Wednesday 29 December 2021

প’লেণ্ডৰ ডায়েৰী (৬): ৱাৰশ্বাৱাৰ অলিয়ে গলিয়ে

কমলাৰঙী ছাতিৰ তলত

’আপুনিয়ে ৱাকিং ট্যুৰৰ গাইড নেকি?’

অ’ল্ড টাউনৰ মাৰ্কেট স্কুৱাৰত কমলাৰঙী ছাতি এটাৰ তলত থিয় দি থকা যুৱকজনক দেখি কোনো সন্দেহৰ অৱকাশ নাথাকিল যদিও সুধিলো৷

’হয়, মোৰ নাম মেক্স৷ আৰু কোনোবা আহে নেকি অলপপৰ চাওঁ৷ নহ’লে সোনকালেই ট্যুৰ আৰম্ভ কৰিম৷’

যুৱকজন বিছ-বাইছ বছৰীয়া৷ নতুন প্ৰজন্মৰ ল’ৰা ছোৱালীয়ে নিজৰ ঠাইখনৰ ইতিহাসৰ প্ৰতি দেখুওৱা এনে আগ্ৰহে মোক সদায়ে সুখী কৰি তোলে৷ মই নিজেও চেষ্টা কৰোঁ যিকোনো ঠাইৰ ইতিহাসৰ গম ল’বলৈ৷ অতীতৰ ভেঁটিতেইতো গঢ় লয় বৰ্তমান আৰু ভৱিষ্যতে৷ গতিকে সেই যোগসূত্ৰ নিবিচৰাকৈ ঠাই এখনৰ প্ৰকৃত পৰিচয় পোৱাতো যেন ভিত্তিহীন৷

ক্ষন্তেক পিছতে মেক্সৰ কাষ চাপি আহিল এহাল যুৱক-যুৱতী৷ গ্ৰীক দম্পতী৷ গম পালো যুৱকজন কৰ্মসূত্ৰে লণ্ডনত, যুৱতীগৰাকী এথেন্সত থাকে৷ সেয়ে বন্ধৰ সুযোগতে দুয়ো লগ হৈছেহি দুয়ো ঠাইৰ মাজতে প’লেণ্ডত৷

ৰাতিপুৱাৰ পৰাই বতৰ ডাৱৰীয়া হৈ আছিল৷ অতিপাত ঠাণ্ডাও৷ মেক্সে আমাৰ চিনাকি লয় মানে হুৰহুৰাই বৰফ পৰিবলৈ আৰম্ভ কৰিলে৷ বাট-পথ, বাটৰ গাড়ী, দাঁতিকাষৰীয়া বননি, ঘৰৰ মূধচ সকলো নিমিষতে ছানি পেলালে বৰফৰ শুভ্ৰ দলিচাই৷

’মই আজি বহুদিনৰ মূৰতহে ৱাকিং ট্যুৰ আৰম্ভ কৰিছোঁ৷ যোৱা দুমাহমান ক’ভিডত পৰি গা টঙাবলৈকে দিন লাগিল৷ গতিকে লাহে ধীৰে আগবাঢ়িম৷ কিবা সুধিবলগীয়া থাকিলে নিসংকোচে সুধিব দেই৷’

মেক্সে ক’লে৷ শুনি আমি তিনিও সহানুভূতি জনালো৷ কথা কৈ কৈ তেওঁ ডিঙিৰ উমাল মাফলাৰখন বতাহে আমনি কৰিব নোৱাৰাকৈ ভালকৈ মেৰিয়াই ল’লে৷ ঠাণ্ডাৰ প্ৰকোপত আমাৰ সকলোৰে গৰম কাপোৰৰ তৰপবোৰৰ পৰা দুচকুহে মুকলি হৈ থাকিল৷ তেনেকৈয়ে আমি খোজ আগবঢ়ালো ৱাৰশ্বাৱাৰ ইতিহাসৰ পম খেদি৷

ৱাকিং ট্যুৰৰ দলটো

ইতিহাসৰ পম খেদি

প’লেণ্ডৰ ৰাজকীয় প্ৰসাদৰ  সন্মুখত এটা স্তম্ভৰ কাষত ৰৈ মেক্সে ক’লে,

’প’লেণ্ডলৈ প্ৰথম অহা মানুহৰ দলবোৰ আছিল শ্লভিক মূলৰ৷ ৯৬৬ খ্ৰীষ্টাব্দত এই দলবোৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰে পৰা এই দেশ হৈ পৰিল মূলত: খ্ৰীষ্টান ধৰ্মাৱলম্বী৷ এই স্তম্ভটোৰ মানুহজন কোন জানেই চাগৈ?’

স্তম্ভটোৰ নাম ছিগমাণ্ডৰ স্তম্ভ- ৱাৰশ্বাৱাৰ এটা বিখ্যাত লেণ্ডমাৰ্ক৷ আজি মেক্সৰ পৰা জানিলো, এই স্তম্ভৰ ব্যক্তিজন প’লেণ্ডৰ তৃতীয়জন ৰজা Sigismund III Vasa ৷ তেৱেঁই ১৫৯৬ চনত প’লেণ্ডৰ ৰাজধানী ক্ৰাক’ভ (Kraków) ৰ পৰা ৱাৰশ্বাৱা (Warsaw) লৈ আনিছিল৷ তাৰে স্মৃতিত এই স্তম্ভ৷

’তেৱেঁই এই ৰাজকীয় প্ৰসাদ ৰাজপৰিয়ালৰ বাবে নতুন আৰ্হিৰে সাজি উলয়ায়৷ তাৰ লগে লগে এই প্ৰসাদৰ আশে পাশে গঢ়ি উঠিল সম্ভ্ৰান্ত পৰিয়ালবোৰৰ অট্টালিকাও৷’

ৰাজকীয় প্ৰসাদ আৰু ছিগমাণ্ডৰ স্তম্ভ

চাই পঠিয়ালো সেই বিশাল ৰাজকীয় প্ৰসাদৰ আটকধুনীয়া কাৰুকাৰ্য্য৷ আৰু তাৰ চাৰিওকাষৰ সুুউচ্চ অট্টালিকাবোৰ৷ মেক্সে সোঁৱৰাই দিলে, এই সকলোবোৰ পিছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পুননিৰ্মাণ কৰাহে৷ সেইসময়ত ৱাৰশ্বাৱাৰ অস্তিত্বই সম্পূৰ্ণৰূপে ধূলিসাৎ কৰাৰ লক্ষ্যৰে জাৰ্মানীৰ নাৎজী বাহিনীয়ে প্ৰায় সকলোবোৰ ঘৰ-দুৱাৰ, ঐতিহাসিক কৃতীচিহ্ন ধ্বংস কৰি পেলাইছইল, এই মহানগৰৰ বাসিন্দাসকলক বন্দী কৰি লৈ গৈছিল শ্ৰমিক শিবিৰ বা কন্সেন্ট্ৰেশ্যন কেম্পলৈ৷ মানৱতাৰ এক কৰুণ ইতিহাস সেয়া৷

সেই অধ্যায়ৰ শেষত শ্মশানৰ পৰাই পুনৰ জী উঠিল যেন এই মহানগৰ৷ মাটিৰ সৈতে সমান হৈ পৰা এই মহানগৰৰ ঘৰ-বাট-দলং-গীৰ্জা সকলোৰে এক অভূতপূৰ্ব্ব পুনৰ্নিমাণ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ ৱাৰশ্বাৱাৰ অলিয়ে গলিয়ে মেক্সে আমাক দেখুৱাই গ’ল ইতিহাসৰ সেই কৰুণ অধ্যায়ৰ চানেকি৷ লগত লৈ অহা বুকলেটত দেখুৱালে পুনৰ্নিমাণ প্ৰক্ৰিয়াৰ ঐতিহাসিক প্ৰতিচ্ছৱি৷ 

’প্ৰতিটো বাটৰ দুয়োকাষে, প্ৰতিটো ঘৰৰ ভিতৰে-বাহিৰে সম্পূৰ্ণ একেদৰেই নিখুঁতভাৱে পুনৰ্নিমাণ কৰিবলৈ যুদ্ধত বিধ্বস্ত দেশখনে পুঁজি ক’ৰ পৰা গোটালে?’ মোৰ কৌতুহল হ’ল৷

’ভাল প্ৰশ্ন! আপোনালোকে হয়তো বিশ্বাস নকৰিব! ইয়াৰ সকলো পুঁজি আহিছিল জনসাধাৰণৰ বৰঙণিৰ পৰা৷ সমগ্ৰ প’লেণ্ডৰ পৰা আহি এই প্ৰকল্পবোৰত কাম কৰিবলৈ স্বেচ্ছাসেৱী গোট খাইছিলহি৷’

শুনি অভিভূত হৈ পৰিলো৷ ভাৱ হ’ল, ৰাইজে নখ জোকাৰিলে সঁচাই নৈ বয়!

প’লিছ জাতীয়দাবাদৰ উপৰিও সেইদিনা মেক্সৰ পৰা জানিলো বিজ্ঞান, কলা আৰু সাহিত্যলৈ প’লেণ্ডৰ অতুলনীয় অৱদানৰ কথা৷ ক’পাৰ্নিকাছ চায়েন্স চেন্টাৰৰ সন্মুখত ৰৈ তেওঁ এই দেশৰে সন্তান নিক’লাছ ক’পাৰনিকাছৰ অৱদান সুৱঁৰিলে, ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ সন্মুখত আমাক শুনালে ম্যেৰী কুৰীৰ অধ্যাৱসায়ৰ কাহিনী৷ উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে এটা সময়ত ফ্ৰান্সলৈ প্ৰব্ৰজন কৰিলেও ম্যেৰী কুৰী যেন অন্তৰেৰে চিৰদিন প’লিছ হৈয়ে ৰ’ল৷ তেওঁ আৱিষ্কাৰ কৰা প্ৰথমটো ৰাসায়নিক মৌলক সেয়ে নাম দিছিল ’প’ল’নিয়াম৷’ এই আৱিষ্কাৰেই তেওঁলৈ আনিছিল দ্বিতীয়টো ন’বেল বঁটা৷ 

এঠাইত দেখা পালো প’লেণ্ডৰ সৰ্বশ্ৰেষ্ঠ কবি ৰূপে জনাজাত আদাম মিটছকেভিটছৰ সুউচ্চ প্ৰতিমূৰ্ত্তি৷ হুৰহুৰাই অবিৰাম সৰি থকা বৰফৰ মাজতে থিয় দি আমি মেক্সৰ পৰা শুনিলো প’লিছ সত্ত্বা জীয়াই ৰখাৰ বাবে কলমেৰেই কেনেকৈ যুঁজিছিল এই কবিজনে৷

প’লেণ্ডৰ সৰ্বশ্ৰেষ্ঠ ৰোমান্টিক কবিগৰাকী

চপিনৰ কলিজাটো

কিছুপৰৰ পিছতে আমাক কিছু সকাহ দি বৰফ পৰা বন্ধ হ’ল৷ কেইমুহুৰ্ত্তমানৰ পিছতে ডাৱৰ ফালি ওলাল এচেৰেঙা ৰ’দ৷ আমি তিনিও মেক্সৰ সৈতে খোজ দি দি য’তেই সুৰুঙা পালো তাতে ৰ’দৰ উত্তাপত সজীৱ কৰাৰ চেষ্টা কৰিলো ঠেঁটুৱৈ লগা হাত-ভৰিবোৰ৷ 

ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ বিপৰীতে এটা বিশাল গীৰ্জা৷ তাৰ সন্মুখতে ৰৈ মেক্সে ক’লে,

’এই ৰোমান কেথ’লিক গীৰ্জাটোৰ নাম হ’লী ক্ৰছ গীৰ্জা৷ গীৰ্জাটো এটা সময়ত প’লেণ্ডৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ গীৰ্জা আছিল৷ এতিয়া পিছে এই গীৰ্জা অন্য এটা কাৰণৰ বাবেহে পৰ্য্যটকৰ এক প্ৰধান আকৰ্ষণ৷ এই গীৰ্জাই সাঁচি ৰাখিছে বিশ্ববিখ্যাত সুৰকাৰ চপিনৰ কলিজাটো!’

ফ্ৰেডেৰিক চপিনৰ সংগীতৰ খ্যাতি অতুলনীয়৷ প’লিছ আৰু ফৰাচীসকলে তেওঁৰ নাগৰিকত্ব লৈ টনা আঁজুৰা কৰিব খোজে৷ কিন্তু সিদিনা মেক্সৰ মুখত এই সুৰকাৰ আৰু পিয়ানোবাদক গৰাকীৰ বিষয়ে জানি সেই বিষয়ে আমাৰ কাৰো দ্বিমত নাথাকিল৷

ডেকা বয়সতে প’লেণ্ডলৈ আহি থিতাপি লোৱা ফৰাচী দেউতাক আৰু প’লিছ মাকৰ সন্তান চপিন ডাঙৰ হৈছিল এই ৱাৰশ্বাৱাতে৷ শৈশৱতে পৰিয়ালৰ সৈতে বহু দেওবাৰৰ দিন  চপিনে এই গীৰ্জাতে কটাইছিলহি৷ পিছে প’লিছ-প্ৰুছিয়ান যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে চপিনে বিছ বছৰ বয়সতে চিৰদিনৰ বাবে প’লেণ্ড এৰি যাবলৈ বাধ্য হ’ল৷ ফ্ৰান্সতে থিতাপি লৈ জীৱনৰ বাকী সময়ছোৱা তেওঁ সংগীত সাধনাতে কটালে৷ মৃত্যুৰ সময়ত চপিনে ভনীয়েকক ক’লে, তেওঁৰ শেষইচ্ছা- তেওঁৰ কলিজাটো ৱাৰশ্বাৱাৰ এই হ’লী ক্ৰছ গীৰ্জাত যাতে থোৱা হয়!! 

কথামতেই কাম৷ ভনীয়েকে তেওঁৰ নিৰ্দেশ অনুসৰিয়ে বটলত সাঁফৰ মাৰি ব্ৰেণ্ডিত ডুবাই সেই কলিজা বহু বাধা বিঘিনি অতিক্ৰম কৰি প’লেণ্ড পোৱালেহি৷ সেই সময়ৰ ৰাছিয়ান সাম্ৰাজ্যৰ অধীনত স্বাধীনতাৰ বাবে হাঁহাকাৰ কৰি উঠা প’লেণ্ডত চপিন এক ৰাষ্ট্ৰীয় নায়ক হৈ পৰিছে৷ পিছে ভনীয়েকক আচৰিত কৰি সেই অমূল্য উপহাৰ গ্ৰহণ কৰিবলৈ গীৰ্জা অমান্তি হ’ল৷ কাৰণ হ’ল, মৃত্যুৰ আগতে প্ৰগতিবাদী লেখিকা এগৰাকীৰ সৈতে চপিনৰ ৰোমান্টিক সম্পৰ্ক! ভনীয়েকৰ কাতৰ অনুৰোধ এৰাব নোৱাৰি গীৰ্জাৰ কৰ্তৃপক্ষই অৱশেষত সেয়া চমজি ল’লে কিন্তু বহুবছৰ ধৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সেই সুৰকাৰৰ কলিজা অৱহেলিত হৈ পৰি ৰ’ল গীৰ্জাৰ কোনোবা চুকত জাবৰৰ দ’মৰ সৈতে৷

১৯৪৫ চনৰ ৱাৰশ্ব’ আপৰাইজিঙৰ সময়ত পুনৰ এবাৰ প’লেণ্ডৰ দেশপ্ৰেম উঠলি উঠিল৷ অতীতত হেৰাই যাব খোজা ৰাষ্ট্ৰীয় নায়কসকলৰ সন্ধানত ওলোৱা এগৰাকী সাংবাদিকে এদিন কেনেবাকৈ বিচাৰি পালেগৈ জাবৰৰ দ’মৰ মাজত পৰি ৰোৱা চপিনৰ কলিজাটো৷ এইবাৰ মহা আড়ম্বৰেৰে গীৰ্জাত স্থাপিত হ’ল সেই উপহাৰ৷

চপিনৰ হৃদয়খন সদায়ে প’লেণ্ডৰ হৈ ৰ’ৱ- আক্ষৰিক অৰ্থতে সেয়া চিৰকাল সঁচা হৈ ৰ’ল৷ Home is where your heart is!

                                                      চপিনৰ কালজয়ী সুৰ


No comments:

Post a Comment