Friday, 3 November 2023

ফাৰমানা (দ্বাদশ খণ্ড)

তুলিকাৰ এপাৰ্টমেণ্টৰ সন্মুখতে ফিয়নাৰ বগা ট’য়টা ক’ৰ’লা গাড়ীখন ৰৈ আছিল। তাৰ সন্মুখৰ আসনত তাই বহি পৰাৰ লগে লগেই ফিয়নাই উচ্ছলতাৰে ক’লে, ‘আজি বেলম’ৰেল শ্ব’ত ভাল লাগিব, তুলিকা। তুমি আয়াৰলেণ্ডৰ প্ৰাণটো দেখা পাবা।’

তুলিকাই হাঁহিলে মাথোঁ। এই কৃষিভিত্তিক উৎসৱক লৈ যোৱা সপ্তাহৰ পৰাই নেচাৰৰ অফিচত নানা আয়োজন।

‘বেলম’ৰেল শ্ব’ আয়াৰলেণ্ডৰ আটাইতকৈ ডাঙৰ কৃষি উৎসৱ। আয়াৰলেণ্ডৰ খেতি আৰু খেতিয়কক যদি জানিব খোজা ইয়াতকৈ ভাল অনুষ্ঠান নাই।’ মাৰ্কে কৈছিল। গতিকে নেচাৰৰ প্ৰতিনিধি হিচাপেই আজি সিহঁত ওলাইছে। কাৰণ পৰিৱেশৰ বহনক্ষম ৰূপত খেতি কৰাৰ উপায় দেখুৱাবলৈ আৰু আইৰিছ খেতিয়কক নেচাৰৰ কামৰ বিষয়ে জনাবলৈ এয়াই ভাল সুযোগ।

‘অ’ৰমা টাউনৰ পৰা ডেৰেনক লৈ যাম দেই। ডেৰেন নিজেও খেতিয়ক। গতিকে আমাক খেতিয়কৰ প্ৰশ্ন আদি উত্তৰ দিয়াত সহায় কৰিব পাৰিব।’ এনিছকিলেনৰ ঘাইপথত গাড়ীখন এৰি দি ফিয়নাই ক’লে।

‘বঢ়িয়া!’ তুলিকাই কিছু সকাহ পালে। নহ’লে আইৰিছ খেতিৰ বাবে ৰখা মেচিন আদিৰ বিষয়ে একোৱে নাজানে বুলি তাই যেন ভিতৰি কিছু অস্বস্তিত ভুগি আছিল।

‘কাইলৈ মাৰ্ক, লিছা আৰু টমৰ পাল পৰিছে। নহ’লে একেৰাহে নোৱাৰি বুজিছা। মাৰ্কে পিছে আজিও এপাক মৰাৰ কথা- জীয়েক মিনলাক বেলম’ৰেল শ্ব’ দেখুৱাব হেনো। কাইলৈ নেচাৰৰ ডিউটি থাকিলে সময় নাপাব যে!’

তুলিকাই মূৰ দুপিয়ালে। ফিয়নাই আলষ্টাৰ ৰেডিঅ’ত বাজি উঠা গানটোৰ সৈতে সুৰ মিলাই গুণগুণালে। কেনেকৈ যে সকলো সময়তে ইমান ৰঙীয়াল হৈ থাকিব পাৰে এই ফিয়না, তুলিকাই ভাৱিলে। যেন তাইৰ খিলখিল হাঁহিত আজিলৈকে কোনো যন্ত্ৰণাৰ আঁচোৰ পৰা নাই, দুচকুৰ জিলিমিলিয়া ৰ’দজাকত বেদনাৰ কলীয়া ডাৱৰৰ কোনো অৱশিষ্ট নাই। তুলিকাৰ দৰে!

‘ৱিকেণ্ড কেনে গ’ল তোমাৰ?’ ৰেডিঅ’ত গান সলনি হৈছে। ফিয়নাৰ গুণগুণনি থমকি ৰৈছে।

‘ভালেই, মাৰ লগত কথা পাতিলোঁ। দেওবাৰে আবেলি অলপ দৌৰিলোঁ- সিমানেই। তোমাৰ?’ তুলিকাই ইচ্ছা কৰিয়েই প্ৰশ্নটো ফিয়নালৈ ঠেলি দিলে যেন। ইয়াৰ জনজীৱনত ৱিকেণ্ড মানে শনি আৰু দেওবাৰ যেন প্ৰতি সপ্তাহৰ বিশেষ দুটা দিন। সপ্তাহৰ শেষত জিৰণিৰ দিন। ভালপোৱাজনৰ লগত জীৱনটো উদযাপন কৰাৰ দিন। কি কৰিব তুলিকাই? কাৰ লগত কৰিব?

‘আমি এইটো ৱিকেণ্ড ডাবলিনত কটালোঁ। চ’নৰ কনচাৰ্ট এখন আছিল। সাংঘাতিক ভাল হৈছিল জানা।’ ফিয়নাই বৰ উৎসাহেৰে কৈ গ’ল চ’নৰ গানৰ কথা। গান শেষ হোৱাৰ লগে লগেই কিমানে যে ‘আৰু এটা’, ‘আৰু এটা লাগে’ বুলি চিঞৰিছিল!

‘তোমালোকৰ সকলো ঠিকে চলি আছে তেনে?’ তুলিকাই হাঁহি হাঁহি সুধিলে।

‘অঁ অঁ। আচলতে কি জানা, সেই কনচাৰ্টৰ পিছতে চ’নে মোক সুধিলে – তাৰ লগত একেলগে থাকিব বিচাৰোঁ নেকি?’

‘তুমি কি ক’লা?’

‘য়েছ্‌! মই সঁচাই তাৰ লগত থাকিব বিচাৰোঁ- একেলগে এটা জীৱন গঢ়িব বিচাৰোঁ।’ ফিয়নাৰ মুখখন যেন আগতকৈও উজ্বল হৈ উঠিল। তুলিকায়ো উৎসাহেৰে ক’লে,

‘বৰ ভাল খৱৰ ফিয়না। কংগ্ৰেছুলেশ্যনছ!’

এই দেশত যোৱা তিনিবছৰৰ প্ৰবাসী জীৱনে তাইক শিকাইছে ইয়াত ভালপোৱাৰ মাপকাঠী ভিন্ন, সম্পৰ্কৰ গতিৰ ৰূপো ভিন্ন। একেলগে একেখন ঘৰতে এটা জীৱন গঢ়াৰ এই সিদ্ধান্তৰ বাবে প্ৰায়ে পূৰ্বচৰ্ত হৈ নাথাকে পৰিয়ালৰ অনুমতি বা সমাজৰ স্বীকৃতি। সেয়া যে সেই এহাল মানুহৰ নিতান্তই ব্যক্তিগত সিদ্ধান্ত! তুলিকাৰ মনটো ঘপকৈ কেনিবা উৰা মাৰিব খুজিলে। বিদ্যুতৰ লগত তায়ো বিয়াৰ আগতে এনেকৈ থাকিবলৈ লোৱা হ’লে সিহঁতৰ সম্পৰ্কৰ স্বৰূপ বেলেগ হ’লহেঁতেনে নেকি বাৰু? বিয়াৰ পিছত সিহঁতক মেৰিয়াই ধৰা হাঁহাকাৰবোৰে আগতীয়াকৈ ধৰা দিলেহিহেঁতেন নেকি?

‘আমি ঘৰ বিচাৰি আছোঁ জানা। অহা মাহৰ পৰাই একেলগে ঘৰ এটা ল’ব খুজিছোঁ। ক’ৰবাত ভাড়াঘৰৰ খৱৰ পালে ক’বাচোন।’

‘কিয় তোমালোকৰ এপাৰ্টমেণ্ট দুটা নাই জানো?’ তুলিকাই অলপ আচৰিত হৈ সুধিলে।

‘নাই, আমি ভাৱিছোঁ মই তাৰ বা সি মোৰ এপাৰ্টমেণ্টত থাকিবলৈ লোৱাতকৈ দুয়ো মিলি পচন্দৰ নতুন ঘৰ এটা লওঁ। দুয়োৰে সেই জীৱনৰ আৰম্ভণি একেটা বিন্দুৰ পৰাই হওক। বুজিছা?’

বুজিলে তাই। কাৰণ তাই নিজেই তেনেকৈ বিদ্যুতৰ লণ্ডনৰ এপাৰ্টমেণ্টত সোমাইছিলহি। সময় লাগিছিল। তাইৰো, বিদ্যুতৰো। বিদ্যুতৰ ঘৰখন তাইৰো নিজৰ ঘৰ বুলিবলৈ- মইৰ পৰা আমি হ’বলৈ। সৰু সৰু কথাবোৰেই যেন দুয়োকে আমনি কৰিবলৈ লৈছিল। পুৱা শুই উঠিয়ে তাই এষাৰি বৰগীতেৰে লাহে-ধীৰে দিনটোৰ আৰম্ভণি কৰিবলৈ ভাল পায়। বিদ্যুতক আকৌ দিনটোৰ বাবে সাজু হ’বলৈ দৰকাৰ হৈছিল ফুল ভলিউমৰ ৰক মিউজিক। কোনোটো কোঠাতে সি আঁৰি থোৱা ফটো আঁতৰাই তুলিকাই ওলমাব পৰা নাছিল বন্ধাই লৈ যোৱা ৰংঘৰৰ গোলাপী আবেলিৰ ফটোখন। এবাৰতো তাৰ প্ৰিয় কফি মাগ এটা ধুওঁতে ঘপকৈ পৰি ভঙাত তুলিকাৰ থৰকাছুটি হেৰাইছিল। সি দেখা পালে কি হ’ব বুলি …

‘সৌৱা ডেৰেন ৰৈয়ে আছে।’ ফিয়নাৰ মাতে তুলিকাক উচপ খুৱাই দিলে যেন। নিজকে তাই সোঁৱৰালে এইবাৰ। এই কথাই কথাই অতীতলৈ হাঁকুটি মেলা স্বভাৱটো আঁতৰাব লাগিব। মিচেলে কৈছিল, ‘বৰ্তমানত জীয়াই থাকিবলৈ শিকা, তুলিকা। অতীত সলনি কৰিব নোৱাৰি। ভৱিষ্যতত কি হ’ব সেয়া জনাৰ উপায় নাই। তোমাৰ নিয়ন্ত্ৰণত কেৱল বৰ্তমানৰ মুহূৰ্তটো।’ দীঘলকৈ এটা উশাহ টানি তাই নিজকে বাস্তৱলৈ ঘুৰাই অনাৰ চেষ্টা কৰিলে যেন। অ’ৰমা টাউন পালেহিয়ে তাৰমানে!

‘হাই ফিয়না, হাই তুলিকা। হুৱাটছ্‌ দ্য ক্ৰেইক?’

প্ৰায়ে শুনিলেও সেই কথাষাৰে আজিও তুলিকাক আমোদ দিলে। ‘হুৱাটছ্‌ দ্য ক্ৰেইক’- আইৰিছ ঢঙত, কি খৱৰ? হাঁহি হাঁহি তাই উত্তৰ দিলে, ‘ভাল ভাল ডেৰেন! তোমাৰ কেনে?’

‘মোৰ ভালেই দিয়া। কালি মোৰ যিহে অৱস্থা হ’ল বুজিছা?’ গাড়ীৰ পিছৰ ছিটটোত খপজপকৈ বহি লৈ বেল্টডাল লগাই থাকি ডেৰেনে ক’লে।

‘কি হ’ল? কালিতো তুমি ডেভেনিছ দ্বীপত কাৰলিউ চাবলৈ কেম্প কৰি আছিলা?’ ফিয়নাই ক’লে। তাইৰ কথা শুনিহে তুলিকাৰ মনত পৰিল, ঠিকেই! ডেৰেন নেচাৰৰ কাৰলিউ অফিচাৰ। কাৰলিউ চৰাইৰ গুৰুত্ব আৰু ক্ৰমাৎ হ্ৰাস পাই অহা সংখ্যালৈ চায়ে ডেৰেনক কেৱল এই চৰাইটোৰ ওপৰতে মনোনিবেশ কৰিবলৈ দিয়া হৈছে।

‘আছিলোঁ। কিন্তু পুৱাৰ ছাৰ্ভে কৰি মটৰব’টখন লৈ উলটি আহোঁতে মোৰ পকেটৰ পৰা চাবিকোঁচা কেনেবাকৈ পানীত সৰি পৰিল! পানীত নামি বিচৰাৰ সাধ্য নহ’ল বুজিছা। লখ আৰ্ণে মোৰ ছাৱিকোঁচা ল’লে বুলিয়ে এৰি দিলোঁ। কালি ৰাতি অ’ৰমাত মোৰ বন্ধু এজনৰ ঘৰত থাকিব লগা হ’ল সেয়ে।’

ফিয়নাই হোহোৱাই হাঁহি উঠিল। ক’লে, ‘লখ আৰ্ণক আৰু কি কি দান দিবা ডেৰেন? যোৱাবছৰ তোমাৰ ফোনটো দিয়া নাছিলা জানো?’

তুলিকাৰ বেয়া লাগিল ডেৰেনলৈ। তাইৰ চকুত পৰিল ডেৰেনৰ দাড়িৰে ভোবোকাৰ মুখখনত অনিদ্ৰাৰ চিন। পিন্ধা কাপোৰসাঁজ সোঁতমোচ খোৱা। তাই নকৈ নোৱাৰিলে,

‘আজি কিয় ছুটি নল’লা ডেৰেন? টোপনিকে পূৰাই ল’ব পাৰিলাহেঁতেন!’

‘আস, ভাৱিছিলোঁ বুজিছা। কিন্তু, বেলম’ৰেল শ্ব’ এৰিবলৈ মন নগ’ল। মোৰ নিজৰ কাৰণেও আইৰিছ মইল গৰু এটা কিনাৰ কথা ভাৱি আছিলোঁ। সেয়ে ভাৱিলোঁ, আজি যেনেতেনে মিলাওঁ। কাইলৈৰ পৰা দুদিন ছুটি ল’ম। ছাবিও বনোৱাব লাগিব।’

গাড়ীৰ গতি লাহে লাহে কমিল। সেইখিনি বেলফাষ্ট মহানগৰীৰ উপকণ্ঠ অঞ্চল। দূৰৈৰ পৰাই সিহঁতে দেখিলে বেলম’ৰেল শ্ব’ৰ বিশাল প্ৰৱেশদ্বাৰ।

‘পাই গ’লোঁহি দেই!’ ফিয়নাই ক’লে। এমূৰত অস্থায়ীকৈ সাজি উলিওৱা পাৰ্কিং লটত গাড়ীখন ৰ’লগৈ। নেচাৰৰ বুকলেটৰ পৰা আৰম্ভ কৰি প্ৰদৰ্শনীৰ সকলো বয়-বস্তু নমাই তিনিও প্ৰৱেশদ্বাৰেদি সোমাই গ’ল।

চকুৰে মনালৈকে শাৰী শাৰী শুকুলা টম্বু। খেতিৰ বিভিন্ন সা-সামগ্ৰী, যন্ত্ৰ-পাতি আৰু জীৱ-জন্তুৰ যেন এক বিশাল মেলা। এইবাৰ প্ৰথম যেন তুলিকাই এই অজান্তি মুলুকত ইমান মানুহ দেখা পালে! জনসমুদ্ৰৰ মাজেৰে সিহঁতে নেচাৰৰ বাবে ৰখা টম্বুটোলৈ আগবাঢ়িল। শুকুলা টম্বুটোৰ সন্মুখতে বুকলেটবোৰ সজালে। লগতে ৰাখিলে শিশুহঁতৰ বাবে বিভিন্ন খেলাৰ সামগ্ৰী। টম্বুৰ কাষতে এখন অতিকায় ট্ৰেক্টৰ। ইতিমধ্যে তাৰ সন্মুখত মানুহৰ ভিৰ লাগিছেই। ফিয়নাই আগবাঢ়ি গৈ মানুহবোৰক মাত লগালেগৈ।

সেই যে আৰম্ভ হ’ল, দিনটোলৈ মানুহৰ সোঁত তেনেকৈয়ে বৈ থাকিল। কত মানুহ- কত প্ৰশ্ন! ফিয়নাই শিশুবোৰক লৈ বিভিন্ন খেল খেলালে৷ প্ৰকৃতিৰ খেলা।

‘কোৱাচোন এই পুতলা চৰাইটোৰ নাম কি?’ ফিয়নাই পুতলা ৰবিন চৰাইটোৰ কোমল পেটত হেঁচুকি দিয়াৰ লগে লগেই চৰাইটোৱে গান গাই উঠিল। সিহঁতৰ মুখবোৰ লগে লগেই উজ্বলি উঠিল। কোনো কোনোৱে আকৌ পাজলৰ টুকুৰাবোৰ সজাই সজাই এজনী ৰঙা চিলনী সজাৰ চেষ্টা কৰিলে। একাষে থিয় দি থকা দুটি দহ-বাৰ বছৰীয়া শিশুক তুলিকাই দুখন ছৱি থকা চাৰ্ট উপহাৰ দি ক’লে,

‘এইটো খেলৰ নাম বাগ হাণ্ট- এই নাম আৰু ছৱি চাই চাই তোমালোকে চাৰ্টত থকা পোককেইটা বিচাৰি উলিয়াব পাৰিবানে?’

‘ক’ত পাম এই পোকবোৰ?’ সিহঁতৰ এজনে কিছু সন্দেহ, কিছু উত্তেজনাৰে সুধিলে। এইটোৱে জানো হাবিয়ে-বননিয়ে পোক-পৰুৱা চাই ফুৰাৰ বয়স নহয়, তুলিকাই ভাৱিলে! এই বয়সতে গাঁৱৰ সমনীয়াৰ লগত সোণ পৰুৱা বিচাৰি বনে-জংঘলে তাই টলৌ টলৌকে ঘুৰি ফুৰিছিল, বাঁৰীৰ বনেৰে পুতলাঘৰত শাক-ভাত ৰান্ধিছিল, আকাশৰ বগলীজাকলৈ চাই ‘বগলী এ বগা ফোঁট দি যা, দি যা’ বুলি মাতিছিল। এই বিদেশী শিশুহঁতে সেইবোৰ খেল খেলেনে? সিহঁতৰ শৈশৱবোৰো প্ৰকৃতিৰ কোলাত পাৰ কৰেনে?

‘তোমালোকৰ ঘৰৰ চোতালত, স্কুলৰ আশে-পাশে নাইবা খেতি-পথাৰত পাবা। যি প্ৰথমে চাৰ্টৰ গোটেইবোৰ পোক বিচাৰি পাব, সিয়ে জিকিব!’

এইবাৰ দ্বিতীয়টো শিশুৱে উৎসাহেৰে মাত দিলে, ‘আৰু দুখন চাৰ্ট ল’ব পাৰোঁনে? আমাৰ দলত মুঠতে চাৰিজন বন্ধু আছে!’

তুলিকাৰ ভাল লাগি যায়। উৎসাহেৰে সিহঁতক আৰু দুখন চাৰ্ট দি তাই সকলো বুজাই দিলে। এনেতে এজন খেতিয়কে আহি তুলিকাক সুধিলেহি,

‘এই ট্ৰেক্টৰখন হেনো একেবাৰে জেকা মাটিতো নামি যাব পাৰে। কথাটো সঁচানে?’

‘হয়!’

‘কেনেকৈ কাম কৰে বুজাই কোৱাচোন।’

এইবাৰ তাই ইফালে সিফালে চাই ডেৰেনক বিচাৰিলে। ডেৰেনে অন্য এজন খেতিয়কৰ লগত কথা পাতি থকাৰ পৰাই ভাগ্যক্ৰমে দেখা পালে। তাইৰ চকুৰ ইংগিততে যেন তেওঁ বুজি পালে। আগবাঢ়ি আহি মাত লগালেহি,

‘এইখন ট্ৰেক্টৰ সাধাৰণতে মইহে চলাওঁ। যি জানিব খোজে মোকে সুধিব পাৰে।’

মানুহজনে বৰ সন্তুষ্টিৰে ডেৰেনৰ সৈতে ঘুৰি-পকি সেইখন চালে। এটা সময়ত তুলিকাৰ পৰা ‘এনভাইৰনমেণ্টেল ফাৰ্মিং স্কীম’ৰ বুকলেটখন লৈ জনসমুদ্ৰত মিলি পৰিল। তেওঁ যোৱাৰ পিছতে ডেৰেনে আহি তুলিকাক হাতৰ মুঠিৰে এটা ফিষ্ট বাম্প দি ক’লে,

‘উই গট দিছ্‌! আমি পাৰিম তুলিকা। কোনোবাই ট্ৰেক্টৰখন বা খেতিৰ যন্ত্ৰ-পাতিৰ কথা জানিব খুজিলে মোক আকৌ মাতি দিবাহি।’

তুলিকাৰ অসহজ ভাৱটো নোহোৱা হৈ আহে। আত্মবিশ্বাসৰ বাবে কৰি থকা অহৰহ যুঁজখন কিছুপৰলৈ যেন থাম কাটে। তাই জানে, এই আইৰিছ খেতিয়কসকলে পূৰ্বপুৰুষৰ দিন ধৰি ইয়াৰ জেকা মাটিত খেতি কৰি আহিছে। খেতিৰ বিষয়ে তেওঁলোকৰ দৰে জ্ঞান তাইৰ কেতিয়াও নহয়গৈ। তাইৰ মাথোঁ কৰ্তব্য হ’ল প্ৰকৃতিৰ লগত খেতিৰ সম্পৰ্কটো পুনৰ এবাৰ সোঁৱৰাই দিয়া। পৰিৱৰ্তনৰ লগত খাপ খুৱাই কেনেকৈ সেই সম্পৰ্ক এতিয়াও অটুট ৰাখিব পাৰি তাকে দেখুৱাই যোৱা।

কথাবোৰ ভাৱি ভাৱি তাই টেবুলৰ বয়-বস্তুবোৰ চিজিল কৰি থাকোঁতেই শুনিলে, ‘তুলিকা, তোমাৰ লগত মোৰ এটা কথা আছে!’ এটা চিনাকি কিন্তু ৰুক্ষ মাত। মূৰ তুলি দেখে তাইৰ সন্মুখত থিয় দিছেহি জন মেকভিটি। সেই একেই থুলন্তৰ দেহ, তপা মূৰ, গাতত সোমোৱা চকুহালেৰে থৰঙা মানুহজন! আজিও কোনো সৌজন্যমূলক ‘হাই, হেল্ল’’ নাই। পোনেই তেওঁ কিবা এটা আপত্তি লৈ আহিছে। পিছে আজি তেওঁৰ লগত এগৰাকী কিশোৰী। জনৰ খং আৰু আচৰণে যেন তাইক কিছু বিবুদ্ধিত পেলাই দিছে!

‘হাই জন! কি খৱৰ? এয়া কোন?’ তেওঁৰ খং একপ্ৰকাৰ আওকাণ কৰাদি কৰিয়ে তুলিকাই মাত লগালে।

‘হাই, মই মেগান। জনৰ ছোৱালী।’কিশোৰীজনীয়ে দুখোজ আগবাঢ়ি আহি সঁহাৰি দিলে। তাইৰ পিন্ধনত এটা ক’লা টেংকটপ, মুগা ট্ৰাউজাৰ আৰু ক’লা বুট জোতা৷ শুকুলা চুলিটাৰি পনিটেইল কৰি থৈছে৷ মুগাবৰণীয়া চকু দুটা আৰু ফ্ৰেক’লেৰে ভৰা শেঁতা মুখ। বয়স পোন্ধৰ-ষোল্লৰ ভিতৰতে হ’ব বুলি তুলিকাই ধৰি ল’লে। তাই মেগানলৈ হাতখন আগবঢ়াই দিলে কৰমৰ্দনৰ বাবে৷ তাই যেন অলপ কোঁচ খাই গ’ল৷ তুলিকাৰ হাতখন মাথোঁ নিয়মমাফিক স্পৰ্শ কৰি তাই কৈফিয়ৎ দিয়াৰ দৰে ক’লে,

‘আজি গৰুৰ প্ৰদৰ্শনী আছিল। তাত আমাৰ গৰুজনীক দেও দি ফিনবাৰৰ গৰুৱে শ্ৰেষ্ঠ গৰুৰ বঁটা পালে। দেউতাৰ মতে ফিনবাৰৰ গৰুজনী কোনোপধ্যে শ্ৰেষ্ঠ নহয়। সেইটোতে দুয়োজনৰ ভালকৈয়ে খকা-খুন্দা লাগিল। কাজিয়াৰ মাজতে ফিনবাৰে দেউতাক শুনাই দিলে যে, নেচাৰৰ পৰা শ্ৰেষ্ঠ খেতিয়কৰ বঁটাও তেৱেঁ পাইছে। সেইটোতে দেউতাৰ খং!’

তাইৰ কথা শেষ নহ’লেই জনে জাঙুৰ খাই উঠি ক’লে,

‘কিয় খং নুঠিব? শ্ৰেষ্ঠ খেতিয়কৰ বঁটা পাবলৈ কি কৰিছে ফিনবাৰে? ফিনবাৰতকৈ মোৰ মাটি বেছি, গৰু বেছি। মোৰ পথাৰলৈ চৰায়ো বেছিকৈ আহে। হয়নে নহয় কোৱা তুলিকা? তুমিতো তাত জৰীপ কৰিছা?’

তুলিকা অলপ হতভম্ব হ’ল। জনৰ শিশুসুলভ ঈৰ্ষা দেখি তাইৰ পেটে পেটে অলপ হাঁহিও উঠিল। সকলো কথাতে কিয় ইমান খং মানুহজনৰ? কিন্তু এনেকৈ ৰাজহুৱা ঠাইত জনৰ খঙৰ মাত্ৰা নবঢ়াবলৈকে তাই ক’লে,

‘ঠিকেই কৈছা জন। এইবাৰ তোমাৰ পথাৰলৈ বহুত চৰাই আহিছে। তোমাৰ খেতিও ভাল হৈছে। কোনে জানে, এনেকৈ গৈ থাকিলে অহাবছৰ কিজানি তুমিয়ে সেই বঁটা পাবা।’



এইবাৰ যেন আপত্তি দৰ্শোৱাৰ একো বাট নাপায়ে জনে ক’লে, ‘অঁ অঁ, এতিয়া মেগানেও এইবোৰ কাম শিকিবলৈ আৰম্ভ কৰিছে বুজিছা।’

‘বঢ়িয়া! চোৱা এইবছৰ এই ট্ৰেক্টৰখনো তোমাৰ খেতিত কামত লগাব পাৰিবা।’ তুলিকাই সিহঁতৰ টম্বুৰ কাষতে ৰখা বন্যজীৱৰ উপকাৰী ট্ৰেক্টৰখনলৈ আঙুলীয়াই দেখুৱালে। জনে যেন অতপৰে খঙৰ ভমকত সেইখন দেখাই নাছিল! দেখা পায়ে কান্দি থকা শিশু এটিক ৰং-বিৰঙী পুতলা এটা দেখুৱালে যেনে কৰে তেনে আগ্ৰহেৰে তেওঁ সকলো পাহৰি ট্ৰেক্টৰখনৰ ওচৰ চাপি গ’ল।

‘ডেৰেন!’ কিছুদূৰৈত থিয় দি থকা ডেৰেনে তুলিকাই মাত শুনিলে কিন্তু চকুৰে ইংগিত দিলে তেওঁক নামাতিবলৈ। তুলিকাৰ হাঁহি উঠি গ’ল। তাই বুজিলে নেচাৰৰ কোনেও জন মেকভিটিৰ ৰোষৰ বলি হ’ব নোখোজে। আকৌ মাতিলে তাই, ‘ডেৰেন, এইফালে আহাচোন!’

‘ডেৰেন, জনক ট্ৰেক্টৰখন ভালকৈ দেখুওৱাচোন।’ ডেৰেনে যেন উপায়ন্তৰ হৈহে জনক আগবঢ়াই নিলেহি।

এই সুযোগতে তুলিকাই মেগানক এখন বুকলেট দি ক’লে,
‘মেগান, এই বুকলেটত পৰিৱেশৰ বহনক্ষম খেতি কেনেকৈ কৰিব পাৰি আৰু তাৰবাবে চৰকাৰী সাহাৰ্য্য কেনেকৈ পাব পাৰি সকলো কথা লিখা আছে। পঢ়ি চাবাচোন!’

মেগানে হাত পাতি ল’লে। তাৰপিছত সোধো নুসোধো কৈ সুধিলে, ‘দেউতাৰ সলনি মই নিজেই আবেদন কৰিব পাৰিমনে?’

‘তুমিও পাৰিবা। দেউতায়ো পাৰিব। আইৰিছ চৰকাৰৰ এটা স্কীম আছে৷ তোমাৰ দৰেই উঠি অহা ল’ৰা ছোৱালীবোৰৰ বাবে৷ য়ং ফাৰ্মাৰ পেমেন্ট স্কীম৷ তুমি সোমাব খোজা যদি মোক ক’বা। মই গোটেইবোৰ ভালকৈ বুজাই দিম৷’

কৈ তুলিকাই তাইলৈ কাৰ্ডখনো আগবঢ়াই দিলে। সেইখন লৈ মেগানে লিৰিকি-বিদাৰি চালে। লাহেকৈ নামটো উচ্চাৰিলে, ‘তুলিকা!’ তাৰপিছত ক’লে, ‘বনৰীয়া ফুলৰ কাৰ্ড! ইমান ধুনীয়া!’

তাইৰ কথাষাৰ শুনি চাৎ কৰে তুলিকাৰ মনত ৰায়ানৰ মুখখন ভাঁহি উঠিল। প্ৰথম লগ পোৱাৰ দিনা সিওযে এনেকৈয়ে চকু-মুখ উজ্বলাই তাইৰ কাৰ্ডখন লৈছিল! এই শ্ব’লৈ ৰিপৰ্টিঙৰ বাবে সিও আহিছে নেকি বাৰু?

‘থেংক ইউ!’ মেগানত মাতে তুলিকাক বাস্তৱলৈ ঘুৰাই আনিলে। ‘তোমালৈ ফোন কৰিম তুলিকা।’

ইতিমধ্যে সন্তুষ্টিভৰা মুখ এখন লৈ জন ঘুৰি আহিছে। দুয়োকে বিদায় দিয়াৰ পিছতে ডেৰেনে আহি তুলিকাক জোকোৱাৰ সুৰত ক’লে,

‘ভাল ফঁচালা দেই তুলিকা। এইজন মানুহৰ পৰা মই সাতগঁজ আঁতৰত থাকোঁ সদায়!’

তুলিকাই হাঁহি হাঁহি ক’লে, ‘অঁ মাৰ্কে কৈছিল, নেচাৰৰ সকলোৱে বৰ ভয় কৰে হেনো এওঁক।’

‘মাৰ্কৰ কথা কওঁতেই সেয়া ওলাইছেহি চোৱা!’ ডেৰেনৰ দৃষ্টি অনুসৰণ কৰি তুলিকাই দেখিলে, হয়, সৌৱা মাৰ্ক আগবাঢ়ি আহিছে। সপৰিয়ালে।

‘হুৱাটছ্‌ দ্য ক্ৰেইক?’ নেচাৰৰ টম্বুৰ সন্মুখত থিয় দি তেওঁ সকলোকে মাত লগালে। ‘তুলিকা, তুমি লগ পোৱা নাই নহয়- এয়া আন্যা, মোৰ পত্নী আৰু এয়া মিনলা। আন্যা, মিনলা- তোমালোকক কৈছিলোঁ যে আমাৰ নতুন টিম মেম্বাৰ- এয়াই সেই তুলিকা।’

এয়াই সেই আন্যা! সেই মিনলা! তুলিকাই এমোকোৰা হাঁহিৰে দুয়োকে মাত লগালে। যোৱাবাৰ আৰ্ণ নৈৰ সিপাৰৰ পৰা দেখা পোৱা আন্যাৰ লাৱনী মুখখন যেন আগতকৈও উজ্বল হৈ ধৰা দিলে। ক’লা বুটকাট জিনছৰ ওপৰত বগাত ক’লা ফুল থকা এটা টপ, তাৰ ওপৰত এটা মুগা পাতলীয়া জেকেট। তাৰ সৈতে যেন মিলি পৰিছে তেওঁৰ ঢৌ খেলোৱা মুগা চুলিখিনি আৰু মুগা চকুৰ মণি। মিনলা যেন মাক-দেউতাকৰ মিলনৰ প্ৰতীক। দেউতাকৰ দৰেই ওখ-পাখ,ৰ্কেঁকুৰা চুলি, মাকৰ দৰে লাহী দেহ আৰু মুগা চকুৰ মণি।

‘তোমাৰ কথা মাৰ্কৰ মুখত কেইবাবাৰো শুনিছোঁ। কেনে লাগিছে ফাৰমানা?’ আন্যাই সুধিলে।

‘ভাল! এতিয়াও বিশ্বাস নহয় ইয়ালৈ অহা ছমাহ হৈ গ’ল বুলি! প্ৰতিদিনেইচোন ফাৰমানাত কিবা এটা নতুন কথা দেখোঁ, নতুন কথা শিকোঁ!’ তুলিকাই ক’লে।

‘প্ৰথম ইয়ালৈ আহি মোৰো তেনেকুৱাই লাগিছিল বুজিছা। জাৰ্মানীৰ মিউনিখ আৰু আয়াৰলেণ্ডৰ ফাৰমানাৰ আকাশ-পাতাল পাৰ্থক্য! তাতে ট্ৰাবলছৰ ঠিক পিছৰ সময় আছিল সেয়া। সময়ত কথাবোৰ সহজ হৈ আহিব।’

‘তুমি জাৰ্মানীৰ পৰা আহিছিলা নেকি?’

‘অঁ, মাৰ্ক আৰু মই মিউনিখত একেলগে পঢ়োঁতেই চিনাকি হোৱা। তাৰপিছত মাৰ্ক ইংলেণ্ডলৈ ঘুৰি আহিল। দুদিনমান পিছতে চাকৰি পাই ইংলেণ্ড এৰি ফাৰমানালৈ আহিল। এবছৰ পিছতে ময়ো মাৰ্কৰ পিছে পিছেই ওলালোঁহি বুলি ক’ব পাৰা।’ কৈয়ে আন্যাই খুকখুকাই হাঁহিলে।

‘বাৰ বছৰৰ আগৰ কাহিনী উলিয়াইছা নেকি!’ আন্যাৰ হাঁহি দেখি ওচৰ চাপি আহি মাৰ্কে ক’লে। আন্যাই তেওঁৰ এখন হাতত আদৰেৰে খামুচি ধৰি ক’লে, ‘অঁ, তুলিকাক কৈছোঁ কেনেকৈ বাৰ বছৰ ধৰি ফাৰমানাই তোমাক আৰু তুমি মোক একেডাল ডোলেৰে বান্ধি ৰাখিছা!’

‘ফাৰমানাৰ মায়াই এনে!’ মাৰ্কে স্বগতোক্তি কৰাৰ দৰে কৰিলে। কাষতে থিয় দি থকা মিনলাই মুখখন বেঁকা কৰি ধেমেলীয়া সুৰেৰে ক’লে,

‘মই কিন্তু এতিয়াই কৈ দিছোঁ, ওঠৰ বছৰ হ’লেই মই নিউয়ৰ্কলৈ যামগৈ।’

মাৰ্ক আৰু আন্যা দুয়ো হাঁহি উঠিল। মাৰ্কে ক’লে,

‘ঠিকেই, আমাৰ ছোৱালীজনীৰ আকৌ মহানগৰীৰ জীৱনৰ প্ৰতি মোহ। তাই নিউয়ৰ্কত থাকিব খোজে।’

‘আজি পিছে সেইজনী ছোৱালীয়েই বেলম’ৰেল শ্ব’ৰ এনিমেল ফাৰ্ম চাবলৈ ঢপলিয়াই আহিছে।’ আন্যাই মমতাভৰা দৃষ্টিৰে মিনলালৈ চাই চাই ক’লে। তেতিয়ালৈ মিনলাই ফিয়নাৰ সৈতে মিলি গান গোৱা চৰাইৰ খেলটো খেলিবলৈ আৰম্ভ কৰিছে। প্ৰতিটো চৰাইৰ মাত শুনিয়ে তাই তপৰাই কৈ গৈছে চৰাইবোৰৰ নাম।

সিদিনা শ্ব’ সামৰি ঘৰলৈ উভতাৰ বাটতো তুলিকাই মাৰ্ক আৰু আন্যাৰ কথাকে ভাৱি থাকিল। ইমান সহজাত নিবিড়তা, ইমান উমাল ভালপোৱা! কেনেকৈ কি হৈ যাব পাৰে তাৰ মাজত! তেন্তে তাই শুনা কথাবোৰ সঁচা নহয়! সকলো ঠিকে আছে। সকলো ঠিকে থাকিব।

পিছদিনা অফিচ পায়ে তাই ৰায়ানৰ এমাহ পুৰণি ইমেইলটোৰ উত্তৰ লিখিলে, ‘তুমি বিচৰাৰ দৰে ফাৰমানাত মোৰ কামৰ বিষয়ে জনাম। কিন্তু সাক্ষাৎকাৰ হিচাপে নহয়, মোৰ নিজা ধৰণেৰে।’

ফাৰমানা (প্ৰথম খণ্ড)

ফাৰমানা (দ্বিতীয় খণ্ড)

ফাৰমানা (তৃতীয় খণ্ড)

ফাৰমানা (চতুৰ্থ খণ্ড)

ফাৰমানা (পঞ্চম খণ্ড)

ফাৰমানা (ষষ্ঠ খণ্ড)

ফাৰমানা (সপ্তম খণ্ড)

ফাৰমানা (অষ্টম খণ্ড)

ফাৰমানা (নৱম খণ্ড)


Tuesday, 10 October 2023

ফাৰমানা (একাদশ খণ্ড)

একা-বেঁকা বাটটোৰে লণ্ডন ডেৰী অভিমুখী বাছখন আগবাঢ়ি গৈছে। বাছৰ খিৰিকীৰে অপলকনেত্ৰে তুলিকাই চাই গৈছে ফাৰমানাৰ অপৰূপ বসন্ত। বাটৰ কাষে কাষে ৰং-বিৰঙী বনৰীয়া ফুল। সেই ফুলবোৰে, দিগন্তৰ চৰণীয়া পথাৰবোৰে চাৎকৈ তাইক অসমলৈ লৈ গৈছে। তুলিকাৰ বৰকৈ মনত পৰিছে অসমখনলৈ, অসমৰ ঘৰখনলৈ।

‘খুউব ধুনীয়া দেখাইছে নহয়?’ কাষত বহা যাত্ৰীজনৰ মাতে তাইৰ তন্ময়তা ভাঙিছে। ৰঙা চুলি আৰু গোঁফেৰে এগৰাকী সত্তৰোৰ্ধৰ পুৰুষ। মিচিকিয়া হাঁহিৰ লগে লগে তেওঁৰ চকুৱে-মুখে ধৰা দিছে বয়স আৰু অভিজ্ঞতাৰ ৰেখাই।

‘হয়, বনৰীয়া ফুলবোৰে বাটটো ইমান ধুনীয়া কৰি পেলাইছে!’

‘এই ৰূপ আজি কেইবছৰমানৰ পৰাহে হৈছে বুজিছা। আগতে বাটৰ দুয়োকাষে সকলোবোৰ মেচিনেৰে কাটি মিহি কৰি থোৱাৰ নিয়ম আছিল। বনৰীয়া ফুলবোৰে যে মৌ-মাখি পখিলাকে ধৰি কিমান পতংগক খাদ্যৰ যোগান ধৰে, তাৰ পৰাই পৰাগযোগ হৈ কত উপকাৰ হয় সেই বিষয়ে সজাগতা অনাৰ পৰাহে কথাবোৰ সলনি হৈছে। এই কামটোত আমি বহুবছৰ ধৰি লাগি আছোঁ।‘

অচিনাকি মানুহজনে কৈ যোৱা কথাবোৰে তুলিকাক আচৰিত কৰি পেলাইছে। কোন এওঁ! তাই মানুহজনক ভালকৈ চালে। নেচাৰৰে কোনোবা অচিনাকি সহকৰ্মী নহয়তো? তাই নিজৰ চিনাকি দি সুধি পেলালে। তেৱোঁ একেই উৎসাহেৰে ক’লে,

‘আহ, তোমাক লগ পাই ভাল পালোঁ, তুলিকা। মোৰ নাম ফিনবাৰ। নেচাৰৰ মাৰ্কক ভালকৈয়ে চিনি পাওঁ। মই পিছে ৰিৱাইল্ড আলষ্টাৰ নামৰ গোট এটাৰহে সদস্য। আমাৰ গোটৰ বেছিভাগেই বিভিন্ন ক্ষেত্ৰত কাম কৰি এতিয়া অৱসৰ লোৱা মানুহ। সকলোৰে নিচা হ’ল প্ৰকৃতি সংৰক্ষণৰ কাৰণে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। তাৰে এটা প্ৰকল্প আছিল- আচলতে এতিয়াও চলি আছে- বনৰীয়া ফুলৰ সংৰক্ষণ।‘

‘তোমাকো লগ পাই বৰ ভাল পালোঁ ফিনবাৰ! মই নেচাৰৰ নতুন কৰ্মী, আয়াৰলেণ্ডতো নতুন। গতিকে এতিয়াও এইবোৰ কথা শিকি-বুজিয়ে আছোঁ।’ তুলিকাই অকপটে ক’লে। সত্তৰোৰ্ধৰ হ’লেও ফিনবাৰক তাই নাম কাঢ়িয়ে মাতিলে। সেয়াই এই দেশৰ সহজাত ৰীতি।

‘অঁ অঁ বুজিছোঁ, মই পিছে আজীৱন ফাৰমানাতে কটাইছোঁ। কিবা সহায় বা তথ্য লাগিলে জনাবা। ডেৰীত নেচাৰৰে কাম আছে নেকি?’ তেওঁ সুধিলে।

‘নাই, ব’নফায়াৰ নাইট বুলিয়ে ছুটি লৈ ওলাই আহিলো।‘ কথাষাৰ কৈয়ে তুলিকাৰ অলপ অস্বস্তি লাগিল। ফিনবাৰ কেনেবাকৈ প্ৰটেষ্টাণ্টধৰ্মী নহয়তো! কাইলৈ এঘাৰ জুলাই। প্ৰটেষ্টাণ্ট লোকসকলৰ বাবে সেই দিনটো বিজয় উৎসৱৰ দিন। কাৰণ এই দিনটোতে ৱিলিয়ামাইট যুদ্ধৰ শেষত কেথ’লিক শাসক জেমছক পৰাস্ত কৰি তেওঁৰ প্ৰটেষ্টাণ্ট জীয়েক মেৰী আৰু ৱিলিয়ামে আয়াৰলেণ্ড নিজৰ দখললৈ নিছিল। ১৬৯১ চনৰ আজিৰ দিনটোৰ পৰাই আয়াৰলেণ্ডত প্ৰটেষ্টাণ্ট শাসনৰ আৰম্ভণি।

‘অঁ, মোৰো একেই অৱস্থা। ব’নফায়াৰ নাইট আৰু অৰেঞ্জ পেৰেডৰ মুখামুখি নহ’বলৈকে ডেৰীত থকা মোৰ ল’ৰাটোৰ ঘৰলৈ বুলি আহিছোঁ।‘ ফিনবাৰে সহজভাৱেই ক’লে।

তুলিকাই স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু এই দিনটোৰ ইতিহাস আৰু এতিয়াও চলি থকা পৰম্পৰাই তাইলৈ এটা হুমুনিয়াহো আনি দিলে। সিদিনা অফিচৰ আলোচনাত তাই শুনিছিল কেনেকৈ প্ৰতিবছৰে এঘাৰ জুলাইৰ দিনটোৱে উত্তৰ আয়াৰলেণ্ডত ধাৰ্মিক আৰু ৰাজনৈতিক বিভাজনৰ ৰূপটো বৰ কদৰ্য্য ৰূপত দাঙি ধৰে। কেনেকৈ ওলাই পৰে কোনখন ঠাইত খ্ৰীষ্টান ধৰ্মৰে কোনটো ঠালৰ সংখ্যাগৰিষ্ঠতা। প্ৰটেষ্টাণ্ট সংখ্যাগৰিষ্ঠ ঠাইবোৰত অৰেঞ্জ পেৰেড নাম দিয়া বিজয় সমদলবোৰ ওলায়, নিশালৈ সুউচ্চ মেজি লগাই ব’নফায়াৰেৰে বিজয় উৎসৱ পাতে। সেই ঠাইবোৰৰ সংখ্যালঘু কেথ’লিকসকলে সেয়া এৰাই চলিবলৈকে দিনটোৰ বাবে অন্য কেথ’লিক ঠাইলৈ বাট বুলে। বাটত ভিৰ লাগে অলেখ-অস্ংখ্য গাড়ীৰ। ঠিক আজিৰ দৰে। বছৰ বছৰ ধৰি চলি অহা এটা আইৰিছ পৰম্পৰা এইটো।

‘আজি গাড়ীৰ ভিৰত ট্ৰেফিক জাম হ’ব বুলিয়ে বাছত আহিলোঁ বুজিছা।‘ ফিনবাৰে আকৌ ক’লে।

তুলিকাই মুৰ দুপিয়ালে। তাইকো লিছাই উপদেশ দিছিল, ‘মিছাতে নিজৰ গাড়ী লৈ গৈ ডেৰীৰ ট্ৰেফিকত আবদ্ধ হৈ পৰাতকৈ বাছত যাবা’ বুলি।

‘লণ্ডন ডেৰীত অৰেঞ্জ পেৰেড নোলায় নেকি?’ তুলিকাই কৌতুহলেৰে সুধিলে।

‘ডেৰীৰ প্ৰায় সত্তৰ শতাংশই কেথ’লিক মানুহ। লগতে নব্বৈৰ দশকৰ ট্ৰাবলছৰ লগত জড়িত বহুত ইতিহাস আছে সেই ঠাইৰ। গতিকে তাৰ বেছিভাগ মানুহেই জাতীয়তাবাদী বা নেশ্যনেলিষ্ট। প্ৰটেষ্টাণ্ট সংঘবাদী অৰ্থাৎ ইউনিয়নিষ্ট সকল সংখ্যালঘু কাৰণে ডেৰীত তেনে কোনো বিজয় উৎসৱ নাপাতে।‘

ফিনবাৰ ক্ষন্তেক ৰ’ল। তাৰপিছত লাহেকৈ ক’লে,

‘তুমি লণ্ডন ডেৰী বুলি কৈছা। আচলতে এই ঠাইৰ নাম ডেৰী৷ গেলিক ভাষাত যাৰ অৰ্থ অ’ক গ্ৰুভ। প্ৰ’টেষ্টান্ট সকলে কয় লণ্ডন ডেৰী কিন্তু কেথলিকসকলে মাথোঁ ডেৰী বুলি কয়!’

তুলিকাৰ পুনৰ এবাৰ উপলব্ধি হ’ল, এই দেশৰ দৈনন্দিন জীৱনতো বহু দ’লৈকে বিয়পি আছে ধৰ্ম আৰু ৰাজনীতিৰ বিভেদৰ শিপা। অথচ সেই একেখন দেশতে লিছা আৰু ডেনিয়েলৰ দৰে কেথ’লিক-প্ৰটেষ্টাণ্টৰ প্ৰেমৰ গাঁথাও আছে। সঁচাই এই দেশৰ ধৰ্ম আৰু ৰাজনীতি, অতীত আৰু বৰ্তমানৰ ছৱিবোৰো যেন ক’লা-বগা নহয়। জীৱনৰ অন্য বহু চিত্ৰকথাৰ দৰেই এই ছৱিবোৰো বহুৰূপী, ধুৱঁলী কুঁৱলী।

বাছখন ডেৰীৰ বাছ আস্থানত ৰয়হি মানে সন্ধ্যা লাগিবৰ হ’ল। তুলিকাই দেখিলে, ফিনবাৰক নিবলৈ তেওঁৰ ল’ৰাটো আগবাঢ়ি আহিছে। তেওঁক বিদায় জনাই তাই আগবাঢ়িল। আজিহে প্ৰথম এই ঠাইত ভৰি দিছেহি যদিও গুগল মেপৰ নিৰ্দেশমতেই নদীৰ পাৰে পাৰে তাই খোজ দিলে। উত্তৰ আয়াৰলেণ্ডৰ পূবমূৰত ফইল নদীৰ পাৰত এই ডেৰী টাউন। ফইল নদীৰ দুয়ো পাৰ সংযোগ কৰি এখন বিশাল শুভ্ৰ দলং। একালত দুয়োপাৰে পৃথক কৰা প্ৰটেষ্টাণ্ট আৰু কেথ’লিক সকলৰ মাজত শান্তিৰ যোগসূত্ৰ হিচাপে হেনো ফইল নদীৰ ওপৰত এই শান্তিৰ দলং গঢ়া হৈছিল৷ নৈৰ পাৰত শৃংখলাবদ্ধকৈ সজা শাৰী শাৰী ভিক্টোৰিয়ান অট্টালিকা। এতিয়ালৈ কিজানি এনিছকিলেনৰ বাট-পথ অৰেঞ্জ পেৰেডৰ সমদলকাৰীয়ে বুৰাই পেলাইছে, তাই ভাৱিলে। তাৰ বিপৰীতে এই দিনটোৰ সোঁৱৰণিৰ বোজা লৈও যেন ডেৰী অস্বাভাৱিকভাৱে স্বাভাৱিক হৈ ৰৈছে!

ফইল নদীৰ পাৰে পাৰে প্ৰায় দহমিনিটমান খোজ দি তুলিকা থিয় দিলেহি এটা ঘৰৰ সন্মুখত। কণমান ফুলনি এখনেৰে এটা দুমহলীয়া ঘৰ৷ তিনিদিনৰ বাবে তাই অনলাইন বুক কৰা এয়াৰ বিএনবিৰ ঘৰ এইখনেই। আগবাঢ়ি গৈ তাই কিছু অপ্ৰস্তুতভাৱে দুৱাৰত টুকুৰিয়ালে। ক্ষন্তেক পিছতে দুৱাৰমুখত দেখা দিলেহি এগৰাকী সুগঢ়ী মহিলাই। বয়স হয়তো সত্তৰৰ ঘৰত৷

‘হেল্ল’, তুমি তুলিকা নহয়নে?’ চিনাকি মানুহৰ দৰে তেওঁ মাত দিলে। ‘মোৰ নাম পেট্ৰিচিয়া। আহা, আহা- সোমাই আহা।‘

সুসজ্জিত বহা-কোঠাটোলৈ সোমাই গৈয়ে তাইৰ ভাল লাগি গ’ল। এই অজান্তি মুলুকত স্থানীয় মানুহ এঘৰত আলহী হৈ থকাৰ অভিজ্ঞতা সঁচাই সুকীয়া, তাই ভাৱিলে।

বহা কোঠাত এখন প্ৰকাণ্ড খিৰীকী৷ চোফাখনত বহি তুলিকাৰ চকু গ’ল খিৰিকীৰ বাহিৰৰ সেউজীয়া খেলপথাৰলৈ। খেলপথাৰৰ সিমূৰেই ফইল নদীখন বৈ গৈছে। নৈৰ সিপাৰে ঘন অৰণ্য আৰু দিগন্তত শাৰী শাৰী নীলিম পাহাৰ।

‘এই ঠাইখন ইমান ধুনীয়া।
’ তাই নকৈ নোৱাৰিলে।

‘ৱেলকাম ট্যু ডেৰী!’ পেট্ৰিচিয়াই সন্তোষৰ হাঁহি মাৰিলে। ‘মই কফি কৰিছিলোঁৱে। লৈ আনো ৰ’ৱা।’

পেট্ৰিচিয়াক ধন্যবাদ দি তুলিকাই কফি হাতত ল’লে। পেট্ৰিচিয়াও তাইৰ সন্মুখৰ চোফাখনতে বহিল। চোফাৰ কাষতে ফায়াৰ প্লেচ৷ কফিৰ মাগটো টেবুলত থ’বলৈ লৈ তুলিকাই কৈ উঠিল,

‘এয়াচোন ডেৰী গাৰ্লছ!’ দুয়োটা মাগতে থকা আইৰিছ কিশোৰ-কিশোৰীৰ মুখকেইখন তাই চিনি পালে। আয়াৰলেণ্ডত কিজানি ডেৰী গাৰ্লছক চিনি নোপোৱা মানুহেই নোলাব। তাইৰ কথাত পেট্ৰিচিয়াৰ মুখখনো উজ্বলি উঠিল।

‘অঁ, তুমি ডেৰী গাৰ্লছ চোৱা নেকি? কি সাংঘাতিক অভিনয় নহয়নে?’ তেওঁ সুধিলে।

চায়, তুলিকাই অফিচৰ লান্স ব্ৰেকত হোৱা আলোচনাবোৰ শুনি শুনিয়ে ‘ডেৰী গাৰ্লছ’ চাবলৈ লৈছে। বাট চাই থকা হৈছে চেনেল ফৰত প্ৰতি শুক্ৰবাৰে দিয়া খণ্ডবোৰলৈ। ট্ৰাবলছৰ অস্থিৰতা-হিংসাৰ মাজতে ডাঙৰ হৈ অহা পাঁচগৰাকী কিশোৰ-কিশোৰী আৰু সিহঁতৰ পৰিয়ালৰ জীৱনক লৈ ‘ডেৰী গাৰ্লছ’। সেই কদৰ্য্য ইতিহাসক স্বীকাৰ কৰিও প্ৰতিটো খণ্ডকে হাস্যমধুৰ কৰি তোলা এই চিটক’মৰ সমগ্ৰ আয়াৰলেণ্ডতে সাংঘাতিক জনপ্ৰিয়তা।

‘ডেৰী গাৰ্লছ’ৰ প্ৰ’ম’শ্যনৰ অনুষ্ঠান এটাতে এই মাগ দুটা কিনিছিলোগৈ। এইকেইদিন ডেৰীত ফুৰিলে তুমি দেখিবা গোটেই চহৰখনতে ডেৰী গাৰ্লছক লৈ অলেখ অসংখ্য প্ৰতিমূৰ্তি, মুৰেল আদি।
’

‘হয়, সেই সকলোবোৰ চাম বুলিয়ে ভাৱি আহিছোঁ। এই ডেৰী গাৰ্লছৰ চহৰখন চোৱাৰ হেঁপাহতে আজি ডেৰী পাইছোহি।
’ তুলিকাই ক’লে।

এটা সময়ত পেট্ৰিচিয়াই তুলিকাক আলহী কোঠালৈ আগবঢ়াই নিলেহি। চিৰিৰে উঠি গৈ বেলকনিৰে সৈতে এটা আটোমটোকাৰী কোঠা। কোঠাৰ একোণত ফ্ৰিজ আৰু মাইক্ৰ’ৱেভ এটাও। কোঠাৰ লগতে সংযুক্ত গা-ধোৱা ঘৰ। ইয়াত সকলো সুবিধা থকা এনে স্বকীয় কোঠাবোৰক ষ্টুডিঅ’ বুলি কয়। অচিনাকি গৃহস্থৰ ঘৰত আলহী হৈ থাকিলেও আলহীয়ে ইচ্ছা কৰিলে আছুতীয়াকৈ থকাৰ সকলো ব্যৱস্থা থাকে।

‘তোমাৰ কিজানি ভাগৰ লাগি আহিছে, জিৰণি লোৱা। আৰু এঘণ্টাৰ পিছতে ডিনাৰ সাজু হ’ব। তেতিয়াই নামি আহিবা।
’

পেট্ৰিচিয়াক ধন্যবাদ জনাই তুলিকাই কাপোৰসাজ সলালে। গা-ধোৱা ঘৰত চাৱাৰৰ তলত থিয় দি দিনটোৰ অৱসাদখিনি উটি যাবলৈ এৰি দিলে। হেয়াৰ ড্ৰায়াৰত চুলি শুকুৱাই থাকোঁতে তাই চেষ্টা কৰিলে মনতে কাইলৈ ক’ত ক’ত ফুৰিব তাৰে তালিকা এখন কৰাৰ। তাৰপিছতহে খেয়াল হ’ল, এঘণ্টা পাৰ হ’লেই নেকি! খৰধৰকৈ বগা টিচাৰ্ট এটাৰ সৈতে পাতল নীলা পায়জামাটো পিন্ধি তাই নামি আহিল।

পেট্ৰিচিয়া তেতিয়া পাকঘৰত ব্যস্ত৷ তাই কৃতজ্ঞতাৰ চিন স্বৰূপে পেট্ৰিচিয়ালৈ অনা ৰেড ৱাইনৰ বটলটো আগবঢ়াই দি ক’লে।

‘এইটো আপোনাৰ বাবে। মোক আলহী হিচাপে ৰখাৰ কাৰণে বহুত ধন্যবাদ!’

পেট্ৰিচিয়াই হাঁহি পেলালে। বটলটো ডাইনিং টেবুলতে থৈ তেওঁ ক’লে,

‘অহ, বহুত ধন্যবাদ, তুলিকা। তুমি মোলৈ একো ননা হ’লেও হ’লহেঁতেন! এয়া মই উপৰুৱা আৰ্জনৰ কাৰণে কৰা কামহে। নতুন মানুহ লগ পায়ো ভাল লাগে দিয়াচোন।’

ডাইনিং টেবুলত বহি তেওঁ ৰন্ধা খাদ্যবোৰ এটা এটাকৈ দেখুৱাই গ’ল। সকলো বিভিন্ন পাত্ৰত উলিয়াই দিছে যাতে তুলিকাই নিজৰ ইচ্ছামতে লৈ খাব পাৰে। ইয়াত প্ৰায় সকলোৱে খাদ্য নষ্ট নকৰাক লৈ সচেতন। গতিকে নিবিচাৰিলে তাইক জোৰকৈ পেট্ৰিচিয়াই একোকে খাবলৈ নকয়, তুলিকাই জানে।

‘এয়া আইৰিছ ষ্টিউ নেকি?’ চুপ ৰখা ফুলকটা বাতিটো লৈ তুলিকাই সুধিলে।

‘অঁ। মোৰ ল’ৰাটোৱে মই ৰন্ধা ষ্টিউ খুউব ভাল পায়৷ গতিকে সি আহিলে মই ষ্টিউ নৰন্ধাকৈ নাথাকোঁ। আজি সি অহাৰ কথা। সি সাংবাদিকতা কৰে- গতিকে ঘুৰা-ফিৰা খুউব হয়।’

‘অঁ হয় নেকি?’ তুলিকা কিছু কৌতুহলী হ’ল কিন্তু একো নুসুধিলে। পেট্ৰিচিয়াই নিজেই কৈ গ’ল,

‘তাৰ দেউতাক ডনীগলত থাকে৷ ৰিপাব্লিকৰ ডনীগল চহৰ, জানা নহয়?’ তুলিকাই মূৰ দুপিয়ালে। ‘দেউতাকৰ গা বৰ ভাল নহয় বাবে সি দেউতাকক লগ কৰিবলৈ গৈছিল৷ কিন্তু ইয়াত হঠাৎ কিবা কাম ওলাল কাৰণে আকৌ আহিব লগা হ’ল৷ সি আহি ওলাবহি ৰ’ৱা অলপতে৷ তোমাৰ কথা কোৱাচোন, কি কৰা, ঘৰত কোন কোন আছে ইত্যাদি!’

তুলিকা যেন ভিতৰি কিছু উচপিচাই উঠিল। কি ক’ব তাই! নিজৰ কথা যেন একো ক’বলৈ নাপালেই ৰক্ষা পৰে। নেচাৰৰ কামৰ কথাৰেই তাই চমূকৈ সামৰি থ’লে। ওলোটাই পেট্ৰিচিয়াৰ কথা সুধিলে। সেয়া লক্ষ্য নকৰা যেন দেখুৱায়ে তেওঁ বৰ সহজভাৱে নিজৰ জীৱনৰ কথা কৈ গ’ল। বেলফাষ্টত বহুদিন চাকৰি কৰাৰ পিছত তেওঁ উভতি আহিছিল শৈশৱৰ ঠাই ডেৰীলৈ৷ মাথোঁ দুটাবছৰৰ আগতে এই ঘৰটোত এটা নতুন জীৱন আৰম্ভ কৰিছিল৷ ডিভ’ৰ্চৰ পিছত জীৱনৰ দ্বিতীয় ইনিংচ।

‘ঠক্‌ ঠক্ ঠক্!’ শব্দটোত তুলিকাই চক খালে। কিন্তু পেট্ৰিচিয়াৰ চকু-মুখ উজলি উঠিল।

‘অঁ, সেয়া চোৱা। সি পালেহিয়ে।
’

তেওঁ খৰধৰকৈ উঠি গৈ দুৱাৰ খুলি দিলেগৈ। তুলিকাই আলু এটুকুৰা মুখলৈ নিবলৈ লৈও থতমত খাই গ’ল। সেই পনিটেইল, দুচকুৰ উত্তাল নীলিম সাগৰ, চালে চকু আঁতৰাব নোৱাৰা দৃষ্টি- এয়াটো ৰায়ান!

তাইক এনেকৈ হঠাৎ দেখি ৰায়ানো যেন এটা মুহূৰ্তৰ বাবে অপ্ৰস্তুত হৈ পৰিল! তাৰপিছত খপজপকৈ কোৱাদি ক’লে,

‘তুলিকা হয়নে?’

‘অঁ, ৰায়ান?’ তুলিকাই নিজকে চম্ভালি ল’লে। ‘তোমাক দেখি ভাল লাগিল৷ মই জনা নাছিলোঁ তুমি পেট্ৰিচিয়াৰ ল’ৰা বুলি!’ এমাহমানৰ আগতেই ৰায়ানে তাইলৈ কৰা ইমেইলৰ এতিয়াও উত্তৰ দিয়া নাই, তাকে ভাৱি তুলিকা ভিতৰি কিছু অস্বস্তিত পৰিল। তাইযে সাংবাদিক-কেমেৰা-মিডিয়া সকলোৰে আঁৰত থাকিয়ে কাম কৰিব খোজে। প্ৰথম লগ পোৱাৰে পৰা ৰায়ানে কাকতত তাইৰ কাম কভাৰ কৰিব খোজা অনুৰোধটোত কেনেকৈ সন্মতি জনায় তাই!

‘ইয়াকে কয় আকস্মিক সংযোগ!’ কৈয়ে সি হো হোৱাই হাঁহি উঠিল আৰু পোনেই খোৱা টেবুলত বহিলহি৷

‘আহ্‌ আইৰিছ ষ্টিউ! মা, তোমাৰ দৰে এই ষ্টিউ কোনেও ৰান্ধিব নোৱাৰে দেই!’

পেট্ৰিচিয়াই সন্তুষ্টিৰ হাঁহি মাৰি ক’লে,

‘তুলিকাক তুমি চিনি পোৱা মানে? মোৰো এতিয়াহে খেয়াল হৈছে তোমালোক দুয়োৰে অফিচ ফাৰমানাতে নহয়! বঢ়িয়া কথা! তেওঁ ৰেড ৱাইনো আনিছিল৷ লোৱা অলপ।’

‘থেংক ইউ তুলিকা। কিন্তু বেয়া নাপাবা৷ মই ডিনাৰৰ পিছতে আকৌ গাড়ী চলাই ওলাই যাব লাগিব ৷ গতিকে আজি ৱাইন খাব নোৱাৰিম৷’

‘কিয়, আকৌ কাম ওলাল তোমাৰ?’ পেট্ৰিচিয়াই চ’ডা ব্ৰেড এটুকুৰাত বাটাৰ সানি সানি সুধিলে।

‘উপায় নাই মা, ক্ৰিগানত অলপ খেলিমেলি চলি আছে৷ জানাই নহয় ব’নফায়াৰ নাইটৰ সময়ত ক’ত কি হ’ব একো ক’ব নোৱাৰি৷ হেড অফিচৰ পৰা ক’লে তালৈকে যাব লাগে৷’ তাৰপিছত সি তুলিকালৈ চাই মিচিকিয়াই হাঁহি সুধিলে,

‘তুমি আজি ইয়াত কেনেকৈ?’ সি হাঁহিলে দুচকু সৰু হৈ পৰে। ওঁঠযুৰিয়ে গালে-মুখে ঠেলি পঠিয়াই হাঁহিৰ কেইবাটাও ৰেখা। মিহি মুগা দাড়িখিনিয়ে যেন ওঁঠযুৰিৰ সৈতে খেলা কৰিবলৈ আৰম্ভ কৰি দিয়ে। সেই খেলাকে কেতিয়াও নেদেখা মানুহৰ দৰে চাই থকাৰ পৰা সম্বিত আনি তুলিকাই ক’লে,

‘ফুৰিবলৈকে আহিছিলোঁ, এই দুদিন অফিচত কোনোৱে নাথাকিব। সেয়ে ভাৱিলোঁ, এই সুযোগতে ডেৰীখন চাই যাওঁ!’

‘বঢ়িয়া৷ দুদিনমান থাকিবা নহয়? সময় ওলালে ময়ো তোমাক ডেৰী দেখুৱাব পাৰিম৷ মইতো ইয়াতে ডাঙৰ হোৱা।‘

তাৰ কথাষাৰে ভিতৰি এক অবুজ উত্তেজনা আনি দিলেও সেয়া সামৰি শান্ত মাত এটাৰেই তুলিকাই ক’লে,

‘দুদিনেই আছোঁ। সময় পালে ক’বা বাৰু।
’

ৰায়ান আৰু পেট্ৰিচিয়া কথাত মছগুল হ’ল। মাজে মাজে সুৰুঙা পালেই ৰায়ানে মাকক জোকাই থাকিল৷ ‘মা, সিদিনা জ’ই তোমাৰ কথা সুধিছিল জানা। জ’ৰ সঁচাই তোমালৈ মন এটা আছিল।
’

পেট্ৰিচিয়াই কৃত্ৰিম খঙেৰে চকু ঘোপা কৰি ক’লে, ‘সেই দাড়ি-চুলিৰে ভোবোকাৰ জ’ৰ লগত মোক নিমিলাবা দেই।
’

‘হয়নে, তুমি হাইস্কুলত জ’ৰ লগতে ডেটত গৈছিলা হেনো!’

পেট্ৰিচিয়াই চকু ঘোপা কৰি ক’লে, ‘ইয়ানে কৈ পঠাইছে ন তোমাক? বেমাৰত পৰি থাকিও মানুহজনৰ শান্তি নহ’ল!’ তাৰপিছত তুলিকালৈ চাই তেওঁ ক’লে,

‘ইয়ান ইয়াৰ দেউতাক। ডনীগলত থাকে বুলি কৈছিলোঁ যে!’ তুলিকাই মুৰ দুপিয়ালে। ঠিক নুবুজিলেও তাইৰ ভাল লগি যায়। ডিভ’ৰ্চৰ পিছতো ইমান সহজ পেট্ৰিচিয়া আৰু ইয়ানৰ সম্পৰ্ক, ইমান আপোন ৰায়ান আৰু মাকৰ সম্পৰ্ক!

এঘণ্টামানৰ ভিতৰতে ৰায়ান পুনৰ ওলাই গ’ল। যোৱাৰ আগতে তুলিকাক ক’লে,

‘গুড নাইট তুলিকা। তোমাক কাইলৈ লগ পাম তেন্তে৷’

পিছদিনা ৰাতিপুৱা তুলিকাই সোনকালেই সাৰ পালে৷ আগনিশাৰ আইৰিছ ডিনাৰ আৰু ৰেড ৱাইনৰ জাল সকলো মিলি তাইৰ টোপনি গভীৰেই হৈছিল৷ আজৰি হৈ তাই টিচাৰ্ট আৰু পায়জামা খুলি এটা ড্ৰেছ উলিয়াই ল’লে। মেৰুণ ৰঙী এ-লাইন ড্ৰেছটোত বগা ডেইজী ফুলৰ সমাহাৰ। তাৰ ওপৰতে পাতল সেউজীয়া এটা ডেনিম জেকেট। কঁকালত এডাল মিহি বগা বেল্টো মাৰি ল’লে। বাহুলৈকে পৰা চুলিখিনি মেলি লৈ এযোৰ সোণালী হুপছ্‌ কাণফুলি পিন্ধি ল’লে। বহুদিনৰ পিছত নিজকে সজাই, আইনাখনত সেই ৰূপ চাই তাইৰ মুখত ক’ব নোৱাৰাকৈ হাঁহি এটা বিৰিঙিল।

ব্ৰেকফাষ্ট কৰি একেবাৰে ওলাই যাব বুলিয়ে তাই বহাকোঠালৈ নামি আহিল। কিন্তু সোমায়েই দেখা পালে, কোঠাটোত গম্ভীৰ মুখেৰে বহি আছে ৰায়ান আৰু পেট্ৰিচিয়া৷ তাইক দেখা পাই দুয়ো একেলগে কৈ উঠিল,

‘গুড মৰ্ণিং!’

কোঠাটোৰ গধুৰ বতাহজাক আৰু দুয়োৰে চিন্তাক্লিষ্ট মুখ দেখি তাই অনুমান কৰিলে কিবা এটা ঘটিছে৷

‘গুড মৰ্ণিং! সকলো ঠিকে আছেতো?’ তুলিকাই উৎকন্ঠাৰে সুধিলে।

‘এটা দুৰ্ঘটনা হৈ গৈছে তুলিকা৷ আমাৰ দুয়োৰে কালি ৰাতিটো বৰ বেয়াকৈ পাৰ হ’ল।’ পেট্ৰিচিয়াই ক্লান্ত মাত এটাৰে ক’লে।

‘কি হৈছে? খুলি কওকচোন মোক!’ তাই আহি ৰায়ানৰ সন্মুখতে বহি পৰিল। সি গম্ভীৰ কণ্ঠেৰে ক’লে,

‘কালি তোমাক কৈছিলোঁ যে ক্ৰিগানৰ ফালে অলপ খেলিমেলি হোৱা বুলি। মই গৈ পাওঁগৈ মানে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ পালেগৈ। গুলীয়াগুলী আৰম্ভ হ’ল। কোন কেনি গৈছে- কি হৈছে একো ধৰিব নোৱাৰা অৱস্থা। তাৰ মাজতে এগৰাকী সাংবাদিকৰ গাত গুলী লাগিল৷’ ৰায়ানৰ মাতটো কঁপিবলৈ ধৰিলে৷

‘চেৰা অ’-ক’ন’ৰ মোৰ মোৰ একালৰ সহকৰ্মী! সেই চেৰা নোহোৱা হৈ গ’ল এটা গুলীত!’

তুলিকাৰ ভাষা হেৰাই গ’ল যেন। ইয়ালৈ অহাৰ পৰাই তাই হিংসাত্মক ইতিহাস শুনিছে, কিন্তু সেয়া যে দিনৰ পোহৰৰ দৰেই এতিয়াও এক বৰ্তমান হৈ আছে, সেই উপলব্ধি যেন আজিলৈকে অহাই নাছিল। লোকৰ মুখত শুনা ট্ৰাবলছৰ ঘটনাবোৰ তাইৰ মনত পৰিল৷ সেই হিংসাৰ জুইলৈ যেন কেথ’লিক-প্ৰটেষ্টান্ট সকলোৱে সমানে ভয় কৰে৷ কোনেও নিবিচাৰে পুনৰ সেই বোমা-বাৰুদ-টিয়েৰ গেছৰ দিনবোৰ ঘুৰি আহক৷

‘আই এম চ’ ছৰী- মই বহুত দুখিত: ৰায়ান!’ ৰায়ানক সান্তনা দিবলৈ যেন একো ভাষাই বিচাৰি নাপালে তুলিকাই!

তিনিও নীৰৱে বহি ৰ’ল কিছুপৰ।

‘আজি চৰিওফালে প্ৰতিবাদ আৰম্ভ হৈছে৷ হিংসাত্মক ঘটনাৰ আশংকা কৰি বাছো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছে বুলি শুনিছোঁ৷ আৰু বা কি হয় ঠিক নাই৷’ পেট্ৰিচিয়াই ক’লে। তুলিকা চিন্তাক্লিষ্ট হৈ পৰিল৷ সকলো পৰিকল্পনাই ওলট পালট হৈ গ’ল যেন!

‘মই কি কৰা ভাল হ’ব বাৰু?’ এটা সময়ত তাই মাত দিলে। এনে পৰিস্থিতিত তাই পেট্ৰিচিয়াৰ আলহী হৈ থকাটো সমীচিন নহয়। কিন্তু এনিছকিলেনলৈ উভতি যাবলৈকো বাছ নাই। বাটত পৰিস্থিতি কেনে হ’ব তাৰ একো ভৰসাও নাই।

ৰায়ানে কিছুপৰ ভাৱি ক'লে, ’মই এটা সূত্ৰ বিচাৰি অ'ৰমা টাউনলৈ যাব লাগে৷ সেয়া নিউ আই আৰ এ সংগঠনৰ প্ৰধান ঘাটি। সেই সংগঠনেই চেৰাৰ মৃত্যুৰ দায়িত্ব স্বীকাৰ কৰিছে। হয়তো এই ঘটনাৰ কিবা গুৰুত্বপূৰ্ণ সূত্ৰ পাই যাব পাৰোঁ৷ তুমি যোৱা যদি এনিছকিলেনত তোমাক থৈ মই আৰমালৈ গুচি যাবগৈ পাৰোঁ৷ দুঘন্টাৰ বাটহে!'

তুলিকাই কিবা কোৱাৰ আগতেই পেট্ৰিচিয়াই কৈ উঠিল,

‘সেইটোৱে ভাল হ’ব৷ নহ’লে মোৰ তোমাৰ বাবে চিন্তা হৈ থাকিব, তুলিকা৷ তোমালোক দুয়ো একেলগে যোৱা৷ ক’ৰবাত বেৰিকেড থাকিলেও ৰায়ানে সাংবাদিক বুলি চিনাকি দিলে তোমালোকক কোনেও যাবলৈ বাধা নিদিব৷'

উপায়ন্তৰ হৈ তুলিকাই মানি ল'লে। এঘন্টাৰ ভিতৰতে দুয়ো আহি ৰায়ানৰ গাড়ীত উঠিল৷ যোৱাৰ আগতে পেট্ৰিচিয়াই তাইক সাবটি ধৰি আন্তৰিকতাৰে ক'লে,

‘তোমাক লগ পাই বৰ ভাল লাগিল, তুলিকা৷ এনেকৈ যাবলগীয়া হোৱা বাবে আফচোচ্‌ হৈছে। কিন্তু আকৌ এবাৰ সময় মিলাই আহিবাচোন ৷ আমি দুয়ো একেলগে ডেৰী চাম!’

তুলিকাই আবেগেৰে তেওঁক ধন্যবাদ জনাই গাড়ীত উঠিলহি।

ৰায়ানে গাড়ী এৰি দিয়ে ক’লে, ‘চ’ৰী তুলিকা। তোমাৰ ডেৰী চোৱা নহ’ল এইবাৰ।‘

‘তুমি ক্ষমা খুজিব লগীয়া কথাই নহয়, ৰায়ান। পেট্ৰিচিয়াক লগ পাই খুউব ভাল লাগিল!‘ ৰায়ানলৈ তাইৰ সহানুভূতি উপজিল। সহকৰ্মী এগৰাকী এনেকৈ হেৰাই যোৱাৰ পিছতো সেই কামতে দিনে নিশাই লাগি থকাতো একপ্ৰকাৰ দু:সাহসকিতাই৷

ৰায়ানে হুমুনিয়াহ এটা কাঢ়ি ক’লে, ‘মাক সকলোবোৰ কথা ক’ব নোখোজো- মোৰ কাৰণে চিন্তা কৰিব বুলি। কিন্তু মই জানো, এতিয়া মাই দিনৰ দিনটো টিভিত বাতৰি চাই থাকিব।‘

সিহঁতৰ গাড়ীখনে ডেৰী এৰি ইতিমধ্যে এ-ফাইভ ঘাই পথেদি ধাৱমান হৈছে। ঘাইপথৰ কাষৰ ফইল নদীখনলৈ অলপপৰ চাই থাকি তুলিকাই সুধিলে,

‘তুমি বেয়া নোপোৱা যদি ঘটনাটো কোৱাচোন ৰায়ান, আচলতে কি হৈছিল? মই এতিয়াও ঠিক বুজিব পৰা নাই।’

ৰায়ানে দীঘল হুমুনিয়াহ এটা কাঢ়িলে। ঘাইপথত স্থিৰ দৃষ্টি দি থাকিয়ে সি কৈ গ’ল,

‘ডেৰীৰ পশ্চিমে থকা এটা অঞ্চল ক্ৰিগান৷ এই ফইল নদীৰ পাৰত আৰু ডনীগলৰ পৰ্বতমালাৰ দৃশ্যৰে ক্ৰিগান ঠাইখন অপূৰ্ব সুন্দৰ৷ কিন্তু এই ক্ৰিগান যুক্তৰাজ্যৰ ভিতৰতে সকলোতকৈ অনগ্ৰসৰ এটা আঞ্চল৷ প্ৰায় সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত এনে বহুতো অঞ্চলৰ হা-হতাশাই ট্ৰাবলছৰ সময়ত হিংসাত্মক ৰূপ লৈছিল৷ তাত ৰায়ত হোৱাৰ সম্ভাৱনা আছে বুলি কালি আমি খৱৰ পাইছিলো৷ মোৰ দৰে অন্য ভালেমান সাংবাদিক তালৈ ঢাপলি মেলিছিল। কথাটো ওলাইছিল ছচিয়েল মিডিয়াৰ পৰা। কোনোবাই ছ’চিয়েল মিডিয়াত ক্ৰিগানৰ ফইল নদীৰ ওপৰৰ দলঙেৰে পুলিচৰ এটা কনভয় পাৰ হৈ যোৱাৰ ফটো দিছিল৷ জানাই নহয় ছ’চিয়েল মিডিয়াত কথাবোৰ কেনেকৈ বিয়পে আজিকালি!

আমি শুনামতে পুলিচৰ দলটো ক্ৰিগান পাই এটা ঘৰৰ খানাতালাচ কৰিলে। সন্দেহজনক বয়-বস্তু মানে অস্ত্ৰ শস্ত্ৰ আদি বিচাৰিলে কিন্তু একো নাপালে৷ কথাটো তলে তলে বনজুইৰ দৰে বিয়পিল তেতিয়ালৈ। ক’ৰ পৰা জানো তাতে মুখা পিন্ধা ল’ৰা-ছোৱালী কিছুমান গোট খালেহি। গাড়ীত উঠি ৰাওনা হ’ব খোজা পুলিচৰ দলটোলৈ সিহঁতে ইটা, ফটকা আৰু পেট্ৰ’ল বোমা দলিয়াবলৈ আৰম্ভ কৰিলে৷ কোনেও নাজানে এই ৰায়ত পূৰ্বপৰিকল্পিত নে স্বত:স্ফূৰ্তভাৱে হোৱা। কিন্তু মই পাওঁগৈ মানে কেইবাখনো গাড়ীত জুই লাগিছে, গুলীয়াগুলী আৰম্ভ হৈছে। আমি গৈ থাকোঁতেই চেৰাৰ টুইট দেখিছিলোঁ। তাই এই ঘটনাৰ লাইভ ৰিপৰ্টিং কৰি আছিল। তাইৰ শেষ টুইটত আছিল জুইত ভস্ম হোৱা এখন গাড়ীৰ ছৱি। লগতে লিখিছিল, ‘আজিৰ ডেৰী ভয়াবহ!’

আমি গৈ পাইহে গম পালোঁ তাই হেনো পুলিচৰ গাড়ী এখনৰ কাষত থিয় দি যথাসম্ভৱ খৱৰ আৰু ফটো লোৱাৰ চেষ্টা কৰি আছিল ৷ গুলীচালনা আৰম্ভ হওঁতে চেৰাৰ দলটোৱে ঘৰ এটা আঁৰ ল’বলৈ দৌৰ দিলে। তাত গৈ পাইহে মন কৰিলে, চেৰা লগত নাই। তেতিয়ালৈ সেই মুখাধাৰী দলৰ এটা গুলীত চেৰা ৰাস্তাৰ মাজতে বাগৰি পৰিছে। মোৰ চকুৰ সন্মুখেৰেই তাইৰ ৰাঙলী দেহটো এম্বুলেন্সত উঠাই নিলে!’

তুলিকা যেন মূক হৈ পৰিল। ইমানেই সহজ নে জীৱনৰ গতি স্তব্ধ হৈ যোৱাটো? মৃত্যুৰ কৰাঘাতে অতীত-বৰ্তমান সকলো পিষ্ট কৰি পেলোৱাতো?


শান্তি আৰু সম্প্ৰীতিৰ বাবে এটা প্ৰাৰ্থনা (ডেৰীৰ 'Hands Across the Divide' প্ৰতিমূৰ্ত্তি) 


ইতিমধ্যে সিহঁতৰ গাড়ীৰ গতি লেহেমীয়া হ’বলৈ ধৰিলে। সন্মুখত গাড়ীৰ লানি লাগিছে।

‘পুলিচৰ বেৰিকেড!’ ৰায়ানে ক’লে।

তুলিকাই উৎকণ্ঠাৰে চাই ৰ’ল ইংৰাজীতে ‘গাৰ্ডা’ বুলি লিখি ৰখা পুলিচৰ গাড়ী দুখনলৈ। সশস্ত্ৰ পুলিচকেইজনে গাড়ীবোৰ পৰীক্ষা কৰিছে। আৰোহীক ইটো সিটো প্ৰশ্ন সুধিছে।

সিহঁতৰ গাড়ীখন তেওঁলোকৰ কাষ পায়গৈ মানে ৰায়ানে সাংবাদিকতাৰ পৰিচয়পত্ৰ সাজু কৰিছে। পেট্ৰিচিয়াই কোৱাৰ দৰেই সেয়া দেখি পুলিচজনে যাবলৈ হাতেৰে ইংগিত দিছে। মাথোঁ কৈছে,

‘বি চেফ! সাৱধানে থাকিবা!’

চেৰা অ’-ক’ন’ৰৰ মৃত্য়ুয়ে যেন সকলোকে সোঁৱৰাই দিছে সাংবাদিকৰ জীৱনৰ সৈতে পদে পদে খেলা কৰা বিপদবোৰৰ কথা।

কিছুপৰ নীৰৱেই যোৱাৰ পিছত তুলিকাই পুনৰ সুধিলে,

‘এই নিউ আই আৰ এ কোন? চেৰা কেনেকৈ সেই সংগঠনৰ ৰোষত পৰিল?’

‘তাৰো বহুত দীঘলীয়া ইতিহাস, তুলিকা। পঁচিশ বছৰ ধৰি চলা আইৰিছ ট্ৰাবলছৰ কথাটো জানাই। সেইসময়ত আইৰিছ ৰিপাব্লিকান আৰ্মি অৰ্থাৎ আই আৰ এই অস্ত্ৰ লৈছিল ব্ৰিটিছৰ বিৰুদ্ধে৷ তেওঁলোকৰ সপোন আছিল দুইখন আয়াৰলেণ্ড মিলাই এখন স্বাধীন আয়াৰলেণ্ড গঠন কৰিব৷ কিন্তু এই সকলো প্ৰচেষ্টা ব্ৰিটিছ সৈন্যৰ পৰাক্ৰমে সেও মনালে আৰু ১৯৯৮ চনৰ গুড ফ্ৰাইডেৰ দিনা শান্তি চুক্তি স্বাক্ষৰ হ’ল৷ তেতিয়াই জন্ম হ’ল আই আৰ এৰ ৰাজনৈতিক ঠাল চিন ফেন৷ আজি এই চিন ফেন এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল৷ সেই দলে ডেম’ক্ৰেটিক ইউন’নিষ্ট পাৰ্টি বা ডি ইউ পিৰ সৈতে ক্ষমতাৰ সমানে ভাগবতৰা কৰি চৰকাৰ চলাই আহিছিল। কিন্তু ২০১৭ চনত চিন ফেন আৰু ডি ইউ পিৰ মাজৰ তীব্ৰ মতবিৰোধৰ পিছত বেলফাষ্টৰ সেই চৰকাৰখন ভাঙি পৰিল। তেতিয়াৰপৰাই আজিও উত্তৰ আয়াৰলেণ্ড চৰকাৰবিহীন। এনে এক অচল অৱস্থাত দেশখনত ব্ৰেক্সিটে কি প্ৰভাৱ পেলাব পাৰে অনুমান কৰা৷ গতিকে সেই বিধ্বস্ত ৰূপে যেন ট্ৰাবলছৰ ৰৈ যোৱা ক্ষোভবোৰ পুনৰ জগাই তুলিছে। ট্ৰাবলছৰ বিদ্ৰোহী নেতা কিছুমানেই গঢ়ি তুলিছে নতুন আইৰিছ ৰিপাব্লিকান আৰ্মি। নিউ আই আৰ এ- যি শান্তি চুক্তিক এক বিশ্বাসঘাতকতা বুলি গণ্য কৰে। কোঙা অৰ্থনৈতিক আৰু ৰাজনৈতক অৱস্থাই বিপৰ্য্যস্ত কৰা বহু নিবনুৱা যুৱক যুৱতীয়ে তলে তলে তাত যোগ দিছে, বন্দুক বাৰুদৰ যোগাৰ হৈছে।
’

ৰায়ান ৰৈ গ’ল। লাহেকৈ নি গাড়ীখন বাটৰ একাষে এঠাইত ৰখালে। তুলিকালৈ চাই সুধিলে,

‘কফি একাপ খাবা?’ আয়াৰলেণ্ডৰ ইতিহাসত ডুব গৈ থকাৰ পৰাই যেন তুলিকাই মূৰ দুপিয়ালে।

দুয়ো গাড়ীৰ পৰা নামিল। তাইৰ চকু গ’ল সন্মুখৰ চাইনবৰ্ডলৈ ‘মে’ ফ্লাই কেফে।
’ দুকাপ কফি লৈ দুয়ো ওলাই আহি কেফেৰে সন্মুখৰ টেবুল এখনতে বহিলহি। তাৰপৰাই তুলিকাই দেখিলে দিগন্তত এক বিশাল জলৰাশি। তাই সেইফালে চাই ৰোৱা দেখি ৰায়ানে ক’লে,

‘সেয়া নামনি লখ আৰ্ণ। এনিছকিলেন পাবলৈ বেছি পৰ নাই আমাৰ। এই কেশ্ব টাউনৰ পৰা তালৈ মাথোঁ পোন্ধৰ মিনিটৰ বাট।
’

নামনি লখ আৰ্ণৰ দৃশ্যই যেন এক স্বস্তি আনি দিলে তুলিকালৈ। বুকুখন যেন নিজাৰ পৰি আহিল। যেন তাইৰ আপোন ঠিকনাটি পালেহি- যি তাইৰ বাবেই বাট চাই আছে শান্তিৰ এক প্ৰচ্ছায়া হৈ। কিন্তু ক’ৰবাত যেন দুখ এটাও সাৰ পাই উঠিল, ৰায়ানৰ সৈতে এই সময়খিনিও শেষ হৈ আহিছে বুলি। কফিত চুমুক দিয়ে তাই দেখিলে সেই প্ৰথমদিনাৰ দৰেই এক থিৰ দৃষ্টিৰে ৰায়ানে চাই আছে তাইলৈ!

‘চেৰাৰ কথা কৈ আছিলা তুমি!’ তুলিকাই মনত পেলাই দিলে।

‘অঁ, চেৰাই এই নিউ আই আৰ এ-ৰ সমালোচনা লিখিছিল। কৈছিল সন্মিলিত আয়াৰলেণ্ড গঠনৰ সেই ঐতিহাসিক সপোনটোৰ আঁৰত এই সংগঠনে নতুন প্ৰজন্মক পথভ্ৰষ্ট কৰিছে। মাথোঁ হাইজেকিং, ৰায়ত, বোমা বিস্ফোৰণ আদিৰেই নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে৷ এসপ্তাহৰ আগতে বেলফাষ্ট টাইমছত তাইৰ এটা লেখা প্ৰকাশ হৈছিল। তাই লিখিছিল ট্ৰাবলছৰ শেষত হোৱা চুক্তিৰ সময়ত আমি হয়তো একো বুজিব নোৱাৰা শিশু হৈ আছিলো৷ গতিকে আমি সঁচা অৰ্থত গুড ফ্ৰাইডেৰ শান্তি চুক্তিৰ প্ৰজন্ম। কিন্তু সেই অমানিশাই এতিয়াও অন্ধকাৰ কৰি ৰাখিছে সেই প্ৰজন্মটোৰ জীৱনবোৰ। তাই কৈছিল তাই জাতীয়তাবাদীৰ এখন সন্মিলিত আয়াৰলেণ্ড নিবিচাৰে, নিবিচাৰে ইউনিয়’নিষ্টৰ শক্তিশালী যুক্তৰাজ্যও। তাই মাথোঁ বিচাৰে সেই হিংসাত্মক অতীত সঁচা অৰ্থত অতীত কৰি পেলাবলৈ। প্ৰশান্তিময় আৰু পৰিপূৰ্ণ এটা বৰ্তমান গঢ়িবলৈ। য’ত ৰখাই থোৱা অচিনাকি গাড়ী এখন দেখিলে বা হুডি পিন্ধা এজাক ল’ৰা-ছোৱালী লগ পালে তাই আতংকিত হৈ নুঠে। য’ত বুলেটৰ লক্ষ্যৰ পৰা সাৰিবলৈ অহৰহ মনতে সষ্টম হৈ নাথাকে। অহিংসা আৰু শান্তিৰ হকে মাত মতা সেই চেৰাই হেৰাই গ’ল এটা গুলীৰ আঘাতত!
’

ৰায়ান উঠিল। তাৰ লগে লগে নীৰৱে তুলিকায়ো খোজ দিলে। পিছৰ সময়ছোৱা দুয়ো যেন নিজৰ অনুভৱৰ পৃথিৱীখনতে ডুব গৈ থাকিল। তাইৰ এপাৰ্টমেণ্টৰ সন্মুখত গাড়ীখন ৰখাই সি গাড়ীৰ বুটৰ পৰা তাইৰ বেগটো নমাই তাইৰ কাষতে থৈ ৰায়ানে ক’লে,

‘তোমাক এনে অৱস্থাতহে লগ পালো তুলিকা৷ আশা কৰিছোঁ ইয়াৰ পিছৰবাৰ ভাল সময় এটাত আমি যেন লগ পাওঁ!’ কৈয়ে সি তাইলৈ চাই দুবাহু মেলি দিলে৷

তুলিকাই একোকে ক’ব নোৱাৰিলে। মাথোঁ নীৰৱে সোমাই পৰিল ৰায়ানৰ দুবাহুৰ মাজত। কেতিয়াবাযে বহু অনুভৱে শব্দৰ ৰূপত ধৰা দিব নোখোজে। সেই সকলোবোৰ কথা যেন তাই ক’ব বিচাৰিলে সেই সৌজন্যসূচক আলিংগনেৰেই।

ফাৰমানা (প্ৰথম খণ্ড)

ফাৰমানা (দ্বিতীয় খণ্ড)
ফাৰমানা (তৃতীয় খণ্ড)
ফাৰমানা (চতুৰ্থ খণ্ড)
ফাৰমানা (পঞ্চম খণ্ড)
ফাৰমানা (ষষ্ঠ খণ্ড)
ফাৰমানা (সপ্তম খণ্ড)
ফাৰমানা (অষ্টম খণ্ড)

ফাৰমানা (নৱম খণ্ড)

Thursday, 31 August 2023

ভাষিক (চুটিগল্প)

'কাম তুলিকা, ছিট হিয়্যেৰ!'

দেউতাকে ইংৰাজীত কোৱা কথাষাৰ শুনি তুলিকা যেন সচকিত হৈ উঠিল। ঘপকৈ এবাৰ চাৰিওফালে চাই ল'লে তাই। ট্ৰেইন এৰিবলৈ বেছি পৰ নাই। সেয়ে চৌদিশে খদমদম লাগি গৈছে- কোনোবাই বয়-বস্তু উঠাইছে, কোনোৱে নমাইছে, কোনোবাই নিজৰ বাৰ্থটো বিচাৰি হাবাথুৰি খাইছে। সিহঁতৰ কাষৰ বাৰ্থটোত এজনে আকৌ সেই সকলোবোৰৰ মাজতো নাক বজাই শুই আছে।

তাই স্বস্তিৰ নিশ্বাস পেলালে। এই খদমদমৰ মাজত সিহঁতৰ ফালে মন-কাণ দিবলৈ কাৰো আহৰি নাই। কিন্তু বুজিলে, এই যে দেউতাকে ইংৰাজী আৰম্ভ কৰিলে, সেয়া আৰু দিল্লী পোৱালৈকে বন্ধ নহ'ব। আস্‌, দেউতাকে সেই অতিৰঞ্জিত সুৰতে ইংৰাজী কৈ গ'লে এই দীঘলীয়া ট্ৰেইন যাত্ৰা কেনে অসহনীয় হৈ পৰিব! উপায়ন্তৰ হৈয়ে যেন তাই চেন্দেলযোৰ কাষৰীয়া কৰি থৈ ওপৰৰ বাৰ্থটোলৈ বগাই গ'ল। ডাফ'ল বেগটো বাৰ্থৰ মূৰ শিতানত থৈ ট্ৰেইনৰ বগা বিছনা চাদৰখন মেলি পাৰি ল'লে। তাৰপিছত বেগৰ ওপৰতে গাৰুটো দি বাৰ্থত বাগৰ দিলে।

'আৰ ইউ শ্লিপিং নাউ?'

দেউতাকৰ প্ৰশ্নৰ উত্তৰত তাই কেৱল মূৰ দুপিয়ালে আৰু বিপৰীতফালে মুখ কৰি একতীয়াকৈ পৰি ৰ'ল। নাই, এই বাইছঘণ্টীয়া ট্ৰেইন যাত্ৰাত দেউতাকৰ সৈতে তাই একেৰাহে ইংৰাজীত কথা পাতি যাব নোৱাৰে। অগ্যতা টোপনিৰ ভাও জুৰিয়ে সেই অস্বস্তিৰ পৰা হাত সাৰিব পৰা যাব বুলি তুলিকাই ধৰি ল'লে।

দেউতাকে এবাৰ থিয় দি তাইক চাই গৈছে, তুলিকাই গম পালে। হয়তো উপলব্ধি কৰিছে, তাইক ইংৰাজী কোৱাত পাকৈত কৰাৰ প্ৰচেষ্টাটোৱে এই যাত্ৰাত তেওঁকহে বিপাঙত পেলাবলৈ ওলাইছে। কিজানি মনতে ভাৱিলেও, কি যে হ'ব এই ছোৱালীজনীৰ! দিল্লীলৈ ওলাইছে। অথচ লাজ আৰু অস্বস্তিৰ প্ৰকোপত তাইৰ মুখেৰে ইংৰাজীত এষাৰো কথা নোলায়। তাত গৈ কেনেকৈ মিলিবগৈ তাই!

চকু মুদি মুদি তুলিকাই ভাৱিলে, কিয় ইমান জোৰ কৰি থাকে মাক-দেউতাকহঁতে? তাই যে ভীষণ অস্বস্তি পায়! ইংৰাজীত ক'লে তাইৰ যে নিজে কোৱা যেনেই নালাগে। অদ্ভুত অংগী-ভংগী আৰু উচ্চাৰণেৰে অন্য মানুহৰ আগত নিজকে কিবা ক্লাউন এটা যেনহে লাগি যায়! অতিৰঞ্জিত সুৰত দেউতাকে কোৱা প্ৰতিষাৰ কথাই যেন তাইক বহু দূৰলৈহে ঠেলি দিয়ে। যেন, ভাষাটোৱেই আউল লগাই দিয়ে, থিয় কৰাই দিয়ে এখন দুৰ্ভেদ্য দেৱাল! যেন হেৰাই যায় অসমীয়াৰ আপোনত্বখিনি, নিভাঁজ আন্তৰিকতাখিনি!

ইতিমধ্যে দেউতাকে কাষৰ যাত্ৰীজনৰ সৈতে কথা পতা আৰম্ভ কৰিছে। প্ৰথমে একেই উৎসাহেৰে দেউতাকে তেওঁৰ লগতো ইংৰাজীতে ক'বলৈ আৰম্ভ কৰিছে। কিন্তু সেই আদহীয়া যাত্ৰীয়ে হাজাৰ চেষ্টাৰেও ইংৰাজী বুজিব পৰা নাই- নিজেও ক'ব পৰা নাই। উপায়ন্তৰ হৈ কথা পতাৰ হেঁপাহতে দেউতাকে সেই ব্যৰ্থ প্ৰচেষ্টা বাদ দিছে। তাৰপিছত অসমীয়াতে কৈছে,

'এইজনী মোৰ ডাঙৰ ছোৱালী। এইবছৰ দিল্লী বিশ্ববিদ্যালয়ত বায়'টেকন'লজীৰ মাষ্টাৰ্চ প্ৰগ্ৰেমত ছিট পাইছে।'

তুলিকাই শুই শুয়ে অনুমান কৰিছে, দেউতাকৰ কথাত সেই অচিনাকি যাত্ৰীৰ দুচকু কিছু ডাঙৰ হৈছে। দেউতাকৰ হাঁহিটো আৰু অলপ বহল হৈছে।

'আপুনি ভাগ্যৱান!' মানুহজনে কৈছে।

'হয়, হয়। বহুত কষ্ট গৈছে ল'ৰা-ছোৱালীৰ লগত। সিহঁতে ভালকৈ পঢ়ক, নিজৰ কেৰিয়াৰ ভালকৈ গঢ়ক বুলিয়ে আমি মাক-বাপেক হালে কম ত্যাগ কৰা নাই।'

'ঠিকেই কৈছে, সাধনা লাগে। মাক বাপেকৰ বহুত কষ্ট আৰু ত্যাগৰ মূৰতহে এনে ফল ওলায়। মোৰ ল'ৰাটোৱেও ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দিছে বুলিয়ে আমি ঘৰৰ টিভিকে বেচি দিছোঁ বুজিছে। অন্য একো কথাই আমনি নিদিয়ক বুলি।'

ওপৰৰ বাৰ্থত তুলিকাই এইবাৰ ওঁঠযোৰ কামুৰি ধৰিলে। বেগৰ পৰা লাহেকৈ হেডফোনটো উলিয়াই তাই দুয়োকাণত লগাই ল'লে। কাৰণ ইয়াৰ পিছৰ কথা-বাৰ্তাখিনি শুনাৰ তাইৰ ধৈৰ্য্য নাই। অজস্ৰবাৰ শুনিছে আৰু দেখিছে, এনে এটা সুযোগে দেউতাকৰ চকুহাল তিৰবিৰাই তোলা। সফল অভিভাৱক হিচাপে অন্যক উপদেশ দিয়াৰ সন্তুষ্টিত ডুব যোৱা। তুলিকাৰ ৰিজাল্ট ওলোৱাৰ পিছৰে পৰা শেহতীয়াকৈ দেউতাকৰ উপদেশৰ লানিত যোগ হৈছে, সকলো কেৰিয়াৰতকৈ লাভজনক হ'ল বায়'টেকনলজী- জৈৱপ্ৰযুক্তিবিদ্যা। কেৱল সেই ক্ষেত্ৰখনতহে লুকাই আছে উজ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি। গতিকে তেওঁ সকলোকে মেডিকেল-ইঞ্জিনিয়াৰিং বাদ দি জৈৱপ্ৰযুক্তি পঢ়িবলৈ উপদেশ দিয়া আৰম্ভ কৰিছে।

নোৱাৰে, তুলিকাই সেয়া পুনৰ এবাৰ শুনিব নোৱাৰে। তাৰ সলনি হেডফোনত ভূপেন হাজৰিকাৰ গান শুনি শুনি তাই ভাৱিবলৈ ধৰিলে, কেনে হ'ব দিল্লী মহানগৰী? কেনে হ'ব তাইৰ হোষ্টেল আৰু লগৰ ল'ৰা-ছোৱালীবোৰ? এয়া যে প্ৰথমবাৰৰ বাবে তাই আপোন ঘৰখন এৰি আহিছে। প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে। তাততো কোনেও অসমীয়াত কথা নাপাতে! তাই হিন্দী ভালকৈ বুজিও নাপায়, ক'বও নোৱাৰে। ইংৰাজী বুজি পালেও তাইৰ মুখেৰে এটা বাক্যও ঠিককৈ নোলায়।মাক-দেউতাকে কোৱাৰ দৰে, ভাষা নুবুজা-নজনাৰ দোষতে তাই তাত লঘোণে থাকিব লগা নহয়তো? হাজাৰ উৎকণ্ঠাই তাইৰ বুকুখন হেঁচা মাৰি ধৰিছে। পেটটো উকট-পাকট লাগি পৰিছে। কোনোমতে সকলো সহি সামৰি তাই জোৰকৈ দুচকু মুদি দিলে।

দিল্লীত ট্ৰেইনৰ পৰা নমাৰ পিছত পিছে সেই অশান্তিবোৰে তুলিকাক খোঁচা-বিন্ধা কৰিবলৈ সুৰুঙাই নাপালে। দিল্লীৰ ভিৰৰ মাজত দেউতাক আৰু তাই উৱাদিহ হেৰুৱাবৰ উপক্ৰম হ'ল। ইমান মানুহৰ হেঁচা-ঠেলা, বাইক-অট'ৰিক্সা, গাড়ীৰ পু-পাঁ! চৌদিশে অলেখ-অজস্ৰ শব্দৰ কোলাহল আৰু উৎকট গোন্ধৰ তীব্ৰতা। পঞ্চইন্দ্ৰিয়ৰ ওপৰত সেইবোৰৰ অবিৰাম অত্যাচাৰে তাইক যেন তেনেই জুৰুলা কৰি পেলালে। কোনোমতে হোষ্টেল বিচাৰি পাইহে তাই স্বস্তিৰ নিশ্বাস পেলালে।

'ভালকৈ থাকিবি। পঢ়া-শুনাও ঠিকে কৰিবি। কিবা দিগদাৰ হ'লে আমাক জনাবি।' সকলো বন্দবস্ত কৰি উঠি পিছদিনা বিদায় পৰত দেউতাকে ক'লে। তাই বাধ্য ছাত্ৰীৰ দৰে মুৰ দুপিয়ালে।

'অঁ, এইখন পাহৰিছিলোঁয়ে। তোক লাগি থাকিব- ৰাখি থ।'

দেউতাকে বেগৰ পৰা উলিওৱা কিতাপখন দেখিয়ে তুলিকা জাপ মাৰি উঠিল। 'ৰেপিডেক্স ইংলিছ স্পিকিং ক'ৰ্ছ'- সেই চিনাকি বেটুপাত, শকত কলেবৰৰ চিনাকি কিতাপখন।

'মোক নালাগে সেইখন। আপুনিয়ে ঘুৰাই লৈ যাওক দেউতা। ইয়াত কোনোবাই দেখিলে বৰ লাজ পাম।' তাই চেপা মাতেৰে ক'লে।

'ইংৰাজী ক'ব নোৱাৰিলে যে তাতোকৈ বেছি লাজ পাবি।' দেউতাকে কঁপাল কোঁচ খুৱাই চকু পকাই ধৰিলে।

দেউতাকৰ মাতত ওলমি থকা ধিক্কাৰৰ সুৰটোৱে তুলিকাক যেন কেৰেলুৱা এডালৰ দৰে মেৰ খুৱাই দিলে। ঠিকেই কৈছে দেউতাকে! তাই মেট্ৰিক পাছ কৰোঁতেই মাক-দেউতাকে এইখন আনি দিছিল। প্ৰায়ে 'ৰেপিডেক্স পঢ়িছনে নাই' বুলি মনত পেলায়ো দিয়ে। তাইহে সদায় দুপৃষ্ঠামান লুটিয়ায়ে সামৰি থয়। ভাৱে, সেই সকলোবোৰতো তাই জানেই। ইংৰাজী বিষয়ত তাই সদায়ে ভাল নম্বৰেই পায়। ক'বলৈ ল'লেহে ক'ৰ পৰা জানো লাজ-সংকোচবোৰে আৱৰি ধৰেহি! ইংৰাজী মাধ্যমত পঢ়া ভায়েকে ফৰফৰাই ইংৰাজী কোৱা দেখি তাইৰ হীনমন্যতাবোধ যেন তীব্ৰতৰ হ'বলৈ ধৰে। সুধিবলৈ ইচ্ছা হয়, মাক-দেউতাকে কিয়নো ভায়েক আৰু তাইৰ পঢ়াৰ মাধ্যমক লৈ ভিন্ন সিদ্ধান্ত ল'লে? কিন্তু সুধিবলৈ তাইৰ ভয় হয়। কিজানিবা তাৰ আঁৰ লৈ লুকাই থকা অপ্ৰিয় সত্যটোৰ মুখামুখি হোৱাৰ সাহস তাইৰো নাই, মাক-দেউতাকৰো নাই!

সিদিনাও তাই নিমাতে দেউতাকৰ হাতৰ পৰা কিতাপখন লৈ চ্যুটকেছত ভৰাই থ'লে। সেইনিশা তুলিকাই সপোনত দেখিলে, হোষ্টেলৰ ক'ৰিডৰত প্ৰকাণ্ড হাতীৰ দল। অসহায়-অকলশৰীয়া তুলিকাৰ গাৰ ওপৰেদি পাৰ হৈ গৈছে হাতীবোৰৰ বিয়াগোম শৰীৰ। তাই পিষ্ট হৈ গৈছে, ধূলিকণাত মিলি গৈছে। তুলিকা নিৰুদ্দেশ হৈ গৈছে এই পৃথিৱীৰ পৰা।

বহুনিশা পীড়া দি দি সেই সপোনটো এটা সময়ত মিলি গ'ল চেতনাৰ অন্ধকাৰত। ক্ৰমান্বয়ে তুলিকা অভ্যস্ত হৈ পৰিল হোষ্টেলৰ নতুন জীৱন, নতুন শ্ৰেণী আৰু চিনাকি-অচিনাকি সহপাঠীৰ মুখবোৰৰ সৈতে। কিন্তু ভাষাৰ দেৱালখনে পিছে তাইক পীড়া দিবলৈ নেৰিলে। ইংৰাজীৰ দাঁত ভঙা প্ৰতিশব্দবোৰৰ সৈতে অতদিনে অসমীয়াত শিকি অহা, বুজি লোৱা ধাৰণাবোৰৰ মিল বিচাৰি প্ৰতিদিনেই তাই শ্ৰেণীত হাবাথুৰি খালে। অথচ সেই সকলোবোৰৰে সংজ্ঞা তাই অসমীয়াত জানে। কেৱল জনাই নহয়, জৈৱপ্ৰযুক্তিৰ সেই পৃথিৱীখনে তাইক অতদিনে যে আপোন-পাহৰা কৰি আহিছে। সেই প্ৰযুক্তিৰ প্ৰয়োগেৰে এদিন বহুতো জলন্ত সমস্যাৰ সমাধান উলিওৱাৰ সপোন দেখি আহিছে। কিন্তু এতিয়া যে তাৰেই অলেখ-অসংখ্য প্ৰতিশব্দৰ অসমীয়া আৰু ইংৰাজী ৰূপে তাইৰ মগজুত জোঁট-পোঁট লগাই দিছে।

'জিন ট্ৰেন্সক্ৰিপশ্যন কি কোনোবাই বুজাই ক'ব পাৰিবনে?' অধ্যাপক ভট্টই ইংৰাজীতে সুধিছে।

তুলিকাই খৰকৈ ভাৱিবলৈ ধৰিছে। ট্ৰেন্সক্ৰিপশ্যনৰ অৰ্থ জিন স্থানান্তৰণ, সেই প্ৰক্ৰিয়া তাই বুজে। কিন্তু সেইখিনি কথাকে মনত ইংৰাজীলৈ অনুবাদ কৰি উঠালৈ ক্লাছত দুই তিনিজনে উপৰাউপৰিকৈ হাত দাঙিছে। ভট্টৰ ইংগিতত সহপাঠী অৰ্জুনে সলসলীয়াকৈ ইংৰাজীত উত্তৰ দিছে। সেয়া নীৰৱে শুনি থাকোঁতে দেউতাকৰ ধিক্কাৰৰ সুৰটোৱে পুনৰ এবাৰ তুলিকাক খোঁচ মাৰি উঠিছে।

সিদিনা দুপৰীয়া মেচত আলু পৰাঠা লৈ তুলিকাই নীৰৱে কামোৰ দিওঁতে সহপাঠী শিখা আহি কাষতে বহিলহি। উজ্বল দুচকু, জোঙা নাক আৰু দীঘল ফিৰফিৰিয়া চুলিটাৰিৰে সুগঢ়ী শিখা। তাইক দেখা পালেই তুলিকাৰ ভাৱ হয়, ইমান ধুনীয়া আৰু স্মাৰ্ট এই শিখা- যেন তুলিকাৰ সম্পূৰ্ণ বিপৰীত!

'তুমি অসমৰ ন?' শিখাই অভ্যস্ত হাতেৰে চ'পষ্টিকত নুডলছ ঘুৰাই ঘুৰাই ইংৰাজীতে সুধিলে।

'অঁ। তুমি দিল্লীৰে?' তুলিকায়ো ইংৰাজীতে ক'লে।

'অঁ। মোৰ নৰ্থ-ইষ্টলৈ যাবলৈ বহুত মন জানা। ইমান এক্স'টিক ডেষ্টিনেশ্যন! তোমালোকে হেনো বান্দৰৰ মাংসও খোৱা? ইউ পিপ'ল ইট এনিথিং ডেট মোভছ্‌?'

পৰাঠাৰ টুকুৰাটো মুখলৈ নিবলৈ লৈয়ো ৰৈ গ'ল তুলিকা। কাণখন যেন ৰঙা পৰি গ'ল। কি কয় এই? ক'ত পাইছে এইবোৰ ধাৰণা?

'নাই, নাই। উত্তৰ-পূব ভাৰত বহুত বৈচিত্ৰ্যময়। বেলেগ বেলেগ জাতি-জনজাতিৰ খাদ্যাভাসো বেলেগ হয়।' কোনোমতে তাই ইংৰাজীত কথাকেইষাৰ ক'লে।

তুলিকাৰ মাতত ফুটি উঠা লাজ-অপমান খিনি সম্পূৰ্ণ অগ্ৰাহ্য কৰি শিখাই ক'বলৈ ধৰিলে, তাইৰ লগৰ আশীষে হেনো কেৱল ভিন্ন মাংসৰ সোৱাদ ল'বলৈকে নাগালেণ্ডলৈ গৈছিল। সেই ঠাইবোৰত সভ্যতাৰ পোহৰ পৰিবলৈ এতিয়াও যে বহুত বাকী! সেইবোৰ মানুহ এতিয়াও জংঘলৰ মাজত থাকে নহয়?

তুলিকাৰ চিঞৰি চিঞৰি ক'বলৈ মন গ'ল, কেৱল দিল্লীৰ দৰে মহানগৰীত অত্যাধুনিক লাহ-বিলাহৰ মাজত থাকিলেই মানুহ সভ্য হৈ নাযায়। ক'বলৈ মন গ'ল, উত্তৰ-পূবৰ সেই জাতি-জনজাতিৰ অপূৰ্ব কৃষ্টি-সংস্কৃতিৰ কথা, বৈচিত্ৰ্যময় ইতিহাস-ভূগোলৰ কথা। ভাঙি ছিঙি চিৰাচিৰ কৰি দিবৰ মন গ'ল উত্তৰ-পূবক লৈ থকা এই ভ্ৰান্ত ধাৰণাবোৰ।

কিন্তু ইমানবোৰ কথা একেলগে ইংৰাজীত নোলায় তাইৰ। অগ্যতা তাই 'মোৰ কাম এটা আছে- যাব লাগে' বুলি অজাহাত দেখুৱাই উঠি আহিল। তাইৰ পেটটো আকৌ এবাৰ উকট পাকট লাগিল। উকালি আহিব খুজিলে। বুকুখনত কিহবাই খোঁচ মাৰি ধৰা যেন লাগিল।

সেয়া যেন এক আৰম্ভণিহে আছিল। দিন যোৱাৰ লগে লগে লগৰবোৰৰ তেনে প্ৰশ্নৰ সংখ্যা আৰু তাত মিহলি হৈ থকা শ্লেষৰ তীব্ৰতাও যেন বাঢ়িহে গ'ল। সেই অনুপাতে সৰু হৈ গৈ থাকিল তুলিকাৰ মাতষাৰ, জয় পৰি আহিল খোলা হাঁহিটো, বুকুৰ প্ৰাণচাঞ্চল্যতাখিনি। তথাপিও তাই প্ৰাণপণে চেষ্টা কৰি থাকিল ভাষা আৰু ঠাইৰ বৈষম্যৰ সেই দুৰ্ভেদ্য দেৱাল পাৰ হ'বলৈ।

উৎস

'ভায়া, এক চম্মচ্চ চ্যাহিয়ে।' সিদিনা খাবলৈ বহি তুলিকাই মেচৰ কৰ্মচাৰী এগৰাকীক কৈছিল। কিন্তু লগে লগেই কাষতে খাই থকা হোষ্টেলৰে দুজনমানে গিৰগিৰাই হাঁহিলে। তাই বুজিলে, তাৰ কাৰণ তাইৰ অসমীয়া ঠাঁচৰ হিন্দী উচ্চাৰণ। তাৰ মাজৰে ছিনিয়ৰ ৰাজে তাইক চিনি পাই জোকালে,

'তুলিকা, কোৱাচোন- চন্দু কে চাচ্চা নে চন্দু কই চাচ্চী কো চান্দনী চ'ক মে চান্দী কি চম্মচ্চ চে চাটনী চাটায়ে।'

তাৰ লগত সুৰ মিলালে লগতে বহি থকা কেইজনেও, 'কোৱা কোৱা। অন্তত: চেষ্টাতো কৰা।'

তাইৰ মুখেৰে এটাও শব্দ নোলাল। দুচকু পানীৰে ভৰি পৰিল। নিৰুদ্দেশ হৈ পৰাৰ ইচ্ছা জাগিল। তাই জোৰ কৰি বেঙা হাঁহি এটা মাৰিলে আৰু আধাখোৱাকৈয়ে এৰি নিজৰ কোঠালৈ উভতি আহিল।কোঠাত সোমায়ে তাই ধাম্‌ কৈ বিছনাত পৰি দিলেহি। ধাৰাসাৰ চকুপানীয়ে গাৰুটো তিয়াই পেলালে। কাক ক'ব, কোনে বুজিব ইয়াত যে প্ৰতিটো দিন তাইৰ বাবে কেনে অসহনীয় হৈ পৰিছে।

দেশৰ আগশাৰীৰ এনে এখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাটো ভাগ্যৰ কথা- তাই জানে। জানে, সেই গৌৰৱেৰে মাক-দেউতাকৰ বুকু ফুলি উঠিছে। সফল অভিভাৱক হিচাপে সমাজৰ বাহ-বাহ লোৱাত ব্যস্ত মাক-দেউতাকক তাই এইবোৰ কথা ক'ব নোৱাৰে। ইংৰাজী মাধ্যমত পঢ়িছে বুলিয়ে তুলিকাতকৈ বেছি স্মাৰ্ট বুলি সকলোৰে প্ৰশংসা পোৱা ভায়েকেও এয়া প্ৰথমবাৰৰ বাবে বায়েকৰ কৃতিত্বক লৈ গৌৰৱ কৰিছে। সেই ভায়েকক কেনেকৈ ক'ব তাইৰ এই সংগ্ৰামৰ কথা? স্কুলৰ লগৰবোৰলৈ মনত পৰে তাইৰ। কিন্তু প্ৰায় লগে লগেই মনটো কোঁচ খাই পৰে। তাই ইয়ালৈ অহাৰে পৰা যেন সিহঁতবোৰো সলনি হৈ গৈছে। 'কি খৱৰ? ভালে আছনে?' বুলি সোধাৰ সলনি সিহঁতে ক'বলৈ লৈছে, 'তোৰতো লাইফ বনি গ'ল! ইউ হ্যেভ মেইড ইট!' যেন ইয়াৰ পিছত নতুন বুলিবলৈ একো নাই! সমস্যা বুলিবলৈ একো নাই! সুখৰ যেন অন্য নাম সফলতা। সমাজৰ চকুত সফলতা চুই পোৱা মানুহৰ কোনো দুখ নাই, সংগ্ৰাম নাই, অন্য কোনো প্ৰয়োজন নাই! কিমান ভুল সেই ধাৰণা, কিমান ভুল!

নিসংগতা আৰু আত্মগ্লানিয়ে তুলিকাৰ হৃদয়খন যেন কুটি কুটি খাবলৈ আৰম্ভ কৰে।

পিছদিনা দেওবাৰ। বাকীবোৰ উঠাৰ আগেয়ে তাই খৰধৰকৈ মেচত অকলশৰে ব্ৰেকফাষ্ট কৰি আহিল। কোনো কাৰণতে যাতে ৰাজৰ মুখামুখি হ'ব লগা নহয় তাকে লৈ খুউব সাৱধান হ'ল। খাই উঠি পোনেই হোষ্টেলৰ কোঠাত সোমাই তাই আজি সঁচাকৈয়ে ৰেপিডেক্স ইংলিছ স্পিকিং ক'ৰ্ছ খন উলিয়ালে। এখন এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই গ'ল। কিন্তু তাৰ লগে লগে মনলৈ আহিল দেউতাকে ৰাতি ৰাতি পঢ়োৱা ইংৰাজী ব্যাকৰণৰ পাঠবোৰ। তাই কৰা টেন্ছ‌ৰ প্ৰতিটো ভুলত ভায়েকৰ উপলুঙাবোৰ। দেউতাকৰ চটপ্‌ চটপ্‌ বেতৰ কোববোৰ। লাহে লাহে কিতাপৰ অসমীয়া আৰু ইংৰাজী আখৰৰ শাৰীবোৰ নেদেখা হৈ আহিল। ৰেপিডেক্সৰ পাতত টপ্‌ টপ্‌কৈ তাইৰ চকুপানী সৰিবলৈ আৰম্ভ কৰিলে।

'ঠক্‌ ঠক্‌।' দুৱাৰৰ টোকৰটোৱে তুলিকাক উচপ খুৱাই দিলে।

চকুপানী মোহাৰি তাই খপ্‌জপ্‌কৈ উঠি আহিল। নাকৰ আগটো ৰঙা পৰি গৈছে নেকি আইনাত চালে।অকণমান পাউদাৰ লগাই লৈ তাই লাহেকৈ দুৱাৰখন খুলিলেহি।

ৰোমেইন! কেকুঁৰা চুলি, মুগাৰঙী চকু দুটাৰে সিহঁতৰ ক্লাছৰ ফৰাচী ল'ৰাটো। এক্সচেঞ্জ ষ্টুডেণ্ট হিচাপে এবছৰৰ বাবে আহিছে। প্ৰথমদিনাই ক্লাছত সকলোৰে চিনা-পৰিচয়ৰ সময়ত সি কৈছিল। সিহঁতৰ এই হোষ্টেলটোত যে ল'ৰা-ছোৱালীৰ সমূহীয়া আৱাস- এই কথাটো তুলিকাই প্ৰায়ে পাহৰিয়ে থাকে।এতিয়াও ৰোমেইনক দুৱাৰমুখত দেখি তাই থতমত খালে। আস্‌, তাই ইমান জাধলীকৈ ওলাইছেহি! তাই পিন্ধি থকা টিচাৰ্ট আৰু পায়জামাটোৰ কথা ভাৱি অলপ অস্বস্তি অনুভৱ কৰিলে।

'তুলিকা, হয়নে?' ৰোমেইনৰ মুখত ফৰাচী ঠাঁচত তাইৰ নামটো শুনি তুলিকাই হাঁহি পেলালে। সিও হাঁহিলে অলপ বেঙাৰ দৰে। তাৰপিছত আকৌ ক'লে, 'মই তোমাৰ চুবুৰীয়া।'

জানে তুলিকাই। তাইৰ হোষ্টেলৰ কোঠাটোৰ সোঁফালে দুটা কোঠা পাৰ হৈ গ'লেই সৌটো ৰোমেইনৰ কোঠা। আলঙে আলঙে তাক মন কৰে যদিও মুখামুখি হ'লেই তাই যেন পলোৱাৰ বাট বিচাৰে। তাৰ লগতনো কেনেকৈ কি কথা পাতিব তাকে ভাৱি অস্বস্তিত পৰে তাই।

'আমাৰ কোঠাৰ কাৰণে নতুন চকী-টেবুল আহিছে হেনো, ক'ত আছে জানা নেকি?' ভঙা ভঙা ইংৰাজীৰে ৰোমেইন কথাষাৰ ক'লে। লগতে ক'লে, 'বেয়া নাপাবা। মোৰ ইংৰাজী কওঁতে অলপ অসুবিধা হয়।'

গাঢ় ফৰাচী সুৰৰ তাৰ কথাকেইষাৰে তুলিকাক যেন কিছু সহজ কৰি পেলায়। ইমান অকপটে কৈছে সি। কোনো আত্মগ্লানি বা হীনমন্যতাৰ চেকনি নাই তাত।

'অঁ, ব'লা দেখুৱাই দিম।' তুলিকাই দুৱাৰ বন্ধ কৰি চিৰিয়েদি খোজ দিলে। ৰোমেইন তাইক অনুসৰণ কৰিলে।

নতুন চকী-টেবুলবোৰ তলৰ মহলাৰ ষ্ট'ৰৰুমটোত আছে। হোষ্টেলৰ ৰিচেপশ্যনত থকা কাৰোৱাক ক'লে ষ্ট'ৰৰুমটো খুলি দিব। তাই কালি 
মাথোঁ নিজৰ চকী-টেবুলযোৰ আনি কোঠাত সোমোৱাইছেহি। ইমানখিনি কথা তুলিকাই ৰোমেইনক ইংৰাজীত বুজাব নোৱাৰে। গতিকে তাই তাক ৰিচেপশ্যনলৈকে লৈ গ'ল। তাৰ পৰা ষ্ট'ৰৰুমৰ ছাবিটো লৈ দুয়ো দীঘল ক'ৰিডৰটোৰে আগবাঢ়িল।

'তুমি উত্তৰ-পূবৰ?' খোজৰ লগে লগে ৰোমেইন সুধিলে।

'অঁ' তাইৰ মনটো অলপ কোঁচ খালে। ইয়ালৈ অহাৰে পৰা মুখামুখি হোৱা অদ্ভুত প্ৰশ্নবোৰৰ এটাকে 
সিও সুধিব নেকি ?

'শুনিছোঁ উত্তৰ-পূব ভাৰতৰ অন্য ঠাইৰ লগত একেবাৰে নিমিলে। বহুত বেলেগ হেনো?'

'অঁ।' তাইৰ ভিতৰত পুনৰ কেৰেলুৱা এডালৰ গতি আৰম্ভ হয়।

'মোৰ তালৈ এবাৰ যাবলৈ খুউব মন আছে জানা। এই যে ইমানবোৰ ভিন্ন ঠাই, সেইবোৰৰ ভিন্ন সমাজ, ভাষা-সংস্কৃতিৰ বৈচিত্ৰ্য-সেইবোৰৰ কাৰণেই ভাৰতৰ প্ৰতি মোৰ ইমান আকৰ্ষণ! নিজ চকুৰে চাব খুজিছিলোঁ এই বৈচিত্ৰ্যময় দেশ।'

কেৰেলুৱাডালৰ মেৰটো লাহে লাহে যেন খোল খাবলৈ ধৰিলে। নাই, অন্য সমনীয়াৰ দৰে ৰোমেইনৰ কোনো ভ্ৰান্ত ধাৰণা নাই উত্তৰ-পূবক লৈ। অসমক লৈ।

'যাবা এদিন। বহুত ধুনীয়া উত্তৰ-পূব ভাৰত। অন্য কোনো ঠাইৰ সৈতে তুলনা নহয়।' তাই হাঁহি এটাৰে ক'লে।

ষ্ট'ৰ ৰুমৰ পৰা নতুন চকী আৰু পঢ়া টেবুলখন দুয়ো ধৰাধৰিকৈ দাঙি আনি ৰোমেইনৰ কোঠা পোৱালেহি। দুয়োখন থানথিত লগাই উঠি ৰোমেইন ক'লে, 'আহা, বহাহি।'


'নাই নাই, মই যাবলৈ লৈছিলোঁৱে। মেচত সন্ধিয়াৰ চাহ দিবলৈ হ'ল নহয়।' তুলিকাই ক'লে। তাইৰ ভাৱ, ৰাজ বা লগৰ কোনোবা অহাৰ আগেয়ে সন্ধিয়াৰ চাহকাপ নিজৰ কোঠালৈকে লৈ আনিবগৈ।

'অঁ ঠিকেই, ব'লা একেলগে খাওঁগৈ।' অগ্যতা তাই ৰোমেইনৰ লগতে মেচ পালেগৈ। কিন্তু এনে বিড়ম্বনা যে গৈ পায়ে দেখিলে, ৰাজে মেচৰ একোণত সমনীয়াবোৰৰ সৈতে চাহত শোহা মাৰিছে। তুলিকাক দেখি সি দূৰৈৰ পৰাই ডাঙৰ মাতেৰে ক'লে,

'তুলিকা, চান্দনী চ'ক বুলি এবাৰ কোৱাচোন।' লগে লগে সেইখিনিৰ পৰা জাউৰিয়ে জাউৰিয়ে হাঁহি।

তুলিকাই নুশুনাৰ ভাও ধৰিলে। ৰোমেইনলৈ চাই ক'লে, 'চাহ বাৰাণ্ডাতে বহি খাবা নেকি?'

ৰোমেইনে মাথোঁ মুৰ দুপিয়ালে। যিমান পাৰি খৰখেদাকৈ চাহকাপ লৈ তুলিকা ওলাই আহিল। তাইৰ পিছে পিছে ৰোমেইন। দুয়ো হোষ্টেলৰ বাৰাণ্ডাৰ চিৰিতে বহিলহি। কেম্পাছৰ চৌদিশে তেতিয়া আন্ধাৰ-পোহৰৰ খেলা। তাতে বহি লৈ তুলিকাই দীঘলকৈ উশাহ এটা ল'লে। তাইৰ ভাৱ হ'ল, কেতিয়াও যেন এনেকৈ কেম্পাছৰ স্নিগ্ধ ৰূপ, সন্ধিয়াৰ ৰাগিনী উপভোগ কৰাৰ সুযোগেই পোৱা নাছিল! অহাৰ দিনাৰে পৰা যেন তাই কেৱল অস্তিত্ব ৰক্ষাৰ যুঁজখনতে ব্যতিব্যস্ত হৈ ৰৈছে।

'অসমত চাহ খুউব ভাল হয়, ন?' ৰোমেইনৰ কথাই তাইৰ সম্বিত ঘুৰাই আনিলে। 

'অসমৰ চাহৰ কথা জানা তুমি?' তাই উৎসাহেৰে সুধিলে।

'অঁ অঁ- আছাম টি। মই লণ্ডনত থাকোঁতে প্ৰায় সদায়ে আছাম টি খাইছিলোঁ।'

'হয় নেকি? অসমলৈ গ'লে তুমি বহুত চাহবাগান দেখিবলৈ পাবা। আমাৰ নিজৰো এখন আছে।' তাই ভঙা ভঙা ইংৰাজীতে ক'লে। এইবাৰ আচৰিতভাৱে আগৰ সংকোচবোৰে আৱৰি নধৰিলে।

সিদিনা বহুপৰলৈকে দুয়ো তাতে বহি কথা পাতি থাকিল। তুলিকাই ৰোমেইনৰ নিজা ঠাই লীয়ঁ'ৰ কথা আগ্ৰহেৰে শুনিলে। ফ্ৰান্সৰ ফুড কেপিটেল হেনো লীয়ঁ'। তাই তাক ক'লে অসমৰ পিঠা-লাৰু আৰু পোৰা মাছৰ পিটিকাৰ কথা, বিহুৰ কথা। উত্তৰ-পূবৰ বৈচিত্ৰ্যৰ কথা। যেন ইয়ালৈ অহাৰ দিন ধৰি বুকুতে সামৰি-সুতৰি থোৱা বহুতো কথাই প্ৰকাশৰ বাট বিচাৰি হেতা-উপৰা লগালে।

উভতাৰ পৰত ৰোমেইনলৈ চাই তাই সোধোঁ নোসোধোঁকৈ সুধিলে, 'ৰোমেইন, তুমি যে ইংৰাজীত দিগদাৰ লাগে বুলি ক'লা, ফ্ৰান্সৰ বাহিৰত তোমাৰ অসুবিধা নহয়?'

ৰোমেইন যেন প্ৰশ্নটোত অলপ আচৰিত হ'ল। কিন্তু পলকতে সি 
কিবা এটা বুজিও পালে।

'ইমানপৰে যে ভঙা ভঙা ইংৰাজীৰেই তোমাৰ লগত কথা পাতিলোঁ, সেয়া বুজাত জানো তোমাৰ অসুবিধা হ'ল?'

তাই মূৰ জোকাৰিলে। নাই, নাই হোৱা। ব্যাকৰণ ভুল হ'লেও, কিছুমান শব্দ কোৱাতকৈ আকাৰে-ইংগিতেৰে বুজালেও ঠিকেইতো বুজিছে তাই!

'তেনে? চোৱা, ইংৰাজী মোৰ মাতৃভাষা নহয়। মাজে মাজে কিছুমান শব্দ বিচাৰি উজুটি খাওঁ, ব্যাকৰণত খেলিমেলি লাগে, শব্দৰ উচ্চাৰণ ফৰাচী ঠাঁচত কওঁ। তথাপিও কাম চলি যায়। বিদেশী ভাষা এটাত সেই অলপ-অচৰপ খেলিমেলিতো থাকিবই। তাত লাজ কৰিবলৈ কি আছে?'

ৰোমেইনৰ কথাখিনিয়ে সিদিনা তুলিকাক বহুপৰলৈকে ভাবুক কৰি ৰাখিলে। কিমান সহজভাৱে সি ক'ব পাৰিছে, বিদেশী ভাষা এটা শুদ্ধকৈ ক'বলৈ কেতিয়াবা অসুবিধা হয়। সেয়া একেবাৰেই স্বাভাৱিক! ইমান সৰল যুক্তি এটাকে তাইযে অতদিনে কাকো দিব পৰা নাই। নিজেও গ্ৰহণ কৰি ল'ব পৰা নাই! অথচ তাইৰ ভায়েকে যে অসমীয়া পঢ়িবলৈ-লিখিবলৈ টান পায় তাতচোন কাৰো আপত্তি নাই, কোনো ধিক্কাৰ নাই? কিয়? প্ৰকৃততে কোনটো লাজৰ কথা? নিজৰ মাতৃভাষা নজনাটো নে বিদেশী ভাষা এটা নজনাটো?  কি পাৰ্থক্য তাইৰ আৰু ৰোমেইনৰ মাজত? নিজৰ মাতৃভাষা অসমীয়াক লৈ সেই একেই স্বাভিমান নথকাটো? নে বৃটিছ শাসনে পুতি থৈ যোৱা ইংৰাজীৰ আধিপত্যৰ শিপাডাল? ৰোমেইনৰ কথাবোৰে সিদিনা যেন তাইক বহু কথা নতুনকৈ ভাৱিবলৈ শিকালে। তুলিকাৰ মনলৈ এটা দৃঢ়তা আনি দিলে।

দুদিনমানৰ ভিতৰতে তুলিকাৰ কোঠাৰ দেৱালত কেইবাখনো তালিকা ওলমিল। তাতে জৈৱপ্ৰযুক্তিৰ 
খোকোজা লগা প্ৰতিশব্দবোৰৰ অসমীয়া আৰু ইংৰাজী ৰূপবোৰ তাই চিজিলকৈ লিখিলে। নিজকে ভৰসা দিলে, এই ধাৰণাবোৰটো তাই জানেই। যিমানেই অভ্যাস কৰিব সিমানেই খৰকৈ সেয়া ইংৰাজীলৈ অনুবাদ কৰিব পৰা হ'ব। শ্ৰেণীতো নীৰৱে থকাৰ সলনি তাই উত্তৰ দিবলৈ চেষ্টা কৰা হ'ল। ভুলে-শুদ্ধই ক'লেও অন্তত: সংকোচ বা লাজখিনিয়ে আগৰদৰে বাট ভেঁটি নধৰা হ'ল।

লাহে লাহে দিনবোৰ সহজ হৈ অহাৰ সময়তে এদিন পুনৰ তুলিকা ৰাজৰ দলটোৰ সন্মুখত পৰিলগৈ। সিদিনা বহুপৰলৈ তাই ক্লাছৰ এচাইণ্টমেণ্টত লাগি আছিল। নিশাহে মনত পৰিল, অন্যদিনাৰ দৰে আগতীয়াকৈ ভাতসাঁজ মেচৰ পৰা নিজৰ কোঠালৈ আনি থোৱা নহ'ল।

ৰাজে তাইক দেখা মাত্ৰেই ক'লে, 'আৰে তুলিকা, মোক দেখিলেই তুমি আজিকালি পলোৱা যে? চান্দনী চ'কৰ ভয়ত নেকি? কোৱা কোৱা-চন্দু কে চাচ্চা নে চন্দু কই চাচ্চী কো চান্দনী চ'ক মে চান্দী কি চম্মচ্চ চে চাটনী চাটায়ে। আজি নক'লে নেৰিছোঁ তোমাক।' তাৰ লগৰ তিনিটা ল'ৰাই তাইক বাট ভেঁটা দি ৰং চাবলৈ লাগিল।

তুলিকাৰ মুখখনত যেন দেহৰ সমগ্ৰ তেজে থোপা পাতিলেহি। আজি যেন লাজ-ভয়ৰ সলনি জাত্যাভিমানে ভৰ কৰিলেহি তাইৰ দেহত।

স্থিৰ দৃষ্টিৰে ৰাজলৈ চাই তাই ক'লে, 'কেন ইউ চে, হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ/ জৌ জৌ কৈ সৰিল নিয়ৰ/ হ’ল জলৌ জপৌ? তুমি যদি সেয়া কোৱা ময়ো তোমাৰটো ক'বলৈ চেষ্টা কৰিম।'

ৰাজ হতভম্ভ হোৱাৰ দৰে হ'ল। মুখে মুখে উত্তৰ দিয়া বাদেই, কেতিয়াও তলমূৰ ওপৰ নকৰা ছোৱালীজনীয়ে কি কৈছে এইবোৰ?

'কি সেয়া?' তাৰ লগৰ এটাই সুধিলে।

'এটা জীভাকেঁকুৰি- টাং টুইষ্টাৰ। যেনেকৈ তোমালোকৰ মাতৃভাষা হিন্দীত টাং টুইষ্টাৰ আছে আমাৰো আছে।'

'তোমাৰ মাতৃভাষা? সেইটো কি ভাষা?' ৰাজে সুধিলে।

এইবাৰ খঙে-বিষে তুলিকাই ক'লে, 'অসমীয়া- গুগল কৰি চাবা।'

সিহঁতক তাতে এৰি দপদপাই তাই চিৰিয়েদি উঠি আহিল। ধাৰামকৈ দুৱাৰখন মাৰি বিছনাত বহি পৰিল। তিক্ততাই আৱৰি ধৰিলে তাইক। ভাৱ হ'ল, কি লাভ এনে ঠাইত পঢ়ি? য'ত উচ্চ শিক্ষা ল'বলৈ অহাবোৰৰ মাজতে ইমান অজ্ঞতা, ইমান বিভেদ! 

'ঠক্‌ ঠক্‌ ঠক্‌।' দুৱাৰত টোকৰ শুনি তাই বিৰক্ত হৈ পৰিল। ৰাজেই আহিছে নেকি? তাইক উভতি ধৰিবলৈ? 
কথা শুনাবলৈ? তাই থমথমকৈ বহি থাকিল। কোনো সৌজন্যতা দেখুওৱাৰ ইচ্ছা নাজাগিল।

'ঠক্‌ ঠক্‌ ঠক্‌। তুলিকা, আছানে?'

আস্‌ সেয়াচোন ৰোমেইনৰ মাত। এইবাৰ তাই খৰধৰকৈ উঠি গৈ দুৱাৰখন খুলি দিলে।

আহল-বহল হাঁহি এটাৰে ৰোমেইন থিয় দি আছে। তাৰ লগতে তাইৰ ক্লাছৰ শিখা, অৰ্জুনকে ধৰি গোটেইকেইজন।

'এইখন তোমালৈ আনিছোঁ, লোৱা।' ৰোমেইনে তাইলৈ এখন কাৰ্ড আগবঢ়াই দিলে। 'হেপ্পী নিউ ইয়েৰ তুলিকা।' গোটেইকেইজনে সমস্বৰে ক'লে।

আশ্চৰ্য্যচকিত হৈ তুলিকাই এবাৰ সিহঁতলৈ আৰু এবাৰ কাৰ্ডখনলৈ চালে। কাৰ্ডৰ ভিতৰত গোট গোট অসমীয়া আখৰেৰে লিখা আছে 'ব'হাগ বিহুৰ শুভেচ্ছা।' আখৰবোৰত জিলিকি আছে অপৈণত আঙুলীৰ কঁপনি আৰু কলমৰ উপৰা-উপৰি চিন। তলত শ্ৰেণীৰ গোটেইবোৰৰ নাম।

তুলিকাই যেন পাহৰিয়ে পেলাইছিল, আজি ব'হাগৰ প্ৰথম দিন!

ঘৰৰ পৰা আঁতৰত এয়া তাইৰ প্ৰথম বিহু!

এয়া লগৰবোৰে অসমীয়াতে লিখি বিহুৰ শুভেচ্ছা দিছেহি!

গোটেইখিনি কথা টং কৰিবলৈ তাইক যেন কিছু সময় লাগিল।তাই
 কোনোমতে উচ্চাৰিলে, 'থেংক ইউ!'

'ৰোমেইনৰ আইডিয়া এইটো। এতিয়া কোৱা বিহু কেনেকৈ পাতে? নতুন বছৰ বুলি আমি বাহিৰতে এসাঁজ খাওঁগৈ নেকি?' শিখাই হাঁহি হাঁহি ক'লে।

শিখাই কিজানি আজিও নেদেখিলে দুটোপাল চকুপানীয়ে ঢুলঢুলীয়া কৰি দিয়া তুলিকাৰ চকুহাল। প্ৰথমবাৰৰ বাবে আজি তুলিকাৰ বুকুৰ খোঁচা-বিন্ধাবোৰ কমি অহা যেন লাগিল। পেটৰ উকট-পাকটবোৰ শান্ত হৈ পৰা যেন লাগিল। একো নক'লেও সেয়া ৰোমেইনে ঠিকেই দেখিলে আৰু বুজিলে। 

জীৱনৰ বহু অনুভৱ যে ভাষিক নহয়, হয় কেৱল আন্তৰিক!



Wednesday, 16 August 2023

উপন্যাস: ফাৰমানা (দশম খণ্ড)

‘তুমি কি বিচাৰিছা, তুলিকা? তুমি ইয়াত কিয়?’ 

মিচেলে লাহেকৈ কথাষাৰ সুধিলে। কিন্তু তেওঁৰ মুগাৰঙী দুচকুৰ দৃষ্টি একেই থাকিল। সেয়া যেন এনে দৃষ্টি যি মানুহৰ মুখৰ চাৰিসীমাত নৰৈ আত্মাৰ অতল গভীৰতালৈ জুমি চাব খোজে। যি জানিব খোজে শব্দৰ মাপকাঠিৰে বুজাব নোৱাৰা অনুভৱৰ ভাষা। কোনো বিচাৰ নোহোৱাকৈ, কোনো সামাজিক মূল্যবোধৰ তুলাচালনীত নোজোখাকৈ।

কোঠাটোৰ ছাইবৰণীয়া চোফাখনত তুলিকাই অলপ অসহজভাৱে লৰচৰ কৰি উঠিল। ভাৱিলে, কেনেকৈ কোৱা যায় আজি তাই এই ঠাইত বহি ৰোৱাৰ কাৰণ হ’ল আছমা আৰু লুক। কেনেকৈ কোৱা যায় ফাৰমানা এৰি যোৱাৰ আগে আগে যে আছমাই কৈ গৈছিল,

‘তুমি কাৰোৱাৰ লগত কথা পতাৰ দৰকাৰ, তুলিকা। মনতে সহি-সামৰি নথৈ এই আবেগবোৰক বাট এৰি দিয়াৰ দৰকাৰ।’

তাতে ক্ষান্ত নথাকি লুক আৰু আছমাই তাইৰ পৰা কথা লৈছিল, তুলিকাই সহায় বিচাৰিব। পেছাদাৰী সহায়। নহ’লে এনে কথাবোৰেই যে বহুদিনলৈ মানুহক এক যন্ত্ৰণাৰ কাৰাগাৰত বন্দী কৰি ৰাখিব পাৰে, কুটি কুটি খাই পেলাব পাৰে জীৱনবোধ! যিমান সময় কাটিলেও পৰুৱাই পোৱা দি ঘুৰি ঘুৰি সেই কাৰাগাৰতে দিশহাৰা হৈ ৰ’ৱ পাৰে মানুহ। কেন্সাৰৰ হাতোৰাই মাকক অকালতে কাঢ়ি নিয়াৰ পিছত আছমাই সেই পেছাদাৰী সহায়ৰ বাবেহে নিজাকৈ এটা পৰিপূৰ্ণ জীৱন গঢ়িবলৈ সক্ষম হৈছে। তাই বিচাৰে, তুলিকা পণবন্দী হৈ নৰওক সেই আবেগৰ কাৰাগাৰত। বিচাৰে তুলিকাই মনৰ হেঁপাহেৰে জীৱনটো পুনৰ গঢ়িবলৈ শিকক।

কেৱল আছমা আৰু লুকক দিয়া সেই কথা ৰাখিবলৈকে তুলিকা আজি ফাৰমানাৰ এই কাউন্সেলিং ক্লিনিকত বহিছেহি। কিন্তু তাই বুজিব পৰা নাই কেনেকৈ এই অচিনাকি শ্বেতাংগ মহিলাক পলকতে বিশ্বাসত ল’ব। কেনেকৈ আপোন মানুহবোৰক খুলি ক’ব নোৱাৰা কথাবোৰ এই থেৰাপিষ্ট গৰাকীৰ আগত উদঙাই দিব।

নীৰৱতা ভাঙি মিচেলে ক’লে, ‘নজনাটো একো ডাঙৰ কথা নহয়, তুলিকা।’ যেন তেওঁ নোকোৱাকৈয়ে বুজি পালে তুলিকাই কি ভাৱিছে। ‘তোমাৰ কথাকে কোৱাচোন, যাতে আমি ইগৰাকীয়ে সিগৰাকীক অলপ জানিব পাৰোঁ। মোৰ বিষয়ে কিবা জানিব খোজা যদি সেয়াও সুধিব পাৰা।’

চা-চিনাকিৰ পিছত তুলিকা যেন লাহে লাহে সহজ হৈ আহিল। মিচেলে কৈ গ’ল, তেওঁৰ থেৰাপীৰ প্ৰকৃতিৰ কথা। তেওঁ বিশ্বাস কৰে, প্ৰতিজন মানুহৰ নিজৰ মাজতে সকলো সমস্যাৰ সমাধানৰ সূত্ৰ সোমাই থাকে। তেওঁ মাথোঁ সেই বাটটোত আগবাঢ়িবলৈ মানুহক সহায় কৰে। অকলে সেই বাট বুলিবলৈ সত নোযোৱা কাৰোৱাৰ সৈতে একেলগে খোজ দি তেওঁ অকণমান আগবঢ়াই দিয়ে।

‘আমাৰ দেহটো সুস্থ ৰাখিবলৈ আমি কিমান যত্ন লওঁ, নহয়নে? বিনা সংকোচে দৰৱ খাওঁ, ডাক্তৰৰ সৈতে কথা পাতোঁ, পৰীক্ষা-নিৰীক্ষা কৰাওঁ। কিন্তু ভাৱাচোন, মনটোৰ জানো তেনেকৈ কেতিয়াবা যত্ন লওঁ? অথচ মনটো ভালে থকাটোও যে কিমান দৰকাৰী! জীৱনৰ কত কথা আৰু ঘটনাই মনটোত আঁচোৰ মাৰে বা দকৈ আঘাত সানি যায়- তাৰোতো সঠিক প্ৰতিৰক্ষা আৰু যত্নৰ প্ৰয়োজন।’

মিচেলৰ কথাবোৰে তুলিকাক ভৱাই তোলে। তাইচোন কেতিয়াও তেনেকৈ ভাৱি চোৱা নাই। মনৰ সকলো কথা সদায়ে মনতে সহি-সামৰি থ'বলৈকেতো তাই সৰুৰে পৰা শিকি আহিছে!

সেই প্ৰথম ছেছ’নৰ শেষত তুলিকাৰ মুখেৰে স্বত:স্ফূৰ্তভাৱে ওলাই আহিল,
‘মই ইয়ালৈ আহিছোঁ কাৰণ মোক বুকুৰ ভিতৰত আউল লাগি পৰা অনুভৱবোৰৰ আঁতডাল লাগে। ক্লেৰিটি লাগে মোক।’

মিচেলে পৰৱৰ্তী ছেছনৰ তাৰিখটো কাৰ্ডত লিখি তাইলৈ আগবঢ়াই দি ক’লে,
‘পাবা তুলিকা, পাবা। সেয়াও তোমাৰ মাজতে সোমাই আছে।’

সিদিনা গঢ় লৈ উঠা বিশ্বাসৰ সোপোনটোকে লৈ আজি তৃতীয়টো ছেছ’নত তুলিকা। সেই একেই ছাই-বৰণীয়া চোফা।তাৰ কাষতে এখন বহল খিৰিকী। সিপাৰে ফাৰমানাৰ সেউজীয়া। চোফাত বহি লৈয়ে তাই নিজেই উপযাচি ক’লে,
‘আজি বিদ্যুতৰ কথা পাতিব বিচাৰোঁ।’

‘কোৱা কি ক’ব খুজিছা।’

শান্ত কিন্তু উৎসুক মাত এটাৰে মিচেলে ক’লে। মিচেলৰ দীঘল ফিৰফিৰিয়া চুলিখিনি টানি নি পিছলৈ বান্ধি থোৱা আছে। তেওঁৰ দেহত আহল-বহল কটনৰ বগা ব্লাউজ আৰু মুগা ট্ৰাউজাৰ। পশ্চিমীয়া সাজ-পাৰ আৰু শ্বেতাংগ ছাল দেও দি তেওঁৰ চকুৱে মুখে এক আপোন মমতাময়ী উম। ঠিক তাইৰ মাকৰ দৰে, তুলিকাই ভাৱিলে। যি বুকুৰ আচল পাতি ৰৈ থাকে এসাগৰ ভালপোৱা লৈ- কোনো দাবী নোহোৱাকৈ, কোনো কৈফিয়ৎ নিবিচৰাকৈ।

‘লগ পোৱাৰ মাত্ৰ ছমাহ পিছতে আমাৰ বিয়া হৈছিল। বিদ্যুৎ লণ্ডনত আছিল। মই ভাৰতৰ অসমত।’ ক্ষন্তেক ৰৈ তুলিকাই ভাৱিলে, ভাৰতৰ সমাজ-সংস্কৃতি আৰু এৰেঞ্জ মেৰেজৰ কথা কিমান জানে বাৰু মিচেলে?

‘এৰেঞ্জ মেৰেজ?’ মিচেলে পুনৰ যেন তাইৰ মনটো পঢ়ি পেলালে।

‘ঠিক তেনেকুৱাই। কিন্তু প্ৰথমে ঘৰৰ পৰা চাই আমাক দুয়ো দুয়োকে জনাৰ সময়-সুবিধাও দিছিল।’

‘বুজিছোঁ। তুমি ভাল পায়ে বিয়া পাতিছিলা তেনে?’

এখন্তেক ৰৈ তুলিকাই ভাৱিলে। ইমান সহজ যেন লগা উত্তৰটোও বিচাৰি নোপোৱা যেন লাগিল তাইৰ। তাইৰ চকুত ধৰা দিলে সেই বিশেষ গধূলিটো। তেজপুৰ বিশ্ববিদ্যালয়ৰৰ পৰা পৰিৱেশ বিজ্ঞানত তুলিকাই ডিষ্টিংচন পাই মাষ্টাৰ্চ ডিগ্ৰী পোৱাৰ খৱৰ আহিছে। কিন্তু ঘৰখনত তাতোকৈ ডাঙৰ খৱৰ হৈ পৰিছে সেইদিনাই আহি পোৱা পেহীয়েকৰ খৱৰটো।

তুলিকালৈ লণ্ডনত চাকৰি কৰি থকা ল’ৰা এটা ওলাইছে। ল’ৰাৰ মাক-দেউতাকে কোনোবা এখন বিয়াত তুলিকাক দেখা পাই পেহীয়েকৰ ঘৰত খৱৰ লৈছে। লগে লগেই ঘৰখনত উখল-মাখল লাগি পৰিছে। পৰিয়ালৰ সকলোৱে দিবাস্বপ্ন দেখিছে, বিদেশত তুলিকাৰ সোণৰ সংসাৰ এখনৰ, তুলিকাৰ জহতে তেওঁলোকেও এদিন লণ্ডনত ভৰি থোৱাৰ। 

‘তাইৰ কপাল ভাল বুজিছ দাদা, বৰ সুখত থাকিব তাই। বৰ সুখত।’ পেহীয়েকে টিভিত অহৰহ চলি থকা বাতৰিৰ বিৰতিত 
গুণগুণকৈ দেউতাকক কৈছে।

‘অঁ অঁ, তহঁতেই চাচোন কেনেকৈ আগবাঢ়িব পাৰি! এন আৰ আই দৰা পোৱাটো কম ভাগ্যৰ কথানে!’ দেউতাকে টিভিৰ ভলিউম কম কৰাৰ সলনি প্ৰায় চিঞৰিয়ে কথাষাৰ কৈছে।

কাষৰ কোঠাত তুলিকা কেৰেলুৱা এডালৰ দৰে মেৰখাই পৰিছে। নিজকে তাইৰ মাক দেউতাকৰ বাবে এটা বোজা নাইবা পৰিয়ালৰ সামাজিক ষ্টেটাচ বজাই ৰখা এটা মাধ্যম যেন ভাৱ হৈছে। এনেতে মাক আহি তাইক লাহেকৈ কৈছেহি,

‘লগ কৰি চাচোন, মাজনী। ভাল লগা-নলগাতো তয়ে ঠিক কৰিব লাগিব। বিয়া পাতি আমিতো সংসাৰ নকৰোঁ-তইহে কৰিবি।’

তাইৰ দুচকু ভৰি আহিছে। দেউতাকৰ কথাৰ ওপৰত এষাৰো ক’বলৈ সাধ্য নথকা মাকজনীৰ সেই কথাষাৰেই যেন তাইক বহুত বুজাই দিছে। কিন্তু ইতিমধ্যে সময় যেন পাখিলাহি পখিলা হৈ উৰিবলৈ লৈছে।

এসপ্তাহৰ ভিতৰতে বিদ্যুতৰ সৈতে তাইৰ অনলাইন চিনাকি হৈছে। মাজে মাজে সি ফে’চটাইম কৰিবলৈ লৈছে। নিজৰ অজানিতে লাহে লাহে তুলিকাই বাট চাই থকা হৈছে তাৰ এটা মেচেজ বা কললৈ। আৰু তিনিমাহৰ পিছতে ৰঙা মিনিকুপাৰ খনলৈ বিদ্যুতে ভৰি দিছেহি সিহঁতৰ ঘৰত।

‘সেই সকলোবোৰ গ্ৰহণ কৰি ল’বলৈ তোমাৰ কিজানি কষ্ট হৈছিল?’ মিচেলে জানিব খুজিছে।

কষ্ট? নাই! তাইৰ সপোনৰ দলিচাত ক’ৰবালৈ গুচি যোৱা যেনহে লাগিছিল। বিদ্যুত অহাৰ দিনা ৰান্ধনি বেলিটো পিঠিত লৈ সিহঁত ৰংঘৰৰ সন্মুখত বহিছিলগৈ। কিমান কথা যে পাতিছিল সিহঁতে! বিদ্যুতে লণ্ডনৰ জীৱনৰ কথা কৈছিল৷ কৈছিল কেনে অকলশৰীয়া মহানগৰী লণ্ডনৰ জীৱন৷ প্ৰত্যেকেই যেন কেৱল 
নিজৰ লগতে ব্যস্ত৷ অসমৰ দৰে, ভাৰতৰ প্ৰায়বোৰ ঠাইৰ দৰে এখন সমাজ বা জাতিৰ অনুভৱ নাই সেই মহানগৰীত৷ বিদ্যুতৰ অনুভৱ হয়, যিমানে কেৰিয়াৰৰ জখলাত আগুৱাই গ’ল সিমানে যেন সি বেছিকৈ অকলশৰীয়া হৈ গ’ল৷ পুৰণি বন্ধুবোৰক লগ পালে উচ্ছল হৈ কথা পাতে- ৰেষ্টোৰাঁত বহি অতীত ৰোমন্থন হয়, কিন্তু আগৰ দৰে যেন আন্তৰিক সংযোগ অনুভৱ নকৰে সি৷ কিবা এটা যেন হেৰাই গ’ল৷ সি পলে পলে অনুভৱ কৰে জীৱনৰ সুখ-দুখ সকলো ভগাই ল’ব পৰা এক সংগীৰ অভাৱ।

কৈ কৈ বিদ্যুতে তাইৰ সোঁহাতখনৰ পতাত তাৰ হাতখন ৰাখে। সেই হাতে লাহেকৈ তাইৰ আঙুলীকেইটা খামুচি ধৰে।

‘আমাৰ যদি কথাবোৰ আগবাঢ়ে তুমি মোৰ লগত লণ্ডনত থাকিবাগৈনে?’

অপ্ৰস্তুত হৈ পৰিছিল তাই সেই স্পৰ্শ আৰু প্ৰশ্নত। কিন্তু তাৰ লগে লগে তাইৰ মায়া উপজিবলৈ লৈছিল এই অকলশৰীয়া মৰম-আকলুৱা ল’ৰাটোলৈ। 

তাইৰ অসহজ ভাৱটো লক্ষ্য কৰিয়ে হয়তো সি কৈছিল,
‘চোৱা, মা-দেউতাহঁতে কি কয় সেইটো পিছৰ কথা, প্ৰথমে তুমি কি বিচাৰা সেয়া জনাটো মোৰ কাৰণে বেছি দৰকাৰী৷ সেয়ে সুধিছোঁ৷’

খন্তেক ভাৱি তাই কৈছিল,
‘লণ্ডনত মোৰ ফিল্ডৰ কাম কিবা পালে যোৱাৰ কথা ভাৱিব পাৰোঁ৷ নহ'লে ইয়াত সকলো এৰি থৈ শূন্যৰ পৰা লণ্ডনত সকলোবোৰ আৰম্ভ কৰাটো মোৰ কাৰণে বৰ ডাঙৰ সিদ্ধান্ত হ’ব৷’

‘বুজিছোঁ৷’ 

বিদ্যুতৰ মাতটোৱে ধেমেলীয়া সুৰ এটা ল’বলৈ আৰম্ভ কৰিছিল,
‘তেনে সোনকালেই লণ্ডনত চাকৰি এটা বিচাৰিবলৈ আৰম্ভ কৰা৷’

তুলিকাৰ গাল দুখন অলপ ৰঙচুৱা হৈ পৰিছিল যেন৷ একোকে ক’ব পৰা নাছিল তাই৷ মাথোঁ ভাৱিছিল, হয়তো পাৰিব তাই! পাৰিব এইজন মানুহৰ সৈতে জীৱনৰ সুখ-দুখবোৰ ভগাই ল’বলৈ, আশা আৰু সপোনবোৰ একেলগে ৰচিবলৈ। 

সিদিনা জোনাকৰ পোহৰত সিহঁতে উভতনি খোজ দিওঁতে বিদ্যুতে তাৰ বাওঁহাতেৰে তুলিকাৰ কঁকালত আলফুলে মেৰিয়াই ধৰিছিল। এটা অবুজ শিহৰণে তাইৰ সমগ্ৰ দেহত জোকাৰণি তুলি গৈছিল। তথাপিও তাই কৃত্ৰিম চেষ্টা এটা কৰিছিল আঁতৰি যাবলৈ৷ তাইৰ একেবাৰে কাষলৈ আহি বিদ্যুতে শুনা নুশুনাকৈ কৈছিল, ‘একো নহয় দিয়া! বেয়া পোৱা নাই যদি ধৰি থাকিবলৈ দিয়াচোন!’

সেই স্পৰ্শই যেন বহু কথা কৈ গৈছিল তুলিকাক৷ বিদ্যুৎ উভতি যোৱাৰ পিছতো বহুদিনলৈ সেই মাদকতাত তাই ডুব গৈ আছিল। পাহৰিব পৰা নাছিল ঠৰঙা চুটি চুলি, পাতলীয়া দাঢ়ি আৰু সৰু সৰু চকুহালিৰে সেই মৰমলগা মুখখনি।

‘তাৰপিছত?’ সেই অপূৰ্ব মাদকতাই যেন সুৰুঙা পাই তাইৰ দেহে-মনে পুনৰ সাৰ পাই উঠিব খুজিছে। মিচেলৰ মাতত তাইৰ সম্বিত আহিল।

‘তথাপিও মই সময় ল’ব খুজিছিলোঁ। কিন্তু দুয়োটা পৰিয়ালৰ হেঁচাই সেইবোৰ উফৰাই পেলাইছিল। ভাল ল’ৰা পাইছোঁ যেতিয়া শুভ কাম সোনকালে কৰি পেলোৱা ভাল, দেউতাই কৈছিল। বিয়াৰ পিছত বাকী সকলোবোৰ নিজে নিজেই মিলি যাব, পেহীয়ে কৈছিল। অসমৰ পৰা চেষ্টা কৰাতকৈ বিয়াৰ পিছত ডিপেণ্ডেণ্ট ভিজাত আহি গ’লে যিকোনো চাকৰি পাবলৈ সহজ হ'ব, বিদ্যুতে কৈছিল।’

‘তুমি কি ভাৱিছিলা?’

‘এতিয়া সেইবোৰ জানি বা পাতি কিবা লাভ আছে জানো?’

মিচেলে একো উত্তৰ নিদিলে। যেন তুলিকাক নিজকে সেই প্ৰশ্নটো কৰি চাবলৈ দিলে। উপায়ন্তৰ হৈ তাই ক’লে,

‘তেতিয়া মোক কোনোবাই সোধা হ’লে ক’লোঁহেতেন, বিদ্যুতক মোৰ ভাল লাগিছে। কিন্তু তাক ভালদৰে জানিবলৈ-বুজিবলৈ মোক সময় লাগে। আমাৰ ভৱিষ্যতটো একেলগে পৰিকল্পনা কৰিবলৈকো সময় লাগে। কিন্তু অঙহী-বঙহী সকলোৰে দিহা-পৰামৰ্শৰ জোৱাৰত মই কিজানি একো কোৱাৰ সুৰুঙাই নাপালোঁ! বিদ্যুতক বিয়া কৰোৱাত বিশেষ আপত্তিওতো নাছিল মোৰ।’

সেই মাদকতাময় সন্ধিয়াটোৰ দুমাহ পিছতে তাই প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত ভৰি দিলেহি। আস্‌ চতুৰ্থ মহলাৰ সেই এপাৰ্টমেণ্টত যেন সিহঁতৰ হাঁহি আৰু পৰিপূৰ্ণতাৰ এখন সপোনপুৰীহে গঢ় লৈ উঠিল! বিদ্যুতে যেন এটা ক্ষণৰ বাবেও তাইক চকুৰ পৰা আঁতৰ হ’বলৈকে নিদিব। দিনত অফিচৰ পৰা ঘনে ঘনে সি মেচেজ কৰে,

‘কি কৰিছা? তোমাৰ কথা ভাৱি আছোঁ জানা? মিছ কৰিছোঁ তোমাক!’

‘সন্ধিয়া ওলাই সাজু হৈ থাকিবা। তোমাক মিচেলিন ষ্টাৰ ৰেষ্টোৰাঁ এখনলৈ নিম।’

‘ঠিকে আছানে? ইমানপৰে মোৰ মেচেজৰ উত্তৰ দিয়া নাইযে?’

য’লৈকে নাযাওক বিদ্যুতে তাইৰ হাতত হাত ধৰি খোজ দিয়ে। সকলোৰে সন্মুখতে হঠাতে তাইক সাৱটি লৈ চুমা একোটা যাচে। তাই যিমান সংকোচ কৰে, সিমান গৌৰৱেৰে সি তাইক কাষলৈ টানি লয়।

‘এয়া লণ্ডন, তুলিকা। ইয়াত ভালপোৱাৰ প্ৰকাশত কোনো বাধা নাই, কোনো লাজ নাই!’

তুলিকাই কৃত্ৰিম খঙেৰে কৈ উঠে, ‘তুমিও ইয়াত থাকি থাকি স্থান-কাল-পাত্ৰ বুলি যে কথা এষাৰ আছে সেয়া পাহৰি গ’লা, নহয়?’

একোৱেইতো বিদ্যুতক টলাব পৰা নাছিল। সি তুলিকাৰ পৃথিৱী জুৰি আৱৰি ধৰিছিল। নিশা বিছনাত পৰি তুলিকাই বুকুত হাত ফুৰাই দিলেহে তাৰ টোপনি আহে। পুৱা সাৰ পায়েই তুলিকাক কেনেবাকৈ কাষত নাপালে সি ঠেহ ধৰে।

‘পুৱা চকু মেলিয়েই তোমাৰ মুখখন দেখা পালে মোৰ দিনটোলৈ মনটো ভাল লাগি থাকে জানা? সেয়া জানি শুনিও কিয় তুমি সোনকালে বিছনা এৰি যোৱা কোৱাচোন!’

সি য’তেই নাথাকক, যিয়ে নকৰক সকলোতে তাক মাথোঁ তুলিকাক লাগে। মাথোঁ তুলিকাক।

লাহে লাহে তায়ো অভ্যস্ত হৈ পৰিছিল সেই জীৱনধাৰাত। দেউতাক-পেহীয়েকহঁতে কোৱাৰ দৰে তাইৰ নিজকে ভাগ্যশালী যেন অনুভৱ হ’বলৈ লৈছিল।

বিদ্যুতৰ মাজত নিজকে এৰি দি তাই সেই সপোনপুৰীৰ পৰী হৈ ৰৈছিল। ভালপোৱা আৰু নিবিড়তাৰ উত্তাল ঢৌৱে তাইক যেন বাস্তৱত খোজেই পেলাবলৈ দিয়া নাছিল। নাইবা হয়তো সেয়া বিদ্যুতেই বিচৰা নাছিল? এতিয়া যে সকলো ধুৱঁলী কুঁৱলী।

‘বিদ্যুৎ এতিয়া ক’ত?’ মিচেলে সুধিলে।

‘নাজানো!
’ শিল হৈ যোৱা হৃদয়খনে যেন দেও পাৰি উঠিব খুজিলে! ‘বিদ্যুতে মোক এৰি গৈছে। অন্য এক নাৰীৰ বাবে। অলপদিনৰ আগতে শুনিলোঁ, সি সেই নাৰীকো এৰি গৈছে। মোৰ খুউব চিন্তা হয় তাৰ বাবে। নাজানো কেনে আছে সি! কি কৰিছে!’

তুলিকাই উচুপিবলৈ আৰম্ভ কৰিলে। প্ৰথমে কিছু নিয়ন্ত্ৰণ কৰি। কিন্তু মিচেলে আগবঢ়াই দিয়া টিছ্যুখন ল’বলৈ লৈ তাই সশব্দে কান্দি পেলালে। তাই নহ’লে উশাহটো সলাব নোৱাৰা সেই বিদ্যুৎ ক’ত আছে এতিয়া? কেনে আছে সি?

আজি প্ৰথমবাৰৰ বাবে তাই যেন উপলব্ধি কৰিলে, বিদ্যুৎ যেন বেয়া পাব খুজিও কেতিয়াও বেয়া পাব নোৱাৰা সেই ব্যক্তি। সকলো জানিও আলফুলে বুকুৰ মাজত সোমোৱাই ল’ব খোজা সেই আপোনজন। 

তাই শান্ত হ’বলৈ বেছ কিছুপৰ লাগিল।
‘ছ’ৰী।’ টিছ্যু পেপাৰখনেৰে চকু-মুখ মচি মচি তাই ক’লে।

‘তুমি ছ’ৰী কোৱাৰ প্ৰয়োজন নাই তুলিকা। কেতিয়াবা কন্দাটোও বহুত দৰকাৰী। মন পাতল হয়। বুকুৰ বোজা নোহোৱা হয়।’ মিচেলে তাইক প্ৰবোধ দিয়াৰ দৰে ক’লে।

‘নাজানো মোৰ কি ভুল হৈ গ’ল। সেই আপোন ল’ৰাটোক আপোন কৰি ৰাখিব নোৱাৰিলোঁ। আমাৰ সংসাৰখন ধৰি ৰাখিব নোৱাৰিলোঁ।’ এসাগৰ হতাশা আৰু অপৰাধবোধে তাইক মেৰিয়াই ধৰিব খোজে।

‘সেয়া তোমাৰ ভুল নহয় তুলিকা। তুমি ভাৱিব পাৰা পত্নীৰ দায়িত্ব পালন নকৰিলা বুলি বা পৰিয়ালৰ আৰু সমাজৰ আশাবোৰ ভাঙিলা বুলিও। তেনে ভাৱ অহাটো একেবাৰে স্বাভাৱিক। কিন্তু অন্য এজন মানুহে কি সিদ্ধান্ত লয়, জীৱনটো কেনেকৈ চলাই নিয়ে সেয়া কেৱল তেওঁৰ সিদ্ধান্ত। তাত তোমাৰ একো ভাগ নাই।’

‘কিন্তু…কিন্তু মোৰ সৈতে সুখী হ’ব নোৱাৰিয়ে কিজানি সি তেনে এক বাট ল’লে! হয়তো জীৱনসংগী হিচাপে মোৰ অসমৰ্থতাই সেয়া।’

‘সেয়া কেৱল এটা ধাৰণা। আমি মনতে কৰি লোৱা সকলো ধাৰণা সত্য নহ’বওতো পাৰে, নহয় জানো?’

তুলিকা নীৰৱে ৰ’ল। তাইৰ হৃদয়ে যে সেই ধাৰণাৰ ভেঁটিতে এক শোকৰ হিমালয় গঢ়ি পেলাইছে।

‘চোৱা তুলিকা, একেলগে জীৱনৰ বাট বুলিলে আমি বহুসময়ত পাহৰি পেলাব পাৰোঁ যে জীৱনসংগী হ’লেও আমাৰ জীৱন কেৱল নিজা জীৱন। নিজৰ জীৱনত কি কৰিবা, কোনদিশে বাট বুলিবা সেয়াও একান্তই তোমাৰ নিজা সিদ্ধান্ত। তুমি কেৱল নিজৰ জীৱনৰ বাবে দায়বদ্ধ। তোমাৰ কাষে কাষে বাট বুলাজনক ভাল পাব পাৰা, সহায়-সাহস যোগাব পাৰা, কিন্তু তেওঁৰ হৈ তেওঁৰ জীৱনটো তুমি চলাই নিব নোৱাৰা।’

তাই যে ভাৱিবই নোৱাৰে। সেই কাল নিশাটোলৈকে বিদ্যুতৰ পৰা পৃথককৈ একোৱে ভাৱিব পৰা নাছিল। এতিয়াও যেন নিজৰ সত্বাটোক আঁতৰাই আনিবলৈ তাইৰ কষ্ট হ’ল।

কেইটামান নীৰৱ মুহূৰ্তৰ পিছত মিচেলে আগতকৈও কোমল মাত এটাৰে ক’লে,
‘তুলিকা, পৰিয়ালে কি কয়, সমাজে কি কয়, সেয়া সকলো একাষে থৈ নিজকে চুই চোৱাচোন। এয়া তোমাৰ জীৱন। তোমাৰ সম্পৰ্ক। সেয়া কেনে আছিল, বা কেনে হ’ব সেই কথা কেৱল তুমি ক’ব পাৰা। অন্য কোনোৱে নহয়।’

‘কিন্তু কেনেকৈ?’

তুলিকাই যেন নাজানে। নাজানে নিজকে কেতিয়া হেৰুৱাই পেলালে! নাজানে ক’ত, কেনেকৈ বিচাৰি পাব! মনত পৰাৰ পৰাইতো তাই কেৱল লোকৰ আশা পূৰাবালৈকে, লোকক সুখী কৰিবলৈকে সকলো কৰি গৈছে। মাক-দেউতাকে, পৰিয়াল-সমাজে যেনেকৈ বিচাৰিছে, বিদ্যুতে যেনেকৈ কৈছে তেনেকৈয়েতো নিজকে গঢ় দি আহিছে তাই। সেইকাৰণেই নেকি এতিয়া ইমান দিশহাৰা তাই? এই অজান্তি মুলুক ফাৰমানাত তাই কি হ’ব, তাইৰ জীৱন কেনে হ’ব তাৰ নিৰ্দেশনা দিবলৈ, সেয়া দাবী কৰি ল’বলৈ কোনোৱে যে নাই!

‘সেয়া লাহে লাহে আহিব। সৰু সৰু খোজ কিছুমান দিবলৈ লোৱাচোন।’

তাইৰ প্ৰশ্নবোধক চাৱনিৰ উত্তৰত মিচেলে এটা প’ষ্ট ইট নোট আগবঢ়াই দিলে- এডাল আঁচেৰে দুভাগ কৰা এখন টেবুল। তুমি কি ভাল পোৱা- কি বেয়া পোৱা?

‘এয়া তোমাৰ ঘৰত কৰিবলগীয়া কাম - অন্য কোনেও নোকোৱাকৈ, কোনো হেঁচা নোহোৱাকৈ তুমি কি কৰি ভাল পোৱা, কি বেয়া পোৱা সেয়া অহাবাৰ ক’বাচোন।’

তুলিকাই হাঁহিলে। এয়া আকৌ কেনে ঘৰৰ কাম! তথাপিও বাধ্য ছাত্ৰীৰ দৰেই তাই ক'লে,

‘হ’ব। চেষ্টা কৰিম।’ 

তাৰ পৰা ওলাই আহি মিনি কুপাৰখনত বহেহি মানে সাঁজ লাগিবৰ হৈছে। গাড়ী ষ্টাৰ্ট কৰিবলৈ লৈ তাই অভ্যাসবশত: ৰেডিঅ’টো অন কৰিলে। লগে লগে বাতৰিত আহিল, প্ৰধানমন্ত্ৰী টেৰেছা মে’ৰ ব্ৰেক্সিটৰ প্ৰস্তাৱিত এগ্ৰিমেণ্টখন হাউছ অব কমনছত গৃহীত নহ'ল৷ ব্ৰিটেইনৰ আকাশত এতিয়া ‘ন’ ডিল ব্ৰেক্সিট’ৰ কলা মেঘ এছাটিয়ে থোপা পাতিছেহি৷


তুলিকাৰ আকাশখনত পিছে ক’লা মেঘ ছাটি ফালি অকণমান সুৰুযৰ কিৰণ সোমাই অহা যেন ভাৱ হ’ল। তাই ৰেডিঅ’টো বন্ধ কৰি ফোনৰ স্প’টিফাই খুঁচৰিলে। বিচাৰি বিচাৰি অসমীয়া গানৰ প্লে’লিষ্ট এখন উলিয়ালে। মুহূৰ্ততে ভাঁহি আহিল দিপালী বৰঠাকুৰৰ কণ্ঠত, ‘জোনধনে জোনালীতে তৰাৱতীক চাই….’। ঘৰমুখী গাড়ীৰ ভিতৰখন যেন সেই অপূৰ্ব কণ্ঠৰ অমিয়া সুৰে উপচাই পেলালে। 

তাৰ সুৰত সুৰ মিলাই তুলিকাই ভাৱিবলৈ ধৰিলে, সেয়াচোন চকামকাকৈ তাইৰেই এটা অংশ! অসমীয়া সুৱদী সুৰত আপোন পাহৰা হোৱা শৈশৱৰ একাংশ!

ক’ত হেৰাই আছিল তাই অতদিনে, ক’ত? 

ঘৰ পায়গৈ মানে তুলিকাৰ সেই গুণগুণনি গুণগুণনিতে নৰৈ গান একোটা হৈ পৰিল। কেৱল এটা গান নহয়, সিদিনা তাইৰ এজনীয়া এপাৰ্টমেণ্টত সুৱদী সুৰীয়া অসমীয়া গানৰ মজলিচ বহিল। তুলিকাৰ সৈতে তুলিকাৰ মুখামুখি হোৱা যেন লাগিল। বহুদিনৰ মূৰত।

Saturday, 5 August 2023

উপন্যাস: ফাৰমানা (নৱম খণ্ড)

‘আমি সঁচাকৈয়ে সৌ পাহাৰবোৰ পামগৈ নেকি?’ এখন্তেক থমকি ৰৈ দিগন্তত মিলি যোৱা পাহাৰবোৰলৈ চাই আছমাই সুধিলে। শিলগুটিৰ বহল বাটটোত সিহঁতে তেতিয়া খোজ দিবলৈ আৰম্ভ কৰিছেহে।

আছমাৰ কথাত তুলিকা আৰু লুক দুয়ো একেলগে হাঁহি উঠিল। সেই পাহাৰ কেইটাৰ মাজত জিলিকি থকা এটা শিখৰলৈ আঙুলিয়াই তুলিকাই ক’লে,

‘অঁ। সেই যে দেখিছা শৃংগটো, সেইটোৱে কুলকাৰ শিখৰ! আমি তালৈকে ওলাইছোঁ।’

আছমাৰ দুচকুত যেন কিছু বিস্ময়, কিছু আশংকা। তাকে দেখি তুলিকাই ভৰসা দিবলৈকে যেন ক’লে,

‘দেখাত বহুত দূৰ যেন লাগিব পাৰে, কিন্তু গৈ পাবলৈ মাথোঁ তিনিঘণ্টামানহে লাগে। বাটটোও প্ৰায় সমান- একেবাৰে শেষৰছোৱাতহে অলপ ওপৰলৈ উঠিব লাগে। চোৱা, কিমান মানুহ গৈ আছে।
’

সঁচাই! সিহঁতৰ কষেদিয়ে সৰু-ডাঙৰ, ডেকা-বুঢ়া বহু লোকে তালৈকে খোজ দিছে। বহুতেই ইতিমধ্যে কুলকাত আৰোহণ কৰিও উভতি আহিছে।

আজিৰ ফাৰমানা ৰ’দোজ্জল। বতাহৰ কোবো কম। কুলকা পৰ্বতলৈ যোৱা বাটৰ এই প্ৰথম অংশটোত চাৰিওফালে চৰণীয়া পথাৰৰ সেউজীয়া। অ’ত ত’ত কিছুমান ভেড়াও দেখা পাইছে সিহঁতে। শিলগুটিৰ বহল বাটটোৰ বাওঁফালে এটা পৰিত্যক্ত আইৰিছ কুটীৰ। কুটিৰৰ শিলৰ দেৱালবোৰ জহি খহি যাবলৈ আৰম্ভ কৰিছে। তথাপিও যেন তাত ফুটি উঠিছে আয়াৰলেণ্ডৰ ঐতিহ্যৰ অৱশিষ্ট লৈ সগৌৰৱে থিয় দি ৰোৱাৰ এক হাবিয়াস।

লুকে তাকে দেখুৱাই ক’লে,

‘সেই শিলৰ কুটীৰবোৰ কিমান দিনৰ পৰাই এনেকৈ আছে কিজানি৷’

‘তাকেই, এটা সময়ত এই শিলৰ চাপৰ ঘৰবোৰতে মানুহ থাকিছিল। এই যে দেখিছা সৰু-ডাঙৰ টিলাবোৰ, তাতে হেনো আলুৰ খেতি হৈছিল৷’ তুলিকাই যোৱাবাৰ ইয়ালৈ আহোঁতে লিছাৰ পৰা শুনা কথাখিনিকে দোহাৰিলে।

‘ইয়াত আছমাইহে থাকিব পাৰিব দেই। তুলিকা আৰু মোৰ এনে চাপৰ ঘৰত বাহিৰ-ভিতৰ কৰিবলৈকে টান হ’ব।‘ কৈ লুকে দুষ্ট হাঁহি এটা মাৰিলে।

আছমাই তালৈ কৃত্ৰিম খঙৰ চাৱনিৰে চাই হাঁহি হাঁহিয়ে ক’লে,

‘মোৰ সপোনৰ ঘৰ হ’লহেঁতেন এইটো। মহানগৰৰ পৰা আঁতৰত অকণমানি ঘৰ। পথাৰত ভেড়া চৰাম। সৌ টিলাবোৰত আলুৰ খেতি কৰিম আৰু বিধে বিধে আলুকে ৰান্ধি খাম।
’

‘তেতিয়াতো তোমাৰ হাতৰ আলু খাবলৈকে আমি আহিব লাগিব ইয়ালৈ!’ তুলিকাই ক’লে।

কালি লুক আৰু আছমা আহি পোৱাৰে পৰা সিহঁতৰ মাজৰ কেৱল আড্ডা আৰু হাঁহিৰ খলকনি উঠিছে। কিন্তু এইকণ সময়তে আছমাই তুলিকাৰ পাকঘৰটো চাফা-চিজিল কৰি গতি লগাই দিছে। কেৱল অভেনৰ পৰা উলিয়াই নাখাই তুলিকাক কিবা এটা ভালদৰে ৰন্ধাৰ কথা কৈছে। আজি পুৱাই তাই ফুলকবিৰ পকৰা আৰু চাহো কৰি আনিছে। সেয়া উলিয়াই লৈ তুলিকা আৰু লুকৰ হাতে হাতে দি তাই ক’লে,

‘আলু পিছত খাবা। এতিয়া চাহ আৰু প’কৰাকে খোৱা।
’

পকৰাৰ সুগন্ধি আৰু চাহৰ ধোঁৱাই কুলকাৰ বাটত কুণ্ডলী তুলিলে। তিনিও বৰ তৃপ্তিৰে থিয়ৈ থিয়ৈ সেয়া মুখত দিলে।

কিছুপৰ খোজ দিয়াৰ পিছতে শিলগুটিৰ বহল বাটটো শেষ হৈ ব্লেংকেট বগ আৰম্ভ হ’ল। চৌদিশৰ সেউজীয়া আঁতৰি বাটৰ দুয়োকাষে ধৰা দিলে কেৱল ব্লেংকেট বগৰ ৰঙচুৱা দলিচা ৷ এই বগৰ বাসস্থান খুবেই স্পৰ্শকাতৰ।গতিকে মানুহৰ খোজৰ পৰা বগবোৰ বচাই ৰাখিবলৈ সেইখিনিৰ পৰাই আৰম্ভ হৈছে কাঠৰ দলং- কুলকাৰ বিখ্যাত বৰ্ডৱাক।

‘এইখিনি ঠাই খুউব জেকা যেন লাগিছে।
’ আছমাই ক’লে।

‘অঁ, ঘাঁহনি যেন লাগিলেও আচলতে এই বগ এক জলাশয়হে। এই ওপৰৰ ঘাঁহ আৰু মাটিৰ তলতে চিপচিপাই পানী উপচি আছে। ইমানেই কোমল যে ভৰি দিলে কঁকাল পৰ্য্যন্ত হুচুককৈ সোমাই যাব। এই বগবোৰ আচলতে যুগ যুগ ধৰি মৰি যোৱা গছ-বন সাঁচি থৈ পিট জমা হোৱাৰ ফলত সৃষ্টি হয়।
’ তুলিকাই ক’লে।

‘অঁ মনত পৰিছে। আমি সৰুতে কিতাপত পঢ়িছিলোঁ। এসময়ত আইৰিছ লোকসকলে এই বগবোৰৰ কাটি তেল উলিয়াইছিল আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিল! নহয় জানো?’ লুকে ক’লে।

‘ঠিকেই কৈছা লুক। এতিয়া এই বগবোৰক চৰকাৰে প্ৰতিৰক্ষা দিয়ে- আপুৰুগীয়া বাসস্থান বাবে। কুলকাৰ এই বগ উত্তৰ আয়াৰলেণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ ব্লেংকেট বগ হেনো।এই বৰ্ডৱাৰ্ক মাত্ৰ কেইবছৰমানৰ আগতহে বনোৱা হৈছিল৷ উদেশ্য আছিল কুলকা পৰ্বত আৰোহণ কৰিবলৈ অহা মানুহবোৰে যাতে আপুৰুগীয়া ব্লেংকেট বগ নষ্ট কৰি নেপেলায় তাৰ কাৰণে এটা বাট ঠিক কৰি দিয়া৷ কিন্তু হিতে বিপৰীতহে হ’ল৷ এই বৰ্ডৱাকে কুলকা আৰোহণ কৰাটো ইমানেই সহজ কৰি পেলালে যে সম্পূৰ্ণ হৈ উঠাৰ পিছৰ বছৰৰ পৰাই ইয়ালৈ অহা পৰ্য্যটক বহুগুণে বাঢ়িলহে৷ কাৰণ যিকোনো মানুহেই এতিয়া কুলকা বগাব পাৰে৷ আৰু ইমানবোৰ মানুহ অহা মানেইতো আৱৰ্জনা বঢ়া, ট্ৰেফিক বঢ়া, ইয়াৰ ঘনে ঘনে সলনি হোৱা বতৰ আৰু থিয় গড়াৰ বাবে প্ৰস্তুতি কৰি নহা মানুহৰ উদ্ধাৰৰ বাবে চাৰ্চ টিম সাজু কৰা। এই গোটেইবোৰৰ কাৰণে এই কণমানি ঠাইখন অকণো সাজু নাছিল৷ গতিকে এতিয়া তেওঁলোকে ইয়াত পৰ্য্যটকৰ সংখ্যা নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছে৷৷’

তুলিকাই বৰ উৎসাহেৰে দুয়োকে কথাবোৰ কৈ গ’ল। থাৰ্ম’ ফ্লাস্কৰ পৰা ধোঁৱা ওলাই থকা চাহকাপত শোহা দি দি আছমাই তাইলৈ চাই ৰ’ল মায়াভৰা এক দৃষ্টিৰে।

‘তুলিকা, তুমি সঁচাই এই ঠাইক ভাল পাই পেলাইছা নহয়? ভাল লাগিছে মোৰ- বহুত ভাল লাগিছে। তুমি সঁচাই নিজা সেই কোণটো যেন বিচাৰি পাইছা তেনে লাগিছে।’ তেওঁ কৈ উঠিল।

সেয়া শুনি যেন তুলিকাই কিছু থতমত খাই গ’ল। তাই কিজানি কথাটো তেনেকৈ ভৱাই নাছিল! আছমাই যেন তাইৰ মুখ দেখিয়ে সেই অনুভৱটো পঢ়ি পেলালে।

‘কিয় পাহৰিলা নেকি? প্ৰথমবাৰ লগ পাওঁতেই যে তুমি মোক কৈছিলা শিৱসাগৰখন এৰি আহি তুমি ইয়াৰ তেনে এটা নিজা কোণ বিচাৰি ফুৰিছা বুলি?’

তুলিকাৰ মনত পৰিল। সঁচাই এই বিদেশলৈ আহি তাই বিচাৰি ফুৰিছিল আপোন বুলিব পৰা, মাটিয়ে-বতাহে আপোনত্বৰ সুৰ বাজি ৰোৱা পৃথিৱীৰ এটা কোণ। এনে এটা দিনতে তিনিবছৰৰ আগতে তাই আছমাক লগ পাই গৈছিল।

লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰীৰ এটা অনুষ্ঠানলৈ আছমা বক্তা হিচাপে আহিছিল। তুলিকা তেতিয়াও বিদেশৰ মাটিত অনভ্যস্ত, নতুন জীৱনত বিভ্ৰান্ত। বিদ্যুতেই তাইক উৎসাহ দিছিল,

‘মই অফিচলৈ যোৱাৰ পিছত আমনজিমনকৈ ঘৰত থকাতকৈ লাইব্ৰেৰীলৈকে যোৱা। তুমি কিতাপ পঢ়ি ইমান ভালপোৱা। তাতে হয়তো মনে মিলা লগ-সংগো পাবা।
’

তাৰ কথা মানিয়ে তাই ওলাই গৈছিল। মাজে মাজে গৈ ব্ৰিটিছ লাইব্ৰেৰীৰ এটা কোণত বহিছিলগৈ। এনে এটা দিনতে গৈ দেখিছিল লাইব্ৰেৰীৰ সন্মুখত এক বিৰাট আয়োজন। শুকুলা টম্বুটোৰ তলত পাতি লোৱা মঞ্চখনত আছমা বহি আছিল। দেহত এটা জয়পুৰীয়া কূৰ্টা আৰু ক’লা ট্ৰাউজাৰ। কেকুঁৰা ডাঠ চুলিকোচা আজিৰ দৰেই পিছলৈ নি স্কাৰ্ফ এখনেৰে বান্ধি ৰাখিছিল তাই। আয়োজকে চিনাকি কৰি দি কৈছিল, ব্ৰিটিছ চেফ সকলৰ ভিতৰত এগৰাকী শ্ৰেষ্ঠতম চেফ এই ভাৰতীয় মূলৰ আছমা খান৷

কৌতুহলেৰে তুলিকা কাষ চাপি গৈছিল। সেই টম্বুৰ তলৰ শাৰী শাৰী চকীবোৰৰ কোনোবা এখনতে বহি পৰিছিলগৈ। আছমাই বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল। পিছে খাদ্যতকৈ তেওঁ নিজৰ সংগ্ৰামৰ কথাহে ক’বলৈ লৈছিল। বিয়াৰ পিছত লণ্ডনৰ নতুন জীৱনৰ মাজত কলকাতাত এৰি অহা জীৱনৰ শিপাডাল বিচাৰি ফুৰোঁতে আছমা হঠাতে এদিন এটা সুগন্ধিত ৰৈ গৈছিল। ডীন ষ্ট্ৰীটৰ এটা কোণৰ পৰা ভাঁহি আহিছিল সেই আদা-নহৰুৰ সুবাস। সেই বাংলাদেশী ৰেষ্টোৰাঁৰ দুৱাৰ ঠেলি তাই মন্ত্ৰমুগ্ধৰ দৰে আগবাঢ়ি গৈছিল ৷ ৰুটী আৰু মাছৰ আঞ্জাত তৃপ্তিৰে কামোৰ দিছিল ৷ তাৰ লগে লগে যেন তাইৰ সৰ্ব্বশৰীৰেদি এটা শিহৰণ পাৰ হৈ গৈছিল ৷

আছমাই যেন নিমিষতে স্বদেশৰ সৈতে এটা যোগসূত্ৰ বিচাৰি পাইছিল৷ যোৱা বাইশ বছৰে কোনোদিন ৰন্ধন প্ৰকৰণৰ সৈতে সম্পৰ্ক নথকা মানুহগৰাকীৰ সেই মুহূৰ্ততে যেন খাদ্যৰ সৈতে এটা অটুট বন্ধন সৃষ্টি হৈ গৈছিল৷ মাকৰ হাতৰ তৰকাৰী, মিঠাই আদিৰ নানানটা উপকৰণৰ ৰেচিপি খুজি খুজি তাই ৰান্ধিবলৈ আৰম্ভ কৰিছিল৷ নিজৰ শিপাডালৰ এই অপ্ৰত্যাশিত আৱিষ্কাৰত আপোন পাহৰা হৈ পৰিছিল।

সেই ঘটনাৰ দুবছৰৰ পিছতে লণ্ডনৰ কালিনাৰি কেপিটেল বুলি জনাজাত চ’হ’ত নিমপাতৰ মাদলি ওলমাই এখন ৰেষ্টোৰাঁৰ দুৱাৰ মুকলি হৈছিল৷ সন্মুখত নিয়ন লাইটৰ পোহৰত ট’ ট’ কৈ জিলিকি উঠিছিল এটা নাম-
‘আছমাছ কিট্‌চেন’ -আছমাৰ পাকঘৰ।

জাউৰিয়ে জাউৰিয়ে পৰা হাত চাপৰিৰ মাজত আছমাই ভাষণ সামৰিছিল। অনুষ্ঠানৰ সামৰণিত এক চুম্বকীয় আকৰ্ষণেৰে তুলিকাই গৈ আছমাক মাত লগাইছিলগৈ। নিজৰ চিনাকি দি উঠিয়ে তাই কৈছিল,

‘আপোনাৰ দৰেই ময়ো এই বিদেশত নিজৰ সেই শিপাডাল, আপোন বুলিব পৰা কোণ এটা বিচাৰি ফুৰিছোঁ।
’

তাইৰ দুয়ো হাতত খামোচ মাৰি ধৰি আছমাই বৰ আন্তৰিকতাৰে কৈছিল,

‘পাবা। তুমিও বিচাৰি পাবা।
’

তাৰপিছৰ পৰা তুলিকাই নিয়মীয়াকৈ ‘আছমাৰ পাকঘৰ’লৈ যাবলৈ আৰম্ভ কৰিছিল৷

‘চোৱা চোৱা, সেইফালে এটা হ্ৰদ আছেচোন!’ আছমাৰ উলাহ ভৰা মাত শুনি তুলিকাৰ সম্বিত ঘুৰি আহিল।

আছমা আৰু লুক ইতিমধ্যে যথেষ্ট আগবাঢ়ি গৈছে। এখোজ দুখোজকৈ দুয়ো থিয় আৰু ঠেক হৈ পৰা বৰ্ডৱাকৰ চিৰি বগাবলৈ আৰম্ভ কৰিছে।

‘তুলিকা, চোৱাহি কেনে সুন্দৰ দেখা গৈছে ইয়াৰ পৰা।
’ লুকে চিঞৰি মাতিলে।

তুলিকাই চিৰিৰে ওপৰলৈ দৌৰ দিলে। সিহঁতৰ কাষ পাই মানে তাই ফোঁপাবলৈ আৰম্ভ কৰিলে। এই চিৰি ইমানেই থিয় যে পৰ্য্যটকৰ সুৰক্ষাৰ বাবে চিৰিত কাঠৰ বেৰাও বহুৱাই দিছে। তাতে আউজি লৈ তুলিকাই চৌদিশে চাই পঠিয়ালে। এয়া কুলকা পৰ্বতৰ শেষছোৱাৰ আৰোহণ। সিহঁতৰ কিছু ওপৰতে কুলকাৰ শিলাময় শিখৰ দেখা গৈছে। বাওঁফালে তললৈ সেই স্ফটিকৰ দৰে পানী লৈ এটা সৰু হ্ৰদ। ফাৰমানাৰ আকাশত এচপৰা মেঘ ওলাই বেলিটো ঢাকি পেলোৱাৰ চেষ্টা কৰিছে। সেই ব্লেংকেট বগ আৰু চৌদিশে সিঁচৰতি হৈ থকা সৰু-বৰ শিলবোৰত যেন আৰম্ভ হৈছে ছাঁ-পোহৰৰ এক খেলা। বতাহৰ তীব্ৰতাও বাঢ়ি আহিছে৷



‘আমি অহা গোটেই বাটটো ইয়াৰ পৰা দেখা গৈছে। অকোঁৱা-পকোঁৱাকৈ ইমানদূৰ আহিলোঁ চোৱা।
’ ডাঠ ঊলৰ মাফলাৰেৰে মুখখন ঢ়াকি লৈ আছমাই ক’লে।

‘মই কৈছিলোঁ নহয়! এইযে চিৰি দেখিছা, এইটোৱে স্বৰ্গলৈ যোৱা বাট- ষ্টেয়াৰৱে টু হেভেন। সামাজিক মাধ্যমত হেনো কোনোবাই এই শিৰোনামাৰেই কুলকাৰ এই আৰোহণৰ ফটো এখন দিছিল। তাৰপৰাই কুলকাৰ জনপ্ৰিয়তা বহুগুণে বাঢ়ি গ’ল।
’ তুলিকাই ক’লে।

সঁচাই, সিহঁতৰ তলে-ওপৰে বৰ্ডৱাকত মনালৈকে অসংখ্য মানুহৰ লানি৷ তাৰ পৰা চকু আঁতৰাই আনি তুলিকাই দেখিলে, লুকে একান্তমনে হ্ৰদটোৰ পাাৰলৈ বাইনকুলাৰেৰে চাই আছে।

তাই লাহেকৈ তাৰ কাষ চাপি গ’ল। সি হ্ৰদটোৰ ফালে আঙুলীয়াই দি চেপা উৎকন্ঠাৰে ক’লে,

‘সৌৱা চোৱা, এটা ৰেড গ্ৰাউজ৷’

তুলিকা উত্তেজিত হৈ উঠিল। তায়ো বাইন’কুলাৰেৰে চাই দেখা পালে, সঁচাই কুকুৰাটোৰ সমান এটা গ্ৰাউজ চৰাই৷ তাৰ ক’লা চকুটোৰ চাৰিওফালে এডাল বগা আঁচ, তাৰ ওপৰতে জিলিকি উঠিছে ৰঙা চেলাউৰিযোৰ। যেন কোনোবা চিত্ৰকৰৰ এক নিখুঁত কাৰুকাৰ্য্যহে। পৰ্য্যটকৰ এই সমগমৰ প্ৰতি নিৰ্বিকাৰ হৈ চৰাইটোৱে একান্তমনে জোপোহা এজোপাৰ পাতবোৰ খাই আছে৷

‘সেইজোপা হেডাৰ গছ। ব্লেংকেট বগত প্ৰায়ে দেখা পোৱা এবিধ জোপোহা।
’ তুলিকাই কৈ উঠিল।

দুখোজ নামি আহি আছমায়ো সিহঁতৰ লগ দিলেহি। তুলিকাই আগবঢ়াই দিয়া বাইন’কুলাৰটো লৈ তেৱোঁ সেই অপৰূপ চৰাইটো বিস্ময়েৰে চালে। হেঁপাহ পলুৱাই সেই দৃশ্য উপভোগ কৰি তিনিও এইবাৰ কুলকাৰ শিখৰলৈ বুলি পাহাৰ বগাবলৈ ল’লে। তাৰ শংগত আৰোহণ কৰেগৈ মানে ঘন ডাৱৰে চৌদিশ ঢ়াকি পেলোৱাৰ উপক্ৰম কৰিছে। তথাপি যেন মানুহৰ উৎসাহ কমা নাই৷ সেই কুঁৱলীৰ মাজতে সকলো বিভিন্ন প’জত চেলফি তোলাত ব্যস্ত৷

কুলকাৰ শিখৰতে এটা শিলত বহি লৈ আছমাই এইবাৰ টিফিন উলিয়ালে। তাকে দেখি তুলিকা আৰু লুকৰো মনত পৰিল, সিহঁতে দিনৰ সাঁজ ইয়াতে কৰাৰ কথা। দুয়ো আছমাৰ কাষতে শিলত বহি পৰিল। শিখৰৰ পৰা দেখা পালে চৌদিশৰ গ্ৰাম্য ৰূপ, বেছিভাগেই মুগা-ৰঙচুৱা চৰণীয়া পথাৰ। মাজে মাজে কিছুমান ফাৰ্মহাউচ। তাৰ চাৰিওফালে বিভিন্ন গছৰ সেউজীয়া। দিগন্তত শাৰী শাৰী নীলা পাহাৰ। যেন সিহঁতৰ চাৰিওিফালে ভিন্ন ৰঙৰ এক যাদুকৰী প্ৰাচুৰ্য।

‘জানানে, এই শৃংগই উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিকৰ সীমা৷’ ছেণ্ডুইছত কামোৰ মাৰি লৈ তুলিকাই ক’লে।

‘অহ, তেন্তে তুমি আইনমতে এটা খোজো দক্ষিণলৈ দিব নোৱাৰা৷’ আছমাই ক’লে।

‘তাকে। এই এটা খোজৰ বাবে আইনমতে মোৰ ৰিপাব্লিকৰ ভিজা দেখুওৱাৰ দৰকাৰ।’

‘মোৰ ব্ৰিটিছ পাছপৰ্টৰ জোৰতে অন্য দেশৰ মানুহে যে ইফাল-সিফাল কৰিবলৈকো কিমান আইনী বাধা-নিষেধ মানি চলিবলগীয়া হয়, ভৱাই নহয় জানা?’ লুকে যেন কিছু আফচোচেৰে ক’লে।

‘কিয়, তোমাৰ এক্স আইজাক নাইজেৰিয়াৰ নাছিল জানোঁ?’ আছমাৰ প্ৰশ্ন।

‘তাকে, আইজাকৰ লগত থাকিহে এই হকা-বাধাবোৰৰ কথা প্ৰথমে উপলব্ধি কৰিছিলোঁ।
’

‘আইজাক?’ তুলিকা অলপ আচৰিত হোৱাদি হ’ল। আইজাক কেতিয়াৰ পৰা লুকৰ এক্স হ’ল! তাই লণ্ডন এৰালৈকেচোন পূৰ্ণগতিত চলি আছিল লুক আৰু আইজাকৰ প্ৰেম!

‘আইজাক নাই এতিয়া??’

আছমাই কৈফিয়ৎ দিয়াৰ দৰে ক’লে, ‘অহ লুক, মই সেইটো নাভাবিলোঁৱে-বেয়া নাপাবা। প্লিজ।
’

‘নাই নাই, কিয় বেয়া পাম বাৰু!’ লুকে এইবাৰ তুলিকালৈ চাই ক’লে, ‘তুমি লণ্ডন এৰাৰ পিছতে আইজাকো নাইজেৰিয়ালৈ ঘুৰি গ’লগৈ। তাৰ ব্ৰিটিছ ৱৰ্ক পাৰ্মিটৰ আবেদন নাকচ হ’ল!’

‘তাৰপিছত?’ তুলিকাই যেন এতিয়াও নুবুজিলে।

‘তাৰপিছত আৰু কি! সিমানতে আমাৰ সম্পৰ্কও শেষ- যুক্তৰাজ্য আৰু নাইজেৰিয়াৰ মাজত দূৰণিবটীয়া প্ৰেম কেনেকৈ টিকিব?’ লুকে অসহজ কথাষাৰো যেন যিমান পাৰি সহজভাৱে ক’বলৈ চেষ্টা কৰিলে।

‘অহ লুক- আই এম চ’ চ’ৰী।
’ তুলিকা উচপিচাই উঠিল যেন। 

তেনে কি এনেকৈয়ে শেষ হৈ যাব পাৰে প্ৰেম? বতাহত মিলি যাব পাৰে সুখে-দুখে ইজনে সিজনৰ লগ দিয়াৰ প্ৰতিশ্ৰুতি?

কিছু অপৰাধবোধেও যেন তাইক হেঁচা মাৰি ধৰিলে। নিজৰ দুখ-হাহাঁকাৰৰ মাজত ডুবি থাকি তাই যে ইমানদিনে আপোন বন্ধুৰো খৱৰ ল’বলৈ পাহৰি পেলাইছে!

দিগন্তত নিবদ্ধ হৈ ৰোৱা লুকৰ মুগা-বৰণীয়া চকুহালিত কিহৰ ঢৌ উঠিল তাই ক’ব নোৱাৰিলে। কিন্তু কুলকাৰ শিখৰত বহি বহুপৰলৈ তাই লুকৰ হাতখন খামোচ মাৰি ধৰি থাকিল।

কুলকাৰ পৰা উভতি সন্ধিয়া ভাগৰ লাগিলেও তিনিও লিছা আৰু ডেনিয়েলৰ ঘৰ পালেগৈ।

‘তোমাৰ লণ্ডনৰ বন্ধুৰ সৈতে বায়াৰত আড্ডা দিম- আহিবা।
’ লিছাই কৈছিল।

বায়াৰত সোমাই দেখিলে, কেৱল সিহঁতেই নহয়, অফিচৰ পৰা মাৰ্ক, ডেৰেন আৰু ফিয়’নাও আহিছে। আনকি লিছাৰ ককায়েক চ’নো গীটাৰ এখন লৈ বহিছেহি। সকলোৰে লগত তুলিকাই আছমা আৰু লুকক চিনাকি কৰাই দিলে। ফিয়’নাৰ সেই একেই চৌখিন ৰূপ। ঢৌ খেলোৱা চুলি। মাৰ্কৰ পিন্ধনত ফুলাম চাৰ্ট এটা- সেউজীয়াত বগা-হালধীয়া অলেখ ডেইজী ফুলৰ মেলা। মাত লগোৱাৰ পৰত তুলিকাই নকৈ নোৱাৰিলে,

‘আপোনাৰ চাৰ্টটো ইমান ভাল দেখাইছে, মাৰ্ক!’

‘থেংক ইউ! এইটো মোৰ ছোৱালী এলছাৰ পছন্দ!’ মাৰ্কৰ মাতত কিছু গৌৰৱ, কিছু মমতা।

‘আহা আহা, আজি স্পেচিয়েল ‘চাৱাৰ বীয়েৰ‘ৰ সৈতে আলহী সোধা হ’ব।
’ ডেনিয়েলে টেপৰ বীয়েৰ বাকি থকাৰ পৰাই মাত দিলে।

‘বঢ়িয়া! গৰমৰ দিনত এই চাৱাৰ বীয়েৰ মোৰ বৰ প্ৰিয়।
’ লুকে উৎসাহেৰে ক’লে। এজন এজনকৈ সকলোৰে সৈতে কৰমৰ্দন কৰি সি বায়াৰৰ এচুকৰ চকীখনত বহি পৰিলগৈ।

‘নাই নাই নবহিবা সেইখনত!’ ডেৰেনে প্ৰায় লগে লগেই চিৎকাৰ কৰি উঠিল। তুলিকা আৰু আছমাৰ বাহিৰে বাকীবোৰে চকু ডাঙৰ কৰি সমস্বৰে সিঁয়াৰি উঠিল, ‘উউউউউউউ!’

‘কিয়? কি হ’ল?’ লুকে চক খাই খকামকাকৈ তাৰ পৰা থিয় দিলে। তাৰ ৰূপ দেখি গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। লিছাই হাঁহি হাঁহি ক’লে,

‘হা হা একো নাই। বহিব পাৰা। কিন্তু কিমান দেৰিলৈ বহি থাকিব পাৰিবা সেয়া তুমি নিজেহে ক’ব পাৰিবা! সেইখন বায়াৰৰ বিশেষ চকী। চকীখনৰ খুৰা দুটাৰ মেৰামতি কৰিবলগীয়া আছে। সেয়ে অলপ লৰি থাকে। এনেয়ে যিকোনো মানুহ বহিব পাৰে। কিন্তু মদ খোৱাৰ পিছত মানুহ আৰু চকী দুয়োৰে লটং ভটং হৈ লুটি খোৱাৰ সম্ভাৱনা বেছি।
’

কথাটো বুজিব পাৰি লুক, আছমা আৰু তুলিকায়ো হাঁহিত যোগ দিলে।

‘এতিয়া এইখন বায়াৰৰ ‘নিচা পৰীক্ষক চকী’ হৈ পৰিছে। যি জোখতকৈ বেছি মদ খায়, সিয়ে লুটি খাব। সেয়ে ময়ো মেৰামতি নকৰাকৈ থৈ দিছোঁ।
’ ডেনিয়েলে ক’লে।

‘আহ, মোৰ ইমান সহজে নিচা নধৰে।
’ হাঁহি হাঁহি কৈ লুক তাতে পুনৰ বহি পৰিল।

‘কৈছাহে মেইট (বন্ধু)। লণ্ডনৰ বীয়েৰৰ সৈতে আয়াৰলেণ্ডৰ ঘৰতে কৰা চাৱাৰ বীয়েৰ তুলনাই নহয় কিন্তু। কোনপলকত নিচা গৈ মূৰ পাবাগৈ গমেই নাপাবা।
’ মাৰ্কে লুকক সাৱধান কৰি দিলে।

ইতিমধ্যে চ’নে গীটাৰত সুৰ তুলিলে। মাৰ্ক আৰু ডেনিয়েলে তাৰ সৈতে তাল মিলাই গীত জুৰিলে। এটা সময়ত লিছাই তাইৰ খোপাটো খুলি কঁকাললৈকে বৈ পৰা চুলিখিনি মেলি দি ঘুৰি ঘুৰি নাচিবলৈ আৰম্ভ কৰিলে। ডেনিয়েলক গীটাৰখন দি চ’নে ফিয়’নাক টানি নিলেহি। দুয়ো হাতত ধৰা ধৰিকৈ নাচত যোগ দিলে।

ডেৰেনে তুলিকাহঁতক তেওঁৰ শেহতীয়া ব্ৰাজিল ভ্ৰমণৰ কাহিনী কৈ আছিল। তাৰ মাজতে চ’ন আৰু ফিয়’নালৈ চাই উকি মাৰিলে,

‘ৱাহ, তোমালোকৰ যোৰাটো খুউব মিলিছে দেই!’

তুলিকাই তেতিয়াহে গম পালে চ’ন আৰু ফিয়নাই ডেট কৰিবলৈ আৰম্ভ কৰিছে। সিহঁতৰ চকুৱে-মুখে নতুন সম্পৰ্কৰ আবেগ-অনুৰাগেৰে উদ্বেলিত একোখন সাগৰ। চাই চাই তুলিকাই ভাৱিলে, ঠিকেই, কিমান মিলে সিহঁত। যেন এইটোৱে স্বাভাৱিক পৰিণতি। নোহোৱালৈকে কোনেও নভৱা, কিন্তু হৈ উঠাৰ লগে লগেই সহজ আৰু চিৰন্তন যেন লগা এটা কথা।

এইবাৰ সিহঁতৰ জোৰতে আছমা আৰু তুলিকাও উঠি আহিল। গোটেইবোৰে ইজনে সিজনৰ কঁকালত এখন হাতেৰে মেৰিয়াই ধৰি একেলগে ঝুমুৰৰ দৰে নাচিবলৈ আৰম্ভ কৰিলে। লুককো মাতিবলৈ ঘুৰি চাই তুলিকাই দেখিলে, ডেৰেনৰ কিবা কথাত লুকে হোহোৱাই হাঁহিছে। আৰু তাই চাই থাকোঁতেই চকীখন বেঁকা হৈ গৈ লুক ধাপকৈ মজিয়াত পৰি গৈছে।

ওচৰতে বহি থকা মাৰ্ক আৰু ডেৰেনে লগে লগে লুকক তুলি ধৰিলে। লুকৰ যেন হাঁহি নৰখিবই! সকলোৰে হাঁহিৰ জোৱাৰৰ মাজত ডেৰেনে তাক অন্য এখন চকীত বহুৱালে।

‘নিচা পৰীক্ষক চকীৰ প্ৰমাণ পালানে?’ ডেনিয়েলে হাঁহি হাঁহি চকীখন কোনেও বহিব নোৱাৰাকৈ একাষৰীয়া কৰি থ’লে।

সেইনিশা দুইবজাত এপাৰ্টমেণ্টলৈ চিৰিৰে উঠোঁতে লুক সঁচাই আছমাৰ কান্ধত ওলমি যোৱাদি গ’ল। কিন্তু তেতিয়াও সি বিৰবিৰাই কোৱাদি কৈ থাকিল,

‘আইৰিছসকলে সঁচাই জীৱনটো উপভোগ কৰিব জানে দেই! তুলিকা, তুমি ভাল ঠাই পাইছা, ভাল মানুহ পাইছা। ভাল লাগিছে মোৰ!’

তাক আলহী কোঠাৰ বিছনাত শুবলৈ দি তুলিকা আৰু আছমা মূল শোৱাকোঠাৰ বিছনাত পৰিলহি। ৰাতিটো পুৱাবলৈ মাথোঁ কেইঘণ্টামান বাকী। কাইলৈ আছমা আৰু লুক যাবগৈ। দিনটোৰ ক্লান্তিয়ে হেঁচা মাৰি ধৰিছে তুলিকাক। দুচকুৰ পতা নেমেলাকৈয়ে তাই একতীয়া হৈ আছমাৰ কান্ধত হাতখন থ’লে। আছমায়ো তাইৰ ফালে বাগৰ সলালে।

'আছমা!'
'হু'
'তুমি টোপনি যোৱা নাই?'
'উহু' 

যোৱা তিনিদিনে সকলো হাঁহি-স্ফূৰ্ত্তিৰ মাজতো ৰি ৰি কৈ বাজি ৰোৱা অশান্ত সুৰটো, অসহজ প্ৰশ্নটো তুলিকাৰ মুখেৰে ওলাই আহিল,

‘বিদ্যুৎ কেনে আছে, আছমা? আৰু উলুপী?
’

আজি ছমাহ হৈ গ’ল। তাই একোৱে খৱৰ পোৱা নাই-খৱৰ লোৱা নাই। সেই খৱৰৰ মুখামুখি হ’বলৈ ইমানদিনে তাইৰ সাহস হোৱা নাই।

আছমা যেন নিজৰ ভিতৰতে উচপিচাই উঠিল। কিছুপৰ নীৰৱে থাকি বৰ ইতস্ততভাৱে তাই লাহেকৈ ক’লে,

‘নাজানো মই তুলিকা! উলুপী আৰু বিদ্যুৎ একেলগে নাই। এমাহমান আগতে সিহঁতৰ সম্পৰ্ক ভাঙি গৈছে।
’

তুলিকা চক খাই উঠিল। বহু প্ৰশ্নই, বহু আবেগে জুমুৰি দি ধৰিলেহি তাইক। অতদিনৰ ভেটা খুলি হৰহৰাই বৈ যাব খুজিলে আবেগৰ ঢল।

‘উলুপীৰ মিছকেৰেজ হ’ল। তায়ো বৰ কষ্ট পালে, তুলিকা। বৰ কষ্ট। পাৰিলে তুমি তাইক ক্ষমা কৰি দিবা।
’

আছমাৰ মাতটো কান্দোন এটাৰ দৰে ওলাল। তুলিকাৰ বুকুখন মোচৰ খাই উঠিল। সেই দুটা খৱৰেই যেন পুনৰ এবাৰ বৰলে বিন্ধাদি বিন্ধি নিলে তাইৰ হৃদয়। আৰু কিমান সহিব তাই? কিমান? কিয় এনে হ’ল তাইৰ সৈতেই? কেৱল নিজাকৈ এখন ঘৰ বিচাৰিছিল তাই, আপোন বুলিব পৰা এখন হৃদয় বিচাৰিছিল। সেয়া কি অপৰাধ আছিল?

তুলিকাৰ মুখেৰে এটা চেপা কান্দোন ওলাব খুজিলে। আছমা কাষ চাপি আহি তাইক আলফুলে আকোঁৱালি ল’লেহি। তাইৰ বুকুত মূৰ গুঁজি দি তুলিকাই নিশব্দে চকুলোৰ নৈখনক বাট এৰি দিলে। পূবে ধলফাট্‌ দিয়ালৈকে দুয়ো নাৰীৰ হৃদয়ৰ কঁপনিবোৰ এক হৈ ৰ’ল।


ফাৰমানা (প্ৰথম খণ্ড)
ফাৰমানা (দ্বিতীয় খণ্ড)
ফাৰমানা (তৃতীয় খণ্ড)
ফাৰমানা (চতুৰ্থ খণ্ড)
ফাৰমানা (পঞ্চম খণ্ড)
ফাৰমানা (ষষ্ঠ খণ্ড)
ফাৰমানা (সপ্তম খণ্ড)
ফাৰমানা (অষ্টম খণ্ড)