Thursday, 25 May 2023

উপন্যাস: ফাৰমানা (পঞ্চম খণ্ড)

ফাৰমানাৰ এই কণমানি চহৰখনত দেওবাৰবোৰ তুলিকাৰ বাবে একাকী হৈ পৰে৷ প্ৰায়ে বহুপৰলৈকে তাইৰ বিছনা এৰিবৰ সত নাযায়৷ সিদিনাও সাৰ পোৱাৰ পিছত বেছ কিছুপৰ তাই বিছনাতে পৰি ৰ’ল৷ তেনেকৈয়ে চিলমিলকৈ পুনৰ টোপনি যাব খোজোতেই ফোনৰ মিহি সুৰটোৱে তাইক জগাই দিলেহি৷

মাকৰ ফোন৷ সৌ সিদিনা লেপটপৰ স্ক্ৰীণত তাইৰ ভাঙি পৰা মুখখন চাই মাকে আশ্বাস দিছিল-

‘বিশ্বাস ৰাখ মাজনী৷ জীৱনে নিজেই নিজৰ গতি ঠিক কৰি ল’ব৷ সকলো ঠিক হৈ যাব৷’

তেতিয়াৰ পৰা মাকে প্ৰতি দেওবাৰে খৱৰ লোৱা হৈছে৷ ঘৰৰ ইটো সিটো খৱৰ দিবলৈও লৈছে৷ ঘনাই সোঁৱৰাবলৈ লৈছে, তাই নিজৰ যত্ন লোৱাৰ দৰকাৰ৷ যেন সাত সাগৰ তেৰ নদীৰ দূৰত্ব নেওচি মাকে পুনৰ মমতাৰ আচলেৰে তাইক আৱৰি ধৰিব খুজিছে৷

কফিকাপ হাতত লৈ মাকৰ সৈতে কথা পাতি পাতিয়ে তাই বেলকনিৰ চকীখনত বহিলহি৷

অকণমানকৈ ৰ’দজাক ওলাইছে৷ তাইৰ এপাৰ্টমেন্টৰ সন্মুখতে মূল পথৰ সিপাৰে এখন নাৰ্ছাৰি৷ ইয়াৰ ভাষাত গাৰ্ডেন চেন্টাৰ৷ আজি তাত দেওবৰীয়া ভিৰ৷ অহৰহ ইখনৰ পিছত সিখন গাড়ী ৰৈছেহি৷ ভাগে ভাগে মানুহবোৰ গৈ গাৰ্ডেন চেন্টাৰত সোমাইছে। কিছুসময়ৰ পিছত হৰেক ৰকমৰ ফুলৰ টাব আৰু গাৰ্ডেন চাপ্লাইৰ গধুৰ বেগবোৰ কেকোঁজেকোকৈ আনি গাড়ীত তুলি লৈ ঘৰমুৱা হৈছে৷

মূল পথৰ দুয়োকাষে পদপথতো মানুহৰ ভিৰ৷ হয়তো পুৱাৰ ৰ’দজাক উপভোগ কৰিবলৈকে মানুহবোৰ ওলাই আহিছে৷ চেগাচোৰোকাকৈ দেখা দিয়া ৰ’দজাকেই যেন ইয়ালৈ ক্ষন্তেকতে আনি দিয়ে উৎসৱমুখৰ এক পৰিৱেশ৷ শীততাপ নিয়ন্ত্ৰিত ঘৰৰ পৰা ওলাই আহি ৰাজহুৱা উদ্যানৰ সুকোমল ঘাঁহনিত ঢপলিয়াই শৈশৱৰ সোণ বুটলে শিশুবোৰে। মাক-দেউতাকবোৰে সিহঁতলৈ চকু ৰাখি কুশল বাৰ্তা বিনিময় কৰে পৰস্পৰে পৰস্পৰৰ সৈতে। বিয়লি বেলাত থিয় দিয়া দুগৰাকীমান ওলাই আহে আৰ্ণ নৈৰ পাৰে পাৰে সতেজ বতাহৰ বা ল’বলৈ৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল৷

মাকৰ সৈতে কথা সামৰি আজি তুলিকাৰো আৰু ঘৰত সোমাই থাকিবৰ ইচ্ছা নহ’ল৷ টিচাৰ্ট আৰু টাইটছৰ লগতে জেকেট এটা গাত সুমুৱাই তাই ওলাই আহিল৷ মূলপথৰ ব্যস্ততা পিছ পেলাই আৰ্ণ নদীৰ পাৰে পাৰে যোৱা ঠেক বাটটোৰে দৌৰ দিলে । তাইৰ ভৰিৰ দুপ্ দুপ্ শব্দত উচপ খাই ঘাঁহনিত চৰি থকা কানাডা গুজ ৰাজহাঁহ তিনিটা উৰি গ’ল ৷ সিহঁতৰ দীঘল ক’লা ডিঙি আৰু ঠোঁটৰ মাজত জিলিকি উঠিল উজ্বল বগা আঁকবোৰ৷ আৰ্ণ নৈৰ ঢৌৰ সৈতে আপোনমনে খেলা কৰি থকা আমৰ’লীয়া হাঁহ কেইটা, কাষে কাষে উৰি ফুৰা নীলৰঙী জীঞাঁজনী, বতাহজাকৰ সৈতে দুলি থকা পাৰৰ ঝাওবন সকলো মিলি যেন এক অপূৰ্ব প্ৰকৃতিৰ মেলা৷ বহুদিনৰ মূৰত এক নিৰিবিলি সুখৰ জোৱাৰে তুলিকাক স্পৰ্শ কৰি গ’ল ৷

দুভৰিৰ ছন্দতে আপোন পাহৰা হৈ আৰ্ণ নৈৰ পাৰে পাৰে বহু দূৰ পালেগৈ তাই৷ এটা সময়ত কোমল ৰ’দজাক গাত লৈ নৈৰ পাৰতে ঘাঁহনিত তুলিকা বহি পৰিল ৷ এটা সময়ত তাই ওপৰমুৱাকৈয়ে ঘাঁহনিত বাগৰ দিলে। দুচকু মুদি বৰ হেঁপাহেৰে ৰ’দ উমকণ উপভোগ কৰিলে। আজি যে কিমান দিনৰ মূৰত দৌৰিলে তাই! কলেজত পঢ়া দিনত লগৰবোৰে ’ফিটনেছ ফ্ৰিক’ নাম দিয়া তুলিকাজনী লণ্ডনলৈ আহি যেন ক’ৰৱাত হেৰাই গৈছিল! যুগ্ম জীৱনৰ সংজ্ঞাৰ মাজত যেন তাইৰ আপোন সত্ত্বাটো ক’ব নোৱাৰাকৈয়ে বিলীন হৈ গৈছিল ৷ আজি বহু দিনৰ মূৰত, বহু বছৰৰ মূৰত তুলিকাই নিজৰে এটি হেৰাই যোৱা অংশ পুনৰ যেন এবাৰ চুই চাবহে খুজিলে!

কিমান সময় তেনেকৈয়ে পৰি ৰ’ল তুলিকাৰ খেয়াল নহ’ল। তাইৰ কাষেৰে পাৰ হৈ যোৱা কোনোবা শিশু এটিৰ খিলখিলনিতহে তাই খক্‌মক্‌কৈ উঠি বহিল। ইফালে সিফালে চালে। হঠাৎ তাইৰ চকুত পৰিল, তাইৰ ঠিক পোনে পোনেই সেয়া নৈৰ সিপাৰে লাইন মেনেজাৰ মাৰ্ক ৰ’বছন নহয়নে? ঠিকেইতো৷ কেকোঁৰা অবিন্যস্ত চুলিৰে ওখ-পাখ সেয়া মাৰ্কেই৷ মাৰ্কৰ কাষতে এগৰাকী লাহী দেহৰ শ্বেতাংগী মহিলা৷ ছাইবৰণীয়া দীঘল কোটটোৰ ওপৰতে ফুলাম স্কাৰ্ফখনেৰে তেওঁক দেখাতেই আকৰ্ষণীয় বুলি ক’ব পাৰি৷ হয়তো সেয়াই মাৰ্কৰ পত্নী আন্যা৷ দুয়োকে যেন কিছু বিব্ৰত দেখা গৈছে৷ তেওঁলোকক উদেশ্যি কাষতে এগৰাকী তৰুণীয়ে কিবা কৈছে৷ অঁ, সেয়া মাৰ্কৰ গাড়ীৰ সন্মুখত ওলমি ৰোৱা ঘনকটোৰে ছোৱালীজনী নহয়নে? মাৰ্কৰ জীয়েক এলছা! তুলিকাৰ চকুত পৰিল, কিশোৰীগৰাকীৰ দুচকুত আবেগৰ জোৱাৰ। কথাই কথাই নাকৰ পাহি ফুলি উঠিছে৷ তাৰ লগে লগে মাৰ্কৰ চিৰাচৰিত শান্ত-সমাহিত মুখখনো যেন কিছু বিচলিত হৈ উঠিছে৷

আৰ্ণ নদীৰ দুয়ো পাৰ বিশেষ দূৰৈত নহয় বাবেই তুলিকাই সকলো স্পষ্টকৈ দেখা পালে যদিও বিশেষ একো নুশুনিলে৷ কিন্তু তেনেকৈ চাই থকাটো বা সেই পৰিস্থিতিত মাৰ্কে তাইক দেখা পোৱাটো অশুভনীয় হ’ব বুলিয়ে তাই লৰালৰিকৈ উঠিল৷ উভতনিৰ দৌৰত তাইৰ মনত দোলা দি থাকিল মাৰ্কৰ পৰিয়ালৰ সেই ছৱিখন৷ মনত পৰিল, এমিয়ে কৈছিল মাৰ্কৰ জাৰ্মান পত্নী আন্যাৰ হেঁপাহ ইংলেণ্ড বা জাৰ্মেনিলৈ ঘুৰি যোৱাৰ৷ তেনে সেয়াই নেকি আৰ্ণৰ পাৰৰ এই আপাত: সংঘাতৰ গুৰি৷ নাই, তাইতো একোৱে নাজানে মাৰ্কৰ ব্যক্তিগত জীৱনৰ বিষয়ে৷ গতিকে মিছাতে ধাৰণা কৰি লোৱাটো ভুল৷ হয়তো কৈশোৰৰ সহজাত প্ৰক্ৰিয়াৰে অংশ এয়া৷ মাৰ্কে তাইক দেখা নোপোৱাকৈ যে আঁতৰি আহিব পাৰিলে তাতে তুলিকাই স্বস্তিৰ নিশ্বাস পেলালে৷

এপাৰ্টমেন্টৰ দুৱাৰত ছাবি পকাওতেই তুলিকাৰ ফোন বাজি উঠিল৷ কেলামৰ মেচেজ৷

‘হাই তুলিকা! গাড়ী এখন পাইছোঁ৷ তোমাৰ সময় থাকিলে আজিয়ে এনিছকিলেনলৈ আনি দেখুৱাব পাৰিব বুলি কৈছে৷ মোক জনাবা৷’

সিদিনাই সন্ধিয়া ড্যুন ষ্ট’ৰৰ বিশাল পাৰ্কিং লটত তুলিকাৰ সন্মুখত ৰ’লহি এখন মিনি কুপাৰ৷ বগা ৰুফেৰে সৈতে এখন টিকটিকিয়া ৰঙা মিনি কুপাৰ! সেইখন দেখাৰ লগে লগেই যেন তুলিকাৰ উশাহটো ৰৈ গ’ল!

এয়া যেন এক দৈব সংযোগ! কেনেকৈ? কেনেকৈ?

উৎস


হাঁহিমুখেৰে গাড়ীৰ দুৱাৰ খুলি ওলাই অহা কেলামক দেখি তাই নিজকে সংযত কৰিলে৷ কেলামৰ লগতে চালকৰ আসন এৰি ওলাই আহিল গাড়ীৰ মালিক। এজন বিছ-বাইছ বছৰীয়া যুৱক৷ নাম থ’মাছ৷ বিব্ৰত হাঁহি এটাৰে তাইক ল’ৰাজনে সম্ভাষণ জনালে৷ কিছু থোঁতামোজাকৈ তেওঁ ক’লে,

‘গাড়ীখন চাই চিতি লওক৷ ট্ৰায়েল ৰান কৰিব খুজিলেও কৰিব পাৰিব৷ মই বন্ধু এজনক লৈ আহিছোঁ৷ সৌ ক’লা ফৰ্ডগাড়ীখনত বহি আছে সি৷ ভাৱিলো, আপুনি যদি গাড়ীখন আজিয়ে নিব খোজে, মই উভতি যাবলৈকে গাড়ী এখন লাগিব৷’

আজিয়ে! তেওঁৰ কথা শুনি তুলিকা অলপ আচৰিত হ’ল। আঁৰ চকুৰে তাই কেলামলৈ চালে৷ এই অচিন দেশৰ ব্যৱসায়ৰ ধৰণ আৰু গাড়ীৰ তলা-নলাৰ বিষয়েও তেওঁতকৈ ভালকৈ কোনে জানিব৷ তুলিকাৰ 
‘আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ’ ধৰণৰ চাৱনিটো কেলামে ঠিকেই বুজিলে৷

‘গাড়ীখন এপাক চলাই চাওঁ ব’লা৷’ তাইক উদেশ্যিয়ে তেওঁ কৈ উঠিল৷

কথামতেই কাম। দুয়ো গাড়ীখন ঘুৰি পকি চালে। তাৰপিছত তুলিকাই গাড়ীৰ দুৱাৰ খুলি চালকৰ আসনত বহিল৷ কাষৰ আসনত কেলাম৷ থ’মাছক তাতে এৰি তাই গাড়ীখন উলিয়াই আনিলে ডাবলিন পথলৈ৷ হাইৱেত কেইবাবাৰো গিয়েৰ সলাই সলাই তাই চলাই চালে৷ এটা সময়ত এঠাইত বাটৰ কাষতে গাড়ী ৰখাই কেলামক ক’লে,

‘চলাই ভালেই পাইছোঁ কেলাম৷ আপোনাৰ মত কি?’

কেলামে ইতিমধ্যে মাইলেজ, ইলেক্ট্ৰ’নিকছ আদি পৰীক্ষা কৰিছে৷ ক্ষন্তেক ভাৱি তেওঁ ক’লে,

‘ময়ো ঠিকেই দেখিছোঁ, বাকী টায়াৰ, ইঞ্জিন আৰু গাড়ীৰ বাহিৰৰ খিনি দিনতহে ভালকৈ চাবলৈ ভাল হ’ব, নহয় জানো?’

‘ঠিকেই, ইন্সুৰেন্সৰ খৰচ আদিৰ হিচাপ এটাও আগেয়ে উলিয়াব লাগিব৷’ গাড়ী এখন কিনাৰ আগতে কৰিবলগীয়া কামবোৰৰ তালিকা এখন তুলিকাই মনতে আওৰালে ৷

‘গাড়ীখন ভাল৷ গতিকে দুই এদিনতে গোটেইবোৰ চাই লৈ ঠিক সিদ্ধান্ত এটা কৰিলে ভাল হ’ব বুজিছা৷ দাম-দৰ ময়ে কৰি দিম বাৰু।’ কেলামে ক’লে।

থ’মাছক দুদিন পিছত লগ কৰি সিদ্ধান্ত জনোৱাৰ প্ৰতিশ্ৰুতিৰে পঠিয়াই দি তুলিকা সন্ধিয়া লগাৰ পিছতহে ঘৰ পালেহি৷ নিজাকৈ গাড়ী এখন কিনাৰ উত্তেজনা আৰু উদ্বিগ্নতাৰ মাজতো তাইৰ মনত দোলা দি থাকিল অন্য এটা প্ৰশ্ন, কি ক’লেহেঁতেন বিদ্যুতে মিনি কুপাৰ খন দেখি? তাইৰ দৰেই বিস্মিত হ’লহেঁতেননে এই আচৰিত সংযোগত? যেন সিহঁতৰ সম্পৰ্কৰ আৰম্ভণি আৰু শেষ একেডাল সূতাৰেই বান্ধি থোৱা আছিল! প্ৰায় ছটা বছৰৰ আগৰ সোঁৱৰণিয়ে পুনৰ তাইৰ বৰ্তমানৰ বাট ভেঁটা দি ধৰিলেহি।

‘চলাই চাবা নেকি?’ চালকৰ আসনত বিদ্যুত৷ কাষত তুলিকা৷ তাৰ ক’লা-বগা মিনি কুপাৰখন দুৰন্ত গতিৰে চলিব ধৰিছিল মূল পথটোত৷

তাৰ কথাত তুলিকা কিছু অপ্ৰস্তুত হৈ পৰিছে৷ স্কাইপৰ পৰ্দাৰ পৰা ওলাই আহি আজি প্ৰথম দুয়ো মুখামুখি হৈছে৷ বাৰে বাৰে আঁৰ চকুৰে তাই তাৰ মুখখন চাইছে৷ চিনাকি যদিও অচিনাকি মুখখন৷ কৌতুকময় দুচকু, হাহোঁ হাহোঁকৈ থকা ওঁঠযুৰি, দীৰ্ঘদেহী এই পুৰুষৰ সৈতে তাইৰ জীৱন জুঁটি পেলোৱাৰ আয়োজন চলিব ধৰিছে। দুয়োটা পৰিয়ালে মাথোঁ বাট চাই ৰৈছে সিহঁতৰ এটা সেউজ ইংগিতলৈ৷ অথচ এয়া মাথোঁ কেইটামান মুহূৰ্তৰ আগেয়ে হৈ গৈছে সিহঁতৰ প্ৰথম পৰিচয়! এনেকৈ জানো গঢ় ল’ব পাৰে হৃদয়ৰ বান্ধোন, মুকলি হ’ব পাৰে এটা যুগ্ম জীৱনৰ বাট?

‘একো নক’লা যে?’ কৌতুকেৰে তাইলৈ চাই আকৌ ক’লে সি৷

‘নাই, মোৰ বেছিকৈ গাড়ী চলোৱাৰ অভ্যাস নাই যে, তাতে শিৱসাগৰ টাউনৰ ভিৰৰ মাজত খেলিমেলি লাগি যাব পাৰে৷’ অলপ থতমত খাই তুলিকাই কৈ উঠিল৷

হোহোৱাই হাঁহি উঠিল বিদ্যুত৷ হাঁহি হাঁহিয়ে ক’লে সি,

‘একো নাই দিয়া৷ উভতাৰ সময়ত হাইৱেৰ ফালে চলাবা তেন্তে৷ মোৰো প্ৰথম এবছৰমান গাড়ী চলোৱাৰ সময়ত অসহজ লাগি থাকিছিল৷ কিন্তু গাড়ী চলোৱাৰ দুৰন্ত হেঁপাহটোৰ জোৰতে সেয়া কেতিয়া আঁতৰিল গমকে নাপালো৷’

ৰংঘৰৰ বাকৰিত বহিছিলগৈ সিহঁত৷ তাই সহজ হৈ আহিছিল লাহে লাহে৷ কিমান কথা যে পাতিছিল সিহঁতে! বিদ্যুতে লণ্ডনৰ জীৱনৰ কথা কৈছিল৷ কৈছিল কেনে অকলশৰীয়া সেই মহানগৰীৰ প্ৰাচুৰ্য্যময় জীৱন৷ প্ৰত্যেকেই কেৱল ব্যস্ত নিজৰ লগত, নিজৰ জীৱনত৷ সেই জীৱনত অসমৰ মফচলীয় চহৰৰ আপোনত্ব নাই, হেঁপাহৰ জোৱাৰ নাই।

বহুদিনৰ চিনাকিৰ দৰে সি মুকলিকৈ কৈছিল,

‘জানা, লণ্ডনতে যোৱা দহবছৰ কটাইছোঁ যদিও মই অসমক পাহৰা নাই৷ মোৰ কাৰণে এই শিৱসাগৰ টাউনখনহে আপোন ঠাই৷’

তুলিকাই সুধি পেলাইছিল,

‘ঘুৰি অহাৰ কথা ভাৱিছানে আকৌ?’

‘ভাৱোঁ মাজে মাজে৷ কিন্তু কামে য’তে দাবী কৰে তাতেই থাকিবলৈ মনটো এতিয়া একপ্ৰকাৰ প্ৰস্তুত হৈ পৰিছে৷’

তাই নীৰৱে ৰৈছিল৷

‘তোমাৰ কোৱা৷ কি প্লেন?’- বিদ্যুতে সুধিছিল৷

‘মোৰ? মাষ্টাৰ্চ শেষ কৰি এতিয়া বেচৰকাৰী সংস্থা এটাত কাম কৰি আছোঁ। প্ৰজেক্ট মেনেজাৰ হিচাপে৷ প্ৰজেক্টবোৰ চোৱা চিতা কৰোঁ৷ অলপ এডমিন কাম, অলপ ৰিচাৰ্ছ ৷ কৰি ভালেই পাওঁ৷’

‘আগলৈ কি ভাৱিছা?’

‘মানে?’

‘তাতে আজীৱন কাম কৰাৰ কথা ভাৱিছা নে অন্য কিবা প্লেন কৰিছা?’

‘নাজানো! সময়েহে ক’ব সেয়া৷’

‘আমাৰ যদি কথাবোৰ আগবাঢ়ে তুমি মোৰ স’তে লণ্ডনলৈ আহিবানে?’

বিদ্যুতৰ পোনপটীয়া প্ৰশ্নটোত তাই কিছু অপ্ৰস্তুত হৈ পৰিছিল৷ সেয়া লক্ষ্য কৰি সি কৈছিল,

‘চোৱা, মা-দেউতাহঁতে কি কয় সেইটো পিছৰ কথা, প্ৰথমে তুমি নিজে কি বিচাৰা সেয়া জনাটো মোৰ কাৰণে বেছি দৰকাৰী৷ সেয়ে সুধিছোঁ৷’

খন্তেক ভাৱি তাই কৈ উঠিছিল,

‘লণ্ডনত মোৰ ফিল্ডৰ কিবা কাম পালে এইটো চাকৰি এৰি যোৱাৰ কথা ভাৱিব পাৰোঁ৷ সেইটো নোহোৱাকৈ ইয়াৰ জীৱন, ঘৰ-চাকৰি সকলো এৰি থৈ শূন্যৰ পৰা লণ্ডনত সকলোবোৰ আৰম্ভ কৰাটো মোৰ কাৰণে বৰ টান হ’ব৷’

‘বুজিছোঁ৷’ বিদ্যুত ক্ষন্তেকৰ বাবে গম্ভীৰ হৈ পৰিল৷ কিন্তু ক্ষন্তেক নীৰৱতাৰ পিছতে কিছু ধেমেলীয়া সুৰেৰে সি কৈছিল,

‘তেনে সোনকালে লণ্ডনত চাকৰি বিচাৰিবলৈ আৰম্ভ কৰা৷’

তুলিকাৰ গাল দুখন ক্ষন্তেকতে ৰঙচুৱা হৈ পৰিল৷ একোকে ক’ব নোৱাৰিলে তাই৷ মাথোঁ ভাৱিলে, পাৰিবনে তাই এইজন মানুহৰ সৈতে জীৱনৰ সুখ-দুখবোৰ ভগাই ল’বলৈ? পাৰিবনে আশা আৰু সপোনবোৰ একেলগে ৰচিবলৈ?

ৰংঘৰৰ বাকৰি এৰি উভতনি বাটত হাইৱেৰ ফালে বিদ্যুতৰ মিনি কুপাৰখন আগবাঢ়িল৷ পশ্চিমৰ আকাশত ৰামধেনুৰ ৰং ছটিয়াই দূৰণিৰ ধাননি পথাৰৰ সিপাৰে ৰান্ধনি বেলিটো ডুব গ’ল৷ পথৰ দুয়োপাৰে জলমলাই উঠিল কৃত্ৰিম পোহৰৰ খেলা৷ কিছুপৰ নীৰৱে গৈ ঘাইপথৰ একাষে এঠাইত বিদ্যুতে গাড়ীখন ৰখালে৷ মিচিকিয়া হাঁহি এটাৰে সি ক’লে,

‘চলাই চাবানে এবাৰ?’

‘কি? এতিয়া?’

‘ওঁ এতিয়াই নহ’লে কেতিয়া চলাবা?’

কিছু উদ্বিগ্নতাৰে তুলিকাই তালৈ চালে৷ বিদ্যুতে কোমল হাঁহি এটাৰে লাহেকৈ তাৰ বাওঁ হাতখন তুলিকাৰ হাতত থ’লে। এটা ক্ষণিক স্পৰ্শ৷ সেই স্পৰ্শতে যেন এটা তীব্ৰ শিহৰণ বৈ গ’ল তাইৰ মূৰৰ পৰা ভৰিলৈ৷ আঁতৰাই আনিব খুজিও স্তব্ধ হৈ ৰ’ল তাই৷ তাৰ সলনি প্ৰথমবাৰৰ বাবে তাই নিসংকোচেৰে তাৰ দুচকুত চকু থ’লে ৷ কি এক আকৰ্ষণ সেই উজ্বল দুচকুত৷ কি এক অপূৰ্ব অনুভৱ সেই সান্নিধ্যৰ!

সেই মায়াময় সন্ধিয়া বাটৰ দুয়োকাষৰ বিশাল গছবোৰ, দূৰণিৰ পথাৰ, ধিমিক ধামাক পোহৰেৰে জিলিকি উঠা গাওঁবোৰ পিছলৈ ঠেলি বেছ কিছুপৰ তুলিকাই মিনি কুপাৰখন চলালে৷ ইটো সিটো কথা আৰু হাঁহিৰ মাজতে তাই দেখা পালে বিদ্যুতৰ বিমুগ্ধ দৃষ্টি৷ অনুৰাগৰ প্ৰথম চমকনি৷

বিদ্যুৎ উভতি যোৱাৰ বহুদিন পিছলৈকে সেই সন্ধিয়াটোৰ মাদকতাত ডুব গৈ থাকিল তুলিকা৷ আজিও, বিয়াৰ পিছৰ বহু যন্ত্ৰণাক্লিষ্ট মুহূৰ্তইও সেই মাদকতাত অকণো আঁচোৰ পেলাব নোৱাৰিলে যেন৷

এপাৰ্টমেন্টৰ সৰু পাকঘৰটোত বহুদিনৰ মূৰত আজি তুলিকাই যতনেৰে ভাৰ এসাঁজ ৰান্ধিলে- নিজৰ বাবে৷ আলুৰ পিটিকা কৰি কৰি তাই মনতে ঠিক কৰিলে, আজিৰ দিনটোত অন্তত: তাই সেই অতীতত ডুব গৈ নাথাকে৷ পোৱা-নোপোৱাাৰ হাহাঁকাৰত নিজকে উটুৱাই নিদিয়ে৷তাৰ সলনি তাই এইমুহূৰ্তৰ প্ৰাপ্তিখিনিকে আদৰি ল’ব৷ যিমান বিচাৰিলেও অতীত বা ভৱিষ্যতক জানো নিয়ন্ত্ৰণ কৰিব পাৰি? নিজৰ মতে সজাই ল’ব পাৰি মাথোঁ বৰ্তমানটো৷ তাই চেষ্টা কৰিব এই বৰ্তমানৰ মুহূৰ্তবোৰত জীয়াই উঠিবলৈ৷ মাকে কোৱাৰ দৰেই তাই চেষ্টা কৰিব জীৱনক স্বত:স্ফূৰ্ত্তভাৱেই গতি ল’বলৈ এৰি দিয়াৰ৷

যেন আজি নতুনকৈ এটা আশা আহিল, তাইৰ হৃদয়ত এটা হেঁপাহ জাগিল৷

তৃপ্তিৰে নিশাৰ সাঁজ কৰি আৰামকৈ চোফাত বহি লৈ তুলিকাই টিভিটো অন কৰি দিলেহি৷ অন্যদিনাৰ দৰে ইটোৰ পিছত সিটো চেনেল সলাই সলাই এটা সময়ত তাই ৰৈ গ’ল চেনেল ফৰত৷ তাত জোৰদাৰ চলিছে 
‘ফাদাৰ টেড’৷ এমিয়ে তাইক কৈছিল, প্ৰায় প্ৰত্যেক আইৰিছৰ প্ৰিয় শ্ব’ এই ফাডাৰ টেড৷ আয়াৰলেণ্ডৰ এক বিছিন্ন দ্বীপত তিনিগৰাকী খ্ৰীষ্টান ধৰ্মযাজকৰ হাঁহিৰ থুনপাক৷ এমিৰ মতে এই সৰল খুহুঁতীয়া চিৰিজত হেনো যিকোনো ডকুমেন্টেৰীতকৈ অধিক সততাৰে আইৰিছ জীৱনৰ প্ৰতিফলন ঘটিছে৷

সেয়া ফাদৰ টেড ক্ৰিলী আৰু ডুগল মেকগুয়াৰে চিনেমা হ’লৰ সন্মুখত প্ৰতিবাদী ফলক লৈ থিয় দিছে৷ কোনোবা এখন পণ্যধৰ্মী চিনেমাৰ বিৰুদ্ধে ফাদৰ টেডে প্ৰতিবাদী শ্লোগান টানিছে,

‘ডাউন উইথ দিছ্‌ চৰ্ট অব থিং! এনে কাম নচলিব!’

‘কেয়াৰফুল নাউ! সতৰ্ক হওক!’ ডুগলে লগে লগে দোহাৰিছে।

নিজৰ অজানিতেই তুলিকাই সশব্দে হাঁহি উঠিল৷ বহুদিনৰ মূৰত৷ প্ৰাণখুলি৷

ইন্সুৰেন্সকে ধৰি সকলোবোৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ ভৱাতকৈ অধিক সময় লাগিল৷ কিন্তু এসপ্তাহ পিছতে তুলিকাই গেৰেজত সোমোৱালেহি তাইৰ প্ৰথমখন গাড়ী! এখন ৰঙা-বগা মিনিকুপাৰ!

Monday, 22 May 2023

উপন্যাস: ফাৰমানা (চতুৰ্থ খণ্ড)

সিদিনা আলোচনা কক্ষৰ পৰা তুলিকা নিজৰ টেবুললৈ উভতি আহে মানে দুপৰ হ’ল৷ নেচাৰ আয়াৰলেণ্ডৰ কনজাৰভেশ্যন অফিচাৰ সকলৰ মাজত এইবছৰৰ কামৰ আলোচনা দীঘলীয়াই হ’লগৈ৷ তাতে আজি প্ৰথমবাৰৰ বাবে তুলিকাৰ বাকী অঞ্চলৰ সহকৰ্মীৰ সৈতে চা-চিনাকি হ’ল৷ গতিকে তাই প্ৰায়খিনি সময় পাৰ কৰিলে প্ৰজেক্টৰৰ স্ক্ৰীণত দেখা পোৱা নাম আৰু মুখবোৰ মনত ৰখা আৰু বিভিন্ন অঞ্চলত সহকৰ্মীসকলৰ কাম-কাজৰ লগত পৰিচিত হোৱাৰ চেষ্টাত ৷

আলোচনাৰ শেষত অফিচত বহি প্ৰথমেই তাই ভইচমেইল খুঁচৰি চালে৷ অন্যদিনাৰ দৰেই ফোনৰ সিপাৰে ভিৰ লগালে চিনাকি-অচিনাকি কেইবাটাও কন্ঠই৷ খেতিয়ক ডেনিয়েলে খেতিৰ বাবে আৰ্থিক সাহায্য বিচাৰিছে, কেনেকৈ আগবাঢ়িব ধৰিব পৰা নাই। আয়াৰলেণ্ড চৰকাৰৰ গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশ বিভাগে এটা কৰ্মশালা পাতিব খুজিছে, তুলিকাই অংশ ল’বনে? কেলী নামৰ মহিলাগৰাকীয়ে লখ আৰ্ণ হ্ৰদত এটা ঠেং ভঙা ৰাজহাঁহ দেখা পাইছে, কি কৰিলে ভাল হ’ব জানিব খুজিছে। ভইচমেইল কেইটাৰ উত্তৰ দিবলৈ লৈও এবাৰ ঘড়ীটোলৈ চকু দি তুলিকা থমকি ৰ’ল৷ এক বাজিবলৈ মাথোঁ দহমিনিট বাকী৷ এয়া আয়াৰলেণ্ডত সাৰ্বজনীনভাৱেই মধ্যাহ্ন ভোজনৰ সময়। গতিকে এতিয়া যে কাৰোবাক ফোনৰ কাষত পাব তাৰ সম্ভাৱনা কম৷ এইখিনি সময়তে তুলিকাই তাইৰ দায়িত্বত থকা ছল্লিশজন খেতিয়কৰ বেকগ্ৰাউণ্ড তথ্যখিনিতে চকু ফুৰাবলৈ উলিয়াই ল’লে৷ প্ৰতিজন খেতিয়কৰ বিষয়ে ভালদৰে জনা আৰু এটা ভাল সম্পৰ্ক বজাই ৰখাটো যে তাইৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ৷

তাইৰ কাষৰ টেবুলত লিছা এতিয়াও ব্যস্ত ইটোৰ পিছত সিটোকৈ ফোনকলৰ সঁহাৰি দিয়াত৷ লখ আৰ্ণ ৰিজাৰ্ভ ৱাৰ্ডেন লিছাৰ দায়িত্ব অনেক৷ এই বোলে, খেতিয়কে কাইলে তেওঁৰ গৰুকেইটা আৰ্ণ হ্ৰদ পাৰ কৰাই লাষ্টি নামৰ দ্বীপটোত চৰাবলৈ নিব খুজিছে, পিটাৰে খৱৰ দিছে কোনোবা এটা কেমেৰা ট্ৰেপত ৰ’চক’লিন দ্বীপত শিয়াল এটা ধৰা পৰিছে- সোনকালে আঁতৰাব নোৱাৰিলে এটা শিয়ালেই গোটেই দ্বীপটোৰ চৰাইৰ কণীবোৰ নষ্ট কৰি পেলাব৷ আকৌ ফোন বাজিছে৷ এইবাৰ কোন? বিবিচি ৱানৰ কোনোবা প্ৰডাকশ্যন মেনেজাৰ। লখ আৰ্ণৰ ওপৰত তেওঁলোকে এখন ডকুমেন্টেৰী কৰিব খোজে৷ লিছাই সময় দিব পাৰিব নেকি?

কোঠাৰ এমূৰে মাৰ্কৰ দুচকু আবদ্ধ হৈ আছে কম্পিউটাৰৰ স্ক্ৰীণত৷ মাজে মাজে মাথোঁ কফি মেচিনৰ পৰা নেচাৰৰ ল’গ’ প্ৰিন্ট কৰা মাগটোৰ কফিত এসোহা মাৰিছে৷ আজি অফিচত মাথোঁ মাৰ্ক, লিছা আৰু তাই৷ তাৰ বাহিৰে বাকীবোৰ সহকৰ্মীক অফিচ চৌহদত তুলিকাই মাজে সময়েহে দেখা পায়৷ সকলোৰে বহুখিনি কাম ফিল্ডত৷ গতিকে অফিচলৈ অহাৰ প্ৰয়োজন নহ’লে তেওঁলোকে প্ৰায়ে ফিল্ডলৈকে পোনায়৷ লখ আৰ্ণৰ চল্লিশটা সৰু বৰ দ্বীপ চোৱা-চিতা কৰাৰ গধুৰ দায়িত্ব যে এই সৰু টিমটোৰ ওপৰতে৷

’লান্স?’ লিছাৰ মাত শুনি তুলিকাই মূৰ তুলিলে৷ তাইৰ ফোনটো ইতিমধ্যে নীৰৱ হৈছে৷
’অঁ!’ তুলিকাই যেন সকাহ পালে৷ মাৰ্কো তৎপৰতাৰে উঠি পৰিল৷ এটা যেন বিৰতিৰ প্ৰয়োজন তিনিওকে৷

তিনিও একেলগে আগবাঢ়ি গ’ল ৱাটাৰৱেইজ আয়াৰলেণ্ডৰ বিশাল লাউঞ্জলৈ৷ ইতিমধ্যে এই অট্টালিকাৰে অন্য অফিচবোৰৰ কৰ্মচাৰীৰে লাউঞ্জ ভৰি পৰিছে৷ মাইক্ৰ’ৱেভত পাষ্টাখিনি ভৰাই চুইচ টিপি লৈ লিছাই চাফাইকৰ্মী প’লৰ সৈতে ভাল-বেয়া খৱৰ ল’বলৈ আৰম্ভ কৰিলে৷ মমতাভৰা হাঁহি এটাৰে প’লে বৰ আন্তৰিকতাৰে লিছাক পৰিয়ালৰ ইটো সিটো খৱৰবোৰ দিছে, তাইৰো খৱৰ লৈছে৷ সেই সহমৰ্মিতাৰ পৰশে চুই গ’ল তুলিকাৰ হৃদয়৷ ইতিমধ্যে লিছাৰ সৈতে এটা সৌহাৰ্দ্য গঢ়ি উঠিছে তাইৰ৷ কিন্তু এই মুহূৰ্তটোত লিছাক যেন আগতকৈও ভাল লাগি গ’ল তাইৰ৷

এটা সময়ত নেচাৰৰ কৰ্মীয়ে সদায় বহা টেবুলখনত তিনিও একেলগে বহিলহি৷ ইয়াৰ পৰা স্বচ্ছ কাঁচৰ দেৱালৰ সিপাৰে আৰ্ণ নদীৰ নীলিম পানী আৰু পাৰৰ ঝাওঁ বন জাতীয় ওখ ঘাঁহবোৰ৷ ঘাঁহবোৰৰ ওপৰেৰে কাঠৰ এখন ঠেক দলং গৈ পাৰত লাগিছেগৈ৷ তাতে লংগৰ পেলাই ৰৈ আছে এখন সৰু নাও৷ এক মনোমোহা দৃশ্য!

এই আৰ্ণ নদীখন বহল হৈ গৈয়ে উত্তৰলৈ সৃষ্টি কৰিছে বিশাল লখ আৰ্ণ হৃদ৷ উত্তৰৰ লখ আৰ্ণ হ্ৰদত থকা প্ৰায়বোৰ দ্বীপ নেচাৰে পৰিচালনা কৰে৷ দক্ষিণৰ আৰ্ণ নদীৰ মাজৰ অলেখ অসংখ্য দ্বীপ আৰু নৈপৰীয়া অঞ্চলৰ পৰিচালনাৰ দায়িত্ব এতিয়া তুলিকাৰ৷

সচৰাচৰ হোৱাৰ দৰেই লিছা আৰু মাৰ্কৰ মাজত শেহতীয়াকৈ মুক্তি পোৱা টেলিভিশ্বন শ্ব’ আৰু চিনেমাৰ ৰসাল আলাপ চলিল৷ তুলিকাই মাথোঁ নীৰৱে শুনি গ’ল সেই কথা-বতৰা। গম পালে গেম অব থ্ৰ’নছৰ শ্বুটিং হৈ আছে ফাৰমানাৰে মাৰ্বল আৰ্চ নামৰ গুহাৰ শৃংখলতটোত। অঁ, নেটফ্লিক্সৰ ’কিলিং ইভ’ৰ শেহতীয়া অধ্যায়ত দুয়ো তাৰকাৰ অভিনয় দুৰ্দান্ত হৈছে৷ তাৰ মাজতে লিছাই তুলিকালৈ চাই ক’লে,

’কাইলৈ ওলাবা৷ আমি টিমৰ গোটেইকেইজনে ৰাতিপুৱা ক’ভ কেফেত ব্ৰেকফাষ্ট কৰিমগৈ৷ কাইলৈ পেনকেক ডে নহয়!’
’পেনকেক ডে?’ তুলিকাৰ বাবে নতুন দিন, নতুন উপলক্ষ্য৷
’অঁ, তুমি লণ্ডনত শুনা নাছিলা চাগৈ! কেথ’লিকসকলৰহে উৎসৱ পেনকেক ডে৷’
’কোৱাচোন ভালকৈ, মোৰ আগতে শুনা মনত নপৰেচোন৷’ তাই উৎসুক হৈ উঠিল৷
’এয়া কেথ’লিকসকলৰ লেন্ট মানে একধৰণৰ উপবাসৰ সময়- ইষ্টাৰৰলৈকে৷ এই সময়খিনিত কণী আৰু গাখীৰেৰে কৰা সকলোবোৰ খাদ্য খোৱা নিষেধ৷ গতিকে এই উপবাস আৰম্ভ হোৱাৰ আগিদনা ঘৰৰ গাখীৰ, কণী সকলোবোৰ ব্যৱহাৰ কৰি শেষ কৰাৰ নিয়ম৷ গাখীৰ আৰু কণীৰে পেনকেকতকৈ ভাল আৰু কি ৰান্ধিব পাৰি, নহয় জানো? গতিকে তাৰ পৰাই আৰম্ভ হ’ল, পেনকেক ডে!’

লিছাৰ কথাত তুলিকাই হাঁহি উঠিল,
’পেনকেক ময়ো খুউব ভাল পাওঁ৷ অৱশ্যে লণ্ডনলৈ আহিহে ভালকৈ পেনকেক কৰিবলৈ শিকিছোঁ৷’

তাইৰ মনত চাৎ কৰে ভাঁহি উঠিল মাকৰ মাত, ’ছোৱালীজনীৰ যে ৰন্ধা-বঢ়াত একেবাৰে মন নাই৷ খাবলৈ জানিলে যিকোনো মানুহে ৰান্ধিবও জানিব লাগে-ল’ৰাই হওক বা ছোৱালীয়ে হওক!’

তেতিয়া তাই হাঁহি উৰুৱাই দিছিল মাকৰ কথা৷ কিন্তু লণ্ডনৰ জীৱনটোত যেতিয়া অসমৰ হেৰুৱা মায়াই তাইক অহৰহ খেদি ফুৰিবলৈ ল’লে, সাত সাগৰ তেৰ নদীৰ সিপাৰে এৰি অহা আপোন ঠাইখনৰ সৈতে সংযোগ বিচাৰি পালে তাই মাছৰ টেঙা আঞ্জাত, বেঙেনা পিটিকাত বা জহা চাউলৰ ভাত সাঁজত৷ সেই বাট তাইক উলিয়াই দিছিল তাইৰ বন্ধু আছমাই৷

মাতৃভূমিৰ সেই এৰাব নোৱাৰা টানৰ বাবেইতো বাৰে বাৰে গৈ তাই আছমাৰ পাকঘৰত থিয় দিছিলগৈ ৷ আছমাইয়ো বহুবছৰ আগেয়ে আপোন খাদ্যৰ জুতিৰে তাইৰ মাতৃভূমি কলকাতাৰ সৈতে সেই হেৰুৱা সংযোগ পুনৰ গঢ়িছিল ৷ সেই সংযোগেৰেই এটাসময়ত দুয়োৰে যাত্ৰা এক হৈ পৰিছিল৷

’পাৰিবা নহয় কাইলৈ?’ লিছাৰ মাতত তুলিকা যেন বাস্তৱলৈ উভতি আহিল৷ নিজকে চম্ভালি তাই কৈ উঠিল,

’অ কিয় নোৱাৰিম! ভাল লাগিব টিমৰ সকলোকে লগ পালে৷ তাতে পেনকেক থাকিব যেতিয়া আৰু না কৰাৰ প্ৰশ্নই নুঠে!’

লিছাই হোহোৱাই হাঁহি পেলালে,
’জানানে, আয়াৰলেণ্ডৰ কিছুমান ঠাইত এই দিনটোত পেনকেক দৌৰো হয়! মানে কি আৰু, পেনকেক লৈ দৌৰ দিয়ে মানুহবোৰে!’
’তুমি দেখিছা এনে দৌৰ?’ মুখত পেনকেক লৈ দৌৰ দিয়া মানুহ এজাকৰ ছৱি এখন ভাঁহি উঠিল তুলিকাৰ মানসপটত৷

’সৰুতে মা-দেউতাই এনে এটা পেনকেক দৌৰলৈ মোক নিয়া মনত আছে, বুজিছা৷ ইয়াত নহয় পিছে, তেতিয়া আমি নিউ কেছলত৷ পেনকেক ডে’ৰ সকলো আয়োজন দেউতাৰে আছিল তেতিয়া৷ কাৰণ মাৰ মতে ভাল পেনকেক কৰিবলৈ মাৰ হাত দুখন বেছি ডাঙৰ৷ প্ৰতিবছৰে পাকঘৰত দেউতাই পেনকেকৰ কাৰণে ময়দা, বাটাৰ, কণী আদি মিহলোৱা, পেনএখনত আলুফুলকৈ ঢালি দি এটা এটাকৈ পেনকেক ফ্ৰাই কৰা -এইবোৰ আমি খুউব মন দি চাই থাকিছিলো৷ এটা পেনকেক ফ্ৰাই কৰি উঠিয়ে দেউতাই অভেনত ভৰাই দিছিল গৰম কৰি ৰাখিবলৈ৷ তাৰ ওপৰত সযতনে ছটিয়াই দিছিল চেনী নাইবা নেমুৰ ৰস৷ এটাৰ ওপৰত ইটোকৈ জাপি গৈ থকা পেনকেক বোৰ চাই চাই আমাৰ লোভৰ পানী পৰে৷ সেইদিনা যিমানেই পেনকেক নকৰক আমি তিনিটা ল’ৰা-ছোৱালীয়ে গোটেইবোৰ শেষ কৰোঁ-পিছদিনালৈ এটাও বাকী নাথাকে৷’

লিছা যেন কিছু নষ্টালজিক হৈ পৰিল৷

’কিন্তু পঢ়িবলৈ ওলাই যোৱাৰ পিছৰ পৰা আৰু সেইবোৰ বাদ দিলো৷ মোৰ পাৰ্টনাৰ ডেনিয়েল আৰু মই ধাৰ্মিক নহয়। অৱশ্যে ডেনিয়েলৰ প্ৰ’টেষ্টান্ট পৰিয়ালত এইবোৰ কৰাৰ কোনো নিয়মো নাই৷ সময় পালে মাথোঁ আমি দুয়ো মা-দেউতাৰ ঘৰলৈ গৈ পেনকেকৰ সৈতে চাহ একাপ খাই আহোগৈ৷’

ডেনিয়েল প্ৰটেষ্টান্ট বুলি জানি তুলিকা অলপ আচৰিত হ’ল৷ আয়াৰলেণ্ডত আগৰদৰে কেথ’লিক আৰু প্ৰটেষ্টান্টৰ তীব্ৰ বিভাজন নাথাকিলেও এতিয়াও এটা অলিখিত ব্যৱধান আছে বুলি তাই জানে৷ তাৰেই প্ৰতীকস্বৰূপে বেলফাষ্টত এতিয়াও থিয় দি আছে শান্তিৰ দেৱালখন৷ সেই কংক্ৰীটৰ দেৱালে এতিয়াও পৃথক কৰি ৰাখিছে কেথ’লিক আৰু প্ৰ’টেষ্টান্টৰ ঘৰ আৰু জীৱন!

তাইৰ ভাৱ বুজিয়ে কিজানি লিছাই ক’লে,
’ইতিহাসৰ ফালৰ পৰা, মই আৰু ডেনিয়েল ঘোৰ শত্ৰু হ’ব লাগিছিল৷ বহুদিনলৈ কেথ’লিক আৰু প্ৰ’টেষ্টান্ট মানুহখিনিৰ মাজত একো সম্পৰ্কই নাছিল৷ এতিয়া পিছে কথাবোৰ বহুখিনি সহজ হৈছে৷ মই ডেনিয়লক সৰুতেই পোৱা৷ বাৰ-তেৰ বছৰ বয়সৰ পৰা আমি খেলৰ লগৰীয়া৷ গতিকে ধৰ্মৰ বিভাজনে মনত খোপনি পোতাৰ আগতেই ভালপোৱাই পোখা মেলিলে বুজিছা৷’

মাৰ্কে হাঁহিলে৷ তুলিকাইও৷ তাইৰ মনটো উজ্বলি উঠিল৷ ইয়ালৈ অহাৰ দিন ধৰি প্ৰতিক্ষেত্ৰতে তাই শুনি আহিছে, অনুভৱ কৰিছে কেথ’লিক প্ৰটেষ্টান্টৰ ধাৰ্মিক আৰু ৰাজনৈতিক বিভাজনৰ বিষয়ে৷ তাৰ মাজতো এনেকুৱা মিলনৰ সঁচা কাহিনী আছে৷ ঐতিহাসিক বিভাজন দেও দি ভালপোৱাৰ সেঁতু গঢ়াৰ নিদৰ্শন আছে৷ এনেকৈয়েতো নিৰাশাৰ অন্ধকাৰৰ মাজতো টলমল কৈ জ্বিলিকি উঠে আশাৰ এটা উজ্বল বিন্দু!

সিদিনা পুৱা ন বজাতে তুলিকা ওলাই আহিল৷ কাউন্টি ফাৰমানাৰ মূল চহৰ যদিও এনিছকিলেন সৰু চহৰ৷ বিশাল উজনি আৰু নামনিৰ লখ আৰ্ণ য’ত লগ হৈছে সেই ঠেক মাটিখিনিতে এনিছকিলেন চহৰখন৷ টাউন চেন্টাৰৰ সকলোবোৰ ঠাইলৈকে খোজেৰেই অহা-যোৱা কৰিবলৈ সুবিধা৷ গতিকে আজি খোজেৰেই আৰ্ণ নৈৰ ওপৰৰ দলং পাৰ হৈ আহি তুলিকা ৱেলিংটন পথৰ আগবাঢ়িল৷

ৱেলিংটন পথৰ সোঁকাষে ক’ভ কেফে৷ পুৱা ন বজাতে আজি সেই কেফেত মানুহৰ দীঘলীয়া লানি৷ সোমাই গৈয়ে তুলিকাৰ চকুত পৰিল পেনকেক ডে’ৰ বিশাল আয়োজন৷ কাউন্টাৰত ষ্ট্ৰ’বেৰী, ৰেস্পবেৰী, ব্লুবেৰী, কল আদিৰে কৰা বিধে বিধে পেনকেকৰ পাহাৰ৷

এচুকৰ দীঘলীয়া টেবুলখনৰ পৰা লিছাই তাইলৈ চাই হাতবাউলি দিলে৷ তুলিকা আগবাঢ়ি যোৱাত কেইবাখনো মুখে যেন একেলগে ঘুৰি চালে৷ সকলোৱে হাঁহিমুখেৰে তাইক সম্ভাষণ জনালে৷

’গুড মৰ্ণিং!’

তাই সঁহাৰি দি ওচৰ চাপি গ’ল৷ সহকৰ্মী টমে থিয় দি আথেবেথে তাই বহিবলৈ চকী এখন টানি ধৰিলে৷ তেওঁৰ বয়স ছল্লিশৰ ওচৰে পাজৰে হ’ব। মূগা চকুৰ মণিত কৌতুকৰ তিৰবিৰণি আৰু গাঢ় আইৰিছ সুৰেৰে কথাই কথাই হোহোৱাই হাঁহি উঠা টমক বৰ স্ফুৰ্তিবাজ মানুহ যেন লাগিল তাইৰ৷ টমে তাইৰ চা-চিনাকি ল’লে, সুধিলে আয়াৰলেণ্ডৰ এই অজান্তি মুলুকত কাম কৰি কেনে পাইছে৷ তুলিকায়ো সুধি পেলালে,

’আপুনি কিমান দিন ধৰি নেচাৰত আছে?’
‘মোৰ আচলতে পাঁচবছৰমানহে হৈছে৷’ টমে কফিৰ কাপত চেনীখিনি ঢালি চাহচামুখনেৰে মিহলাই থকাৰ মাজতে উত্তৰ দিলে৷
’তাৰ আগতে কি কৰিছিল?’
’আই ইউজড ট্যু মিল্ক আ লট অফ কাউজ!’ গৰুৰ গাখীৰ খিৰাইছিলো!

তাই যেন হাঁহিব খুজিও ৰৈ গ’ল৷ নাই, টমে কৌতুক কৰা নাই৷ তেওঁ সঁচাকৈয়ে অন্য খেতিয়কৰ বাবে গৰুৰ গাখীৰ খীৰোৱা কাম কৰিছিল৷ টমে তাইৰ প্ৰতিক্ৰিয়া যেন লক্ষ্যই নকৰিলে৷ আপোন মনেৰে তেওঁ কৈ গ’ল,
’মই নিজেও খেতিয়কেই বুজিছা৷ বিয়াৰ পিছত পত্নীৰ ফালৰ পৰাও মাটি অলপ পালো৷ গতিকে এতিয়া সেইবোৰ চম্ভালো আৰু নেচাৰৰ ফালৰ পৰা অন্য খেতিয়কৰ খেতি চম্ভালাতো সহায় কৰোঁ ৷’

এনেতে ৱেইটাৰ গৰাকীয়ে সিহঁতৰ টেবুলখনত ভাগে ভাগে পেনকেকৰ প্লেটবোৰ থ’লেহি৷ তুলিকাই বিচৰাৰ দৰে তাইৰ সন্মুখত দিলেহি পৰম্পৰাগত আইৰিছ পেনকেকৰ এখন প্লেট৷ অন্য পেনকেকতকৈ আকাৰত সৰু কিন্তু যথেষ্ট ডাঠ এই আইৰিছ পেনকেক৷

লিছাই কৈছিল, কণী নিদিয়াকৈ কেৱল বেকিং ছ’ডা আৰু বাটাৰমিল্কেৰে কৰা হয় পৰম্পৰাগত আইৰিছ পেনকেক৷ পেনকেকৰ সৈতে লৈ খাবলৈ টেবুলৰ সোঁমাজতে মৌ, মাৰ্মেলেড, জাম, ক্ৰীম, মেপ’ল চিৰাপ আৰু কেইবাবিধো সতেজ বেৰী৷ পেনকেকৰ যেন এক আড়ম্বৰপূৰ্ণ ভোজ এয়া!
’ভাল পছন্দেই কৰিছা তুলিকা৷ আমি এইবিধক স্কট্ছ পেনকেক বুলি কওঁ৷’
তুলিকাই মূৰ তুলি চালে৷ তাইৰ সন্মুখৰ চকীত সেয়া ফিনবাৰ৷ নেচাৰৰ সহকাৰী ৱাৰ্ডেন৷

’মোক লিছাই কৈছিল, এইবিধেই উত্তৰ আয়াৰলেণ্ডত সকলোতকৈ জনপ্ৰিয় পেনকেক বুলি৷ সেয়ে ভাৱিলো, আজি খাই চাওঁ৷’ তাই অলপকৈ হাঁহি ক’লে৷

ফিনবাৰ মানুহজন গহীন৷ এমুখ ৰঙচুৱা দাঢ়িৰে প্ৰায় ষাঠিৰ বয়সৰ মানুহজনৰ মুখত আবেগৰ ৰেখা বুজা কঠিন!

’তুমি ভাৰতৰ নহয় জানো?’ তেওঁ নিজৰ প্লেটৰ ব্লুবেৰী পেনকেকৰ এটুকুৰা মেপ’ল চিৰাপত ডুবাই লৈ মুখত ভৰাই সুধিলে৷ এইবাৰ পিছে তেওঁৰ দৃষ্টিত তৃপ্তিৰ ৰেঙণি তাই ঠিকেই দেখিলে৷
’হয়, একেবাৰে উত্তৰ-পূবত থকা অসমৰ৷’
’অঁ বুজিছোঁ, মোৰ ডাঙৰ ল’ৰাই সৰুতেই খ্ৰীষ্টান মিছনেৰী স্কুলৰ ট্যুৰ এটাত হায়দৰাবাদত এমাহ কটাই আহিছিল বুজিছা৷ পিছে অসমৰ কথা তাৰ চাহৰ পৰাহে জানো৷’

তুলিকা উৎসাহিত হ’ল৷ য’লৈকে নাযাওক চাহৰ কথা ক’লেই প্ৰায়বোৰ ব্ৰিটিছ লোকে অসমক চিনি পায়৷ তায়ো সুখী হৈ উঠে- আপোন ঠাইখনৰ চিনাকি সুৰটো বিচাৰি পাই, গৌৰৱেৰে পৃথিৱীৰ মানচিত্ৰত অসম নামৰ কোণটো জিলিকি উঠা দেখা পাই৷

কথাৰ মাজতে ফিনবাৰে তাইক চিনাকি কৰি দিলে সহকৰ্মী পিটাৰৰ সৈতে৷ পিটাৰৰ কাষতে বহি লৈ কফিত শোহা মাৰি থকা ডেৰেনক তাই চাকৰিত প্ৰথম দিনাই লগ পাইছে৷ তাই গম পালে, ফিনবাৰ যোৱা ওঠৰ বছৰ ধৰি নেচাৰৰ হৈ ফাৰমানাত কৰ্মৰত৷ তেনেদৰে পিটাৰ আৰু ডেৰেন এই একেটা দলতে আছে যোৱা বাৰ বছৰ ধৰি৷

‘ইমান দিন!’

তাইৰ আশ্চৰ্য্য দেখি পিটাৰে কৈ উঠিল,
’আজিৰ পৰা বাৰবছৰৰ আগতে প্ৰথম ইয়াত জইন কৰাৰ সময়ত মই কল্পনাই কৰা নাছিলো, ইমান বছৰৰ পিছতো ইয়াতে ৰৈ যাম বুলি! ফাৰমানাৰ মায়াই এনে যে তুমি সহজে এই ঠাই এৰিব নোৱাৰা৷ কোনে জানে তুমিও হয়তো ৰৈ যাবা ইয়াতে!’

’ঠিকেই, কোনে জানে!’ তুলিকাই ভাৱিলে৷

যোৱা তিনিমাহৰ আগতে তাইচোন এই ঠাইৰ অস্তিত্বৰ কথাই জনা নাছিল৷ এতিয়া এই এনিছকিলেনতে অহৰহ তাই চেষ্টা কৰিছে এটা নতুন আৰম্ভণি কৰিবলৈ, আউল লাগি পৰা জীৱনটো পুনৰ নিয়াৰিকৈ গাঁথিবলৈ৷ আনি দিবনে এই ফাৰমানাই সেই আৰম্ভণি, সেই সাহস আৰু আন্তৰিক যোগসূত্ৰ? নাজানে তাই, নাজানে কোনেও!

পেনকেকৰ সোৱাদ লৈ থাকিও সকলোৰে মাজত অৱধাৰিতভাৱেই যেন ব্ৰেক্সিটৰ প্ৰসংগই মূৰ দাঙি উঠিল৷ যোৱা সপ্তাহত ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহ আৰু ব্ৰিটেইনৰ মাজত মুকলি আহ-জাহ বন্ধ হৈ গৈছে৷ লগে লগে অস্থিৰতা বাঢ়ি আহিছে এই উত্তৰ আয়াৰলেণ্ডত৷ ইংলেণ্ড বা স্কটলেণ্ডতকৈ ইয়াত যে ব্ৰেক্সিটৰ প্ৰভাৱ বহুত গুৰুতৰ৷ ৰাজনৈতিকভাৱে দুখন দেশ হ’লেও আইৰিছসকলে এক বুলিয়ে গণ্য কৰি অহা আয়াৰলেণ্ডৰে উত্তৰ আৰু দক্ষিণ দুটা অংশ যে পৃথক হৈ পৰিব ব্ৰেক্সিটৰ লগে লগে৷

সেই অস্থিৰতাৰে সুৰ তুলিকাই শুনা পালে ডেৰেনৰ কন্ঠত,
’ভাৱিছোঁ, ব্ৰেক্সিটৰ আগতেই মোৰ আইৰিছ পাছপৰ্টখন উলিয়াই ল’ব লাগিব৷ অতদিনে ব্ৰিটিছ পাছপৰ্টেৰেই চলি গ’ল৷ কিন্তু ব্ৰেক্সিটৰ পিছত সেইখনেৰে ৰিপাব্লিকত সোমাবলৈ নিদিব চাগৈ৷!’

‘কৰিব খুজিছা যদি যিমান পাৰি সোনকালে কৰা ডেৰেন! বাতৰিত দিছে বহুতো আইৰিছ প্ৰটেষ্টান্টে এইমাহত আইৰিছ পাছপৰ্টৰ কাৰণে আবেদন জনাইছে হেনো!’ ফিনবাৰে মাত দিলে৷

তুলিকাৰ প্ৰশ্নবোধক মুখখন দেখিয়ে কিজানি মাৰ্কে তাইক বুজাই ক’লে,
’উত্তৰ আয়াৰলেণ্ডৰ মানুহে আচলতে নিজৰ পছন্দ মতে ব্ৰিটিছ বা আইৰিছ দুয়োখন পাছপৰ্টেই ৰাখিব পাৰে৷ ইয়াত সাধাৰণতে ইউনিয়’নিষ্ট বা ব্ৰিটেইনৰ পক্ষে থকা প্ৰটেষ্টান্ট সকলে ব্ৰিটিছ পাছপৰ্ট ৰাখে৷ কিন্তু তাৰ বিপৰীতে ৰিপাব্লিকান কেথ’লিক সকলে আইৰিছ পাছপৰ্টেৰে কাম চলায়৷ কাৰণ তেওঁলোকে ব্ৰিটিছত কৈ নিজৰ আইৰিছ পৰিচয়ক বেছি গুৰুত্ব দিয়ে৷ অতদিনে তাৰে যিকোনো এখন পাছপৰ্টেৰে প্ৰটেষ্টান্ট বা ৰিপাব্লিকান কাৰো ৰিপাব্লিক অব আয়াৰলেণ্ডলৈ যোৱাত একো বাধা নাছিল৷ কিন্তু ব্ৰেক্সিটে সকলোবোৰ ওলট পালট কৰিব পেলাব পাৰে৷’

তুলিকা আচৰিত হ’ল৷ ধৰ্ম আৰু ৰাজনীতিৰ পাকচক্ৰই মানুহৰ দৈনন্দিন জীৱনৰ পৰিধিও কেনেকৈ যে সলাই পেলাব পাৰে তাৰ উপলব্ধিয়ে দুখী কৰি পেলালে তাইক৷ দলৰ বাকীবোৰৰ কথাবোৰ শুনি শুনি তাইৰ ভাৱ হ’ল এজাক যেন পৰিৱৰ্ত্তনৰ ধুমুহা আহিব লাগিছে উত্তৰ আয়াৰলেণ্ডলৈ৷ তাৰ জোৱাৰে এই পশ্চিমৰ ফাৰমানা কাউন্টিকো জোকাৰি যাব বুলি সকলো আশংকাত ডুবিব ধৰিছে৷ সময় যেন বৰ খৰকৈ সলনি হ’বলৈ লৈছে তুলিকাৰ বাহিৰে-ভিতৰে দুয়োখন পৃথিৱীতে৷

পেনকেকৰ ভোজ আৰু আড্ডা সামৰি নেচাৰৰ দলটো উঠে মানে সিদিনা দুপৰেই হ’ল৷ একেলগে কেফেখনৰ দুৱাৰমুখেৰে ওলাই আহোঁতে ফিয়’নাই তুলিকাক সুধিলে,
’আজিতো বন্ধৰ দিন! কিবা বিশেষ প্লেন?’

এটা মুহূৰ্তৰ বাবে যেন তুলিকা উচপ খাই উঠিল৷

কিবা বিশেষ প্লেন-

কিবা বিশেষ প্লেন!

সেই এষাৰ কথাই তাইক ধুমকেতুৰ গতিৰে যেন উৰুৱাই লৈ গ’ল শত সহস্ৰ যোজন৷ হঠাৎ যেন টানি লৈ গ’ল ঠাই আৰু সময়ৰ দুয়োটা অক্ষতে তাই যাব নিবিচৰা এটা কোণলৈ৷ নতুন দেশৰ নতুন সংযোগবোৰত ডুবি থাকোঁতে তাইৰ যেন খেয়ালেই নহ’ল আজিৰ দিনটো যে তাইৰ বাবে এটা বিশেষ দিন! এটা স্মৃতিকাতৰ দিন!

’তুলিকা?’ ফিয়’না তেতিয়াও ৰৈ আছিল এটা উত্তৰৰ অপেক্ষাত!
নিজকে চম্ভালি লৈ তুলিকাই ক’লে,

’হা- অঁ! আবেলি ঘৰলৈ স্কাইপ কৰাৰ কথা ভাৱিছোঁ৷ নহ’লে ভাৰতৰ সৈতে সময় নিমিলে যে৷’
তাই নাজানে ফিয়’নাই কি ভাৱিলে৷ বিদায় লোৱাৰ পৰত ফিয়নাই মাথোঁ সহজভাৱেই ক’লে,
‘হ’প ইউ হেভ এ গুড ডে’- তোমাৰ আজিৰ দিনটো ভালেৰে যাওক!’

তুলিকাই যেন কথাষাৰ ভালকৈ শুনাই নাপালে! সকলোৱে বিদায় লোৱাৰ পিছতো তাই কিছুপৰ ৰৈ গ’ল ক’ভ কেফেৰ সন্মুখত৷

আজিৰ এই দিনটোত এপাৰ্টমেন্টৰ একাকী বতাহখিনিৰ সন্মুখীন হ’বলৈকে যেন ভয় হল তাইৰ৷ সেয়ে লাহে লাহে ৱেলিংটন পথেৰে আগবাঢ়ি গৈ তাই বহি পৰিলগৈ আৰ্ণ নৈৰ পাৰত৷

তাই বহি ৰোৱা ঘাঁহনি ডৰাৰ বাওঁকাষে আৰ্ণ দূৰ্গৰ শিলাময় বেঁৰা৷ সন্মুখত নীলা স্বচ্ছ পানীৰে সেই সুবিশাল নৈ! পাৰে পাৰে বহু নাও৷ কেইবাঠাইত বৰশী টোপাই গোঁজ মাৰি বহি আছে আইৰিছ মাছুৱৈ।



তুলিকা আশস্ত হ’ল। যেন বহুদিন ধৰি তাই এনে এখন নৈৰেই প্ৰয়োজন অনুভৱ কৰি আছিল! নৈৰ পাৰৰ মানুহৰ যে আজন্ম প্ৰেম নৈৰ সৈতে, সৰু-বৰ ঢৌৰ সৈতে, ঢৌত কঁপি গৈ থকা নাওবোৰৰ সৈতে৷ নৈৰ বুকুত যে যেতিয়াই মন যায় উজাৰি দিব পাৰি হৃদয়ৰ সকলো বোজা!

আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ নতুনৰ মাজত নিজকে উটুৱাই দিব খোজা তুলিকাৰ হৃদয়ৰ গভীৰতম প্ৰদেশৰ পৰা উজাই আহিল সেই প্ৰাচীন হাঁহাকাৰ আৰু যন্ত্ৰণা ৷

আজিৰ দিনটোতে, পাঁচবছৰৰ আগতে আজিৰ দিনটোতে এইবাটত খোজ দিছিল তাই৷

বিদ্যুতৰ সৈতে একেলগে৷

তাই নিজে এই বাট সৃষ্টি কৰি লোৱা নাছিল৷ মধ্যবিত্ত অসমীয়া ঘৰখনত সেই অধিকাৰ তাই পোৱা নাছিল ৷ কাৰণ, যিকোনো মধ্যবিত্ত পৰিয়ালৰ দৰেই সিহঁতৰ ঘৰতো যেন তাইৰ সুখৰ সংজ্ঞা ঠিক কৰি দিছিল সমাজখনে, সমাজে থিৰ কৰি দিয়া মূল্যবোধে৷ সেই অভিধা মতেই বিদ্যুতৰ সৈতে তাইৰ বিয়াখন ঠিক হৈছিল৷ এন আৰ আই জোঁৱাই পাই তুলিকাৰ মাক দেউতাকে কপাল ফুলা যেন অনুভৱ কৰিছিল৷ সম্পৰ্কীয় মানুহবোৰে কিছু ঈৰ্ষা, কিছু বিস্ময়েৰে কৈ উঠিছিল, কি সৌভাগ্য তুলিকাৰ! বিয়াৰ পিছত লণ্ডনৰ দৰে এখন মহানগৰীত জীৱন আৰম্ভ কৰিব৷

তুলিকাই কি বিচাৰে, কি নিবিচাৰে সেয়া লৈ কোনো ব্যতিব্যস্ত হোৱা নাছিল৷ হয়তো তুলিকা নিজেও৷

পাঁচবছৰৰ আগৰ আজিৰ দিনটোতে তাইৰ জীৱনৰ গতিপথ সলনি হৈ গৈছিল চিৰদিনৰ বাবে৷ পৰিয়ালৰ সকলোৰে দৰে তায়ো সপোন দেখিছিল, বিদেশৰ মাটিত এখন সুখী সংসাৰৰ, এটা প্ৰশান্তিময় জীৱনৰ৷ কিন্তু কোনেও জনা নাছিল, কি সাঁচি থৈছে অনাগত সময়ে৷ কিমান কেঁকুৰি, কিমান উজুটি গঢ়ি থৈছে সেই সপোনে৷

জনাৰ উপায় নাছিল৷

এজাক কিনকিনিয়া বৰষুণ আৰম্ভ হ’ল৷ বৰষুণৰ টোপালবোৰে আৰ্ণ নৈৰ ঢৌৰ সৈতে খেলা কৰিবলৈ আৰম্ভ কৰিলে৷ অনিচ্ছা স্বত্বেও তুলিকাই ঘৰমুৱা খোজ দিলে৷

বৰ অকলশৰীয়া, বৰ অসহায় যেন অনুভৱ হ’ল তাইৰ৷ লণ্ডন এৰি অহাৰে পৰা কেৱল আছমাৰ সৈতেই তাই কথা পাতিছে৷ ব্যস্ততাৰ অজুহাত দেখুৱাই যিমান পাৰি আঁতৰি ফুৰিছে সুদুৰ অসমৰ পৰিয়ালৰ মানুহবোৰৰ পৰা, মাক-দেউতাক আৰু ভায়েকৰ পৰা, সকলোৰে অনাহুত প্ৰশ্নবোৰৰ পৰা৷

কাক ক’ব তাই? কোনে বুজিব? বাহিৰৰ কঠিন খোলাটোৰ ভিতৰত কুঁচিমুঁচি হৈ যন্ত্ৰণাত হাঁহাকাৰ কৰা তাইৰ হৃদয়খন কেনেকৈ সামৰি ল’ব! তাই যেন অবিৰাম যুঁজিছে নতুন পৃথিৱীত এক নতুন আৰম্ভণিৰ বাবে। কিন্তু হৃদয়ত নিৰলে নিগৰি নিগৰি তেজ বিৰিঙিছে- সপোন হেৰুওৱাৰ বেদনাত, নিজকে পাহৰাৰ আশংকাত!

এপাৰ্টমেন্টৰ দুৱাৰ খোলেগৈ মানে তুলিকাৰ দুচকু ভৰি আহিল৷ উজাই আহিল তাইৰ হৃদয়ৰ চুকে-কোণে গোট মাৰি ৰোৱা অপাৰ শোকৰ জোৱাৰ৷ এটা সময়ত সেই শোকৰ নৈত জিলমিলকৈ ভাঁহি উঠিল এখন চিৰ চেনেহী মুখ৷ যি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰাও নিমাতে নিজানে প্ৰশান্তিৰ নিজৰা বোৱাব পাৰে৷ তাইৰ শোকাকূল আকাশখন মমতাৰ আচলেৰে আৱৰি পেলাব পাৰে।

সিদিনা বহুদিনৰ মূৰত স্কাইপৰ পৰ্দাত তুলিকাই চাই ৰ’ল সেই আজন্ম চিনাকি মুখখনলৈ৷ আপোন মাকজনীৰ বিষাদগধুৰ দুচকু দেখি বিগলিত হৈ পৰিল তাইৰ হৃদয়৷ একো নক’লেও যেন মাকে সকলো বুজিছে। দুখী হৈ পৰিছে তাইৰ দুখত। সদায়ৰ দৰে আগবঢ়াই দিছে তেওঁৰ কৰুণাময় কোলা, এসাগৰ নিস্বাৰ্থ ভালপোৱা৷

সেই মৰম আৰু আদৰৰ সন্মুখত তুলিকা গলি গলি যেন মাটি হৈ গ’ল৷ ইপাৰ সিপাৰ একাকাৰ কৰি নামি আহিল চকুপানীৰ ঢল৷

অতদিনে সকলো ধুমুহা আঁৰ কৰি অহৰহ মাকক কৈ অহা ’সকলো ঠিকে আছে’ বোলা কথাষাৰ যেন উটি ভাহি গ’ল সেই ধলত৷

আজি অভিনয়ৰ থল নাথাকিল, শক্তি নাথাকিল তুলিকাৰ মাজত৷ মাকে একো নোসোধাকৈয়ে আজি পাঁচবছৰৰ অন্তত বাহিৰ হ’ল তুলিকাৰ প্ৰথমটো নিভাঁজ স্বীকাৰোক্তি,

’মই ঠিকে নাই মা, মই ঠিকে নাই!’



Saturday, 20 May 2023

উপন্যাস: ফাৰমানা (তৃতীয় খণ্ড)

‘একেটা বাটতে সদায় কিমান চলাবা? তোমাৰ আপত্তি নাই যদি ব’লা আজি এখন নতুন ঠাইলৈ যাওঁ৷’

কেলামৰ কথাত তুলিকাই সন্মতিসূচকভাৱে মিচিকিয়াই হাঁহিলে আৰু তেওঁৰ ক’লা ফৰ্ড ফ’কাছ গাড়ীখনৰ চালকৰ আসনত বহি লৈ ষ্টীয়েৰিং ঘুৰালে৷ কাষৰ আসনত বহি কেলামৰ দুচকু সতৰ্ক হৈ ৰ’ল হঠাৎ ধৰা দিব পৰা যিকোনো পৰিস্থিতিৰ বাবে৷

তুলিকাৰ ড্ৰাইভিং প্ৰশিক্ষক কেলাম৷ মানুহজন পাহোৱাল চেহেৰাৰ যদিও মাতটো বৰ মিহি৷ প্ৰায় এমাহমান আগতে প্ৰথমবাৰ লগ পাওঁতে তাই সুধিছিল, এই কেলাম নামৰ অৰ্থ কি৷ শান্ত মাতটোৰে তেওঁ কৈছিল, ’গেলিক ভাষাত কেলাম মানে কপৌ চৰাই৷’ সঁচাকৈ মানুহজনৰ শান্ত-সমাহিত ব্যক্তিত্বৰ সৈতে যেন তেনেই খাপখোৱা যেন নামটো৷

ফাৰমানা কাউন্টিৰ শনিবাৰৰ দুপৰীয়া৷ ভাৰতৰ বাহিৰত তুলিকাৰ এইয়াই প্ৰথম গাড়ী চলোৱাৰ অভিজ্ঞতা৷ লণ্ডনত যোৱা দুটা বছৰ নিজে গাড়ী চলোৱাৰ প্ৰয়োজনেই নাছিল৷ তাত আণ্ডাৰগ্ৰাউণ্ড টিউবৰ ওপৰতে সকলো নিৰ্ভৰশীল৷ তাতে চেন্ট্ৰেল লণ্ডনৰ ভিতৰত গাড়ী চলোৱা বা ৰখোৱাৰ খৰচ অতিমাত্ৰা৷

উত্তৰ আয়াৰলেণ্ডৰ এই ফাৰমানা কাউন্টিত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বিশেষ সুবিধা নাই৷ গতিকে নতুন চাকৰিত ইফাল সিফাল কৰিবলৈকে নিজা গাড়ী এখনৰ দৰকাৰ৷ সেয়ে তুলিকাই ইয়াৰ বাট-পথ, ট্ৰেফিক নিয়ম আদিৰ সৈতে পৰিচিত হৈ মুকলি মনেৰে গাড়ী চলাবলৈকে কেলামৰ সৈতে প্ৰশিক্ষণ আৰম্ভ কৰিছে৷

ফাৰমানাৰ বতৰ আজিও অন্য দিনাৰ দৰেই ঘনে ঘনে সলনি হৈছে৷ এই এচমকা উজ্জ্বল ৰ’দ, ক্ষন্তেক পিছতে শুকুলা ডাৱৰৰ সৈতে সুৰুযৰ লুকাভাকু৷ তুলিকাৰ লাইন মেনেজাৰ মাৰ্কৰ মতে, ‘ফাৰমানাত বতৰে কোনোদিনেই দিনটোৰ কাৰণে এটা দৃঢ় সিদ্ধান্ত ল’ব নোৱাৰে৷ ঘনে ঘনে ৰূপ সলাই থাকে৷ সেয়ে বছৰৰ গোটেইবোৰ ঋতু কেতিয়াবা একেটা দিনতে দেখিবলৈ পোৱা যায়৷’ এইষাৰ যে কিমান সঁচা কথা সেয়া যোৱা এমাহতে বুজি উঠিছে তাই৷

দুপৰীয়া যদিও আজি বাট-পথ যথেষ্ট ব্যস্ত৷ উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুয়োখন দেশৰ মাজৰ পূবা-পশ্চিমা সীমাত ফাৰমানা কাউণ্টি। সেই কাউণ্টিৰে মূল নগৰ এই কণমানি এনিছকিলেন ৷ ৰাজনৈতিকভাৱে ব্ৰিটেইনৰ অংশ হ’লেও এই উত্তৰ আয়াৰলেণ্ড সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে পশ্চিমৰ ৰিপাব্লিক অব আয়াৰলেণ্ডৰহে বেছি ঘনিষ্ঠ৷ গতিকে ৰিপাব্লিকৰ ডনীগল, ডাবলিন আদি ঠাইলৈ উত্তৰ আয়াৰলেণ্ডৰ এই নগৰৰ পৰা সঘন আহ-যাহ৷ তাতে ব্ৰেক্সিটৰ অনিশ্চয়তাত পৰি ব্ৰিটেইনৰ পাউণ্ডৰ মূল্য কমি গৈছে৷ গতিকে শনি-দেওবাৰে ৰিপাব্লিকৰ মানুহৰ গাড়ীৰ লানি লাগে এনিছকিলেনৰ বাটে পথে৷ সকলোৰে উদেশ্য ৰিপাব্লিকৰ ইউৰ’ মুদ্ৰাৰ বিনিময়ত সস্তাতে এনিছকিলেনত পাউণ্ডত বজাৰ কৰি নিয়া।

ভিৰৰ মাজেৰে গাড়ীখন লাহে লাহে আগবঢ়া বাবেই কিজানি কেলামে কৈ উঠিল, ‘গিভ হাৰ এ ৱেলী তুলিকা!’

তেওঁৰ কথা শুনি তুলিকাৰ মুখত এটা মিচিকিয়া হাঁহি বিৰিঙি উঠিল৷ এতিয়া বুজিলেও প্ৰথমদিনা প্ৰশিক্ষণৰ সময়ত কেলামৰ এই কথাষাৰতে তাইৰ খেলিমেলি লাগি গৈছিল৷ কেইবাবাৰো কেলামে আকৌ একেষাৰ কথাকে দোহৰা দেখি তাই কৈছিল,

’কেলাম, আপুনি কি কৈছে মই একো বুজা নাই৷’

ক্ষন্তেকৰ বাবে কথাটো টং কৰি কেলামে হো-হোৱাই হাঁহি উঠিছিল সেইদিনা৷

’অহ, তুমি নুবুজিবাইতো! এয়া আমাৰ আইৰিছ কথাৰ ঢং বুজিছা৷ মই ক’ব খুজিছিলোঁ এক্সিলেটৰত জোৰ দিয়া বা খৰকৈ চলোৱা৷ ৱেলী মানে ৱেলিংটন বুট৷ আইৰিছ খেতিয়কে সকলো ধৰণৰ খেতিৰ কাম ৱেলিংটন বুট পিন্ধি কৰে৷ গতিকে কিবা এটাত জোৰ দিয়া বুজাবলৈ আমি এনেকৈ কওঁ৷’ কথাষাৰ বুজি তুলিকায়ো তেওঁৰ হাঁহিত যোগ দিছিল৷ যোৱা এমাহতে তাই সেই আইৰিছ কথাৰ ঢংবোৰৰ লগত লাহে লাহে চিনাকি হ’বলৈ লৈছে৷

কেলামৰ কথামতেই এনিছকিলেন নগৰৰ মূলপথ এৰি তুলিকা এইবাৰ কেকুঁৰি এটাৰে ঘুৰিল৷ গাড়ী চলোৱাৰ মাজে মাজে টোপনিৰ আবেশ এটাই তাইক আমনি কৰি থাকিল৷ যোৱা কেইমাহৰ বহু উজাগৰী নিশাৰ দৰেই যোৱানিশাও হাহাঁকাৰবোৰে তাইক চকুৰ টিপকে পৰিবলৈ নিদিলে৷

কাঢ়াকৈ কফি একাপ খোৱাৰ তীব্ৰ ইচ্ছা এটা জাগিল তাইৰ৷ ধোঁৱাই থকা একাপ কফিৰ আকাংক্ষা, আগনিশাৰ ক্লান্তি আৰু বিষন্নতাৰ ঢৌ সকলো একাষৰীয়া কৰি এতিয়া তাই মন দিয়াৰ চেষ্টা কৰিলে মাথোঁ এইমুহূৰ্তৰ গতিশীলতাত৷ যেন অলেখ-অসংখ্য এনে মুহূৰ্তৰ সমষ্টি জীৱনটো তাই এটা এটা মুহূৰ্তৰ হিচাপতহে জীয়াই থকাৰ কথা ভাৱিব পাৰে৷ দিন, মাহ বা বছৰৰ দীঘলীয়া হিচাপবোৰে কঢ়িয়াই অনা যন্ত্ৰণাৰ বোজা যেন বৰ দুৰ্বিসহ হৈ পৰিছে তাইৰ বাবে৷ এতিয়া অহৰহ তাইৰ পলোৱাৰ চেষ্টা- সেই সময় আৰু যন্ত্ৰণাৰ পৰা৷

ফাৰমানালৈ অহাৰ দিন ধৰি তাই মাথোঁ চেষ্টা চলাইছে মৰুভূমি হৈ পৰা হৃদয়ৰ হাহাঁকাৰবোৰ নতুন ঠাইৰ নতুন কামৰ ব্যস্ততাৰে আওকাণ কৰিবলৈ৷ সেয়ে পুৱাৰ পৰা সন্ধিয়ালৈ তাই নিজকে বন্দী কৰি পেলাইছে সাংঘাতিক এক অভিনয়ৰ ছন্দত ৷ শূন্যতাৰ গহ্বৰত দিকবিদিক হেৰুৱা জীৱনৰ বাস্তৱিকতাক লুকুৱাই নতুন আৰম্ভণিৰ উচ্ছলতাৰ এক নিখুঁত অভিনয়৷

হঠাৎ সিহঁতৰ গাড়ীখন পিছ পিলাই তীব্ৰ গতিৰে এখন গাড়ী পাৰ হৈ গ’ল৷ কেলাম আৰু তুলিকা দুয়ো চক খাই উঠিল৷ ইয়াত প্ৰায়বোৰ ড্ৰাইভাৰেই তীব্ৰগতিত গাড়ী চলায়৷ তাতে ইয়াত গাড়ীৰ আইনগত গতিসীমাও ইটোৰ পৰা সিটো বাটলৈ সঘনাই সলনি হয়৷ গতিকে অন্যৰ তুলনাত লাহেকৈ গাড়ী চলোৱাটোহ কেতিয়াবা বিপদজনক হৈ পৰে৷ পিছে এনে ধুমকেতুৰ গতিওতো যথেষ্ট বিপদজনক!

তুলিকাৰ সন্ত্ৰস্ত মুখখন চাই কেলামে হো-হোৱাই হাঁহি উঠিল৷
‘ইউ ৱিল বি ফাইন, ড’ন্ট ৱৰি!’

কেলামৰ সেই এষাৰ কথা যেন বাৰে বাৰে প্ৰতিধ্বনিত্ব হ’ল তুলিকাৰ হৃদয়ৰ গভীৰলৈকে৷ থাকিবনে? সঁচাই ঠিকে থাকিবনে তাই? এইষাৰ কথাকে যে তাই নিজৰ হৃদয়ৰ পৰা শুনা পাবলৈ আকুল হৈ বাট চাইছে৷ বিদ্যুতৰ সৈতে এখন সুখৰ সংসাৰ, এটা প্ৰশান্তিময় জীৱনৰ সপোন আৰু আশা সকলো শেষ যোৱাৰ পিছত তাই কেনেকৈ নিজকে কয়,

’ইউ ৱিল বি ফাইন। তুমি ঠিকে থাকিবা৷’

সেই মৰুভূমি হৈ পৰা হৃদয়ৰ আকাশত কেনেকৈ আকৌ শুকুলা ডাৱৰে খেলা কৰিব? বৰষুণৰ ৰিমঝিম শব্দই কেনেকৈ সেউজ কৰিব মৰুভূমিৰ ৰুক্ষ বুকু? আদবাটতে শেষ হৈ যোৱা এই জীৱনৰ কেঁকুৰিটো ঘুৰিলেই কেনেকৈ দেখা দিব এটা নতুন বাটে?

‘তুলিকা, এইবাৰ বাওঁফালে ঘুৰিবা দেই!’ কেলামৰ কোমল মাতটোৱে তাইৰ সম্বিত ঘুৰাই আনিলে৷

নিজকে আকৌ এবাৰ সোঁৱৰালে তাই৷ এই মুহূৰ্ত- মাথোঁ এই মুহূৰ্তটোত মনোযোগ দিয়াৰ চেষ্টা আকৌ৷ খুউব মনোযোগেৰে এইবাৰ তাই বাটৰ দুয়োকাষৰ ভিন্নৰঙী সংকেতবোৰ, ইংৰাজী আৰু গেলিক ভাষাৰ আখৰবোৰ চাই গ’ল৷

‘অহ তোমাক ক’বলৈকে থাকি গৈছে, গাড়ী এখনৰ খৱৰ পাইছোঁ৷’ কেলামে যেন তাইৰ অন্যমনস্ক ভাৱটো লক্ষ্য কৰিয়ে বাস্তৱলৈ ঘুৰাই আনিবলৈ কথা উলিয়ালে৷

‘অঁ হয় নেকি? কি গাড়ী? সময় মিলিলে সোনকালেই এখন ল’ব বিচাৰো বুজিছে৷’ খৱৰটো পাই তুলিকাৰ কৌতুহল আৰু উৎসাহ জাগিল৷

কেলামে হয়ভৰ দিলে৷ তেওঁ দায়িত্ব লৈছে তুলিকাৰ বাবে এখন গাড়ী বিচাৰি-খুঁচৰি উলিওৱাৰ৷ তাইক নিজাকৈ গাড়ী এখনৰ খুউব প্ৰয়োজন৷ সহকৰ্মীসকলৰ উপদেশমতে অনলাইন গামট্ৰীৰ পৰা আৰম্ভ কৰি ফাৰমানাৰ ওচৰে পাজৰে থকা ডিলাৰ বোৰতো গাড়ীৰ খৱৰ কৰিবলৈ তাই বাকী ৰখা নাই৷ কিন্তু দামে-দৰে মনৰ পছন্দৰ গাড়ী এখন পোৱা নাই এতিয়ালৈকে৷

‘খা-খৱৰ কৰি জনাম তোমাক৷ অহা সপ্তাহতে গাড়ীখনৰ মালিকৰ লগত কথা পতাৰ চেষ্টা কৰিম বাৰু৷ কাইলৈ দেওবাৰ যেতিয়া সময় নিমিলিব৷ জানাই নহয়, মোৰ মানুহজনীয়ে দেওবাৰে মই কাম কৰাটো পছন্দ নকৰে৷’

জানে তাই৷ লগ পোৱা নাই যদিও কেলামৰ মুখত বহুবাৰ শুনিছে তেওঁৰ পত্নী অ’ৰলাৰ নাম৷

অ’ৰলাই দেওবাৰৰ দিনটো কেলাম ঘৰত থকাটো বিচাৰে৷ কেলামৰ কামৰ পৰা উভতা পলম হ’লে অ’ৰলাই খং কৰে৷ নাতি-নাতিনীহঁতৰ সৈতে নৈৰ পাৰত বৰশী টোপাই থাকি ৰাতিৰ সাঁজ খোৱাৰ কথা পাহৰিলে অ’ৰলাৰ ঠেহ লাগে৷

কেলামৰ কথাৰ পৰা তাই ধাৰণা কৰি লৈছে, কেলামে অ’ৰলাক যিমান ভাল পায়, সিমান সমীহো কৰি চলে৷ বৰ পৰিয়ালকেন্দ্ৰিক মানুহ এই কেলাম৷ অ’ৰলা আৰু পো-বোৱাৰী, নাতি-নাতিনীৰ সৈতে এখন ভৰা সংসাৰ৷

সিহঁত যিমানেই আইৰিছ কান্ট্ৰিছাইডৰ মাজলৈ সোমাই গ’ল সিমানেই বাটটো ঠেক হৈ গৈ থাকিল৷ তুলিকাৰ চকুত পৰিল বাটৰ কাষতে এখন সৰু চাইনবৰ্ড, টেম্প’ ৰ’ড৷ কেৱল সৰু গাড়ী এখন কোনোমতে যাব পৰা বাট। গতিকে সিমূৰৰ পৰা অহা গাড়ীক বাট এৰি দিব পৰাকৈ ঠায়ে ঠায়ে অকণমান বহল ঠাইবোৰ৷ হেলনীয়া বাটটোত ওপৰলৈ উঠি যাওঁতে সিমূৰৰ পৰা কিবা গাড়ী আহিছে নেকি ভালদৰে নেদেখি বাবে কেলামে সন্মুখলৈ তীক্ষ্ণ দৃষ্টি দি গ’ল৷ কোনেও পৰাপক্ষত ইয়াত হৰ্ণ নবজায়৷ হৰ্ণ বজোৱাতো শিষ্টাচাৰৰ বাহিৰত বুলি সকলোৱে গণ্য কৰে। গতিকে নিজেই সাৱধান হৈ নচলালে ঘপকৈ অন্য গাড়ীৰ সন্মুখতে ওলোৱাৰ সম্ভাৱনা৷

সিমূৰৰ পৰা সঁচাকৈয়ে ঘপকৈ এখন গাড়ী ওলালহি৷ ইটো সিটো কথা কৈ যোৱাৰ মাজতে অভ্যাসবশত: কেলামৰ ভৰি দুখনে তাইতকৈ আগতেই ব্ৰেক ডবাবলৈ সষ্টম হৈ উঠিল যেন। তাকে মন কৰি তুলিকাই হাঁহি পেলালে। কিন্তু তাই ঠিক সময়তে গাড়ীখনৰ গতি লেহেম কৰি সাৱধানে বিপৰীত দিশৰ গাড়ীখনক বাট এৰি দিলে৷ শুভ্ৰ গাড়ীখনৰ আগৰ পৰা পিছলৈকে এক উজ্জ্বল হালধীয়া ডাঠ সৰলৰেখা৷ গাড়ীৰ সন্মুখ আৰু কাষ দুটাতো জিলিকি উঠিল বৰ বৰ হৰফেৰে লিখা ’GARDA’ শব্দটো৷

‘অস্, পুলিচৰ গাড়ীচোন!’ তুলিকাই অলপ থতমত খাই কৈ উঠিল৷

এই এমাহতে তাই গম পাইছে ফাৰমানাত ট্ৰেফিক নীতি-নিয়ম কঠোৰ। যিকোনো নীতি অমান্য কৰিলেই পুলিছৰ পৰা বৃহৎ জৰিমণাৰ টিকেট পোৱাৰ সম্ভাৱনা৷

‘একো নহয়, চিন্তা নকৰিবা৷ নতুন বা অসাৱধান ড্ৰাইভাৰ বুলি সন্দেহ হ’লে পুলিচে কেতিয়াবা গাড়ী ৰখায়৷ কিন্তু তুমি ভয় কৰিবলগা একো নাই৷ আমাক ৰখাই কিবা সুধিলে ময়ে কৈ দিম, আই এম হেল্পিং দিছ উই গাৰ্ল ট্যু গেট ইউজড ট্যু দ্য আইৰিছ ৰ’ডছ! মই এই সৰু ছোৱালীজনীক আইৰিছ বাট-পথৰ চিনাকি হ’বলৈ সহায় কৰি দিছোঁ।‘

তাই হাঁহি পেলালে৷ কথাই কথাই ইয়াৰ মানুহে উই (wee) শব্দটো ব্যৱহাৰ কৰে৷ অৰ্থাৎ সৰু৷ কিন্তু তাইকো সৰু ছোৱালী হেন বুজাব খোজা দেখি তাই ৰস পালে৷ ইতিমধ্যে পুলিচৰ গাড়ীখন অদৃশ্য হৈ গৈছিল৷ সিহঁতো এটা সৰু টিলাৰ শিখৰ যেন লগা ঠাইখন পালেগৈ৷ সেইখিনিতে কেলামে ক’লে,

‘ইয়াতে অলপ ৰওঁ ব’লা৷’

কথামতেই কাম৷ বাটৰ কাষৰ মুকলি ঠাইখনতে গাড়ীখন ৰখাই দুয়ো নামি আহিল৷ কেলামৰ পিছে পিছে খোজ দি আহি তুলিকাই থিয় দিলেহি টিলাটোৰ শিখৰ যেন লগা এখন ঠাইত৷ কেলামে ক’লে,

‘এই টিলাটোৰ নাম টপ্‌ড মাউন্টেইন৷ মাউন্টেইন নামত যদিও আচলতে সৰু টিলাহে৷ কিন্তু মুকলি বতৰত দূৰৈৰ উজনি আৰু নামনি লখ আৰ্ণৰ লগতে গোটেই ফাৰমানা খনেই দেখিবলৈ পোৱা যায় ইয়াৰ পৰা৷’



তুলিকাই ৰ’ লাগি চালে চাৰিওদিশে৷ তেতিয়ালৈ দুপৰৰ সুৰুয শুকুলা ডাৱৰৰ মাজৰ পৰা ওলাই পৰিছে৷ তাইৰ দুচকুত ধৰা দিলেহি পশ্চিমে ৰ’দত জিলিকি উঠা ফাৰমানাৰ সৰু সৰু টাউনবোৰৰ ঘৰ আৰু সেউজ পথাৰবোৰ৷ পূবদিশে বিশাল লখ আৰ্ণ হ্ৰদৰ নীলিম জলমল পানী। তাৰ মাজে মাজে অলেখ অসংখ্য সৰু-বৰ দ্বীপবোৰ৷ কি অপূৰ্ব!

সেই শিখৰৰ একাষে লাগি থকা বিশাল ফাৰ্মহাউছটো দেখুৱাই কেলামে ক’লে,

‘এই যে ঘৰটো দেখিছা, এইটো মোৰেই ঘৰ আছিল এটা সময়ত!’

‘আপোনাৰ ঘৰ?’ তুলিকা আচৰিত হৈ পৰিল৷

সেই বিশাল ফাৰ্মহাউছৰ চাৰিওফালে এক মুকলি ঘাঁহনি। মাজে মাজে ওখ ৰাছজাতীয় বনৰ জোপোহা৷ বৰ্তমান সকলো অযত্নপালিত। কিন্তু দেখিলেই অনুমান কৰিব পাৰি সেই ঘৰৰ স্বাছন্দ্যৰে ভৰা অতীতৰ ৰূপ!

‘ওঁ, এইটুকুৰা দেউতাৰ মাটি আছিল ৷ মই ডাঙৰ হৈছিলোঁ এইঘৰতে৷ দেউতা ঢুকুৱাৰ পিছত ময়ে ঘৰটো সাঁচতীয়া ধনেৰে মেৰামতি কৰি লৈছিলোঁ ৷ ইয়াত বাৰ বছৰ থাকিলোঁ বুজিছা ৷ ল’ৰা ছোৱালীও ইয়াতে ডাঙৰ কৰিলো৷’

তাইৰ আশ্চৰ্য্য বাঢ়িল৷ সেয়া প্ৰায় আওকাণ কৰিয়ে কেলামে ক’লে,

‘ব’লা বাহিৰৰ পৰাই এনেয়ে চাবা৷ এতিয়া ঘৰটো প্ৰায় পৰিত্যক্ত৷ শুনিছোঁ বৰ্তমানৰ মালিকজন গৰমৰ দিনতহে দুদিনমান কটাবলৈ বেলফাষ্টৰ পৰা আহে৷’

ফাৰমানাৰ প্ৰায়বোৰ ঘৰৰ দৰেই এই ঘৰৰো সীমাত বেঁৰাৰ সলনি হেজৰ লানি। গতিকে সেয়া পাৰ হৈ গৈ ঘৰটোৰ চোতাল পাবলৈ দুয়োৰে বিশেষ একো অসুবিধা নহ’ল৷ কেলামে এফালৰ পৰা তাইক দেখুৱাই গ’ল, দেউতাকে ৰুৱা চোতালৰ বাৰ্চ্চ আৰু হেজেল গছ কেইজোপা, একোণৰ অপতৃণই ছাটি ধৰা কণমানি পুখুৰীটো, ককায়েকহঁতৰ সৈতে মিলি নিজহাতে গঢ়া ঘৰৰ সন্মুখৰ কাঠৰ খটখটিখিনি৷ কেলামৰ চকুত যেন সজীৱ হৈ উঠিল সেই অতীতৰ প্ৰতিখন ৰঙীন ছৱি৷

‘এই যে পুখুৰীটো দেখিছা- তাৰ পাৰতে কাৰলিউ চৰাই এহালে প্ৰতিবছৰে বাহ সাজিছিল৷ আমি প্ৰতিবাৰেই চকু দিছিলোঁ যাতে শিয়ালে পোৱালীবোৰৰ অনিষ্ট কৰিব নোৱাৰে৷’

‘ঘৰৰ কাষৰ সেই পথাৰখনৰ পৰা কনক্ৰেক চৰায়ে পুৱতি নিশা মাতি মাতি আমাক শোৱাৰ পৰা জগাইছিল৷’

‘এই হেজেল গছজোপাৰ তলতে মোৰ ডাঙৰ ছোৱালীজনীৰ বিয়াখন হৈছিল বুজিছা৷ গোটেইবোৰ আলহীৰ কাৰণে জোৱায়ে সেইদিনা গিনিছ বীয়েৰৰ যোগান ধৰিছিল৷’

তুলিকাই নীৰৱে মাথোঁ শুনি গ’ল। আন্তৰিকতাৰে চেষ্টা কৰিলে এসময়ত কেলামৰ পৰিয়ালৰ হাঁহি-কান্দোন সামৰি লোৱা এই ঘৰৰ অতীত প্ৰতিচ্ছৱিখন হৃদয়ত আঁকি লোৱাৰ। এটা সময়ত কেলাম কাঠৰ খটখটীটোতে বহি পৰিল ৷ তেওঁ যেন বৰ অৱশ হৈ পৰিল সেই সোঁৱৰণিৰ ভৰত।

তেওঁৰ কাষতে তুলিকাও কিছুপৰ নীৰৱে বহি ৰ’ল। এটা সময়ত তাই সহানুভূতিৰে সুধিলে,

‘কেতিয়া এৰি গ’ল এই ঘৰ-বাঁৰী?’

কেলামৰ অজানিতেই যেন মুখেৰে এটা হুমুনিয়াহ ওলাল৷

‘ছবছৰেই হ’ল এই ঘৰ এৰা৷ মোৰ পত্নীৰ সৈতে সংসাৰখন নিটিকিল৷ তেওঁ অন্য এজনৰ সৈতে সুখী এতিয়া৷ ময়ো চাকৰিৰ পৰা অৱসৰ ল’লোঁ৷ টকাৰে নটনা হ’ল৷ গতিকে ঘৰ-মাটি বিক্ৰী কৰি দিলো জৰ্ডি পৰিয়াল এটাক৷’

ইংলেণ্ডৰ নিউ কেছলৰ পৰা আহি ইয়াত থিতাপি লোৱা পৰিয়াল হয়তো৷ তাৰ মানুহক ইয়াত সকলোৱে জৰ্ডি বুলি কয়৷

‘তেওঁলোক বেলফাষ্টত থাকে৷ গৰমৰ দিনতহে এইফালে আহে। মাছ ধৰিবলৈ৷ গতিকে বছৰৰ বেছিভাগ দিন ঘৰটো অনাদৰতে পৰি ৰয় বুজিছা৷’

কিবা এক বিষন্নতাই তুলিকাক স্পৰ্শ কৰি গ’ল৷ সোধোঁ নোসোধোঁকৈ তাই কেলামক সুধি পেলালে,

‘তেন্তে এতিয়া?’

‘অঁ, টেম্প’ টাউনত মই অ’ৰলাৰ ঘৰত এতিয়া৷ মোৰ দ্বিতীয় সংসাৰ৷ জানাই নহয়, তাইৰ নাতি-নাতিনীৰে এখন ভৰপুৰ সংসাৰ!’

তাই একো ক’ব নোৱাৰিলে৷ মাথোঁ ভাৱিলে, পাৰিনে এনেকৈ এটা জীৱনৰ পৰা অন্য এটা জীৱনলৈ হাঁকুটি বাই পাৰ হৈ যাব? সঁচাই পাৰি নে ইমান সহজে আপোনত্বৰ ৰং ৰূপ সলাই পেলাবলৈ? সেই অতীতে বাৰে বাৰে হেঁচুকি নধৰিবনে বৰ্তমানক? নিবিচাৰোঁনে আমি কোনোবা আপোন পাৰত নাও চপাই চিৰদিনৰ বাবে এটা ঠিকনা আদৰি ল’বলৈ? য’ৰ পৰা প্ৰতিদিনে উপভোগ কৰিব পাৰোঁ জীৱন নৈৰ উখল-মাখল ঢ়ৌবোৰৰ উঠা নমা, সূৰ্যোদয় আৰু সূৰ্য্যাস্তৰ ৰঙীণ আৱেশ? আশ্চৰ্য্য চকিত হৈ তাই উপলব্ধি কৰিলে, জীৱনৰ গতি বহুসময়ত অৱধাৰিত। সেয়ে কেতিয়াবা এয়াও কিজানি হৈ পৰে জীৱনৰ এক অনিৰ্বায্য কেকুঁৰি৷

এটা সময়ত দুয়ো উভতি আহি গাড়ীত বহিলহি৷ গাড়ীৰ প্ৰশিক্ষণৰ নিৰ্ধাৰিত এটা ঘণ্টা কেতিয়াবাই পাৰ হৈছে। তথাপিও তুলিকা চালকৰ আসনতে বহিলহি৷ গাড়ী চলিবলৈ লোৱাৰ পৰত কেলামে স্বগতোক্তি কৰি ক’লে,

‘ঘৰ সলনি হয়, মানুহ আৰু মানুহৰ সম্পৰ্ক সলনি হয়৷ সেইবুলি জীৱনটো জানো ৰৈ যায় তুলিকা? জীৱন নৈৰ দৰে অবিৰত বৈ গৈ থাকে৷ নহয় জানো?’ কেলামৰ শান্ত মুখখনত এমোকোৰা হাঁহি বিৰিঙিল৷

তুলিকাই একো নকৈ মাথোঁ মিচিকিয়াই হাঁহিলে৷ তাইৰ যেন ক্ষীণ এক ঈৰ্ষা উপজিল এই কেলামলৈ৷ ষাঠি বছৰ বয়সত সকলো এৰি গৈ তেওঁ এটা নতুন জীৱন আৰম্ভ কৰিলে৷ হয়তো এনেকৈয়ে জীৱনে মানুহক নিজেই বাট দেখুৱাই লৈ যায়৷ মাথোঁ সেই বাটটো চিনি পাবলৈ আৰু আদৰি ল’বলৈ আমাক এটা মুক্ত মন লাগে। লাগে বাস্তৱ সত্যক গ্ৰহণ কৰিব পৰাকৈ কিছু সৎ সাহস৷ সেইখিনি অকপট বিচাৰ আৰু নতুনক আদৰি লোৱাৰ সৎসাহস থকালৈকে হয়তো কাকোৱেই জীৱনে নিঠৰুৱা নকৰে ৷

কেলামৰ জীৱন-গাথাঁই যেন তাইৰ জীৱনৰো এটা বিন্দু স্পৰ্শ কৰি গ’ল৷ যিটো কথা কেলামে সহজভাৱে মানি লৈছে বা মানি লোৱাৰ অকৃত্ৰিম চেষ্টা কৰিছে, তায়োতো যোৱা দুমাহে সেই যুঁজকে যুঁজি আহিছে৷

জীৱনৰ সোঁতত নিজকে এৰি দিয়াতো তাইৰ বাবে কিয় ইমান কঠিন হৈ পৰিছে? যি ৰূপেৰে, যি বাটেৰে জীৱনে বাস্তৱত ধৰা দিছেহি সেয়া তাই কিয় গ্ৰহণ কৰিব খোজা নাই? কিয় বাৰে বাৰে তাইৰ সেই প্ৰচেষ্টা মুহূৰ্ততে উটুৱাই নিব খোজে তীব্ৰ হাঁহাকাৰে- জীৱনৰ প্ৰতি এটা প্ৰচণ্ড ক্ষোভে? বাৰে বাৰে তাই জানিবলৈ অকুল হৈ উঠে, এইবোৰে কাহানিবা আমনি কৰিলেনে বিদ্যুতক? ইমান সহজে যে সি আদৰি ল’লে এটা নতুন জীৱন আৰু নতুন সম্পৰ্ক৷

নাজানে তুলিকাই- জনাৰ সকলো বাট তাই বন্ধ কৰি আহিল৷ সেই ধুমুহাজাকৰ পিছত বিদ্যুৎ বা দুয়োখন ঘৰৰ সৈতে বিছিন্ন হৈ ৰৈছে তাই৷ যেন এই অসহনীয় সত্যক অস্বীকাৰ কৰিলেই সকলো কেৱল দুস্বপ্ন হৈ ৰ’ৱ। সকলো একাষে থৈ যন্ত্ৰবৎ গতিৰে জীৱনটো চলাই নিব পাৰিব তাই৷

সেইনিশা পুনৰ বহু পৰলৈকে তুলিকাৰ চকুৰ পতা জাপ নাখালে৷ কিন্তু অন্যদিনাৰ দৰে সেই নিশা তাই কেৱল শূন্যতাৰ গহ্বৰত ডুবি নপৰিল। তাৰ সলনি সেইনিশা তাই কাণপাতি শুনাৰ চেষ্টা কৰিলে অতদিনে আওকাণ কৰি অহা হৃদয়ৰ ভাষা৷ বহুপৰলৈকে সেই একেই আস্ফালনত ক্ষতবিক্ষত হৈ পৰি ৰ’ল তাই।

‘মই আৰু একো লুকুৱাব নোখোজো৷ তুমি কি বিচাৰা নিজেই ঠিক কৰিবা৷’

ৰৈ ৰৈ যন্ত্ৰণাৰ উকি মাৰি ভাঁহি থাকিল সেই প্ৰতিধ্বনি,

‘তুমি কি বিচাৰা নিজেই ঠিক কৰিবা৷’

‘তুমি কি বিচাৰা নিজেই ঠিক কৰিবা৷’

পুৱতি নিশালৈ চিলমিল টোপনিৰ মাজতে বহু দূৰৈৰ পৰা ৰিৰিয়াই অহাদি ভাঁহি আহিল এটা হেঁপাহ। তুলিকাৰ হৃদয়ৰ নিভৃত কোণত উচুপি উঠিল জীয়াই উঠাৰ এক অদম্য হেঁপাহ! পলোৱাৰ সলনি জীৱনৰ সৈতে, নিজৰ সৈতে মুখামুখি হোৱাৰ এক তুমুল সাহস৷

যোৱা দুমাহে আছমাৰ ফোনকলে ৰিঙিয়াই ৰিঙিয়াই নীৰৱ হৈ যোৱাৰ পিছত পিছদিনা তুলিকাই নিজেই সেই দুৱাৰত টুকুৰিয়ালেগৈ৷ ফোনৰ দুয়োপাৰে যন্ত্ৰণাদগ্ধ দুয়োগৰাকী নাৰীৰ চকুপানীয়ে সকলো আবেগ ধুই নিলে। সকলো কালিমা আঁতৰাই যেন প্ৰতিভাত কৰি তুলিলে বন্ধুত্বৰ এনাজৰী৷

কঁপা কঁপা কন্ঠেৰে আছমাই ক’লে,

‘মই সকলো গম পাইছোঁ তুলিকা! সকলো! বিশ্বাস কৰা এইবোৰৰ একো ভূ-ভাই পোৱা নাছিলোঁ অতদিনে৷’

প্ৰথমবাৰৰ বাবে তুলিকা যেন সেই নিষ্ঠুৰ সত্যৰ মুখামুখি হ’ল৷ মুখামুখি হ’ল সেই হেৰুৱা সপোনৰ ৷ তাইৰ সৰ্বশৰীৰ জ্বলি জ্বলি গলি নিশেষ হোৱা মম এডাল হ’ব খুজিলে৷ হৃদয়ে সেই কৰাঘাতৰ তীব্ৰতাত শিল হৈ পৰিব খুজিলে৷ কিন্তু সকলো সহি-সামৰিও তাই ফোনৰ এইপাৰে স্থিৰ হৈ ৰ’ল৷ কাৰণ তাই উপলব্ধি কৰিলে, এই সত্যৰ মুখামুখি হৈহে তাইৰ প্ৰকৃত সংগ্ৰাম আৰম্ভ হ’ব৷ বাস্তৱৰ পৰা পলাই ফুৰালৈকে তাই মাথোঁ হৈ ৰ’ৱ অদৃষ্টৰ হাতৰ এক ৰছী টনা পুতলা৷ কষ্টকৰ- বহুত কষ্টকৰ হ’লেও, সকলো শেষ হৈ যোৱা যেন লাগিলেও পুনৰ এই বিন্দুৰ পৰাই তাই জীৱন আৰম্ভ কৰিব লাগিব৷ আৰু সেই জীৱনত আছমাৰ বন্ধুত্বৰ প্ৰয়োজন বহু বেছি; সেই সহমৰ্মিতাৰ গভীৰতা বহু বেছি!

Thursday, 18 May 2023

উপন্যাস: ফাৰমানা (দ্বিতীয় খণ্ড)

গাড়ীৰ দীঘলীয়া লানিটোৰ কাষেৰে গৈ তুলিকাই অপ্ৰস্তুত ভাৱে মূলপথৰ ক্ৰছিঙৰ শুভ্ৰ আঁচকেইডাল পাৰ হ’ল৷ তাইৰ কাষেৰে অগা-পিছাকৈ পাৰ হৈ গ’ল এগৰাকী সত্তৰোৰ্ধৰ মহিলা, কুকুৰ এটাৰ সৈতে এজন আদহীয়া ব্যক্তি আৰু স্কুলৰ ইউনিফৰ্ম পৰিহিত দুটি কিশোৰ৷ সম্পূৰ্ণ অচিনাকি যদিও প্ৰত্যেকেই তাইলৈ চাই সৌজন্যসূচকভাৱে মাত লগালে, ‘গুড মৰ্ণিং!’

এনিছকিলেন টাউনৰ এটা সচৰাচৰ আইৰিছ ৰাতিপুৱা৷ অভিমানত উথলি উঠা এটা শিশুৰ দৰে আকাশৰ আজি ওন্দোলোৱা মুখ৷ এই যেন টপ্ টপ্ কৈ বৰষুণৰ টোপাল হৈ চকুলো সৰিব। কিন্তু মানুহবোৰৰ যেন বতৰলৈ বিশেষ ভ্ৰক্ষেপ নাই৷ স্কুল-চাকৰিৰ ব্যস্ত সময় বাবে মূলপথটোত গাড়ীৰ লানি লাগিছে৷ গাড়ীৰ ভিতৰত কোনোবা ডেকাই এমুখ অস্থিৰতা লৈ অচল হৈ ৰোৱা সন্মুখৰ গাড়ীবোৰলৈ ভূমুকিয়াই চাইছে; কোনোবা দেউতাকে পিছৰ আসনত বহি থকা শিশুটিক ইটো সিটো কথা কৈ ওমলাবলৈ চেষ্টা কৰিছে; কোনোবা এখনত এগৰাকী নাৰীয়ে আলষ্টাৰ ৰেডিঅ’ত ভাঁহি অহা প্ৰিয় গানটোতে সুৰত সুৰ মিলাইছে৷ এটা নতুন দিনক আদৰাৰ বাবেই যেন সকলো ব্যতিব্যস্ত হৈ পৰিছে৷

দহমিনিটমানৰ ভিতৰতে তুলিকা থিয় দিলেগৈ বিশাল গেইট এখনৰ সন্মুখত৷ ‘ৱাটাৰৱেইজ আয়াৰলেণ্ড’- ফাৰমানা কাউণ্টিৰ কণমানি নগৰ এই এনিছকিলেনৰ পৰম্পৰাগত আৰ্হিৰ ঘৰবোৰৰ লগত খাপ নোখোৱা এটা বিশাল আধুনিক অট্টালিকা৷ অট্টালিকাটোৰ বাওঁফালে নিচেই কাষেৰে বৈ গৈছে আৰ্ণ নৈখন৷ নৈৰ পাৰত এফালে শাৰী শাৰী অ’ক গছ আৰু আনফালে ওখ ঝাওবনজাতীয় বননি এখন। এটা মনোৰম চৌহদ৷ গুগুলমেপে তাইক জনালে, এয়াই তাইৰ নতুন কৰ্মস্থলী৷

তাইৰ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে এটা শিহৰণ বৈ গ’ল! ৰিচেপশ্যনত থিয় দি তাই চুটি ফিৰফিৰীয়া চুলিখিনিত হাত বুলাই শান্ত কৰি ল’লে৷ জানুৱাৰীৰ শীতৰ সৈতে অহৰহ যুঁজি থকা উমাল কোটটো আৰু ঊলৰ স্কাৰ্ফখন খুলি লৈ চাৰ্ট আৰু জিনছটোও এনেয়ে ঠিকঠাক কৰি ল’লে৷ ৰিচেপশ্যন ডেস্কত তাইৰ বয়সৰে যুৱতী এগৰাকী৷ তেওঁৰ পিন্ধনত পাতল হালধীয়া এটা টেংক টপৰ ওপৰত এটা ক’লা কাৰ্ডিগান আৰু মুগাবৰণীয়া পেন্সিল স্কাৰ্ট। তুলিকাক দেখি তেওঁৰ কীবৰ্ডত ব্যস্ত হাত দুখন থমকি ৰ’ল। কম্পিউটাৰ স্ক্ৰীণত আবদ্ধ দুচকু তুলি তেওঁ মিচিকিয়া হাঁহি এটা লৈ আগবাঢ়ি আহিল৷

‘গুড মৰ্ণিং! মই কেথেৰিন৷ কওকচোন, আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?’ তেওঁ ইংৰাজীতে ক’লে। কথাষাৰত আইৰিছ সুৰ স্পষ্ট।

তুলিকায়ো অলপকৈ হাঁহি মাত দিলে,
‘গুড মৰ্ণিং! মোৰ নাম তুলিকা৷ মই নেচাৰ আয়াৰলেণ্ডৰ মাৰ্ক ৰ’বছনক লগ পাব খুঁজিছোঁ৷’

কেথেৰিনে যেন তাইৰ কাৰণেই বাট চাই আছিল তেনে এটা ভাৱেৰে সুধিলে,
‘অঁ আপুনিয়েই নেচাৰৰ নতুন কনজাৰভেশ্যন অফিচাৰ?’

‘হয়, অফিচত আজি মোৰ প্ৰথম দিন৷’

কথাষাৰ শুনিয়েই কেথেৰিনে উচ্ছল হাঁহিৰে কৈ উঠিল,

‘আচলতে আজি মোৰো প্ৰথম দিন! কিন্তু আপুনি আহিব বুলি এই অলপ আগতে খৱৰ পাইছোঁ৷ ৰ’ৱ, এতিয়াই নেচাৰৰ অফিচত খৱৰ দিছোঁ।’

নিমিষতে দুয়ো যেন কিবা এটা সংযোগ অনুভৱ কৰিলে৷ চাকৰিত প্ৰথম দিনৰ অনিশ্চয়তা আৰু উত্তেজনাৰে উখল-মাখল হৈ থকা দুখন হৃদয়ৰ আন্তৰিক সংযোগ! মনৰ অস্বস্তিখিনি যথেষ্ট আঁতৰি যোৱা যেন ভাৱ হ’ল তুলিকাৰ৷

কেইমিনিটমানৰ পিছতে ধীৰ খোজেৰে এজন ব্যক্তি সোমাই আহিল ৷ বয়স হয়তো পঞ্চাছৰ ঘৰত। চকুত লগাকৈ ওখ, অবিন্যস্ত কেকুঁৰা চুলি আৰু প্ৰশান্তিভৰা এখন মুখ৷ আগতে কেইবাবাৰো স্কাইপৰ আলোচনাত দেখা পোৱা সেই মুখখন তুলিকাই চিনি পালে৷ মাথোঁ তেওঁ ইমান ওখ-পাখ বুলিহে যেন ধাৰণা কৰা নাছিল৷

‘হেল্ল’! তুমি তুলিকা নহয়নে?’ তুলিকাই হাঁহিভৰা মুখেৰে হয়ভৰ দি আগবাঢ়ি আহিল৷ তেন্তে এৱেঁ মাৰ্ক, তাইৰ লাইন মেনেজাৰ৷

মাৰ্কে তাইক মূল অফিচ কোঠাটোলৈ আগবঢ়াই নি সকলোৰে লগত চিনাকি কৰাই দিলে৷ হাউছপ্লেণ্টৰ সৰু-বৰ টাবেৰে আৱৰি থকা টেবুলখনৰ পৰা মূৰ তুলি সম্ভাষণ জনালে লখ আৰ্ণ ৰিজাৰ্ভৰ ৱাৰ্ডেন লিছাই৷ প্ৰজেক্ট মেনেজাৰ ফিয়না আৰু সহকাৰী ৱাৰ্ডেন ডেৰেনে কফিৰ ফিল্টাৰটো লৈ অফিচ কোঠাত সোমাইছিলহি৷ দুয়ো তাইৰ সৈতে কৰমৰ্দন কৰিলে৷ মাৰ্কে দেখুৱাই দিয়া তাইৰ টেবুলখনত অফিচ বেগটো থৈ তুলিকা বহি পৰিল৷ কোঠাটোত তাইৰ বিপৰীতে থকা টেবুলখনৰ পৰা ফিয়নাই উৎসাহেৰে মাত দিলে,

‘ৱেলকাম ট্যু ফাৰমানা৷ ইয়াত থাকি আৰু কাম কৰি তুমি সঁচাই ভাল পাবা, চাবা!’

তুলিকাই মুৰ দুপিয়াই হাঁহিলে মাথোঁ৷ মনতে ভাৱিলে, সঁচাকৈয়ে এইখন দেশে আপোন কৰি ল’বনে তাইক? বিদেশী বন্ধু বুলি দুয়ো হাত মেলি আকোঁৱালি ল’বনে? তাইকযে এই সাৰথিৰ খুবেই প্ৰয়োজন! শূন্যৰ পৰা আকৌ নতুনকৈ জীৱন-বৃত্ত আৰম্ভ কৰিবলৈ- ছন্দ হেৰাই যোৱা কবিতা এটা নতুনকৈ ৰচিবলৈ!

‘এইখনেই আজিৰ পৰা তোমাৰ কামৰ ঠাই৷’- মাৰ্কৰ মাতত তাইৰ তন্ময়তা ভাঙিল৷ তেওঁৰ দৃষ্টি অনুসৰণ কৰি তাই চাই পঠিয়ালে দেৱালত বন্ধাই থোৱা সুবিশাল লেণ্ডষ্কেপ ফটোখনলৈ৷

এখন সেউজীয়া ঘাঁহনি পথাৰ৷ একাষে কেইটামান গৰুৱে আপোনমনে ঘাঁহ খোৱাত লাগিছে৷ সুদূৰত অকোঁৱা পকোৱাকৈ বাট বুলা এখন নদীৰ চপচপীয়া পানী আৰু দিগন্তত মিলি যোৱা গাঢ় নীলা শাৰী শাৰী পাহাৰবোৰ৷ ঠিক যেন সৰুতে সিহঁতে স্কুলত অঁকা প্ৰাকৃতিক দৃশ্যৰ ছৱিবোৰৰ এখন!

‘কি সুন্দৰ!’ তাই কৈ উঠিল৷

মাৰ্কে হাঁহি মাৰি ক’লে, ‘আজি ওলাবা৷ ফিল্ডৱৰ্কৰ দুখনমান ঠাই তোমাক দেখুৱাম৷’

হেল্থ এণ্ড চেফটিৰ পৰা পেনছনলৈকে বহুখিনি আনুষ্ঠিনকতা সামৰি এটা সময়ত দুয়ো সঁচাই ওলাই আহিল৷ মাৰ্কে তেওঁৰ ক’লা ট’য়টা গাড়ীখন পাৰ্কিং লটৰ পৰা উলিয়াই আনি তাইৰ সন্মুখত ৰ’লহি৷ অপ্ৰস্তুত হাঁহি এটাৰে তেওঁ চালকৰ আসনৰ পৰা নামি আহি কাষৰ আসনৰ পৰা গামবুট এযোৰ আৰু টেলিস্কোপটো পিছৰ আসনত থ’লে৷ দুৱাৰখন তাইলৈ বুলি খুলি দি তেওঁ কৈ উঠিল,

‘ফিল্ডৰ সা-সৰঞ্জাম লৈয়ে ফুৰা হয় যে, সেয়ে গাড়ীৰ ভিতৰৰ অৱস্থা এয়া!’

তুলিকাই একো নকৈ মাথোঁ লাহেকৈ হাঁহি মাৰ্কৰ কাষৰ আসনত বহি পৰিল৷ বহিয়েই তাইৰ চকুত পৰিল মাৰ্কৰ গাড়ীত ওলমি ৰোৱা সৰু ঘনকটোত৷ বিভিন্ন ৰূপত এটি শিশুৰ ছৱি ঘনকৰ প্ৰতিখন পৃষ্ঠতে৷ কণমান কেঁচুৱাৰ পৰা সেউজ ঘাঁহনিত থৰক বৰক খোজ পেলোৱা নীলিম দুচকু আৰু নিৰ্মল হাঁহিৰে এজনী কণমানি ছোৱালী৷ হয়তো মাৰ্কৰ সন্তান, তাই ভাৱিলে৷

ফাৰমানা টাউনৰ ঘৰ-দোকান-পোহাৰ এৰি গাড়ী আগবাঢ়িল সেউজ পথাৰৰ মাজৰ মসৃণ বাটেৰে৷

‘তোমাৰ এইবাৰেই আয়াৰলেণ্ডত প্ৰথম নেকি?’ ইটো সিটো কথাৰ মাজতে মাৰ্কে সুধিলে৷

‘আচলতে আগতে এবাৰ আহিছিলো, এনেয়ে ফুৰিবলৈ৷ অৱশ্যে ফাৰমানাৰ ফালে অহা নহ’ল৷ বেলফাষ্ট আৰু অ’ণ্ট্ৰিম ক’ষ্টৰ কেইখনমান ঠাই চায়ে উভতি গ’লোগৈ৷’

পলকতে তুলিকাৰ চকুত ভাঁহি উঠিল মাথোঁ দুবছৰৰ আগৰ সেই উচ্ছল মুহূৰ্ত্তবোৰ৷ কিমান সুখী আৰু ভাগ্যৱতী বুলি ভাৱিছিল তাই নিজকে! সাগৰৰ উত্তাল ঢৌৱে খুন্দিয়াই থকা জায়েণ্ট ক’জৱেৰ সেই আশ্চৰ্য্যকৰ শিলৰ খট্ খটীবোৰত পাখিলাহী পখিলাৰ দৰে তাই দেও দি ফুৰিছিল। তাইৰ সেই উচ্ছলতা কেমেৰাত বন্দী কৰিবলৈ তাইৰ লগে লগে এমোকোৰা হাঁহিৰে ঢ়পলিয়াই ফুৰিছিল বিদ্যুৎ! কিমান সহজে যেন জীৱনৰ ৰূপ সলনি হয়৷ খেলিমেলি হৈ পৰে পোৱা-নোপোৱাৰ হিচাপবোৰ!

‘অঁ বুজিছোঁ৷ সেইটো তোমাৰ আইৰিছ ট্যুৰিষ্ট ট্ৰেইলৰ এটা অংশ৷’– মাৰ্কৰ মাতত তাই বাস্তৱলৈ উভতি আহিল৷

‘বেছিভাগ মানুহেই সেইবোৰ ঠাই চায়ে উভতি যায়গৈ৷ কিন্তু উত্তৰ আয়াৰলেণ্ডৰ সেই পূবৰ ঠাইবোৰতকৈ পশ্চিমৰ এই ফাৰমানা বহুত বেলেগ৷ ইয়াত কিছুদিন কটোৱাৰ পিছত তুমি নিজেই গম পাবা৷’

মূলপথ এৰি এইবাৰ গাড়ীয়ে বাওঁহাতে উপপথ এটা ল’লে ৷ বাটৰ একাষে এখন চাইনবৰ্ড- ‘চোৱানলিনবাৰ পথ’৷ তাই লক্ষ্য কৰিলে অন্যৰ দৰে মাৰ্কে মেপ চাই গাড়ী চলোৱা নাই৷ ফাৰমানাৰ বাট-পথ সকলো যেন তেওঁৰ নখ-দৰ্পনত! কৌতূহলী হৈ তাই মাৰ্কক সুধি পেলালে,
‘আপুনি কিমান দিনৰ পৰা ইয়াত আছে?’

‘যোৱা বাইছ বছৰ ধৰি। আচলতে প্ৰথমে ইয়াত কেইবছৰ মান কাম কৰিম বুলিহে আহিছিলো৷ কিন্তু ফাৰমানাৰ মোহত পৰি কোনোদিন ওলাই যোৱা নহ’ল আৰু!’

বাইছ বছৰ! এই একেখন ঠাইতে! মাৰ্কৰ শান্ত-সৌম্য মুখখনলৈ চাই তাই অনুমান কৰিবলৈ চেষ্টা কৰিলে তেওঁৰ হৃদয়েৰে কিমান ঢৌ বাগৰি গৈছে সেই বছৰবোৰত? এই কণমানি নগৰখনত এনে কি মায়া সনা আছে যি ধৰি ৰাখিব পাৰে মাৰ্কৰ দৰে এজন ব্যক্তিক চিৰদিনলৈ?

‘আপুনি তেন্তে ফাৰমানাৰ দুটা দশকৰ সকলো পৰিৱৰ্ত্তন নিজ চকুৰে দেখিছে, কি এক অভিজ্ঞতা সেয়া!’ তাই নিজকে সম্বৰণ কৰিব নোৱাৰি কৈ পেলালে৷

মাৰ্কে হোহোৱাই হাঁহি উঠিল৷
‘হয় চাগৈ! মই নিজে তেনেকৈ ভাৱিয়ে চোৱা নাই আচলতে৷ কিন্তু এটা কথা সঁচা, ট্ৰাব’লছৰ আগৰ আৰু পিছৰ ফাৰমানাৰ ৰূপ বহুত বেলেগ!’

ষাঠিৰ দশকত সমগ্ৰ উত্তৰ আয়াৰলেণ্ডক অস্থিৰতাৰ মাজত ডুবাই ৰখা ত্ৰিছ বছৰীয়া সংঘাতৰ সময় সেই ট্ৰাবলছ৷ সমগ্ৰ দেশখনকে বহুধা বিভক্ত কৰি পেলোৱা সেই সময়খিনিৰ প্ৰসংগই মাৰ্কক অস্বস্তিত পেলাব পাৰে বুলি তাইৰ আশংকা হ’ল৷ 

লুকে কৈছিল তাইক, ‘আয়াৰলেণ্ডত পৰাপক্ষত ৰাজনীতি আৰু ধৰ্মৰ প্ৰসংগ এৰাই চলিবা। দুয়োটাই বৰ স্পৰ্শকাতৰ বিষয়!’


কিন্তু কিছুপৰ নিজৰ চিন্তাৰ সোঁততে মগ্ন হৈ থাকি মাৰ্কে পুনৰ কৈ উঠিল,
‘আয়াৰলেণ্ডৰ অৱস্থাটোৰ কথা তুমি গম পোৱাই চাগৈ৷ বহুত ভয়ানক দিন পাৰ হৈ গৈছে। এতিয়াও ঠিক ভাললৈ আহিছে বুলি ক’ব নোৱাৰি৷ কিন্তু ট্ৰাব’লছৰ ভয়াবহ অতীতৰ লগত একোৰে তুলনা কৰিব নোৱাৰি৷’

তুলিকাই মূৰ দুপিয়ালে, ‘মই আচলতে ইয়াৰ আগৰবাৰ আয়াৰলেণ্ডলৈ আহোঁতেহে এই কথাবোৰ গম পাইছিলো৷ কেথ’লিক আৰু প্ৰটেষ্টাণ্টৰ মাজৰ সংঘাত আৰু ট্ৰাব’লছৰ সময়ৰ ভয়াবহতাই কেনে ৰূপ লৈছিল এইবোৰ কাহিনী ট্যুৰ গাইডে কৈছিল৷’

‘তাকেই৷ ৰাজনীতি আৰু ধৰ্ম কেনেকৈ সনাপোটোকা হৈ পৰে আৰু মানুহৰ জীৱনবোৰ কেনেকৈ তছনছ কৰি পেলাই তাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু ক’ত পাবা! একেবাৰে চমূকৈ ক’বলৈ গ’লে, ইয়াৰ বেছিভাগ প্ৰটেষ্টাণ্ট ইংৰাজ মূলৰ আৰু তেওঁলোকে উত্তৰ আয়াৰলেণ্ড ইংলেণ্ডৰ সৈতে থকাটো বিচাৰে৷ কেথ’লিক সকলে বিচাৰে ইংৰাজৰ শোষণৰ পৰা মুক্ত হৈ উত্তৰ আয়াৰলেণ্ড ৰিপাব্লিক অব আয়াৰলেণ্ডৰ সৈতে অতীতৰ দৰেই একেখন দেশ হওক৷ ত্ৰিছবছৰীয়া ট্ৰাব’লছৰ আন্দোলনৰ গুৰি এইটোৱে৷ অৱশ্যে আৰু বহুতো কাৰণ আছে৷’

‘আপুনি তেনে ট্ৰাব’লছৰ সময়তে ইংলেণ্ডৰ পৰা ইয়ালৈ আহিছিল?’

‘তাকে, সেই সময়ত ইংৰাজ এজনৰ এনেকুৱা এখন সৰু ঠাইত কেনে অৱস্থা হ’ব পাৰে অনুমান কৰিব পাৰিছাই চাগৈ! মোৰ পিছে তেতিয়া ভয়-ভীত তেনেকৈ নাছিল৷ সমস্যা নোহোৱা নহয়- হৈছিল৷ এতিয়াও ধৰ্মীয় সেই দিশটো আৰু মোৰ ইংৰাজ পৰিচয়টোৰ কথা মনত ৰাখি মই কিছু ভাৱি চিন্তিহে ৰাজহুৱাকৈ মতামত দিওঁ বা কামবোৰ কৰিবলৈ চেষ্টা কৰোঁ৷ কিন্তু সেইটো কথাই ফাৰমানাৰ প্ৰতি মোৰ আন্তৰিকতাত অকণো প্ৰভাৱ নেপেলায়৷’

কিয় জানো তুলিকাৰ ভাৱ হ’ল, এইজন মনুহজনৰ ভিতৰত ঠাকে ঠাকে বহু কাহিনী সোমাই আছে, সোমাই আছে বহু নোকোৱা-নুশুনা গীতৰ সুৰ৷ তাইৰ ইচ্ছা হ’ল সেইবোৰৰ সাঁথৰ ভঙাৰ, মাৰ্কৰ দুচকুৰে ফাৰমানাৰ সেই ৰূপ দৰ্শন কৰাৰ৷ কিন্তু একো নক’লে তাই- কোৱাৰ কথা নহয়৷ চাকৰিৰ প্ৰথম দিনা প্ৰথমবাৰ লগ পায়ে লাইন মেনেজাৰক এইবোৰ সোধাৰ কথা নহয়!

গাড়ীখন এইবাৰ এটা ঠেক বাটেৰে আগবাঢ়ি গ’ল৷ বাটৰ দুয়োকাষে তাই অফিচৰ দেৱালৰ ফটোত দেখাৰ দৰে সেউজীয়া পথাৰ৷ মাৰ্কে গাড়ীৰ গতি লেহেমীয়া কৰি তাইক দেখুৱালে,

‘সৌৱা যে দেখিছা দূৰৈত জিলিকি থকা মিহি সেউজ ঘাঁহনিবোৰ, সেইবোৰ আমি উন্নত পথাৰ বুলি কওঁ৷ তাত সাৰ দি, বিলাতী ঘাঁহ লগাই খেতিয়কে গৰু আৰু ভেড়া ৰাখিছে৷ এনেকুৱা ঘাঁহনিত তুমি কাউৰী আদিৰ বাহিৰে বিশেষ চৰাই-চিৰিকটি নেদেখা৷ লাভৰ কথা ভাৱি ঘাঁহনিবোৰ এনেকৈ উন্নত কৰাৰ কাৰণেই আয়াৰলেণ্ডত বহুতো চৰাই কমি গৈছে৷ বিশেষকৈ কাৰলিউ চৰাই৷ তুমি জানাই চাগৈ?’

‘হয়, অলপ অচৰপ জানো৷ যোৱা দহ-বিছ বছৰৰ ভিতৰতে কাৰলিউ চৰাইৰ সংখ্যা কমি গৈ প্ৰায় কেইশমানহে আছেগৈ; নহয় জানো?’

‘অঁ, লগতে ঘাঁহনিত বাহ সজা স্নাইপ, ৰেড চেংক, গঙাচিলনী আদি চৰাইৰো সংখ্যা বহুত কমিল৷’

‘আগতেনো আইৰিছ পথাৰবোৰ কেনে আছিল?’

‘আজি তাকে দেখুৱাবলৈকে আনিছোঁ তোমাক৷’ মাৰ্কে হাঁহি মাৰি ক’লে আৰু গাড়ীৰ ষ্টীয়েৰিং পকালে।

‘নেচাৰ আয়াৰলেণ্ডে নিজৰ ৰিজাৰ্ভবোৰ অতীতৰ দৰেই গৰু-ভেড়া চৰিব পৰা আৰু চৰাই-চিৰিকটিও থাকিব পৰাকৈ পৰিচালনা কৰি আহিছে৷ কিন্তু ৰিজাৰ্ভৰ বাহিৰৰ খেতিপথাৰবোৰত স্থানীয় খেতিয়কৰ সৈতে মিলি প্ৰকৃতি সংৰক্ষণৰ কাম আজি কেইবছৰমানৰ আগৰপৰাহে আমি আৰম্ভ কৰিছোঁ৷ কনজাৰভেশ্যন অফিচাৰ হিচাপে তোমাৰো মূল দায়িত্ব এইটোৱে৷ আইৰিছ খেতিয়কসকলক খেতি-পথাৰবোৰ কেনেকৈ পৰিচালনা কৰিলে খেতি ভাল হ’ব আৰু জৈৱবৈচিত্ৰ্য্যও সংৰক্ষণ কৰিব পৰা হ’ব সেয়া তুমিয়ে পৰামৰ্শ দিবা৷’

এইখিনি ধাৰণা ইতিমধ্যে তুলিকাই কৰিব পাৰিছেই৷ মাথোঁ তাইৰ চিন্তা, সম্পূৰ্ণ নতুন এই দেশত সকলোবোৰ জানি বুজি লৈ খেতিয়কক এইবিষয়ে পৰামৰ্শ দিব পৰা পৰ্য্যায় এটা তাই পাবগৈনে!

তাইৰ মনৰ আশংকা বুজিয়ে যেন মাৰ্কে কৈ উঠিল,
‘শুনাত বহুত ডাঙৰ দায়িত্ব যেন লাগিব পাৰে৷ কিন্তু চিন্তা নকৰিবা৷ আমাৰ টিমৰ প্ৰত্যেকেই তোমাক কথাবোৰ বুজি লোৱাত সহায় কৰিব৷ সোনকালেই কামবোৰ শিকি ল’ব পাৰিবা৷’

কেইমিনিটমানৰ ভিতৰতে গাড়ীখন ৰ’লগৈ এখন পথাৰৰ সীমাত৷ পথাৰখনৰ সিপাৰে সুবিশাল এক জলাশয়৷ দিগন্তত তাই অফিচৰ দেৱালত দেখা সাইলাখ সেই গাঢ় নীলা পাহাৰ৷

‘এই ঠাইখনৰ নাম লাষ্টি৷ কাৰলিউ আৰু অন্য কেইবাবিধো চৰায়ে প্ৰতিবছৰে এই পথাৰবোৰত বাঁহ সাজি পোৱালি জগায়৷ গতিকে লাষ্টি আমাৰ সকলোতকৈ বঢ়িয়া ঠাইবোৰৰ এখন!’ মাৰ্কে ক’লে৷

‘আৰু সিপাৰে সেয়া?’

‘অ, সেয়া উজনি লখ আৰ্ণ৷ কেলটিক ভাষাত লখ মানে হ্ৰদ৷ আৰ্ণ নৈখনেই ফাৰমানাৰ উত্তৰে বিশাল নামনি লখ আৰ্ণ হ্ৰদ আৰু দক্ষিণত অকোৱা পকোৱাকৈ বৈ গৈ এইপাৰে এই সৰু সৰু দ্বীপ সৃষ্টি কৰিছে৷ আমাৰ ৰিজাৰ্ভ নামনিতহে৷ লখ আৰ্ণৰ উজনিত এইবোৰ গাৱঁত আইৰিছ খেতিয়কৰ সৰু-বৰ খেতি পথাৰ৷ আৰ্ণৰ উজনি আৰু নামনি দুয়োভাগেই প্ৰকৃতি সংৰক্ষণৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ৷ সেয়ে এইপাৰেও খেতিয়কৰ সৈতে মিলি আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ৷’

বতৰ ডাৱৰীয়াই হৈয়ে আছিল৷ হয়তো যিকোনো মুহূৰ্ত্ততে এজাক বৰষুণ আহিব৷ দুয়ো আঁঠুলৈকে ঢাক খোৱা ৱেলিংটন বুটজোতা পিন্ধি ল’লে৷ লগতে পানী নসৰকা ৱাটাৰপ্ৰুফ ট্ৰাউজাৰ৷ মাৰ্কে ক’লে,

‘লখৰ পাৰৰ পথাৰবোৰত বছৰৰ বেছিভাগ সময়তে দ বোকা থাকে৷ তাতে ওখ ঘাঁহ থাকিলে কঁকাললৈকে তিতিবাই৷’

দুয়োৰে বুটজোতাই অনায়াসে সেই বোকা-পানী গৰকি আগুৱাই গ’ল৷ মাজে মাজে উৰি যোৱা দুই এটা চৰাই বাইনকুলাৰ লৈ দুয়ো চকু দিলে৷ জলাশয়টোৰ পাৰে পাৰে খোজ দি দুয়ো আগবাঢ়িল৷

‘ফাৰমানাৰ পথাৰবোৰ প্ৰায়ে লখৰ পানীয়ে বুৰাই পেলায়৷ তাতে ইয়াত বৰষুণো খুউব হয়৷ গৰু-ভেড়া চৰাই খেতিয়কৰ বিশেষ লাভ নহয়ে বুলি ক’ব পাৰি৷ ইয়াত অকল খেতিৰ ওপৰতে ভৰসা কৰি জীৱনতো চলাই নিয়াটো প্ৰায় অসম্ভৱ কথা ৷’

তুলিকাই মন দি মাৰ্কৰ কথাবোৰ শুনি গ’ল৷ আইৰিছ ইতিহাস, খেতি, সমাজ, চৰাই-চিৰিকটি- সকলোবোৰ জানিবলৈ তাইৰ অপাৰ আগ্ৰহ৷ সকলোবোৰ ইমান নতুন, ইমান ভিন্ন সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ভাৰতৰ পৰা!

‘এই পথাৰখন বাটত দেখি অহা পথাৰবোৰতকৈ কিমান বেলেগ মন কৰিছানে? সেইবোৰৰ দৰে ইয়াত অকল এবিধ ঘাঁহেই নাই- গোটেই পথাৰখনৰ অ’ত ত’ত এই ওখ জোপোহা ঘাঁহবিধো আছে৷ এইবোৰক কোৱা হয় ‘ৰাছ’৷’

মাৰ্কে আঙুলিয়াই দিয়া জোপোহাবিধৰ ঘাহঁবোৰ তাই চুই চালে৷ ওখ কিন্তু নিমজ লাহী ঘাঁহ৷

‘নিয়ন্ত্ৰণত নাৰাখিলে এইবোৰে গোটেই পথাৰখন ছাটি ধৰিব পাৰে৷ কিন্তু গৰুৱে খাই কমাই ৰাখিলে এই ঘাঁহবিধেই বহুতো চৰাইক বাঁহ সাজিবলৈ বা পোৱালি জগাবলৈ আশ্ৰয় দিয়ে৷’

‘সেইকাৰণেই কোন সময়ত কিমান গৰু বা ভেড়া চৰাব সেইটো ভাৱি চিন্তি ঠিক কৰি দিয়াটো দৰকাৰী, নহয় জনাো?’

‘ঠিকেই ধৰিছা৷ শুনিলে আচৰিত লাগিব পাৰে, কিন্তু চোৱা এই লেণ্ডস্কেপত চৰাই সংৰক্ষণৰ কাৰণে খেতি কিমান দৰকাৰী!’



ইতিমধ্যে কিনকিনিয়া বৰষুণ এজাক আৰম্ভ হ’ল৷ জলাশয়ৰ পাৰে পাৰে গৈ গোটেই পথাৰখনত এপাক মাৰি উভতি আহে মানে দুয়ো প্ৰায় জুৰুলি-জুপুৰি হ’ল৷ মাৰ্কৰ পিছে তালৈ যেন ভ্ৰূক্ষেপেই নাই৷ হয়তো সঘনাই হোৱা বৰষুণৰ লগত সহজ এক আত্মীয়তা গঢ়ি উঠিছে অতবছৰে৷ 

বৰষুণৰ মাজেৰেই গাড়ীৰ কাষলৈ উভতি অহাৰ পৰত দুয়োৰে চকুত পৰিল, মাৰ্কৰ ট’য়টাখনৰ কাষতে ৰৈছেহি অন্য এখন ৰঙা গাড়ী৷ বৰষুণৰ টোপালবোৰ মোহাৰি নিয়া ৱাইপাৰ ব্লেডৰ অগা-দেৱাৰ মাজেৰে তুলিকাই দেখা পালে এখন আটিল মুখ৷ মাৰ্কে ক’লে,

‘অহ, সেয়া গেৰি চোন! গেৰি জনষ্ট’ন এই পথাৰৰ মালিক৷ আমি ইয়ালৈ আহিম বুলি তেওঁক কালিয়ে জনাই থৈছিলো৷ সেয়ে আহি ওলাইছেহি চাগৈ৷ এওঁ চৰকাৰৰ পৰা জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে সহায় পোৱা খেতিয়কবোৰৰ এজন- গতিকে তুমি এওঁৰ লগতো কাম কৰিবা। ব’লা আজি চা-চিনাকি হৈ ল’বা৷’

তুলিকাৰ মনত অলপ উত্তেজনা, অলপ অপ্ৰস্তুত ভাৱ৷ প্ৰথমদিনাই খেতিয়কৰ সৈতে মুখামুখি! তাই জানে, ফাৰমানাৰ বহুতো খেতিয়কৰ সৈতে ওত:প্ৰোতভাৱে তাই কাম কৰিব লাগিব। কিন্তু তাইৰ যে একো ধাৰণাই নাই তেওঁলোকে তাইক কেনেকৈ ল’ব!

ৰেইনকোটেৰে তপা মূৰটো ঢাকি লৈ গেৰি জনষ্ট’ন গাড়ীৰ পৰা ওলাই আহিল৷ তুলিকাই ভৱাৰ দৰে বয়সস্থ নহয় এওঁ- প্ৰায় চল্লিশ বছৰীয়ামানহে হ’ব৷ তেজে ফুটো ফুটো কৰা মুখেৰে এজন মদগজ চেহেৰাৰ মানুহ৷

‘হাই মাৰ্ক, হুৱাটছ্ দ্য ক্ৰেইক?’- মাৰ্কৰ সৈতে কৰমৰ্দন কৰি গাঢ় আইৰিছ সুৰেৰে গেৰি জনষ্টনে কৈ উঠিল৷ গেৰিয়ে কিনো বুজালে তুলিকাই ঠিক ধৰিব নোৱাৰিলে৷ আয়াৰলেণ্ডৰ ইংৰাজী কোৱাৰ ধৰণটোৰ সৈতে তাই এতিয়াও সহজ হোৱা নাই। কেতিয়াবা গাঢ় আইৰিছ সুৰটো আৰু কেতিয়াবা আইৰিছ উপভাষাৰ বাবে তাই কথাবোৰ বুজাত খেলিমেলি লাগি যায়। গেৰিয়ে কোৱা কথাষাৰো পিছত মাৰ্কক সুধিব লাগিব বুলি তাই মনত ৰখাৰ চেষ্টা কৰিলে।

গেৰিয়ে তাইলৈ এবাৰ চাই আকৌ মাৰ্কলৈ দৃষ্টি ঘূৰাই নিলে। মুখত এটা প্ৰশ্ন৷ মাৰ্কে চিনাকি কৰি দিলে,
‘গেৰি, এয়া তুলিকা। এওঁ তোমালোকৰ নতুন কনজাৰভেশ্যন অফিচাৰ৷’

গেৰিয়ে অলপ আশ্চৰ্যৰে তাইলৈ চাই ক’লে, ‘হয় নেকি! সোধাৰ কাৰণে বেয়া নাপাব, আপুনি আচলতে ক’ৰ?’

‘মই ভাৰতীয়৷’

‘ইমান দূৰৰ দেশ এখনৰ পৰা আহি আপুনি ফাৰমানাৰ দৰে এখন ঠাই কেনেকৈ পালেহি?’ বিস্ময়ত গেৰিৰ চকুহাল বহল হৈ গ’ল৷

তুলিকাই হাঁহি পেলালে৷ আইৰিছ খেতিয়ক এজনৰ পৰা প্ৰথম দেখাতে এনে প্ৰতিক্ৰিয়া হয়তো তাই আশা কৰা নাছিল৷ 

ঠিকেই, ক’ৰপৰা কেনেকৈ যে আহি এই ফাৰমানা পালেহি তাই! আজি দুমাহৰ আগতে নাম নুশুনা-নজনা এই অজান্তি মুলুকত! জীৱনৰ কি এক পৰিক্ৰমাই তাইক ইয়াত পোৱালেহি সেয়া তাই নিজেও যেন বুজা নাই এতিয়াও৷ তাই মাথোঁ চমুকৈ সামৰি থ’লে,

‘কামৰ কাৰণে! কাম ইয়াত পালো, সেয়ে ইয়ালৈকে আহিলো!’

‘ঠিকেই ঠিকেই! কামেই আমাক অ’লৈ ত’লৈ নি থাকে, নহয় জানো?’ গেৰিৰ বিস্ময় সম্পূৰ্ণকৈ মাৰ নগ’লেও সৌজন্যৰ খাতিৰতে পতিয়ন যোৱাৰ দৰে মূৰ দুপিয়ালে৷

‘ফাৰমানাত কেনে পাইছে? বতৰে খুউব আমনি দিছে নহয়?’

‘যোৱা সপ্তাহত আহিছোঁহে! বতৰ এইকেইদিন বেয়া লগা নাই- ব্ৰিটেইনৰ অন্য ঠাইৰ দৰেই লাগিছে৷’

‘নাই নাই, ব্ৰিটেইনৰ পৰা আয়াৰলেণ্ডৰ বতৰ সম্পূৰ্ণ বেলেগ দেই! দুদিনমান থাকিলে গম পাব, ইয়াত একেটা দিনতে বছৰৰ গোটেইবোৰ ঋতু দেখা পায় বুলি এনেয়ে নকয়৷ কেতিয়া ৰ’দ দিব, কেতিয়া ঠিকেই কৰিব নোৱাৰে বতৰে!’ নিজৰ কথাত ৰস পাই গেৰিয়ে ঘেটঘেটাই হাঁহি পেলালে৷

এইবাৰ গেৰিয়ে মাৰ্কলৈ চাই ক’লে,
‘আজি পথাৰখন কেনে দেখিলে?’

‘সকলোবোৰ ঠিকেই দেখিলোঁ, আপুনি খুউব ভালকৈ পথাৰখন চোৱা-চিতা কৰি আহিছে৷ সেইকাৰণেইতো এই পথাৰখনত প্ৰতিবছৰে ইমানবোৰ কাৰলিউয়ে বাহ সাজেহি।’

গেৰিয়ে সন্তুষ্টিৰ হাঁহি এটা মাৰিলে৷ তুলিকাই নীৰৱে মাথোঁ বুজাৰ চেষ্টা কৰিলে এই দেশৰ খেতি-পথাৰ, চৰাই-চিৰিকটি, মানুহৰ দৈনন্দিন জীৱনৰ ৰং- ৰূপু৷ সোনকালেই এই দায়িত্ববোৰ তাইৰ কান্ধত পৰিবহি। তেতিয়ালৈ এই মাটি আৰু ইয়াৰ মানুহৰ সৈতে তাই ভালকৈ চিনাকি হোৱাৰ দৰকাৰ।

সিদিনা অফিচলৈ উভতি আহি মাৰ্কৰ উপদেশমতে তাই উজনি লখ আৰ্ণৰ সকলো খেতিয়কক উদেশ্যি এখন চিঠি লিখিলে,

‘নেচাৰ আয়াৰলেণ্ডৰ তৰফৰ পৰা বহনক্ষম উপায়েৰে খেতি কৰাত আপোনালোকক সহায় কৰিবলৈ পাই মই অত্যন্ত সুখী৷ আশা কৰোঁ, আপোনালোকে সদায় কৰি অহাৰ দৰেই আগলৈও নেচাৰৰ লগত একেলগে পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাবোৰ আগবঢ়াই নিয়াত সহযোগ কৰিব৷ যিকোনো সহায়ৰ বাবে মোক যোগাযোগ কৰিবলৈ কুণ্ঠাবোধ নকৰে যেন৷’

সন্ধিয়া তুলিকা উভতি আহিল মাথোঁ এসপ্তাহ আগতে লোৱা এজনীয়া এপাৰ্টমেণ্টটোলৈ৷ অফিচৰ বেগটো বহাকোঠাৰ মজিয়াতে একাষে থ’লে। মুহূৰ্ততে যেন অৱশ ভাৱ এটাই দেহ-মন আৱৰি পেলালে। কাপোৰ নসলোৱাকৈয়ে ফ্ৰিজৰ পৰা আগনিশা আনি থোৱা পাষ্টা এখিনি অভেনত ভৰাই দিলেহি৷ প্লেট এখনত ধোঁৱাই থকা পাষ্টাখিনি লৈ তাই চিধাই টিভিটোৰ সন্মুখত বহিলহি৷

কেইবাটাও চেনেলত অহৰহ আহি থাকিল ব্ৰেক্সিটৰ বাতৰি৷ সমগ্ৰ দেশখনেই যেন ব্ৰেক্সিটৰ অনিশ্চয়তাত প্ৰমাদ গণিছে৷ জটিলৰ পৰা জটিলতৰ হৈছে পৰিস্থিতি, গভীৰতৰ হৈ গৈ আছে দেশৰ বিভিন্ন খণ্ডৰ মাজৰ বিভাজন৷ খৱৰবোৰ চাই চাই তুলিকা অন্যমনস্ক হৈ পৰিল৷ ব্ৰিটেইনৰ কি এক সন্ধিক্ষণৰ সময়ত তাইৰ জীৱনটোও ওলমি ৰৈছে সূতা ছিঙা চিলা এখনৰ দৰে? পাৰিবনে আজিৰ এই নতুন আৰম্ভণিয়ে আউল লাগি পৰা জীৱনটোৰ আঁত উলিয়াব! পাৰিবনে তাই এই এপাৰ্টমেণ্টত এখন নতুন ঘৰ সাজিবলৈ?

সেই কালনিশাৰ পিছদিনাই কাপোৰ-কানি যি পাৰে ছ্যুটকেছত ভৰাই তাই ওলাই গৈছিল। এয়াৰ বিএনবিত এটা ঘৰ বিচাৰি তাতে সোমাইছিলগৈ৷ এয়াৰ বিনএনবিৰ গৃহস্থই বুজা নাছিল, কিয় এইগৰাকী আলহী গোটেই সময়ছোৱা কোঠাৰ বাহিৰকে ওলোৱা নাছিল৷ কাৰো সৈতে এষাৰো কথা নপতাকৈ তাই সময়তকৈ আগতেই আয়াৰলেণ্ডলৈ গুচি আহিল৷ কিবা এক প্ৰচণ্ড ক্ষোভত, এক জেদত। যদি জীৱনে এই কেঁকুৰিটোত এইটো বাটকে দেখাইছে তেনে সেই বাটকে তাই আকোঁৱালি ল’ব বুলি। অতীতত অতীত কৰি শূন্যৰ পৰাই এটা নতুন জীৱন আৰম্ভ কৰিব বুলি৷

কিমান সময় টিভিৰ স্ক্ৰীণত চকু থৈও ভাৱত বিভোৰ হৈ আছিল তাই ক’ব নোৱাৰিলে৷ হঠাৎ কোমল সুৰ এটাৰ শব্দত তাই বাস্তৱলৈ উভতি আহিল৷

কোঠাটো ইতিমধ্যে অন্ধকাৰত ডুব গৈছে৷ টিভিৰ নীলা পোহৰছাটিয়ে এটা চুক পোহৰাই ৰাখিছে মাথোঁ৷ তাই শব্দটোৰ উৎস বিচাৰি গম পালে, ফোনটো এতিয়াও অফিচৰ বেগতে সোমাই আছে৷ আধাখোৱা পাষ্টাৰ প্লেটখন কাষৰ টেবুলখনতে থৈ তাই খপজপকৈ বেগটোৰ কাষ পালেগৈ৷

ফোনৰ স্ক্ৰীণত জিলিকি উঠিল আছমাৰ হাঁহিভৰা মুখ! আগতে তুলিকাৰ হৃদয় উদ্বেলিত কৰি তোলা ছৱিখনে আজি তাইৰ মনলৈ বোৱাই আনিলে আশংকা, শোক আৰু ক্ষোভৰ এখন পাৰভঙা নৈ৷ ইয়াৰ আগতেও এই সপ্তাহটোত কেইবাৰমান আছমাৰ ফোন আহিছে। প্ৰতিবাৰে তুলিকা একেদৰেই স্থবিৰ হৈ পৰিছে৷ জানেনে আছমাই উলুপী আৰু বিদ্যুতৰ কথা? জানক বা নাজানক, তাই কেনেকৈ মুখামুখি হ’ব সেই আছমাৰ সৈতে? উলুপীৰ মাক আৰু তুলিকাৰ বন্ধু- দুয়োটা পৰিচয় সম্পৰ্কৰ তুলাচালনীত কেনেকৈ জুখিব তাই? কেনেকৈ? কিংকৰ্তব্যবিমূঢ হৈ তাতে থিয় দি ৰ’ল তুলিকা৷

Tuesday, 16 May 2023

উপন্যাস: ফাৰমানা (প্ৰথম খণ্ড)

দিনৰ দুইমান বজাত সেই ফোনটো আহিল৷ অন্যদিনাৰ দৰেই তুলিকা সেইসময়ত বহি আছিল এপাৰ্টমেণ্টৰ বিশাল খিৰিকীখনৰ কাষত৷ চতুৰ্থ মহলাৰ সেই খিৰিকীৰে ধৰা দিয়া দুপৰৰ আকাশ, লণ্ডন মহানগৰীৰ ব্যস্ত পথৰুৱা, বাটৰ দুয়োকাষে শাৰী শাৰী অ’ক গছৰ লানি- এই সকলোখিনি তাই স্কেচ্ছত ধৰি ৰখাৰ চেষ্টা কৰি আছিল৷ অ’ক গছৰ ৰঙা-হালধীয়া সৰা পাতৰ বৰষুণে বাটটো ৰঙীন কৰি পেলাইছে। কিন্তু কিমানেইবা মূৰ তুলি এই শৰতৰ আকাশলৈ, ৰং সলোৱা প্ৰকৃতিলৈ চোৱাৰ অৱকাশ পাইছে। সকলোৰে অলক্ষিতে যেন এই যান্ত্ৰিক মহানগৰীত শৰতে মেলানি মাগিছে। স্কেচ্ছৰ বহীত ক’লা পেন্সিলৰ আঁক-বাঁকবোৰ আৰু তাৰ লগে লগে অগা-দেৱা কৰি থকা অনুভৱৰ ঢৌত যতি পেলাই হঠাৎ বাজি উঠা ফোনৰ মিহি সুৰটোত তাই চক খাই উঠিল৷

‘তুলিকা বৰুৱাৰ লগত কথা পাতিব পাৰোঁনে?’ এটা অচিনাকি পুৰুষ কন্ঠ ফোনৰ সিপাৰে৷

‘হয়, মই তুলিকাই কৈছোঁ৷’ তুলিকাই ইংৰাজীতে উত্তৰ দিলে।
‘হাই তুলিকা, মই নেচাৰৰ অফিচৰ পৰা ডেভিডে কৈছোঁ৷’

মুহূৰ্ততে তুলিকাক যেন হাজাৰ উৎকন্ঠাই আৱৰি ধৰিলেহি৷ মাথোঁ যোৱা সপ্তাহত তাই নেচাৰৰ অফিচত চাকৰিৰ বাবে সাক্ষাৎকাৰ দি আহিছে৷ ইমান সোনকালে তাৰ ফল ঘোষণা কৰিব বুলি হয়তো আশাই কৰা নাছিল৷

খুবেই পেছাদাৰী সুৰ এটাৰে ডেভিডে কৈ গ’ল, ‘আপোনাক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে নেচাৰে আপোনাৰ চাকৰিৰ আবেদনখন গ্ৰহণ কৰিছে৷ কিন্তু এটা কথা!’

কৈয়ে ডেভিড এখন্তেক ৰ’ল। লগে লগে তুলিকাৰ উশাহটোও আধালোৱাতে ৰৈ গ’ল যেন৷ জাঁপ দি উঠিব খোজা এখিনি উৎকন্ঠা ভেঁটা দি কৃত্ৰিম শান্ত কন্ঠ এটাৰে তাই ক’লে, ‘কওকচোন!’

‘আপুনি বিচৰাৰ দৰে এইমুহূৰ্তত লণ্ডনৰ অফিচত প’ষ্টিং সম্ভৱ নহয়৷ তাৰ সলনি উত্তৰ আয়াৰলেণ্ডৰ কাৰ্য্যালয়ত পৰিবেশ সংৰক্ষণ অফিচাৰ প’ষ্টটোৰ বাবে আপুনি এগৰাকী উপযুক্ত প্ৰাৰ্থী বুলি আমি ভাৱিছোঁ৷ তাত অলপদিন কাম কৰাৰ পিছত চেষ্টা কৰিলে লণ্ডনলৈ বদলিৰ সম্ভাৱনাও নোহোৱা নহয়৷’

ডেভিডৰ গোটেই কথাখিনি হজম কৰিবলৈ তাইৰ সময় লাগিল৷ এসপ্তাহৰ ভিতৰত তাইৰ সিদ্ধান্ত জনাই উত্তৰ দিবলৈ কৈ ডেভিডে ফোন ৰাখিলে৷

তুলিকা বিছনাতে বহি পৰিল৷ তাইৰ মনত এটা তীব্ৰ আলোড়ন৷ জীৱনৰ প্ৰথম চাকৰিৰ অফাৰ! সেই খৱৰটো আপোনজনৰ স’তে ভগাই ল’বলৈ তুলিকাৰ বৰ ইচ্ছা হ’ল৷ সুদুৰ অসমত পৰিয়ালৰ সকলো হয়তো টোপনিৰ কোলাত ইতিমধ্যে ঢলি পৰিছে৷ পতি বিদ্যুৎ সন্ধিয়া আহি ঘৰ পোৱালৈ বাট চোৱাতো অসম্ভৱ যেন লাগিল তাইৰ৷ কেইবাবাৰো চেষ্টা কৰিলে তালৈ ফোন কৰিবলৈ৷

ফোনৰ ৰিং শেষ হৈ প্ৰতিবাৰেই ভাঁহি আহিল বিদ্যুতৰ ভইচমেইল, ‘হাই, ইউ হেভ ৰিচড্‌ বিদ্যুৎ৷ মই বৰ্তমান ফোন ধৰিব পৰা নাই- অনুগ্ৰহ কৰি আপোনাৰ বাৰ্তা দি ৰাখক৷ সুবিধা অনুসৰি যিমান সোনকালে পাৰোঁ আপোনাৰ ফোনৰ উত্তৰ দিবলৈ চেষ্টা কৰিম৷’

তিনিবাৰ সেই কথাষাৰকে শুনি তুলিকাই ফোনটো আঁতৰাই থ’লে৷ কিছু অভিমানেৰে, কিছু হতাশাৰে।

এইটো খৱৰ তাই ভইচমেইলত নিদিয়ে৷ তাতোকৈ সন্ধিয়া সি ঘৰলৈ উভতালৈকে বাট চাব৷ কিন্তু তাইৰ আশংকা হ’ল, ইমানবোৰ মিছড্ কল পাই সি পিছত বিৰক্তিৰে হয়তো কৈ উঠিব,
‘ইমানকৈ ফোন কৰিবলৈ কি হ’ল বাৰু! জানাই দেখোন মই অফিচত বৰ ব্যস্ত হৈ থাকোঁ৷’

নাই, তাই হয়তো মিছাকৈয়ে চিন্তা কৰিছে৷ সি প্ৰায়ে কোৱাৰ দৰে প্ৰয়োজনতকৈ বেছিকৈ ভাৱিছে অনৰ্থক কথাবোৰ৷ ইমানদিন ধৰি বিচাৰি থকাৰ পিছত চাকৰি পোৱাৰ খৱৰটোৱে তাক সুখী কৰি নুতুলিবনে!

অস্থিৰতাখিনি সামৰি তুলিকাই পুনৰ স্কেচ্ছৰ মাজত ডুব দিবলৈ চেষ্টা কৰিলে৷ পিছে তাত আৰু মন বহুৱাব নোৱাৰিলে৷ এখন্তেক ভাৱি তাই কাপোৰসাঁজ সলালে। দীঘল ট্ৰেন্সকোটটো সুমুৱাই লৈ এপাৰ্টমেন্টৰ পৰা ওলাই আহিল৷

‘গুড আফটাৰনুন!’

তাইৰ মাত শুনি মূল দুৱাৰৰ একাষে কাউণ্টাৰত কনচিয়েৰজজনে পঢ়ি থকা বাতৰি কাকতখনৰ পৰা মূৰ দাঙি চালে৷ মূৰটো দুপিয়াই মিচিকিয়া হাঁহি এটাৰে তেওঁও প্ৰতিসম্ভাষণ জনালে৷

আজি দুটা বছৰে ইয়াত এই এজন মানুহৰ সৈতেই তাইৰ সম্ভাষণ বিনিময় হৈছে৷ বিছ মহলাৰ এই বিশাল অট্টালিকাত অলেখ অসংখ্য এপাৰ্টমেণ্ট। সেইবোৰত কত মানুহে প্ৰতিদিনে অহা-যোৱা কৰিছে, হাঁহিছে-কান্দিছে আৰু প্ৰতিনিশা ঢলি পৰিছে টোপনিত নাইবা অন্তহীন টোপনিহীনতাত৷ অথচ কোনেও কাকো নাজানে৷ কংক্ৰিটৰ দেৱালে পৃথক কৰি ৰখা প্ৰত্যেকৰে সমান্তৰাল জীৱন। ইমানেই পৃথক যে সমূহীয়া লিফট্ বা দীঘল ক’ৰিডৰবোৰত কেতিয়াবা ইজনে সিজনৰ মুখামুখি হৈ গ’লেও মানুহবোৰে সেই নেদেখা দেৱালৰ অস্তিত্বকে মানি চলে৷

মূল দুৱাৰখন খোলাৰ লগে লগে নৱেম্বৰৰ চেঁচা বতাহজাকে তাইক চাৎকৈ কোবাই গ’ল । দীঘল কোটটো আৰু অলপ টানকৈ মেৰিয়াই লৈ তাই উদেশ্যবিহীনভাৱে খোজ দিবলৈ আৰম্ভ কৰিলে৷ খোজৰ লগে লগে তাইৰ চিন্তাইয়ো যেন গতি ল’লে৷ একমুহূৰ্ত ৰ বাবে ভাৱিলে, যাব নেকি বিদ্যুতৰ অফিচৰ ফালে? লণ্ডন মহানগৰীৰ প্ৰায় মাজমজিয়াতে এই গ্ৰেনিচ্চ মিলেনিয়াম ভিলেজ৷ ইয়াৰ পৰা কেনেৰি উৱাৰ্ফ মাথোঁ বিছ মিনিটৰ বাট৷ বিদ্যুতৰ দৰে অলেখ-অসংখ্য ইনভেষ্টমেণ্ট বেংকাৰৰ দিন-ৰাতিবোৰ হিচাপবিহীন হয় সেই কেনেৰি উৱাৰ্ফত৷

নাই, কামৰ মাজত সময় উলিয়াবলৈ তাৰ অসুবিধা হ’ব কিজানি!

মন সলনি কৰি তুলিকাই এইবাৰ পাৰ্কছাইড পথটোৰে খোজ দিলে৷ তাৰ পৰা টিউব ষ্টেচনলৈ মাত্ৰ দহ মিনিটৰ বাট৷ বিশাল পথটোৰ বাওঁফালে নতুন অট্টালিকা নিৰ্মাণৰ কাম চলি আছে৷ সোঁফালে অ’ক আৰু চিকামূৰ গছৰ মাজত নিমজ ঘাঁহনি এখনেৰে চাউথাৰ্ন পাৰ্ক৷ সেই পাৰ্কৰ কাষেৰেই থেমছ্ নৈখন বৈ গৈছে৷ যোৱা দুটা বছৰে সেইবাটেদিয়ে গৈ বহুবাৰ তাই থিয় দিছেগৈ থেমছ্ নৈৰ পাৰত, বহু সন্ধিয়া সেই নৈয়ে নিৰলে বুকুপাতি শুনিছে তাইৰ হৃদয়ৰ পোৱা-নোপোৱাৰ প্ৰতিধ্বনি!

আজি পিছে থেমছ্ ৰ বুকুত মনৰ উৎকণ্ঠাখিনি গুঁজি দিয়াৰ ইচ্ছা নহ’ল তুলিকাৰ৷ প্ৰায় আত্মমগ্ন হৈ তাই আগবাঢ়ি গৈ থাকিল৷ বাওঁফালে কেকুঁৰিটো ঘুৰাৰ লগে লগেই চকুত পৰিল অও টু ড’মটো৷ বিশাল গোলাকাৰ ড’মটোৰ পৰা আকাশলৈ বুলি টোঁৱাই থকা হালধীয়া আকৃতিবোৰ দূৰৈৰ পৰা দেখিলে কেতিয়াবা বহিৰ্বিশ্বৰ ইউএফঅ’ৰ দৰেহে লাগে৷ এতিয়াও এইটো কথাকে মনলৈ অহাত তাইৰ নিজৰ অজানিতেই হাঁহি উঠিল৷ ড’মটোৰ সন্মুখত এজাক মানুহৰ ভিৰ৷ হয়তো সিদিনা নিশাও অও টুত কিবা কনচাৰ্ট হোৱাৰ কথা৷ সেইখিনি পাৰ হৈ গৈ আণ্ডাৰগ্ৰাউণ্ড টিউবৰ বাবে ৰৈ থকা যাত্ৰীৰ এটা লানিত তাই থিয় দিলেগৈ ৷



তাইৰ জীৱনৰ প্ৰথম চাকৰি! সেই খৱৰে সঁচাই সুখী কৰি তুলিবনে বিদ্যুতক? কেইটামান মুহূৰ্তৰ বাবে হ’লেও সৰি নপৰিবনে তাৰ অভেদ্য দেৱাল? এসাগৰ উৎকণ্ঠা সামৰি জুবিলী লাইনৰ এজাক আত্মমগন যাত্ৰীৰ মাজত তুলিকা সোমাই পৰিলগৈ ৷ অলেখ অসংখ্য যাত্ৰী অথচ টিউবৰ ভিতৰখন তেনেই নীৰৱ। ইমানেই নীৰৱ যে টিউবত বতাহৰ ঘৰ্ষণৰ ঘৰ্ ঘৰ্ শব্দটোও কাণত পৰিল৷ প্ৰায়বোৰ যাত্ৰীৰে কাণত হেডফোন। চকুৰ দৃষ্টি ফোন বা আইপেডত নিবদ্ধ৷ দুই এজনে মেলি লৈছে কিতাপ একোখন৷ এজনে পৰম আগ্ৰহেৰে পঢ়ি গৈছে টিউবৰ আসনত ৰৈ যোৱা ডেইলী মেইল৷ কাৰোৰে যেন সময় বা আগ্ৰহ নাই এবাৰ সেই তলমূৰ ওপৰ কৰি বাস্তৱৰ জীয়া পৃথিৱীখন অনুভৱ কৰাৰ৷ এই টিউবত কাৰো সৈতে দৃষ্টি বিনিময় নকৰাতো যেন এটা অখণ্ডনীয় নিয়ম।

ভিৰৰ মাজত থিয় দি থাকিয়ে তুলিকায়ো নিজৰ ফোনটো উলিয়ালে। কিছু ইতস্ততভাৱেৰে হ’লেও তাই কীপেডত হাত ফুৰালে,

‘হাই লুক! মই আছমাৰ তালৈ গৈ আছোঁ৷ সময় পালে এপাক আহিবাচোন৷ কথা এটা আছে!’

প্ৰায় লগে লগেই লুকৰ উত্তৰ,

‘এঘণ্টাৰ পিছতহে আজৰি হ’ম৷ মোৰ আজি টিমৰ সৈতে লান্স৷ তাৰ পিছতে ওলামগৈ দেই!’

তুলিকাৰ মনলৈ এইবাৰ যথেষ্ট সজীৱতা আহি পৰিল৷ গ্ৰীণ পাৰ্ক ষ্টেচনত নামি তাই পিকাডিলীৰ ব্যস্ত পথেৰে চ’হ’লৈ খোজ দিলে৷ আটকধুনীয়া পাব, ৰেষ্টোৰাঁ, দোকান-পোহাৰেৰে আকৰ্ষণীয় ঠাই এই চ’হ’। পথৰ দুয়োকাষে ইটো সিটো চাই থৰ হৈ ৰোৱা, লণ্ডনৰ মেপ এখন চাই চাই বাট বিচৰা, লণ্ডনৰ হৰেক-ৰকমৰ স্মৃতিচিহ্নৰে ঠাহ খাই থকা দোকানৰ সন্মুখত অলেখ অসংখ্য পৰ্য্যটকৰ ভিৰ। সেইবোৰৰ মাজেৰে পাৰ হৈ গৈ অৱশেষত তাই থিয় দিলেগৈ এখন আকাশ নীলা দুৱাৰৰ সন্মুখত৷

দুৱাৰখনৰ দুকাষে বিশাল ঘুৰণীয়া টাবত দুজোপা শুৱনি পামজাতীয় গছ৷ দুৱাৰমুখত এডাল আমডালিৰ ওপৰত ধুনীয়াকৈ খোদিত কৰা আছে দুটা শব্দ, ‘আছমাছ কিচ্ছেন’ -আছমাৰ পাকঘৰ! দুৱাৰৰ কাঁচৰ অংশটো আৰু কাষৰ আহল-বহল কাঁচৰ খিৰিকীবোৰেৰে ভাঁহি আহিছে কোমল হালধীয়া পোহৰ আৰু সংগীতৰ ক্ষীণ মুৰ্ছনা৷ এটা সৌহাদ্যপূৰ্ণ পৰিৱেশত হেঁপাহৰ এসাঁজ খোৱাৰ বাবে যেন অহৰহ আমন্ত্ৰণ!

অভ্যস্ত গতিৰে দুৱাৰখন ঠেলি আমডালিটোৰ তলেৰে তুলিকা সোমাই গ’ল৷ মূল কাউণ্টাৰত আজি সুনন্দা৷ ফোনত ব্যস্ত হৈ থকাৰ পৰাই তাই তুলিকালৈ চাই হাত জোকাৰিলে৷ কোনো শব্দ নোহোৱাকৈ মুখেৰে ভংগী কৰি ক’লে ‘হেল্ল’! আৰু লগে লগেই ফোনৰ সিপাৰৰ গ্ৰাহকৰ কিবা প্ৰশ্নৰ উত্তৰ দিবলৈ লাগি গ’ল৷

হাঁহি মুখেৰে মুৰ দুপিয়াই তুলিকা পোনেই সোমাই গ’ল ৰান্ধনিশালালৈ৷ আবেলি সময় বাবে নিশাৰ আহাৰৰ প্ৰস্তুতিহে চলি আছে৷ গ্ৰাহকৰ ভিৰ আৰম্ভ হোৱাই নাই৷ ৰান্ধনিশালত আজি কল্পনা, চানু আৰু মমতা৷ পাঁচবছৰৰ আগতে এই আছমাৰ পাকঘৰ আৰম্ভ হৈছিল। তেতিয়াই এই ৰেষ্টোৰাঁৰ সকলো কৰ্ম্মী মহিলাহে ল’ব বুলি ঠিক কৰি আছমাই এই তিনিগৰাকী অন্য আছমা বিচাৰি উলিয়াইছিল৷ সিহঁতক কিবা নিৰ্দেশনা দি থকাৰ পৰা তেওঁ ঘূৰি চালে৷ চুটি কেকুঁৰা চুলিখিনিৰে সৰ্বসাধাৰণ মাপকাঠিৰে কিছু চাপৰ আছমাক পিছফালৰ পৰা ত্ৰিছবছৰীয়া যেনেই দেখায়৷ কিন্তু তেওঁৰ মুখখন দেখিলেই পৰিস্ফুট হৈ পৰে পঞ্চাছ বছৰৰ অভিজ্ঞতা আৰু পৰিপক্বতাৰ মাধুৰ্য্য৷ আজিও পৰিপাটিকৈ পিন্ধা নীলা জয়পুৰী কুৰ্তাটো আৰু ক’লা জিনছেৰে তেওঁৰ আকৰ্ষণীয় চেহেৰাটো তুলি ধৰিছে৷

তুলিকাক দেখিয়ে তেওঁৰ দুচকু উজ্জ্বলি উঠিল। বাংলাতে কৈ উঠিল তেওঁ,
‘আহা আহা, ঠিক সময়তে ওলাইছাহি৷ আজি নিশা আমাৰ মেন্যুত নতুন খাদ্য- বাদামী বেঙেনা৷ খাই চোৱাহিচোন কেনে হৈছে৷’

বেঙেনাৰ সোৱাদ লৈ উঠি দুয়োজনী ৰেষ্টোৰাঁৰ একোণত বহিলহি৷ ক্ষন্তেক পিছতে মমতাই দুকাপ কফি আৰু ফুলৰি ভজাৰ প্লেট এখন টেবুলখনত থৈ গ’লহি৷ তুলিকাই বিশেষ ভুমিকা নেমেলাকৈয়ে কৈ পেলালে, ‘এটা খৱৰ আছে!’

আছমাই ফুলৰিৰ প্লেটৰ পৰা চকু তুলি চালে, ‘কোৱাচোন কোৱা৷ চাকৰিটো হ’ল নেকি?’

তুলিকাই হাঁহি পেলালে৷ লগে লগে আছমাৰ দুচকু ডাঙৰ হৈ পৰিল৷ প্ৰায় জাঁপ মাৰি অহাৰ দৰে আহি একাষৰ পৰা তুলিকাক সাৱটি ধৰিলেহি তেওঁ৷

‘তোমাক লৈ মোৰ কিমান গৌৰৱ হৈছে তুলিকা! ইমান চেষ্টাৰ মূৰত মনে বিচৰা চাকৰিটো পাইছা!’

তুলিকাই আছমাৰ উৎসাহত চামিল হ’বলৈ চেষ্টা কৰিলে। কিন্তু তথাপিও যেন তাইৰ বুকুত ৰুৰুৱাই বাজি থকা খুদুৱনিৰ সুৰটো নাতৰিল৷

‘কি হ’ল? তোমাৰ ভাল লগা নাই?’ তুলিকাৰ মুখখন দেখিয়েই যেন আছমাই বুজি পালে৷

‘মোৰ বহুত ভাল লাগিছে- বহুদিনৰ মূৰত মনটো মুকলি লাগিছে খৱৰটো পোৱাৰ পিছৰে পৰা৷ কিন্তু……’

‘কিন্তু কি?’ আছমাৰ প্ৰায় অধৈৰ্য্য মাত৷

‘কিন্তু চাকৰিৰ প’ষ্টিং ইয়াত নহয়, উত্তৰ আয়াৰলেণ্ডতহে৷ অৱশ্যে পিছত ট্ৰেন্সফাৰ ল’ব পৰা হ’ব বুলি কৈছে৷’

‘এনে এটা কামৰ কাৰণে, পৰিৱেশ সংৰক্ষণৰ কাৰণে লণ্ডনতনো কি আছেগৈ! হয়তো উত্তৰ আয়াৰলেণ্ডতে কাম কৰি ভাল পাবা৷’ আছমাই যেন একেবাৰে সহজভাৱে ক’লে। এখন্তেক ৰৈ তেওঁ কিবা বুজি পোৱাৰ দৰে পুনৰ কৈ উঠিল,

‘বিদ্যুতে বিচৰা নাই তুমি যোৱাতো?’

নিজে ক’ব নোৱাৰাকৈয়ে তুলিকাৰ এটা হুমুনিয়াহ ওলাল৷

‘নাই, সি গমেই নাপায় এতিয়াও! আজিহে খৱৰটো পাইছোঁ৷ ভাৱিছোঁ, সি ৰাতি ঘৰ পোৱাৰ পিছত ভালকৈ পাতিম৷’

‘আ:, মই ডাঠি ক’ব পাৰোঁ সি তোমাক জইন কৰিবলৈকে ক’ব তুলিকা৷ লুকক জনালা নেকি? সিও শুনি খুউব ভাল পাব৷’

‘তোমাকেই প্ৰথম কৈছোঁহি আছমা! লুক ইয়ালৈকে অহাৰ কথা অলপতে৷’

‘বঢ়িয়া! সি আহক তেনে৷ তুমি ইয়াতে অলপ বহা৷ মই পাকঘৰৰ ফালে চকু দি আহোঁগৈ৷ আজি আমি চেলিব্ৰেট কৰাৰ দৰকাৰ!’

কৈয়ে আছমাই ৰান্ধনিশাললৈ খোজ দিলে৷ ৰেষ্টোৰাঁৰ মিঠা গানৰ সুৰটোত ডুবি বেছ কিছুপৰ ভাবুক হৈ ৰ’ল তুলিকা৷ মাজতে এবাৰ ঘড়ীটোলৈ চালে৷ ঘৰ পাবলৈ পলম নহয়তো! কিন্তু তাই জানে, নিশা আঠবজাৰ আগতে বিদ্যুৎ ঘৰ নোসোমায়হি৷

কাৰোৱাৰ মাত শুনি ৰেষ্টোৰাঁৰ সিমূৰে তাই চাই পঠিয়ালে ৷ এটা তিনিজনীয়া পৰিয়ালক আদৰি আনি সুনন্দাই মাজৰ ঘূৰণীয়া টেবুলখনত বহুৱাইছেহি৷ এহাল দম্পতীৰ সৈতে দহ-বাৰবছৰীয়া শিশু এটি৷ সেই টেবুলখনতে প্ৰথমবাৰ লুকক লগ পোৱা নাছিলনে তাই? ঠিকেই৷ প্ৰায় অহাৰ দৰেই আছমাৰ পাকঘৰত সিদিনাও আহি বহিছিলহি তুলিকা৷ প্ৰথমতে আদা-নহৰুৰ সুবাসে আনি দিয়া স্বদেশৰ যোগসূত্ৰৰ হেঁপাহত, পিছলৈ আছমাৰ সান্নিধ্যৰ আকৰ্ষণত৷

তুলিকা বহি থকা সেইখন টেবুলৰে চকী এখনত লুকক বহুৱাই আছমাই কৈছিল,

‘তোমাক যে কৈ আছিলো এয়াই সেই লুক, তুলিকা৷ লুক তোমাৰ ফিল্ডৰে, প্ৰকৃতিবিদ৷’

‘লগ পাই ভাল লাগিল তুলিকা৷’ চুটিকৈ কটা শুভ্ৰ চুলিখিনিত এনেয়ে হাত বুলাই মিচিকিয়া হাঁহি এটাৰে লুকে কৈছিল আৰু তাইৰ কাষতে বহি পৰিছিল৷

সেই সময়ত তাই ব্যতিব্যস্ত হৈ আছিল এই বিদেশৰ মাটিত নতুনকৈ এটা জীৱন সজাই লোৱাৰ উখল- মাখলত৷ নতুন পৰিচয় আৰু নতুন ঠিকনাৰ বাবে এটা চাকৰিয়ে বাট মুকলি কৰি দিব, এই ভাৱেৰে যৎপৰোনাস্তি চেষ্টা কৰি আছিল কামৰ সন্ধান উলিওৱাত৷ সেয়েই কিজানি তাই লুকৰ সৈতে চিনাকি হৈ উৎসাহী হৈ পৰিছিল আৰু মনে মনে আছমা খানৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছিল৷

সেই প্ৰথম চিনকিতে সিহঁতে বহু কথাই পাতিছিল৷ লুকে সুধিছিল তাইৰ পঢ়া শুনা আৰু কামৰ অভিজ্ঞতাৰ কথা৷ তাইৰ কামৰ কথা পৰম আগ্ৰহেৰে শুনি সি শেষত কৈছিল,

‘তুমি স্বেচ্ছামূলক কামবোৰত ভাগ নোলোৱা কিয়? লণ্ডনৰ আশে পাশেই যথেষ্ট কাম হৈ থাকে৷ দুদিনমান ইয়াতে অলপ অভিজ্ঞতা গোট খালে তোমাৰ ইউ কেত চাকৰি পাবলৈ বহুত সহজ হৈ পৰিব৷ লগতে ইয়াত কেনেধৰণৰ কাম হয় আৰু চাকৰি কেনেকুৱা নিজেই গম ল’ব পাৰিবা৷’

‘নতুন কাম আৰু নতুন অভিজ্ঞতাৰ কাৰণে মই সদায়ে সাজু৷ কিন্তু এনে সযোগ-সুবিধা ক’ত কেনেকৈ পাম?’

লুকে ক্ষন্তেক চিন্তা কৰি কৈছিল,

‘মই নেচাৰত কাম কৰোঁ, গম পাইছাই নহয়৷ নেচাৰৰ স্বেচ্ছাসেৱকৰ সমন্বয়ক জেছিকা৷ তেওঁৰ স’তে মোৰ ভাল চিনা-পৰিচয় আছে৷ তেওঁলোকে সময়ে সময়ে স্বেচচ্ছাসেৱক বিচাৰিয়ে থাকে৷ তোমাৰ কথা মই ক’ম বাৰু৷ এইটো ইমেইল আই ডি লোৱা – তেওঁক সুধিবা কিবা নতুন কাম ওলাইছে নেকি!’

সিদিনা তুলিকাৰ উৎসাহৰ সীমা নাছিল৷ সেই যোগসূত্ৰৰ পৰাই লণ্ডনত তাইৰ এই কেৰিয়াৰৰ দুৱাৰ মুকলি হৈছিল৷ নেচাৰৰ স্বেচ্ছাসেৱকৰ দলত যোগ দি তাই লণ্ডনৰ আশে পাশে চলি থকা কেইবাটাও প্ৰকল্পত জড়িত হৈ পৰিল৷ আৰু সেই আৰম্ভণিয়েই এখোজ দুখোজকৈ আগবঢ়াই আনি আজি ডেৰ বছৰৰ মূৰত নেচাৰতে তাইৰ প্ৰথম চাকৰিৰ সুযোগ আনি দিলেহি৷

‘তুলিকা! কি খৱৰ তোমাৰ? আছমাই ক’লে কিবা ভাল খৱৰ আছে হেনো!’ লুকৰ মাতত প্ৰায় উচপ খাই উঠিল তুলিকা৷

দিনটোৰ অফিচৰ কামৰ শেষত তাৰ চকুযুৰি ভাগৰুৱা হৈ আছে কিন্তু আনদিনাৰ দৰেই সপ্ৰতিভ মুখ, উচ্ছল হাঁহি৷ খৱৰটো শুনি তাৰ সেই হাঁহিৰ উজ্জ্বলতাও যেন দুগুণে বাঢ়িল৷ আছমাইও ৰান্ধনিশালৰ পৰা ওলাই আহি প্ৰায় হৈ চৈ লগাই দিলে৷ লুক তেওঁৰ বহু পুৰণি বন্ধু৷ দুই বন্ধু লগ হ’লে বহু দীঘলীয়া আড্ডা চলে, হাঁহি-ধেমালি আৰু বীয়েৰৰ ৰাগী উঠে৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ তুলিকাৰ চাকৰিৰ খৱৰে তাত যেন অধিক ৰহণহে সানিলে৷

সন্ধিয়া এটা সময়ত আছমা আৰু লুকক ৰেষ্টোৰাঁতে এৰি মুকলি মন এটাৰে তুলিকা ঘৰলৈ উভতি আহিল৷ উভতনিৰ বাটতে পোৱা টেস্ক’ ছুপাৰষ্ট’ৰত সোমাই তাই কিনি আনিলে মাছৰ টেঙা আঞ্জা এখনৰ বাবে সকলোবোৰ উপাদান৷ বিদ্যুতৰ প্ৰিয় খাদ্য! ঘৰ পাই পোনেই তাই পাকঘৰত সকলোবোৰ যতনাই ল’লে৷ সমান জোখৰ টুকুৰা কৰি পেকেটত সজাই থোৱা বৰফময় বাছা মাছ- হয়তো ভাৰতৰ পৰাই আমদানি কৰা৷ সেইখিনি উলিয়াই থৈ ৰন্ধাৰ বাবে সাজু হ’বলৈ দি তুলিকা গৈ চাৱাৰৰ তলত থিয় দিলেগৈ৷

অন্য দিনা নিৰৱচ্ছিন্ন পানীৰ ধাৰাবোৰ সমগ্ৰ শৰীৰত বৈ যাবলৈ এৰি দি চাৱাৰৰ তলত বেছ কিছুপৰলৈ আত্মমগ্ন হৈ ৰয় তাই৷ আজি পিছে তাই ততাতৈয়াকৈ ওলাই কোমল টাৱেলখন মেৰিয়াই লৈ শোৱাকোঠাৰ ৱাৰড্ৰৱ খুলিলেহি৷ ইটোৰ পিছত সিটো সাঁজৰ ওপৰেদি হাত বুলাই গৈ এসাঁজ কাপোৰত তাই থমকি ৰ’ল৷ সৰিয়হ বুলীয়া এযোৰ চুৰিদাৰ৷ বিদ্যুতৰ সৈতে প্ৰথমবাৰৰ বাবে এই বিদেশী মাটিত ভৰি দিওঁতে তাই এইযোৰ পিন্ধি আহিছিল৷ নতুন পৃথিৱী এখন আদৰাৰ উত্তেজনা, এৰি অহা আপোন পৃথিৱীখনৰ মায়া আৰু ভৱিষ্যতৰ বহু সপোনে ভিৰ লগোৱা কি যে এক অপূৰ্ব সময় আছিল সেয়া! তাইক আশ্বস্ত কৰিবলৈ অহৰহ চেষ্টা কৰি থকাৰ মাজতে বিদ্যুতে বিমুগ্ধ দৃষ্টি এটাৰে কৈছিল,

‘এই চুৰিদাৰযোৰে ইমান ধুনীয়া দেখাইছে তোমাক!’

ৰামধেনুৰ সাতোৰং যেন থুপ খাইছিলহি তাইৰ মুখখনত!

তাৰ পিছত এই চুৰিদাৰযোৰ কিয় জানো জাপি থোৱাতে থাকিল! কোনোদিনে তাইৰ হাতৰ পৰশ নপৰিল- বিদ্যুতৰ বিমুগ্ধ দৃষ্টিও নপৰিল! আজি তাই সেইযোৰকে উলিয়াই ল’লে৷ কান্ধত পৰা তাইৰ ফিৰফিৰীয়া ক’লা চুলিটাৰি স্কান্সিডাল খুলি দি মুকলি কৰি দিলে৷ বহুদিনৰ মূৰত দীপালী বৰঠাকুৰৰ গান শুনি শুনি তাই ৰন্ধাত লাগিল৷

নিশা চাৰে আঠমানত দুৱাৰ খুলি বিদ্যুত সোমাই আহিল৷ এখন যুঁজৰ অন্তত বিধস্ত হৈ পৰা ৰণুৱাৰ দৰে তাৰ মুখ৷ দিনটোৰ ব্যস্ততাই অবিন্যস্ত কৰি দিয়া নীলা চ্যুটযোৰেও যেন ক্ষন্তেক জিৰণিৰ বাবে হাহাঁকাৰ কৰি উঠিছে৷ অন্যদিনাৰ দৰেই তুলিকাই কিতাপ এখন লৈ বহাকোঠাৰ চোফাখনতে পৰি তালৈ বাট চাই আছিল। তুলিকালৈ চাই সি মাথোঁ লাহেকৈ মূৰ দুপিয়ালে আৰু অফিচৰ বেগটো একাষে থৈয়ে বাথৰুমলৈ যাবলৈ উদ্যত হ’ল৷

‘আহিলা!’ তুলিকাৰ মাত শুনি সি এখন্তেক ৰ’ল৷ প্ৰথমে তাইলৈ চালে, তাৰপিছত তাৰ দুচকু গ’ল বহাকোঠাৰ মাজতে থকা কফি টেবুলৰ সুগন্ধি মমবাতিডাললৈ৷

‘হু: অঁ! তুমি খোৱা-বোৱা কৰিলানে?’ সৌজন্যৰ খাতিৰতে যেন সুধিলে সি!

‘নাইখোৱা, আজি তুমি ভাল পোৱা মাছৰ টেঙা আঞ্জা ৰান্ধিছিলোঁ৷ সেয়ে একেলগে খাম বুলি ৰৈ দিলো৷’ তুলিকাই শান্ত মাতেৰে কৈ তাৰ ওচৰ চাপি আহিল৷ একেবাৰে কাষলৈ আহি তাই বিদ্যুতৰ টাইডাল ঢিলাই দিলেহি৷

বিদ্যুৎ যেন অলপ অসহজ হ’ল৷ তাইৰ পৰা লৈ টাইডাল খুলি খুলিয়ে এইবাৰ সি শোৱাকোঠালৈ সোমাই গ’ল৷ তাৰপিছত বাথৰুমলৈ৷ দুৱাৰখন বন্ধ কৰাৰ আগে আগে মাথোঁ ক’লে,

‘মই ঘপকৈ গা ধুই লওঁ ৰ’বা৷ ডিনাৰ বাহিৰতে কৰিলো; কিন্তু তোমাৰ লগতে মাছৰ আঞ্জাখন খাই চাম৷’

কওঁ কওঁ বুলিও তুলিকাই খোৱাৰ পৰত বিদ্যুতক খৱৰটো দিব নোৱাৰিলে৷ দুয়োৰে মাজত ওলোমা বাদুলি দি থাকিল এসাগৰ নীৰৱতাই- চিৰাচৰিতভাৱে৷ মাথোঁ আঞ্জাখন মুখত দি বিদ্যুতে ক’লে,

‘বৰ সোৱাদ হৈছে৷ থেংক ইউ!’

‘ৱেলকাম!’

সিমানেই, মাথোঁ সিমানেই৷ অভিমানে বেৰি ধৰি তুলিকাক যেন মূক কৰি পেলালে৷

তাইৰ এইসাঁজ কাপোৰ, এই আয়োজন- একোৱে দেখা নাইনে বিদ্যুতে! নে দেখিও নেদেখাৰ অভিনয় কৰিছে সি? কিয় অসহজ হৈ পৰিছে, কিয় ইমান অচিনাকি হৈ পৰিছে এই বিদ্যুৎ?

আনদিনা খাই উঠি বিদ্যুৎ পোনেই বিছনালৈ যায়৷ দিনটোৰ ভাগৰে পিষ্ট কৰা দেহ আৰু মনে হয়তো অলপ জিৰণিৰ বাহিৰে অন্য একো ভাৱিবলৈ বা কৰিবলৈ আহৰি নাপায়৷ আজি পিছে সি বহাকোঠালৈ আহিল৷ আৰামী চোফাখনত বহি লৈ টিভিটো অন কৰি দিলে৷ তাক দেখি তুলিকাও তাৰ কাষতে বহিলহি৷ বাতৰিত অহৰহ আহি থাকিল ব্ৰেক্সিটৰ খৱৰ- টেৰেচা মে’ৰ চৰকাৰ অস্তিত্ব সংকটত, জনসাধাৰণৰ ক্ষোভ, ইউৰোপিয়ান ইউনিয়নৰ বাৰম্বাৰ সকীয়নী!

অলপ পিছতে ঘপকৈ সি ৰিম’টৰ বাটন টিপিলে৷ ধাপকৈ ৰুদ্ধ হৈ গ’ল সেই বাতৰি পঢ়োতাৰ কণ্ঠ৷

দুটা নীৰৱ মুহুৰ্ত্ত।

তাৰপিছত একো অৱতাৰণা নকৰাকৈ বিদ্যুতে তলমূৰকৈ ক’লে,

‘তোমাক কিছুমান কথা ক’ব খুজিও ৰৈ গৈছে তুলিকা৷ কিন্তু আজি ক’ম বুলি ভাৱিছোঁ৷’

বিদ্যুতৰ মাতটোৱে তুলিকাৰ হৃদয়ত অদ্ভুত এটা কঁপনি তুলি দিলে৷ কিবা যেন বহু দূৰৈৰ পৰা ৰিৰিয়াই ভাঁহি অহা এটা মাত। যেন বুকু হেঁচা মাৰি ধৰা এচটা গধুৰ শিলৰ বোজা কঢ়িয়াই অনা এটা মাত!

‘তোমাকো এটা খৱৰ দিবলৈ আছিল আজি! সেয়ে দিনত ফোনো কৰিছিলোঁ …’

‘প্লিজ, মোক ক’বলৈ দিয়া!’ তুলিকাৰ কথা শেষ কৰিবলৈ নিদি অধৈৰ্য্যভাৱে বিদ্যুতে কৈ উঠিল৷ যেন তাৰ ভয়, এটাও মুহূৰ্ত্ত অবাবত গ’লে তাৰ সেই মাত ৰুদ্ধ হৈ যাব-পুনৰ অসহজ নীৰৱতাই বুকু জুৰি আখল পাতি ল’ব!

‘কোৱা!’ কিবা এক অজান আশংকাত তুলিকা স্তব্ধ হৈ পৰিব খুজিলে!

‘মই আৰু একো লুকুৱাব নোখোজোঁ৷ তুমি কি বিচাৰা নিজেই ঠিক কৰিবা তুলিকা৷’ বিদ্যুৎ এখন্তেক ৰ’ল৷ যেন জীভাৰ সন্মুখত ৰৈ থকা শব্দকেইটা উচ্চাৰণৰ বাবে তাৰ শেষ শক্তিখিনি নোহোৱা হৈ পৰিছে৷

এটা সময়ত ভগ্ন কণ্ঠেৰে সি কৈ উঠিল,

‘মোৰ জীৱনত অন্য কোনোবা আছে!’

তুলিকা থৰ হৈ ৰ’ল বহুপৰ। শব্দবোৰে যেন ডিঙিত আহি সোপা মাৰি ধৰিলেহি৷ কি ক’ব তাই, কি ক’ব! সুধিবনে তাই বিদ্যুতক? কৈফিয়ৎ বিচাৰিবনে? একো কথা পতাৰ, একো কৰাৰ অৱকাশ নোহোৱা হৈ পৰিল যেন৷ বহুপৰলৈ স্তব্ধ হৈ ৰ’ল যেন তাইৰ সকলো ইন্দ্ৰিয়! এটা সময়ত তাই অনুভৱ কৰিলে, তাইৰ যেন স্থিতি নাই, স্থান নাই, সময় নাই-সকলো মাথোঁ এটা শূন্য!

এটা সময়ত একেই ভগ্ন কণ্ঠেৰে বিদ্যুতে কৈ উঠিল,

‘কিবা এটা কোৱা, তুলিকা৷ তোমাক দুখ দিব খোজা নাছিলো মই! বিশ্বাস কৰা৷’

এইবাৰ তুলিকাৰ হৃদয়ত দপকৈ একুৰা জুই জ্বলি উঠিল- বিশ্বাস! এই সময়ত বিদ্যুতৰ মুখত এই শব্দ! তাইৰ উশাহ বন্ধ হ’ব খুজিলে যেন! তাইৰ ভাৱ হ’ল, যিমান পাৰি সোনকালে এই বন্ধ কোঠাৰ মৃত বতাহখিনি এৰি বাহিৰলৈ ওলাই যাব খোজে তাই৷ যিমান দীঘলীয়াকৈ ইয়াত থাকিব সিমানেই খৰকৈ যেন তাইৰ জীৱনীশক্তি টুটি গৈ থাকিব৷

তাই চাৎকৈ উঠি আহিল শোৱাকোঠাৰ বেলকনিলৈ৷ বিদ্যুতো তাইৰ পিছে পিছে উঠি আহিল৷

এটা চেপা উচুপনিৰে সি তাইক ক’লেহি,

‘কিমান অশান্তি লৈ আছোঁ, কিমান চেষ্টা কৰিছোঁ তোমাক ক’বলৈ তুমি নাজানা!’

কি ক’ব খুজিছে সি! তাই বুজিব নোৱাৰে- একোকে ভাৱিব নোৱাৰে৷ মাথোঁ উপলব্ধি কৰিলে, এইখন হৃদয় তাই চিনি নাপায়৷ এইখন হৃদয়লৈ বাট কেনি তাই নাজানে৷

এটা সময়ত তাই বিগলিত কণ্ঠেৰে সুধিলে, ‘কোন?’

লগে লগে বিদ্যুতে উচুপিবলৈ আৰম্ভ কৰিলে৷ উচুপি উচুপি সি কোনোমতে উচ্চাৰিলে, ‘উলুপী!’

এইবাৰ তুলিকাৰ আত্মনিয়ন্ত্ৰণৰ সকলো চেষ্টা যেন বিফল হৈ পৰিল৷ উলুপী! আছমা খানৰ একমাত্ৰ ছোৱালী উলুপী! তুলিকাৰ বিস্ফোৰিত দৃষ্টিৰ সন্মুখত বিদ্যুতৰ শিৰ নত হৈ পৰিল৷

‘কিমান দিন হ’ল?’

‘ছমাহ!’

‘এতিয়া কিয়? এতিয়া কিয় ক’লা মোক?’

‘কাৰণ…কাৰণ… উলুপী প্ৰেগনেণ্ট!’

সিদিনা ওৰে নিশা দুৱাৰ মাৰি তুলিকা বহি থাকিল আলহী কোঠাৰ মজিয়াত৷ চকুপানী শুকাই যোৱালৈকে, দুচকু উখহি উঠালৈকে তাই কান্দিলে৷ এটা বেয়া সপোনৰ দৰে সেই নিশাৰ কথাখিনি মোহাৰি পেলোৱাৰ অহৰহ চেষ্টা কৰি কৰি তাই ভাগৰি পৰিল৷ সকলো যেন নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে। অকোঁৱা পকোঁৱা পৰ্বতীয়া বাটেৰে গৈ থকা গাড়ী এখনৰ চালকে কেঁকুৰি এটা নমনাৰ ফলত হঠাৎ বিচ্যুত হৈ পৰাৰ দৰে৷ এটা মুহূৰ্তৰ সেই বিচ্যুতি- সেই বিস্ফোৰক মুহূৰ্তৰ পিছতে সকলোবোৰ ধুঁৱলী কুঁৱলী! বাটৰ একাষৰ তলিহীন খাৱৈৰ দিশে ক্ৰমাৎ সৰি পৰিছে গাড়ীখন। তাৰ ভিতৰত প্ৰাণটোৰ বাবে হেৰাই গৈছে স্থান-কাল-পাত্ৰৰ ধাৰণা, পোৱা-নোপোৱাৰ সকলো হিচাপ৷

পুৱতি নিশা সেই অৱস্থাৰেই তুলিকাই লেপটপটো ওচৰলৈ আনি লৈ লাহেকৈ অন কৰিলে৷ নেচাৰৰ অফিচৰ পৰা অহা ইমেইলটো খুলি তাই দিনতে অহা অফাৰ লেটাৰখন এবাৰ পঢ়িলে৷ এটা এটা শব্দ মন দি পুনৰ পঢ়িলে৷ শেষত তাই চালে, হাইলাইট কৰি ব’ল্ড আখৰেৰে লিখা প’ষ্টিঙৰ ঠাইখনৰ নাম৷

‘ফাৰমানা, উত্তৰ আয়াৰলেণ্ড’

ফাৰমানা- ফাৰমানা- তাইৰ হৃদয়ত অহৰহ বাজি ৰ’ল সেই এটা শব্দ! এটা নজহা নপমা প্ৰাৰ্থনা হৈ!

Saturday, 6 May 2023

অসমীয়া ৱিকিমিডিয়ান মা

প্ৰথমতে নিজৰ স্বাৰ্থতে এই কামটো কৰিছিলোঁ। সেইসময়ত মোৰ ৱিকি আসক্তি তুংগত! ৱিকি মানে অসমীয়া ৱিকিপিডিয়া আৰু সহযোগী প্ৰকল্পবোৰ। বহু বছৰ ধৰি সক্ৰিয় সদস্য হিচাপে ৱিকিৰ সেই প্ৰকল্পবোৰত কাম কৰি থাকি সেয়া মোৰ নিচাৰ দৰে হৈ পৰিছে। কিন্তু সেইসময়ত পি এইচ ডিৰ  গৱেষণা আৰম্ভ কৰাৰে পৰা মোৰ সময় আৰু সুযোগৰ অভাৱ হ'বলৈ লৈছে। পিছে ৱিকিৰ প্ৰকল্পবোৰৰ জৰিয়তে ডিজিটেল পৃথিৱীত অসমীয়া ভাষাক আগবঢ়াই নিয়াৰ হেঁপাহ আগতকৈও বাঢ়িছেহে। 

এনে এটা দিনতে ঘৰলৈ যাওঁতে মাক সুধিলোঁ,

'মা, তুমি ৱিকিত কাম নকৰা কিয়?'

মাৰ প্ৰশ্নবোধক চাৱনি দেখি বুজনিৰ সুৰত ক'লোঁ, 'মই ৱিকিত লাগিবলৈ একেবাৰে সময় নোপোৱা হৈছোঁ। মোৰ সলনি তুমিয়ে কৰা। কথাতো একেটাই!'

বাচ্‌, তেনেকৈয়ে আৰম্ভ হৈ গ'ল! ঘৰত পৰি থকা মোৰ পুৰণি লেপটপটোত মাই প্ৰথমে অসমীয়া টাইপ কৰিবলৈ শিকিলে। বিভিন্ন কিতাপ-আলোচনীৰ পৰা ৱিকিৰ প্ৰৱন্ধবোৰত তথ্য-পাতি যোগ দিবলৈ শিকিলে। এটা সময়ত ৱিকিত নতুন প্ৰৱন্ধও সৃষ্টি কৰিবলৈ ল'লে।

সৰুৰে পৰা দেখি আহিছোঁ, কোনো কাম টান বুলিয়ে মাই সহজে হাৰ নামানে। সেই  ধৈৰ্য আৰু একাগ্ৰতাই যেন ৱিকিতো ফল দিলে। প্ৰথমে বহুপৰ যুঁজি-বাগৰিহে হৈ উঠা ৱিকিৰ কিছুমান কাম নিমিষতে কৰিব পৰা হ'লগৈ। 

কিন্তু ইমানখিনিলৈ আগবঢ়াৰ পিছতো মা যেন এদিন হঠাৎ ৰৈ গ'ল! 

সুধিলোঁ, 'ৱিকিত নিলিখা হ'লা যে?'

'এহ্‌, সময়ে নোপোৱা হৈছোঁ। লিখিম ৰ'।' 

মাই যেন আচল কাৰণটো ক'বলৈ সংকোচ কৰিলে। কিন্তু মই বুজিলোঁ, মাৰ ৱিকিত কাম কৰাৰ হেঁপাহটোৰ আগত মাক হোৱাৰ আৰু ঘৰখন চম্ভালাৰ দায়িত্ববোৰে অগা-দেৱা কৰিবলৈ লৈছে। 

সদায়ৰ দৰে!

সৰুৰে পৰাইতো দেখি আহিছোঁ, মাই অহৰহ ঘৰৰ জঞ্জালবোৰ লৈ টাকুৰী ঘুৰাদি ঘুৰিছে। আমাৰ ইটো সিটো প্ৰয়োজন পূৰাবলৈকে ঢপলিয়াই ফুৰিছে। কেতিয়াবা আজৰি পৰত আমাক সাধুকথা কোৱাৰ দৰে কৈছে, ককাৰ স'তে কটোৱা সৰুকালৰ কাহিনী। মাৰ দেউতাক সমাজসেৱক ককা। ককাৰ স'তে মেলে-মিটিঙে আৰু সামাজিক কামবোৰত কণমানি মাও ঘুৰি ফুৰে। সপোন দেখে, এদিন ককাৰ আদৰ্শেৰে সমাজত নিজৰ বাবে এটা চিনাকি গঢ় দিয়াৰ। 

'তাৰ পিছত?' আমি সোধোঁ।

'তাৰ পিছত আৰু কি! কম বয়সতে বিয়া হ'লোঁ। ঘৰ-সংসাৰত সোমাই পৰিলোঁ।' মাই এটা সৰল সত্যৰ দৰে কথাষাৰ কয়। কিন্তু তাৰ লগে লগে আমাক সোঁৱৰায়,

'সেইকাৰণেই তহঁতক কওঁ, বিয়া-বাৰু সংসাৰ কৰাৰ আগতে নিজৰ কাৰণে সেই চিনাকিটো প্ৰথম বিচাৰি ল। তাৰপিছত যি কৰ তহঁতৰ ইচ্ছা। তাত মোৰ কোনো আপত্তি নাই।'

মাই যেন নিজৰ ৰৈ যোৱা সপোনবোৰ আমাৰ মাজেৰে পূৰোৱাৰ সপোন দেখিবলৈ লয়। আমাৰ কাৰণেই সময় আৰু পৰিস্থিতিয়ে যেনেকৈ দাবী কৰে তেনেকৈয়ে নিজকে বিলাই দিব খোজে।

তাৰ বহু বছৰৰ পিছতো, আমিবোৰ নিজৰ ভৰিত থিয় দিয়াৰ পিছতো মাৰ সেই সমীকৰণটো একেদৰে ৰ'ল। ঘৰৰ সকলোৰে সকলো প্ৰয়োজন পূৰায়ে মা ব্যতিব্যস্ত। 

ইফালে ময়ো বদ্ধপৰিকৰ। ঘৰলৈ যাওঁতে এবাৰ জোৰ দি ধৰিলোঁ,

'নিজে সময় নুলিয়ালে কেনেকৈ ৱিকিৰ কাৰণে সময় পাবা? আমাৰ কাৰণে দৌৰা-ঢপৰা কৰি থাকিবলৈ এৰা আৰু!'

মাই আপত্তি কৰিলে। ক'লে, 'জোৰ নকৰিবিচোন। মই যেতিয়া পাৰোঁ কৰিম নহয়।'

সেইদিনা উপলব্ধি কৰিলোঁ, পশ্চিমীয়া দেশ এখনত সম্পূৰ্ণ স্বাধীন জীৱন এটা কটাই থাকি মই যেন কিছু অন্ধ হৈ পৰিছোঁ। যেন বুজিও নুবুজাৰ ভাও ধৰিব খুজিছোঁ, পুৰুষতান্ত্ৰিক সমাজ এখনৰ ধ্যান-ধাৰণাবোৰ আমাৰ কিমান গভীৰলৈকে শিপাই থাকে! জন্মৰে পৰাইতো নাৰীক শিকোৱা হয় নিজা হেঁপাহবোৰ সামৰি থ'বলৈ। পদে পদে সোঁৱৰাই দিয়া হয় পৰিয়াল-সমাজৰ প্ৰয়োজন পূৰোৱাতহে নাৰীৰ সাৰ্থকতা। তাত নিজা হেঁপাহ এটা ঠাই দিয়া মানেই যেন ঘোৰ স্বাৰ্থপৰতা! তাৰ ব্যতিক্ৰম হ'বলৈ মাৰ কষ্ট হয়। লগতে হয়তো আহি পৰে অপৰাধবোধো।

তথাপি যেন শৈশৱৰ সাধুকথাত সোমাই থকা কণমানিজনীয়ে মাৰ মাজত লুকা ভাকু খেলিবলৈ নেৰিলে। এটা সময়ত বুকুত উমি উমি ৰোৱা সেই হেঁপাহটোৰ কাৰণেই মা হয়তো আকৌ ৱিকিলৈ ঘুৰি আহিল। লকডাউনৰ সময়ত পৃথিৱী স্থিৰ হৈ ৰোৱা দিনবোৰতে এদিন মাই ৱিকিউৎসত যোগ দিলে।

ৱিকিউৎস অসমীয়া ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প। পৃথিৱীৰ যিকোনো ঠাইৰ পৰা বিনামূল্যে পঢ়িব পৰা অসমীয়া কিতাপৰ ডিজিটেল পুথিভঁৰাল। এই প্ৰকল্পত আগৰদৰেই মাই একাগ্ৰতাৰে কামবোৰ শিকিবলৈ ল'লে। কৰ্মশালাত যোগ দি কাৰিকৰী কথাবোৰো বুজি ল'লে। বহু সময়ত আহৰি আৰু ধৈৰ্যৰ অভাৱত মই এৰি যোৱা কামবোৰ মাই মোকো শিকাব পৰা হ'ল। 

লাহে লাহে মা অসমীয়া ৱিকিসমাজৰ এগৰাকী সক্ৰিয় সদস্যা হৈ পৰিল। সেইসময়তে অনুষ্ঠিত হ'ল ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা। কপিৰাইট উকলা অসমীয়া কিতাপবোৰ ডিজিটেল পৃথিৱীত সংৰক্ষণ কৰাৰ কাম। মাৰ লগতে ভিন্ন ঠাইৰ ভিন্ন বয়স আৰু ক্ষেত্ৰৰ বহু অসমীয়াই সদলবলে যোগ দিলে। লক্ষ্য এটাই- অন্য ভাৰতীয় ভাষাতকৈ অসমীয়াত বেছি কাম হ'ব লাগে। সেই মনোভাৱে মাৰ মাজলৈকো যেন নতুন উদ্যমৰ জোৱাৰ এটা আনি দিলে। 

দিনত ঘৰ-সংসাৰৰ লেঠাবোৰ যিমান পাৰি সোনকালে সামৰি প্ৰতি নিশা মা লেপটপ লৈ বহে। ৰাতি বহুপৰলৈকে ৱিকিৰ কেইবাগৰাকী সদস্যৰ সৈতে ফেৰ মাৰি পঞ্চাশ-ষাঠি পৃষ্ঠা পৰ্যন্ত মুদ্ৰণ সংশোধন কৰে, বৈধকৰণ কৰে। ইখনৰ পিছত সিখন অসমীয়া কিতাপ ৱিকিত সকলোৱে পঢ়িব পৰাকৈ উপলব্ধ কৰি যায়।

মাকে ধৰি অসমীয়া ৱিকিৰ প্ৰতিযোগীসকলৰ সেই সাধনাই ফল দিলে।মাথোঁ পোন্ধৰ দিনতে ত্ৰিছখন মান অসমীয়া কিতাপ ৱিকিত উপলব্ধ কৰি অসমীয়া ৱিকিউৎসই সৰ্বভাৰতীয় পৰ্য্যায়ত তৃতীয় স্থান পালে। সেই গৌৰৱৰ ভাগ মায়ো ল'লে। হাঁহি হাঁহি মোক ক'লে,

'এইবাৰ ৰাতি ৰাতি তেনেকৈ লাগি থাকি নিজৰে সৰুকালটো ঘুৰাই পোৱা যেন লাগিল, বুজিছ!'

মোৰ চকুত ভাঁহি উঠিল, স্কুলৰ পৰা আহি মাই আইতাক পথাৰত লাগি দিছে। ঘৰৰ কাম-বন সামৰি সেয়া কণমানি মা ৰাতিলৈ আজৰি হৈছে। চকুৰ টোপনি আৰু দেহাৰ ভাগৰ একাষৰীয়া কৰি হাতলেম্পৰ ধিমিক ধামাক পোহৰত মাই পঢ়িবলৈ লৈছে!

তেনে সেই হেঁপাহৰ চাকি নুমোৱা নাই, সেই সপোন হেৰোৱা নাই!

সেইবাৰ মাৰ জন্মদিনত আমি পৰিয়ালৰ সকলোৱে মিলি এটা নতুন লেপটপ কিনি দিলোঁ। মাৰ গতি এইবাৰ আৰু স্তব্ধ নহ'ল। ৱিকিউৎসত নিয়মীয়াকৈ মাক দেখা পাই থকা হ'লোঁ। গৱেষণাৰ কাম সামৰি মোৰো কিছু আহৰি ওলাল। মাৰ সৈতে এই নতুন ধাৰাটো জীয়াই ৰাখিবলৈকে মই এদিন উলিয়ালোঁ, 

'মা, আমি সপ্তাহত এবাৰকৈ একেলগে ৱিকিৰ কাম কৰিব পাৰোঁচোন।'

মা লগে লগেই মান্তি হৈ গ'ল।

তাৰপিছত প্ৰতি শনিবাৰে ৰাতি আজৰি উলিয়াই মই কানাডাৰ একোণত বহোঁ। সাত সাগৰ তেৰ নদীৰ সিপাৰে দেওবাৰে পুৱা মাও বহে। দুয়ো একেলগে অনলাইন বহি ৱিকিৰ কাম কৰোঁ। নজনা কথাবোৰ ইজনীয়ে সিজনীক দেখুৱাই দিওঁ। কামৰ লগে লগে সুখ-দুখৰ ইটো-সিটো কথাও পাতোঁ। 

এনেকৈয়ে এদিন ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩- ৰ খৱৰ আহিল। ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প আৰু ভাৰতৰ ভাষা ভিত্তিক আন্দোলনৰ প্ৰতি আগ্ৰহী দক্ষিণ এছিয়াৰ ৱিকিমিডিয়ান সকলৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন এই ৱিকিকনফাৰেন্স ইণ্ডিয়া। কানাডাৰ পৰা গৈ যোগ দিয়াটো মোৰ কাৰণে অসম্ভৱ যদিও মাক উৎসাহ দিলোঁ।

'এহ, মই পাৰিম জানো? কি ক'মগৈনো?' মাৰ মাতত এটা সংকোচৰ ভাৱ। নিজৰ সামৰ্থ্যক লৈ এটা চিৰন্তন সন্দেহৰ অগা-দেৱা।

'কিয় নোৱাৰিবা? ৱিকিউৎসৰ কামবোৰ আৰু তোমাৰ অভিজ্ঞতাৰ কথাকে ক'বাগৈ।'

অৱশেষত ঠিক হ'ল, মাৰ বক্তব্যৰ বিষয় হ'ব- ৱিকিউৎসৰ বিগত এটা দশক। কথামতেই কাম। আবেদন কৰাৰ এমাহমানৰ পিছতে খৱৰ আহিল, সেই বিষয়ে বক্তব্য দিবলৈ মা মনোনীত হৈছে। তাকো হায়দৰাবাদৰ সেই ৱিকিকনফাৰেন্সলৈ অহা-যোৱা আৰু থকা-খোৱা সকলো সামৰি সম্পূৰ্ণ জলপানিসহ!

এই কনফাৰেন্সত যোগ দিবলৈ ওলোৱা অন্য অসমীয়া ৱিকিমিডিয়ানৰ লগতে মাৰো  পূৰ্ণোদ্যমে যোৱাৰ প্ৰস্তুতি চলিল। তাৰ লগতে পিছে বাঢ়িল মাৰ পাৰিবাৰিক দায়িত্ববোৰ। গতিকে মাই যেন আগতকৈও বেছিকৈ ঢপলিয়াই ফুৰিবলৈ ল'লে। আজি অ'ত, কাইলৈ ত'ত মা। যেন যি যেনেকৈ বিচাৰিছে তেনেকৈয়ে সেই সময়ত সেই ঠাইত গৈ উপস্থিত হোৱাটোৱে মাৰ কৃতিত্ব!

পৃথিৱীৰ ইটো মূৰৰ পৰা মই সেয়ে মাজে মাজে সোঁৱৰাবলৈ ল'লোঁ, 

'মা, তোমাৰ কনফাৰেন্সলৈ বেছি দিন নাই। প্ৰেজেনটেশ্যন হৈছেগৈ নাই?'

দুয়োখন পৃথিৱীৰ টনা-আজোৰাতে নিৰন্তৰ ব্যস্ত থাকিও ৰাতি ৰাতি মা লেপটপৰ আগত বহে। জীৱনত কোনোদিনে কৰি নোপোৱা কামবোৰ নতুনকৈ শিকে। টোপনি ক্ষতি কৰি কৰি লেপটপত প্ৰেজেনটেশ্যন বনায়। বিচাৰি খুঁচৰি ৱিকিউৎসৰ এটা দশকৰ এই যাত্ৰাৰ টোকা কৰে। 

পিছদিনা পুৱা মাই কষ্টেৰে গোটোৱা তথ্য-পাতি আৰু প্ৰেজেণ্টেশ্যন চাই চাই মই যেন মমৰ দৰে গলিবলৈ ধৰোঁ। আকৌ এবাৰ নিজকে সোঁৱৰাওঁ, মোৰ কাৰণে যে কথাবোৰ ক'বলৈ বৰ সহজ। কিন্তু মাৰ পৃথিৱীখনত নিজৰ হেঁপাহ এটা পূৰাবলৈকো যে বহু যুঁজ-বাগৰ চলে। নিজৰ সৈতেও। সমাজৰ সৈতেও।

এনেকৈয়ে টানি-আজুৰি এদিন মা সাজু হ'লগৈ। দলে-বলে অসমীয়া ৱিকিৰ আঠজনীয়া দলটো হায়দৰাবাদলৈ উৰা মাৰিলে। 

ৱিকিকনফাৰেন্সত মা

পোনপ্ৰথমবাৰৰ কাৰণে মাই কেৱল নিজৰ কাৰণে এনে এটা যাত্ৰা কৰিলে।

পোনপ্ৰথমবাৰৰ কাৰণে এনে এখন কনফাৰেন্সত অংশ ল'লে।

পোনপ্ৰথমবাৰৰ কাৰণে দেশ-বিদেশৰ ৱিকিমিডিয়ানৰ সন্মুখত বক্তব্য দিলে। সম্পূৰ্ণ অসমীয়াত। 

এইবোৰৰ গুৰুত্ব বহুত। কিন্তু মোৰ বাবে এইখিনি পোৱালৈকে মাৰ অসমীয়া ৱিকিত যাত্ৰা তাতোকৈ বেছি তাৎপৰ্য্যপূৰ্ণ। কাৰণ মই জানো, কিমান আলৈ-আহুকাল নেওচি মাই আজিৰ দিনটো পাইছেহি। জানো, কেনেকৈ মাই অহৰহ নিজাকৈ এটা চিনাকি আৰু নিজা এখন পৃথিৱী বিচাৰি আহিছে।

প্ৰায়ে দেখোঁ, মাক-দেউতাকে সন্তানৰ কৃতিত্বক লৈ গৌৰৱ কৰে।সন্তানৰ কৃতিত্বৰ মাজেৰেই নিজৰ হেঁপাহ পূৰোৱাৰ চেষ্টা কৰে।  আমি সন্তানবোৰেও যেন কেৱল সেই দৃষ্টিৰেই মা-দেউতাৰ কথা ভাৱোঁ। বহুসময়ত যেন পাহৰি যাওঁ, তাৰ বাহিৰেও যে তেওঁলোকৰ এটা নিজস্ব সত্বা আছে, নিজস্ব কিছুমান হেঁপাহ আছে। বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজ এখনত বহু মহিলাৰ মাক বা পত্নীৰ চিনাকিটোৰ আগত বাকীবোৰ চিনাকি মোলান পৰি যায়। সেয়ে এই সকলোবোৰ একাষৰীয়া কৰি থৈ আজি মই মাৰ কৃতিত্বক লৈ গৌৰৱ কৰিব খুজিছোঁ। গৌৰৱ কৰিছোঁ মাৰ নিজৰ বাবে অকণমান ঠাই, অকণমান আকাশ বিচাৰি থকাৰ চেষ্টাটোৰ বাবে।

অসমীয়া ৱিকিক লৈও মই সদায়ে গৌৰৱ কৰি আহিছোঁ। এই কামৰ বাবে কোনো বিশেষ জ্ঞান, শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰয়োজন নাই। মাথোঁ প্ৰয়োজন নিজৰ ভাষাটোৰ বাবে নিভাঁজ ভালপোৱা, কথাৰ সলনি কামেৰে মাতৃভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হেঁপাহ। সেই হেঁপাহৰ বাবেই অহৰহ লগি থকা অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰচেষ্টাত হাত উজান দিবলৈ পাই মই গৌৰৱান্বিত। ক্ৰমান্বয়ে যেন এই গৌৰৱৰ আঁৰত থকা কাৰণবোৰত আৰু এটা যোগ হ'ল। এই মাধ্যমে মোৰ কাৰণে মাক কেৱল মাৰ চিনাকিৰে নহয়, এগৰাকী সহকৰ্মী হিচাপে পোৱাৰ সৌভাগ্য আনি দিছে। পৃথিৱীৰ দুটা বিপৰীত মূৰত থাকিও মা আৰু মই একেখন আকাশৰ তলত লগ হোৱাৰ সুবিধা দিছে। লগতে দিছে দুটা ভিন্ন পথেৰে আহি আহিও দুয়োৰে একেটা লক্ষ্য আৰু চিনাকি হোৱাৰ গৌৰৱ - অসমীয়া ৱিকিমিডিয়ান হিচাপে।