Sunday 26 December 2021

প’লেণ্ডৰ ডায়েৰী (৪): প’লিছ খাদ্যৰ জুতি লৈ

ৱাৰশ্বাৱাত প্ৰথম সপ্তাহ৷ এদিন সন্ধিয়া ওলাই আহিলো অ’ল্ড টাউনলৈ৷ বাবচিয়াৰ ঘৰৰ পৰা মহানগৰীৰ সেই অংশলৈ গাড়ীৰে প্ৰায় আধাঘন্টাৰ বাট৷ মহামাৰীৰ এই প্ৰকোপৰ সময়ত পৰাপক্ষত বাছৰ ভিৰৰ এৰাই চলি টেক্সিৰেই ইফাল সিফাল কৰিবলৈ লৈছোঁ৷ আজিও সেয়ে য়ানেকৰ সৈতে বহি পৰিলো উবাৰখনত৷

সন্ধিয়াৰ সময়, তাতে বৰদিনৰ বতৰ৷ গতিকে অবিৰাম গাড়ী-মটৰৰ সোঁত৷ প’লেণ্ডত নিজেই গাড়ী চলাম বুলি আন্তৰ্জাতিক ড্ৰাইভিং লাইচেন্সো লৈ আহিছোঁ যদিও ইয়াৰ ড্ৰাইভাৰৰ গাড়ী চলোৱাৰ ধৰণ দেখি এতিয়াও সেই সাহস হোৱা নাই৷ আজিও আমাৰ উবাৰখন ট্ৰেফিকৰ মাজেৰেই সুৰুঙা উলিয়াই একাবেঁকা বাটেৰে যাবলৈ ধৰিলে৷ উবাৰৰ খিৰিকীৰে সমগ্ৰ বাটটো মই উপভোগ কৰিলো ৱাৰশ্বাৱা মহানগৰীৰ সন্ধিয়াৰ মাদকতাময় ৰূপ৷

’এইখন কি দলং?’ গাড়ীখন ৱিষ্টুলা নদী পাৰ হোৱাৰ পৰত য়ানেকক সুধিলো৷

তাৰ উত্তৰ শুনি বিব্ৰতভাৱে মাথোঁ হাঁহিলো৷ ঠাই, দলং, খাদ্য সকলোৰে প’লিছ নামবোৰ মোৰ বাবে বলে নোৱাৰা একো একোটা দাঁত ভঙা শব্দহে যেন!

সেয়ে উচ্চাৰণ কৰাৰ ব্যৰ্থ চেষ্টা নকৰি মাথোঁ বানানটোকে চাই ল’লো, 'Most Poniatowskiego' এই দলঙৰ নাম৷ গম পালো, প্ৰথম আৰু দ্বিতীয় দুয়োখন বিশ্বযুদ্ধতে এই দলংখন ধ্বংস হৈছিল আৰু দুয়োবাৰেই প’লিছসকলে পুনৰ্নিমাণ কৰি উলিয়াইছিল৷ সেই দলংখন পাৰ হৈয়ে আমি সোমালোহি ৱাৰশ্বাৱা মহানগৰীৰ পশ্চিম অংশত৷

ৱিষ্টুলা নদীখনে ৱাৰশ্বাৱা মহানগৰীখনক পূবা-পশ্চিমাকৈ দুটা অংশত ভাগ কৰিছে৷ এই নদীৰ পূবপাৰে বাবচিয়াৰ ঘৰ৷ সেইপাৰৰ বহু অংশ হেনো পৰিৱৰ্ত্তনৰ ঢৌৱে নুচুৱাকৈ একেদৰেই ৰৈ গ’ল৷ পশ্চিমপাৰৰ মহানগৰৰ অংশটোত দোপতদোপে আকাশচুম্বী অট্টালিকা উঠিল, পৰ্য্যটনৰ নানা আকৰ্ষণেৰে ভৰি পৰিল৷

অ’ল্ড টাউনত পোহৰৰ খেলা

অ’ল্ড টাউনৰ মাৰ্কেট স্কুৱাৰত উবাৰখনৰ পৰা নমাৰ লগে লগেই শীমশীতল বতাহ এজাকে চুই গ’লহি৷ কানাডাতে ইতিমধ্যে দুটা বছৰ পাৰ কৰিছোঁ যদিও প’লেণ্ডৰ এই ঠেটুৱৈ ধৰা জাৰত অভ্যস্ত হ’ব পৰা নাই মই৷ তথাপি সন্ধিয়াৰ অ’ল্ড টাউনৰ উৎসৱমুখৰ পৰিৱেশ পৰিৱেশ আৰু বৰদিনৰ অপূৰ্ব আয়োজন উপভোগ কৰোঁ বুলিয়েই পদপথেৰে খোজ দিলো৷
বৰদিনৰ আয়োজন

এই অ’ল্ড টাউন বা প’লিছ ভাষাত ষ্টেৰে মিয়াষ্ট’ ৱাৰশ্বাৱাৰ ঐতিহাসিক কেন্দ্ৰ আৰু মহানগৰীৰ আটাইতকৈ প্ৰাচীন অংশ৷ তেৰশ শতিকামানৰ পৰাই ইয়াৰ মাৰ্কেট স্কোৱাৰ, ৰাজকীয় প্ৰসাদ আৰু অট্টালিকাবোৰে ইতিহাসৰ পাতত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ নাৎজি বাহিনীয়ে ৮৫% পৰ্য্যন্ত ধূলিসাৎ কৰাৰ পিছত এই অ’ল্ড টাউন পুনৰ আগৰদৰেই হুবহু নিৰ্মাণ কৰি উলিয়ালে প’লিছ সকলে৷ বৰ্তমান এই অংশটো সৰু-বৰ দোকান, ৰেষ্টুৰেন্ট, সংগ্ৰহালয় আদিৰে ৱাৰশ্বাৱা মহানগৰৰ ভিতৰতে পৰ্য্যটনৰ অন্যতম আকৰ্ষণ হৈ পৰিছে৷

বৰদিন উপলক্ষে সমগ্ৰ অ’ল্ড টাউন জিলিকি উঠিছে শাৰী শাৰী লাইটেৰে৷ কৃত্ৰিম লাইটৰ চিকমিকনিত অপূৰ্ব হৈ ধৰা দিছে সন্ধিয়াৰ বাট-পথ, ৰাজকীয় প্ৰসাদ আৰু বাটৰ কাষৰ দোকানবোৰ৷ সকলোবোৰ হেঁপাহেৰে উপভোগ কৰি গৈ গৈ এঠাইত ঘপকৈ ৰৈ দিলো মই৷

’মুল্ড ৱাইন!’

বাটৰ কাষতে অস্থায়ীকৈ পাতি লোৱা ষ্ট’লত এগৰাকী মহিলাই বেচিছে বৰদিনৰ বিশেষ মুল্ড ৱাইন৷ শীতৰ এই সেমেকা সন্ধিয়া ৰেড ৱাইনৰ সৈতে বিভিন্ন মছলা দি কৰা এই গৰম ৱাইনেই যেন বিচাৰি আছিলো৷

বৰদিনৰ বিশেষ পানীয়: মুল্ড ৱাইন

'১৫ জ্ল’টি৷’ মুল্ড ৱাইনৰ গিলাচটো মোলৈ আগবঢ়াই মানুহগৰাকীয়ে ক’লে৷ আমাৰ হিচাপত প্ৰায় উনৈশ টকা৷

সেই ৱাইনত শোহা দি জাৰৰ পৰা অলপ তত পাই এইবাৰ পুনৰ আগবাঢ়িলো৷ অতদিনে প’লিছ এলকহল মানেই কেৱল ভদকাৰ কথাহে শুনি আহিছিলো৷ বাইছন ভদকা (Żubrówka)ৰ বাবে এই দেশ বিখ্যাত৷ এই বিশেষ ভদকাৰ এক অন্যতম উপাদান হ’ল এই দেশৰ পূব সীমান্তৰ Białowieża নামৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সংগ্ৰহ কৰা বাইছন ঘাঁহ৷ ইয়ালৈ আহি প্ৰতিখন ষ্ট’ৰতে দেখা পাইছোঁ এই বিশেষ ভদকাৰ শাৰী শাৰী বটল৷

বাইছন ভদকা

দোকানে দোকানে দেখা পোৱা অন্য দুবিধ প’লিছ খাদ্য হ’ল প’লিছ আচাৰ আৰু ছ’ছেজ৷ দুয়োবিধ খাদ্য প’লিছ সকলৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় অংশ৷ 

তিয়ঁহৰ আচাৰ বা গা’কিন

এই আচাৰবোৰ আমাৰ অসমৰ দৰে তেলত মছলা দি কৰা নহয় পিছে! প’লিছসকলে গ্ৰীষ্মৰ দিনবোৰত তিয়ঁহ, বন্ধাকবি, বিট আদিৰ টেঙা আচাৰ কৰে শীতকালি খাবপৰাকৈ৷ বন্ধাকবিৰ লগত বিভিন্ন মাংসৰ টুকুৰাৰে কৰা ’বিগ’ছ’ খাই ভালেই পাওঁ৷ পিছে তিয়ঁহৰ আচাৰ বা গা’কিন (gherkin) ৰ জুতি পাবলৈ মোৰ বেছ কিছু সময় লাগিল৷ প’লিছ চ’ছেজবোৰ অন্য চ’ছেজতকৈ বেছি সোৱাদ যেনেই ভাৱ হয়৷

প’লিছ ছ’ছেজ

অ’ল্ড টাউনত আজি পিছে অন্য এবিধ চিৰাচৰিত প’লিছ খাদ্যৰ সন্ধান কৰিলো৷ এইবিধ হ’ল পেৰ’গী নামৰ এবিধ সুস্বাদু ডাম্পলিং৷ প’লেণ্ডলৈ আহি পেৰ’গী খাই নোচোৱা মানে যেন প’লিছ খাদ্যৰ জুতিয়ে আধৰুৱা হৈ ৰ’ৱ! সেয়ে মোৰ অনুৰোধতে য়ানেকে লৈ গ’ল
 ’Zapiecek’ নামৰ এখন ৰেষ্টোৰাঁলৈ৷ তাৰ মতে ৱাৰশ্বাৱাৰ ভিতৰতে সুস্বাদু পেৰ’গী পোৱা যায় ইয়াত৷

ৰেষ্টোৰাঁৰ ম্যেনুত বিভিন্ন পেৰ’গীৰ দীঘলীয়া তালিকা৷ ক্ষন্তেক পিছতে মোৰ সন্মুখত ছাৰ্ভাৰে পৰিৱেশন কৰিলেহি কেইবাবিধো পেৰ’গীৰে পূৰ্ণ এখন প্লেট৷ বিচৰাৰ দৰেই পৰম্পৰাগত পেৰ’গীৰ এক মিশ্ৰণ- ডাম্পলিংবোৰৰ ভিতৰত বেলেগে বেলেগে বেক’ন, কাঠফুলা, বন্ধাকবি আৰু মাংস, বন্ধাকবি আৰু কাঠফুলা আৰু চীজ৷ একেলগেই গোটেইবোৰৰ সোৱাদ লোৱাৰ সুযোগ পালো৷

আমিষ পেৰ’গী

য়ানেকে আকৌ পেৰ’গী মিঠাকৈ খাই ভাল পায়৷ তাৰ বাবে আহিল ফলমূলৰ মিঠা পেৰ’গী৷ ডাম্পলিঙৰ ভিতৰত ব্লেককাৰেন্টেৰে পূৰোৱা৷ লগতে ক্ৰীম৷

ফলৰ মিঠা পেৰ’গী

ভেনকুভাৰতে প্ৰথমবাৰ পেৰ’গী খাই চাইছিলো৷ এবাৰ তাতে নিজে ৰন্ধাৰ চেষ্টা কৰোঁতে উপলব্ধি কৰিছিলো ভিতৰৰ উপাদানখিনি ওলাই নপৰাকৈ ডাম্পলিংবোৰ উতলা পানীত সিজোৱাটো কিমান কঠিন! ফোনত বাবচ্চাই কৈছিল, সুস্বাদু পেৰ’গীৰ বাবে তাৰ উপাদানবোৰ প’লেণ্ডৰ খাঁটি উপাদান হোৱাটো জৰুৰী হেনো৷ আজি ৱাৰশ্বাৱাৰ মাটিত সেই পেৰ’গীৰ সোৱাদ লৈহে কথাষাৰৰ গুৰুত্ব বুজিলো যেন!

বাবচ্চাৰ বাবেও পেৰ’গীৰ টোপোলা এটা লৈ দুয়ো বৰ তৃপ্তিৰে সিদিনা ঘৰলৈ উভতিলো৷

No comments:

Post a Comment