Friday, 8 March 2024

ফাৰমানা (একবিংশ খণ্ড)

‘আজি টুলীলৈ নোযোৱা নেকি দেউতা?’

মিনলাই লাহেকৈ হেঁচুকি দিয়াত মাৰ্ক যেন চমক খাই উঠিল। তেওঁ বাৰাণ্ডাৰ আৰামী চকীখনতে বহি লৈ কিতাপ এখন পঢ়ি আছিল। স্প্ৰুচ গছজোপাৰ চিৰিলি পাতৰ মাজেৰে আবেলিৰ কোমল ৰ’দজাক তেওঁৰ গাত পৰিছিলহি। তাৰে আমেজ লৈ পঢ়ি থকাৰ মাজতে চিলমিলকৈ টোপনি যোৱাৰ দৰেই হৈছিল কিজানি!

ঠিকেইতো, আজি বুধবাৰ। প্ৰতি বুধবাৰে আবেলি তেওঁলোক টুলীৰ অৰণ্যলৈ খোজ কাঢ়িবলৈ যায়। মিনলাই কিজানি প্ৰথম খোজ কাঢ়িবলৈ লোৱাৰ সময়ৰ পৰাই তেওঁলোকৰ এই নিয়মীয়া ৰুটিন। কিন্তু সেই জীৱনটোৱে একে নাথাকিল যেতিয়া এনে দৈনন্দিন ৰুটিনৰ মূল্য কি থাকিল? সেইবাবেই কিজানি অতদিনৰ অভ্যাসটোও আজি মাৰ্কৰ মনত নপৰিল! বৰ খৰকৈ যেন সকলো সলনি হৈ গৈছে। এই ঘৰ, এই জীৱন- সকলো অচিনাকি হৈ পৰিছে মাৰ্কৰ বাবে। আন্যাই এই ঘৰ এৰি ওলাই যোৱাৰে পৰা তেওঁ যেন ক্ৰমাৎ নিজকে হেৰুৱাবলৈ আৰম্ভ কৰিছে। ভেৰ’নিকাৰ ঘৰত আন্যাৰ জীৱনৰ নতুন অধ্যায়টোয়ে যে মাৰ্কৰ স্বাভাৱিক জীৱনটো ঢাহি-মোহাৰি লৈ গ’ল।

‘ওলোৱাগৈ দেউতা। আজি বতৰ ভাল। চৰাই চাবলৈকো ভাল লাগিব।’ দেউতাকৰ মনৰ অৱস্থা বুজিয়ে যেন মিনলাই একপ্ৰকাৰ জোৰ কৰিলে। তাইৰ এঘাৰবছৰীয়া হৃদয়খনেও অনুভৱ কৰিছে মাক যোৱাৰে পৰা দেউতাকৰ যেন উশাহবোৰ কষ্টকৰ হৈ পৰিছে, খেলিমেলি হৈ গৈছে গতানুগতিক জীৱন। সেইবাবেই মিনলাই নিজেই মাক আৰু দেউতাকৰ সৈতে ভাগে ভাগে কটাব লগা সময় মিলাই লৈছে - তাই এসপ্তাহ মাকৰ সৈতে থাকিব, এসপ্তাহ দেউতাকৰ সৈতে। আন্যা সেই একেটা বাটতে থকা ভেৰ’নিকাৰ ঘৰত। গতিকে তাইৰ অহা-যোৱাত একো অসুবিধা নহয়। মাৰ্ক আৰু আন্যাই সেয়া বিনা প্ৰতিবাদে মানি লৈছে। কেতিয়াবা যে আঁউসীৰ অন্ধকাৰে দিকভ্ৰান্ত কৰি পেলোৱা মাক-দেউতাকক চাকি এগছি হৈ পোহৰ দেখুৱাব লগা হয় আপোন সন্তানেই। আজিৰ এইটো কাৰণতে তাই স্কুলৰ পৰা বাহিৰে বাহিৰে দেউতাকৰ ওচৰলৈকে আহিছে।

অগ্যতা মাৰ্ক চকীখনৰ পৰা উঠি ঘৰৰ ভিতৰলৈ সোমাই গ’ল। ৰ’দজাক এতিয়াও উজ্বল যদিও সন্ধিয়ালৈ ঠাণ্ডা লাগিব পাৰে। তাতে লখ আৰ্ণৰ পাৰত বতাহৰ কোবটোও বেছি। সেয়ে তেওঁ পাতলীয়া জেকেট এটা গাত লগাই ল’লে।

‘ব’লা, মই সাজু!’ বাহিৰতে ৰৈ থকা মিনলাৰ কান্ধত হাতখন থৈ মাৰ্কে ক’লে। দুয়ো পদূলিৰ মূৰৰ কণমানি কাঠৰ গেইটখন ঠেলি ওলাই আহিল।

ফাৰমানাৰ চাৰ্চ হিল নামৰ টিলাটোৰ নামনিত তেওঁলোকৰ ঘৰখন। আহল-বহলকৈ দুমহলীয়া এটা বাংল’। তাৰপৰা টুলীৰ অৰণ্যলৈ খোজেৰে মাথোঁ আধাঘণ্টাৰ বাট। নামনি লখ আৰ্ণৰ দক্ষিণ পাৰটোৰ লখৰ ফাললৈ সোমাই যোৱা ঠাইডোখৰ আগুৰি টুলীৰ এই অৰণ্য। আচলতে আজি বাৰ বছৰৰ আগেয়ে এই ঘৰ কিনাৰ এটা কাৰণেই আছিল ঘৰৰ পৰা তেনেই ওচৰত থকা নামনি লখ আৰ্ণ আৰু তাৰ পাৰে পাৰে থকা সেউজীয়া অৰণ্যৰ লানি।

‘যেতিয়াই মন যায় লখৰ পাৰলৈ গুচি আহিব পাৰিম। ইয়াৰ পাৰৰ অৰণ্যবোৰত ঘুৰি ফুৰিব পাৰিম- আৰু কি লাগিছে!’ ঘৰতো প্ৰথম চোৱাৰ দিনা হাঁহি হাঁহি আন্যাই কৈছিল।

সেই মুহূৰ্তত আন্যাৰ চকুযুৰিত জিলমিলাই থকা সপোনটোৰ মায়াত ডুব গৈছিল মাৰ্ক। কৃতজ্ঞ হৈ পৰিছিল তেওঁৰ বাবেই নিজা দেশ আৰু পৰিয়াল এৰি আহি এই অজান্তি মুলুকত ঘৰ এখন পাতিব খোজা সেই আপোন মানুহগৰাকীৰ প্ৰতি। আন্যা নিজে ৰিয়েল ইষ্টেটৰ এজেণ্ট। ঘৰ কিনা-বেচাই তেওঁৰ পেছা। গতিকে এনে এটা ঘৰৰ মূল্য তেওঁ ভালদৰেই বুজিছিল। সেইবাবেইতো মিউনিখৰ পৰা আহি এবছৰৰ ভিতৰতে ফাৰমানাত নিজৰ এটা এজেঞ্চি বহুৱাব পাৰিছিল। কিন্তু আন্যাই জানো বুজিব সপোন ভঙা ঘৰ এখন কেনেকৈ শূন্য হৈ পৰে- কেনেকৈ হেৰাই যায় সুখ আৰু পৰিপূৰ্ণতাৰ শীতল ছাঁয়া? সেই ঘৰৰ জঁকা হৈ থিয় দি ৰয় মাথোঁ কংক্ৰিটৰ চাৰি বেৰা!

নাই নাই, মাৰ্কে কিয় কথাবোৰ এনেকৈ ভাৱিছে- নিজকে যেন প্ৰবোধ দিলে তেওঁ। যিমানেই হৃদয় বিদৰা সত্য নহওক, এই দু:সহ সময়ৰ বাবে, কঠিন বাস্তৱৰ বাবে তেওঁ আন্যাক দোষী সাজিব নোৱাৰে। কেৱল মাৰ্ক আৰু মিনলাৰ বাবেই আন্যাই হৃদয়ৰ সেই সত্যক আওকাণ কৰা হ’লে বা ভিতৰি হাঁহাকাৰ লৈ সুখী হোৱাৰ অভিনয় কৰি থকা হ’লে তেওঁ জানো নিজকে ক্ষমা কৰিব পাৰিলেহেঁতেন? আজি এমাহৰ আগতে ভেৰ’নিকাৰ ঘৰলৈ বুলি নিজৰ বয়-বস্তুবোৰ সামৰি থকাৰ পৰত আন্যাক তেওঁ নিজেই কৈছিল,

‘তোমাৰ সিদ্ধান্তক মই সন্মান কৰোঁ৷ কিন্তু, তুমি যাৰ লগতে নাথাকা, যেনেকৈয়ে নাভাৱা তোমাৰ প্ৰতি মোৰ ভালপোৱা, সেই টান একেই থাকিব আন্যা।’

আন্যাই কান্দি পেলাইছিল। তেওঁক সাবটি ধৰি হুকহুকাই কান্দি উঠিছিল মাৰ্কেও। আপোন মানুহজনীৰ চকুপানীৰ মাজেৰেও সুখৰ তিৰবিৰণি দেখা পাইছিল তেওঁ। এটা যেন গধুৰ শিল খহি পৰিছিল আন্যাৰ বুকুৰ পৰা। ইমানখিনিৰ পিছত তেওঁ সেই মানুহজনীক দোষী সাজিব নোৱাৰে।

‘তুমি ঠিকে আছা দেউতা?’ মিনলাৰ প্ৰশ্নটোৱে যেন মাৰ্কৰ সম্বিত ঘুৰাই আনিলে। নীৰৱে খোজ কাঢ়ি আহি তেওঁলোক লখ শ্ব’ৰ পথ পাৰ হ’বৰ হ’লেই। তাৰ পৰা পূবলৈ যোৱা ঠেক পকী বাটটোৰে আগবাঢ়ি গ’লেই টুলীৰ অৰণ্য আৰু দূৰ্গ।

‘ঠিকে আছোঁ মিনলা। তুমি? তোমাৰ স্কুল কেনে গ’ল আজি?’ স্বাভাৱিক হোৱাৰ যত্ন কৰি মাৰ্কে সুধিলে।

এনেয়ে এই ঠেক বাটটো পালেই মিনলাই খোজ কঢ়াৰ সলনি দুপ মাৰি মাৰি যোৱাদি যায়। কেতিয়াবা মাৰ্ক আৰু আন্যা কথা পতাত ব্যস্ত হৈ থাকিলে তাই দৌৰ দিয়ে বাটৰ দুয়োকাষে থকা পথাৰলৈ। প্ৰায়বোৰ পথাৰত এই সময়ত শুকান ঘাঁহনি- মাজে মাজে দুই এজোপা জোপোহা গছ। মিনলাই সেইবোৰৰ পৰা ভিন্ন ৰঙী বনৰীয়া ফুল বিচাৰি আনিবলৈ স্ফূৰ্তি পায়। আজি পিছে তাই সেইবোৰ একোকে নকৰিলে। শান্তভাৱে দেউতাকৰ লগে লগে খোজ দি গ’ল। আনকি লখ শ্ব’ৰ পথটো পাৰ হওঁতেই ধৰি লোৱা দেউতাকৰ সোঁহাতখনো এৰি নিদিলে।

‘স্কুল ঠিকেই গ’ল! আজি আমাৰ ক্লাছত সুধিছিল, আমি ডাঙৰ হ’লে কি হ’ব বিচাৰোঁ। মই সেয়ে তোমাৰ কথা ক’লোঁ জানা!’

‘মোৰ কথা? কি ক’লা?’ মাৰ্ক অলপ আচৰিত হ’ল যেন।

‘ক’লোঁ, ময়ো ডাঙৰ হ’লে তোমাৰ দৰে বিজ্ঞানী হ’ব খোজো। ক’লোঁ তুমি যে চৰাই ইমান ভাল পোৱা। ফাৰমানাৰ গোটেইবোৰ চৰাই তুমি চিনি পোৱা আৰু সিহঁতেও তোমাক ভালকৈয়ে চিনি পায়!’

মিনলাই কথা কেইষাৰ এনেকৈ ক’লে যেন সেয়া এক সহজ সত্য- কোনো সন্দেহৰ থল নাই তাত।

মাৰ্ক অভিভূত হৈ পৰিল। আন্যা বা তেওঁ নিজে কেতিয়াও এই কথাটো মিনলাক সোধাই নাছিল। তাইৰ কণমানি আকাশখন তেওঁলোকৰ আশা-আকাংক্ষাই ছাটি পেলোৱাতো তেওঁলোকে বিচৰা নাছিল- এতিয়াও নিবিচাৰে। মিনলাই নিজেই নিজৰ বাট বিচাৰি লওক- সেয়া আন্যাৰ একান্তই ইচ্ছা। মাৰ্কৰো।

‘মোৰ দৰে হ’বা তুমি? চৰাইবোৰেনো মোক চিনে বুলি কেনেকৈ জানিলা?’ মিচিকিয়া হাঁহি এটাৰে তেওঁ সুধিলে।

‘তোমাৰ দৰে হ’লে যে ধুনীয়া ধুনীয়া ঠাই চাবলৈ পাম, যেতিয়াই মন যায় হাবিয়ে-জংঘলে ঘুৰি ফুৰিব পাৰিম, ঢেৰ বনৰীয়া ফুল গোটাব পাৰিম- সেইকাৰণেই আকৌ।’ তাই দেউতাকলৈ চাই হাঁহিলে। মাৰ্কৰ মুখত হাঁহি বিৰিঙাব পাৰি যেন তাইৰ নিজকে বিজয়ীৰ দৰে লাগি গ’ল! অলপ ৰৈ তাই আকৌ ক’লে,

‘চৰাইবোৰে তোমাক চিনে কাৰণেইতো তোমাক লগ পাবলৈ আহে আকৌ! নহ’লে কোনেও নেদেখা চৰাইবোৰো তুমিয়ে কেনেকৈ প্ৰথম দেখাগৈ?’

এইবাৰ হো-হোৱাই হাঁহি পেলালে মাৰ্কে। মিনলাৰ কেকুঁৰা চুলিখিনিত মৰমেৰে হাত বুলাই দিলে। সঁচাই, এই চৰাইবোৰৰ সৈতে তেওঁৰ এক আত্মিক সম্পৰ্ক। বসন্ত অহাৰ লগে লগেই তেওঁৰ চকু আৰু কাণ সজাগ হৈ ৰয় প্ৰথম আলহী চৰাইকেইটাৰ বাবে। সময়মতে দেখা নাপালে, সিহঁতৰ মাত নুশুনিলে তেওঁ উচপিচাই থাকে। বন্ধুবৰ্গৰ লগত পাতে কোনোবাই বাৰীয়ে-জংঘলে বুলফিন্সৰ জাক দেখা পাইছে নেকি, ৱাৰ্বলাৰ চৰাইৰ মাত শুনিছে নেকি! প্ৰতিবছৰে সেই পৰিভ্ৰমী চৰাইবোৰক হেঁপাহেৰে ফাৰমানালৈ আদৰে, মাহৰ পিছৰ মাহ স্থানীয় চৰাইবোৰৰ প্ৰতিৰক্ষাৰ বাবে টাকুৰী ঘুৰাদি ঘুৰে মাৰ্কে। মিনলাৰ লগে লগে খোজ দি তেওঁ আজি প্ৰথমবাৰৰ বাবে ভাৱিলে, চৰাইবোৰৰ দৰেই ফাৰমানাৰ এই গছ-গছনিবোৰে তেওঁক চিনেনে? এই পথাৰ, লখ আৰ্ণৰ নীলিম ঢৌ, সুদূৰৰ সৰু-বৰ পাহাৰ এই সকলোবোৰেও একেদৰেই চিনেনে তেওঁক? চিনেনে ফাৰমানাৰ আত্মাই? সেই অনুভূতি এক শিহৰণ বৈ গ’ল মাৰ্কৰ মূৰৰ পৰা ভৰিলৈ!

দেউতাকে হঁহা দেখি মিনলাৰ মনটোও যেন মুকলি হ’ল। এইবাৰ তাই যোগ দিলে,

‘জানা দেউতা, জয়চে ক’লে সি ডাঙৰ হ’লে ফায়াৰমেন হ’ব। ৰঙা লাইট জ্বলাই লৈ ফায়াৰট্ৰাক খন চলাই জুই নুমুৱাই ফুৰিব হেনো।’ তাইৰ মাতৰ অসন্তুষ্টিৰ সুৰটোৱে মাৰ্কক আমোদ দিলে। মাৰ্ক আৰু আন্যাই মিনলাৰ মুখত এই জয়চৰ কথা কিমান যে শুনিছে! মিনলাৰ জীৱনৰ প্ৰথম ক্ৰাছ – প্ৰথম ভাল লগা! সেয়ে কিজানি তাই ভাৱি পোৱা নাই ফায়াৰমেনৰ গতিত পৰিৱেশ বিজ্ঞানীৰ থমকি ৰোৱাৰ আহৰি ক’ত থাকিব!

‘ফায়াৰমেনৰ কামো বহুত গুৰুত্বপূৰ্ণ মিনলা। তেওঁলোকে যে প্ৰতিদিনে কিমান মানুহক বিপদৰ পৰা বচায়!’

‘কিন্তু…কিন্তু দেউতা, সেই গাড়ীখনৰ চাইৰেণটোলৈ যে মোৰ ইমান ভয় লাগে। শুনিলেই বুকু কঁপি যায়, নহয়?’

মাৰ্কে হয়ভৰ দিলে। কিন্তু মনে মনে তেওঁ জীয়েকক লৈ এটা সকাহো অনুভৱ কৰিলে যেন। মাক-দেউতাকৰ ডিভৰ্চে অন্তত: এই বয়সতে তাইক সন্দিহান কৰি তোলা নাই সেই ৰোমাণ্টিক অনুভূতিবোৰৰ প্ৰতি।

তেওঁলোকৰ সোঁফালে ইতিমধ্যে টুলী দূৰ্গটো ধৰা দিছে। স্কটিছ শৈলীৰ সেই শিলৰ দুৰ্গৰ বহু অংশ জুইত জাহ গৈছে। কিন্তু কিছু অংশ অক্ষত এতিয়াও। সেইফালে চালে মাৰ্কে। মিনলাইও। এনেয়ে শনি বা দেওবাৰে তাত পৰ্য্যটক থাকেই। আজি পিছে নীৰৱ নিতাল হৈ এক নিৰ্মম ইতিহাস সাৱটি থিয় দি আছে আধাপোৰা শৈল দূৰ্গটো। ষোল্লশ শতিকাতে স্কটলেণ্ডৰ পৰা সপৰিয়ালে ইয়ালৈ আহি জন হিউমে এই দূৰ্গ সজাইছিল। বহুতো ইংৰাজৰ দৰেই তেৱোঁ এই আয়াৰলেণ্ডত বিশাল বাগিচা পাতিছিলহি। তাতে স্থানীয় কেথ’লিক আইৰিছ লোকসকলে মজদুৰি কৰিছিল। কিন্তু ইংৰাজৰ প্ৰভুত্বৰ দিনবোৰ লাহে লাহে সলনি হ’বলৈ আৰম্ভ কৰিছিল। জাতীয়তাবাদী তেজ সমগ্ৰ আয়াৰলেণ্ডৰ সিৰাই সিৰাই জাগি উঠিছিল। আৰম্ভ হৈছিল ১৬৪১-ৰ আইৰিছ বিপ্লৱ। 




ইংৰাজৰ জমিদাৰীত্ব নৎসাৎ কৰি নিজা মাটি-ভেঁটি পুনৰ দখল কৰিবলৈ আইৰিছসকলে অস্ত্ৰ ল’লে। তেনে এগৰাকী বিপ্লৱী সৈন্য ৰ’ৰি মেগুয়াৰে সেই সপোন সাকাৰ কৰিবলৈকে বৰদিনৰ আগদিনা আহি এই টুলী দূৰ্গ পাইছিলহি। তেওঁৰ লগত গাওঁ-ভুঁইৰ পৰা উঠি পৰি অহা অসংখ্য খেতিয়ক। ৰাইজৰ ৰূপ দেখি সেইসময়ত দূৰ্গত থকা হিউমৰ পত্নীয়ে ৰখীয়া-পৰীয়া সকলো লৈ আত্মসমৰ্পন কৰিলে। কিন্তু তাৰ পিছতো হিউমৰ পৰিয়ালক এৰি বাকী সকলোকে বৰদিনৰ দিনা হত্যা কৰা হ’ল। ৰ’ৰিৰ দলে দূৰ্গটো লুটপাত কৰি জ্বলাই দিলে। হিউমৰ পৰিয়ালে সেই নিৰ্মম বৰদিনৰ স্মৃতি লৈ স্কটলেণ্ডলৈ উভতি গ’ল, কেতিয়াও উভতি নহাৰ পণ লৈ!

‘আজি দূৰ্গলৈ নাযাওঁ দিয়া দেউতা।’ মিনলাই ক’লে।

মাৰ্কে হয়ভৰ দিলে। আজি তেওঁলোকে যেন সেই ট্ৰেজিক ইতিহাসৰ মুখামুখি হ’ব নোখোজে। সোঁৱৰিব নোখোজে দূৰ্গৰ বাহিৰে-ভিতৰে সিঁচৰতি হৈ থকা মাৰ্ক-আন্যা আৰু মিনলাৰ বুধবাৰৰ আবেলিবোৰ। সেয়াও যেন এই দূৰ্গৰে ট্ৰেজিক ইতিহাসৰ মাজত হেৰাই গ’ল! তাৰ সলনি দুয়ো সন্মুখৰ হাবিতলীয়া বাটটোৰে আগবাঢ়িল। টুলী বনাঞ্চলৰ সেউজীয়াই মেৰিয়াই ধৰিলেহি তেওঁলোকক। শাৰী শাৰী অ’ক আৰু বাৰ্চ গছে যেন মুহূৰ্ততে পৰিৱেশটোকে সলাই পেলালে। আবেলিৰ ৰ’দজাক এৰি তেওঁলোকে খোজ দিলে সেই গছৰ জুৰণীয়া ছাঁত। ব্ৰেম্ব’লৰ কাঁইটীয়া জোপোহাৰ আঁৰৰ পৰা থ্ৰাচ চৰাইৰ সতৰ্ক মাত ভাঁহি আহিল, ‘কি কিপ- কি কিপ- হুইইইই!’

মিনলাই সেইফালে চাই বিচাৰিব খুজিলে চৰাইটো। মাৰ্কে ক’লে,

‘সেইটো চৰাইৰ নাম চং থ্ৰাচ, মিনলা- গান গোৱা থ্ৰাচ চৰাই। ওচৰতে ক’ৰবাত সিহঁতৰ বাহো থাকিব পাৰে। দূৰৈৰ পৰাই চোৱা দেই!’

মিনলাই মূৰ দুপিয়ালে। কিন্তু একেসময়তে তাই ৰৈ হাউলি চোৱা বাটৰ দাঁতিৰ পৰা ডেইজী কেইপাহমান লৈ আহিল। মাৰ্কে এইবাৰ আপত্তি নকৰিলে। কাৰণ তেওঁ জানে হালধীয়া গুটিৰে বগা পাহিৰ এই ফুলপাহ মিনলাৰ প্ৰিয় ফুল। সেইখিনিৰ পিছতে বাটৰ দুয়োকাষে ৱিল’ আৰু অল্ডাৰ গছৰ লানি আৰম্ভ হ’ল। লখ আৰ্ণৰ পাৰ বাবেই এইখিনি ঠাই চেঁচুকীয়া। সেয়ে এইখিনিত ঢেঁকীয়া জাতীয় গছৰ ভিৰ। মিনলাই তাৰো পাত এখিলা ল’লে।

বেলি লহিয়াবৰ পৰতে তেওঁলোক গৈ লখ আৰ্ণ ওলালগৈ। পাৰতে সদায় বহা শিলছটাত দুয়ো বহি পৰিল। তেওঁলোকৰ সন্মুখত লখৰ সেন্দুৰীয়া ঢৌবোৰ জিলমিল কৰিছে। এজাক হাঁহ ফাৰমানাৰ আকাশেৰে ঘৰমুৱা হৈছে। সিহঁতৰ কাকলিতে মাৰ্কে গম পালে, সেয়া কানাডা গুজৰ জাক। তেতিয়াও দূৰৈৰ পানীত এহাল ৰাজ হংসই জলকেলি কৰি আছে। সেই সময় আৰু পৰিৱেশে যেন মাৰ্কক কিছু আবেগিক কৰি পেলালে। নোসোধো নোসোধোকৈও তেওঁ লাহেকৈ মিনলাক সুধি পেলালে,

‘আন্যা কেনে আছে, মিনলা?’

মিনলাই লগে লগে উত্তৰ নিদিলে। দেউতাকক কি বুলিনো ক’ব তাই ভাবি চালে। যোৱা এমাহতে যেন বহুত পৰিপক্ক হৈ পৰিছে সেই কিশোৰীজনী। প্ৰথমে মাক আৰু দেউতাকৰ ডিভৰ্চৰ খৱৰে তাইক ভীষণ ভয় খুৱাই দিছিল। তাৰপিছত তাই ক্ষুব্ধ হৈ পৰিছিল – তাইৰ সৈতে বহুত ডাঙৰ এটা অন্যায় হৈ যোৱা যেন লাগিছিল। কিমান দিন যে লুকাই লুকাই কান্দিছিল তাই! হোৱাই নোহোৱাই মাক নাইবা দেউতাকৰ সৈতে তৰ্কাতৰ্কি কৰিছিল।

কিন্তু এতিয়া যে তাই মাকক সঁচাই সুখী যেন দেখিছে। বিষণ্ণতাই ভৰ কৰা মানুহজনী যেন আকৌ জী উঠিছে। ভেৰ’নিকাই আগৰে পৰাই তাইক মৰম কৰে। এতিয়াও একেই হৈ ৰৈছে সেই আন্তৰিকতা। যোৱা সপ্তাহটো তেওঁলোকৰ লগত কিমান স্ফূৰ্তিৰে কটাই আহিছে তাই! বেয়া পাব খুজিও যেন তাই বেয়া পাব নোৱাৰা হৈ গৈছে। মাককো। ভেৰ’নিকাকো।

‘কি হ’ল, একো নক’লা যে?’ মাৰ্কে চকুৰ পৰা বাইন’কুলাৰ আঁতৰাই থৈ সুধিলে।

‘মা ঠিকে আছে, দেউতা। তোমাৰ কাৰণেহে চিন্তা কৰি আছে। মায়ো তোমাৰ কথা তেনেকৈয়ে সুধিছে।’

মাৰ্ক নীৰৱ হৈ ৰ’ল। নিজকে অলপ প্ৰবোধ দিলে। তেওঁৰ ভাৱ হ’ল যেন তেওঁ আৰু আন্যাই নিজৰ অজানিতে মিনলাৰ ওপৰতো এই বোজাৰ ভাৰখন জাপি দিছে। কিন্তু তেনে হোৱাৰতো কথা নাছিল। কথা আছিল মাৰ্ক আৰু আন্যাই সম্পৰ্কৰ স্বৰূপ নতুনকৈ গঢ়িলেও মিনলা একে হৈ ৰ’ৱ। মাক-দেউতাক হিচাপে মিনলাৰ ক্ষেত্ৰত এই পৰিৱৰ্ত্তনৰ একো প্ৰভাৱ পৰিবলৈ নিদিয়ে। তেনেকৈ ভৱা যিমান সহজ, সঁচাকৈ কৰাতোযে সিমানেই দুৰুহ সেয়া মাৰ্কে মৰ্মে মৰ্মে অনুভৱ কৰিলে। তেওঁ মনতে ঠিক কৰিলে, এনেকৈ মিনলাৰ হতুৱাই নহয়, তেওঁ পোনপতীয়াকৈ আন্যাৰ সৈতে কথা পাতিব। এই বাস্তৱ সত্যৰ পৰা পলাই নুফুৰে তেওঁ। যি ক’ব, কৰিব মুখামুখিকৈয়ে কৰিব।

ভৱাৰ দৰে মাৰ্কে নিজে একো কৰিব লগা নহ’লেই। টুলীৰ পৰা উভতি গৈ দুয়ো দেখা পালে, ঘৰৰ চোতালতে আন্যা থিয় দি আছে। সন্ধিয়া লাগিবৰ হৈছে। আন্ধাৰ-পোহৰৰ মাজেৰে আন্যাক দূৰৈৰ পৰা দেৱীমূৰ্ত্তি যেন দেখা গৈছে। তেওঁলোকক দেখা পাই আন্যা নিজেই গেইটলৈকে আগবাঢ়ি আহিল,

‘ভালে আছা? বজাৰ কৰিবলৈ গৈছিলোঁ। ভাৱিলোঁ, এইফালে আহিলোঁ বাৰীখন চাই যাওঁ।’ আন্যাই শান্ত মাতেৰে ক’লে। আন্যাই সেইটো অজুহাতহে কৰিছে বুলি মাৰ্কৰ ভাৱিবৰ মন গ’ল। ডিভৰ্চৰ ফাইলত চহী কৰাৰ পিছত যোৱা দুসপ্তাহে তেওঁলোকে ইজনে সিজনক এবাৰো লগ পোৱা নাই। দুয়োৰে চিন্তা হৈছে- খৱৰ এটা কৰিবলৈ ইচ্ছা হৈছে।

‘মা! চোৱা- আমি ডেইজী ফুল আনিছোঁ!’ মিনলাই একে দৌৰে মাকৰ ওচৰ পাই দেখুৱালে।

মিনলাৰ পকেটৰ পৰা এপাহ এপাহকৈ ডেইজীবোৰ হাতত উলিয়াই দি মাৰ্কে আন্যাৰ মুখলৈ চাই সুধিলে,

‘তুমি ভালে আছা?’

‘আছোঁ। তোমাৰ কাৰণেহে চিন্তা হৈ আছে। মিনলাই কৈছে দিনে-ৰাতিয়ে কামত লাগি আছা হেনো?’ আন্যাই অকপটে ক’লে। শুনি মাৰ্কৰ মন ভৰি যাব খুজিলে। আগৰ দৰেই কোনো আবেগৰ জটিল মেৰপাক নাই- পোৱা-নোপোৱাৰ হিচাপ নাই। আছে মাথোঁ এক উমাল আন্তৰিক টান- সদায়ৰ দৰে। মাৰ্কৰ বহুত হেৰুওৱাৰ মাজত কিবা এটা ঘুৰাই পোৱা যেন লাগিল। যেন এটা ভৰসা। সম্পৰ্কৰ স্বৰূপ সলনি হ’ব পাৰে। কিন্তু হেৰাই নাযায় সেই আপোনত্ব!

‘মিনলা, ডেইজীৰ মালা গাঁথিবানে এতিয়া? নহ’লে ইমান সময়ে তোমাৰ পকেটত থকা ফুলবোৰ বেয়া হৈ যাব নহয়!’ আন্যাক কঁকালত মেৰিয়াই ধৰি থকা মিনলাই মাকৰ কথা শুনি ভিতৰলৈ দৌৰ মাৰিলে।

এইবাৰ কাষ চাপি আহি আন্যাই মাৰ্কক আকৌ সুধিলে,

‘ভালকৈ কোৱাচোন- ঠিকে আছা সঁচাকৈ? অফিচৰ কাম বেছি হৈছে নেকি?’

মাৰ্কে হুমুনিয়াহ এটা কাঢ়িলে। ক’ৰপৰা যে আৰম্ভ কৰিব! তাৰ সলনি তেওঁ সুধিলে, ‘বাৰীখন কেনে দেখিলা?’

‘বঢ়িয়া। তুমি চিকুণাই ৰাখিছাচোন! বিলাহীও লগাইছা দেখিছোঁ।’ আন্যাৰ গৌৰৱৰ সুৰটোৱে মাৰ্কক পুলকিত কৰিলে। যোৱা দেওবাৰে একোতে মন নবহাত তেওঁ দিনৰ দিনটো এই বাৰীতে লাগি আছিলহি। এইখন আচলতে আন্যাৰ বাৰী। প্ৰতিবাৰেই গৰমৰ দিনত তেওঁ বিধে-বিধে বিলাহী, স্কোৱাচ আদি লগায়। এইবাৰ আন্যা নাই বুলিয়ে তেওঁ সেইখন অযত্নপালিত হৈ ৰ’ৱলৈ নিদিয়ে- নিজকে কথা দিলে মাৰ্কে।

আন্যাই বিলাহীৰ খুঁটিটো পোনাই দিয়াৰ পৰতে মাৰ্কে কৈ পেলালে,

‘মোৰ চাকৰিৰ অলপ খেলিমেলি হৈছে, আন্যা!’

‘মানে?’ হাউলি থকাৰ পৰা আন্যাই থিয় দিলে।

বাৰীৰ পৰা ওলাই আহি মাৰ্ক বাৰাণ্ডাৰ চকীত বহি পৰিল। আন্যাও আহি কাষতে বহিলহি। সিদিনা নেচাৰৰ অফিচত কোৱা কথাখিনিকে মাৰ্কে আকৌ আন্যাকো বিৱৰি ক’লে। নেচাৰৰ পুনৰ্সংগঠনৰ পৰা মাৰ্কৰ ‘এৰিয়া মেনেজাৰ’ পদবী বেলফাষ্টলৈ বদলি কৰালৈকে।

‘তুমি ইমানবোৰ খেলিমেলি লৈ দিন কটাইছা, মাৰ্ক!’ গভীৰ মমতাৰে আন্যাই কৈ উঠিল। মাৰ্কে একোৱে ক’ব নোৱাৰিলে। এই পুনৰ্সংগঠনৰ সিদ্ধান্ত হোৱাৰ দিনৰে পৰা যে কি এক অনিশ্চয়তাত ডুব গৈছে তেওঁ।

‘তুমি বেলফাষ্টলৈ যোৱাৰ কথা ভাৱিছা নেকি?’ এইবাৰহে যেন কথাটো ভালদৰে উপলব্ধি কৰিলে তেনেভাৱেৰে সুধিলে আন্যাই।

‘তাৰ বাহিৰে অন্য একো বাট দেখা নাইচোন! মই অসহায় হৈ পৰিছোঁ আন্যা।’ মাৰ্কৰ মাতটো কঁপিল। মিনলা আৰু আন্যাক এৰি, এই ফাৰমানাক এৰি থৈ গৈ বেলফাষ্ট মহানগৰীত এটা দিনো কটোৱাৰ কথা ভাৱিবলৈ কষ্ট হয় তেওঁৰ।

কিছুপৰ নীৰৱতাৰ পিছত আন্যাই ক’লে,

‘তোমাক ৰৈ যাবলৈ কোৱাৰ অধিকাৰ হেৰুৱাইছোঁ কিজানি, মাৰ্ক! কিন্তু সঁচাই একোৱেই বাট নাই?’

‘মই ভাৱি চাম, আন্যা। তুমি একো চিন্তা নকৰিবা। কিবা এটা উপায় উলিয়াম।’

সিদিনা চলচলীয়া চকুৰে আন্যা গুচি যোৱাৰ পিছতো বেছ কিছুপৰলৈ মাৰ্ক তাতে গুঁজ মাৰি বহি ৰ’ল। এটা সময়ত পাকঘৰলৈ গৈ ৰাতিৰ সাঁজ ৰান্ধিলে। মিনলাই ভালপোৱা মেক এণ্ড চিজ। তাই সেইখিনি সময়তে পিছদিনাৰ স্কুলৰ বাবে নিজেই কাপোৰ-কানি যতনাই থ’লে। খাই-বৈ শুবৰ পৰত তাই ব্ৰাছডাল আনি দেউতাকক দিলেহি। সেইটো কাম সাধাৰণতে মাকে কৰে। কাৰণ মিনলাৰ ডাঠ কেঁকুৰা চুলিটাৰি আন্যাইহে পোনাই-পঁজৰাই বেণী গুঁঠি দিব পাৰে। এতিয়া এই নতুন দায়িত্ব লৈ যুঁজ-বাগৰ কৰাৰ পৰত মাৰ্কৰ উপলব্ধি হ’ল, মিনলাৰ সৈতেও যেন সময়বোৰ সলনি হৈছে। বহু সময় যেনেকৈ হেৰুৱাইছে, তেনেদৰে বহু সময় নতুনকৈ পাবলৈও ধৰিছে কিজানি। তেৱোঁ- আন্যায়ো।

সিদিনা আন্যাৰ সলনি মাৰ্কেই মিনলাক সাধু কিতাপ পঢ়ি শুনালে। তাইৰ দুচকু মুদ খোৱাৰ পিছত লাহেকৈ দুৱাৰখন জপাই তেওঁ নিজৰ কোঠালৈ আহিল। পিছে বহু পৰলৈ বিছনাত ইকাটি সিকাটি কৰি উজাগৰে ৰ’ল মাৰ্ক। দিনটোৰ কথাবোৰে যেন অনুভৱৰ চকৰি পকাই থাকিল। প্ৰথমবাৰৰ বাবে যেন তেওঁ পূৰ্ণ দৃষ্টিৰে বাস্তৱৰ মুখামুখি হ’বলৈ সাহস কৰিলে। বহুত হেৰুৱাইও কেনেকৈ পোৱাৰ হিচাপ কৰিব পাৰি সেয়া শিকিলে। জীৱনে ইটোৰ পিছত সিটো প্ৰত্যহ্বান লৈ আনিছে। তাত তেওঁৰ কোনো নিয়ন্ত্ৰণ নাই। নিয়ন্ত্ৰণ আছে মাথোঁ তেওঁ নিজে সেয়া কেনেকৈ লয় আৰু কি কৰে সেইখিনিৰ ওপৰত। তেওঁৰ সংসাৰখন একে নাই- কিন্তু মিনলা একে আছে- একে আছে আন্যা। চাকৰি একে নাথাকিব- কিন্তু একেই থাকিব নেচাৰৰ আপোন দলটো, ফাৰমানাৰ অপূৰ্ব প্ৰকৃতি- ইয়াৰ আকাশ-বতাহ-চৰাই-চিৰিকটি। তেন্তে তেওঁ তাকেই জানো গ্ৰহণ নকৰিব? নোপোৱাৰ হিচাপ কৰিবলৈ গৈ পোৱাখিনিও কিয় হেৰুৱাই পেলাব?

পিছদিনা ধল পুৱাতে ভেৰ’নিকাৰ দুৱাৰত টোকৰ পৰিল। দুৱাৰ খুলি আচৰিত চাৱনিৰে চাই ভেৰ’নিকাই ক’লে,

‘গুড মৰ্ণিং, মাৰ্ক! সকলো ঠিকে আছেতো?’

‘মৰ্ণিং ভেৰ’নিকা। মোৰ আচলতে আন্যাৰ লগত কথা এটা আছিল।’ মাৰ্কৰ মাতত এটা উত্তেজনা, অলপ অধীৰতা; দুচকুত উজাগৰী নিশাৰ ক্লান্তি। তাৰ মাজত যেন প্ৰথমবাৰৰ বাবে ভেৰ’নিকাৰ মুখামুখি হোৱাৰ অসহজ ভাৱটোৱে ঠায়ে নাপালে।

ভেৰ’নিকা সোমাই যোৱাৰ দুই মিনিট পিছতে আন্যা ওলাই আহিল। চিন্তিত মুখখনেৰে তেওঁ ক’লে,

‘কি হৈছে কোৱাচোন মাৰ্ক! ভিতৰলৈ আহিবা নেকি?’

‘মিনলাৰ স্কুললৈ বেছিপৰ নাই। ব্ৰেকফাষ্ট সাজু কৰিবগৈ লাগে। সেয়ে থিয়ৈ থিয়ৈ কওঁ দিয়া!’ মাৰ্ক কেৱল উশাহটো সলাবলৈহে ৰ’ল, ‘কালি তোমাৰ লগত পতাৰ পিছত বহুত ভাৱিলোঁ। ভাৱি ঠিক কৰিলোঁ, মই বেলফাষ্টলৈ নাযাওঁ। মোৰ ‘এৰিয়া মেনেজাৰ’ পদবী তাত কোনে বিচাৰে ল’ব পাৰে। ফাৰমানাৰ অফিচৰ ‘সমন্বয়ক’ৰ কাৰণেই এপ্লাই কৰিম। পে’ গ্ৰেড তলৰ হ’ব। তাতো ইণ্টাৰভিউ দিব লাগিব। দৰকাৰ হ’লে অন্য চাকৰি বিচাৰিম। কিন্তু কোনো কাৰণতে ফাৰমানা এৰি নাযাওঁ। ইয়াত তুমি আছা, মিনলা আছে- নেচাৰৰ দলটো আছে- আমাৰ সকলোৰে জীৱন এই ফাৰমানাতেই। সেয়া এৰি বেলফাষ্টলৈ গুচি যোৱাৰ কথা মই ভাৱিবই নোৱাৰোঁ, আন্যা!’

আন্যাই স্ফূৰ্তিতে মাৰ্কৰ হাতত জোৰেৰে চেপা মাৰি ধৰিলে। বহুদিনৰ মূৰত দুয়ো দুয়োৰে চকুলৈ চাই আজি মুকলিকৈ হাঁহিলে। আজি যেন আকৌ এবাৰ সাৰ-পানী পাই জীপাল হৈ উঠিল ফাৰমানাৰ শিপাডাল। আকৌ এবাৰ জয় হ’ল ভালপোৱাৰ। ফাৰমানাৰ সেউজীয়াৰ প্ৰেমত পৰিয়েই মাৰ্কে ট্ৰাবলছৰ অসূয়াকো দেও দি ইয়াত খোপনি পুতিছিলহি। সেই মাৰ্কৰ প্ৰেমে মাতি আনিলে নিজৰ দেশ জাৰ্মেনী এৰি আহিব নোখোজা আন্যাক। আৰু আজি তেওঁলোকৰে ভালপোৱাৰ চিন মিনলাৰ বাবে দুয়ো ফাৰমানাক নিজৰ বুলি আকৌ এবাৰ আকোঁৱালি ল’লে। দুয়ো যেন একেলগে উপলব্ধি কৰিলে, এই ফাৰমানা তেওঁলোকৰ বাবে কেৱল এখন ঠাই নহয়- ফাৰমানা তেওঁলোকৰ জীৱনৰেখা। এই ফাৰমানায়ে গঢ়িছে তেওঁলোকৰ অতীত-বৰ্তমান আৰু ভৱিষ্যতৰ গাথা। সেয়া ফাৰমানাৰ বাহিৰে অন্য ক’তো সম্ভৱ নহয়। ফাৰমানা অদ্বিতীয়া।

পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • ফাৰমানা (বিংশ খণ্ড)


  • Saturday, 2 March 2024

    ফাৰমানা (বিংশ খণ্ড)

    ‘আজিৰ প্লেন কি তুলিকা?’ মিনি কুপাৰৰ সন্মুখৰ আসনখনত বহিয়ে চাইমনে সুধিলে। চাইমন মানুহজন অলপ হটঙা। চুটি ঠৰঙা চুলি আৰু গাতত সোমোৱা দুচকুৰে আদবয়সীয়া এজন ব্যক্তি। মিনিৰ আসনখন অগা-পিছা কৰি আৰামকৈ বহিবলৈ তেওঁৰ কিছু সময় লাগিল। অফিচৰ ডাঙৰ ভান খন অনা হ’লেই ভাল আছিল নেকি, তুলিকাই ভাৱিলে। এতিয়া আৰু তাৰবাবে সময় নাই। অগ্যতা গাড়ীখন লাহেকৈ ৱাটাৰৱেইজ আয়াৰলেণ্ডৰ গেইটৰ বাহিৰ কৰি তাই সুধিলে,

    ‘তুমি বেয়া নোপোৱা যদি পথাৰ এখন চাই তাৰ খেতিয়কজনকো লগ কৰিম বুলি ভাৱিছোঁ, হ’বনে?’

    ‘হ’ব। আজি গোটেই দিনটো লৈ আহিছোঁ। তোমাৰ কাম চাম বুলিয়ে।’ চাইমনে পিছৰ বাক্যটোত অলপ জোৰ দি কোৱা যেন লগাত তাই ভিতৰি কিছু অস্বস্তিবোধ কৰিলে। কিন্তু বাহিৰত একো নেদেখুৱাই শান্তভাৱেৰেই মিনি কুপাৰখন উলিয়াই নিলে ফাৰমানাৰ ৰাজপথলৈ। লাষ্টি অভিমুখে।

    ‘নেচাৰত মোৰ দহবছৰ হ’বৰ হ’ল বুজিছা। কিন্তু আজিহে প্ৰথমবাৰ ফাৰমানালৈ আহিলোঁ।’ চাইমনৰ কথাৰ ঠাঁচত ইংলেণ্ডৰ দক্ষিণফালৰ সুৰ। একেখন দেশতে ইংৰাজী কোৱাৰ ঠাঁচ যে ইমান বেলেগ বেলেগ হ’ব পাৰে তুলিকাই আগতে ভৱাই নাছিল।

    ‘অঁ হয় নেকি? লণ্ডনৰ পৰা ইয়ালৈ বহুত দূৰেই হয়গৈ নহয়!’ তাই ক’লে। কৈ লৈ তাই ভাৱিলে, সঁচাই কিয় ওলাইছেহি চাইমন ইমান দূৰৈৰ পৰা? দহবছৰে নেচাৰৰ হেডঅফিচত কাম কৰি থকাৰ পৰা হঠাতে আহৰি উলিয়াই কিয় এই অজান্তি মুলুক পাইছেহি! কেৱল সিহঁতৰ কাম চাবলৈকে আহিছে বুলি বিশ্বাস কৰিবলৈ তাইৰ টান লাগিল।

    ‘দুদিনমান থাকিবা নহয়?’ পোনপটীয়াকৈ সুধিব নোৱাৰে বাবেই তাই এইবাৰ পাকে প্ৰকাৰে সেই কৌতুহল নিবাৰণৰ চেষ্টা কৰিলে।

    ‘অঁ অঁ, সম্পূৰ্ণ এটা সপ্তাহৰ ট্ৰিপ। লিছাৰ লগত কাইলৈ নেচাৰৰ ৰিজাৰ্ভ মানে দ্বীপ দুটামান চামগৈ। টম আৰু ডেৰেনৰ লগতো কেইবাঠাইলৈ যোৱাৰ কথা।’

    তাইৰ এইবাৰ সন্দেহ হ’ল যেন চাইমনৰ এই ফাৰমানা ট্যুৰ হয়তো নেচাৰৰ পুনৰ্সংগঠনৰেই এটা অংশ। যেন সিহঁতৰ অজানিতেই কিবা এটা পৰিকল্পনা আৰম্ভ হৈছে। তাকে কাৰ্যকৰী কৰাৰ বাবে তলে তলে প্ৰস্তুতি চলিছে। মাথোঁ সময় হোৱা নাই সিহঁতক জনোৱাৰ!

    গাড়ীখন মূল বাটৰ পৰা সোঁফালে কেকুঁৰি এটাত ঘুৰিল। সেইখিনিতে থকা গাৰ্ডেন চেণ্টাৰ মানে নাৰ্চাৰীখনৰ পৰা ক’ন’ৰে অন্যদিনাৰ দৰেই তাইলৈ চাই হাত জোকাৰিলে। তায়ো ষ্টিয়েৰিঙৰ পৰা হাত নুঠুৱাকৈয়ে সোঁহাতখন থিয় কৰি সঁহাৰি দিলে। গ্ৰামীন আয়াৰলেণ্ডত প্ৰায়বোৰ গাড়ীচালকেই ইজনে সিজনক তেনেকৈ সম্ভাষণ জনোৱাৰ নিয়ম।

    ‘ইয়াৰে খেতিয়ক নেকি?’ চাইমনে সেয়া লক্ষ্য কৰি সুধিলে।

    ‘হয়, ক’ন’ৰে এইবছৰ আমাৰ পৰিৱেশ সাপেক্ষ কৃষিৰ আঁচনিত যোগ দিছে। তেওঁৰ খেতি পিছে ফাৰমানাৰ সিটো মূৰেহে। এইফালে গাৰ্ডেন চেণ্টাৰ খন চলাই আছে তেওঁ। এই বাটেৰেই ৰিপাব্লিকলৈ যোৱা গাড়ীৰ অহা-যোৱা চলি থাকে। গতিকে বিক্ৰী-বাৰ্তাও ভাল।’

    চাইমনে মূৰ দুপিয়ালে। এইবাৰ তেওঁ জানিব খুজিলে মাছ ধৰাৰ বাবে ফাৰমানাৰ কোনবোৰ ঠাই ভাল হ’ব বাৰু? তেওঁৰ লগতে ডাঙৰ ল’ৰাটোৰো মাছ ধৰাত খুবেই আগ্ৰহ। মাছ ধৰাৰ সকলো সা-সৰঞ্জামৰ লগতে কায়াক দুখনো তেওঁ কিনি থৈছে- লণ্ডনত তেনেকৈ ব্যৱহাৰ কৰিবলৈহে সুযোগ-সুবিধা নোলায়।

    চাইমনৰ সৈতে কথা-বতৰা পাতি থাকিল যদিও তুলিকাৰ মনলৈ অন্য চিন্তা কিছুমান অহা-যোৱা কৰি থাকিল। ৰ’ৰি জিৰ উৎসৱৰ পৰা ঘুৰি অহাৰে পৰা তাইৰ যেন ক’তোৱে মন নবহা হৈছে। সেই নিশাৰ ৰায়ানৰ দুচকুৰ আকুলতা আৰু আবেগ সনা কথাবোৰে বাৰে বাৰে ফাগুণৰ পছোৱাৰ দৰে জোকাই আছেহি তাইক। এক অচিনাকি পুলকে আৱৰি পেলাব খুজিছে। যেন তাই সেই আকৰ্ষণ অস্বীকাৰ কৰিব নোৱাৰা হৈ পৰিছে। কিন্তু সেই আকৰ্ষণক এটা নাম দি, বাস্তৱ জীৱনত সেই অলীক সপোনটো সাকাৰ কৰাৰ কথা কেনেকৈ ভাৱিব? পশ্চিমীয়া সমাজখনত ডাঙৰ হোৱা ৰায়ানে কেনেকৈ বুজিব তাইৰ দুভৰিৰ অদৃশ্য শিকলি ডালৰ কথা!

    ‘এয়াই লাষ্টি নেকি?’ চাইমনৰ কথাত তাইৰ তন্ময়তা ভাগিল। ঠিকেইতো! সিহঁত লাষ্টি পালেহিয়ে। কামৰ সময়ত আনমনা হৈ পৰাৰ বাবে নিজকে ধিক্কাৰ দি তুলিকাই ক’লে,

    ‘হয়, পাইছোঁহি। লাষ্টি আমাৰ আঁচনিৰ ভিতৰত থকা সকলোতকৈ বঢ়িয়া ঠাইবোৰৰ এখন। কাৰলিউ আৰু অন্য কেইবাবিধো চৰায়ে প্ৰতিবছৰে ইয়াৰ পথাৰত বাহ সাজি পোৱালি জগায়৷ সেয়ে ভাৱিলোঁ তুমিও চাই ভাল পাবা।’

    কেইমিনিটমানৰ ভিতৰতে গাড়ীখন ৰ’লগৈ এখন পথাৰৰ সীমাত৷ পথাৰখনৰ সিপাৰে সুবিশাল এক জলাশয়৷ দিগন্তত গাঢ় নীলা পাহাৰ৷ তাৰ বিপৰীতে অকোঁৱা-পকোৱাকৈ যোৱা উজনি লখ আৰ্ণ। তুলিকাৰ মনত পৰিল, প্ৰথম নেচাৰত যোগ দিয়াৰ দিনাই মাৰ্কৰ সৈতে তাই ইয়ালৈ আহিছিল। মাথোঁ সাত-আঠমাহৰ আগৰ কথা সেয়া। ভাৱিলে যেন আচৰিত লাগে, ক’ৰ পৰা যে ক’ৰ পালেহি তাই! সিদিনা ধুমুহাই তচ-নচ কৰি দিয়া বালিঘৰৰ ছৱিখন বুকুত লৈ তাই ইয়াত খোজ দিছিলহি। প্ৰতিটো খোজতে বাট ভেঁটি ধৰিছিল যন্ত্ৰণা আৰু সন্দেহৰ কলীয়া ডাৱৰে। সেই যন্ত্ৰণা- সেই আঘাত এতিয়াও হয়তো একেই আছে। মাথোঁ ঘাঁবোৰৰ পৰা অহৰহ তেজ বিৰিঙি থকা নাই। কিন্তু নিজকে আৰু ফাৰমানাৰ জীৱনকলৈ কৰা সন্দেহবোৰ যেন আঁতৰি গৈছে। ফাৰমানাত তাইৰ নিজাকৈ এখন ঘৰ হৈছে। এখিনি আপোন মানুহ হৈছে। তাৰ মাজতে একেবাৰে আপোন হৈ পৰিব খোজা এগৰাকীৰ কথাই তাইৰ হৃদয় উখল-মাখল কৰি তুলিছে। সেই নতুনকৈ গঢ় লোৱা আত্মবিশ্বাসৰ জহতেইতো আজি তাই নেচাৰৰ বিষয়ববীয়াক এই পথাৰ দেখুৱাবলৈ আনিছে। প্ৰথমবাৰৰ বাবে নিজকে লৈ তাইৰ যেন গৌৰৱবোধ হ’ল।

    আজি ফাৰমানাৰ আকাশত ডাৱৰৰ লুকা-ভাকু। এপলকৰ বাবে দেখা দিয়া ৰ’দজাক ডাৱৰৰ আঁৰত কেনিবা লুকাই পৰিছে। কিন্তু খৰালি বতৰ বাবে সিহঁতে যোৱাবাৰৰ দৰে ৱেলিংটন বুটজোতা বা ৱাটাৰপ্ৰুফ ট্ৰাউজাৰ পিন্ধিব লগা নহ’ল৷ পথাৰখনৰ সীমাত খোজ দি জলাশয়টোৰ পাৰে পাৰে দুয়ো আগবাঢ়িল৷ বাটে বাটে তুলিকাই দেখুৱাই গ’ল,

    ‘এই পথাৰৰ খেতিয়ক গেৰিয়েও সকলো যোৱা বছৰৰ পৰিকল্পনা মতেই কৰি গৈছে। সৌ ৰাছ ঘাঁহবোৰ আমাৰে ট্ৰেক্টৰ লৈ টমে কাটি থৈ গৈছে।’

    ‘এইবছৰ কি কৰাৰ কথা?’ চাইমনে সেইফালেই চকু ৰাখি সুধিলে।

    ‘যোৱা বছৰ পথাৰখনত গৰু আৰু ভেড়াৰ কাৰণে বেঁৰা দিয়া হৈছে। লগতে গেৰিৰ গৰুৱে পানী খোৱাৰ ব্যৱস্থা কৰি দিছে -যাতে গৰুবোৰে গৈ জলাশয়ৰ পাৰটো নষ্ট নকৰেগৈ। এইবছৰ সেইখিনিকে মেৰামতি কৰিবলৈ গেৰিয়ে সহায় বিচাৰিছে।’

    তুলিকাৰ পিছে পিছে গৈ থকা চাইম’ন থমকি ৰ’ল। তেওঁক দেখি তায়ো ৰৈ দিলে। গেৰিৰ বিশাল পথাৰখনৰ উত্তৰে অকলশৰীয়াকৈ থিয় দি থকা গছজোপালৈ আঙুলীয়াই তেওঁ সুধিলে,

    ‘সৌ গছজোপা পিছে? সেইজোপা কটাব লাগে- নহ’লে তাতে চিলনী-ঈগল আদি চিকাৰী চৰাই পৰিবহি। চৰাইৰ কণী আৰু পোৱালী চিকাৰ কৰিবলৈ সুযোগ পাব।’

    তুলিকা ক্ষন্তেক ৰ’ল। তাই সেইখিনি জানে -গেৰিয়েও জানে। পিছে চাইমনে বুজিবনে? সেয়ে টং কৰি চালে, গছজোপা নকটাৰ কাৰণটো কেনেকৈ কোৱা যায়!

    ‘চাইমন, আচলতে সেইজোপা গেৰিৰ আজোককাকে ৰোৱা উইল’ গছ। আমি যোৱাবছৰেই এই কথাটো পাতিছিলোঁ, কিন্তু আজোককাকৰ জীয়া স্মৃতি এই উইল’জোপা কাটি পেলোৱাৰ কথা গেৰিয়ে সপোনতো ভাৱিব নোৱাৰে। তাতে গৰমৰ দিনত তেওঁৰ ভেড়াজাকেও প্ৰায়ে সেই গছৰ ছাঁত জিৰণি লয়গৈ।’

    চাইমনে এইবাৰ তাইলৈ চাই গহীনাই ক’লে, ‘তুলিকা, তুমি খেতিয়কৰ পৰামৰ্শদাতা। তুমি তেওঁলোকে কি বিচাৰে-নিবিচাৰে সেইটোত নহয়, নেচাৰে তেওঁলোকৰ পৰা কি বিচাৰে তাত গুৰুত্ব দিয়াৰ দৰকাৰ। তেওঁলোকক সুধিলেতো তেনে অসংখ্যটা অনুৰোধ আহিবই! সেইবোৰ নুলিয়াবাই, বুজিছা? আমি কি বিচাৰোঁ- কিয় বিচাৰোঁ তাত জোৰ দিবা।’

    আস্‌, কি কয় চাইমনে! তাইতো কেতিয়াও কথাবোৰ তেনেকৈ ভবা নাই। মাথোঁ জানে, খেতিয়কৰ সৈতে সহযোগিতাৰেহে নেচাৰৰ লক্ষ্যত আগবাঢ়িব পাৰিব। কাৰণ জলচৰ চৰাইৰ বাবে উপযোগী এই সকলো পথাৰৰ স্বত্বাধিকাৰী খেতিয়কসকল। তেওঁলোকে তাইক পথাৰবোৰৰ পৰিচালনাত সহায় কৰিবলৈ আৰু পথাৰে পথাৰে চৰাই-বন অদিৰ জৰীপ কৰিবলৈ অনুমতি দিছে- তাৰ বাবে তাই কৃতজ্ঞ। গতিকে চৰকাৰী আঁচনিৰ অধীনত তেওঁলোকক যি পাৰি সহায় কৰি দিবলৈকে তাই চেষ্টা কৰি আহিছে। তুলিকাৰ মনত বহুতো প্ৰশ্নৰ উদয় হ’ল। ভাৱিলে, এইটো কথা ভালকৈ পাতিব লাগিব- চাইমনৰ লগত নহয়, মাৰ্কৰ লগতহে। সেয়ে তাই চাইমনৰ কথাত মাথোঁ ওঁ আঁ কৈ সঁহাৰি দিয়ে সমাৰি থ’লে।



    পথাৰখন ঘুৰি মেলি দুয়ো গেৰি জনষ্টনৰ ঘৰৰ ফালে পোনালে। তুলিকাই সুযোগ বুজি গেৰিলৈ মেচেজ এটা কৰি থ’লে-অলপ পাছতে তেওঁৰ ঘৰ ওলাবগৈ বুলি। গেৰিয়ে উত্তৰ দিলে,

    ‘কেটলটো ষ্টোভত বহাই থৈছোঁ, আহা।’

    আইৰিছ পাকঘৰৰ চিৰন্তন প্ৰতীক এই হুইছেল বজোৱা কেটল। ভুট্‌ ভুট্‌ শব্দ কৰি কেটলৰ পানী গৰম হ’বলৈ আৰম্ভ কৰে আৰু পানী উতলিলেই কেটলটোৱে উকি মাৰি উঠে। বহা-কোঠাত আলহীৰ লগত কথাৰ মহলাই উঠক বা পিছচোতালৰ শাকনিবাঁৰীত আলু তুলি থাকক, গৃহস্থৰ বাবে এই উকি হ’ল এক উমাল আমন্ত্ৰণ! একাপ চাহ বা কফিৰ বাবে। কথা আৰু কামৰ মাজত অকণমান আহৰিৰ বাবে। এতিয়াও তাৰে আশাত তুলিকাৰ মনটো ভাল লাগি গ’ল।

    সিহঁত গৈ পোৱাৰ লগে লগেই গেৰিয়ে আথে-বেথে বহুৱালেগৈ। সেই একেই তেজে ফুটো ফুটো কৰা মুখেৰে মদগজ চেহেৰাৰ গেৰি। চাইমনৰ সৈতে চা-চিনাকি হৈ যোৱাৰ পিছত গেৰিয়ে অন্যদিনাৰ দৰেই তুলিকালৈ চাই সুধিলে,

    ‘পথাৰখন কেনে দেখিলা?’

    তুলিকাই কিবা কোৱাৰ আগতেই চাইমনে কৈ পেলালে, ‘সকলো ঠিক। কিন্তু গেৰি, আপুনি সেই উইল’ গছজোপা কাটিব লাগিব!’

    তাই থতমত খাই গ’ল। লগে লগে গেৰিৰ মুখ ওন্দোলিল। চাইমনে যেন সেয়া মনেই নকৰিলে। তাৰপিছতো তেওঁ ইটোৰ পিছত সিটোকৈ গেৰিৰ পথাৰত কৰিবলগীয়া কামবোৰ কৈ গ’ল। গেৰিয়ে একো নক’লে। কিন্তু তুলিকাই তেওঁৰ মুখ দেখিয়ে গম পালে, তেওঁৰ দস্তুৰমত খং উঠিছে!

    এটা সময়ত চাইমন আৰু তুলিকা দুয়ো যাবলৈ উঠিল। অতদিনে গেৰিৰ এই বহাকোঠাতে হোৱা প্ৰকৃতি সম্পৰ্কীয় আলোচনাবোৰৰ আৱহাৱাই যেন ভিন্ন আছিল। কেটলৰ উতলা পানী, ঘৰতে কৰা পাউৰুটী আৰু মৌজোলো ক’ৰবাতে থাকিল। তাইৰ ভাৱ হ’ল, চাইমনে কিতাপৰ ভাষা বুজে- নীতি-নিয়ম বুজে, কিন্তু মানুহৰ হৃদয়ৰ ভাষা নুবুজে! উভতনিৰ বাটতো তাই কথা-বতৰাত বিশেষ ভাগ ল’ব নোৱাৰিলে। মাথোঁ ভাৱি থাকিল, সম্পৰ্কবোৰ গঢ়া কিমান টান আৰু কিমান সহজে সেই সম্পৰ্কৰ ভেঁটিত খহনীয়া আৰম্ভ হ’ব পাৰে!

    অফিচ পায়ে চাইমন পোনে পোনে বৰ্ডৰুমলৈ গ’ল। আয়াৰলেণ্ডৰে অন্য এটা গোটৰ সৈতে অনলাইন মিটিং আছে হেনো। ক্লান্ত দেহ আৰু মন লৈ তুলিকা আহি নিজৰ ডেস্কত বহিলহি। অফিচ তেতিয়া নিৰ্জন। আজি গোটেইবোৰ কামৰ দায়ত ফিল্ডত কিজানি। তাই গেৰিলৈ এটা মেচেজ কৰি থ’লে, ‘একো চিন্তা নকৰিবা, গেৰি। আমি গোটেইবোৰ কথা আকৌ এবাৰ ভালকৈ পাতিম।’

    এনেতে মাৰ্ক সোমাই আহিল। তাই সকাহ পালে- মাৰ্কৰ লগত এই সুযোগতে কথাখিনি পাতিব পৰা হ’ব। কিন্তু মাৰ্কৰো যেন আজি ভিন্ন ৰূপ!

    ‘হাই তুলিকা!’ -কৈয়ে মাৰ্ক ধাচ্‌কৰে নিজৰ চকীখনত বহি পৰিল।

    মাৰ্কৰ মুখৰ অভিব্যক্তিতে তাই বুজিলে, কিবা এটা ঘটিছে।

    ‘মাৰ্ক, সকলো ঠিকে আছেতো?’ তাই উৎকণ্ঠাৰে সুধিলে।

    ‘কি ক’বা তুলিকা। কালি বৰ অঘটন এটা ঘটি গ’ল বুজিছা।’ মাৰ্কৰ মাতত জড়তা।

    ‘কি হ’ল ভালকৈ কোৱাচোন।’

    ‘তোমাক যে কৈছিলোঁ, মিনলাৰ কুকুৰা পোৱালী কেইটাৰ কথা, মনত আছেনে?’

    ‘আছে, আছে- এক ডলাৰকৈ দি যে তোমালোকে শনিবৰীয়া বজাৰৰ পৰা লৈ আনিছিলা!’

    মোলান মুখেৰে মাৰ্কে কৈ গ’ল, ‘সিহঁতৰ মাজত মেংগ’ৰ স্বভাৱটো বেছি মৰম আকলুৱা। হয়তো মিনলাই আলাসত ৰাখি ৰাখিয়ে তেনে কৰিলে। সদায় মই ঘৰ সোমাওঁতে মেংগ’ দৌৰি আহে। কালিও এনেকৈ দৌৰি আহিছিল জানানে। কি জানো হ’ল ,মই গাড়ীখন গেৰেজলৈ সোমোৱাওতেই মেংগ’ কেনেবাকৈ গাড়ীৰ চকাৰ তলত পৰিলগৈ!’

    ‘কি কয়!’

    ‘অঁ ভাগ্য ভাল যে প্ৰাণটো বাচিল – কিন্তু ঠেং এখন ভাঙিল। মেংগ’ মোৰ গাড়ীৰ চেপাত মৰা হ’লে মিনলাই মোক কেতিয়াও ক্ষমা নকৰিলেহেঁতেন জানানে! মিনলাৰ বাবে দিনবোৰ এনেয়ে ইমান কঠিন হৈ আহিছেই। আৰু বেছি কষ্টকৰ কেনেকৈ কৰিব পাৰোঁ বাৰু মই!’ মাৰ্কে অপৰাধবোধ সনা মাত এটাৰে ক’লে।

    মাৰ্কে কি ইংগিত কৰিলে তুলিকাই ঠিকেই বুজিলে। তাই একোকে ক’ব নোৱাৰিলে। কিন্তু ভাৱিলে, মাৰ্কৰ বাবেওতো সময়বোৰ কষ্টকৰ হৈ পৰিছে। লিছাৰ পৰা তাই শুনিছে, আন্যাই ইতিমধ্যে সেই নতুন সম্পৰ্কক আকোঁৱালি লৈছে- তেওঁৰ ঘৰলৈ গুচি গৈছে। মাৰ্ক আৰু আন্যাৰ ডিভৰ্চৰ কাগজ-পত্ৰৰ কাম আৰম্ভ হৈছে। মিনলাক দুয়ো ক’পেৰেণ্টিং কৰাৰ সিদ্ধান্ত লৈছে।

    ‘কথাবোৰ শুনি মোৰো খুউব বেয়া লাগিছে মাৰ্ক! কিন্তু আপোনাৰতো কোনো দোষ নাই তাত!’

    ‘জানো তুলিকা। কিন্তু মিনলাক দুখ পোৱা দেখিলে মোৰ বৰ কষ্ট হয় জানা।’ মাৰ্কৰ বিগলিত মুখখনে তাইকো আবেগিক কৰি পেলালে।

    ইতিমধ্যে মিটিং সামৰি বৰ্ডৰুমৰ পৰা চাইমন ওলালেহি। ‘হাই মাৰ্ক, হেল্ল’ তুলিকা।’

    ‘হাই চাইমন, আজি কেনে গ’ল?’ মাৰ্ক প্ৰকৃতিস্থ হ’বলৈ চেষ্টা কৰি ক’লে।

    ‘ভাল ভাল। লাষ্টিত ভাল কাম হৈছে। চাই ভাল পালোঁ। গেৰিকো লগ পালোঁ। বাকীবোৰ ক’ত?’

    ‘লিছা লখ আৰ্ণৰ ৰিজাৰ্ভত। ফিয়না গৈছে পেটিগ’ত এখন কৃষক সভালৈ। টম আৰু ডেৰেনৰ কাম যে প্ৰায়ে ফিল্ডতে থাকে -সেয়ে অফিচলৈ অহাৰ প্ৰয়োজন নাথাকেই।’ মাৰ্কে কৈফিয়ৎ দিয়াৰ দৰে কথাখিনি ক’লে।

    চাইমনে সেয়া শুনিয়ে মূৰ লৰাই লৰাই ক’লে, ‘নাই নাই। ইমান শিথিল হ’লে নহ’ব। যি কামেই নাথাকক প্ৰথমে সকলোৱে ন বজাত অফিচলৈ আহিব লাগিব। তাৰপিছত যাৰ যেনি যোৱাৰ দৰকাৰ যাব পাৰে।’

    সেয়া শুনিয়ে তুলিকাৰ কাণ-মূৰ গৰম হৈ গ’ল। মাৰ্কে একো অভিব্যক্তি নেদেখুৱালে। কিন্তু সেইসময়তে ফোনটো বাজি উঠাত তেওঁ যেন ৰক্ষাহে পালে। গম পোৱা গ’ল, লিয়াম ক্লিফৰ্ডৰ পথাৰত এজাক ৰাজহাঁহ পৰিছেহি- দেখাত গ্ৰেলেগ গীজৰ দৰে। শুনিয়ে মাৰ্ক খদমদমকৈ তালৈ যাবলৈ ওলাল। চাইমনে ইচ্ছা কৰাত তেওঁকো লগ ল’লে। তুলিকাই যেন স্বস্তিৰ নিশ্বাসহে পেলালে।

    পিছদিনা সেই কথাবোৰকে অফিচত ওলাল। ফিয়না একপ্ৰকাৰ জ্বলি-পকিয়ে উঠিল।

    ‘আমাৰ বহুত কাম অফিচৰ নিয়মীয়া সময়ত নহয়। ময়েচোন বাদুলীৰ জৰীপ কৰিবলৈ নিশা ন-দহ বজাত ওলাই যাওঁ-পুৱতি নিশা ঘুৰোঁ। তেতিয়াও অফিচলৈ আহি হাজিৰা মাৰি যাব লাগিব নেকি?’

    সেইদিনা চাইমনৰ সৈতে কাম দেখুওৱাৰ দায়িত্ব আছিল লিছাৰ। সেই সপ্তাহটো তেনেকৈয়ে ভাগে ভাগে চাইমনৰ সৈতে সময় কটাই দলটোৰ প্ৰত্যেকৰে যেন অভিযোগবোৰ বাঢ়িহে যাবলৈ ধৰিলে। তেনেকৈয়ে শুক্ৰবাৰ পালেহি। সেইদিনা চাইমন লণ্ডনলৈ উভতাৰ কথা। তেওঁ জোৰ দিয়াৰ বাবেই টম আৰু ডেৰেন সেইদিনা অফিচতে ৰৈ দিলে। দুয়োৰে অফিচত নিজাকৈ ডেস্কো নাই- দৰকাৰেই নাই বাবে। সেয়ে দুয়ো মিলি সেইদিনা নেচাৰৰ ৱেৰহাউচটোকে চিজিল লগালে।

    আবেলি সকলোকে সোনকালেই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি চাইমনে অফিচ এৰিলে। মাৰ্ক লান্সৰ সময়লৈকে নাছিল। তেওঁ আগবেলাটো ছুটী লৈছিল। কোনেও সোধা নাছিল কিয়। কাৰণ সকলোৱে জানে মাৰ্কৰ ব্যক্তিগত জীৱনৰ ধুমুহা জাকৰ কথা। আবেলি ঘুৰি আহি তেওঁ অফিচত থমথমীয়া পৰিৱেশ এটা পালেহি। গোটেইবোৰ তেতিয়াও অফিচতে। মাৰ্ক আহি বহিবলৈ নাপালেই ফিয়নাই পোনেই সুধিলে,

    ‘মাৰ্ক, চাইমন ইয়ালৈ কিয় আহিছিল খুলি কোৱাচোন?’

    তুলিকাই এইকেইমাহতে মন কৰিছে এই গোটৰ দলপতি মাৰ্ক। সকলোৱে কাম চোৱা-চিতা কৰাৰ দায়িত্ব তেওঁৰ। তুলিকাৰ দৰেই সকলোৱে তেওঁক সকলোৱে শ্ৰদ্ধা কৰে- কিন্তু সমীহ নকৰে, প্ৰশ্ন সুধিবলৈ বা মতামত জনাবলৈ কোনেও ভয় বা সংকোচ নকৰে। মাৰ্কে নিজেও প্ৰশ্ন আৰু সমালোচনা কৰিবলৈ উৎসাহহে দিয়ে। সেয়াও হয়তো এগৰাকী যোগ্য দলপতিৰে চিন। আজিও তেওঁ পোনপটীয়া প্ৰশ্নটোত আচৰিত হ’লেও শান্ত মাতেৰেই ক’লে,

    ‘চাইমনে আমাৰ দলটোৰ কাম-কাজৰ বুজ ল’ব খুজিছিল। লগতে মোৰ সৈতে মুখামুখিকৈ পুনৰ্সংগঠনৰ আলোচনাও কৰিব বিচাৰিছিল। গম পাইছোঁ, তোমালোক সকলোৰে চাকৰি একেই থাকিব। পুনৰ্সংগঠনৰ কোনো প্ৰভাৱ নপৰে।’

    লগে লগেই কোঠাটোলৈ যেন প্ৰাণ ঘুৰি আহিল। সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু লিছাই ক’লে,

    ‘কিন্তু কি মাৰ্ক?’ অতবছৰে যেন মাৰ্কক তাই ভালদৰে বুজি পোৱা হৈছে। বুজি পোৱা হৈছে যে মাৰ্কৰ কথাৰ সুৰত তেতিয়াও এটা ‘কিন্তু’ লাগি আছে। সেয়ে লিছাই গোটৰ বাকীসকলৰ দৰে এতিয়াও সহজ হৈ পৰিব পৰা নাই।

    মাৰ্কে অলপ হাঁহিলে। আজি সেই হাঁহিও যেন বৰ কৰুণ দেখালে। তাৰপিছত তেওঁ লাহেকৈ ক’লে,

    ‘চাইমনে লগতে জনালে, মোৰ পদবীটো সলনি হোৱাৰ সম্ভাৱনা আহি পৰিছে। তেওঁলোকে এই ‘এৰিয়া মেনেজাৰ’ পদবীটো খাৰিজ কৰি ইয়াত ‘সমন্বয়ক’ পদবী সৃষ্টি কৰিব খুজিছে। পে’ গ্ৰেড বা স্কেলৰ ফালৰ পৰা সেই পদবী ‘এৰিয়া মেনেজাৰ’ পদবীৰ তলত। মোৰ পদবীটো বেলফাষ্টৰ অফিচলৈ যাব।’

    গোটৰ সকলোকে যেন কথাখিনিয়ে গিলিহে পেলালে। কি কয় মাৰ্কে! কি কয়! তেওঁ কি বেলফাষ্টলৈ যাবগৈ?

    ‘বৰ্তমান তেওঁলোকে এই ‘সমন্বয়ক’ পদবীটোৰ কাৰণে নতুনকৈ বাচনি কৰাৰ সিদ্ধান্ত লৈছে। তাত চাইমনৰ আগ্ৰহ আছে বুলি কৈ গৈছে। সেইবাবেই তেওঁ আহিল। নিজ চকুৰে এই ঠাই, এই অফিচ চাই গ’ল।’

    এইবাৰ যেন কটা ঘাঁত চেঙা তেল পৰাৰ দৰেহে হ’ল। গোটেইবোৰে প্ৰায় একেলগেই কৈ উঠিল,- নাই, সেয়া হ’বই নোৱাৰে। মাৰ্কৰ সলনি চাইমন দলপতি হৈ আহিলে কোনেও এই দলত আৰু নাথাকে।

    ‘মাৰ্ক, তুমি যদি বেলফাষ্টলৈ যোৱাগৈ, ময়ো নাথাকোঁ! আজি বাৰ বছৰে চাকৰি কৰিলোঁ। ৰিটায়াৰমেণ্টলৈ বেছি দিন নাই। শেষৰ কেইবছৰত তিতা-কেঁহা নালাগে আৰু।’ ডেৰেনে ক’লে।

    ‘ময়ো নাথাকো।’ ফিয়নাই ক’লে। ‘ৰিপাব্লিকলৈ ট্ৰেন্সফাৰ লৈ ল’ম।’

    ইজনৰ পিছত সিজনকৈ তাতে হয়ভৰ দি গ’ল। যেন মাৰ্কেই ফাৰমানা সকলোৰে বাবে। মাৰ্ক নোহোৱাকৈ যেন এই দলৰো কোনো অস্তিত্ব নাই।

    ‘তুমি সঁচাই ফাৰমানা এৰি যাব খুজিছা, মাৰ্ক?’ লিছাৰ মাতটোৱে যেন কঁপি উঠিল।

    গোটৰ সকলোৱে মাৰ্কৰ মুখলৈ চাই ৰ’ল-উত্তৰ বিচাৰি। কি কৰিব মাৰ্কে? অতবছৰে, কোনোবা কৃষকে আপত্তি কৰিছে, ক’ৰবাত বানপানীয়ে চৰাইৰ কণী নষ্ট কৰিছে, কোনোবাই জৰীপৰ তথ্য বিচাৰিছে, প্ৰকৃতি সম্পৰ্কীয় এটা বাতৰি কৰাৰ কথা -সকলোৰে যিকোনো প্ৰশ্নৰ উত্তৰ মাৰ্কৰ হাতত। ফাৰমানাৰ অতীত আৰু বৰ্তমান জীভাৰ আগত লৈ ফুৰা, ফাৰমানাৰ প্ৰকৃতিক মনে-প্ৰাণে ভালপোৱা মাৰ্কৰ হাতত আজি এই প্ৰশ্নটোৰ কোনো উত্তৰ নাই।

    মাৰ্ক কিছু বিহ্বল হৈ পৰিল। এই ফাৰমানাতে আজি পোন্ধৰ বছৰ আগতে তেওঁ জীৱনটো গঢ়ি তুলিছিল। এখন সুখৰ সংসাৰৰ সপোনটো বাস্তৱ হৈছিল। তেতিয়াই আন্যাই নিজৰ দেশ জাৰ্মানীলৈ ঘুৰি যোৱাৰ কথা মাজে মাজে উলিয়াইছিল। কিন্তু মাৰ্কে ফাৰমানাৰ মোহ এৰি বেলেগ এখন দেশলৈ যোৱাৰ কথা ভাৱিব নোৱাৰিলে। কিজানি তেতিয়াই আন্যাৰ কথা মানি গুচি যোৱা হ’লে তেওঁৰ জীৱনটোৱে অন্য গতিয়ে ল’লেহেঁতেনে। কিজানি আজি সেই সংসাৰ আৰু চাকৰিৰ এই পৰিণতি নেদেখিলেহেঁতেন! নাজানে মাৰ্কে। এই হেঁতেনবোৰেতো কেতিয়াও কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে। কিন্তু এতিয়া সঁচাই বেলেগ কিবা বাচি আছেগৈ নে ফাৰমানাত? সঁচাই তেওঁ এতিয়াও ফাৰমানাতে ৰৈ যোৱাৰ কিবা অৰ্থ আছেগৈ নে? তেওঁৰ জীৱন আৰু কেৰিয়াৰ তচ-নচ কৰি দিব খোজা এই ধুমুহাজাক তেওঁৰ বাবে বিশ্বব্ৰক্ষাণ্ডৰ এক নিৰ্দেশ নহয়নে?

    কিন্তু, এই আপোন দলটোৰ কি হ’ব? কি হ’ব তেওঁৰ মুখলৈকে চাই ভৰষা বিচৰা এই মানুহখিনিৰ?

    পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • Friday, 23 February 2024

    ফাৰমানা (উনবিংশ খণ্ড)

    আজি পুৱাৰে পৰা নেচাৰৰ অফিচত লেণ্ডলাইন ফোনটোৱে আহৰি পোৱা নাই। প্ৰথমটো ফোন কল তুলিকায়ে ধৰিলে। কাৰণ প্ৰায়ে সকলোতকৈ আগেয়ে তাই অফিচ পায়হি। খিৰিকীৰ ব্লাইণ্ডছবোৰ ওপৰলৈ উঠাই লৈ ফুলৰ টাববোৰত পানী দি তাই নিজৰ ডেস্কত বহেহি। প্ৰায়ে সেইখিনি সময়তে চাফাইকৰ্মী পলো ৱাটাৰৱেইজ আয়াৰলেণ্ডৰ বাকীবোৰ অফিচত কাম সামৰি সিহঁতৰ অফিচ সোমায়হি। তুলিকাৰ সৈতে সুখ-দুখৰ দুই এষাৰ কথা পাতি তেওঁ গোটেইবোৰ ভেকুৱাম কৰি নিয়েহি। তেনেকৈ দিনটো আৰম্ভ কৰি ভাল লাগে তাইৰ। আজিও তেনেকৈ আহি পাইছিলহে, ফোনটো ঠিক ন বজাতে ৰিং কৰি উঠিল।

    ‘হেল্ল’,নেচাৰ আয়াৰলেণ্ডৰ ফাৰমানা অফিচ। মই কনজাৰভেশ্যন অফিচাৰ তুলিকা বৰুৱাই কৈছোঁ। কওকচোন আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ?’

    ‘আহ, আপুনিয়ে ভাৰতৰ তুলিকা তেনে?’ গাঢ় আইৰিছ ঠাঁচৰ অচিনাকি পুৰুষ কণ্ঠটোত তুলিকাই থতমত খাই গ’ল।

    ‘হয়, আপুনি?’

    ‘মই লিছবেল’ৰ পৰা কৈছোঁ। ‘ফাৰমানা হেৰল্ড’ত আপোনালোকৰ কামৰ বিষয়ে পঢ়ি বৰ ভাল পালোঁ। প্ৰকৃতিৰ কাৰণে আপোনালোকে যেনেকৈ কাম কৰি আহিছে সেয়া সঁচাই বৰ প্ৰেৰণাদায়ক। আপুনি নিজে ইমান দূৰৈৰ পৰা আহি আমাৰ প্ৰকৃতি আৰু চৰাই-চিৰিকটিৰ সংৰক্ষণৰ কাম কৰিছে-তাৰ বাবে বহুত ধন্যবাদ।’ ফোনৰ সিপাৰে অচিনাকি মানুহজনৰ যেন উৎসাহৰ শেষ নাই!

    তুলিকা অভিভূত হৈ পৰিল। মানুহজনৰ সৈতে চা-চিনাকি হৈ ধন্যবাদ জনাই তাই ফোন থ’লে। তৰপিছত ল’ৰালৰিকৈ ৰিচেপশ্যনৰ পৰা ফাৰমানা হেৰল্ডৰ সেইদিনাৰ কাকতখন লৈ আনিলেগৈ। তাৰে এটা সম্পূৰ্ণ পৃষ্ঠা জুৰি বাতৰিটো প্ৰকাশ পাইছে। বৰ বৰ হৰেফেৰে শিৰোনামা, ‘ফাৰমানাৰ প্ৰকৃতিৰ হকে এজাক যুঁজাৰু!’ তাৰ তলতে সোঁফালে ৰায়ানৰ ফটোখন-সেই একেই হাঁহিলে সৰু হৈ পৰা নীলা দুচকু, মুগা ফিৰফিৰীয়া চুলিৰ পনিটেইল, দুয়োগালৰ মুগা দাঢ়ি। তাইৰ মূৰৰ পৰা ভৰিলৈ যেন এটা শিহৰণ বৈ গ’ল! প্ৰতিবাৰে ৰায়ানক দেখা পালেই অহা সেই চিনাকি শিহৰণ, কিন্তু অচিনাকি আবেগ!

    ‘হেৰ’ল্ডত বাতৰিটো ওলাল নহয়?’ মাৰ্কৰ মাতত তাই উচপ খাই উঠিল। তেওঁৰ হাতত ফ্ৰেন্স প্ৰেছ কফি মেকাৰটো। কাঁচৰ কফি মেকাৰটোত জিলিকি আছে কলাকৈ কৰা ডাঠ কফি। অন্যদিনাৰ দৰেই তেওঁ তাৰপৰা মাগ এটাত বাকি তুলিকাৰ ডেস্কত একাপ কফি থ’লে। তাৰ কাষতে মিহলাই কফি পাতল কৰিবলৈ গৰম পানীৰ কেটলটোও থৈ তেওঁ ক’লে,

    ‘মোক ৰায়ানে পুৱাতে ফোন কৰি জনাইছে। বৰ ধুনীয়াকৈ লিখিছে। আমাৰ লগে লগে থাকি কামবোৰ যে ভালদৰে বুজি লৈ কষ্ট কৰি লিখিছে, সেয়া পঢ়িলেই বুজি পায়। তোমাৰো ফটো ওলাইছে, দেখিলা?’

    নাই দেখা। ৰায়ানৰ ফটোখনতে থমকি ৰোৱা তুলিকাৰ চকুযুৰি এইবাৰ তললৈ গ’ল। সেইদিনা কায়াকেৰে গৈ থাকোঁতে ঘপকৈ ৰায়ানে তোলা তাইৰ ফটোখন প্ৰকাশ পাইছে। তলত লিখা আছে, ‘ফাৰমানাৰ খেতি-পথাৰত বাহ সজা চৰাই বিচাৰি নেচাৰৰ কৰ্মী তুলিকা।’

    তাই পুলকিত হৈ উঠিল। কেৱল তুলিকাই নহয়, সেই বাতৰি আৰু তাকে লৈ দিনটোলৈ আহি থকা অভিনন্দনৰ ফোন কল বোৰে গোটেই দলটোৰে যেন উদ্যম ঘুৰাই আনিলে। মুহূৰ্তৰ বাবে যেন সকলোৱে পাহৰি গ’ল নেচাৰৰ ওপৰত ওলমি থকা অনিশ্চয়তাৰ কলীয়া ডাৱৰজাকৰ কথা! ৰায়ানৰ প্ৰতি তাইৰ মন কৃতজ্ঞতাৰে ভৰি পৰিল। ফোন এটা কৰি ধন্যবাদকে দিব নেকি? ভাৱিলে তাই। তাৰ সলনি তাই সেইদিনাই ধন্যবাদসূচক ইমেইল এটাকে কৰিলে। প্ৰায় আধাঘণ্টামানৰ ভিতৰতে ৰায়ানৰ উত্তৰ আহিল, ‘তুমি লেখাটো ভাল পোৱা বাবে ভাল লাগিছে। তোমালোকে ব্যতিক্ৰমী কাম কৰি আছা, প্ৰায়বোৰ মানুহ প্ৰকৃতি বিধ্বংসী কামত লাগি থাকোঁতে তোমালোকে ফাৰমানাৰ সেউজীয়াখিনি বচাই ৰখাৰ চেষ্টা কৰিছা। তাৰ কাৰণে নেচাৰৰ প্ৰতিজন কৰ্মীৰ প্ৰতি আমি কৃতজ্ঞ!’

    অফিচৰ লান্স ব্ৰেকতে সুৰুঙা পাই সেই খৱৰ তাই মাকলৈ মেচেজ কৰি পঠালে। মাকে লগে লগেই উত্তৰ দিলে মেচেজতে।

    ‘বৰ গৌৰৱৰ কথা মাজনী! বিদেশৰ এক অজান্তি মুলুকত গৈ তই নিজকে প্ৰতিষ্ঠা কৰিছ- প্ৰকৃতিৰ হকে কাম কৰিছ, তাকে লৈ মই বহুত গৌৰৱ কৰোঁ। এনেকৈয়ে আগবাঢ়ি যা - মোৰ আশীৰ্ব্বাদ সদায়ে থাকিব।’

    তাইৰ চকুপানী ওলাব খুজিলে। কেইটামান মুহূৰ্তৰ পিছতে পুনৰ মাকৰ মেচেজ আহিল,

    ‘দেউতাৰক ক’লি নে? খৱৰটো শুনিলে দেউতাৰেও বৰ ভাল পাব!’

    নাই, দেউতাকৰ সৈতে সেই দিনটোৰ পৰাই তাই একো যোগাযোগ ৰখা নাই। যেন প্ৰথমবাৰৰ কাৰণে তাই নিজে শুদ্ধ বুলি বিচাৰ কৰা এটা বাট লৈছে। সেই বাটত মূৰ তুলি খোজ দিছে। মাকেই হওক বা পৃথিৱীৰ অন্য যিকোনো নাৰীয়ে হওক- সেই নাৰীৰ ওপৰত হাত তুলি পুৰুষত্ব জাহিৰ কৰিব খোজা কোনো পুৰুষৰ সৈতেই তাইৰ আন্তৰিক বান্ধোন থাকিব নোৱাৰে। কাৰণ কোনো আন্তৰিক বান্ধোন বৰ্তাই ৰাখিব পৰাকৈ সেই পুৰুষৰ বিবেক বা মানৱীয়তা আছে বুলি তাই বিশ্বাস নকৰে।

    তুলিকাই মাকক সেইবোৰ একোকে নক’লে। মাকৰ সহনশীলতাই যেন তাইক মূক কৰি পেলালে। তাই জানে, মাথোঁ যোৱা সপ্তাহত মাকে নিজাকৈ ভাড়াঘৰ লৈছে। ডিভৰ্চৰ কাগজ-পত্ৰ সাজু কৰিবলৈ কৰ্টলৈ তাঁত-বাতি আৰম্ভ কৰিছে। ভায়েক ধীৰুৰ হাজাৰ চেষ্টায়ো মাকক নিজৰ সিদ্ধান্তৰ পৰা লৰচৰ কৰিব নোৱাৰিলে। অথচ, ইমানখিনিৰ পিছতো মাকে সিহঁত দুয়োকে দেউতাকৰ খৱৰ ৰাখিবলৈ কৈছে। মাকেই অশান্তি মতা বুলি অপবাদ দিব খোজা ধীৰুকো তেওঁহে ভৰসা দিছে, সকলো ঠিক হৈ যাব। মাক-দেউতাক বেলেগ হৈ গ’লেও সিহঁত দুয়োৰে কাৰণে কথাবোৰ একে থাকিব। যেন মাকে আপ্ৰাণ চেষ্টা কৰিছে, তেওঁৰ সিদ্ধান্তই পৰিয়ালটোৰ বান্ধোনবোৰ ঢিলাই নেপেলোৱাকৈ ৰাখিবলৈ। যিটো ভয়ে অতদিনে তেওঁক এই খোজটো আগবঢ়াবলৈ বাধা দি আছিল, সেই ভয়ৰ নিৰাময় কৰিবলৈ। মাকক তাইৰ ক’বৰ মন গ’ল, সম্পৰ্কৰ গতি বোৱতী নদীৰ দৰে। স্বতন্ত্ৰ কিন্তু একা-বেকাঁ। প্ৰত্যেকেই নিজা সম্পৰ্কবোৰৰ বাবে দায়বদ্ধ। পাৰস্পৰিক আন্তৰিকতা, আদৰ-যত্নৰ সোঁত অবিৰাম বৈ নাথাকিলে অন্য কোনেও দুগৰাকী ব্যক্তিৰ মাজৰ সম্পৰ্কত খৰাং হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰে। মাকেও।

    ‘হেই, আজি ডেস্কতে থাকিলা যে! লান্স ৰুমলৈ নাহিলা কিয়?’ ফিয়নাৰ মাতত তুলিকাই মূৰ তুলি চালে।

    ‘আ:, মোৰ কাম অলপ আছিল। সেয়ে ভাৱিলোঁ, আজি কাম আৰু খোৱা লগতে কৰোঁ!’

    ‘একো নাই, আজি ৰায়ানৰ বাতৰিক লৈ সৰু-সুৰা চেলিব্ৰেশ্যনেই হৈ গ’ল- এয়া তোমাৰ কেক টুকুৰা লৈ আনিছোঁ। লোৱা।’ ফিয়নাই প্লেট এখনত চকলেট কেক এটুকুৰা আগবঢ়াই দিলে।

    ‘চেলিব্ৰেশ্যনৰ কথাত মনত পৰিছে, তোমালোক ৰ’ৰি গেলেহাৰ উৎসৱলৈ যাবা নহয়?’ ফিয়নাৰ পিছে পিছেই আহি অফিচলৈ সোমোৱা লিছাই ক’লে।

    ‘যাম যাম- সেয়াটো এৰিব নোৱাৰি। এইবাৰ চ’নেও গান গাব নহয়। এইকেইদিন তাৰ দিনে-ৰাতিয়ে ৰিহাৰ্চেলৰ প্ৰকোপত মই শান্তিৰে শুব নোৱাৰিছোঁ।’ ফিয়নাই উচ্ছল হৈ লগে লগেই সঁহাৰি দিলে। আজি এমাহ হ’ল- চ’ন আৰু তাই একেলগে এটা ঘৰ লৈছে, এখন সুখৰ সংসাৰ গঢ়িছে। দেশ আৰু সংগঠনৰ নানা অনিশ্চয়তা আৰু অস্থিৰতাৰ মাজতো সিহঁত সুখী হৈছে।

    ‘কোন এই ৰ’ৰি গেলাহাৰ? ক’ত হ’ব এই উৎসৱ?’ সিহঁতৰ কথা-বতৰাই তুলিকাকো কৌতুহলী কৰি তুলিলে।

    ‘বেলিশ্বেননৰ নাম শুনিছা? ইয়াৰ পৰা মাত্ৰ এঘন্টাৰ বাট তালৈ৷ উত্তৰ আয়াৰলেণ্ডত নহয়। আমাৰ সীমামূৰীয়া কিন্তু ৰিপাব্লিক অব আয়াৰলেণ্ডৰ ঠাই। তালৈ যাবলৈ তোমাৰ ভিজা আছেই নহয়?’ লিছাৰ কথাৰ পৰা থাপ মাৰি নিয়াদি ফিয়নাই ক’লে,

    ‘ৰ’ৰি গেলাহাৰ তাতে জন্ম হোৱা এজন বিশ্ববিখ্যাত সংগীত শিল্পী৷ প্ৰতিবছৰে বেলিশ্বেননে তেওঁৰ সোৱঁৰণত আন্তৰ্জাতিক সংগীত উৎসৱ পাতে৷ এই শনিবাৰে ওলাবা৷ শনিবাৰে নিশাটো কটাই দেওবাৰে গুচি আহিম৷ বহুত ভাল লাগিব। কি যে এক মায়াময় পৰিৱেশ হয় তাত- দেখিলেহে বুজিবা!’

    ‘কিন্তু…কিন্তু ক’ত থাকিম?’

    ‘আৰে সেইবোৰৰ চিন্তাই নাই। আমাৰ কাৰাভানখন লৈ যাম নহয়! আমাৰ তিনিওলৈ ঠাই ওলাব তাত।’ লিছাই এইবাৰ জোৰ দি ধৰিলে।

    কথামতেই কাম। শনিবাৰে তুলিকাৰ এপাৰ্টমেণ্টৰ সন্মুখত ৰ’লহি লিছা আৰু ডেনিয়েলৰ কাৰাভানখন। কাৰভান মানে সিহঁতৰ গাড়ীৰ পিছফালে যোগ কৰি লোৱা এটা সৰু কেবিন৷ সৰু কিন্তু বৰ আটোমটোকাৰীকৈ ৰখা কেবিনৰ ভিতৰৰ আচবাব৷ লিছাই দেখুৱালে, একাষৰ দুজনীয়া চোফাখন ফল্ডিং -মেলি দিলে এখন দুজনীয়া বিছনা হৈ পৰে৷ দুৱাৰৰ একাষে অন্য এখন বহা ঠাই৷ তাতে তৃতীয় মানুহ এজনো শুব পাৰে৷ ওপৰৰ গোটেইবোৰ সৰু-ডাঙৰ চেলফ-য’ত বয়-বস্তু সযতনে ৰাখি হুক লগাই থ’ব পাৰি৷ পাকঘৰ যেন লগা কণমান ঠাইখিনিতে এটা সৰু ষ্ট’ভ৷ সৰু চিলিণ্ডাৰ এটাৰ লগত সংযোগ কৰি থোৱা আছে৷ মুঠতে সৰু পৰিয়াল এটাই আৰামেৰে এসপ্তাহ চলাই দিব পৰা এটা কোঠালি৷

    ‘আৰে, এইখন দেখোন এখন ঘৰেই!’ তুলিকাই আচৰিত হৈ কৈ পেলালে।

    ‘কৈছিলোঁৱেই চোন তোমাক! ডেনিয়েল আৰু মই এইখন লৈয়ে গোটেই আয়াৰলেণ্ড ঘুৰিছোঁ বুজিছা। থকা-খোৱাৰ চিন্তা নাই। আগতীয়া পৰিকল্পনাৰ দৰকাৰ নাই। য’তে মন যায় ৰৈ দিব পাৰোঁ। বৰ সুবিধা!’ লিছাৰ মাতত সন্তুষ্টিৰ সুৰ। তাই জোৰ কৰাত তুলিকা উপায়ন্তৰ হৈ গাড়ীৰ সন্মুখৰ ছিটত বহিব লগা হ’ল। নিজে পিছৰ ছিটত বহি লৈ লিছাই ক’লে,

    ‘এইবাৰ প্ৰথম এইটো বাটত ওলাইছা, সন্মুখৰ পৰা ঠাইবোৰ চাই যাব পাৰিবা। মই পিছৰ ছিটত আৰাম কৰিম আকৌ!’

    তুলিকাৰ মৰম লাগি গ’ল এই লিছাজনীলৈ। কেনেকৈ যে নিমিষতে আপোন কৰি ল’ব পাৰে- একো প্ৰতিদান আশা নকৰাকৈ মন খুলি সকলোকে সহায় কৰিব পাৰে তাই!

    নামনি লখ আৰ্ণৰ পাৰে পাৰে গৈ ছল্লিশ মিনিটমানৰ পিছতে সিহঁতৰ গাড়ীয়ে উত্তৰ আয়াৰলেণ্ডৰ সীমা পাৰ হৈ ৰিপাব্লিক অব আয়াৰলেণ্ডত প্ৰৱেশ কৰিলে। কোনো পহৰা বা ভেঁটা নাই সেই সীমান্তত। প্ৰকৃততে দুয়োখন দেশৰ কোনো সীমান্ততে অহা-যোৱাৰ একো বাধা নাই। একেখিনি আইৰিছ মানুহকে যেন দুখন দেশৰ ৰাজনৈতিক বাধ্যবাধকতাই পৃথক কৰি ৰাখিছে! সেইবাবেইতো ব্ৰেক্সিটে ইমান আসূয়া বিয়পাইছে ইয়াত, তুলিকাই ভাৱিলে। ব্ৰেক্সিটৰ পিছত এই ৰিপাব্লিক ইউৰোপীয়ান ইউনিয়নৰ ভিতৰতে থাকিব- কিন্তু ব্ৰিটেইনৰ অংশ হিচাপে উত্তৰ আয়াৰলেণ্ড ইউনিয়নৰ বাহিৰ হৈ যাব। এই সীমান্তবোৰ তেনে বেছিদিন একেদৰে নাথাকিব? এনেকৈ আহোঁ বুলিলেই সিহঁত গুচি আহিব নোৱাৰিব- ইপাৰ-সিপাৰ হ’বও নোৱাৰিব কিজানি!

    ‘পাবৰ হৈছেই দেই!’ ডেনিয়েলে ক’লে

    ‘ইমান সোনকালে? সীমান্ত পাৰ হৈছিলোঁহে!’

    ‘হে হে- ভাৰততকৈ আয়াৰলেণ্ড বহুত সৰু অ’ তুলিকা। সীমাৰ পৰা বেলিশ্বেননলৈ দহমিনিটমানৰহে বাট, সেয়ে আকৌ!’ লিছাই হাঁহি হাঁহি পিছফালৰ পৰা মাত দিলে।

    ডেনিয়েল আৰু তুলিকায়ো হাঁহিত যোগ দিলে। উৎসৱৰ মূল ঠাই নাপাওঁতেই সিহঁতৰ গাড়ী আৰু পিছফালৰ কেবিনৰ গতি কমিবলৈ আৰম্ভ কৰিলে। ইমান মানুহ! যেন সমগ্ৰ ইউৰোপৰ সংগীতপ্ৰেমীৰ সোঁত বৈছে ইয়ালৈ! মূল পথৰ কাষে কাষে চকুৰে মনালৈকে সৰু-ডাঙৰ টেণ্ট। যি য’ত অকণমান মুকলি ঠাই পাইছে তাতে কেম্পিং কৰিছে যেন!

    ‘এইখন একেবাৰে সৰু চহৰ। গতিকে ইয়াৰ হোটেল বা হোমষ্টে বোৰে ইমানবোৰ মানুহৰ ভাৰ ল’ব নোৱাৰে। সেইকাৰণেই সকলোৱে থকা-মেলাৰ ব্যৱস্থা উলিয়াই লৈছে বুজিছা?’ ডেনিয়েলে ক’লে।

    ‘চ’নো দুদিন আগৰেপৰা ইয়াৰে কোনোবা এটা টেণ্টতে আছেহি হেনো!’ লিছাই কেনেবাকৈ ককায়েক চ’নক দেখা পায়েই নেকি এই ভাবেৰে ইফালে-সিফালে চাই পঠিয়ালে।

    সিহঁত কাৰাভানৰ কাৰণে আছুতীয়াকৈ ৰখা পাৰ্কিং লট এটাত ৰ’লগৈ। সোধা-পোছা কৰি ডেনিয়েলে পাৱাৰ আউটলেটো বিচাৰি উলিয়ালে। ইলেক্ট্ৰিচিটি নহ’লে যে কেবিনৰ ভিতৰত গৰমপানী কৰিবলৈকে সুবিধা নাথাকিব। সেই সুযোগতে কেইবাজনো অচিনাকি মানুহ আহি সুধিলেহি, এই কাৰাভানখন ক’ত কিনা, কিমান দিন হ’ল, বাটৰ কেঁকুৰিবোৰত চলাওঁতে অসুবিধা হয় নেকি! ডেনিয়েলে ধৈৰ্য্যৰে উত্তৰ দি গ’ল। লিছাইহে তাক টানি আনিলে।

    ‘ব’লা, ক’ত কি হৈছে অলপ চাই আহোঁ। পিছত সময় নহ’ব। আজি ৰাতিলৈ আকৌ চ’নৰ অনুষ্ঠানতে থাকিব লাগিব নহয়!’

    ডেনিয়েলে কেবিনৰ মিনিফ্ৰিজৰ পৰা গিনিছ বীয়েৰৰ তিনিটা কেন উলিয়ালে। তাকে হাতে হাতে লৈ সিহঁত আগবাঢ়িল। বেলিশ্বেননৰ সাগৰীয় ঢৌৰ সিপাৰে বেলিটো ইতিমধ্যে ডুবিবৰ হৈছে। আকাশখনৰ চৌদিশে বিস্ফোৰিত হৈ পৰিছে তাৰেই ৰাঙলী আভা। সেই আভাত যেন বেলিশ্বেনন এক অনন্য ৰূপত জিলিকি উঠিছে। পাৰ্কিঙৰ ঠাইখিনিৰ পৰা ওলাই সিহঁতে ডাউনচহৰৰ ফালে খোজ দিলে। সেই সুযোগতে লিছা আৰু ডেনিয়েলৰ পৰা তুলিকাই ৰ’ৰি গেলাহাৰৰ কাহিনী শুনিলে। সত্তৰ বছৰ আগেয়ে এই সৰু চহৰখনতে ৰ’ৰি গেলাহাৰৰ জন্ম হৈছিল। দেউতাকে আৰ্ণ নদীৰ জলবিদ্যুৎ প্ৰকল্পত কাম কৰিবলৈকে ইয়াত থিতাপি লৈছিলহি। মাক-দেউতাক দুয়ো সংগীত চৰ্চা কৰিছিল। গতিকে স্বাভাৱিকতে ৰ’ৰিও সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। কামৰ দায়ত পৰিয়ালটো আয়াৰলেণ্ডৰ অৰঙে দৰঙে ঘুৰি ফুৰা স্বত্বেও ৰ’ৰিৰ সংগীত প্ৰতিভা বিকাশত সেয়ে বাধা নপৰিল। সত্তৰৰ দশকত গীটাৰৰ অপূৰ্ব ঝংকাৰ আৰু ৰক সংগীতেৰে সমগ্ৰ আয়াৰলেণ্ডতে উখল মাখল লগাই দিছিল তেওঁ৷ কিন্তু কেৱল সংগীত শিল্পী হিচাপেই নহয়, বহু আইৰিছ লোকৰ বাবে ৰ’ৰি এক আদৰ্শ। ট্ৰাবলছৰ সময়ত উত্তৰ আয়াৰলেণ্ডত ৰাজনৈতিক অস্থিৰতাৰ মাজত সকলো শিল্পীক কোনো ধৰণৰ সাংগীতিক ভ্ৰমণ নকৰিবলৈ সকীয়াই দিয়া হৈছিল। কিন্তু ৰ’ৰিৰ সংগীতক যেন একোৱে বাধা দিব নোৱাৰিলে। সেই সময়ত বহুতো বিপদ-বিঘিনি মূৰ পাতি লৈও ৰ’ৰিৰ বেণ্ডে আয়াৰলেণ্ডত গানৰ মাজেৰে শান্তিৰ বাণী বিলাই ফুৰিছিল। এই কাৰণতে আজিও ৰ’ৰিৰ ইমানবোৰ অনুৰাগী!

    লিছা আৰু ডেনিয়েলৰ কথা আৰু বেলিশ্বেননৰ পৰিৱেশে যেন তুলিকাক অভিভূত কৰি পেলালে। লাইভ সংগীতৰ অনুষ্ঠানলৈ তাই আগতেও বহুবাৰ গৈছে। কিন্তু এনে পৰিৱেশ ক’তো কাহানিও দেখা মনত নপৰে। গোটেই চহৰখন যেন সংগীতৰ মায়াত ডুব গৈছে। মূল মঞ্চত এতিয়াও অনুষ্ঠান আৰম্ভ হ’বলৈ বাকী। কিন্তু যিফালেই চালে তাই দেখা পালে মানুহৰ হাতে হাতে গীটাৰ আৰু গাৰ টিচাৰ্ট, জেকেট বা মূৰত মাৰি লোৱা কাপোৰত ৰ’ৰি জিৰ প্ৰতিচ্ছৱি। মূল পথৰ দুয়োকাষেই অ’ত ত’ত গীটাৰবোৰত আঙুলী চলিছে, গায়ক-গায়িকাৰ গান শুনিবলৈ মানুহৰ জুম বান্ধিছে। ৰ’ৰি গেলাহাৰৰ গান আৰু সুৰ যেন বেলিশ্বেননৰ আকাশে-বতাহে উৰি ফুৰিছে। এই সপ্তাহটোৰ বাবেই যেন বেলিশ্বেননত ৰৈ গৈছে সময়, স্তব্ধ হৈ গৈছে নিত্য-নৈমিত্তিক জীৱন। সকলো ব্যস্ততা-ব্যথা-হতাশা পাহৰি মানুহবোৰে উশাহে-নিশাহে টানি লৈছে মাথোঁ গান! ৰ’ৰি জিৰ গান।



    তুলিকাৰ সন্মোহিত মুখ দেখিয়ে হয়তো লিছাই ক’লে,

    ‘বহুতৰে বাবে এয়া এক বছৰেকীয়া তীৰ্থযাত্ৰাৰ দৰে। আমি ৰ’ৰিৰ সংগীত আৰু জীৱন কেৱল উদযাপন নকৰোঁ- সঁচা অৰ্থত সেয়া যেন দেহে-মনে ধাৰণ কৰোঁ, সেই যাদুৰ সোৱাদ লৈ চাওঁ।’

    সিদিনা সঁচাকৈয়ে পৰম কৌতুহলেৰে তুলিকাই সেই সোৱাদ লৈ লিছা আৰু ডেনিয়েলৰ লগত ইঠাইৰ পৰা সিঠাইলৈ ঘুৰি ফুৰিলে। কিছুপৰৰ পিছতে তাই উপলব্ধি কৰিলে, এটা নিশাতে গোটেইবোৰ অনুষ্ঠান উপভোগ কৰাতো এদিনতে এভাৰেষ্ট পৰ্বত আৰোহণ কৰিবলৈ যোৱাৰ দৰে হ’ব। চৌদিশে ইমানবোৰ মঞ্চ- মূল মঞ্চৰ উপৰিও প্ৰায়বোৰ পাবতে একেসময়তে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীৰ অনুষ্ঠান হৈ আছে। মুকলি আকাশৰ তলত বাটে-পথে হৈ থকা অনুষ্ঠানবোৰতো আছেই।

    তাইৰ মনৰ ভাৱ বুজিয়ে যেন লিছাই ক’লে, ‘এইখিনি চাই কেতিয়াও শেষ নহয়। উভতি ৰেইলীৰ পাবলৈকে যাওঁ ব’লা। চ’নৰ অনুষ্ঠান আঠ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা। ভিৰ ফালি গৈ তাত ওলাবলৈ সময় লাগিব।’

    লিছাই কোৱাৰ দৰেই ৰেইলীৰ পাব পাবলৈ সময় লাগিল। কেইবাবাৰো অচিনাকী পদচাৰীৰ সৈতে সিহঁতৰ গাত খুন্দা লাগিল। প্ৰতিবাৰে মানুহবোৰে আমনি পোৱাৰ সলনি ঘেটঘেটাই হাঁহিলে, কিছুমানে সুধিলে, ‘হুৱাট্‌ছ দ্য ক্ৰেইক?’ যেন এই সকলোবোৰেই এই উৎসৱৰ অনবদ্য অংশ, সকলোৱেই উপভোগ্য! ৰেইলীৰ পাবতো বিৰ দি বাট নোপোৱা ৰূপ দেখি তিনিও দুৱাৰমুখতে থমকি ৰ’ল। এনেতে যেনিবা সাক্ষাৎ চ’নেই সৰুকৈ কৰা মঞ্চখনৰ পৰা সিহঁতক দেখা পাই মাত লগালে,

    ‘হেই লিছা! এইফালে আগবাঢ়ি আহা!’ সেই একেই জধলা কাপোৰ, দীঘল কেকুঁৰা চুলিৰে লিছাৰ ককায়েক চ’ন!

    সেই সুযোগতে লিছাই, ‘এক্সিউজ মি-আজি মোৰ দাদাৰ অনুষ্ঠান আছে।’ বুলি কৈ কৈ ভিৰৰ মাজেৰে সুৰুঙা উলিয়ালে। লিছাৰ পিছে পিছে ডেনিয়েল আৰু তুলিকাও আগবাঢ়িল। ফিয়না মঞ্চৰ ওচৰতে আছিলেই। সিহঁত গৈ পোৱাৰ লগে লগে ইমানবোৰ মানুহে আহি মাত লগালেহি যে তুলিকা একপ্ৰকাৰ স্তম্ভিতই হ’ল। তাৰ মাজতে বহুকেইখন মুখ সিদিনা লিছাৰ আইতাকৰ জন্মদিনত দেখা তাইৰ মনত পৰিল। বিশেষকৈ লিছা আৰু চ’নৰ মাক-দেউতাকক আকৌ লগ পাই বৰ ভাল লাগিল তাইৰ। সিহঁতৰ পৰিয়ালেই যেন পাবৰ সন্মুখৰ টেবুলকেইখন ভৰাই পেলালে।

    ক্ষন্তেক পিছতে অনুষ্ঠান আৰম্ভ হ’ল। চ’নৰ সৈতে বেণ্ডৰ আৰু দুগৰাকী শিল্পী। এগৰাকীৰ হাতত গীটাৰ- দ্বিতীয়জন বহিছে ড্ৰামছেটত। চ’নৰ হাততো এখন গীটাৰ। গীটাৰত প্ৰথমটো ঝংকাৰ উঠাৰ লগে লগে মানুহবোৰ যেন উত্ৰাৱল হৈ উঠিল। চ’নৰ গানৰ তালে তালে সকলোৱে আপোনভোলা হৈ নাচিবলৈ ধৰিলে। গানৰ মাজে মাজে দীঘলীয়াকৈ গীটাৰৰ যাদুকৰী সুৰ মন্ত্ৰমুগ্ধৰ দৰে শুনি ৰ’ল তুলিকাই। তাইৰ চকুত পৰিল, চ’নৰ প্ৰতিটো গানৰ শেষতে সত্তৰোৰ্ধৰ দেউতাকে বহাৰ পৰা উঠি লৈ পাৰ্য্যমানে হাত-চাপৰি বজালে। বাকীবোৰৰ লগতে বাৰে বাৰে ‘আৰু এটা, আৰু এটা’ বুলি চিঞৰিলে। সেয়া দেখি তাইৰ যেন চকুলো ওলাব খুজিলে!তাইক যেন এইখিনিৰে বৰ প্ৰয়োজন আছিল। প্ৰয়োজন আছিল সেই ভৰষাৰ-যে এতিয়াও সম্পৰ্কবোৰ জীয়াই আছে, বুকুৱে বুকুৱে জীয়াই আছে সেউজীয়া, জীয়াই আছে সংগীতৰ যাদুকৰী মায়া আৰু এই পৃথিৱীৰ মানবীয়তা।

    অনুষ্ঠানৰ শেষত চ’নে আহি সিহঁতৰ লগ দিলেহি। সকলোৱে অভিনন্দনেৰে তাক উপচাই পেলালে। মূল অনুষ্ঠান শেষ হ’লেও ৰেইলীৰ পাবত গান আৰু নাচ সমানে চলিয়ে থাকিল। ৰ’ৰি জিৰ গানৰ সৈতে সুৰ মিলাই অনুৰাগীয়ে গান গায়ে থাকিল। চ’নে দুঢোকমান বীয়েৰ খায়ে ফিয়নাৰ সৈতে নাচিবলৈ আকৌ উঠি গ’ল। লিছাৰ পৰিয়ালৰ ইজন-সিজনৰ সৈতে কথাত মছগুল হৈ থাকোঁতেই তুলিকাই পিছফালৰ পৰা শুনিলে,

    ‘হেল্ল!’

    তাই মুখ ঘুৰাই দেখা পালে, এয়াচোন ৰায়ান৷ ৰায়ান মেগুআয়াৰ! সেই একেই দীপ্তিময় নীলিম চকু, একেই ফাগুণ ফাগুণ লগা আবেগৰ বা! আজি পিছে ৰায়ানে চুলিখিনি পনিটেইল নকৰি মেলি ৰাখিছে। মূৰত মাৰি থৈছে ৰ’ৰি জি লিখা এডাল বেণ্ড। ঠিকেই- গোটেই আয়াৰলেণ্ড ইয়াত থকাৰ পৰত ৰায়ান নহাৰতো প্ৰশ্নই নুঠে!

    ‘চিনি পোৱা নাই?’ সি মিচিকিয়াই হাঁহি অলপ জোকোৱাৰ দৰে ক’লে। তাৰপিছত চুলিখিনি মুঠি মাৰি পিছফাললৈ নি দেখুৱালে। তুলিকাই হাঁহি পেলালে।

    ‘কিয় নাপাম, পাইছোঁ! কি খৱৰ?’ তাই নিজকে চম্ভালি লোৱাৰ চেষ্টা কৰিলে।

    ‘ভালেই৷ তোমাক ইয়াত দেখা পাম বুলি ভৱা নাছিলোঁ৷ তুমিও ৰ’ৰি জিৰ অনুৰাগী নেকি?’

    ‘নাই নাই, যোৱা সপ্তাহতহে তেওঁৰ বিষয়ে প্ৰথম শুনিলোঁ ৷ লিছা আৰু ডেনিয়েলে কোৱাত তাকে চাবলৈকে আহিলোঁ।’

    ‘অঁ হয় নেকি? মই আকৌ ডাঙৰ ফেন দেই!’

    এনেতে লিছাই ৰায়ানক দেখা পাই চিঞৰি উঠিল, ‘হাই ৰায়ান, ইয়ালৈ আহা- বীয়েৰ আৰু আড্ডা চলি আছে ইয়াত!’

    ৰায়ানে হাঁহি এটা মাৰি সিহঁতৰ লগতে বহি পৰিল। তুলিকাৰ মুখামুখিকৈ। লিছাই পৰিয়ালৰ ইজন-সিজনৰ লগত ৰায়ানক চিনাকি কৰাই দিলে। লিছাৰ দেউতাকে ইটো-সিটো সূত্ৰ লৈ চিনাকি বিচাৰি উলিয়ালে। আয়াৰলেণ্ডত এইটো খুবেই সাধাৰণ কথা হেনো। একোটা বংশ-পৰিয়াল একেখন ঠাইতে বহু প্ৰজন্ম ধৰি ৰৈ যায়। সেয়ে কিবা নহয় কিবা কথাত অন্য মানুহৰ চিনাকি ওলায়ে।

    ‘অসমতো একেই!’ তুলিকাই ঘপকৈ কৈ পেলালে। কৈয়ে তাই আশা কৰিলে যাতে কোনেও কথাষাৰ শুনা নাপালে।

    ‘তোমাৰ ঠাই অসমত?’ ৰায়ানে সেয়া ঠিকেই শুনিলে। ধৰা পৰাৰ দৰে তুলিকাই ক’লে,

    ‘লিছাৰ পৰিয়ালটো লগ পালে প্ৰায়ে মোৰ অসমলৈ মনত পৰে। ইমান ডাঙৰ পৰিয়াল- অথচ গোটেইবোৰে একেলগে সকলো কৰে- ইজনে সিজনৰ খৱৰ ৰাখে। সেইবোৰ অসমৰ চিনাকি ছৱি।’

    ৰায়ান কৌতুহলী হৈ উঠিল। লখ আৰ্ণৰ বুকুত কটোৱা দিনটোতকৈ আজি যেন তুলিকাইও যথেষ্ট মুকলিমুৰীয়া অনুভৱ কৰিলে। সিদিনা সাঁচি-সামৰি ৰখা কথাবোৰ আজি তাই ৰায়ানৰ প্ৰশ্নৰ উত্তৰত সহজভাৱেই কৈ গ’ল। কৈ গ’ল অসমৰ কথা, দিখৌৰ নৈৰ পাৰৰ আবেলিবোৰৰ কথা, আনকি চেঁচুকীয়া পিছচোতালৰ জিলিৰ মাতে সেমেকাই থোৱা ৰাতিবোৰৰ কথাও। ৰায়ানে একমনে শুনি গ’ল। কেতিয়ানো লিছা আৰু ডেনিয়েল উঠি গৈ নাচোনত যোগ দিলেগৈ সিহঁতে গমেই নাপালে যেন।

    ‘আপোনালোকলৈ আৰু কিবা আনিম?’ খালী হৈ পৰা গিনিছৰ গিলাচ দুটা টেবুলৰ পৰা লৈ ৱেইটাৰজনে সুধিলে।

    ‘আৰু দুগিলাচ গিনিছ?’ হাঁহি হাঁহি তুলিকালৈ চাই ৰায়ানে ক’লে। তুলিকাই মাথোঁ মূৰ দুপিয়ালে। ঘৰৰ চিন্তাবোৰতে যেন পুনৰ ডুবিবলৈ ধৰিছিল তাই। তাই মনে মনে থকা দেখি ৰায়ানে কিজানি পৰিৱেশটো পাতলাবলৈকে ক’লে,

    ‘ছিক্সথ গ্ৰেড’তে মই বীয়েৰ খাবলৈ শিকিছিলোঁ বুজিছা! এতিয়াও গিনিছ পালে অন্য একো নালাগে!’

    ‘ছিক্সথ গ্ৰেড! মা-দেউতাই বাধা দিয়া নাছিল তোমাক?’ তুলিকাৰ মুখত হাঁহি এটা বিৰিঙিল।

    ‘গম পালেহে বাধা দিব!’ ৰায়ানে ঢেক ঢেকাই হাঁহি পেলালে। তুলিকাৰ আশ্চৰ্য্য দেখি ৰস পায়ে যেন সি যোগ দিলে, ‘লগতে ৱিড খাবলৈ লৈছিলোঁ!’

    ‘কি কোৱা! সেয়া জানো ইয়াত বেআইনী নহয়?’

    ‘ওঁ ৷ কিয়, তুমি সৰু থাকোঁতে একো বেআইনী কাম বা দুষ্টামি কৰা নাছিলা?’

    তুলিকাৰ মনটো উৰা মাৰিলে স্কুল-কলেজৰ দিনবোৰলৈ। ভাল ৰিজাল্ট কৰিব লাগে, সমাজত পৰিয়ালৰ মান ৰাখিব লাগে, ছোৱালী সদায় শান্ত আৰু বিনয়ী হ’ব লাগে- সেই লাগেবোৰে তাইৰ ভৰি দুখন মেৰিয়াই মেৰিয়াই এনেকৈ শিকলি বান্ধি পেলালে যে এতিয়াও কিজানি তাই সেই বান্ধোনতে বন্দী!

    ‘নাই, আমাৰ সমাজখন যথেষ্ট ৰক্ষণশীল –বিশেষকৈ ছোৱালীয়ে তেনে কিবা কৰাৰ প্ৰশ্নই নুঠিছিল!’ তাই চমুৱাই কৈ থ’লে আৰু ওলোটাই তাক সুধিলে, ‘তেতিয়া আৰু কি কৰিছিলা তুমি?’

    ‘গ্ৰাফিথি! আমাৰ এটা দল আছিল৷ ডেৰীৰ দেৱালবোৰত আমি ট্ৰাবলছৰ প্ৰতিবাদী কথা লিখি ফুৰিছিলোঁগৈ। এয়া চোৱা।’

    টিচাৰ্টৰ গলধনটো হাতেৰে বেঁকাকৈ ধৰি ৰায়ানে তাৰ ডিঙিটো দেখুৱালে। প্ৰথমতে অলপ সংকোচবোদ কৰিলেও তাই অলপ কাষ চাপি আহি চালে। দেখা পালে প্ৰথমটো লগ পোৱাৰ দিনাই তাইৰ চকুত পৰা ৰায়ানৰ ডিঙিৰ অবোধ টাটু। ইংৰাজী আখৰ কিন্তু অন্য ভাষা।

    ‘এইষাৰো তেনে এটা শ্লগান। গেলিক ভাষাৰ- ‘ট’কে গাৰ্‌ লা।’

    ‘মানে কি?’

    ‘আৱাৰ ডে’ ৱিল কাম- আমাৰ দিনো আহিব। যিটো দিনত দুয়োখন দেশ মিলি এখন একত্ৰিত আয়াৰলেণ্ড হ’ব। এই কথাষাৰো বহুত দেৱালত লিখি লিখি এটা সময়ত নিজৰ গাতে লিখাই ল’লোঁ বুজিছা।’

    ৰায়ানৰ এই বিপ্লৱী সত্তাটো যেন আজি প্ৰথম তুলিকাই দেখা পালে। তেওঁৰ সেই অতীতক ভালকৈ চোৱাৰ ইচ্ছা হ’ল- বহুত কথাই জানিবৰ মন গ’ল। কিন্তু এনেতে লিছাই আহি মাত দিলেহি, ‘যাবৰ হ’ল ব’লা।’ ৰায়ানে খপ্‌জপ্‌কৈ উঠি দুয়োকে বিদায় জনালে।

    ৰায়ান আঁতৰি যোৱাৰ পিছতহে তুলিকাৰ খেয়াল হ’ল, আচলতে যোৱাৰ পৰ্বটোত তেতিয়াও বহুসময় বাকী আছে। কাৰণ স্বভাৱসুলভ দায়িত্ববোধেৰে লিছাই ঠিক কৰিলে, তেতিয়ালৈ পাবত ৰৈ যোৱা পৰিয়ালৰ গোটেইবোৰকে নিৰাপদে থকা ঠাই পহুচাইহে তাই নিজে উভতনি বাট বুলিব। বাকী ৰোৱাখিনিৰ ভিতৰত বেছিভাগেই লিছাৰ সম্পৰ্কীয় ভায়েক-ভনীয়েক। প্ৰায়বোৰ তেতিয়ালৈ আইৰিছ বীয়েৰৰ ৰাগী আৰু ৰ’ৰি জিৰ সংগীতৰ মুৰ্চ্ছনাত আছন্ন। কাৰো নিশাটো ইমানতে সামৰিবৰ ইচ্ছা নাই। তাই তথাপিও জোৰ কৰি তিনিজনমানক গোট খোৱাই পাবৰ দুৱাৰ পোৱালেহি। কিন্তু ইতিমধ্যেই মাতি মাতি সাজু কৰা এজনে সুৰুঙা পাই উভতি গৈ আকৌ নাচোনত যোগ দিলেগৈ। উপায়ন্তৰ হৈ লিছাই তুলিকাক ক’লে,

    ‘তুমি এই দুৱাৰমুখতে ইহঁত কেইটাক চাই থাকাচোন। ভুলতো যাতে পাবলৈ সোমাই নাযায়। ডেনিয়েল আৰু মই দুফালৰ পৰা গৈ যাক যেনেকৈ পাৰোঁ ধৰি লৈ আহোঁগৈ।’

    এই চোৰ-পুলিচ খেলখন দেখি তুলিকাৰ হাঁহি উঠি গ’ল। পিছে সেয়া চাবলৈ লিছা নৰ’লেই। অগ্যতা তুলিকাই লিছাৰ ভায়েক দুজন আৰু ভনীয়েকজনীক দেখুৱাই তাতে পহৰা দি থাকিল। সিহঁতে একো সুৰুঙা নেদেখি তাতে মাটিত বহি বহিয়ে গুণগুণাই থাকিলে। ৰৈ ৰৈ টোপনিৰ আৱেশ এটাই তুলিকাক আমনি কৰিলেহি। লিছা বা ডেনিয়েল আহিছে নেকি বুলি দুৱাৰেদি চাই থাকোঁতে তাই দেখিলে, খপ্‌জপ্‌কৈ ৰায়ানহে আগবাঢ়ি আহিছে! সিফাল সিফালে চাই তাইৰ ওপৰত চকু পৰাত তাৰ মুখখন উজ্বলি উঠিছে।

    ‘ইয়াতে ৰৈ আছা যে? তুমি গ’লাগৈয়ে বুলি ভাৱিছিলোঁ!’ সি কাষ চাপি আহি ক’লে।

    ‘যাবলৈকে ৰৈ আছোঁ৷ আমাৰ দলৰ বাকীবোৰ গোট খোৱা নাই!’ তুলিকাই চকুৰ ইংগিতেৰেই পণবন্দীকেইজনক দেখুৱালে।

    ‘অহ, হয় নেকি? ডেনিয়েলক এইমাত্ৰ মঞ্চলৈ উঠি যোৱা দেখিলোঁ- তাত এতিয়াও নাচোনৰ ধুম!’

    দুয়ো একেলগে হাঁহি পেলালে। দুটি নীৰৱ মুহূৰ্ত। তাৰপিছতে কোনো পাতনি নেমেলাকৈ ৰায়ানে লাহেকৈ ক’লে,

    ‘তুলিকা, ইজ ইট অ’কে ইফ আই আস্ক ইউ আউট চামডে- মোৰ লগত কেতিয়াবা তুমি ডেটত যাবানে?

    তুলিকাই চৰ্চ্চৰণি খাই উঠিল৷ যেন তাইৰ অভিধানৰ বাহিৰৰ নাভূত নাশ্ৰুত কথা এটাহে শুনা পালে। কি ক’ব তাই! কি ক’ব! তাইৰ অপ্ৰস্তুত অৱস্থাটো দেখি সি ক’লে,

    ‘তুমি আজিয়ে মোক একো নক’লেও হ’ব। যেতিয়া পাৰা তেতিয়া ক’বা মাথোঁ। হ’ব?’

    তাইক সেই কিংকৰ্তব্যবিমূঢ় অৱস্থাতে এৰি ৰায়ান বেলিশ্বেননৰ অন্ধকাৰত বিলীন হৈ গ’ল।

    পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)


  • Saturday, 17 February 2024

    ফাৰমানা (অষ্টদশ খণ্ড)

    আজি ফাৰমানাৰ নেচাৰৰ অফিচত ভিৰ লগাৰ দৰেই হৈছে। এনেয়ে কেৱল মাৰ্ক, তুলিকা, লিছা আৰু ফিয়নাই অফিচৰ পৰা কাম কৰে। চাৰিওৰে বহু ঘুৰা-ঘুৰি আৰু ফিল্ডত কাম থাকিলেও অফিচৰ পৰাই যায় বা ঘুৰি পকি আহি নিজৰ ডেস্কত বহেহি। বাকীসকলৰ প্ৰায়বোৰ কাম বাহিৰতেই বাবে অফিচত দেখা পোৱাই নাযায়। ডেৰেনৰ বেছিভাগ কাম থাকে লখ আৰ্ণত নহ’লে ফাৰমানাৰ কোনোবা স্কুলত। টম আৰু এণ্ড্ৰু প্ৰায় সকলো সময়তে ফিল্ডত- কেতিয়াবা জলচৰ চৰাইবোৰৰ বাহৰ পৰা শিয়াল খেদাত, কেতিয়াবা খেতিয়কৰ পথাৰত পৰিৱেশ-সাপেক্ষ ট্ৰেক্টৰ চলোৱা বা গৰু-ভেড়া চাই দিয়াৰ কামত ব্যস্ত। কিন্তু আজি সকলোৱে বাকী কাম বাদ দি নেচাৰৰ অফিচ পাইছেহি। কাৰণ মাৰ্কে সকলোকে মাতি পঠাইছে। ব’ৰ্ডৰুমতে গোটেইবোৰ বহি তেওঁলৈ বাট চাইছে। মাৰ্ক তেতিয়াও ফোনত ব্যস্ত। কিনো খৱৰ আছে বুলি সকলো ভিতৰি উচপিচাই আছে। তাৰ মাজতে কথাৰ গুণগুণনি উঠিছে।

    ব্ৰেক্সিটৰ কথাই বেছিকৈ ওলাইছে। প্ৰধান মন্ত্ৰী ব’ৰিছ জনছনে কোৱাৰ দৰে এইবছৰ ৩১ অক্টোবৰৰ ভিতৰতে ব্ৰেক্সিট সম্ভৱ নে? ডেৰেনে সুধিছে। নাই, সেয় অসম্ভৱ! আয়াৰলেণ্ডৰ সীমাৰ সমস্যাটোৰ কি হ’ব তেতিয়া? এতিয়াযে আমি বিনা বাধাৰে উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ডৰ মাজত অহা-যোৱা কৰি আছোঁ, ইচ্ছামতেই আইৰিছ বা ব্ৰিটিছ পাছপৰ্ট লৈছোঁ তাৰ কি হ’ব? ফিয়নাই যেন এই বাস্তৱ এতিয়াও মানি ল’ব পৰা নাই। এই যে ব্ৰেক্সিটে গোটেইবোৰ ভাগ ভাগ কৰি পেলাইছে, জীৱ-জন্তু, চৰাই-চিৰিকটিবোৰেতো ৰাজনৈতিক সীমা নামানে- সিহঁতৰ কি হ’ব? আমি কাম কৰা কেইবাজনো খেতিয়কৰ পথাৰ দেখোন দুই দেশৰ সীমাৰ মাজতে পৰে। কাৰলিউ-গঙাচিলনীয়ে তাতে বাহ সাজি পোৱালী জগাবৰ হৈছে। সিহঁতৰ কি হ’ব? আমি এফালে চাম আৰু সিফালে চকু মুদি থাকিম নে? টমৰ প্ৰশ্ন শুনি সকলো নীৰৱে ৰ’ল। সঁচাই উত্তৰ-বিহীন বহু প্ৰশ্ন, বহু অনিশ্চয়তা আনি দিছে এই ব্ৰেক্সিটে।

    মাৰ্কৰ পলম হৈছে। মিটিঙৰ নিৰ্দ্ধাৰিত সময় তিনিমিনিট পাৰ হৈ গৈছে। কোঠাটোত উৎকণ্ঠা বাঢ়িছে। ফিয়নাই অলপ হাউলি লৈ কাষতে বহা লিছাক ফুচফুচাই কৈছে, মাৰ্কে ডিভৰ্চৰ কথাই ক’ব নেকি! লিছাই লগে লগেই কৈ উঠিছে,

    ‘নাই নাই তাৰ কাৰণে বৰ্ডৰুমত মিটিং বহুৱাৰ কি প্ৰয়োজন! নেচাৰৰ কিবা কথাই হ’ব!’

    সেই ফুচফুচনি তুলিকাৰ কাণত পৰিছেহি। তাইৰ বুকুখন বিষাই উঠিছে! মাৰ্কৰ বাবে।

    এনেতে মাৰ্ক সোমাই আহিছে। কোঠাটোৰ গুণগুণনিবোৰ বন্ধ হৈছে। মাৰ্কৰ কঁপালৰ গাঁঠি খোঁচ খোৱা। মুখৰ চিৰাচৰিত হাঁহিটোও নাই। মানুহজন এনেয়েও অলপ জধলা। আজি অপৰিপাটী কেকুঁৰা চুলি আৰু সোঁতমোচ খোৱা চাৰ্টটোৰে অন্যদিনাতকৈও ৰুক্ষ যেন দেখালে তেওঁক। দীঘল টেবুলখনৰ এমূৰে চকীত বহিয়ে তেওঁ সকলোলৈ চাই লাহে লাহে কৈছে,

    ‘তোমালোক সকলোকে মাতি পঠিওৱাৰ কাৰণ কি ভাৱিছা চাগৈ। এটা খৱৰ আছে। লণ্ডনৰ হেডঅফিচৰ পৰা খৱৰ আহিছে, এইবছৰ নেচাৰৰ পুনৰ্সংগঠন হ’ব- ৰিঅৰ্গেনাইজেশ্যন!’

    ‘আহ্‌’, ‘কি কয়’- কোঠাটোত অস্ফুট শব্দ কিছুমান ভাঁহি উঠিল। তুলিকাইহে একো নুবুজাৰ দৰে সকলোলৈ চাই থাকিল। মাৰ্কে কৈ গ’ল,

    ‘ব্ৰেক্সিটৰ খৱৰ সকলোৱে পাই আছাই। আমাৰ সংগঠনৰ ফাণ্ডিং পোনপটীয়াকৈ ব্ৰেক্সিটৰ ওপৰত নিৰ্ভৰ নকৰে। কিন্তু ব্ৰেক্সিটৰ প্ৰভাৱতেই আমাৰ উপদেষ্টাৰ কমিটিখন সলনি হৈছে। ইউৰোপীয়ান উপদেষ্টা সকল আঁতৰি গৈছে আৰু নতুন উপদেষ্টা মণ্ডলীৰ লগতে নতুন ডিৰেক্টৰ হৈছে। তেওঁলোকে নেচাৰৰ পুনৰ্সংগঠনৰ এক প্ৰস্তাৱ দিছে। যাতে বেক্সিটৰ পিছৰ যুক্তৰাজ্যত নেচাৰৰ কাম আৰু প্ৰভাৱ একেই থাকে। সেই প্ৰস্তাৱ ইতিমধ্যে গৃহীতও হৈছে।’

    ‘কি সলনি হ’ব? আমাৰ চাকৰি থাকিবনে?’ সকলোৰে মনত উদয় হোৱা প্ৰশ্নটোকে ডেৰেনে পোনেই সুধিলে।

    ‘ডেৰেন, তাৰ উত্তৰ মোৰ ওচৰতো নাই!’ মাৰ্কৰ অসহায় উত্তৰ। ‘আজি আবেলি লণ্ডনৰ অফিচৰ পৰা নতুন ডিৰেক্টৰৰ বক্তৃতা আছে। তাতে কথাবোৰ ভালকৈ গম পাম বুলি আশা কৰিছোঁ!’

    দিনটোৰ বাকীখিনি সময় অফিচতে ছটফটাই থকাদি থাকিল সিহঁত। চাকৰিৰ অনিশ্চয়তা যে যিকোনো পুনৰ্সংগঠনৰে এক পৰিণতি সেয়া সকলোৱে জানে। গতিকে মাৰ্কে মুখ ফুটাই নক’লেও গোটেইবোৰে বুজিলে নেচাৰৰ এই সৰু দলটোলৈ এক কঠিন সময় আহি আছে। সকলোৱে নতুন ডিৰেক্টৰৰ বক্তৃতালৈ উন্মুখ হৈ বাট চালে। তাৰ মাজতে তুলিকাই লুকলৈ মেচেজ কৰিলে। লুকৰ কাম লণ্ডনৰ হেডঅফিচত যেতিয়া ভালকৈ কথাবোৰ জানিব বুলি। লুকে ক’লে,

    ‘তোমালৈ ফোন কৰাৰ কথা ভাৱিছিলোঁৱে তুলিকা! ময়ো এই সপ্তাহতহে কথাবোৰ গম পাইছোঁ। বহুত অনিশ্চয়তা এতিয়াও। সময় পালে ফোন কৰিবা মোলৈ।’

    আবেলি জুমৰ পৰ্দাত ধৰা দিলে ডিৰেক্টৰ জৰ্ডানৰ মুখখন,

    ‘নেচাৰ পৰিয়ালৰ সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে, আমাৰ এই সংগঠনটোৰ পুনৰ্সংগঠন হোৱাৰ বাটত আগবাঢ়িছে। ব্ৰেক্সিটৰ পৰিপ্ৰেক্ষিটত নেচাৰৰ কাম আৰু পুঁজিৰ অভিযোজন জৰুৰী হৈ পৰিছে। আমাৰ লক্ষ্য হ’ল নেচাৰৰ চেষ্টা আৰু পুঁজি প্ৰকৃতি সংৰক্ষণৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কামবোৰত লাগক। আমি সকলোৱেই স্বীকাৰ কৰোঁ এই পৰিৱৰ্ত্তন সহজ নহ’ব। কিন্তু পৰিৱৰ্ত্তিত সময়ৰ লগত খাপ খুৱাবলৈ এই পদক্ষেপ অতিকৈ দৰকাৰী হৈ পৰিছে। এতিয়াও সেই বাট ষ্পষ্ট নহয়। কিন্তু আমাৰ লক্ষ্য হ’ল অহা তিনিমাহৰ ভিতৰত এই পুনৰ্সংগঠনৰ কাম সম্পূৰ্ণ কৰা। প্ৰতিটো পদক্ষেপেই আমি আপোনালোকক জনাই থাকিম। আপোনালোক প্ৰত্যেকেই প্ৰকৃতিৰ হকে যুঁজি থকা অক্লান্ত যুঁজাৰু আৰু নেচাৰ পৰিয়ালৰ মূল্যৱান সদস্য। এই প্ৰচেষ্টাত আপোনালোকৰ সহযোগিতা আৰু বুজাপৰা আশা কৰিছোঁ।’

    জৰ্ডানৰ বক্তৃতা শেষ হোৱাৰ লগে লগে উপৰা-উপৰিকৈ প্ৰশ্নৰ জোৱাৰ উঠিল। গম পোৱা গ’ল, সকলোৱে সন্দেহ কৰাৰ দৰেই কিছুমান পদবী আৰু দায়িত্ব সলনি হ’ব। কোনবোৰ ক্ষেত্ৰত সেই পৰিৱৰ্ত্তন আহিব তাৰ এতিয়াও বিবেচনা চলি আছে।

    তাৰ পিছৰ দিনবোৰত সকলোৱেই যেন বাধ্যত পৰিহে নিত্যনৈমিত্তিক কামবোৰ কৰি গ’ল। আগৰ দৰে নেচাৰৰ লান্স ব্ৰেকত ৰসাল আড্ডা নচলিল। ফিয়নাই ‘ডেৰী গাৰ্লছ’ বা ‘ফাদাৰ টেড’ৰ কাহিনী নক’লেহি। মাৰ্কে জীয়েক মিনলাৰ কুকুৰা পোৱালীকেইটাই কি কৰিছে-কি নকৰিছে তাৰ বৃত্তান্ত নিদিলেহি। লিছায়ো বায়াৰত ডেনিয়েলে কৰা নতুন বীয়েৰৰ সোৱাদ লোৱাৰ কথা নুলিয়ালে। যেন হঠাতে এজাক ধুমুহাই সকলো হাঁহি-উৎসাহ উৰুৱাই লৈ গ’ল। এতিয়া যেন কেৱল অপেক্ষা এটা ঘোষণাৰ। এই আপোন বুলি ভৱা, নিজৰ পৰিয়ালৰ দৰে বুলি ভৱা দলটোৰ পৰা কেতিয়া কোন এঘৰীয়া হৈ পৰিব তাৰ ঘোষণাৰ।

    এনে এটা দিনতে তুলিকা অফিচৰ পৰা গৈ সন্ধিয়া এপাৰ্টমেণ্টৰ কুইন চাইজৰ বিছনাখনত পৰিলেহি। কোঠাটোৰ লাইটটোও অন নকৰিলে তাই। মাথোঁ খিৰিকীৰ জালিৰ মাজেৰে সোমাই আহিল অকণমান সুৰুজৰ ৰাঙলী আভা। গ্ৰীষ্মৰ বতৰ। গতিকে সুৰ্য ডুব যাবলৈ তেতিয়াও কিছু সময় বাকী। তুলিকাৰ একোকে কৰিবৰ মন নগ’ল। ভাৱ হ’ল, এই যেন জীৱনটো সজাই ল’বলৈ আৰম্ভ কৰিছিলহে। আকৌ সকলো হেৰুৱাই পেলোৱাৰ ভয়ে তাইক আৱৰি ধৰিছে। ভাল লগা সময়বোৰ যেন আৰম্ভ হৈয়ে বতাহত মিলি যোৱাৰ উপক্ৰম হৈছে! প্ৰত্যাহ্বানে যেন লগেই নেৰিব তাইৰ। কিয়? কিয়? সঁচাই সুখৰ সময়বোৰ ইমানেই ক্ষন্তেকীয়া নে?

    এনেতে ফোনটো বাজি উঠিল। হীৰু! তাই অলপ আচৰিত হ’ল। আজি বহুদিন হ’ল ভায়েকৰ লগত কথা পতা নাই তাই। বিদ্যুতৰ পৰা আঁতৰি অহাৰ পিছৰে পৰা ধীৰুৰ ফোন নহা হৈছে। তুলিকাই সেয়া মন কৰিছে। কিন্তু তাই নিজেই চোন পৰিয়াল আৰু বন্ধু-বান্ধৱ সকলোৰে পৰা পলাই ফুৰিছে অতদিনে। সেয়ে তায়ো ফোন কৰা নাই। উপযাচি তাক সোধা নাই কিয়!

    ‘ভাইটি ক’চোন।’

    ‘ব্যস্ত নেকি?’ তাইতকৈও শুকান চোন ভায়েকৰ মাত!

    ‘নহয় ক’চোন। তোৰ মাতটো এনেকুৱা কিয়?’

    ‘ঘৰৰ চিন্তাই খুলি খুলি খাইছে অ’ মোক!’ তাৰ মাতটো কান্দোনৰ দৰে ওলাল।

    ‘কি হৈছে ভালকৈ ক’চোন! মা-দেউতা ঠিকে আছেনে?’

    ‘তোলৈ মাই ফোন কৰিছে নেকি? মা আৰু দেউতা বেলেগে থাকিবলৈ লৈছে জান!’

    ‘মানে?’ তুলিকাৰ বুকুখন চিৰিংকৈ যায়।

    ‘আজি এসপ্তাহ হ’ল। এৰাতি দেউতাই মদ খাই টং হৈ ঘুৰি আহোঁতে মাই দুৱাৰ খুলি নিদিলে। এপৰ বাট চাই, গালি-গৰ্জন, কাকূতি-মিনতি কৰিও কাম নিদিলে। দেউতা পিছচোতালৰ চালিখনৰ তলতে মহৰ কামোৰ খাই পৰি থাকিল। পিছদিনা পুৱাতে জেওৰা খৰি এডাল লৈ মাৰ ফালে চোঁচা দিছিল হেনো, তেতিয়াই মা ঘৰৰ পৰা যি ওলাল নোসোমালেই। ৰাতিয়েই বেগ সাজু কৰি ৰাখিছিল। ৰাতিপুৱাই অ’ট’ এখন লৈ গুচি গ’ল। গৈছেও একেবাৰে গৈ টাউনত হোটেলত উঠিছেগৈ। ইফালে দেউতাই খং শাম কটাৰ পিছত ককা-আইতা, মামা-মাহী সবৰে ঘৰত বিচাৰি হুলস্থুল।’

    তুলিকাৰ মুখৰ মাত হেৰাই গ’ল। মনত ভাঁহি উঠিল মাকৰ শান্ত মুখখন, মিহি মাত-কথাবোৰ। ক’ৰ পৰা সেই মাকজনীৰ মাজত এই আগ্নেয়গিৰি সাৰ পালে! হীৰুয়ে মাকৰ ওপৰতে ক্ষোভ উজাৰিলে। কিয় মিছামিছি ইমান অশান্তি জুৰি ল’ব লাগে! সেইৰাতি অন্যদিনাৰ দৰেই চুপচাপ দেউতাকক দুৱাৰ খুলি দিয়া হ’লেইচোন সকলো ঠিকে থাকিলেহেঁতেন! অতদিনেতো তেনেকৈয়ে দিনবোৰ গৈ আছিল। ঘপকৈনো কি লম্ভিলে যে সেই ঘৰখনত মা থাকিব নোৱাৰা হ’ল। তুলিকা আচৰিত হ’ল। হীৰুয়ে কেনেকৈ ক’ব পাৰিছে এইবোৰ কথা! কেনেকৈ ভাৱিব পাৰিছে মাকে নিমাতে থাকিলেই সকলো ঠিকে থাকিলেহেঁতেনে। একোৱেইতো ঠিকে নাছিল ইমানদিনে। সি কি সকলো পাহৰি গ’ল! তাইৰ লগতে সিও চোন আশৈশৱ দেখি আহিছে মাকৰ দুখ আৰু যন্ত্ৰণা। সি কৈয়ে থাকিল,

    ‘তই মাৰ লগত কথা পাতি পাৰিলে বুজাচোন। ঘৰৰ মানুহ ঘৰলৈ ঘুৰি আহিবলৈ। সমাজৰ আগত আমাৰ নাক-কাণ কটা যাব।’

    ‘আৰু মাৰ দুখ-কষ্ট খিনি? সেইখিনিৰ কি? আমাৰ কাৰণে, সমাজক দেখুৱাই সকলো নিমাতে-নীৰৱে সহি থাকিলেই ঠিক হৈ যাব নেকি হীৰু! সেইকাৰণেই বিদ্যুতক এৰি অহাৰ পৰা তই মোৰ লগত কথা পতা নাই, নহয় হীৰু?’ তুলিকাৰ চিঞৰি চিঞৰি ক’বৰ মন গ’ল। কিন্তু তাই একোকে নক’লে। সেইখিনি কথা ক’ব পৰাকৈয়ো যেন ভায়েকৰ লগত তাইৰ যোগসূত্ৰ হেৰাই গৈছে, তেনে লাগিল তাই। ওঁ-আঁ কৈ ফোন থোৱাৰ পিছত এটা দীঘল উশাহ টানি লৈ তাই মাকলৈ ফোন কৰিলে,

    ‘মা!’

    ‘তুলিকা!’ মাকৰ সেই এটা শব্দতে যেন সমস্ত পৃথিৱীৰ দুখ-যন্ত্ৰণা-ক্ষোভ লুকাই আছিল। তুলিকাই কান্দি পেলালে। মাকেও।

    ‘ঠিকে আছা মা?’

    ‘আছোঁ। আগতকৈ বহুত ভালে আছোঁ। প্ৰতিটো মুহূৰ্ত অন্তত: ভয়ে ভয়ে কটাব লগা হোৱা নাই। কেতিয়া পিঠিত বেল্টৰ কোব পৰিব সেয়া ভাৱি ভাৱি জিকাৰ খাই উঠা নাই! সেইবোৰ ভয়-শংকা নোলোৱাকৈ জীৱনটো কেনেকুৱা হ’ব পাৰে পাহৰিয়ে গৈছিলোঁ অঁ তুলিকা!’

    তুলিকাৰ কান্দোনটো ডাঙৰ হৈ পৰে- যেন তাই অতবছৰৰ প্ৰতিটো দিন- প্ৰতিটো ৰাতিৰ সেই অন্ধকাৰ সময়বোৰৰ বাবে কান্দিছে। মাকে নীৰৱে-নিমাতে গাত পাতি লোৱা প্ৰতিটো আঘাতৰ কাৰণে কান্দিছে।

    ‘অতদিনে কিয় সহি থাকিলা মা? কেতিয়াবাই গুচি যাব লাগিছিল- কেতিয়াবাই!’

    ‘যাব খুজিছিলোঁ আইজনী। বহুত আগতেই। বিয়াৰ পিছত গাত প্ৰথম কোবটো পৰা দিনাই। মাই কৈ পঠালে, ‘কোনোমতে দেউতাৰৰ পেন্সনৰ টকাৰে তোক বিয়া দিছোঁ। এতিয়া নিজৰ মানুহটোক পোনাই-পঁজৰাই লোৱাৰ দায়িত্ব তোৰ। সমাজৰ আগত আমাৰ নাক-কাণ নাকাটিবি।’ সেই তেতিয়াই যে শিকলিয়ে বান্ধিলে, যোৱা ত্ৰিছ বছৰে সেইডাল খোলাৰ সাহসেই গোট নাখালে। প্ৰথমে মা-দেউতা, তাৰপিছত তোৰ আৰু হীৰুৰ কথা, সমাজখনৰ কথা ভাৱিয়ে তেনেকৈয়ে জীৱনটো কটাই দিম বুলি ভাৱিছিলোঁ। কিন্তু সেইৰাতি সেই ভয়, ভয় নহয় খং হৈ পৰিল। হয়তো অতদিনে ভয় আৰু আতংকই পিষ্ট কৰি কৰি ধৈৰ্য্যৰ বান্ধ খুলি পেলালে। এনে লাগিল যেন আৰু এটা দিনো এনেকৈ কটাব নোৱাৰোঁ। মোৰ জীৱনটো এনেকৈয়ে শেষ হৈ যাবলৈ দিব নোৱাৰোঁ। মোৰ কাষত অন্য কোনোবা থাকক বা নাথাকক, মই নিজেই নিজৰ কাষত থিয় দিব লাগিব। সেইকাৰণেই পৰিয়ালৰ কাৰো ওচৰলৈ নগৈ হোটেলত উঠিছোঁ জান। কোনেও মোৰ দায়িত্ব ল’ব নালাগে। কাকো আমনি নকৰোঁ। মই মাত্ৰ নিজৰ জীৱনটো শান্তিৰে কটাব বিচাৰোঁ।’

    তুলিকা আচৰিত হৈ পৰে। যেন নিজৰ মাকজনীকে অতদিনে তাই বুজিব পৰা নাছিল, এনে লাগিল তাইৰ। তাই সুধিলে,

    ‘তেনে এতিয়া কি কৰিবা মা?’

    ‘নাজানোঁ। কিন্তু এটা কথা জানো- সেইখন ঘৰলৈ আৰু কেতিয়াও ঘুৰি নাযাওঁ।’ কৈ মাক ক্ষন্তেক ৰ’ল। তাৰপিছত আশ্বাসৰ সুৰেৰে ক’লে, ‘তই মোৰ কাৰণে চিন্তা নকৰিবি দেই। মোৰ স্কুলৰ চাকৰিটোৰে চলি যাব। ভাড়াঘৰ বিচাৰি আছোঁ। গোটেইবোৰ মিলাই ল’ম। তই অকণোৱে চিন্তা নকৰিবি।’

    বেছ কিছুপৰ তুলিকা বিছনাতে পৰি ৰ’ল। দৌৰি গৈ তাইৰ মাকৰ কাষ পাবৰ মন গ’ল। তাই জানে, মাকৰ এই বাট সহজ নহয়। তাই এনে এখন সমাজত ডাঙৰ হৈছে, য’ত প্ৰতিগৰাকী নাৰীয়ে ঘৰৰ বাহিৰলৈ ওলোৱাৰ পৰত হাজাৰবাৰ নিজকে পৰীক্ষা কৰে সকলো ঠিকে আছেনে৷ বাটত খোজ দিওঁতে, সামাজিক পৰিৱেশত এষাৰ কথা কওঁতে, কিবা এটা কাম কৰোঁতে হাজাৰজোৰ চকুৱে বিচাৰ কৰি থাকে৷ প্ৰতিগৰাকী নাৰী সেয়ে সন্ত্ৰষ্ট হৈ থাকে দৃষ্টিকটু কিবা কোৱা বা কৰাৰ ভয়ত৷ সেই সমাজত য’ত কিবা বিপদত পৰিলে, অসুবিধা হ’লে প্ৰথমেই নাৰী গৰাকীক দোষ দিয়া হয়৷ সেই সমাজে এই অৱস্থাত মাকৰ প্ৰতিটো খোজতে হাজাৰটা হুল পুতি নিদিবনে? দোষ-অপবাদেৰে গধুৰ কৰি নেপেলাবনে মাকৰ চৌদিশৰ বতাহ?

    তুলিকাৰ তীব্ৰ ইচ্ছা হ’ল ঘৰলৈ ঘুৰি যাবলৈ। সেই সকলোৰে পৰা মাকক আৱৰি পেলাবলৈ। এয়া কিজানি এক চিনেই। এই বিদেশত তাইৰ সংসাৰখন ভাঙিল। নতুনকৈ সজাই ল’ব খোজা এই জীৱনটোত এতিয়া ইমান অনিশ্চয়তা! হয়তো এই সকলোবোৰেই এটা চিন হৈ দেখা দিছে। তাই কিজানি অসমলৈ উভতি যোৱাৰে সময় আহি পৰিছে! চিৰদিনৰ বাবে!

    আকৌ ফোনৰ ৰিং ট’ন বাজিল। লিছা! এই সময়ত?

    ‘হেল্ল’!’

    ‘হাই তুলিকা। আজি সন্ধিয়া ব্যস্ত নেকি তুমি?’

    ‘নাই, কিয়?’

    ‘ওলাবা তেনে৷ মই যে কৈ থাকোঁ আইতাৰ কথা৷ আজি আইতাৰ ঘৰত এটা অনুষ্টুপীয়া গেট টুগেদাৰ এটা৷ আমাৰ পৰিয়ালৰ মানুহবোৰ লগা পাবা তুমি৷’

    ‘লিছা, মতাৰ কাৰণে থেংক ইউ! কিন্তু মই যাব নোৱাৰিম বুজিছা। গা-মন বৰ ভাল লাগি থকা নাই বুজিছা।’

    ‘জানো তুলিকা। সেইকাৰণেই ভাৱিলোঁ তোমাক কওঁ। এনেকৈ মন বেয়া কৰি থকাৰ সলনি অলপ ওলাই গ’লে, মানুহ-দুনুহ লগ পালে ভাল লাগিব। তোমাৰো, আমাৰো!’ তুলিকাই বুজিলে লিছাই নেচাৰৰ পুনৰ্সংগঠনৰ কথা কৈছে। এনেকুৱাই লিছাজনী। যেনেকৈ হ’লেও তুলিকাৰ ভাল-বেয়াৰ খৱৰ ৰাখে। মৰম-যত্নৰে আৱৰি ৰাখিব খোজে। তাইৰ কথা পেলাব নোৱাৰিয়ে অৱশেষত তুলিকাই ক’লে,

    ‘ঠিক আছে, যাম তেন্তে৷’

    এঘণ্টাৰ পিছতে তুলিকাৰ এপাৰ্টমেণ্টৰ সন্মুখত ৰ’লহি লিছা আৰু ডেনিয়েলৰ গাড়ী। গাড়ীত বহিয়ে তাই দেখে পিছফালৰ ছিটত এটা ডাঙৰ ষ্টিলৰ গেলন৷ তাই বুজিলে সেয়া বীয়েৰ ৰখা কেগ।

    ‘ইমান বীয়েৰ!’ তুলিকাই বিচূৰ্তি খালে।

    ‘হা হা, বটলত ভৰাই ভৰাই অনাতকৈ গোটেইটোৱে লৈ আনিলোঁ৷ মানুহ বহুত হ’ব যে৷’ ডেনিয়েলে কৈফিয়ৎ দিয়াৰ সুৰত ক’লে।



    এনিছকিলেন টাউন পাৰ হৈয়ে শাৰী শাৰী পথাৰবোৰ আৰম্ভ হয়। সেইখিনিৰে এটা ঘৰৰ সন্মুখত গাড়ীখন ৰ’লগৈ। ঘৰৰ চাৰিওকাষে ওখ-চাপৰ গছৰ লানি। তাৰ সিপাৰে দূৰ-দিগন্ত জুৰি কেৱল পথাৰ আৰু পথাৰ। ঘৰৰ সন্মুখৰ লোহাৰ গেইটত তোৰণৰ দৰে ফুলৰ সাজ-সজ্জা। তাতে টিউলিপ ফুলেৰে লিখি থোৱা আছে ‘হেপ্পী বাৰ্থডে গ্ৰেণী’ -শুভ জন্মদিন আইতা! কাষতে উৰি আছে দুটি সংখ্যাৰ বেলুন- ৯৫!

    দেখিয়ে তুলিকাই উচপিচ লগালে, ‘লিছা, মোক আগেয়ে কিয় নক’লা জন্মদিন বুলি? মই শুদা হাতে নাহিলোহেঁতেন নহয়!’

    লিছা আৰু ডেনিয়েলে হাঁহিলে। তাই দুষ্টামিৰ হাঁহি মাৰি ক’লে, ‘চাৰপ্ৰাইজ! আগতীয়াকৈ ক’লে তোমাৰ সেইবোৰ চিন্তা বাঢ়িব বুলিয়ে নক’লোঁ বুজিছা। এনেয়ে এইকেইদিন আমাৰ অফিচত কম টেনছন হৈছেনে!’

    উপায়ন্তৰ হৈ তুলিকাই মানি ল’লে। লিছা আৰু ডেনিয়েলৰ লগত কিছু সংকোচেৰে সোমাই গ’ল। এটা আহল-বহল আইৰিছ আৰ্হিৰ শিলৰ ঘৰ। সোমায়ে তুলিকাৰ মুধচলৈ চকু গ’ল। এই প্ৰথম তাই দেখা পালে ঘাঁহ-খেৰেৰে বোৱা আইৰিছ পৰম্পৰাগত মুধচ। তাইৰ দৃষ্টি অনুসৰণ কৰি লিছাই ক’লে,

    ‘আইতাৰ এই ঘৰ দেৰশ বছৰমান পুৰণি। আইতাৰ দেউতাকেই বনোৱা। এনে ঘৰ এতিয়া দেখা পোৱাই টান। সেয়ে আইৰিছ পৰম্পৰাগত ঘৰ চাবলৈ আইতাৰ ঘৰলৈ ইয়ালৈ মাজে মাজে পৰ্য্যটকো আহে জানা।’

    ‘সঁচা! কোন কোন থাকে এই ঘৰত?’ বিস্ময়ত তুলিকাৰ চকুহাল ডাঙৰ হৈ যায়!

    ‘ইয়াত কেৱল আইতা থাকে। অকলশৰে। আইতাই এই ঘৰ এৰিব নোখোজে। তেওঁৰ মতে, জীৱনৰ অতবোৰ বছৰ ইয়াতে পাৰ কৰিলোঁ৷ এতিয়ানো শেষৰ দিনবোৰ কিয় বেলেগ ক’ৰবাত থাকিমগৈ৷ অৱশ্যে নামতহে অকলশৰে থাকে। আমাৰ পৰিয়াল বহুত ডাঙৰ। পৰিয়ালৰ কোনোবা নহয় কোনোবা প্ৰতিদিনে ওলায়হি। আমি পাল পাতি আহোঁ। আইতাক সংগ দিবলৈ কোনোবা দিনৰ আহাৰৰ সময়ত আহে, কোনোবা ৰাতি থকাকৈ। ব’লা, চিনাকি কৰাই দিওঁ তোমাক।’

    এইবাৰ হাতত ধৰি লিছাই তুলিকাক বহাকোঠালৈ লৈ গ’ল। এজুম মানুহৰ মাজত কণমানি এজনী কোচঁত লৈ আইতাক বহি আছিল। শুভ্ৰ চুলি আৰু সময়ে আঁচোৰা শোটোৰা-শোটোৰ গালৰ এগৰাকী বৃদ্ধা। পঁচানব্বৈ বছৰীয়া যদিও তেওঁৰ কোটৰত সোমোৱা দুচকুৰ উজ্বলতা মাৰ যোৱা নাই, ম্লান পৰা নাই হাঁহিটোও। লিছাই চিনাকি কৰাই দিয়াৰ লগে লগে তেওঁ তুলিকালৈ চাই সোঁহাতখন আগবঢ়াই দিলে। তাই হাউলি লৈ স্পৰ্শ কৰিলে সেই শীৰ্ণ হাত।

    ‘হুৱাট্‌ছ দ্য ক্ৰেইক- কি খৱৰ তুলিকা!’ তেওঁ বৰ কষ্টেৰেহে যেন তুলিকাৰ নামটো উচ্চাৰণ কৰিলে। কিন্তু হাতেৰে টানি ধৰি তেওঁ তুলিকাক কাষতে বহুৱাই ল’লে।

    ‘ভাল, আইতা।’ তুলিকাৰ নিজৰ আজো-আইতাকলৈ মনত পৰি গ’ল। সোঁৱৰণিৰ জাল ফালি মুহূৰ্ততে যেন উদ্ভাসিত হৈ গ’ল তৰাভৰা আকাশৰ তলত বহি আজোআইতাকৰ সাধু শুনা সন্ধিয়াবোৰ, আইতাকৰ দৰে ওঁঠ ৰঙা কৰিবলৈকে খুন্দা তামোলৰ এচপৰা বিচাৰি তুলিকাই ৰাউচি জোৰা দিনবোৰ।

    লিছাৰ আইতাকে ভাৰতৰ কথা সোধে। বহুত দূৰৈত নহয় জানো সেই দেশ? তাৰ পৰা তুলিকা কেনেকৈ এই ঠাই পালেহি? ফাৰমানাৰ মানুহ প্ৰায়ে লৰচৰ নকৰে। তেনেকৈ দেশ-বিদেশলৈ ওলাই যোৱাটো দূৰৈৰ কথা। মোৰেই পাঁচোটা ল’ৰা আৰু দুজনী ছোৱালী। গোটেইবোৰ ফাৰমানাত থাকে৷ সেইকাৰণেই ওচৰতে পাই থাকোঁ। সিহঁতৰ ল’ৰা-ছোৱালীবোৰহে আয়াৰলেণ্ডৰ ইফালে-সিফালে গৈছে। এজনী মাত্ৰ নাতিনী আমেৰিকালৈ গৈছেগৈ- পঢ়িবলৈ। তুলিকাই জানেনে, ফাৰমানাত মানুহবোৰৰ এনেদৰে শিপা গজে যে সৰু সৰু ঠাইবোৰত কথা কোৱাৰ একোটা নিজা ঠাঁচ গঢ় লৈ উঠিল। ইখন ঠাইৰ মানুহে সিখন ঠাইৰ ঠাঁচক লৈ হাঁহে। তুলিকাই শুনিছে সেয়া। এই ছমাহতে ফাৰমানাৰ ভিন্ন ঠাইৰ মানুহৰ সৈতে কথা পাতি তাই দেখিছে, আইৰিছ ঢঙৰ ইংৰাজী কিন্তু ঠাঁচ সকলোৰে বেলেগ।

    ‘ট্ৰিলিকৰ মানুহে কথা কোৱা শুনিছানে? কথাই কৈছে নে গান গাইছে ধৰিবই নোৱাৰি।’ জুমটোৰ এজনে কৈ উঠে।

    ‘আহ, তাতোকৈ সাংঘাতিক লিছবেল’ৰ ঠাঁচ- ৰেলৰ উকিৰ দৰে উকি মাৰি মাৰি কয়।’ মহিলা এগৰাকীয়ে যোগ দিয়ে। দুই এজনে সেই ঠাঁচেৰে কথা ক’বলৈকে আৰম্ভ কৰি দিয়ে। হাঁহিৰ জোৱাৰৰ মাজেৰেই ইজন-সিজনকৈ আহি তুলিকাৰ লগত চিনাকি হ’লহি। তাৰ মাজতে এবাৰ লিছা আহি তাইক মাতি নিলেহি। পাকঘৰৰ দহজনীয়া ডাইনিং টেবুলখনত বিধে বিধে খাদ্য। আইতাকৰ জন্মদিনলৈ প্ৰত্যেকেই ভাগে ভাগে ৰান্ধি আনিছে হেনো৷ তাৰ ভিতৰত মূৰ্গীৰ জোল দেখি তুলিকা অলপ আচৰিতেই হ’ল। তাইৰ প্লেটত অলপ ঢালি দি লিছাই ক’লে,

    ‘চিকেন টিক্কা মছলা- মোৰ মাই ৰান্ধি আনিছে। তুমি আহিবা বুলিয়ে। খোৱা।’

    ইমান মানুহ- ইমান ডাঙৰ পৰিয়াল! প্ৰতিটো কোঠাতে জুম বান্ধি বান্ধি মানুহবোৰে আড্ডা দিছে। কথাই কথাই হাঁহিৰ জোৱাৰ উঠিছে। কোনোৱে গীতৰ সুৰে সুৰে নাচিছে। কোনোৱে পাকঘৰৰ পৰা প্লেটত খাদ্য আনিছেগৈ। কণমানিবোৰে ইটো কোঠাৰ পৰা সিটো কোঠালৈ লৰা-ঢপৰা কৰি ফুৰিছে। ইতিমধ্যে ডেনিয়েলে এচুকত পাতি দিয়া বীয়েৰ কেগৰ পৰা বীয়েৰো বাকিছে। লিছাই যাৰ লগতে চিনাকি কৰাইছে, তেঁৱেই হাত আগবঢ়াই কৈ উঠিছে, ‘হুৱাটছ দ্য ক্ৰেইক?’ চা-চিনাকি হৈয়ে কেইবাজনেও কৈছে, ‘আমাৰ ঘৰলৈ আহিবাচোন এপাক- ডিনাৰ কৰাকৈ আহিবা। লিছাৰ আপোন বন্ধু যেতিয়া তুমি আমাৰো আপোন!’

    সন্ধিয়াটো কেনেকৈ পাৰ হ’ল গমকে যেন নাপালে তুলিকাই। নিশা আইতাকক শুৱাৰ ব্যৱস্থা কৰি দি লিছা আৰু ডেনিয়েল উভতিবলৈ ওলাল। এপাৰ্টমেণ্টৰ সন্মুখত গৈ গাড়ীখন ৰোৱাৰ সময়ত তুলিকাই কৈ পেলালে,

    ‘থেংক্‌ছ লিছা। থেংক্‌ছ ডেনিয়েল। মোক যেন এইখিনি সময়ৰে বৰ দৰকাৰ আছিল। মই কিজানি নিজেই বুজা নাছিলোঁ- তোমালোকে বুজিলা। বহুত ধন্যবাদ!’

    ‘আহ- ইউ আৰ ৱেলকাম তুলিকা!’ লিছাই গাড়ীৰ পৰা ওলাই আহি তুলিকাক সাৱটি ধৰিলেহি।

    ‘বেয়া দিন থাকিবই, তুলিকা! ভাল-বেয়াৰ মাজেৰেইতো জীৱন! বেয়া সময়ৰ ভয়ত আমি ভাল লগা সময়বোৰতো পাহৰি গ’লে, হেৰাবলৈ এৰি দিলে নহ’ব, নহয় জানো?’

    লিছাই নেচাৰৰ প্ৰসংগতে কথাখিনি ক’লে যদিও তুলিকা মনত সিয়েই আলোড়ন তুলিলে। সেইনিশা বিছনাত পৰি পৰি তাই ভাৱিলে, আজীৱন তাই আনে বিচৰাৰ দৰেই জীৱনটো কটাই আহিছে। তাইৰ পৰা ঘৰ আৰু সমাজে যেনেকৈ যি আশা কৰিছে তাকে দি গৈছে- কৰি গৈছে। এতিয়া প্ৰথমবাৰৰ বাবে সেই সকলোবোৰ একাষে থৈ নিজকে বিচাৰি চাইছে। নিজৰ আশা আৰু সপোনবোৰ লৈ এটা জীৱন গঢ়াৰ চেষ্টা কৰিছে। নিয়তিৰ এটা খুন্দাতে সেই সকলোবোৰ এৰি পেলাবনে? হেৰুওৱাৰ ভয়টোতে হাৰ মানি সকলো হেৰাই যাবলৈ দিবনে? তাই তেনে কৰাটো মাকেই জানো মানি ল’ব?

    পুৱতি নিশা চিলমিলকৈ টোপনিয়ে হেঁচা মাৰি ধৰাৰ পৰত তুলিকাই ঠিক কৰিলে, অসমলৈ উভতি নাযায় তাই। শেষলৈকে যুঁজিব। তাই ফাৰমানাত এই জীৱন গঢ়াৰ চেষ্টা একেদৰেই কৰি থাকিব। এয়াই তাইৰ বৰ্তমান। ইয়াৰ ভৱিষ্যতো তাই আদৰি ল’ব।


    পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • Sunday, 11 February 2024

    ফাৰমানা (সপ্তদশ খণ্ড)

    প্ৰায় দুসপ্তাহৰ মূৰত ফাৰমানাৰ আকাশ মুকলি হৈছে৷ কণমানি চহৰখনত এইটোৱে এটা ডাঙৰ খৱৰ হৈ উটি ভাঁহি ফুৰিছে৷ বাটে পথে পাৰ হৈ যোৱা অচিনাকি জনেও হাঁহি মুখেৰে কৈছে,


    ‘কি যে ধুনীয়া দিন আজি!’

    আৰ্ণ নৈখন চঞ্চল হৈ উঠিছে সৰু-বৰ নাৱৰ অবিৰত অহা যোৱাৰে। আজি তাতে ৰঙা কায়াক কেইখনমানো ভাঁহি উঠিছে৷ তাৰ লগতে পাৰে পাৰে সুবিধাজনক ঠাইবোৰ বাচি লৈ গুজ মাৰি মাছ টুপিউৱা বৰশীবোৰ! সঁচাকৈ, নৈখন আৰু লখক লৈয়ে যেন ইয়াত সকলোৰে জীৱন! আয়াৰলেণ্ডৰ অন্য ঠাইৰ মানুহে এনেয়ে নকয়,

    ‘লখ আৰ্ণ ফাৰমানাত নহয়, ফাৰমানা হে লখ আৰ্ণত আছে!’

    সেই লখ আৰ্ণলৈকে আজি তুলিকাহঁত ওলাই আহিছে। বতৰৰ আগজাননী দেখি মাৰ্কে যোৱা সপ্তাহৰ টিম মিটিঙত কৈছিল, ‘লখ আৰ্ণৰ কেইবাটাও দ্বীপত গাল চৰাইবোৰে কণী পাৰিছে৷ পোৱালিও জাগিছে৷ বতৰ উদঙোৱাৰ দিনা আমি সকলোৱে গৈ বাহৰ জৰীপ কৰি আহিলে কেনে হয়?’

    সকলোৱে হয়ভৰ দিলে৷ এটা ৰ’দোজ্জল দিন লখ আৰ্ণৰ হাজাৰ-বিজাৰ গাল চৰাইৰ মাজত কটাবলৈ কোনেনো না কৰিব!

    কথামতেই কাম। ৰ’ছনক্লেয়াৰ জেটিৰ পৰা নেচাৰৰ সৰু মটৰচালিত নাও দুখনেৰে গোটেই দলটো ওলাল৷ এখনত ডেৰেনৰ সৈতে টম আৰু লিছা। আনখনত মাৰ্কৰ সৈতে ফিয়না, তুলিকা আৰু তুলিকাৰ কাষতে বহিল মেগান। জন মেকভিটিৰ একমাত্ৰ জীয়েক মেগান।

    ‘কেনে লাগিছে মেগান? লখ আৰ্ণলৈ আগতেও আহিছা চাগৈ?’ মটৰৰ শব্দ দেও দি তুলিকাই ডাঙৰকৈ মাত দিলে।

    মেগানে হাঁহি এটাৰে মূৰ দুপিয়ালে। তাৰপিছত তুলিকাৰ ফালে হাউলি লৈ কাণে কাণে ক’লে,

    ‘আহিছোঁ কিন্তু এনেকুৱা ভাল লগা কামত নহয়। সেয়ে বৰ মজা লাগিছে!’

    তুলিকাই হাঁহিলে। তাই আগৰে পৰা চিনি পালেও নেচাৰৰ বাকী দলটোৰ সৈতে মেগানৰ আজিহে প্ৰথম চিনাকি। প্ৰথম লগ পোৱাৰ দিনা দীঘল সোণালী চুলিটাৰী আৰু শেঁতা চকুদুটিৰে এই ছোৱালীজনী যে কেনেকৈ লাজে-ভয়ে কোঁচ খাই আছিল! হয়তো খঙাল বাপেকৰ আগত তাই তেনে ৰূপতে অভ্যস্ত হৈ গৈছে। তাইৰ প্ৰকৃতিৰ প্ৰতি আগ্ৰহ দেখিয়ে তুলিকাই জনক কৈছিল, ‘নেচাৰৰ কামত ভাগ ল’লে মেগানে বহুত নতুন কথা শিকিব। নতুন অভিজ্ঞতা হ’ব। তাই ঘৰৰ খেতি-পথাৰো ভালকৈ চোৱা-চিতা কৰিব পৰা হ’ব।’ তেতিয়াৰ পৰা মেগানে তাইক পথাৰবোৰৰ জৰীপ কৰাত সহায় কৰিছে। পৰিৱেশ সাপেক্ষ আঁচনিৰ কৰ্মশালাবোৰতো ভাগ লৈছে। তাৰ লগে লগে সংকোচবোৰ আঁতৰি তাইৰ মুখখনলৈ সহজ সহজ ভাৱ এটাও আহিব ধৰিছে যেন!

    এতিয়া নেচাৰৰ টুপীটো পিন্ধি লৈ চৌদিশে অপাৰ কৌতুহল আৰু উত্তেজনাৰে চাই থকা মেগানজনীক দেখি তুলিকাৰ ভাল লাগি গ’ল! মেগানৰ দৰে কিশোৰী বয়সৰ হেঁপাহবোৰলৈ মনত পৰি গ’ল। তায়োতো এনে বয়সতে শিৱসাগৰ টাউনৰ পৰা চাইকেল মাৰি মাৰি পানীদিহিং অভয়াৰণ্যলৈ গৈছিল। দেওবাৰে দিনৰ দিনটো তাতে ঘুৰি পকি চৰাই চাই ফুৰিছিল। সপোন দেখিছিল তেনেকৈয়ে চৰাইৰ কাকলিৰে ভৰা সেউজীয়া পৃথিৱী এখনত চিৰদিন কটোৱাৰ। সেই সপোনটো তাই মেগানক দিব খোজে। নতুন প্ৰজন্মৰ সকলোৰে বাবে সেই সেউজীয়া পৃথিৱীখন বচাই ৰাখিব খোজে।

    ‘সৌকেইটা ৰাজহাঁহ- চোৱা চোৱা।’ মেগানে মাত দিলে। লগে লগে প্ৰতিজনেই সেইদিশলৈ বাইন’কুলাৰ টোৱালে। কেৱল মাৰ্কে মটৰচালিত নাওঁখনৰ ষ্টিয়েৰিং ধৰি থাকি গতি থমালে। মেগানে ভালকৈ চাৱক বুলিয়ে কিজানি তেওঁ ৰাজহাঁহ দুটা চৰি থকাৰ ফালে নাওখন আগবঢ়াই নি ইঞ্জিন বন্ধ কৰি দিলে। কিছুপৰ সেইফালে তধা লাগি চাই থাকি তাই ক’লে, ‘ইমান শুধ বগা! কমলা ঠোঁট আৰু দীঘল ডিঙিৰে ইমান ধুনীয়া এই চৰাইহাল!’

    মাৰ্কে হাঁহি হাঁহি ক’লে, ‘ঠিকেই কৈছা মেগান! এইবিধক ‘মিউট স্বোৱান’ বুলি কয়। মিউট মানে কিন্তু সিহঁতে মাত মাতিব নোৱাৰা নহয়। মাত্ৰ প্ৰয়োজন নহ’লে অন্য চৰাইৰ দৰে সঘনাইহে মাত নিদিয়ে।’

    ‘অঁ অঁ, ময়ো নামটো শুনি তেনেকৈয়ে ভাৱিছিলোঁ। কিন্তু এবাৰ আমাৰ পথাৰৰ কাষেদি যোৱা জুৰিটোত এই মিউট স্বোৱান এহালে যেনেকৈহে হিচ্‌হিচাই উঠিছিল! সেই তেতিয়াৰ পৰাহে জানিছোঁ ইহঁতেও মাত দিয়ে।’

    ‘কিয়, কি হৈছিল?’

    ‘দেউতাৰ সিদিনা আমাৰ বুলদগ অ’টিছৰ ওপৰত খুউব খং উঠিছিল। সি দিনৰ দিনটো পথাৰৰ বোকাত লেটি লৈ আছিল কাৰণে। দেউতাই এছাৰি এডাল লৈ তাক খেদি যাওঁতে সি গৈ জুৰিটোৰ পানীত ধহমহাই পৰি দিছিলগৈ। মিউট স্বোৱান কেইটাৰ অদ্ভুত হিচ্‌হিচনিয়েহে দেউতাক চমক খুৱাই ৰখাই দিছিল!’

    সেয়া শুনি ফিয়’নাৰ চেলাউৰি দাং খালে। ফাৰমানাৰ অলিয়ে গলিয়ে উটি ভাঁহি ফুৰা জন মেকভিটিৰ খঙৰ কাহিনীত যেন আৰু এটা যোগ হ’ল।

    ‘ইচ, হয় নেকি!’ কৈয়ে মাৰ্কে প্ৰসংগ সলাব খুজিলে, ‘জানানে মেগান, এই লখৰ তলখন বৰ ওখ-চাপৰ। কোনোবা ঠাই খুবেই দ, কোনোবাখিনি বাম৷ আইচ এজ মানে বৰফ যুগৰ কথা জানা নহয়? সেই যুগৰ পিছত যেতিয়া পানীবোৰ গলিবলৈ আৰম্ভ কৰিলে, তেতিয়া গোটেই আয়াৰলেণ্ডতে ওখ-চাপৰ টিলা সৃষ্টি কৰি গ’ল৷ লখ আৰ্ণ তাৰেই সৃষ্টি৷’

    ফিয়নাই যোগ দিলে, ‘সেইকাৰণেইটো এই লখ ইমান বিপদজনক৷ ওপৰৰ পৰা একো ধৰিব নোৱাৰি৷ আৰু ইয়াত বতাহৰ তীব্ৰতা দেখিছাই নহয়৷’

    সেইবোৰ শুনিয়ে কিজানি আকৌ মটৰ চলাৰ লগে লগে মেগানে লাইফ জেকেটটোৰ ৰছীকেইডাল টানকৈ মাৰি ল’লে। এখন হাতেৰে তাই তুলিকাকো খামোচ মাৰি ধৰি ল’লে। তুলিকাৰ মৰম লাগি গ’ল সেই কিশোৰীজনীলৈ।

    আধাঘণ্টামানৰ পিছতে নাওখন এটা সৰু শিলাময় দ্বীপৰ পাৰত ৰ’লগৈ। দ্বীপটো ইমানেই সৰু যে ইপাৰ-সিপাৰ সহজেই মনিব পাৰি। চাৰিওফালে লখ আৰ্ণৰ নীলা ঢৌয়ে খুন্দিয়াই থকা এটি মানৱ-বৰ্জিত দ্বীপ। ওখ গছ-গছনি একো নাই। শিলৰ মাজে মাজে ঘাঁহ আৰু চাপৰ জোপোহা কিছুমান। সেই জোপোহাবোৰ ভৰি ভৰি এবিধ বনৰীয়া হালধীয়া ফুল ফুলিছে৷ দ্বীপটোৰ পাৰত ভৰি দিয়াৰ লগে লগে সকলোকে যেন ফুলৰ সুগন্ধিয়ে আদৰি নিলে। ইতিমধ্যে সিহঁতৰ নাওখন অহাৰ ভূ পাই গাল চৰাইবোৰৰ মাজতো হৈ-চৈ আৰম্ভ হ’ল। ‘কাও কাও’ মাতেৰে ইফালৰ পৰা সিফাললৈ উৰি সিহঁতে সাম্ভাব্য বিপদৰ আগজাননী দিলে।

    সকলো নমাৰ পিছত মাৰ্কে সাৱধানে নাওখন বান্ধিলে। তাৰপিছত পাৰতে বহি লৈ বেকপেকৰ পৰা প্লাষ্টিকৰ বেগ কিছুমান উলিয়ালে। দলটো কাষ চাপি আহিল।

    ‘আমি মুঠ সাতজন আছোঁ। এই জিপ-লক বেগবোৰত এশটাকৈ পাষ্টা আছে। প্ৰত্যেকেই দুটাকৈ বেগ ল’ব পাৰা।’

    লিছা, টম, ফিয়না আৰু ডেৰেনে অভ্যস্তভাৱে দুটাকৈ বেগ পকেটত ভৰাই ল’লে৷ তুলিকা আৰু মেগান দুয়ো বেগবোৰ হাতত লৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ’ল। প্ৰতিবছৰে চলি অহা এই গাল জৰীপত তুলিকা আৰু মেগানৰ এয়া প্ৰথম অভিজ্ঞতা। মাৰ্ক দুয়োৰে কাষ চাপি আহিল। চৰাইজাকলৈ আঙুলীয়াই ক’লে,

    ‘সেইবোৰ গাল চৰাইৰ জাক। আচল নাম ব্লেক-হেডেড গাল, মানে ক’লা-মূৰীয়া গাল চৰাই। নামটোৰ দৰেই প্ৰজননৰ সময়ত সিহঁতৰ বগা পাখিৰ আগটো আৰু মূৰটো ক’লা হৈ পৰে। সিহঁতৰ বেছিভাগেই পৰিভ্ৰমী। গৰম দিনত লখ আৰ্ণৰ এই নিজান দ্বীপটোলৈ জাকে জাকে গাল চৰাই আহি বাহ সাজেহি। সেয়ে প্ৰতিবছৰে আমি জৰীপ কৰোঁহি। বুজিছানে?’

    তুলিকাৰ লগতে মেগানেও মূৰ দুপিয়ালে। বাকীবোৰৰ লগতে সিহঁতেও এইবাৰ জেকেটৰ হুডীৰে মূৰবোৰ ঢাকি ল’লে। নহ’লে গাল চৰাইৰ বিষ্ঠা মুখতে পৰাৰ ভয়। মাৰ্কে আকৌ ক’লে,

    ‘আমাৰ কাম হ’ল এই কণমাণি দ্বীপটোত কিমান গালৰ বাহ আছে আৰু বাহত কিমান কণী বা পোৱালী আছে সেয়া উলিওৱা। দ্বীপটো সৰু হ’লেও থোপা পাতি গালবোৰে বাহ সাজে৷ আজি আমি ঠিক জৰীপ বা ছাৰ্ভে নহয় পিয়লহে কৰিম। অৰ্থাৎ মাথোঁ নমুনা নলৈ গোটেইবোৰ বাহ হিচাপ কৰিবলৈ চেষ্টা কৰিম। তাকে কৰিবলৈ গোটেই কেইজন এটা শাৰীত গৈ দ্বীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ সামৰিব লাগিব। তেনেকৈয়ে এফালৰ পৰা বাহবোৰ হিচাপ কৰি কৰি খোজ দিম।’

    ‘আৰু এই পাষ্টাবোৰ?’ তুলিকাই সুধিলে।

    এইবাৰ ডেৰেনে ক’লে, ‘সেয়া মাৰ্কে উলিওৱা পদ্ধতি। আমি গোটেইবোৰে একে শাৰীতে খোজ দিওঁতে থেপাথেপিকৈ থকা চৰাইৰ বাহৰ হিচাপত ভুল হ’ব পাৰে। যেন ধৰা, তুমি হিচাপত লোৱা বাহ এটা তোমাৰ অলপ আঁতৰে আঁতৰে গৈ থাকি ময়ো হিচাপত ল’ব পাৰোঁ। বা কোনোবাটো বাহ কাৰো হিচাপতে নুঠিব পাৰে। সেইবোৰ খেলিমেলি আঁতৰাবলৈকে আমি হিচাপ কৰা প্ৰতিটো বাহত পাষ্টা একোটা দি যাওঁ। হালধীয়া পাষ্টাটো বাহত দেখিলে প্ৰত্যেকেই গম পায় সেয়া ইতিমধ্যেই হিচাপত ধৰা হৈছে৷ এটা বেগ শেষ হ’ল মানে এশটা বাহৰো হিচাপ হ’ল। তাতে পাষ্টাবোৰ অনিষ্টকাৰীও নহয় কাৰণে ইয়াতে এৰিও যাব পাৰোঁ৷’

    মেগানে ৰস পাই খিলখিলাই হাঁহিলে। ক’লে, ‘বঢ়িয়া উপায় উলিয়ালে দেই! মাৰ্ক, আপোনাৰ লগে লগে মই যাব পাৰিমনে?’

    দলৰ বাকীবোৰৰ দৰেই মেগানৰ দুচকুতো মাৰ্ক যেন এক আদৰ্শ হৈ ধৰা দিছে! প্ৰকৃতিৰ বিষয়ে মাৰ্কৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভাগ পোৱাৰ বাবে তায়ো আগ্ৰহী হৈ পৰিছে, এনে লাগিল তুলিকাৰ।

    কথামতেই সকলোৱে দ্বীপটোৰ উত্তৰ পাৰে কিছু দূৰে দূৰে কিন্তু একেটা শাৰীতে থিয় দিলেগৈ। মাৰ্কৰ কাষত মেগান, তাৰপিছত ডেৰেন, ফিয়না, তুলিকা, টম আৰু লিছা। গালবোৰে তেতিয়াও অস্থিৰ হৈ চিঞৰ-বাখৰ কৰিব লাগিছে৷ মাক-দেউতাকক দেখি পোৱালিবোৰো আতংকিত হৈ উঠিছে৷ মাৰ্কে ইংগিত দিয়াৰ লগে লগে সকলোৱে লাহে লাহে দক্ষিণলৈ খোজ দিবলৈ আৰম্ভ কৰিলে৷ য’তেই বাহ দেখা পালে তাতেই একোটাকৈ পাষ্টা দি গ’ল। লগতে সকলো খুউব সাৱধান হ’ল যাতে ভুলতে বাহত ভৰি নপৰে। তুলিকাৰ দুচকু স্থিৰ হৈ ৰ’ল ভৰিৰ প্ৰতিটো খোজত। ঘাঁহ আৰু জোপোহাৰ মাজে মাজে ইমানবোৰ বাহ! অ’ৰ-ত’ৰ পৰা শুকান বন কঢ়িয়াই আনি মাটিতে সজা কণমানি বাহবোৰ। প্ৰায়বোৰতে দুটা বা তিনিটাকৈ মটিয়া ফুটুকীয়া কণী। বহুতো বাহত ইতিমধ্যে কণী ফুটি পোৱালী জাগিছে। কি হৈছে ধৰিব নোৱাৰি পোৱালীবোৰেও আটাহ পাৰি চিঞৰিছে।

    এঠাইত তুলিকাৰ খোজৰ গতি হঠাৎ ৰৈ গ’ল। এটা বাহত তিনিটা কণীৰ মাজৰটো চোন লৰচৰ কৰি উঠিছে। সেই গতি ইমানেই সুক্ষ্ম যে তাই খুপি খুপি চাই নোযোৱা হ’লে চকুতেই নপৰিলহেঁতেন। তাইৰ চকুৰ সন্মুখতে কণীটোত কণ্‌মানকৈ ফাট মেলিছে৷ ভিতৰৰ পৰা এটা নিমজ সৰু মাত ভাঁহি আহিছে৷ লাহে লাহে ফাটটো ডাঙৰ হৈছে৷ এটা সময়ত চেকুৰাখন খহি পৰিছে আৰু সিক্ত কণমান পাখিৰে সৈতে ওলাই আহিছে এটা অকণমানি গাল! পোৱালিটোৱে মেলোঁ নেমেলোঁকৈ থকা দুচকুৰে মাক-দেউতাকক বিচাৰি টি টি কৈ মাতিছে৷ কি অপূৰ্ব মুহূৰ্ত! তাই অভিভূত হৈ পৰিল৷ পৃথিৱীত শত-সহস্ৰৰ অলক্ষিতে এইমাত্ৰ এটা কণমান জীৱন আৰম্ভ হৈছে৷ এতিয়াৰ পৰা প্ৰতিটো মুহূৰ্ত এই গাল চৰাইটোৱে যুঁজিব জীৱন আৰু মৰণৰ সৈতে৷ প্ৰতিদিনে জোখৰ আহাৰ খাব লাগিব, কত চিকাৰী দাঁতৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব! প্ৰতিদিনৰ অহৰহ সংগ্ৰাম লৈও যে সিহঁতৰ জীয়াই থকাৰ ইমান হাবিয়াস!




    ‘তুলিকা! ৰৈ নিদিবা। আমাৰ লগতে আহি থকা।’ টমে কিছু দূৰৈৰ পৰা ৰিঙিয়ালে। আহ্‌, সিহঁতৰ দলটো যথেষ্ট আগবাঢ়িছে।

    সেই কণমানি গাল পোৱালিটোক মনেৰেই শুভেচ্ছা এটা দি এইবাৰ তুলিকা আকৌ আগবাঢ়িল। প্ৰতিটো খোজ আগতকৈও সাৱধানে দি। দ্বীপটোৰ দক্ষিণ মূৰ পায়গৈ মানে তাইৰ হাতৰ দুশটা পাষ্টাৰ কেইটামানহে বাকী ৰ’লগৈ। বাকীবোৰৰ সৈতে তায়ো ৰৈ যোৱা পাষ্টাৰ হিচাপ দিলে মাৰ্কক। মাৰ্কে গোটেইবোৰ নোটবুকত টোকা কৰি গ’ল।

    ইতিমধ্যে বেলি লহিয়ালে। পিয়ল সামৰি পাৰতে গোটেইবোৰে বহি লৈ ছেণ্ডুইছত কামোৰ মাৰিলে। টমে প্ৰকাণ্ড থাৰ্ম’ফ্লাস্কটো আগবঢ়াই দি সকলোকে ক’লে, ‘কাঢ়া কফি। একেবাৰে মাৰ্কে যেনেকৈ ভাল পায় তেনেকৈ কৰি আনিছোঁ। ল’বা দেই!’

    ‘সেইটোৰে দৰকাৰ হৈ আছিল! দিয়া দিয়া।’ মাৰ্কে তেওঁৰ মাগটো উলিয়ালে। মেগানে নিজৰ কফিকাপত এচুমুক দিয়ে ফিচকাৰি ওলোৱাদি মুখেৰে উলিয়াই দিলে!

    ‘ছ’ৰী, বহুত তিতা!’ তাই মুখখন বিকটাই ক’লে।

    গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। ফিয়নাই ক’লে,

    ‘দেখিলানে মাৰ্ক! তোমাৰ জহতে আমি গোটেইবোৰ কেনেকৈ কেফেইন আসক্ত হৈ পৰিছোঁ। একেবাৰে ক’লা ডাঠকৈ কৰিলে এতিয়া আমাৰ কাৰণে কফিয়ে কাম কৰে।’

    ‘কি কৰিবা! পি এইচ ডি সময়ৰ বেয়া অভ্যাস ৰৈ গ’ল আৰু!’

    মাৰ্কে এইবাৰ কিছু দোষী ভাৱেৰে মেগানলৈ বেলেগকৈ একাপ কফি কৰিলে। নিজৰ ফ্লাস্কৰ গৰম পানী আৰু টমৰ কাঢ়া কফি মিহলাই কেফেইন কমোৱাৰ চেষ্টা কৰি। মেগানে সেয়া হাতত লৈ ক’লে, ‘থেংক ইউ, মাৰ্ক।’

    অন্য কোনেও সেই কফি নিবিচাৰিলে। মাৰ্কেও জানে, সকলোৱে কেৱল জোকাবলৈকে তেনেকৈ কথা শুনায়। নাইবা, আজি বছৰ বছৰ ধৰি মাৰ্কৰ পছন্দৰ কফি খাই খাই দলটোৰ সকলোৱে সঁচাকৈ কেফেইন আসক্ত!

    সেই সন্ধিয়া নেচাৰৰ দলটো লিছা আৰু ডেনিয়েলৰ বায়াৰত লগ হ’ল। এইটো হেনো প্ৰতিবছৰে গাল চৰাইৰ পিয়লৰ লগতে চলি অহা পৰম্পৰা। লিছা আৰু ডেনিয়েলে ঘৰৰ কাষতে আটোমটোকাৰীকৈ সজা পাবটোৰ সেই একেই উমাল আবহাৱা- ঘুৰণীয়া টেবুলখনৰ চাৰিওকাষে আৰামী চকী, দেৱালত নীলা লাইটৰ লানি, একাষে তুলিকাই দিয়া জাপি। একোণত নিচা পৰীক্ষক চকীখন দেখি তুলিকাৰ ঘপকৈ লুক আৰু আছমালৈকো মনত পৰি গ’ল। সেই নিশাটোৰ দৰেই আজিও সকলোৰে হাতে হাতে ডেনিয়েলে ঘৰতে কৰা বীয়েৰৰ পাইণ্ট, স্পীকাৰত আইৰিছ লোকগীত। তুলিকায়ো ডেনিয়েলে বাকি দিয়া পেইল এল বীয়েৰ লৈ একাষে বহিলগৈ। কাষতে থকা লিছাক সুধিলে,

    ‘সকলোকে দেখিছোঁ- কিন্তু মাৰ্ক নাই যে?’

    ‘মাৰ্কে এইমাত্ৰ ফোন কৰিছিল। ঘৰৰ কিবা কাম ওলাল-সেয়ে আজি মিলাব নোৱাৰিব বুলি ক’লে।’

    কৈয়ে লিছা আঁতৰি গ’ল ডেনিয়েলক পাকঘৰৰ পৰা খাদ্য অনাত সহায় কৰিবলৈ। তুলিকাৰ কাষতে বহা ফিয়নাই লাহেকৈ কাষ চাপি ক’লে,

    ‘তুমি গম নোপোৱা কিজানি, তুলিকা! মাৰ্ক আৰু আন্যাৰ হয়তো ডিভৰ্চ হ’ব!’

    তুলিকা চক খাই উঠিল, ‘কি কোৱা!’

    ফিয়নাই কৈ গ’লে কেনেকৈ সেই কথাবোৰ অহুকাণে পহুকাণে ওলাইছে। মাৰ্ক আৰু আন্যাৰ সম্পৰ্কত হেনো ফাঁট মেলিছে। নেচাৰৰ কোনেও মুকলিকৈ সোধা নাই কিন্তু সকলোৱে গম পাইছে মাৰ্কৰ ব্যক্তিগত জীৱনত এজাক ধুমুহা চলি আছে। তুলিকাৰ বুকুখন বিষাই উঠিল মাৰ্কৰ বাবে। সেই শান্ত-সৌম্য মুখখনে সহি-সামৰি ৰখা যন্ত্ৰণাবোৰৰ বাবে।

    এনেতে ডেৰেনে আইপেডৰ স্ক্ৰীণখন সকলোৱে দেখাকৈ দাঙি ধৰিছে। স্পীকাৰত ভাঁহি আহিছে সদ্যঘোষিত প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনৰ মাত। ব্ৰেক্সিট কেম্পেইনৰ নেতা ব’ৰিছে কৈছে, ৩১ অক্টোবৰৰ ভিতৰত ইউৰিপীয়ান ইউনিয়ন ত্যাগ কৰিবই- সন্ধি বা চুক্তি হওক বা নহওক।

    শুনিয়ে সকলোৰে চকুৱ মুখে উৎকণ্ঠা আৰু কিছু বিতৃষ্ণা দেখা দিছে।

    ‘চাবা, ব্ৰিটেইনৰ ট্ৰাম্পে কি কৰিবগৈ এইবাৰ!’ টমে ক’লে। লগে লগে ফিয়নাই উত্তৰ দিলে,

    ‘নাই নাই বৰিছ জনছনক ট্ৰাম্পৰ লগত তুলনা কৰিলেও এইজনতো ট্ৰাম্পৰ দৰে নিৰ্বোধ নহয়৷ অক্সফৰ্ড গ্ৰেজুয়েট৷ ডেভিদ কেমেৰুনৰ লগত পঢ়াৰ দিনতে হেনো দুয়োজনে এসময়ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী হোৱাৰ সপোন দেখিছিল৷ কিন্তু কেমেৰুনে তেওঁক চেৰাই গৈ প্ৰথমে প্ৰধানমন্ত্ৰী হ’লগৈ। বহুতে কয়, ব্ৰেক্সিট কেম্পেইনৰো আঁৰত তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাসনাই লুকাই আছিল৷ কেমেৰুনক আঁতৰোৱাৰ যিকোনো বাট ল’বলৈকে তেওঁ সাজু আছিল। এতিয়া সেই হেঁপাহ পূৰ হোৱাৰ স্ফূৰ্তি চোৱা!’

    এইবাৰ ব’ৰিছ জনছনৰ এটা ইন্টাৰভিউ আৰম্ভ হ’ল৷ সকলোৱে হাতে হাতে বীয়েৰ লৈ আইপেডটোৰ চাৰিওফালে থিয় দিলেগৈ। সাংবাদিকৰ এটা সাধাৰণ প্ৰশ্ন - আজৰি পৰত কি কৰি ভাল পায়? তাৰে উত্তৰ দিবলৈ গৈ ব’ৰিছে দীঘলীয়া অৱতাৰণা জুৰিছে- মই আজৰি পৰত বাছৰ পুতলা সাজি ৰং কৰি ভাল পাওঁ। সেই পুতলা বাছৰ প্ৰতিটো অংশ কেনেকৈ যোৱা দিয়ে, কেনেকৈ কি ৰং দিয়ে তাৰ বিস্তৃত বিৱৰণ দিছে ব’ৰিছে৷ সাংবাদিক গৰাকীয়ে অন্য প্ৰশ্নলৈ যাব খোজা দেখিও আওকান কৰি ব’ৰিছে নিজৰ বাছৰ আকাৰ, ৰং আদি বৰ্ণোৱাত ব্যতিব্যস্ত হৈ পৰিছে।

    ‘আঁ! কি যে সাংঘাতিক চলনা!’ বিৰক্তিৰে আইপেডটো বন্ধ কৰি ডেৰেনে ক’লে।

    ‘মানে?’ তুলিকাৰ যেন এতিয়াও জানিবলৈ বহুত বাকী- এই দেশৰ ৰাজনীতি আৰু সংকটকালৰ বুজ ল’বলৈ বাকী!

    ‘মানে আৰু কি! ব’ৰিছৰ এইবোৰ সকলো চলনা! এনেয়ে বাৰেবিংকৰা কথা কৈ থকা নাই বুজিছা। মই ডাঠি ক’ব পাৰোঁ, ব’ৰিছে ভাৱি-চিন্তিয়ে এইবোৰ কথা কৈছে। যাতে গুগুলত মানুহে ব’ৰিছ জনছনৰ বাছ বুলি বিচাৰিলে তেওঁ ব্ৰেক্সিটৰ বাবে মিছাৰ আশ্ৰয় লৈ বৰ বৰ হৰফেৰে লিখা থকা বাছখন নোলাই এই ভি ডি অ’টো ওলায়৷’

    ‘টুং টুং টুং…’

    বীয়েৰৰ গ্লাছত চামুচৰ ঘৰ্ষণৰ শব্দত সকলোৰে কথা-বতৰা ৰৈ গ’ল। ডেনিয়েলে বায়াৰৰ ওখ কাউণ্টাৰতে আঁউজি সভাৰ বক্তাৰ দৰে থিয় দিছে। সকলোৱে চোৱাত সি লাহেকৈ লিছাক কঁকালত ধৰি কাষ চপাই আনিলে। তাৰপিছত হাঁহি হাঁহি ক’লে,

    ‘ব্ৰেক্টিট মানেইতো জীৱন ৰৈ নাযায়, নহয় জানো? আজি তোমালোকক ক’বলৈ আমাৰ জীৱনৰ এটা বিশেষ খৱৰ আছে!’ সি লিছালৈ চালে। লিছাৰ দুচকুত সুখ আৰু সপোনৰ চিকমিকনি। এইবাৰ তাই ক’লে,

    ‘আমাৰ বিয়াৰ দিন ঠিক হৈছে!’

    লগে লগেই বায়াৰত কেইবাটাও সুহুৰি বাজি উঠিল। মুহূৰ্ততে পৰিৱেশটো সলনি হৈ পৰিল।

    ‘ইমান ভাল খৱৰ! অভিনন্দন লিছা! অভিনন্দন ডেনিয়েল।’

    উথপথপকৈ সকলোৱে শুভেচ্ছা জনালে। ইজনৰ পিছত সিজন গৈ লিছা আৰু ডেনিয়েলক সাৱটি ধৰিলেগৈ।

    ‘ডিচেম্বৰৰ বিছ তাৰিখ। বৰদিনৰ আগে আগে বিয়া। সকলোৱে তাৰিখটো এতিয়াই কেলেণ্ডাৰত লিখি ৰাখিবা দেই!’ ডেনিয়েলে ক’লে।

    ‘ক্লাছিক খ্ৰীষ্টমাছ বিয়া! মজা লাগিব।’ ফিয়নাই জপিয়াই উঠিব খুজিলে! ‘তোমালোকৰ কেথ’লিক-প্ৰটেষ্টাণ্ট পৰিয়ালৰ মাজত বিয়াৰ ঠাই কেনেকৈ ঠিক কৰিলা?’

    ‘জানা নহয়, সেইটো কথাই ইমান দিন খেলিমেলি লগাই আছিল! কেথ’লিক গীৰ্জাত পাতিলে ডেনিয়েলৰ প্ৰটে’ষ্টাণ্ট পৰিয়াল নাহে আৰু প্ৰ’টেষ্টাণ্ট গীৰ্জাৰ বিয়ালৈ মোৰ কেথ’লিক পৰিয়াল নাযায়। সিদিনা চ’নেই বায়াৰত বীয়েৰৰ সোৱাদ লৈ থাকোঁতে ক’লে, আমিচোন গীৰ্জাৰ সলনি এই বায়াৰতে বিয়াখন পাতিব পাৰোঁ! আহল-বহল চোতালতে গোটেইবোৰ মানুহ বহাৰো ব্যৱস্থা কৰিব পাৰোঁ- বচ ওলায় গ’ল উপায়!’ লিছাই ককায়েক চ’নলৈ দেখুৱাই ক’লে। ফিয়নাই একেকোবে গৈ তাক সাৱট ধৰিলেগৈ, ‘তোমাৰ আইডিয়া সাংঘাতিক!’ চ’নে মৰমেৰে তাইৰ ওঁঠজুৰিত চুমা এটা আঁকি দিলে।

    সিদিনা বায়াৰত পুৱতি নিশালৈকে নাচ-গান-বীয়েৰ চলিল। লিছা আৰু ডেনিয়েলৰ বিয়াখনকলৈ নানা জল্পনা-কল্পনা চলিল। পিছদিনা পুৱাও অফিচত সেইটোৱে আলোচনাৰ মূল বিষয় হৈ ৰ’ল। মাৰ্ক আগবেলা মিটিঙত ব্যস্ত আছিল। তেওঁ বৰ্ডৰুমৰ পৰা ওলোৱাৰ লগে লগে ফিয়নাই মাত দিলে,

    ‘ভাল খৱৰটো পালানে মাৰ্ক?’

    ‘কি খৱৰ? মাৰ্কৰ কোঁচখোৱা কপালৰ গাঁঠি কিছু মুকলি হ’ল।

    ‘তুমিয়ে কোৱা লিছা৷ তোমাৰ মুখৰ পৰাহে পাব লাগে।’ মাৰ্কে এইবাৰ লিছালৈ চালে।

    ‘আমাৰ বিয়াৰ তাৰিখ ঠিক হৈছে, মাৰ্ক। ডিচেম্বৰৰ বিছ তাৰিখে।’ লিছাৰ দুচকুত তেতিয়াও একেই জিকমিকনি।

    মাৰ্কে আন্তৰিকতাৰে অভিনন্দন জনালেহি৷ লিছাক তেওঁ আজি বাৰ বছৰ ধৰি পাই আহিছে৷ স্কুলত পঢ়ি থকাৰ সময়ৰ পৰাই তাই নেচাৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল। এটা সময়ত মাৰ্কৰ উপদেশ মতেই নেচাৰত চাকৰিৰ আবেদন কৰি আজি ৱাৰ্ডেন হৈছেহি। এই লিছা তেওঁৰ আপোন পৰিয়ালৰ দৰেই।

    খা-খৱৰ লৈ নিজৰ ডেস্কত বহি মাৰ্কে মনতে ঠিক কৰিলে, আজি নকয় তেওঁ। অতদিনৰ খেলিমেলিৰ পিছত লিছা আৰু ডেনিয়েলৰ বিয়াৰ দিন ঠিক হৈছে। আজিৰ দিনটো সিহঁতৰ দিন -মনৰ হেঁপাহেৰে এই সময়খিনি সিহঁতে উপভোগ কৰক। আজিৰ দিনটোত অন্তত: ক’ব নোৱাৰে আপোন পৰিয়াল যেন হৈ পৰা নেচাৰৰ এই দলটোলৈ এজাক কালধুমুহা অহাৰ বাতৰি তেওঁ পাইছে। সেই ধুমুহাত সকলো তছ নছ হৈ যোৱাৰ ভয়ে তেওঁক বেঁৰা মাৰি ধৰিছে। নেচাৰৰ ভাৱিষ্যত যেন অনিশ্চয়তাৰ গৰাহত ডুব গৈছে। সেই উৎকণ্ঠাই সিদিনা ৰাতি মাৰ্কক চকুৰ টিপকে মাৰিবলৈ নিদিলে।


    পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • Sunday, 4 February 2024

    ফাৰমানা (ষষ্ঠদশ খণ্ড)

    আজি এসপ্তাহ হৈ গ’ল। বিদ্যুতৰ মিছড কলে তুলিকাৰ বৰ্তমানৰ পৃথিৱীৰ ছন্দত জোঁট-পোঁট লগাই দিয়াৰ। প্ৰতিদিনেই তাই আয়াৰলেণ্ড চৰকাৰৰ পৰিৱেশ সাপেক্ষ কৃষি আঁচনিৰ কামত দৌৰি ফুৰিছে। পথাৰবোৰ জৰীপ কৰিছে, খেতিয়কৰ ঘৰে ঘৰে গৈ আঁচনিৰ কথা বুজাইছে, পৰিকল্পনাত কি কি সোমাব আলোচনা কৰিছে। মুঠতে মাৰ্কে আগতে সকীয়াই থোৱাৰ দৰেই এই সপ্তাহটোত তাইৰ বাবে সময় পাখি লগা ঘোঁৰা হৈ পৰিছে। তথাপিও--- তথাপিও সুৰুঙা পালেই তাইৰ দুচকুত বিদ্যুতৰ মুখখন বাৰে বাৰে ভাঁহি উঠিছে, ঘনে ঘনে মন উৰা মাৰিছে অতীতৰ বুকুলৈ। যেন অতীত-বৰ্তমান একাকাৰ হৈ পৰিছে। যেন কুণ্ডলী পকাই পকাই সময় ৰৈ গৈছে একেটা বিন্দুতে।

    ‘কেনেকৈ?’ মিচেলৰ প্ৰশ্নটোৰ উত্তৰ লগে লগে দিব নোৱাৰিলে তুলিকাই।

    বিদ্যুতৰ সলনি তাইৰ মনত ভাঁহি উঠিল দেউতাকৰ ছৱিখন। তাই চোফাখনতে লৰচৰ কৰি উঠিল। বাওঁভৰিৰ ওপৰত সোঁভৰিখন উঠাই অলপ একতীয়াকৈ বহিল। দুবাহুও যেন ভৰি দুখনৰ দৰেই চাপি-কুঁচি আহিব খুজিলে। কেৰেলুৱা এডালৰ দৰে তাইৰ শৰীৰটো মেৰ খাই গোল হৈ পৰিব বিচাৰিলে। পূৰ্ণ দৃষ্টিৰে তাইলৈ চাই ৰ’ল থেৰাপিষ্ট মিচেলে। যেন সদায়ৰ দৰে তাইৰ আত্মাৰ অতল গভীৰতালৈ জুমি চাই জানিব খুজিলে বহু নিভৃত কথা। শব্দৰ মাপকাঠিৰে বুজাব নোৱাৰা অনুভৱৰ ভাষা।

    তুলিকাই তেওঁক লৈ গ’ল শৈশৱৰ শিৱসাগৰলৈ। চেঁচুকীয়া পিছচোতালৰ ভেকুলীৰ টোৰটোৰণি, জিলিৰ মাতে সেমেকাই থোৱা ৰাতিবোৰলৈ। বহু যুগ পাৰ হৈ গৈছে- অথচ এতিয়াও যেন ৰিং এটা মাৰিলেই পঞ্চইন্দ্ৰিয়ত ধৰা দিয়েহি সেই দৃশ্য, গোন্ধ আৰু শব্দ। মাজৰাতি ধলং পলংকৈ আহি পিছদুৱাৰত ধমধমোৱা দেউতাকৰ মুখত মদৰ গোন্ধ, কাষৰ কোঠাৰ পৰা ভাঁহি অহা মাকৰ চেপা কান্ধোনৰ শব্দ, পিছদিনা পুৱাই মাকে মুখত সানি লোৱা ডাঠ প্ৰসাধনৰ দৃশ্য! তেনে ৰাতিবোৰৰ শেষত সদায়ে যেন এক বৈপৰীত্যই সিহঁতক আদৰিবলৈ ৰৈ থাকে। মদৰ নিচা ফটা দেউতাক হৈ পৰে মৰম আৰু আদৰৰ এক জীৱন্ত প্ৰতিমূৰ্ত্তি। দিনৰ দিনটো দেউতাকে আতৌ-পিতৌকৈ মাকৰ সকলো কামতে হাত বাটি দিয়ে। তুলিকা আৰু ভায়েক হীৰু সৈতে খেলাঘৰত উমলে। আবেলি বজাৰলৈ গৈ পাটি চাইকেলৰ আগত ওলমাই আনে- মাকলৈ এখন বুটা-বছা চাদৰ, তুলিকা আৰু হীৰুলৈ খেলনা আৰু ভজা বাদাম। মাক যেন পলকতে ভোল যায়- সন্ধিয়া গুণগুণাই গুণগুণাই পাকঘৰত তিল দিয়া মূৰ্গীৰ মাংস ৰান্ধে। দেউতাকে কাষতে বহি লৈ কথা আৰু হাঁহিৰ পাগ তোলে।

    কিন্তু তুলিকা আৰু হীৰুৰ বাবে কথাবোৰ যেন ইমান সহজ নাছিল। সহজ নাছিল মাজৰাতিৰ দু:স্বপ্নবোৰ পাহৰি দুপৰৰ ৰ’দজাকৰ উম লোৱা। প্ৰসাধনৰ ডাঠ প্ৰলেপে ঢাকি ৰখা মাকৰ শৰীৰৰ দাগবোৰ আৰু মনৰ বেদনাবোৰ দেখিও নেদেখা হোৱা। বুজা হোৱাৰে পৰা সেই ছৱিখনৰ দুয়োটা ফালেই যেন সিহঁতৰ বৰ চিনাকি হৈ গৈছিল। দুয়ো খুউব ভালদৰে জানিছিল, যেনেকৈ আহে তেনেকৈয়ে সেই ক্ষন্তেকীয়া সুখৰ ঢৌ কেনিবা হেৰাই যাব। এসপ্তাহ-দহদিনৰ পিছতে তাৰ ঠাই ল’ব মাতাল দেউতাকৰ উপদ্ৰৱ আৰু মাকৰ চেপা কান্ধোনে। দিনৰ পিছত দিন, মাহৰ পিছত মাহ চলি থকা এই আৱৰ্ত্তনে ভাল সময়ৰ প্ৰতিও দুয়োকে সন্দিহান কৰি তুলিছিল কিজানি!

    ‘মাৰ সৈতে এই কথাবোৰ কেতিয়াবা পাতিছিলানে?’

    ‘পাতিছিলোঁ। বেলেগ বেলেগ সময়ত সুযোগ পালে দুই এবাৰ উলিয়াইছিলোঁ। প্ৰতিবাৰেই মাই কয়, দেউতাৰ অন্তৰখন বৰ কোমল। মদেহে মানুহজনক তেনেকুৱা কৰি পেলায়।’

    তুলিকাৰ ভাৱ হৈছিল যেন দেউতাকৰ দৰেই মাকো নিচাসক্ত হৈ পৰিছিল। সুখ আৰু যন্ত্ৰণাৰ সেই অবিৰাম পাকচক্ৰৰ মায়াত বন্দী হৈ পৰিছিল। জীৱনত তাৰ বিকল্প কিবা থাকিব পাৰে বুলি যেন ভাৱিবই নোৱাৰা হৈ গৈছিল। হয়তো পৰিস্থিতিয়ে বাধ্য কৰিছিল, হয়তো সাংসাৰিক দায়বদ্ধতাই মাকৰ বাবে অন্য কোনো বাট খুলি ৰখা নাছিল। তেতিয়াও, এতিয়াও!

    ‘তুলিকা, বিদ্যুতৰ লগতো তোমাৰ এনে হৈছিল নেকি?’ মিচেলে পুনৰ সুধিলে। লগে লগে যেন তুলিকা সচকিত হৈ উঠিল, ‘নাই নাই, বিদ্যুতে কেতিয়াও মোৰ গাত হাত উঠোৱা নাই। সি তেনে হ’বই নোৱাৰে!’

    পিছে এখন্তেক ৰৈ তাই অলপ সংকোচেৰে কৈ পেলালে, ‘ঠিক একে নহয়। কিন্তু সেই অনুভৱটোৰ যেন কিবা এটা মিল!’

    ‘কি অনুভৱ?’

    ‘এই যে সুখৰ মুহূৰ্তবোৰৰ ওপৰত থকা সন্দেহটো। ভাল লগা সময়বোৰৰ আঁৰতে যন্ত্ৰণা লুকাই পৰ দি থকাৰ অনুভৱটো যেন একেই থাকিল! বৰ অস্বস্তিকৰ সেই উৎকণ্ঠা। কণীৰ খোলাৰ ওপৰত অহৰহ খোজ দি থকা মানুহৰ মনৰ সেই ভয়টো। কেতিয়া ভৰিৰ তলৰ মাটিকণত ফাঁট মেলে যেন ঠিক নাই। গোটেই জীৱন যেন মই তেনেকৈয়ে ভয়ে ভয়ে খোজ দি আছোঁ!’

    ‘ভালকৈ কোৱাচোন। বিয়াৰ পিছৰে পৰা এনে অনুভৱ হৈছিল তোমাৰ?’

    ‘নহয়। বিয়াৰ পিছৰ প্ৰথম ছমাহ একোৱে স্পৰ্শ কৰিব নোৱাৰাকৈ উটি-ভাঁহি আছিলোঁ যেন। লণ্ডনৰ নতুন জীৱন, বিদ্যুতৰ সৈতে সংসাৰ সকলো মিলি এটা ধুনীয়া সপোন দেখি থকাৰ দৰে ভাৱ হৈছিল। ইমান মৰম, ইমান আদৰ- যেন থ’বলৈকে ঠাই নোহোৱা হৈছিল।’

    ‘তেনে কথাবোৰ কেতিয়াৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰিলে?’ মিচেলে সুধিলে।

    তুলিকাই অলপকৈ হাঁহিলে। সাধাৰণতে মিচেলৰ প্ৰায়বোৰ প্ৰশ্নৰে উত্তৰ বিচাৰি তাই হাবাথুৰি খায়। হয়তো জীৱনৰ বাটত দৌৰি থাকোঁতে থাকোঁতে কেতিয়াও থমকি ৰৈ নিজলৈ চাই পোৱা নাই। এই প্ৰশ্নবোৰ কেতিয়াও নিজকে সুধি পোৱা নাই। কিন্তু এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ তাই অকণো ভাৱিব লগা নহ’ল। দিনৰ পোহৰৰ দৰে ফটফটীয়াকৈ তাইৰ সেই মুহূৰ্তটো মনত আছে। সেইদিনা শনিবাৰ আছিল। বিদ্যুতৰ অফিচ নাই। পুৱাতে সিহঁত চেণ্ট্ৰেল লণ্ডনলৈ ওলাই আহিছিল। টেম্‌ছ নদীৰ পাৰতে লণ্ডন আই আৰু সিপাৰৰ আকাশচুম্বী অট্টালিকাবোৰ চাই চাই সিহঁত কেফে নিৰ’ত বহিছিল। বিদ্যুতৰ প্ৰিয় কেফে। বগা প’ল’ চাৰ্ট আৰু ক’লা ফ’ লেডাৰ জেকেটটোৰে তাক কি যে সাংঘাতিক ধুনীয়া দেখাইছিল! অন্যদিনাৰ দৰেই সেই পুৱাও তুলিকা কিজানি ধুনীয়া সপোনটোৰ মাজতে ডুবি আছিল।



    ‘হুৱাট দ্য হ্যেল!’ বিদ্যুতৰ চিৎকাৰে তাইক হঠাৎ চক খুৱাই দিলে।

    ‘ছ’ৰী। আই এম ছ’ ছ’ৰী!’ কমলা এপ্ৰ’ন পিন্ধা ৱেইটাৰজনে লগে লগে কৈ উঠিল। কণ কণকৈ দাড়ি ওলাবলৈ আৰম্ভ কৰা সেই কোমলমতীয়া মুখত তীব্ৰ অপৰাধবোধ। বিদ্যুতৰ জেকেটৰ পৰা কফিৰ ছিটিকনি ইতিমধ্যে বগা চাৰ্টৰ বুটাম পাইছেগৈ।

    বিদ্যুৎ চকীৰ পৰা জাপ মাৰি উঠিল। তাৰ মুখখনত যেন দেহৰ সমস্ত তেজ গোট খালেহি। ৱেইটাৰ গৰাকীয়ে আগবঢ়াই দিয়া টিছ্যু পেপাৰখন সি দলিয়াই পেলালে। তাৰ মুখেৰে উফৰি আহিল অশ্ৰাব্য ইংৰাজী গালি!

    ঘটনাৰ আকস্মিকতাত বেছ কিছুপৰলৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল তুলিকা! কিন্তু নিজকে চম্ভালি তাই তাৰ সোঁহাতখনত ধৰি টান মাৰি ক’লে, ‘বিদ্যুৎ!! কি কৈছা এইবোৰ! শান্ত হোৱাচোন!’

    ‘তুমি চুপ থাকা!’ হাতখন জোৰেৰে এৰুৱাই সি এইবাৰ তাইক ধমক দি উঠিল। একেই সুৰেৰে, একেই বিতৃষ্ণাৰে।

    তুলিকা থৰ হৈ গ’ল। কি হৈছে বিদ্যুতৰ? ইমান অচিনাকি এই বিদ্যুৎ! এই সুৰ- এই ভাষা!

    উভতাৰ বাটত সিদিনা সিহঁতৰ মাজত এটাও শব্দৰ বিনিময় নহ’ল। ঘৰ পায়গৈ মানে বিদ্যুৎ শান্ত হৈছিল। কিন্তু বহুপৰলৈ তুলিকা একেদৰেই মৌন হৈ ৰ’ল। নিশা সদায়ৰ দৰে তাইক দুবাহুলৈ টানি আনিব খোজোতে তাই খপ্‌জপ্‌কৈ বিছনাতে উঠি বহিল। তাৰ ফালে চাই লাহেকৈ ক’লে,

    ‘আজি কিয় তেনে কৰিলা বিদ্যুৎ? ইমান সৰু কথাটোতে তেনেকৈ খং খালা কিয়?’

    বিদ্যুতে আকুল হৈ ক’লে, ‘বেয়া নাপাবা তুলিকা। গোটেই সপ্তাহটো অফিচৰ কাম আৰু চিন্তাই জেওৰা খৰি চেপাদি চেপে। শনিবাৰটোত তোমাৰ লগত অকণমান ভালকৈ সময় কটাওঁ বুলি ওলাই গৈছিলোঁ- তাতো সেইবোৰ কেনা লাগিল। সেইটোতে ঘপকৈ খং উঠি আহিল নেকি! তোমাকো মিছাতে টান মাতেৰে কথা ক’লোঁ। কথা দিছোঁ তোমাক- তেনে ব্যৱহাৰ আৰু কেতিয়াও নকৰোঁ।’

    তাৰ মাতষাৰে মমৰ দৰে গলাই পেলাইছিল তুলিকাক। এবুকু মমতাৰে তাই বিদ্যুতক আকোঁৱালি লৈছিল। ইমান কামৰ মাজতো তাইৰ সকলো কথাৰে খেয়াল ৰখা বিদ্যুতৰ বাবে জুৰণীয়া ছাঁ হোৱাৰ হেঁপাহ হৈছিল তাইৰ। সেইদিনাৰ পৰা তাৰে চেষ্টাত অহৰহ লাগি পৰিছিল তুলিকা। কিন্তু তাইৰ খেয়ালেই নহ’ল কেতিয়ানো ধুনীয়া সপোনটোৰ শেষ হৈ বাস্তৱ আৰম্ভ হ’ল, তাৰপিছত কিমানবাৰ তেনেকৈ কথা দি বিদ্যুতে কথা নৰখা হ’ল!

    সেই যে আৰম্ভ হ’ল, তাৰপিছৰ পৰা লাহে লাহে বিদ্যুতৰ খঙৰ কাৰণবোৰ বাঢ়ি গৈ থাকিল- তাৰ লগে লগে খঙৰ মাত্ৰাও। প্ৰায়ে সিহঁতে ক’ৰবালৈ যাব খুজিলে, কিবা এটা একেলগে কৰিব খুজিলে কিবা নহয় কিবা কথাত বিদ্যুৎ অধৈৰ্য্য হৈ পৰে৷ বিৰক্তিত ক’লা পৰি যায় তাৰ মুখ! ওচৰে-পাজৰে তাই থাকক বা অচিনাকি কোনোবা, তাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। তুলিকাই বৰ সাবধানে চলিবলৈ আৰু ভাৱি চিন্তি কথা ক’বলৈ আৰম্ভ কৰে৷ প্ৰতিবাৰেই- প্ৰতিবাৰে খঙৰ ভমক কমিলে সি তুলিকাৰ কাষলৈ আহি মৰম আকলুৱা মাতেৰে ক্ষমা খোজেহি। প্ৰায়ে নিজকে দোষ দি ফেঁকুৰি ফেঁকুৰি কান্দি পেলায়। আৰু প্ৰতিবাৰেই তুলিকা গলি পৰা মমবাতিডাল হৈ পৰে।

    ‘ময়ো মাৰ দৰে হৈ পৰিছিলোঁ নেকি!’ তুলিকাই স্বগতোক্তি কৰাৰ দৰে ক’লে।

    ‘সেয়া একেবাৰেই স্বাভাৱিক কথা তুলিকা। সৰুৰে পৰা মা-দেউতাক তেনেদৰে দেখি আহিছা। সম্পৰ্কৰ সেই গতি, সেই আৱৰ্ত্তন বহুত চিনাকি তোমাৰ বাবে।’ মিচেলৰ মাতত অযুত সহানুভূতি।

    ‘কিন্তু মই হ’ব নোখোজো! অন্তত: এইবাৰ নহওঁ।’ তাই এইবাৰ দৃঢ়তাৰে ক’লে, ‘সেইকাৰণেই বিদ্যুতৰ ফোন ৰিচিভ কৰা নাই, মেচেজৰ উত্তৰ দিয়া নাই। সি বাৰে বাৰে ভুল কৰি ক্ষমা খুজিলেই মোৰ যন্ত্ৰণাবোৰ নোহোৱা হৈ নাযায়, হৃদয়ৰ ঘাঁবোৰ শুকাই নাযায়! সেই একেই পাকচক্ৰত বন্দী হৈ মই নিজকে বাৰে বাৰে দুখ পাই থাকিবলৈ দিব নোৱাৰোঁ!’

    মিচেল কিছুপৰ নীৰৱ হৈ ৰ’ল। তুলিকাই টিছ্যুপেপাৰ এখন লৈ দুচকুৰ কোণ দুটা মোহাৰিলে। মিচেলে অলপকৈ হাঁহি এইবাৰ ক’লে, ‘এটা কথা মন কৰিছানে?’

    তুলিকাই একো নকৈ মাথোঁ এটা প্ৰশ্নবোধক দৃষ্টিৰে তেওঁলৈ চালে।

    ‘আজি তিনিমাহ ধৰি তুমি মোৰ ওচৰলৈ আহি আছা তুলিকা। আজিহে প্ৰথমবাৰৰ কাৰণে নিজৰ সুখ-দুখৰ ভাৰ নিজে তুলি লৈছা। প্ৰথমবাৰৰ বাবে মুখ ফুটাই কৈছা তুমি নিজকে তেনেকৈ বাৰে বাৰে দুখ পাবলৈ এৰি দিব নোৱাৰা বুলি।’

    তুলিকাৰ মুখতো হাঁহি বিৰিঙিল এইবাৰ। ঠিকেই, অতদিনে যেন তাই কেৱল বিদ্যুতে কি কৰিছে, কি নকৰিছে, কিয় কৰিছে তাকে ভাৱি ভাৱি হাহাঁকাৰ কৰি ফুৰিছে। এতিয়াহে যেন সেই সকলো কোলাহল দেও দি নিজলৈ এবাৰ চাবলৈ চেষ্টা কৰিছে। তাই কি কৰিছে বা কিয় কৰিছে সেয়া নিজকে সুধি চাইছে।

    ‘সেইটো ডাঙৰ কথা তুলিকা। অন্যৰ ওপৰত আমাৰ একো নিয়ন্ত্ৰণ নাই- আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছোঁ কেৱল আমি নিজে। তুমি যদি জীৱনত কিবা পৰিৱৰ্ত্তন আনিব খোজা সেয়া কেৱল তুমি নিজেহে কৰিব পাৰিবা- অন্য কোনোৱে নহয়। নহয় জানো?’

    তুলিকাই মূৰ দুপিয়ালে। মিচেলে কোলাৰ নোটবুকখন লাহেকৈ জপালে। ঘড়ী নোচোৱাকৈয়ে তুলিকাই বুজিলে এঘণ্টা পাৰ হৈছে।

    ‘এতিয়া কোৱাচোন, আজি নিজৰ কাৰণে কি কৰিবা?’

    তুলিকাই হাঁহিলে। এইটো যেন এটা খেলাৰ দৰে হৈ পৰিছে। প্ৰতিটো ছেছ্যনৰ শেষতে মিচেলে এই প্ৰশ্ন কৰে। প্ৰতিবাৰে এটা নতুন উত্তৰ বিচাৰে তেওঁ। আজিও অন্যদিনাৰ দৰেই তুলিকাই ভাৱিবলৈ লাগিল। নিজৰ কাৰণে ভাল লগা কি কৰিব পাৰে তাই? আৰ্ণ নৈৰ পাৰে পাৰে দৌৰিবলৈ যাব? মিনিকুপাৰত ফুল ভলিউমত ভূপেন হাজৰিকাৰ গান শুনি শুনি ঘৰলৈ উভতিব? আছমা বা লুকৰ লগত কথা পাতিব? নাই, সেই সকলোবোৰতো ইতিমধ্যেই কোৱা হৈ গৈছে!

    ‘আই ৱিল ড্যু নাথিং ট্যুডে- আজি মই একোৱে নকৰোঁ!’ তাই হাঁহি এটা মাৰি ক’লে, ‘এই গোটেই সপ্তাহটো অফিচৰ কামৰ ঘুৰ্মুটিয়াই ফুৰিলোঁ। এনেয়েও মই নিজেই ইটো সিটো কাম উলিয়াই সদায় ব্যস্ত হৈ থাকোঁ। তেনে ব্যতিব্যস্ত দিনবোৰৰ পৰা আজি এটা বিৰতি ল’ম। একোৱেই নকৰোঁ! কূটা এগছো নদঙাকৈ দিনটো কটাম।’

    ‘বঢ়িয়া।’ মিচেলৰ হাঁহিটো বহল হৈ পৰিল। তুলিকাৰো।

    তুলিকাই প্ৰথমবাৰৰ বাবে কেৱল নিজৰ বাবে উলিয়াই লোৱা সেই দিনটোতে ফাৰমানাৰ এটা কোণত মাৰ্কৰ পৃথিৱীখনো চিৰদিনৰ বাবে ৰূপ সলালে। লণ্ডনৰ আমডালি লগোৱা দুৱাৰ এখনত ছমাহৰ মূৰত আছমাৰ মুখামুখি হ’ল বিদ্যুৎ। আৰু সেই একেটা দিনতে শিৱসাগৰৰ চিৰপৰিচিত সেই পিছচোতালৰ দুৱাৰত ধম্‌ধমনি থমকি ৰ’ল। প্ৰথমবাৰৰ বাবে তুলিকাৰ মাকৰ মুখেৰে কান্দোনৰ সলনি ওলাল এটা বিদ্ৰোহী মাত,

    ‘নোখোলো দুৱাৰ! য’লৈ যায় যাওক আজি!!’

    পূৰ্বৰ খণ্ডসমূহ: