ৱাৰশ্ব’ বা প’লিছ ভাষাত ৱাৰশ্বাৱাত প্ৰথম সপ্তাহ৷ ভেনকুভাৰৰ সৈতে নঘন্টা সময়ৰ পাৰ্থক্য ইয়াত৷ সেয়ে জেট লেগৰ প্ৰভাৱ কাটিবলৈকে কিছু সময় লাগিল৷ তাৰ মাজতে এদিন ওলাই আহিলো ৱিষ্টুলা নদীৰ পাৰলৈ৷ যোৱাৰ পৰত বাবচ্চাক সহায় কৰিবলৈ অহা চুবুৰীয়া জিজিশ্বাৱাই কিছু চিন্তিত হৈ ক’লে,
’এনেকৈ অকলে গ’লে হেৰাই নোযোৱাতো? এবাৰ মোৰ মানুহজনৰ সৈতে যাওঁতে সেই হাবিখনত বাট বিচাৰি নাপাই ঘু্ৰ্মুটিয়াই ফুৰিছিলো আমি!!’
হাঁহি পেলালো৷ কিছুপৰলৈ তেনেকৈ হেৰাই যোৱাটোও যে এতিয়া এক বিলাসিতা!
ৱিষ্টুলাৰ পাৰলৈ বাট |
ৱিষ্টুলা নদীৰ সেই মথাউৰী পাৰ হৈয়ে খোজ দিলো কেঁচা বাট এটাত৷ বাটৰ দুয়োকাষে গ’ল্ডেনৰ’ডৰ বিস্তীৰ্ণ ঘাঁহনি আৰু মাজে মাজে লঠঙা গছৰ লানি৷ শীতৰ ৰুক্ষতাৰ চানেকি লৈ যেন থিয় দি আছে সেই প’পলাৰ, উইল’, অল্ডাৰ আৰু অ’ক গছৰ লঠঙা গাবোৰ৷
প’পলাৰ গছৰ সেই লঠঙা ডাল কিছুমানত মিহি হালধীয়া চামনি৷ মোৰ ফোনত ’আই নেচাৰেলিষ্ট’ এপটো উলিয়াই পৰীক্ষা কৰিলো৷ গম পালো, সেয়া চানবাৰ্ষ্ট লাইকেন৷ প্ৰকৃতিৰ অপূৰ্ব সমন্বয়ৰ চিনাকি সেয়া৷
চানবাৰ্ষ্ট লাইকেন |
সেইখিনিৰ পৰাই ইফালে সিফালে হাবিতলীয়া বাটবোৰ বিভক্ত হৈ গৈছে৷ পোনেই নদীৰ পাৰলৈকে খোজ দিলো৷ বাটৰ কাষতে এজোপা গছত কিচিৰ মিচিৰ মাত দি খাদ্য সন্ধানত ঘুৰি ফুৰিল কেইটামান ব্লেক টিট- অসমৰ ভদৰকলিৰ পৰিয়ালৰ এবিধ চৰাই৷ বাইন’কুলাৰেৰে সিহঁতক চাই থাকোতেই মোৰ খোজৰ শব্দত চাতকৈ উৰি গ’ল ইউৰোপীয়ান গল্ডফিন্স এজাক৷ সিহঁতৰ দেহত ৰং আৰু ৰূপৰ বাহাৰ দেখি মনটো পুলকিত হৈ উঠিল৷
গ’ল্ডেনৰ’ডৰ বিস্তীৰ্ণ ঘাঁহনি |
কিছুদূৰ গৈয়ে ৰ’লোগৈ ৱিষ্টুলা নদীৰ পাৰৰ সৰু বীচ্চ এখনত৷ এইখনৰ নাম Plaża Leśna৷ ঘাইপথৰ পৰা বেছি দূৰৈত নহ’লেও বৰ নিজান নদীৰ সেই পাৰ৷ সেই পাৰ চুই ঢৌ তুলি তুলি এই ৱিষ্টুলা নদীখন বৈ গৈছে এহেজাৰ কিলোমিটাৰ পৰ্য্যন্ত৷ ৱাৰশ্ব’ৰ মাজেদি বৈ যোৱা এই নদীৰ পাৰতে গঢ়ি উঠিছে প’লিছ লোকৰ জীৱন৷ পিছত গম পালো এই নদীৰ পৰাই ৱাৰশ্ব’ নামৰো উৎপত্তি হৈছে৷
কিংবদন্তী অনুসৰি এই ৱিষ্টুলা নদীৰ পাৰতে বহুবছৰৰ পূৰ্বে হেনো ৱাৰ (War) নামৰ এগৰাকী মাছমৰীয়াই বাস কৰিছিল তেওঁৰ পত্নী শ্বাৱা (Sawa) ৰ সৈতে৷ এই হাবিতে চিকাৰ কৰি ফুৰোঁতে বাট হেৰুৱাইছিল এই দেশৰ ৰাজকুমাৰে আৰু ৱাৰ আৰু শ্বাৱাৰ ঘৰত নিশাৰ অতিথি হৈছিলহি৷ পতি-পত্নীৰ অতিথি সেৱাত সন্তুষ্ট হৈ ৰাজকুমাৰে যোৱাৰ পৰত কৈ গ’ল,
’তোমালোকৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰূপেই আজিৰ পৰা এই ঠাইৰ নাম ৱাৰশ্বাৱা থ’লো৷’
তেতিয়াৰ পৰাই এই ঠাই হৈ পৰিল ৱাৰশ্বাৱা বা ইংৰাজীত ৱাৰশ্ব’৷
ৱিষ্টুলা নদীৰ একাংশ |
সেই নিজান পাৰৰ বালিতে বহি ৰ’লো বেছ কিছুপৰ৷ চকুৰে মনালৈকে চাই পঠিয়ালো ৱিষ্টুলা নদীৰ বুকুলৈ৷ দূৰৈতে ৱিষ্টুলাৰ পানীত আপোনমনে খেলা কৰিছে পানী কাউৰীবোৰে৷ গাল চৰাইৰ জাকবোৰো উৰি ফুৰিছে খাদ্যৰ সন্ধানত৷ প্ৰকৃতিৰ সেই অপূৰ্ব ৰূপ হেঁপাহ পলুৱাই উপভোগ কৰিলো৷ ভাৱিলো, ৱাৰশ্ব’ মহানগৰীৰ মাজেৰে বৈ যোৱা এই নদীয়ে সোঁৱৰায় নাযায়নে মানুহ আৰু প্ৰকৃতিৰ চিৰন্তন সংযোগৰ কথা? ইয়াৰ দুয়োপাৰৰ তৰু-লতা, চৰাই-চিৰিকটিয়ে বাধ্য নকৰেনে এই মহানাগৰিক ব্যস্ত জীৱন এপলকৰ বাবেও থমকি ৰ’বলৈ? ক্ষন্তেকৰ বাবে হ’লেও প্ৰকৃতিৰ কোলাত নিমগ্ন হ’বলৈ? দেখা পালো, মোৰ পৰা কিছু দূৰৈতে সেয়া এগৰাকী চাইকেল আৰোহী থিয় দিছেহি৷ চাইকেলখন বালিতে এৰি পাৰলৈ আহি তেওঁও তধা লাগি চাই ৰৈছে ৱিষ্টুলাৰ বুকুলৈ৷ সেই নীৰৱ-নিজান পাৰত ঠেঁটুৱৈ লগা জাৰত তেনে দুই এক বাটৰুৱাই, চাইকেল আৰোহীয়েই যেন মোৰ বহুতো প্ৰশ্নৰ উত্তৰ দি গ’ল৷
এটা মুকলি মন লৈ উভতনি খোজ দিলো৷
ৱিষ্টুলা নদীৰ পাৰত মই দেখা পোৱা চৰাই কেইবিধমান৷ ফটো: ৱিকিকমনছ |
No comments:
Post a Comment