’ইউ ছিম প্ৰিপেয়াৰড!’ গাঢ় প’লিছ সুৰ এটাৰে কাউন্টাৰৰ বিষয়াগৰাকীয়ে মোলৈ চাই ক’লে৷
ভেনকুভাৰৰ প’লিছ কনছুলেট৷ মোৰ ভিজাৰ আবেদনৰ কাগজ-পত্ৰবোৰ কাউন্টাৰৰ মহিলা বিষয়াগৰাকীয়ে এফালৰ পৰা মন দি চাই গ’ল৷ বিভিন্ন দেশৰ বাবে ভিজাৰ আবেদনৰ অভিজ্ঞতাই ইতিমধ্যে শিকাই থৈছে, ক’তো একো সুৰুঙা নোহোৱাকৈ সকলো তথ্য-পাতি সঠিককৈ দিয়াটো অতিকৈ জৰুৰী৷ সেই আপাহতে প’লেণ্ডৰ বাবে শ্বেংগেন ভিজাৰ আবেদনৰ প্ৰস্তুতিতো হয়তো কোনো বিঘিনি নঘটিল৷
বেছ কিছু দিন ধৰি লৈ থকা এটা আশা- বৰদিনৰ বন্ধৰ দিনকেইটা প’লেণ্ডত কটোৱাৰ৷ য়ানেকৰ পৰিয়ালৰ সৈতে৷ পিছে মহামাৰীয়ে স্তব্ধ কৰি পেলোৱা এই নতুন পৃথিৱীখনত দূৰণিবটীয়া যাত্ৰা মানেই বাধাৰ নিছিগা লানি৷ সেয়ে ক’ভিডৰ বাবে বিমানযাত্ৰাত কিবা বিৰূপ প্ৰভাৱ পৰে নেকি তাকে শেষ মুহুৰ্ত্তলৈকে লক্ষ্য কৰি ৰ’লো৷
ইতিমধ্যে কানাডাত প্ৰায় ৭৬% বাসিন্দাৰ ছিটাকৰণ সম্পূৰ্ণ হৈ যোৱাত যাত্ৰাৰ ক্ষেত্ৰত নীতি নিয়মবোৰ কিছু শিথিল হৈছে৷ তথাপি সকলো ৰাজহুৱা স্থানত মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক৷ আন্তৰ্জাতিক ভ্ৰমণৰ বাধা-নিষেধো কিছু কমা যেন লগাত অক্টোবৰৰ শেষৰফালে প’লিছ কনছুলেটত ভিজাৰ এই আবেদন৷
ক’ভিডৰ বাবে ঘনাই সলনি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়ে কেইবাদিনো আগতীয়াকৈ ট’ৰ’ন্ট’লৈ আহি বান্ধৱী এলাইডাৰ ঘৰত বাহৰ পাতিলোহি৷ ট’ৰ’ন্ট’ৰ পৰা পোনেই প’লেণ্ডৰ ৰাজধানী ৱাৰশ্ব’লৈ বিমানযাত্ৰা৷
ইতিমধ্যে কানাডাত প্ৰায় ৭৬% বাসিন্দাৰ ছিটাকৰণ সম্পূৰ্ণ হৈ যোৱাত যাত্ৰাৰ ক্ষেত্ৰত নীতি নিয়মবোৰ কিছু শিথিল হৈছে৷ তথাপি সকলো ৰাজহুৱা স্থানত মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক৷ আন্তৰ্জাতিক ভ্ৰমণৰ বাধা-নিষেধো কিছু কমা যেন লগাত অক্টোবৰৰ শেষৰফালে প’লিছ কনছুলেটত ভিজাৰ এই আবেদন৷
প্ৰায় এসপ্তাহ পিছতে শ্বেংগেন ভিজা হাতত পৰিলহি৷ পিছে সেই সকাহবোধ বেছি দিনলৈ স্থায়ী নহ’ল৷
নৱেম্বৰৰ প্ৰথম সপ্তাহতে জানিব পাৰিলো, অস্থায়ী কৰ্মীৰ সলনি কানাডাৰ চৰকাৰে কানাডাৰ স্থায়ী বাসিন্দাৰূপে মোক অনুমোদন জনাইছে! এই স্থিতিয়ে কানাডাৰ যিকোনো ঠাইতে কাম কৰাৰ আৰু থিতাপি লোৱাৰ স্বাধীনতা আনি দিয়ে মোৰ দৰে বহুতো প্ৰবাসীৰ বাবে৷ সেই স্বাধীনতাৰ আমেজে বৰ সুখী কৰি পেলালে৷ পিছে পিছ মুহুৰ্ত্ততে উপলব্ধি কৰিলো, ইয়াৰ পৰাই অনাগত প’লেণ্ড যাত্ৰাত বিঘিনি ঘটাৰ সম্ভাৱনা!
কাৰণটো হ’ল, স্থায়ী বাসিন্দাৰূপে অনুমোদিত হোৱাৰ জাননী অহাৰ পৰা এই স্বীকৃতিৰ পৰিচয়বাহক কাৰ্ডখন পোৱালৈকে সময়খিনি দুই নাওত দুই ভৰি যেন সময়৷ এই দুদোল্যমান সময়ছোৱাত ইতিপূৰ্বে গৃহীত কোনো ভিজা বা অস্থায়ী কৰ্মীৰ অনুমোদন স্বয়ংক্ৰিয়ভাৱে অবৈধ হৈ পৰে৷ গতিকে সেই জাননী গ্ৰহণ কৰাৰ লগে লগে মোৰ ইপাৰ সিপাৰ নোহোৱা অৱস্থা হৈ পৰিব- অস্থায়ী কৰ্মীও নহয়, স্থায়ী বাসিন্দাও নহয়৷ মহামাৰীয়ে পিষ্ট কৰা যোৱা দুটা বছৰত জাননীৰ পৰা স্বীকৃতি পোৱালৈকে এই অপেক্ষাৰ সময়ছোৱা বাঢ়ি গৈ তিনি-চাৰিমাহ হৈছেগৈ৷ এই সময়ছোৱাত কোনো আন্তৰ্জাতিক ভ্ৰমণ কৰিলে উভতি আহি কানাডাৰ সীমাত প্ৰৱেশ কৰাত লেঠা লাগিব৷
কানাডাৰ এই চৰকাৰী মেৰপাকে মোক বিবুদ্ধিত পেলালে৷ বুজিলো,শুনাত তেনেই অবান্তৰ যেন লাগিলেও সময়ত কাৰ্ডখন নাহিলে মই উভতিব নোৱাৰি প’লেণ্ডতে আৱদ্ধ হৈ পৰাৰ সম্ভাৱনা! উপায়হীন হৈ লগে লগে কানাডাৰ বিভাগীয় কৰ্তৃপক্ষলৈ ইমেইল কৰিলো৷ মোৰ অৱস্থাটো আৰু এমাহ পিছতে প’লেণ্ডলৈ যোৱাৰ পৰিকল্পনা বৰ্ণাই চৰকাৰী বিভাগৰ পৰাই বিকল্প সমিধান বিচাৰিলো৷
মোক প্ৰায় আচৰিত কৰি পিছদিনাই উত্তৰ আহিল, জনালে, বিভাগে এই প্ৰক্ৰিয়া যিমান পাৰি খৰতকীয়া কৰাৰ চেষ্টা কৰিছে৷ গতিকে লগে লগে অনুমোদন গ্ৰহণ কৰি যাৱতীয়া তথ্য-পাতি জমা কৰিলে প’লেণ্ডলৈ যোৱাৰ আগতেই স্থায়ী বাসিন্দাৰ স্বীকৃতিবাহক কাৰ্ডখন অহাৰ সম্ভাৱনা৷ সেই ৰিস্ক ল’ব নুখুজিলে এই প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত কৰি অহাবছৰো কামখিনি কৰিব পাৰোঁ৷
বহু ভাৱি চিন্তি ৰিস্ক লোৱাৰে সিদ্ধান্ত ল’লো৷ তাৰপিছত দুটা সপ্তাহ প’লেণ্ডলৈ যোৱা-নোযোৱাৰ উদ্বিগ্নতাত কটোৱাৰ পিছত সঁচাকৈয়ে এদিন আহি হাতত পৰিল, স্থায়ী বাসিন্দাৰ কাৰ্ডখন!
উৎসাহেৰে যো-জা আৰম্ভ কৰোঁতেই পুনৰ পৃথিৱী ছাটি ধৰিলে অ’মিক্ৰ’ণ ভেৰিয়েন্টে৷ ইখনৰ পিছত সিখনকৈ দেশে ক’ভিডৰ বাধা-নিষেধ পুনৰ বলবৎ কৰিবলৈ লাগিল৷ প্ৰতিদিনে প’লেণ্ডকে ধৰি ইউৰোপৰ বিভিন্ন দেশত বাঢ়ি আহিল ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা৷
কানাডাৰ তুলনামূলকভাৱে নিৰাপদ ক’ভিড স্থিতিৰ বাবেই প্ৰায়বোৰ দেশে ইয়াৰপৰা যাত্ৰাৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা নাই৷ তথাপি যেন সেই চিৰাচৰিত অন্তদ্বৰ্ন্দ্ব, বিপদাকাঙ্খাৰ বাবে অনিৰ্দিষ্ট কাললৈ জীৱন ৰৈ যাবলৈ দিম নে এই নতুন পৃথিৱীত জীৱনৰ গতি অব্যাহত ৰখাৰ বাট উলিয়াম? অৱশেষত সকলো সাৱধানতা লৈ হ’লেও যোৱাৰে সিদ্ধান্ত ল’লো৷
আকাশী পথেৰে
আকাশী পথেৰে
ক’ভিডৰ বাবে ঘনাই সলনি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়ে কেইবাদিনো আগতীয়াকৈ ট’ৰ’ন্ট’লৈ আহি বান্ধৱী এলাইডাৰ ঘৰত বাহৰ পাতিলোহি৷ ট’ৰ’ন্ট’ৰ পৰা পোনেই প’লেণ্ডৰ ৰাজধানী ৱাৰশ্ব’লৈ বিমানযাত্ৰা৷
যাত্ৰাৰ দিনা এলাইডাৰ সৈতে এয়াৰপৰ্টলৈ গৈ থকাৰ মুহুৰ্ত্তত খৱৰ পালো, মই গৈ পোৱাৰ পিছদিনাৰ পৰাই প’লেণ্ডলৈ আগমণৰ নীতি অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ আস্, কাণে কাণ মাৰিহে যেন সাৰি গ’লো এইবাৰলৈ!
দুবছৰৰ মূৰত প্ৰথমবাৰৰ বাবে বিমানবন্দৰত ভৰি থৈ অসহজ ভাৱ এটাই আমনি কৰিলেহি৷ সকলোৰে মুখেমুখে মাস্ক, বাৰে বাৰে হাত দুখন ছেনিটাইজ কৰিলো, যিমান পাৰি আঁতৰি ফুৰিলো মানুহৰ ভিৰৰ পৰা৷ ক’ভিডোত্তৰ এই পৃথিৱীত সৌজন্যতা বা সামাজিক সম্পৰ্কৰ বহু উৰ্দ্ধত যেন হৈ পৰিছে স্বাস্থ্যৰক্ষা৷
সকলোবোৰ যাবতীয় কাম সুকলমে কৰি এটা সময়ত বহিলোহি প’লিছ এয়াৰলাইন ল’টৰ আসনত৷ বৰদিনৰ বাবেই হয়তো এটাও আসন খালী নথকাকৈ বিমানখনত যাত্ৰীৰ ভিৰ৷
ট’ৰ’ন্ট’ৰ নিশাৰ আকাশখন চাই চাই দীঘলকৈ এটা উশাহ ল’লো৷ মনতে কৈ উঠিলো,
’Poland, here I come!’
প্ৰায় আঠঘন্টাৰ বিমান যাত্ৰাৰ শেষত স্থানীয় সময়ৰ একমান বজাত ৱাৰছ’ৰ মাটিত ভৰি থ’লোহি৷ যাত্ৰীৰ দীঘলীয়া শাৰীত থিয় দি এটা সময়ত বৰ্ডাৰ কন্ট্ৰ’লৰ মুখামুখি হ’লো৷
’ড্যু ইউ হেভ এনি ইনভিটেশ্যন লেটাৰ ট্যু বি হিয়েৰ?’
কাউন্টাৰৰ সিপাৰে থকা বিষয়াগৰাকীয়ে মোলৈ মূৰ তুলি চাই গম্ভীৰ কন্ঠেৰে ক’লে৷
অলপ থতমত খালো৷ ভিজাৰ বাবে দৰকাৰ হোৱা তথ্য-পাতি ইয়াতো বিচাৰিব বুলি হয়তো আশা কৰা নাছিলো৷ তথাপি খুঁচৰি মেলি উলিয়াই দেখুৱালো য়ানেকৰ আইতাকে পঠোৱা চিঠিখন৷
প’লিছ ভাষাত লিখা চিঠিখন চাই লৈ তেওঁৰ মুখখন যেন কুমলিল৷ একো নুবুজিলেও অনুমান কৰি ল’লো বাবচিয়া (প’লিছ ভাষাত আইতা)ই হয়তো লিখিছে,
’তাইক মই মাতি পঠাইছোঁ৷ বৰদিনৰ সময়খিনি মোৰ লগতে অমুক ঠিকনাত থাকিবহি তাই৷....'
বাবচিয়াৰ প্ৰতি কৃতজ্ঞ হ’লো৷ তাৰপিছতে লেঠা লাগিল ফিংগাৰ প্ৰিন্টৰ স্কেনিঙত৷ কেইবাবাৰো দুয়োখন হাতৰ স্কেন লৈ বাৰে বাৰে তেওঁ কৈ উঠিল,
’ৰেজিষ্ট্ৰাৰ হোৱা নাই, আকৌ দিয়কচোন৷’
প্ৰায় পাঁচ-ছয়বাৰ চেষ্টা কৰি বিফল হৈ তেওঁ ইন্টাৰকমত কথা পাতিবলৈ লাগিল৷ কিছু উদ্বিগ্ন হ’লো৷ ইফালে য়ানেক আৰু বাবচিয়াও উৎকন্ঠাত ভুগিছে কিবা কাৰণত প’লেণ্ডৰ এয়াৰপৰ্টতে ৰৈ যাম বুলি!
ক্ষন্তেকতে ক’ৰবাৰ পৰা এগৰাকী ডেকা পুলিচ বিষয়া ওলালেহি৷ গাঢ় প’লিছ সুৰেৰে তেওঁ মোক ক’লে,
’মেডাম প্লিজ, ফ’ল’ মি!’
তেওঁৰ পিছে পিছে গৈ থকা সময়খিনিত মোৰ মনত পৰিল এনেকৈয়ে এবাৰ ছৌদি আৰবৰ জেদাহ বিমানবন্দৰত অফিচাৰে মোক আগবঢ়াই লৈ যোৱাৰ কথা, তাতে আৱদ্ধ হৈ পৰাৰ আশংকাত কিংকৰ্তব্যবিমূঢ় হোৱাৰ কথা৷ সেয়াও অন্য এক কাহিনী৷ পিছে আজি ভাগ্যক্ৰমে সেই কাহিনীৰ পুনৰাবৃত্তি নঘটিল৷
পুলিচ বিষয়াগৰাকীৰ সৈতে গৈ এটা সৰু অফিচ কোঠাত আকৌ ফিংগাৰ প্ৰিন্ট দিলোগৈ৷ এইবাৰ কিবা ভাৱি আগতীয়াকৈ হেণ্ড ক্ৰীম অলপ ভালকৈ সানি ল’লো৷ অহৰহ ছেনিটাইজাৰ ব্যৱহাৰ কৰি কৰি দুয়োহাতৰ ৰুক্ষতা যেন এৰাব নোৱাৰা হৈ পৰিছে৷ এইবাৰ স্কেনাৰ আৰু হাতে ঠিকেই কাম কৰিলে৷ স্বস্তিৰ নিশ্বাস এটা পেলাই ওলাই আহিলো৷
প’লেণ্ডত ভৰি দিয়াৰ ইতিমধ্যে দুঘন্টামান পাৰ হৈ গৈছে৷ লাগেজ বেল্টলৈ গৈ দেখিলো, সকলো বয় বস্তু লৈ বাকী যাত্ৰী কেতিয়াবাই দিহাদিহি গৈছে৷ এচুকত মাথোঁ এলাগী হৈ পৰি ৰৈছে মোৰ চ্যুটকেছ৷ চ্যুটকেছটো ঠেলি ঠেলি এয়াৰপৰ্টৰ পৰা ওলায়ে দেখিলো, উৎকন্ঠাৰে কিছু দূৰৈত থিয় দি আছে য়ানেক৷
প্ৰথম দৃষ্টিত প’লেণ্ড
’একেবাৰে ভাগৰি পৰা নাই যদি ঘৰলৈ যোৱাৰ আগতে তোমাক এখন ঠাই দেখুৱাব খুজিছোঁ৷ যাবানে?’
উবাৰখনত বহাৰ লগে লগে য়ানেকে ক’লে৷ তাৰ দুচকুত কৌতুক৷ বুজিলো, কিবা এক চাৰপ্ৰাইজ! ভাগৰতকৈ কৌতুহল বেছি হ’ল এইবাৰ৷ হয়ভৰ দিয়াৰ লগে লগে ট্ৰেফিকৰ লানিৰ মাজলৈ উবাৰখন আগবাঢ়িল৷
শীতৰ সেমেকা সন্ধ্যা প’লেণ্ডত৷ বাটৰ দুয়োকাষৰ লঠঙা গছবোৰৰ ৰুক্ষ ডালবোৰত শুকুলা বৰফৰ টুকুৰা চিকমিকাইছে৷ বহুঠাইত গছবোৰত সোণালী লাইটৰ মালা৷ বৰদিনৰ অপূৰ্ব আয়োজন সকলোফালে৷
পাৰ হৈ যাওঁতেই চকুত পৰিল ঘন কুঁৱলীৰ আচ্ছাদনৰ মাজত লুকাই পৰা পেলেচ অব কালচাৰ এণ্ড চায়েন্সৰ গগনচুম্বী অট্টালিকাটো৷ ইউৰোপৰ ভিতৰতে সৰ্বোচ্চ অট্টালিকাবোৰৰ এটা হ’লেও এই ঠাই ষ্টেলিনৰ শোষণৰ প্ৰতিমূৰ্ত্তি প’লিছ লোকসকলৰ বাবে৷ য়ানেকৰ বাবেও৷ তথাপি ফটো এখন লোৱাৰ লোভ সামৰিব নোৱাৰিলো৷
প্ৰায় আধাঘন্টাৰ মূৰতে উবাৰখন এঠাইত ৰ’লগৈ৷ বাহিৰলৈ ওলোৱাৰ লগে লগে বৰফচেঁচা বতাহ এজাকে চুই গ’ল মোৰ গালে-মুখে৷ অভাৰকোটটো গাত সুমুৱাই লৈ চাৰিওফালে চকু দিলো৷ সকলোফালেই উৎসৱমুখৰ পৰিৱেশ৷ শাৰী শাৰী লাইটৰ বাহাৰ৷ কিছু দূৰৈত এক বিশালাকায় খ্ৰীষ্টমাছ ট্ৰী৷ তাৰ কাষতে থিয় দি অহৰহ চেলফি কেমেৰা টিপিছে পথচাৰীয়ে৷
’সৌৱা তোমাৰ চাৰপ্ৰাইজ৷’
য়ানেকে আঙুলীয়াই দেখুৱালে সুসজ্জিত সেই খ্ৰীষ্টমাছ ট্ৰীৰ কাষতে থকা বিশাল প্ৰসাদটোলৈ৷ ৱাৰশ্ব’ৰ ৰাজকীয় প্ৰসাদ! দেখিয়েই মই হোহোৱাই হাঁহি উঠিলো৷
ৰাজকীয় প্ৰসাদবোৰৰ প্ৰতি মোৰ সহজাত বিৰাগক লৈ য়ানেকৰ ব্যংগ সেয়া!
’ভিতৰলৈ গৈ ভালকৈ চাবা নেকি?’ সি হাঁহি হাঁহি সুধিলে৷
’নাযাওঁ, একালৰ ৰাজকীয় বংশ বা আঢ্যবন্ত মানুহে কেনে লাহ-বিলাহেৰে জীৱন যাপন কৰিছিল তাৰ প্ৰতি মোৰো কোনো আকৰ্ষণ নাই! পাৰা যদি সেইসময়ত সাধাৰণ নাগৰিকে কেনেকৈ জীৱন কটাইছিল তাকে দেখুওৱা৷’ কৃত্ৰিম খঙেৰে কৈ উঠিলো মই৷
অৱশ্যে মনতে ভাৱিলো, পিছত এদিন আহি ভালকৈ চাবহি লাগিব এই অ’ল্ড টাউন, ইয়াৰ ঐতিহাসিক কৃতীচিহ্নবোৰ৷ য়ানেকে টেক্সি ল’বলৈ আগবাঢ়ি গ’ল৷ সেই সময়তে এগৰাকী অচিনাকি বৃদ্ধই ওচৰ চাপি আহি মোক উদেশ্যি ক’লেহি,
’ডব্ৰে ভিয়েচ্চ’ৰ’ (প’লিছ ভাষাত শুভ সন্ধ্যা)
’ডব্ৰে ভিয়েচ্চ’ৰ!’ কিছু থতমত খাই ময়ো উত্তৰ দিলো৷
তাৰ পিছতে তেওঁ কিনো ক’লে মোৰ তেনেই সীমিত প’লিছ জ্ঞানেৰে একোকে বুজি নাপালো৷ সেয়ে ক’লো,
’ছেপ্ৰাছাম! নিয়ে মুভিয়ে প’প’লস্কু!’ (ক্ষমা কৰিব, মই প’লিছ ক’ব নাজানো)
তেওঁ বুজিলে৷ হাত জোকাৰি বিদায় দি অহাবাটেৰে আগবাঢ়িল৷ তেতিয়াহে উপলব্ধি কৰিলো, এই দেশৰ মানুহৰ প্ৰায় নব্বৈ শতাংশই প’লিছ, গতিকে এই বৈচিত্ৰ্যহীনতাৰ মাজত মোৰ চেহেৰা দেখিয়েই সকলোৱে বুজিব মই যে বহিৰাগত!
’ইতিমধ্যে বন্ধু বিচাৰি পালাই যেন লাগিছেচোন!’ টেক্সিৰ পৰা য়ানেকে মাত দিয়াত সকাহ পালো৷
লৰালৰিকৈ টেক্সিখনত উঠি পৰিলো বাবাচিয়াৰ ঘৰ অভিমুখে৷ প’লেণ্ডত নতুন অভিজ্ঞতা লোৱাৰ, ইয়াৰ জীৱনৰ ৰং-ৰূপ চোৱাৰ আশাৰে৷ এটা আশাৰ পৰাইটো জন্ম হয় অন্য বহু আশাৰ!
অতি সুন্দৰ বিবৰণ । পঢ়ি ভাল লাগিল ।
ReplyDeleteঅশেষ ধন্যবাদ!
Delete