Saturday 18 May 2024

ফাৰমানা: খণ্ড ২৫

কেতিয়াবা ভাৱ হয় যেন জীৱনৰ দৃশ্যপটত মানুহ ৰছী টনা পুতলাৰ দৰে। জীৱনৰ কোনটো কেঁকুৰিত কি ৰৈ আছে জনাৰ সাধ্য নাই, বিধিৰ বিধান সলোৱাৰ কোনো উপায় নাই। মানুহে যি কাৰণতে নহওক, যিফালেই বাট বুলিবলৈ মন নকৰক, জীৱনে অবাধ্য নদীৰ দৰে নিজৰ বাট নিজে কাটি লয়। ফাৰমানাৰ সেমেকা সন্ধিয়া এটাত বিদ্যুতৰ মুখামুখিকৈ চকীখনত বহি ৰোৱা তুলিকাৰ মনত তেনে এটা অনুভৱেই দোলা দি গ’ল। তেতিয়ালৈ ৰায়ান ঘৰৰ সন্মুখৰ পদপথৰ পৰাই নিজৰ ঘৰলৈ উভতি গৈছে। সেই কিংকৰ্তব্যবিমূঢ় মুহূৰ্তটোত তুলিকায়ে কৈ পেলাইছিল,

‘তুমি যোৱা ৰায়ান। পিছত সকলো বুজাই ক’ম!’

তাইৰ চকুৰ আকূতি দেখি ৰায়ানে নিজৰ সকলো আশ্চৰ্য্য আৰু প্ৰশ্ন সামৰি নিমাতে গুচি গৈছিল। আৰু বিদ্যুৎ! ৰায়ান যোৱাৰ দিশলৈ তুলিকাই চাই ৰওঁতেই বিদ্যুতে গাড়ীখন ৰখাই আহি তাইৰ সন্মুখত থিয় দিছিলহি। শ্লাইগ’ পথৰ সেই পদপথতে দুয়ো যেন প্ৰস্তৰ মূৰ্ত্তি হৈ গৈছিল! তাৰপৰা গৈ তুলিকাৰ এপাৰ্টমেণ্ট ওলোৱাৰ পৰলৈকে দুয়োৰে মাজত কোনো শব্দ বিনিময় নহ’ল। আনকি যেন চকুৱে চকুৱে চোৱাৰো মানসিক শক্তি নাথাকিল দুয়োৰে। ঘৰ সোমায়ে ঘট্‌ ঘট্‌কৈ এগিলাচ পানী খাই লৈ তুলিকাই নিজকে শান্ত কৰিবলৈ চেষ্টা কৰিলে। প্ৰথমে বিদ্যুতেই মুখ খুলিলে,

‘কেনে আছা, তুলিকা?’

তুলিকা নীৰৱে ৰ’ল। কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে তাই। বিদ্যুতে পুনৰ ক’লে,

‘বাৰম্বাৰ চেষ্টা কৰিও তোমাক ফোনত নাপাই গুচি আহিলোঁ। আহি পাই দেখোঁ নেচাৰৰ অফিচ ইতিমধ্যেই বন্ধ হৈ গৈছে। সকলো ঘৰাঘৰি গৈছে। জেনিটৰ পলেহে ক’লে, তুমি শ্লাইগ’ পথৰে কোনোবা এখিনিত থাকা বুলি। সেয়ে কেনেবাকৈ তোমাক দেখা পাই যাম বুলিয়ে এই বাটতে তহল দি আছিলোঁ। বহুপৰ অহা-যোৱা কৰি কৰি অধৈৰ্য হৈয়ে এক্সিলেটৰত ভৰি ডবাই পাইছিলোঁ নেকি! কি জানো……’

‘কিয় আহিলা তুমি??’ বিদ্যুতৰ কথাৰ মাজতে ঘপকৈ বহাৰ পৰা উঠি তুলিকাই কৈ পেলালে!

তাই যেন বিদ্যুতৰ একো কথাই শুনিব খোজা নাই। শুনিবলৈ তাইৰ ধৈৰ্য নাই। তাৰ ৰুক্ষ দাঢ়ি-মুখৰ ভাষা পঢ়িব খোজা নাই। চাব খোজা নাই চৌখিন বিদ্যুতৰ অবিন্যস্ত কাপোৰ-কানি, দুচকুৰ তলৰ গভীৰ ক’লা দাগ! মাথোঁ জানিব খুজিছে, কি বিচাৰিছে সি? কি আশা কৰি সি এনেকৈ তুলিকাৰ জীৱনত অনাধিকাৰ প্ৰৱেশ কৰিছেহি?

বিদ্যুৎ যেন কিছু স্তম্ভিত হ’ল। এপলক ৰৈ আহত কণ্ঠ এটাৰে ক’লে,

‘তোমাকে বিচাৰি আহিছোঁ, তুলিকা। তোমাক। এবাৰতো মোৰ কথাখিনি শুনি লোৱা। কেনে আছোঁ এবাৰ সোধা!’

বিদ্যুতৰ কথাত সেই মুহূৰ্ততো তুলিকাৰ হাঁহি উঠি গ’ল! সি কেনে আছে সুধিব? তাৰবাবে বহুত পলম হৈ যোৱা নাইনে? সেই কাল নিশাটোৰ পিছত সিহঁতৰ বাবে সেই প্ৰশ্নটোৰ কিবা অৰ্থ থাকিলনে?

তুলিকাই একো নোকোৱাকৈয়ে বিদ্যুতে যেন তাইৰ মুখৰ অভিব্যক্তি পঢ়ি পেলালে! আবেগ সনা মাতেৰে সি কৈ গ’ল,

‘তুলিকা, মই জানো, মই বহুত ভুল কৰি পেলাইছোঁ। তোমাৰ বিশ্বাস হেৰুৱাই পেলাইছোঁ। মই কৰা ভুলবোৰৰ হৈ একো অজুহাত দিব নোখোজোঁ। কিন্তু তুমি গোটেইবোৰ কথা জনাটো বিচাৰোঁ। এই গোটেই বছৰটোৰ এটা এটা দিন মই বহুত কষ্টত কটাইছোঁ। প্ৰতিদিনেই তোমাৰ কথা ভাৱিছোঁ, প্ৰতি নিশা পাৰ কৰিছোঁ অনুশোচনাত লেটি লৈ। আৰু এই সময়খিনিতে প্ৰথমবাৰৰ কাৰণে মই যেন নিজকে বুজিবলৈ আৰম্ভ কৰিছোঁ, উপলব্ধি কৰিছোঁ ক’ৰ পৰা কেনেকৈ এইখিনি পালোঁহি। সেয়ে আজি গুচি আহিলোঁ। কাৰণ মই জানোঁ, তোমাক যদি মোৰ মনৰ কথাখিনি নকওঁ, এবাৰ যদি তাৰ চেষ্টাও নকৰোঁ- তেন্তে জীৱনলৈ সেই আত্মগ্লানিয়ে মোক জ্বলাই মাৰিব।’

তুলিকা এইবাৰ ধুপুচকৈ বহি পৰিল। একোৱেই ক’ব নোৱাৰিলে তাই। মাত্ৰ দুয়ো হাতেৰে মুখ ঢাকি নিশব্দে এবাৰ উচুপিলে। বিদ্যুতে কেতিয়াও আগতে এনেদৰে কথা কোৱা নাই। তুলিকাই বহু বিচৰা স্বত্বেও তাৰ অন্তৰ্জগতখন উদঙাই দিব খোজা নাই। দুস্বপ্ন হৈ পৰা সিহঁতৰ সাংসাৰিক জীৱনটোত এনে এক সততা আৰু অকপট মুহূৰ্তৰ বাবে কিমান যে হাহাঁকাৰ কৰিছিল তাই। কিন্তু তেতিয়া বিদ্যুতে অহৰহ তুলি ৰাখিছিল অবোধ্য প্ৰাচীৰৰ দেৱাল। তাই বুজিব পৰা নাছিল কিহে কুটি কুটি খাই নিছিল সিহঁতৰ সুখ আৰু ভালপোৱা। সেই দিনবোৰৰ স্মৃতিয়ে তাইক পুনৰ এবাৰ কন্দুৱাই পেলালে। তাইৰ কাষ চাপি গৈ এবাৰ আলফুলে আকোঁৱালি লোৱাৰ প্ৰবল ইচ্ছাটো দমাই বিদ্যুৎ নিজৰ ঠাইতে বহি ৰ’ল। সি জানে, সেই অধিকাৰ ইতিমধ্যে হেৰুৱাই পেলাইছে!

কিছুপৰ নীৰৱে ৰোৱাৰ পিছত তুলিকা স্থিৰ হ’ল। চকুপানী মোহাৰি লৈ বৰ দুৰ্বল কণ্ঠেৰে ক’লে, ‘কোৱা।’ সেই এটা শব্দ ক’বলৈকো যেন তাই অন্তৰৰ বহু বাধা দেও দি আহিব লগা হ’ল।

বিদ্যুতে বহা ঠাইতে কিছু লৰচৰ কৰি উঠিল। তাৰপিছত তাইৰ চকুত চকু থৈ ক’লে,

‘আমাৰ সংসাৰখনৰ এই অৱস্থাটোৰ বাবে ময়ে সম্পূৰ্ণ দায়ী, তুলিকা। মোৰ নিজৰ ভিতৰতে বহু যুঁজ-বাগৰ আছে যিবোৰ তোমাক আগতে কেতিয়াও কোৱা নহ’ল। হয়তো তোমাক বুজাই ক’ব পৰাকৈ মই নিজেই সেয়া বুজি পোৱা নাছিলোঁ। আজি ছমাহে কাউন্সেলিং কৰি কৰিহে সেই কথাবোৰৰ মৰ্ম উপলব্ধি কৰিছোঁ। বুজিছোঁ, সেইবোৰে কেনেকৈ মোৰ জীৱনটো তচ-নচ কৰি পেলালে।’

সি কিছু ৰৈ দীঘলকৈ এটা উশাহ টানি ল’লে। তাৰপিছত পুনৰ কৈ গ’ল,

‘তোমাক বহু আগৰ পৰা কথাবোৰ ক'ব লাগিব। তুমিতো জানাই, মই ডেৰাডুনৰ ইণ্টাৰনেশ্যনেল স্কুলত পঢ়িছিলোঁ। মোৰ কেৰিয়াৰক লৈ মা-দেউতাৰ সপোনৰ সীমা নাছিল। সেইবাবেই কিজানি একমাত্ৰ ল’ৰা যদিও তেনেকৈ ইমান দূৰৈত ৰাখিছিল। ইমান সৰুতেই খেলাৰ সমনীয়া, ঘৰৰ মুকলিমুৰীয়া পৰিৱেশ সকলো এৰি বৰ্ডিং স্কুলৰ নীতি-নিয়মত খাপ খাবলৈ মোৰ বৰ কষ্ট হৈছিল। মা-দেউতাৰো। ডিগবৈৰ পৰা যেতিয়াই গৈ ওলায়, মোক হোষ্টেলত এৰি অহাৰ পৰত মায়ে সদায়ে কান্দিছিল। ময়ো লুকুৱাই লুকুৱাই উচুপিছিলোঁ। কিন্তু এটা ভাল কেৰিয়াৰ আৰু ভাল জীৱনৰ স্বাৰ্থতে ঘৰ আৰু অসমৰ পৰা ইমান আঁতৰত থকাটো আমি প্ৰত্যেকেই মানি লৈছিলোঁ কিজানি। সেইকাৰণেই মা-দেউতাৰ সপোনবোৰ পূৰাবলৈ মই দিনে-ৰাতিয়ে কষ্ট কৰিছিলোঁ। পঢ়া-শুনাৰ বাহিৰে একোলৈকে ধ্যান দিব খোজা নাছিলোঁ। শুৱা-খোৱা আৰু পঢ়াই মোৰ জীৱন হৈ পৰিছিল। সেইমতেই ৰিজাল্টো ভাল হৈছিল। তাৰপিছত দিল্লী বিশ্ববিদ্যালয়ত পঢ়িলোঁ। মা-দেউতাৰ সুখ আৰু গৌৰৱৰ সীমা নাছিল। তাৰ লগে লগে সপোনৰ পৰিধিও বাঢ়ি গৈছিল। যেন প্ৰতিবাৰেই গৈ পোৱাৰ লগে লগেই লক্ষ্যৰ ঘাইখুঁটিটো আগলৈ ঢাপলি মেলিছিল। নিজেও কিজানি সেই দৌৰতে অভ্যস্ত হৈ গৈছিলোঁ। মোৰ চাৰিওদিশে কি হৈছে-নহৈছে, মোৰ ইচ্ছা-অনিচ্ছা সকলো একাষে থৈ বছৰ বছৰ ধৰি মাথোঁ দৌৰাতে লাগি থাকিলোঁ।

লণ্ডন স্কুল অব ইক’নমিকছত এম বি এ কৰিবলৈ স্ক’লাশ্বিপ পোৱাৰ দিনাহে প্ৰথম বাৰৰ বাবে ভাৱ হৈছিল, আই হেভ মেইড ইট! মই লক্ষ্য চুইছোঁহি। মা-দেউতাৰ প্ৰতি ঋণমুক্ত হৈছোঁ। কিন্তু ভাৰত এৰি বিদেশ পাইহে যেন লাহে লাহে মোৰ উপলব্ধি হ’বলৈ ধৰিলে, কেৰিয়াৰৰ পিছত দৌৰি থাকোঁতে কত কি এৰি আহিলোঁ!  মোৰ লগৰবোৰে সৰুৰে পৰা স্বাধীনভাৱে জীৱন গঢ়া- ফুৰা-চকা-খেলা-ধূলা কৰাৰ কাহিনী শুনি আৰু দেখি প্ৰথমবাৰৰ বাবে মোৰ নিজৰ ওপৰতে সন্দেহ উপজিল। মা-দেউতাৰ আলাসৰ লাড়ু হৈ থাকি যেন নিজাকৈ জীৱনৰ বাট বুলিবলৈ, নিজৰ সুখ-দুখ চিনিবলৈকে অৱকাশ নাপালোঁ।বিশ্বাস কৰিবানে, লণ্ডনত ভৰি দিয়াৰ আগলৈকে মই নিজৰ কাপোৰ-কানি এটাও নিজে কিনি পোৱা নাছিলো? যেতিয়াই যি লাগে সকলো যোগাৰ কৰি দিছিল মা-দেউতাই! কেতিয়াও ক’লৈকো কেৱল ফুৰিবলৈ গৈ পোৱা নাছিলোঁ, নিজে ক’তো কাম কৰি উপাৰ্জন কৰি পোৱা নাছিলোঁ, বন্ধু-বান্ধৱৰ লগতো একো স্ফূৰ্তি কৰি পোৱা নাছিলোঁ, কেতিয়াও আনকি কাৰো প্ৰেমতো পৰি নাপালোঁ। এনে নহয় যে, সুবিধা পোৱা নাছিলোঁ। কিন্তু মোৰ চকুত সেই সকলোবোৰ আছিল পঢ়া-শুনাৰ পৰা মনোযোগ আঁতৰোৱা বিলাস!

লণ্ডনে মোৰ ভিতৰখনত পৰিৱৰ্তনৰ উকমুকনি এটা আনি দিছিল। মোৰ লগৰ বোৰৰ স্বাধীন মানসিকতা আৰু জীৱন-ধাৰাই মোক নিজৰ বিষয়ে বহুত প্ৰশ্ন আনি দিছিল। মোৰ ৰুমমেট ব্ৰাজিলৰ পাবল’ই বাইছ বছৰ বয়সতো মোৰ অসহায় অৱস্থাটো দেখি প্ৰথমে হাঁহিছিল। কিন্তু পিছলৈ ইটো সিটো দেখুৱাই-বুজাই দিবলৈ লৈছিল। পাবল’ৰ লগতে ঘৰৰ সকলো কাম-কাজ কৰিবলৈ, ৰান্ধিব-বাঢ়িবলৈ শিকিছিলোঁ। প্ৰতি শনিবাৰে পাবলৈ যাবলৈ লৈছিলোঁ। লণ্ডনৰ জীৱনটোৱে নতুন স্বাধীনচিতীয়া জীৱন এটাৰ স্বাদ আনি দিছিল। সেই আমেজৰ উম ভালকৈ ল’বলৈ নাপাওঁতেই মা-দেউতাই বিয়াৰ কথা উলিয়ালে। এতিয়াও মনত আছে, গ’ল্ডমেন চেকচৰ চাকৰিটোত জইন কৰাৰ এমাহ নহওঁতেই মাই এদিন পুৱাতে তোমাৰ নাম লৈছিল। তোমাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল মা। পিছত গম পাইছিলোঁ, লণ্ডনত থকা দূৰসম্পৰ্কীয় মামাৰ মুখেৰে মাহঁতে শুনা পাইছিল, পাবল’ৰ লগত মই ঘনাই পাবলৈ যাবলৈ লৈছোঁ। কোনোবা শ্বেতাংগ ছোৱালীৰ লগতো মোক দেখা পাই মাহঁতৰ কাণ চোৱাইছিলগৈ হেনো। সেইবাবেই কিজানি মাই কৈছিল, তোমাৰ দৰে অসমীয়া ছোৱালী এজনী বিয়া পাতিলে মা-দেউতা কিমান সুখী হ’ব। কিন্তু একেবাৰে সঁচা কথা ক’বলৈ হ’লে, তেতিয়া প্ৰথমেই মোৰ মনলৈ অহা ভাৱটো আছিল, মা-দেউতাৰ মোক লৈ সপোনবোৰ এতিয়াও আগলৈকে গৈ আছে। মই ৰৈ দিব খুজিছোঁ যদিও মা-দেউতা এতিয়াও দৌৰিয়ে আছে। সেই আশা আৰু সপোনৰ পৰিধি নাই- ঋণৰ পৰা মুক্তি নাই। মোৰ নিজা সুখ-দুখ আৰু ইচ্ছা-অনিচ্ছাই প্ৰথমবাৰৰ বাবে যেন মূৰ দাঙি উঠিব খুজিছিল।

কিন্তু তুমি জানাই, তথাপিও মাৰ কথামতেই মই তোমালৈ অনলাইন কল কৰিলোঁ। তোমাৰ স’তে কথা পাতি মোৰ মনো কিছু সলনি হ’ল। লগ পোৱাৰ পিছত ভাৱ হ’ল, মা-দেউতাৰ কথাই সঁচা। মোৰ ভিতৰৰ শূন্যতা আৰু অস্থিৰতাখিনি তুমিয়েই শাম কটাব পাৰিবা যেন বিশ্বাস এটা হ’ল। তোমাৰ স’তেই সুখী হোৱাৰ সপোন এটা দেখিবলৈ ল’লোঁ। বিশ্বাস কৰা, বিয়াৰ বাবে পৰিয়ালৰ কোনো হেঁচা নোহোৱাকৈ মই নিজেই মত দিলোঁ। আৰু তোমাৰ সৈতে লণ্ডনত সংসাৰ এখন পাতিও মই সঁচা অৰ্থত সুখী হৈছিলোঁ তুলিকা। সেয়া কোনেও মোৰ পৰা আঁতৰাই নিব নোৱাৰে।’

বহু ক্ষোভ চেপা মাৰি লৈ তুলিকাই নীৰৱে শুনি ৰ’ল। যোৱা এটা বছৰে বহু যন্ত্ৰণা আৰু ক্ষোভে তাইক বিধস্ত কৰি ৰাখিছে। কিন্তু আজি প্ৰথমবাৰৰ বাবে আগতে কেতিয়াও অনুভৱ নকৰা এক সহমৰ্মিতাৰ ভাৱে তাইক চুই যাব খুজিলে।

‘তেনে কিয় কৰিলা? মোৰ স’তে এনে কিয় কৰিলা বিদ্যুৎ?’ এই প্ৰথমবাৰৰ বাবে তাই বহুদিনৰ মূৰত বিদ্যুতৰ নাম মুখত ল’লে।

বিদ্যুতে চলচলীয়া চকুৰে ক’লে,

‘মই পথভ্ৰষ্ট হৈ গৈছিলোঁ, তুলিকা। তাৰ কোনো অজুহাত নাই- ক্ষমা নাই। বিয়াৰ পিছৰ আবগে-উত্তেজনা শাম কাটি অহাৰ লগে লগে দৈনন্দিন ব্যস্ততাত ডুবিব ধৰিছিলোঁ। ইনভেষ্টমেণ্ট বেংকিঙৰ তীব্ৰ হেঁচা আৰু ব্যস্ততাই প্ৰতিদিনেই যেন জেওৰা খৰি চেপাদি মোৰ সকলো শক্তি আৰু উদ্যম শেষ কৰি দিছিল। দিনৰ পিছত দিন, মাহৰ পিছত মাহ তেনেকৈ খাঁটি থাকি, গতানুগতিকতাত বন্দী হৈ মোৰ মন দমি গৈছিল। ভাৱ হৈছিল, জীৱন যেন ৰৈ গৈছে। কেৰিয়াৰৰ বাবেই জীৱনৰ পঁচিশটা বছৰ পাত কৰি দি কি পালোঁ যেন ভাৱ হ’বলৈ লৈছিল। এইখিনি পাবলৈকে জীৱনৰ বাটত বহু হেৰুৱাই আহিলোঁ বুলি খেদ হৈছিল। তাৰ লগতে আমাৰ সংসাৰখনৰ সমীকৰণটো যেন সনাপিটিকা হৈ পৰিল। দিনটো কাম শেষ কৰি ঘৰ আহি পাই তোমাক দেখিলেই মনত পৰা হ’ল, তুমিও মা-দেউতাৰ আশা আৰু সপোনৰ মায়াজালৰ এটা অংশ। মা-দেউতাই জাপি দিয়া সম্পৰ্কৰ বোজা এটা। সেই কথাটোৱে তিক্ততা এটা আনি দিছিল মোৰ মনলৈ। সেইবাবেই তোমাৰ পৰা দুৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিছিলোঁ কিজানি!’

তুলিকাৰ মনত পৰিল, তাই লাহে লাহে উপলব্ধি কৰিবলৈ লৈছিল- ক’ৰবাত আঁতডাল হেৰাই যাবলৈ লৈছে। বিদ্যুৎ তাইৰ পৰা আঁতৰি যাব ধৰিছে। কিন্তু তাই তাক কোনোদিনেই পোনপটিয়াকৈ সোধা নাছিল। যেন সুধিলেই তাইৰ ভয় আৰু আশংকাবোৰ সঁচা হৈ পৰিব। তাই যেন স্বীকাৰ কৰিব খোজা নাছিল যে সিহঁতৰ সম্পৰ্কতো বিয়াৰ পিছৰ সময়ৰ দৰে হৈ ৰোৱা নাই। বিদ্যুতে কথাই কথাই তাইৰ খুঁত ধৰিবলৈ আৰম্ভ কৰিছিল। হকে-বিহকে শ্লেষ সানি কথা কৈছিল।

‘দিনৰ দিনটো শুই বহি কটোৱা তুমি। অফিচত মোৰ কামৰ কিমান বোজা- কিমান কষ্ট কি বুজিবা?’

‘মোৰ লগত একেলগে খাবলৈ কিয় বাট চাই থাকা তুমি? অকণমান স্বাধীনচিতিয়া হ’বলৈ শিকাচোন!’

কিয় পাহৰিব খুজিছিল তাই সেইবোৰ- তেতিয়াও, এতিয়াও! কিয় অতদিনে মাথোঁ সযতনে স্মৃতিৰ টোপোলাত ৰাখি থৈছিল ভাল লগা, কিন্তু দিনে দিনে কমি অহা সুখৰ মুহূৰ্তবোৰ! তাৰ আঁৰত লুকাই ৰোৱা সত্য অসহনীয়, আপোন জনৰ সেই আঘাত অবিশ্বাস্য, সেইবাবে?

বিদ্যুতৰ ডিঙিটো শুকাই যোৱা যেন লাগিল। কফি টেবুলৰ পৰা গিলাচটো হাতত লৈ পানী অলপ খালে। তাৰপিছত দুয়ো হাতেৰে গিলাচটো ধৰি থাকি সি ক’লে,

‘তুমি যিমানেই মৰম আৰু আশ্বাসেৰে আৱৰিব খুজিছিলা, সিমানেই ভিতৰি মোৰ অস্থিৰতা বাঢ়ি গৈছিল। ভিতৰি তোমাৰ প্ৰতি ঈৰ্ষাও হৈছিল কিজানি। এনেকৈ পৰিয়ালে ঠিক কৰি দিয়া সম্পৰ্ক এটাকে ইমান সহজে আকোঁৱালি ল’ব পৰা দেখি। কেৱল মোৰ বাবেই নিজৰ মানুহ, ঠাই সকলো এৰি বিদেশত জীৱন এটা আৰম্ভ কৰাৰ চেষ্টা দেখি। মই তেনেকৈ একোৱে সহজভাৱে ল’ব পৰা নাছিলোঁ। তোমাৰ প্ৰতিটো আন্তৰিক প্ৰচেষ্টাই মোৰ নিজৰ শূন্যতা আৰু অস্থিৰতাত যেন ঘিউহে ঢালিছিল!

সেই খেলিমেলি অৱস্থাটোতে তোমাৰ সৈতে আছমাৰ ঘৰলৈ যাওঁতে উলুপীক লগ পাই গৈছিলোঁ। উলুপীৰ চৌখিনতা আৰু উচ্ছলতাখিনি অতদিনে মই হাঁহাকাৰ কৰি বিচাৰি ফুৰা নতুন অভিজ্ঞতা আৰু উত্তেজনাৰ প্ৰকাশ যেন লাগি গৈছিল। আমি লুকাই লুকাই লগ কৰিবলৈ লৈছিলোঁ। হঠাতে মোৰ একঘেয়ামী জীৱনলৈ নাটকীয় উত্তেজনা আহি পৰা যেন ভাৱ হৈছিল। ক’ব নোৱাৰাকৈয়ে সেই উচ্ছলতাৰ ঢৌত উটি ভাঁহি গৈছিলোঁ মই। তাৰ তীব্ৰতাই মোৰ সকলো ক্ষোভ আৰু অস্থিৰতা ধুই নিকা কৰি দিয়া যেন লাগিছিল।

উৎস: ৱিকিকমন্স

কিন্তু তাৰ মূল্য মই দিব লগা হ’ল। প্ৰতিদিনেই ঘৰলৈ উভতি আহি তোমাৰ ওচৰত অপৰাধবোধে মোক খুলি খুলি খাইছিল। ভীষণ অন্তৰ্দ্বন্দত ভূগিছিলোঁ। সেইবোৰ তুমি একো জনা নাছিলা কিন্তু তাৰ অসহায় প্ৰকাশ হৈ ওলোৱা মোৰ অনাহক খঙৰ ৰূপ দেখিছিলা। সমগ্ৰ জীৱন যি নিবিড়তাৰ বাবে হাঁহাকাৰ কৰি আছিলোঁ, সেয়া তোমাৰ মাজত পায়ো ভাৰ বব নোৱাৰা হৈ গৈছিলোঁ মই। তোমাৰ দৰে কাকো পোৱাৰ মই যোগ্য নহয় যেন ভাৱ হ’বলৈ লৈছিল। ছমাহৰ পিছত যেতিয়া উলুপীয়ে ক’লে, তাই প্ৰেগনেণ্ট- সেইদিনা মোৰ অপৰাধবোধ আৰু অনুশোচনাৰ সীমা নাথাকিল। সেইবাবেই পোনে পোনে আহি সেইনিশা তোমাক কৈছিলোঁহি। আৰু একোকে তোমাৰ পৰা লুকুৱাই ৰাখিব খোজা নাছিলোঁ। তোমাক কোৱাৰ পিছত উলুপীৰ লগত কথাবোৰ একে হৈ নাথাকিল। যি বিচাৰি আমি সেই সম্পৰ্কত বান্ধ খাই পৰিছিলোঁ, সেইবোৰ কাৰক একে নাথাকিল। উলুপীৰ বাবে মই হয়তো আগৰদৰে তাইৰ উচ্ছলতাৰ বাহক হৈ নৰ’লোঁ। মোৰ বাবে তাত কোনো উত্তেজনা নাথাকিল- কোনো নিষিদ্ধ আনন্দ নাথাকিল। তুমি আয়াৰলেণ্ডলৈ গুচি অহাৰ পিছত উলুপীয়ে যেতিয়া এদিন ক’লে, মোৰ লগত এবাৰো নপতাকৈয়ে তাই নিজে এব’ৰ্ট কৰি আহিল, তাৰ পিছত তাত একোৱে নাথাকিল মোৰ বাবে।’

তুলিকা যেন স্তব্ধ হৈ গ’ল। ইমানবোৰ কথা আৰু যন্ত্ৰণা কি স’তে সামৰি লয় তাই? কি স’তে বুজাৰ চেষ্টা কৰে? চকুৰ পানীও যেন শুকাই গৈছে। দুচকু উখহি পৰিছে। ভাগৰি পৰিছে তাই। ভীষণ ভাগৰি গৈছে।

তাইৰ অৱস্থাটো দেখি বিদ্যুত থিৰেৰে থাকিব নোৱাৰিলে। কাষ চাপি আহি সি লাহেকৈ তাইৰ কাষতে বহিলহি। তাৰপিছত বৰ আলফুলে তাই এখন হাতত ধৰি লৈ ক’লে,

‘মই বহুত ভুল কৰিছোঁ। সেই ভুলৰ শাস্তিও ভূগিছোঁ তুলিকা। কিন্তু তোমাক কোনো কাৰণতে হেৰুৱাব নোখোজোঁ! মোক মাত্ৰ এটা সুযোগ দিয়া। এবাৰ কামেৰে দেখুৱাবলৈ দিয়া, তোমাক কিমান ভাল পাওঁ! আমাৰ সংসাৰখন আগৰ দৰেই সুখৰ কৰি গঢ়িবলৈ এটা সুযোগ দিয়া। মই মা-দেউতাক সকলো কৈছোঁ। সকলো কথাই খোলাখুলিকৈ পাতিছোঁ। মা-দেউতাই মোৰ বাবে যিটোৱে ভাল হ’ব বুলি ভাৱিছিল, তেনেকৈয়ে কৰি আহিছিল। তাৰবাবে মই মা-দেউতাক দোষ দিব নোৱাৰোঁ। সেইখিনি লৈ মই কি কৰিম, নিজৰ জীৱনটো কেনেকৈ গঢ়িম সেয়া মোৰ নিজৰ দায়বদ্ধতা। এতিয়াও আমাৰ কাৰণে বহুত চিন্তা হৈছে মাহঁতৰ। অহা সপ্তাহতে লণ্ডন পোৱাকৈ টিকেট কৰি পেলাইছে। মা-দেউতাই তোমাকো লগ পাব খুজিছে। ভালকৈ কথা পাতিব খুজিছে। তুমি যাবানে মোৰ সৈতে?’

তুলিকাই একো উত্তৰ দিব নোৱাৰিলে। মাথোঁ ভাৱি থাকিল, কিয় এনে হ’য়! কিয় জীৱনে বাৰে বাৰে মুখামুখি কৰি দিয়ে এনে জটিল প্ৰশ্নবোৰৰ সৈতে? এনেকৈয়ে জানো সকলো পাহৰি যাব পাৰি? ইমান সহজে ফাৰমানাৰ এই জীৱন নিশ্চিহ্ন কৰি উভতি যাব পাৰি?

এপাৰ্টমেণ্টৰ দেৱাল ঘড়ীটোত চিকাডি চৰাইৰ গান ভাঁহি আহিল। নিশা এক বাজিছে। সম্বিত অহাৰ দৰে তুলিকা উঠিল। ক্ল’জেটৰ পৰা গাৰু দুটা আৰু কম্বল এখন আনি ক’লা লেডাৰৰ কাউচ্চখনত থ’লেহি। বিদ্যুতৰ প্ৰশ্নবোধক চাৱনিৰ উত্তৰত ক’লে,

‘মোৰ গ্যেষ্ট বেডৰুম নাই। ইয়াতে শুব পাৰা। বাথৰুমো এই ফ্ল’ৰতে সৌ দুৱাৰখন।’

বিদ্যুতে মাথোঁ মূৰ দুপিয়াই গাৰু আৰু কম্বল হাতত ল’লে। তুলিকাই শিথিল খোজেৰে খটখটীৰে উঠি গৈ নিজৰ শোৱাকোঠাৰ দুৱাৰখন জপাই দিলেগৈ।



পিছদিনা বিদ্যুত সাৰ পালে পাকঘৰৰ ব্ৰেড ট’ষ্টাৰৰ ট্ৰিইইইইইং শব্দত। তেতিয়াও তাৰ টোপনিৰ জাল ভগাই নাই। আধা মেল খোৱা চকুৰেই সি দেখিলে, তুলিকাই নীলা সৰু সৰু ফুল থকা চাৰ্ট এটাৰে সৈতে কটনৰ ধোৱাঁবৰণীয়া পেণ্ট এটা পিন্ধিছে। বাহুত একাষৰীয়াকৈ অফিচৰ বেগটো ওলমাই লৈ থিয়ৈ থিয়ৈ ব্ৰেডত পিনাট বাটাৰ লগাইছে। ব্ৰেডডোখৰত একামোৰ মাৰিয়ে তাই যাবলৈ ওলাল।

বিদ্যুতৰ কাষ চাপি আহি ক’লে,

‘বিদ্যুৎ, মোৰ আজি ন বজাতে খেতিয়কৰ সৈতে মিটিং এখন আছে। তুমি যাওঁতে দুৱাৰখন ভালদৰে লগাই থৈ যাবা। অ’ট’লক আছে।’

এইবাৰ সি জাপ মাৰি উঠাৰ দৰে কাউচ্চৰ পৰা উঠি বহিল। অলপ ডাঙৰকৈয়ে সুধিলে,

‘মা-দেউতাৰ সৈতে কথাবোৰ পাতিবলৈ এবাৰ লণ্ডনলৈ আহিবানে? আৰু এটা মাত্ৰ সুযোগ দিবানে মোক? মোক কৈ যোৱা, তুলিকা!’

যাবলৈ লৈও থমকি ৰৈ তুলিকাই অনুস্ব কণ্ঠেৰে মাথোঁ ক’লে, ‘ভাবি চাম!’

কৈয়ে এবাৰো ঘুৰি নোচোৱাকৈ তাই ওলাই আহিল। এপাৰ্টমেণ্ট এৰি শ্লাইগ’ পথত ভৰি দিয়াৰ আগতে চলচলীয়া দুচকু এবাৰ মোহাৰি ল’লে। কেনেকৈ বিদ্যুতক ক’ব তুলিকাই, তাই একে হৈ ৰোৱা নাই। একে হৈ ৰোৱা নাই তাইৰ জীৱন! বিদ্যুতৰ লগত সংসাৰখনেই তাইৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ থকা নাই। এই ফাৰমানাই তাইক এটা নতুন জীৱন দিছে, বহু নতুন আশা আৰু সপোন দিছে। সেয়া 
আঠমাহৰ আগৰ সেই কাল নিশাটোৰ দৰে এই এটা ৰাতিয়েই সলনি কৰি দিব নোৱাৰে। বিদ্যুতেই নালাগে অন্য কাকোৱে তাই সেই অধিকাৰ নিদিয়ে। তাইৰ জীৱনৰ বাবে, সুখ-দুখৰ বাবে কেৱল তাই নিজে দায়বদ্ধ। তাই নিজে!

পূৰ্বৰ খণ্ডসমূহ:


  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • ফাৰমানা (বিংশ খণ্ড)
  • ফাৰমানা ( একবিংশ খণ্ড)
  • ফাৰমানা (দ্বাবিংশ অধ্যায়)
  • ফাৰমানা (ত্ৰয়োবিংশ অধ্যায়)
  • ফাৰমানা (চতুৰ্বিংশ অধ্যায়) 

  • No comments:

    Post a Comment