Wednesday 29 December 2021

প’লেণ্ডৰ ডায়েৰী (৭): বৰদিনৰ আয়োজন

বৰদিনলৈ মাথোঁ তিনিদিন বাকী৷ সেইদিনা পুৱাতে বাবচ্চাৰ আলপৈচান ধৰিবলৈ আহি কেয়াৰগিভাৰ এভা ব্যতিব্যস্ত হৈ পৰিল৷ যোৱা সপ্তাহতকৈ স্বাস্থ্য কিছু টনকিয়াল হোৱাৰ বাবেই নেকি বাবচ্চাৰ হঠাৎ চকুত পৰিল বৰদিনৰ বাবে চোন একোৱেই সাজু হোৱা নাই! য়ানেকৰ পৰিয়ালত কোনোৱে ধাৰ্মিক নহয়৷ কিন্তু পৰম্পৰা মানি বৰদিন পালন কৰাটো ইয়াত হেনো সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ৷ ইয়াৰ আয়োজনো চলে বৰ আড়ম্বৰেৰে৷  

’পাকঘৰটো চাফ-চিকুণ কৰিবৰ হ’ল এভা৷’ 

’বহাকোঠাটোও ইমান বিশৃংখল দেখাইছে! য়াছু, এই টেবুলখন অলপ চিজিল কৰাচোন৷’

এভা আৰু য়ানেকে বাধ্য ছাত্ৰৰ দৰে সকলো নিৰ্দেশ মানি গ’ল৷ ক্ষন্তেকৰ বাবে হ’লেও বাবচ্চাৰ মাজত একালৰ তজবজীয়া গৃহকৰ্ত্ৰীৰ ৰূপটো দেখা পাই মই বৰ আমোদ পালো৷ আৰামেৰে বাবচ্চাৰ বিছনাত বহি লৈ তাৰে ৰং চাই থাকোঁতে অলপ পিছতে পিছে মোলৈকো নিৰ্দেশ আহিল!

’জলিয়ে সেই বাচন-বৰ্তনখিনিকে চিজিল লগাব পাৰাচোন!’ 

এভা আৰু য়ানেক দুয়ো তাকে শুনি মুখ টিপি হাঁহিলে৷ আজি বাবচ্চা কামৰ মুডত যেতিয়া কাৰো নিস্তাৰ নাই তেন্তে!

অগ্যতা মোৰ দায়িত্বখিনি সামৰি সকলোকে তেনেকৈ এৰি মই ওচৰৰে জিমটোলৈ ওলাই আহিলো৷ যোৱাৰ পৰত বাবচ্চাই ক’লে,

’মোৰ কাৰণেও অলপ ব্যায়াম কৰি দিবা দেই৷’ 

কৈ কৈ হাত দুখন মেলি বক্সিঙৰ ভংগী কৰি দেখুৱালে৷ হাঁহি পেলালো আমি সকলোৱে৷ পিছে দেৰঘন্টামানৰ পিছত ঘৰলৈ উভতি আহি দেখোঁ, বাবচ্চা আৰ্মচেয়াৰ এৰি বিছনাত৷ 

’অলপ দুৰ্বল অনুভৱ কৰিছে হেনো, সেয়ে বিছনাত বাগৰ দিছেগৈ৷’ য়ানেকে ক’লে৷

সেই অৱস্থাৰেই বাবচ্চাই মোক প’লিছ কফি এবিধ খাই চাবলৈ দিলে৷ সুধিলে কেনে পাইছোঁ৷

য়ানেকে আগেয়েই সাৱধান কৰি থৈছিল৷ কিবা এটা ভাল দেখিছোঁ বা পাইছোঁ বুলি বাবচ্চাক জনোৱাৰ আগতে ভালকৈ ভাৱি চাবলৈ৷ কাৰণ, যিটোৱে মোৰ চকুত লাগে তাকে বাবচ্চাই মোৰ সৈতে কানাডালৈ দি পঠোৱাৰ চেষ্টা কৰিব! আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ খাবলৈ ভাল পাইছোঁ বুলি শুনাৰ লগে লগে বিছনাৰ পৰাই ববাচিয়াই মাত দিলে,

’তোমাৰ খ্ৰীষ্টমাছৰ প্ৰেজেন্টত কফিৰ পেকেট এটাও দিম তেন্তে৷’

হয়ভৰ দিয়াৰ বাহিৰে গত্যন্তৰ নাথাকিল মোৰ৷ যোৱা কেইদিন এনেকৈয়ে দেখি আহিছোঁ বাবচ্চাক৷ এদিন তজবজীয়া, অন্য এদিন অৱশ হৈ পৰা তেওঁৰ দেহ-মন৷ সেয়ে বিশেষ চিন্তা নকৰি য়ানেকৰ সৈতে আবেলিলৈ ওলাই গ’লো খ্ৰীষ্টমাছ ট্ৰী আনিবলৈ৷

বাবচ্চাৰ ঘৰৰ পৰা প্ৰায় দহমিনিট মানৰ দুৰতে এঠাইত শাৰী শাৰী খ্ৰীষ্টমাছ ট্ৰী সজাই লৈ এজন বিক্ৰেতা৷ বৰদিনৰ আয়োজনৰ মোৰ প্ৰথম অভিজ্ঞতা এয়া৷ জোপোহাৰ শাৰীবোৰ ভালকৈ পৰীক্ষা কৰি এইবাৰহে গম পালো খ্ৰীষ্টমাছ ট্ৰী বিভিন্ন প্ৰজাতিৰ হ’ব পাৰে৷ ইয়াত প্ৰধানকৈ স্প্ৰুচ আৰু পাইনৰ জোপোহা দেখা পালো৷ ওপৰৰ পৰা তললৈ ভালকৈ পৰীক্ষা কৰি কৰি অৱশেষত দুয়ো পছন্দ কৰিলো স্প্ৰুচৰ এজোপা খ্ৰীষ্টমাছ ট্ৰী৷

খ্ৰীষ্টমাছ ট্ৰীৰ বজাৰত!

বৰ উৎসাহেৰে নিজেই দাঙি আনি ঘৰ পোৱালোহি সেই খ্ৰীষ্টমাছ ট্ৰী৷ তেতিয়ালৈ বাবচ্চা পুনৰ উঠি আহি নিজৰ আৰ্মচেয়াৰখনত বহিছেহি৷ মোক দেখি দুৱাৰমুখতে সুধিলে,

’গছজোপা কিমান ডাঙৰ?’

’বহুত ডাঙৰ আৰু ধুনীয়াও!’ 

মই তপৰাই ক’লো৷ কিন্তু আশা কৰাৰ দৰে বাবচ্চাৰ মুখত হাঁহিৰ সলনি আতংকৰহে চিন ফুটি উঠিল যেন!

’কি কথা?’ য়ানেকলৈ চাই সুধিলো৷

তেতিয়াহে গম পালো, দহবছৰমানৰ আগতে বৰদিনৰ সময়ত এই বহা কোঠাতে বিয়াগোম খ্ৰীষ্টমাছ ট্ৰী এজোপা কাষতে বহি থকা বাবচ্চাৰ গাত অকস্মাৎ সৰি পৰিছিল৷ ভাগ্যে গুৰুতৰ আঘাত পোৱাৰ পৰা বাচি গ’ল তেওঁ৷ কিন্তু তেতিয়াৰে পৰা ডাঙৰ খ্ৰীষ্টমাছ ট্ৰীক লৈ বাবচ্চাৰ আতংক!

বাবচ্চাক কথা দিলো এইবাৰ আমি সাৱধান হ’ম যাতে তেনে একো অঘটন নঘটে৷ কথামতেই বৰ সতৰ্কতাৰে গছজোপা ষ্টেণ্ডত ৰাখি পানী দিলো৷ আমি দুয়ো সেইবোৰত লাগি থাকোঁতে বাবচিয়াই ফোনটো লৈ যুঁজি থাকিল কাৰোৱালৈ ফোন লগাবলৈ৷

তাকে শুনি য়ানেকে জোকালে,

’ডাঙৰ খ্ৰীষ্টমাছ ট্ৰী অনাৰ বাবে আমাক ৰিপৰ্ট কৰিবলৈ ছ’ছিয়েল ছাৰ্ভিছলৈ ফোন লগোৱা নাইতো?’

মই হোহোৱাই হাঁহি উঠিলো৷ কিন্তু প্ৰসংগটো সঁচা৷ মাথোঁ কেই দিনমানৰ আগতে চৰকাৰৰ ফালৰ পৰা ছ’ছিয়েল ছাৰ্ভিছৰ বিষয়াই আকস্মিকভাৱে আহি বাবচ্চাৰ খৱৰ লৈ গৈছে৷ য়ানেকক বাবচ্চাৰ যত্ন লোৱাৰ বিষয়ে বহুতো প্ৰশ্ন সুধি গৈছে৷ গতিকে চৰকাৰৰ ফালৰ পৰা বৃদ্ধাৱস্থাত সেই নুন্যতম দায়িত্বখিনি ঠিকেই পালন কৰি আছে৷

পিছে আমাৰ ধেমালি আওকাণ কৰি বাবচ্চাই পজনাইন চহৰত থকা বান্ধৱীৰ সৈতেহে ফোনত কথাৰ মহলা মাৰিবলৈ লাগিল৷

আলমিৰাৰ পৰা এইবাৰ য়ানেকে উলিয়াই আনিলে বৰদিনৰ ৰং বিৰঙী লাইট আৰু বিভিন্ন সাজ-সজ্জা৷ ৰঙা-বগা বল, চিকমিক তৰা, শুভ্ৰ বৰফৰ কণিকাৰ সজ্জা আৰু মুছৰ শিঙৰ চুলিত মৰা বেণ্ড, টুপী সকলোবোৰ দেখি স্ফূৰ্ত্তি লাগি গ’ল মোৰ৷ তাৰ মাজৰ পৰা খ্ৰীষ্টমাছৰ ৰঙা টুপী এটা আনি পিন্ধাই দিলোহি বাবচ্চাক৷ আমিও পিন্ধি ল’লো একোটা টুপী৷ ইমানবোৰ সাজ-সজ্জা যে বৰদিনৰ দিনা কোনটো পিন্ধিম কোনটো এৰিম তাকে লৈ মোৰ মন থৌকি বাথৌ লাগি পৰিল৷

সেইদিনা বৰদিনৰ আয়োজনৰ হাঁহি ধেমালিৰ মাজত আমি কোনেও জনা নাছিলো, সেয়াই যে হৈ ৰ’ৱ বৰদিনৰ নামত আমি একেলগে কটোৱা সময়ৰ একমাত্ৰ স্মৃতি! অৱহেলিত হৈ পৰি ৰ’ৱ সেই খ্ৰীষ্টমাছ ট্ৰী আৰু সকলো সাজ-সজ্জা!

পূৰ্বৰ খণ্ডসমূহ:

2 comments:

  1. বহুত ধুনীয়া৷ বাকীবোৰ খণ্ড বিচাৰি পোৱা নাই৷

    ReplyDelete
    Replies
    1. ধন্যবাদ বাবুলদা! পূৰ্বৰ খণ্ডসমূহৰ লিংক যোগ দিছোঁ৷

      Delete