অফিচলৈ সোমায়ে তুলিকাৰ চকুত পৰিল, আজি গোটেইবোৰ ন বজাতে আহি অফিচ পাইছেহি। গোটেইবোৰ মানে সিহঁতৰ উপৰিও সাধাৰণতে ফিল্ডতে বেছি সময় কটোৱা ডেৰেন, টম আৰু পিটাৰো আছেহি। তাই দুৱাৰ খুলি সোমোৱাৰ লগে লগে টমে উত্তেজিতভাৱে চিঞৰি উঠিল,
‘খৱৰটো পালানে তুলিকা?’ তাইৰ মুখৰ অভিব্যক্তি দেখি তেওঁৰ লগতে সকলোৱে বুজিলে, নাই, তুলিকাই একো গমকে নাপায়। টম বা অফিচৰ কোনোৱে হয়তো কল্পনাই কৰিব নোৱাৰিলে, কি এক মানসিক অৱস্থা লৈ তাই আজি অফিচত ভৰি দিছেহি। কালি নিশাটোৰ ভিতৰতে তাই নিবিচৰাকৈয়ে যে অতীতে পুনৰ ধৰা দিছেহি এই বৰ্তমানত! সেই সকলো অস্থিৰতা লুকুৱাবলৈ চেষ্টা কৰি তুলিকাই সুধিলে,
‘কি খৱৰ কওকচোন?’
টমে একেই উদ্যমেৰে কৈ উঠিল, ‘মাৰ্কৰ চাকৰি ইয়াতে খাটাং হ’ল! আজি পুৱাই খৱৰ আহিছে। সেয়ে আমি সকলো ঢপলিয়াই আহি অফিচ পাইছোঁহি!’
সেয়া শুনিয়ে তুলিকাৰ মনৰ সকলো অৱসাদ-যন্ত্ৰণা আঁতৰি যোৱা যেন ভাৱ হ’ল! সাংঘাতিক এক স্বস্তি আৰু সন্তুষ্টিয়ে ভৰ কৰিলেহি তাইৰ হৃদয়ত।
‘কি সঁচাই? ইমান ভাল খৱৰ!!’
আজি প্ৰথমবাৰৰ বাবে তাই মাৰ্কক কৰমৰ্দন নকৰি পোনেই সাৱটি ধৰিলেগৈ, ‘অভিনন্দন মাৰ্ক। মোৰ যে কিমান ভাল লাগিছে বুজাই ক’ব নোৱাৰোঁ।’
মাৰ্কে তেওঁৰ স্বভাৱসুলভ মিঠা হাঁহিটোৰে তাইকো আকোঁৱালি ল’লে। তাৰপিছত ক’লে,
‘বৰ সকাহ পাইছোঁ, বুজিছা! নিজকে ভাগ্যৱান যেন লাগিছে- মনে-প্ৰাণে ভালপোৱা ঠাই এখনত ভাল লগা কামবোৰ কৰি থাকিব পাৰিছোঁ। তাকো সেয়া কৰাৰ সুযোগ পাইছোঁ ভালপোৱা মানুহ এখিনিৰ লগত একেলগে। আৰু কি লাগিছে কোৱাচোন!’
‘ভাল পোৱা বা নোপোৱা আমি তোমাক নেৰিছোঁ দেই, মাৰ্ক। আমাৰ দলৰ গুৰি বঠা তোমাৰ দৰে অন্য কোনেও ধৰিব নোৱাৰে! এতিয়া গোটেই জীৱন আমাক সকলোকে সহ্য কৰি থাকিবলৈ সাজু হোৱা।’ ফিয়নাই নাটকীয় ভংগীৰে কোৱা কথাষাৰত সকলোৱে হাঁহি পেলালে।
কিন্তু ভিতৰি যেন সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে। এই খৱৰটো যেন কেৱল মাৰ্কৰ বাবেই নহয় গোটেই দলটোৰ বাবেই দিকনিৰ্দেশক যেন হৈ পৰিছিল! নেচাৰৰ পুনৰ্সংগঠনৰ ধুমুহাজাক যেন আজিহে থামিল- সকলোৰে তেনে ভাৱ হ’ল। দলটোৰ দৰেই তুলিকাৰ বাবেও মাৰ্ক কেৱল সিহঁতৰ দলপতিয়ে নহয়, সঁচা অৰ্থত তেওঁ পথনিৰ্দেশক। এই অজান্তি মুলুকত প্ৰথম ভৰি থোৱাৰ দিনাৰে পৰা কৰ্মক্ষেত্ৰৰ প্ৰতিটো খোজতে তেওঁ তুলিকাক হাতত ধৰি শিকাইছে, ইয়াৰ প্ৰকৃতি আৰু মানুহৰ বিষয়ে মাৰ্কৰ পৰাই তাই বহু নতুন কথা জানিছে। জটিল পৰিস্থিতিতো কেনেকৈ এই দল আৰু দলীয় আদৰ্শৰ ধাৰা আগবঢ়াই নিব পাৰি, অগাধ জ্ঞান আৰু অভিজ্ঞতা লৈও কেনেকৈ মাটিৰ মানুহ হৈ থাকিব পাৰি তাৰ যেন আজীৱন দৃষ্টান্ত এই মাৰ্ক! বিছবছৰৰ আগৰ ট্ৰাবলছৰ ভয়াবহ দিনবোৰত যেনেকৈ স্থিতপ্ৰজ্ঞ হৈ ফাৰমানাৰ প্ৰকৃতিৰ বাবে কাম কৰি গৈছিল, তেনেদৰেই নেচাৰৰ পুনৰ্সংগঠন, সুখৰ সংসাৰৰ বাস্তৱ পৰিণতি সকলো দেও দি আজিও তেওঁ একেদৰেই জীৱনৰ মুখামুখি হৈছে।
সিদিনা সন্ধিয়া এই সুখৱৰটো উদযাপন কৰিবলৈ নেচাৰৰ সকলো ডেভেনিছ পাবত লগ হ’ল। তাৰে এচুকৰ ডাঙৰ টেবুলখনত বহি লৈ ডেৰেনে ক’লে,
‘প্ৰথমে ময়ে পিটচাৰ এটা আনোঁ- গিনিছেৰেই আৰম্ভ কৰোঁ, নহয় জানো?’
গোটেইবোৰে হয়ভৰ দিলে। এনে ডাঙৰ গোটত পাবলৈ আহিলে ইয়াত সাধাৰণতে সেয়াই নিয়ম। এজন এজনকৈ পাল পাতি বীয়েৰৰ পিটচাৰ অৰ্থাৎ জগ একোটা কিনে।
হাতে হাতে গিনিছ বীয়েৰৰ গিলাচ লৈ সকলোৱে মাৰ্কক এটা ট’ষ্ট দিবলৈ অৰ্থাৎ দুআষাৰ ক’বলৈ অনুৰোধ কৰিলে। গিলাচটো কিছু ওপৰলৈ ধৰি লৈ মাৰ্কে ক’লে,
‘তোমালোকে জানাই, দুটা দশকৰ আগতে মই ফাৰমানাত প্ৰথম ভৰি থৈছিলোঁ। তেতিয়া ট্ৰাবলছৰ ভয়াবহতাৰ মাজতে ইয়াত এটা নতুন জীৱন আৰম্ভ কৰিছিলোঁ। তেতিয়াই ফাৰমানাৰ সেউজীয়াৰ মায়াত বন্দী হৈ পৰিছিলোঁ। জীৱনটো থানথিত লাগিল বুলি ধৰি লোৱাৰ পিছত এই বছৰটোৱে কি যে এজাক ধুমুহা লৈ আহিল। নেচাৰ একে হৈ নাথাকিল, মোৰ পৰিয়ালো একে হৈ নাথাকিল। কিন্তু আজি ভাৱ হৈছে, আমি মানুহবোৰতো একে আছোঁ- আমাৰ মাজৰ আন্তৰিক টান আৰু হেঁপাহবোৰতো একেই আছে, হাজাৰ সংঘাত দেও দি এই ফাৰমানাওতো একেই আছে, নহয় জানো? আজি আকৌ এবাৰ সেয়ে কৃতজ্ঞ অনুভৱ কৰিছোঁ আৰু তাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ জনাব খুজিছোঁ। তোমালোকৰ সহায়-সহযোগিতা আৰু একতাৰ জোৰতে মই আজি ইয়াত আছোঁ, আমাৰ দলটো আছে। আমিবোৰ যেন সদায়ে একেদৰেই থাকোঁ!……চিয়েৰ্ছ!’
সকলোৱে একেলগে গিলাচ ওপৰলৈ দাঙি কৈ উঠিল, ‘চিয়েৰ্ছ!’
আজি প্ৰথমবাৰৰ বাবে মাৰ্কে সমজুৱাকৈ নিজৰ পৰিয়ালৰ কথা ক’লে। সকলোৱে গম পালেও লিছাৰ বাহিৰে মাৰ্কৰ সৈতে অন্য কোনেও সেই সম্পৰ্কে পতা নাই। লিছাৰ পৰাই তুলিকাই গম পাইছে, আন্যাই সেই একেটা বাটতে চুবুৰীয়াৰ ঘৰত নতুনকৈ সংসাৰ পাতিছে, মিনলাৰ জীৱন দুলিব ধৰিছে আন্যা আৰু মাৰ্কৰ ক’পেৰেণ্টিঙৰ দোলকত। প্ৰথমে জটিল যেন লাগিলেও লাহে লাহে পৰিয়ালটোৰ এই নতুন ৰূপতে তিনিও যেন অভ্যস্ত হৈ আহিব ধৰিছে। আনকি মাৰ্কে হেনো লিছাক মাজে মাজে ক’বলৈ লৈছে, এতিয়া মিনলাৰ সৈতে নিজাকৈ সময় কটাবলৈ পাই, একেলগে খেলি আৰু ফুৰি তেওঁৰো ভাল লগা হৈ আহিছে। কোনে জানে, আন্যাৰ সৈতে একেলগে থকা হ’লে সেই সময়বোৰে কেনে ৰূপ ল’লেহেঁতেন। তুলিকাৰ ভাৱ হ’ল যেন, মাৰ্কে বাস্তৱক অন্ত:কৰণেৰে মানি লোৱাৰ অহৰহ চেষ্টা কৰিছে। এই এটা বছৰত ব্ৰেক্সিটৰ অনিশ্চয়তাই ফাৰমানা কঁপাই তুলিছে, ট্ৰাবলছৰ ভয়াবহ দিনবোৰ সোঁৱৰাই দিছে। তাতে ভূতৰ ওপৰত দানহ পৰাদি নেচাৰৰ পুনৰ্সংগঠন আৰু মাৰ্কৰ ডিভৰ্চে হয়তো কত যন্ত্ৰণা আৰু অস্থিৰতাৰে মাৰ্কৰ জীৱনটো আৱৰি পেলালে। তথাপি- তথাপি তেওঁ থিয় দি ৰৈছে সেই সকলোবোৰ আকোঁৱালি লৈ। কি এক জীৱনবোধে মানুহক এনে বাস্তৱমুখী আৰু আশাবাদী কৰি ৰাখিব পাৰে সেয়া তুলিকাই নাজানে!
‘কি বীয়েৰ খাবা, তুলিকা? এইবাৰ মোৰ পাল!’ টমে টেবুলৰ সিমূৰৰ পৰা ডিঙি বেঁকা কৰি সোধাত তুলিকাৰ সম্বিত আহিল।
‘তোমালোকৰ দৰে ইমান জোৰত আমি শেষ কৰিব নোৱাৰোঁ দেই!’ তুলিকাই কিবা কোৱাৰ আগতেই ফিয়নাই মাত দিলে। কৈ তাই নিজৰ গিলাচত এতিয়াও বাকী ৰোৱা গিনিছখিনিও দেখুৱালে।
তুলিকাই নিজৰ গিলাচটো চাই ফিয়নাৰ কথাতে হয়ভৰ দিলে। টম উঠি গ’ল। পিটচাৰ এটা ভৰাই নতুনকৈ বীয়েৰ আনিলে। কিন্তু লগতে এজগ পানী আৰু দুটা আধা পাইণ্টৰ সৰু গিলাচ আনি সিহঁত দুজনীৰ সন্মুখত থ’লেহি। তাৰপিছত ক’লে,
‘তোমালোক দুজনীয়ে হাফ পাইণ্টৰ গিলাচেৰে কাম চলোৱা তেনে! লগতে এয়া পানী আনিছোঁ, লোৱা। আজি দৰকাৰ হ’ব!’
টমৰ আগজাননী শুনি সকলোৱে হাঁহিলে। তাৰমানে আজি আড্ডা সোনকালে সামৰাৰ লক্ষণ নাই। কিমান দিনৰ মূৰতযে দলটোৱে মুকলি মনেৰে একেলগে পাবত বহিছেহি। গতিকে বহুদিনৰ মূৰত আড্ডাও জমি উঠিছে।
তাৰ মাজতে লিছাই একাষৰীয়াকৈ তুলিকাক সুধিলে,
‘ৰায়ানৰ কি খৱৰ, তুলিকা?’
‘ভালেই। সি ৰিপৰ্টিঙৰ কামত এইকেইদিন খুউব ঘুৰা-ঘুৰি কৰিব লগা হৈছে।’
প্ৰায় লগে লগেই লিছাই সুধিলে, ‘ফাৰমানাৰ বোমা বিস্ফোৰণৰ ঘটনাটোৰ কাৰণে নেকি?’
তুলিকা আচৰিত হ’ল। তাই একো গমেই পোৱা নাছিল। কি, ক’ত, কেতিয়া হৈছে সেইবোৰ? লিছাইহে সবিশেষ ক’লে,
যোৱা সপ্তাহটোতে ফাৰমানা আৰু ওচৰে-পাজৰে কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা ঘটিছে। যোৱা কেইবাসপ্তাহত পুলিচে অ’ত ত’ত বোমা উদ্ধাৰ কৰিয়ে আছে- সিদিনা ডেৰীতো এটা পালে। কোনোবাই সাক্ষাৎ পুলিচ অফিচাৰ গৰাকীৰ গাড়ীতে থৈ গৈছিল। অ’মাৰ বিস্ফোৰণত পুলিচ এগৰাকী আহতও হৈছে। গোটেইবোৰৰ ধৰণ আৰু ঠাই চাই পুলিচে সন্দেহ কৰিছে এয়া আই আৰ এ-ৰ কাম।
‘মানে বিৰোধী ৰিপাব্লিকান আৰ্মি?’ তুলিকাই সুধিলে।
‘অঁ, ঠিকেই কৈছা। ১৯৯৮ চনৰ গুড ফ্ৰাইডে’ৰ দিনা হোৱা শান্তি চুক্তিয়ে ট্ৰাবলছৰ ভয়াবহ দিনবোৰৰ অন্ত পেলাইছিল, কিন্তু সেই চুক্তিত সন্মত নোহোৱা এদল বিৰোধী ৰিপাব্লিকান অসন্তুষ্ট হৈয়ে ৰৈ গৈছিল। লাহে লাহে সেই সকলেই পুনৰ গোট বান্ধিলে। অস্ত্ৰ-শস্ত্ৰ আৰু মূলধন গোটালে। লক্ষ্য এটাই ব্ৰিটেইনৰ পৰা পৃথক আৰু দুয়োখন আয়াৰলেণ্ড মিলাই এক স্বাধীন আয়াৰলেণ্ড গঠন। এতিয়া ব্ৰেক্সিটৰ অনিশ্চয়তাই যেন সেই গোটবোৰক আগতকৈও অস্থিৰ কৰি পেলাইছে। অ’ত ত’ত হিংসাত্মক ঘটনাবোৰেও পুনৰ মূৰ দাঙি উঠিবলৈ লৈছে।’
‘আই আৰ এ-ৰ কথা কৈছা? মই ভাৱোঁ, এই গোটবোৰ অ’ত ত’ত সিচঁৰতি হৈ নিজৰ মতে কাম কৰি আছে- সেই লক্ষ্যতকৈও গোটবোৰৰ আচল লক্ষ্য হৈছে, মানুহৰ মাজত আতংক বিয়পোৱা!’ কাষতে বহি থকা ফিয়নাই মাত দিলে।
 |
উৎস: ৱিকিকমন্স |
সেই আলোচনাবোৰে তুলিকাৰ বাবে যেন এটা অশনি সংকেত এৰি গ’ল। ৰায়ানৰ কথা ভাৱি তাইৰ বেছিকৈ চিন্তা লাগিবলৈ ধৰিলে। কি পৰিৱেশতযে তাই ৰায়ানক বিদায় জনাব লগা হ’ল সিদিনা। তাৰপিছত এবাৰো কথা পতাও হোৱা নাই। সিদিনা পাবৰ পৰা ওলায়ে তাই তালৈ মেচেজ পঠালে,
‘ঠিকে আছানে ৰায়ান? ইয়াত বাতৰি কিছুমান শুনি আছোঁ বাবে চিন্তা হৈ আছে। খৱৰ দিবাচোন!’
সিদিনা ৰায়ানৰ কোনো উত্তৰ নাহিল। তাৰ সলনি আহিল বিদ্যুতৰ কেইবাটাও মেচেজ। মাক-দেউতাকৰ কথাটো মনত পেলাই দিলে সি। তাই গ’লে কি কি কৰাৰ পৰিকল্পনা সেয়াও জনালে। আৰু শেষত লিখি পঠালে,
‘তুমি আহিবা তুলিকা, প্লিজ আহিবা!’
পিছদিনা সন্ধিয়া তুলিকা থেৰাপিষ্ট মিচেলৰ ওচৰ পালেগৈ। যোৱা দুটা সপ্তাহতে ইমানবোৰ ঘটনা ঘটি গৈছে যে সেই সকলোবোৰ ভাৱি চাই কৰ্তব্য স্থিৰ কৰিবলৈকে তাইৰ কষ্ট হৈছে। মিচেলে ক’লে,
‘সকলো সমস্যাৰ সমাধানসূত্ৰ প্ৰত্যেক মানুহৰ নিজৰ মাজতে থাকে, তুলিকা। প্ৰত্যেক মানুহৰ হৃদয়ৰ নিভৃত কোণত সেই সাহস আৰু অন্তৰ্শক্তি লুকাই থাকে। মাথোঁ সেয়া সময়ত বিচাৰি পাবলৈ টান। নিজৰ হৃদয়ৰ আহ্বান শুনিবলৈ টান। তোমাৰ জীৱন আৰু সুখ-দুখৰ চাবি-কাঠিও কেৱল তোমাৰ লগতে আছে। সেয়া মই ঠিক কৰি দিব নোৱাৰোঁ। সেয়া মোৰ কামো নহয়। মোৰ কাম হৈছে, তোমাক তাৰবাবে দৰকাৰী সঁজুলিখিনি দেখুৱাই দিয়া।’
তুলিকাই কিছু আবেগেৰে ক’লে,
‘মিচেল, অতীতত লেটি লৈ থকাৰ পৰা ওলাই বৰ্তমানটোত জীবলৈ তুমিয়ে মোক শিকাইছিলা। এই দেওনাখন পাৰ হোৱাৰ বাবেও তোমাৰ সহায়ৰ বহুত প্ৰয়োজন। নাজানো কিয়, কেৰিয়াৰৰ বাবে আমি ইমানবোৰ শিক্ষা আৰু অভিজ্ঞতা লওঁ, কিন্তু জীৱনটো পৰিপূৰ্ণভাৱে জীয়াই থাকিবলৈ যি শিক্ষা আৰু প্ৰক্ৰিয়াৰ দৰকাৰ- তাকে কেতিয়াও শিকা নহয়! কোৱা মোক- কি সঁজুলি আছে! কি মোক সহায় কৰিব মই নিজেনো কি বিচাৰোঁ জানিবলৈ!’
‘তুমি ইতিমধ্যে সেয়াও শিকিছা তুলিকা। নিজৰ যত্ন লোৱা। নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱা- মন আৰু শৰীৰে কিনো বিচাৰে কাণপাতি শুনি চোৱা। আমাৰ শৰীৰতেইতো মনে বাস কৰে। গতিকে নিজৰ মনটোক চুই চোৱাৰ আটাইতকৈ সহজ উপায় হৈছে শৰীৰৰ যত্ন লোৱা। ভালকৈ খোৱা আৰু শুৱা। আগৰদৰেই দৌৰিবলৈ ওলাই যোৱা। চেষ্টা কৰা যাতে জীৱনৰ এটা অংশত আৰম্ভ হোৱা ধুমুহাজাক সকলো প্ৰান্তলৈ ঠেলি নিদিয়া, বৰ্তমানটো তচ-নচ হ’বলৈ নিদিয়া। শান্ত আৰু স্বাস্থ্যকৰ শৰীৰটোৱে মনটোক শক্তি দিব। মনটোকো শান্ত কৰিব আৰু তেতিয়াই কুঁৱলী ফালি সূৰ্য ওলোৱাৰ দৰে তোমাৰ উত্তৰো ওলাব।’
মিচেলে সেয়া কৈয়ে ক্ষান্ত নাথাকিল, তুলিকাক ঘৰত অভ্যাস কৰিবলৈ বুলি কেইবাটাও কৌশল শিকালে। কেইবাবাৰো দীঘল উশাহৰ লগে লগে শৰীৰৰ প্ৰতিটো অংশলৈ মনোযোগ দিয়াৰ অভ্যাস কৰি লাহে লাহে তাই যেন শান্ত হৈ আহিল। ভাৱ হ’ল, তাই পাৰিব। নিজৰ সিদ্ধান্ততে অটল হৈ ৰ’ৱ পাৰিব।
শান্ত আৰু পৰিতৃপ্ত মন এটা লৈ তাই উভতিল। কিন্তু এপাৰ্টমেণ্ট পাই দেখে, লিছা দুৱাৰমুখতে ৰৈ আছে। তাইড় মুখখন শুকান, দুচকুত হাজাৰ উৎকণ্ঠা!
‘হাই লিছা! হুৱাটছ্ দ্য ক্ৰেইক? ঘপকৈ ওলালাহি যে।’ তুলিকাই লৰালৰিকৈ আগবাঢ়ি আহি ক’লে।
লিছাই চেপা উৎকণ্ঠাৰে ক’লে, ‘কথা এটা আছে। তোমাক ফোনত কোৱাতকৈ মুখামুখিকৈ পাতিম বুলিয়ে গুচি আহিলোঁ। ভিতৰলৈ যাওঁ?’
অজান আশংকাত তুলিকাৰ বুকুখন চিৰিংকৈ গ’ল। মিচেলৰ পৰা কঢ়িয়াই অনা নিৰিবিলি শান্তিৰ ছায়া যেন মুহূৰ্ততে ভাপ হৈ উৰি গ’ল!
তাই কোনোমতে দুৱাৰ খুলি বহা কোঠা পালেহি। পিছে পিছে লিছা। তাইৰ মুখামুখিকৈ বহি সোঁহাতখন খামুচি ধৰি লিছাই ক’লে,
‘তুলিকা, কালি যে পাতিছিলো বোমা বিস্ফোৰণৰ কথা, মনত আছে?’
‘আছে! সকলো ঠিকে আছেতো? কাৰোৱাৰ কিবা হ’ল নেকি?’ তুলিকাৰ অজানিতে মাতটো কঁপিল।
‘দুদিন আগতে অ’মাত হোৱা বিস্ফোৰণটোৰ লগত জড়িত বুলি দুজনক পুলিচে এৰেষ্ট কৰিছে। আজিৰ ‘ফাৰমানা ট্যুডে’ত এয়া কি প্ৰকাশ পাইছে চোৱা।’
লিছাই কাকতৰ প্ৰথম পৃষ্ঠাটো মেলি ধৰিলে। বৰ বৰ হৰফেৰে লিখা আছে, অ’মাৰ বোমা বিস্ফোৰণত আই আৰ এ জড়িত’। তাৰ পৰা তাইৰ চকু গ’ল লিছাই আঙুলীয়াই দিয়া বিতং বাতৰিটোলৈ। ‘এই বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত পুলিচে ৰায়ান অ’কন’ৰ আৰু বেৰী ৰ’বছন নামৰ দুগৰাকী ব্যক্তিক আটক কৰিছে।’
‘এই ৰায়ান আমাৰ ৰায়ান নহয়নে? সেই কাৰণেই চাগৈ ফাৰমানা হেৰ’ল্ডে এই বাতৰি ছপোৱা নাই!’
সেই বাতৰি আৰু লিছাৰ কথাত তুলিকা যেন চকিত হৈ পৰিল! কি কয় লিছাই? এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে? কেনেকৈ? তাইৰ ৰায়ান সাংবাদিক! সেই ৰায়ান কেনেকৈ সন্ত্ৰাসবাদী হ’ব পাৰে? নে বিপ্লৱী? তাই নাজানে এই আই আৰ এ কি! নাজানে কোন এই ৰায়ান!
এইবাৰ তাই লিছাৰ পৰা কাকতখন আজুৰি অনাদি লৈ বাতৰিটো প্ৰথমৰ পৰা পঢ়ি চালে। দেখিলে তাত আগৰ বিস্ফোৰণৰ কথাও উল্লেখ কৰিছে। তাই খপজপকৈ তাৰিখবোৰ মিলাই চালে। কি কৈছিল ৰায়ানে? কি কৈছিল? অঁ ঠিকেই, প্ৰথমে অ’মা, তাৰপিছত ডেৰীত ৰিপৰ্টিঙৰ কাম। সেইবাবেই এসপ্তাহৰ যাত্ৰা। এয়া কি? তাৰিখবোৰ কেনেকৈ মিলি গৈছে তাৰ সৈতে? তেনে কি ফাৰমানাৰ বিস্ফোৰণতো? তাইৰ চাৰিওফালে যেন এই পৃথিৱীৰ সকলো ঘূৰিবলৈ লাগিল। যেন একোৱে নেদেখা হৈ আহিল তুলিকাই। সকলো ধুৱঁলী কুঁৱলী- সকলো। তাৰ মাজত মাথোঁ জিলিকি থাকিল এষাৰি কথা- টকে’ গাৰ লা! ৰায়ানৰ ডিঙিৰ সেই গেলিক ভাষাৰ শ্ল’গান- ‘এদিন আমাৰো দিন আহিব! টকে’ গাৰ লা!’
পূৰ্বৰ খণ্ডসমূহ:
কেতিয়াবা ভাৱ হয় যেন জীৱনৰ দৃশ্যপটত মানুহ ৰছী টনা পুতলাৰ দৰে। জীৱনৰ কোনটো কেঁকুৰিত কি ৰৈ আছে জনাৰ সাধ্য নাই, বিধিৰ বিধান সলোৱাৰ কোনো উপায় নাই। মানুহে যি কাৰণতে নহওক, যিফালেই বাট বুলিবলৈ মন নকৰক, জীৱনে অবাধ্য নদীৰ দৰে নিজৰ বাট নিজে কাটি লয়। ফাৰমানাৰ সেমেকা সন্ধিয়া এটাত বিদ্যুতৰ মুখামুখিকৈ চকীখনত বহি ৰোৱা তুলিকাৰ মনত তেনে এটা অনুভৱেই দোলা দি গ’ল। তেতিয়ালৈ ৰায়ান ঘৰৰ সন্মুখৰ পদপথৰ পৰাই নিজৰ ঘৰলৈ উভতি গৈছে। সেই কিংকৰ্তব্যবিমূঢ় মুহূৰ্তটোত তুলিকায়ে কৈ পেলাইছিল,
‘তুমি যোৱা ৰায়ান। পিছত সকলো বুজাই ক’ম!’
তাইৰ চকুৰ আকূতি দেখি ৰায়ানে নিজৰ সকলো আশ্চৰ্য্য আৰু প্ৰশ্ন সামৰি নিমাতে গুচি গৈছিল। আৰু বিদ্যুৎ! ৰায়ান যোৱাৰ দিশলৈ তুলিকাই চাই ৰওঁতেই বিদ্যুতে গাড়ীখন ৰখাই আহি তাইৰ সন্মুখত থিয় দিছিলহি। শ্লাইগ’ পথৰ সেই পদপথতে দুয়ো যেন প্ৰস্তৰ মূৰ্ত্তি হৈ গৈছিল! তাৰপৰা গৈ তুলিকাৰ এপাৰ্টমেণ্ট ওলোৱাৰ পৰলৈকে দুয়োৰে মাজত কোনো শব্দ বিনিময় নহ’ল। আনকি যেন চকুৱে চকুৱে চোৱাৰো মানসিক শক্তি নাথাকিল দুয়োৰে। ঘৰ সোমায়ে ঘট্ ঘট্কৈ এগিলাচ পানী খাই লৈ তুলিকাই নিজকে শান্ত কৰিবলৈ চেষ্টা কৰিলে। প্ৰথমে বিদ্যুতেই মুখ খুলিলে,
‘কেনে আছা, তুলিকা?’
তুলিকা নীৰৱে ৰ’ল। কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে তাই। বিদ্যুতে পুনৰ ক’লে,
‘বাৰম্বাৰ চেষ্টা কৰিও তোমাক ফোনত নাপাই গুচি আহিলোঁ। আহি পাই দেখোঁ নেচাৰৰ অফিচ ইতিমধ্যেই বন্ধ হৈ গৈছে। সকলো ঘৰাঘৰি গৈছে। জেনিটৰ পলেহে ক’লে, তুমি শ্লাইগ’ পথৰে কোনোবা এখিনিত থাকা বুলি। সেয়ে কেনেবাকৈ তোমাক দেখা পাই যাম বুলিয়ে এই বাটতে তহল দি আছিলোঁ। বহুপৰ অহা-যোৱা কৰি কৰি অধৈৰ্য হৈয়ে এক্সিলেটৰত ভৰি ডবাই পাইছিলোঁ নেকি! কি জানো……’
‘কিয় আহিলা তুমি??’ বিদ্যুতৰ কথাৰ মাজতে ঘপকৈ বহাৰ পৰা উঠি তুলিকাই কৈ পেলালে!
তাই যেন বিদ্যুতৰ একো কথাই শুনিব খোজা নাই। শুনিবলৈ তাইৰ ধৈৰ্য নাই। তাৰ ৰুক্ষ দাঢ়ি-মুখৰ ভাষা পঢ়িব খোজা নাই। চাব খোজা নাই চৌখিন বিদ্যুতৰ অবিন্যস্ত কাপোৰ-কানি, দুচকুৰ তলৰ গভীৰ ক’লা দাগ! মাথোঁ জানিব খুজিছে, কি বিচাৰিছে সি? কি আশা কৰি সি এনেকৈ তুলিকাৰ জীৱনত অনাধিকাৰ প্ৰৱেশ কৰিছেহি?
বিদ্যুৎ যেন কিছু স্তম্ভিত হ’ল। এপলক ৰৈ আহত কণ্ঠ এটাৰে ক’লে,
‘তোমাকে বিচাৰি আহিছোঁ, তুলিকা। তোমাক। এবাৰতো মোৰ কথাখিনি শুনি লোৱা। কেনে আছোঁ এবাৰ সোধা!’
বিদ্যুতৰ কথাত সেই মুহূৰ্ততো তুলিকাৰ হাঁহি উঠি গ’ল! সি কেনে আছে সুধিব? তাৰবাবে বহুত পলম হৈ যোৱা নাইনে? সেই কাল নিশাটোৰ পিছত সিহঁতৰ বাবে সেই প্ৰশ্নটোৰ কিবা অৰ্থ থাকিলনে?
তুলিকাই একো নোকোৱাকৈয়ে বিদ্যুতে যেন তাইৰ মুখৰ অভিব্যক্তি পঢ়ি পেলালে! আবেগ সনা মাতেৰে সি কৈ গ’ল,
‘তুলিকা, মই জানো, মই বহুত ভুল কৰি পেলাইছোঁ। তোমাৰ বিশ্বাস হেৰুৱাই পেলাইছোঁ। মই কৰা ভুলবোৰৰ হৈ একো অজুহাত দিব নোখোজোঁ। কিন্তু তুমি গোটেইবোৰ কথা জনাটো বিচাৰোঁ। এই গোটেই বছৰটোৰ এটা এটা দিন মই বহুত কষ্টত কটাইছোঁ। প্ৰতিদিনেই তোমাৰ কথা ভাৱিছোঁ, প্ৰতি নিশা পাৰ কৰিছোঁ অনুশোচনাত লেটি লৈ। আৰু এই সময়খিনিতে প্ৰথমবাৰৰ কাৰণে মই যেন নিজকে বুজিবলৈ আৰম্ভ কৰিছোঁ, উপলব্ধি কৰিছোঁ ক’ৰ পৰা কেনেকৈ এইখিনি পালোঁহি। সেয়ে আজি গুচি আহিলোঁ। কাৰণ মই জানোঁ, তোমাক যদি মোৰ মনৰ কথাখিনি নকওঁ, এবাৰ যদি তাৰ চেষ্টাও নকৰোঁ- তেন্তে জীৱনলৈ সেই আত্মগ্লানিয়ে মোক জ্বলাই মাৰিব।’
তুলিকা এইবাৰ ধুপুচকৈ বহি পৰিল। একোৱেই ক’ব নোৱাৰিলে তাই। মাত্ৰ দুয়ো হাতেৰে মুখ ঢাকি নিশব্দে এবাৰ উচুপিলে। বিদ্যুতে কেতিয়াও আগতে এনেদৰে কথা কোৱা নাই। তুলিকাই বহু বিচৰা স্বত্বেও তাৰ অন্তৰ্জগতখন উদঙাই দিব খোজা নাই। দুস্বপ্ন হৈ পৰা সিহঁতৰ সাংসাৰিক জীৱনটোত এনে এক সততা আৰু অকপট মুহূৰ্তৰ বাবে কিমান যে হাহাঁকাৰ কৰিছিল তাই। কিন্তু তেতিয়া বিদ্যুতে অহৰহ তুলি ৰাখিছিল অবোধ্য প্ৰাচীৰৰ দেৱাল। তাই বুজিব পৰা নাছিল কিহে কুটি কুটি খাই নিছিল সিহঁতৰ সুখ আৰু ভালপোৱা। সেই দিনবোৰৰ স্মৃতিয়ে তাইক পুনৰ এবাৰ কন্দুৱাই পেলালে। তাইৰ কাষ চাপি গৈ এবাৰ আলফুলে আকোঁৱালি লোৱাৰ প্ৰবল ইচ্ছাটো দমাই বিদ্যুৎ নিজৰ ঠাইতে বহি ৰ’ল। সি জানে, সেই অধিকাৰ ইতিমধ্যে হেৰুৱাই পেলাইছে!
কিছুপৰ নীৰৱে ৰোৱাৰ পিছত তুলিকা স্থিৰ হ’ল। চকুপানী মোহাৰি লৈ বৰ দুৰ্বল কণ্ঠেৰে ক’লে, ‘কোৱা।’ সেই এটা শব্দ ক’বলৈকো যেন তাই অন্তৰৰ বহু বাধা দেও দি আহিব লগা হ’ল।
বিদ্যুতে বহা ঠাইতে কিছু লৰচৰ কৰি উঠিল। তাৰপিছত তাইৰ চকুত চকু থৈ ক’লে,
‘আমাৰ সংসাৰখনৰ এই অৱস্থাটোৰ বাবে ময়ে সম্পূৰ্ণ দায়ী, তুলিকা। মোৰ নিজৰ ভিতৰতে বহু যুঁজ-বাগৰ আছে যিবোৰ তোমাক আগতে কেতিয়াও কোৱা নহ’ল। হয়তো তোমাক বুজাই ক’ব পৰাকৈ মই নিজেই সেয়া বুজি পোৱা নাছিলোঁ। আজি ছমাহে কাউন্সেলিং কৰি কৰিহে সেই কথাবোৰৰ মৰ্ম উপলব্ধি কৰিছোঁ। বুজিছোঁ, সেইবোৰে কেনেকৈ মোৰ জীৱনটো তচ-নচ কৰি পেলালে।’
সি কিছু ৰৈ দীঘলকৈ এটা উশাহ টানি ল’লে। তাৰপিছত পুনৰ কৈ গ’ল,
‘তোমাক বহু আগৰ পৰা কথাবোৰ ক'ব লাগিব। তুমিতো জানাই, মই ডেৰাডুনৰ ইণ্টাৰনেশ্যনেল স্কুলত পঢ়িছিলোঁ। মোৰ কেৰিয়াৰক লৈ মা-দেউতাৰ সপোনৰ সীমা নাছিল। সেইবাবেই কিজানি একমাত্ৰ ল’ৰা যদিও তেনেকৈ ইমান দূৰৈত ৰাখিছিল। ইমান সৰুতেই খেলাৰ সমনীয়া, ঘৰৰ মুকলিমুৰীয়া পৰিৱেশ সকলো এৰি বৰ্ডিং স্কুলৰ নীতি-নিয়মত খাপ খাবলৈ মোৰ বৰ কষ্ট হৈছিল। মা-দেউতাৰো। ডিগবৈৰ পৰা যেতিয়াই গৈ ওলায়, মোক হোষ্টেলত এৰি অহাৰ পৰত মায়ে সদায়ে কান্দিছিল। ময়ো লুকুৱাই লুকুৱাই উচুপিছিলোঁ। কিন্তু এটা ভাল কেৰিয়াৰ আৰু ভাল জীৱনৰ স্বাৰ্থতে ঘৰ আৰু অসমৰ পৰা ইমান আঁতৰত থকাটো আমি প্ৰত্যেকেই মানি লৈছিলোঁ কিজানি। সেইকাৰণেই মা-দেউতাৰ সপোনবোৰ পূৰাবলৈ মই দিনে-ৰাতিয়ে কষ্ট কৰিছিলোঁ। পঢ়া-শুনাৰ বাহিৰে একোলৈকে ধ্যান দিব খোজা নাছিলোঁ। শুৱা-খোৱা আৰু পঢ়াই মোৰ জীৱন হৈ পৰিছিল। সেইমতেই ৰিজাল্টো ভাল হৈছিল। তাৰপিছত দিল্লী বিশ্ববিদ্যালয়ত পঢ়িলোঁ। মা-দেউতাৰ সুখ আৰু গৌৰৱৰ সীমা নাছিল। তাৰ লগে লগে সপোনৰ পৰিধিও বাঢ়ি গৈছিল। যেন প্ৰতিবাৰেই গৈ পোৱাৰ লগে লগেই লক্ষ্যৰ ঘাইখুঁটিটো আগলৈ ঢাপলি মেলিছিল। নিজেও কিজানি সেই দৌৰতে অভ্যস্ত হৈ গৈছিলোঁ। মোৰ চাৰিওদিশে কি হৈছে-নহৈছে, মোৰ ইচ্ছা-অনিচ্ছা সকলো একাষে থৈ বছৰ বছৰ ধৰি মাথোঁ দৌৰাতে লাগি থাকিলোঁ।
লণ্ডন স্কুল অব ইক’নমিকছত এম বি এ কৰিবলৈ স্ক’লাশ্বিপ পোৱাৰ দিনাহে প্ৰথম বাৰৰ বাবে ভাৱ হৈছিল, আই হেভ মেইড ইট! মই লক্ষ্য চুইছোঁহি। মা-দেউতাৰ প্ৰতি ঋণমুক্ত হৈছোঁ। কিন্তু ভাৰত এৰি বিদেশ পাইহে যেন লাহে লাহে মোৰ উপলব্ধি হ’বলৈ ধৰিলে, কেৰিয়াৰৰ পিছত দৌৰি থাকোঁতে কত কি এৰি আহিলোঁ! মোৰ লগৰবোৰে সৰুৰে পৰা স্বাধীনভাৱে জীৱন গঢ়া- ফুৰা-চকা-খেলা-ধূলা কৰাৰ কাহিনী শুনি আৰু দেখি প্ৰথমবাৰৰ বাবে মোৰ নিজৰ ওপৰতে সন্দেহ উপজিল। মা-দেউতাৰ আলাসৰ লাড়ু হৈ থাকি যেন নিজাকৈ জীৱনৰ বাট বুলিবলৈ, নিজৰ সুখ-দুখ চিনিবলৈকে অৱকাশ নাপালোঁ।বিশ্বাস কৰিবানে, লণ্ডনত ভৰি দিয়াৰ আগলৈকে মই নিজৰ কাপোৰ-কানি এটাও নিজে কিনি পোৱা নাছিলো? যেতিয়াই যি লাগে সকলো যোগাৰ কৰি দিছিল মা-দেউতাই! কেতিয়াও ক’লৈকো কেৱল ফুৰিবলৈ গৈ পোৱা নাছিলোঁ, নিজে ক’তো কাম কৰি উপাৰ্জন কৰি পোৱা নাছিলোঁ, বন্ধু-বান্ধৱৰ লগতো একো স্ফূৰ্তি কৰি পোৱা নাছিলোঁ, কেতিয়াও আনকি কাৰো প্ৰেমতো পৰি নাপালোঁ। এনে নহয় যে, সুবিধা পোৱা নাছিলোঁ। কিন্তু মোৰ চকুত সেই সকলোবোৰ আছিল পঢ়া-শুনাৰ পৰা মনোযোগ আঁতৰোৱা বিলাস!
লণ্ডনে মোৰ ভিতৰখনত পৰিৱৰ্তনৰ উকমুকনি এটা আনি দিছিল। মোৰ লগৰ বোৰৰ স্বাধীন মানসিকতা আৰু জীৱন-ধাৰাই মোক নিজৰ বিষয়ে বহুত প্ৰশ্ন আনি দিছিল। মোৰ ৰুমমেট ব্ৰাজিলৰ পাবল’ই বাইছ বছৰ বয়সতো মোৰ অসহায় অৱস্থাটো দেখি প্ৰথমে হাঁহিছিল। কিন্তু পিছলৈ ইটো সিটো দেখুৱাই-বুজাই দিবলৈ লৈছিল। পাবল’ৰ লগতে ঘৰৰ সকলো কাম-কাজ কৰিবলৈ, ৰান্ধিব-বাঢ়িবলৈ শিকিছিলোঁ। প্ৰতি শনিবাৰে পাবলৈ যাবলৈ লৈছিলোঁ। লণ্ডনৰ জীৱনটোৱে নতুন স্বাধীনচিতীয়া জীৱন এটাৰ স্বাদ আনি দিছিল। সেই আমেজৰ উম ভালকৈ ল’বলৈ নাপাওঁতেই মা-দেউতাই বিয়াৰ কথা উলিয়ালে। এতিয়াও মনত আছে, গ’ল্ডমেন চেকচৰ চাকৰিটোত জইন কৰাৰ এমাহ নহওঁতেই মাই এদিন পুৱাতে তোমাৰ নাম লৈছিল। তোমাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল মা। পিছত গম পাইছিলোঁ, লণ্ডনত থকা দূৰসম্পৰ্কীয় মামাৰ মুখেৰে মাহঁতে শুনা পাইছিল, পাবল’ৰ লগত মই ঘনাই পাবলৈ যাবলৈ লৈছোঁ। কোনোবা শ্বেতাংগ ছোৱালীৰ লগতো মোক দেখা পাই মাহঁতৰ কাণ চোৱাইছিলগৈ হেনো। সেইবাবেই কিজানি মাই কৈছিল, তোমাৰ দৰে অসমীয়া ছোৱালী এজনী বিয়া পাতিলে মা-দেউতা কিমান সুখী হ’ব। কিন্তু একেবাৰে সঁচা কথা ক’বলৈ হ’লে, তেতিয়া প্ৰথমেই মোৰ মনলৈ অহা ভাৱটো আছিল, মা-দেউতাৰ মোক লৈ সপোনবোৰ এতিয়াও আগলৈকে গৈ আছে। মই ৰৈ দিব খুজিছোঁ যদিও মা-দেউতা এতিয়াও দৌৰিয়ে আছে। সেই আশা আৰু সপোনৰ পৰিধি নাই- ঋণৰ পৰা মুক্তি নাই। মোৰ নিজা সুখ-দুখ আৰু ইচ্ছা-অনিচ্ছাই প্ৰথমবাৰৰ বাবে যেন মূৰ দাঙি উঠিব খুজিছিল।
কিন্তু তুমি জানাই, তথাপিও মাৰ কথামতেই মই তোমালৈ অনলাইন কল কৰিলোঁ। তোমাৰ স’তে কথা পাতি মোৰ মনো কিছু সলনি হ’ল। লগ পোৱাৰ পিছত ভাৱ হ’ল, মা-দেউতাৰ কথাই সঁচা। মোৰ ভিতৰৰ শূন্যতা আৰু অস্থিৰতাখিনি তুমিয়েই শাম কটাব পাৰিবা যেন বিশ্বাস এটা হ’ল। তোমাৰ স’তেই সুখী হোৱাৰ সপোন এটা দেখিবলৈ ল’লোঁ। বিশ্বাস কৰা, বিয়াৰ বাবে পৰিয়ালৰ কোনো হেঁচা নোহোৱাকৈ মই নিজেই মত দিলোঁ। আৰু তোমাৰ সৈতে লণ্ডনত সংসাৰ এখন পাতিও মই সঁচা অৰ্থত সুখী হৈছিলোঁ তুলিকা। সেয়া কোনেও মোৰ পৰা আঁতৰাই নিব নোৱাৰে।’
বহু ক্ষোভ চেপা মাৰি লৈ তুলিকাই নীৰৱে শুনি ৰ’ল। যোৱা এটা বছৰে বহু যন্ত্ৰণা আৰু ক্ষোভে তাইক বিধস্ত কৰি ৰাখিছে। কিন্তু আজি প্ৰথমবাৰৰ বাবে আগতে কেতিয়াও অনুভৱ নকৰা এক সহমৰ্মিতাৰ ভাৱে তাইক চুই যাব খুজিলে।
‘তেনে কিয় কৰিলা? মোৰ স’তে এনে কিয় কৰিলা বিদ্যুৎ?’ এই প্ৰথমবাৰৰ বাবে তাই বহুদিনৰ মূৰত বিদ্যুতৰ নাম মুখত ল’লে।
বিদ্যুতে চলচলীয়া চকুৰে ক’লে,
‘মই পথভ্ৰষ্ট হৈ গৈছিলোঁ, তুলিকা। তাৰ কোনো অজুহাত নাই- ক্ষমা নাই। বিয়াৰ পিছৰ আবগে-উত্তেজনা শাম কাটি অহাৰ লগে লগে দৈনন্দিন ব্যস্ততাত ডুবিব ধৰিছিলোঁ। ইনভেষ্টমেণ্ট বেংকিঙৰ তীব্ৰ হেঁচা আৰু ব্যস্ততাই প্ৰতিদিনেই যেন জেওৰা খৰি চেপাদি মোৰ সকলো শক্তি আৰু উদ্যম শেষ কৰি দিছিল। দিনৰ পিছত দিন, মাহৰ পিছত মাহ তেনেকৈ খাঁটি থাকি, গতানুগতিকতাত বন্দী হৈ মোৰ মন দমি গৈছিল। ভাৱ হৈছিল, জীৱন যেন ৰৈ গৈছে। কেৰিয়াৰৰ বাবেই জীৱনৰ পঁচিশটা বছৰ পাত কৰি দি কি পালোঁ যেন ভাৱ হ’বলৈ লৈছিল। এইখিনি পাবলৈকে জীৱনৰ বাটত বহু হেৰুৱাই আহিলোঁ বুলি খেদ হৈছিল। তাৰ লগতে আমাৰ সংসাৰখনৰ সমীকৰণটো যেন সনাপিটিকা হৈ পৰিল। দিনটো কাম শেষ কৰি ঘৰ আহি পাই তোমাক দেখিলেই মনত পৰা হ’ল, তুমিও মা-দেউতাৰ আশা আৰু সপোনৰ মায়াজালৰ এটা অংশ। মা-দেউতাই জাপি দিয়া সম্পৰ্কৰ বোজা এটা। সেই কথাটোৱে তিক্ততা এটা আনি দিছিল মোৰ মনলৈ। সেইবাবেই তোমাৰ পৰা দুৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিছিলোঁ কিজানি!’
তুলিকাৰ মনত পৰিল, তাই লাহে লাহে উপলব্ধি কৰিবলৈ লৈছিল- ক’ৰবাত আঁতডাল হেৰাই যাবলৈ লৈছে। বিদ্যুৎ তাইৰ পৰা আঁতৰি যাব ধৰিছে। কিন্তু তাই তাক কোনোদিনেই পোনপটিয়াকৈ সোধা নাছিল। যেন সুধিলেই তাইৰ ভয় আৰু আশংকাবোৰ সঁচা হৈ পৰিব। তাই যেন স্বীকাৰ কৰিব খোজা নাছিল যে সিহঁতৰ সম্পৰ্কতো বিয়াৰ পিছৰ সময়ৰ দৰে হৈ ৰোৱা নাই। বিদ্যুতে কথাই কথাই তাইৰ খুঁত ধৰিবলৈ আৰম্ভ কৰিছিল। হকে-বিহকে শ্লেষ সানি কথা কৈছিল।
‘দিনৰ দিনটো শুই বহি কটোৱা তুমি। অফিচত মোৰ কামৰ কিমান বোজা- কিমান কষ্ট কি বুজিবা?’
‘মোৰ লগত একেলগে খাবলৈ কিয় বাট চাই থাকা তুমি? অকণমান স্বাধীনচিতিয়া হ’বলৈ শিকাচোন!’
কিয় পাহৰিব খুজিছিল তাই সেইবোৰ- তেতিয়াও, এতিয়াও! কিয় অতদিনে মাথোঁ সযতনে স্মৃতিৰ টোপোলাত ৰাখি থৈছিল ভাল লগা, কিন্তু দিনে দিনে কমি অহা সুখৰ মুহূৰ্তবোৰ! তাৰ আঁৰত লুকাই ৰোৱা সত্য অসহনীয়, আপোন জনৰ সেই আঘাত অবিশ্বাস্য, সেইবাবে?
বিদ্যুতৰ ডিঙিটো শুকাই যোৱা যেন লাগিল। কফি টেবুলৰ পৰা গিলাচটো হাতত লৈ পানী অলপ খালে। তাৰপিছত দুয়ো হাতেৰে গিলাচটো ধৰি থাকি সি ক’লে,
‘তুমি যিমানেই মৰম আৰু আশ্বাসেৰে আৱৰিব খুজিছিলা, সিমানেই ভিতৰি মোৰ অস্থিৰতা বাঢ়ি গৈছিল। ভিতৰি তোমাৰ প্ৰতি ঈৰ্ষাও হৈছিল কিজানি। এনেকৈ পৰিয়ালে ঠিক কৰি দিয়া সম্পৰ্ক এটাকে ইমান সহজে আকোঁৱালি ল’ব পৰা দেখি। কেৱল মোৰ বাবেই নিজৰ মানুহ, ঠাই সকলো এৰি বিদেশত জীৱন এটা আৰম্ভ কৰাৰ চেষ্টা দেখি। মই তেনেকৈ একোৱে সহজভাৱে ল’ব পৰা নাছিলোঁ। তোমাৰ প্ৰতিটো আন্তৰিক প্ৰচেষ্টাই মোৰ নিজৰ শূন্যতা আৰু অস্থিৰতাত যেন ঘিউহে ঢালিছিল!
সেই খেলিমেলি অৱস্থাটোতে তোমাৰ সৈতে আছমাৰ ঘৰলৈ যাওঁতে উলুপীক লগ পাই গৈছিলোঁ। উলুপীৰ চৌখিনতা আৰু উচ্ছলতাখিনি অতদিনে মই হাঁহাকাৰ কৰি বিচাৰি ফুৰা নতুন অভিজ্ঞতা আৰু উত্তেজনাৰ প্ৰকাশ যেন লাগি গৈছিল। আমি লুকাই লুকাই লগ কৰিবলৈ লৈছিলোঁ। হঠাতে মোৰ একঘেয়ামী জীৱনলৈ নাটকীয় উত্তেজনা আহি পৰা যেন ভাৱ হৈছিল। ক’ব নোৱাৰাকৈয়ে সেই উচ্ছলতাৰ ঢৌত উটি ভাঁহি গৈছিলোঁ মই। তাৰ তীব্ৰতাই মোৰ সকলো ক্ষোভ আৰু অস্থিৰতা ধুই নিকা কৰি দিয়া যেন লাগিছিল।
কিন্তু তাৰ মূল্য মই দিব লগা হ’ল। প্ৰতিদিনেই ঘৰলৈ উভতি আহি তোমাৰ ওচৰত অপৰাধবোধে মোক খুলি খুলি খাইছিল। ভীষণ অন্তৰ্দ্বন্দত ভূগিছিলোঁ। সেইবোৰ তুমি একো জনা নাছিলা কিন্তু তাৰ অসহায় প্ৰকাশ হৈ ওলোৱা মোৰ অনাহক খঙৰ ৰূপ দেখিছিলা। সমগ্ৰ জীৱন যি নিবিড়তাৰ বাবে হাঁহাকাৰ কৰি আছিলোঁ, সেয়া তোমাৰ মাজত পায়ো ভাৰ বব নোৱাৰা হৈ গৈছিলোঁ মই। তোমাৰ দৰে কাকো পোৱাৰ মই যোগ্য নহয় যেন ভাৱ হ’বলৈ লৈছিল। ছমাহৰ পিছত যেতিয়া উলুপীয়ে ক’লে, তাই প্ৰেগনেণ্ট- সেইদিনা মোৰ অপৰাধবোধ আৰু অনুশোচনাৰ সীমা নাথাকিল। সেইবাবেই পোনে পোনে আহি সেইনিশা তোমাক কৈছিলোঁহি। আৰু একোকে তোমাৰ পৰা লুকুৱাই ৰাখিব খোজা নাছিলোঁ। তোমাক কোৱাৰ পিছত উলুপীৰ লগত কথাবোৰ একে হৈ নাথাকিল। যি বিচাৰি আমি সেই সম্পৰ্কত বান্ধ খাই পৰিছিলোঁ, সেইবোৰ কাৰক একে নাথাকিল। উলুপীৰ বাবে মই হয়তো আগৰদৰে তাইৰ উচ্ছলতাৰ বাহক হৈ নৰ’লোঁ। মোৰ বাবে তাত কোনো উত্তেজনা নাথাকিল- কোনো নিষিদ্ধ আনন্দ নাথাকিল। তুমি আয়াৰলেণ্ডলৈ গুচি অহাৰ পিছত উলুপীয়ে যেতিয়া এদিন ক’লে, মোৰ লগত এবাৰো নপতাকৈয়ে তাই নিজে এব’ৰ্ট কৰি আহিল, তাৰ পিছত তাত একোৱে নাথাকিল মোৰ বাবে।’
তুলিকা যেন স্তব্ধ হৈ গ’ল। ইমানবোৰ কথা আৰু যন্ত্ৰণা কি স’তে সামৰি লয় তাই? কি স’তে বুজাৰ চেষ্টা কৰে? চকুৰ পানীও যেন শুকাই গৈছে। দুচকু উখহি পৰিছে। ভাগৰি পৰিছে তাই। ভীষণ ভাগৰি গৈছে।
তাইৰ অৱস্থাটো দেখি বিদ্যুত থিৰেৰে থাকিব নোৱাৰিলে। কাষ চাপি আহি সি লাহেকৈ তাইৰ কাষতে বহিলহি। তাৰপিছত বৰ আলফুলে তাই এখন হাতত ধৰি লৈ ক’লে,
‘মই বহুত ভুল কৰিছোঁ। সেই ভুলৰ শাস্তিও ভূগিছোঁ তুলিকা। কিন্তু তোমাক কোনো কাৰণতে হেৰুৱাব নোখোজোঁ! মোক মাত্ৰ এটা সুযোগ দিয়া। এবাৰ কামেৰে দেখুৱাবলৈ দিয়া, তোমাক কিমান ভাল পাওঁ! আমাৰ সংসাৰখন আগৰ দৰেই সুখৰ কৰি গঢ়িবলৈ এটা সুযোগ দিয়া। মই মা-দেউতাক সকলো কৈছোঁ। সকলো কথাই খোলাখুলিকৈ পাতিছোঁ। মা-দেউতাই মোৰ বাবে যিটোৱে ভাল হ’ব বুলি ভাৱিছিল, তেনেকৈয়ে কৰি আহিছিল। তাৰবাবে মই মা-দেউতাক দোষ দিব নোৱাৰোঁ। সেইখিনি লৈ মই কি কৰিম, নিজৰ জীৱনটো কেনেকৈ গঢ়িম সেয়া মোৰ নিজৰ দায়বদ্ধতা। এতিয়াও আমাৰ কাৰণে বহুত চিন্তা হৈছে মাহঁতৰ। অহা সপ্তাহতে লণ্ডন পোৱাকৈ টিকেট কৰি পেলাইছে। মা-দেউতাই তোমাকো লগ পাব খুজিছে। ভালকৈ কথা পাতিব খুজিছে। তুমি যাবানে মোৰ সৈতে?’
তুলিকাই একো উত্তৰ দিব নোৱাৰিলে। মাথোঁ ভাৱি থাকিল, কিয় এনে হ’য়! কিয় জীৱনে বাৰে বাৰে মুখামুখি কৰি দিয়ে এনে জটিল প্ৰশ্নবোৰৰ সৈতে? এনেকৈয়ে জানো সকলো পাহৰি যাব পাৰি? ইমান সহজে ফাৰমানাৰ এই জীৱন নিশ্চিহ্ন কৰি উভতি যাব পাৰি?
এপাৰ্টমেণ্টৰ দেৱাল ঘড়ীটোত চিকাডি চৰাইৰ গান ভাঁহি আহিল। নিশা এক বাজিছে। সম্বিত অহাৰ দৰে তুলিকা উঠিল। ক্ল’জেটৰ পৰা গাৰু দুটা আৰু কম্বল এখন আনি ক’লা লেডাৰৰ কাউচ্চখনত থ’লেহি। বিদ্যুতৰ প্ৰশ্নবোধক চাৱনিৰ উত্তৰত ক’লে,
‘মোৰ গ্যেষ্ট বেডৰুম নাই। ইয়াতে শুব পাৰা। বাথৰুমো এই ফ্ল’ৰতে সৌ দুৱাৰখন।’
বিদ্যুতে মাথোঁ মূৰ দুপিয়াই গাৰু আৰু কম্বল হাতত ল’লে। তুলিকাই শিথিল খোজেৰে খটখটীৰে উঠি গৈ নিজৰ শোৱাকোঠাৰ দুৱাৰখন জপাই দিলেগৈ।
পিছদিনা বিদ্যুত সাৰ পালে পাকঘৰৰ ব্ৰেড ট’ষ্টাৰৰ ট্ৰিইইইইইং শব্দত। তেতিয়াও তাৰ টোপনিৰ জাল ভগাই নাই। আধা মেল খোৱা চকুৰেই সি দেখিলে, তুলিকাই নীলা সৰু সৰু ফুল থকা চাৰ্ট এটাৰে সৈতে কটনৰ ধোৱাঁবৰণীয়া পেণ্ট এটা পিন্ধিছে। বাহুত একাষৰীয়াকৈ অফিচৰ বেগটো ওলমাই লৈ থিয়ৈ থিয়ৈ ব্ৰেডত পিনাট বাটাৰ লগাইছে। ব্ৰেডডোখৰত একামোৰ মাৰিয়ে তাই যাবলৈ ওলাল।
বিদ্যুতৰ কাষ চাপি আহি ক’লে,
‘বিদ্যুৎ, মোৰ আজি ন বজাতে খেতিয়কৰ সৈতে মিটিং এখন আছে। তুমি যাওঁতে দুৱাৰখন ভালদৰে লগাই থৈ যাবা। অ’ট’লক আছে।’
এইবাৰ সি জাপ মাৰি উঠাৰ দৰে কাউচ্চৰ পৰা উঠি বহিল। অলপ ডাঙৰকৈয়ে সুধিলে,
‘মা-দেউতাৰ সৈতে কথাবোৰ পাতিবলৈ এবাৰ লণ্ডনলৈ আহিবানে? আৰু এটা মাত্ৰ সুযোগ দিবানে মোক? মোক কৈ যোৱা, তুলিকা!’
যাবলৈ লৈও থমকি ৰৈ তুলিকাই অনুস্ব কণ্ঠেৰে মাথোঁ ক’লে, ‘ভাবি চাম!’
কৈয়ে এবাৰো ঘুৰি নোচোৱাকৈ তাই ওলাই আহিল। এপাৰ্টমেণ্ট এৰি শ্লাইগ’ পথত ভৰি দিয়াৰ আগতে চলচলীয়া দুচকু এবাৰ মোহাৰি ল’লে। কেনেকৈ বিদ্যুতক ক’ব তুলিকাই, তাই একে হৈ ৰোৱা নাই। একে হৈ ৰোৱা নাই তাইৰ জীৱন! বিদ্যুতৰ লগত সংসাৰখনেই তাইৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ থকা নাই। এই ফাৰমানাই তাইক এটা নতুন জীৱন দিছে, বহু নতুন আশা আৰু সপোন দিছে। সেয়া আঠমাহৰ আগৰ সেই কাল নিশাটোৰ দৰে এই এটা ৰাতিয়েই সলনি কৰি দিব নোৱাৰে। বিদ্যুতেই নালাগে অন্য কাকোৱে তাই সেই অধিকাৰ নিদিয়ে। তাইৰ জীৱনৰ বাবে, সুখ-দুখৰ বাবে কেৱল তাই নিজে দায়বদ্ধ। তাই নিজে!
অ’ব্ৰায়ান পাবত মুখামুখিকৈ বহি আছে ৰায়ান আৰু তুলিকা। পাবৰ এমূৰে এজাক ডেকা-গাভৰুয়ে গীটাৰত ঝংকাৰ তুলিছে। আইৰিছ পাব মানেই সংগীতৰ মূৰ্চ্ছনা থকাটো যেন বাধ্যতামূলক। সিহঁতৰ সন্মুখত এইমাত্ৰ ৱেইটাৰে দুখন প্লেটত ফিছ এণ্ড চিপছ আৰু দুগিলাচ ড্ৰাফট বীয়েৰ থৈ গৈছে। ইয়াত চিপছ্ মানে আচলতে আলুৰ ফ্ৰাইজ। তাৰ লগত কড মাছৰ টুকুৰাত ময়দাৰ লেপন দি তেলত উপঙাই ভাজি দিছে। অসমত মিহিকৈ কাটি লোৱা ৰঙালাউ ভজাৰ দৰে। মাথোঁ মচমচীয়া ময়দাৰ লেপটো ফালি চালে ৰঙালাউৰ সলনি কাঁইট নোহোৱা মাছৰ টুকুৰাটো ওলাই পৰে।
তাৰে এটুকুৰা মুখলৈ নি ৰায়ানে সুধিলে, ‘তেন্তে কি ভাৱিছা?’
নেচাৰৰ পুনৰ্সংগঠনৰ কথাই পাতি আছিল সিহঁতে। অফিচৰ পৰা ওলায়েই দুয়ো বাহিৰে বাহিৰে লগ হোৱাৰ বাবেই হয়তো পোনেই কামৰ কথাকে ওলাইছিল।
‘নেচাৰত কাম কৰি ভাল লাগিছে। কাম নহয় যেন মোৰ নিজৰ হেঁপাহ পুৰাইছোঁ। প্ৰকৃতিৰ কাৰণে, ইয়াৰ খেতিয়কৰ কাৰণে কিবা এটা কৰিছোঁ। যিমানদিনলৈ পাৰোঁ ইয়াতে কাম কৰাৰ ইচ্ছা। তোমাৰ কি প্লেন?’
তুলিকাই সদায়ৰ দৰে তাইলৈ কৰা প্ৰশ্নটো ওলোটাই ৰায়ানলৈ ঠেলি দিছে। ৰায়ানে সেয়া বুজা হৈছে আজিকালি। সি যে কেৱল কামৰ কথা নহয়, জীৱনৰ কথাহে সুধিছিল সেয়া তায়ো নুবুজাকৈ থকা নাই। কিন্তু কিয়েই বা ক’ব তাই। তাইৰ বাবে যেন বৰ্তমান মানেই কেৱল নেচাৰ- নেচাৰৰ কাম। জানি-বুজিয়ে যেন তাই সিহঁতৰ সম্পৰ্কটোলৈ ৰায়ানে বিচৰা আশ্বাসখিনি আনিব পৰা নাই! বিদ্যুতৰ লগত সংসাৰখন যে এতিয়াও সিহঁতৰ মাজত ওলোমা বাদুলী হৈ ৰৈ আছে। বিদ্যুৎ আৰু তাই পৃথক হৈছে- কিন্তু বিবাহ-বিচ্ছেদৰ বাবে কোনেও খোজ আগবঢ়োৱা নাই। সেই যন্ত্ৰণাই তচ-নচ কৰি যোৱা দিনটোৰ পিছৰে পৰা অজান্তি মুলুকৰ এই নতুন জীৱনটো চলাই নিয়াতেইচোন তুলিকা ব্যতিব্যস্ত হৈ ৰৈছে। বিদ্যুতেনো কি ভাৱিছে বা কি পৰিকল্পনা কৰিছে- সেয়া জনাৰ তাইৰ সাধ্য নাই। যোৱা এমাহমানৰ পৰা সি বাৰম্বাৰ কল কৰি থকা স্বত্বেও তাৰ সৈতে এবাৰো কথা পাতিবলৈ তাইৰ সত যোৱা নাই। সেইবোৰ কথা ৰায়ানক বুজাবই বা কেনেকৈ?
অগ্যতা ৰায়ানেও কামৰে প্ৰসংগ টানিছে।
‘মোৰো ফাৰমানা হেৰ’ল্ডৰ কামত নিচা। যোৱা আঠবছৰমান ধৰি সেই কাকততেই সাংবাদিকতা কৰিছোঁ। কিন্তু যিমানেই ব্ৰেক্সিটৰ ওচৰ চাপিছে, কথাবোৰ জটিল হৈ গৈ আছে। বেয়া খৱৰবোৰ বাঢ়ি গৈ আছে। সেইটোৱে কষ্ট দিবলৈ ধৰিছে জানা।’
তুলিকাই কিছু বুজিছে, বহু কথা এতিয়াও নুবুজাকৈ ৰৈ গৈছে। ব্ৰেক্সিটে যেন উনৈশৰ ট্ৰাবলছৰ ভয়াবহ সময়বোৰ পুনৰ উদঙাই দিব খুজিছে। আইৰিছ আৰু ইংৰাজ পৰিচয়ৰ সংঘাত বোৰ উদঙাই তুলিছে। লগতে কেথলিক আৰু প্ৰটেষ্টাণ্টৰ মাজৰ বেঁৰাখনো ক্ৰমাৎ ওখ হৈ যাবলৈ ধৰিছে। ইমান অসময় এয়া! কিন্তু যেন এই অসময়কো আওকান কৰি সিহঁতৰ হৃদয় দুখনত নিৰলে এটা সপোনে ঘৰ সাজিবলৈ আৰম্ভ কৰিছে। অতীত আৰু বৰ্তমানৰ জটিল সময়বোৰ দেও দি গৈ ভৱিষ্যতৰ বাবে এখন ৰামধেনু সাজিব খুজিছে।
কথাৰ মাজতে ৰায়ানে টাৰটাৰ চচত ডুবাই লৈ মাছৰ টুকুৰা এটা মুখত ভৰালে। তাৰ অজানিতে ওঁঠৰ ঠিক তলতে চিকুণকৈ ৰখা দাঢ়ি দুডালমানত বগা চচখিনিৰ অকণমান লাগি ৰ'ল। আলুৰ চিপছ এটা মুখত দিবলৈ লৈও ঠিক সেইখিনিতে তুলিকাৰ দুচকু থৰ হৈ ৰ'ল। বেছ কিছুপৰৰ বাবে। বহু চেষ্টা কৰিও তাৰ পৰা চকু আঁতৰাই তাই খোৱাত বা তাৰ কথাত মনোযোগ দিব নোৱাৰিলে। মনতে নিজক কিছু ভৰ্ৎসনা কৰি লৈ কিছুপৰৰ পিছত তাই সংকোচেৰে কৈ পেলালে,
'ৰায়ান, তোমাৰ মুখত অলপ চচ লাগি আছে।'
ৰায়ানৰ কথা ক্ষন্তেকৰ কাৰণে ৰৈ গ'ল। কিন্তু অকণো বিব্ৰত হোৱা যেন নেদেখাই সি মাথোঁ হাঁহিলে। লাহেকৈ নেপকিন এখন টান মাৰি লৈ মুখখন মোহৰিলে।
'গ'ল নে?' সি সুধিলে।
'হা অঁ, আৰু অলপ ওপৰলৈ। অঁ, তাতে।'
তাৰ ওঁঠ যুৰিলৈ ইমান দীঘলীয়াকৈ চাই থাকি তুলিকা অলপ ৰঙা-চিঙা পৰাৰ দৰে হ'ল। ৰায়ানৰ মিচিকিয়া হাঁহিয়ে ঠেলি পঠোৱা ঢৌ জাকে তাৰ দুচকু যেন ঢাকি পেলাব খুজিছে। মুদ খাই যাব খোজা চকুযুৰিত সেয়া নীলিম সাগৰখনৰ ঢৌবোৰে খেলা কৰিছে। তাইৰ মূৰৰ পৰা ভৰিলৈ এটা শিহৰণ বৈ গ’ল!
‘অসমৰ কথা কোৱাচোন!’ তাইৰ দুচকুত চকু থৈ ৰায়ানে এইবাৰ সুধিলে। সেই প্ৰথম লগ পোৱাৰ দিনটোৰ দৰেই তেওঁৰ দুচকুত অদম্য হেঁপাহ। হেঁপাহ তুলিকাক জনাৰ, তাইক আপোন কৰি লোৱাৰ।
কি ক’ব তাই। সেইবাৰ ৰ’ৰি জিৰ উৎসৱতে কোৱাৰ পিছত আজিলৈকে বিদ্যুতৰ কথা উলিওৱা নাই তুলিকাই। মাক-দেউতাকৰ কথাও যেন কেনেকৈ ক’ব তাকে ভাৱি পোৱা নাই এতিয়াও। মাক সুখী হৈছে- তাই জানে। তেওঁ নতুন উদ্যমেৰে নিজা জীৱন এট গঢ়ি লৈছে। আনকি ওচৰৰে চেণ্টাৰ এটালৈ গৈ ব্যায়াম কৰিবলৈও লৈছে। প্ৰায়ে তুলিকাক উৎসাহেৰে ক’বলৈ লৈছে, প্ৰথমবাৰৰ বাবে নিজৰ দেহ আৰু মনৰ যত্ন লৈ কেনে সন্তুষ্টিয়ে ভৰ কৰিছেহি তেওঁৰ হৃদয়ত। দেউতাকে বুজি পাইছে, আগৰদৰে তেওঁ বিয়াৰ বান্ধোনৰ নামত মাকক মনাব নোৱাৰা হৈছে। মাকৰ গাত হাত তোলা মাতাল নিশাবোৰে সেই অধিকাৰ কাঢ়ি লৈ গৈছে কেতিয়াবাই!
‘কি ভাৱিছা ইমানকৈ?’ ৰায়ানেই নীৰৱতা ভাঙিলে।
‘কিনো ক’ম ভৱিছোঁ।’
‘মই চোন অসমৰ কথা বিশেষ একো নাজানোৱে- গতিকে সকলো কোৱা। তোমাৰনো কি ভাল লাগে তাকে কোৱা!’ ৰায়ানে হাঁহি পেলালে। তেওঁৰ চিক্মিক্ দুচকুৱেও যেন বহু কথা ক’ব খুজিছে। অ’ব্ৰায়ান পাবৰ ভিতৰলৈকে ফাগুণৰ পছোৱা এছাটি সোমাই আহিছে!
তুলিকায়ো হাঁহিছে। হাঁহি হাঁহি কৈ গৈছে তাই এৰি অহা দিখৌ নৈৰ দুয়োপাৰৰ সেউজীয়াৰ কথা, পাটী চাইকেলখন লৈ অলৌ টলৌকৈ ঘুৰি ফুৰা উদঙীয়া দুপৰীয়াবোৰৰ কথা আৰু মাকৰ হাতৰ ঔটেঙা দিয়া মাটিডাইলৰ সোৱাদৰ কথা। ৰায়ানে পৰীৰ দেশৰ সাধুকথা শুনাদি হেঁপাহেৰে শুনিছে। তেওঁৰ বাবে যেন সেই অসমহে এক অজান্তি মুলুক। য’ত এই তুলিকাৰ জন্ম হৈছে- যাৰ মাটিয়ে বালিয়ে খেলি তাই ডাঙৰ হৈছে- কেতিয়াও কল্পনাও নকৰাকৈ যে এদিন সিহঁত দুয়ো এইদৰে ফাৰমানাৰ এটি পাবত বহি ৰ’ৱ। মুখৰ ভাষাতকৈ বহু বেছি কথা সিহঁতৰ দুচকুৱে কৈ যাব। কৈ যাব ক্ৰমাৎ কাষ চাপি অহা সিহঁতৰ হৃদয় দুখনে। ইমান অচিনাকি অথচ ইমান চিনাকি!
‘তোমাৰ মা-দেউতাৰ কেনে?’ তুলিকাই সুধিলে। অন্যমনস্ক ৰায়ান উভতি আহিল পাবৰ গানলৈ, সিহঁতৰ মাজত টেবুলত ৱেইটাৰে চিন থৈ যোৱা সেউজ-হালধীয়া পুতলা হাঁহটোলৈ। সেইটোকে লিৰিকি বিদাৰি থাকি সি ক’লে,
‘মাৰতো জানাই। ডেৰীতে আছে- গীৰ্জা আৰু লিখা-মেলাৰ কামত ব্যস্ত। দেউতা এতিয়াও শ্লাইগ’ত।’
‘মা-দেউতাক বেলেগে থকা দেখি তোমাৰ বেয়া লাগে নেকি, ৰায়ান?’ বহুদিন সোধোঁ সোধোঁকৈও নোসোধা প্ৰশ্নটো আজি তুলিকাই সুধি পেলালে। কৈ উঠিয়ে আশংকা কৰাৰ দৰে ৰায়ান অসহজ নহ’ল। ফিছ এণ্ড চিপছ্ৰ সোৱাদ লৈ থাকিয়ে সহজভাৱে উত্তৰ দিলে,
‘অভ্যস্ত হৈ গৈছোঁ জানা। মা-দেউতা চিৰদিন একেলগে থকাটোৱে সকলোৰে সহজাত সপোন, নহয় জানো? কিন্তু তাত সুখৰ প্ৰশ্নটো যেন বাদ পৰি যায় কেতিয়াবা! একেলগে থাকিও দুয়ো দুটা পৃথক জীৱন চলাই নিয়া বা দুয়ো ভিতৰি চিৰদিন অসুখী হৈ ৰোৱাটো কেনেকৈ যুক্তিকৰ হ’ল কোৱাচোন? অন্তত: মোৰ মা-দেউতাৰ ক্ষেত্ৰত মই সেয়াই দেখিছোঁ। বিচ্ছেদৰ পিছতহে দুয়ো সঁচা অৰ্থত সুখী হোৱা দেখিছোঁ।’
তুলিকাই একো নক’লে। ভাৱিলে মাথোঁ, কোনটো বেছি ডাঙৰ? পাৰস্পৰিক সুখ নে বিয়াৰ বান্ধোন? নে দুয়োটা একেলগে তুলাচালনীত উঠাটোৱে আধুনিক সমাজৰ এক ব্যাধি?
‘বিয়াক তুমি কেনেকৈ লোৱা, ৰায়ান?’ ক’ব নোৱাৰাকৈয়ে যেন প্ৰশ্নটো ওলাই আহিল তুলিকাৰ মুখেৰে।
ৰায়ান ক্ষন্তেক ৰ’ল। যেন ভাৱি চালে বহুদিন ভাৱি নোপোৱা প্ৰশ্নবোৰ। তুলিকাৰ অতীতটোৰ ঢুকি নোপোৱা কথাবোৰ!
‘মোৰ কাৰণে বিয়া মাথোঁ এটা সামাজিক স্বীকৃতি। তাতোকৈ বহু বেছি দৰকাৰী হৃদয়ৰ বান্ধোন। বিয়াৰ বান্ধোন আৰু সংসাৰখন চলাই নিবলৈ কষ্ট কৰাৰ দৰকাৰ। কিন্তু কিমান কষ্টৰ পিছত সেই কষ্ট এই জীৱনৰ বিকল্প হ’ব নোৱাৰে সেয়াও জনাটো খুউব দৰকাৰী।’
তুলিকাই যেন কেতিয়াও কথাবোৰ তেনেকৈ ভৱা নাই! ভাৱিবলৈকে শিকা নাই! কিন্তু এই মুহূৰ্তত ৰায়ানৰ কথাখিনি যেন খাপ খাই পৰিল সিহঁতৰ দুয়োৰে মাক আৰু দেউতাকৰ সংসাৰ দুখনত। আনকি তাইৰ আৰু বিদ্যুতৰ সংসাৰখনতো।
পাবত গানৰ মূৰ্ছনা শেষ হৈছে। তাৰ লগে লগে যেন পৰিৱেশটোও সলনি হৈছে। একোণৰ বিশাল স্ক্ৰীণত ছ’কাৰ খেল ভাঁহি আহিছে। চাৰিওফালে মানুহবোৰ গোট খাইছে। ছ’কাৰ মানে ইয়াৰ ফুটবল। জনপ্ৰিয় দলৰ মাজত হোৱা খেল এনেকৈ পাবত একেলগে হৈ চৈ কৈ চোৱাটোও এটা পৰম্পৰা।
‘ব’লা আৰ্ণ নৈৰ পাৰে পাৰে অলপ খোজ কাঢ়োঁগৈ।’ ৰায়ানে টিভিৰ স্ক্ৰীণ আৰু গমগমাই অহা পৰিৱেশটো মন কৰিয়ে কিজানি ক’লে।
দুয়ো ওলাই আহিল। এনিছকিলেন টাউনৰ মাজেৰেই বৈ গৈছে আৰ্ণ নৈখন। নৈৰ পাৰে পাৰে পদচাৰীৰ বাবে পকা কৰি দিয়া এটা ঠেক বাট। সেইবাটেৰেই দুয়ো আগবাঢ়িল। ৰায়ানৰ কাষে কাষে খোজ দি তুলিকা যেন কিছু আনমনা হৈ ৰ’ল। আৰ্ণ নৈৰ কঁপি থকা নীলিম ঢৌবোৰৰ দৰেই যেন তাইৰ অনুভৱৰ পৃথিৱীখন কঁপাই গ’ল ৰায়ানৰ সান্নিধ্যই, ৰায়ানৰ দৃষ্টি আৰু কথাই। বহু কথাই কৈ পেলাবলৈ মন গ’ল। ক’বলৈ মন গ’ল কেনেদৰে এখন উমাল কম্বলৰ দৰে ৰায়ানে ছাটি ধৰিব খুজিছে তাইক। অতদিনে যন্ত্ৰণাই কোঙা কৰি ৰখা তাইৰ হৃদয়খন সেই উমাল পৰশত নিজাৰ পৰি আহিছে। কেতিয়াও নভৱাকৈ তাইৰ জীৱনলৈ যেন বসন্ত নামিছে। অথচ ইমান ভিন্ন এই দ্বিতীয় বসন্ত! ইমান ভিন্ন এই সম্পৰ্ক। অতদিনে ৰোমাণ্টিক উপন্যাস- চিনেমাই বৰ্ণনা কৰাৰ দৰে তায়ো ভাৱিছিল, প্ৰেম মানেই এক উচ্ছল আবেগৰ জোৱাৰ। যি উটুৱাই লৈ যাব পাৰে সকলো হতাশা আৰু যন্ত্ৰণা। সকলো পাহৰি দিবাস্বপ্ন দেখিব পাৰি সিপাৰৰ সেউজীয়াৰ। কিন্তু ৰায়ানৰ সৈতে যেন তাইৰ এক ভিন্ন সংযোগ এয়া। তেওঁক কাষত পালে তাইৰ বুকুৰ ধপধপনিবোৰ কমি যায়। অস্থিৰতাৰ বতাহজাক থামে। সংঘাতে তচনচ কৰি দিয়া হৃদয়খনে যেন অকণমান জিৰাই লয়। সিদিনা এইখিনিকে শুনি লৈ থেৰাপিষ্ট মিচেলে তাইক বুজাইছিল, সেয়াই প্ৰকৃতাৰ্থত সহমৰ্মিতাৰ চিন। এই দুসঃহ জীৱনটো সহনীয় কৰি তোলাৰ বাবে, সঁচা অৰ্থত উদযাপন কৰিবৰ বাবে তেনে এক সহযাত্ৰীৰেইতো প্ৰয়োজন তাইক। সকলো বুজিও স্বীকাৰ কৰি লোৱা নাই তাই। সেয়ে ৰায়ানকো একোকে কোৱা হোৱা নাই। সেই বাটেৰে আগুৱাই যোৱা হোৱা নাই। যিমান অস্বীকাৰ কৰিলেও সেই বাটত যেন বিদ্যুত থিয় দি আছে। এতিয়াও।
‘সেইবোৰ গাল চৰাই, নহয়?’ ৰায়ানে হঠাৎ থমকি ৰৈ নৈৰ সিটো পাৰলৈ আঙুলীয়াই সুধিলে।
আনমনা হৈ গৈ থকা তুলিকাই ক’ব নোৱাৰাকৈয়ে ৰায়ানৰ বাহুত খুন্দিয়াই দিলেগৈ। এছাটি বিজুলীয়ে যেন জিলিকাই গ’ল দুয়োৰে মুখ! ৰায়ানে হাঁহিলে, তায়ো। তাইৰ বাহুত লাহেকৈ ধৰি ৰায়ানে মৰমেৰে ক’লে,
‘ইমানকৈ কি ভাৱিছানো?’
তুলিকাৰ কৈ পেলাবৰ মন গ’ল, ৰায়ানৰ কথাকে ভাৱিছে তাই। লাহে লাহে যেন সপোন দেখাৰ হেঁপাহ এটাই বাহ লৈছে তাইৰ বুকুত। দেহে-মনে আবেগবোৰে শিহৰণ তুলিবলৈ লৈছে। মুখৰ পৰা হাঁহিটো নাঁতৰা হৈছে। ৰায়ানে বুজিছেনে? তাইৰ দৰেই তাৰ দেহতো ফাগুণৰ পছোৱা লাগিছেনে? তাৰ সলনি তাই মাথোঁ ক’লে,
‘একো ভৱা নাই! অঁ সেয়া ক’লা-মূৰীয়া গাল। বৰ ধুনীয়া নহয়নে ক’লা মূৰেৰে সৈতে সিহঁতৰ শুধ বগা দেহ?’
‘অঁ, ইয়াত পিছে গাল চৰাইৰ চোৰ বুলি বদনাম, জানা নহয়? কোন পলকত মানুহৰ বেগ, হাত আনকি মুখৰ আগৰ পৰাই খাদ্য কাঢ়ি নিয়ে ক’বই নোৱাৰি।’
তুলিকাই যেন নকৈ নোৱাৰিলে, ‘সেয়াই সিহঁতৰ মানুহৰ সমাজৰ লগত টিকি থকাৰ বাবে অভিযোজন। সিহঁতৰ প্ৰাকৃতিক খাদ্য কম হৈ অহা এই দিনবোৰত তেনে সহজ উপায়েৰে খাদ্য বিচৰাৰ বাদে কিয়েইবা কৰিব!’
ৰায়ান কাষ চাপি আহিল। বৰ আলফুলে তাইৰ কান্ধত হাতখন থ’লে। তাৰপিছত স্বগতোক্তি কৰাৰ দৰে তাইৰ কাণে কাণে ক’লে,
‘তুমি এই চৰাইবোৰক, এই প্ৰকৃতিক ইমান বুজা। ইমান ভাল পোৱা। এই কথাটো মোৰ খুউব ভাল লাগে জানা, তুলিকা!’
তুলিকাৰ মন ভৰি গ’ল। যেন এপলকৰ বাবে অদৃশ্য দেৱালখন খহি পৰিল। ৰায়ানৰ দৰেই তাইৰো এটা বাহুৰে তেওঁৰ কঁকালত মেৰিয়াই ধৰিবলৈ তীব্ৰ ইচ্ছা হ’ল। সকলো দেও দি গৈ ৰায়ানৰ দুচকুৰ নীলিম সাগৰখনত ডুব যোৱাৰ বাসনা জাগিল। কিন্তু তাই লৰচৰেই নহ’ল। একোকে ক’বও নোৱাৰিলে। ৰায়ানৰ সোঁহাতখন তেনেদৰেই তুলিকাৰ কান্ধত ৰ’ল। দুয়ো নীৰৱে থিয় দি আৰ্ণ নৈলৈ চাই ৰ’ল। লাহে লাহে পশ্চিমৰ আকাশখনলৈ ফাকু গুড়ি ছটিয়াই আৰ্ণ নৈৰ সিপাৰে বেলিটো ডুবিবলৈ ধৰিলে।

‘উভতো ব’লা। কাইলৈ ৰাতিপুৱাই এঠাইত জৰীপ আছে!’ অৱশেষত তুলিকাই লাহেকৈ উচ্চাৰিলে। মনে মনে ভাৱিলে, সিদিনাৰ দৰে আজিও ৰায়ানে ক’ব নেকি, ‘আজি ৰৈ যোৱা!’ সেইদিনা ডেৰীৰ পৰা ৰায়ানৰ মাক পেট্ৰিচিয়া আহিছিল। মাকৰ সৈতে একেলগে ৰাতিৰ সাঁজ খাবলৈ ৰায়ানে তুলিকাক ঘৰলৈ মাতিছিল। কিছু অসহজ ভাৱেৰে হ’লেও প্ৰথমবাৰৰ বাবে ৰায়ানৰ অকণমানি এপাৰ্টমেণ্টটোত ভৰি দিছিলগৈ তুলিকাই। অৱশ্যে ক্ষন্তেকৰ ভিতৰতে আগৰ দৰেই পেট্ৰিচিয়াৰ সান্নিধ্যই পৰিৱেশটো জীপাল কৰি পেলাইছিল। ৰাতিৰ সাঁজ খাই কথাৰ মহলা মাৰি এটা সময়ত আহিবলৈ উঠোঁতেই ৰায়ানে কৈ পেলাইছিল, ‘আজি ৰৈ যোৱা নহ’লে!’ তুলিকা মূক হৈ পৰিছিল। যেন কাহানিও নুশুনা অবোধ্য কথা এষাৰ শুনা পালে তাই! তাৰপিছত খপজপকৈ কৈ পেলাইছিল, ‘নাই নাই, মই যাব লাগে!’ ৰায়ানৰ আহত চকুযুৰি চাবলৈ তাইৰ সাধ্য নাছিল।
সিদিনাৰ পিছত কেতিয়াও ৰায়ানে তাইক ঘৰলৈ মতা নাই। আজিও যাবলৈ সাজু হৈ ক’লে,
‘ঠিকেই। মোৰো কাইলৈকে ৰিপৰ্টিঙৰ কাৰণে এঠাইলৈ যাব লগা আছে। এসপ্তাহ পিছতহে উভতিম। তেতিয়াও আকৌ লগ হ’ম দিয়া।’
দুয়ো উভতনি বাটত খোজ দিলে। খোজৰ লগে লগে কেইবাবাৰো সিহঁতৰ দুবাহু ঘঁহা খালে। প্ৰতিবাৰেই দুয়োৰে দেহ আৰু মনৰ মাজেৰে পাৰ হৈ যোৱা শিহৰণটো এক হৈ ধৰা দিলে। কিন্তু একোৱে যেন হোৱা নাই এনে ভাৱেৰে দুয়ো গৈ থাকিল। শ্লাইগ’ পথৰ পদপথতে দুয়ো ৰ’ল। সেই পথৰ সিপাৰে দুখোজমান গ’লেই তুলিকাৰ এপাৰ্টমেণ্ট।
বতাহত বিয়লিৰ ছাঁ। বাটত ঘৰমুৱা লোকৰ ভিৰ। পদচাৰীৰ বাবে থকা ক্ৰছিং পইণ্টত হালধীয়া ছুইচটো টিপি তুলিকা থিয় দি ৰ’ল। পদচাৰীৰ সংকেতৰ ৰং ৰঙাৰ পৰা বগা হোৱালৈ অপেক্ষা কৰিলে। বগা হোৱাৰ লগে লগে যাবলৈ উদ্যত হৈ তাই এবাৰ ৰায়ানলৈ ঘুৰি চালে। সেই দুচকুৰ সুতীব্ৰ আকৰ্ষণে যেন মুহূৰ্ততে চুম্বকৰ দৰে টানি লৈ যাব খুজিলে। সেই উখল মাখলৰ মাজতেই বাটটো পাৰ হ’ব খোজোঁতেই ৰায়ানৰ চিৎকাৰ ভাঁহি আহিল।
‘ৱাটছ আউট তুলিকা- চাই লোৱা!’
তুলিকাই কিবা তলকিবলৈ পোৱাৰ আগতেই ৰায়ানে বাওঁহাতখনত টানি তাইক পুনৰ পদপথলৈ উভতাই আনিলে। লগে লগে ৰৈ গ’ল ঘাইপথত তীব্ৰ গতিৰে আহি থকা শুধ বগা টেছলাখন।
খৰৰৰৰচ্………
কোনোমতেহে গতি থমাই গাড়ীখনে পদচাৰী পাৰ হ’বলৈ ৰখা বগা আঁচডাল চুই ৰ’ৱলৈ সক্ষম হ’ল। ৰায়ানে তেতিয়াও তাইৰ বাওঁহাতখনত জোৰেৰে খামোচ মাৰি আছিল। কিছু বিব্ৰতভাৱেৰে তুলিকাই সেই গাড়ীলৈ চালে।
এইখন গাড়ী তাই চিনি পায়। খুউব ভালকৈ চিনি পায়!
সেই উপলব্ধিৰ লগে লগে তাইৰ চকু গ’ল গাড়ীৰ চালকলৈ। আৰু লগে লগেই যেন তাই এক প্ৰস্তৰ মূৰ্ত্তি হৈ পৰিল। ভূত দেখাৰ দৰে সেই একেই চকিত ৰূপেৰে সেয়া গাড়ীৰ ভিতৰত বহি আছে বিদ্যুৎ!!!!
পূৰ্বৰ খণ্ডসমূহ: