু ঘৰচীয়া জীৱ-জন্তুৰ বন্য পশু-পক্ষীৰ সৈতে সংস্পৰ্শ আগতকৈ বাঢ়িছে৷ বেআইনী আৰু নিয়ন্ত্ৰণবিহীন বন্য জন্তুৰ বেপাৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশত কৰা পোহনীয়া আৰু বনৰীয়া জন্তুৰ মাংসৰ বজাৰবোৰেও এনে ৰোগৰ বীজাণু মানুহলৈ বিয়পাৰ উপযুক্ত পৰিৱেশ এটা গঢ়ি তোলে৷ এনে পৰিৱেশত ভাইৰাছৰ জিনগত পৰিৱৰ্ত্তন (genetic recombination) ঘটি মানুহক আক্ৰান্ত কৰিব পৰা ন’ভেল ভাইৰাছৰ উৎপত্তিৰ সম্ভাৱনাও বাঢ়ি যায়৷ 

বনাঞ্চল ধ্বংসই মহামাৰীৰ সম্ভাৱনা বৃদ্ধি কৰে

জনসংখ্যা বিস্ফোৰণ আৰু মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপৰ ফলত প্ৰকৃতিৰ ওপৰত পৰা বিৰূপ প্ৰভাৱে জন্তুৰ পৰা মানুহলৈ ৰোগৰ বীজাণু সংক্ৰমণ হোৱাৰ আশংকা যথেষ্ট পৰিমাণে বঢ়াই তোলে৷ উদাহৰণস্বৰূপে, ১৯৬০ চনৰ পৰা বৰ্তমানলৈ বিশ্বত দেখা দিয়া প্ৰায় ৩০% শতাংশ নতুন ৰোগৰ উৎপত্তিৰ মূলতে ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন ( Land-use change) যেনে বনাঞ্চল ধবংস, বেদখল, বনাঞ্চলৰ কাষৰীয়া অঞ্চলত  খেতি-বাতি আৰু গৰু-ছাগলী পালন আৰু নগৰীকৰণ বুলি জানিব পৰা গৈছে৷ বনাঞ্চলত কুণ্ডা কটা  (Logging), খনন (mining), পথ আৰু  বান্ধ আদিৰ নিৰ্মাণ, অপৰিকল্পিত নগৰীকৰণ আদিৰ ফলত বনাঞ্চলসমূহৰ অপূৰণীয় ক্ষতি হৈছে৷ ইয়াৰ ফলতেই বাসস্থান আৰু খাদ্যৰ সন্ধানত বন্য জন্তু মানুহৰ বাসস্থানৰ কাষ চাপিছে আৰু ৰোগ সঞ্চাৰণৰ আশংকা বৃদ্ধি পাইছে৷ 

মানুহে জৈৱবৈচিত্ৰ্য ধ্বংস কৰি প্ৰাকৃতিক সমতা বিনষ্ট কৰাৰ ফলত খাদ্য শৃংখলত বিজুতি ঘটাটোও মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ অন্য এটা কাৰণ৷ প্ৰকৃতিত প্ৰতিটো জীৱ বা জন্তুৰে এটা নিৰ্দিষ্ট ভূমিকা থাকে আৰু সকলোবোৰ জীৱ-জন্তু খাদ্য-শৃংখল (food chain) ৰ যোগদি ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে৷ উদাহৰণস্বৰূপে, হৰিণাই ঘাঁহ খায় আৰু হৰিণাক বাঘে খায়৷ গতিকে অৰণ্যত ঘাঁহ বা হৰিণাৰ সৈতে বাঘৰ জীৱন সংযুক্ত হৈ থাকে৷ এই খাদ্য শৃংখলৰ ওপৰৰ ফালে কোনো জন্তুৰ সংখ্যা কমিলে বা বিলুপ্ত হ’লে শংখলৰ তলৰ জীৱ-জন্তুবোৰৰ সংখ্যা অনিয়ন্ত্ৰিতভাৱে বাঢ়িবলৈ লয়৷ গতিকে জৈৱবৈচিত্ৰ্য হ্ৰাস পোৱাৰ ঘটনাটো যাদৃচ্ছিক (random) নহয়৷ জৈৱবৈচিত্ৰ্য ধ্বংসৰ লগে লগে কিছুমান প্ৰজাতিৰ সংখ্যা কমি যোৱাৰ লগে লগে অন্য কিছুমান প্ৰজাতিৰ সংখ্যা বাঢ়ি গৈছে৷ চিন্তনীয় কথাটো হ’ল, বনাঞ্চল ধবংসৰ ফলত বহুতো বিৰল প্ৰজাতি লোপ পাইছে কিন্তু একেসময়তে খাদ্য-শৃংখলত অসমতাৰ ফলত অনিয়ন্ত্ৰিতভাৱে বাঢ়ি গৈছে নিগনি, এন্দুৰ, বাদুলি আদি৷ এইবোৰ প্ৰজাতিৰ বহুতেই ৰোগৰ বীজাণুৰ মূখ্য বাহক৷ ইয়াৰ প্ৰমাণ প্ৰথমে পোৱা গৈছিল নব্বৈৰ দশকত মালয়েছিয়াত দেখা দিয়া নিপা ভাইৰাছৰ মহামাৰীত৷ বনাঞ্চল ধবংসৰ ফলত মালয়েছিয়াত বাদুলিৰ প্ৰজাতিবোৰ (fruit bats) অৰণ্যৰ পৰা ওলাই আহি গাহৰিৰ পামত থকা আমৰ বাগানত বাস কৰিবলৈ লয়৷ সিহঁতৰ দেহত থকা নিপা ভাইৰাছে বাদুলি একো অপকাৰ নকৰে কিন্তু বাদুলিৰ মুখৰ লেলাউটি আৰু বিষ্ঠাৰ পৰা গাহৰিবোৰ আক্ৰান্ত হ’ল৷ এই গাহৰিৰ পৰাই পামৰ বনুৱাবোৰৰ দেহলৈ নিপা ভাইৰাছ সংক্ৰমণ হ’ল৷ তেনেদৰে শেহতীয়াকৈ লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজৰ এক গৱেষণাত ধৰা পৰিছে যে এখন বনাঞ্চল নগৰীয়া ঠাইলৈ ৰূপান্তৰ কৰাৰ লগে লগে জৈৱবৈচিত্ৰ্য হ্ৰাস পালে, কিন্তু বাদুলি, এন্দুৰকে ধৰি ১৪৩ বিধ স্তন্যপায়ী জন্তুৰ জনসংখ্যা বাঢ়িল, যিবোৰৰ দেহত মানুহলৈ বিয়পিব পৰা ৰোগৰ বীজাণু থাকে বুলি তথ্য আছে৷ গতিকে এই গৱেষণাই জৈৱবৈচিত্ৰ্য হ্ৰাসৰ সৈতে ৰোগৰ প্ৰাদুৰ্ভাৱৰ মাজত নিকট সম্পৰ্ক প্ৰতিষ্ঠা কৰিলে৷ 

বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য ধবংসৰ ফলত হ’ব পৰা ৰোগৰ সংক্ৰমণৰ আশংকা আটাইতকৈ বেছি অসমৰ দৰে ক্ৰান্তীয় (tropics) বা গ্ৰীষ্মপ্ৰধান অঞ্চলবোৰত৷ বিশ্বৰ গ্ৰীষ্মপ্ৰধান অঞ্চলবোৰত দেখা পোৱা প্ৰজাতিৰ সংখ্যা নাতিশীতোষ্ণ অঞ্চলতকৈ বহুত বেছি৷ গ্ৰীষ্মপ্ৰধান অঞ্চলত জৈৱবৈচিত্ৰ্য অধিক বাবে ইটোৰ পৰা সিটো প্ৰজাতিলৈ স্থানান্তৰ হৈ ৰোগ সৃষ্টি কৰিব পৰা ভাইৰাছৰ সংখ্যাও বেছি৷ মানুহৰ পৰা আঁতৰত প্ৰাকৃতিক পৰিৱেশত এই প্ৰক্ৰিয়াবোৰ বনাঞ্চলতে সীমাবদ্ধ হৈ থাকে৷ কিন্তু যেতিয়াই এনে বনাঞ্চল ধবংস কৰি মানুহে পথ নিৰ্মাণ, খেতি বা বাস কৰিবলৈ লয়, তেতিয়াই এই বীজাণু বহনকাৰী জীৱ-জন্তু মানুহৰ সংস্পৰ্শলৈ আহে৷ এনে জন্তুৰ মাংস চিকাৰ কৰি বেআইনী বজাৰত বেহা কৰাৰ সময়ত জন্তুৰ পৰা মানুহলৈ ভাইৰাছৰ স্থানান্তৰ হোৱাৰ বাট মুকলি হয়৷ গতিকে জৈৱবৈচিত্ৰ্যত চহকী কিন্তু মানুহৰ জনসংখ্যাৰ আধিক্য থকা অঞ্চলবোৰত ’স্পিল অভাৰ’ প্ৰক্ৰিয়াৰ সম্ভাৱনা অধিক৷ অৱশ্যে এইকাৰণতে মহামাৰীৰ প্ৰাদূৰ্ভাৱ কেৱল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী অঞ্চলবোৰতহে হোৱাৰ সম্ভাৱনা বেছি বুলি ধাৰণা কৰাটো ভুল হ’ব৷ লগতে এনে অঞ্চলৰ অৰণ্য ধ্বংস কৰি বন্য জীৱ-জন্তু নি:শেষ কৰাটো ইয়াৰ সমাধান নহয়৷ তাৰ পৰিৱৰ্ত্তে, এনে বিপদসংকুল অঞ্চলত সমাজৰ সকলো স্তৰৰ সম্প্ৰদায়সমূহৰ মাজত সংক্ৰমণশীল ৰোগ বিয়পাৰ মূল কাৰণ আৰু জনস্বাস্থ্যৰ প্ৰতি থকা ভাবুকিসমূহৰ বিষয়ে সচেতনতা অনাৰ প্ৰয়োজন৷ ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰীৰ প্ৰাদূৰ্ভাৱ আৰু সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে এই গ্ৰামীণ আৰু অৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্ত্তনৰ সৈতে জৈৱবৈচিত্ৰ্য আৰু জনস্বাস্থ্যৰ সম্পৰ্কৰ বিভিন্ন দিশসমূহ বিশ্লেষণ কৰাৰ প্ৰয়োজন৷

অৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বন্যপ্ৰাণী পোনপটীয়াকৈ মানুহৰ সংস্পৰ্শলৈ আহে

আই পি বি এছৰ শেহতীয়া প্ৰতিবেদনখনে সমগ্ৰ বিশ্বকে সকীয়াই দিছে যে বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ সময়োচিত ব্যৱস্থা নল’লে ভৱিষ্যতে বিশ্বত মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই গৈ থাকিব আৰু বিনষ্ট পৰিৱেশে এই মহামাৰীৰ বিস্তৃতিও অধিক খৰতকীয়া কৰি তুলিব৷ এই সকলোবোৰ কাৰকে বিশ্বৰ অৰ্থনীতি আৰু জনস্বাস্থ্যৰ ওপৰত কৰ’না ভাইৰাছ ৰোগতকৈও অধিক ভয়াবহ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰবল৷ মহামাৰীৰ প্ৰাদূৰ্ভাৱ হ’লেহে নিৰাময়ৰ ব্যৱস্থা কৰাৰ সলনি তাৰ আগতেই ৰোগ সংক্ৰমণৰ মূল উৎসবোৰ বিচাৰ কৰিলেহে সময়োচিত প্ৰতিৰোধ ব্যৱস্থা ল’বলৈ সক্ষম হ’ব৷ মহামাৰীৰ আগতীয়া আশংকা নিবাৰণ (risk reduction)ত হোৱা ব্যয় মহামাৰীৰ নিয়ন্ত্ৰণত হোৱা ব্যয়তকৈ এশগুণ পৰ্য্যন্ত কম হ’ব পাৰে৷ গতিকে ভৱিষ্যতে মহামাৰী ৰোধ কৰিবলৈ প্ৰতিক্ৰিয়াৰ পৰা প্ৰতিৰোধ (reaction to prevention) লৈ আমাৰ  মানসিকতাৰ পৰিৱৰ্ত্তন কৰাৰ দৰকাৰ৷ ইয়াৰ বাবে মাথোঁ প্ৰয়োজন মানুহ আৰু প্ৰকৃতিৰ মাজৰ পৰিৱৰ্ত্তনশীল সম্পৰ্কৰ এক নিৰ্মোহ বিশ্লেষণৰ৷ 

মহামাৰী ৰোধৰ বাবে আমাৰ কৰণীয়

ভৱিষ্যতে কৰ’না ভাইৰাছ ৰোগৰ দৰে মহামাৰীৰ আগতীয়াকৈ প্ৰতিৰোধ কৰাত সমাজৰ সকলো শ্ৰেণীৰে যথেষ্ট কৰণীয় আছে৷ প্ৰকৃতিবিদসকলে সংক্ৰমণশীল ৰোগৰ গৱেষক আৰু জনস্বাস্থ্য বিভাগৰ কৰ্মীৰ সৈতে একেলগে স্বাস্থ্য, প্ৰাকৃতিক পৰিৱেশ আৰু বহনক্ষম উন্নয়ন (sustainable development) আদি সকলো দিশৰ সামগ্ৰিক বিশ্লেষণৰ জড়িয়তে ৰোগ সংক্ৰমণৰ সম্ভাৱনা বিচাৰ কৰাৰ দৰকাৰ৷ এনে বিশ্লেষণে ভৱিষ্যতে কোন অঞ্চলত মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ আশংকা প্ৰবল, কেনে ৰোগৰ বীজাণু সংক্ৰমণ হ’ব পাৰে আৰু সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্ত্তনে তাত কেনে প্ৰভাৱ পেলাব পাৰে তাৰ পূৰ্বানুমান দিবলৈ সক্ষম হ’ব৷ এই তথ্যৰ ভিত্তিত জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ ৰোগ সংক্ৰমণৰ মানচিত্ৰ অৰ্থাৎ ৰিস্ক মেপ প্ৰস্তুত কৰিব পৰা যাব৷ পূৰ্বতে বিজ্ঞানীসকলে  আফ্ৰিকাৰ ইব’লা মহামাৰীৰ সময়ত এনে মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল৷ ইয়াৰ পৰাই কংগো দেশত যোৱা কেইবছৰত কোনবোৰ ঠাইত মহামাৰী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে সেয়া সঠিকভাৱে ভৱিষ্যতবাণী কৰি উচিত পদক্ষেপ ল’বলৈ সক্ষম হৈছিল৷ গতিকে এনে প্ৰচেষ্টাই ভৱিষ্যতে কৰ’না ভাইৰাছ মহামাৰীৰ দৰে মহামাৰীৰ পূৰ্বানুমান পোৱাৰো বাট মুকলি কৰিব৷

একেসময়তে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহে বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ প্ৰতিৰোধ, সংৰক্ষিত বনাঞ্চলৰ প্ৰতিৰক্ষা, বন্য প্ৰাণীৰ বেহা-বেপাৰ নিয়ন্ত্ৰণ কৰিবলৈকো সমুচিত পদক্ষেপ লোৱাৰ প্ৰয়োজন৷ তেনেদৰে যিকোনো উন্নয়নৰ প্ৰকল্প হাতত লোৱাৰ আগতেই ইয়াৰ ফলত হ’ব পৰা সংক্ৰমণশীল ৰোগ আৰু মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ আশংকাও বিচাৰ কৰি চোৱাৰ অতিকৈ প্ৰয়োজন৷ লগতে বিশ্বৰ দেশসমূহে  কৰ’না ভাইৰাছ ৰোগৰ দৰে যিকোনো মহামাৰীৰ  প্ৰতিৰোধ  আৰু  অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰৰ  পৰিকল্পনাত  জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ  পদেক্ষেপ অন্তৰ্ভুক্ত কৰাটোও অতিকৈ প্ৰয়োজনীয়৷ গ্ৰামীণ আৰু নগৰ অঞ্চলসমূহৰ বিনষ্ট পৰিৱেশ উদ্ধাৰ কৰি অধিক স্থিতিস্থাপক (resilient) কৰিব পাৰিলেহে ৰোগৰ সংক্ৰমণৰ আশংকাও কমাব পৰা যাব৷ 

আলোকচিত্ৰ: Arın Turkay
কংক্ৰিটৰ অৰণ্যত বন্দী আমাৰ বহুতৰ বাবে প্ৰকৃতি বা জৈৱবৈচিত্ৰ্যৰ ধাৰণাটো মানৱ সমাজৰ পৰা বিছিন্ন এক বিষয় যেন ভাৱ হ’ব পাৰে৷ কিন্তু আমাৰ অজানিতেই প্ৰকৃতিয়ে বহু দিশৰ পৰা দৈনন্দিন জীৱন সুচল কৰি তুলিছে, আমাৰ স্বাস্থ্য আৰু কল্যান (well-being) সুনিশ্চিত কৰি ৰাখিছে৷ পৰিস্কাৰ পানী, বায়ুৰ পৰা জলবায়ু নিয়ন্ত্ৰণলৈকে আমাৰ জীৱনৰ তেনেই প্ৰাথমিক প্ৰয়োজনবোৰ পূৰাই ৰাখিছে প্ৰকৃতিয়ে৷ গতিকে কেৱল প্ৰকৃতিৰ বাবে নহয়, মানৱ জাতি তিষ্ঠি থাকিবৰ বাবেই মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুলৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ অতিকৈ প্ৰয়োজন৷ যোৱাটো শতিকাত হোৱা অভাৱনীয় বনাঞ্চল ধবংস, খেতিৰ প্ৰসাৰ আৰু খনন আদিয়ে প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰাৰ ফলত মানুহৰে জীৱনলৈকে আশংকা আহি পৰিছে৷ মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ কৰ’না ভাইৰাছ মহামাৰী এই বিনষ্ট প্ৰাকৃতিক ভাৰসাম্যতা আৰু জৈৱবৈচিত্ৰ্য হ্ৰাসৰ ভয়াবহ পৰিণতিৰ এক নমান্তৰ মাথোঁ৷ এই মহামাৰীয়ে আকৌ এবাৰ নতুনকৈ মানৱজাতিক উপলব্ধি কৰাইছে যে প্ৰকৃতি সংৰক্ষণ আমাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবেই অতিকৈ প্ৰয়োজনীয়৷ 


তথ্যউৎস
  • ’Why deforestation and extinctions make pandemics more likely’-Jeff Tollefson, Nature 584, 175-176 (2020) https://www.nature.com/articles/d41586-020-02341-1
  • 'Celebrating and Safeguarding Biodiversity to Prevent the Next Pandemic' UN Chronicle 5 June, 2020 https://www.un.org/en/un-chronicle/celebrating-and-safeguarding-biodiversity-prevent-next-pandemic-0
  • 'How biodiversity loss is hurting our ability to combat pandemics'-John Scott 09 Mar 2020, The World Economic Forum COVID Action Platform (https://www.weforum.org/agenda/2020/03/biodiversity-loss-is-hurting-our-ability-to-prepare-for-pandemics/)
  • IPBES Report on biodiversity and pandemics