Saturday, 20 March 2021

ঘৰচিৰিকাৰ বাবে এটা দিন

ৰ'দো দিছে বৰষুণো দিছে খৰা শিয়ালৰ বিয়া,
ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া


শৈশৱৰ পৰাই ঘৰচিৰিকা চৰাইটিৰ ৰং-ৰূপ আৰু কিচিৰ মিচিৰ মাতৰ সৈতে আমি সকলোৱে পৰিচিত ৷ ঘৰৰ মুধচৰ চুকে-কোণে কণমাণ বাহ একোটা, বাহৰ পৰা ঘনে ঘনে ওলোৱা-সোমোৱা কৰা ঘৰচিৰিকাহালি, সিহঁতৰ মোটোহা ঠোঁটটোত কঢ়িওৱা কণ কণ কুটাবোৰ চোৱাৰ আমেজ বহুতৰ বাবেই কিজানি সোণালী সোঁৱৰণী৷ পিছে কালৰ কুটিল গতিত এই আদৰুৱা চৰাইবিধেই বৰ্তমান অস্তিত্ব সংকটত! অনতি পলমে আমি সচেতন নহ’লে আৰু যথাযোগ্য পদক্ষেপ নল’লে এই পৃথিৱীৰ পৰা ঘৰচিৰিকাবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে৷

শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিবলৈ লৈছে৷ আৰু দুখৰ কথাটো হ’ল, ইয়াৰ বাবে বহুলাংশে দায়ী আমি! ঘৰচিৰিকাৰ এই সংকট সম্পৰ্কে জনসচেতনতা আনিবৰ বাবে আজিৰ দিনটো অৰ্থাৎ প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখটো বিশ্ব ঘৰচিৰিকা দিৱস হিচাপে পালন কৰা হয়৷ ভাৰতৰে নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত ৷ এই দিৱসৰ মূল উদেশ্য হ’ল ঘৰচিৰিকাকে ধৰি নগৰীয়া জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু সঠিক ব্যৱস্থা লোৱা৷ এই সুযোগতে আহকচোন, এই চিৰ চিনাকি অথচ অচিনাকি চৰাইবিধৰ বিষয়ে কিছু কথাৰ গম লওঁ৷

চিনাকি-অচিনাকি ঘৰচিৰিকাবোৰ

মতা ঘৰচিৰিকা (ফটো: ৱিকিকমনছ)
আমাৰ সকলোৰে চিনাকি ঘৰচিৰকাবিধৰ বাহিৰেও বিশ্বত অন্য বহু প্ৰজাতিৰ ঘৰচিৰিকা দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত ভাৰতত মুঠতে পাঁচবিধ ঘৰচিৰিকাৰ প্ৰজাতি আছে৷ অৱশ্যে অসমত ইয়াৰে তিনিবিধ প্ৰজাতিহে দেখা পোৱা যায়৷ ঘৰৰ চোতালে-পদূলিয়ে কিচিৰ মিচিৰ মাতেৰে ব্যতিব্যস্ত হৈ থকা জাকটো হ’ল আমাৰ চিনাকি ঘৰচিৰিকা (House Sparrow)৷ অন্য দুবিধ ঘৰচিৰিকাৰ প্ৰজাতি ইউৰেছিয়ান ট্ৰী স্পেৰ’ (Eurasian Tree Sparrow) আৰু ৰাছেট স্পেৰ’ (Russet Sparrow) সাধাৰণতে অসমৰ বনাঞ্চল আৰু খেতি-পথাৰৰ আশে পাশেহে দেখিবলৈ পোৱা যায়৷

আমাৰ সকলোৰে পৰিচিত ঘৰচিৰিকাবিধৰ মতা আৰু মাইকী দেখাত কিছু বেলেগ৷ ভালকৈ মন কৰিলে দেখিব মতা চৰাইটোৰ পিঠিভাগ ডাঠ মটীয়া বৰণৰ, মূৰৰ ওপৰত মুগা, গাল দুখন বগা আৰু গলধনত দীঘলীয়াকৈ কলা আঁচ আছে৷ ইয়াৰ বিপৰীতে মাইকীজনীৰ দেহটো পাতল মুগা বৰণীয়া৷ মতাটোৰ দৰে গলধনত কলা আঁচ নাই৷

মাইকী ঘৰচিৰিকা (ফটো: ৱিকিকমনছ)

ঘৰচিৰিকা স্থানীয় চৰাই যদিও ঋতু অনুযায়ী খাদ্যৰ সন্ধানত দাঁতি-কাষৰীয়া ঠাইলৈ ই পৰিভ্ৰমণো কৰিব পাৰে৷ ঘৰচিৰিকাৰ আয়ুস সাধাৰণতে চাৰি বা পাঁচবছৰ৷ ইহঁতে বেছিভাগ গুটি শস্য আৰু মাজে-সময়ে কীট-পতংগ আদি খায়৷ ঘৰচিৰিকাই জাক পাতি চৰি ভাল পায়৷ মতা ঘৰচিৰিকাই মাইকীজনীক আকৰ্ষণ কৰিবলৈ সুন্দৰকৈ বাহ সজাৰ চেষ্টা কৰে৷

সকলোৰে অজানিতেই ঘৰচিৰিকাই মানুহৰ বাবে বহুতো উপকাৰো কৰে৷ বিশেষকৈ মহৰ কণী আদি খাই ইহঁতে বিভিন্ন ৰোগ যেন মেলেৰিয়া আৰু ডেংগু আদি নিয়ন্ত্ৰণ কৰিব পাৰে৷ তাৰোপৰি ইহঁতে গছে গছে উৰি ফুৰি পৰাগ ৰেণু কঢ়িয়াই পৰাগযোগতো সহায় কৰে৷ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি ঘৰচিৰিকা খুবেই সংবেদনশীল৷ গতিকে এই চৰাইবিধক নগৰীয়া পৰিৱেশৰ স্বাস্থ্যৰ পৰিচায়ক (Bioindicator) বুলিও গণ্য কৰা হয়৷


ভাৰতত দেখা পোৱা ঘৰচিৰিকাৰ প্ৰজাতিবোৰ


ঘৰচিৰিকাবোৰ ক’লৈ গ’ল?

শেহতীয়া গৱেষণাত ধৰা পৰিছে যে অন্ধ্ৰপ্ৰদেশ, কেৰেলাৰ দৰে ভাৰতৰ কিছু ৰাজ্যত ঘৰচিৰিকাৰ সংখ্যা ৮০% পৰ্য্যন্ত হ্ৰাস পাইছে৷ তেনেকৈ গুজৰাট আৰু ৰাজস্থানত ২০% লৈ কমিছে৷ একেদৰে উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পাঞ্জাব, বাংগালোৰ, মুম্বাই, হায়দৰাবাদ আদিত ঘৰচিৰিকাৰ সংখ্যা বহুলাংশে কমি আহিছে৷ আনকি তিৰুভন্থপুৰম, লক্ষ্নৌৰ কোনো কোনো অঞ্চলৰ পৰা ঘৰচিৰিকা সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিল বুলি তথ্য পোৱা গৈছে৷

ঘৰচিৰিকাৰ দৰে এবিধ চিৰ পৰিচিত চৰাই কেনেকৈনো হেৰাই যোৱাৰ উপক্ৰম হৈছে? ঘৰচিৰিকাৰ সংখ্যা কমি অহাটো বেছ কিছুদিনলৈ ৰহস্য হৈয়ে আছিল৷ ইয়াৰ কাৰণ বিচাৰি ভাৰতকে ধৰি বিশ্বৰ বহুতো ঠাইত গৱেষণা চলিল৷ ইয়াৰ অন্তত ধৰা পৰিল মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনে ঘৰচিৰিকাৰ জীৱনলৈ মাতি অনা বিভীষিকাৰ কথা৷

ঘৰচিৰিকা কমি অহাৰ প্ৰথম কাৰণ হ’ল, ইহঁতৰ থকা ঠাইৰ সংকট৷ ইহঁতে পৰম্পৰাগত ঘৰৰ মুধচ বা বেঁৰৰ সুৰুঙাবোৰত বাহ সাজি পোৱালি জগায়৷ মানুহে আধুনিক আৰ্হিৰ ঘৰ সাজি থাকিবলৈ লোৱাৰ পৰা সেইবোৰত ঘৰচিৰিকাৰ বাবে ঠাই নোহোৱা হৈ পৰিল৷ মানুহৰ ঘৰ-চৌহদকে নিজৰো ঘৰ বুলি আঁকোৱালি লোৱা ঘৰচিৰিকাই আধুনিক অট্টালিকাবোৰত বাহ সজাৰ সুৰুঙা নাপাই আশ্ৰয়বিহীন হৈ পৰিল৷ তেনেদৰে নগৰীকৰণ (urbanization), বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে৷

দ্বিতীয়তে, ঘৰচিৰিকাৰ বাবে খাদ্যৰ অভাৱ৷ চহৰে-নগৰে স্থানীয় গছ-বনৰ সলনি বহিৰাগত উদ্ভিদ ৰোৱাৰ প্ৰতি আগ্ৰহ বাঢ়ি আহিছে৷ এই উদ্ভিদবোৰে ঘৰচিৰিকাৰ বাবে যথেষ্ট কীট-পতংগৰ যোগান ধৰিব নোৱাৰে৷ বিশেষকৈ পোৱালী ডাঙৰ কৰাৰ সময়ত ঘৰচিৰিকাৰ বাবে এনে কীট-পতংগৰ অতীব প্ৰয়োজন৷ খাদ্যৰ আকালৰ বাবে ঘৰচিৰিকাই মানুহৰ আৱাসিক অঞ্চলৰ সলনি খেতি-পথাৰৰ আশে পাশে থাকিবলৈ লৈছে৷ কিন্তু তেনে ঠাইতো ইহঁতক বিপদে লগ এৰা দিয়া নাই৷ খেতি-পথাৰত কীটনাশক (insecticide) আৰু পতংগনাশকৰ বহুল ব্যৱহাৰে ঘৰচিৰিকাৰ খাদ্য নোহোৱা কৰিছে, ৰাসায়নিক পদাৰ্থই ইহঁতৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ 

তাৰোপৰি নগৰীয়া পৰিৱেশত অভ্যস্ত অন্য প্ৰজাতি যেনে পাৰ-কপৌ, বুলবুলি আদি চৰায়ে খাদ্য আৰু বাসস্থানৰ বাবে ঘৰচিৰিকাৰ সৈতে প্ৰতিযোগিতা কৰে৷ খৰতকীয়াকৈ বংশবৃদ্ধি কৰি ইহঁতে ঘৰচিৰিকাৰ বাহ সাজিব পৰা ঠাইবোৰ অধিকাৰ কৰি লৈছে৷ ফলত ঘৰচিৰিকা চৰাইবোৰে আশানুৰূপ বংশবৃদ্ধি কৰাত বাধা পৰিছে৷

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ঘৰচিৰিকাৰ জীৱনলৈ সংকট মানি অনা অন্য এক উল্লেখযোগ্য কাৰক হ’ল বিদ্যুৎ-চুম্বকীয় বিকিৰণ (electromagnetic radiation, EMR) ৷ ভাৰত আৰু বিদেশৰ বিভিন্ন অঞ্চলত ঘৰচিৰিকাৰ জাকৰ ওপৰত কৰা অধ্যয়নত ধৰা পৰিছে যে অধিক তীব্ৰতাৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ হোৱা অঞ্চলসমূহত অন্য অঞ্চলৰ তুলনাত ঘৰচিৰিকাৰ সংখ্যা দ্ৰুত গতিত কমি আহিছে৷ যোৱা শতিকাটোৰ ম’বাইল ফোনৰ জালে প্ৰায় সকলো নগৰীয়া অঞ্চল ছাটি পেলাইছে৷ ইয়াৰ বাবে স্থাপন কৰা ষ্টেচন (GSM base station) সমূহৰ পৰা বিকিৰিত হোৱা বিদ্যুৎ চুম্বকীয় ঢৌয়ে ঘৰচিৰিকাৰ প্ৰজনন আৰু আচৰণত ক্ষতিকৰ প্ৰভাৱ পেলায় বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷

আমি কি কৰিব পাৰোঁ

ঘৰচিৰিকাকে ধৰি নগৰীয়া জৈববৈচিত্ৰ্য সংৰক্ষণৰ বাবে চৰকাৰ আৰু বিভিন্ন সংগঠনে আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছে৷ এই সময়ত আমাৰ আদৰুৱা চৰাইবিধৰ বাবে নিজৰ সামৰ্থ্য অনুসৰি আমিও কিছু সহায় কৰিব নোৱাৰোঁনে? নিশ্চয় পাৰোঁ! এনে কিছুমান উপায় হ’ল-
  • আধুনিক ঘৰ বা অট্টালিকাত বাহ সজাৰ ঠাই বিচাৰি হাঁহাকাৰ কৰা ঘৰচিৰিকাটোৰ বাবে আমি কিছু ঠাই উলিয়াই দিব পাৰোঁ৷ ঘৰৰ বেলকনি বা চোতালত কৃত্ৰিম বাহ (artificial bird nest) দুটামান ওলোমাই ৰাখিলেও সিহঁতে ঘৰ ল’ব পাৰে (আমাজনত কিনিব পৰা এনে এটা কৃত্ৰিম বাহৰ আৰ্হি)৷

বৈজ্ঞানিক গৱেষণাত ঘৰচিৰিকাৰ উপযুক্ত বুলি বিবেচিত কৃত্ৰিম বাহ
  • গৰমৰ দিনত চোতালতে বহল পাত্ৰ এটাত পানী আৰু কিছু খাদ্য উলিয়াই ৰাখিলে ঘৰচিৰিকাৰ লগতে অন্য চৰায়েও পিয়াহ পলুৱাব পাৰে৷ পানীত গা জুবুৰিয়ায়ো দেহটো শান্ত (rehydrate) কৰিব পাৰে৷
গৰমৰ দিনত অলপ সকাহ (ফটো: টাইমছ অব ইণ্ডিয়া)
  • ঘৰচিৰিকাই সহজে খাদ্য বিচাৰি পাব পৰাকৈ আমি ঘৰত বহিৰাগত উদ্ভিদৰ সলনি যিমানদূৰ পৰা যায় স্থানীয় উদ্ভিদ আৰু হেজজাতীয় জোপোহা ৰুব পাৰোঁ ৷
  • আমাৰ নিজৰ নিজৰ অঞ্চলৰ ঘৰচিৰিকাবোৰনো কেনে আছে তাৰ বুজ ল’ব পাৰোঁ, সিহঁতৰ বিষয়ে তথ্য যোগান ধৰি অধিক গৱেষণা আৰু সময়োচিত পদক্ষেপ লোৱাত সহায় কৰিব পাৰোঁ৷ আনকি আমি নিজেই একো একোজন নাগৰিক বিজ্ঞানী হ’ব পাৰোঁ৷ এইবিষয়ে অধিক জানিবলৈ ইয়াত চাওক৷
ঘৰচিৰিকাক বহুসময়ত নগৰীয়া জৈববৈচিত্ৰ্যৰ এক প্ৰতীক বা প্ৰতিনিধি (ambassador) বুলি কোৱা হয় কাৰণ ইহঁতৰ অৱস্থাই নগৰীয়া জীৱনত তাল মিলাই চলা বহু চৰাই-চিৰিকটি, জীৱ-জন্তুৰ অৱস্থাৰো বুজ দিয়ে৷ গতিকে এই চৰাইবিধৰ সংৰক্ষণে তেনে বহুতো চৰাই আৰু জীৱ-জন্তুৰ সংৰক্ষণৰ বাটো মুকলি কৰিব৷ আজিৰ এই ঘৰচিৰিকা দিৱসৰ দিনটোত আহকচোন, আমি সকলোৱে তাৰ বাবে ইজনে সিজনক অনুপ্ৰেৰণা যোগাওঁ আৰু সকলোৰে মিলি এই আদৰুৱা চৰাইবিধক সংকটৰ গৰাহৰ পৰা উভতাই অনাৰ বাবে বদ্ধপৰিকৰ হওঁ৷

তথ্যউৎস:
  • ঘৰচিৰিকাৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত পঢ়ক
  • https://www.worldsparrowday.org
  • Sharma, P., & Binner, M. (2020). The decline of population of house sparrow in India. International Journal of Agricultural Science, 5.
  • Jhajhria, A. (2020). A review on the need for conserving the house sparrow in India.
  • Nath, A., Singha, H., Haque, M., & Lahkar, B. P. (2019). Sparrows in urban complexity: macro and micro-scale habitat use of sympatric sparrows in Guwahati City, India. Urban Ecosystems, 22(6), 1047-1060.
  • Mahesh, Veera, and Suseela Lanka. "Global scenario and Conservation Status of House Sparrow (Passer domesticus)."
  • Everaert J, Bauwens D. 2007. A possible effect of electromagnetic radiation from mobile phone base stations on the number of breeding house sparrows (Passer domesticus). Electromagn Biol Med. 26(1):63-72. 
  • Pradha L. 2015. Impact of Electromagnetic Radiations on House Sparrows (Passer Domesticus). International Journal of Engineering Research & Technology (IJERT). ISSN: 2278-0181 Vol. 4 Issue 07

Tuesday, 2 February 2021

নাম যাৰ জীৱন (৩): নামৰ ঠিকনা বিচাৰি

শুনিছোঁ, যি নামেই নহওক প্ৰায়ভাগ মানুহৰে নিজৰ নামটো লৈ কিবা নহয় কিবা এটা অসন্তুষ্টি থাকে৷ মই পিছে শৈশৱতে নিজৰ নামটোক লৈ বিশেষ একো ভৱা-চিন্তা কৰা নাছিলো৷ নিজে নামৰ ভাল-বেয়া সম্পৰ্কে সচেতন হোৱাৰ আগতেই মানুহৰ মন্তব্যইহে হয়তো ভাবিবলৈ বাধ্য কৰি দিছিল৷ প্ৰাথমিক শ্ৰেণীতে কোনোবা এদিন সহপাঠীৰ মন্তব্যই মগজুত পাকঘুৰণি খাই আহিছিল, 
’এইটো আকৌ কেনেকুৱা নাম! নামৰ অৰ্থ কি?’

সেইদিনা ভাৱ হৈছিল, মোৰ নাম দিয়াৰ ক্ষেত্ৰত যেন মা-দেউতাই কৃপণালি কৰিলে! অন্যৰ দৰে, সদ্যোজাতৰ ভাল নাম এটা বিচাৰি ’এশ এটা অসমীয়া নাম’ বুলি কিতাপ এখনৰ বা চুৰ্চুৰীয়াকৈ হ’লেও সাহিত্য চৰ্চা কৰা কোনোবা এগৰাকীৰ ওচৰ নাচাপিলে৷ ঘৰলৈ উভতি আহি তাকে লৈ আপত্তি কৰোঁতে মাই পাতল সুৰত ক’লে,

’চাচোন, সৌ লগৰে মাজনীলৈ৷ মাক-দেউতাকে নাম থ’লে ময়ুৰাক্ষী৷ অসমীয়াতে হওক-ইংৰাজীতে হওক নামটো লিখোঁতেই তাইৰ হাঁহাকাৰ লাগি যায়৷ তই ভালহে পাব লাগে-ক’বলৈ লিখিবলৈ ইমান সহজ নাম!’

শৈশৱৰ সৰল পৃথিৱী, সৰল মনাকাশ! মাৰ সেইষাৰ কথাতে বিৰাট সকাহ পালো! 

পিছে ডাঙৰ হৈ অহাৰ লগে লগে মোৰ নামটোক লৈ নানাজনৰ নানা মন্তব্য শুনিবলৈ পালোঁ৷ ’জলি নে জুলী’ ৰ পৰা ’তোমাৰ নামটো সলাই ভাল কিবা এটা লৈ ল’বা বুজিছা’ লৈকে অলেখ অজস্ৰ মন্তব্য আৰু পৰামৰ্শ৷ এবাৰ কোনোবা এজনেতো বিৰাট চিন্তিত সুৰত কৈ পেলাইছিল,

’জলি নামটোৱে পোনতেই জ্বলি-পকি থকাটোৱেই মনলৈ আনে৷ মা-দেউতাক ক’বা ভাল চাই অন্য কিবা এটালৈ সলাই দিবলৈ৷’

মোৰ নামৰ ক্ষেত্ৰত হোৱা অবিচাৰৰ কিবা এটা সুব্যৱস্থা কৰাৰ দায়িত্বই লৈ পেলাইছিল যেন চিনাকি-অচিনাকি বহুতেই!

তাৰ পিছত আৰম্ভ হ’ল এটা অন্তহীন প্ৰক্ৰিয়া৷ মোৰ নামৰ বানানটো লৈ! এবাৰো সুধি নোচোৱাকৈয়ে বহুতে পোনেই জলিৰ সলনি ’জুলী’ বা ’জ্বলী’ কৰি পেলায়৷ সাধাৰণ আবেদন পত্ৰৰ পৰা চাৰ্টিফিকেট, আইকাৰ্ডলৈকে বানান শুধৰণিৰ আবেদন কৰাটো মোৰ বাবে নিয়মমাফিক হৈ পৰিল৷ এবাৰ আনকি কিবা এটা বঁটা ল’বলৈ মঞ্চলৈ উঠি গৈয়ো ঘোষকক মই কৈছিলোগৈ,

’মোৰ নামটো জুলী নহয়, জলিহে৷’

সেই ছটফটীয়া ঘোষকগৰাকীয়ে শুনি লৈ 
সহানুভূতিৰে মুৰ দুপিয়ালে আৰু ডালিমগুটীয়া হাঁহি এটাৰে ৰাইজক উদেশ্যি পুনৰ কৈ উঠিল,

’এয়া বঁটা গ্ৰহণ কৰিছে জুলী বৰাই!’

অসম এৰি বিভিন্ন সময়ত ভাৰতৰ কেইবাখনো ৰাজ্যত থিতাপি লোৱাৰ সময়ছোৱাত অসমীয়া ’জ্বলি-পকি থকা’ৰ পৰা ইংৰাজী ’ৰাংঢালী’ হৈ পৰিলো ৷ বানানৰ সমস্যাই পিছে মোৰ লগ এৰা নিদিলে- সকলোৱে লিখিবলৈ ল’লে ’Joli’ ৰ ঠাইত ’Jolly’৷ বন্ধু-বান্ধৱে কেতিয়াবা ধেমালিতে ক’বলৈ ল’লে,

’তুমি সঁচাকৈয়ে জল্লী জল্লী গাৰ্ল!’

এইবাৰ মোৰ কৌশলো সলনি হ’ল৷ নামটো কৈয়ে অন্যই কিবা প্ৰশ্ন কৰাৰ আগতেই কৈ উঠো,
’এঞ্জেলিনা জলিৰ দৰে জলি! কিন্তু শেষৰ ’ই’ টো হে নাই৷’

সেই কৌশলেৰেই প্ৰশ্নৰ সলনি হাঁহিৰ বাট মুকলি কৰিলোঁ৷ পিছে সেই স্বস্তিও এটা সময়ত অদৃশ্য হোৱাৰ উপক্ৰম হ’ল৷ বাংগালোৰত থাকোঁতে এটা নতুন প্ৰশ্ন আৰম্ভ হ’ল৷ এইবাৰ সমস্যাটো উচ্চাৰণক লৈ! প্ৰথম প্ৰশ্নবাণ আহিল বন্ধু এজনৰ পৰা৷

’তোমাৰ নামৰ উচ্চাৰণটো আচলতে কি? জলি নে জ'লি?’

মই সততাৰেই ক’লো,
’ক’তা? দুয়োটা উচ্চাৰণেইটো মোৰ শুনাত একে যেন লাগিছে!’

তাৰপিছৰ আধাঘন্টা আমি দুয়ো যুঁজিলো মোৰ নিজেৰেই নামৰ সঠিক উচ্চাৰণটো উলিয়াবলৈ৷ অৱশেষত কামৰ অজুহাত দেখুৱাই মই আঁতৰ হ’লো৷ তাৰপিছৰ পৰা বন্ধুক দূৰৈৰ পৰা দেখিলেই মই তাৰ চকুৰ আঁৰ হওঁ৷ আশংকা এই যেন সকলোৰে সন্মুখত সি চিঞৰি মাত দিব,

’তুমি জলি নে জ’লি?’

আৰু মোৰ চাৰিওকাষে সকলোৱে একেদৰে সুধিবলৈ আৰম্ভ কৰিব,
’তুমি জলি নে জ’লি? জুলী নে জ্বলী? জলি নে জ’লি নে জুলী নে জ্বলী?’

কৰ্মসূত্ৰে আয়াৰলেণ্ডত থকাৰ সময়ত সহকৰ্মী কেনে এদিন সন্ধিয়া ফটো পঠালে- সেই অজান্তি মুলুকত ’জলি হেয়াৰ!’ ইতিমধ্যে সেই অফিচত যোগ দিয়াৰ প্ৰথম সপ্তাহতে মোৰ নামক লৈ সহকৰ্মী কেইগৰাকীমানৰ সৈতে বিশদ আলোচনা হৈ গৈছে৷


আয়াৰলেণ্ডৰ অজান্তি মুলুকত ’জলি হেয়াৰ’

পিছদিনা অফিচত লগ পাই কেনে আহল-বহল হাঁহি এটাৰে ক’লে,

’তোমাৰ নামটো তেনেকৈ আগতে কেতিয়াও শুনা নাই৷ মানে ধৰা, নামটো শুনিলে ক’ৰ, কি কথা, কি অৰ্থ একো ধৰিব নোৱাৰি৷ সেয়ে কৌতুহল হোৱাত মই আনকি ’জলি হেয়াৰ’ত সোমাই খৱৰেই কৰিলোগৈ!’

মই নাহাঁহি নোৱাৰিলো! কেৱল নামটোৰ ঠিকনা বিচাৰিয়ে কেনে তাত গৈ খৱৰ কৰিছেগৈ!!

’পিছে পালানে নাই ’জলি’ৰ ঠিকনা?’

’এহ, ৰিচেপশ্যনিষ্ট গৰাকীয়ে মাথোঁ ক’লে, সেই হেয়াৰ ড্ৰেছাৰখনৰ মালিকজনৰ ছোৱালীৰ নাম জলি৷ তাৰ বাহিৰে একো উলিয়াব নোৱাৰিলো৷’

কেনক ওলোটাই মইহে সান্তনা দিলো, ’একো নাই৷ কিছুমান নাম এনেকুৱাই- ঠিকনাবিহীন’! এইটোকে এটা চিৰন্তন সত্য বুলি প্ৰায় গ্ৰহণ কৰি লৈছিলো৷ কিন্তু এদিন ফৰাচী বন্ধু ৰোমেইনে হঠাতে কোনো প্ৰসংগ নোহোৱাকৈয়ে ক’লে,

’তোমাৰ নামটোৰ ফৰাচী ভাষাত অৰ্থ কি জানানে?’
মোৰ আচৰিত হোৱাৰ পাল৷ মোৰ নামৰ অৰ্থ! তাকো ফৰাচীত!! অতদিনেতো অৰ্থহীন নামটোকে আপোন কৰি লৈছোঁ!

সি ক’লে, ’
ফৰাচী ভাষাত জলিৰ অৰ্থ সুন্দৰ-pretty!'

পৰম কৌতুহলেৰে অভিধান চাই দেখোঁ হয়, এয়াটো মোৰেই নাম-অবিকল বানান৷ সেইমুহুৰ্ত্তত মনত যেন বাজি উঠিল ’ইউৰেকা ইউৰেকা’ৰ ছন্দ ৷ ৰোমেইনক সেই আৱিষ্কাৰটোৰ বাবে ভুৰি ভুৰি কৃতজ্ঞতা যাচিলোঁ৷

বহুবছৰৰ মূৰত যেন মই এটা উত্তৰ পালো৷ মোৰ 
নামক লৈ চিনাকি অচিনাকিৰ প্ৰশ্ন-দোমোজা-বিভ্ৰান্তি সকলোবোৰ ভেঁটা দিব পৰাকৈ এটা সহজ-সৰল উত্তৰ৷ ভাৱ হ’ল, হয়তো সেই উত্তৰ নিজৰ মাজতে আছিল- মাথোঁ গ্ৰহণ কৰিব পৰা নাছিলো অতদিনে৷ সেয়ে বাহিৰৰ পৃথিৱীৰ একোটা সাধাৰণ প্ৰশ্নই, সাধাৰণ  বিভ্ৰান্তিয়ে মোৰ অনুভৱৰ আকাশত আউল লগাই দিছিল৷ বিদেশৰ সেই নতুন অৰ্থই যেন এটা বাট মুকলি কৰি দিলে, নামৰ আঁৰত লুকাই থকা নিজৰেই প্ৰকৃত সত্ত্বাক চিনাৰ! নামৰ বিভ্ৰান্তিবোৰত খলকনি লগোৱা ঢৌবোৰৰ আঁৰৰ প্ৰশান্তিময় নৈখনৰ গতি-প্ৰকৃতি বুজাৰ৷ 

তাৰপিছৰ পৰা মোৰ নামক লৈ হোৱা কোনো বিভ্ৰাটেই আগৰ দৰে বিৰক্ত কৰিব নোৱাৰা হ’ল৷ আগৰ দৰে ৰণকৌশল ঠিক কৰাৰো প্ৰয়োজনবোধ নকৰা হৈ আহিলো৷ কোনোবাই সুধিলে বিশেষ নভৱাকৈ কওঁ, ’মই এঞ্জেলিনা জলিৰ জলি’, কেতিয়াবা ’জে ফৰ জেছমিন’, নাইবা মাথোঁ কওঁ ’যেনেকৈ সহজ হয়, তেনেকৈয়ে মাতিব পাৰা!মই অকণো বেয়া নাপাওঁ!’ আনকি বন্ধুবৰ্গৰ ধেমালিত কোনোবা পাবত হঠাত বাজি উঠা ডলী পাৰ্টনৰ গানৰ সৈতে হাঁহি হাঁহি সুৰ মিলাবও পৰা হ’লো৷

Jolene, Jolene, Jolene, Jolene
I'm begging of you please don't take my man
Jolene, Jolene, Jolene, Jolene
Please don't take him just because you can



কানাডাত থাকিবলৈ লোৱাৰ পৰা নামক লৈ বিভ্ৰান্তিবোৰো কমি আহিল৷ ইয়াত ইংৰাজীৰ লগতে ফৰাচীও চৰকাৰী ভাষা৷ গতিকে প্ৰায়বোৰ মানুহেই ফৰাচীৰ সৈতে কম-বেছি পৰিমাণে পৰিচিত- সেয়ে নোকোৱাকৈয়ে প্ৰায়ে কিজানি বুজি লয় জলিৰ ফৰাচী অৰ্থ৷ অসমৰ পৰা অৰঙে দৰঙে ঘুৰি পকি আহি অৱশেষত মোৰ নামটোৱে বিশ্বৰ আনটো প্ৰান্তত নিজৰ ঠিকনা বিচাৰি পালে৷ লগতে হয়তো মোৰ এটা অংশইয়ো!

Friday, 1 January 2021

নাম যাৰ জীৱন (৩): শিপাৰ সন্ধানত

’হেই হেই, স্পীড ব্ৰেকাৰ! স্পীড ব্ৰেকাৰ আছে দেই আগত৷’ 

গাড়ীৰ পিছৰ আসনৰ পৰা দেউতাই ঘপকৈ মাত লগালে৷ কথাত মছগুল হৈ থকা মা আৰু মই চক খাই উঠিলো৷ মোৰ ভৰিয়ে ক্লাছত হেঁচা দিয়াৰ আগতেই চালকৰ কাষৰ আসনত মাই ক’ব নোৱাৰাকৈ নিজেই ভৰি ডবাই পালে৷ বেছিভাগ সময় নিজে গাড়ী চলাই ফুৰাৰ বাবে অভ্যাসবশত:!

গাড়ীৰ গতি কমিলেও স্পীড ব্ৰেকাৰৰ থেকেচাটো অলপকৈ খাই লৈ দেউতাই মুখখন অলপ বিকটাই দিলে৷ মাই অপ্ৰস্তুত ভাৱে অলপ হাঁহি মাথোঁ ক’লে,

’পুহমাহৰ কুঁৱলী যিহে একো দেখাই নাপায়!’

একো যেন হোৱা নাই তেনে এটা ভাও ধৰি মই ঘাইপথত দৃষ্টি ৰাখিয়ে মাক উদেশ্যি ক’লো,

’তাৰ পিছত? পুখুৰীটোৰ কথা কৈ আছিলা তুমি!’

ধেমাজি চাৰিআলিৰ ভিৰৰ মাজেৰে অলপ সষ্টম হৈ গাড়ীখন চলাই নিলো৷ চাকৰি সূত্ৰে যোৱা কেইবামাহো আয়াৰলেণ্ডৰ মসৃণ শৃংখলাবদ্ধ পথত গাড়ী চলাই থাকি মোৰ এতিয়া অসমত খেলিমেলি লাগি গৈছে৷ কোনফালে কি আহিছে যেন টলকিবই নাপাওঁ! আগে-পিছে অন্য গাড়ী-মটৰ, চাইকেলবোৰে ট্ৰেফিকৰ নিয়ম মানি ঠিকেই চলাবনে নে সকলো নীতি নিয়ম ধোঁৱা ছাঙত তুলি আকস্মিক কিবা এটা ষ্টান্ট কৰি দিব সেই আশংকাই মোক লগ এৰিব খোঁজা নাই৷ বাটৰ মাজতে হঠাৎ আৱিৰ্ভাৱ হোৱা গৰু-ছাগলী, হাঁহ-কুকুৰাবোৰতো আছেই!

’হা-অঁ৷ তেলামৰ পুখুৰীটো? আগতে এইবোৰ তোক বহুবাৰ কৈছোঁৱে দেখোন৷ আকৌ সুধিছ যে৷’  মাৰ  কথাৰ আঁত হেৰাল নে ৰাতিপুৱাৰ হেৰোৱা টোপনিৰ আমেজখিনিলৈ মনত পৰিল ধৰিব নোৱাৰিলো৷ 

’জানো, আগতেও কৈছা৷ কিন্তু আজি তালৈকে ওলাইছোঁ যেতিয়া কথাবোৰ ভালকৈ মনত পেলাই ল’ব খুজিছোঁ৷’ 

’তালৈ গৈ সকলো দেখিবিয়ে নহয়! তেতিয়া নিজে নিজে কথাবোৰ মনত পৰিব৷’- পিছৰ আসনৰ পৰা দুটা কমলা মাৰ হাতলৈ দি দেউতাই মোক উদেশ্যি ক’লে৷

’মোৰ মনত থকা ছৱিখন স্পষ্ট কৰি নল’লে তেতিয়াৰ আৰু এতিয়াৰ কথাবোৰ মিলি সকলো খেলিমেলি লাগি নাযাব জানো? কোৱাচোন৷’

মই কথাৰ পাক ইমান সহজে এৰি নিদিওঁ বুলি বুজিয়ে হয়তো কমলাৰ বাকলি গুচাই গুচাই মাই ক’বলৈ ধৰিলে,

’ঘৰৰ সন্মুখৰ চোতালখনৰ একাষে সেই সৰু পুখুৰীটো আছিল৷ সেইসময়ত পানীৰ বৰ অসুবিধা৷ সেয়ে পুখুৰীটো বন্ধাই লৈছিলো৷ তাৰ পানীৰেই ঘৰৰ বহুখিনি কাম চলিছিল৷’

’অঁ, মনত আছেতো! তুমি পটে নদীতো প্ৰায়ে কাপোৰ ধুবলৈ গৈছিলা নহয়? আমি লগতে গৈ পানীত খেলিছিলো৷’ মোৰ ধুঁৱলী কুঁৱলী স্মৃতিৰ পটত যেন কিছুমান ৰঙৰ আঁচোৰ পৰিল৷

’অঁ, ওচৰ চুবুৰীয়াৰ লগ পালে পটে নদীলৈকে গৈছিলো৷ কিন্তু সদায় তালৈ যাবলৈ আহৰি নোলায়৷ সেয়ে পুখুৰীতে ঢেৰ কাম৷’

’বুজিছোঁ৷ তাৰ পিছত?’ ঘাইপথত চকু দি থাকিয়েই মই মাত লগালো৷ এইখিনিত ভিৰ কম৷ গাড়ীৰ কাষেৰে মাথোঁ পাৰ হৈ গ’ল, শুধ বগা চাৰ্ট আৰু সেউজীয়া স্কাৰ্টৰ ইউনিফৰ্মেৰে কথাত মছগুল দুজনী কিশোৰীৰ চাইকেল, যাত্ৰী আৰু বয়-বস্তুৰে ঠাহ খোৱা এখন হালধীয়া টাটা ছুম’৷ বাটৰ একাষে দাই নিয়া ধাননি পথাৰত বগা-কজলা গৰুৰ দল৷ সোঁফালে এটা কেঁচা আলিৰ দুয়োপাৰে কেইবালানি বাঁৰী আৰু ঘৰ৷ হয়তো এখন গাওঁ৷ 

মোলৈ দুফোঁটা কমলা আগবঢ়াই দি মাই ক’লে,

’এদিন দুপৰীয়া মই পাছচোতালত কিবা কামত লাগি আছিলো৷ তোৰ বয়স দুবছৰ হোৱাই নাই কিজানি! এনেতে শুনা পালো ’জুপুং’কৈ শব্দ এটা৷ বুুকুখন চিৰিংকৈ গ’ল মোৰ৷ কিনো হ’ল বুলি ধপলিয়াই আগচোতাললৈ আহিলো৷ ক’তো একো নাই৷ কিন্তু মুহুৰ্ত্ততে চকু গ’ল পুখুৰীটোলৈ৷ দেখিলো, তই পুখুৰীৰ পানীৰ মাজত ককবকাই আছ!’

’পানী কিমান আছিল?’ আগতে এই কাহিনী বহুবাৰ শুনিছোঁ যদিও প্ৰতিবাৰেই মোৰ একেই উৎকন্ঠা!

’বেছি নাছিল, এআঁঠু মানহে হ’ব৷ কিন্তু দেৰ-দুবছৰীয়া ছোৱালী এজনী ডুবিবৰ কাৰণে সেয়াই যথেষ্ট! ভাল যে মাৰে দেখিলে বুলিহে!’ দেউতাই কৈ উঠিল৷

তেলামমুখী ঘাইপথৰ একাষে

কিছুপৰ নীৰৱেই গাড়ী আগবাঢ়িল৷ আমি তিনিও যেন সোঁৱৰণীৰ নৈখনক বাট এৰি দিলো৷ অসম-অৰুণাচল সীমান্তৰ তেলাম নামৰ এসময়ৰ সেই দুৰ্গম আৰু পিছপৰা কণমানি ঠাইখনলৈ প্ৰায় দুটা দশকৰ পিছত আজি উভতিছোঁ আমি৷ এটা সময়ত এই ঠাইত আমাৰ এটা আপোন ঘৰ আছিল- ভলুকা, তামোল, জেতুলীপকাৰে ভৰা এখন বাঁৰী আছিল আৰু ইয়াতে আছিল সেই সকলোবোৰ লৈ গঢ় লোৱা এখন পৃথিৱী! সেই একেই সময়, একেই ঠাই, কিন্তু আমাৰ তিনিওৰে নিজস্ব সুকীয়া সোঁৱৰণী!

চিমেন চাপৰিত শৈশৱৰ বান্ধৱী ৰেখাৰ লগ ল’লো৷ এইবাৰ আমি সকলো ৰেখাৰ গাড়ীত৷ তাই দেখুৱাই গ’ল পৰিচিত ঠাইবোৰ৷  বিস্তীৰ্ণ ধাননি পথাৰৰ সিপাৰে অৰুণাচল সীমান্ত- ছিয়াঙৰ সেউজ-নীলা পাহাৰ৷ দেউতাই ক’লে,

’আগৰ ভঙা-ছিঙা বাটৰ চিনমোকামেই নাই৷ ঘাইপথটো হোৱাৰ পৰা একালৰ এই দুৰ্গম ঠাইবোৰৰ ৰূপেই সলনি হৈ গ’লচোন!’

আধাঘন্টাৰ ভিতৰতে তিনিআলি এটাৰ ওচৰ পাই গাড়ীৰ গতি লেহেমীয়া হ’ল৷ ৰেখাই ক’লে,

’এইটোৱে তেলাম তিনিআলি! আপোনালোকৰ ঘৰটো কোনফালে আছিল?’

আমি তিনিও যেন চক খাই উঠিলো৷ মাই ক’লে,

’অহ, আমাৰ ঘৰটো এৰি আহিলো তেনে, তিনিআলি পোৱাৰ আগতেই গামচুকত বাটৰ কাষত পাব লাগে৷’

এইবাৰ আগতকৈও লাহে লাহে একেটা বাটেৰে গাড়ী উভটিল৷ একান্তমনেৰে আমি বাওঁকাষে চাই গ’লো৷ বাট-পথ, ঘৰ-দুৱাৰ সকলো ইমান অচিনাকি! সন্দেহ হ’ল, আমাৰ ঘৰটোও জানো চিনি পাম? তেতিয়াৰ ঘৰৰ এখন ফটোওতো নাই! সকলো কেৱল স্মৃতিৰ মায়াজাল যেন! 

তেলামৰ ঘৰৰ পদূলি
’এইটো! এইটোৱে আমাৰ ঘৰ!’ হঠাৎ মা-দেউতাই প্ৰায় একেলগে কৈ উঠিল৷ জোকাৰণি এটা খাই গাড়ীখন ৰৈ গ’ল৷ দেখা পালো, নঙলামুখেৰে এটা পদূলি৷ অতদিনে মনত লৈ ফুৰা ছৱিখনৰ দৰে অতিকৈ দীঘল নহ’লেও এটা যথেষ্ট দীঘলীয়া পদূলি৷ বহুখিনি একে- বহু সাদৃশ্য এতিয়াও মোৰ স্মৃতিৰ ছৱিখনৰ সৈতে! 

’অঁ, আমি ৰুৱা তামোল গছবোৰেই আছে চোন৷’ মাৰ মাতত অলপ আশ্চৰ্য্য, অলপ আনন্দ!

এখন্তেক পদূলিমুখতে থিয় দি চাৰিওফালে চালো৷ 

’এই নঙলামুখৰ বাওঁহাতে বাটৰ কাষতে এখন সৰু চাং দিয়া দোকান নাছিলনে?’ মোৰ হঠাৎ মনত পৰিল৷

’অঁ ঠিকেই, পাণদোকান আছিল সেইখন৷’ কৈয়ে দেউতা আগবাঢ়িল পদূলিৰে৷

এখন্তেকৰ বাবে মই ৰৈ গ’লো সেই পদূলিমুখতে৷ চকুৰ আগত ভাঁহি উঠিল এখন ছৱি; বাইদেউ আৰু মই নঙলামুখেৰে ওলাই আহিছোঁ কিবা কিনিবলৈ৷ দুয়োজনীৰ পিন্ধনত মাই ক্ৰছে কৰা দুটা কণমান চোলা৷ সিমূৰে বাটৰ কুকুৰৰ তীব্ৰ গেঙণি কিছুমান শুনি দুয়ো হঠাৎ জিকাৰ খাই উঠিছোঁ৷ এটা পলকৰ ভিতৰতে তিনিটামান কুকুৰে ধুমুহাৰ গতিৰে আহি সেই ক্ৰছেৰ চোলাত কামুৰি টানি লৈ গৈছে বাইদেউক৷ মোৰ চকুৰ সন্মুখতে সিহঁতে তাইক সেই পাণদোকানৰ চাংখনৰ তল পোৱাইছেগৈ৷ ভয় আৰু আতংকত মই জলকা লাগিছোঁ সেইখিনিতে! মুখৰ মাত ওলোৱা নাই- সমগ্ৰ শক্তিৰেও দেহটো লৰচৰ কৰিব পৰা নাই৷ মাথোঁ দেখিছোঁ চাঙৰ তলত এক ভয়ানক যুঁজ বাগৰ- দোকানী আৰু বাটৰুৱাৰ চিঞৰ-বাখৰ আৰু দৌৰ!

সেই আতংকই এক মুহুৰ্ত্তৰ বাবে এতিয়াও এটা শিহৰণ এৰি গ’ল যেন৷ তেতিয়াই কুকুৰলৈ সোমোৱা ভয়টো আঁতৰিবলৈকে কেইবাটাও দশক লাগিল৷ চকু-মুখ জোঁকাৰি লৈ বাস্তৱলৈ উভতি অহাৰ চেষ্টা কৰিলো৷ সকলো ইতিমধ্যে পদূলি পাৰ হৈছিলেই৷ নঙলা খুলি ময়ো সোমাই গ’লো সেই পৌৰাণিক ঘৰলৈ বুলি৷ সপোন সপোন যেন লগা কিছুমান সময়ৰ, কিছুমান স্মৃতিৰ আঁত বিচাৰি৷

আগৰ লিৰলিৰীয়া বাটৰ সলনি আহল বহল মুকলি পদূলি কিন্তু এতিয়াও দুয়োফালে তামোল আৰু ভলুকা বাঁহৰ বাঁৰী৷ চোতালখন পাৰ হৈ সেই একেই বাটামী ঘৰটো৷ যেন ঠিক এইখিনিতে যোৱা দুটা দশক ধৰি সময় স্থৱিৰ হৈ গ’ল!

 মা-দেউতাই চোতালতে ৰৈ ইফালে সিফালে চালে৷ মোলৈ ঘুৰি চাই মাই ক’লে,

’এই পদূলিৰেই প্ৰতিদিনে ৰাতিপুৱা ’ডেৰলিটাৰ’ আহিছিল গাখীৰ দিবলৈ, মনত আছে?’

হাঁহি উঠিল মোৰ৷

’আছে আছে৷ ডেৰলিটাৰ গাখীৰ লওঁ বুলিয়ে আমি তেওঁৰ নামটোৱে ’ডেৰলিটাৰ’ কৰি পেলাইছিলো!’ 

’এবাৰ বাৰিষা সেই ডেৰলিটাৰৰ গাখীৰ লৈ থুপুক থাপাককৈ খোঁজ দি পদূলিৰে উভতি আহোতে তই বোকাত পিছল খাই পৰি গৈছিলি!’ দেউতাই হাঁহি হাঁহি ক’লে৷ ’হয়তো ঠিক এইখিনিতে৷’ আমি থিয় দি থকা ঠাইখিনিৰে একাষে দেখুৱালে দেউতাই৷

ইমান সাধাৰণ অথচ সময়ে মচিব নোৱাৰা ইমান অসাধাৰণ এই শৈশৱৰ স্মৃতিবোৰ! জীৱন নদীৰ সোঁতে য’লৈকে লৈ নাযাওক শৈশৱৰ এনে সৰু-বৰ মুহুৰ্ত্তবোৰ যেন গভীৰৰ পৰা গভীৰতৰলৈ বৈ থাকে অন্য এখন নৈ হৈ- একোৱে আঁচোৰ পেলাব নোৱাৰাকৈ- একোৱে সলনি কৰিব নোৱাৰাকৈ! প্ৰতিজন মানুহেই হয়তো হৃদয়ত সযতনে আৰু সংগোপনে কঢ়িয়াই ফুৰে সেই অতলস্পৰ্শী নৈ৷ জীৱন নদীৰ দিশ সলনি কৰি দিব পৰাকৈ শক্তিশালী সেই নৈৰ তলৰ নৈ৷ সেই নৈয়ে পেলোৱা পলসতে মানুহে সাজে আশা-নিৰাশাৰ সৌধ৷ নাইবা শৈশৱতে থিতাপি লোৱা একোটা অযাচিত পকনীয়াই সময়ে অসময়ে আনি দিয়ে বিধ্বংসী বানপানী৷ 

সময় স্থৱিৰ হৈ ৰোৱা তেলামৰ ঘৰখন

’অঁ, তোমালোক ডেকাপাম কলেজতে পঢ়া নেকি? ছাৰক আমাৰ নাম ক’লেই চিনি পাব!’ - ঘুৰি চাই দেখোঁ দেউতাই কথা পাতিছে৷ ঘৰৰ দুৱাৰমুখত কৈশোৰ-যৌৱনৰ দেওনাত থমকি ৰ’ৱ খোজা দুজন ল’ৰা৷  থুঁতৰিত দেখা নেদেখা দাড়িৰ আৰু দুচকুত ৰামধেনু চুব খোজা সপোনৰ আভাস৷

মোৰ পাঁচবছৰ বয়সত দেউতাৰ চাকৰিৰ আকৌ বদলি হৈ আমি তেলাম এৰি গুচি গৈছিলো অন্য এক প্ৰান্তলৈ৷ এই ঘৰ-বাঁৰী নিজৰ কৰি লৈছিল ডেকাপাম কলেজৰ সেই সময়ৰ অধ্যক্ষই৷ এতিয়া তেনে এই ঘৰ এক ছাত্ৰাবাস৷

দেউতাই সিহঁতক থুলমুলকৈ আমাৰ সেই ইতিহাসৰ আভাস দিলে৷ অলপ সংকোচ আৰু অলপ অপ্ৰস্তুত ভাৱেৰে সঁহাৰি দি সিহঁত উভতি গ’ল নিজৰ নিজৰ কোঠালৈ৷ 

ঘৰটোৰ চাৰিওকাষে এপাক মাৰিলো৷ অযত্নপালিত বাঁৰীখনৰ সিপাৰে এতিয়া চুবুৰীয়া মানুহঘৰ দেখা নাপায়৷ তেতিয়াৰ দিনত বাওঁকাষেৰে এটা বাট আছিল আমাৰ চুবুৰীয়া তায়েৰ ঘৰলৈ৷ মনত ভাঁহি উঠিল তায়েৰ ৰুগীয়া ছোৱালীজনী! কৈশোৰতে এনকেফেলাইটিছ হৈছিল তাইৰ৷ তেতিয়া তেলামৰ দৰে পিছপৰা ঠাইত প্ৰাথমিক চিকিৎসাৰে অভাৱ৷ হোমিঅ’ ঔষধ দিবলৈ যোৱা দেউতাৰ সৈতে কেতিয়াবা ময়ো সেই বাঁৰীৰ মাজৰ বাটটোৰে তায়েৰ ঘৰলৈ গৈছিলো৷ ঘৰখনৰ ওখ কাঠৰ দুৱাৰদলি পাৰ হৈ মাটিৰ মজিয়াখনত ভৰি দিয়াৰ লগে লগেই এটা বিষাদ কৰুণ সুৰে আছন্ন কৰি তুলিছিল দেহ-মন৷ যিমানেই দিন গৈছিল সিমানেই তীব্ৰ হৈ আহিছিল সেই সুৰ৷ 

এদিন সেই সুৰে হিয়াভঙা কান্দোনৰ ৰূপ লৈছিল৷ মৃত্যুৰ পদধ্বনি ইমান কাষৰ পৰা শুনিছিলো যে মোৰ বুকু কঁপি গৈছিল৷ তাই হেৰাই যোৱাৰ পিছত আমাৰ বাঁৰীৰ কাষতে তায়েৰ বাঁহনিত এটা ঢিপ উঠিছিল৷ তাৰ চাৰিওকাষে বাঁহৰ জেওৰাত ঘৰৰ মানুহে তাইৰ কাপোৰ-কানি আঁৰি দিছিল৷ প্ৰতিদিনে সেই ঢিপটোৰ দৃশ্য দেখি মোৰ হৃদয়ত ৰি ৰি কৈ বাজি ৰৈছিল সেই বিষাদ কৰুণ সুৰ৷ বিষণ্ণতাৰ সৈতে মোৰ প্ৰথম চিনাকি হয়তো সেই দিনবোৰতেই! 

এটা সময়ত আমি ওলাই আহিলো৷ সৰু বৰ দোকান-পোহাৰ কিছুমান, গাড়ী-মটৰৰ লানি আৰু যান্ত্ৰিক কোলাহলেৰে ব্যস্ততাৰ আখৰা কৰা তেলাম তিনিআলি৷ তাতে সোধাসুধি কৰি ওলালোগৈ মোৰ জীৱনৰ প্ৰথম স্কুল- তেলাম গামচুক প্ৰাথমিক বিদ্যালয়৷ তেতিয়ালৈ স্কুলৰ ছুটি হৈছে হয়তো৷ নিজম বাৰাণ্ডাখনেৰে শাৰী শাৰী শ্ৰেণীকোঠাৰ দুৱাৰবোৰ পাৰ হৈ গ’লো লাহে লাহে৷ ইয়াতেইতো আৰম্ভ হৈছিল মোৰ জীৱনৰ আদিপাঠ! একপ্ৰকাৰ জেদ ধৰিয়ে সময়তকৈ আগত আৰম্ভ কৰিছিলো সেই আদিপাঠ৷

মোতকৈ এবছৰ ডাঙৰ বাইদেউ স্কুললৈ যোৱা দেখি ময়ো লগতে যাব খুজিছিলো৷ মাহঁতে বুজাইছিল,

’এতিয়া তোৰ বয়স কম হৈ আছে যে- অহাবাৰ পাঁচ বছৰ হ’লে তোৰো নাম লিখাই দিম দেই৷’

কাৰো বুজনিয়ে কাম কৰা নাছিল৷ কেইবাদিনো কান্দি কাটি গছৰ পাত সৰোৱালো৷ মাৰ ভাষাত মই হেনো ’অকৰা-মৈ’ত উঠিছিলো! অৱশেষত মোৰ জেদ কমাৰ একো লক্ষণ নেদেখি একপ্ৰকাৰ উপায়ন্তৰ হৈয়ে মাই মোক লৈ আহিছিল এই স্কুললৈ৷

তেলাম গামচুক প্ৰাথমিক বিদ্যালয়

তেতিয়া এই স্কুলৰ নামত মাথোঁ চাৰিটা কাঠৰ খুঁটাৰে চাৰিওকাষ মুকলি এখন কণমান ছালি৷ কেইটামান ল’ৰা-ছোৱালীৰে সকলোবোৰ শ্ৰেণীক একেলগে বহুৱাই পঢ়ুৱাইছিল এজন শিক্ষকে৷ মাই প্ৰতিদিনে বাইদেউক অলপ সময় পঢ়াই-লিখাই স্কুললৈ যাবলৈ সাজু কৰাইছিল৷ মই কিজানি ক-ৰ চুক কেইটাও চিনি নোপোৱাকৈ ভৰি থৈছিলোহি এই চৌহদত৷ ঢাৰি-পাটী পাৰি লৈ মাটিৰ মজিয়াত বহিবলৈ পায়ে মোৰ চকুপানী শুকাই হাঁহি ওলাইছিল৷  শিক্ষকে ধেমেলীয়া সুৰত কৈছিল,

’ইমান কম বয়সতে স্কুল আৰম্ভ কৰিবলৈ দিয়াৰ নিয়ম নাই নহয়৷ গতিকে তোমাৰ নাম এতিয়াই নিলিখোঁ৷ বছৰেকীয়া পৰীক্ষাত প্ৰথম হ’ব পাৰিলেহে নাম ভৰ্ত্তি হ’ব দেই৷ সেয়ে ভালকৈ পঢ়িব লাগিব৷’

মই হয়তো একো উত্তৰ দিয়া নাছিলো৷ হয়তো নীৰৱে কলা চিলেটখনত মাটি পেঞ্চিলেৰে আঁক-বাক কৰিছিলো- আৰু নিমিষতে মোহাৰি পেলাইছিলো তলসৰা বহতৰ হালধীয়া গুটিৰে৷ প্ৰথম শ্ৰেণীৰ প্ৰথম পৰীক্ষাত কিন্তু ময়ে প্ৰথম হৈছিলো৷

’আচৰিত নহয়নে?’

ৰেখাৰ মাতত মোৰ সম্বিত ঘুৰি আহিল৷ 

’হুহ?’ সোঁৱৰণীৰ পৃথিৱীখনৰ পৰা ওলাই আহি কিছু বিবুদ্ধিৰে চালো তাইলৈ৷

মোৰ কাষ চাপি আহি তাই লাহেকৈ ক’লে,

’আচৰিত নহয়নে এনে এখন স্কুলৰ পৰাই পঢ়ি গৈ তই ইংলেণ্ডৰ পৰা পি এইচ ডি কৰিলিগৈ?’

তাইৰ কথাত একো নকৈ হাঁহি সামৰি থ’লো৷ মাথোঁ মনতে ভাৱিলো- নহয়, অন্তত: মোৰ বাবে একো আচৰিত নহয়৷ কাৰণ সেই যাত্ৰাৰ প্ৰতিটো কেঁকুৰি, প্ৰতিটো সংগ্ৰামৰ ৰং-ৰূপ মই চিনো! এই বিনম্ৰ আৰম্ভণিয়েই মোক সপোন দেখাৰ সাহস দিছে, হাজাৰ বাধা-বিঘিনি নেওচিও আগবাঢ়ি যোৱাৰ সংকল্প দিছে৷ সেই বাবেইতো আকাশ চুব খোজাৰ হেঁপাহ লৈয়ো মোৰ সিৰাই প্ৰতিসিৰাই বিয়পি থকা এই শিপাডাল পাহৰিব নোৱাৰোঁ৷ সূতা ছিঙা চিলা হৈ উটি ভাহি যাব নোৱাৰোঁ৷ অজস্ৰ শাখা প্ৰশাখাৰে এই মাটি, এই আকাশ বতাহ ছাটি ধৰি থকা শিপাৰ বাবেই অহৰহ লতাৰ সলনি এজোপা গছ হোৱাৰ সপোন দেখিব পাৰোঁ৷ সেই শিপাৰ মূল যে ইয়াতেই৷ চিৰদিন ইয়াতেই৷

তেলামৰ পটে নদীত: তেতিয়া আৰু এতিয়া


Saturday, 26 December 2020

নাম যাৰ জীৱন (২): হাতীৰ পিঠিয়েদি এটা বাট

তেলাম৷ অসম-অৰুণাচলৰ সীমান্তত এখন কণমানি ঠাই৷ মোৰ স্মৃতিত এই তেলাম এক কিংবদন্তীৰ দৰে৷ জীৱনৰ আগলি পুৱাৰ পাঁচটা বছৰ এই ঠাইৰ মাটিয়ে-বালিয়ে, পটে নৈৰ ঢৌৰ সৈতে উমলি জামলি পাৰ কৰিলো৷ ঠাইখনৰ বেছিভাগ স্মৃতিয়েই এতিয়া হয়তো পাহৰণিৰ গৰ্ভত৷ কিন্তু তাৰ মাজতো কিছু সোঁৱৰণী ৰৈ গ’ল একোখন নজহা নপমা স্থিৰ ছৱিৰ দৰে৷ এটি অজুহাত পালেই সময়ে-অসময়ে কেতিয়াবা সেই স্থিৰ ছৱিখন হঠাৎ প্ৰাণচঞ্চল হৈ পৰে৷ ক’ৰবাৰ পৰা সোণোৱালী ৰ’দ এচেৰেঙা পৰে, এজাক বতাহ বলিবলৈ আৰম্ভ কৰে৷ কিচিৰ মিচিৰ শব্দ, ৰং আৰু ৰূপেৰে সাৰ পাই উঠা তেলামে এতিয়াও সোঁৱৰণীৰ এখন প্ৰবল নৈ বোৱাব পাৰে৷

চিমেন চাপৰিৰ পৰা গ’লে তেলাম তিনিআলি পোৱাৰ আগে আগে ঘাইপথৰ সোঁকাষে আমাৰ ঘৰ৷ দীঘলীয়া পদূলিৰে সৰু বাটামী ঘৰটো৷ পদূলিৰ মুখত বাহৰ জপনা৷ জপনাইদি আৰম্ভ হোৱা লিৰলিৰীয়া বাটটোৰ দুয়োফালে ওখ তমোল গছ আৰু বেলিপকা-জেতুলীপকা, ভলুকা বাঁহনিৰে এখন ভৰপুৰ বাঁৰী৷ ঘাইপথৰ পৰাই ট টকৈ জিলিকি থাকে ঘৰটোৰ হালধীয়া টিনপাত৷ কোনোবা এদিন দেউতাই চখ কৰি হালধীয়া ৰং এখিনি লৈ ওপৰত উঠিল আৰু এবেলাৰ ভিতৰতে ঘৰটোৰ গোটেই টিনপাতবোৰ হালধীয়া হৈ পৰিল৷ তাৰপিছৰ পৰা কোনোবাই আমাৰ ঘৰ ক’ত সুধিলে তপৰাই কওঁ,

’গামচুকৰ দীঘল পদূলিৰ হালধীয়া ঘৰটোৱে আমাৰ ঘৰ!’

ঘৰৰ সন্মুখৰ বিশাল চোতালখনত গোটেই পুতলাবোৰ মেলি লৈ মোৰ বাইদেউ আৰু মই হেঁপাহ পলুৱাই খেলো৷ খেলি খেলি আমনি লাগিলে কেতিয়াবা জপনামুখৰ বাঁহডালতে আৰামকৈ বহি লৈ ঘাইপথেৰে যোৱা গাড়ীবোৰলৈ ৰ লাগি চাওঁ, কেইখন গৈছে হিচাপ কৰোঁ নাইবা কোনখন ক’লৈ গৈছে অনুমান কৰাৰ চেষ্টা কৰোঁ৷ কল্পনা কৰোঁ, চলন্ত গাড়ীবোৰৰ ভিতৰৰ মানুহবোৰৰ কথা৷ যেন এটা মজাৰ খেল- কল্পনাৰ এখন নিজা পৃথিৱী সাজি লোৱাৰ খেল!

গৰমৰ দিনবোৰত বৰফৱালাই চিনাকি টিলিঙাটো বজাই আহে৷ সেই ডুগুৰু ডুগুৰু শব্দটো শুনিলে প্ৰতিঘৰৰ শিশুবোৰৰ দৰে আমিও চঞ্চল হৈ উঠো৷ আব্দাৰৰ উজান উঠে, 

’এটকা এটা দিয়াচোন- মাত্ৰ আজি খাবলৈ! ইমান যে গৰম পৰিছে- বৰফ খাবলৈ বৰ মন গৈছে!’

তেতিয়াৰ দিনত মিহি লাঠিত লগাই দিয়া বৰফ দুবিধেই- এবিধ বগা, আনবিধ কমলা৷ আমি তাকে পৰম তৃপ্তিৰে খাওঁ৷ মনত পৰে, প্ৰায়ে সেই বৰফ খোৱাৰ দুদিনমানৰ ভিতৰতে অসুখ হয় মোৰ৷ হয়তো অপৰিষ্কাৰ পানী বা আন উপাদানবোৰৰ কাৰণে৷ কিন্তু তেতিয়াই মনতে ধাৰণা হৈ গৈছিল, গৰম দিনত বৰফ বা আইচক্ৰীম খোৱা মানেই অসুখ হোৱা৷ সেই ধাৰণাটোৰ মূল উৎস উপলব্ধি কৰিবলৈ আৰু ভুল ভাঙিবলৈকো কেইবা দশক লাগিল!

এনে এটা দিনতে ঘৰৰ সন্মুখৰ বিশাল বাঁৰীখনতে দেউতাই কাম কৰি আছিল৷ আমি লগে লগে ঘুৰি হয়তো চিনাকি-অচিনাকি বনবোৰৰ ফুল তুলিছিলোঁ- উমলাঘৰত ৰান্ধিবলৈ! মোৰ বয়স প্ৰায় তিনিবছৰ৷ কথা আৰু কামৰ মাজে মাজে আমাৰ এটা চকু সদায়ে ঘাইপথত৷ কাৰণ সেই গতানুগতিক কণমান পৃথিৱীখনৰ সকলো উত্তেজনা আৰু নতুনত্বৰ উৎস সেই ঘাইপথটোৱই৷

আশা কৰি থকাৰ দৰে বৰফৱালা বা গাড়ী-মটৰৰ সলনি সিদিনা হঠাৎ দেখা পালো অন্য এক বাহন৷ গহীন খোঁজেৰে বাটটোৰে যাব লাগিছে এটা প্ৰকাণ্ড হাতী! হাতীটোৰ ছন্দোময় খোঁজৰ লগে লগে মাউতৰ গা হালিছে জালিছে৷ কি ছন্দ, কি ৰূপ সেয়া! বৰফৱালাৰ বৰফতকৈও বহু বেছি উত্তেজনাময়, গাড়ী-মটৰৰ অচিনাকি যাত্ৰীবোৰতকৈও বহু ৰহস্যময়!

দৃশ্যটো দেখা পায়েই আমি দুয়োজনী প্ৰায় জপিয়াই উঠিলো৷ হয়তো আমি দুয়োজনীয়ে মিলি গাবলৈকো ধৰিলো-

’ঐ কনক ঐ ভৰত
ঐৰাৱত যায়,
পিঠিত উঠি মাউতে
ঐনিতম গায়।’

নাজানো ক’ৰ পৰা জানো ধাৰণা এটা টপকৈ পৰিলহি! মই দেও পাৰি উঠিলো,
’আমি হাতীত উঠিম, আমি হাতীত উঠিম!’

দেউতাই কামৰ পৰা মূৰ তুলি বাটলৈ চালে, তাৰপিছত আমাৰ উত্তেজিত মুখবোৰলৈ! একমুহুৰ্ত্ত কিবা ভাৱি মান্তিও হৈ গ’ল৷ ক্ষন্তেকতে আমি উদ্দাম হাঁহি একোটা লৈ এটা নতুন অভিযানৰ আশাত জপনামুখলৈ দৌৰ দিলো৷

দেউতাই দূৰৈৰ পৰাই মাত দি মাউতক ৰখালে৷ মাউতজন ৰ’ল- লগে লগে ৰৈ গ’ল সুবিশাল হাতীটোও৷ তেওঁনো কিয় মান্তি হ’ল এতিয়া আৰু মনত নাই৷ মাউতৰ নিৰ্দেশত হাতীটো বাধ্য ছাত্ৰৰ দৰে বহি পৰিল৷ সেয়া প্ৰথম ইমান ওচৰৰ পৰা হাতী দেখা পালো৷ পৰম বিস্ময়েৰে চালো হাতীটোৰ অতিকায় শৰীৰ, অলপকৈ লৰাই চৰাই থকা দীঘল শুৰডাল, ধপলা ধপল কাণদুখন, শান্ত কিন্তু ৰহস্যময় কণমান চকুযোৰ! কি এক অপৰূপ সৌন্দৰ্য্য সেয়া!

মাউতে মাত দিয়াত মোৰ সম্বিত ঘুৰিল৷ বাইদেউ ইতিমধ্যে হাতীৰ পিঠিত বহি পৰিছে৷ মাউতজনে দুয়োহাতে  দাঙি ধৰাত ময়ো বগাই গ’লো সেই পৰ্বত হেন গা আৰু দুফালে দুখন ভৰি দি হাতীটোৰ পিঠিত বহি পৰিলো৷ আমাৰ দুয়োজনীক দুহাতেৰে মেৰিয়াই ধৰি মোৰ পিছফালে বহিল দেউতা৷ 


ফটো: ৱিকিমিডিয়া কমনছ্
জীৱনত প্ৰথমবাৰৰ বাবে হাতীৰ পিঠিত উঠাৰ সেই বিস্ময়কৰ অভিজ্ঞতা সম্পূৰ্ণকৈ অনুভৱ কৰিবলৈকে নাপালো, হাতীৰ একাষে থিয় দি থকা মাউতজনে কৈ উঠিল,

’উঠ!’

হাতীটোৱেও নিৰ্দেশ মানি লগে লগে গম্বুজৰ দৰে ভৰিকেইখন পোনালে আৰু একেচাবতে বিশাল দেহটো উঠি গ’ল৷ কিবা তলকিবলৈ পোৱাৰ আগতেই একমুহুৰ্ত্ততে সুৰুসকৈ আমি তিনিও হাতীটোৰ কাণখনৰ কাষেৰে সৰি পৰিলোহি ঘাইপথৰ ওপৰত৷ তিনিও ইজনে সিজনক হাতেৰে মেৰিয়াই ধৰি থকাৰ বাবেই নেকি চিধাই ঘাইপথৰ একাষে পৰিল বাইদেউ, তাইৰ ওপৰত মই আৰু আমাৰ দুয়োজনীৰ ওপৰত দেউতা!

খন্তেকতে হুৰমূৰ লাগি গ’ল৷ কোনে কেনেকৈ আমাক আনি ঘৰৰ ভিতৰ পোৱালেহি আৰু সেই হাতী আৰু মাউত কেনি গ’ল সেয়া ক’ব নোৱাৰিলো৷ মাথোঁ মনত আছে, আমি দুয়ো কিছু আঘাত পাইছিলো৷ সেই সময়ত তেলামত বিশেষ চিকিৎসা সেৱা থকাৰ কথা মনত নপৰে৷ গতিকে হোমিঅ’ ঔষধকে খাই হয়তো লাহে লাহে ভাল হৈ উঠিছিলো৷

জীৱনৰ পৰিক্ৰমাত তাৰ পিছত বন্যপ্ৰাণী সংৰক্ষণৰ কামত  বহুবাৰ তেনেই ওচৰৰ পৰা 
বনৰীয়া হাতীৰ মুখামুখি হৈছোঁ ৷ কাজিৰঙাত এশিঙীয়া গঁড়ৰ সন্ধানত হাতীৰ পিঠিত বহিবলৈ লৈ তেলামৰ এই দিনটোৰ স্মৃতিয়ে দুৰু দুৰুকৈ কঁপাই তুলিছে মন-প্ৰাণ, উত্তৰাখণ্ডৰ ঘন অৰণ্যত গছৰ আঁৰত চোপ লৈ থকা হাতীক দেও দি অন্ধকাৰ হাবিতলীয়া বাটেৰে কেম্পলৈ উভতাৰ পৰত ভয় আৰু আশংকাত উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে, অৰুণাচলৰ দুৰ্গম পৰ্বতীয়া অৰণ্যৰ মাজত থকা আমাৰ চাংঘৰলৈ হাতীৰ দল আহি ঠিক মোৰ বিছনাৰ তলৰ খুঁটাটোতে অবিৰাম হেঁচুকি-লঠিয়াই মাজনিশাটো উৎকন্ঠাময় কৰি তুলিছে! কোনোটোৱে পাহৰিব নোৱাৰা অভিজ্ঞতা৷ কিন্তু এই সকলোবোৰৰ পৰা হাতীলৈ যিমান ভয় সোমাল, তাতোকৈ বহু বেছিকৈ মনত থিতাপি ল’লে এই জন্তুবিধলৈ এক অদম্য বিস্ময় আৰু আকৰ্ষণ (fascination)৷ দিনে দেৰশ কেজি পৰ্য্যন্ত খাই বছৰ বছৰ ধৰি গঢ়ি তোলা সেই সুবিশাল শৰীৰ,  প্ৰখৰ বুদ্ধিমত্তা, বিভিন্ন শব্দ, স্পৰ্শ, গন্ধ আৰু দেহৰ ভাষাৰে ইটোৱে সিটোৰ লগত কৰা ভাব বিনিময়, পৰিয়ালৰ আন্তৰিক আৰু নিবিড় গাঁথনি সকলোবোৰ মিলি হাতীৰ পৃথিৱীখন বহু জটিল আৰু ৰহস্যময়! যিমানেই জানিছোঁ, ওচৰৰ পৰা পাইছোঁ, প্ৰতিবাৰেই অনুভৱ কৰিছোঁ, পৃথিৱীৰ সবাতোকৈ ডাঙৰ, সবাতোকৈ বুদ্ধিমান এই জন্তুবিধৰ অস্তিত্বই কেনে বিস্ময়কৰ! আৰু কিমান গুৰুত্বপূৰ্ণ এই হাতীৰ সংৰক্ষণ, ইহঁতৰ বিচৰণস্থলৰ সংৰক্ষণ!

তেলামৰ সেই দিনটোৱে যেন মোৰ বাবে এটা বাট মুকলি কৰি থৈ গ’ল! হাতীৰ পিঠিয়েদি ৰামধেনু চুব খোঁজা এটা সেউজীয়া বাট!

Monday, 16 November 2020

নাগৰিক বিজ্ঞান: ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান

বিজ্ঞান বুলি ক’লেই হয়তো আমাৰ মনলৈ আহে লেবৰেটৰীত শুভ্ৰ কোট পৰিহিত গৱেষকৰ দল, ভিন্ন আকৃতি-প্ৰকৃতিৰ যন্ত্ৰ বা অবোধ্য কিছুমান সমীকৰণৰ এখন প্ৰতিচ্ছবি! বহুতেই ভাৱি লয়, এয়া হয়তো আমাৰ মগজুৰ পৰিধিৰ বাহিৰত, আমাৰ দৈনন্দিন জীৱনৰ পৰা বহু নিলগৰ এক জগত! যদি আপোনাৰ মনতো বৰ্তমান এনে এটা ধাৰণাই ক্ৰিয়া কৰিছে তেনে নাগৰিক বিজ্ঞান (Citizen Science)-এ আনি দিয়া সম্পূৰ্ণ বিপৰীত এখন পৃথিৱীৰ মুখামুখি হ’বলৈ সাজু হওক! আমাৰ বহুতৰ হয়তো অজানিতেই নাগৰিক বিজ্ঞান নামৰ এই অভূতপূৰ্ব্ব আন্দোলন আৰম্ভ হৈছে, আপোনাৰ-মোৰ দৰে বহুজনে এই আন্দোলনত যোগ দিছে আৰু কণ কণ পানীৰ টোপালেৰে সাগৰ ভৰাৰ দৰে অলেখ অসংখ্য জনতাৰ অৱদানে বিজ্ঞানক সহায় কৰিছে বহু জটিল আৰু সমস্যাৰ সমাধান উলিওৱাত!

নাগৰিক বিজ্ঞান হ’ল বৈজ্ঞানিক গৱেষণাৰ বিভিন্ন পৰ্য্যায়ত জনসাধাৰণেও অংশ লৈ অৱদান আগবঢ়াব পৰা এক মাধ্যম৷ যিকোনো ঠাইৰ, যিকোনো বয়সৰ বা যিকোনো শিক্ষাগত অৰ্হতাৰ মানুহেই নাগৰিক বিজ্ঞানী হ’ব পাৰে৷ তাৰ বাবে মাথোঁ লাগে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ বিষয়ে কিছু কৌতুহল আৰু পৰ্য্যবেক্ষণৰ আগ্ৰহ আৰু সময়৷

নাগৰিক বিজ্ঞান অৰ্থাৎ ’citizen science’ অভিধা (term)টোৰ প্ৰথম ব্যৱহাৰ কৰিছিল ১৯৯৪ চনত কপেনহেগ’নৰ এগৰাকী সমাজ বিজ্ঞানী এলেন আৰৱিন (Alan Irwin)-এ৷ তেওঁৰ মতে নাগৰিক বিজ্ঞান হ’ল ৰাইজে গঠন কৰা আৰু অৱদান আগবঢ়োৱা এক বিজ্ঞান (a form of science developed and enacted by the citizens themselves)৷ এই অভিধা শেহতীয়াকৈ যোগ হ’লেও সমূহীয়া তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰি জনসাধাৰণে বহু শতিকা ধৰি বিজ্ঞানলৈ অৱদান আগবঢ়াই আহিছে৷ নাগৰিক বিজ্ঞানৰ ইতিহাস এতিয়াৰ পৰা দুহেজাৰ বছৰ পুৰণি৷ ১৮০০ ৰ দশকতে ৱেলছ্ কুক (Wells Cooke) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী পক্ষীবিজ্ঞানীয়ে চৰাইৰ পৰিভ্ৰমণৰ গৱেষণাত ৰাইজৰ সহায় লৈছিল৷ এই গৱেষণাত স্বেচ্ছাসেৱকসকলে পৰিভ্ৰমী চৰাইৰ স্থান আৰু সময়ৰ বিষয়ে তথ্য সংগ্ৰহ কৰি অৱদান আগবঢ়াইছিল৷




বৰদিনৰ পক্ষী জৰীপ
ফটো: https://wa.audubon.org/christmas-bird-count-1

অন্য এক উল্লেখযোগ্য নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ আৰম্ভণি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰত নেশ্যনেল অডুবন ছ’ছাইটি (National Audubon Society) নামৰ সংস্থাটোৱে৷ উনৈশ শতিকালৈ উত্তৰ আমেৰিকাত বৰদিনৰ দিনা চৰাই চিকাৰৰ এটা পৰম্পৰা প্ৰচলিত আছিল৷ সেই দিনটোত কোনে কিমান চৰাই বধ কৰিব পাৰে তাকে লৈ প্ৰতিযোগিতা হৈছিল৷ ১৯০০ চনৰ ডিচেম্বৰ মাহত নেশ্যনেল অডুবন ছ’ছাইটিয়ে সকলোকে আহ্বান জনালে বৰদিনৰ দিনা চৰাই বধ নকৰি হিচাপ কৰিবলৈ৷ বৰ্তমান এই বৰদিনৰ পক্ষী জৰীপ (Christmas Bird Count) বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ চলি থকা নাগৰিক বিজ্ঞানৰ প্ৰকল্প ৰূপে পৰিগণিত হৈছে৷

নাগৰিক বিজ্ঞানী কেনেকৈ হ’ব? আপোনাৰ আগ্ৰহ অনুসৰি যিকোনো বিষয় বাছি লওক, লাগিলে সেয়া বতৰ, গছ-লতা, জীৱ-জন্তু বা মহাকাশ যিয়েই নহওক৷ নাগৰিক বিজ্ঞানৰ পৰিসৰ যথেষ্ট বিশাল আৰু সময়ৰ লগে লগে ইয়াৰ বিস্তাৰ অধিক দ্ৰুতগামী হৈছে৷ আপুনি যদি প্ৰকৃতিৰ মাজত সময় কটাবলৈ ভাল পায় তেনে আইনেচাৰেলিষ্ট,  ইবাৰ্ড আদি এপ আপোনাৰ ফোনত ইনষ্টল কৰি ল’ব পাৰে৷ এই জৈববৈচিত্ৰ বিষয়ক নেটৱৰ্ক বোৰত সুবিধা আৰু সাৰ্মথ্য অনুসৰি আপুনি লক্ষ্য কৰা যিকোনো গছ-লতা বা জীৱ-জন্তুৰ ফটো, মাত আদিকে ধৰি নানা তথ্য যোগ দিব পাৰে৷ তেনেদৰে আপোনাক যদি মহাকাশৰ অসীম ৰহস্যইহে বেছিকৈ আকৰ্ষণ কৰে তেনে স্পেইচহেক, গেলেক্সি জু আদি প্ৰকল্পই আপোনাক সুযোগ দিব ঘৰতে বহি মঙ্গল গ্ৰহৰ পৃষ্ঠ অন্বেষণ কৰা বা সুদুৰ কোনো তাৰকাপুঞ্জ বিচৰাত!
নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ কেইটামান উদাহৰণ

ভাৰতত জনপ্ৰিয় নাগৰিক বিজ্ঞানৰ প্ৰকল্পবোৰ হ’ল, চিজনৱাটছ, আই ফাউণ্ড বাটাৰফ্লাইজ, চিটিজেন স্পেৰ’, ইবাৰ্ড, হৰ্ণবিল ৱাটছ্ ইত্যাদি (সম্পূৰ্ণ তালিকাৰ বাবে তথ্যসূত্ৰ চাব পাৰে)৷ প্ৰায়বোৰ প্ৰকল্পৰে মূখ্য ধাৰণা একেই- প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপৰ তথ্য সংগ্ৰহ৷ উদাহৰণস্বৰূপে, চিজনৱাটছ্ত অংশ ল’বলৈ আপোনাৰ কাম হ’ব, মাথোঁ পছন্দৰ যিকোনো এজোপা গছ বাছনি কৰা আৰু প্ৰতি সপ্তাহে গছজোপাৰ বিভিন্ন পৰিৱৰ্তন পৰ্য্যবেক্ষণ কৰা৷ এই তথ্যৰ সামূহিক বিশ্লেষণৰ পৰা আমি জানিব পাৰিম বিভিন্ন ঋতুৰ পৰিৱৰ্তনে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ যেনে গছ-লতাৰ ফুল বা ফল ধৰাৰ সময়ৰ কেনে পৰিৱৰ্ত্তন আনিব পাৰে৷ ৰাইজে আগবঢ়োৱা এনে অৱদানৰ বৈজ্ঞানিক বিশ্লেষণে বহুতো উল্লেখযোগ্য আৱিষ্কাৰত সহায় কৰিব পাৰে৷

নিউয়ৰ্কৰ সোণপোক বিধ
ফটো:https://bugguide.net/node/view/1466799
কেৱল চখ পূৰাবৰ বাবেই নাগৰিক বিজ্ঞানী হৈ পৰা বহু লোকে নতুন আৱিষ্কাৰ কৰি বিজ্ঞানলৈ অমূল্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷ উদাহৰণস্বৰূপে, নিউয়ৰ্কৰ ৰাজ্যিক পতংগ হ’ল এবিধ বিশেষ সোণপোক (Nine-spotted ladybug)৷ কিন্তু ১৯৮২ চনৰ পৰা এই সোণপোকবিধ কোনেও দেখা পোৱা নাছিল আৰু ই বিলুপ্ত হ’ল বুলিয়ে সকলোৱে ধাৰণা কৰি লৈছিল৷ ২০১১ চনত এগৰাকী নাগৰিক বিজ্ঞানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন পামত হঠাতে এপাহ সূৰ্য্যমুখী ফুলত এই সোণপোকবিধ আৱিষ্কাৰ কৰে৷

অন্য এটা অনন্য উদাহৰণ হ’ল ফ’ল্ডইট! বিজ্ঞানীসকলে এইডছ্ গৱেষণাৰ বাবে অতিকৈ দৰকাৰী এবিধ উৎসেচক (enzyme) ৰ আৰ্হি (model) প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছিল৷ পোন্ধৰ বছৰৰ নিৰলস প্ৰচেষ্টাৰ অন্ততো সফলতা লাভ কৰিব নোৱাৰি তেওঁলোকে এই সমস্যা জনসাধাৰণৰ বাবে মুকলি কৰি দিলে৷ তেওঁলোকে ’ফ’ল্ডইট’ নামৰ এবিধ অনলাইন খেলৰ জড়িয়তে জনসাধাৰণক আহ্বান জনালে এই আৰ্হি তৈয়াৰ কৰাত সহায় কৰিবলৈ৷ দুইলাখৰো অধিক লোকে এই অনলাইন খেলবিধত অংশ ল’লে আৰু তিনিসপ্তাহৰ ভিতৰতে ৰহস্যৰ সমাধান উলিয়াবলৈ সক্ষম হ’ল! 

নাগৰিক বিজ্ঞান বহু দিশৰ পৰা আজিৰ পৃথিৱীত অপৰিহাৰ্য্য আৰু অৱধাৰিত হৈ পৰিছে৷ ৰাইজে সংগ্ৰহ কৰা তথ্যই জীৱ-জন্তুৰ সংখ্যা, বিস্তৃতি, ব্যৱহাৰ আদিৰ বিষয়ে বিশদভাৱে জনাত সহায় কৰিছে৷ বিশেষকৈ কম সময়তে বিশাল একোটা অঞ্চলৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে নাগৰিক বিজ্ঞানৰ বিকল্প নাই৷ তাৰোপৰি অৰ্থনৈতিক বাধাৰ বাবে থমকি ৰোৱা বহু দৰকাৰী গৱেষণাৰ কাৰণে
 নাগৰিক বিজ্ঞান এক অতিকৈ আৱশ্যকীয় আৰু প্ৰাসংগিক মাধ্যম হৈ পৰিছে৷

নাগৰিক বিজ্ঞানে ৰাইজৰ মাজত বৈজ্ঞানিক সচেতনতা বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ প্ৰকৃতি বিষয়ক প্ৰকল্প সমূহে বিনন্দীয়া প্ৰকৃতিৰ ৰং-ৰূপ উপভোগ কৰাত আৰু 
মানুহক প্ৰকৃতিৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে৷ তাৰোপৰি নাগৰিক বিজ্ঞানে আনি দিয়া সচেতনতাই আমাক বিজ্ঞানৰ বিভিন্ন বিষয়ত মতামত প্ৰকাশ কৰা আৰু সময়োপযোগী পদক্ষেপ লোৱাতো উদগণি যোগাইছে৷

সময়ৰ লগে লগে বিজ্ঞানীসকলেও উপলব্ধি কৰিছে যে বৰ্তমানৰ পৃথিৱীৰ বহু ৰহস্য সমাধান কৰিবলৈ পৰম্পৰাগত পদ্ধতিৰে কৰা বিজ্ঞানেই যথেষ্ট নহয়৷ নাগৰিক বিজ্ঞানে বন্ধ কোঠাৰ পৰা বিজ্ঞানক ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ গতিকে এই প্ৰকল্পই বহু ক্ষেত্ৰত বিজ্ঞানক অধিক গণতান্ত্ৰিক কৰি তুলিছে৷ নাগৰিক বিজ্ঞান প্ৰকৃতাৰ্থতে হৈ পৰিছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান!
Illustration and text Frits Ahlefeldt    https://hiking.org/portfolio/giving-a-hand-to-science/



তথ্যসূত্ৰ
  • The Field Guide to Citizen Science: How You Can Contribute to Scientific Research and Make a Difference
  • Michael A. Peters & Tina Besley (2019) Citizen science and post-normal science in a post-truth era: Democratising knowledge; socialising responsibility, Educational Philosophy and Theory, 51:13, 1293-1303,
  • Bowser, A, Cooper, C, de Sherbinin, A, Wiggins, A, Brenton, P, Chuang, T-R, Faustman, E, Haklay, MM and Meloche, M. (2020). Still in Need of Norms: The State of the Data in Citizen Science. Citizen Science: Theory and Practice, 5(1): 18 pp. 1–16.
  • MacPhail, V, Colla, S, R. (2020). Power of the people: A review of citizen science programs for conservation. Biological Conservation Volume 249, 108739
  • Fraisl, D., Campbell, J., See, L. et al. Mapping citizen science contributions to the UN sustainable development goals. Sustain Sci (2020). https://doi.org/10.1007/s11625-020-00833-7
  • ভাৰতৰ নাগৰিক বিজ্ঞান প্ৰকল্পসমূহ

Saturday, 14 November 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৭): অন্তিম খণ্ড

আতংকৰ ছাঁ (২)

জাম্বিয়া দেশৰ লিভিংষ্ট’ন বিমানবন্দৰ৷ ক’লা, এলাইডা আৰু মই কিংকৰ্তব্যবিমুঢ় হৈ ৰৈ আছিলোঁ নিৰাপদে এই দেশ এৰাৰ বাট বিচাৰি৷ চাৰিওদিশে চলি থকা হিংসাত্মক ঘটনাবোৰক লৈ ভুৱা বাতৰি বা আতংক বিয়পোৱা ৰোধ কৰিবলৈকে দেশখনৰ সমগ্ৰ চাউথাৰ্ণ প্ৰভিঞ্চতে চৰকাৰে সেইসময়ত ইন্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে৷ গতিকে অনলাইন শেহতীয়া বা-বাতৰি লোৱা বা ফ্লাইটৰ টিকেট কৰাৰ কোনো উপায় নাই৷

’মে আই হেল্প ইউ?’- এগৰাকী ব্যক্তি কাষ চাপি আহি আমাক সুধিলেহি৷ হয়তো তেওঁ আমাৰ মুখবোৰ দেখিয়েই আমাৰ সহায়হীন অৱস্থাটো বুজিব পাৰিলে৷ তেওঁৰ পিন্ধনত নিৰাপত্তাৰক্ষীৰ ইউনিফৰ্ম৷

অলপ আশাৰ ৰেঙণি লৈ এলাইডাই মাত লগালে,

’হয়, আমাক বৰ জৰুৰীভাৱে কানাডালৈ উভতি যাবলৈ টিকেটৰ দৰকাৰ হৈছে, কিন্তু সকলোবোৰ কাউন্টাৰ আজি বন্ধ হ’লেই৷’

’ইয়াত নিশালৈ বিমান নাথাকেই কাৰণে সন্ধিয়াতে সকলোবোৰ বন্ধ হয়৷ কাইলৈ দহ বজাত আহিলে পাব৷ অন্য কিবা অসুবিধা হৈছে নেকি?’

আমাৰ অৱস্থাটোৰ কথা সকলো শুনি তেওঁ কৈ উঠিল,

’চাওক, দিনৰ ভাগত লিভিংষ্ট’নত একো অঘটন হোৱাৰ বাতৰি পোৱা নাই৷ গতিকে আপোনালোকে উভতি যোৱাৰ ব্যৱস্থা কৰিব নোৱাৰালৈকে নিশ্চিন্তে থাকক৷ আতংক বিয়পাবলৈকে বহুতো ভুৱা বাতৰি প্ৰচাৰ হৈছে- সেইবোৰক লৈ অস্থিৰ হোৱাৰ কোনো প্ৰয়োজন নাই৷ মাথোঁ সাঁজ লগাৰ পিছত ঘুৰা-ফিৰা নকৰিব আৰু টেক্সি লোৱাৰ সময়ত সাৱধান হ’ব৷’

তেওঁৰ কথাখিনিয়ে তিনিওকে যথেষ্ট আশস্ত কৰিলে৷ ক’লাই তাৰ স্বভাৱসিদ্ধ বেপৰোৱা ভাৱেৰে কৈ উঠিল,

’অহ! বহুত টেনছন হ’ল দেই৷ এতিয়া আমাৰ প্ৰিয় ৰেষ্টুৰেন্ট ফ্লেভাৰছলৈ গৈ ভালকৈ নিশাৰ সাঁজ খোৱাৰহে কথা৷’

ফ্লেভাৰছত নিশাৰ সাঁজ সন্ধিয়াতে খাই বৈ আমি আছেংগালৈ উভতিলো৷ তেতিয়ালৈ এলাইডাই কানাডাত থকা মাকক পৰিস্থিতিৰ উমান দিছে ৷ তাইৰ অনুৰোধত মাকে দুঘন্টামান যুঁজি আমাৰ দুয়োজনীৰ এসপ্তাহৰ পিছৰ উভতনি যাত্ৰা আগুৱাই আনি তিনিদিনৰ পিছতে কৰি দিলে৷ তেতিয়াহে ঘটনাবহুল দিনটোৰ শেষত তিনিও স্বস্তিৰ নিশ্বাস পেলাই নিজৰ কোঠালৈ গ’লো৷

অপৰূপা মছিঅ’ টুন্যা



উভতনি যাত্ৰাৰ বাবে লিভিংষ্টন’ত তেতিয়াও দুদিন বাকী৷ আমাৰ তিনিওৰে খুবেই ইচ্ছা আছিল জাম্বিয়াৰ প্ৰকৃতিৰ ৰং-ৰূপ চোৱাৰ, আফ্ৰিকান চাফাৰিৰ অভিজ্ঞতা লোৱাৰ৷ ক’লাই প্ৰস্তাৱ দিলে,


’মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পৰা একেবাৰে ওচৰ৷ এই দুদিন আছেংগাত হা-হুমুনিয়াহ কাঢ়ি উভতাৰ দিনটোৰ বাবে বাট চাই থকাতকৈ তালৈকে চাফাৰি এটা কৰিলে কেনে হয়? শেষৰ দিন দুটা ভালকৈ উপভোগ কৰিব পাৰিম৷’


কথা মতেই কাম৷ লিভিংষ্ট’নতে এটা ট্যুৰ এজেঞ্চিত বন্দোবস্ত কৰিলো৷ তেওঁলোকে আশ্বাস দিলে দিনৰ ভাগত আমাৰ চাফাৰি-গতিকে সম্পূৰ্ণ সুৰক্ষিত! পিছদিনা ৰাতিপুৱা সাত বজাত এখন আহল-বহল মুকলি চাফাৰি কাৰত আমাক আছেংগাৰ পৰা লৈ গ’লহি গাইড থ’মাছ আৰু ড্ৰাইভাৰ এলেক্সে৷ 

মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যান


মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যানখন লিভিংষ্ট’নৰ গাতে লাগি আছে৷ জাম্বিয়াৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কিন্তু আফ্ৰিকাৰ বিগ ফাইভৰ বাসস্থান ইয়াতে৷ গাইড থ’মাছে আমাৰ গছ-লতা-চৰাই চিৰিকটিৰ আকৰ্ষণৰ কথা গম পাই উদ্যানলৈ সোমোৱাৰ বাটত বহুতো ঘাঁহ-বন, গছৰ চিনাকি দিলে৷ লগতে স্থানীয় ব্যৱহাৰ আৰু গছবোৰৰ নামৰ আঁৰৰ কথাবোৰো বৰ ৰস লগাকৈ কৈ গ’ল৷ থ’মাছৰ চৰাই পৰ্য্যবেক্ষণৰ কৌশল দেখি আচৰিত হোৱাত ড্ৰাইভাৰ এলেক্সে ক’লে, ’থ’মাছৰ চকুজোৰ বাইন’কুলাৰ আৰু মগজুটো বাৰ্ড গাইডৰ দৰে!’

মছিঅ’ টুন্যাত জিব্ৰা
উদ্যানখনৰ চাৰিওদিশে অ’ত ত’ত কাইটীয়া গছৰ জোপোহা৷ মিঅ’ম্ব গছেৰে ভৰা বাবে এই অৰণ্যবোৰক মিঅ’ম্ব কাঠনি (woodland) বুলিও কয়৷ বাৰিষাৰ কৃপাত ৰুক্ষ ৰঙা মাটিত জীপ লৈছে সেউজ ওখ-চাপৰ ঘাঁহনিয়ে৷ এনেতে আমাৰ গাড়ীৰ সন্মুখেৰে ইম্পালা এজাকে দেও দি গ’ল ৷ কম সময়ৰ ভিতৰতে নিচেই কাষৰ পৰা আমি দেখা পালো ইম্পালাৰ বিশাল জাক৷ আমালৈ সম্পূৰ্ণ আওকাণ কৰি সিহঁত ঘাঁহ খোৱাত মগ্ন হৈ থাকিল৷ থ’মাছে ক’লে,

’ইয়াত ইম্পালা মাৰি খাবলৈ চিকাৰী জন্তু একো নাই কাৰণেই ইমান নিশ্চিন্ত সিহঁত!’

মাথোঁ ২৫ বৰ্গ কিলোমিটাৰৰ অৰণ্যখনত জন্তুৰ ঘনত্ব ইমান যে প্ৰতি মুহুৰ্ত্ততে আমাৰ তিনিওৰে কেনি চাও কি দেখা পাওঁ যেন অৱস্থা হ’ল! জীৱনত প্ৰথমবাৰৰ বাবে একেবাৰে ওচৰৰ পৰা দেখা পালো জিব্ৰা, জিৰাফ, ভেলভেট বান্দৰ, ৱাইল্ডাবিষ্ট, বুশ্ববাক, ৱাৰ্টহগ আদি নানা জন্তু! মনৰ হেপাঁহেৰে উপভোগ কৰিলো সেই অভিজ্ঞতা!
ইম্পালাৰ জাক


জাম্বেজি নদীৰ পাৰত ক্ষন্তেকৰ বাবে জিৰণি লৈ উঠাৰ পিছত থ’মাছে ক’লে,


’এই উদ্যানৰ প্ৰধান আকৰ্ষণ হ’ল শুকুলা গড়ঁ৷ আমাৰ স্থানীয় প্ৰজাতি নহয় যদিও দক্ষিণ আফ্ৰিকাৰ পৰা আনি এই শুকুলা গড়ঁ কেইটা ইয়াত ৰাখিছে৷ সেইঠাইলৈ পিছে খোজেৰে যাব লাগিব৷’

তেওঁৰ কথামতেই খুউব সাৱধানে আৰু সষ্টমভাৱে আৰম্ভ কৰিলোঁ আমাৰ ৰাইন’ ৱাক৷ আমাৰ আগে পিছে দুজন বন্দুকধাৰী ৷ দহমিনিটমান জোপোহা অৰণ্যৰ মাজেৰে খোজ কাঢ়ি গৈ দেখা পালোগৈ দুটা  খড়্গৰ শুকুলা গড়ঁ! খুপি খুপি থ’মাছে আমাক নিচেই কাষৰ পৰা চোৱাৰ সুবিধা কৰি দিলে৷ এটা এটাকৈ পাচোঁটা গড়ঁ৷ আমাক লৈ বিশেষ আমনি পোৱা যেন নালাগিল- এবাৰ আমালৈ চাই উঠিয়ে আপোন মনে ঘাঁহ খোৱাত ব্যস্ত হৈ থাকিল৷ আগতেই থ’মাছক কৈ থৈছিলো, কেৱল ওচৰৰ পৰা ফটো উঠিবলৈকে আমি গড়ঁকেইটাক আমনি কৰিব নোখোজো৷ এই বিৰল অভিজ্ঞতা জানো এখন চেলফিয়ে প্ৰতিফলন কৰিব পাৰে!
দুটা খড়্গৰ শুকুলা গঁড়


জাম্বেজি নদীৰ সুবাস


সিদিনাই আবেলি ওলালো কাষৰীয়া জাম্বেজি নদীৰ চাফাৰিলৈ৷ এখন সৰু নাওত আমি তিনিও আৰু ড্ৰাইভাৰ মাইকৰ সৈতে গাইড নাছি৷
বিশাল জাম্বেজি নদীত নাও এৰি দিয়াৰ লগে লগে মাইকে ক’লে,


’আপোনালোকৰ চাফাৰিৰ পেকেজতে ড্ৰিংকছ সংযুক্ত৷ ক’ক, স্প্ৰাইটৰ পৰা আৰম্ভ কৰি ৱাইন, বীয়েৰ সকলো আছে৷ চাফাৰিৰ লগতে যিমান মন যায় ল’ব পাৰে৷’


দুয়ো সেয়া জনায়ে ক্ষান্ত নাথাকিল, চাফাৰিৰ গোটেই সময়খিনি আমাক যাচিও থাকিল ইটোৰ পিছত সিটো ড্ৰিংক৷ গাইড নাছিৰ ভাষাত,


’যিমানেই ল’ব চাফাৰি সিমানেই উপভোগ্য হ’ব৷’


ভাৱ হ’ল, এয়া হয়তো পৰ্য্যটকক যৎপৰোনাস্তি সন্তুষ্ট কৰি ভাল টিপছ্ পোৱাৰ এক উপায়! আমাৰ বাবে অৱশ্যে অন্য একো উপায় লোৱাৰ প্ৰয়োজন নহ’ল৷ বিশাল জাম্বেজি নৈৰ কাষৰীয়া সেউজ অৰণ্য, পাৰৰ বিচিত্ৰ চৰাই-চিৰিকটি আৰু জাম্বেজি নৈৰ পৰা দেখা পোৱা সূৰ্য্যাস্তৰ অপূৰ্ব ৰূপে আমাক সহজেই মুগ্ধ কৰি পেলালে৷

জাম্বেজি নৈত সূৰ্য্যাস্ত


সূৰ্য্যাস্তৰ পৰত আমি লং আইলেণ্ড নামৰ এটা দ্বীপত নামিলোগৈ৷ নাছিয়ে টেবুল পাৰি ধুনীয়াকৈ কুকুৰাৰ ড্ৰামষ্টিক আৰু ভজা গাহৰি মাংস সজালে৷ লগতে নিৰামিষ চম’চা! চম’চাৰ আকৃতি দেখি মনতে হাঁহি উঠিল কিন্তু জাম্বিয়াৰ ক’তো পাবলৈ নোহোৱা নিৰামিষ খাদ্য দেখি ভাল পালো৷ তেতিয়ালৈ নাছি আৰু মাইক দুয়ো আমাৰ সৈতে সহজ হৈ পৰিছে৷ তেওঁলোকে আমাৰ কামৰ বিষয়ে জনাৰ আগ্ৰহ কৰাত ক’লাই সকলো বিৱৰি ক’লে৷ মাইকৰ আশ্চৰ্য্য এটাই,


’আপোনালোক তিনিও তিনিখন বেলেগ বেলেগ দেশৰ কিন্তু গোটেইকেইজন নিৰামিষভোজী কেনেকৈ হ’ল!’


বুজিলো জাম্বিয়াৰ দৰে এখন মাংসাহাৰী দেশত তিনিজন নিৰামিষভোজী এনেকৈ গোট খোৱাটোৱে কিমান বিৰল!!


উভতাৰ বাটত জীৱনৰ অন্য এক অপূৰ্ব অভিজ্ঞতা-প্ৰথমবাৰৰ কাৰণে দেখা পালো নীলিম পানীত সাঁতুৰি নাদুৰি থকা বিশাল হিপ্প’ৰ দল৷

থ’মাছে ক’লে,


’সেই যে দেখিছে এটাই মুখখন মেলি হামিওৱা যেন লাগিছে, সেয়া হ’ল আক্ৰমণৰ আগজাননী- আমাক সাৱধান কৰি দিছে আৰু কাষ নাচাপিবলৈ!’

হিপ্প’ৰ জাকৰ খেলা


কি এক শ্বাসৰুদ্ধকাৰী অনুভৱ সেয়া! অপলক নেত্ৰে চাই ৰ’লো নৈৰ সোঁতৰ সৈতে খেলা কৰি থকা সিহঁতৰ বিশালকায় দেহ-আমাৰ নাৱৰ ওপৰত স্থিৰ হৈ ৰোৱা সিহঁতৰ গুলাপী চকু, ফুলি উঠা নাক আৰু আমাক সতৰ্ক কৰি দিয়া শক্তিশালী দাঁতবোৰ৷ আমি খুউব সাৱধানে দুৰত্ব বজাই নাও পাৰ কৰিলো কেইবাটাও হিপ্প’ৰ দলৰ কাষেৰে৷


সন্ধিয়া আন্ধাৰ হোৱালৈ অলেখ অসংখ্য চৰাই-চিৰিকটি, ঘৰিয়াল আৰু কেইবাটাও হিপ্প’ৰ জাক চাই বিস্মিত আৰু তৃপ্ত মন একোটা লৈ আছেংগালৈ উভটিলো৷


বিদায় জাম্বিয়া!


জাম্বিয়াত শেষ নিশা বিজুলী ঢেৰেকনীৰে প্ৰচণ্ড বৰষুণ আহিল৷ ইতিমধ্যে ক’লা ফ্ৰান্সলৈ উভতি গৈছে৷ আছেংগাৰ বিশাল চৌহদটোত মাথোঁ এলাইডা আৰু মই সেইনিশাৰ অতিথি৷ নিশা নিস্তব্ধ ৰেষ্টুৰাখনত খাবলৈ বহি দুয়ো প্ৰতিফলন কৰিলো যোৱা দুসপ্তাহৰ দিনবোৰৰ৷


হঠাৎ পাৱাৰ কাট! চাৎকৈ সকলো লাইট নুমাই গ’ল৷ গোটেই চৌহদটো নীৰৱতা আৰু অন্ধকাৰত ডুব গ’ল এখন্তেক৷ নাজানো কিয় এটা শিহৰণ বৈ গ’ল মোৰ দেহৰ ভিতৰেদি! এলাইডাৰ দুচকুতো আশংকা৷ যিমানেই সাহসী হোৱাৰ চেষ্টা নকৰোঁ কিয় দুয়ো জানো, লিভিংষ্ট’নৰ কোনো ঠাইয়ে এই অন্ধকাৰ নিশা নিৰাপদ নহয়৷


এনেতে নিস্তব্ধ অন্ধকাৰ খেদি ৰেষ্টুৰাৰ এগৰাকী কৰ্মচাৰীয়ে আমাৰ টেবুলত মম এডাল থৈ গ’ল৷ মিচিকিয়া হাঁহি এটাৰে আমাক ক’লে,


’ইয়াত পাৱাৰ কাট হৈ থাকে মাজে মাজে, অলপ পিছতে আহিব কিজানি! আজি আমাৰ হেড কুকে আপোনালোকলৈ নিৰামিষ ডিনাৰ ৰান্ধিছে দেই!’


নিমিষতে সকলো আশংকা আঁতৰি গৈ আমি দুয়ো সহজ হৈ পৰিলো৷ যোৱা কেইদিনতে আছেংগাৰ মেনেজাৰৰ পৰা আৰম্ভ কৰি ৰান্ধনি, কৰ্মচাৰীলৈকে বহুজনৰ লগত আমাৰ আন্তৰিকতা গঢ়ি উঠিছে৷ নিৰামিষ খাদ্যৰ সন্ধানতে প্ৰায় প্ৰতিদিনেই আমি আছেংগাৰ ৰেষ্টুৰেন্টৰ সলনি ফ্লেভাৰছলৈ গৈ খাব লগাত পৰিছিলো৷ সেইবাবেই ইয়াৰ ৰেষ্টুৰাৰ ৰান্ধনিয়ে দোষী অনুভৱ কৰি আমাৰ বাবে শাক-পাচলি বজাৰ কৰোৱাই শেষ নিশাৰ সাঁজ ৰান্ধিছে হেনো!


পৰম তৃপ্তিৰে সেই সাঁজ খাই দুয়ো যেন কিছু আবেগিক হৈ পৰিলো! মূখ্য ৰান্ধনি গৰাকী ওলাই আহি খাদ্যৰ বুজ লোৱাত এলাইডা আৰু মই কৃতজ্ঞতা জনালো৷ তেওঁ ৰন্ধা নিৰামিষ খাদ্যৰ প্ৰশংসা শুনি তেওঁ সন্তুষ্টিৰ হাঁহি এটা মাৰি পাকঘৰত সোমালগৈ৷


পিছদিনা ৰাতিপুৱা আছেংগাৰ মেনেজাৰে গাড়ীত আমাৰ বয়-বস্তু উঠোৱাত সহায় কৰি দিলে৷ আমাক বিদায় দিলেহি ৰুম চাৰ্ভিচৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি মূখ্য ৰান্ধনি সকলোৱে৷ কেইবাজনে ইমেইল আইডি ল’লে ভৱিষ্যতেও যোগাযোগ ৰখাৰ প্ৰতিশ্ৰুতি দি! সেই মুখবোৰলৈ চাই অনুভৱ হ’ল, এই অচিন দেশত অভূতপূৰ্ব পৰিস্থিতিত কেনেকৈ যে বিশ্বাস আৰু সহমৰ্মিতাৰ সাকোঁ গঢ়ি উঠিব পাৰে! কেনেকৈ যে পলকতে আপোন হৈ পৰিব পাৰে অচিনাকি মুখৰ আঁৰৰ হৃদয়বোৰ! জাম্বিয়াৰ ঘটনাবহুল ভ্ৰমণে বহু কথা নকৈ শিকাই গ’ল আমাক- বহু অভিজ্ঞতাৰ ৰং সানি গ’ল জীৱনৰ উকা পৃষ্ঠাত!


বিমানবন্দৰত চেক-ইনৰ সময়ত সুৰক্ষা কৰ্মী এগৰাকী আগবাঢ়ি আহি সুধিলে,


’যাবলৈ ওলালে তেন্তে? আশা কৰোঁ এই যাত্ৰা ভালেই গ’ল আপোনালোকৰ? ’


দেখি মনত পৰিল, এওঁ আমাক বিমানবন্দৰত নিশ্চিন্ত মনেৰে থাকিবলৈ আশ্বাস দিয়া সেই একেগৰাকী সুৰক্ষা কৰ্মী!

এলাইডা আৰু মই খোলা হাঁহি এটাৰে প্ৰায় একেলগৈ কৈ উঠিলো,


’yes, it was an amazing trip!'



লিভিংষ্ট’নৰ দেশত (১): ভিজা, ক’ৰ’না আৰু ধুমুহা
লিভিংষ্ট’নৰ দেশত (২):ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্
লিভিংষ্ট’নৰ দেশত (৩): এটা সপোন খেদি
লিভিংষ্ট’নৰ দেশত (৪): বাওবাব গছৰ সন্ধানত
লিভিংষ্ট’নৰ দেশত (৫): যাত্ৰা আৰু আড্ডা
লিভিংষ্ট’নৰ দেশত (৬): লিভিংষ্ট’নত স্থবিৰ সময়

Friday, 23 October 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৬)

লিভিংষ্ট’নত স্থবিৰ সময়

কেতিয়াবা ভাৱ হয়, জীৱনৰ দুৰন্ত গতিয়ে, উখল-মাখলবোৰে আমাক যেন এটা যান্ত্ৰিক পৰিক্ৰমাত আৱদ্ধ কৰি ৰাখে৷ দৈনন্দিন ব্যস্ততাৰ পৰা কণমান আহৰি পালেও হাতৰ মুঠিতে যে কিমানবোৰ অজুহাত ৰৈ থাকে সেই নীৰৱতা মুখৰ কৰি তুলিবলৈ- ডিজিটেল স্ক্ৰীণৰ মায়াজালে অহৰহ বন্দী কৰি ৰাখিব খোঁজে আমাৰ মন-মগজু!


কৰ্মশালা সামৰি লিভিংষ্ট’নলৈ উভতি আহি থাকোঁতে আমাৰ এখন দীঘলীয়া তালিকা আছিল কৰিব লগীয়া কামৰ- দুটামান সময়সীমাৰ! আহি পাই দেখোঁ, ইন্টাৰনেট অচল; হঠাতে পুৱা শুই উঠি বাতৰিত চকু ফুৰোৱা, ফেইচবুক-টুইটাৰৰ আপডেট চোৱা, ইটোৰ পিছত সিটোকৈ ইমেইলৰ উত্তৰ দিয়াৰ ব্যতিব্যস্ততা খিনিয়ে নোহোৱা হৈ পৰিল! আনকি বাহিৰৰ পৃথিৱীখনৰ সৈতে যোগাযোগ ৰখাৰো একো উপায় নোহোৱা হ’ল৷ হঠাতে যেন জীৱনেই অচল হৈ গ’ল আমাৰ দলটোৰ চাৰিওৰে৷ বহু হাই-উৰুমিৰ শেষত বেজী এটা পৰিলেও চক খাই উঠাৰ দৰে নীৰৱ নিথল হৈ পৰিল যেন সকলো! নতুনকৈ অনুভৱ কৰিলোঁ ইন্টাৰনেটে, ডিজিটেল পৃথিৱীয়ে কেনেকৈ আমাৰ অন্তৰ্জগতখন হেঁচা মাৰি ৰুদ্ধ কৰি পেলাব পাৰে!

লিভিংষ্ট’নৰ আছেংগা ল’জত এনে এটা অচল ৰৌদ্ৰোজ্জল দুপৰীয়া৷ অন্য সময়ৰ দৰে নিজৰ কোঠাত লেপটপ লৈ ব্যস্ত হৈ থকাৰ সলনি এজন এজনকৈ আমি ওলাই আহিলো ৷ কোঠাৰ লানিবোৰৰ সোঁমাজতে এটা সৰু ছুইমিং পুল৷ পুলৰ নীলা পানীত চাৰিওকাষে চিকুণকৈ ৰখা তালজাতীয় গছৰ লিহিৰি পাতৰ ছাঁই তলমল কৰিছে৷ সেই ছাঁৰ তলে তলে কেইবাজোৰা চকী-টেবুল৷ এলাইডা, ক’লা আৰু মই বহিলোগৈ অলপ একাষৰীয়াকৈ থকা মুখামুখি জোলনা দুখনত৷ ছুইমিং পুলৰ নীলা পানীখিনিয়ে, পাতলীয়া বতাহজাকে গা-মন শাঁত পেলালে৷ ক’লা আৰু এলাইডাৰ সৈতে পাৰ হৈ যোৱা দিনকেইটাৰ ৰোমন্থন চলিল৷ ক’ল’মৰ কৰ্মশালাত লগ পোৱা বিভিন্ন মুখ, বিভিন্নজনৰ সৈতে মতবিনিময়ৰ শেষত হোৱা উপলব্ধিৰ প্ৰতিফলন৷


এটা সময়ত কাষৰ কোঠাৰ পৰা আহি যোগ দিলেহি জেম্ছে৷ ক’লা আৰু এলাইডাই জেম্ছক কেইবাবাৰো লগ পাইছে যদিও প্ৰকল্পত যোগ দিয়াৰ পিছত জেম্ছৰ সৈতে এই জাম্বিয়া ভ্ৰমণতে মোৰ প্ৰথম সাক্ষাৎ৷ গতিকে ব্যক্তিগত ৰূপত তেওঁক তেনেকৈ জনাৰ সুযোগ পোৱা নাই৷ যোৱা কেইদিনৰ সান্নিধ্যৰে মাথোঁ বুজি উঠিছোঁ, জেম্ছ খুবেই অন্তৰ্মুখী মানুহ৷ কিন্তু সেই অচল আবেলিটোত অপ্ৰত্যাশিতভাৱে তেওঁ স্বতস্ফূৰ্ত হৈ উঠিল৷ আমিও কৌতুহলী হৈ বহু কথাই সুধি পেলালো৷ জেমছে নিৰলসভাৱে কৈ গ’ল তেওঁৰ জীৱন কাহিনী৷ বিছ বছৰীয়া চফল ডেকাজনে যুক্তৰাজ্যৰ শিক্ষা ব্যৱস্থাত নিজৰ ঠাই বিচাৰি পোৱা নাছিল৷ তেওঁনো জীৱনত প্ৰকৃততে কি কৰিব বিচাৰে একো উৱাদিহ পোৱা নাছিল৷ জীৱনৰ অৰ্থ বিচাৰিয়ে যুক্তৰাজ্য এৰি তেওঁ সেইসময়ত অনিৰ্দিষ্ট কাললৈ বিশ্ব ভ্ৰমণলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷ এনে দিন এটাতে হঠাত লগ পাই গ’ল ৰেচেলক৷ বিশ্ব ভ্ৰমণলৈ যাবলৈ তেতিয়া দুসপ্তাহ বাকী মাথোঁ৷ মাত্ৰ দুবাৰ লগ পোৱাৰ পিছতে ৰেচেলে প্ৰস্তাৱ দিলে তেৱোঁ জেম্ছৰ সৈতে একেলগে সেই ভ্ৰমণত যাব খোঁজে৷ জেম্ছে পোনেই না কৰিলে৷ কিন্তু বিশ্ব ভ্ৰমণৰ প্ৰথমটো আস্থান স্পেইনত দুদিন কটাই কিবা ভাৱি তেওঁ ৰেচেললৈ ফোন কৰিলে,

’এতিয়াও যদি তুমি আহিব খোঁজা, মোক স্পেইনত লগ কৰিব পাৰা৷’


ৰেচেলে কলেজীয়া শিক্ষা আধৰুৱা কৰি গুচি গৈছিল দুদিনৰ চিনাকী জেম্ছৰ কাষলৈ৷ কেইবা মাহজোৰা এই ভ্ৰমণত দুয়ো অলৌ টলৌকৈ ইখন দেশৰ পৰা সিখন দেশলৈ ঘুৰিলে৷ নানা দেশত জেম্ছে শাৰীৰিক শ্ৰম কৰিলে, ক’ৰবাত ইংৰাজী শিক্ষকৰ কাম কৰিলে৷ বিধিৰ পৰিহাসত ইণ্ডোনেছিয়াত ৰেচেলে এটা কৰ্মসংস্থান পালে আৰু তাৰ পৰাই নতুন সুযোগ আহিল৷ তাতে জেম্ছৰ টেৰীৰ সৈতে চিনাকি হ’ল৷ তেওঁৰ অসাধাৰণ প্ৰতিভা চিনিবলৈ টেৰীৰ অকণো টান নহ’ল৷ তাৰ পিছত জেম্ছে আৰু কেতিয়াও ঘুৰি চাবলগীয়া নহ’ল৷ ত্ৰিছ বছৰ বয়সত কলেজীয়া শিক্ষা আৰম্ভ কৰি তেওঁ মাথোঁ দুবছৰত অভূতপূৰ্ব সফলতাৰে পি এইচ ডি সম্পূৰ্ণ কৰিলে৷ বৰ্তমান সেই ৰেচেলৰ সৈতে দুটি সন্তানেৰে তেওঁৰ সুখৰ সংসাৰ আৰু ইণ্ডোনেছিয়াৰ সেই সংস্থানেই তেওঁৰ কৰ্মস্থান!


অভিভূত হৈ পৰিলো! সমাজে বা পৰম্পৰাই ঠিক কৰি দিয়া বাটবোৰ-ধাৰণাবোৰ আওকাণ কৰি কেৱল নিজৰ হৃদয়ৰ আহ্বান শুনাৰ এনে সততা আৰু সাহসিকতা কিমান বিৰল, কিমান প্ৰেৰণাদায়ক!


আতংকৰ ছাঁ

লিভিংষ্ট’নত যোগাযোগবিহীন হৈ অচল দুটা দিন কটোৱাৰ পিছত পুৱা টেৰী আৰু জেমছে হোটেল এৰিলে- দুপৰীয়া জোহানেছবাৰ্গ হৈ লণ্ডনলৈ ফ্লাইট৷ আছেংগাত ৰৈ গ’লো এলাইডা, ক’লা আৰু মই৷ ক’লা দুদিনৰ পিছত ফ্ৰান্সলৈ উভতি যোৱাৰ কথা৷ এলাইডা আৰু মই জিম্বাবোৱেৰ ৰাজধানী লুছাকাত এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনা সভাত যোগ দি এসপ্তাহৰ পিছত কানাডালৈ উভতাৰ পৰিকল্পনা৷


আবেলি নিজৰ কোঠাত জিৰণি লওঁ বুলি কিতাপ এখন মেলি ল’লো৷ এটা সময়ত চিলমিল কৈ টোপনিও আহিল! এনেতে ফোনৰ ৰিঙৰ শব্দত চক্ খাই সাৰ পাই গ’লো৷ অচিনাকি নম্বৰ৷ সন্দেহ হ’ল- ৰ’মিং কল ধৰোঁ নধৰোঁ কৈ ৰিচিভ কৰিলো৷

ফোনৰ সিপাৰে টেৰীৰ ভীষণ উৎকন্ঠিত মাত!

’আমি অলপ আগতে জোহানেছবাৰ্গ পাইছোঁহি৷ তোমালোক ঠিকে আছানে?’

’হয়, ঠিকে আছোঁতো!’- আচৰিত হ’লো অলপ৷ আজি ৰাতিপুৱা মাথোঁ গৈছে টেৰী আৰু জেম্ছ৷ এবেলাতে কি সলনি হ’বনো!

টেৰীয়ে একেই সুৰত কৈ গ’ল,

’ইয়াত আহি পাই ইন্টাৰনেট পোৱাতহে গোটেই কথাবোৰ গম পাইছোঁ৷ আমাৰ সংগঠনৰ লুছাকাৰ অফিচৰ পৰা উপৰাউপৰিকৈ বহুত ইমেইল আৰু ফোন কল৷ জাম্বিয়াৰ পৰিস্থিতি খুউব বেয়া৷ কালি লুছাকালৈ উভতি যোৱা চিফৰৰ গাড়ী বাটত মানুহৰ আক্ৰমণ (riot) ৰ পৰা কোনোৰকমেহে ৰক্ষা পাইছে৷ পুলিচ আহি কন্দুৱাগেছ মৰাতহে মুকলি হৈ যাব পাৰিছে৷ বহু ঠাইত মানুহে গাড়ী হাইজেক কৰিছে আৰু যাত্ৰীক গুলীয়াই মাৰিছে হেনো৷’

মই আতংকিত হৈ পৰিলোঁ৷ কাৰো সৈতে একো যোগাযোগ নথকাত আমি একো গমেই নাপাওঁ!

টেৰীয়ে ক’লে,

’মোৰ কথা মন দি শুনা! লুছাকাৰ আলোচনা সভালৈ তোমালোক যাব পৰাটোতো দূৰৰে কথা, লিভিংষ্টনো একেবাৰে নিৰাপদ নহয়৷ চিফৰৰ অফিচৰ লগত পাতি আমি সিদ্ধান্ত লৈছোঁ, তোমালোক যিমান পাৰি সোনকালে ভেনকুভাৰলৈ উভতি অহাটোৱে ঠিক হ’ব৷ পাৰা যদি কাইলৈকে জাম্বিয়া এৰিবলৈ চেষ্টা কৰে৷ কথাবোৰে কেতিয়া কি ৰূপ লয় কোৱা টান হৈছে৷’

মোৰ টোপনিৰ জাল কাটি গ’ল৷ যিমান পাৰোঁ খৰকৈ চিন্তা কৰাৰ চেষ্টা কৰিলোঁ৷ কৈ উঠিলো,

’কিন্তু আমাৰ উভতাৰ ফ্লাইট এসপ্তাহৰ পিছত হে আছে!’

’সলনি কৰি কাইলৈকে অহাৰ চেষ্টা কৰা৷ যিমানেই খৰচ নহওক তোমালোক নিৰাপদে উভতি অহাটো সকলোতকৈ গুৰুত্বপূৰ্ণ৷ আমাৰ লণ্ডনৰ ফ্লাইটলৈ আৰু তিনিঘন্টা আছে৷ সকলো বন্দবস্ত কৰি খৱৰ দিবা মোক৷’

ফোনটো ৰাখি দীঘলকৈ উশাহ এটা টানি ল’লো৷ খৰকৈ হিচাপ-নিকাচ কৰিলো৷ তেতিয়া আবেলি চাৰে-চাৰি বাজিছে৷ আন্ধাৰ হোৱাৰ পিছত ক’লৈকো ওলাই যোৱাটো সেই পৰিস্থিতিত নিৰাপদ নহয়৷ গতিকে যিয়ে নকৰোঁ সোনকালে কৰিব লাগিব৷

ক’লা বাহিৰতে গছৰ তলত বহি আছিল৷ তাৰ সৈতে গৈ এলাইডাৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালোগৈ৷ বৃত্তান্ত শুনি দুয়ো কিছুপৰ কিংকৰ্তব্যবিমুঢ় হৈ ৰ’ল৷ এলাইডাই গোটেই কথাবোৰ জুকিয়াই চালে৷ ফোন বা ইন্টাৰনেট নোহোৱাকৈ কাইলৈকে টিকেট কৰাৰ উপায় কি? এয়াৰপৰ্ট ইয়াৰ পৰা গাড়ীৰে আধাঘন্টামানৰ বাট৷ এতিয়াই গ’লে আন্ধাৰ হোৱাৰ আগতে নিৰাপদে আহি পামনে!

অন্য একো উপায় নথকাত তাকে কৰাৰ সিদ্ধান্ত হ’ল৷ লৰালৰিকৈ ওলাই গৈ এয়াৰপৰ্টলৈ টেক্সি ল’লো৷ টেক্সিৰ ড্ৰাইভাৰক ক’লাই সুধিলে,

’আজিৰ দিনটোত লিভিংষ্ট’নৰ ওচৰে পাজৰে কিবা হিংসাত্মক ঘটনা ঘটিছে নেকি?’

আদহীয়া ড্ৰাইভাৰজনে হাঁহিমুখেৰেই ক’লে,
’আমিতো একো শুনা নাই এতিয়ালৈকে৷ মাত্ৰ কাৰ্ফিউৰ কাৰণে সন্ধিয়াৰ লগে লগে ঘৰৰ বাহিৰলৈ নোলোৱাৰ নিৰ্দেশহে পাইছোঁ৷’

লিভিংষ্ট’নৰ একেবাৰে সৰু এয়াৰপৰ্ট৷ সোমায়ে দেখোঁ, এয়াৰলাইনৰ সকলো কাউন্টাৰ বন্ধ! গম পালো, দিনটোত মাথোঁ দুখনমানহে ফ্লাইট অহা-যোৱা কৰে৷ গতিকে পাঁচবজাত সকলো বন্ধ হয়৷

আমি তিনিও অসহায় হৈ তাতে থিয় দি ৰ’লো!


লিভিংষ্ট’নৰ দেশত (১): ভিজা, ক’ৰ’না আৰু ধুমুহা
লিভিংষ্ট’নৰ দেশত (২):ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্
লিভিংষ্ট’নৰ দেশত (৩): এটা সপোন খেদি
লিভিংষ্ট’নৰ দেশত (৪): বাওবাব গছৰ সন্ধানত
লিভিংষ্ট’নৰ দেশত (৫): যাত্ৰা আৰু আড্ডা

Friday, 17 July 2020

অসমলৈ অহা পৰিভ্ৰমী চৰাই

চৰাইৰ পৰিভ্ৰমণ প্ৰকৃতিৰ আটাইতকৈ আশ্চৰ্য্যকৰ পৰিঘটনাসমূহৰ ভিতৰত অন্যতম৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমহূৰ ভিতৰত প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২০০০ বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ ভিতৰত আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা চৰাইবিধ হ’ল আৰ্কটিক টাৰ্ন নামৰ গঙাচিলনীজাতীয় চৰাইবিধ৷ এই চৰাইবিধে সুমেৰুৰ পৰা কুমেৰুলৈ প্ৰায় ৪০,৩০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি প্ৰতিটো শীততে পৰিভ্ৰমণ কৰে আৰু গ্ৰীষ্মকালত উভতি আহে৷ শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈও পৰিভ্ৰমী চৰাইৰ সোঁত বয়৷ তথ্য অনুসৰি অসমলৈ ২৮০ বিধ পৰিভ্ৰমী চৰাইৰ আগমণ ঘটে৷ ইয়াৰে উল্লেখযোগ্য কেইবিধমান চৰাইৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হৈছে-

ধৃতিৰাজ (Bar-headed Goose): ধৃতিৰাজ নামৰ বনৰীয়া হাঁহবিধ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ কোনো কোনোৰ মতে মাউন্ট এভাৰেষ্টতো এই হাঁহবিধক দেখা পোৱাৰ নজিৰ আছে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ শীতকালত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনত দুই-তিনিহাজাৰ পৰ্য্যন্ত ধৃতিৰাজ দেখা পোৱা যায়৷ তথ্য অনুসৰি কাজিৰঙাত বিশ্বৰ মুঠ ধৃতিৰাজৰ প্ৰায় ৪-৫% চৰায়ে পৰিভ্ৰমণ কৰেহি৷ ইয়াৰোপৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দ্বীপৰ বিল, বুঢ়াচাপৰি অভয়াৰণ্য আদিত শীতকালি এই হাঁহ দেখা পোৱা যায়৷

File:Bar-headed Goose - St James's Park, London - Nov 2006.jpg
ধৃতিৰাজ হাঁহ (ফটো: ৱিকিমিডিয়া কমনছ)

দীঘলনেজী (Northern Pintail)
: দীঘলনেজী হাঁহ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' বুলি কোৱা হয়৷এই হাঁহৰ প্ৰজাতিটোৱে প'লেণ্ড, মংগোলিয়া,কানাডা, আলাস্কা, আমেৰিকা আদি দেশত এপ্ৰিল আৰু জুন মাহত প্ৰজনন কৰে আৰু অসমকে ধৰি অন্য বিষুৱীয় অঞ্চল যেনে পানামা, আফ্ৰিকা আৰু দক্ষিণ এছিয়া লৈ শীতকালত পৰিভ্ৰমণ কৰে৷ এই হাঁহে ঘন্টাত ৪৮ মইল পৰ্য্যন্ত বেগেৰে নিশাৰ ভাগত পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ দীঘলনেজীয়ে সাধাৰণতে মুকলি জলাশয় যেনে, পানীপূৰ্ণ ঘাঁহনি, হ্ৰদ আদিত বাস কৰে৷ দীঘলনেজীয়ে অগভীৰ পানীত আন্ধাৰ হোৱাৰ পিছত ডুব দি দি খাদ্যৰ সন্ধান কৰে৷ সেয়ে ই দিনৰ বেছিভাগ সময় জিৰণি লৈ থাকে৷ ই প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে শিপা, গুটি আদি খাই জীয়াই থাকে৷ কাজিৰঙকে ধৰি অসমৰ বিভিন্ন বনাঞ্চল, জলাশয় আদিত দীঘলনেজী দেখা পোৱা যায়৷

Northern Pintails (Male & Female) I IMG 0911.jpg
দীঘলনেজী  (ফটো: ৱিকিমিডিয়া কমনছ)

চাকৈ-চকোৱা (Ruddy Shelduck): চাকৈ-চকোৱা বা বামুণী হাঁহ সোণালী বৰণৰ এটা হাঁহৰ প্ৰজাতি। চাকৈ-চকোৱাই গ্ৰীষ্মকালত ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে আৰু শীতকালত অসমকে ধৰি ভাৰত মহাদেশৰ অন্যান্য অঞ্চল সমূহলৈ পৰিভ্ৰমণ কৰে৷ ই ওখ পাহাৰৰ ওপৰত, গছৰ ধোন্দত, মাটিৰ ফাঁকত, কণী পাৰি পোৱালি জগায়। এই চৰাই বিধ সদায় যোৰা পাতি থাকে নাইবা সৰু দলবান্ধি থাকে। হিন্দু আৰু বৌদ্ধ ধৰ্মত এই হাঁহক পৱিত্ৰ বুলি গণ্য কৰা হয়৷ শীতকালি অসমৰ কাজিৰঙা, দ্বীপৰ বিল, ডিব্ৰু ছৈখোৱাকে ধৰি বিভিন্ন জলাশয়ত এই হাঁহ দেখিবলৈ পোৱা যায়৷ 

File:Ruddy shelduck (Tadorna ferruginea) 200.jpg
চাকৈ-চকোৱা  (ফটো: ৱিকিমিডিয়া কমনছ)
কলীমূৰী হাঁহ (Common Teal): কলীমূৰী হাঁহ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে মাৰ্চ মাহত নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চল প্ৰজনন কৰে আৰু শীতকালত জাপান, টাইৱান, দক্ষিণ এছিয়া আদিলৈ পৰিভ্ৰমণ কৰে৷ ক'লীমূৰী হাঁহে প্ৰধানকৈ জাক পাতি বাস কৰে৷ প্ৰজননৰ সময়ত ঘাইকৈ ইয়াক ওখ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখিবলৈ পোৱা যায়৷ আনহাতে শীতকালত ই সাগৰীয় পানী থকা জলাশয় সমূ্হত চৰে৷ প্ৰজনন কালত ক'লীমূৰী হাঁহে প্ৰধানকৈ জলজ অমেৰুদণ্ডী প্ৰাণী যেনে- কেঁকোৰা, পোক-পতংগ, কণী আদি খাই জীয়াই থাকে৷ শীতকালত ইহঁতে জলজ উদ্ভিদৰ গুটি, ঘাঁহ আদি খাবলৈ লয়৷ শীতকালত এই হাঁহবিধে গধূলি বা নিশাৰ ভাগত খাদ্যৰ সন্ধান কৰে৷ অসমৰ কাজিৰঙা, ওৰাং, মানাহকে ধৰি বিভিন্ন বনাঞ্চল আৰু জলাশয়ত শীতকালি এই হাঁহ দেখিবলৈ পোৱা যায়৷ 

File:Common Teal Anas crecca 690V0830 - Lip Kee.jpg
কলীমূৰী হাঁহ  (ফটো: ৱিকিমিডিয়া কমনছ)

খন্তীয়া হাঁহ (Northern Shoveller): খন্তীয়া হাঁহ এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ , দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে। খন্তীয়া হাঁহে প্ৰধানকৈ মুকলি জলাশয়ত বসবাস কৰে আৰু উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে। তদুপৰি ই দীঘল আৰু বিশেষভাৱে অভিযোজিত খন্তীৰ দৰে ঠোঁটটো ব্যৱহাৰ কৰি পানীৰ পৰা বিভিন্ন জলজ কীট-পতংগ আদিও খায়। অসমৰ কাজিৰঙা, পবিতৰা, মাজুলী, দ্বীপৰ বিল আদিৰ মুকলি জলাশয়সমূহত শীতকালি এই হাঁহ দেখা পোৱা যায়৷

File:Northern Shoveller Anas clypeata.jpg
খন্তীয়া হাঁহ  (ফটো: ৱিকিমিডিয়া কমনছ)

বগা বালিমাহী (White Wagtail): বগা বালিমাহী এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ বালিমাহী চৰায়ে সকলো সময়তে নেজডাল লৰাই থাকে (tail wagging) বাবে ইয়াৰ ইংৰাজী নাম ৱেগটেইল৷ ই এপ্ৰিল মাহৰ পৰা আগষ্টৰ সময়ছোৱাত ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷ শীতকালি অসমৰ প্ৰায়বোৰ পথাৰ, নৈকাষৰীয়া অঞ্চল আৰু জলাশয়ৰ আশে পাশে বগা বালিমাহী দেখা পোৱা যায়৷

File:Bachstelze - Bergeronnette grise - White wagtail 02.jpg
বগা বালিমাহী  (ফটো: ৱিকিমিডিয়া কমনছ)

বৰবালি বগুৱা (Wood Sandpiper): বৰবালি বগুৱা এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে৷ ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ পৰিভ্ৰমণ কৰে বুলিও জনা যায়৷ বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়৷ পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য৷ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়৷ অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলকে ধৰি অন্যান্য জলাশয়সমূহত শীতকালি বৰবালি বগুৱা দেখা পোৱা যায়৷

File:Wood Sandpiper Tringa glareola by Dr. Raju Kasambe DSCN1982 (2).jpg
বৰবালি বগুৱা  (ফটো: ৱিকিমিডিয়া কমনছ)

লৰীয়তী (Marsh Sandpiper): এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়। লৰীয়তী চৰায়ে আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে। লৰীয়তী চৰাই অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলত দেখা পোৱা যায়৷

File:Marsh Sandpiper Tringa stagnatilis by Dr. Raju Kasambe DSCN0948 (4).jpg
লৰীয়তী  (ফটো: ৱিকিমিডিয়া কমনছ)

ৰামপাৰ (Brown-headed Gull)
: ৰামপাৰ এবিধ জলচৰ চৰাই৷ ই তাজিকিস্তান, মংগোলিয়া আদি কেন্দ্ৰীয় এচিয়াৰ দেশসমূহত প্ৰজনন কৰি শীতকালি ভাৰত উপমহাদেশলৈ পৰিভ্ৰমণ কৰে৷ ৰামপাৰ সাধাৰণতে সাগৰীয় অঞ্চলত আৰু বিশাল নদী বা জলাশয়ত চৰে৷ ৰামপাৰই শীতকালত প্ৰধানকৈ মাছ আৰু প্ৰজননৰ সময়ত এন্দুৰ, কেঁচু আদিকে ধৰি কীট-পটংগ খায়৷ অসমৰ দ্বীপৰ বিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বৰদৈবাম বিলমুখ পক্ষী উদ্যান, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, মাজুলী আদিত দেখা পোৱা যায়৷

File:Brown Headed Gull.jpg
ৰামপাৰ  (ফটো: ৱিকিমিডিয়া কমনছ)

গলমণিকা নাচনী (Red-throated Flycatcher): গলমণিকা নাচনী এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে৷ শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে৷গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়৷ ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে৷

File:Red-throated or Taiga Flycatcher Ficedula albicilla female by Dr. Raju Kasambe DSCN4790 (7).jpg
গলমণিকা নাচনী  (ফটো: ৱিকিমিডিয়া কমনছ)

তথ্যউৎস:

· BirdLife International (2020) Species factsheet

· India Biodiversity Portal

· অসমীয়া ৱিকিপিডিয়া