Thursday 30 December 2021

প’লেণ্ডৰ ডায়েৰী (৯): ব্যতিক্ৰমী বৰদিন

বৰদিনৰ দিনা সমগ্ৰ ৱাৰশ্বাৱা মহানগৰী শুকুলা বৰফৰ আচ্ছাদনে ঢাকি পেলালে৷ এপাৰ্টমেন্টৰ খিৰিকীৰে উজ্বল ৰ’দত জিলমিলাই উঠা বাহিৰৰ শুভ্ৰ পৃথিৱীখন চাই চাই ভাৱিলো, তেনে এনেকৈয়ে আহিল বৰদিন! মহামাৰীয়ে পিষ্ট কৰা এই নতুন পৃথিৱীত ব্যতিক্ৰমী এটা দিন হৈ! 

বৰফৰ আচ্ছাদনত ৱাৰশ্বাৱা মহানগৰী

যোৱা দিনকেইটাতে বাবচ্চাৰ ইটো সিটো জটিলতাৰ বাবে কেইবাবাৰো সময়ে-অসময়ে ঘৰখনত ভুমুকি মাৰিছেহি জৰুৰী স্বাস্থ্যসেৱাৰ এম্বুলেন্সে৷ অক্সিজেনৰ মাত্ৰাৰ অহৰহ পৰীক্ষা চলিছে৷ সদ্যহতে ঘৰতে যত্ন লৈ থাকি অক্সিজেনৰ মাত্ৰা নিম্নগামী হোৱা যেন দেখিলেহে পোনেই হস্পিটেললৈ নিয়াৰ পৰামৰ্শ দিছে ডাক্তৰে৷ 

পুৱাতে মনটো কিছু সেমেকিল৷ সুদুৰ কানাডাৰ পৰা বাবচ্চাৰ সৈতে বৰদিন উদযাপন কৰিবলৈ আহি আজিৰ দিনটোত মই এই অকলশৰীয়া এপাৰ্টমেন্টত৷ বাবচ্চাই সমগ্ৰ জীৱন পৰম্পৰা অনুসৰি কৰি অহা বৰদিনৰ বাৰবিধ খাদ্যৰে নিশাৰ সাঁজ আজি ৰন্ধা নহ’ব, খ্ৰীষ্টমাছ ট্ৰী জোপা ৰং-বিৰঙী লাইটৰ পোহৰেৰে, নানা সাজ-সজ্জাৰে উজ্বলি নুঠিব, নোখোলাকৈয়ে পৰি ৰ’ৱ বৰদিনৰ উপহাৰবোৰ! মহামাৰীয়ে যেন নিমিষতে তচনচ্ কৰি দিলে আমাৰ সকলো আয়োজন, সকলো হেঁপাহ!

মনত পৰিল, অসম্ভৱ হৈ পৰা সেই সকলোবোৰ হেঁপাহৰ মাজতো এতিয়াও সম্ভৱপৰ মোৰ একমাত্ৰ নিজা বৰদিনৰ পৰম্পৰাটো! প্ৰায় লগে লগেই তৰপে তৰপে উমাল কাপোৰ সোমোৱাই ওলাই আহিলো৷ বাহিৰত তেতিয়া -১০ ডিগ্ৰী তাপমাত্ৰা৷ উজ্বল ৰ’দজাকৰ ভৰসাতে খোজ দিলো মহানগৰৰ মাজমজিয়াতে থকা ৱ’জেনকি উদ্যান (Łazienki Park) লৈ৷ 

মোৰ উদেশ্য বৰদিনৰ পক্ষী নিৰীক্ষণ (Christmas Bird Count)৷ এটা সময়ত উত্তৰ আমেৰিকাত বৰদিনৰ পৰম্পৰাৰ অংশ হিচাপে সেই দিনা চৰাই চিকাৰৰ প্ৰতিযোগিতা হৈছিল৷ ১৯০০ চনত তাৰে এটা স্বেচ্ছাসেৱী অনুষ্ঠান নেশ্যনেল অডূবন ছ’ছাইটিয়ে ৰাইজলৈ আহ্বান জনালে বৰদিনৰ দিনা চৰাই চিকাৰ নকৰি নিৰীক্ষণ কৰিবলৈ৷ তেতিয়াৰে পৰা প্ৰতিবছৰে দেশে বিদেশে এই বৰদিনৰ পক্ষী নিৰীক্ষণৰ পৰম্পৰা বিয়পিলৈ ল’লে৷ আজিৰ দিনত এই প্ৰকল্পটো বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ চলি অহা নাগৰিক বিজ্ঞানৰ প্ৰকল্প৷ আজি বৰদিনৰ দিনা সেই প্ৰকল্পলৈকে কিছু অৱদান দিয়াৰ হেঁপাহত মই খোজ দিলোহি ৱ’জেনকি উদ্যানত৷

ৱ’জেনকি উদ্যানত ভৰি দিয়ে চকুত পৰিল বৰদিনৰ ৰাতিপুৱাই বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে খোজ দিবলৈ বহুতো লোক ওলাই আহিছে৷ ডাঠ উমাল কাপোৰৰ মাজত কোনোমতে দেখা পোৱা মুখবোৰলৈ চাই চাই ভাৱিলো, কাৰ বাবে কেনেদৰে আহিছে এই বৰদিন, কেনে ৰূপ লৈছে জীৱনে এই নতুন পৃথিৱীত! 

ৱ’জেনকি উদ্যানত বৰফৰ দলিচা

ৱ’জেনকি উদ্যানখনৰ চাৰিওদিশে বৰফৰ দলিচা৷ লঠঙা গছবোৰৰ ডালে ডালে বৰফৰ শুকুলা প্ৰলেপ৷ উজ্বল ৰ’দত চিকমিকাই উঠা সেই অৰণ্যৰ অপূৰ্ব ৰূপে মোক পলকতে মুগ্ধ কৰি পেলালে৷ এই উদ্যানখন বহুদশক পূৰ্বে এগৰাকী সম্ভ্ৰান্ত নাগৰিকে ব্যক্তিগত স্নান উদ্যানৰ আৰ্হিত গঢ়িছিল৷ গম পালো ৱ’জেনকি নামটোৰ অৰ্থই হ’ল বাথ অৰ্থাৎ স্নান৷ পৰৱৰ্ত্তীকালত প’লেণ্ডৰ অন্তিম ৰজা গৰাকীয়ে এই বিশাল উদ্যানখন কিনি লৈ নিৰ্মাণ কৰিলে আটকধুনীয়া প্ৰসাদ, নানা আকৰ্ষণীয় কীৰ্তিচিহ্ন৷ 

বিশাল উদ্যানখনৰ অসংখ্য সৰু বৰ বাট৷ বাইন’কুলাৰ উলিয়াই লৈ তাৰে এটা বাটত লাহে লাহে খোজ দিলো৷ ফোনত সক্ৰিয় কৰি ল’লো ইবাৰ্ড নামৰ এপটো৷ পক্ষী নিৰীক্ষণৰ বাবে অতিকৈ নিৰ্ভৰযোগ্য এই এপটোৱে মোৰ গতিপথ আৰু সময় জিপিএছৰ সহায়ত ৰেকৰ্ড কৰিব আৰু পক্ষী নিৰীক্ষণৰ সকলো তথ্যও লগে লগেই তাত ভৰাই যাব পাৰিম৷ 

সেই ঠেটুৱৈ লগা শীততো দেখা পালো ইফাল সিফাল কৰি খাদ্যৰ সন্ধানত ব্যস্ত হৈ পৰিছে কেইবাটাও ভদৰকলি চৰাই৷ প’লেণ্ডৰ এই অংশত আকৌ দুবিধ ভদৰকলি চৰাইৰ প্ৰজাতি পোৱা যায়৷ দেখাত প্ৰায় একে যেন লাগিলেও এবিধৰ মূৰটো নীলবৰণীয়া (Eurasian Blue Tit), আনবিধ আমাৰ অসমত দেখা পোৱা ক’লা মূৰৰ একেবিধ ভদৰকলি (Great Tit)৷ দুয়োবিধ প্ৰজাতিৰে কেইবাটাও জাকে সুমধুৰ মাতেৰে এটা ডালৰ পৰা সিটো ডাললৈ উৰি ফুৰা চকুত পৰিল৷

খাদ্যৰ সন্ধানত ব্যস্ত এটি ভদৰকলি


সমগ্ৰ উদ্যানখনতে লঠঙা গছৰ ডালত আৰু বৰফৰ দলিচাতো কেইবাবিধো কাউৰী প্ৰজাতিৰ চৰাইয়ে কোৰ্হাল কৰি থকাও দেখা পালো৷ সেইকেইবিধ দেখাত সাইলাখ কাউৰীৰ দৰেই যদিও ভালকৈ মন কৰিলে চকুত পৰে, দেহৰ বৰণৰ ইটো সিটো পাৰ্থক্যবোৰ৷ সিদিনা চকুত পৰিল ৰুক, হুডেড কাউৰী আৰু ৰেভেনৰ জাকবোৰ৷

বৰফৰ মাজত এটা হুডেড কাউৰী

সুউচ্চ পৰ্ণপাতী অৰণ্যৰ ছাঁত মূৰ দাঙি ৰোৱা শ্ন’বেৰী জোপোহাবোৰৰ ফটো ল’বলৈ এঠাইত ক্ষন্তেক ৰ’লো৷ বৰফৰ দলিচাৰ সৈতে শুকান ডালত শ্ন’বেৰীবোৰৰ আকৰ্ষণীয় ৰূপ৷

শ্ন’বেৰীৰ শুকান জোপোহা

পিছে অকস্মাৎ মোৰ মনোযোগ আকৰ্ষণ কৰিলে এটা কেৰ্কেটুৱাই৷ মোৰ কাষতে থিয় দঙা দি কৌতুহলেৰে চাই আছে এটা ৰঙা কেৰ্কেটুৱাই৷ মই লৰচৰ নকৰাত এখোজ দুখোজ কৈ আগবাঢ়ি আহি  পলকতে একেবাৰে কাষ চাপি আহিল কেৰ্কেটুৱাটো আৰু মই কিবা তলকিবলৈ পোৱাৰ আগতেই মোৰ ভৰিৰে বগাই আঁঠু পালেহি!

কৌতুহলী কেৰ্কেটুৱাটো

ঘটনাৰ আকস্মিকতাত ক’ব নোৱাৰাকৈয়ে সৰুকৈ চিৎকাৰ এটা ওলাল মোৰ মুখেৰে৷ তৎমুহুৰ্ত্ততে কেৰ্কেটুৱাটোৱে ফৰিং ছিটিকা দিলে৷ কেৰ্কেটুৱা এটাই তেনেকৈ ভয় খুওৱা দেখি নিজলৈকে হাঁহি উঠিল৷ তাৰ পিছতো বেছ কিছুপৰ সেই কেৰ্কেটুৱাটোৰ গতি বিধি চাই ৰ’লো৷ অলপ দূৰৈত থিয় দি সিও মোৰ আলেখ লেখ চাই থাকিল আৰু এটা সময়ত গছৰ ওপৰলৈ দৌৰ দিলে৷

কিছুপৰ খোজ দি আগবাঢ়ি গৈ থকাৰ পৰত উপলব্ধি কৰিলো, উদ্যানখনত প্ৰায়বোৰ মানুহৰে কাষ চাপিছেগৈ এই ৰঙা কেৰ্কেটুৱাবোৰ৷ তাৰে বহুতে ব্ৰেড বা অন্য খাদ্য আগবঢ়াইছে সিহঁতলৈ৷ মোৰ গালৈ জপিওৱা কেৰ্কেটুৱাটোৰ দৰে কিছুমান দু:সাহসী কেৰ্কেটুৱাই আনকি মানুহৰ হাতৰ পৰাই খাদ্য খাইছে!

পিছত খুঁচৰি চাই গম পালো, ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এটা দলৰ গৱেষণাত ধৰা পৰিছে যে এই উদ্যানত দুশৰো অধিক ৰঙা কেৰ্কেটুৱাই বাস কৰে আৰু ইয়াৰ মূলতে হ’ল মানুহে খুওৱা এই খাদ্য৷ বিজ্ঞানীসকলে মানুহৰ সংস্পৰ্শত থকা কেৰ্কেটুৱাবোৰৰ সৈতে সম্পূৰ্ণ বন্য পৰিৱেশত থকা কেৰ্কেটুৱাৰ স্বভাৱৰ কিবা পাৰ্থক্য আছে নেকি তাৰো পৰীক্ষা কৰি দেখিলে যে, প্ৰাকৃতিক পৰিৱেশত কেৰ্কেটুৱাৰ সক্ৰিয়তা আৰু গতি-বিধি পৰিচালিত হয় সূৰ্য্যৰ দ্বাৰা৷  পিছে এই উদ্যানত ৰঙা কেৰ্কেটুৱাবোৰ আটইতকৈ সক্ৰিয় যেতিয়া মানুহৰ সমাগমো সকলোতকৈ বেছি!

পিছতহে বুজিলো কি ক’ব খুজিছিল এই কেৰ্কেটুৱাটোৱে!

মনত পৰিল, কানাডাত  এই স্থানীয় ৰঙা কেৰ্কেটুৱাৰ সংখ্যা ক্ৰমাগতভাৱে কমি আহিছে মানুহে লৈ অনা বহিৰাগত মুগাবৰণীয়া কেৰ্কেটুৱাৰ সৈতে হোৱা খাদ্য আৰু বাসস্থানৰ প্ৰতিযোগিতাৰ বাবে৷ ভাৱ হ’ল, মানুহে জ্ঞাতে বা অজ্ঞাতে যেন প্ৰকৃতিৰ সকলো ক্ষেত্ৰতে প্ৰভাৱ বিস্তাৰ কৰিছে৷ একোৱেই বাদ পৰি ৰোৱা নাই মানুহৰ পৰিসীমাৰ পৰা!

তাৰ পিছত জাৰৰ প্ৰকোপত ক’তো বেছিপৰ ৰোৱাৰ অৱকাশ নোলাল৷ ইমান তৰপে তৰপে উমাল কাপোৰ পিন্ধিও ক্ষন্তেক দীঘলীয়াকৈ শৰীৰ লৰচৰ নকৰিলেই হাত ভৰি বিষাই আহে যেন৷ সেয়ে খৰ খোজেৰে কেইবাটাও ৰাজকীয় প্ৰসাদৰ সন্মুখেৰে পাৰ হৈ গ’লো৷ তাৰে এঠাইত দেখিলো, এহাল ম’ৰা চৰাই চৰি ফুৰিছে৷ ম’ৰা চৰাই ইয়াৰ স্থানীয় চৰাই নহয়৷ অনুমান কৰিলোঁ হয়তো তেতিয়াই আনি ইয়াত পুহিবলৈ লোৱা ম’ৰা চৰাই৷

বৰফে ঢাকি থোৱা সৰু দলং এখনেৰে প্ৰায় গোট মৰা সুঁতি এটা পাৰ হৈ যাওঁতে দেখা পালো, ৰঙৰ সমাহাৰেৰে জিলিকি উঠা মেণ্ডেৰিন হাঁহৰ জাক, আশে পাশে আমাৰ চিনাকি আম’ৰ’লীয়া হাঁহ কেইটামানো৷
মেণ্ডেৰিন হাঁহ

এই উদ্যানৰ এক অন্তিম আকৰ্ষণ পেলেচ অন দ্য আইলৰ সন্মুখতো বহুতো চৰাইৰ জাক৷ ব্লেক-হেডেড গাল, ৰাজহাঁহ (মিউট ছোৱান), এমেৰিকান কুট আদিৰ সংখ্যা চাই চাই মোৰ ফোনৰ এপত যোগ দিলো৷

পেলেচ অব আইলৰ সন্মুখৰ হ্ৰদ

শেষত ঠাণ্ডাতে জুপুকা লাগি থকা পাৰ চৰাই জাকটোৰ হিচাপেৰে মোৰ বৰদিনৰ পক্ষী নিৰীক্ষণ সামৰিলো৷ বেছ কিছুপৰ প্ৰকৃতিৰ মাজত কটাই, বৰদিনৰ হেঁপেহুৱা এটা পৰম্পৰা মানি সন্তোষেৰে ভৰি পৰিল হৃদয়৷ উভতাৰ বাটত খৱৰ পালো, য়ানেকৰ পৰিয়ালৰ এগৰাকী বন্ধুৱে মহানগৰৰ ইটো মূৰৰ পৰা আহি সকলোকে দি গ’লহি নিজে যতনেৰে ৰন্ধা বৰদিনৰ নানা খাদ্য সম্ভাৰ, পানীৰ বটল আৰু দৈনন্দিন অত্যৱশ্যকীয় সামগ্ৰীৰ এটা বৃহৎ টোপোলা৷ 

এনে এটা দিনত এই উজ্বল ৰ’দজাকৰ বাবে, প্ৰকৃতিৰ অপৰূপ গছ-লতা, চৰাই-চিৰিকটিৰ বাবে আৰু বিপদৰ দিনৰ সাৰথি এনে সহৃদয় মানুহৰ বাবে কৃতজ্ঞতাৰে মোৰ হৃদয় উপচি পৰিল৷ সঁচাকৈয়ে যেন এটা ব্যতিক্ৰমী দিন হৈ আহিল এই বৰদিন!

বৰফাবৃত উদ্যানৰ সুঁতি


পূৰ্বৰ খণ্ডসমূহ:

1 comment: