Saturday, 17 February 2024

ফাৰমানা (অষ্টদশ খণ্ড)

আজি ফাৰমানাৰ নেচাৰৰ অফিচত ভিৰ লগাৰ দৰেই হৈছে। এনেয়ে কেৱল মাৰ্ক, তুলিকা, লিছা আৰু ফিয়নাই অফিচৰ পৰা কাম কৰে। চাৰিওৰে বহু ঘুৰা-ঘুৰি আৰু ফিল্ডত কাম থাকিলেও অফিচৰ পৰাই যায় বা ঘুৰি পকি আহি নিজৰ ডেস্কত বহেহি। বাকীসকলৰ প্ৰায়বোৰ কাম বাহিৰতেই বাবে অফিচত দেখা পোৱাই নাযায়। ডেৰেনৰ বেছিভাগ কাম থাকে লখ আৰ্ণত নহ’লে ফাৰমানাৰ কোনোবা স্কুলত। টম আৰু এণ্ড্ৰু প্ৰায় সকলো সময়তে ফিল্ডত- কেতিয়াবা জলচৰ চৰাইবোৰৰ বাহৰ পৰা শিয়াল খেদাত, কেতিয়াবা খেতিয়কৰ পথাৰত পৰিৱেশ-সাপেক্ষ ট্ৰেক্টৰ চলোৱা বা গৰু-ভেড়া চাই দিয়াৰ কামত ব্যস্ত। কিন্তু আজি সকলোৱে বাকী কাম বাদ দি নেচাৰৰ অফিচ পাইছেহি। কাৰণ মাৰ্কে সকলোকে মাতি পঠাইছে। ব’ৰ্ডৰুমতে গোটেইবোৰ বহি তেওঁলৈ বাট চাইছে। মাৰ্ক তেতিয়াও ফোনত ব্যস্ত। কিনো খৱৰ আছে বুলি সকলো ভিতৰি উচপিচাই আছে। তাৰ মাজতে কথাৰ গুণগুণনি উঠিছে।

ব্ৰেক্সিটৰ কথাই বেছিকৈ ওলাইছে। প্ৰধান মন্ত্ৰী ব’ৰিছ জনছনে কোৱাৰ দৰে এইবছৰ ৩১ অক্টোবৰৰ ভিতৰতে ব্ৰেক্সিট সম্ভৱ নে? ডেৰেনে সুধিছে। নাই, সেয় অসম্ভৱ! আয়াৰলেণ্ডৰ সীমাৰ সমস্যাটোৰ কি হ’ব তেতিয়া? এতিয়াযে আমি বিনা বাধাৰে উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ডৰ মাজত অহা-যোৱা কৰি আছোঁ, ইচ্ছামতেই আইৰিছ বা ব্ৰিটিছ পাছপৰ্ট লৈছোঁ তাৰ কি হ’ব? ফিয়নাই যেন এই বাস্তৱ এতিয়াও মানি ল’ব পৰা নাই। এই যে ব্ৰেক্সিটে গোটেইবোৰ ভাগ ভাগ কৰি পেলাইছে, জীৱ-জন্তু, চৰাই-চিৰিকটিবোৰেতো ৰাজনৈতিক সীমা নামানে- সিহঁতৰ কি হ’ব? আমি কাম কৰা কেইবাজনো খেতিয়কৰ পথাৰ দেখোন দুই দেশৰ সীমাৰ মাজতে পৰে। কাৰলিউ-গঙাচিলনীয়ে তাতে বাহ সাজি পোৱালী জগাবৰ হৈছে। সিহঁতৰ কি হ’ব? আমি এফালে চাম আৰু সিফালে চকু মুদি থাকিম নে? টমৰ প্ৰশ্ন শুনি সকলো নীৰৱে ৰ’ল। সঁচাই উত্তৰ-বিহীন বহু প্ৰশ্ন, বহু অনিশ্চয়তা আনি দিছে এই ব্ৰেক্সিটে।

মাৰ্কৰ পলম হৈছে। মিটিঙৰ নিৰ্দ্ধাৰিত সময় তিনিমিনিট পাৰ হৈ গৈছে। কোঠাটোত উৎকণ্ঠা বাঢ়িছে। ফিয়নাই অলপ হাউলি লৈ কাষতে বহা লিছাক ফুচফুচাই কৈছে, মাৰ্কে ডিভৰ্চৰ কথাই ক’ব নেকি! লিছাই লগে লগেই কৈ উঠিছে,

‘নাই নাই তাৰ কাৰণে বৰ্ডৰুমত মিটিং বহুৱাৰ কি প্ৰয়োজন! নেচাৰৰ কিবা কথাই হ’ব!’

সেই ফুচফুচনি তুলিকাৰ কাণত পৰিছেহি। তাইৰ বুকুখন বিষাই উঠিছে! মাৰ্কৰ বাবে।

এনেতে মাৰ্ক সোমাই আহিছে। কোঠাটোৰ গুণগুণনিবোৰ বন্ধ হৈছে। মাৰ্কৰ কঁপালৰ গাঁঠি খোঁচ খোৱা। মুখৰ চিৰাচৰিত হাঁহিটোও নাই। মানুহজন এনেয়েও অলপ জধলা। আজি অপৰিপাটী কেকুঁৰা চুলি আৰু সোঁতমোচ খোৱা চাৰ্টটোৰে অন্যদিনাতকৈও ৰুক্ষ যেন দেখালে তেওঁক। দীঘল টেবুলখনৰ এমূৰে চকীত বহিয়ে তেওঁ সকলোলৈ চাই লাহে লাহে কৈছে,

‘তোমালোক সকলোকে মাতি পঠিওৱাৰ কাৰণ কি ভাৱিছা চাগৈ। এটা খৱৰ আছে। লণ্ডনৰ হেডঅফিচৰ পৰা খৱৰ আহিছে, এইবছৰ নেচাৰৰ পুনৰ্সংগঠন হ’ব- ৰিঅৰ্গেনাইজেশ্যন!’

‘আহ্‌’, ‘কি কয়’- কোঠাটোত অস্ফুট শব্দ কিছুমান ভাঁহি উঠিল। তুলিকাইহে একো নুবুজাৰ দৰে সকলোলৈ চাই থাকিল। মাৰ্কে কৈ গ’ল,

‘ব্ৰেক্সিটৰ খৱৰ সকলোৱে পাই আছাই। আমাৰ সংগঠনৰ ফাণ্ডিং পোনপটীয়াকৈ ব্ৰেক্সিটৰ ওপৰত নিৰ্ভৰ নকৰে। কিন্তু ব্ৰেক্সিটৰ প্ৰভাৱতেই আমাৰ উপদেষ্টাৰ কমিটিখন সলনি হৈছে। ইউৰোপীয়ান উপদেষ্টা সকল আঁতৰি গৈছে আৰু নতুন উপদেষ্টা মণ্ডলীৰ লগতে নতুন ডিৰেক্টৰ হৈছে। তেওঁলোকে নেচাৰৰ পুনৰ্সংগঠনৰ এক প্ৰস্তাৱ দিছে। যাতে বেক্সিটৰ পিছৰ যুক্তৰাজ্যত নেচাৰৰ কাম আৰু প্ৰভাৱ একেই থাকে। সেই প্ৰস্তাৱ ইতিমধ্যে গৃহীতও হৈছে।’

‘কি সলনি হ’ব? আমাৰ চাকৰি থাকিবনে?’ সকলোৰে মনত উদয় হোৱা প্ৰশ্নটোকে ডেৰেনে পোনেই সুধিলে।

‘ডেৰেন, তাৰ উত্তৰ মোৰ ওচৰতো নাই!’ মাৰ্কৰ অসহায় উত্তৰ। ‘আজি আবেলি লণ্ডনৰ অফিচৰ পৰা নতুন ডিৰেক্টৰৰ বক্তৃতা আছে। তাতে কথাবোৰ ভালকৈ গম পাম বুলি আশা কৰিছোঁ!’

দিনটোৰ বাকীখিনি সময় অফিচতে ছটফটাই থকাদি থাকিল সিহঁত। চাকৰিৰ অনিশ্চয়তা যে যিকোনো পুনৰ্সংগঠনৰে এক পৰিণতি সেয়া সকলোৱে জানে। গতিকে মাৰ্কে মুখ ফুটাই নক’লেও গোটেইবোৰে বুজিলে নেচাৰৰ এই সৰু দলটোলৈ এক কঠিন সময় আহি আছে। সকলোৱে নতুন ডিৰেক্টৰৰ বক্তৃতালৈ উন্মুখ হৈ বাট চালে। তাৰ মাজতে তুলিকাই লুকলৈ মেচেজ কৰিলে। লুকৰ কাম লণ্ডনৰ হেডঅফিচত যেতিয়া ভালকৈ কথাবোৰ জানিব বুলি। লুকে ক’লে,

‘তোমালৈ ফোন কৰাৰ কথা ভাৱিছিলোঁৱে তুলিকা! ময়ো এই সপ্তাহতহে কথাবোৰ গম পাইছোঁ। বহুত অনিশ্চয়তা এতিয়াও। সময় পালে ফোন কৰিবা মোলৈ।’

আবেলি জুমৰ পৰ্দাত ধৰা দিলে ডিৰেক্টৰ জৰ্ডানৰ মুখখন,

‘নেচাৰ পৰিয়ালৰ সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে, আমাৰ এই সংগঠনটোৰ পুনৰ্সংগঠন হোৱাৰ বাটত আগবাঢ়িছে। ব্ৰেক্সিটৰ পৰিপ্ৰেক্ষিটত নেচাৰৰ কাম আৰু পুঁজিৰ অভিযোজন জৰুৰী হৈ পৰিছে। আমাৰ লক্ষ্য হ’ল নেচাৰৰ চেষ্টা আৰু পুঁজি প্ৰকৃতি সংৰক্ষণৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কামবোৰত লাগক। আমি সকলোৱেই স্বীকাৰ কৰোঁ এই পৰিৱৰ্ত্তন সহজ নহ’ব। কিন্তু পৰিৱৰ্ত্তিত সময়ৰ লগত খাপ খুৱাবলৈ এই পদক্ষেপ অতিকৈ দৰকাৰী হৈ পৰিছে। এতিয়াও সেই বাট ষ্পষ্ট নহয়। কিন্তু আমাৰ লক্ষ্য হ’ল অহা তিনিমাহৰ ভিতৰত এই পুনৰ্সংগঠনৰ কাম সম্পূৰ্ণ কৰা। প্ৰতিটো পদক্ষেপেই আমি আপোনালোকক জনাই থাকিম। আপোনালোক প্ৰত্যেকেই প্ৰকৃতিৰ হকে যুঁজি থকা অক্লান্ত যুঁজাৰু আৰু নেচাৰ পৰিয়ালৰ মূল্যৱান সদস্য। এই প্ৰচেষ্টাত আপোনালোকৰ সহযোগিতা আৰু বুজাপৰা আশা কৰিছোঁ।’

জৰ্ডানৰ বক্তৃতা শেষ হোৱাৰ লগে লগে উপৰা-উপৰিকৈ প্ৰশ্নৰ জোৱাৰ উঠিল। গম পোৱা গ’ল, সকলোৱে সন্দেহ কৰাৰ দৰেই কিছুমান পদবী আৰু দায়িত্ব সলনি হ’ব। কোনবোৰ ক্ষেত্ৰত সেই পৰিৱৰ্ত্তন আহিব তাৰ এতিয়াও বিবেচনা চলি আছে।

তাৰ পিছৰ দিনবোৰত সকলোৱেই যেন বাধ্যত পৰিহে নিত্যনৈমিত্তিক কামবোৰ কৰি গ’ল। আগৰ দৰে নেচাৰৰ লান্স ব্ৰেকত ৰসাল আড্ডা নচলিল। ফিয়নাই ‘ডেৰী গাৰ্লছ’ বা ‘ফাদাৰ টেড’ৰ কাহিনী নক’লেহি। মাৰ্কে জীয়েক মিনলাৰ কুকুৰা পোৱালীকেইটাই কি কৰিছে-কি নকৰিছে তাৰ বৃত্তান্ত নিদিলেহি। লিছায়ো বায়াৰত ডেনিয়েলে কৰা নতুন বীয়েৰৰ সোৱাদ লোৱাৰ কথা নুলিয়ালে। যেন হঠাতে এজাক ধুমুহাই সকলো হাঁহি-উৎসাহ উৰুৱাই লৈ গ’ল। এতিয়া যেন কেৱল অপেক্ষা এটা ঘোষণাৰ। এই আপোন বুলি ভৱা, নিজৰ পৰিয়ালৰ দৰে বুলি ভৱা দলটোৰ পৰা কেতিয়া কোন এঘৰীয়া হৈ পৰিব তাৰ ঘোষণাৰ।

এনে এটা দিনতে তুলিকা অফিচৰ পৰা গৈ সন্ধিয়া এপাৰ্টমেণ্টৰ কুইন চাইজৰ বিছনাখনত পৰিলেহি। কোঠাটোৰ লাইটটোও অন নকৰিলে তাই। মাথোঁ খিৰিকীৰ জালিৰ মাজেৰে সোমাই আহিল অকণমান সুৰুজৰ ৰাঙলী আভা। গ্ৰীষ্মৰ বতৰ। গতিকে সুৰ্য ডুব যাবলৈ তেতিয়াও কিছু সময় বাকী। তুলিকাৰ একোকে কৰিবৰ মন নগ’ল। ভাৱ হ’ল, এই যেন জীৱনটো সজাই ল’বলৈ আৰম্ভ কৰিছিলহে। আকৌ সকলো হেৰুৱাই পেলোৱাৰ ভয়ে তাইক আৱৰি ধৰিছে। ভাল লগা সময়বোৰ যেন আৰম্ভ হৈয়ে বতাহত মিলি যোৱাৰ উপক্ৰম হৈছে! প্ৰত্যাহ্বানে যেন লগেই নেৰিব তাইৰ। কিয়? কিয়? সঁচাই সুখৰ সময়বোৰ ইমানেই ক্ষন্তেকীয়া নে?

এনেতে ফোনটো বাজি উঠিল। হীৰু! তাই অলপ আচৰিত হ’ল। আজি বহুদিন হ’ল ভায়েকৰ লগত কথা পতা নাই তাই। বিদ্যুতৰ পৰা আঁতৰি অহাৰ পিছৰে পৰা ধীৰুৰ ফোন নহা হৈছে। তুলিকাই সেয়া মন কৰিছে। কিন্তু তাই নিজেই চোন পৰিয়াল আৰু বন্ধু-বান্ধৱ সকলোৰে পৰা পলাই ফুৰিছে অতদিনে। সেয়ে তায়ো ফোন কৰা নাই। উপযাচি তাক সোধা নাই কিয়!

‘ভাইটি ক’চোন।’

‘ব্যস্ত নেকি?’ তাইতকৈও শুকান চোন ভায়েকৰ মাত!

‘নহয় ক’চোন। তোৰ মাতটো এনেকুৱা কিয়?’

‘ঘৰৰ চিন্তাই খুলি খুলি খাইছে অ’ মোক!’ তাৰ মাতটো কান্দোনৰ দৰে ওলাল।

‘কি হৈছে ভালকৈ ক’চোন! মা-দেউতা ঠিকে আছেনে?’

‘তোলৈ মাই ফোন কৰিছে নেকি? মা আৰু দেউতা বেলেগে থাকিবলৈ লৈছে জান!’

‘মানে?’ তুলিকাৰ বুকুখন চিৰিংকৈ যায়।

‘আজি এসপ্তাহ হ’ল। এৰাতি দেউতাই মদ খাই টং হৈ ঘুৰি আহোঁতে মাই দুৱাৰ খুলি নিদিলে। এপৰ বাট চাই, গালি-গৰ্জন, কাকূতি-মিনতি কৰিও কাম নিদিলে। দেউতা পিছচোতালৰ চালিখনৰ তলতে মহৰ কামোৰ খাই পৰি থাকিল। পিছদিনা পুৱাতে জেওৰা খৰি এডাল লৈ মাৰ ফালে চোঁচা দিছিল হেনো, তেতিয়াই মা ঘৰৰ পৰা যি ওলাল নোসোমালেই। ৰাতিয়েই বেগ সাজু কৰি ৰাখিছিল। ৰাতিপুৱাই অ’ট’ এখন লৈ গুচি গ’ল। গৈছেও একেবাৰে গৈ টাউনত হোটেলত উঠিছেগৈ। ইফালে দেউতাই খং শাম কটাৰ পিছত ককা-আইতা, মামা-মাহী সবৰে ঘৰত বিচাৰি হুলস্থুল।’

তুলিকাৰ মুখৰ মাত হেৰাই গ’ল। মনত ভাঁহি উঠিল মাকৰ শান্ত মুখখন, মিহি মাত-কথাবোৰ। ক’ৰ পৰা সেই মাকজনীৰ মাজত এই আগ্নেয়গিৰি সাৰ পালে! হীৰুয়ে মাকৰ ওপৰতে ক্ষোভ উজাৰিলে। কিয় মিছামিছি ইমান অশান্তি জুৰি ল’ব লাগে! সেইৰাতি অন্যদিনাৰ দৰেই চুপচাপ দেউতাকক দুৱাৰ খুলি দিয়া হ’লেইচোন সকলো ঠিকে থাকিলেহেঁতেন! অতদিনেতো তেনেকৈয়ে দিনবোৰ গৈ আছিল। ঘপকৈনো কি লম্ভিলে যে সেই ঘৰখনত মা থাকিব নোৱাৰা হ’ল। তুলিকা আচৰিত হ’ল। হীৰুয়ে কেনেকৈ ক’ব পাৰিছে এইবোৰ কথা! কেনেকৈ ভাৱিব পাৰিছে মাকে নিমাতে থাকিলেই সকলো ঠিকে থাকিলেহেঁতেনে। একোৱেইতো ঠিকে নাছিল ইমানদিনে। সি কি সকলো পাহৰি গ’ল! তাইৰ লগতে সিও চোন আশৈশৱ দেখি আহিছে মাকৰ দুখ আৰু যন্ত্ৰণা। সি কৈয়ে থাকিল,

‘তই মাৰ লগত কথা পাতি পাৰিলে বুজাচোন। ঘৰৰ মানুহ ঘৰলৈ ঘুৰি আহিবলৈ। সমাজৰ আগত আমাৰ নাক-কাণ কটা যাব।’

‘আৰু মাৰ দুখ-কষ্ট খিনি? সেইখিনিৰ কি? আমাৰ কাৰণে, সমাজক দেখুৱাই সকলো নিমাতে-নীৰৱে সহি থাকিলেই ঠিক হৈ যাব নেকি হীৰু! সেইকাৰণেই বিদ্যুতক এৰি অহাৰ পৰা তই মোৰ লগত কথা পতা নাই, নহয় হীৰু?’ তুলিকাৰ চিঞৰি চিঞৰি ক’বৰ মন গ’ল। কিন্তু তাই একোকে নক’লে। সেইখিনি কথা ক’ব পৰাকৈয়ো যেন ভায়েকৰ লগত তাইৰ যোগসূত্ৰ হেৰাই গৈছে, তেনে লাগিল তাই। ওঁ-আঁ কৈ ফোন থোৱাৰ পিছত এটা দীঘল উশাহ টানি লৈ তাই মাকলৈ ফোন কৰিলে,

‘মা!’

‘তুলিকা!’ মাকৰ সেই এটা শব্দতে যেন সমস্ত পৃথিৱীৰ দুখ-যন্ত্ৰণা-ক্ষোভ লুকাই আছিল। তুলিকাই কান্দি পেলালে। মাকেও।

‘ঠিকে আছা মা?’

‘আছোঁ। আগতকৈ বহুত ভালে আছোঁ। প্ৰতিটো মুহূৰ্ত অন্তত: ভয়ে ভয়ে কটাব লগা হোৱা নাই। কেতিয়া পিঠিত বেল্টৰ কোব পৰিব সেয়া ভাৱি ভাৱি জিকাৰ খাই উঠা নাই! সেইবোৰ ভয়-শংকা নোলোৱাকৈ জীৱনটো কেনেকুৱা হ’ব পাৰে পাহৰিয়ে গৈছিলোঁ অঁ তুলিকা!’

তুলিকাৰ কান্দোনটো ডাঙৰ হৈ পৰে- যেন তাই অতবছৰৰ প্ৰতিটো দিন- প্ৰতিটো ৰাতিৰ সেই অন্ধকাৰ সময়বোৰৰ বাবে কান্দিছে। মাকে নীৰৱে-নিমাতে গাত পাতি লোৱা প্ৰতিটো আঘাতৰ কাৰণে কান্দিছে।

‘অতদিনে কিয় সহি থাকিলা মা? কেতিয়াবাই গুচি যাব লাগিছিল- কেতিয়াবাই!’

‘যাব খুজিছিলোঁ আইজনী। বহুত আগতেই। বিয়াৰ পিছত গাত প্ৰথম কোবটো পৰা দিনাই। মাই কৈ পঠালে, ‘কোনোমতে দেউতাৰৰ পেন্সনৰ টকাৰে তোক বিয়া দিছোঁ। এতিয়া নিজৰ মানুহটোক পোনাই-পঁজৰাই লোৱাৰ দায়িত্ব তোৰ। সমাজৰ আগত আমাৰ নাক-কাণ নাকাটিবি।’ সেই তেতিয়াই যে শিকলিয়ে বান্ধিলে, যোৱা ত্ৰিছ বছৰে সেইডাল খোলাৰ সাহসেই গোট নাখালে। প্ৰথমে মা-দেউতা, তাৰপিছত তোৰ আৰু হীৰুৰ কথা, সমাজখনৰ কথা ভাৱিয়ে তেনেকৈয়ে জীৱনটো কটাই দিম বুলি ভাৱিছিলোঁ। কিন্তু সেইৰাতি সেই ভয়, ভয় নহয় খং হৈ পৰিল। হয়তো অতদিনে ভয় আৰু আতংকই পিষ্ট কৰি কৰি ধৈৰ্য্যৰ বান্ধ খুলি পেলালে। এনে লাগিল যেন আৰু এটা দিনো এনেকৈ কটাব নোৱাৰোঁ। মোৰ জীৱনটো এনেকৈয়ে শেষ হৈ যাবলৈ দিব নোৱাৰোঁ। মোৰ কাষত অন্য কোনোবা থাকক বা নাথাকক, মই নিজেই নিজৰ কাষত থিয় দিব লাগিব। সেইকাৰণেই পৰিয়ালৰ কাৰো ওচৰলৈ নগৈ হোটেলত উঠিছোঁ জান। কোনেও মোৰ দায়িত্ব ল’ব নালাগে। কাকো আমনি নকৰোঁ। মই মাত্ৰ নিজৰ জীৱনটো শান্তিৰে কটাব বিচাৰোঁ।’

তুলিকা আচৰিত হৈ পৰে। যেন নিজৰ মাকজনীকে অতদিনে তাই বুজিব পৰা নাছিল, এনে লাগিল তাইৰ। তাই সুধিলে,

‘তেনে এতিয়া কি কৰিবা মা?’

‘নাজানোঁ। কিন্তু এটা কথা জানো- সেইখন ঘৰলৈ আৰু কেতিয়াও ঘুৰি নাযাওঁ।’ কৈ মাক ক্ষন্তেক ৰ’ল। তাৰপিছত আশ্বাসৰ সুৰেৰে ক’লে, ‘তই মোৰ কাৰণে চিন্তা নকৰিবি দেই। মোৰ স্কুলৰ চাকৰিটোৰে চলি যাব। ভাড়াঘৰ বিচাৰি আছোঁ। গোটেইবোৰ মিলাই ল’ম। তই অকণোৱে চিন্তা নকৰিবি।’

বেছ কিছুপৰ তুলিকা বিছনাতে পৰি ৰ’ল। দৌৰি গৈ তাইৰ মাকৰ কাষ পাবৰ মন গ’ল। তাই জানে, মাকৰ এই বাট সহজ নহয়। তাই এনে এখন সমাজত ডাঙৰ হৈছে, য’ত প্ৰতিগৰাকী নাৰীয়ে ঘৰৰ বাহিৰলৈ ওলোৱাৰ পৰত হাজাৰবাৰ নিজকে পৰীক্ষা কৰে সকলো ঠিকে আছেনে৷ বাটত খোজ দিওঁতে, সামাজিক পৰিৱেশত এষাৰ কথা কওঁতে, কিবা এটা কাম কৰোঁতে হাজাৰজোৰ চকুৱে বিচাৰ কৰি থাকে৷ প্ৰতিগৰাকী নাৰী সেয়ে সন্ত্ৰষ্ট হৈ থাকে দৃষ্টিকটু কিবা কোৱা বা কৰাৰ ভয়ত৷ সেই সমাজত য’ত কিবা বিপদত পৰিলে, অসুবিধা হ’লে প্ৰথমেই নাৰী গৰাকীক দোষ দিয়া হয়৷ সেই সমাজে এই অৱস্থাত মাকৰ প্ৰতিটো খোজতে হাজাৰটা হুল পুতি নিদিবনে? দোষ-অপবাদেৰে গধুৰ কৰি নেপেলাবনে মাকৰ চৌদিশৰ বতাহ?

তুলিকাৰ তীব্ৰ ইচ্ছা হ’ল ঘৰলৈ ঘুৰি যাবলৈ। সেই সকলোৰে পৰা মাকক আৱৰি পেলাবলৈ। এয়া কিজানি এক চিনেই। এই বিদেশত তাইৰ সংসাৰখন ভাঙিল। নতুনকৈ সজাই ল’ব খোজা এই জীৱনটোত এতিয়া ইমান অনিশ্চয়তা! হয়তো এই সকলোবোৰেই এটা চিন হৈ দেখা দিছে। তাই কিজানি অসমলৈ উভতি যোৱাৰে সময় আহি পৰিছে! চিৰদিনৰ বাবে!

আকৌ ফোনৰ ৰিং ট’ন বাজিল। লিছা! এই সময়ত?

‘হেল্ল’!’

‘হাই তুলিকা। আজি সন্ধিয়া ব্যস্ত নেকি তুমি?’

‘নাই, কিয়?’

‘ওলাবা তেনে৷ মই যে কৈ থাকোঁ আইতাৰ কথা৷ আজি আইতাৰ ঘৰত এটা অনুষ্টুপীয়া গেট টুগেদাৰ এটা৷ আমাৰ পৰিয়ালৰ মানুহবোৰ লগা পাবা তুমি৷’

‘লিছা, মতাৰ কাৰণে থেংক ইউ! কিন্তু মই যাব নোৱাৰিম বুজিছা। গা-মন বৰ ভাল লাগি থকা নাই বুজিছা।’

‘জানো তুলিকা। সেইকাৰণেই ভাৱিলোঁ তোমাক কওঁ। এনেকৈ মন বেয়া কৰি থকাৰ সলনি অলপ ওলাই গ’লে, মানুহ-দুনুহ লগ পালে ভাল লাগিব। তোমাৰো, আমাৰো!’ তুলিকাই বুজিলে লিছাই নেচাৰৰ পুনৰ্সংগঠনৰ কথা কৈছে। এনেকুৱাই লিছাজনী। যেনেকৈ হ’লেও তুলিকাৰ ভাল-বেয়াৰ খৱৰ ৰাখে। মৰম-যত্নৰে আৱৰি ৰাখিব খোজে। তাইৰ কথা পেলাব নোৱাৰিয়ে অৱশেষত তুলিকাই ক’লে,

‘ঠিক আছে, যাম তেন্তে৷’

এঘণ্টাৰ পিছতে তুলিকাৰ এপাৰ্টমেণ্টৰ সন্মুখত ৰ’লহি লিছা আৰু ডেনিয়েলৰ গাড়ী। গাড়ীত বহিয়ে তাই দেখে পিছফালৰ ছিটত এটা ডাঙৰ ষ্টিলৰ গেলন৷ তাই বুজিলে সেয়া বীয়েৰ ৰখা কেগ।

‘ইমান বীয়েৰ!’ তুলিকাই বিচূৰ্তি খালে।

‘হা হা, বটলত ভৰাই ভৰাই অনাতকৈ গোটেইটোৱে লৈ আনিলোঁ৷ মানুহ বহুত হ’ব যে৷’ ডেনিয়েলে কৈফিয়ৎ দিয়াৰ সুৰত ক’লে।



এনিছকিলেন টাউন পাৰ হৈয়ে শাৰী শাৰী পথাৰবোৰ আৰম্ভ হয়। সেইখিনিৰে এটা ঘৰৰ সন্মুখত গাড়ীখন ৰ’লগৈ। ঘৰৰ চাৰিওকাষে ওখ-চাপৰ গছৰ লানি। তাৰ সিপাৰে দূৰ-দিগন্ত জুৰি কেৱল পথাৰ আৰু পথাৰ। ঘৰৰ সন্মুখৰ লোহাৰ গেইটত তোৰণৰ দৰে ফুলৰ সাজ-সজ্জা। তাতে টিউলিপ ফুলেৰে লিখি থোৱা আছে ‘হেপ্পী বাৰ্থডে গ্ৰেণী’ -শুভ জন্মদিন আইতা! কাষতে উৰি আছে দুটি সংখ্যাৰ বেলুন- ৯৫!

দেখিয়ে তুলিকাই উচপিচ লগালে, ‘লিছা, মোক আগেয়ে কিয় নক’লা জন্মদিন বুলি? মই শুদা হাতে নাহিলোহেঁতেন নহয়!’

লিছা আৰু ডেনিয়েলে হাঁহিলে। তাই দুষ্টামিৰ হাঁহি মাৰি ক’লে, ‘চাৰপ্ৰাইজ! আগতীয়াকৈ ক’লে তোমাৰ সেইবোৰ চিন্তা বাঢ়িব বুলিয়ে নক’লোঁ বুজিছা। এনেয়ে এইকেইদিন আমাৰ অফিচত কম টেনছন হৈছেনে!’

উপায়ন্তৰ হৈ তুলিকাই মানি ল’লে। লিছা আৰু ডেনিয়েলৰ লগত কিছু সংকোচেৰে সোমাই গ’ল। এটা আহল-বহল আইৰিছ আৰ্হিৰ শিলৰ ঘৰ। সোমায়ে তুলিকাৰ মুধচলৈ চকু গ’ল। এই প্ৰথম তাই দেখা পালে ঘাঁহ-খেৰেৰে বোৱা আইৰিছ পৰম্পৰাগত মুধচ। তাইৰ দৃষ্টি অনুসৰণ কৰি লিছাই ক’লে,

‘আইতাৰ এই ঘৰ দেৰশ বছৰমান পুৰণি। আইতাৰ দেউতাকেই বনোৱা। এনে ঘৰ এতিয়া দেখা পোৱাই টান। সেয়ে আইৰিছ পৰম্পৰাগত ঘৰ চাবলৈ আইতাৰ ঘৰলৈ ইয়ালৈ মাজে মাজে পৰ্য্যটকো আহে জানা।’

‘সঁচা! কোন কোন থাকে এই ঘৰত?’ বিস্ময়ত তুলিকাৰ চকুহাল ডাঙৰ হৈ যায়!

‘ইয়াত কেৱল আইতা থাকে। অকলশৰে। আইতাই এই ঘৰ এৰিব নোখোজে। তেওঁৰ মতে, জীৱনৰ অতবোৰ বছৰ ইয়াতে পাৰ কৰিলোঁ৷ এতিয়ানো শেষৰ দিনবোৰ কিয় বেলেগ ক’ৰবাত থাকিমগৈ৷ অৱশ্যে নামতহে অকলশৰে থাকে। আমাৰ পৰিয়াল বহুত ডাঙৰ। পৰিয়ালৰ কোনোবা নহয় কোনোবা প্ৰতিদিনে ওলায়হি। আমি পাল পাতি আহোঁ। আইতাক সংগ দিবলৈ কোনোবা দিনৰ আহাৰৰ সময়ত আহে, কোনোবা ৰাতি থকাকৈ। ব’লা, চিনাকি কৰাই দিওঁ তোমাক।’

এইবাৰ হাতত ধৰি লিছাই তুলিকাক বহাকোঠালৈ লৈ গ’ল। এজুম মানুহৰ মাজত কণমানি এজনী কোচঁত লৈ আইতাক বহি আছিল। শুভ্ৰ চুলি আৰু সময়ে আঁচোৰা শোটোৰা-শোটোৰ গালৰ এগৰাকী বৃদ্ধা। পঁচানব্বৈ বছৰীয়া যদিও তেওঁৰ কোটৰত সোমোৱা দুচকুৰ উজ্বলতা মাৰ যোৱা নাই, ম্লান পৰা নাই হাঁহিটোও। লিছাই চিনাকি কৰাই দিয়াৰ লগে লগে তেওঁ তুলিকালৈ চাই সোঁহাতখন আগবঢ়াই দিলে। তাই হাউলি লৈ স্পৰ্শ কৰিলে সেই শীৰ্ণ হাত।

‘হুৱাট্‌ছ দ্য ক্ৰেইক- কি খৱৰ তুলিকা!’ তেওঁ বৰ কষ্টেৰেহে যেন তুলিকাৰ নামটো উচ্চাৰণ কৰিলে। কিন্তু হাতেৰে টানি ধৰি তেওঁ তুলিকাক কাষতে বহুৱাই ল’লে।

‘ভাল, আইতা।’ তুলিকাৰ নিজৰ আজো-আইতাকলৈ মনত পৰি গ’ল। সোঁৱৰণিৰ জাল ফালি মুহূৰ্ততে যেন উদ্ভাসিত হৈ গ’ল তৰাভৰা আকাশৰ তলত বহি আজোআইতাকৰ সাধু শুনা সন্ধিয়াবোৰ, আইতাকৰ দৰে ওঁঠ ৰঙা কৰিবলৈকে খুন্দা তামোলৰ এচপৰা বিচাৰি তুলিকাই ৰাউচি জোৰা দিনবোৰ।

লিছাৰ আইতাকে ভাৰতৰ কথা সোধে। বহুত দূৰৈত নহয় জানো সেই দেশ? তাৰ পৰা তুলিকা কেনেকৈ এই ঠাই পালেহি? ফাৰমানাৰ মানুহ প্ৰায়ে লৰচৰ নকৰে। তেনেকৈ দেশ-বিদেশলৈ ওলাই যোৱাটো দূৰৈৰ কথা। মোৰেই পাঁচোটা ল’ৰা আৰু দুজনী ছোৱালী। গোটেইবোৰ ফাৰমানাত থাকে৷ সেইকাৰণেই ওচৰতে পাই থাকোঁ। সিহঁতৰ ল’ৰা-ছোৱালীবোৰহে আয়াৰলেণ্ডৰ ইফালে-সিফালে গৈছে। এজনী মাত্ৰ নাতিনী আমেৰিকালৈ গৈছেগৈ- পঢ়িবলৈ। তুলিকাই জানেনে, ফাৰমানাত মানুহবোৰৰ এনেদৰে শিপা গজে যে সৰু সৰু ঠাইবোৰত কথা কোৱাৰ একোটা নিজা ঠাঁচ গঢ় লৈ উঠিল। ইখন ঠাইৰ মানুহে সিখন ঠাইৰ ঠাঁচক লৈ হাঁহে। তুলিকাই শুনিছে সেয়া। এই ছমাহতে ফাৰমানাৰ ভিন্ন ঠাইৰ মানুহৰ সৈতে কথা পাতি তাই দেখিছে, আইৰিছ ঢঙৰ ইংৰাজী কিন্তু ঠাঁচ সকলোৰে বেলেগ।

‘ট্ৰিলিকৰ মানুহে কথা কোৱা শুনিছানে? কথাই কৈছে নে গান গাইছে ধৰিবই নোৱাৰি।’ জুমটোৰ এজনে কৈ উঠে।

‘আহ, তাতোকৈ সাংঘাতিক লিছবেল’ৰ ঠাঁচ- ৰেলৰ উকিৰ দৰে উকি মাৰি মাৰি কয়।’ মহিলা এগৰাকীয়ে যোগ দিয়ে। দুই এজনে সেই ঠাঁচেৰে কথা ক’বলৈকে আৰম্ভ কৰি দিয়ে। হাঁহিৰ জোৱাৰৰ মাজেৰেই ইজন-সিজনকৈ আহি তুলিকাৰ লগত চিনাকি হ’লহি। তাৰ মাজতে এবাৰ লিছা আহি তাইক মাতি নিলেহি। পাকঘৰৰ দহজনীয়া ডাইনিং টেবুলখনত বিধে বিধে খাদ্য। আইতাকৰ জন্মদিনলৈ প্ৰত্যেকেই ভাগে ভাগে ৰান্ধি আনিছে হেনো৷ তাৰ ভিতৰত মূৰ্গীৰ জোল দেখি তুলিকা অলপ আচৰিতেই হ’ল। তাইৰ প্লেটত অলপ ঢালি দি লিছাই ক’লে,

‘চিকেন টিক্কা মছলা- মোৰ মাই ৰান্ধি আনিছে। তুমি আহিবা বুলিয়ে। খোৱা।’

ইমান মানুহ- ইমান ডাঙৰ পৰিয়াল! প্ৰতিটো কোঠাতে জুম বান্ধি বান্ধি মানুহবোৰে আড্ডা দিছে। কথাই কথাই হাঁহিৰ জোৱাৰ উঠিছে। কোনোৱে গীতৰ সুৰে সুৰে নাচিছে। কোনোৱে পাকঘৰৰ পৰা প্লেটত খাদ্য আনিছেগৈ। কণমানিবোৰে ইটো কোঠাৰ পৰা সিটো কোঠালৈ লৰা-ঢপৰা কৰি ফুৰিছে। ইতিমধ্যে ডেনিয়েলে এচুকত পাতি দিয়া বীয়েৰ কেগৰ পৰা বীয়েৰো বাকিছে। লিছাই যাৰ লগতে চিনাকি কৰাইছে, তেঁৱেই হাত আগবঢ়াই কৈ উঠিছে, ‘হুৱাটছ দ্য ক্ৰেইক?’ চা-চিনাকি হৈয়ে কেইবাজনেও কৈছে, ‘আমাৰ ঘৰলৈ আহিবাচোন এপাক- ডিনাৰ কৰাকৈ আহিবা। লিছাৰ আপোন বন্ধু যেতিয়া তুমি আমাৰো আপোন!’

সন্ধিয়াটো কেনেকৈ পাৰ হ’ল গমকে যেন নাপালে তুলিকাই। নিশা আইতাকক শুৱাৰ ব্যৱস্থা কৰি দি লিছা আৰু ডেনিয়েল উভতিবলৈ ওলাল। এপাৰ্টমেণ্টৰ সন্মুখত গৈ গাড়ীখন ৰোৱাৰ সময়ত তুলিকাই কৈ পেলালে,

‘থেংক্‌ছ লিছা। থেংক্‌ছ ডেনিয়েল। মোক যেন এইখিনি সময়ৰে বৰ দৰকাৰ আছিল। মই কিজানি নিজেই বুজা নাছিলোঁ- তোমালোকে বুজিলা। বহুত ধন্যবাদ!’

‘আহ- ইউ আৰ ৱেলকাম তুলিকা!’ লিছাই গাড়ীৰ পৰা ওলাই আহি তুলিকাক সাৱটি ধৰিলেহি।

‘বেয়া দিন থাকিবই, তুলিকা! ভাল-বেয়াৰ মাজেৰেইতো জীৱন! বেয়া সময়ৰ ভয়ত আমি ভাল লগা সময়বোৰতো পাহৰি গ’লে, হেৰাবলৈ এৰি দিলে নহ’ব, নহয় জানো?’

লিছাই নেচাৰৰ প্ৰসংগতে কথাখিনি ক’লে যদিও তুলিকা মনত সিয়েই আলোড়ন তুলিলে। সেইনিশা বিছনাত পৰি পৰি তাই ভাৱিলে, আজীৱন তাই আনে বিচৰাৰ দৰেই জীৱনটো কটাই আহিছে। তাইৰ পৰা ঘৰ আৰু সমাজে যেনেকৈ যি আশা কৰিছে তাকে দি গৈছে- কৰি গৈছে। এতিয়া প্ৰথমবাৰৰ বাবে সেই সকলোবোৰ একাষে থৈ নিজকে বিচাৰি চাইছে। নিজৰ আশা আৰু সপোনবোৰ লৈ এটা জীৱন গঢ়াৰ চেষ্টা কৰিছে। নিয়তিৰ এটা খুন্দাতে সেই সকলোবোৰ এৰি পেলাবনে? হেৰুওৱাৰ ভয়টোতে হাৰ মানি সকলো হেৰাই যাবলৈ দিবনে? তাই তেনে কৰাটো মাকেই জানো মানি ল’ব?

পুৱতি নিশা চিলমিলকৈ টোপনিয়ে হেঁচা মাৰি ধৰাৰ পৰত তুলিকাই ঠিক কৰিলে, অসমলৈ উভতি নাযায় তাই। শেষলৈকে যুঁজিব। তাই ফাৰমানাত এই জীৱন গঢ়াৰ চেষ্টা একেদৰেই কৰি থাকিব। এয়াই তাইৰ বৰ্তমান। ইয়াৰ ভৱিষ্যতো তাই আদৰি ল’ব।


পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • Sunday, 11 February 2024

    ফাৰমানা (সপ্তদশ খণ্ড)

    প্ৰায় দুসপ্তাহৰ মূৰত ফাৰমানাৰ আকাশ মুকলি হৈছে৷ কণমানি চহৰখনত এইটোৱে এটা ডাঙৰ খৱৰ হৈ উটি ভাঁহি ফুৰিছে৷ বাটে পথে পাৰ হৈ যোৱা অচিনাকি জনেও হাঁহি মুখেৰে কৈছে,


    ‘কি যে ধুনীয়া দিন আজি!’

    আৰ্ণ নৈখন চঞ্চল হৈ উঠিছে সৰু-বৰ নাৱৰ অবিৰত অহা যোৱাৰে। আজি তাতে ৰঙা কায়াক কেইখনমানো ভাঁহি উঠিছে৷ তাৰ লগতে পাৰে পাৰে সুবিধাজনক ঠাইবোৰ বাচি লৈ গুজ মাৰি মাছ টুপিউৱা বৰশীবোৰ! সঁচাকৈ, নৈখন আৰু লখক লৈয়ে যেন ইয়াত সকলোৰে জীৱন! আয়াৰলেণ্ডৰ অন্য ঠাইৰ মানুহে এনেয়ে নকয়,

    ‘লখ আৰ্ণ ফাৰমানাত নহয়, ফাৰমানা হে লখ আৰ্ণত আছে!’

    সেই লখ আৰ্ণলৈকে আজি তুলিকাহঁত ওলাই আহিছে। বতৰৰ আগজাননী দেখি মাৰ্কে যোৱা সপ্তাহৰ টিম মিটিঙত কৈছিল, ‘লখ আৰ্ণৰ কেইবাটাও দ্বীপত গাল চৰাইবোৰে কণী পাৰিছে৷ পোৱালিও জাগিছে৷ বতৰ উদঙোৱাৰ দিনা আমি সকলোৱে গৈ বাহৰ জৰীপ কৰি আহিলে কেনে হয়?’

    সকলোৱে হয়ভৰ দিলে৷ এটা ৰ’দোজ্জল দিন লখ আৰ্ণৰ হাজাৰ-বিজাৰ গাল চৰাইৰ মাজত কটাবলৈ কোনেনো না কৰিব!

    কথামতেই কাম। ৰ’ছনক্লেয়াৰ জেটিৰ পৰা নেচাৰৰ সৰু মটৰচালিত নাও দুখনেৰে গোটেই দলটো ওলাল৷ এখনত ডেৰেনৰ সৈতে টম আৰু লিছা। আনখনত মাৰ্কৰ সৈতে ফিয়না, তুলিকা আৰু তুলিকাৰ কাষতে বহিল মেগান। জন মেকভিটিৰ একমাত্ৰ জীয়েক মেগান।

    ‘কেনে লাগিছে মেগান? লখ আৰ্ণলৈ আগতেও আহিছা চাগৈ?’ মটৰৰ শব্দ দেও দি তুলিকাই ডাঙৰকৈ মাত দিলে।

    মেগানে হাঁহি এটাৰে মূৰ দুপিয়ালে। তাৰপিছত তুলিকাৰ ফালে হাউলি লৈ কাণে কাণে ক’লে,

    ‘আহিছোঁ কিন্তু এনেকুৱা ভাল লগা কামত নহয়। সেয়ে বৰ মজা লাগিছে!’

    তুলিকাই হাঁহিলে। তাই আগৰে পৰা চিনি পালেও নেচাৰৰ বাকী দলটোৰ সৈতে মেগানৰ আজিহে প্ৰথম চিনাকি। প্ৰথম লগ পোৱাৰ দিনা দীঘল সোণালী চুলিটাৰী আৰু শেঁতা চকুদুটিৰে এই ছোৱালীজনী যে কেনেকৈ লাজে-ভয়ে কোঁচ খাই আছিল! হয়তো খঙাল বাপেকৰ আগত তাই তেনে ৰূপতে অভ্যস্ত হৈ গৈছে। তাইৰ প্ৰকৃতিৰ প্ৰতি আগ্ৰহ দেখিয়ে তুলিকাই জনক কৈছিল, ‘নেচাৰৰ কামত ভাগ ল’লে মেগানে বহুত নতুন কথা শিকিব। নতুন অভিজ্ঞতা হ’ব। তাই ঘৰৰ খেতি-পথাৰো ভালকৈ চোৱা-চিতা কৰিব পৰা হ’ব।’ তেতিয়াৰ পৰা মেগানে তাইক পথাৰবোৰৰ জৰীপ কৰাত সহায় কৰিছে। পৰিৱেশ সাপেক্ষ আঁচনিৰ কৰ্মশালাবোৰতো ভাগ লৈছে। তাৰ লগে লগে সংকোচবোৰ আঁতৰি তাইৰ মুখখনলৈ সহজ সহজ ভাৱ এটাও আহিব ধৰিছে যেন!

    এতিয়া নেচাৰৰ টুপীটো পিন্ধি লৈ চৌদিশে অপাৰ কৌতুহল আৰু উত্তেজনাৰে চাই থকা মেগানজনীক দেখি তুলিকাৰ ভাল লাগি গ’ল! মেগানৰ দৰে কিশোৰী বয়সৰ হেঁপাহবোৰলৈ মনত পৰি গ’ল। তায়োতো এনে বয়সতে শিৱসাগৰ টাউনৰ পৰা চাইকেল মাৰি মাৰি পানীদিহিং অভয়াৰণ্যলৈ গৈছিল। দেওবাৰে দিনৰ দিনটো তাতে ঘুৰি পকি চৰাই চাই ফুৰিছিল। সপোন দেখিছিল তেনেকৈয়ে চৰাইৰ কাকলিৰে ভৰা সেউজীয়া পৃথিৱী এখনত চিৰদিন কটোৱাৰ। সেই সপোনটো তাই মেগানক দিব খোজে। নতুন প্ৰজন্মৰ সকলোৰে বাবে সেই সেউজীয়া পৃথিৱীখন বচাই ৰাখিব খোজে।

    ‘সৌকেইটা ৰাজহাঁহ- চোৱা চোৱা।’ মেগানে মাত দিলে। লগে লগে প্ৰতিজনেই সেইদিশলৈ বাইন’কুলাৰ টোৱালে। কেৱল মাৰ্কে মটৰচালিত নাওঁখনৰ ষ্টিয়েৰিং ধৰি থাকি গতি থমালে। মেগানে ভালকৈ চাৱক বুলিয়ে কিজানি তেওঁ ৰাজহাঁহ দুটা চৰি থকাৰ ফালে নাওখন আগবঢ়াই নি ইঞ্জিন বন্ধ কৰি দিলে। কিছুপৰ সেইফালে তধা লাগি চাই থাকি তাই ক’লে, ‘ইমান শুধ বগা! কমলা ঠোঁট আৰু দীঘল ডিঙিৰে ইমান ধুনীয়া এই চৰাইহাল!’

    মাৰ্কে হাঁহি হাঁহি ক’লে, ‘ঠিকেই কৈছা মেগান! এইবিধক ‘মিউট স্বোৱান’ বুলি কয়। মিউট মানে কিন্তু সিহঁতে মাত মাতিব নোৱাৰা নহয়। মাত্ৰ প্ৰয়োজন নহ’লে অন্য চৰাইৰ দৰে সঘনাইহে মাত নিদিয়ে।’

    ‘অঁ অঁ, ময়ো নামটো শুনি তেনেকৈয়ে ভাৱিছিলোঁ। কিন্তু এবাৰ আমাৰ পথাৰৰ কাষেদি যোৱা জুৰিটোত এই মিউট স্বোৱান এহালে যেনেকৈহে হিচ্‌হিচাই উঠিছিল! সেই তেতিয়াৰ পৰাহে জানিছোঁ ইহঁতেও মাত দিয়ে।’

    ‘কিয়, কি হৈছিল?’

    ‘দেউতাৰ সিদিনা আমাৰ বুলদগ অ’টিছৰ ওপৰত খুউব খং উঠিছিল। সি দিনৰ দিনটো পথাৰৰ বোকাত লেটি লৈ আছিল কাৰণে। দেউতাই এছাৰি এডাল লৈ তাক খেদি যাওঁতে সি গৈ জুৰিটোৰ পানীত ধহমহাই পৰি দিছিলগৈ। মিউট স্বোৱান কেইটাৰ অদ্ভুত হিচ্‌হিচনিয়েহে দেউতাক চমক খুৱাই ৰখাই দিছিল!’

    সেয়া শুনি ফিয়’নাৰ চেলাউৰি দাং খালে। ফাৰমানাৰ অলিয়ে গলিয়ে উটি ভাঁহি ফুৰা জন মেকভিটিৰ খঙৰ কাহিনীত যেন আৰু এটা যোগ হ’ল।

    ‘ইচ, হয় নেকি!’ কৈয়ে মাৰ্কে প্ৰসংগ সলাব খুজিলে, ‘জানানে মেগান, এই লখৰ তলখন বৰ ওখ-চাপৰ। কোনোবা ঠাই খুবেই দ, কোনোবাখিনি বাম৷ আইচ এজ মানে বৰফ যুগৰ কথা জানা নহয়? সেই যুগৰ পিছত যেতিয়া পানীবোৰ গলিবলৈ আৰম্ভ কৰিলে, তেতিয়া গোটেই আয়াৰলেণ্ডতে ওখ-চাপৰ টিলা সৃষ্টি কৰি গ’ল৷ লখ আৰ্ণ তাৰেই সৃষ্টি৷’

    ফিয়নাই যোগ দিলে, ‘সেইকাৰণেইটো এই লখ ইমান বিপদজনক৷ ওপৰৰ পৰা একো ধৰিব নোৱাৰি৷ আৰু ইয়াত বতাহৰ তীব্ৰতা দেখিছাই নহয়৷’

    সেইবোৰ শুনিয়ে কিজানি আকৌ মটৰ চলাৰ লগে লগে মেগানে লাইফ জেকেটটোৰ ৰছীকেইডাল টানকৈ মাৰি ল’লে। এখন হাতেৰে তাই তুলিকাকো খামোচ মাৰি ধৰি ল’লে। তুলিকাৰ মৰম লাগি গ’ল সেই কিশোৰীজনীলৈ।

    আধাঘণ্টামানৰ পিছতে নাওখন এটা সৰু শিলাময় দ্বীপৰ পাৰত ৰ’লগৈ। দ্বীপটো ইমানেই সৰু যে ইপাৰ-সিপাৰ সহজেই মনিব পাৰি। চাৰিওফালে লখ আৰ্ণৰ নীলা ঢৌয়ে খুন্দিয়াই থকা এটি মানৱ-বৰ্জিত দ্বীপ। ওখ গছ-গছনি একো নাই। শিলৰ মাজে মাজে ঘাঁহ আৰু চাপৰ জোপোহা কিছুমান। সেই জোপোহাবোৰ ভৰি ভৰি এবিধ বনৰীয়া হালধীয়া ফুল ফুলিছে৷ দ্বীপটোৰ পাৰত ভৰি দিয়াৰ লগে লগে সকলোকে যেন ফুলৰ সুগন্ধিয়ে আদৰি নিলে। ইতিমধ্যে সিহঁতৰ নাওখন অহাৰ ভূ পাই গাল চৰাইবোৰৰ মাজতো হৈ-চৈ আৰম্ভ হ’ল। ‘কাও কাও’ মাতেৰে ইফালৰ পৰা সিফাললৈ উৰি সিহঁতে সাম্ভাব্য বিপদৰ আগজাননী দিলে।

    সকলো নমাৰ পিছত মাৰ্কে সাৱধানে নাওখন বান্ধিলে। তাৰপিছত পাৰতে বহি লৈ বেকপেকৰ পৰা প্লাষ্টিকৰ বেগ কিছুমান উলিয়ালে। দলটো কাষ চাপি আহিল।

    ‘আমি মুঠ সাতজন আছোঁ। এই জিপ-লক বেগবোৰত এশটাকৈ পাষ্টা আছে। প্ৰত্যেকেই দুটাকৈ বেগ ল’ব পাৰা।’

    লিছা, টম, ফিয়না আৰু ডেৰেনে অভ্যস্তভাৱে দুটাকৈ বেগ পকেটত ভৰাই ল’লে৷ তুলিকা আৰু মেগান দুয়ো বেগবোৰ হাতত লৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ’ল। প্ৰতিবছৰে চলি অহা এই গাল জৰীপত তুলিকা আৰু মেগানৰ এয়া প্ৰথম অভিজ্ঞতা। মাৰ্ক দুয়োৰে কাষ চাপি আহিল। চৰাইজাকলৈ আঙুলীয়াই ক’লে,

    ‘সেইবোৰ গাল চৰাইৰ জাক। আচল নাম ব্লেক-হেডেড গাল, মানে ক’লা-মূৰীয়া গাল চৰাই। নামটোৰ দৰেই প্ৰজননৰ সময়ত সিহঁতৰ বগা পাখিৰ আগটো আৰু মূৰটো ক’লা হৈ পৰে। সিহঁতৰ বেছিভাগেই পৰিভ্ৰমী। গৰম দিনত লখ আৰ্ণৰ এই নিজান দ্বীপটোলৈ জাকে জাকে গাল চৰাই আহি বাহ সাজেহি। সেয়ে প্ৰতিবছৰে আমি জৰীপ কৰোঁহি। বুজিছানে?’

    তুলিকাৰ লগতে মেগানেও মূৰ দুপিয়ালে। বাকীবোৰৰ লগতে সিহঁতেও এইবাৰ জেকেটৰ হুডীৰে মূৰবোৰ ঢাকি ল’লে। নহ’লে গাল চৰাইৰ বিষ্ঠা মুখতে পৰাৰ ভয়। মাৰ্কে আকৌ ক’লে,

    ‘আমাৰ কাম হ’ল এই কণমাণি দ্বীপটোত কিমান গালৰ বাহ আছে আৰু বাহত কিমান কণী বা পোৱালী আছে সেয়া উলিওৱা। দ্বীপটো সৰু হ’লেও থোপা পাতি গালবোৰে বাহ সাজে৷ আজি আমি ঠিক জৰীপ বা ছাৰ্ভে নহয় পিয়লহে কৰিম। অৰ্থাৎ মাথোঁ নমুনা নলৈ গোটেইবোৰ বাহ হিচাপ কৰিবলৈ চেষ্টা কৰিম। তাকে কৰিবলৈ গোটেই কেইজন এটা শাৰীত গৈ দ্বীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ সামৰিব লাগিব। তেনেকৈয়ে এফালৰ পৰা বাহবোৰ হিচাপ কৰি কৰি খোজ দিম।’

    ‘আৰু এই পাষ্টাবোৰ?’ তুলিকাই সুধিলে।

    এইবাৰ ডেৰেনে ক’লে, ‘সেয়া মাৰ্কে উলিওৱা পদ্ধতি। আমি গোটেইবোৰে একে শাৰীতে খোজ দিওঁতে থেপাথেপিকৈ থকা চৰাইৰ বাহৰ হিচাপত ভুল হ’ব পাৰে। যেন ধৰা, তুমি হিচাপত লোৱা বাহ এটা তোমাৰ অলপ আঁতৰে আঁতৰে গৈ থাকি ময়ো হিচাপত ল’ব পাৰোঁ। বা কোনোবাটো বাহ কাৰো হিচাপতে নুঠিব পাৰে। সেইবোৰ খেলিমেলি আঁতৰাবলৈকে আমি হিচাপ কৰা প্ৰতিটো বাহত পাষ্টা একোটা দি যাওঁ। হালধীয়া পাষ্টাটো বাহত দেখিলে প্ৰত্যেকেই গম পায় সেয়া ইতিমধ্যেই হিচাপত ধৰা হৈছে৷ এটা বেগ শেষ হ’ল মানে এশটা বাহৰো হিচাপ হ’ল। তাতে পাষ্টাবোৰ অনিষ্টকাৰীও নহয় কাৰণে ইয়াতে এৰিও যাব পাৰোঁ৷’

    মেগানে ৰস পাই খিলখিলাই হাঁহিলে। ক’লে, ‘বঢ়িয়া উপায় উলিয়ালে দেই! মাৰ্ক, আপোনাৰ লগে লগে মই যাব পাৰিমনে?’

    দলৰ বাকীবোৰৰ দৰেই মেগানৰ দুচকুতো মাৰ্ক যেন এক আদৰ্শ হৈ ধৰা দিছে! প্ৰকৃতিৰ বিষয়ে মাৰ্কৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভাগ পোৱাৰ বাবে তায়ো আগ্ৰহী হৈ পৰিছে, এনে লাগিল তুলিকাৰ।

    কথামতেই সকলোৱে দ্বীপটোৰ উত্তৰ পাৰে কিছু দূৰে দূৰে কিন্তু একেটা শাৰীতে থিয় দিলেগৈ। মাৰ্কৰ কাষত মেগান, তাৰপিছত ডেৰেন, ফিয়না, তুলিকা, টম আৰু লিছা। গালবোৰে তেতিয়াও অস্থিৰ হৈ চিঞৰ-বাখৰ কৰিব লাগিছে৷ মাক-দেউতাকক দেখি পোৱালিবোৰো আতংকিত হৈ উঠিছে৷ মাৰ্কে ইংগিত দিয়াৰ লগে লগে সকলোৱে লাহে লাহে দক্ষিণলৈ খোজ দিবলৈ আৰম্ভ কৰিলে৷ য’তেই বাহ দেখা পালে তাতেই একোটাকৈ পাষ্টা দি গ’ল। লগতে সকলো খুউব সাৱধান হ’ল যাতে ভুলতে বাহত ভৰি নপৰে। তুলিকাৰ দুচকু স্থিৰ হৈ ৰ’ল ভৰিৰ প্ৰতিটো খোজত। ঘাঁহ আৰু জোপোহাৰ মাজে মাজে ইমানবোৰ বাহ! অ’ৰ-ত’ৰ পৰা শুকান বন কঢ়িয়াই আনি মাটিতে সজা কণমানি বাহবোৰ। প্ৰায়বোৰতে দুটা বা তিনিটাকৈ মটিয়া ফুটুকীয়া কণী। বহুতো বাহত ইতিমধ্যে কণী ফুটি পোৱালী জাগিছে। কি হৈছে ধৰিব নোৱাৰি পোৱালীবোৰেও আটাহ পাৰি চিঞৰিছে।

    এঠাইত তুলিকাৰ খোজৰ গতি হঠাৎ ৰৈ গ’ল। এটা বাহত তিনিটা কণীৰ মাজৰটো চোন লৰচৰ কৰি উঠিছে। সেই গতি ইমানেই সুক্ষ্ম যে তাই খুপি খুপি চাই নোযোৱা হ’লে চকুতেই নপৰিলহেঁতেন। তাইৰ চকুৰ সন্মুখতে কণীটোত কণ্‌মানকৈ ফাট মেলিছে৷ ভিতৰৰ পৰা এটা নিমজ সৰু মাত ভাঁহি আহিছে৷ লাহে লাহে ফাটটো ডাঙৰ হৈছে৷ এটা সময়ত চেকুৰাখন খহি পৰিছে আৰু সিক্ত কণমান পাখিৰে সৈতে ওলাই আহিছে এটা অকণমানি গাল! পোৱালিটোৱে মেলোঁ নেমেলোঁকৈ থকা দুচকুৰে মাক-দেউতাকক বিচাৰি টি টি কৈ মাতিছে৷ কি অপূৰ্ব মুহূৰ্ত! তাই অভিভূত হৈ পৰিল৷ পৃথিৱীত শত-সহস্ৰৰ অলক্ষিতে এইমাত্ৰ এটা কণমান জীৱন আৰম্ভ হৈছে৷ এতিয়াৰ পৰা প্ৰতিটো মুহূৰ্ত এই গাল চৰাইটোৱে যুঁজিব জীৱন আৰু মৰণৰ সৈতে৷ প্ৰতিদিনে জোখৰ আহাৰ খাব লাগিব, কত চিকাৰী দাঁতৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব! প্ৰতিদিনৰ অহৰহ সংগ্ৰাম লৈও যে সিহঁতৰ জীয়াই থকাৰ ইমান হাবিয়াস!




    ‘তুলিকা! ৰৈ নিদিবা। আমাৰ লগতে আহি থকা।’ টমে কিছু দূৰৈৰ পৰা ৰিঙিয়ালে। আহ্‌, সিহঁতৰ দলটো যথেষ্ট আগবাঢ়িছে।

    সেই কণমানি গাল পোৱালিটোক মনেৰেই শুভেচ্ছা এটা দি এইবাৰ তুলিকা আকৌ আগবাঢ়িল। প্ৰতিটো খোজ আগতকৈও সাৱধানে দি। দ্বীপটোৰ দক্ষিণ মূৰ পায়গৈ মানে তাইৰ হাতৰ দুশটা পাষ্টাৰ কেইটামানহে বাকী ৰ’লগৈ। বাকীবোৰৰ সৈতে তায়ো ৰৈ যোৱা পাষ্টাৰ হিচাপ দিলে মাৰ্কক। মাৰ্কে গোটেইবোৰ নোটবুকত টোকা কৰি গ’ল।

    ইতিমধ্যে বেলি লহিয়ালে। পিয়ল সামৰি পাৰতে গোটেইবোৰে বহি লৈ ছেণ্ডুইছত কামোৰ মাৰিলে। টমে প্ৰকাণ্ড থাৰ্ম’ফ্লাস্কটো আগবঢ়াই দি সকলোকে ক’লে, ‘কাঢ়া কফি। একেবাৰে মাৰ্কে যেনেকৈ ভাল পায় তেনেকৈ কৰি আনিছোঁ। ল’বা দেই!’

    ‘সেইটোৰে দৰকাৰ হৈ আছিল! দিয়া দিয়া।’ মাৰ্কে তেওঁৰ মাগটো উলিয়ালে। মেগানে নিজৰ কফিকাপত এচুমুক দিয়ে ফিচকাৰি ওলোৱাদি মুখেৰে উলিয়াই দিলে!

    ‘ছ’ৰী, বহুত তিতা!’ তাই মুখখন বিকটাই ক’লে।

    গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। ফিয়নাই ক’লে,

    ‘দেখিলানে মাৰ্ক! তোমাৰ জহতে আমি গোটেইবোৰ কেনেকৈ কেফেইন আসক্ত হৈ পৰিছোঁ। একেবাৰে ক’লা ডাঠকৈ কৰিলে এতিয়া আমাৰ কাৰণে কফিয়ে কাম কৰে।’

    ‘কি কৰিবা! পি এইচ ডি সময়ৰ বেয়া অভ্যাস ৰৈ গ’ল আৰু!’

    মাৰ্কে এইবাৰ কিছু দোষী ভাৱেৰে মেগানলৈ বেলেগকৈ একাপ কফি কৰিলে। নিজৰ ফ্লাস্কৰ গৰম পানী আৰু টমৰ কাঢ়া কফি মিহলাই কেফেইন কমোৱাৰ চেষ্টা কৰি। মেগানে সেয়া হাতত লৈ ক’লে, ‘থেংক ইউ, মাৰ্ক।’

    অন্য কোনেও সেই কফি নিবিচাৰিলে। মাৰ্কেও জানে, সকলোৱে কেৱল জোকাবলৈকে তেনেকৈ কথা শুনায়। নাইবা, আজি বছৰ বছৰ ধৰি মাৰ্কৰ পছন্দৰ কফি খাই খাই দলটোৰ সকলোৱে সঁচাকৈ কেফেইন আসক্ত!

    সেই সন্ধিয়া নেচাৰৰ দলটো লিছা আৰু ডেনিয়েলৰ বায়াৰত লগ হ’ল। এইটো হেনো প্ৰতিবছৰে গাল চৰাইৰ পিয়লৰ লগতে চলি অহা পৰম্পৰা। লিছা আৰু ডেনিয়েলে ঘৰৰ কাষতে আটোমটোকাৰীকৈ সজা পাবটোৰ সেই একেই উমাল আবহাৱা- ঘুৰণীয়া টেবুলখনৰ চাৰিওকাষে আৰামী চকী, দেৱালত নীলা লাইটৰ লানি, একাষে তুলিকাই দিয়া জাপি। একোণত নিচা পৰীক্ষক চকীখন দেখি তুলিকাৰ ঘপকৈ লুক আৰু আছমালৈকো মনত পৰি গ’ল। সেই নিশাটোৰ দৰেই আজিও সকলোৰে হাতে হাতে ডেনিয়েলে ঘৰতে কৰা বীয়েৰৰ পাইণ্ট, স্পীকাৰত আইৰিছ লোকগীত। তুলিকায়ো ডেনিয়েলে বাকি দিয়া পেইল এল বীয়েৰ লৈ একাষে বহিলগৈ। কাষতে থকা লিছাক সুধিলে,

    ‘সকলোকে দেখিছোঁ- কিন্তু মাৰ্ক নাই যে?’

    ‘মাৰ্কে এইমাত্ৰ ফোন কৰিছিল। ঘৰৰ কিবা কাম ওলাল-সেয়ে আজি মিলাব নোৱাৰিব বুলি ক’লে।’

    কৈয়ে লিছা আঁতৰি গ’ল ডেনিয়েলক পাকঘৰৰ পৰা খাদ্য অনাত সহায় কৰিবলৈ। তুলিকাৰ কাষতে বহা ফিয়নাই লাহেকৈ কাষ চাপি ক’লে,

    ‘তুমি গম নোপোৱা কিজানি, তুলিকা! মাৰ্ক আৰু আন্যাৰ হয়তো ডিভৰ্চ হ’ব!’

    তুলিকা চক খাই উঠিল, ‘কি কোৱা!’

    ফিয়নাই কৈ গ’লে কেনেকৈ সেই কথাবোৰ অহুকাণে পহুকাণে ওলাইছে। মাৰ্ক আৰু আন্যাৰ সম্পৰ্কত হেনো ফাঁট মেলিছে। নেচাৰৰ কোনেও মুকলিকৈ সোধা নাই কিন্তু সকলোৱে গম পাইছে মাৰ্কৰ ব্যক্তিগত জীৱনত এজাক ধুমুহা চলি আছে। তুলিকাৰ বুকুখন বিষাই উঠিল মাৰ্কৰ বাবে। সেই শান্ত-সৌম্য মুখখনে সহি-সামৰি ৰখা যন্ত্ৰণাবোৰৰ বাবে।

    এনেতে ডেৰেনে আইপেডৰ স্ক্ৰীণখন সকলোৱে দেখাকৈ দাঙি ধৰিছে। স্পীকাৰত ভাঁহি আহিছে সদ্যঘোষিত প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনৰ মাত। ব্ৰেক্সিট কেম্পেইনৰ নেতা ব’ৰিছে কৈছে, ৩১ অক্টোবৰৰ ভিতৰত ইউৰিপীয়ান ইউনিয়ন ত্যাগ কৰিবই- সন্ধি বা চুক্তি হওক বা নহওক।

    শুনিয়ে সকলোৰে চকুৱ মুখে উৎকণ্ঠা আৰু কিছু বিতৃষ্ণা দেখা দিছে।

    ‘চাবা, ব্ৰিটেইনৰ ট্ৰাম্পে কি কৰিবগৈ এইবাৰ!’ টমে ক’লে। লগে লগে ফিয়নাই উত্তৰ দিলে,

    ‘নাই নাই বৰিছ জনছনক ট্ৰাম্পৰ লগত তুলনা কৰিলেও এইজনতো ট্ৰাম্পৰ দৰে নিৰ্বোধ নহয়৷ অক্সফৰ্ড গ্ৰেজুয়েট৷ ডেভিদ কেমেৰুনৰ লগত পঢ়াৰ দিনতে হেনো দুয়োজনে এসময়ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী হোৱাৰ সপোন দেখিছিল৷ কিন্তু কেমেৰুনে তেওঁক চেৰাই গৈ প্ৰথমে প্ৰধানমন্ত্ৰী হ’লগৈ। বহুতে কয়, ব্ৰেক্সিট কেম্পেইনৰো আঁৰত তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাসনাই লুকাই আছিল৷ কেমেৰুনক আঁতৰোৱাৰ যিকোনো বাট ল’বলৈকে তেওঁ সাজু আছিল। এতিয়া সেই হেঁপাহ পূৰ হোৱাৰ স্ফূৰ্তি চোৱা!’

    এইবাৰ ব’ৰিছ জনছনৰ এটা ইন্টাৰভিউ আৰম্ভ হ’ল৷ সকলোৱে হাতে হাতে বীয়েৰ লৈ আইপেডটোৰ চাৰিওফালে থিয় দিলেগৈ। সাংবাদিকৰ এটা সাধাৰণ প্ৰশ্ন - আজৰি পৰত কি কৰি ভাল পায়? তাৰে উত্তৰ দিবলৈ গৈ ব’ৰিছে দীঘলীয়া অৱতাৰণা জুৰিছে- মই আজৰি পৰত বাছৰ পুতলা সাজি ৰং কৰি ভাল পাওঁ। সেই পুতলা বাছৰ প্ৰতিটো অংশ কেনেকৈ যোৱা দিয়ে, কেনেকৈ কি ৰং দিয়ে তাৰ বিস্তৃত বিৱৰণ দিছে ব’ৰিছে৷ সাংবাদিক গৰাকীয়ে অন্য প্ৰশ্নলৈ যাব খোজা দেখিও আওকান কৰি ব’ৰিছে নিজৰ বাছৰ আকাৰ, ৰং আদি বৰ্ণোৱাত ব্যতিব্যস্ত হৈ পৰিছে।

    ‘আঁ! কি যে সাংঘাতিক চলনা!’ বিৰক্তিৰে আইপেডটো বন্ধ কৰি ডেৰেনে ক’লে।

    ‘মানে?’ তুলিকাৰ যেন এতিয়াও জানিবলৈ বহুত বাকী- এই দেশৰ ৰাজনীতি আৰু সংকটকালৰ বুজ ল’বলৈ বাকী!

    ‘মানে আৰু কি! ব’ৰিছৰ এইবোৰ সকলো চলনা! এনেয়ে বাৰেবিংকৰা কথা কৈ থকা নাই বুজিছা। মই ডাঠি ক’ব পাৰোঁ, ব’ৰিছে ভাৱি-চিন্তিয়ে এইবোৰ কথা কৈছে। যাতে গুগুলত মানুহে ব’ৰিছ জনছনৰ বাছ বুলি বিচাৰিলে তেওঁ ব্ৰেক্সিটৰ বাবে মিছাৰ আশ্ৰয় লৈ বৰ বৰ হৰফেৰে লিখা থকা বাছখন নোলাই এই ভি ডি অ’টো ওলায়৷’

    ‘টুং টুং টুং…’

    বীয়েৰৰ গ্লাছত চামুচৰ ঘৰ্ষণৰ শব্দত সকলোৰে কথা-বতৰা ৰৈ গ’ল। ডেনিয়েলে বায়াৰৰ ওখ কাউণ্টাৰতে আঁউজি সভাৰ বক্তাৰ দৰে থিয় দিছে। সকলোৱে চোৱাত সি লাহেকৈ লিছাক কঁকালত ধৰি কাষ চপাই আনিলে। তাৰপিছত হাঁহি হাঁহি ক’লে,

    ‘ব্ৰেক্টিট মানেইতো জীৱন ৰৈ নাযায়, নহয় জানো? আজি তোমালোকক ক’বলৈ আমাৰ জীৱনৰ এটা বিশেষ খৱৰ আছে!’ সি লিছালৈ চালে। লিছাৰ দুচকুত সুখ আৰু সপোনৰ চিকমিকনি। এইবাৰ তাই ক’লে,

    ‘আমাৰ বিয়াৰ দিন ঠিক হৈছে!’

    লগে লগেই বায়াৰত কেইবাটাও সুহুৰি বাজি উঠিল। মুহূৰ্ততে পৰিৱেশটো সলনি হৈ পৰিল।

    ‘ইমান ভাল খৱৰ! অভিনন্দন লিছা! অভিনন্দন ডেনিয়েল।’

    উথপথপকৈ সকলোৱে শুভেচ্ছা জনালে। ইজনৰ পিছত সিজন গৈ লিছা আৰু ডেনিয়েলক সাৱটি ধৰিলেগৈ।

    ‘ডিচেম্বৰৰ বিছ তাৰিখ। বৰদিনৰ আগে আগে বিয়া। সকলোৱে তাৰিখটো এতিয়াই কেলেণ্ডাৰত লিখি ৰাখিবা দেই!’ ডেনিয়েলে ক’লে।

    ‘ক্লাছিক খ্ৰীষ্টমাছ বিয়া! মজা লাগিব।’ ফিয়নাই জপিয়াই উঠিব খুজিলে! ‘তোমালোকৰ কেথ’লিক-প্ৰটেষ্টাণ্ট পৰিয়ালৰ মাজত বিয়াৰ ঠাই কেনেকৈ ঠিক কৰিলা?’

    ‘জানা নহয়, সেইটো কথাই ইমান দিন খেলিমেলি লগাই আছিল! কেথ’লিক গীৰ্জাত পাতিলে ডেনিয়েলৰ প্ৰটে’ষ্টাণ্ট পৰিয়াল নাহে আৰু প্ৰ’টেষ্টাণ্ট গীৰ্জাৰ বিয়ালৈ মোৰ কেথ’লিক পৰিয়াল নাযায়। সিদিনা চ’নেই বায়াৰত বীয়েৰৰ সোৱাদ লৈ থাকোঁতে ক’লে, আমিচোন গীৰ্জাৰ সলনি এই বায়াৰতে বিয়াখন পাতিব পাৰোঁ! আহল-বহল চোতালতে গোটেইবোৰ মানুহ বহাৰো ব্যৱস্থা কৰিব পাৰোঁ- বচ ওলায় গ’ল উপায়!’ লিছাই ককায়েক চ’নলৈ দেখুৱাই ক’লে। ফিয়নাই একেকোবে গৈ তাক সাৱট ধৰিলেগৈ, ‘তোমাৰ আইডিয়া সাংঘাতিক!’ চ’নে মৰমেৰে তাইৰ ওঁঠজুৰিত চুমা এটা আঁকি দিলে।

    সিদিনা বায়াৰত পুৱতি নিশালৈকে নাচ-গান-বীয়েৰ চলিল। লিছা আৰু ডেনিয়েলৰ বিয়াখনকলৈ নানা জল্পনা-কল্পনা চলিল। পিছদিনা পুৱাও অফিচত সেইটোৱে আলোচনাৰ মূল বিষয় হৈ ৰ’ল। মাৰ্ক আগবেলা মিটিঙত ব্যস্ত আছিল। তেওঁ বৰ্ডৰুমৰ পৰা ওলোৱাৰ লগে লগে ফিয়নাই মাত দিলে,

    ‘ভাল খৱৰটো পালানে মাৰ্ক?’

    ‘কি খৱৰ? মাৰ্কৰ কোঁচখোৱা কপালৰ গাঁঠি কিছু মুকলি হ’ল।

    ‘তুমিয়ে কোৱা লিছা৷ তোমাৰ মুখৰ পৰাহে পাব লাগে।’ মাৰ্কে এইবাৰ লিছালৈ চালে।

    ‘আমাৰ বিয়াৰ তাৰিখ ঠিক হৈছে, মাৰ্ক। ডিচেম্বৰৰ বিছ তাৰিখে।’ লিছাৰ দুচকুত তেতিয়াও একেই জিকমিকনি।

    মাৰ্কে আন্তৰিকতাৰে অভিনন্দন জনালেহি৷ লিছাক তেওঁ আজি বাৰ বছৰ ধৰি পাই আহিছে৷ স্কুলত পঢ়ি থকাৰ সময়ৰ পৰাই তাই নেচাৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল। এটা সময়ত মাৰ্কৰ উপদেশ মতেই নেচাৰত চাকৰিৰ আবেদন কৰি আজি ৱাৰ্ডেন হৈছেহি। এই লিছা তেওঁৰ আপোন পৰিয়ালৰ দৰেই।

    খা-খৱৰ লৈ নিজৰ ডেস্কত বহি মাৰ্কে মনতে ঠিক কৰিলে, আজি নকয় তেওঁ। অতদিনৰ খেলিমেলিৰ পিছত লিছা আৰু ডেনিয়েলৰ বিয়াৰ দিন ঠিক হৈছে। আজিৰ দিনটো সিহঁতৰ দিন -মনৰ হেঁপাহেৰে এই সময়খিনি সিহঁতে উপভোগ কৰক। আজিৰ দিনটোত অন্তত: ক’ব নোৱাৰে আপোন পৰিয়াল যেন হৈ পৰা নেচাৰৰ এই দলটোলৈ এজাক কালধুমুহা অহাৰ বাতৰি তেওঁ পাইছে। সেই ধুমুহাত সকলো তছ নছ হৈ যোৱাৰ ভয়ে তেওঁক বেঁৰা মাৰি ধৰিছে। নেচাৰৰ ভাৱিষ্যত যেন অনিশ্চয়তাৰ গৰাহত ডুব গৈছে। সেই উৎকণ্ঠাই সিদিনা ৰাতি মাৰ্কক চকুৰ টিপকে মাৰিবলৈ নিদিলে।


    পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • Sunday, 4 February 2024

    ফাৰমানা (ষষ্ঠদশ খণ্ড)

    আজি এসপ্তাহ হৈ গ’ল। বিদ্যুতৰ মিছড কলে তুলিকাৰ বৰ্তমানৰ পৃথিৱীৰ ছন্দত জোঁট-পোঁট লগাই দিয়াৰ। প্ৰতিদিনেই তাই আয়াৰলেণ্ড চৰকাৰৰ পৰিৱেশ সাপেক্ষ কৃষি আঁচনিৰ কামত দৌৰি ফুৰিছে। পথাৰবোৰ জৰীপ কৰিছে, খেতিয়কৰ ঘৰে ঘৰে গৈ আঁচনিৰ কথা বুজাইছে, পৰিকল্পনাত কি কি সোমাব আলোচনা কৰিছে। মুঠতে মাৰ্কে আগতে সকীয়াই থোৱাৰ দৰেই এই সপ্তাহটোত তাইৰ বাবে সময় পাখি লগা ঘোঁৰা হৈ পৰিছে। তথাপিও--- তথাপিও সুৰুঙা পালেই তাইৰ দুচকুত বিদ্যুতৰ মুখখন বাৰে বাৰে ভাঁহি উঠিছে, ঘনে ঘনে মন উৰা মাৰিছে অতীতৰ বুকুলৈ। যেন অতীত-বৰ্তমান একাকাৰ হৈ পৰিছে। যেন কুণ্ডলী পকাই পকাই সময় ৰৈ গৈছে একেটা বিন্দুতে।

    ‘কেনেকৈ?’ মিচেলৰ প্ৰশ্নটোৰ উত্তৰ লগে লগে দিব নোৱাৰিলে তুলিকাই।

    বিদ্যুতৰ সলনি তাইৰ মনত ভাঁহি উঠিল দেউতাকৰ ছৱিখন। তাই চোফাখনতে লৰচৰ কৰি উঠিল। বাওঁভৰিৰ ওপৰত সোঁভৰিখন উঠাই অলপ একতীয়াকৈ বহিল। দুবাহুও যেন ভৰি দুখনৰ দৰেই চাপি-কুঁচি আহিব খুজিলে। কেৰেলুৱা এডালৰ দৰে তাইৰ শৰীৰটো মেৰ খাই গোল হৈ পৰিব বিচাৰিলে। পূৰ্ণ দৃষ্টিৰে তাইলৈ চাই ৰ’ল থেৰাপিষ্ট মিচেলে। যেন সদায়ৰ দৰে তাইৰ আত্মাৰ অতল গভীৰতালৈ জুমি চাই জানিব খুজিলে বহু নিভৃত কথা। শব্দৰ মাপকাঠিৰে বুজাব নোৱাৰা অনুভৱৰ ভাষা।

    তুলিকাই তেওঁক লৈ গ’ল শৈশৱৰ শিৱসাগৰলৈ। চেঁচুকীয়া পিছচোতালৰ ভেকুলীৰ টোৰটোৰণি, জিলিৰ মাতে সেমেকাই থোৱা ৰাতিবোৰলৈ। বহু যুগ পাৰ হৈ গৈছে- অথচ এতিয়াও যেন ৰিং এটা মাৰিলেই পঞ্চইন্দ্ৰিয়ত ধৰা দিয়েহি সেই দৃশ্য, গোন্ধ আৰু শব্দ। মাজৰাতি ধলং পলংকৈ আহি পিছদুৱাৰত ধমধমোৱা দেউতাকৰ মুখত মদৰ গোন্ধ, কাষৰ কোঠাৰ পৰা ভাঁহি অহা মাকৰ চেপা কান্ধোনৰ শব্দ, পিছদিনা পুৱাই মাকে মুখত সানি লোৱা ডাঠ প্ৰসাধনৰ দৃশ্য! তেনে ৰাতিবোৰৰ শেষত সদায়ে যেন এক বৈপৰীত্যই সিহঁতক আদৰিবলৈ ৰৈ থাকে। মদৰ নিচা ফটা দেউতাক হৈ পৰে মৰম আৰু আদৰৰ এক জীৱন্ত প্ৰতিমূৰ্ত্তি। দিনৰ দিনটো দেউতাকে আতৌ-পিতৌকৈ মাকৰ সকলো কামতে হাত বাটি দিয়ে। তুলিকা আৰু ভায়েক হীৰু সৈতে খেলাঘৰত উমলে। আবেলি বজাৰলৈ গৈ পাটি চাইকেলৰ আগত ওলমাই আনে- মাকলৈ এখন বুটা-বছা চাদৰ, তুলিকা আৰু হীৰুলৈ খেলনা আৰু ভজা বাদাম। মাক যেন পলকতে ভোল যায়- সন্ধিয়া গুণগুণাই গুণগুণাই পাকঘৰত তিল দিয়া মূৰ্গীৰ মাংস ৰান্ধে। দেউতাকে কাষতে বহি লৈ কথা আৰু হাঁহিৰ পাগ তোলে।

    কিন্তু তুলিকা আৰু হীৰুৰ বাবে কথাবোৰ যেন ইমান সহজ নাছিল। সহজ নাছিল মাজৰাতিৰ দু:স্বপ্নবোৰ পাহৰি দুপৰৰ ৰ’দজাকৰ উম লোৱা। প্ৰসাধনৰ ডাঠ প্ৰলেপে ঢাকি ৰখা মাকৰ শৰীৰৰ দাগবোৰ আৰু মনৰ বেদনাবোৰ দেখিও নেদেখা হোৱা। বুজা হোৱাৰে পৰা সেই ছৱিখনৰ দুয়োটা ফালেই যেন সিহঁতৰ বৰ চিনাকি হৈ গৈছিল। দুয়ো খুউব ভালদৰে জানিছিল, যেনেকৈ আহে তেনেকৈয়ে সেই ক্ষন্তেকীয়া সুখৰ ঢৌ কেনিবা হেৰাই যাব। এসপ্তাহ-দহদিনৰ পিছতে তাৰ ঠাই ল’ব মাতাল দেউতাকৰ উপদ্ৰৱ আৰু মাকৰ চেপা কান্ধোনে। দিনৰ পিছত দিন, মাহৰ পিছত মাহ চলি থকা এই আৱৰ্ত্তনে ভাল সময়ৰ প্ৰতিও দুয়োকে সন্দিহান কৰি তুলিছিল কিজানি!

    ‘মাৰ সৈতে এই কথাবোৰ কেতিয়াবা পাতিছিলানে?’

    ‘পাতিছিলোঁ। বেলেগ বেলেগ সময়ত সুযোগ পালে দুই এবাৰ উলিয়াইছিলোঁ। প্ৰতিবাৰেই মাই কয়, দেউতাৰ অন্তৰখন বৰ কোমল। মদেহে মানুহজনক তেনেকুৱা কৰি পেলায়।’

    তুলিকাৰ ভাৱ হৈছিল যেন দেউতাকৰ দৰেই মাকো নিচাসক্ত হৈ পৰিছিল। সুখ আৰু যন্ত্ৰণাৰ সেই অবিৰাম পাকচক্ৰৰ মায়াত বন্দী হৈ পৰিছিল। জীৱনত তাৰ বিকল্প কিবা থাকিব পাৰে বুলি যেন ভাৱিবই নোৱাৰা হৈ গৈছিল। হয়তো পৰিস্থিতিয়ে বাধ্য কৰিছিল, হয়তো সাংসাৰিক দায়বদ্ধতাই মাকৰ বাবে অন্য কোনো বাট খুলি ৰখা নাছিল। তেতিয়াও, এতিয়াও!

    ‘তুলিকা, বিদ্যুতৰ লগতো তোমাৰ এনে হৈছিল নেকি?’ মিচেলে পুনৰ সুধিলে। লগে লগে যেন তুলিকা সচকিত হৈ উঠিল, ‘নাই নাই, বিদ্যুতে কেতিয়াও মোৰ গাত হাত উঠোৱা নাই। সি তেনে হ’বই নোৱাৰে!’

    পিছে এখন্তেক ৰৈ তাই অলপ সংকোচেৰে কৈ পেলালে, ‘ঠিক একে নহয়। কিন্তু সেই অনুভৱটোৰ যেন কিবা এটা মিল!’

    ‘কি অনুভৱ?’

    ‘এই যে সুখৰ মুহূৰ্তবোৰৰ ওপৰত থকা সন্দেহটো। ভাল লগা সময়বোৰৰ আঁৰতে যন্ত্ৰণা লুকাই পৰ দি থকাৰ অনুভৱটো যেন একেই থাকিল! বৰ অস্বস্তিকৰ সেই উৎকণ্ঠা। কণীৰ খোলাৰ ওপৰত অহৰহ খোজ দি থকা মানুহৰ মনৰ সেই ভয়টো। কেতিয়া ভৰিৰ তলৰ মাটিকণত ফাঁট মেলে যেন ঠিক নাই। গোটেই জীৱন যেন মই তেনেকৈয়ে ভয়ে ভয়ে খোজ দি আছোঁ!’

    ‘ভালকৈ কোৱাচোন। বিয়াৰ পিছৰে পৰা এনে অনুভৱ হৈছিল তোমাৰ?’

    ‘নহয়। বিয়াৰ পিছৰ প্ৰথম ছমাহ একোৱে স্পৰ্শ কৰিব নোৱাৰাকৈ উটি-ভাঁহি আছিলোঁ যেন। লণ্ডনৰ নতুন জীৱন, বিদ্যুতৰ সৈতে সংসাৰ সকলো মিলি এটা ধুনীয়া সপোন দেখি থকাৰ দৰে ভাৱ হৈছিল। ইমান মৰম, ইমান আদৰ- যেন থ’বলৈকে ঠাই নোহোৱা হৈছিল।’

    ‘তেনে কথাবোৰ কেতিয়াৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰিলে?’ মিচেলে সুধিলে।

    তুলিকাই অলপকৈ হাঁহিলে। সাধাৰণতে মিচেলৰ প্ৰায়বোৰ প্ৰশ্নৰে উত্তৰ বিচাৰি তাই হাবাথুৰি খায়। হয়তো জীৱনৰ বাটত দৌৰি থাকোঁতে থাকোঁতে কেতিয়াও থমকি ৰৈ নিজলৈ চাই পোৱা নাই। এই প্ৰশ্নবোৰ কেতিয়াও নিজকে সুধি পোৱা নাই। কিন্তু এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ তাই অকণো ভাৱিব লগা নহ’ল। দিনৰ পোহৰৰ দৰে ফটফটীয়াকৈ তাইৰ সেই মুহূৰ্তটো মনত আছে। সেইদিনা শনিবাৰ আছিল। বিদ্যুতৰ অফিচ নাই। পুৱাতে সিহঁত চেণ্ট্ৰেল লণ্ডনলৈ ওলাই আহিছিল। টেম্‌ছ নদীৰ পাৰতে লণ্ডন আই আৰু সিপাৰৰ আকাশচুম্বী অট্টালিকাবোৰ চাই চাই সিহঁত কেফে নিৰ’ত বহিছিল। বিদ্যুতৰ প্ৰিয় কেফে। বগা প’ল’ চাৰ্ট আৰু ক’লা ফ’ লেডাৰ জেকেটটোৰে তাক কি যে সাংঘাতিক ধুনীয়া দেখাইছিল! অন্যদিনাৰ দৰেই সেই পুৱাও তুলিকা কিজানি ধুনীয়া সপোনটোৰ মাজতে ডুবি আছিল।



    ‘হুৱাট দ্য হ্যেল!’ বিদ্যুতৰ চিৎকাৰে তাইক হঠাৎ চক খুৱাই দিলে।

    ‘ছ’ৰী। আই এম ছ’ ছ’ৰী!’ কমলা এপ্ৰ’ন পিন্ধা ৱেইটাৰজনে লগে লগে কৈ উঠিল। কণ কণকৈ দাড়ি ওলাবলৈ আৰম্ভ কৰা সেই কোমলমতীয়া মুখত তীব্ৰ অপৰাধবোধ। বিদ্যুতৰ জেকেটৰ পৰা কফিৰ ছিটিকনি ইতিমধ্যে বগা চাৰ্টৰ বুটাম পাইছেগৈ।

    বিদ্যুৎ চকীৰ পৰা জাপ মাৰি উঠিল। তাৰ মুখখনত যেন দেহৰ সমস্ত তেজ গোট খালেহি। ৱেইটাৰ গৰাকীয়ে আগবঢ়াই দিয়া টিছ্যু পেপাৰখন সি দলিয়াই পেলালে। তাৰ মুখেৰে উফৰি আহিল অশ্ৰাব্য ইংৰাজী গালি!

    ঘটনাৰ আকস্মিকতাত বেছ কিছুপৰলৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল তুলিকা! কিন্তু নিজকে চম্ভালি তাই তাৰ সোঁহাতখনত ধৰি টান মাৰি ক’লে, ‘বিদ্যুৎ!! কি কৈছা এইবোৰ! শান্ত হোৱাচোন!’

    ‘তুমি চুপ থাকা!’ হাতখন জোৰেৰে এৰুৱাই সি এইবাৰ তাইক ধমক দি উঠিল। একেই সুৰেৰে, একেই বিতৃষ্ণাৰে।

    তুলিকা থৰ হৈ গ’ল। কি হৈছে বিদ্যুতৰ? ইমান অচিনাকি এই বিদ্যুৎ! এই সুৰ- এই ভাষা!

    উভতাৰ বাটত সিদিনা সিহঁতৰ মাজত এটাও শব্দৰ বিনিময় নহ’ল। ঘৰ পায়গৈ মানে বিদ্যুৎ শান্ত হৈছিল। কিন্তু বহুপৰলৈ তুলিকা একেদৰেই মৌন হৈ ৰ’ল। নিশা সদায়ৰ দৰে তাইক দুবাহুলৈ টানি আনিব খোজোতে তাই খপ্‌জপ্‌কৈ বিছনাতে উঠি বহিল। তাৰ ফালে চাই লাহেকৈ ক’লে,

    ‘আজি কিয় তেনে কৰিলা বিদ্যুৎ? ইমান সৰু কথাটোতে তেনেকৈ খং খালা কিয়?’

    বিদ্যুতে আকুল হৈ ক’লে, ‘বেয়া নাপাবা তুলিকা। গোটেই সপ্তাহটো অফিচৰ কাম আৰু চিন্তাই জেওৰা খৰি চেপাদি চেপে। শনিবাৰটোত তোমাৰ লগত অকণমান ভালকৈ সময় কটাওঁ বুলি ওলাই গৈছিলোঁ- তাতো সেইবোৰ কেনা লাগিল। সেইটোতে ঘপকৈ খং উঠি আহিল নেকি! তোমাকো মিছাতে টান মাতেৰে কথা ক’লোঁ। কথা দিছোঁ তোমাক- তেনে ব্যৱহাৰ আৰু কেতিয়াও নকৰোঁ।’

    তাৰ মাতষাৰে মমৰ দৰে গলাই পেলাইছিল তুলিকাক। এবুকু মমতাৰে তাই বিদ্যুতক আকোঁৱালি লৈছিল। ইমান কামৰ মাজতো তাইৰ সকলো কথাৰে খেয়াল ৰখা বিদ্যুতৰ বাবে জুৰণীয়া ছাঁ হোৱাৰ হেঁপাহ হৈছিল তাইৰ। সেইদিনাৰ পৰা তাৰে চেষ্টাত অহৰহ লাগি পৰিছিল তুলিকা। কিন্তু তাইৰ খেয়ালেই নহ’ল কেতিয়ানো ধুনীয়া সপোনটোৰ শেষ হৈ বাস্তৱ আৰম্ভ হ’ল, তাৰপিছত কিমানবাৰ তেনেকৈ কথা দি বিদ্যুতে কথা নৰখা হ’ল!

    সেই যে আৰম্ভ হ’ল, তাৰপিছৰ পৰা লাহে লাহে বিদ্যুতৰ খঙৰ কাৰণবোৰ বাঢ়ি গৈ থাকিল- তাৰ লগে লগে খঙৰ মাত্ৰাও। প্ৰায়ে সিহঁতে ক’ৰবালৈ যাব খুজিলে, কিবা এটা একেলগে কৰিব খুজিলে কিবা নহয় কিবা কথাত বিদ্যুৎ অধৈৰ্য্য হৈ পৰে৷ বিৰক্তিত ক’লা পৰি যায় তাৰ মুখ! ওচৰে-পাজৰে তাই থাকক বা অচিনাকি কোনোবা, তাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। তুলিকাই বৰ সাবধানে চলিবলৈ আৰু ভাৱি চিন্তি কথা ক’বলৈ আৰম্ভ কৰে৷ প্ৰতিবাৰেই- প্ৰতিবাৰে খঙৰ ভমক কমিলে সি তুলিকাৰ কাষলৈ আহি মৰম আকলুৱা মাতেৰে ক্ষমা খোজেহি। প্ৰায়ে নিজকে দোষ দি ফেঁকুৰি ফেঁকুৰি কান্দি পেলায়। আৰু প্ৰতিবাৰেই তুলিকা গলি পৰা মমবাতিডাল হৈ পৰে।

    ‘ময়ো মাৰ দৰে হৈ পৰিছিলোঁ নেকি!’ তুলিকাই স্বগতোক্তি কৰাৰ দৰে ক’লে।

    ‘সেয়া একেবাৰেই স্বাভাৱিক কথা তুলিকা। সৰুৰে পৰা মা-দেউতাক তেনেদৰে দেখি আহিছা। সম্পৰ্কৰ সেই গতি, সেই আৱৰ্ত্তন বহুত চিনাকি তোমাৰ বাবে।’ মিচেলৰ মাতত অযুত সহানুভূতি।

    ‘কিন্তু মই হ’ব নোখোজো! অন্তত: এইবাৰ নহওঁ।’ তাই এইবাৰ দৃঢ়তাৰে ক’লে, ‘সেইকাৰণেই বিদ্যুতৰ ফোন ৰিচিভ কৰা নাই, মেচেজৰ উত্তৰ দিয়া নাই। সি বাৰে বাৰে ভুল কৰি ক্ষমা খুজিলেই মোৰ যন্ত্ৰণাবোৰ নোহোৱা হৈ নাযায়, হৃদয়ৰ ঘাঁবোৰ শুকাই নাযায়! সেই একেই পাকচক্ৰত বন্দী হৈ মই নিজকে বাৰে বাৰে দুখ পাই থাকিবলৈ দিব নোৱাৰোঁ!’

    মিচেল কিছুপৰ নীৰৱ হৈ ৰ’ল। তুলিকাই টিছ্যুপেপাৰ এখন লৈ দুচকুৰ কোণ দুটা মোহাৰিলে। মিচেলে অলপকৈ হাঁহি এইবাৰ ক’লে, ‘এটা কথা মন কৰিছানে?’

    তুলিকাই একো নকৈ মাথোঁ এটা প্ৰশ্নবোধক দৃষ্টিৰে তেওঁলৈ চালে।

    ‘আজি তিনিমাহ ধৰি তুমি মোৰ ওচৰলৈ আহি আছা তুলিকা। আজিহে প্ৰথমবাৰৰ কাৰণে নিজৰ সুখ-দুখৰ ভাৰ নিজে তুলি লৈছা। প্ৰথমবাৰৰ বাবে মুখ ফুটাই কৈছা তুমি নিজকে তেনেকৈ বাৰে বাৰে দুখ পাবলৈ এৰি দিব নোৱাৰা বুলি।’

    তুলিকাৰ মুখতো হাঁহি বিৰিঙিল এইবাৰ। ঠিকেই, অতদিনে যেন তাই কেৱল বিদ্যুতে কি কৰিছে, কি নকৰিছে, কিয় কৰিছে তাকে ভাৱি ভাৱি হাহাঁকাৰ কৰি ফুৰিছে। এতিয়াহে যেন সেই সকলো কোলাহল দেও দি নিজলৈ এবাৰ চাবলৈ চেষ্টা কৰিছে। তাই কি কৰিছে বা কিয় কৰিছে সেয়া নিজকে সুধি চাইছে।

    ‘সেইটো ডাঙৰ কথা তুলিকা। অন্যৰ ওপৰত আমাৰ একো নিয়ন্ত্ৰণ নাই- আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছোঁ কেৱল আমি নিজে। তুমি যদি জীৱনত কিবা পৰিৱৰ্ত্তন আনিব খোজা সেয়া কেৱল তুমি নিজেহে কৰিব পাৰিবা- অন্য কোনোৱে নহয়। নহয় জানো?’

    তুলিকাই মূৰ দুপিয়ালে। মিচেলে কোলাৰ নোটবুকখন লাহেকৈ জপালে। ঘড়ী নোচোৱাকৈয়ে তুলিকাই বুজিলে এঘণ্টা পাৰ হৈছে।

    ‘এতিয়া কোৱাচোন, আজি নিজৰ কাৰণে কি কৰিবা?’

    তুলিকাই হাঁহিলে। এইটো যেন এটা খেলাৰ দৰে হৈ পৰিছে। প্ৰতিটো ছেছ্যনৰ শেষতে মিচেলে এই প্ৰশ্ন কৰে। প্ৰতিবাৰে এটা নতুন উত্তৰ বিচাৰে তেওঁ। আজিও অন্যদিনাৰ দৰেই তুলিকাই ভাৱিবলৈ লাগিল। নিজৰ কাৰণে ভাল লগা কি কৰিব পাৰে তাই? আৰ্ণ নৈৰ পাৰে পাৰে দৌৰিবলৈ যাব? মিনিকুপাৰত ফুল ভলিউমত ভূপেন হাজৰিকাৰ গান শুনি শুনি ঘৰলৈ উভতিব? আছমা বা লুকৰ লগত কথা পাতিব? নাই, সেই সকলোবোৰতো ইতিমধ্যেই কোৱা হৈ গৈছে!

    ‘আই ৱিল ড্যু নাথিং ট্যুডে- আজি মই একোৱে নকৰোঁ!’ তাই হাঁহি এটা মাৰি ক’লে, ‘এই গোটেই সপ্তাহটো অফিচৰ কামৰ ঘুৰ্মুটিয়াই ফুৰিলোঁ। এনেয়েও মই নিজেই ইটো সিটো কাম উলিয়াই সদায় ব্যস্ত হৈ থাকোঁ। তেনে ব্যতিব্যস্ত দিনবোৰৰ পৰা আজি এটা বিৰতি ল’ম। একোৱেই নকৰোঁ! কূটা এগছো নদঙাকৈ দিনটো কটাম।’

    ‘বঢ়িয়া।’ মিচেলৰ হাঁহিটো বহল হৈ পৰিল। তুলিকাৰো।

    তুলিকাই প্ৰথমবাৰৰ বাবে কেৱল নিজৰ বাবে উলিয়াই লোৱা সেই দিনটোতে ফাৰমানাৰ এটা কোণত মাৰ্কৰ পৃথিৱীখনো চিৰদিনৰ বাবে ৰূপ সলালে। লণ্ডনৰ আমডালি লগোৱা দুৱাৰ এখনত ছমাহৰ মূৰত আছমাৰ মুখামুখি হ’ল বিদ্যুৎ। আৰু সেই একেটা দিনতে শিৱসাগৰৰ চিৰপৰিচিত সেই পিছচোতালৰ দুৱাৰত ধম্‌ধমনি থমকি ৰ’ল। প্ৰথমবাৰৰ বাবে তুলিকাৰ মাকৰ মুখেৰে কান্দোনৰ সলনি ওলাল এটা বিদ্ৰোহী মাত,

    ‘নোখোলো দুৱাৰ! য’লৈ যায় যাওক আজি!!’

    পূৰ্বৰ খণ্ডসমূহ:

    Sunday, 26 November 2023

    ফাৰমানা (পঞ্চদশ খণ্ড)

    উজ্জল ৰ’দত চিকমিকনি তোলা লখ আৰ্ণৰ ঢৌবোৰলৈ চাই চাই তুলিকাই কায়াকখনৰ বঠা মাৰিছে। দুজনীয়া কায়াকখনৰ সিমূৰত তাইৰ সৈতে মুখামুখিকৈ বহিছে ৰায়ান। কাঠৰ নাৱৰ দৰে এই ফাইবাৰগ্লাছৰ কায়াকখনো জলপৰিবহণৰ বাবেই বিশেষভাৱে তৈয়াৰ কৰা। তুলিকাই এনেয়ে যন্ত্ৰচালিত নাও লৈহে অন্য কাম কৰে যদিও আজি ৰায়ানক চৰাই দেখুৱাব বুলিয়ে তাই কায়াকখন উলিয়ালে। সিহঁতৰ চাৰিওদিশে উজনি লখ আৰ্ণৰ বিশাল জলৰাশি। পানীৰ মাজে মাজে অলেখ অসংখ্য সৰু-বৰ দ্বীপ। এইখিনিত লখ আৰ্ণ হ্ৰদৰ সলনি নদী যেন হৈ পৰিছে। অলেখ-অসংখ্য দ্বীপৰ মাজেৰে সৰ্পিল গতিৰে আগবঢ়া সৰু-বৰ সুঁতিবোৰে ইয়াত যেন এক জালিকাহে গঢ়ি তুলিছে। কিন্তু নামনিৰ লখ আৰ্ণৰ দৰেই উজনিৰ লখো প্ৰকৃতিৰ লীলাভূমি, কাৰলিউ-গঙাচিলনীকে ধৰি ইয়াত অনেক চৰাইৰ বসতি। মূল পাৰ্থক্য মাথোঁ এটাই, উজনিৰ বেছিভাগ অঞ্চলেই খেতিয়কৰ ব্যক্তিগত মালিকীস্বত্বত। সেইবাবেই এই অংশত চৰকাৰৰ পৰিৱেশসাপেক্ষ কৃষি যোজনাৰ গুৰুত্বও বেছি।

    ‘সৌকেইটা গঙাচিলনী নহয়নে?’ ৰায়ানে সুধিলে। তুলিকাই বঠা মাৰিবলৈ এৰি বাইন’কুলাৰ উলিয়ালে।

    ‘অঁ, সিহঁতে সৌ পূবৰ স্বোৱানলিবাৰ নামৰ ঠাইত কেইবাটাও বাহ সাজিছে। তাৰপৰাই খাদ্যৰ সন্ধানত উৰা মাৰিছে কিজানি। আমি আজি যাবলৈ ওলোৱা পথাৰবোৰত সাধাৰণতে গঙাচিলনীয়ে বাহ নাসাজে। তাত ৰাছেৰে ভৰ্তি ওখ ওখ ঘাঁহ। গঙাচিলনীয়ে আকৌ চুটি ঘাঁহনিতহে বাহ সাজি ভাল পায়।’

    ‘হয় নেকি? আমি ক’লৈ গৈ আছোঁ তেনে?’ ৰায়ানৰ প্ৰশ্নৰ সুৰটোত তুলিকাৰ হাঁহি উঠি গ’ল। সি যেন তাইৰে ভৰসাতে ওলাই আহিছে!

    ‘আজি আমি চেচিয়াহ নামৰ ঠাইখনলৈ যাম। তাতে লিয়াম ক্লিফ’ৰ্ডৰ পথাৰ। সিদিনাৰ মিটিঙতে লগ পাই কৈছিল, তেওঁ চৰকাৰী আঁচনিত সোমাব খোজে। গতিকে তেওঁৰ খেতিপথাৰৰ জৰীপ কৰি মেনেজমেণ্ট প্লেনখন কেনেকৈ কৰিম ঠিক কৰিব লাগিব।’

    ‘তুমি তেন্তে তেওঁৰ পৰামৰ্শদাতা?’

    ‘অঁ, তেওঁকে ধৰি লখ আৰ্ণৰ আঠগৰাকী খেতিয়কক চৰকাৰী আঁচনিত যোগ দিওঁৱাৰ দায়িত্ব মোৰ এইবাৰ।’

    ‘আঠগৰাকী! সেয়াটো বহুত কাম?’ ৰায়ানৰ প্ৰশ্নটোৱে তুলিকাক মাৰ্কলৈ মনত পেলাই দিলে। ‘খুউব বেছি পাঁচগৰাকী খেতিয়কৰ দায়িত্ব ল’বা, তুলিকা। নহ’লে কামৰ খুউব হেঁচা পৰিব।’ মিটিঙৰ আগতে তাইক মাৰ্কে সঁকীয়াইছিল । তাৰপিছত যে মাৰ্কৰ দেখা-শুনাই নাই! মিটিং কেনে গ’ল, কেনেকৈ ইমানবোৰ খেতিয়কে তাইক নিজৰ খেতিৰ দায়িত্ব ল’বলৈ ক’লেহি সেইবোৰ মাৰ্কক বুজাই ক’বলৈ তাই যে সুযোগেই পোৱা নাই।

    ‘উপায় নাই বুজিছা! মানুহকেইজনৰ অনুৰোধ পেলাব নোৱাৰিলোঁ!’ তাই ৰায়ানক নহয় যেন মাৰ্ককহে যুক্তি দিলে এনে শুনা গ’ল।

    ‘বাৰু, কোৱাচোন এতিয়া, তুমি কেনেকৈ সুদূৰ ভাৰতৰ পৰা আহি এইখিনি পালাহি!’ ৰায়ানে বাইন’কুলাৰটো একাষে থৈ আকৌ বঠা মাৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ প্ৰশ্নত তুলিকাই অলপ থতমত খালে। এই প্ৰশ্নটোকেইতো তাই এৰাই চলিব খোজে!

    ‘কামত! কামে য’লৈকে আনিছে তালৈকে আহিছোঁ!’ সদায়ৰ দৰে আজিও তাই সামৰি থ’ব খুজিলে!

    ‘ভালকৈ কোৱাচোন।’ ৰায়ানো এৰি দিয়া ভকত নহয়।

    তুলিকা ক্ষন্তেক তভক মাৰি ৰ’ল। ৰায়ান তাইৰ বন্ধু নহয়। এজন সাংবাদিকৰ আগত কি কথা কেনেকৈ ক’ব পাৰি তাকে যেন থিৰ কৰিবলৈ চেষ্টা কৰিলে তাই। ৰায়ানে তাইৰ ভাৱ বুজিয়ে কিজানি ক’লে,

    ‘তুমি অকণো সংকোচ নকৰাকৈ ক’ব পাৰা, তুলিকা। প্ৰকাশৰ আগতেই ড্ৰাফট এটা তোমালৈ পঠাম। তুমি সন্মতি নিদিয়া কোনো কথাই কাকতত প্ৰকাশ নকৰোঁ।’

    ৰায়ানৰ কথাখিনিয়ে তাইৰ অসহজ ভাৱটো আঁতৰোৱাত সহায় কৰিলে। কায়াকৰ বঠাৰে চলৌপ চলৌপকৈ পানী ঠেলি ঠেলি তাই কৈ গ’ল,

    ‘বিয়া পাতি লণ্ডনলৈ আহিছিলোঁ। তিনিবছৰৰ আগেয়ে। প্ৰকৃতি সংৰক্ষণত মোৰ আগৰে পৰা আগ্ৰহ। সেয়ে সেই ক্ষেত্ৰতে চাকৰি বিচাৰি আছিলোঁ। ইংলেণ্ডত থাকোঁতে নেচাৰৰ কেইবাটাও প্ৰকল্পত স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিলোঁ। সেই সূত্ৰেই এই চাকৰিটোতো আবেদন কৰিলোঁ। অৱশ্যে ফাৰমানা পামহি বুলি কল্পনাও কৰা নাছিলোঁ তেতিয়া।’

    তাই ক্ষন্তেক ৰ’ল। দুটা দ্বীপৰ মাজৰ ঠেক সুঁতিটোৰে আগবঢ়া কায়াকখন চম্ভালাত মন দিলে। দুইপাৰৰ ৰং-বিৰঙী বনৰীয়া ফুলবোৰে কায়াকখন ছাটি ধৰিব খোজাৰ দৰে কৰিলে। সেইখিনিতে ৰায়ানে বঠা এৰি তুলিকাৰ সৈতে কায়াকখনৰ ফটো এখন তুলিলে। তাই ক’ব নোৱাৰাকৈয়ে! তাই অপ্ৰস্তুত হোৱা যেন দেখি সি ক’লে, ‘ছ’ৰী! কৈ প’জ দি তোলাতকৈ কাম কৰি থকাৰ সময়ত তোলা স্বত:স্ফূৰ্ত ফটোবোৰ সদায়ে বেছি ভাল হয়। তুমি বেয়া পাবা নেকি?’

    ‘নাপাওঁ। মাত্ৰ প্ৰকাশৰ আগেয়ে সেয়াও মোক আগতীয়াকৈ দেখুৱাব পাৰিবানে?’

    ‘পাৰিম পাৰিম।’ ৰায়ানে মিচিকিয়াই হাঁহিলে। তাৰপিছত ক’লে, ‘প্ৰকৃতি সংৰক্ষণত কেনেকৈ আগ্ৰহ আহিল সেয়াও কোৱাচোন।’

    ‘মই উত্তৰ-পূব ভাৰতৰ অসমত ডাঙৰ হোৱা। আমাৰ ঠাইখনৰ নাম শিৱসাগৰ। সৰুতে নদীৰ পাৰে পাৰে, পথাৰে-জংঘলে অনাই-বনাই ঘুৰি ফুৰিছিলোঁ। ধাননি পথাৰত জোপ লৈ থকা বৰটোকোলাবোৰ, আকাশত প্ৰদক্ষিণ কৰি থকা শগুণৰ জাকবোৰ ৰ’ লাগি চাইছিলোঁ। প্ৰতি নিশা শিয়ালৰ হোৱা শুনি শুনিয়ে বিছনালৈ গৈছিলোঁ। বাৰিষা গঙাচিলনীৰ মাতে অনা বানপানীৰ আগজাননী শুনি বিতত হৈছিলোঁ। গতিকে মোৰ সৰুকালটো প্ৰকৃতিৰ কোলাতে পাৰ কৰিছিলোঁ বুলি ক’ব পাৰা।’

    ঠেক সুঁতিটো লাহে লাহে বহল হৈ আহিছে। সেইখিনিতে এহাল ৰাজহাঁহে লখ আৰ্ণৰ ফটফটীয়া পানীত জলকেলি আৰম্ভ কৰিছে। ৰায়ানে তাৰো ফটো এখন তুলিলে। সেইখিনি পাৰ হৈ যোৱাৰ পিছত তুলিকাই ক’লে, ‘তাৰপিছত যিমান বাৰেই সেই ঠাইলৈ উভতি গৈছোঁ, দেখিছোঁ বৰটোকোলাবোৰ নোহোৱা হৈ আহিছে। শিয়ালৰ হোৱা নুশুনা হৈ আহিছোঁ। কেইটামান দশকৰ ভিতৰতে সেই ঠাইবোৰ কংক্ৰিটে আৱৰি চিনিব নোৱাৰা কৰি পেলাইছে। তেনেকৈয়ে কিজানি মনত শিপাইছিল, নিজে পাৰ কৰি অহা সেই শৈশৱৰ ৰূপ, প্ৰকৃতিৰ মায়া ধৰি ৰখাৰ হেঁপাহটো। সেই হেঁপাহতে ইউনিভাৰ্ছিটিত পৰিৱেশ বিজ্ঞান পঢ়িলোঁগৈ।’

    ৰায়ানে কিবা এটা সুধিবলৈ লওঁতেই তুলিকাই আঙুলীয়াই দেখুৱালে, ‘সৌকেইটা চোৱা ৰায়ান।’

    কিছু দূৰৈতে পানীত বুৰ মাৰি মাৰি খাদ্য বিচাৰি থকা ক্ৰেষ্টেড গ্ৰীব নামৰ হাঁহ কেইটালৈ দেখুৱালে তাই৷ মাকৰ সৈতে দুটা পোৱালি। ৰায়ানে কেমেৰাত জুম কৰি আনিলে। তাৰপিছত সি আগ্ৰহেৰে সুধি গ’ল ব্ৰহ্মপুত্ৰৰ কথা, অসমৰ খেতি আৰু খেতিয়কৰ প্ৰকৃতিৰ সৈতে সম্পৰ্কৰ কথা। যেন সেই অচিন ঠাইখনৰ বিষয়ে সি সকলো জানি পেলাব খুজিছে। যেন তাই ক’ব নোখোজা বহু কাহিনীৰো সূত্ৰ বিচাৰি ফুৰিছে, এনে লাগিল তুলিকাৰ। অসমৰ কথা ক’ব খুজিলেই যে তাই আবেগিক হৈ পৰে! তাই যে কেতিয়াও অসম এৰিব খোজা নাছিল! যাৰ বাবে দিখৌৰ পাৰ এৰি আহিল, সাত সাগৰ তেৰ নদীৰ সিপাৰে শূন্যৰ পৰা এটা নতুন জীৱন ৰচাৰ সাহস কৰিলে সেই বিদ্যুতেই যে হেৰাই গ’ল। অসমৰ কথা ওলালেই সেয়ে তাইৰ নিজকে সূতা ছিঙা চিলাৰ দৰে ভাৱ হয়। সেইবোৰ কথা তাই ৰায়ানক ক’ব নোৱাৰে। কোৱাৰ কথা নহয়।

    এইবাৰ ইচ্ছা কৰিয়েই তাই প্ৰসংগ সলাব খুজিলে, ‘তোমাৰ সৰুকালৰ কথাও কোৱাচোন।’

    ‘মোৰ?’ ৰায়ান যেন অলপ আচৰিত হ’ল। কোনো সাক্ষাৎকাৰতে কিজানি তাক কোনেও ওলোটাই এনে প্ৰশ্ন নোসোধে! ৰায়ানেও কাকো নোকোৱা সাধু এটা বুকুত লৈ ফুৰিছে নেকি তেন্তে! ক্ষণিকৰ বাবে তুলিকাৰ মনত কথাটো খেলাই গ’ল।

    ‘অঁ, তুমি ডেৰীতে ডাঙৰ হোৱা নহয় জানো?’

    ‘অঁ।’ এইবাৰ যেন একো নোকোৱাকৈয়ে ৰায়ানে তুলিকাৰ চৰ্তটো বুজি পালে। মানিও ল’লে। তুলিকাৰ দৰেই নিজৰো সেই পুৰণিকলীয়া সাধুটোৰ কিছু অংশ মুকলি কৰি কৰাৰ চেষ্টা কৰিলে।

    ‘আমাক মানুহে ট্ৰাবলছৰ প্ৰজন্ম বুলি কয়, সিদিনা তোমাক কৈছিলোঁয়ে নহয়! বোমা-বাৰুদৰ শব্দ শুনি, প্ৰতিবাদী সমদলে আকাশ-বতাহ কঁপোৱাৰ সময়ত মই ডাঙৰ হৈছিলোঁ। তেতিয়া সেয়াই আমাৰ কাৰণে স্বাভাৱিক জীৱন আছিল। কিন্তু ডাঙৰ হৈ বুজিলোঁ, সেয়া স্বাভাৱিক নহয়। শৈশৱত সেই অহৰহ হিংসাৰ আঁচোৰ নপৰাকৈও মানুহ ডাঙৰ হয় । আচলতে সেইটোহে বেছি স্বাভাৱিক। তেতিয়াৰে পৰা সেই হিংসাৰ ইতিহাস আৰু তাৰ বৰ্তমানৰ ৰূপ লৈ মোৰ কৌতুহল বাঢ়িল। তেনেকৈয়ে কিজানি সাংবাদিকতাৰ পৃথিৱীখনত সোমাই পৰিলোঁ।’

    ৰায়ানৰ কথাবোৰে হাজাৰটা প্ৰশ্ন আনি দিলে তুলিকাৰ মনলৈ। কিন্তু ইতিমধ্যে সিহঁত ঘাটৰ ওচৰ পাইছেহি। সেয়ে দুয়ো নীৰৱে কায়াকখন ঘাটলৈ চপোৱাত মন দিলে। তাতে দুয়োৰে গাড়ী দুখনো আগতীয়াকৈ পাৰ্ক কৰি থোৱা আছে। কায়াকখন তাতে বান্ধি থৈ দুয়ো ধৰা-ধৰিকৈ গাড়ীৰ পৰা বয়-বস্তুবোৰ নমালে। সেই সকলোবোৰ জৰীপৰ সা-সামগ্ৰী। দুয়ো সকলোবোৰ লৈ কাষতে লাগি থকা লিয়াম ক্লিফ’ৰ্ডৰ পথাৰত ভৰি দিলেগৈ।

    ফাৰমানাৰ আকাশত জাকে জাকে ডাৱৰ তেতিয়া। পথাৰখন যথেষ্ট দ৷ পথাৰৰ সীমাত শাৰী শাৰী ৱিল’ গছ৷ কিছুমানত এছ গছৰ জোপোহা৷ কাষৰ পথাৰত কাঁটা তাৰৰ মাজত শুকুলা ভেড়াবোৰ৷ ভেড়াবোৰ সহজে চিনিবৰ বাবে খেতিয়কে সিহঁতৰ গাত নীলা ৰং বুলাই সংখ্যাবোৰ লিখি ৰাখিছে৷

    খোজৰ লগে লগে মূৰ তুলি তুলিকাই এবাৰ আকাশলৈ চালে। তাৰপিছত পিছে পিছে আহি থকা ৰায়ানলৈ চাই ক’লে,

    ‘এনেয়ে মোৰ সৈতে ডেৰেন বা লিছা আহে সহায় কৰি দিবলৈ। আজি তুমিয়ে মোৰ সহায়ক হ’বলৈ বেয়া নোপোৱা নহয়?’

    ‘মাই প্লেজাৰ! ভালহে পাম! এনেকৈ হাতে-কামে লাগি যিমান বুজিম, চাৰিবেৰৰ মাজত বহি কৰা সাক্ষাৎকাৰত তাৰ দহ শতাংশও বুজ ল’ব নোৱাৰোঁ।’

    তুলিকাই হাঁহিলে। লিয়ামৰ পথাৰৰ জেঁকা মাটিত খোজ দি দি সিহঁতৰ ৱেলিংটন বুটজোতাবোৰ আগবাঢ়িল। তাই কৈ গ’ল,

    ‘লিয়ামৰ দৰে লখ আৰ্ণৰ প্ৰায় বিছগৰাকী খেতিয়কৰ সৈতে নেচাৰৰ বহুদিনীয়া সম্পৰ্ক। তেওঁলোকৰ পথাৰবোৰত আমি প্ৰতিবছৰে জৰীপ কৰোঁ৷ চৰাইবোৰৰ আলেখ-লেখ তেওঁলোকক জানিবলৈ দিওঁ। পুৱতি নিশাতে উঠি কৰা সেই চৰাইৰ জৰীপ এইবছৰ পিছে মই সামৰিলোঁৱে। কাৰণ চৰাইবোৰে বসন্তত প্ৰজনন কৰাৰ সময়ে তেনে জৰীপৰ কাৰণে আটাইতকৈ ভাল সময়। সেই সময়ত সিহঁতে সংগী বিচাৰি গান গায়। বাহ সাজিবলৈ ঠাই বিচৰা আৰম্ভ কৰে। তেতিয়াই চৰাই চাবলৈ আটাইতকৈ সহজো হয়। এতিয়া চৰাইবোৰে যোৰ পাতি বাহ সাজিছে। দুদিনমানতে পোৱালিও জগাব। গোটেই সময়খিনি আমি পিছে সিহঁতক পৰ্য্যবেক্ষণ কৰি থাকোঁ।’

    ‘তেন্তে এই পথাৰতো চৰাইৰ জৰীপ হৈ গ’ল? কি পালা জৰীপত?’

    ‘ঠিকেই ধৰিছা। জৰীপত কি পালোঁ সেয়াও চাবা আহা!’ কৈয়ে তুলিকাই পথাৰৰ সীমাৰ হেজবোৰ এৰি বাওঁহাতে খোজ ল’লে। ৰায়ানে তাইৰ পিছে পিছে বাট বুলিলে। সেইখিনিতে লখ আৰ্ণৰ এটা সৰু সুঁতি বৈ গৈছে। তাৰ পাৰে পাৰে সিঁচৰতি হৈ আছে ৰাছ ঘাঁহৰ ওখ জোপোহা। তাৰে এজোপাৰ কাষত তুলিকা ৰৈ গ’লহি।

    ৰায়ানে তাইলৈ চালে। তাৰ চাৱনিত প্ৰশ্ন। তুলিকাই একো নকৈ লাহেকৈ ৰাছৰ ওখ বনবোৰ দুয়ো হাতেৰে দুফালে আঁতৰাই ধৰিলে। সিহঁতৰ চকুৰ আগত ধৰা দিলে এটা আটোমটোকাৰী বাহ! ৰাছৰ জোপোহাৰ মাজত ঘাঁহ আৰু পাখিৰে এনেকৈ কৰা যে ভালকৈ নাচালে বাহটো কোনোপধ্যেই চকুত নপৰে।

    ৰায়ানৰ দুচকু উজ্বলি উঠিল। সি উপৰাউপৰিকৈ সুধি পেলালে, ‘এয়া কি চৰাইৰ বাহ? ফটো তুলিব পাৰিমনে?’

    ‘কাৰলিউ চৰাইৰ বাহ। এনেয়ে বিচাৰি পোৱা সহজ নহয় কিন্তু সিহঁতে বছৰে বছৰে একেঠাইতে বাহ সাজেহি। গতিকে এই বাহটো আমি কেইবাবছৰ ধৰি পৰ্য্যবেক্ষণ কৰি আছোঁ। ফটো ল’ব পাৰিবা কিন্ত যিমান পাৰি সোনকালে আমি ইয়াৰ পৰা আঁতৰি যোৱাৰ দৰকাৰ। কাৰলিউহাল বাহত নাথাকিলেও দূৰৈৰ পৰাই চাই থাকিব পাৰে। গতিকে যথাসম্ভৱ সিহঁতক আমনি নকৰাকৈ কাম সামৰিব লাগিব।’



    ৰায়ানে মূৰ দুপিয়াই খৰধৰকৈ সেই বাহৰ, বাহৰ সৈতে পথাৰৰ কেইবাখনো ফটো তুলিলে। সেইকণ সময়তে তুলিকাই নিজৰ বেকপেকৰ পৰা এবিধ যন্ত্ৰ উলিয়ালে। ডাঙৰ থাৰ্ম’মিটাৰৰ দৰে যন্ত্ৰবিধ বাহটোৰ একাষে চৰায়ে ধৰিব নোৱাৰাকৈ পুতি দিলে। আচলতে এই যন্ত্ৰৰ কামো তেনেধৰণৰে। তাই ৰায়ানক ক’লে,

    ‘এইটো ডাটা লগাৰ। এতিয়াৰ পৰা আমি অফিচত বহিয়ে এই বাহৰ উষ্ণতা আৰু আৰ্দ্ৰতা কেনেকৈ সলনি হয় গম পাই থাকিম। উজনি আৰু নামনি লখ আৰ্ণৰ বহু বাহত আমি এনেকৈ ডাটা লগাৰ লগাই ৰাখিছোঁ।’

    ৰায়ানে মূৰ দুপিয়াই ক’লে, ‘অঁ, ডেৰেনৰ লগত নামনি লখ আৰ্ণত ঘুৰোঁতে এনে ডাটা লগাৰ দেখিছোঁ।’

    ‘ডেৰেন আমাৰ কাৰলিউ অফিচাৰ, জানাই নহয়? এই ডাটা লগাৰবোৰে অহৰহ বাঁহবোৰৰ উষ্ণতা ৰেকৰ্ড কৰি থাকিব আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে ডেৰেনে উলিয়াব কাৰলিউ চৰায়ে কেতিয়া কণী পাৰিছে, কেতিয়া কণী ফুটি পোৱালি জগিছে, কেতিয়া মাক-বাপেকহালে পোৱালী লৈ বাহ এৰি গুচি গৈছে- সকলোবোৰ৷’

    ‘বঢ়িয়া!’ ৰায়ানে উৎসাহেৰে ক’লে আৰু পকেট নোটবহীখন উলিয়াই কথাখিনি খৰধৰকৈ লিখি ল’লে। এটা গৌৰৱৰ ভাৱে চুই গ’ল তুলিকাক। শৈশৱতে উমলি জামলি গঢ় লোৱা প্ৰকৃতি সংৰক্ষণৰ সেই সপোনৰ পিছে পিছেই এতিয়াও গৈ থাকিবলৈ পোৱাৰ বাবে কৃতজ্ঞ হ’ল যেন তাই। ইতিমধ্যে সিহঁত সেই বাহৰ পৰা আঁতৰি আহিছে। তুলিকাই এইবাৰ ৰায়ানক লিয়ামৰ পথাৰখনৰ চাৰিসীমাৰে আগবঢ়াই নিলে। তাৰ লগে লগে তাই উৎসাহেৰে কৈ গ’ল,

    ‘কাৰলিউৰ পৰ্য্যবেক্ষণৰ প্ৰায়বোৰ কামেই এতিয়া ডেৰেনৰ। মোৰ বাবে আৰম্ভ হৈছে চৰকাৰী কৃষি আঁচনিৰ বতৰ। আগ্ৰহী খেতিয়কৰ এই পথাৰবোৰ জৰীপ কৰি মেনেজমেণ্ট প্লেন লিখাৰ কাম!’

    ‘আকৌ জৰীপ?’

    ‘ঠিকেই! এইবাৰ ঘাঁহ-বনৰ। এই সময়তে প্ৰায়বোৰ বনৰীয়া ফুল ফুলে। গতিকে ঘাঁহ-বনৰ জৰীপ কৰিবলৈও ভাল সময়।’

    ‘সেয়া কেনেকৈ কৰা?’

    ‘আজি সেয়া দেখিবাও, মোৰ লগতে কৰিবাও তুমি!’ কৈ তুলিকাই হাঁহিলে। ৰায়ানেও। তাৰ হাঁহিৰ লগে লগে মুদ খাই যোৱা চকুযোৰলৈ তাই আকৌ এবাৰ চালে। মাথোঁ এটা মুহূৰ্তৰ বাবে। তাৰপিছতে সম্বিত ঘুৰাই পোৱা যেন কৰি তাই পুনৰ বেকপেক খুলিলে। দীঘে দীঘে জাপি থোৱা প্লাষ্টিকৰ মাৰিবোৰ উলিয়াই পথাৰতে পাতিলে। লগে লগে সেই চাৰিডাল এটা বৰ্গৰ চাৰিটা বাহু হৈ পৰিল। তাইৰ লগতে পথৰুৱা বোকাতে ৰায়ানো আঁঠুকাঢ়ি পৰিল।

    ‘এইটো আমাৰ নমুনাৰ বৰ্গ। ইয়াৰ ভিতৰত যিমানবোৰ ঘাঁহ-বন দেখিছা, সকলোখিনি পৰীক্ষা কৰিম। এইখিনি পথাৰখনৰ গোটেইবোৰ ঘাঁহ-বনৰ এটা নমুনা বুলি ধৰি ল’ম আৰু তেনেকৈয়ে আমি গোটেই পথাৰখনৰ ঘাঁহ-বনৰ বৈচিত্ৰ্যৰ এটা মাত্ৰা উলিয়াব পাৰিম। যিমানেই বৈচিত্ৰ্যময় হ’ব সিমানেই চৰকাৰী আঁচনিত এই পথাৰৰ গুৰুত্ব বাঢ়ি যাব। সেই অনুপাতে বাঢ়িব অনুদানো।’ তুলিকাই এইবাৰ তাতে লেপেটা কাঢ়ি বহি লৈ এফালৰ পৰা সেই বৰ্গৰ ভিতৰৰ বনবোৰ চিনাক্ত কৰি গ’ল। ৰায়ানে বাধ্য ছাত্ৰৰ দৰে তাই কোৱা নাম আৰু সংখ্যাবোৰ ফিল্ডৰ বহীত লিখি গ’ল।

    তেনেকৈয়ে সিহঁতে গৈ লিয়ামৰ পথাৰৰ বিভিন্ন ঠাইত সেই বৰ্গৰ নমুনা ল’লেগৈ। তাৰ লগে লগে লিয়ামৰ পথাৰখনৰ ক’ত কি আছে সকলোবোৰ তুলিকাই নোট কৰি ল’লে। সেই পথাৰৰ কোনবোৰ ক্ষেত্ৰত চৰকাৰী আঁচনিৰ পৰা সাহাৰ্য্য পাব পাৰে সেয়াও তাই ৰায়ানক দেখুৱাই গ’ল। সকলো কাম সামৰোঁতে কেতিয়ানো বেলি দুপৰ হ’ল তুলিকাই যেন গমেই নাপালে!

    ‘তোমাৰ ভোক লগা নাই?’ তাইলৈ বুলি এনাৰ্জী বাৰ এটা আগবঢ়াই নিজেও এটা লৈ ৰায়ানে ক’লে।

    তুলিকাৰ অলপ দোষী অনুভৱ হ’ল। কামত লাগিলে তাই প্ৰায়ে ভোক-পিয়াহ পাহৰি থাকে। সেইবুলি ৰায়ানক এনেকৈ ৰখাটো জানো সমীচিন হৈছে! সিতো নিজৰ আগ্ৰহতে এনেকৈ ওলাই আহিছে, তাইৰ সৈতে হাতে-কামে লাগিছেহি!

    ‘বেয়া নাপাবা, ৰায়ান। এবাৰ লিয়ামক লগ কৰিয়ে আমি লান্স কৰিব পাৰিম।’

    ‘একো নাই। মোৰো খোৱাৰ তেনেকৈ সময়-অসময় নাই। সাংবাদিকৰ জীৱন- জানাই নহয়!’

    তুলিকা কিছু আশ্বস্ত হ’ল। দুয়ো গৈ পথাৰৰ লগতে লাগি থকা লিয়ামৰ ঘৰত সোমালগৈ। লিয়াম সেইসময়ত ব্যস্ত আছিল পিছফালৰ বিশাল গোহালিটোত। হালধীয়া ৱেলিংটন বুট আৰু ডাঠ নীলা জেকেটটোৰে থুলন্তৰ মানুহজন ওলাই আহিল। তুলিকালৈ চাই হাঁহি মাৰি ক’লে,

    ‘তুলিকা, হুৱাটছ্‌ দ্য ক্ৰেইক? আহা আহা। তুমি আহিবা বুলি বাট চায়ে আছিলোঁ।’

    তুলিকাই লিয়ামৰ সৈতে ৰায়ানক চিনাকি কৰাই দিলে। তেওঁ দুয়োকে আগবঢ়াই নি পোনেই পাকঘৰতে বহুৱালেগৈ। পাকঘৰৰ সোঁমাজতে ঘুৰণীয়া খোৱা টেবুলখন। এফালে ৰন্ধাৰ ব্যৱস্থা, বিপৰীত দিশত প্ৰকাণ্ড ফ্ৰীজটোৰ কাষতে কোটৰ ৰেকটো। তাতে বোকা লগা জেকেট আৰু ফিল্ড ট্ৰাউজাৰ খুলি ওলোমাই থৈ সিহঁত বহিল।

    লিয়ামে বতৰ আৰু খেতিৰ কথা কৈ কৈ পানী গৰম কৰা ইলেক্ট্ৰিক কেটলটো অন কৰি দিলে। চেল্ফৰ জাৰ এটা খুলি কুকি কেইটামান প্লেটত উলিয়াই সিহঁতলৈ আগবঢ়াই দি ক’লে,

    ‘অ’টমিল কুকি। ফেলিচিটিয়ে আজি পুৱাতে কৰা। খোৱাচোন।’ আজিহে প্ৰথম আহিছে যদিও মানুহজনৰ ঘৰুৱা ব্যৱহাৰে তুলিকাৰ মন জুৰাই পেলালে।

    ধোঁৱাই থকা চাহেৰে সেই কুকি খাই যেন তুলিকা আৰু ৰায়ান দুয়ো যথেষ্ট সকাহ পালে। সেইখিনি সময়তে লিয়ামে ভিতৰলৈ গৈ ডাঙৰ ফাইল এটা লৈ আনিলেগৈ। সিহঁতৰ সন্মুখৰ চকীখন টানি লৈ ক’লে,

    ‘তেন্তে পথাৰখন কেনে দেখিলা?’

    ‘ভাল, ভাল।’ তুলিকাই শলাগিলে। ‘আপোনাৰ পথাৰলৈ এইবছৰ চৰায়ো যথেষ্ট আহিছে, আপুনি জানেই।’

    ‘অঁ যোৱা দুদিনমান কাৰলিউৰ মাত খুউব শুনি আছোঁ। পিছে ওখ ওখ ৰাছবোৰ বৰষুণ পাই বৰকৈ বাঢ়িছে, বুজিছা। গৰু আৰু ভেড়াই খাই কমোৱাৰ আশা নাই৷ কাটি পেলাম বুলি ভাৱিছোঁ৷ তুমি কি কোৱা?’

    ‘কাটিব। পিছে অলপদিন ৰৈ দিয়ক৷ পথাৰত চৰায়ে বাহ সজাৰ সময় আৰম্ভ হৈছে৷ গতিকে আঁচনিত সোমাবলৈ হ’লে সেই চৰাইৰ বাহবোৰ আমনি নকৰাকৈ ৰাখিব লাগিব। দুমাহৰ পিছত নেচাৰৰ ট্ৰেক্টৰেৰে আমিয়ে সেই ৰাছবোৰ বিনামূলীয়াকৈ কটোৱাব পাৰিম।’

    ‘বৰ কষ্ট বুজিছা৷ ইয়াত ইমান বৰষুণ যে গৰু-ভেড়াৰ কাৰণে পথাৰতে কাটি শুকুৱাই সেইবোৰ ঘাঁহ ঠাণ্ডা দিনকেইটালৈ সাঁচিবলৈ উপায় নাই৷ সেয়ে সকলোৱে কৰাৰ দৰে এতিয়া ময়ো বেইল সাজি ৰাখিবলৈ লৈছোঁ৷ কাৰণ তেতিয়া ঘাঁহ শুকাবলৈ ৰৈ থাকিব নালাগে৷ কাটি লৈ চিধাই বেইল কৰিব পাৰি৷’

    তুলিকাৰ মনত পৰিল এইবিষয়ে তাই মাৰ্কৰ মুখতে শুনিছে। কাৰলিউৰ সংখ্যা কমি যোৱাৰ এইটোও হেনো এটা মূখ্য কাৰণ৷ কাৰণ আগতে খেতিয়কৰ কামৰ সময়ৰ লগত সময় মিলাই কাৰলিউয়ে বাহ সাজি পোৱালি জগাইছিল ৷ সেই ওখ ৰাছবোৰে পোৱালীবোৰ সুৰক্ষিত কৰি ৰাখিছিল। এতিয়া খেতিয়কে সময়তকৈ বহু আগেয়ে বেইল সাজিবলৈ ঘাঁহবোৰ কাটি পেলায়। চিকাৰীৰ পৰা কণী আৰু পোৱালী বচাবলৈ কাৰলিউৰ একো উপায় নাথাকে৷

    ‘লিয়াম, কওকচোন আপোনাৰ পথাৰখনত কি কি সা-সুবিধাৰ প্ৰয়োজন হৈছে। আগতীয়া বেইল নকৰাকৈয়ো কেনেকৈ পথাৰখন পৰিচালনা কৰিব পাৰি তাৰ বাবে আপোনাক চৰকাৰে সুবিধা কৰি দিব।’

    এইবাৰ লিয়ামে প্ৰকাণ্ড ফাইলটো খুলিলে। তাতে ৰখা নিজৰ পথাৰৰ মেপখন তুলিকাক দেখুৱালে। সেই ফাইলতে সকলো চৰকাৰী কাগজ-পত্ৰ ভাগে ভাগে ৰাখিছে। লিয়ামে ইমান নিয়াৰিকৈ সকলো ৰখা দেখি তুলিকা সঁচাই অভিভূত হৈ পৰিল।

    মেপখন চাই চাই দুয়ো পাতি গ’ল- কোনখিনিত এখন বেঁৰা দিলে ভাল হয়, ক’ত দৰকাৰ এখন জপনাৰ বা গৰুৱে পানী খোৱা পিয়লাৰ। তুলিকাই সোঁৱৰালে চৰকাৰী আঁচনিত সোমালে পথাৰত ৰাসায়নিক সাৰ দিব নোৱাৰিব। তেনেকৈ গৰু-ভেড়াই সুঁতিটোৰ পানী প্ৰদূষিত কৰিব নোৱাৰাকৈ ৰাখিব লাগিব। কিন্তু ঘাঁহ কটোৱাৰ পৰা আৰম্ভ কৰি বেঁৰা-জপনাৰ সকলো খৰচ চৰকাৰে দিব। দুয়ো মিলি সেইমতে মেনেজমেণ্ট প্লেনত কি কি যোগ দিব তাৰ বিশদ আলোচনা কৰিলে। গোটেই সময়খিনি ৰায়ানে সেই আলোচনা নীৰৱে শুনি গ’ল। মাজে মাজে নোটবহীত লিখি গ’ল।

    প্লেনখন সাজু কৰি পুনৰ আলোচনাৰ বাবে লিয়ামৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতি দি তুলিকা উঠিব খুজিলে। কিন্তু এইবাৰ লিয়ামে ক’লে,

    ‘আজি লান্সত ষ্টিউ অলপ ৰান্ধিছিলোঁ। খাই যোৱা।’

    তেওঁৰ অনুৰোধ পেলাবলৈ টান পাই তাই ৰায়ানলৈ চালে। ৰায়ানে লগে লগেই হাঁহি মাৰি ক’লে,

    ‘নিশ্চয়। মোৰ আজিৰ দিনটোৰ ডিউটি তুলিকাৰ লগতে। কামৰ মাজতে ষ্টিউ পালে নাখামনে?’ তিনিও হোহোৱাই হাঁহি উঠিল।

    অগ্যতা তুলিকাও বহিল। খাই বৈ উঠে মানে পশ্চিমৰ আকাশত বেলি লহিয়াবৰ হ’ল। তাৰেপৰাই তাই আৰু ৰায়ানে ভাগে ভাগে নিজৰ গাড়ী লৈ উভতি যোৱাৰ কথা। লিয়ামৰ ঘৰৰ পৰা ওলাওঁতেই ৰায়ানে ক’লে,

    ‘আজিৰ দিনটোৰ বাবে বহুত ধন্যবাদ তুলিকা। এটা দিনতে বহুত কথা শিকিলোঁ- হাতে-কামে। তোমাৰ নিজৰ বিষয়ে জনোৱাৰ বাবেও ধন্যবাদ! এনে কামৰ আঁৰত সদায়ে একোটা ব্যক্তিগত টান সোমাই থাকে। সেইটো জনাটোও আমাৰ কাৰণে দৰকাৰী।’

    ‘তোমাকো ধন্যবাদ, ৰায়ান। মোৰ কথাতেই কামত লগ দিলাহি যে!’

    সি হাঁহিলে। গাড়ীৰ দুৱাৰ খুলিবলৈ লৈ হঠাৎ মনত পৰাৰ দৰে ক’লে,

    ‘আজি সন্ধিয়া অন্য প্লেন নাই যদি ডনিলীৰ পাবলৈ আহিবা নেকি? আমাৰ কাকতৰ বাৰ্ষিকীৰ পাৰ্টি তাত। গতিকে সকলোকে লগ পাবা। নেচাৰৰ পৰাও ডেৰেন আৰু লিছা অহাৰ কথা।’

    তুলিকাৰ মনত পৰিল, সেই নিমন্ত্ৰণী তাই ইমেইলত ঠিকেই পাইছিল । একো উত্তৰ নজনাই সামৰি থৈছিল। এতিয়া ৰায়ানে সোধাত পেলাব নোৱাৰি ক’লে, ‘আজৰি থাকিলে যাব পাৰোঁ। ৰ’ৱা মোৰ গুগল কেলেণ্ডাৰত কিবা বুকিং আছে নেকি চাই লওঁ।’

    বেকপেকৰ পৰা উলিয়াই তাই ফোনটো চালে। কেলেণ্ডাৰ খোলাৰ আগতেই জিলিকি উঠিল পাঁচটা মিছড্‌ কল।

    বিদ্যুতৰ!

    বিদ্যুতৰ কল!

    তুলিকা যেন স্তব্ধ হৈ পৰিল। কিয়? কিয় ফোন কৰিছে বিদ্যুতে? কি বিচাৰিছে সি? কিয় সাৰ পোৱাই দিব খুজিছে হৃদয়ৰ সুপ্ত ঘাঁবোৰ?

    ‘তুলিকা?’ ৰায়ানৰ মাতত তাইৰ সম্বিত ঘুৰি আহিল।

    ‘হু… আঁ..। মোৰ দৰকাৰী এপইণ্টমেণ্ট এটা আছে। মই আজি নোৱাৰিম ৰায়ান।’

    ৰায়ানে কি ক’লে তাই যেন শুনাই নাপালে। যন্ত্ৰবৎ খোজেৰে তুলিকাই নিজৰ মিনি কুপাৰখনলৈ বুলি আগবাঢ়ি গ’ল। চালকৰ আসনত বহি দুৱাৰখন বন্ধ কৰি তাই বুকুখন হেঁচা মাৰি ধৰিলে। ৰায়ান গুচি যোৱাৰ পিছতো বেছ কিছুপৰলৈ সেই পাৰ্কিং লটত তুলিকাৰ মিনিকুপাৰখন স্থানুৰ দৰে ৰ’ল।


    Saturday, 18 November 2023

    ফাৰমানা (চতুৰ্দশ খণ্ড)

    ফাৰমানা হাউছৰ ৰাজহুৱা প্ৰেক্ষাগৃহ। তাতে আজিৰ কৃষক সভা৷ এই সভাত মাৰ্ক আৰু তুলিকাই একেলগে যোগ দিয়াৰ কথা আছিল যদিও পুৱাতে মাৰ্কৰ ফোন পাই তাই অকলেই আহি পাইছেহি। দৰ্শকৰ সন্মুখৰ শাৰীত বহি লৈ নেচাৰৰ ফালৰ পৰা কি ক’বগৈ লাগিব তাৰে যি পাৰে প্ৰস্তুতি চলাইছে। অনুষ্ঠানৰ গুৰি ধৰিছে উত্তৰ আয়াৰলেণ্ডৰ চৰকাৰী গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় বিভাগৰ এগৰাকী বিষয়াই। মঞ্চত থিয় দি কোট টাই পৰিহিত মানুহজনে নিজৰ চিনাকি দিছে,

    ‘মোৰ নাম এলেন মেগগিল। আপোনালোক সকলোকে সভালৈ আদৰণি জনাইছোঁ। আজিৰ সভাৰ উদেশ্য হৈছে আপোনালোকক চৰকাৰৰ পৰিৱেশ সাপেক্ষ কৃষি আঁচনিৰ সবিশেষ জনোৱা আৰু এই আঁচনিত যোগ দিবলৈ আগ্ৰহী সকলক সহায় কৰা। মোৰ সৈতে আছে উত্তৰ আয়াৰলেণ্ডৰ কেইবাটাও প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় সংগঠনৰ বিষয়ববীয়াসকল।’

    তেওঁ কাৰ্য্যসূচীখনৰ পৰা নামবোৰ চাই চাই সকলো বিষয়ববীয়াক চিনাকি কৰি দিছে। তুলিকাই গম পালে, তাইৰ লগতে আৰু চাৰিটা সংগঠনৰ পৰা বিষয়া আহিছে। তাইৰ কাষতে বহা গৰাকীয়ে হাতখন আগবঢ়াই দি ক’লে,

    ‘তুমি নেচাৰৰ তেন্তে? মই পল। আলষ্টাৰ ৱাইল্ডলাইফৰ পৰা আহিছোঁ।’ পলৰ দেহত পেটাগ’নিয়া ব্ৰেণ্ডৰ এটা পাতল নীলা জেকেট, মুগা বৰণীয়া ফিল্ড ট্ৰাউজাৰৰ সৈতে গাম বুট। দেখাত ভাৱ হয় যেন হাবিয়ে-জংঘলে, পাহাৰে-পথাৰেই তেওঁৰ জীৱন। গালে-মুখে দশকজোৰা অভিজ্ঞতাৰ ৰেখা। ফাৰমানা হাউছৰ এই পৰিৱেশৰ পৰা ওলাই এইমাত্ৰই প্ৰকৃতিৰ কোলাত সোমাই পৰিবলৈ সাজু তেওঁ!

    তুলিকাই সৌজন্যসূচকভাৱে হাঁহি এটা মাৰি কৰমৰ্দন কৰিলে, ‘লগ পাই ভাল লাগিল! মই তুলিকা।’

    ‘তোমাক আগতে দেখা বা নাম শুনা মনত নপৰে।’

    ‘মই নেচাৰত যোগ দিয়া ছমাহ হৈছেহে।’

    ‘অঁ সেইকাৰণে। তেন্তে আজিৰ এই কাম তুমি আগেয়ে কেতিয়াও কৰা নাই!’

    ‘হয়। আজি প্ৰথম। তোমাৰ?’

    ‘বাৰ বছৰ হৈ গ’ল বুজিছা। অতবছৰে খেতিয়কক পৰামৰ্শ দি দি তেওঁলোকৰ খেতিৰ সকলো কথা মোৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ দৰেই হৈছেগৈ।’

    ‘আপুনি নিজে খেতি কৰেনে?’

    ‘নকৰোঁ, কিয় সুধিলা?’

    এলেনে পুনৰ মাইক লোৱাত তেওঁলোকৰ কথা-বাৰ্তাত যতি পৰিল। তেওঁ এটা এটাকৈ চৰকাৰী আঁচনিৰ অনুচ্ছেদবোৰ ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিবলৈ আৰম্ভ কৰিলে। লগতে কৈ গ’ল লখ আৰ্ণৰ প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা। তাৰ মাজতে এগৰাকী খেতিয়কে হাত দাঙিলে,

    ‘এলেন, এই আঁচনিত সোমালে আমাৰ কি লাভ হ’ব?’

    ‘বঢ়িয়া প্ৰশ্ন!’ এই প্ৰশ্নত যেন তেনেই অভ্যস্ত এনে ভাৱত এলেনে কৈ গ’ল, ‘এই আঁচনিয়ে আপোনাৰ খেতিত লোৱা পৰিৱেশৰ বন্ধুত্বসুলভ পদক্ষেপবোৰৰ বাবে ভাগে ভাগে অনুদান আগবঢ়াব । সেইবুলি নিজৰ ইচ্ছামতেই বাচ-বিচাৰ নোহোৱাকৈ সেইবোৰ যোগ দিব নোৱাৰিব পিছে। চৰকাৰী সাহাৰ্য্যতে আপোনালোকে নিজৰ পথাৰখনৰ বাবে মেনেজমেণ্ট প্লেন লিখি উলিয়াবলৈ একোগৰাকী পৰামৰ্শদাতা ল’ব পাৰিব। তেওঁলোকে আপোনাৰ পথাৰখন চাই-চিতি প্ৰকৃতি সংৰক্ষণৰ কাৰণে কি কি পদক্ষেপ ল’ব পাৰি তাৰ পৰামৰ্শ দিব। তাৰবাবে কিমান চৰকাৰী অনুদান পাব তাৰো হিচাপ দিব। অলপ আগতে চিনাকি কৰি দিয়া সকলো বিষয়ববীয়াকে পৰামৰ্শদাতাৰ দায়িত্ব ল’বলৈ চৰকাৰীভাৱে অনুমোদন জনোৱা হৈছে। তেওঁলোকে ক্ষন্তেক পিছতে এইবিষয়ে ভালকৈ বুজাই ক’ব।’

    ‘এই আঁচনিখন হেনো ইউৰোপীয়ান ইউনিয়নে অনুদান দিয়া টকাৰে কৰা। ব্ৰেক্সিটৰ পিছত উত্তৰ আয়াৰলেণ্ডকে ধৰি যুক্তৰাজ্য ইউনিয়নৰ পৰা ওলাই আহিলে কি হ’ব?’ দৰ্শকৰ একেবাৰে শেষৰ শাৰীৰ পৰা অহা প্ৰশ্নটোৰ বাবে এলেন যেন সাজু নাছিল! তেওঁৰ লগতে প্ৰায় সকলোৱে সেইফালে ঘুৰি চালে।

    আৰে, কেমেৰা আৰু নোটবুক লৈ সেয়াচোন ৰায়ান! সেই একেই পনিটেইল, দুচকুত নীলিম সাগৰৰ জিলিঙণি আৰু মিঠা হাঁহিটোৰে সি শেষৰ শাৰীত থিয় দি আছে। ৰিপৰ্টিঙৰ কামতে আহিছে চাগৈ! তুলিকাই মনে মনে ভাৱিলে, আস্‌ তাইক যে ৰায়ানে ইমেইল কৰিছিল তাৰ উত্তৰেই দিয়া হোৱা নাই!

    ‘সেইবিষয়ে আমি এতিয়াও গুণাগথা কৰি আছোঁ। কিন্তু আপোনালোক নিশ্চিত থাকক। এই আঁচনিৰ বাবে অহা পাঁচ বছৰলৈ অনুদান ইতিমধ্যে আমাৰ হাতত আছে। ব্ৰেক্সিটৰ ফলত আহিব পৰা যিকোনো পৰিৱৰ্তন তাৰ পিছতহে কাৰ্য্যকৰী হ’ব।’

    এইবাৰ এলেনৰ অনুৰোধত অন্য সংগঠনৰ বিষয়াসকলে এজন এজনকৈ বক্তব্য ৰাখিলে। প্ৰত্যেকেই চৰকাৰী আঁচনিখনৰ কথা যিমান ক’লে, সিমানেই পৰামৰ্শদাতাৰ বাবে নিজৰ দক্ষতাও প্ৰকাশ কৰিবলৈ তৎপৰ হোৱা যেন লাগিল তুলিকাৰ। তেতিয়াহে তাই উপলব্ধি কৰিলে, আজিৰ সভাতেই তেনে খেতিয়কসকলে নিজৰ বাবে উপযুক্ত পৰামৰ্শদাতাৰ বাচনি কৰিব। ঠিকেই, মাৰ্কে কৈছিল, চৰকাৰী পুঁজিৰ পৰাই খেতিয়কে এই পৰামৰ্শদাতাসকলক নিযুক্তি দিয়ে। কাম যথেষ্ট, কিন্তু সেই হিচাপত কমিছনো ভাল। তাৰমানে এই সভা কেৱল চৰকাৰী আঁচনিৰ ব্যাখ্যাই নহয়, পৰামৰ্শদাতাৰ নিৰ্বাচনী সভাও!

    কথাটোৰ গুৰুত্ব উপলব্ধি কৰি তুলিকা ভীষণ অপ্ৰস্তুত হোৱাদি হ’ল। মাৰ্ক নথকাৰ বাবে বৰ অসহায় যেন ভাৱ হ’ল। ৰাজহুৱাকৈ কথা ক’বলৈ ল’লে এনেয়েও তাইৰ উশাহবোৰ চুটি হৈ আহে। বুকুৰ ঢিপ ঢিপ শব্দটো কাণ তাল মাৰি যোৱাকৈ ডাঙৰ হৈ পৰে। তাতে এতিয়া আকৌ মঞ্চলৈ উঠি গৈ এই কামত নিজৰ দক্ষতা জাহিৰ কৰাৰ কাৰবাৰ! তাইৰ নিজৰ মনলৈকে সেই আত্মবিশ্বাস অহা নাই, আনক কেনেকৈ বিশ্বাস কৰাব? ইতিমধ্যে তাইৰ কাষৰ পৰাই উঠি গৈ পলে গৰ্বেৰে ক’বলৈ আৰম্ভ কৰিছে আজি বাৰ বছৰে তেওঁ কিমান খেতিয়কক সহায় কৰিছে, কিমানবোৰ মেনেজমেণ্ট প্লেন লিখিছে। আইৰিছ খেতিৰ সকলো তথ্য তেওঁৰ নখ-দৰ্পনত! তেওঁৰ কথা শুনি শুনিয়ে তুলিকাই ঠিক কৰিলে, তাই সেইবোৰ একোকে নকয়গৈ। ক’ব নোৱাৰেও। কাৰণ সেইবোৰ হ’ব ভাও দিয়াৰ দৰে কথা- নিজৰ আগতো, খেতিয়কৰ আগতো। থেৰাপিষ্ট মিচেলৰ কথা মনত পেলালে তাই, ‘তুমি নিজক চুই চোৱা। আনে কি ভাৱে নাভাৱে বা তোমাৰ লগ দিব নে নিদিয়ে সেই সকলোবোৰ পাহৰি কেৱল নিজে নিজৰ কাষত থিয় দিবলৈ শিকা!’

    এলেনে তাইৰ নাম ঘোষণা কৰাৰ লগে লগে তুলিকাই যিমান পাৰি অপ্ৰস্তুত ভাৱটো লুকুৱাই মঞ্চলৈ উঠি গ’ল। এলেনক ধন্যবাদ জনাই স্পীকাৰটো ল’লে। মঞ্চত থিয় দিয়াৰ লগে লগে তাইৰ চকুত পৰিল কোঠাটোৰ ত্ৰিছ-চল্লিছজনমান খেতিয়কৰ মুখ। তাৰে মাথোঁ কেইগৰাকীমানহে মহিলা। তাৰ মাজত কেইবাখনো চিনাকি মুখ দেখি তাই কিছু সকাহ পালে। লখ আৰ্ণৰ পাৰৰে খেতিয়ক যেতিয়া এওঁলোকৰ প্ৰায় সকলোকে আগতে ব্যক্তিগতভাৱে লগ নাপালেও তাইৰ কিজানি ফোনত কথা হৈছে। দীঘলকৈ এটা উশাহ টানি তাই সভাত উপস্থিত সকলোলৈ চাই পোনেই সুধিলে,

    ‘আপোনালোকৰ কিমানে কৰ্ণক্ৰেক চৰাইৰ ‘ক্ৰেক ক্ৰেক’ মাত শুনি পথাৰত কাম কৰা মনত আছে বাৰু?’

    এগৰাকী সত্তৰোৰ্ধৰ ব্যক্তিয়ে হাত দাঙিলে। বাকী সকলো নীৰৱে ৰ’ল।

    ‘কাৰলিউ চৰাইৰ ‘কাৰলিউ কাৰলিউ’ মাত কিমানে শুনিছে?’ তুলিকাৰ পুনৰ প্ৰশ্ন।

    কেইবাখনো হাত উঠিল এইবাৰ।

    ‘ধন্যবাদ! গতিকে আপোনালোকে নিজৰ জীৱনতে দেখিছে এই কৰ্ণক্ৰেক, কাৰলিউৰ দৰে চৰাইবোৰ কেনেকৈ কমি আহিছে। সেই একেটাই কথা খাটে ফাৰমানাত পোৱা দুষ্প্ৰাপ্য পখিলা আৰু মথৰ ক্ষেত্ৰত। আপোনালোকৰ পথাৰত প্ৰতিটো বসন্ততে ফুলা বনৰীয়া ফুল আৰু সেই ফুলৰ জহতে জীয়াই থকা মাখি-পোক-পতংগবোৰৰ ক্ষেত্ৰত!’

    তুলিকা ক্ষন্তেক ৰ’ল। দেখিলে, কোঠাটোৰ শেষৰ শাৰীত ৰায়ানে খৰকৈ নোটবহীত লিখিছে৷ সভাঘৰ ইমানেই নিজম যে সেই খচ খচ শব্দ আহি তাইৰ কাণত পৰিছেহি।



    ‘মই ফাৰমানালৈ অহা মাথোঁ ছমাহ হৈছে। এই ছমাহতে ইয়াত প্ৰকৃতিৰ ৰূপ দেখি অভিভূত হৈ পৰিছোঁ। প্ৰতিদিনে আইৰিছ খেতি আৰু সমাজ-সংস্কৃতিৰ নতুন নতুন কথা শিকিছোঁ। কাৰলিউ দেখাৰ সৌভাগ্য হৈছে কিন্তু মই নিজেও কেতিয়াও কৰ্ণক্ৰেক চৰাই দেখা নাই। আপোনালোকৰ পৰাই শুনিছোঁ কেনেকৈ এটা সময়ত আইৰিছ পথাৰবোৰ এই চৰাইৰে ভৰি আছিল। সিহঁতৰ মাত হৈ পৰিছিল আইৰিছ খেতিৰ গানৰ এটা সুৰ। ভাৱকচোন, এনেকৈ গৈ থাকিলে এটা সময়ত আপোনাৰ নাতি-নাতিনীৰ বাবেই এই সুন্দৰ চৰাইবোৰ, প্ৰকৃতিৰ ৰূপ আৰু ৰংবোৰ এদিন সাধুকথাৰ দৰে হৈ পৰিব। পিছৰ প্ৰজন্মটোৰ কাৰণেই এই সকলোবোৰ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য নহয়নে?’

    সভাঘৰ এতিয়াও নিজম। তুলিকাৰ মাতলৈ ইতিমধ্যে স্বাভাৱিক সুৰটো ঘুৰি আহিছে। বুকুৰ কঁপনিটো কমি আহিছে। তাই কৈ গ’ল,

    ‘আপোনালোকৰ পথাৰবোৰ লখ আৰ্ণৰ পানীয়ে প্ৰায়ে বুৰাই ৰাখে। অতিপাত জেঁকা হোৱাৰ কাৰণে অন্য খেতিটো কৰিব নোৱাৰেই, গৰু-ভেড়াৰ কাৰণে ঘঁহ-বন কৰিবলৈকো টান। ফাৰমানাৰ বতৰ আৰু জেঁকা মাটিত আপোনালোকৰ কিমান কষ্ট হয় আমি বুজোঁ৷ গতিকে আমি ভাৱোঁ, চৰকাৰৰ এই সহায় আপোনালোকে লোৱা উচিত৷ আপোনাৰ পথাৰৰ কাঁটা তাৰৰ বেৰ, জপনা, গৰুৰ পানী খোৱা পাম্প পৰ্য্যন্ত চৰকাৰেই যোগান ধৰিব৷ আপোনালোকে মাথোঁ সেইবোৰ কৰোঁতে এই কাৰলিউ, গঙাচিলনীৰ দৰে চৰাইবোৰৰ কথাও ভৱাটো গুৰুত্বপূৰ্ণ । কাৰণে খেতি ভাল নোহোৱা এই জেঁকা পথাৰবোৰেই আয়াৰলেণ্ডৰ বহুখিনি দুস্প্ৰাপ্য চৰাইক বচাই ৰাখিছে। ফাৰমানাৰ প্ৰকৃতি সংৰক্ষণৰ কাৰণে সেইখিনি কৰিবলৈ আপোনালোক আগ্ৰহী নে?’

    এইবাৰ একেলগে বহুকেইখন হাত উঠিল। চৰকাৰৰ আঁচনি আৰু মেনেজমেণ্ট প্লেনৰ বহুজনে বহু প্ৰশ্ন সুধিলে। এলেন উঠি গৈ তুলিকাৰ লগতে সেই প্ৰশ্নবোৰৰ উত্তৰ দিলেগৈ। জাউৰিয়ে জাউৰিয়ে পৰা হাত চাপৰিৰ মাজেৰে তুলিকা মঞ্চৰ পৰা নামি আহিল।

    সিদিনা সভা ভংগ হোৱাৰ পিছত কেইবাগৰাকী খেতিয়কে আহি তাইৰ পৰা বনৰীয়া ফুলৰ কাৰ্ডবোৰ নিলেহি। ‘ৱেলকাম ট্যু ফাৰমানা!’ কেইবাখনো নতুন মুখে ক’লেহি।

    একেবাৰে শেষত থিয় দিলেহি ৰায়ান!

    ‘হাই তুলিকা, হুৱাটছ্‌ দ্য ক্ৰেইক? কি খৱৰ?’

    ‘ভাল ভাল, তোমাৰ কেনে? তুমি ইয়ালৈ আহিবা বুলি জনা নাছিলো!’ তুলিকাই ক’লে।

    ‘কি কৰিবা! য’তেই বাতৰি ত’তেই সাংবাদিক। চৰকাৰী আঁচনিখনৰ বিষয়ে জানিবলৈকে আহিলোঁ। পিছে তুমি দিয়া কথাটো কেতিয়ালৈ ৰাখিবা?’ ৰায়ানে হাঁহি হাঁহি সুধিলে।

    সি কোনটো কথা সোঁৱৰাব খুজিলে তাই বুজিলে। তথাপি এটা দুৰ্বল প্ৰতিবাদ কৰাদি কৰিলে তাই, ‘কিন্তু…. কিন্তু মইতো এতিয়াও একেবাৰেই নতুন!’

    ৰায়ানে হোহোৱাই হাঁহি পেলালে। হাঁহিলে তাৰ চকুদুটা মুদ খাই পৰে। ওপৰৰ পাৰিৰ ৰ্বেঁকা দাঁত এটা ওলাই পৰে। বৰ ধুনীয়া দেখায়- সুখী মানুহ যেন দেখায় ৰায়ানক, তুলিকাই ভাৱিলে। হাঁহি হাঁহিয়ে সি ক’লে,

    ‘সেইটোৱেতো আকৰ্ষণীয়! এই অলপ আগতে নেদেখিলানে তোমাৰ কাৰ্ড ল’বলৈকে কিমানগৰাকী খেতিয়কে শাৰী পাতিলেহি। সুদুৰ ভাৰতৰ পৰা আহি তুমি কেনেকৈ ইয়াত কাম কৰিছাহি, আয়াৰলেণ্ডৰ প্ৰকৃতি সংৰক্ষণত লাগিছাহি সেয়া জানি মানুহে খুউব ভাল পাব। আৰু তুমি কোৱাৰ দৰেই সাক্ষাৎকাৰৰ সলনি যেনেকৈ বিচাৰা তেনেকৈয়ে কাম দেখুৱাব পাৰা। প্লিজ না নকৰিবা।’

    উপায়ন্তৰ হৈ তুলিকাই মানি ল’লে, ‘ঠিক আছে। মোৰ লগত এদিন ওলাবা কাম চাবলৈ। যি জানিব খোজা তেতিয়াই সুধিব পাৰিবা।’

    ‘কেতিয়া?’

    তুলিকাই বুজিলে, ৰায়ান সহজে এৰা বিধৰ মানুহ নহয়। তাই আকৌ পিছুৱাব পাৰে বুলি জানিয়ে সি দিন-বাৰ পৰ্য্যন্ত ঠিক কৰি পেলাব খুজিছে।

    ‘অহা সোমবাৰে। সেইদিনা মোৰ এটা জৰীপ আছে। তেতিয়া তোমাকো লগতে লৈ যাব পাৰিম।’

    ‘বঢ়িয়া। সোমবাৰেই লগ পাম তেন্তে। কেণ্ট ৱেইট!’

    বিদায় দি ৰায়ান গুচি যোৱাৰ পিছতো বেছ কিছুপৰলৈ তুলিকাই সেইফাললৈকে চাই ৰ’ল।


    Saturday, 11 November 2023

    ফাৰমানা (ত্ৰয়োদশ খণ্ড)

    ‘মা মা, কি আনিছোঁ চোৱাহি!’ 

    মিনলাৰ চিঞৰত আন্যা ভিতৰৰ পৰা দৌৰি অহাদি আহিল। মাৰ্কে ঘৰৰ সন্মুখত গাড়ীখন ৰখাইছেহে। অ’ৰমা টাউনৰ শনিবৰীয়া বজাৰলৈ গৈছিল মাৰ্ক আৰু মিনলা। পৰিয়ালটোৰ বাবে এইটো এটা দৈনন্দিন ৰুটিনত পৰিণত হৈছে। প্ৰতি শনিবাৰে সেই বজাৰৰ পৰা খেতিয়কে বেচিবলৈ অনা সজীৱ শাক-পাচলি আনিবলৈ মাৰ্ক আৰু মিনলা ওলাই যায় । তাতে হৰেক ৰকমৰ অন্য বস্তুও ওলায়। বজাৰৰ একাষে পতা ফুড কৰ্টত পোৱা যায় নানা স্থানীয় খাদ্য। গতিকে মাৰ্ক আৰু মিনলাই তাতে আগবেলাটো ঘুৰি ফুৰি বজাৰ কৰে। উভতাৰ সময়ত দুপৰীয়াৰ সাঁজৰ বাবে ফুড কৰ্টৰ পৰাই খাদ্য কিনি লৈ আহে। আন্যাই সেই শনিবৰীয়া বজাৰ মাৰ্ক আৰু মিনলাৰ দৰে হেনো উপভোগ কৰিব নোৱাৰে হেনো। ইমান মানুহৰ সমাগম, চৌদিশে ইমান বয়-বস্তু! সেই সকলো শব্দ-গোন্ধ-দৃশ্য মিলি তেওঁৰ পঞ্চইন্দ্ৰিয়ৰ ওপৰত বৰ হেঁচা পৰাৰ দৰে অনুভৱ কৰে যেন। এপাক ঘুৰিয়েই বৰ ভাগৰি পৰে তেওঁ। সেয়ে পৰাপক্ষত তেওঁ তালৈ নগৈ সেইখিনি সময় নিৰলে পিয়ানোৰ সন্মুখত বহে। ঘৰতে আপোনপাহৰা হৈ ৰয় পিয়ানোৰ সুৰৰ মাজত।

    ‘কি আনিলা?’ মিনলাক কান্ধত ধৰি গাড়ীৰ পৰা নামিবলৈ সুবিধা কৰি দি আন্যাই সুধিলে।

    মিনলাই হাঁহি হাঁহি তাইৰ কোঁচত থকা কাৰ্ডবোৰ্ডৰ বাকচটো মাকৰ হাতত তুলি দিলে। তাৰপিছত বাকচৰ ঢাকনিখন লাহেকৈ দাঙিলে। হঠাতে বাহিৰৰ উজ্বল পোহৰ পায়ে নেকি বাকচৰ ভিতৰত কপাহৰ মাজৰ পৰা টিটিয়াই উঠিল চাৰিটা কুকুৰা পোৱালীয়ে!

    ‘কুকুৰা পোৱালী!’ আন্যা আচৰিত হৈ পৰিল। লগে লগে যেন তেওঁৰ মনতে জিলিকি উঠিল এখন দীঘলীয়া তালিকা। কুকুৰাৰ খাদ্য, গঁড়াল, থোৱাৰ ঠাই, প্ৰতিদিনৰ যত্ন! কিন্তু মিনলাৰ উৎসাহ দেখি তেওঁ মনে মনে ৰ’ল। মিনলাই ইতিমধ্যে প্ৰতিটো পোৱালীৰ কপাহ কোমল কণমান দেহবোৰত আলফুলে হাত ফুৰাইছে। মুখেৰে ওলাইছে কিছুমান অস্ফুট শব্ধ ‘উহুহুহুহু-উমমম ইমান মৰমলগা’।

    ইতিমধ্যে মাৰ্কে গাড়ীখন গেৰেজত ভৰাই আহি আন্যা আৰু মিনলাৰ কাষতে থিয় দিছেহি। আন্যালৈ চাই তেওঁ কৈফিয়ৎ দিয়াৰ দৰে ক’লে, ‘এক পাউণ্ডত এটা পোৱলী জানা- দেখা পাই মিনলাই এৰি আহিবই নোৱাৰিলে।’

    আন্যাই মাথোঁ শান্তভাৱে হাঁহিলে৷ তেওঁ কুকুৰা পোৱালীকেইটাৰ লগতে ব্যস্ত হৈ থকা মিনলালৈ চাই ক’লে,

    ‘নাম একোটা দিব লাগিব তেনে?

    ‘মিনলাই আলফুলে এটা হাতত লৈ কয়, ‘এইটোৰ নাম মেংগ’!’

    মাৰ্ক আৰু আন্যা দুয়ো হাঁহি পেলালে! মেংগ’?

    ‘ওঁ, ইয়াৰ গাৰ বৰণটো চোৱা৷ আমটোৰ দৰে মিঠা হালধীয়া নহয় নে?’

    দুয়ো মূৰ দুপিয়ালে৷ ঠিকেই, এই কুকুৰা পোৱালিটো দেখিবলৈ একেবাৰে পকা আমটোৰ দৰেই৷ চোতালতে উলিয়াই লৈ বাকী তিনিটাৰো নাম তায়ে দিলে।

    ‘এয়া এলভিছ, এয়া ক্লাৰা আৰু এই কপাহ কোমল পোৱালিটো ফ্লাফি।’

    আন্যাই ক’লে, ‘চিকাৰী বেজ্জাৰ বা শিয়ালে ধৰি নিব নোৱাৰাকৈ গঁড়াল এটাও সাজিব লাগিল নহয়৷’ তেওঁলোকৰ ঘৰটো এনিছকিলেন টাউনৰ পৰা প্ৰায় বাৰ কিমি দূৰৈৰ এক কাণ্ট্ৰিছাইড মানে গাৱঁৰ দৰে ঠাইত। মানুহৰ সমাগম তেনেকৈ নাই। ওচৰতে এখন বিৰাট বৰ্ষাৰণ্যও। গতিকে দিনে-পোহৰেই ইয়াত বনৰীয়া জন্তু ওলায়।

    মাৰ্কে তপৰাই কৈ উঠিল, ‘তাৰো ব্যৱস্থা কৰিছোঁ৷ গঁড়াল এটাও লগতে কিনি আনিছোঁ ৷ একো সোমাব বা ভাঙিব নোৱাৰাকৈ মজবুত গঁড়াল!’

    দেউতাকৰ কথাত মনত পৰি এইবাৰ মিনলাই গঁড়ালটো আনিবলৈ গেৰেজলৈ দৌৰ দিলে। পোৱালি কেইটাই কিপ কিপ কৰি তাইৰ পিছে পিছে যাব খুজিলে৷ আন্যাই তৎক্ষণাত বাট ভেটি ধৰি চাৰিওটা পোৱালি ধৰি পেলালে৷ মাৰ্কে তাইলৈ চাই হাঁহিলে। আন্যায়ো৷ সেই একেই অন্তৰ পৰশা হাঁহি, সেই আকাশৰ জোনৰ দৰে প্ৰশান্তিময় মুখ- যি আজি বাৰবছৰ ধৰি মাৰ্কৰ হৃদয় জুৰাই ৰাখিছে। অথচ যোৱা কেইমাহমান ধৰি যেন সেই হাঁহি, সেই প্ৰশান্তি ক’ৰবাৰ কলীয়া ডাৱৰ এচপৰাই ঢাকি পেলাব খুজিছে। কিহবাই যেন লাহে লাহে কিন্তু অবিৰাম কুটি কুটি খাব খুজিছে আন্যাৰ হৃদয়ৰ ৰ’দজাক! কিয়, কেনেকৈ মাৰ্কে নাজানে। কিন্তু জানে, কিবা এটা হৈছে! আন্যাই মুখেৰে একো নক’লেও মাৰ্কে জানি গৈছে তেওঁৰ প্ৰিয় নাৰীগৰাকী ঠিকে নাই। সেয়ে ঠিকে নাই তেৱোঁ!



    নিশা শোৱাৰ আগে আগে মিনলাই কেইবাবাৰো গৈ গঁড়ালটো চালেগৈ৷ সাৰি-শব্দ নকৰাকৈ মেংগ’হঁত শুইছেনে নাই পৰীক্ষা কৰিলে৷ তাইক বুজাই বঢ়াই নিজৰ কোঠাত শুবলৈ দি এটা সময়ত মাৰ্ক বিছনালৈ আহিল৷ দেখিলে আন্যাই অন্য দিনাৰ দৰেই বিছনাতে গাৰুত আউজি লৈ কিতাপ এখন পঢ়ি আছে৷ মাৰ্ক তাইৰ কাষ চাপি গ’ল। আন্যাৰ ওঁঠযুৰিত চুমা এটা খালে৷ আন্যাই মাৰ্কৰ কেকুঁৰা চুলিখিনিত আলফুলে হাত বুলাই দিলে। কিন্তু আগৰদৰে তেওঁৰ বুকুৰ মাজত সোমাই নপৰিল। এখন হাতেৰে মাৰ্কক মেৰিয়াই ধৰি থাকিয়ে তেওঁ কিতাপখনলৈ উভতি যাব খুজিলে।

    ‘আৰ ইউ অলৰাইট? তুমি ঠিকে আছানে?’ মাৰ্কে সুধো নোসোধোকৈ সুধিলে৷

    ‘ঠিকেইতো আছোঁ৷ কিয় সুধিলা?’ একোৱে যেন হোৱা নাই তেনে ভাৱত কিতাপত চকু ৰাখিয়ে আন্যাই কথাষাৰ ক’লে।

    মাৰ্কে কি ক’ব ভাৱি নাপালে৷ সেয়ে তেওঁ প্ৰসংগ সলাই ক’লে, ‘এনেয়ে! আজি মিনলাৰ স্ফূৰ্তি দেখি বৰ ভাল লাগিছে জানা।’ আন্যাক প্ৰথমবাৰ লগ পোৱাৰ দিন ধৰি প্ৰতিটো মুহূৰ্ত সেই সত্ত্বাক নিজৰ সৈতে একাত্ম কৰিছে, লালন-পালন কৰিছে৷ তেওঁলোকৰ সেই দুই সত্বাৰ এক সন্মিলিত অংশ মিনলা প্ৰতিদিনে একলা দুকলাকৈ ডাঙৰ হৈ আহিছে৷ লগতে ডাঙৰ হৈ আহিছে তেওঁলোকৰ সপোনবোৰ৷

    ‘উম। সিদিনাৰ কথাটোত তাই বৰ বেয়া পাই আছিল নহয়!’

    সেই উল্লেখে যেন মাৰ্কক কিছু অসহজ কৰি পেলালে। তেওঁ বিছনাতে কিছু খচমচাই উঠিল। সিদিনা আৰ্ণ নৈৰ পাৰে পাৰে খোজ কাঢ়ি থাকোঁতে হঠাতে মিনলাই কথাটো উলিয়াইছিল। বন্ধু মেইভ আৰু ৰ’ৰিৰ লগত তাই বেলফাষ্টলৈ যাব খোজে। বজাৰ কৰিব, চিনেমা চাব আৰু ঘুৰিব। লগে লগেই মাৰ্কে কৈ উঠিছিল, নাই নাই তেওঁ দহ বছৰীয়া জীয়েকক তেনেকৈ অকলে ইমান দূৰলৈ যাবলৈ দিব নোৱাৰে।

    ‘অকলে নহয় দেউতা, মেইভ আৰু ৰ’ৰিও মোৰ লগত যাব। ৰাতিপুৱা যাম আৰু গধূলি ঘুৰি আহিম।’

    মাৰ্কে মানি ল’ব পৰা নাছিল। ইমান ডাঙৰ মহানগৰীত তাই হেৰাই গ’লে কি হ’ব? কেনেবাকৈ ঘুৰি আহিবলৈ বাছ নাপালে কি হ’ব? কোনোবাই কিবা অপকাৰ কৰিব খুজিলে কি হ’ব! মাৰ্কৰ দুৰ্ঘোৰ আপত্তিয়ে মিনলাক ভীষণ অসন্তুষ্ট কৰি পেলাইছিল। আন্যাই মধ্যস্থতা কৰাৰ সলনি মিনলাৰ হকেই মাত মাতিছিল। মিনলাই পাৰিব। তাই সৰু হৈ থকা নাই। নিজৰ দায়িত্ব নিজে ল’বলৈ শিকাৰ বয়সটো এইটোৱে।

    ‘তুমি সকলো কথাতে মোক আৱৰি ৰাখিব নোৱাৰা দেউতা! যি হ’বলগা থাকে সেয়াতো হ’বই! লাগিলে সেয়া ভালেই হওক, বেয়াই হওক।’ নৈৰ পাৰৰ শিল এটা বুটলি পানীলৈ জোৰেৰে দলিয়াই দি মিনলাই কৈছিল। তাইৰ মুখখন ৰঙা পৰি আহিছিল।

    ‘মিনলা! কি কৈছা সেইবোৰ!’ মাৰ্কৰ মাতটো ক’ব নোৱাৰাকৈয়ে ডাঙৰকৈ ওলাইছিল। সিদিনা গোটেই বাটটো মিনলাই টু শব্দ এটাও নকৰাকৈ ঘৰ পাইছিলগৈ।

    ‘ইমানকৈ চিন্তা নকৰিবাচোন মাৰ্ক।’ মাৰ্কক নীৰৱে থকা দেখিয়ে কিজানি আন্যাই ক’লে। ‘মিনলা ডাঙৰ হৈ আহিছে। তাই নিজৰ বাট নিজেই বিচাৰি লওক। এনেকৈয়ে দায়িত্ব ল’বলৈও শিকক।’

    ‘জানো আন্যা। মাত্ৰ বৰ টান হয় সেইটো ভাৱিবলৈ। মই মাথোঁ বিচাৰোঁ, যিমানেই ডাঙৰ নহওক তাই সেই বাটত অলপো থমকি ৰ’লে, পিছলৈ এবাৰৰ বাবেও ঘুৰি চাব লগা হ’লে তাই যাতে আমাক দেখা পায়। সদায়ে তাই হাতখন মেলি দিলে ধৰিবলৈ, অকণমান ভৰসা আৰু সাহস দিবলৈ আমি যাতে সদায়ে তাইৰ কাষত থাকিব পাৰোঁ।’

    আন্যাই মিচিকিয়াই হাঁহিলে। ক’লে, ‘সেয়া তাই জানে, মাৰ্ক। ভালকৈয়ে জানে! সেইকাৰণেইতো তাই ইমান সাহসী!’

    কথাটো হয়। আজি মিনলায়ো তেওঁক যেন একেই বুজনি দিছিল। সেই ঘটনাৰ পিছত যোৱা দুদিন মিনলাই তেওঁৰ সৈতে সদায় যোৱাৰ দৰে আবেলি খোজ কাঢ়িবলৈ যোৱা নাছিল। আজিহে যাওঁ নাযাওঁকৈ শনিবৰীয়া বজাৰলৈ ওলাইছিল।

    ‘ছ’ৰী মিনলা। সিদিনা মই ইমান খং খাব নালাগিছিল। মোৰেই ভুল।’ গাড়ীৰে বজাৰলৈ গৈ থাকোঁতে গানৰ ভলিউম কমাই লৈ মাৰ্কে লাহেকৈ কৈছিল। তেওঁলোকৰ সন্মুখত দুলি দুলি গৈ আছিল গাড়ীত সজোৱা ওলোমা ঘনকটো। ঘনকৰ প্ৰতিটো পৃষ্ঠাতে মিনলাৰ একোখন ছৱি। কেঁচুৱাৰ পৰা কিশোৰীলৈকে ভিন্ন ছৱি। মিনলাই নীৰৱে সেই ঘনকটোলৈ চাই থাকিল। মাৰ্কে সন্মুখৰ বাটটোত চকু থিৰ কৰি ৰাখিয়ে পুনৰ ক’লে,

    ‘মোক এতিয়াও বেয়া পাই আছা?’

    ‘মোক আৰু কেতিয়াও তেনেকৈ চিঞৰি কথা নোকোৱা বুলি কথা দিব পাৰিবা?’

    মাৰ্ক মমবাতিৰ দৰে গলিবলৈ আৰম্ভ কৰিছিল। এই ছোৱালীজনীক তেওঁ কেনেকৈ কষ্ট দিব পাৰে বাৰু! ‘নকওঁ, কেতিয়াও নকওঁ! প্ৰ’মিজ।’

    মিনলাৰ মুখখন কিছু পোহৰ হ’ল। মাৰ্কে আকৌ ক’লে, ‘তোমাৰ কিবা বিপদ হ’ব পাৰে বুলি চিন্তা কৰিহে তেনেদৰে হকা-বধা কৰোঁ মিনলা।’

    ‘মই নিজকে নিজে চাব জনা হৈছোঁ দেউতা। কিবা দিগদাৰ হ’লে তোমালোকক ফোন কৰিমেইতো। এতিয়া বেলফাষ্টলৈকে যাব নোৱাৰিলে ওঠৰ বছৰত নিউয়ৰ্কলৈ কেনেকৈ যাম দেউতা?’ তাই বুজনিৰ সুৰেৰে দেউতাকক ক’লে।

    ‘ঠিক আছে, যাবা। চাই আহিবা মহানগৰীৰ জীৱন!’ অ’ৰমাৰ বজাৰত গাড়ীখন ৰখাই মাৰ্কে কৈছিল। লগে লগে জাঁপ মৰাদি আহি মিনলাই দেউতাকক ডিঙিত মেৰিয়াই ধৰি কৈছিল, ‘থেংক ইউ! তোমাক বহুত ভাল পাওঁ দেউতা!’

    নিজকে সোঁৱৰাইছিল মাৰ্কে। এইবোৰ একোৱে নিজৰ শৈশৱত তেওঁ শিকা নাছিল। কয়লা খনিৰ শ্ৰমিক দেউতাকে মদৰ জালত যি ক’ব সেয়াই তিনিও ককায়েক-ভায়েক আৰু মাকে মনাতো বাধ্যতামূলক আছিল। তাৰ বিপৰীতে দিনে দিনে মাকজনী হৈ পৰিছিল নিৰ্মোহ। যেন যুঁজাৰ আগতেই হাৰ মানি গৈছিল তেওঁ। নাই, নাই। মাৰ্কে সেই পাৰিবাৰিক বৃত্তৰ পুনৰাবৃত্তি নকৰে। তেওঁ এগৰাকী ভিন্ন দেউতাক হ’ব বিচাৰে। মিনলাৰ ববে।

    ‘এই মিনলা আমাৰ চকুৰ আগতে কিমান খৰকৈ ডাঙৰ হৈছে চোৱাচোন। তাই ডাঙৰ নহ’লেই যেন ভাল পাম, এনে লাগে নহয়নে?’ আন্যাই ইতিমধ্যে কিতাপখন সামৰি থৈছে। একাষৰীয়াকৈ শুই থকা মাৰ্কৰ কাষ চাপি আহি বুকুতে মুখখন থৈছে।

    ‘সঁচা, কিমান খৰকৈ পাৰ হৈ গৈছে এই সময়বোৰ৷ প্ৰতিদিনে তাই নতুন কথা শিকিছে, নতুন দৃষ্টিৰে পৃথিৱীখন চাবলৈ আৰম্ভ কৰিছে৷’

    ‘তোমাৰ মনত আছে নে তাইৰ জন্মৰ সেই মুহূৰ্তটো?’

    ‘কিয় মনত নাথাকিব? আমিতো সজ্ঞানে প্লেন কৰা নাছিলো সন্তান এটাৰ বাবে৷’ মাৰ্কে ক’লে।

    ‘তুমি যে ক’ৰ পৰা ক’ত পালাহি মাৰ্ক!’ আন্যাই হাঁহি হাঁহি ক’লে।

    এই কথাষাৰ সুযোগ পালেই আন্যাই কয়। আৰু প্ৰতিবাৰেই মাৰ্কে হাঁহে। পৰিতৃপ্তিৰ হাঁহি। দুয়ো মানি লয়, আন্যা স্বয়ংক্ৰিয় মাক হোৱাৰ বিপৰীতে মাৰ্ক আছিল আকস্মিক দেউতাক! আন্যাই কেৱল মাৰ্কৰ বাবে সুদূৰ মিউনিখৰ পৰা আহি ফাৰমানাৰ জীৱন আপোন কৰি লৈছিল। বিয়াৰ প্ৰথম বছৰটো যেন দুয়ো দুয়োৰে মাজতে ডুব গৈ থাকিল। যুগ্ম জীৱনৰ প্ৰতিটো মুহূৰ্ত পৰিপূৰ্ণ হৈ উঠিছিল ভালপোৱাৰ আৱেশত। সেই বছৰৰে শেষৰ ফালে আন্যা সন্তান সম্ভৱা বুলি জানি মাৰ্ক কিছুপৰলৈ যেন কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল। বহুতো অনুভৱে অগা-দেৱা কৰিছিল। তেওঁ সঁচাই এটি সন্তানৰ দেউতাক হ’ব পাৰিবনে? অগা- দেৱা কৰিছিল শৈশৱৰ অন্ধকাৰ সময়খিনিয়ে, শ্ৰমিক দেউতাকৰ অহৰহ দাবী-ধমকি-মাৰ-পিটে, মাকৰ নিৰ্লিপ্ত মুখখনিয়ে। কিন্তু ক্ষন্তেকতে নিজকে সামৰি তেওঁ কৈছিল,

    ‘তুমি যেনেকৈ বিচাৰা তেনেকৈয়ে হ’ব আন্যা৷’

    ‘আমি বহুত সুখী হ’ম মাৰ্ক। চাবা তুমি!’ আন্যাই ভৰসা দিছিল। মাৰ্কৰ মনৰ সেই অসহায় অনুভৱ তাই বুজিছিল।

    এইবাৰ এটা ওলোটা এক প্ৰক্ৰিয়া আৰম্ভ হৈছিল যেন। এইবাৰ আন্যাৰ হেঁপাহৰ বাবে, সুখৰ বাবে মাৰ্ক সেই সূতাডালেৰে বান্ধ খাই পৰিছিল। কিন্তু প্ৰথমবাৰৰ বাবে হস্পিটেলত মিনলাক কোলাত লোৱাৰ লগে লগে যেন কিবা এটা বিস্ময়কৰ পৰিৱৰ্তনৰ সূচনা হৈছিল। সেই মুহূৰ্ততে মাৰ্কৰ মনৰ সকলো সন্দেহৰ দেৱাল খহি পৰিছিল। এই যে কণমানি কেঁচুৱাটি- এয়া তেওঁৰ আৰু আন্যাৰ সৃষ্টি৷ আন্যা আৰু তেওঁৰ ভালপোৱাৰ চিন৷ তেওঁৰ আৰু আন্যাৰ কোষৰ পৰাই বিকশিত অথচ এই মিনলা তেওঁ বা আন্যা নহয়। মিনলা এক ভিন্ন কিন্তু এতিয়াৰ পৰা এই পৃথিৱীত তেওঁলোকৰ আটাইতকৈ আপোন মানুহ! সৰ্বশৰীৰ শিহৰিত হৈ উঠিছিল তেওঁৰ।

    মিনলাৰ জন্মৰ পৰাই মাৰ্ক এক ভিন্ন মানুহ হৈ পৰিছিল যেন। পুৱা-গধুলি চৰাই চাবলৈ ফাৰমানাৰ হাবিয়ে-জংঘলে ঘুৰি ফুৰা মাৰ্ক ঘৰত ৰৈ গৈছিল। একলা দুকলাকৈ ডাঙৰ হৈ অহা মিনলাৰ সৈতেই প্ৰতি পল পাৰ কৰিব খুজিছিল। এক অপূৰ্ব সুখত মাৰ্ক আছন্ন হৈ পৰিছিল৷ এতিয়াও যেন তেনেকৈয়ে ৰৈছে তেওঁ। দেউতাকৰ চিনাকিটো, এজন ভাল দেউতাক হোৱাৰ সপোনটোৱে তেওঁৰ জীৱনৰ মূল সংকল্প হৈ পৰিছে যেন!

    ‘তুমি ঠিকেই কৈছিলা, আন্যা। আমি তেতিয়াও সুখী আছিলোঁ- কিন্তু মিনলাই অনা সুখৰ মাদকতা বহুত বেলেগ- বহুত।’ বিৰবিৰাই কথাষাৰ কৈ মাৰ্কে দেখিলে ইতিমধ্যে আন্যা তেওঁৰ বুকুতেই টোপনি গৈছে৷ তেওঁ আলফুলে তাইৰ মূৰটো দাঙি গাৰুটো তলত ৰাখিলে। টোপনিত লালকাল দিয়া আন্যাৰ চুলিত হাত ফুৰাই থাকি সিদিনা বহু নিশালৈকে অতীতৰ মধুৰ ৰোমন্থনত বন্দী হৈ ৰ’ল তেওঁ৷ সেইনিশা তেওঁক অন্য কোনো কথাই আমনি কৰিব নোৱাৰিলে। সিদিনা তেওঁ জনা নাছিল, তাৰ পিছৰ সপ্তাহতে ৰুঢ় বাস্তৱে এনেকুৱাকৈ তেওঁৰ সন্মুখত ধৰা দিব যে তেওঁৰ সেই সুখৰ ঘৰ কাঁচৰ দৰে থানবান হৈ যাব! অতীত-বৰ্তমানৰ ভেঁটিটোৱে নিশ্চিহ্ন হোৱাৰ উপক্ৰম হ’ব!

    সেইদিনা মিনলা ঘৰত নাই। ৱিকেণ্ডৰ দিন দুটা নিউ কেছলৰ খুড়াকৰ পৰিয়ালৰ সৈতে কটাবলৈ গৈছে৷ আন্যাৰ ভাল লাগিব বুলিয়ে নিশাৰ সাজৰ বাবে মাৰ্কে লাজানিয়া ৰান্ধিছিল৷ লাজানিয়া আন্যাৰ প্ৰিয় খাদ্য কিন্তু অতিশয় স্বাস্ব্যসচেতন বাবেই আন্যাই পৰাপক্ষত সেয়া নিজে নাৰান্ধে। মাৰ্কে পাকঘৰৰ অভেনত লাজানিয়া ভৰাই দি টাইমাৰটো আৰম্ভ কৰিলে৷ ‘দ্য ডাবলিনাৰছ’ৰ গানৰ লগে লগে তেওঁৰ শৰীৰটোও কিছু হালি-জালি থাকিল। কামৰ মাজতে বহা কোঠালৈ ভুমুকিয়াই চাই মাৰ্কে দেখিলে পূৰ্ণ গতিত টেলিভিছনত বিবিচিৰ বাতৰি চলি আছে৷

    তিনিবাৰকৈ মে’ই আগবঢ়োৱা ব্ৰেক্সিটৰ প্ৰস্তাৱ সংসদে প্ৰত্যাখ্যান কৰাৰ পিছত প্ৰধানমন্ত্ৰী টেৰেছা মে’ ই ভগ্ন কন্ঠেৰে ঘোষণা কৰিছে,’আই হেভ ডিচাইডেদ ট্যু ষ্টেপ ডাউন! মই পদত্যাগ কৰিছোঁ।’

    মাৰ্কৰ দুচকুৰ চেলাউৰি থিয় হৈছে! আস্‌৷ আৰু যে কিমান অনিশ্চয়তা আহিবলৈ আছে এইখন দেশলৈ৷ কিমান টানিব আৰু এই ব্ৰেক্সিটে? তেওঁ তাকে ক’বলৈ লৈ দেখা পালে আন্যাৰ ভ্ৰক্ষেপেই নাই টিভিত কি চলি আছে৷ তেওঁ যেন কোনোবা এখন অন্য পৃথিৱীত৷ স্থিৰ দৃষ্টিৰে তেওঁ চাই আছে খিৰিকীৰে দূৰ দিগন্তলৈ।

    একোকে নকৈ মাৰ্ক পাকঘৰলৈ উভতি আহিল। মনে মনে সিদ্ধান্ত কৰিলে, তেওঁৰ আৰু সহ্য নহয়- আজি সুধিবই তেওঁ- কি এনে যন্ত্ৰণাই খুলি খুলি খাইছে তেওঁৰ প্ৰাণৰ মানুহজনীক৷ তেওঁ যে জনাৰ বৰ দৰকাৰ৷

    এটা সময়ত দুয়ো ডাইনিং টেবুলত বহিল। আন্যাই ৰ’জে ৱাইনৰ বটলটো খুলি লৈ দুটা গিলাচত অলপ অলপ বাকিলে। মাৰ্কে অভেনৰ পৰা উলিয়াই আনিলে গৰম লাজানিয়া৷

    আন্যাই নিজৰ প্লেটত কিছু লৈ মুখত দিয়ে মাৰ্কলৈ চাই ক’লে,

    ‘খুউব ভাল ৰান্ধিছা মাৰ্ক! ইমান সোৱাদ হৈছে!’ মাৰ্কে মাথোঁ হাঁহিলে। প্ৰায় নীৰৱেই খাই উঠি দুয়ো মিলি প্লেটবোৰ ডিছ ৱাছাৰত এখন এখনকৈ ভৰালে। তাৰপিছত ৰৈ যোৱাখিনি আন্যাই ফ্ৰীজত ভৰালে৷ মাৰ্কে অপলক নেত্ৰে তাইৰ লয়লাস ভংগীবোৰ চাই চায়ে পাকঘৰৰ কাউণ্টাৰ চাফ-চিকুণ কৰিলে। আজি সুধিবই লাগিব, তেওঁ ভাৱি থাকিল। নহ’লে যে মনতে ভাৱি ভাৱি তেওঁ হাঁহাকাৰ কৰি থাকিব।

    ‘আন্যা, মই ঘপকৈ পোৱালি কেইটা চাই আহোঁ!’ কৈয়ে মাৰ্ক পাকঘৰৰ দুৱাৰেদি বাহিৰ ওলাল। গেৰেজত সোমাই একাষে থোৱা গঁড়ালটো চালে। মিনলা নথকা বাবে মাৰ্কৰ শুদা শুদা লাগিল। তাই থাকিলে যে প্ৰত্যকে দিনাই কুকুৰা পোৱালি কেইটাক ‘গুড নাইট’ ক’বলৈ গৈ তাই এপৰ লগায়৷ মাৰ্কে সময়ৰ কথা সোঁৱৰাই দি তাইক ভিতৰলৈ আনিব লাগে৷ আজি নিজেই তেওঁ মিনলাৰ দৰে কুকুৰা পোৱালি কেইটাক এবাৰ হাত বুলাই দিলে ৷ মেংগ’ আগবাঢ়ি আহি তেওঁৰ সোঁ হাতখনত ঠোঁটটোৰে কুটকুটাই দিলেহি৷ সিহঁতেও যেন বুজি পালে, মিনলা নাই আজি৷

    গেৰেজৰ পৰা ওলোৱাৰ আগেয়ে সদায়ে চোৱাৰ দৰে মাৰ্কে গাড়ী দুখনত চকু ফুৰালে। চকুত পৰিল, আন্যাৰ বগা আউডি গাড়ীখনত ভিতৰৰ লাইটটো অনেই হৈ থাকিল। তেওঁৰ হাতত থকা চাবিকোঁচাতে গাড়ীৰ চাবিটোও ওলমি আছিল। মাৰ্ক আগবাঢ়ি গৈ গাড়ীৰ দুৱাৰ খুলিলে। হাউলি ভিতৰৰ লাইটটো অফ কৰিবলৈ লৈ দেখা পালে গাড়ীৰ গ্ল’ভ কম্পাৰ্টমেণ্টটো আধা খোলা। তাত এটা টেবলেটৰ ষ্ট্ৰিপ! মাৰ্কে হাতত লৈ টেবলেটৰ নাম পঢ়ি চালে। লগে লগে তেওঁৰ ভ্ৰু কোঁচ খাই গ’ল! চিন্তা আৰু আশংকাই আগতকৈও তীব্ৰতাৰে তেওঁক মেৰিয়াই ধৰিলে যেন!

    মাৰ্ক শোৱাকোঠালৈ উভতি আহে মানে আন্যা ইতিমধ্যে বিছনাত৷ দুচকু মুদি আছে যদিও মাৰ্কে গম পালে, শোৱা নাই তেওঁ৷

    ‘আন্যা’ কোমলকৈ মাত লগালে মাৰ্কে।

    ‘হু’ আন্যাৰ জড়তা ভৰা মাত৷

    ‘টোপনি যোৱা নাই নহয় তুমি? আহাচোন অলপ কথা পাতোঁ!’

    ‘কোৱা’ দুচকু মুদি থাকিয়ে তাই ক’লে৷

    ‘মোলৈ চোৱাচোন আন্যা৷’ মাৰ্কৰ আকুলতাই আন্যাক বিচলিত কৰিলে কিজানি৷ তাই দুচকু মেলি অকণমান আউজি বহাৰ দৰে কৰিলে৷ কিন্তু মাৰ্কলৈ পোনপটিয়াকৈ নাচালে৷

    ‘তোমাৰ গাড়ীত এইমাত্ৰ এয়া দেখা পালোঁ৷ তুমি কেতিয়াৰ পৰা শ্লিপিং টেবলেট ল’বলৈ আৰম্ভ কৰিছা আন্যা?’ হাজাৰ চেষ্টা কৰা স্বত্বেও তেওঁ মাতটো আহত যেন শুনালে৷ সঁচাই আঘাত পাইছে তেওঁ। একেলগে একেখন বিছনাতে প্ৰতিনিশা শুয়ো তেওঁ ক’বই নোৱাৰে আন্যাই উজাগৰী সময় পাৰ কৰিছে। উপায় নাপাই শ্লিপিং টেবলেট খাইছে।

    আন্যই দোষী দোষী ভাৱেৰে ক’লে, ‘হ’ল এমাহমান৷’

    ‘তুমি মোক কোৱা নাই কিয়?’

    ‘তোমাক অযথা চিন্তাত পেলাব খোজা নাছিলো মাৰ্ক!’

    ‘তোমাক এনেকৈ মনৰ ভিতৰতে কষ্ট পাই দেখি মই তাতোকৈ বহুত বেছি চিন্তাত পৰা নাই জানো আন্যা! কিবা সমস্যা হ’লে আমি দুয়ো মিলি জানো সমাধান উলিয়াব নোৱাৰোঁ কোৱা! তুমি বা মই অকলে অকলে ভূগি থকাৰ কথাটো নহয় আন্যা! কি হৈছে খুলি কোৱাচোন।’

    এইবাৰ আন্যাই মাৰ্কলৈ চালে। এক কাতৰ আৰু অসহায় দৃষ্টিৰে। মাৰ্কৰ বুকুখন বিষাই উঠিল। তেওঁ যেন জানিহে এৰিব কি হৈছে এই প্ৰিয় নাৰীৰ! ইমান ভালপোৱাৰে উপচাই দিয়াৰ পিছতো কিয় তেওঁৰ এনে হৈছে?

    ‘আন্যা, মোক সঁচাই কোৱাচোন তোমাৰ কি হৈছে? মোকতো তুমি বিশ্বাস কৰিব পাৰা৷ তুমি জানা তোমাক কিমান ভাল পাওঁ৷ তোমাৰ বাবে যিকোনো কামেই কৰিবলৈ সাজু মই৷ মাথোঁ খুলি কোৱা মোক কি হৈছে তোমাৰ?’

    ‘মই বৰ অসুখী, মাৰ্ক! বৰ অসুখী!' আন্যাই হুকহুকাই কান্দি পেলালে।

    মাৰ্ক আচৰিত হয়, আশংকাত ডুব যায়। কি কৈছে আন্যাই এইবোৰ!

    ‘তুমিতো জানা, মিনলাৰ জন্মৰ পিছতে মোৰ প'ষ্ট পাৰ্টাম ডিপ্ৰেছন আৰম্ভ হৈছিল। তাৰপিছৰে পৰাই যেন কথাবোৰ বেলেগ হৈ গ'ল।'

    মনত আছে মাৰ্কৰ। সকলোবোৰ মনত আছে। আন্যাৰ ভোক নোহোৱা হৈছিল, টোপনি নোহোৱা হৈছিল। বিষণ্ণতাত ডুব গৈছিল তাই। সময়ৰ টিকনি ধৰি জীৱনৰ প্ৰতিটো দিন অতিবাহিত কৰা আন্যাই সময়ৰ আঁত হেৰুৱাই পেলাব খুজিছিল যেন৷ মাৰ্কে চিকিৎসকৰ ওচৰলৈ দৌৰাদৌৰি কৰিবলৈ আৰম্ভ কৰিছিল৷ দীঘলীয়া পেটাৰনিটি লিভ লৈ আন্যা আৰু মিনলা দুয়োকে চোৱাৰ দায়িত্ব লৈছিল৷ কিন্তু এয়াতো দহবছৰৰ আগৰ কথা?

    মাৰ্কৰ মনৰ ভাৱ বুজিব পাৰিয়ে কিজানি আন্যাই ক’লে,

    ‘সেয়া বহু আগৰ কথা কিন্তু তেতিয়াৰ পৰাই জীৱনটো যেন মই বেলেগকৈ চাবলৈ আৰম্ভ কৰিলোঁ! মই কি কৰিছোঁ, ক’লৈ গৈ আছোঁ সেইবোৰ বেলেগ ধৰণে ভাৱিবলৈ ল’লোঁ।’

    মাৰ্কৰ উপলব্ধি হ’ল তেওঁ ভৱাৰ দৰে কথাবোৰ একে হৈ ৰোৱা নাই। মিনলাই আনি দিয়া সুখ আৰু প্ৰশান্তিৰ চাদৰখনে আৱৰি ধৰি তেওঁক যেন অন্ধ কৰি পেলাইছিল। মাৰ্ক যিমানেই সংসাৰৰ দায়িত্ব চম্ভালাত ব্যস্ত হৈ পৰিল, সিমানেই কিজানি আন্যা আঁতৰি গ’ল সেই সুখৰ সংসাৰখনৰ পৰা৷ অনুশোচনাৰে ভৰি পৰিল মাৰ্কৰ হৃদয়। অতবছৰে তেওঁ তেনে নিজকে এটা মিছা সাধু কৈ আছিল?

    মাৰ্কৰ বুকুত সোমাই উচুপি থকা আন্যাক তেওঁ জোৰেৰে ধৰি থাকিল। উচুপনিৰ লগে লগে তাইৰ সমগ্ৰ শৰীৰটো জিকাৰ খাই খাই উঠিল৷ এটা সময়ত তাই অলপ শান্ত হ’ল। মাৰ্কৰ বুকুৰ মাজৰ পৰা লাহেকৈ ওলাই আহিল কিন্তু তেওঁৰ দুয়োখন হাততে জোৰেৰে খামুচি ধৰি থাকিল। তাৰপিছত পূৰ্ণাংগ দৃষ্টিৰে মাৰ্কলৈ চাই আন্যাই ক’লে,

    ‘মই আজি ছমাহমান ধৰি কাউন্সেলিং কৰি আছোঁ৷ মোৰ এই বিষণ্ণতাৰ বাবে৷ তোমাক দুখ দিব খোজা নাছিলোঁ৷ কিন্তু মই লাহে লাহে অনুভৱ কৰিছিলো মোৰ এই জীৱন যেন এক মিছা জীৱন৷ মোৰ এই চিনাকি, এই সুখ সকলোৰে ভেঁটিটো যেন ফোঁপোলা৷’

    ‘কিয় ভাৱিলা তেনেকৈ? মই কি ভুল কৰিলোঁ কোৱা৷’

    ‘মই জানিছিলো, তুমি নিজকে দোষ দিবা মাৰ্ক৷ সেই ভয়তে কোৱা নাছিলোঁ৷ কিন্তু তুমি বিশ্বাস কৰা, মোৰ সমস্ত অন্তৰেৰে তোমাক ভাল পাওঁ মই৷ মাথোঁ এতিয়া অনুভৱ কৰিছোঁ সেই ভালপোৱাৰ স্বৰূপ বেলেগ!’

    মাৰ্কে বুজি নাপায় আন্যাই কি ক’ব খুজিছে৷ আজি বাৰ বছৰে তেওঁ সদায়ে বুজি পোৱা, চিনি পোৱা এই আন্যা হঠাতে কিয় ইমান অচিনাকি যেন হৈ পৰিছে৷

    ‘বুজা নাই মই একোকে! বুজাই কোৱা মোক৷ ভালকৈ বুজাই কোৱা৷’ তেওঁ প্ৰায় কৰুণা ভিক্ষা কৰাৰ দৰে কৈ উঠিল৷ আন্যাই উচুপে৷ উচুপি উচুপি কয়, ‘ময়ো বুজা নাছিলো মাৰ্ক, বহু দিন বহু বছৰ ধৰি নিজকে চিনি পোৱা নাছিলো মই৷ কিন্তু বিশ্বাস কৰা তোমাৰ একো দোষ নাই এইবোৰ একোতেই৷ আমাৰ সম্পৰ্কৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ এই ধৰ্মসংকট!’

    আন্যাক এনেকৈ কেতিয়াও ভাঙি পৰা দেখা নাই মাৰ্কে৷ তাইৰ মানসিক অৱস্থাটোৱে তেওঁৰ মনলৈ আনি দিয়ে অসীম কাৰুণ্য৷ তেওঁ আকোঁৱালি লয় তাইক৷ দুয়োৰে চকুৰ টোপনিৰ জাল কাটি গৈছে ইতিমধ্যে৷

    ‘কিহৰ ধৰ্মসংকট? মই এতিয়াও একোকে বুজা নাই আন্যা!’

    আন্যাই নিজকে চম্ভালি লোৱাৰ চেষ্টা কৰিলে। মাৰ্কৰ ভাৱ হ’ল তাইৰ মনৰ ভিতৰতে গুজৰি গমৰি থকা হাজাৰটা ঢৌ যেন পাৰ ভাঙি ওলাই আহিব খুঁজিছে৷

    ‘ক’ম। সকলো বুজাই ক’ম। মাথোঁ তুমি জনাটো বিচাৰোঁ যেন ইয়াৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই, তোমাৰ কোনো দোষ নাই………মিনলাৰ জন্মৰ সময়ত আমাৰ ওচৰত পৰিয়ালৰ কোনো মানুহ নাছিল। কিন্তু ওচৰ-চুবুৰীয়া আৰু নেচাৰৰ মানুহে বহুত সহায় কৰিছিল। তাৰে এগৰাকী আছিল আমাৰ চুবুৰীয়া ভেৰ’নিকা। মনত আছেনে তোমাৰ?’

    আছে। মাৰ্কৰ সকলো মনত আছে। ভেৰ’নিকা চুবুৰীয়া, লগতে এগৰাকী ডাক্তৰো। গতিকে বহুবাৰ বহু প্ৰয়োজনত তেওঁ মাৰ্ক আৰু আন্যাৰ কাষত থিয় দিছেহি। মিনলাৰ জন্মৰ সময়তে গঢ়ি উঠা বন্ধুত্ব এতিয়াও একেদৰেই আছে।

    ‘এই ভেৰ’নিকাৰ লগতে মোৰ সম্পৰ্ক গভীৰ হৈ আহিল। আৰু আজি এবছৰ মানৰ পৰা অনুভৱ কৰিছোঁ সেই সম্পৰ্ক কেৱল বন্ধুত্ব নহয়, ভাল পাই পেলাইছোঁ ভেৰ’নিকাক!’

    মাৰ্কে যেন নিজৰ কাণ দুখনকে বিশ্বাস নকৰিব! কি কৈছে আন্যাই! কেনেকৈ সম্ভৱ এয়া! তেওঁৰ মুখৰ মাত হেৰাই যায় যেন।

    তাৰপিছত তেওঁ লাহে লাহে এটা এটাকৈ কৈ উঠে, ‘এয়া কেনেকৈ সম্ভৱ আন্যা? কি কৈছা তুমি?’

    ‘মই ঠিকেই কৈছোঁ মাৰ্ক! বিশ্বাস কৰা, মই নিজেও জনা নাছিলোঁ অতবছৰে৷’

    ‘তেন্তে এতিয়া কেনেকৈ?’

    ‘তোমাক কেনেকৈ ক’ম, কি বুলি বুজাম অতদিনে সেয়া ধৰিবই পৰা নাছিলোঁ, মাৰ্ক! বহুত ভাল পাওঁ তোমাক। কোনো কাৰণতে তোমাক দুখ দিব পৰা একোকে কৰিব নোখোজো মই। সেয়া তুমি জানা! কিন্তু মিনলাৰ জন্মৰ পিছৰ পৰাই যেন কিবা এটাই খুন্দিয়াই গৈছিল মোক৷ মোৰ ভিতৰখন কিবা এটা অন্ধকাৰ গহ্বৰত ডুব গৈছিল৷ প্ৰথমে ভাৱিছিলোঁ এয়া মাথোঁ প’ষ্ট পাৰ্টাম ডিপ্ৰেছন। গৰ্ভধাৰণৰ পিছতে বহু নাৰীয়ে ভোগা বিষণ্ণতা। চিকিৎসা কৰিলে, নিজৰ যত্ন ল’লেই ঠিক হৈ যাব। কিন্তু নহ’ল! এই খেলিমেলি ভাৱবোৰ যিমানেই আঁতৰাই ৰাখিব খুজিলোঁ সিমানেই তীব্ৰতাৰে কথাবোৰে মোক আঘাত কৰিবলৈ ধৰিলে৷ মোৰ ভিতৰত অহৰহ এটা টেপ বাজিবলৈ ধৰিলে৷ ক’বলৈ ধৰিলে, এই জীৱন মিছা, এই সত্ত্বা মিছা৷ সকলো মিছা৷ অথচ মোৰ বাবে মোৰ প্ৰাণতকৈ আপোন তুমি আৰু মিনলাৰে এখন ভৰাসংসাৰ৷ একো দুখ নাই আমাৰ৷ সঁচাই একো দুখ নাই৷ ইয়াতকৈ বেছি সাংসাৰিক জীৱনত কোনে কি সুখ-শান্তি আশা কৰিব পাৰে৷ লাহে লাহে বুজি উঠিছিলোঁ মই মনৰ কাৰাগাৰত বন্দী হৈ পৰিছোঁ৷ সেয়ে আজি ছমাহমানৰ পৰা কাউন্সেলিং ল’বলৈ আৰম্ভ কৰিলোঁ৷’

    মাৰ্কৰ বাবে যেন এখন নতুন পৃথিৱী মুকলি হৈ গৈছে৷ যিখন পৃথিৱীৰ সকলো ঘটনা-পৰিঘটনা তেওঁৰ চকুৰ সন্মুখতে ঘটি থাকিল কিন্তু তেওঁ অন্ধৰ দৰে চলা ফিৰা কৰি থাকিল! একোকে নেদেখাকৈ- একোকে নুশুনাকৈ!

    আন্যাই কৈ গ’ল, ‘থেৰাপিত নিজৰ বিষয়েই নজনা বহু কথা আৱিষ্কাৰ কৰিলোঁ৷ উপলব্ধি কৰিলোঁ, সমাজৰ কিছুমান ফোঁপোলা মূল্যবোধেৰে আমি কেনেকৈ অলপ অলপকৈ নিজেই মনত এক কাৰাগাৰ সাজোঁ৷ কেনেকৈ নিজকে সেই কাৰাগাৰৰ চাৰি দেৱালৰ মাজত বন্দী কৰি ছটফটাই মৰোঁ৷ যেতিয়া এই কাৰাগাৰৰ দেৱাল ভাঙি দি স্বচ্ছ পোহৰ আৰু বতাহ এজাক সোমাবলৈ দিলোঁ, তেতিয়াই বুজি উঠিলোঁ মই অন্য নাৰীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰোঁ৷ হয়তো সদায়ে কৰিছিলোঁ, কিন্তু সেইসময়ত কিজানি সেই অনুভৱক সজ্ঞানে চিনি পাব পৰাকৈ সৎ সাহস নাছিল মোৰ৷ নাইবা ভেৰ’নিকাই এতিয়া সেই সুপ্ত আবেগখিনিক সাৰ পোৱাই দিলে। সেয়া ঠিককৈ ক’ব নোৱাৰিম৷ কিন্তু এই মুহূৰ্তত এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্য, মাৰ্ক!’

    মাৰ্কৰ যেন ভৰিৰ তলৰ মাটি হেৰাই গৈছে। সময়ৰ গতি ৰৈ গৈছে তেওঁৰ বাবে। তেওঁৰ মন আৰু শৰীৰ যেন এজাক ধুমুহাই মুচৰি থৈ গৈছে! তথাপি এটা ভগ্ন কন্ঠেৰে তেওঁ সুধিলে,

    ‘তেন্তে আমি কি আছিলোঁ আন্যা?’

    ‘মাৰ্ক, আমাৰ ভালপোৱাও সত্য। বিশ্বাস কৰা, আকাশৰ জোনটোৰ দৰে সেয়া এক পূৰ্ণ সত্য। মাথোঁ ইয়াৰ স্বৰূপ সলনি হৈ পৰিল কিজানি৷ তোমাৰ প্ৰতি মই আগৰদৰে ৰোমাণ্টিক আকৰ্ষণ অনুভৱ নকৰোঁ। কিন্তু তুমি এতিয়াও আগৰদৰেই মোৰ আপোন, মাৰ্ক। সেয়া কেতিয়াও সলনি নহয়!’

    আন্যাই কৈ কৈ মাৰ্কক সাৱটি ধৰিলে। নিজৰ সমস্ত শক্তিৰে। দুয়ো দুয়োৰে কান্ধত মূৰ থৈ হুকহুকাই কান্দিলে। কেতিয়াবা যে পৰিস্থিতিয়ে মানুহক এনে কিছুমান বিন্দুলৈ লৈ যায়, য’ৰ পৰা ভালপোৱা আৰু ভালপোৱা ব্যক্তিৰ সৈতে একেলগে বাট বুলা অসম্ভৱ হৈ পৰে। সেই বিন্দুত মাথোঁ দুটা পথ থাকে- হয় ভালপোৱাৰ সেই চাকিগঁছি বুকুত লৈ অকলশৰে যাত্ৰা কৰা নহ’লে বাস্তৱ সত্যক দেও দি ভালপোৱা ব্যক্তিৰ সৈতে প্ৰেমবিহীন এটা জীৱন আকোঁৱালি লোৱা। আন্যাক আকোঁৱালি লৈ বুকুত শিল থৈ হ’লেও মাৰ্কে সিদ্ধান্ত ল’লে, যিমান কষ্ট হ’লেও তেওঁ বাস্তৱ সত্যক মানি ল’ব। তাৰ লগে লগে তেওঁ বুজি পালে, আজিৰ পৰা এক নতুন জীৱন আৰম্ভ হ’ল৷ জীৱনৰ সকলো সংজ্ঞা সলনি হৈ গ’ল দুয়োৰে বাবে৷

    এটা সময়ত আন্যা টোপনিত ঢলি পৰিছিল। বহুদিনৰ পৰা হেঁচা মাৰি থোৱা বুকুৰ বোজা এটা উঠি যোৱাৰ দৰেই এক সকাহ যেন মাৰ্কে আন্যাৰ মুখত দেখা পালে। মাৰ্কে নিজে গোটেই ৰাতি টোপনিৰ চিপ এটাকে মাৰিব নোৱাৰিলে। এটা সময়ত উঠি গৈ পাকঘৰত এগিলাচ পানী খালেগৈ৷ ডিঙিটো খৰখৰীয়া মাৰিছিল তেওঁৰ৷ ডাইনিং টেবুলৰ চকীখন টানি তাতে তেওঁ বহি ৰ’ল৷ যেন কথাবোৰ মনতে এবাৰ জুকিয়াই চাবলৈ চেষ্টা কৰিলে তেওঁ। তাতে বহি থাকোঁতেই ৰাতি পুৱাল। চিলমিলকৈ অহা টোপনিটো ভঙাৰ লগে লগে তেওঁ চক খোৱা মানুহৰ দৰে জাপ মাৰি উঠিল। প্ৰথমেই তেওঁৰ মনলৈ আহিল, তেওঁ আজি অফিচলৈ যাব নোৱাৰে৷ বেলফাষ্টৰ হেডকোৱাৰটাৰত লাইন মেনেজাৰ গ্ৰেগৰক তেওঁ মেচেজ কৰিলে, ‘গ্ৰেগৰ, আই হেভ ট্যু কল ইন চিক ট্যুডে! মোৰ গা বেয়া!’

    তাৰপিছত ফাৰমানাৰ অফিচলৈকো ফোন কৰিলে। তুলিকাই ফোন উঠালে।

    ‘তুলিকা, আজি মই অফিচলৈ আহিব নোৱাৰিম। মোৰ সলনি খেতিয়কৰ মিটিংখনলৈ তুমিয়ে নেচাৰৰ প্ৰতিনিধি হৈ যাব পাৰিবানে?’

    ফোনৰ সিপাৰে তুলিকাই কি ক’লে তেওঁ যেন নুশুনিলেই। ফোন ৰাখি তেওঁ উভতি গ’ল আন্যাৰ ওচৰলৈ। আন্যা ঠিকে আছে নে নাই চাবলৈ।