Sunday 26 December 2021

প’লেণ্ডৰ ডায়েৰী (৫): অপেৰা থিয়েটাৰত এটা সন্ধ্যা

’আস্, জেকেটৰ সলনি ফৰমেল কোট এটা হোৱা হ’লে ভাল আছিল!’ বাবচিয়াই গহীন সুৰেৰে দিয়া মন্তব্যটোত য়ানেকে হাঁহি পেলালে৷

’কানাডাৰ পৰা কোট অনাই নহ’ল নহয় বাবচিয়া!’ হাঁহি হাঁহিয়ে সি কৈফিয়ৎ দিয়াৰ সুৰত ক’লে৷

মই অলপ আচৰিত হ’লো৷ এইয়া যে প্ৰথমবাৰৰ বাবে বাবচিয়াৰ ফেছন সচেতন ৰূপটো দেখিছোঁ!

’চাওঁ, জলিয়ে কি পিন্ধিছা দেখুওৱা এইবাৰ!’

অলপ থতমতেই খালো যদিও বাবচিয়াৰ সন্মুখলৈ আহি পাক এটা মাৰি দেখুৱালো৷ মনতে অলপ আশংকা- মোৰ সাজসজ্জাত সেই বিচাৰকে কিবা খুঁত পাই যায়েইবা!

আৰ্মচেয়াৰখনৰ পৰাই বাবচিয়াই দুচকু বহলকৈ মেলি লৈ মোক তলৰ পৰা ওপৰলৈ ভালকৈ পৰ্য্যবেক্ষণ কৰিলে৷

’উউউউউউ!’

প্ৰশংসাৰ প্ৰলেপ সনা সেই সুৰটোৱেই যেনিবা মোৰ আশংকাবোৰ নোহোৱা কৰিলে৷ সন্তোষৰ হাঁহি এটা মাৰি এইবাৰ খৰধৰকৈ কিছুপৰ ধৰি ৰৈ থকা টেক্সিখনত উঠিলোহি৷ টেক্সিখনে লগে লগে গতি কৰিলে প’লেণ্ডৰ গ্ৰেণ্ড অপেৰা থিয়েটাৰলৈ বুলি৷ তাতে সিদিনা সন্ধিয়া বেলে উপভোগ কৰাৰ কথা৷ বাবচিয়া আৰু য়ানেকে ইতিমধ্যে মোক বিতংকৈ জনালে, সেই থিয়েটাৰৰ ৰেহ-ৰূপেই বেলেগ৷ প’লেণ্ডত এনে অনুষ্ঠানৰ ড্ৰেছ ক’ডক লৈয়ো সকলো অতি সচেতন হেনো৷ সেইবাবেই আমাৰো এই সন্ধ্যা ইমানবোৰ প্ৰস্তুতি!

ৱাৰশ্বাৱাৰ সন্ধিয়াৰ সমাগমৰ মাজেৰেই লাহে ধীৰে টেক্সিখন আগবাঢ়িল৷ বতৰ ডাৱৰীয়া হৈয়ে আছিল৷ কিন্তু আধাবাটতে হঠাৎ বৰষুণ আৰম্ভ হ’ল৷

’এস্ ছাতি অনাই নহ’ল খৰধৰতে!’ মোৰ চিন্তা হ’ল৷

বন্ধুত্বসুলভ ড্ৰাইভাৰজনে টপৰাই উত্তৰ দিলে,

’একেবাৰে সন্মুখলৈকে আগবঢ়াই দিম, চিন্তাই নকৰিব!’

অলপ আচৰিত হ’লো টেক্সি ড্ৰাইভাৰজনে ইংৰাজী কোৱা দেখি৷ যোৱা কেইবাৰ অহা-যোৱা কৰা প্ৰায়বোৰ উবাৰতে ৰাছিয়ান, ইউক্ৰেনিয়ান বা প’লিছ ড্ৰাইভাৰৰ সৈতে প’লিছ সম্ভাষণ আৰু ধন্যবাদৰ বাহিৰে বিশেষ একো ভাৱ বিনিময়েই কৰা হোৱা নাই৷

টপ্ কৈ এটা শব্দই মোৰ ভাৱত যতি পেলালে৷ লগে লগে লানি নিছিগা টপ্ টপ্ শব্দ- নিমিষতে আৰম্ভ হ’ল শিল বৰষুণ এজাক! কেনে অভাৱনীয় বতৰ! পিছে যেনেকৈ হঠাতে আৰম্ভ হৈছিল তেনেকৈয়ে অপেৰা হাউছ পাওঁগৈ মানে হঠাতে সেই শিল বৰষুণ ৰৈ গ’ল৷
অপেৰা থিয়েটাৰৰ একাংশ

প’লেণ্ডৰ গ্ৰেণ্ড অপেৰা থিয়েটাৰ (Teatr Wielki Opera Narodowa) ৰ বিশাল দুৱাৰতে থমকি ৰৈ ক’ভিড সংক্ৰান্তীয় তথ্য পাতিৰে ফৰ্ম পূৰাব লগা হ’ল৷ গম পালো, কেৱল দুবাৰকৈ ভেকচিন লোৱা দৰ্শককহে এই থিয়েটাৰত সোমোৱাৰ অনুমতি দিয়া হৈছে৷ ক’ভিডৰ অনিশ্চয়তাৰ মাজত দুমাহৰ আগতেই বহু যুঁজি বাগৰিহে য়ানেকে আজিৰ সন্ধিয়াটোৰ বাবে টিকেট পাইছিল৷ বহুদিনৰ মূৰত এই জাকজমকতাৰ মাজত এটা লাইভ শ্ব’ উপভোগ কৰাৰ মাদকতাই মোক চুই গ’ল৷

থিয়েটাৰৰ ভিতৰছোৱা

ক’ভিড সংক্ৰান্তীয় সকলোখিনি ফৰ্মেলিটি সামৰি অৱশেষত সোমাই গ’লো অপেৰা হাউছৰ ভিতৰছোৱালৈ৷ সেই থিয়েটাৰৰ স্থাপত্য চালে চকুৰোৱা৷ বিশাল হল আৰু থিয়েটাৰৰ বাহিৰে ভিতৰে গিজগিজাই থকা দৰ্শকৰ সাজ-সজ্জাও চকুত লগাকৈ ফৰমেল৷ উপলব্ধি কৰিলো, বাবচিয়াই কিয় বাৰে বাৰে দোহাৰিছিল ভালদৰে সাজি পাৰি অহাৰ কথা৷

থিয়েটাৰৰ মঞ্চৰ সন্মুখতে লাইভ অৰ্কেষ্টা৷ য়ানেকে ক’লে, প’লেণ্ডৰ জাতীয় বেলেৰ দলটোৰ যথেষ্ট সুখ্যাতি আছে৷ আজি সেই দলৰে অনুষ্ঠান ’The Nutcracker and the Mouse King'৷ মোৰ বাবে এয়াই প্ৰথম বেলেৰ লাইভ শ্ব’ৰ অভিজ্ঞতা৷ সেয়ে বৰ উৎসাহেৰে বাট চালো অনুষ্ঠান আৰম্ভ হোৱালৈ৷

বেলেৰ এটি দৃশ্য; ফটো: অপেৰা থিয়েটাৰ

ঠিক সময়তে বেলে আৰম্ভ হ’ল৷ তাৰ পিছত প্ৰায় দুঘন্টা জুৰি সকলো দৰ্শকক আকন্ঠ ডুবাই ৰাখিলে অৰ্কেষ্টাৰ অপৰূপ সংগীতৰ মূৰ্ছনাত, বেলে নৃত্যশিল্পীসকলৰ লয়লাস নৃত্যৰে৷ কোনো কথা নোহোৱাকৈয়ে সেই অপূৰ্ব সংগীত আৰু নৃত্যই পৰিৱেশন কৰি গ’ল কাহিনীৰ প্ৰতিটো পৰিচ্ছেদ৷


বেলেৰ অন্য এটা দৃশ্য; ফটো: অপেৰা থিয়েটাৰ

ককাদেউতাকে কণমানিজনীক বৰদিনৰ উপহাৰ হিচাপে দিয়া নাটক্ৰেকাৰ পুতলাটোক কেন্দ্ৰ কৰি এই বেলেৰ কাহিনী৷ সেই পুতলাটো জীৱন্ত হৈ দৰ্শকক লৈ গ’ল সপোনপুৰীৰ এটাৰ পিছত আনটো মনোমোহা চিত্ৰপটলৈ৷ ভাৱ হ’ল, সেই সুৰ, সেই লয়লাস নৃত্য যেন সকলো ইন্দ্ৰিয়ৰ এক অপৰূপ সুখটান৷ সেই লহৰতে মন্ত্ৰমুগ্ধৰ দৰে নিমজ্জিত হৈ ৰ’লো বেলেৰ অন্তিম মুহুৰ্ত্তলৈকে৷ প’লেণ্ডত এক পাহৰিব নোৱাৰা অভিজ্ঞতা হৈ ৰ’ল সেয়া৷

সেই অনুষ্ঠানৰ পূৰ্বৰ এক ৰেকৰ্ডিং



No comments:

Post a Comment