Monday, 10 July 2023

উপন্যাস: ফাৰমানা (অষ্টম খণ্ড)

সিদিনা পুৱা ছয়বজাতে তুলিকাৰ মিনি কুপাৰ খনে ফাৰমানাৰ বাটত গতি ল’লে। যোৱা দুমাহে প্ৰায় প্ৰতিদিনে ধলপুৱাতে তাই শ্লাইগ’ পথেৰে গাডী লৈ ওলাই গৈছে। সেইদিশে বিছ কিলোমিটাৰ মান গ’লেই উজনি লখ আৰ্ণত চৰাই জৰীপ কৰিবলগীয়া ঠাইবোৰ। সেইবোৰ উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুয়ো দেশৰ একেবাৰে সীমামূৰীয়া ঠাই। সেই বাটেৰেই আগবাঢ়ি গৈ থাকিলে মাথোঁ দুশ কিলোমিটাৰ মান আঁতৰত ৰিপাব্লিক অব আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিন মহানগৰ। কোনো চেক পষ্টো নাই সেই বাটত। ভুলতে কেনেবাকৈ সেই বিদেশত ভৰি থয়গৈ বুলিয়ে তাই মাৰ্কৰ পৰামৰ্শমতে আনকি ৰিপাব্লিকৰো ভিজা উলিয়াই লৈছে।

পিছে আজি তাইৰ গাড়ীৰ গতি বিপৰীতমুখী। যোৱা সপ্তাহত উজনিত চৰাইৰ জৰীপৰ কাম শেষ হৈছে। আজিৰ কাম নামনিৰ লখ আৰ্ণতহে। তাইৰ মিনি কুপাৰখন আগবাঢ়িল এনিছকিলেন নগৰৰ উত্তৰে থকা লখ শ্ব’ৰ ৰোডেৰে। আক্ষৰিক অৰ্থতে এইটো হ্ৰদৰ পাৰৰ পথ। বাটটোৰ সোঁকাষে দিক বিদিক জুৰি চকুৰে মনালৈকে নামনি লখ আৰ্ণ। বাওঁকাষে গম্বুজৰ দৰে থিয় দি আছে সুউচ্চ মাহ’ৰ ক্লিফ। সেই পাহাৰৰ শিখৰৰ পৰা মাৰ্কে এদিন তাইক আঙুলীয়াই দেখুৱাইছিল,

‘সেই যে সৰু-ডাঙৰ দ্বীপবোৰ দেখিছা, তাৰে চল্লিছটা দ্বীপ নেচাৰৰ অধীনত। বেছিভাগেই কোনো সচেতন নাগৰিকে দান কৰা বা আমি কিনি লোৱা। এই দ্বীপবোৰ লৈয়ে নেচাৰৰ লখ আৰ্ণ ৰিজাৰ্ভ। লিছাই এই ৰিজাৰ্ভৰ গোটেইবোৰ ঠাইৰ কাম চোৱা-চিতা কৰে।’

নেচাৰত যোগ দিয়াৰ প্ৰথম মাহৰে কোনোবা এটা দিন আছিল সেয়া। লখ আৰ্ণ হ্ৰদৰ ইপাৰ সিপাৰ নমনা বিস্তীৰ্ণ জলৰাশিয়ে তুলিকাক সিদিনা ব্ৰহ্মপুত্ৰখনলৈ মনত পেলাই দিছিল। নৈপৰীয়া মানুহৰ যে আজন্ম টান জিৰ জিৰিয়া পানীৰ খেলাৰ সৈতে, সেই পানীৰ সৰু-বৰ ঢৌৰ সৈতে! ব্ৰহ্মপুত্ৰৰ নষ্টালজিয়াৰে চপচপীয়া হৈ পৰা হৃদয়খনেৰে তাই মাহ’ৰ ক্লিফৰ পৰা মাৰ্কৰ পিছে পিছে খোজ দিছিল। এলাই ল’জ বৰ্ষাৰণ্যৰ হাবিতলীয়া সেই বাটৰ দুয়োকাষে অ’ক গছৰ সেউজীয়া। বসন্তৰ আগজাননী আনিছিল অৰণ্যৰ বনৰীয়া ফুলৰ দলিচাখনিয়ে। মাৰ্কে তাইক আঙুলীয়াই দেখুৱাইছিল, ‘এই যে নীলা ফুলবোৰ দেখিছা সেয়া ব্লুবেল। সৌ হালধীয়াবোৰ বাটাৰকাপ।’

হঠাৎ মাৰ্ক থমকি ৰোৱাত তুলিকাও কোনোমতে হামথুৰি নোখোৱাকৈ ৰৈ গৈছিল। হাবিৰ মাজত কিবা জীৱ-জন্তু বা চৰাই-চিৰিকটি দেখা পাইছে নেকি বুলি তায়ো খৰকৈ মাৰ্কৰ দৃষ্টি অনুসৰণ কৰাৰ চেষ্টা কৰিছিল।

নাই, মাৰ্কে একমনে আকাশলৈহে মূৰ তুলি চাইছে। লগতে ব্যস্ত হৈ পৰিছে নীলিম আকাশখন ওফোন্দাই অনা ডাৱৰৰ ফটো লোৱাত।

‘এইজাক ডাৱৰৰ নাম ষ্ট্ৰেট’কিউমুলাছ!’ মাৰ্কে তাইলৈ ঘুৰি চাই কৈছিল। ‘দেখিছানে কেনেকৈ জাক পাতি ডাৱৰবোৰ নামি আহিছে? কিছুমান শুকুলা, কিছুমান মুগা। কিন্তু সকলো মিলি আকাশখন কেনেকৈ ছাটি পেলাইছে চোৱা।’

কৌতুহল দমাব নোৱাৰি তাই সুধিছিল, ‘ডাৱৰৰ বিষয়ে আপুনি কেনেকৈ ইমান জানে, মাৰ্ক?’

‘অঁ তোমাক কোৱাই নাই কিজানি! মই ফাৰমানাৰ ‘ডাৱৰ অনুৰাগী ক্লাৱ’ৰ আজীৱন সদস্য। এই কথাটো লৈ লিছাহঁতে মোক খুউব জোকাই থাকে বুজিছা।’

তুলিকাই কেতিয়াও শুনা নোপোৱা এই গোটটোৰ কথা মাৰ্কে সিদিনা তাইক সবিস্তাৰে কৈছিল। ঘনে ঘনে সলনি হোৱা ফাৰমানাৰ আকাশত ডাৱৰৰ অধ্যয়ন কৰে এই গোটে। যেন ফাৰমানাৰ প্ৰকৃতি উপভোগ কৰাৰে অন্য এটা অজুহাত! আয়াৰলেণ্ডৰ প্ৰকৃতি আৰু সমাজৰ বিষয়ে মাৰ্কৰ অপাৰ জ্ঞানে ইতিমধ্যে তুলিকাক অভিভূত কৰিছিল। সেইদিনা তাইৰ ভাৱ হৈছিল, এই ব্যক্তিয়ে সঁচাই যেন ফাৰমানাৰ আত্মাক চিনি পায়।

‘লাষ্টী বেগৰ বাবে সোঁফালে ঘুৰক।’ গুগুল মেপৰ যান্ত্ৰিক নিৰ্দেশনাই তুলিকাক বাস্তৱলৈ উভতাই আনিলে। কেইমিনিটমানৰ পিছতে লাষ্টী বেগ নামৰ জেটিৰ পাৰ্কিঙৰ ঠাইত তাইৰ গাড়ীখন ৰ’লগৈ।

লখ আৰ্ণৰ পানীৰ ওপৰত তেতিয়াও কুঁৱলীৰ ক্ষীণ প্ৰলেপ। চৌদিশে চৰাইৰ কিচিৰ-মিচিৰ মাত। জেটিত শাৰী শাৰী সৰু-বৰ নাওবোৰ।

তেন্তে এয়াই নামনি লখ আৰ্ণ!

অতদিনে তাই উজনিৰ লখ আৰ্ণত নিজৰ দায়িত্ব চম্ভালিছে। আজি প্ৰথমবাৰ ভালকৈ নেচাৰৰ বাকী সহকৰ্মীসকলে কাম কৰা ঠাইখন চোৱাৰ হেঁপাহটোৱে তাইক উচ্ছসিত কৰি তুলিলে।

নেচাৰৰ নাওখন চিনি পাবলৈ তাইৰ অসুবিধা নহ’ল। দুখলপীয়া নাওখনত বৰ বৰ হৰফেৰে লিখা আছে, ‘জ’ মেগী’। ফাৰমানাত নেচাৰ আয়াৰলেণ্ডৰ প্ৰথমগৰাকী ডিৰেক্টৰ জ’ মেগীৰ সন্মান জনাই এই নাম। এই জ’ মেগীৰ কাৰ্যকালৰ বহু কাহিনী তাই কিংবদন্তীৰ দৰে অফিচত শুনা পাই থাকে। দুখলপীয়া ‘জ’ মেগী’ৰ সন্মুখতে এখন বৰ্ডত নীলা চিঞাহীৰে লিখা আছে, ‘কাৰলিউ ক্ৰুজ।’

‘গুড মৰ্ণিং তুলিকা। আহা আহা।’ সহকাৰী ৱাৰ্ডেন ডেৰেনে মাত দিলে। 

এখন ক্লিপবৰ্ড লৈ তেওঁ অভ্যাগত সকলক এজন এজনকৈ আদৰণি জনাইছে আৰু খৰকৈ কাগজখনত টিক মাৰ্ক দি গৈছে৷ সেই শাৰীতে যোগ দি তুলিকাও নাৱলৈ উঠি গ’ল। নাৱৰ ডেকত লিছাও ব্যস্ত। নাৱৰ চালক পিটাৰক নামনি লখ আৰ্ণৰ কোনবোৰ ঠাইৰ কাষেৰে যাব লাগিব সেই সম্পৰ্কে নিৰ্দেশনা দিছে৷ তুলিকালৈ চাই তাই হাত জোকাৰি হাঁহি মাৰিলে আৰু পুনৰ কামত ব্যস্ত হৈ পৰিল।

ডেকৰ একাষে মাৰ্কক দেখি তুলিকা আগবাঢ়ি গৈ তেওঁৰ কাষ পালেগৈ।

‘হাই মাৰ্ক! মই কি সহায় কৰিব পাৰোঁ কওকচোন।’

‘তোমাৰ দায়িত্ব নাই আজি। যোৱা দুমাহে পুৱতি নিশাতে উঠি গৈ চৰাইৰ জৰীপ কৰিছা। আজি নামনি লখ আৰ্ণৰ ৰূপ আৰু ইয়াৰ প্ৰকৃতি উপভোগ কৰা। মানুহৰ লগত চা-চিনাকি হোৱা। কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে উত্তৰ দিবা। সিমানেই!’ মাৰ্কৰ কথাই তাই আশ্বস্ত কৰিলে।

ক্ষন্তেক পিছতে মাইক্ৰ’ফোনত লিছাৰ মাত ভাঁহি আহিল,

‘নেচাৰৰ বছৰেকীয়া কাৰলিউ ক্ৰুজলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ফাৰমানাৰ জনসাধাৰণক ইয়াৰ প্ৰকৃতিৰ বিষয়ে, নেচাৰৰ কামৰ বিষয়ে জনোৱাৰ প্ৰয়াসেৰে নেচাৰে এই ক্ৰুজ কৰি আহিছে। আগৰ দৰেই এইবাৰো আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিছোঁ। যিকোনো প্ৰশ্ন থাকিলে নেচাৰৰ কৰ্মীক সুধিবলৈ সংকোচ নকৰিব।’

ডেকৰ তলে ওপৰে যথেষ্ট মানুহ। লিছাৰ কথা শেষ হোৱাৰ লগে লগে হাত চাপৰিৰ শব্দ। সকলোৰে চিন্তাৰ ওৰ পেলাই বতৰেও মূৰ ডাঙিলে৷ এচেৰেঙা ৰ’দে বিশাল নাওখনৰ একাংশ জিলিকাই তুলিলে৷ ক্ৰুজ এৰাৰ লগে লগে কিছু লোকে ভিতৰত চাহ-কফি লৈ বহিলগৈ। বহুতেই আকৌ ডেকলৈ উঠি আহিল।

লাহে লাহে সেই কাৰলিউ ক্ৰুজ লাষ্টীৰ পাৰ এৰি লখ আৰ্ণৰ বিশাল বুকুত সোমাই পৰিল। বহু অভ্যাগতৰ লগতে তুলিকাইও ডেকতে ভৰি দিলেগৈ৷ যোৱা দুমাহতে তাই উপলব্ধি কৰিছে আইৰিছ মানুহ সাধাৰণতেই খুউব বন্ধুত্বসুলভ। চিনাকি হওক বা নহওক কাৰো মাজতে কথা-বতৰা আৰম্ভ হ’বলৈ বিশেষ চেষ্টা বা সময়ৰ প্ৰয়োজন নহয়৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল। তাই বেকপেকৰ পৰা নোটবুক, বাইন’কুলাৰ আদি উলিয়াই থাকোঁতেই এগৰাকী মহিলাই মাত দিলেহি,

‘আপুনি ষ্টাফেই নহয় জানো?’- ক’লা কাৰ্গ’ পেণ্ট আৰু নীলা পাফ জেকেটৰ আঁৰত এক মধ্যবয়সীয়া মহিলাৰ মুখ। হাতত কফিৰ মাগ।

‘হয় হয়, কওকচোন আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?’

‘নাই নাই, আমাৰ এই ক্ৰুজ ক’লৈ ক’লৈ যাব তাকে জানিব খুজিছিলোঁ।’

‘আমাৰ ৰিজাৰ্ভৰ যিকেইটা দ্বীপত কাৰলিউ চৰায়ে বাহ সাজিছে সেইবোৰ ঠাইৰ পাৰে পাৰে নাওখন যাব৷’

‘অ হয় নেকি? তেনে কাৰলিউ দেখা পামেই!’

‘পাব পাব, লগতে অন্য চৰাই -জীৱ-জন্তুও চোৱাৰ সুযোগ পাব।’

মানুহগৰকীৰ চকু মুখ উজলি উঠিল৷ সেই আগ্ৰহ দেখি তুলিকাৰো খুউব ভাল লাগিল। তাই নুসুধি নোৱাৰিলে,

‘আপুনি ফাৰমানাৰে নেকি?’

‘অ’ নহয়, মই আচলতে কাষৰে টেম্প’ টাউনতহে থাকোঁ!’

টেম্প’ টাউনৰ নাম শুনাৰ লগে লগে তুলিকাৰ মনত এখন চিনাকি ছৱি ভাঁহি উঠিল। মানুহগৰাকীক তাকে সুধিবলৈ লওঁতেই তাই শুনা পালে সেই চিনাকি মাতটো।

‘অ’ৰলা ডাৰলিং, অথনিৰে পৰা তোমাক বিচাৰি ফুৰিছোঁ।’

দুহাতে দুকাপ কফি লৈ সেয়া কেলাম! মানুহজনক দেখাৰ লগে লগে তুলিকালৈ সেই একেই শান্ত কপৌৰ দৰে অনুভৱটো আহিল। তেনে এয়াই কেলামৰ অ’ৰলা!

‘তুলিকা! তোমাক আজি লগ পাম বুলি আশা কৰিয়ে আছিলোঁ। হুৱাটছ্‌ দ্য ক্ৰেক? কি খৱৰ?’ কেলামে তাইলৈ চাই হাঁহি মাৰি ক’লে।

তাই হাঁহি পেলালে। কেলামে অ’ৰলাৰ বাবে অনা কফিকাপ তাইলৈকে আগবঢ়াই দিলে। ডেকৰ ৰেলিঙত লাহেকৈ আউজি লৈ কেলামে অ’ৰলাৰ কঁকালত এখন হাতেৰে মেৰিয়াই ধৰিলে। দুয়োকে একেলগে দেখি, কথা পাতি তুলিকাই যেন উপলব্ধি কৰিলে, সঁচাই অৰলাই সেই নাৰী যাৰ বাবে কেলামৰ পৃথিৱীখন পৰিপূৰ্ণ হৈ ৰয়। যি ইপাৰ সিপাৰ কৰি জুৰি আছে কেলামৰ জীৱন। দুয়োৰে চকুৱে মুখে জিলিকি উঠা সুখ আৰু প্ৰশান্তিৰ ছায়াঁই যেন তাইকো চুই গ’ল!

এনেতে মাইক্ৰফোনত ডেৰেনৰ মাত ভাঁহি আহিল,

‘এতিয়া আমি নামনি লখ আৰ্ণত আছোঁ৷ আমাৰ ফাৰমানা কাউণ্টিৰ সকলো মানুহে জানেই, এনিছকিলেন নগৰখনৰ দুফালে উজনি আৰু নামনি লখ আৰ্ণ মিলি এই হ্ৰদ। নামনিৰ এই লখটো সাগৰৰ দৰে বিশাল। উজনিৰ লখটো সেই হিচাপত সৰু আৰু অকোঁৱা পকোঁৱা নৈৰ দৰে।দুইটা হ্ৰদ মিলাই মুঠতে কিমানটা দ্বীপ আছে কোনোবাই ক’ব পাৰিবনে?’

কেইবাজনে হাত দাঙিলে। ডেৰেনে হাঁহি এটাৰে ক’লে, ‘কওকচোন।’

’২৫!’ এগৰাকী মহিলাৰ চিঞৰ।

‘নহয়, ৫০ টামানহে হ’ব কিজানি।’ অন্য এজনৰ মাত।

কেলামে হাউলি লৈ তুলিকাক কাণে কাণে ক’লে, ‘নাই নাই, তাতকৈ বহুত বেছি দ্বীপ আছে।’

তেওঁ আৰু কিবা ক’বলৈ লওঁতেওই ডেৰেনে ক’লে, ‘১৫০ টাৰো বেছি!’

মানুহবোৰৰ মাজত আশ্চৰ্য্যচকিত শব্দ কিছুমান ওলাল। ডেৰেনে লখ আৰ্ণৰ ইতিহাসৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে। আইৰিছ কিংবদন্তীত এই ঠাইৰ বিষয়ে বহু কথাই আছে। কাষৰীয়া দেশৰ সৈতে যুঁজত হাৰি পলাই যাওঁতে হেনো এই বিশাল হ্ৰদ সাঁতুৰি পাৰ হ’ব নোৱাৰি আৰ্ণ নামৰ ৰাণীগৰাকীয়ে মৃত্যুক সাৱটি লৈছিল। তেওঁৰ নামেৰেই এই হ্ৰদৰো নাম। ডেৰেনে কৈ গ’ল এই লখৰ উল্লেখযোগ্য ঘটনা-প্ৰৱাহৰ কথা।

‘এই লখৰ পাৰতে ২০১৩ চনত জি এইটৰ বৈঠক বহিছিল। সেইসময়ত তালৈ সমগ্ৰ বিশ্বৰ পৰা অহা নেতাসকলেও লখৰ সৌন্দৰ্য্য উপভোগ কৰি গৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইয়াত থকাৰ সময়ত এই লখত কেইবাদিনো সাতুৰিছিলহি৷’

কথাষাৰ শুনি মানুহবোৰৰ চকুৱে মুখে কৌতুহল ফুটি উঠিল৷ তুলিকাৰ কাষতে থিয় দি থকা আদহীয়া মানুহ এজনে টপকৈ টিপ্পনী মাৰিলে, ‘কিয়বা নুডুবিল!’

লগে লগে জাকটোত হাঁহিৰ খলকনি।

উজনি লখ আৰ্ণৰ নীলিম পানীত ঢৌ তুলি তুলি জ’ মেগী ক্ৰুজ আগবাঢ়িল। মানুহবোৰ উৎসুক হৈ ৰ’ল কাৰলিউ দেখা পোৱাৰ আশাত। ডেৰেনে মাইক্ৰফোনত কৈ গ’ল এই বিপদাপন্ন কাৰলিউ চৰাইৰ খেতি আৰু খেতিয়কৰ সৈতে কেনে আজন্ম সম্পৰ্ক। খেতিৰ সময়ৰ লগত সংগতি ৰাখি সিহঁতে পথাৰৰ ‘ৰাছ’ জোপোহাত বছৰ বছৰ ধৰি বাহ সাজি পোৱালী জগাই আহিছে। কিন্তু এতিয়া পৰম্পৰাগত খেতিৰ পদ্ধতি সলনি হৈছে। কাৰলিউয়ে পোৱালী জগোৱাৰ আগতেই বহু খেতিয়কে আগতে ভৰি থ’ব নোৱাৰা জেকা পথাৰত উন্নত মেচিন নমাই ঘাঁহ কাটিব পৰা হৈছে। কিন্তু তাৰ লগে লগে কাৰলিউবোৰে হেৰাই পেলাইছে বাহ সাজিব পৰা বা চিকাৰীৰ পৰা লুকুৱাই পোৱালী তুলিব পৰা ৰাছ জোপোহাবোৰ।

‘মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক ইমানেই নিকপকপীয়া।’ ডেৰেনে ক'লে।

কথাবোৰ শুনি থাকিয়ে তুলিকাই চৌদিশে চাইছে। সুদূৰৰ সৰু-বৰ সেউজ দ্বীপবোৰ, লখ আৰ্ণৰ পানীৰ চিকমিকনি, আৰু চৰাইৰ কাকলিয়ে তাইক আপোন-পাহৰা কৰি পেলাইছে।

লাহে লাহে কাৰলিউ ক্ৰুজ এটা দ্বীপৰ কাষ চাপিল। তাত থকা ধ্বংসাৱশেষ বোৰ দেখি তাই বুজিলে সেয়া ডেভেনিছ দ্বীপ। ইয়াতে ডেৰেন আৰু লিছাই যোৱা দুমাহ ধৰি ৰাতি ৰাতি কেম্প কৰি দুটা কাৰলিউত বাহ পৰ্যবেক্ষণ কৰি আছে। অফিচত এইসম্পৰ্কে হোৱা আলোচনাৰ পৰা তুলিকাৰ মনত পৰিল।

‘এই দ্বীপৰ পাৰতে এটা বাহত কাৰলিউৰ পোৱালী জগিছে। দুটা মৰমলগা পোৱালী। কিন্তু আপোনালোকে জানেই, প্ৰজননৰ সময়ত গৱেষণাৰ বাহিৰে অন্য কামত দ্বীপত ভৰি থোৱাৰ অনুমতি নাই। গতিকে আমাৰ ক্ৰুজ দ্বীপটোৰ কাষেৰে লাহে লাহে পাৰ হৈ গৈ থাকি আপোনালোকক সেয়া চোৱাৰ সুবিধা কৰি দিব।’ মাইক্ৰ’ফোনত এইবাৰ লিছাৰ মাত।

লিছাৰ কথাই যেন পলকতে মানুহবোৰক সষ্টম কৰি তুলিলে। সকলোৱে বাইন’কুলাৰ-কেমেৰা সাজু কৰি লৈ দ্বীপটোৰ পাৰত দুচকু নিবদ্ধ কৰি থাকিল।

এনেতে মানুহবোৰৰ মূৰৰ ওপৰেৰে পাৰ হৈ গ’ল এহাল গঙাচিলনী। পাৰ চৰাইটোৰ প্ৰায় সমান কিন্তু সিহঁতৰ দেহ ক’লা আৰু বগা। মূৰত একোটা চূড়া। চৰাইহাল ইমান ওচৰেদি উৰা মাৰিলে যে বহুতে সিহঁতৰ পাখিৰ সেউজীয়া-বেঙুনীয়া জিলিকনিলৈকে দেখা পালে। পাখি মাৰি মাৰি সিহঁতে মাত দি গ’ল -‘পি-ৱিট পি-ৱিট’।

পলকতে কেইবাটাও কেমেৰাৰ ক্লিক ক্লিক শব্দ ভাঁহি আহিল। দূৰৈৰ সীমনাত চৰাইহাল নেদেখা হোৱালৈকে মানুহবোৰে বাইন’কুলাৰেৰে চাই ৰ’ল। তুলিকাৰ মন আচম্বিতে উভতি গ’ল শৈশৱৰ দিনবোৰলৈ। বাইন’কুলাৰ-কেমেৰা নোহোৱাকৈয়ে সিহঁতে কেৱল চৰাইৰ মাত শুনিয়ে আকাশলৈ মূৰ তুলি চাইছিল। গঙাচিলনীৰ যোৰবোৰলৈ চাই চাই সিহঁত তেতিয়া বানপানীৰ আশংকাত ডুব গৈছিল। অসমত বহুঠাইত এই গঙাচিলনীৰ মাতেই বানপানীৰ বতৰা লৈ আহে বুলিয়েতো বিশ্বাস কৰে! তাই জানে, সাত সাগৰ তেৰ নদীৰ সিপাৰে এই অজান্তি মুলুক ফাৰমানাতো বানপানী হয়। সেই বানপানীৰ সৈতে এই চৰাইবিধৰো তেনে কিবা সংযোগ আছে নেকি তাই জানিবৰ ইচ্ছা হ’ল। সেয়ে মনতে পাঙি থ’লে, এই কথাটো মাৰ্ক নাইবা কেলামকে সুধিব লাগিব।

‘কাৰলিউ ক্ৰুজৰ সকলোৱে দ্বীপটোৰ পাৰলৈ চকু দিয়কচোন।’ -মাইক্ৰ’ফোনত লিছাৰ মাত। ইতিমধ্যে নাওখন ডেভেনিছ দ্বীপৰ কাষ চাপিছে।

ঘোষণা শুনিয়েই ডেকৰ ওপৰৰ মানুহবোৰ নাৱৰ বাওঁফালে গৈ থিয় দিলেগৈ। লিছাই দেখুৱাই দিয়াৰ দৰেই সকলোৱে পাৰৰ জোপোহা কেইজোপাৰ কাষৰ শিলছটালৈ মন কৰিলে।

‘আহ, দেখিছোঁ দেখিছোঁ!’ অ’ৰলাৰ মাতটো প্ৰথমে চিৎকাৰৰ দৰে ওলাই শেষলৈ এটা ফুচফুচনিৰ দৰে হৈ পৰিল। যেন সেই বিস্ময়-উত্তেজনাৰ মাজতে তেওঁ উপলব্ধি কৰিলে যিকোনো ধৰণৰ আমনিয়ে চৰাইটোক খেদাই পঠোৱাৰ সম্ভাৱনা! তাৰ লগে লগে লিছাইয়ো সকলোকে অনুৰোধ কৰিলে কোনো ধৰণৰ হুলস্থুল বা আমনি নকৰাকৈ কাৰলিউ চৰাই দুটা চাবলৈ।

সকলোৱে অপলক নেত্ৰে কিন্তু নীৰৱে কাৰলিউ মাক আৰু পোৱালিটো পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে। সৰু কুকুৰা পোৱালি এটাৰ সমান মাকজনী। প্ৰথমেই চকুত পৰে অতিপাত দীঘল জোঙা ঠোঁটটো। জোঙা যদিও আউঁসীৰ জোনটোৰ দৰে ঘোৰখোৱা সেই ঠোঁট। মাকৰ তুলনাত পোৱালিটোৰ ঠোঁটটো সৰু আৰু পোন। মাকৰ সমগ্ৰ দেহটোত মিহি আৰু ঘনকৈ মুগা আঁচ। তলপেটতহে কিছু বগা ৰং দেখা গৈছে। মানুহবোৰৰ ফালে এবাৰ চাই মাকে মাত দিলে, ‘কাৰ-লিউ কাৰ-লিউ’ (হয়তো ওচৰতে ক’ৰবাত লুকাই থকা দেউতাকক এই বিৰাটকায় নাওখনৰ বিষয়ে সতৰ্ক কৰি দিলে, তুলিকাই ভাৱিলে!)। তাৰপিছত সতৰ্কতাৰে পোৱালিটোক শিলছটাৰ ফালে বাট দেখুৱাই লৈ গ’ল।

মানুহবোৰৰ মাজত কৌতুহল আৰু আনন্দৰ ভাৱ এটাই খেলা কৰি গ’ল! যেন এই মুহূৰ্তটোৰেই পলকতে তেওঁলোকে অপৰূপ প্ৰকৃতিৰ এক চমক দেখা পালে।

‘আৰু এটা পোৱালি আছে। সৌৱা শিলছটাৰ আঁৰ হৈ আছে।’

সেইফালে টোৱাই এটা বিয়াগোম কেমেৰাত ফটো তুলি থকা যুৱক এজনে ক’লে। কথাষাৰ শুনিয়ে বিপৰীত মূৰৰ পৰা কেইবাগৰাকী অভ্যাগত তেওঁৰ কাষলৈ দৌৰি গ’ল। দৌৰাৰ পৰতো যিমান পাৰি নিশব্দে ভৰিখন পেলাবলৈ চেষ্টা কৰিলে তেওঁলোকে। তাকে দেখি তুলিকাই হাঁহি পেলালে। হাঁহি হাঁহি সেইদিশে চাওঁতে তাইৰ যুৱকজনৰ চকুৱে চকুৱে পৰিল।

লখ আৰ্ণৰ অদৰুৱা বতাহে খেলি মেলি কৰি দিয়া চুলিৰে হাঁহো হাহোঁকৈ থকা এখন মুখ৷ দীঘল মুগা চুলিখিনি নিমিষতে তেওঁ পিছলৈ সামৰি নি পনিটেইল এডাল কৰি পেলালে। তাৰপিছত মানুহবোৰক তেওঁ ঠিক কোনখিনিতনো সেই পোৱালিটো দেখা পাইছে তাকে হাতৰ চিয়াঁৰেৰে বুজাবলৈ লাগিল। তুলিকাই নিজেও বাইন’কুলাৰ লৈ শিলছটালৈ চালে। তাৰ আঁৰত লুকাই পৰাৰ আগে আগে এপলকৰ বাবে দ্বিতীয়টো পোৱালিও দেখা পালে। তাই বুজিলে, মাকে সাম্ভাৱ্য বিপদৰ উমান পায়ে দুয়োটা পোৱালিক লুকুৱাই পেলাইছে।

ইতিমধ্যে কাৰলিউ ক্ৰুজ ডেভেনিছৰ পাৰৰ পৰা আঁতৰি গৈছে। লিছাই মাইক্ৰ’ফোনত কৈ উঠিছে, পোৱালিৰে সৈতে মাকক ইয়াতকৈ বেছি আমনি কৰা নাযায়। তুলিকাৰ চকুত পৰিল সেই যুৱকৰ চাৰিওকাষে এদল মানুহৰ জুম বান্ধিছে। এজন এজনকৈ তেওঁৰ কেমেৰাৰ লেনছত মানুহবোৰে চকু থৈছে।

‘ক’তা? ক’ত আছিল সেই দ্বিতীয় পোৱালিটো? আমি যে এটাহে দেখিলোঁ!’ তুলিকাৰ কাষ চাপি আহি অ’ৰলাই ক’লেহি। মাতত কিছু উত্তেজনা, কিছু হতাশা।

তেওঁৰ সৈতে এইবাৰ তুলিকাও থিয় দিলেগৈ যুৱকজনৰ কাষত। তেওঁ অ’ৰলাৰ লগতে সকলোকে আগ্ৰহেৰে মাক আৰু পোৱালি কাৰলিউ দুটাৰ ফটো দেখুৱালে। মানুহ এগৰাকীৰ প্ৰশ্নৰ উত্তৰত তেওঁ ক’বলৈ ধৰিলে, কাৰলিউ চৰাইৰ কথা, নেচাৰৰ কামৰ কথা।

‘নেচাৰে এই হ্ৰদৰ বহুতো দ্বীপত বাহ সজা কাৰলিউ চৰাইৰ জৰীপ কৰে। পোৱালীবোৰ কেনেকৈ বাঢ়িছে তাৰো চোৱা-চিতা কৰে। যোৱাবছৰ আগতকৈ কাৰলিউৰ সংখ্যা বাঢ়িছে বুলি জৰীপত ওলাইছিল। এইবছৰ বা কেনে হয়!’

তুলিকা অলপ আচৰিত হ’ল। কোন এওঁ? নেচাৰৰ কামৰ কথা ইমান জানে! তাই এতিয়ালৈকে লগ নোপোৱা নেচাৰৰে কোনোবা কৰ্মী বা স্বেচ্ছাসেৱী নেকি!

কিছু কৌতুহলেৰে তুলিকা দুখোজ কাষ চাপি আহিল। তাই কিবা সুধিবলৈ পোৱাৰ আগতেই যুৱকজনে ক’লে,

‘কাৰলিউৰ মাক আৰু পোৱালি দুটাৰ ফটোখন চাব নেকি?’

অলপ হাউলি লৈ কেমেৰাটো তেওঁ তাইৰ ফাললৈকে পোনাই দি ক’লে। তাৰ লগে লগে অলপ আগতে বান্ধি লোৱা পনিটেইলডালো কিছু হাউলি আহিল। তুলিকাই এতিয়াহে মন কৰিলে, তেওঁৰ মূৰৰ দুয়োকাষৰ চুলিখিনি আচলতে একেবাৰে চুটিকৈ কটা। মাজভাগৰ দীঘল ফিৰফিৰিয়া চুলিখিনিৰেহে সেই পনিটেইল হৈছেগৈ। তেওঁৰ চকুহাল যেন সূৰ্য্যৰ ৰেঙণিয়ে জিলমিলাই তোলা দুটোপাল সাগৰ। সেই সাগৰখনেই যেন নামি গৈ নীলা টিচাৰ্টত বুকু জুৰি বহি লৈছেগৈ। ডিঙিৰ সোঁফালে কিছুমান অবোধ্য আখৰৰ এশাৰী টাটু। সেই টাটুৱে যেন নীলিম সাগৰখনক ভেঁটা দিব খুজি তাতেই সৃষ্টি কৰিছে অলেখ-অসংখ্য ঢৌ!

‘কোন এওঁ??’ সুধিব খুজিও তুলিকাৰ একো মাত নোলাল। প্ৰায় যন্ত্ৰবৎভাৱেই তায়ো হাউলি লৈ কেমেৰাত চকু থ’লে।

‘ধুনীয়া!’ তুলিকাই কথাষাৰ কৈয়ে মূৰ তুলি চাই দেখে তেওঁ তাইলৈকে ৰ’ লাগি চাই আছে। এপলকৰ নীৰৱতা। তাৰপিছত ইতিমধ্যে আঁতৰি যোৱা মানুহ দুগৰাকীক কোৱাৰ দৰে তেওঁ তুলিকাক কৈ গ’ল নেচাৰৰ কামৰ কথা।

তুলিকাই টু শব্দ এটাও ক’ব নোৱাৰিলে। সেই উজ্বল দুচকুৰ পৰা দৃষ্টি আঁতৰাই আনিবলৈ তাইৰ কষ্ট হ’ল যেন। তাই বুজিলে নেচাৰ আয়াৰলেণ্ড লিখি থোৱা টুপীটো তাই কিছু আগতে খুলি পেলাইছিল। গতিকে তাই যে নেচাৰৰে কৰ্মী সেয়া এই যুৱকে গম পোৱাৰ কোনো উপায় নাই।

এনেতে আগৰবাৰৰ দৰেই আকৌ অভ্যাগতসকলৰ ডেকৰ সন্মুখভাগলৈ দুপ দুপ দৌৰ। তাকে দেখি তুলিকাই তৎক্ষণাত বাইন’কুলাৰ তুলি ল’লে। যুৱকজনেও কেমেৰাৰ লেনছ সাজু কৰি ডেকৰ সেইটো মূৰলৈ ততাতৈয়াকৈ খোজ দিলে।

‘সেইফালে সেইফালে’-কাৰোৱাৰ উচ্চাসিত মাত। তেওঁৰ কথা শেষ নহওঁতেই কাৰলিউ ক্ৰুজৰ সন্মুখত ধৰা দিয়া কণমানি দ্বীপটোৰ পৰা এজাক চৰায়ে একেলগে উৰা মাৰিলে। হয়তো হঠাৎ মটৰচালিত নাওখনৰ অৱস্থিতি গম পালে চৰাইবোৰে।

‘এইবোৰ ব্লেক হেডেড গাল। ক’লা-মূৰীয়া গাল চৰাই। বছৰ বছৰ ধৰি ইহঁতে এই দ্বীপৰ ইপাৰ সিপাৰ জুৰি অলেখ-অসংখ্য বাহ সাজেহি। এতিয়া তাত পোৱালি জগিবলৈ আৰম্ভ কৰিছেই।’ মাইক্ৰ’ফোনত ডেৰেনে ক’লে।

মানুহবোৰে তধা লাগি চালে সেই আকাশ ছানি ধৰিব খোজা গাল চৰাইৰ জাক। যেন কাৰলিউ ক্ৰুজৰ সামৰণিৰ মুহূৰ্তকেইটাও অপূৰ্ব কৰি তোলাৰ বাবেই সিহঁতৰ এই জাকৰুৱা প্ৰদৰ্শনী, সামূহিক কলকলনি।



আবেলি প্ৰায় তিনিমান বজাত ক্ৰুজ আহি জেটিত লাগিলহি। এজন এজনকৈ হাঁহি-মাতি অভ্যাগতসকল নামি গ’ল। প্ৰায়ভাগেই লিছা আৰু ডেৰেনক গৈ ধন্যবাদ জনালেগৈ। তুলিকাই গৈ সা-সামগ্ৰীবোৰ ক্ৰুজৰ পৰা নমাই গাড়ীত উঠোৱাত পিটাৰক সহায় কৰি দিলেগৈ। মানুহৰ মাজত বিলাই ৰৈ যোৱা নেচাৰ-সম্পৰ্কীয় বুকলেটৰ বাকচটো গাড়ীত তুলি থাকোঁতেই মাৰ্ক ওলালেহি।

তুলিকাই থতমত খাই গ’ল। মাৰ্কৰ লগতচোন এয়া ক্ৰুজত লগ পোৱা সেই নীলা চকুৰ ল’ৰাজন! তাইক দেখি ল’ৰাজনো অপ্ৰস্তুত হৈ গ’ল যেন!

‘হাই তুলিকা। এওঁক লগ পাইছানে? এওঁ ফাৰমানা হেৰল্ডৰ সাংবাদিক।’ মাৰ্কে চিনাকি দিলে।

‘হাই, মই ৰায়ান!’ যুৱকজনে তেওঁৰ হাতখন আগবঢ়াই দিলে৷

‘মই তুলিকা৷’ সৌজন্যমূলক কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াবলৈ লৈয়ে তুলিকাৰ খেয়াল হ’ল তাই এতিয়াও বুকলেটৰ বাকচটো আধা উঠোৱাকৈয়ে ধৰি আছে। তাই কিছু অস্বস্তিৰে হাঁহিলে। ৰায়ানে আগবাঢ়ি আহি তাইৰ হাতৰ পৰা লৈ বাকচটো গাড়ীত তুলি দিলেহি।

‘তুমিও নেচাৰৰ বিষয়া বুলি জনাই নাছিলোঁ। সেয়ে অথনি ঢেৰ কিবাকিবি ক’লোঁ।’ অলপ লাজকুৰীয়া হাঁহি এটা মাৰি ৰায়ানে কৈ উঠিল। তাইৰ অস্বস্তিখিনি যেন লাহে লাহে কমি আহিল।

‘একো নাই, ময়ো নজনা কথা শিকিলোঁ।’ হাঁহি হাঁহি তাই ক’লে।

‘নেচাৰৰ পৰিৱেশ সংৰক্ষণৰ কামবোৰ এওঁ কেইবাবছৰ ধৰি ‘ফাৰমানা হেৰল্ড’ কাকতত কভাৰ কৰি আছে। সেয়ে আমাৰ প্ৰায়বোৰ কামৰ কথা ৰায়ানে গম পাই থাকে।’ মাৰ্কে ক’লে।

‘আমাৰ বাতৰি কাকতৰ কাৰণে আজিৰ কাৰলিউ ক্ৰুজ কভাৰ কৰিছোঁ। কাকতত ওলালে খৱৰ দিম বাৰু।’

এনেতে তুলিকাৰ ফোনৰ ৰিং। আছমা! খৰধৰকৈ দুয়োৰে পৰা বিদায় লৈ তুলিকা আঁতৰি আহিল। তাই জানে, আছমাই দৰকাৰী নহ’লে এনে সময়ত ফোন নকৰে।

তাই গাড়ীত বহেগৈ মানে ফোনৰ ৰিং বন্ধ হৈছে। তুলিকাই লগে লগে পুনৰ ফোন লগালে।

‘আছমা, কি খৱৰ? এনে অসময়ত কৰিলা যে?’

‘ভাল ভাল। লুকো মোৰ লগত আছে। আমি ক’ত আছোঁ কোঁৱাচোন।’ লাউদস্পীকাৰত ভাঁহি আহিল আছমাৰ উত্তেজিত কণ্ঠ!

‘হাই তুলিকা।’ লুকৰ মাত।

‘ক’ত আছা তোমালোক?’ কিছু আশ্চৰ্য্য, কিছু উত্তেজনাৰে তুলিঋ সুধিলে। 

‘আমি গৈ আছোঁ তোমাৰ তালৈ তুলিকা!’

‘কি! কেতিয়া?’ তুলিকাৰ উশাহৰ গতি খৰ হৈ পৰিল যেন!

‘ঘপকৈ মিটিং এখনৰ কাৰণে বেলফাষ্টলৈ আহিব লগাত পৰিলোঁ৷ আজি পাইছোঁহি৷’ লুকে ক’লে।

‘কি কোৱা! বেলফাষ্টত আছা যদি মোক লগ নকৰাকৈ যাব নোৱাৰিবা দেই!’

‘আৰে, সেইকাৰণেইতো খৱৰ কৰিছোঁ তোমাৰ!’ লুকে হাঁহিবলৈ ধৰিলে। তুলিকাৰ মনটো ৰাঙলী হৈ আহিল।

‘তোমাৰ মিটিং কেতিয়া?’

‘কাইলৈ পুৱা দহ বজাত৷ তাৰ পিছত ফ্ৰী৷ ইয়াৰ পৰা কিমান সময় লাগিব তোমাৰ ফাৰমানালৈ?’

‘নিজৰ গাড়ী চলাই আহা যদি প্ৰায় দুঘন্টা! আহি যোৱা, মই কাইলৈৰ দিনটো ছুটি লৈ ল’ম৷’

‘হেই নালাগে ছুটিৰ কোনো দৰকাৰ নাই৷ মিটিং শেষ কৰি আমি সন্ধিয়া পাঁচ বজাৰ পিছত পামগৈ৷ তাৰপিছত উইক এণ্ড যেতিয়া শনি-দেও দুটা বন্ধ দিন পাবাইচোন।’ আছমাই বুজনিৰ সুৰত ক'লে।

‘ঠিক আছে৷ আহা তেন্তে, কাইলৈ লগ পাম।’

‘কেন্ট ৱেইট! ৰ’ৱই পৰা নাই!’ ফোনত কথা সামৰাৰ পিছতো তুলিকাৰ মুখৰ পৰা যেন হাঁহিটো যাবই নুখুজিলে।

এই বিদেশৰ মাটিত তাইৰ প্ৰথম বন্ধু- আছমা আৰু লুক। দুয়োৰে সৈতে ফাৰমানাত একেলগে সময় কটোৱাৰ হেঁপাহটোৱে তাইক উৎফুল্লিত কৰি তুলিলে। ক’লৈ ক’লৈ ফুৰাবলৈ নিব বাৰু? উজনি লখ আৰ্ণৰ কাণ্ট্ৰিছাইড? মাহ’ৰ ক্লিফ? নামনি লখ আৰ্ণত আজিৰ দৰেই নাৱেৰে ফুৰিও ভাল লাগিব। আস্‌ তাই আজিয়ে থকা-খোৱাৰ বজাৰ কৰিব লাগিব। এপাৰ্টমেণ্টটো ঠিক-ঠাকো কৰিব লাগিব।

‘ঠক্‌ ঠক্‌।’ গাড়ীৰ খিৰিকীত টোকৰ শুনি তুলিকা উচপ খাই উঠিল।

‘ৰায়ান!’ তাইৰ দুচকুত কিছু বিস্ময়!

তাই খপজপকৈ চুইচ টিপি খিৰিকীৰ গ্লাছ নমালে।

‘হাই!’

‘হাই!’

‘তোমাক কথা এটা সুধিবলৈ থাকি গ’ল। সেয়ে আহিলোঁ।’

‘কোঁৱাচোন!’

‘মই লিছা আৰু মাৰ্কৰ কাম আমাৰ কাকতত কভাৰ কৰিছোঁ। তোমাৰো কৰিব পাৰিমনে?’

তাইৰ মনতে খোকোজা লাগিল। আৰম্ভ কৰিছেহে ইয়াত। এতিয়াই বাতৰি-কাকতত উলিয়াব পৰাকৈ কিনো কৰিছে! তাতে মিডিয়া-কেমেৰা এইবোৰৰ সৈতে তাই বৰ অসহজবোধ কৰে।

‘মাৰ্কৰ সৈতে পাতিছিলোঁ। তেওঁ ভাল হ’ব বুলিয়ে ক’লে।’ তাইক কিছু বিবুদ্ধিত পৰা যেন দেখিয়ে হয়তো ৰায়ানে যোগ দিলে।

‘হয় নেকি! মই একেবাৰে নতুন এতিয়াও। ভাৱি চাই জনাম বাৰু।’ তাই যেন কেনেবাকৈ পলাব পাৰিলেই ৰক্ষা পায়!

‘ঠিক আছে। কোনো কথা নাই। সময় লোৱা-পিছত ময়ে আকৌ এবাৰ মনত পেলাই দি ইমেইল কৰিম। তোমাৰ যদি কিবা কাৰ্ড আছে ….’

তুলিকাই মুগাবৰণীয়া পাৰ্ছটোৰ পৰা উলিয়াই তাইৰ কাৰ্ডখন আগবঢ়াই দিলে।

তুলিকা বৰুৱা
কনজাৰভেশ্যন অফিচাৰ, নেচাৰ
এনিছকিলেন, ফাৰমানা

তাৰ তলতে তাইৰ অফিচৰ ইমেইল আইডি আৰু ফোন নম্বৰ। সোঁফালে এজোপা গছৰ ছৱি। পাতবিহীন কিন্তু ঠাল-ঠেঙুলীৰে ভৰা এজোপা পৰিপূৰ্ণ গছ। ট্ৰি অব লাইফ!

‘বনৰীয়া ফুলৰ কাৰ্ড!’ ৰায়ানে কাৰ্ডখনত চকু দি ক’লে।

‘হয়, কাৰ্ডতে গুটিবোৰ সোমাই আছে। কাৰ্ডখন ৰুই দিলে সেই গুটিৰ পৰা বনৰীয়া ফুল গজিব।’ যিমান হেপাঁহেৰে এই কাৰ্ডখন অৰ্ডাৰ কৰিছিল সিমান গৌৰৱ দুচকুত সানি লৈ তুলিকাই ক’লে।

‘এতিয়াইতো ৰুই দিব নোৱাৰোঁ! তাৰ বাবে সময় লাগিব তেন্তে!’

তাৰ উত্তৰত কিনো ক’ব ভাৱি নাপাই তাই নীৰৱ হৈ ৰ’ল। সিও। মাথোঁ দুটামান মুহূৰ্তৰ বাবে৷ কিন্তু তাইৰ ভাৱ হ’ল, এটা যেন যুগ পাৰ হৈ গ’ল৷ সিহঁতৰ মাজত।

‘পিছত তোমাক জনাম তেন্তে।’

‘আকৌ লগ পাম তুলিকা। বাই।’

‘বাই।’

গাড়ীৰ ষ্টাৰ্ট দিও এপলকৰ বাবে তুলিকা থমকি ৰ’ল। দীঘলকৈ উশাহটো টানি লৈ তাই মনটো শান্ত কৰাৰ চেষ্টা কৰিলে। তাইৰ হৃদয়ত কিয়ইবা ইমান উখল মাখল!

ৰেডিঅ’টো পকালে তাই। অহৰহ ব্ৰেক্সিটৰ বাতৰি। টেৰেচা মে’ৰ নতুন ব্ৰেক্সিট চুক্তিয়ে কাৰো সমৰ্থন নাপাই বেয়াকৈ মুখ ঠেকেচা খাইছে। এসপ্তাহৰ পিছতে আজি তেওঁ ঘোষণা কৰিছে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিব।

তুলিকাৰ সেয়া শুনাৰ ইচ্ছা নহ’ল। কেইবাটাও চেনেল পকাই পকাই এটা সময়ত তাই ৰৈ গ’ল ৰেডিঅ’ আলষ্টাৰত। তাত ভাঁহি অহা গেলিক ভাষাৰ সুৰ এটাৰ লগে লগে তাই গাড়ী এৰি দিলে ঘৰলৈ বুলি।

 ফাৰমানা (প্ৰথম খণ্ড)

Friday, 30 June 2023

এলবাৰ্টা ১০৮:তৈলনগৰী ফৰ্ট মেকমাৰিত

পায়ো হেৰুওৱা জীৱন

কানাডাৰ তৈল নগৰী ফৰ্ট মেকমাৰি। এয়াৰপৰ্টৰ পৰা পোনে পোনে মোৰ অফিচলৈকে ৰাওনা হ'লোঁ। টেক্সি চলিবলৈ লওঁতেই ড্ৰাইভাৰজনে স্বগতোক্তি কৰাৰ দৰে ক'লে,

'ইমান নেৰানেপেৰা বৰষুণ!'

গাড়ীৰ খিৰিকীৰে চাই পঠিয়ালোঁ ৰিমঝিম বৰষুণে ধোৱাই নিয়া চহৰখন। সঁচাই, যোৱা সপ্তাহৰ তীব্ৰ ৰ'দ, গ্ৰীষ্মৰ বাঢ়ি অহা উষ্ণতা, বনজুইৰ তাণ্ডৱ সকলো হঠাতে থমকি ৰৈছে। পুনৰ ঠাণ্ডা ঠাণ্ডা ভাৱ এটাই আমনি কৰিছে। এই এলবাৰ্টা প্ৰদেশৰ ৰাতিটোৰ ভিতৰতে ৰূপ সলোৱা বতৰে আকৌ এবাৰ মোক বিভ্ৰান্তিত পেলাই দিছে। 

প্ৰায় দুমাহমানৰ মূৰত পুনৰ ইয়ালৈ আহিছোঁ। একেবাৰে ভিন্ন পৰিস্থিতিত, ভিন্ন কামত। যোৱাবাৰৰ দৰে মোক আগবঢ়াই নিবলৈ মোৰ সহকৰ্মী এৰিন ৰৈ থকাহি নাই। ইতিমধ্যে তেওঁ ইয়াৰ বিষয়বাব এৰি অন্য এক অঞ্চললৈ ট্ৰেন্সফাৰ লৈ গৈছে। গতিকে প্ৰদেশখনৰ প্ৰায় এক পঞ্চমাংশ এলেকা জুৰি থকা এই অঞ্চলটোৰ বন্যজীৱ পৰিচালনাৰ সকলো কাম মই অকলেই গাত পাতি লৈছোঁ।

ফৰ্ট মেকমাৰিৰ প্ৰভিঞ্চিয়েল বিল্ডিং

চহৰখনৰ ডাউনটাউনত জিলিকি আছে প্ৰকাণ্ড 'প্ৰভিঞ্চিয়েল বিল্ডিং'টো। এই বিল্ডিঙতে প্ৰাদেশিক চৰকাৰৰ সকলো বিভাগৰ কাৰ্যালয়। 'পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল' মন্ত্ৰালয় তৃতীয় ফ্ল'ৰত। তালৈ উঠি গৈয়ে লগ পালোঁ প্ৰশাসনিক বিভাগৰ মুৰব্বী টেমীক। টেমীৰ সৈতে অন্য এগৰাকী মহিলা। মোক সম্ভাষণ জনাই টেমীয়ে চিনাকি কৰি দিলে,

'শ্যেলী, এয়া জলি। আমাৰ অফিচৰ জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী। শ্যেলী আমাৰ বিভাগৰে বিত্তীয় মুৰব্বী।জলিয়ে এতিয়া এডমণ্টনৰ পৰা কাম চম্ভালি আছে। কিন্তু এৰিন গ'লগৈ যে- সেয়ে তেওঁ এতিয়াৰ পৰা ঘনাই এই অফিচলৈ আহি থাকিব। প্ৰতিমাহে এটা সপ্তাহ ইয়াৰ পৰা কাম কৰিব।'  

মই থতমত খালোঁ অলপ! বুজিলোঁ যোৱাৰ আগতে এৰিনে তাকে কৈ গৈছে। মই ইয়ালৈ আহি কাম কৰাত যাতে একো অসুবিধা নহয় তাৰো সকলো বন্দবস্ত কৰি গৈছে। তাইৰ প্ৰতি কৃতজ্ঞ হ'লোঁ। কিন্তু চেষ্টা কৰিলোঁ ইয়াৰ কৰ্মচাৰীসকলক যাতে মিছা সপোন দেখুৱাই পিছত হতাশ কৰিব লগা নহয়। পাৰিমনে এই দূৰণিবটীয়া ঠাইখনলৈ আহোঁ বুলিলেই ইমান ঘনাই আহি থাকিবলৈ?

'তেনেকৈয়ে ভাৱি আছোঁ। যিমান দূৰ সম্ভৱ মিলাবলৈ চেষ্টা কৰিম। এইবাৰ আমাৰ প্ৰাদেশিক আৰু কেন্দ্ৰীয় চৰকাৰ আৰু তেল উদ্যোগৰ মাজৰ এখন সভা আছে। সেয়ে মিলাবলৈ সুবিধা হ'ল আৰু।' মই ক'লোঁ।

কথা সামৰি মোৰ অফিচ কোঠা পালোঁহি। আজি মোৰ প্ৰথম দিন ইয়াত! মজলীয়া জোখৰ কোঠাটোৰ একাষে চ্যুটকেছটো থ'লোঁ।  আহল-বহল ডেস্কখনেই বহুখিনি ঠাই লৈছে। দুটাকৈ চেল্ফ। চাৰিওখন দেৱালতে বন্যপ্ৰাণী সম্পৰ্কীয় কেইবাখনো প'ষ্টাৰ। বুজিলোঁ সেয়া এৰিনেই লগোৱা। এটা টাবত যথেষ্ট ডাঙৰ এজোপা জোপোহা। কি চিনিব নোৱাৰাকৈ পাতবোৰ শুকাই গৈছে। আস্‌ এৰিন যোৱাৰ পিছত অযত্নতে মৰিল কিজানি!

কম্পিউটাৰ খুলি লৈয়ো ৰৈ গ'লোঁ। এতিয়াও লান্সৰ বিৰতি চলি আছে। চকীখন ঘুৰাই লৈ কোঠাটোৰ ডাঙৰ খিৰিকীখনেৰে বাহিৰলৈ চাই পঠিয়ালোঁ। 

অফিচৰ খিৰিকীৰে ফৰ্ট মেকমাৰিৰ একাংশ

ইতিমধ্যে বৰষুণ ক্ষন্তেক থমকি ৰৈছে। নিকা হৈ পৰা ৰঙীন পাৰ্কখন জিলিকি উঠিছে। তাৰ কাষেদিয়ে বহল ঘাইপথটো। অফিচৰ সন্মুখত বগা-নীলা বাছৰ লানি।

ইমান ভিন্ন এই ঠাই!

ইমান নতুন!

এই পদবীত যোগ দিয়াৰ আজি প্ৰায় আঠমাহ হৈ গ'ল। তথাপি আজিহে প্ৰথম নিজৰ ঠাইৰ নিজৰ অফিচত বহিলোঁ!

জানিছিলোঁ, মোৰ কাম এই ফৰ্ট মেকমাৰিত। গতিকে অফিচৰ প্ৰথম পছন্দো ইয়াতে। ইয়াত নোৱাৰিলেহে এডমণ্টন। মই দ্বিতীয় ঠাইখন বাচি ল'লোঁ। কেৱল তেল উদ্যোগৰ ভিত্তিত গঢ়ি উঠা এই দুৰ্গম ঠাইত জীৱন এটাৰ কথা ভাৱিবলৈ মোৰ অসুবিধা হ'ল। বিশেষকৈ উত্তৰৰ অতিপাত শীতৰ প্ৰকোপত এনে এখন ঠাইত ছমাহ ধৰি আৱদ্ধ হৈ থাকি স্বাভাৱিক জীৱন এটা কটাব পাৰিম বুলি মনে নামানিলে।

গতিকে এই দুৰ্গম প'ষ্টিঙৰ বাবে আগবঢ়োৱা বহু লোভনীয় ব'নাচ নাকচ কৰি মই থিতাপি ল'লোঁ ৰাজধানী এডমণ্টনত।

আঠমাহৰ পিছত আজি  ইয়াত এনেকৈ ভৰি থৈ মই যেন কিছু বিভোৰ হৈ পৰিলোঁ। 

সেই সিদ্ধান্ত নকৰা হ'লে এয়া মোৰ নিজা অফিচ হ'লহেঁতেন। মোৰ ষ্টাফ সকলো অনলাইন নহৈ একেটা অফিচতে বহিলহেঁতেন। হয়তো বহু লোকৰ সৈতে এটা পেছাগত সম্পৰ্ক গঢ়ি তুলিবলৈকো কিছু সহজ হ'লহেঁতেন। এনে দুৰ্গম অঞ্চলত থকাৰ বাবে চৰকাৰে দিয়া লোভনীয় ব'নাচ আদি মিলাই এটা বিলাসী জীৱন হ'লহেঁতেন।

কিন্তু সেয়া জানো এতিয়াৰ এডমণ্টনৰ জীৱনৰ দৰে হ'লহেঁতেন? জীৱনৰ প্ৰতিটো মোৰেই আমাৰ একো একোটা সিদ্ধান্তৰে ফল নহয় জানো! সমগ্ৰ জীৱন কেৱল কামৰ দায়তে বহু ঠাইৰ বহু জীৱন আকোঁৱালি লোৱাৰ পিছত এতিয়া যে মই নিজকে প্ৰথমে ৰাখিবলৈ শিকিছোঁ! মোৰ এই সিদ্ধান্তই কামত কিছু প্ৰত্যাহ্বান আনি দিছে সঁচা, কিন্তু এটা সুখী আৰু পৰিপূৰ্ণ ব্যক্তিগত জীৱনৰো বাট মুকলি কৰিছে। অন্তত: এই মুহূৰ্তত নিজকে মই তেনেদৰেই বুজনি দিলোঁ।

চিকাৰ আৰু চিকাৰী

অফিচৰ সময়খিনিত প্ৰায়ে বহু ফোন আহি থাকে। কামৰ পৰা মূৰ তুলি প্ৰতিটো ফোন তোলা মোৰ কাৰণে অসম্ভৱ। গতিকে যেতিয়া সময় পাওঁ ভইচমেইলবোৰহে শুনোঁ।

আজিও এফালৰ পৰা ভইচমেইলবোৰ শুনি যাওঁতে এঠাইত ৰৈ গ'লোঁ,

'জলি ব....বহ.বহৰা, মই বহুত দূৰৰ পৰা ফোন কৰিছোঁ। আপোনাৰ চিঠিখন পালোঁ। আপোনাৰ লগত চিকাৰৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ।'

মোৰ উপাধিটো ইমান যত্নেৰেও তেওঁ ক'ব নোৱাৰা দেখি মোৰ হাঁহি উঠি গ'ল।কিন্তু বুজিলোঁ চিকাৰ সম্পৰ্কীয় নীতি-নিয়ম সলনি হোৱাক লৈ দিয়া মোৰ চিঠিখন তেওঁ পাইছে।

এলবাৰ্টাকে ধৰি সমগ্ৰ কানাডাতে চৰকাৰীভাৱে বহনক্ষম চিকাৰ কৰাৰ অনুমতি আছে। ক'ত কি কেতিয়া চিকাৰ কৰিব পাৰি তাৰ নীতি-নিয়ম সকলো চৰকাৰেই বান্ধি দিয়ে। বছৰৰ শেষত চিকাৰীসকলে কি কি চিকাৰ কৰিলে তাৰো হিচাপ চৰকাৰৰ ওচৰত দিব লাগে। গতিকে চিকাৰ আৰু চিকাৰীৰ পৰিচালনা ইয়াৰ বন্যজীৱ পৰিচালনাৰ এটা অন্যতম অংগ।

ফোন ৰিং হওঁতেই চিকাৰীগৰাকীয়ে তুলিলে। নিজৰ চিনাকি দি লৈ ক'লোঁ,

'মেৰী, আপোনাৰ ফোন তুলিবলৈ নহ'ল, বেয়া নাপাব। কওকচোন কি কথা পাতিব খুজিছে।'

গম পালোঁ মেৰী থাকে এলবাৰ্টাৰ একেবাৰে উত্তৰৰ সীমান্তৱৰ্ত্তী অঞ্চলত। ফৰ্ট মেকমাৰিতকৈও বহু দুৰ্গম সেইবোৰ ঠাই। তাত তেওঁৰ আৰু কাষৰীয়া চিকাৰীসকলৰ চিকাৰ সম্পৰ্কীয় বিভিন্ন সমস্যাবোৰ আলোচনা কৰিব বিচাৰিছে।

ইয়াৰ খিলঞ্জীয়া লোকসকলে হাজাৰ হাজাৰ বছৰ ধৰি বহনক্ষম চিকাৰ কৰি আহিছে। আমাৰ উত্তৰ-পূবৰ জাতি-জনজাতিৰ দৰে এই লোকসকলৰ বাবেও চিকাৰ কৰাটো পৰম্পৰাগত জীৱনৰ এটা অংশ। মেৰীয়ে তেওঁৰ চিকাৰ কৰা ঠাই আৰু জ্ঞান দেউতাকৰ পৰা পাইছে। এতিয়া নিজৰ নাতিটোকো তাতে পঞ্জীভুক্ত কৰাব খুজিছে।

মেৰীৰ কথা শুনি শুনি ভাৱিলোঁ, এই বংশানুক্ৰমিক চিকাৰ আৰু চিকাৰীৰ জীৱন সম্পৰ্কে মোৰ যে এতিয়াও বহুত জানিবলৈ বাকী! 

শেষত মেৰীয়ে মোক ক'লে,

'মোৰ এটা অনুৰোধ আছে আপোনালৈ।'

'কওকচোন।'

'আপোনাক ক'লোঁৱে, মোৰ আগতে এই ঠাইতে মোৰ দেউতাই চিকাৰ কৰিছিল। বছৰে বছৰে চিকাৰৰ সকলো হিচাপ চৰকাৰৰ ওচৰত জমা কৰিছিল। কিন্তু নিজৰ জীৱনকালত দেউতাই কেতিয়াও চৰকাৰী বিষয়াগৰাকীৰ মুখেই দেখা নাপাল। আজিলৈকে ময়ো পোৱা নাই। আমাৰ এই চিকাৰ কোনেনো পৰিচালনা কৰি আছে তেওঁক মই আৰু মোৰ চুবুৰীয়া সকলোৱে লগ পাব খোজোঁ। চিকাৰৰ ইটো সিটো সমস্যাবোৰ আলোচনা কৰিব বিচাৰোঁ। আপুনি আমাক লগ কৰিব পাৰিবনে?'

মই যেন কিছু হতভম্ব হৈ পৰিলোঁ। এই চিকাৰীসকল বন্যজীৱ পৰিচালনা আৰু সংৰক্ষণৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ। তেওঁলোকৰ সৈতে এটা পেছাগত সম্পৰ্ক গঢ়ি তোলা দূৰৈৰ কথা, জীৱনকালত যদি এবাৰ লগেই পাব নোৱাৰোঁ তেনে কেনেকৈ কিবা ভাল কাম হ'ব বুলি আশা কৰিব পাৰোঁ?

কিন্তু একেসময়তে জানোঁ, মোৰ বাবে মূৰৰ চুলিৰ সমান কাম ৰৈ আছে। কোনোপধ্যেই বহু কামত মন দিবলৈ সময় বা আহৰি নাই! 

'আপুনি কোৱা কথাটো বৰ গুৰুত্বপূৰ্ণ। মই সকলোখিনি টোকা কৰি লৈছোঁ। পিছে আমাৰ বৰ্তমান কামৰ হেঁচা বৰ বেছি। তাৰপৰা আহৰি ওলালেই লগ কৰাৰ চেষ্টা কৰিম। আপুনি কথাটো বুজিব বুলি আশা কৰিছোঁ।'

মেৰীয়ে বুজিলে। অন্তত: বুজিছে বুলি ক'লে। তেওঁৰ সৈতে কথাখিনি আলোচনা কৰাৰ কাৰণে ধন্যবাদ জনাই  তেওঁ ফোন থ'লে।

মেৰীৰ কথাখিনিয়ে, চিকাৰ আৰু চিকাৰীৰ এই পৃথিৱীখনে সিদিনা মোক বহুপৰলৈ ভাবুক কৰি ৰাখিলে।

ৱান ৱ'মেন আৰ্মি

ৱেষ্টাৰ্ন ছুইটছৰ কনফাৰেঞ্চ হ'ল। ঘুৰণীয়া মেজৰ চাৰিওফালে এগৰাকী এগৰাকীকৈ বিষয়-ববীয়া সকল গোট খাইছেহি। ময়ো সকলোকে সম্ভাষণ জনাই মেজৰ এফালে বহিলোঁগৈ।

প্ৰাদেশিক, কেন্দ্ৰীয় চৰকাৰ আৰু তেল কোম্পানীৰ মাজৰ আলোচনাচক্ৰ এয়া। মূল বিষয় তেল উদ্যোগৰ পৰা চৰাইৰ ওপৰত পৰা প্ৰভাৱ কেনেকৈ নিৰাময় কৰিব পাৰি। এৰিন যোৱাৰ পিছত এই সম্পৰ্কীয় সহযোগিতামূলক প্ৰকল্পটোত এতিয়া কেৱল ময়ে প্ৰাদেশিক চৰকাৰৰ প্ৰতিনিধি।

মনত পৰিল, এই চাকৰিত যোগ দিয়ে পিছৰ মাহত এই আলোচনাচক্ৰলৈ অহাৰ কথা। কোঠাটোত সোমায়ে সিদিনা বাঘৰ চোঙত সোমাই পৰা যেন ভাৱ হৈছিল। ইমানবোৰ বিয়াগোম তেল কোম্পানীৰ বিষয়া! সকলোৱে কৌতুহলেৰে বাট চাই আছিল প্ৰাদেশিক চৰকাৰৰ নতুন বন্যজীৱ বিজ্ঞানীগৰাকীয়েনো কি কয় চাবলৈ।

আজি তেনে ভাৱ নাহিল। সকলোকে প্ৰায় চিনি পোৱা হৈছোঁ। কামবোৰৰ সৈতেও পৰিচিত হৈছোঁ। এইবাৰ মোৰ মূল উদেশ্য প্ৰাদেশিক চৰকাৰৰ মূল বক্তব্য উপস্থাপন কৰা। অতবছৰে ৰৈ যোৱা কামবোৰ আগবঢ়োৱা। উদ্যোগ আৰু প্ৰকৃতিৰ এই যুঁজখনত প্ৰকৃতিৰ হৈ মাত মতা, দুয়োটাৰ মাজত এটা বহনক্ষম সমতা বিচৰা।

লেপটপ খোলোঁতেই দেখোঁ, জেছিকা আহি মোৰ কাষত থিয় দিছেহি।

'হাই জেছিকা, কি খৱৰ?' হাঁহি মাৰি সুধিলোঁ। জেছিকা এই মুলুকৰ আটাইতকৈ প্ৰভাৱশালী তেল কোম্পানীটোৰ প্ৰকল্প নেতৃ।  জেছিকাৰ কোম্পানীৰ এলেকাত বন্যপ্ৰাণীৰ অলেখ-অসংখ্য সমস্যা। গতিকে সেই লৈ আমাৰ মাজতো অলেখ আলোচনা চলি থাকে।

'ভাল, ভাল। তোমাৰ কেনে? তুমি এতিয়া অকলেই গোটেইবোৰ কৰি আছা নেকি?'

মই হোহোৱাই হাঁহি পেলালোঁ। কথাষাৰৰ সুৰটো শুনি ভাৱ হ'ল যেন এই যুঁজৰ দুটা ভিন্ন পক্ষৰ সেনাপতি আমি। জেছিকাই যেন জুখিহে চাব খুজিছে আমাৰ পক্ষৰ ভিতৰুৱা ৰূপটো। ময়ো হয়তো সেই ভাৱেৰেই উত্তৰ দিলোঁ,

'নাই নাই, মোৰ টিমৰ সকলোৱে সহায় কৰে। এৰিনৰ ঠাইত নতুন এগৰাকী বন্যজীৱ বিজ্ঞানীও নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।' 

ক'লোঁ যদিও মোৰ নিজকে ভিতৰি ভিতৰি ৱান ৱ'মেন আৰ্মি যেন লাগিল। কিন্তু বহু হেঁচাত দোঁ খাই হাওলি পৰিলেও যেন সেই সাহসী মুখাখন পিন্ধি থাকিবই লাগিব, যুঁজি থাকিবই লাগিব। সেয়া যেন এই যুঁজৰ প্ৰথম চৰ্ত!

পিছৰ সকলো আলোচনাতে মই নিজৰ অজানিতেই যেন 'মই'ৰ সলনি 'আমি' ক'বলৈ ধৰিলোঁ। 

ভালুকৰ দেশত দৌৰ

অৱশেষত বৰষুণজাক এৰিল। উজ্বল ৰ'দজাকে পলকতে আকৌ গৰমৰ দিনবোৰ আনি দিলে। এতিয়া দিনবোৰ বৰ দীঘল। নিশা দহমান বজাতহে চিকিমিকি আন্ধাৰ নামে।

আলোচনাচক্ৰৰ শেষত সিদিনা ভাগৰুৱা দেহ-মন লৈও দৌৰিবলৈ ওলাই আহিলোঁ। মোৰ এসপ্তাহৰ এপাৰ্টমেণ্টৰ কাষতে বাৰ্চ উড নামৰ এখন অৰণ্য। ফৰ্ট মেকমাৰিত চহৰৰ ইমান কাষতে এইখনেই একমাত্ৰ অৰণ্য।

ঘৰৰ পৰা ওলোৱাৰ আগতে কঁকালৰ বেল্টত ওলোমাই ল'লোঁ বিয়েৰ স্প্ৰেটো। ইয়ালৈ আহিম বুলি কওঁতেই সহকৰ্মী ব্ৰেটে কৈছিল, 'স্প্ৰে নোলোৱাকৈ হাবিত নোসোমাবা দেই। এতিয়া গৰম দিন- য'তে ত'তে ভালুক ওলাব পাৰে।'

তাকে কৈ ক্ষান্ত নাথাকি ব্ৰেটে স্প্ৰে দুটা কিনি লৈ ফৰ্ট মেকমাৰিৰ অফিচলৈ আগতীয়াকৈ পঠায়ো দিলে।

হাবিতলীয়া বাটেৰে ইয়াৰ আগতেও বহুত দৌৰিছোঁ। কিন্তু বিয়েৰ স্প্ৰে লৈ দৌৰাৰ আজি প্ৰথম অভিজ্ঞতা। বাটৰ দুয়োকাষৰ বাৰ্চ গছবোৰৰ সেউজীয়াই মনটো জুৰ পেলাই দিলে। যোৱা কেইদিনৰ কামৰ ভাগৰো যেন আঁতৰি গ'ল। ইমান অপৰূপ, ইমান নিজান এই ঠাই!

ফৰ্ট মেকমাৰিৰ বাৰ্চ উড ট্ৰেইল

কিন্তু যিমানেই হাবিৰ ভিতৰলৈ সোমালোঁ, সিমানেই মোৰ মনটো অৰণ্যৰ সেউজীয়া বা চৰাইৰ কাকলিৰ সলনি ভালুকৰ সৈতে হ'ব পৰা দেখা-সাক্ষাতৰ সম্ভাৱনাটোৱেহে বন্দী কৰি থ'লে। খোজ কাঢ়িলে অন্তত: লাহে লাহে সাৱধানেৰে চাই যাব পাৰি। দৌৰি যাওঁতে যেন হঠাৎ মুখতেই পৰিমগৈ।

তথাপিও দৌৰি থাকিলোঁ। মাজে মাজে বিয়েৰ স্প্ৰেটোত হাত দি থাকিলোঁ। 

এটা কেঁকুৰিত হাবিৰ মাজত কিবা এটা দেখা পাই ঘপকৈ ৰৈ গ'লোঁ!

আহ, ভালুকেই নেকি সেইটো! জোপোহাৰ মাজত যেন বহি আছে।

ভালকৈ চাই দেখোঁ, নহয়। সেইটো গছৰ মুঢ়াহে!!

এইবাৰ ঠিক কৰিলোঁ, এনেকৈ ইমান ভয়-আশংকাৰে দৌৰিব নোৱাৰি দেই! সেয়ে হাবিৰ মাজৰ পৰা ওলাই সীমাৰ ট্ৰেইলত উঠিলোঁ। সেইখিনি ঠাই যথেষ্ট মুকলি। সোঁকাষে অটব্য অৰণ্য যদিও বাওঁফালে মুকলি ঘাঁহনি। সেইপিনেই চহৰখন আৰম্ভ হৈছে। বুজিলোঁ সেইফালে ভালুকবোৰ গ'লে যাতে সহজে চকুত পৰে তাৰ বাবেই এই ব্যৱস্থা। ঘাঁহনিত সৰু ল'ৰা-ছোৱালীবোৰে খেলিছে। মাক-দেউতাকে মোৰ দৰেই ট্ৰেইলত খোজ কাঢ়িছে, কিছুমানে দৌৰিছে।

বাৰ্চ উডৰ সীমামূৰীয়া ট্ৰেইল

আগতকৈ যথেষ্ট সকাহেৰে এইবাৰ সেই বাটেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।

********************

সপ্তাহৰ শেষৰ দিনটোত টেমীয়ে মোক এয়াৰপৰ্টত নমাই গ'লহি। বিদায় দিয়াৰ পৰত ক'লে,

'তেন্তে পিছৰবাৰ অহাৰ আগেয়ে জনাবা, তুমি থাকোঁতেই আমি সমজুৱাকৈ অফিচত এসাঁজ খাম।'

'নিশ্চয়!' এইবাৰ  প্ৰথমদিনাতকৈ যথেষ্ট প্ৰত্যয়েৰে মই ক'লোঁ।

যেন এসপ্তাহৰ ভিতৰতে মোৰ বিশ্বাস এটা আহিছে। এডমণ্টন আৰু ফৰ্ট মেকমাৰি- দুয়ো ঠাইৰ দুয়োটা ভিন্ন জীৱন মই ভিন্ন উপায়েৰে আকোঁৱালি লোৱাৰ যেন এটা বাট মুকলি হৈছে। 

পূৰ্বৰ খণ্ডসমূহ:

Sunday, 11 June 2023

এলবাৰ্টা ১০৭: এডমণ্টনত গ্ৰীষ্ম

 (ক) দেশ-বিদেশ

ব'নী ডুন কমিউনিটি চেণ্টাৰ। শনিবাৰৰ ৰাতিপুৱা যদিও ৰ'দজাক চোকাকৈ ওলাইছে। ইয়াত জাৰৰ প্ৰকোপ যেনে গ্ৰীষ্মৰো তেনে। হঠাতে পৰা গৰমৰ প্ৰতাপত মানুহবোৰ খপজপকৈ যেন সাজু হৈছে। পাহৰি পেলাইছে বৰফাবৃত শীতৰ দিনবোৰৰ কথা। বৰফ গলি মুকলি হৈ পৰা চোতালত ফুলনি আৰু শাকনি পাতিছে। পুৱাই বাটে বাটে দৌৰা, চাইকেল চলোৱা মানুহে ভিৰ লগাইছে। এই দিনবোৰে আনি দিয়া সজীৱতাখিনি আকোঁৱালি লৈয়ে ময়ো আজি ছুইমিং পুলত।

এডমণ্টনৰ চুবুৰীয়ে চুবুৰীয়ে থকা কমিউনিটি চেণ্টাৰবোৰৰ দৰেই এই চেণ্টাৰতো পৰিয়াল-বন্ধু বান্ধৱৰ সৈতে খেলা, ব্যায়াম বা সাঁতোৰাৰ অনেক ব্যৱস্থা। যোৱা কেইমাহমানৰ পৰা ইয়াৰ ছুইমিং পুললৈ আহিবলৈ লৈছোঁ। শিকোঁ শিকোঁ বুলিও ৰৈ যোৱা সাঁতোৰ শিকিবলৈ প্ৰতি সপ্তাহে চেষ্টা কৰিছোঁহি। 

আজিও পোনেই গৈ লেন'ত নামিলোঁ। অন্যদিনাৰ দৰে বেছি ভিৰ নাই। মোৰ গগলছ লগাই লৈ লাহে লাহে সাঁতুৰি আগবাঢ়িলোঁ। ওপৰলৈ মুখ কৰি চিত হৈ দিয়া চিলনী সাঁতোৰ ঠিকেই শিকিছোঁ। কিন্তু পুলৰ সিপাৰৰ দ' অংশলৈ যাবলৈ এতিয়াও সাহস হোৱা নাই। সেয়ে সাঁতুৰি গৈ পুলৰ ঠিক মাজ পায়ে ৰৈ গ'লোঁ। লেন ভাগ কৰা চিনটোৰ একাষে থমকি ৰৈ ভাৱিলোঁ, 

'গৈ চাওঁ নেকি আজি? লাইফগাৰ্ডবোৰতো ঘুৰিয়ে ফুৰে। সাঁতুৰিব নোৱাৰিলে ধৰিব নহয়!'

'হাই!' কাষতে মাতটো শুনি চক খাই উঠিলোঁ। 

সিমূৰৰ পৰা সাতুঁৰি আহি আহি ঠিক মোৰ কাষতে ৰৈ গৈছেহি এজন ডেকা ল'ৰা। লনী দেহৰ ল'ৰাজনৰ ৰঙচুৱা কেকুঁৰা চুলি, ৰঙচুৱা দাড়ি- যাক ইয়াত কয় আদাবৰণীয়া (জিঞ্জাৰ) বুলি।

কি ক'লে ধৰিব নোৱাৰি গগলছযোৰ খুলি লৈ মুখৰ পানীখিনি টুকি লৈ ক'লোঁ, 'ছ'ৰি, কিবা কৈছিল?'

'তুমি ফিলিপিন' নেকি?' তেওঁ কৌতুহলেৰে মোলৈ চাই থাকি সুধিলে।

'নহয়, মই ভাৰতীয়।' কৈ ভাৱিলোঁ আৰু কিবা ব্যখ্যা দিমনে! 

এই প্ৰশ্নটোৰ উত্তৰ দি দি কেতিয়াবা আমনি লাগি যায় মোৰ। মোৰ মংগোলীয় ঠাচৰ চেহেৰা বহুতে ভাৰতীয় বুলি অনুমানেই কৰিব নোৱাৰে। আনকি ভাৰতীয় মানুহেও সেই ভুল কৰে। সাধাৰণতে মই নিজে ঠিক কৰি লোৱা নিয়মটো হ'ল, ভাৰতৰ বাহিৰৰ মানুহ হ'লে ক'ম ভাৰতৰ বৈচিত্ৰ্যৰ কথা- উত্তৰ-পূব কোণত থকা মানুহবোৰৰ কথা, তাৰ থলুৱা কলা-সংস্কৃতিৰ কথা। যেন বিদেশী চিনাকি-অচিনাকি মানুহবোৰক অসমৰ বিষয়ে জনোৱাৰ সেয়া এক সোণালী সুযোগ বুলিয়ে গ্ৰহণ কৰিব খোজো।

কিন্তু ভাৰতীয় হ'লে মোৰ অসমীয়া জাতীয়তাবাদে আৰু আত্মসন্মানবোধে বাট ভেঁটা  দি ধৰে। নিজৰ দেশৰ বিষয়ে জনাটো সকলোৰে কৰ্তব্য নহয় জানো? বিচাৰিলে নিজেই ভূগোল-ইতিহাস-গুগুল চাই অসমৰ বিষয়ে শিকি ল'ব। কোনো ভাৰতীয়ক সেইবিষয়ে মই নিজে ক'বলৈ নাযাওঁ। সেইটো যেন মোৰ সন্মানত আঘাত লগা কথা।

কিন্তু এই আদাবৰণীয়াক কি কোৱা যায়? মই ঠিক কৰাৰ আগেয়ে তেওঁ ক'লে,

'তোমাৰ মা-দেউতা কোনোবা ফিলিপিন' নেকি?'

'নহয়।' ইচ্ছাকৃতভাৱেই মই তাতোকৈ বেছি একো নক'লোঁ। চাওঁচোন এওঁ কথা কিমান দূৰলৈ টানে!

'সঁচাই? তুমি ফিলিপিনছ'ত থাকিছা নেকি কেতিয়াবা?'

এইবাৰ মোৰ ধৈৰ্য্য হেৰাল! মুঠতে তেওঁ যে মোক ফিলিপিন' বুলি অনুমান কৰিলে কিবা-প্ৰকাৰে হ'লেও তাৰ প্ৰতিপাদন (ভেলিদেশ্য'ন) লাগে যেন।

'নহয়, মোৰ ফিলিপিনছ'ৰ লগত একো সম্পৰ্ক নাই। মাথোঁ দেখাত মই তেনে। মানুহে মোক প্ৰায়ে ভুল কৰে ফিলিপিন' বুলি!'

এইবাৰহে তেওঁ সন্তুষ্ট হ'ল যেন। কেৱল তেৱেঁ নহয়, বহুতে কৰে সেয়া। 

বহুতে!

পিছৰ সপ্তাহত পুনৰ সেই একেই কমিউনিটি চেণ্টাৰ। একেই ছুইমিং পুল। পানীৰ এই নতুন পৃথিৱীখনে মোৰ দেহ-মন যেন সজীৱ কৰি আনিছে। এটা নতুন নিচাৰ দৰে হৈ পৰিছে এই পানীৰ খেলা। পিছে এইবাৰো সিমূৰৰ দ' অংশলৈ যোৱাক লৈ মোৰ একেই গুণাগথা চলিল।

লাইফ জেকেট পিন্ধি যাওঁ নেকি?

নাই সাঁতুৰিব পাৰোঁৱে দেখোন। লাইফ জেকেট পিন্ধি গ'লে সাঁতোৰা যেনেই নালাগিব!

এনেতে মোৰ কাষৰ মহিলাগৰাকীয়ে কিবা এষাৰ কোৱা যেন লাগিল। ঘুৰি চাই দেখোঁ, মংগোলীয় মুখৰ দুগৰাকী মধ্যবয়সীয়া মহিলা। মই চোৱা দেখি প্ৰথমগৰাকীয়ে একেষাৰকে আকৌ দোহাৰিলে। এইবাৰ বুজিলোঁ, তেওঁ মেণ্ডেৰিন ভাষাত কথা কৈছে!মোৰ চীনা বন্ধু-বান্ধৱৰ মুখত শুনি শুনি সেয়া যে মেণ্ডেৰিন ধৰিবলৈ অসুবিধা নহ'ল।

'আপুনি কি কৈছে মই একো বুজিব পৰা নাই।' ইয়াৰ পিছৰ কথোপকথন কেনেকৈ যাব জানিও নজনাৰ দৰেই ক'লোঁ।

এইবাৰ তেওঁ আচৰিত হৈ ইংৰাজীত ক'লে,

'তুমি চাইনিজ নহয় জানো?' 

'নহয়, মই ভাৰতীয়।' শুনিয়ে তেওঁৰ দুচকু বহল হৈ পৰিল। দুয়ো মহিলাই খুকখুকাই হাঁহি পেলালে। মই হাঁহিত হাঁহি মিলাই লৈ এইবাৰ পানীত জাপ দিলোঁ।

সেইবোৰৰ পৰা মন আঁতৰাই এইবাৰ বৰ একমনে পুলৰ দ' অংশলৈ বুলি আগবাঢ়িলোঁ। 'এইবাৰ পাৰিমেই! পাৰিমেই' বুলি মনতে আওৰাই আওৰাই সাঁতুৰি গৈ থাকিলোঁ।

আৰু তেনেকৈয়ে আজি তিনিমাহৰ চেষ্টাৰ অন্তত নিজেই সাঁতুৰি পুলৰ সিপাৰ পালোঁগৈ! 

সিপাৰৰ সীমা চুই সন্তুষ্টি আৰু গৌৰৱেৰে যেন মনটো ভৰি পৰিল। ইয়ালৈ প্ৰথম অহাৰ দিনা একঁকাল পানীতে ডুবিম বুলি ভয় খাইছিলোঁ! শৈশৱৰে পৰা মোক কাবু কৰি ৰখা সেই অহেতুক ভয়ে আজিৰ পৰা সঁচাই মোৰ পাছ এৰিব! কি এক মুকলি বিজয়ীৰ অনুভৱে যেন মোক বুৰাই পেলালে। অকলে অকলেই হাঁহি পেলালোঁ।

'তুমি ক'ল'ম্বিয়ান নেকি?' 

আহ্‌ আজি কিহে পালে মোক? এইবাৰ আকৌ কোন ওলাল? চাই দেখোঁ সীমাৰ এটা কোণত মোৰ ফালে থৰ লাগি চাই আছে এজন মংগোলীয় ঠাচৰ ব্যক্তিয়ে।

মনটো অলপ ৰেঙালে। তথাপিও ক'লোঁ, 'নহয়, মই ভাৰতীয়।'

'আহ, তুমি মোক বাৰুকৈয়ে মূৰ্খ সাজিলা দেই!'

'যি দেখিছোঁ, মই বহুত মানুহকেই এইটো কথাত মূৰ্খ সাজোঁ।' মোৰ মাতত কিছু তিক্ততা।

'ঠিকেই ঠিকেই, ভাৰত বহুত ডাঙৰ আৰু বৈচিত্ৰ্যময় নহয় জানো! তুমি কিজানি উত্তৰ-পূবৰ পৰা আহিছা?'

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। ক'লোঁ, 

'হয়, মই অসমৰ। উত্তৰ-পূবৰ বুলি আপুনি কেনেকৈ জানিলে?'

'মই মোৰ ভূগোল জানো।' তেওঁ হাঁহি হাঁহি ক'লে।

'মই ইম্প্ৰেছড! আজিলৈকে কিমান মানুহে যে মোক এই প্ৰশ্নটো সুধিছে। কোনেও কিন্তু ভাৰত বুলি কোৱাৰ পিছতো এনেকৈ ক'ব পৰা নাই।'

এইবাৰ তেওঁ কিছু গহীনভাৱে ক'লে, 'তাত ইম্প্ৰেছড হ'বলগীয়া একো কথা নাই। মই ভিয়েটনামিজ, আমেৰিকান নহয়। আমেৰিকানবোৰহে ভূগোলত কেঁচা। সিহঁতে নিজৰ দেশখন আৰু বন্ধুকৰ বাহিৰে বাকী একো চিনি নাপায়!'

মোৰ মুখ মেল খাই গ'ল। কথাষাৰত বৰ্ণবাদৰ সুৰ নিহিত হৈ থাকিলেও তাৰ সততাখিনিও যেন নুই কৰিব নোৱাৰিলোঁ। 

তেওঁৰ কথাত হয়ভৰ দিয়ে মই আকৌ পুনৰ পুলৰ সিটো পাৰলৈ বুলি পানীত হাত-ভৰি মেলি দিলোঁ।

এডমণ্টনত গ্ৰীষ্ম

(খ) বিদেশত আপোন মানুহ 

এডমণ্টনত শীতে মেলানি মগাৰ পৰতে এদিন ফে'চবুকত এটা প'ষ্ট দেখা পালোঁ। 

এডমণ্টনত ৰঙালী বিহু! 

লগে লগে কোনে ক'ত পাতিছে খুঁচৰিলোঁ। যোৱাৰ ইচ্ছা আছে বুলি কোৱাৰ লগে লগে এডমণ্টনৰ এগৰাকী অসমীয়াই ফোন কৰিলে। 

বাচ্‌ তেনেকৈয়ে সকলো ঠিক হৈ গ'ল! ব'হাগৰ প্ৰথম দিনটোত গৈ লগ পালোঁ এডমণ্টনত থিতাপি লোৱা বহু ন-পুৰণি অসমীয়া। পিঠা-পনা-জলপানেৰে বিহু খালোঁ। সকলোৰে লগত থিয় দি 'অ' মোৰ আপোনাৰ দেশ' গালোঁ, দুপাকমান বিহুও নাচিলোঁ। দিনটোৰ শেষত ভাৱেই নহ'ল যে সকলোকে সেইদিনাহে প্ৰথম লগ পাইছোঁ, ভাৱেই নহ'ল সেই দিনটো অসমত নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰে কানাডাত আছোঁ!

তাৰপিছৰে পৰা যেন এডমণ্টনত মোৰ জীৱনৰ সুঁতিত এটা নতুন জোৱাৰ আহি পৰিল। প্ৰায়ে অসমীয়া সমাজৰ ইজন-সিজনৰ সৈতে লগ কৰা হ'লোঁ। ইফালে-সিফালে যোৱা হ'লোঁ। বহুদিনীয়া চিনাকিৰ দৰেই ময়ো সোনকালেই যেন সকলোৰে মাজৰ এজন হৈ পৰিলোঁ।

কৰ্মসূত্ৰে আজি প্ৰায় পোন্ধৰ বছৰ অসমৰ বাহিৰত আছোঁহি। ভাৰত বা বিদেশতো ক'তো কেতিয়াও এনেকৈ অসমীয়া সমাজ এখন পোৱা নাছিলোঁ। পোৱাৰ আশাও কৰা নাছিলোঁ। যেন লাহে লাহে গ্ৰহণ কৰি লৈছিলোঁ অসমৰ সৈতে মোৰ সম্পৰ্ক কেৱল অনলাইন কথা-কাম  আৰু বছৰেকীয়া 'ঘৰলৈ যোৱা' পৰ্বতে সীমাবদ্ধ।

এডমণ্টনৰ অসমীয়া সমাজে হঠাতে সেই বদ্ধমূল ধাৰণাবোৰ যেন মোহাৰি পেলালে! বিভিন্ন সময়ত অসমৰ পৰা আহি ইয়াত থিতাপি লোৱা ভিন্ন বয়সৰ অসমীয়া সকল যেন এক সমন্বয় আৰু বিবৰ্তনৰ চানেকি হৈ ধৰা দিলেহি মোৰ আগত। আমি সকলোৱেই হয়তো সাত সাগৰ তেৰ নদীৰ সিপাৰে এই নতুন জীৱনত ভিন্ন ৰূপত বিবৰ্তনৰ  বাট বুলিছোঁ। কিন্তু দুয়ো ঠাইৰ জীৱন-ধাৰা আৰু সংস্কৃতিৰ সমন্বয়ৰ মাজতো আমাৰ সকলোৰে সিৰাই সিৰাই বৈ আছে অসমীয়াৰ তেজ।

সেইবাবেই মোৰ এডমণ্টনৰ দৈনন্দিন জীৱনত নতুনকৈ যোগ হ'ল সৰু সৰু সুখবোৰ। 

অসমীয়াত কথা পতাৰ সুখ। 

অসমৰ কথা পতাৰ সুখ। 

অসমীয়া খাদ্যক লৈ, গানক লৈ নষ্টালজিক হৈ পৰাৰ সুখ। 

বিদেশী বন্ধু-বান্ধৱৰ সৈতে পাতিলে বহু কথাত কৰি অহাৰ দৰে কোনো ব্যখ্যাৰ প্ৰয়োজন নোহোৱাকৈ ভাল লগাবোৰত হঁহাৰ, বেয়া লগাবোৰক লৈ বিষাদগাৰ কৰিব পৰাৰ সুখ। ঘড়ীৰ কাঁটাৰ লগত চলাত অভ্যস্ত হৈ পৰা জীৱনটোত 'আহা এনেয়ে আড্ডা মাৰোঁ' বুলিলেই গৈ ওলোৱাৰ সুখ।

জীৱনত প্ৰথমবাৰৰ বাবে মোৰ প্ৰিয় দুখন ঠাই কানাডা আৰু অসম একেলগে পোৱাৰ সুখ!

বিহুত এডমণ্টনৰ অসমীয়া (ফটো: মণীষ)

(গ) লেখকৰ আড্ডা

ৰিমেডী কেফে। অন্যদিনাৰ দৰেই কেফেখনৰ একোণত দীঘল টেবুলখনত সকলোৱে নিজৰ নিজৰ লেপটপ উলিয়াই লৈছে। দহগৰাকীমান চিনাকি-অচিনাকি মানুহৰ মুখ। নতুন কেইগৰাকীমানে সোমায়ে কিছু ইতস্ততভাৱে সুধিছেহি,

'এইটোৱে লেখকৰ মীট আপ নহয় জানোঁ?

'হয়, হয়। সোমাই আহা।'পুৰণি সদস্য এগৰাকীয়ে মাত দিছে।

চাহ-কফিৰ পিয়লাবোৰ লৈ সকলো বহে মানে আয়োজক ডায়েনাই চিনাকি দিবলৈ আৰম্ভ কৰিছে,

'মই ডায়েনা। এই মীট আপৰ আয়োজক। আমি দেওবাৰে এনেকৈ লগ হওঁ, চমূকৈ চা-চিনাকি দিওঁ আৰু দুঘণ্টা লিখোঁ। সেইকাৰণে আমাৰ আড্ডাৰ নাম- 'জাষ্ট ৰাইট'। এতিয়া এজন এজনকৈ আপোনালোকৰ চিনাকিও দিয়কচোন।'

নতুন-পুৰণি মুখবোৰে চিনাকি দিবলৈ আৰম্ভ কৰিলে। কোনোবাই কল্পবিজ্ঞানৰ কাহিনী লিখিছে, কোনাবাই কবিতা, কোনোবাই আকৌ পূৰ্বে প্ৰকাশিত নিজৰ গ্ৰন্থখনৰ পুনৰ সংকলনৰ কাম কৰিছে। সকলোৱে বিচাৰি আহিছে, দুঘণ্টা ধৰি কিবা এটা লিখাৰ বাবে কিছু প্ৰেৰণা।

মোৰ পালো পৰিল। ক'লোঁ,

'মই এই এলবাৰ্টা প্ৰদেশত নতুন। গতিকে শেহতীয়াকৈ ইয়ালৈ আহি হোৱা অভিজ্ঞতাবোৰকে লিখি আছোঁ।'

'তুমি আমাৰ এই লেখকৰ আড্ডাৰ কথাও লিখিবা নেকি তেনে?' আগতে কেইবাবাৰো লগ পাই চিনাকি হৈ পৰা শ্বেনে হাঁহি হাঁহি মোক সুধিলে।

'হয়, লিখিম। মই এই লেখকৰ আড্ডাতে বহি লেখকৰ আড্ডাৰ কাহিনী লিখিম এদিন।' 

গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। ডায়েনাই তাৰ মাজতে ক'লে,

'কিন্তু নতুন কেইগৰাকীয়ে হয়তো নাজানে, জলিয়ে অসমীয়াতহে লিখে। গতিকে আমাৰ দাবী হ'ল, তুমি এদিন অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি শুনাবা কিনো লিখিছা।'

মই হাঁহি হাঁহি মুৰ দুপিয়ালোঁ। কিন্তু প্ৰতিশ্ৰুতি নিদিলোঁ। সেয়া যে ভৱিষ্যতৰ কথা! বৰ্তমান মোৰ কাহিনীৰ পাঠক কেৱল অসমীয়া!

(ঘ) ডাক্তৰ টাৰিক 

ডাক্তৰ টাৰিকৰ চেম্বাৰত। মোৰ ফেমিলি ডাক্তৰ। মোৰ সকলো অসুখ-বিসুখ, স্বাস্থ্যসম্পৰ্কীয় কথাৰ ভৰসা! মোক দেখিয়ে তেওঁ স্বভাৱসূলভ হাঁহিটো মাৰি ক'লে,

'আৰে, বহুদিনৰ মূৰত তোমাক দেখা পালোঁ। কি খৱৰ?'

'ভাল ভাল। আপোনাৰ কেনে? খুউব ব্যস্ত যেন দেখিছোঁ।'

'মোৰো ভাল। ডাক্তৰ মানুহৰ জানো ব্যস্ততা কমিব!'

ডাক্তৰ টাৰিক মূলত: মধ্য-পূব দেশীয়। মানুহজনক প্ৰথম লগপোৱাৰে পৰা মোৰ সহৃদয়তা গঢ়ি উঠিছে। আজিও তেওঁ বৰ আন্তৰিকতাৰে খা-খৱৰ ল'লে। 

মোৰ নৈমিত্তিক ঔষধখিনি প্ৰেছক্ৰিপশ্যনত লিখি থকাৰ মাজতে তেওঁ সুধিলে,

'কেনে পাইছা এডমণ্টন? গৰমদিন বোৰ কেনে হয় জানো ইয়াত?

'ময়ো তাকে চাবলৈ ৰৈ আছোঁ। এডমণ্টনত মোৰ এয়াই প্ৰথম গ্ৰীষ্ম। আমি দুয়ো একেসময়তে এডমণ্টনলৈ আহিছিলোঁ, মনত আছেনে আপোনাৰ?'

তেওঁ হাঁহি হাঁহি ক'লে, 'আছে আছে। কিয় নাথাকিব। জাৰৰ প্ৰকোপত কি অৱস্থা হৈছিল সেইয়াও মনত আছে।'

ঠিকেই, শেষৰবাৰ এডমণ্টন বৰফে ঢাকি থোৱাৰ পৰত এবোজা উমাল কাপোৰ মেৰিয়াই মই তেওঁক লগ কৰিবলৈ আহিছিলোঁ। দুয়ো মিলি ইয়াৰ অতিপাত ঠাণ্ডাক লৈ বিষাদগাৰ কৰিছিলোঁ। মোৰ ঠিকেই মনত পৰিল।

যোৱাৰ পৰত দুৱাৰলৈকে আগবঢ়াই থৈ ডাক্তৰ টাৰিকে ক'লে,

'তোমাক আগতকৈ বহুত ভাল দেখিছোঁ জলি। সুখী দেখিছোঁ।'

'থেংক ইউ।' মোক যেন এছাটি সুকোমল বতাহে জোকাৰি গ'ল। ডাক্তৰ টাৰিক যেন হঠাতে মোৰ জীৱনৰ এটা প্ৰসংগ বিন্দু হৈ দুচকুত ধৰা দিলে!

যোৱাবাৰ তেওঁক লগ কৰিবলৈ আহোঁতে কি এক যুঁজত ব্যতিব্যস্ত হৈ আছিলোঁ ! ভেনকুভাৰত এৰি অহা জীৱনটোৰ স্মৃতিয়ে ম্ৰিয়মাণ কৰি থৈছিল মোক। এই নতুন চহৰৰ শীতৰ তাণ্ডৱ আৰু নতুন চাকৰিৰ প্ৰত্যাহ্বানবোৰে চেপি ধৰিছিল যেন। যোৱাবাৰ ডাক্তৰ টাৰিকক লগ কৰিবলৈ আহিছিল মোৰ ঠাইত এক ক্লান্ত যুঁজাৰু!

মাথোঁ কেইটামান মাহৰ পিছতে জীৱনে যেন পুনৰ খোপনি পুতিছে এই নতুন চহৰত। হেঁপাহৰ এখন ঘৰ হৈছে। এই চহৰৰ চুকে কোণে ভালপোৱা বহু নতুন ঠাই হৈছে। ভালপোৱা বহু কাম আৰম্ভ হৈছে। ভালপোৱা এখিনি মানুহ হৈছে। ভেনকুভাৰক বুকুৰ একোণত লৈও এডমণ্টনৰ এই জীৱন ভাল পাবলৈ, মনৰ হেঁপাহেৰে উপভোগ কৰিবলৈ শিকিছোঁ -নতুনকৈ!

এনেকৈয়েতো জীৱনে নতুন মোৰ লয়। বাট দেখুৱাই লৈ যায়- নতুন আপোনত্বৰ, নতুন সপোনৰ, সুখ আৰু পৰিপূৰ্ণতাৰ।

পূৰ্বৰ খণ্ডসমূহ:

Thursday, 1 June 2023

উপন্যাস: ফাৰমানা (সপ্তম খণ্ড)

বগা ৰঙৰ কাঠৰ জপনাখন খুলি লৈ তুলিকা সোমাই গ’ল। সন্ধিয়া সাত বাজিছে যদিও এতিয়াও বেলি ডুবা নাই। আয়াৰলেণ্ডলৈ গ্ৰীষ্ম নামিছে। তাৰ লগে লগে বেলি ডুবাৰ সময়ো প্ৰতিদিনে অলপ অলপকৈ পিছুৱাই গৈ আছে। প্ৰথম লণ্ডনলৈ আহি এই কথাটো লৈ তুলিকাৰ আশ্চৰ্য্যৰ সীমা নাছিল। গ্ৰীষ্মৰ দিনকেইটাত প্ৰায় প্ৰতিদিনেই তাই ৰ’ লাগি চাইছিল নিশা দহমান বজালৈকে পশ্চিমৰ আকাশত জিলিকি ৰোৱা বেলিটোলৈ। তাকে লৈ বিদ্যুতে যে কিমান ৰগৰ কৰিছিল!

দুৱাৰত টোকৰ মাৰি তুলিকাই মুগ্ধ দৃষ্টিৰে চাৰিওফালে চালে। সন্মুখৰ চোতালখনত এথোপা হালধীয়া ডেফ’ডিল ফুল জকমকাই ফুলিছে। তাৰ কাষতে ভায়’লা ফুলৰ বেঙুণীয়া আৰু ডেইজীৰ সৰু সৰু বগা ফুলৰ দলিচা। ঘৰটোৰ বাওঁকাষে চোতালখন বহল হৈ গৈ পাছচোতালৰ লগত মিলিছেগৈ। সেইখিনিতে এটা আহল বহল গ্ৰীন হাউচ। ঘৰৰ সীমাৰ সিপাৰে শাৰী শাৰী মুকলি পথাৰ। দিগন্তত এলানি নীলিম পাহাৰ। আয়াৰলেণ্ডৰ এই অপূৰ্ব গ্ৰামীণ ৰূপটোৱে যেন তাইৰ মনলৈ অসমীয়া গাঁৱৰ প্ৰতিচ্ছ্বৱিখনকে আনি দিলে। পৃথিৱীৰ দুটা ভিন্ন প্ৰান্তত দুখন ঠাই। অথচ সেই একেই স্নিগ্ধ আৰু প্ৰশান্তিময় ৰূপ।

‘হেল্ল’! তুলিকা! আহা আহা, সোমাই আহা। তোমাৰ কাৰণেই বাট চাই আছোঁ।’ দুৱাৰ খুলিয়ে লিছাই মাত দিলে। লিছাৰ লগে লগে মেকুৰী এটাৰ এযুৰি সেউজীয়া চকুৱে দুৱাৰমুখত ধৰা দিলেহি।

‘এয়া অলিভ!’ লিছাই চিনাকি কৰি দিলে।

‘হাই অলিভ!’

তুলিকাই হাউলি লৈ লাহেকৈ অলিভৰ কিচকিচিয়া ক’লা নোমাল গাটোত হাত বুলাই দিলে। লগে লগে অলিভৰ কোমল চকুযুৰি মুদ খাই আহিল।

‘বৰ মৰমলগা মেকুৰী!’ লিছালৈ চাই তাই ক’লে।

লিছাৰ পিছে পিছে তুলিকা আৰু অলিভ দুয়ো সোমাই গ’ল। বহাকোঠাৰ একাষে থকা ষ্টেণ্ডত উমাল কোটটো ওলোমাই দি দুয়ো এইবাৰ আৰামী চোফাখনত বহি পৰিল।

আটোমটোকাৰীকৈ ৰখা এখন ঘৰ। বহা কোঠাটোৰ চুকে কোণে সিঁচৰতি হৈ আছে প্ৰকৃতিৰ সৈতে সম্পৰ্ক থকা অনেক সাজসজ্জা৷ চোফাৰ গাৰুৰ গিলিপৰ পখিলা কেইটাৰ পৰা দেৱালত ওলোমাই থোৱা প্লাষ্টাৰ অব পেৰিছৰ চৰাইকেইটালৈকে৷

‘কি সুন্দৰ তোমালোকৰ ঘৰখন!’ তুলিকাই নকৈ নোৱৰিলে।

লিছাই সন্তুষ্টিৰ হাঁহি এটা মাৰি ক’লে,

‘থেংক ইউ! আচলতে আমি এই ঘৰটো কিনা এবছৰহে হৈছে৷ প্ৰথম কেইমাহমান ডেনিয়েল আৰু মই প্ৰতিটো দেওবাৰ ঘৰৰ মেৰামতি-সাজসজ্জাত লাগি থাকোতেই পাৰ হৈছিল জানা৷ আমাৰ বহুত কষ্টৰ মূৰতহে এতিয়াৰ এই ৰূপটো পাইছেহি।’

‘অঁ, দেখিয়েই বুজিব পাৰি। ইমান ধুনীয়া! পিছে ডেনিয়েল ক’ত?’

‘আ: তাৰ কাম ওলাল হঠাতে! অ’মা টাউনত এই সপ্তাহতে গ্ৰীণহাউচ এটা সাজি দিব লাগে হেনো । এতিয়া ঠাণ্ডা কমি অহাৰ লগে লগে তাৰ কামৰ হেঁচাও বাঢ়ে। পিছে লগ পাবা তাক। অলপ পিছতে সি আহি পোৱাৰ কথা।‘

লিছাই এইবাৰ উৎসাহেৰে তুলিকাক বহা কোঠাত সজাই থোৱা ডেনিয়েলৰ কাঠৰ কাৰুকাৰ্য্যবোৰ দেখুৱাবলৈ ধৰিলে। সঁচাই নিপুণ বাঢ়ৈ ডেনিয়েল। সাগৰৰ পানীত উটি অহা কাঠবোৰ সংগ্ৰহ কৰি সি অপূৰ্ব দক্ষতাৰে ৰূপ দিছে গছ, চাহৰ পিয়লা,টেবুল লেম্প আদিৰ। মাজে-সময়ে ডেনিয়েলে এইবোৰ প্ৰদৰ্শনীতো দেখুৱাবলৈ নিয়ে, লিছাই গৌৰৱেৰে ক’লে।

লিছা আৰু ডেনিয়েলৰ সংসাৰখন, আটোমটোকাৰী ঘৰখন চাই চাই তুলিকা কিছু আনমনা হৈ পৰিল যেন। তাইৰোতো এনে এটা সপোন আছিল! জীৱনসংগীৰ সৈতে মিলি এখন আপোন ঘৰ সজাৰ। এখন সুখৰ সংসাৰ কৰাৰ!

নিজকে তাই সুধি চালে- কোনখন তাইৰ আপোন ঘৰ? অসমত এৰি অহা মাক-দেউতাকৰ ঘৰ? লণ্ডনৰ হেৰুৱা ঘৰখন নে আয়াৰলেণ্ডৰ এই এজনীয়া এপাৰ্টমেন্ট? প্ৰতিখন ঘৰৰ অস্থায়ী থুনুকা ৰূপটোৱে যেন তাইক যেন সোঁৱৰাই দিছে, কঙ্ক্ৰিটৰ দেৱালৰ ভিতৰত সুদৃশ্য আচবাব পত্ৰ আৰু সাজসজ্জাৰে ভৰাই পেলালেই সেই আপোন ঘৰখন গঢ় লৈ নুঠে। পূৰ নহয় সুখী সংসাৰৰ সপোনটো। সেই সপোনে আচলতে দিঠকৰ বাট বুলে ঘৰৰ চাৰিবেৰৰ মাজত অহৰহ উশাহ- নিশাহ লৈ চলি ফুৰা মানুহবোৰৰ হৃদয়ৰ মাজেৰেহে৷ সেই ঘৰৰ ভেঁটি গঢ়ে মানুহবোৰৰ মাজৰ পাৰস্পৰিক বিশ্বাস আৰু আন্তৰিকতাই৷

আছিলনে সেয়া বিদ্যুৎ আৰু তাইৰ মাজত? নাজানে তাই! সেই অভিশপ্ত দিনটোৰ এটা মুহূৰ্তই যেন তাৰ আগৰ বহুদিনৰ বহু পল-অনুপল নিশ্চিহ্ন কৰি দিলে৷ এতিয়া যেন সকলোবোৰ ধুঁৱলী কুঁৱলী হৈ পৰিছে তাইৰ বাবে৷ সন্দেহ হ’বলৈ লৈছে, সিহঁতৰ মাজত কি সঁচা আছিল, কি মিছা অছিল!

ঠক্ ঠক্ ঠক্। পুনৰ টোকৰৰ শব্দত লিছা আৰু তুলিকা দুয়ো প্ৰায় উচপ খাই উঠিল।

‘ফিয়নাই হ’ব কিজানি!’

কথাষাৰ কৈয়ে লিছাই অলপ খপজপাই গৈ দুৱাৰখন খুলি দিলেগৈ। এইবাৰো লিছাৰ পিছে পিছে অলিভ ল’ৰি গ’ল।

‘হাই লিছা, হাই অলিভ! অহ, তুলিকাও পালাহি!’ ফিয়নাৰ উচ্ছাস ভৰা মাত।

তাইৰ লগে লগে কোঠাটোলৈ যেন এজাক প্ৰাণচাঞ্চল্যৰ জোৱাৰহে সোমাই আহিল! তাইৰ খোজৰ লগে লগে আদা বৰণীয়া কেঁকুৰা চুলিটাৰী বান্ধি ৰখা ৰঙা চিল্কৰ স্কাৰ্ফখন দুলি দুলি আহিল। সেই স্কাৰ্ফৰ পৰা ৰঙা ফুটুকীয়া লিপিট খোৱা চোলাটো আৰু ভৰিৰ ক’লা লেগিঙছলৈকে ফিয়নাৰ চৌখিন মনৰ প্ৰকাশ সুস্পষ্ট।

কোমল চোফাখনত তুলিকাৰ কাষতে বহি লৈ তাই কৈ উঠিল,

‘মোৰ কথাতেই ইমানখিনি আয়োজন কৰাৰ বাবে বহুত ধন্যবাদ লিছা! তোমাৰ এই আহল-বহল হোম থিয়েটাৰৰ তুলনাত ক’ত আৰু মোৰ এজনীয়া এপাৰ্টমেণ্টৰ টিভিয়ে ঠাই পাব!’

‘কিয় নকৰিম ফিয়না! তাতে আমাৰ ঘৰত ডেনিয়েলে ঘৰতে কৰা আইৰিছ বীয়েৰৰ সোৱাদো আছে দিয়াচোন।’ এইবাৰ তাই তুলিকালৈ চাই বুজোৱাৰ সুৰেৰে ক’লে,

‘ডেনিয়েলে আজি কেইবাবছৰ ধৰি ঘৰতে বীয়েৰ তৈয়াৰ কৰি আহিছে। গতিকে আমাৰ ঘৰত সেইবিধৰ কেতিয়াও অভাৱ নহয় বুজিছা।’

তিনিও হাঁহি পেলালে।

‘পিছে সি ক’ত? অফিচৰ পৰা ডেৰেন আৰু মাৰ্কো অহাৰ কথা নাছিল জানো?’ ফিয়নাই সুধিলে।

লিছাই দোহাৰিলে, ডেনিয়েলৰ আজি দীঘলীয়া কাম। ফাৰমানাত বাঢ়ৈৰ কামৰ আজৰি নাই। ডেৰেনে আজি নিশা লাষ্টিম’ৰ দ্বীপত কেম্প কৰিছে কাৰলিউ চৰাইৰ আচৰণ অধ্যয়ন কৰিবলৈ। মাৰ্ক হয়তো নাহিব- ব্যক্তিগত কাৰণত।

‘কিয়? মাৰ্ক আৰু এলছাৰ মাজত সকলো ঠিকে আছেনে?’ ফিয়নাই স্বতস্ফুৰ্ত্ত ভাৱে কথাষাৰ কৈ লগে লগে অলপ অপ্ৰস্তুত হৈ ৰৈ গ’ল।

তুলিকাই একো নুশুনাৰ ভাও ধৰি অলিভৰ সৈতে খেলাত মন দিলে। অফিচৰ ৰটনাত সোমাবলৈ তাইৰ সংকোচ হ’ল। তাতে তাইৰ লাইন মেনেজাৰ মাৰ্কৰ ব্যক্তিগত জীৱনৰ বিষয়ে। কিন্তু একেসময়তে কিছু উৎসুকতায়ো আমনি কৰিলেহি তাইক।

‘হয়তো ঠিকে নাই! মাৰ্কে মাথোঁ পৰিয়ালৰ লেঠা বুলিয়ে সামৰি থ’লে ফোনত।’

তিনিটা পিয়লাত গাঢ় গিনিছ বীয়েৰখিনি ঢালি দি লিছাই উত্তৰ দিলে। তাৰপিছত কথাৰ প্ৰসংগ সলাবলৈকে যেন তুলিকালৈ চাই সুধিলে,

‘গিনিছেৰে আৰম্ভ কৰোঁ, নহয় জানো? আয়াৰলেণ্ডত গিনিছ নহ’লে একো উদ্‌যাপন কৰা নহয়, জানা নহয় তুলিকা?

তুলিকা আৰু ফিয়নাই মৃদু হাঁহিৰে বীয়েৰৰ পিয়লা কেইটা ল’লে। অন্য একো নুসুধিলেও লিছাৰ সেই কথাষাৰতে দুয়ো যেন এজাক ধুমুহাৰ উকমুকনিৰ উমান পালে। তুলিকাই জানে, লিছাই আজি দহবছৰ ধৰি মাৰ্কৰ লগত কাম কৰি আহিছে। লিছাই এদিন কৈছিল, তাহানিতে স্কুলৰ গৰমবন্ধৰ দিনত স্বেচ্ছাসেৱিকা হিচাপে নেচাৰৰ জৰীপৰ কামত সহায় কৰি দিছিল। তেতিয়াৰ পৰা আজি ফাৰমানাৰ লখ আৰ্ণ ৰিজাৰ্ভৰ ৱাৰ্ডেন হোৱালৈকে লিছাৰ কাৰণে মাৰ্ক পথপ্ৰদৰ্শক হৈ ৰৈছে। গতিকে মাৰ্কৰ সংসাৰত আউল লগাৰ ভূ প্ৰথম লিছাই পোৱাটোৱে স্বাভাৱিক।

তুলিকাৰ মনত পৰিল সিদিনা দৌৰিবলৈ যাওঁতে আৰ্ণ নৈৰ পাৰত দেখা দৃশ্যটোৰ কথা। কি হৈছে মাৰ্ক আৰু তেওঁৰ পত্নী এলছাৰ! কিহৰ জোৱাৰে বুদবুদনি তুলিছে তেওঁলোকৰ জীৱনত? তাই নীৰৱে সেই কৌতুহলখিনি সামৰি থ’লে। সেয়া যে এনেকৈ সোধাৰ কথা নহয়, সহকৰ্মীৰ লগত পতাৰ কথা নহয়!

লিছাই পপ্‌কৰ্ণেৰে উপচি থকা পৰ্চেলিনৰ নীলা ফুল কটা বাতিটো দুয়োলৈ আগবঢ়াই দিলে।

‘এতিয়াই আৰম্ভ কৰিমনে?’ তুলিকাই হাঁহি হাঁহি ক’লে।

‘কিয় নকৰিম! গেইম অব থ্ৰ'নছ্‌ আৰম্ভ হ’বই এতিয়া! লোৱা লোৱা!’

‘তুমি পিছে আগৰখিনি চালানে নাই তুলিকা?’ 

ফিয়নাই এই কথাটো সুধিব বুলি তুলিকা যেন প্ৰস্তুত হৈয়ে আহিছিল। চালে তাই। যৌনতা আৰু হিংসাৰে বুৰাই ৰখা দৃশ্যবোৰ দেও দি হ’লেও এফালৰ পৰা সকলোখিনি চালে। তাতে ফিয়নাই তাত অভিনয় কৰিছে বুলি জনাৰ পিছত নোচোৱাৰ প্ৰশ্নই নুঠে!

তুলিকাৰ উত্তৰটোৱে লিছা আৰু ফিয়না দুয়োকো সন্তুষ্ট কৰা যেন ভাৱ হ’ল। ফিয়নাই কিছু লাজ আৰু গৌৰৱ মিহলি সুৰেৰে ক’লে,

‘উপৰুৱা চৰিত্ৰতহে দেই। মানে এক্সট্ৰা। অভিনয়-সংলাপ বুলিবলৈ একো নাই তেনেকৈ। চখতে কৰা কামহে এইটো। কিন্তু তাৰ ছেটত মূল অভিনেতাকেইগৰাকীৰ আশেপাশে থাকি কাম কৰাৰ মজাই বেলেগ বুজিছা।‘

লিছাই সেই সুযোগতে ফিয়নাক সুধিবলৈ লাগিল গেইম অব থ্ৰ'নছ্‌ৰ বিভিন্ন চৰিত্ৰৰ আঁৰত থকা অভিনেতা সকলৰ কথা। জন স্ন’ৰ কথা বতৰা সঁচাকৈ বীৰোচিত নেকি? নাই নাই, তেওঁৰ চৰিত্ৰ আৰু আচল মানুহজনৰ সিমান মিল নাই বুলিয়ে ক’ব পাৰি। অঁ হয় নেকি! টিৰিয়ন মানুহজন কেনে? ডেনিৰিছ একা?

সিহঁতৰ আলোচনাবোৰ ক্ৰমাৎ ধূসৰিত হৈ তুলিকাৰ দুচকুত ভাঁহি উঠিল বিদ্যুতৰ হাঁহি ভৰা মুখখন। মাথোঁ দুটা বছৰৰ আগৰ কিংবদন্তী হেন হৈ পৰা মায়াময় এটি আবেলি। ট্যুৰিষ্ট বাছখনৰ পৰা নামিয়ে সি উত্তেজিত হৈ পৰিছিল।

‘চোৱা, এয়াই গেইম অব থ্ৰ'নছ্‌ৰ সেই বিখ্যাত কিংছ ৰ’ড!’ সি যেন নিজৰ দুচকুকে বিশ্বাস কৰিব পৰা নাছিল।

বীচ্চ গছৰ অকোঁৱা পকোৱা ডালেৰে ছাটি ধৰা আয়াৰলেণ্ডৰ এটি বাট। দ্য ডাৰ্ক হে'জ। সিদিনা সেই বাটত ভিৰ লগাইছিলহি গেইম অব থ্ৰনছ্‌ৰ অলেখ অসংখ্য অনুৰাগীয়ে। তাৰ মাজৰে এজন হৈ বিদ্যুতে বাটৰ সোমাজতে ডালিমগুটিয়া হাঁহিৰে ফটোৰ বাবে প’জ দিছিল।

ফেণ্টাচীৰ জগতখনত তুলিকাই তেতিয়াও ভৰি থোৱাই নাছিল। তেতিয়া তাইক আছ্ন্ন কৰি থৈছিল বিদ্যুতৰ সৈতে প্ৰথম বিদেশত একেলগে ফুৰাৰ উত্তেজনাই, যুগ্ম জীৱনৰ সপোন সপোন লগা মুহূৰ্তবোৰে।

‘এই ডাৰ্ক হে'জত সৰি পৰা দুডালমান গছৰ কাঠেৰে দুৱাৰ সাজি উত্তৰ আয়াৰলেণ্ডৰ দহটা পাবত ৰখা হৈছে। প্ৰতিখন দুৱাৰতে আটকধুনীয়া কাৰুকাৰ্য্য। গেইম অব থ্ৰ'নছ্‌ৰ পাছপৰ্ট ল’ব নেকি? সেইখন ল’লে প্ৰতিটো পাবতে দুৱাৰবোৰ চাবগৈ পাৰিব। পাছপৰ্টত একোটা ষ্টাম্পো মৰাই ল’ব পাৰিব।’ ট্যুৰ গাইডে যেন টোপহে দিছিল।

বিদ্যুতে সেই পাছপৰ্ট কিনি অনা দেখি তুলিকাই কান্ধ জোকাৰি হাঁহিছিল।

‘কি যে এক ট্যুৰিষ্ট গিমিক এইবোৰ!’

কিন্তু সৰু ল’ৰা এটাৰ দৰে বিদ্যুতৰ উল্লাস দেখি তাই আমোদো পাইছিল। পিছদিনা বিদ্যুতৰ সৈতে তায়ো বেলফাষ্টত বিচাৰি ফুৰিছিল সেই দুৱাৰবোৰ।

ফিয়নাৰ সুহুৰিৰ শব্দই তুলিকাক বাস্তৱলৈ উভতাই আনিলে। সিহঁতৰ সন্মুখৰ টিভিৰ স্ক্ৰীণত বাজি উঠিছে গেইম অব থ্ৰ'নছ্‌ৰ চিনাকি সুৰটো। তিনিও কিছু পোন হৈ বহি ল’লে। আজিৰ শেষ খণ্ডটো লৈ অনুৰাগীৰ অনেক জল্পনা কল্পনা। ইতিমধ্যে লিছাই ফিয়নাক কেইবাবাৰো সুধিছে কি হ’ব এই সামৰণি। প্ৰতিবাৰতে ফিয়নাই দোহাৰিছে, শেষৰ খণ্ডটোৰ কাহিনীৰ বিষয়ে সিহঁতকো কোনো উমান দিয়া হোৱা নাই। খুউব সংগোপনে কৰা হৈছিল এই ফিল্মিং।

গিনিছত চুমুক দি সিহঁতে গোটেই সময়ছোৱা প্ৰায় নীৰৱেই উপভোগ কৰিলে। মাথোঁ ফিয়নাই ভুমুকি মৰা দৃশ্যকেইটাত তাই উৎসাহেৰে স্ক্ৰীণৰ অলপ ওচৰলৈ উঠি গৈ আঙুলীয়াই দেখুৱালে। সৌৱা ৰাজকীয় ভোজত তাই মাটিৰ কলহটোৰ পৰা সকলোকে পানীয় বাকি দিছে৷ মলিয়ন বাদামী ৰঙৰ গাউন আৰু স্কাৰ্ফেৰে ফিয়নাক সঁচাই সেই প্ৰসাদৰ এগৰাকী ভৃত্য যেনেই দেখা গৈছে৷ অন্য এটা দৃশ্যত আকৌ তাই টিৰিয়ন লেনিষ্টাৰক গধুৰ কোটটো পিন্ধাই দিছেহি। এই অত্যাধুনিকা ফিয়নাৰ এক বিপৰীত ৰূপ সেয়া।

খণ্ডটো শেষ হয় মানে ফিয়নাৰ দুচকুৰ অযুত উৎকন্ঠা যেন কিছু হতাশালৈ পৰিৱৰ্ত্তন হ’ল৷

‘এনেকৈ শেষ হ’ব বুলি একেবাৰেই আশা কৰা নাছিলোঁ জানা৷’

ফিয়নাই নিজেও সামৰণিৰ একো ভূ পোৱা নাছিল বুলি এইবাৰহে যেন লিছা আৰু তুলিকাই সঁচাই বিশ্বাস কৰিলে।

নিশাৰ সাঁজ খাবলৈ বহিও তিনিওৰে মাজত সেই সামৰণিক লৈ আলোচনা চলি থাকিল। তাৰ মাজতে তুলিকাই অভেনত পোৰা আলু আৰু মাংসৰ চুপখিনিৰ বাবে লিছাৰ শলাগ ল’লে। লিছাই পুনৰ গিনিছ বীয়েৰ বাকিবলৈ লোৱাত ফিয়নাই নিজৰ গিলাচটো ধৰি লৈ ক’লে,

‘মোক কমকৈ দিয়া। গাড়ী চলাই ঘৰ পাবগৈ লাগিব। তুলিকা, তোমাকো ঘৰত নমাই থৈ যাব পাৰিম দেই।’

তুলিকাই জানে, আয়াৰলেণ্ডত বীয়েৰৰ জনপ্ৰিয়তা যিমান, সিমানেই কঠোৰ সুৰাক লৈ আইনো। ট্ৰেফিক পুলিচৰ পৰীক্ষাত আইনী সীমাতকৈ বেছি সুৰাৰ পৰিমাণ ধৰা পৰিলে বৃহৎ জৰিমণা আৰু দণ্ডৰ ভয়। গতিকে ফিয়নাৰ সতৰ্কতাক লৈ তাই আচৰিত নহ’ল।

‘অঁ, খাই উঠি ‘বায়াৰ’ত বহিমগৈ বুলি ভাৱিছোঁ আকৌ! তুমি চাইডাৰ ল’বা তেনে। এলকহলৰ পৰিমাণ কম যেতিয়া সীমাৰ ভিতৰতে থাকিব।’ লিছাই ক’লে।

‘বায়াৰ মানে?’ মাংসৰ চুপ এচামুচ তুলি লৈ তুলিকাই সুধিলে।

‘দেখিবাগৈ ৰ’ৱা।’ লিছাই ৰহস্য সানি কৈ থ’লে।

সঁচাকৈ খোৱা বোৱা সামৰি দুয়োকে লৈ গৈ লিছাই পাছচোতাল পোৱালেগৈ। শাৰী শাৰীকৈ লগোৱা বিলাহী আৰু কেইল শাকৰ মাজেৰে গৈ সিহঁতে গ্ৰীণ হাউচটোৰ একাষে এটা কণমানি কাঠৰ ঘৰ পালেগৈ। ঘৰটোৰ সন্মুখত এখন কাঠৰ ফলক। তাতে বগা আখৰেৰে ইংৰাজীত লিখা আছে- দ্য বায়াৰ (the byre), অৰ্থাৎ- গোহালি। নামটোৱে আমোদ দিলে তুলিকাক।

‘আয়াৰলেণ্ডৰ গাঁৱৰ ঘৰ যেতিয়া গৰু থাকক বা নাথাকক গোহালি এখনতো থাকিবই লাগে, নহয় জানো?’ 
লিছাই হাঁহি মাৰি বায়াৰৰ দুৱাৰখন খুলি দিলে।

নামতহে গোহালি যদিও একোঠলীয়া ঘৰটোৰ ভিতৰখন সুসজ্জিত। কোঠাটোৰ বেঁৰৰ ইমূৰৰ পৰা সিমূৰলৈকে সৰু সৰু নীলা লাইটৰ লানি। একাষে ব্যৱসায়িক পাব বা বাৰৰ আৰ্হিত কাঠৰ এখন ওখ দীঘলীয়া টেবুল। তাৰ ভিতৰফালে বীয়েৰৰ বাবে তিনিটাকৈ পৃথক টেপ। এচুকত এখন ঘুৰণীয়া কাঠৰ টেবুলৰ চাৰিওফালে কেইবাযোৰো আৰামী চকী। সকলো হেনো ডেনিয়েলে নিজেই সজা। বায়াৰৰ একোণৰ দেৱালত কণমানি দুটা অসমীয়া জাপিও সজাই থোৱা আছে। যোৱামাহত বিহুৰ সময়ত তুলিকাই সিহঁতক উপহাৰ দিয়া। তাকে দেখি তাই সুখী হৈ পৰিল।

‘ইয়াতে আমি প্ৰায়ে বন্ধু বান্ধৱৰ সৈতে সন্ধিয়াবোৰ কটাওঁ। আড্ডা, গান আৰু বীয়েৰ একেঠাইতে পালে আইৰিছ মানুহক আৰু কি লাগে!’

লিছাৰ কথা শুনি তুলিকাৰ মনত পৰিল, প্ৰথম লণ্ডনলৈ অহাৰ পিছত এদিন তাৰে জনপ্ৰিয় পাব এখনলৈ বিদ্যুতে তাইক লৈ গৈছিল। সি কৈছিল, আচলতে ব্ৰিটেইনত এই পাবৰ ধাৰণাটো আহিছে ‘পাব্লিক হাউছ’ৰ পৰা। ব্ৰিটিছ সমাজৰ প্ৰাণকেন্দ্ৰ এই পাববোৰ। আড্ডা মৰা, খা-খৱৰ লোৱা, কামৰ আলোচনা, ফুটবল খেল চোৱা, ব্যস্ত এটা দিনৰ শেষত অলপ আৰাম কৰা- সকলোৰে বাবে মুকলি এই পাব। সিদিনা বিদ্যুতৰ বিদেশী বন্ধুবোৰক লগ পাই, মাজনিশালৈকে আড্ডা দি তুলিকাই সেয়া ঠিকেই বুজিছিল।

লিছাৰ ফোনত মিহি সুৰ এটা বাজি উঠিল। ডেনিয়েলৰ ফোন। আধাঘণ্টামানৰ পিছতে পাবহি হেনো। লিছাই তাৰ কথামতে এইবাৰ এটা টেপৰ পৰা নতুনকৈ বীয়েৰ বাকিলে।

‘এইবিধ ডেনিয়েলৰ নতুন বেৰীৰ বীয়েৰ। খাই চোৱাচোন।’

কাঠৰ চকী এখনৰ কোমল গাদীত আউজি আৰামকৈ বহি লৈ ফিয়নাই সুধিলে,

‘তোমালোকৰ বিয়াখন কেতিয়াকৈ লিছা?’

‘এইবছৰেই শেষৰফালে পতাৰ কথা ভাৱিছোঁ । কিন্তু জানাই নহয়, কেথ’লিক আৰু প্ৰটেষ্টাণ্টৰ মাজত বিয়া মানেই খোৱা-কামোৰা।’ এই প্ৰথমবাৰ লিছাৰ মাতত তুলিকাই উদাসী সুৰ শুনা পালে যেন।

‘কিন্তু তোমালোকেচোন আজি পাঁচবছৰ ধৰি একেলগে ঘৰ-সংসাৰ কৰিয়ে আছা। বিয়াত কি সমস্যা?’ ফিয়নাই যেন নুবুজিলে।

‘যোৱা পাঁচবছৰেই নহয়, মই আচলতে ডেনিয়লক সৰুৰে পৰা পোৱা। বাৰ-তেৰ বছৰ বয়সৰ পৰা আমি খেলৰ লগৰীয়া৷ গতিকে ধৰ্ম বা ৰাজনীতিয়ে মনত খোপনি পোতাৰ আগতেই ভালপোৱাই খোপনি পুতি ল’লে বুজিছা। এতিয়া বিয়াখন কোনটো গীৰ্জাত হ’ব তাকে লৈ লেঠা। কেথ’লিক গীৰ্জাত হ’লে ডেনিয়েলৰ পৰিয়ালৰ মানুহবোৰ নাহে। প্ৰ’টেষ্টাণ্ট গীৰ্জাত আকৌ মোৰ পৰিয়ালে ভৰি নিদিয়ে।’

তুলিকাই এই বিদেশী মাটিত ভৰি থোৱাৰ দিনাৰে পৰা আয়াৰলেণ্ডত কেথ’লিক-প্ৰটেষ্টাণ্টৰ ঐতিহাসিক বিৰোধৰ কথা শুনি আহিছে। আগৰদৰে তীব্ৰ বিভাজন নাথাকিলেও এতিয়াও এটা অলিখিত ব্যৱধান আছে বুলি তাই জানে৷ তাৰে প্ৰতীক স্বৰূপে কেথলিক আৰু প্ৰ’টেষ্টান্টৰ ঠাইবোৰ পৃথক কৰি এতিয়াও ৰাজধানী বেলফাষ্টত থিয় দি আছে বিশাল শান্তিৰ দেৱালখন। কিন্তু সেই বিৰোধে জীৱনবোৰ কেনেকৈ জটিল কৰি পেলাব পাৰে তাৰ যেন প্ৰথম সাক্ষ্য এয়া।

‘তোমালোকৰ খৱৰ কোৱাচোন।’ লিছাই হয়তো প্ৰসংগ সলাব খুজিলে।

‘মোৰতো জানাই। এতিয়াও সেই বিশেষজনৰ সন্ধানত।’ ফিয়নাৰ নাটকীয় সুৰত তুলিকা আৰু লিছাই হাঁহি পেলালে। পৰিৱেশটো পাতল হোৱাত তুলিকাই কিছু সকাহবোধ কৰিলে যেন।

‘কিয়, তোমাৰ অনলাইন ডেটিঙত কাকো লগ পোৱা নাই?’

‘লগ পাইছোঁ। পিছে মনে-মানুহে মিলা নাই বুজিছা। তাতে এই সৰু ঠাইত মন মিলা ডঙুৱা ডেকা কেইজননো ওলাব কোৱাচোন। তুমি কি ভাৱিছা তুলিকা?’

ফিয়নাৰ প্ৰশ্নটোত তুলিকাই থতমত খাই গ’ল।

কি ভাৱিছে তাই? এতিয়াওচোন তাইক সেই হেৰুৱা অতীতেই দিনে-নিশাই খেদি ফুৰিছে । সেই সকলোবোৰ শেষ হৈ গৈছে বুলি হৃদয়ে মানি ল’ব নোৱাৰিলে কেনেকৈ নতুন আৰম্ভণিৰ কথা ভাৱিব পাৰে?

‘নাজানো! এই এটা সম্পৰ্কৰ পৰাইচোন ওলাব পৰা নাই।’ কোনোমতে কথাষাৰ কৈ নীৰৱ হৈ ৰ’ল তুলিকা।

লিছা আৰু ফিয়নাই জানে তাই বিদ্যুতৰ সৈতে পৃথক হোৱাৰ কথা। কিন্তু সেই সম্পৰ্কই কি এক অতল যন্ত্ৰণাৰ খাৱৈ খান্দি থৈ গ’ল সেয়া জানো সিহঁতে বুজিব!

‘কেতিয়াবা এটা যাত্ৰাৰ শেষৰ পৰাই অন্য এটা নতুন যাত্ৰাৰ আৰম্ভণি হয় তুলিকা!’ লিছাই তুলিকাৰ হাতখন নিজৰ হাতত লৈ ক’লে।

তুলিকাই জানে, তাই বাস্তৱৰ মুখামুখি হোৱাৰ দৰকাৰ। এই সম্পৰ্কক অতীতৰ বুকুলৈ এৰি দিয়াৰ দৰকাৰ। আজি ছমাহ হৈ গ’ল বিদ্যুতৰ কোনো খৱৰ নোহোৱা। ঘৰৰ মানুহবোৰে তাইক সুধি সুধি এতিয়া ভাগৰি পৰিছে। সৌ সিদিনা মাথোঁ মাকে সুধিছে ডিভৰ্চ ফাইল কৰাৰ কথা। কিন্তু তাই যেন এতিয়াও এৰি দিব পৰা নাই সেই বান্ধোন। যেন এতিয়াও এক মৰীচিকাৰ মায়াত বন্দী তাই। সকলো এদিন ঠিক হৈ পৰিব। বিদ্যুত উভতি আহিব। সকলো পাহৰি তাই আকোঁৱালি ল’ব তাক।

বাহিৰত গাড়ীৰ শব্দ। লগে লগে হেডলাইটৰ পোহৰে গোটেই চোতালখন পোহৰাই পেলালে। লিছাই বায়াৰৰ দুৱাৰখন মেলি ভুমুকিয়াই চালে।

‘ডেনিয়েল পালেহি!’

ক্ষন্তেক পিছতে বায়াৰৰ সৰু দুৱাৰখনেৰে সোমাই আহিল ডেনিয়েল।তুলিকাই তেওঁক আগতে মাথোঁ এবাৰহে লগ পাইছে। কিন্তু লিছাৰ মুখত শুনি শুনি তাইৰ বাবে যেন তেনেই চিনাকি হৈ পৰিছে ডেনিয়েল। ডেনিয়েলৰ পিছে পিছে সোমাই আহিল অন্য এজন যুৱক। ডেনিয়েলৰ পৰিপাটী ক’লা টি-চাৰ্ট আৰু মুগা বৰণীয়া ট্ৰাউজাৰ। তাৰ বিপৰীতে সেই যুৱকৰ মুখত কেইবাদিনো নুখুৰুৱা দাঢ়ি, অবিন্যস্ত বেশভূষা।

ডেনিয়েলে তেওঁক দেখুৱাই দুৱাৰমুখৰ পৰাই ক’লে, ‘চোৱা, কাক লগ পালো!’

তেওঁক দেখামাত্ৰকেই লিছাৰ দুচকু জিলিকি উঠিল। ডেনিয়েলৰ ওঁঠত টপ্‌কৈ চুমা এটা দি তাই আগবাঢ়ি গৈ সেই যুৱকক সাৱটি ধৰিলেগৈ।

‘চ’ন! তুমিতো কাইলৈহে অহাৰ কথা আছিল? বেলফাষ্টত প্ৰগ্ৰেম কেনে হ’ল?’ লিছাই ওপৰাওপৰিকৈ প্ৰশ্নকেইটা কৰিলে।

‘আ:, আমাৰ দৰে মিউজিচিয়ানৰ য’তে ৰাতি ততে কাতি, জানাই চোন। বেলফাষ্টত গানৰ প্ৰগ্ৰেম অলপ আগতীয়াকৈ শেষ হ’ল। ডেনিয়েলে ক’লে, আজি ‘বায়াৰ’ত গেইম অব থ্ৰনছ্‌ৰ পাৰ্টি। গতিকে নাহি পাৰোঁনে?’ চ’নে দীঘল অবিন্যস্ত চুলিখিনি পিছলৈ ঠেলি দি হাঁহি হাঁহি ক’লে।

‘নে ‘বায়াৰ’ৰ বীয়েৰলৈ মনত পৰিল?’ ডেনিয়েলে তেওঁক জোকালে।

লিছাই চকু ঘোপা কৰি কৃত্ৰিম খঙেৰে চ’নলৈ চালে আৰু হঠাৎ মনত পৰাৰ দৰে ক’লে,

‘অহ, চিনাকি কৰাই দিওঁ ৰ’ৱা, তুলিকা, ফিয়’না- এয়া মোৰ দাদা চ’ন। আৰু চ’ন, এয়া তুলিকা আৰু ফিয়না। মোৰ লগতে নেচাৰত কাম কৰে।’

সি সৌজন্যসূচকভাৱে ক’লে, ‘হাই! হুৱাটছ দ্য ক্ৰেইক?’

হুৱাটছ দ্য ক্ৰেইক! প্ৰথমদিনা লাষ্টিৰ পথাৰত গেৰি জনষ্টনে এইষাৰ কথা কওঁতে তুলিকাই একো বুজি পোৱা নাছিল। এতিয়া সকলোৰে মুখত শুনি শুনি সহজ হৈ পৰিছে। এইয়া এক চিৰাচৰিত আইৰিছ সম্ভাষণ। অসমীয়াত খৱৰ ভালনে বুলি সোধাৰ দৰেই।

ডেনিয়েলৰ ‘বেৰি পান্স’ বীয়েৰ লৈ চ’ন ফিয়নাৰ সন্মুখৰ চকীখনতে বহি পৰিল। সিহঁতৰ মুখত গেইম অব থ্ৰনছ্‌ৰ কথা শুনি সি পোনেই গীটাৰত সেই সুৰ তুলিলে। তাৰ কাষতে বহি আছিল ফিয়না। সিদিনাৰ খণ্ডটোৰ সামৰণিক লৈ দুয়োৰে মাজত যেন পোনেই বিতৰ্ক হোৱাৰে উপক্ৰম হ’ল! তাকে দেখি লিছাই তুলিকাৰ সৈতে দৃষ্টি বিনিময় কৰিলে। অৰ্থপূৰ্ণভাৱে। তুলিকাই হাঁহিলে।

লাহে লাহে আড্ডা জমি উঠিল সিহঁতৰ। ফিয়না যেন আগতকৈও অধিক প্ৰাণচঞ্চল হৈ উঠিল। কোনে জানো কৈছিল, আইৰিছসকলে স্ফূৰ্তি কৰিব জানে। এতিয়া মাজনিশাৰ আড্ডা আৰু বীয়েৰ আৰু গানৰ মজলিচৰ মাজত তুলিকাৰ সেইটো কথাকে মনলৈ আহিল। লাহে লাহে গানৰ তালে তালে নাচ আৰম্ভ হ’ল। লিছাই চাব খোজাত তুলিকাই সিহঁতক দুপাকমান বিহু নাচি দেখুৱালে। ডেনিয়েলে দেৱালত সজাই থোৱা জাপি দুটা আনি চ’ন আৰু ফিয়নাক পিন্ধাই দিলেহি। এইবাৰ আৰু সিহঁতক কোনে পায়। হুঁচৰিৰ ভিডিঅ’টোকে চাই চাই দুয়ো পাৰ্য্যমানে চেষ্টা কৰিলে বিহুৰ মুদ্ৰাবোৰ আয়ত্ত্ব কৰিবলৈ। ফিয়না আৰু চ’নৰ বিহু নচাৰ ঢং দেখি সকলোৱে হাঁহি পেলালে।

এটা সময়ত আইৰিছ লোকগীতো শুনি চোৱা বুলি তুলিকাক কৈ লিছাই বজালে এটা জনপ্ৰিয় গান- ‘ৰটলিন বগ’।

‘হ’ হ’, দ্য ৰটলিন বগ
দ্য বগ ডাউন ইন দ্য ভ্যেলী-অ’
ৰিয়েল বগ, দ্য ৰটলিন বগ
দ্য বগ ডাউন ইন দ্য ভ্যেলী-অ’

আয়াৰলেণ্ডত ভৰি দিয়াৰ আগলৈকে তুলিকাই এই ‘বগ’ নামৰ বিশেষধৰণৰ পিটনিবোৰৰ কথা কেতিয়াও শুনি পোৱা নাছিল। এতিয়া সেই পিটনিক লৈ ৰচা লোকগীতটো শুনি তাই উপলব্ধি কৰিলে, আইৰিছ জীৱনৰ এক চিৰন্তন অংগ এই বগ।



‘এভৰিব’ডি!’ ইতিমধ্যে ঘুৰি ঘুৰি নাচিবলৈ আৰম্ভ কৰা লিছাই চিৎকাৰ কৰি উঠিল।

গানৰ গতি ক্ৰমাৎ খৰ হ’বলৈ আৰম্ভ কৰিলে। তাৰ লগে লগে সকলোৱে উশাহ নসলোৱাকৈ ইমান পটুতাৰে গাবলৈ ধৰিলে যে তুলিকা আচৰিত হৈ গ’ল।

ইতিমধ্যে চ’ন আৰু ফিয়নাই যোৰ পাতি নাচিবলৈ আৰম্ভ কৰিছে৷ লিছা আৰু ডেনিয়েলে হাতত ধৰি টানি লৈ গ’ল তুলিকাকো। বাধ্যত পৰি তাই উঠি গ’ল। সিহঁতৰ নাচৰ তালে তালে হাত চাপৰি মাৰিবলৈ আৰম্ভ কৰিলে। গানৰ গতি যিমানেই খৰ হ’ল সিমানেই খৰকৈ সিহঁতে ঘুৰি ঘুৰি নাচিবলৈ ধৰিলে।সেই মুহূৰ্তৰ বাবে যেন তুলিকাই পাহৰি গ’ল সকলো৷ পাহৰি গ’ল তাইক চেপা মাৰি ধৰি থকা সকলো অস্থিৰতা আৰু যন্ত্ৰণা৷ নিজৰ অজানিতেই এটা সময়ত তাই সকলোৰে লগত আপোনমনে নাচিবলৈ ধৰিলে৷ সেই অচিন দেশত, সেই অচিন গানৰ তালে তালে।


Sunday, 28 May 2023

উপন্যাস: ফাৰমানা (ষষ্ঠ খণ্ড)

কিলম’ৰৰ নিজান বাটটোৰ একাষে তুলিকাৰ মিনিকুপাৰখন হঠাৎ ৰৈ গ’লহি৷ পুৱা পাঁচ বাজি গৈছেহে৷ এপ্ৰিল মাহৰ আৰম্ভণি যদিও শীতৰ প্ৰকোপ যোৱাই নাই৷ কুঁৱলীৰ ডাঠ চাদৰখনৰ মাজেৰে তুলিকাই দেখা পালে ঠেক বাটটো অলপদূৰ গৈয়ে এটা ঘৰৰ সন্মুখত থমকি ৰৈছেগৈ৷ গতিকে তাই অনুমান কৰি ল’লে এইখিনিতে জৰীপৰ ঠাইখন থাকিব লাগে৷ জৰীপৰ মেপখন উলিয়াই তাই ভালদৰে চালে৷ ঠিকেই, সৌৱা বাটৰ সোঁফালে থকা এলুমিনিয়ামৰ দুপতীয়া জপনা খন। সেইফালেদি আগবাঢ়ি গ’লেই জৰীপ কৰিবলগীয়া পথাৰকেইখন পাবগৈ কিজানি৷ 

জৰীপ আৰম্ভ কৰিবৰ বাবে তুলিকা ক্ষিপ্ৰতাৰে সাজু হ’ল ৷ গাড়ীৰ আসনতে বহি লৈ তাই ৱেলিংটন বুটযোৰ পিন্ধিলে৷ তাৰ ওপৰত ৱাটাৰপ্ৰুফ টাউজাৰটো৷ ফাৰমানাৰ বেছিভাগ পথাৰ দ-চানেকীয়া। গতিকে বোকাই-পানীয়ে নামিয়ে জৰীপ কৰাৰ প্ৰস্তুতি থকা দৰকাৰ৷ বাইন’কুলাৰ, জৰীপৰ মেপ, জিপিএছ আদি সকলো উলিয়াই পিঠিৰ বেগটোত ল’লে। শেষত গাড়ীৰ সন্মুখত ‘চাৰ্ভে চলি আছে’ ফলকখন লগাই তাই বাটৰ কাষলৈ নামি গ’ল৷ 

এপ্ৰিল মাহ মানেই নেচাৰৰ অফিচত এক ব্যস্ত সময়৷ বসন্ত ঋতুৰ আৰম্ভণিৰ লগে লগে ফাৰমানাত জাকে জাকে গাল, কাৰলিউ, গঙাচিলনী আদি চৰায়ে যোৰ পাতিবলৈ আৰম্ভ কৰে৷ বিস্তীৰ্ণ পথাৰৰ নিৰাপদ কোণ একোটাত বাহ সাজিবলৈ আৰম্ভ কৰা চৰাইৰ নিৰন্তৰ কাকলিৰে উদ্ভাসিত হৈ পৰে ফাৰমানাৰ আকাশ-বতাহ৷ তাৰ লগে লগে সেই চৰাইবোৰৰ প্ৰতিৰক্ষাৰ বাবে নেচাৰৰ সকলো কৰ্মী তৎপৰ হৈ পৰে ৷ তাৰেই প্ৰথম পদক্ষেপ এই বছৰেকীয়া জৰীপ৷ নেচাৰৰ অধীনত থকা দ্বীপসমূহত লখ আৰ্ণ ৰিজাৰ্ভৰ ৱাৰ্ডেন লিছাৰ দলে জৰীপ চলাইছে ৷ তাৰ বাহিৰে সমগ্ৰ অঞ্চলটোত খেতিয়কৰ পথাৰবোৰৰ জৰীপৰ দায়িত্ব তুলিকাৰ৷ 

এলুমিনিয়ামৰ জপনাখনেৰে সোমাই গৈ তুলিকাই মেপৰ নিৰ্ধাৰিত পথ অনুসৰণ কৰি পথাৰখনৰ মাজেৰে ধীৰ গতিৰে খোজ দিলে৷ ফাৰমানাৰ পথাৰবোৰৰ দৰে এইখনো মূলত: গৰু বা ভেড়াৰ চৰণীয়া পথাৰ৷ সমগ্ৰ উত্তৰ আয়াৰলেণ্ডতে খেতি কৰা পথাৰ কমেই আছে৷ ইয়াৰ মাটি ইমানেই দ’ বা জেকা যে খেতি কৰা সম্ভৱ নহয়৷  প্ৰায়বোৰ মাথোঁ স্থানীয় ঘাঁহ-বন বা খেতিয়কে লগোৱা উন্নত জাতৰ ঘাঁহেৰে পূৰ্ণ পথাৰ৷ চৰাইৰ সন্ধানত থাকিলেও তুলিকাই পথাৰৰ কোনোবা কোণত কেনেবাকৈ বলধ গৰু আছে নেকি তাকো সাৱধানেৰে চাই গ’ল৷ মাৰ্কে কৈছিল, গৰু থকা পথাৰত সাৱধান হোৱাৰ দৰকাৰ৷ গৰুৰ জাকে অকস্মাৎ কাৰোবাক দেখিলে খেদি আহিবও পাৰে৷ বিশেষকৈ বলধ গৰুৰ হেনো কোনো ভৰসা নাই! প্ৰথমবাৰ সেয়া শুনি তাই হাঁহি পেলাইছিল৷ 

‘মই অসমৰ মানুহ হৈ গৰুলৈ ভয় কৰিমনে!’ হাঁহি হাঁহি মাৰ্কক তাই কৈছিল গৰুৰ সৈতে অসমীয়াৰ নিবিড় সম্পৰ্কৰ কথা৷

কাষৰ ডেস্কৰ পৰা মূৰ তুলি চাই ফিয়’নাই মাত দিছিল,

‘ইয়াৰ গৰু বেলেগ দেই! সিদিনা নিশা বাদুলীৰ জৰীপ কৰিবলৈ গৈ গৰুৰ খেদাত মোৰ যি নগুৰ নাকটি হ’ল কি ক’ম তোমাক!’

তুলিকা আচৰিত হৈ গৈছিল সেই কাহিনী শুনি৷ ফিয়’নাই এনিশা কোনোবা পৰিত্যক্ত বাংল’ত বাদুলীৰ চৰকাৰী জৰীপ কৰিবলৈ গৈছিল৷ জৰীপ সামৰি পুৱতি নিশা পথাৰে পথাৰে তাই অকলশৰে উভতি আহি আছিল। অকস্মাৎ পথাৰখনত শুই থকা বলধ এটাই সাৰ পাই হতভম্ভ হৈ তাইলৈ চোঁচা দিলে৷ বিপদ দেখি দিকবিদিক শূন্য হৈ ফিয়’নায়ো দৌৰ দিলে৷ হেডলেম্পৰ পোহৰতে তাইৰ চকুত পৰিল সেই পথাৰখনৰ শেষত কাঁটা তাঁৰৰ বেৰা এখন৷ বেৰাখন কোনোমতে পাৰ হ’লেই বলধটোৰ আক্ৰমণৰ পৰা নিজকে বচাব পাৰিব বুলি তাই সেইফালেই পোনালে৷ পিছে, কাঁটা তাঁৰৰ বেৰাখন পোৱাৰ আগতেই ফিয়না পৰিলগৈ  বেৰাৰ চাৰিওফালে খন্দাই থোৱা নলাটোত৷ ইফালে সেই বলধটোৰ ফোঁচফোঁচনি ক্ৰমাৎ কাষ চাপিবই লাগিছে৷ মোচোকা খোৱা কঁকাল কোনোমতে পোনাই বোকাত লেটি লোৱা ভাগেই তাই ধৰফৰাই গৈ বেৰাখন বগালেগৈ৷ সিপাৰৰ পথাৰখন পাই মানে কাঁটা তাঁৰে তাইৰ জেকেটৰ এবখলা ফালি নিছে, আঙুলী এটাৰ পৰা তেজ বিৰিঙিছে৷ ইতিমধ্যে বেৰাৰ সিপাৰে থমকি ৰোৱা বলধটোৱে প্ৰচণ্ড খঙত গোৰগোৰাব লাগিছে৷

ঘটনাটো মনত পৰাত তুলিকা পুনৰ এবাৰ শিঁয়ৰি উঠিল৷ অৱশ্যে এইখিনি মাটিৰ খেতিয়ক লিয়ামক তাই যোৱা নিশাই ফোন কৰি আজিৰ জৰীপৰ কথা জনাই থৈছিল ৷ সেয়ে হয়তো গৰুৰ জাকটো তেওঁ এতিয়াও মেলাহি নাই৷ তাই কিছু আশ্বস্ত হ’ল৷ এনেতে তাইৰ মূৰৰ ওপৰেদি ’পি ৱিট, পি ৱিট’কৈ মাত দি এহাল গঙাচিলনী উৰি গ’ল৷ তাই লগে লগে জৰীপৰ মেপখনত সিহঁতৰ অৱস্থিতি আৰু উৰি যোৱা দিশটো আঁকি ল’লে৷ এই কিলম’ৰৰ ওচৰে পাজৰে গঙাচিলনীয়ে বাহ সাজি পোৱালি উপজাব পৰা ঠাই তেনেকৈ নাই৷ সিহঁতে মুকলি চাপৰ ঘাঁহনিহে পছন্দ কৰে৷ গতিকে তুলিকাই ধাৰণা কৰি ল’লে, সেই গঙাচিলনীহাল কিজানি ওচৰৰে লাষ্টিৰ পথাৰৰলৈ উৰা মাৰিছে৷

লিয়াম ক্লিফৰ্ডৰ এই বিস্তীৰ্ণ পথাৰখনত ওখ ওখ ৰাছ ঘাঁহৰ জোপোহা৷ তাৰ মাজে মাজে বনৰীয়া ফুল কিছুমানো ফুলিবলৈ আৰম্ভ কৰিছে৷ ফুলবোৰ চাই তুলিকাই কেইবিধমান চিনি পালে। ডেইজী, ডেণ্ডিলায়ন, বাটাৰ কাপ- আইৰিছ পথাৰৰ চিনাকি বন৷ হঠাৎ তাইৰ সন্মুখৰ জোপোহা এটাৰ পৰাই তীব্ৰ গতিৰে এটি চৰাই উৰি গ’ল৷ পলকতে তাই বাইন’কুলাৰেৰে চৰাইটো অনুসৰণ কৰিলে। চৰাইটো দেখাৰ আগতেই তাইৰ কাণত পৰিল আকাশৰ পৰা ভাঁহি অহা এক সুললিত গীত। 

‘ট্ৰি ট্ৰি ট্ৰি কিয় কি, কিয় কি, ট্ৰিইইইই টি……’ 

যেন উশাহ সলাবলৈকো থমকি নৰ’ৱই৷ মুগা বৰণীয়া এটি স্কাইলাৰ্ক চৰাই! বহু কবি-সাহিত্যিকৰ কালজয়ী সৃষ্টিৰ বাবে অনুপ্ৰেৰণা যোগোৱা স্কাইলাৰ্ক চৰাইটি! 

তুলিকাই চাই থাকোতেই চৰাইটিয়ে গীতৰ লহৰ তুলি তুলি আকাশতে একেখিনি ঠাইতে কেইবাপাকো ঘুৰিল৷ কেইমিনিট মানৰ পিছত ক্ৰমাৎ সৰ্পিল গতিৰে চৰাইটি আঁতৰৰ জোপোহা এটিলৈ নামি আহিল৷ তাতে পৰি লৈ দূৰৈৰ পৰা সাৱধানেৰে তাইৰ আলেখলেখ চাই থাকিল৷

এক অপূৰ্ব আমেজে তাইৰ হৃদয় আছন্ন কৰি পেলালে৷ এই গীত আৰু আকাশী নাচোনেৰে মতা স্কাইলাৰ্ক চৰাইটোৰ চেষ্টা মাইকী চৰাইক আকৰ্ষণ কৰাৰ৷ চাৰিওদিশে চাই চাই তুলিকাই ভাৱিলে, আছেনে ওচৰে পাজৰে কোনোবা মাইকী চৰাই? তাইৰ বাহিৰে কোনোবাই দেখিলেনে এই মনোমোহা গীত আৰু নাচ? চৰাইটোক আমনি নকৰিবলৈকে এইবাৰ তাই লাহে লাহে তাৰ পৰা বিপৰীত দিশত আগবাঢ়িল৷

কিছুদূৰ গৈয়ে তাই এখন কাঁটা তাৰৰ বেৰৰ মুখামুখি হ’ল৷ জৰীপৰ মেপখন উলিয়াই চাই বুজিলে, ইয়াৰ পৰা আৰম্ভ হৈছে অন্য এজন খেতিয়কৰ মাটি৷ জন মেকভিটিৰ মাটি এয়া৷ কালি কেইবাবাৰো ফোন কৰিও তেওঁৰ লগত তাই কথা হ’ব নোৱাৰিলে৷ অৱশ্যে আজিৰ জৰীপৰ কথা ভইচমেইলতে জনাই থৈছে৷ 

কাঁটা তাৰৰ বেৰখন তুলিকাই সাৱধানেৰে বগাই পাৰ হ’ল। সিপাৰে ভৰি থৈয়ে তাই ক’ৰবাত বলদ গৰু বা পোৱালি থকা গৰু আছে নেকি ভালদৰে চাই ল’লে৷ অহ, সঁচাকৈয়ে সৌৱা কিছু দূৰৈত এপাল গৰুৱে একান্তমনে ঘাঁহ খাই আছে! গৰুবোৰ অসমীয়া গৰুৰ তুলনাত প্ৰায় দুগুণ ডাঙৰ৷ প্ৰায়বোৰৰে ৰঙা চানেকীয়া গা৷ মাথোঁ পিঠি আৰু পেটৰ অংশ শুকুলা৷ দেখিয়েই তুলিকাই চিনি পালে এইবোৰ স্থানীয় আইৰিছ মইলড গৰু৷ এইজাতৰ বলদ গৰুৰো শিং নাথাকে৷ গতিকে দূৰৈৰ পৰা কোৱা টান৷ সেয়ে তাই সিহঁতৰ পৰা দুৰত্ব ৰাখি যথেষ্ট সাৱধানেৰে খোজ দিলে৷ ঘাঁহ খোৱাৰ পৰা ক্ষন্তেক ৰৈ এবাৰ সিহঁতে তাইলৈ মুৰ তুলি চালে৷ হয়তো তাই বিপদজনক নেকি তাকে অনুধাবন কৰাৰ চেষ্টা কৰিলে৷ তাইক শান্তভাৱে দুৰত্ব ৰাখি খোজ দিয়া দেখি সিহঁত পুনৰ আপোনমনে আকৌ ঘাঁহ খোৱাত মগ্ন হ’ল৷ সিহঁতৰ পৰা নিৰাপদ দুৰত্ব পাইহে তাই স্বস্তি অনুভৱ কৰিলে৷

এনেতে কিছু দূৰৈৰ পৰা ’কাৰলিউ কাৰলিউ’ বুলি মাতটো শুনি তুলিকা উত্তেজিত হৈ উঠিল৷ ক’ৰপৰানো মাতটো আহিছে বুলি আগ্ৰহেৰে ইফালে সিফালে চাবলৈ লাগিল৷ সেয়া সিহঁতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ চৰাই। সমগ্ৰ আয়াৰলেণ্ডতে সংকটৰ গৰাহত পৰা কাৰলিউ চৰাইৰ মাত সেয়া৷ এসময়ত আয়াৰলেণ্ডৰ গ্ৰাম্য পৰিৱেশত তেনেই চিনাকি এই চৰাইবিধ এতিয়া মাথোঁ কেইখনমান ঠাইতহে দেখা পোৱা যায়৷ তাৰে এখন হৈছে এই ফাৰমানা৷ গতিকে নেচাৰৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব এই চৰাইবিধৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰা, চৰাইবিধৰ সংৰক্ষণৰ বাবে সকলো ব্যৱস্থা লোৱা৷ 

তাই যিমানেই মাতটোৰ ওচৰ চাপি গ’ল, সিমানেই কাৰলিউৰ মাতৰ তীব্ৰতা বাঢ়ি গ’ল৷ এটা সময়ত সেই কোমল মাত তীক্ষ্ণ ’তিতিতিতিত’ সতৰ্ক মাতলৈ পৰিণত হ’ল৷ তুলিকা ভীষণ উৎসুক হৈ পৰিল৷ কাৰণ তাই বুজি পালে, কাৰলিউ চৰাইটোৱে এনে এলাৰ্ম কল এনেয়ে নিদিয়ে। হয়তো ওচৰে পাজৰে সিহঁতৰ বাহ আছে আৰু তুলিকাক দেখা পাই ইটোৱে সিটোক সতৰ্ক কৰি দিছে৷ মাৰ্কে কৈছিল, কাৰলিউ চৰাইৰ নিজৰ বাহটোৰ সৈতে আজন্ম সম্পৰ্ক৷ সিহঁতে বছৰি বছৰি একেডোখৰ ঠাইতে বাহ সাজি পোৱালি জগায়৷ গতিকে  এইখন পথাৰতে কাৰলিউৰ বাহৰ কোনো চিন মোকাম পালে নেচাৰৰ বাবে সেয়া বৰ গুৰুত্বপূৰ্ণ আৰু ভাল খৱৰ হৈ পৰিব!

প্ৰায় নিশব্দে আৰু ধীৰ গতিৰে তুলিকাই কাৰলিউ চৰাইটোৰ মাত অনুসৰণ কৰি আগবাঢ়ি গ’ল৷ পথাৰখন বৰ জেকা৷ কোনো কোনো ঠাইত বননিয়ে ঘেৰি ধৰিলেও তলৰ মাটি একেবাৰে সোপোকা। নজনাকৈ ভৰি দিলে এআঁঠু বোকাত সোমাই পৰাৰ সম্ভাৱনা৷ সেয়ে তাই খুপি খুপি সাৱধানেৰে খোজ দিলে৷ হঠাতে পথাৰৰ ডাঠ সেউজীয়া ৰাছ ঘাঁহৰ জোপোহা এটাৰ পৰা কাৰলিউ চৰাই এটিয়ে উৰা মাৰিলে৷ তাই চক খাই উঠিল। তথাপিও ভালকৈয়ে চকুত পৰিল সেই কাৰলিউৰ দীঘল ঠোঁটটোৰে মূগা বৰণীয়া দেহ৷ আমাৰ কাম চৰাইটোতকৈ অলপহে ডাঙৰ হ’ব কিজানি৷ তাই বৰ উৎসুকতাৰে সেই জোপোহাটোৰ ওচৰ পালেগৈ৷ তাত বাহ সজাৰ একো চিন দেখা নাপালে৷ কিন্তু মনত পৰিল তাই অফিচৰ আলোচনাতে শুনিছিল, এই কাৰলিউ চৰাইবোৰ হেনো বৰ বুদ্ধিমান৷ চিকাৰীৰ চকুক ভুৱা দিবলৈ সিহঁতে হেনো ঠিক বাহটোৰ পৰা উৰা নামাৰি কিছু আঁতৰলৈ গৈহে উৰা মাৰে।

এইবাৰ তাই চাৰিওফালে সিঁচৰতি হৈ থকা ৰাছ ঘাঁহৰ জোপোহাবোৰ এট এটাকৈ সাৱধানেৰে পৰীক্ষা কৰিবলৈ ল’লে৷ আস! চৰাইটোৱে উৰা মৰা ঠাইৰ পৰা চল্লিশ ফুটমান দূৰৈত তাই সঁচাকৈয়ে দেখা পালে এটা বাহ! এজোপা ৰাছৰ মাজত মিহি ঘাহ কিছুমানেৰে আটোম টোকাৰীকৈ সাজি থোৱা এটা আটোমটোকাৰী বাহ। তাইৰ দুচকু উজ্বলি উঠিল৷! কিমান হেঁপাহৰ অন্তত এই প্ৰথম তাই কাৰলিউ চৰাইৰ বাহ নিজ চকুৰে দেখা পালে!কাৰলিউহালে এই বাহত পোৱালি জগালে যে এইটো অন্যতম সাাফল্য হ’ব সিহঁতৰ টিমৰ৷ তাই জানে, কাৰলিউৰ সংখ্যা আৰু প্ৰজননৰ হাৰ এনেকুৱাকৈ কমি গৈছে যে এটা এটা বাহৰ সফলতাৰ ওপৰতে এই প্ৰজাতিটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে৷ 

পৰম সন্তোষেৰে তুলিকাৰ মন-প্ৰাণ ভৰি পৰিল৷ এনে একোটা মুহূৰ্তই যেন সিহঁতৰ বাবে অনুপ্ৰেৰণা৷ পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ যাব খোজা প্ৰকৃতিৰ এই বিনন্দীয়া চৰাই চিৰিকটিবোৰক অলপ হ’লেই প্ৰতিৰক্ষা দিব পৰাটো যে সিহঁতৰ বাবে কিমান সৌভাগ্যৰ কথা! এনে মুহূৰ্তবোৰৰ বাবেইতো তাই পুৱতি নিশাতে বিছনা এৰি আহে। শীত-বৰষুণকো নেওচি দ পথাৰৰ বোকাত খোজ দিবলৈ কেৰেপ নকৰে। লখ আৰ্ণৰ অকলশৰীয়া দ্বীপত টেন্ট একোটাত ডেৰেনে নিশাৰ পিছত নিশা চিকাৰী শিয়ালৰ পৰা কাৰলিউৰ বাহৰ পহৰা দিয়ে। ক’ৰবাত এনে এবিধ চৰাই দেখাৰ খৱৰ পালেই সকলো এৰি ঢপলিয়াই যায় মাৰ্ক! আয়াৰলেণ্ডৰ প্ৰকৃতি সংৰক্ষণৰ হকে নিষ্ঠাৰে লাগি থকা মানুহৰ দল এই নেচাৰ সংগঠন।

তুলিকাৰ সন্তোষৰ ভাৱটো পিছে বেছিপৰ নিটিকিল৷ কাম সামৰি গৈ পুনৰ সেই এলুমিনিয়ামৰ জপনাখন খুলিব লওঁতেই ঘেচ্ কৈ তাৰ সন্মুখতে ৰ’লহি এখন সেউজীয়া ফাৰ্ম বাগী৷ দেখাত গলফ্‌ কৰ্টৰ সৰু গাড়ীবোৰৰ দৰে। এই বাগীবোৰ ফাৰমানাত খুবেই জনপ্ৰিয়৷ চালকৰ আসনত এজন থুলন্তৰ মানুহ। চিনি নাপালেও তেওঁলৈ চাই তুলিকাই হাত জোকাৰিলে৷ মানুহজনৰ বয়স হয়তো পঞ্চাছৰ ঘৰত৷ তপা মূৰটো আৰু গাতত সোমোৱা চকুহালৰ বাবে মানুহজনক বেছি বয়সস্থ যেন দেখাইছে যেন৷ তেওঁ ইয়াৰে এজন খেতিয়ক বুলি তাই ধাৰণা কৰি ল’লে৷

মানুহজনে তাইক কোনো প্ৰত্যুত্তৰ নিদিয়াকৈ বাগীৰ ইঞ্জিন বন্ধ কৰিলে৷ বাগীৰ পৰা জাপ মাৰি নামিল। কাষ চাপি আহি তেওঁ কিছু ৰুক্ষ মাতেৰে কোনো সম্বোধন নকৰাকৈ কিন্তু তাইকে লক্ষ্য কৰি ক’লে,

‘মোৰ মাটিত কোনো বাহিৰা মানুহে ভৰি দিয়াটো মই নিবিচাৰোঁ।’ 

তেওঁৰ খঙাল মাতষাৰ শুনি তুলিকাই থতমত খাই গ’ল৷ সাধাৰণতে প্ৰায়বোৰ আইৰিছ খেতিয়কৰ আন্তৰিক ব্যৱহাৰৰ সৈতেহে তাই অভ্যস্ত হৈ আহিছে৷ এইজনৰ ৰূপেই বেলেগ চোন!  

‘অহ, কি কথাত বেয়া পাইছে অলপ শান্ত হৈ বুজাই কওকচোন। মই বুজিবলৈ চেষ্টা কৰিম।’- যথাসম্ভৱ নিজকে চম্ভালি তাই যিমান পাৰি নম্ৰতাৰে ইংৰাজীতে ক’লে।

‘বুজাই ক’বলৈ কিটো আছে৷ এইখন মোৰ পথাৰ আৰু ইয়াত মই নেচাৰৰ কাকো জৰীপ কৰিবলৈ দিব নোৱাৰোঁ৷ যোৱাবাৰ মোৰ পথাৰত তোমালোকৰ কোনোবাই জৰীপ কৰিছিল৷ খেতিৰ একো নজনা কোনোবা এগৰাকী৷ মোৰ এটা গৰুক ভয় খুৱাই খালত সোমাৱালেগৈ৷’ বৰ লম্ফ জম্ফ কৰি তেওঁ কথা কেইষাৰ ক’লে৷

তুলিকাই খৰকৈ চিন্তা কৰি চালে৷ এনেয়ে কোনোবাই এনে আপত্তি দেখুৱালে তেওঁৰ পথাৰত জৰীপ নকৰিবলৈকে মাৰ্কে উপদেশ দিছিল৷ কিন্তু এইখন পথাৰতে যে তাই এইমাত্ৰ কাৰলিউ চৰাইৰ বাহ এটা আৱিষ্কাৰ কৰি আহিছে! গতিকে এইজন খেতিয়কৰ সৈতে মোকামিলা কৰি পথাৰখন চোৱাচিতা কৰি থকাটো অত্যন্ত জৰুৰী৷

‘মই জনা নাছিলো, বেয়া নাপাব৷ মই ইয়াত নতুন, এইবছৰহে জইন কৰিছোঁ৷ আপুনি ঠিকেই কৈছে, আপোনালোকৰ দৰে এই খেতি-পথাৰৰ জ্ঞান নাই আমাৰ৷ আমি চৰাই-চিৰিকটিৰ পিছত লাগি ফুৰা মানুহহে!’ পৰিৱেশতো পাতল কৰিবলৈ তাই অলপকৈ হাঁহিলে৷

‘তাকেইতো! নাজানিলে ক’ব লাগে মোক, নহয় জানো? তেনেকৈ পৰি মোৰ গৰুটো মৰা হ’লে বা দুখ পোৱা হ’লে মোৰ কিমান লোকচান হ’লহেঁতেন জানানে?’- জন মেক ভিটিৰ মাতটো কিছু কোমল হোৱা যেন পাই তুলিকাই সকাহ পালে৷ 

সেই সুযোগতে তাই ক’লে,

‘একেবাৰে সঁচা কথা৷ আপুনি নিবিচাৰিলে আমি কোনো কাৰণতে ইয়াত আহি জৰীপ নকৰোঁহি৷ কিন্তু মই নিজেই এইমাত্ৰ চাই আহিছোঁ- আপোনাৰ পথাৰখনে ইয়াৰ চৰাই-চিৰিকটিৰ বৰ উপকাৰ কৰিছে৷ সেয়ে আপত্তি নাথাকিলে আপোনাৰ পৰা মই আয়াৰলেণ্ডৰ খেতি-পথাৰৰ কথা জানি বুজি ল’ব খোজো। সেয়া বুজাটো আপুনি কোৱাৰ দৰেই আমাৰ কামৰ কাৰণে বৰ দৰকাৰী।’

কেই মুহূৰ্তমান জন মেকভিটি তাপ মাৰি ৰ’ল৷ তুলিকাই দাত ওঁঠ কামুৰি ৰ’ল উৎকন্ঠাত৷

তাৰ পিছত তেওঁ কৈ উঠিল,

‘ঠিক আছে! সময় আছে যদি ব’লা খেতি দেখুৱাম তোমাক৷’

‘এতিয়া?’ ঘটনাৰ পাকচক্ৰত তুলিকা অলপ আচৰিতেই হ’ল৷

‘অঁ, এতিয়া যাবলৈ তোমাৰ অসুবিধা হ’ব নেকি?’

‘নাই নাই, ব’লক৷ ভালহে হ’ব, আপোনাৰ পথাৰখন ভালকৈ চাব পাৰিম৷’ তাই তৎক্ষণাৎ মান্তি হৈ গ’ল৷ এই সুযোগ হেৰুওৱাৰ প্ৰশ্নই নুঠে!

এইবাৰ দুয়ো একেলগে এলুমিনিয়ামৰ জপনাখনেৰে সোমাল৷ 

‘মোৰ নাম তুলিকা৷ আপুনি জন মেকভিটি, নহয় জানো?’ তুলিকাই এইবাৰহে চিনাকি ল’বলৈ সুযোগ পালে যেন!

‘অঁ অঁ ময়েই জন৷’ এইবাৰ জন ক্ষন্তেক আগৰ ব্যৱহাৰৰ বাবে অলপ অপ্ৰস্তুত হ’ল যেন৷ তপা মূৰটোতে হাত ফুৰাই বেঙাৰ দৰে হাঁহি এটা মাৰিলে তেওঁ৷

জন তাইৰ আগে আগে খোজ দি আগবাঢ়িল৷ দ পথাৰখনৰ বোকাই পানীয়ে অভ্যস্ত তেওঁৰ বুটজোতাযোৰে যেন একোলৈকে কেৰেপ নকৰে এনে ভাৱ হ’ল তুলিকাৰ৷ তেওঁৰ গৰু-ভেড়াৰ পৰিচালনা, পথাৰত ৰাছ ঘাঁহ বাঢ়ি হোৱা অসুবিধা, যোৱাবছৰৰ বানপানীৰ ক্ষয়-ক্ষতি ইত্যাদিৰ কথা বাটে বাটে ক’বলৈ লাগিল৷ তুলিকাই মন দি শুনি গ’ল মাথোঁ৷

অলপ আগতে সাৱধানেৰে এৰাই যোৱা আইৰিছ মইলড গৰুৰ জাকটোৰ পৰা কিছু দূৰৈত তেওঁ ৰৈ গ’লহি৷ তেওঁক দেখি তুলিকাও থমকি ৰ’ল৷

‘কাম বঅঅঅছ! আহা আহা।’ তুলিকাক প্ৰায় চক্ খোৱাই গৰুজাকক উদেশ্যি দীঘলীয়াকৈ তেওঁ উকি এটা মাৰিলে৷

চিনাকি মাতৰ উকিটো শুনিয়েই গোটেইজাক গৰু তেওঁৰ কাষ চাপি আহিল৷ দুটামানে আহি তেওঁ গাতে গা ঘঁহাই দিলেহি৷ 

গৰুজাকৰ সৈতে জন মেকভিটিৰ যেন সম্পূৰ্ণ ভিন্ন ৰূপ! বৰ আন্তৰিকতাৰে তেওঁ সিহঁতৰ পিঠিত হাত ফুৰাই দিলে৷ আপোন মানুহৰ দৰে দুই-এষাৰ পাতিলে৷ গৰুবোৰেও উত্তৰত হেম্বেলিয়াই উঠিল৷ 

‘এইহাল নতুনকৈ আনিছোঁ বুজিছা৷ ডেক্সটাৰ জাতৰ৷ বৰ বন্ধুসুলভ৷’ তুলিকালৈ চাই তেওঁ আপোনমনে কৈ গ’ল৷

তাইৰ তেতিয়াহে চকুত পৰিল ৰঙচুৱা কিছু সৰু আকাৰৰ গৰু হাল৷ সোধো নোসোধোকৈ তাই সুধিলে৷

‘ময়ো হাত বুলাই চাব পাৰোঁনে?’ 

‘চোৱা চোৱা৷ ইহঁতহালে অকণো আমনি নাপায়!’

এইবাৰ তুলিকায়ো কাষ চাপি আহি পিঠিত লাহেকৈ হাত বুলাই দিলে৷ গৰুটোৱে নিৰ্জু দুচকুৰে তাইলৈ কিছুপৰ চাই থাকি তাইৰ হাততে চেলেকি দিলে৷ তাই খিলখিলাই হাঁহি পেলালে৷ জনেও হাঁহিলে৷

‘অঁ তোমাক বন্ধু কৰি ল’লেই চোৱা!’

তুলিকাই যেন এইবাৰহে উপলব্ধি কৰিব পাৰিলে এই গৰুজাক জনৰ বাবে কিমান গুৰুত্বপূৰ্ণ৷ ইহঁত তেওঁৰ কেৱল ৰোজগাৰ নহয়, সুখ-দুখৰ লগৰীয়াও৷ তাইৰ ভাৱ হ’ল যেন পৃথিৱীৰ সকলো দেশতে মাটি আৰু খেতিয়কৰ সেই একেই চিৰন্তন আত্মীয়তা৷ 

উভতনিৰ বাটত জনৰ সৈতে তাইৰ কথা-বতৰা যথেষ্ট সহজ হৈ আহিল৷ জনে উৎসাহেৰে কৈ গ’ল কেনেকৈ এটা সময়ত কৰ্ণকেক চৰাইৰ ‘ক্ৰেক ক্ৰেক’ মাতত নিশা তেওঁ নিশা টোপনি যাব নোৱাৰিছিল৷ একেলগে কেইবাটাও চৰায়ে ইটোৱে সিটোক মাতি থাকিছিল সন্ধিয়াৰ পৰা কেতিয়াবা মাজনিশালৈকে৷  আৰু এতিয়া ক’তো এটাও দেখা পাবলৈ নাই৷ 

তুলিকাই কৌতুহলেৰে প্ৰশ্ন কৰিলে, 

‘কৰ্ণকেক বোৰ কিয় নোহোৱা হৈ গ’ল বাৰু আপোনাৰ মতে?’

‘আয়াৰলেণ্ডত খেতি কৰাৰ ধৰণ সলনি হোৱাৰ কাৰণেই৷ জানাই নহয়, ইয়াত ইমান বৰষুণ হয় যে খেতি পথাৰৰ ঘাঁহ কেতিয়াও শুকাবলৈকে নাপায়৷ আগতে খেতিয়কে একেবাৰে গৰমৰ দিনকেইটাত মানে ধৰা জুলাই-অগষ্ট মাহত ঘাঁহ কাটি শুকাবলৈ দিছিল। সেইবোৰ শীতৰ দিনকেইটা গৰু-ভেড়াবোৰক খুৱাবলৈ সাঁচি থৈছিল৷ এতিয়া নতুন বেইলড চাইলেজ পদ্ধতি ওলাল৷ ঘাঁহ শুকুৱালৈ ৰোৱাৰ দৰকাৰেই নপৰে৷ সেয়ে খেতিয়কে মাৰ্চ-এপ্ৰিলতে সেমেকা ঘাঁহকে চীল কৰি সাঁচি ৰাখিব পৰা হ’ল৷’ 

‘গতিকে খেতিয়কৰ ঘাঁহ কটাৰ সময় সলনি হোৱাৰ লগে লগে চৰাইবোৰে এপ্ৰিল-মে’ মাহত বাহ সাজিবলৈ পথাৰবোৰত ঘাঁহ নোহোৱা হৈ পৰিল, নহয় জানো?’

জনে হয়ভৰ দিলে৷ লগতে কৈ উঠিল,

‘মই পিছে এইখন পথাৰত চাইলেজ কৰা নাই দেই৷ এই পথাৰখন ইমানেই জেকা যে চাইলেজ কৰিও বিশেষ লাভ নহ’ব৷ সেয়া দেখিছাই নহয় ৰাছ ঘাঁহবোৰে কেনেকৈ ছাটি ধৰিছে৷’

‘হয়, কিন্তু চাইলেজ নকৰি বৰ ভাল কৰিছে আপুনি! ইয়াতে কাৰলিউ এহালে বাহ সাজিবলৈ আৰম্ভ কৰিছে৷ গতিকে আপোনাৰ পথাৰখন চৰাইবোৰৰ বাবে বৰ গুৰুত্বপূৰ্ণ৷ আপুনি চৰকাৰী স্কীমত নাই নেকি? স্কীমত থকা খেতিয়কে ৰাছবোৰ কাটিবলৈ চৰকাৰৰ পৰা সহায় পায় নহয়!’

জন উৎসুক হৈ পৰিল,

‘হয় নেকি? যোৱাবছৰ মোৰ চুবুৰীয়া ফ্ৰেংকে ফৰ্ম জমা দিয়াৰ কথা শুনিছিলো৷ কিন্তু গোটেইবোৰ অনলাইন কৰিব লাগে হেনো৷ মই আজিলৈকে কম্পিউটাৰত একো কৰিবলৈকে শিকিব নোৱাৰিলো বুজিছা৷ আমাৰ দৰে গৰু-গাই লৈ ব্যস্ত থকা মানুহৰ সেইবোৰ শিকিবলৈ সময় ক’ত! তাতে চকুৰেও জুপি থকিবলৈ টান পাওঁ৷’

‘সেইটো একো সমস্যাই নহয়৷ স্কীমৰ কামত খেতিয়কক সহায় কৰিবলৈ স্থানীয় অফিচত সহায়কাৰী থাকে নহয়৷ এইবছৰ ময়ো সহায় কৰিম৷ আপোনাৰ দৰে পৰিৱেশ আৰু খেতি দুয়োটাই বৰ্তাই ৰাখিব খোজা খেতিয়কৰ বাবেই এই এনভাইৰনমেন্টেল পেমেন্ট স্কীম! আপুনি চাইলেজ নকৰি পৰম্পৰাগত ভাৱেই পথাৰখন ৰাখিছে। ৰাসায়নিক সাৰো দিয়া নাই৷ স্কীমত সোমালে এই সকলোবোৰৰ কাৰণে চৰকাৰে আপোনাক  উপযুক্ত ক্ষতিপূৰণ দিব৷ সেইখিনি টকা আপোনাৰ প্ৰাপ্য৷’ সুযোগ পাই তুলিকাই স্কীমখনৰ গোটেই কথাখিনি বুজাই ক’লে৷

জন এইবাৰ দস্তুৰমত সুখী হ’ল, ‘বৰ ভাল পালো দেই জানি৷ এইবছৰ কেতিয়ালৈ আবেদন কৰিব পাৰিম বাৰু?’

‘আপুনি একো চিন্তা নকৰিব৷ সাধাৰণতে জুন মাহত আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ আপোনাক মই ফোন কৰি জনাম আৰু আবেদন কৰিবলৈও যি পাৰোঁ লাগি দিম বাৰু৷’

‘বঢ়িয়া৷ জনাবা তেনে৷’

ইতিমধ্যে দুয়ো আহি বাগীখনৰ কাষ পাইছিলহি৷ তুলিকাৰ মিনি কুপাৰখন কিছু আঁতৰত ৰখাই থোৱা আছিল৷ জনক বিদায় দি গাড়ীৰ ফালে খোজ লোৱাৰ পূৰ্বে তাই সুধিলে,

‘অহা মাহত আকৌ এবাৰ আপোনাৰ পথাৰখনত জৰীপ চলাবলৈ পালে বৰ সুখী হ’ম৷ আপোনাক আগেয়ে ফোন কৰি জনাম যাতে আগৰ দৰে একো ঘটনা নঘটে, হ’বনে?’

‘ঠিক আছে, তুমি আহিবা বুলি আগতীয়াকৈ জানিলে মই বলধবোৰ আঁতৰাই থ’ম বাৰু৷ আচল ভয়টো সিহঁতবোৰৰ পৰাহে৷ ঘপকৈ অচিনাকি মানুহ দেখা পালে সিহঁতে চিধাই আক্ৰমণ কৰিব খোজে বুজিছা৷’ জনে একেবাৰে শান্তভাৱে ক’লে৷ 

তুলিকা সুখী হৈ পৰিল৷ গাড়ীখন সেই ঠেক বাটটোত এৰি দিয়ে তাই ৰেডিঅ’টো লগাই দিলে৷ গুণগুণকৈ ৰেডিঅ’ৰ গানৰ লগে লগে সুৰ মিলাই মুকলি মন এটাৰে অফিচলৈ উভতিল৷ 

ইতিমধ্যে তাইৰ পেটে কলমলাইছিল৷ ইমান পুৱাতে ওলাই গৈ পিছত জনৰ লগত কথা-বতৰা পাতি থাকি একো এটা খাবলৈকে নহ’ল৷ অফিচত লান্স টাইম হোৱাত ভালেই পালে তাই৷ লাউঞ্জতে মাৰ্ক, লিছা আৰু ফিয়’নাক লগ পালে৷ কফিত শোহা দি লৈ তাই বৰ উৎসাহেৰে সকলোকে পুৱাৰ কাহিনী ক’লে৷ 

‘তুমি জন মেক ভিটিক মান্তি কৰালা! কি কোৱাহে৷ আজি দুবছৰে আমি চেষ্টা কৰি আছোঁ। তেওঁক আমাৰ স্কীমলৈ আনিবলৈ৷’ মাৰ্কৰ দুচকুত বিস্ময়৷

‘ফাৰমানাৰ মানুহৰ মুখে মুখে তেওঁৰ খঙৰ কাহিনী বুজিছা!’ লিছাই হাঁহি ক’লে৷

‘যোৱাবছৰৰ ঘটনাটো কি কওকচোন৷’ তুলিকাৰ কৌতুহল হ’ল৷

‘আচলতে আল্ষ্টাৰ ৱাইল্ডলাইফ নামৰ সংগঠনটোৰ কোনোবা নতুন স্বেচ্ছাসেৱী এজনে জৰীপ কৰোঁতে সেই ঘটনাটো ঘটিছিল৷ জৰীপ কৰি থাকোঁতে ঘপকৈ সন্মুখত গৰুটো দেখি ভয় খাই দৌৰ দিলে৷ গৰুটোৱেও চক খাই উভতি দৌৰ দিওঁতে গৈ খালত পৰিলগৈ৷ জন মেক ভিটিয়ে তেওঁৰ ওপৰত কেছ দিয়াৰ পৰ্য্যায় পাইছিলগৈ৷ তাৰ পিছৰ পৰা মানুহজনে ৱাইল্ডলাইফৰ মানুহৰ নামকে শুনিব নোখোজে, তুমি যে মান্তি কৰাব পাৰিলা সেয়া বৰ ডাঙৰ কথাই৷’ ক্ষন্তেক ৰৈ মাৰ্কে পুনৰ ক’লে, ‘এয়া সঁচাই তোমাৰ কৃতিত্ব,তুলিকা।’ 

মাৰ্কৰ প্ৰশংসাই তুলিকাক আপ্লুত কৰিলে৷ তাই যেন পুনৰ এবাৰ উপলব্ধি কৰিলে, পৃথিৱীৰ যি কোণতেই নহওক সকলো মানুহৰ হৃদয়ৰ ৰং ৰূপ একেই। সকলো মানুহৰ আবেগ-অনুভূতিৰ চাকনৈয়া একেই৷ এই প্ৰথমবাৰৰ বাবে তাইৰ হৃদয়ত এটি বিশ্বাসৰ সুঁতি জাগিল, আয়াৰলেণ্ডৰ এই অজান্তি মুলুকত তাইৰ এটি ঠিকনা হৈছে বুলি। এই সমাজৰ বাবে, ইয়াৰ প্ৰকৃতিৰ বাবে কিবা এটা কৰাৰ সামৰ্থ্য তাইৰ মাজত আছে বুলি৷

লান্স কৰিয়ে অফিচৰ সকলো ঘৰাঘৰি যাবলৈ ওলাল৷ জৰীপ চলি থকাৰ সময়খিনিত দুইমান বজাৰ ভিতৰতে অফিচৰ পৰা সকলো ওলায়৷ পুৱা চাৰি-পাঁচ বজাতে কাম আৰম্ভ হয় বাবে তেতিয়ালৈ অফিচৰ নিৰ্ধাৰিত সময়খিনি পূৰ হৈয়ে৷ তুলিকাও ওলাল৷ ঘৰ পায়ে তাই দেখা পালে মাকৰ মেচেজ৷

‘তই অকলেই সেই ঠাইবোৰত গাড়ী চলাই ঘুৰি ফুৰিছ নে?’

মেচেজটো পঢ়ি তাই হাঁহি পেলালে৷ মনতে ক’লে, 

‘এয়াতো মাথোঁ আৰম্ভণি মা! আৰু বহুত বাকী এতিয়াও৷ বহুত! মোৰ যে ইমান হেঁপাহ, মা!’