তুলিকাক এটা নিদাৰুণ খৱৰ দি সেইনিশা লিছা উভতি গৈছিল। যোৱাৰ পৰত বাৰে বাৰে সুধিছিল তাই,
‘তুমি ঠিকে আছাতো, তুলিকা? নহ’লে মই ৰৈ যাব পাৰোঁ আজিৰ নিশাটোৰ বাবে!’
অস্বাভাৱিকভাৱে শান্ত মাত এটাৰে তুলিকাই কৈছিল, ‘নাই নালাগে লিছা, আজি মোৰ অকলশৰে থকাৰহে ইচ্ছা হৈছে। তুমি চিন্তা নকৰিবা!’
লিছা পতিয়ন যোৱা নাছিল। কিন্তু তুলিকাৰ সেই ৰূপ দেখি জোৰ কৰিবলৈকো তাইৰ সত নগ’ল। অগ্যতা তাই পিছদিনা লগ পোৱাৰ কথা দি ঘৰমুৱা হ’ল।
লিছা ওলাই যোৱাৰ পিছত তুলিকা পোনেই গৈ লেপটপৰ সন্মুখত বহিল। ইণ্টাৰনেটত উত্তৰ আয়াৰলেণ্ডৰ ইতিহাস খুঁচৰি তাই জানিবলৈ চেষ্টা কৰিলে, কোন এই বিৰোধী আই আৰ এ? কি বিচাৰিছে সিহঁতে? মাৰ্কৰ পৰা তাই নব্বৈৰ দশকত উত্তৰ আয়াৰলেণ্ডক অশান্ত কৰি যোৱা ট্ৰাবলছৰ কথা শুনিছিল। তেৱেঁই কৈছিল, ট্ৰাবলছৰ সময়ত আইৰিছ ৰিপাব্লিকান আৰ্মী অৰ্থাৎ আই আৰ এ আটাইতকৈ সক্ৰিয় অৰ্ধসামৰিক গোট হৈ পৰিছিল। এই গোটৰ লক্ষ্য আছিল যুক্তৰাজ্যৰ পৰা পৃথক হৈ উত্তৰ আৰু ৰিপাব্লিক দুয়োখন আয়াৰলেণ্ডক একত্ৰিত কৰি এক আইৰিছ গণৰাজ্য গঠন কৰা। সেইবাৰ ডেৰীৰ পৰা ফাৰমানালৈ গাড়ীৰে উভতাৰ বাটত ৰায়ানৰ মুখেৰেও তাই শুনিছিল কেনেকৈ এই গোটে গেৰিলা কৌশল ব্যৱহাৰ কৰি ব্ৰিটিছ সেনাৰ বিৰুদ্ধে অস্ত্ৰ লৈছিল। যুক্তৰাজ্যত সেয়ে ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হৈছিল। পিছলৈ এই আই আৰ এ-ৰ পৰাই মতাদৰ্শগত পাৰ্থক্যৰ বাবে কেইবাটাও পৃথক গোটৰ উত্থান হ’ল। তাৰে এটা গোট অস্থায়ী আই আৰ এই ১৯৯৮ চনত গুড ফ্ৰাইডে চুক্তিত চহী কৰি সশস্ত্ৰ অভিযানৰ অন্ত পেলালে। তাৰ লগে লগে ট্ৰাবলছৰ দিনবোৰ শাম কাটি আহিল আৰু অস্থায়ী আই আৰ এ-ৰ ৰাজনৈতিক শাখা চিন ফেইনলৈ ক্ষমতা আহিল। পিছে এই চুক্তি গ্ৰহণ নকৰা এচাম সদস্যই মূল গোটৰ পৰা বিছিন্ন হৈ বিৰোধী আই আৰ এ গঠন কৰিলে। পূৰ্বৰ লক্ষ্যকে বাহাল ৰাখি এই সৰু গোটবোৰে উত্তৰ আয়াৰলেণ্ডৰ ঠায়ে ঠায়ে এতিয়াও হিংসাত্মক কাৰ্য্যকলাপ চলাই আহিছে। সেইবোৰ পঢ়ি থাকোঁতে তুলিকাৰ চকুত পৰিল, সশস্ত্ৰ আই আৰ এ জড়িত থকা বিভিন্ন হিংসাত্মক ঘটনাত মৃত্যু আৰু আঘাতপ্ৰাপ্ত হোৱা মানুহৰ পৰিসংখ্যা। আৰু চাব নোৱাৰিলে তাই। বিধস্ত মানুহৰ দৰে কোনোমতে গৈ বিছনাত পৰিলগৈ।
টোপনিৰ সলনি তাইৰ মনত হাজাৰটা প্ৰশ্নই দোলা দিলেহি। বাতৰিত দিয়া কথাবোৰ সঁচানে? যদি সেয়াই সঁচা, ৰায়ানো সেইবোৰত জড়িত নেকি? তেনে সি তাইৰ সৈতে অতদিনে অভিনয় কৰি থাকিল নেকি? যাৰ বাবে ইমান আবেগ সামৰি লৈ তাই ৰৈ আছিল, যাৰ বাবে আকৌ এবাৰ কাৰোৱাক আপোন বোলাৰ হেঁপাহ হৈছিল, সেই ৰায়ানেই এনে অচিনাকি হৈ ধৰা দিছে তাইৰ সন্মুখত? কিয় এনে হয়? তাইৰ লগতে কিয় এনে হয়? জীৱনটো সজাই ল’ব খোজোতেই বাৰে বাৰে কিয় অজান ঢৌয়ে সেই বালিঘৰ উটুৱাই লৈ যাব খোজে? চকুপানীৰে গাৰুৰ গিলিপ তিয়াই বহুপৰলৈকে উজাগৰে ৰ’ল তুলিকা।
শেষনিশালৈ চিলমিলকৈ টোপনি অহাৰ পৰতে তাই এটা সপোন দেখিলে। এখন কিচকিচীয়া ক’লা দুপতীয়া দুৱাৰ। ইমানেই ক’লা যে উজ্বল পোহৰ নাথাকিলে ৰাতি-বিয়লি তাত দুৱাৰ আছে নে নাই তাকে ধৰিব নোৱাৰি। ঘপকৈ চালে ভাৱ হয় সেয়া পিছচোতালৰ ঘোপমৰা অন্ধকাৰহে। সেই অন্ধকাৰৰ পৰা তুলিকাৰ কাণত পৰিছে দুপ্দুপ্ জোতাৰ শব্দ। একেটা কদমত ভৰি চলাই সেই দুৱাৰেদি সোমাই আহিছে এজাক সৈন্য। সিহঁতৰ সন্মুখৰ পৰা ক’লা দুৱাৰখন সঁচাই অদৃশ্য হৈ পৰিছে। সকলোৱে সমুখ সমৰত থকাদি জুপি জুপি আগবাঢ়ি আহিছে। হাতে হাতে দীঘল বন্দুক। চৌপাশে হাই-উৰুমি আৰম্ভ হৈছে। আতংকত তুলিকাৰ উশাহ বন্ধ হৈ যাব খুজিছে। কি হ’ব এতিয়া? কি হ’ব? কোনে ৰক্ষা কৰিব সিহঁতক? ইমান অসহায় আৰু অসুৰক্ষিত যেন তাই কেতিয়াও অনুভৱ কৰা নাই! এনেতে তাই দেখা পাইছে হৰেন বৰদেউতা সেই দুৱাৰেৰে দৌৰি ওলাই গৈছে। কিন্তু এয়া কি – এন্ধাৰ ফালিচোন এইবাৰ পিছে পিছে দৌৰদ্ব খুজিছে দেউতাকে। তাইৰ দেউতাক! দেউতাকৰ কোঙা শৰীৰটোৱে কোনোমতে একতীয়াকৈ পাৰ হৈছে সেই দুৱাৰৰ সীমা। তুলিকা পকী বেঁৰখনত আঠা লাগি ৰোৱাদি ৰৈছে। সকলো দেখিছে-শুনিছে। কিন্তু একো কৰিব পৰা নাই। এষাৰ মাতো মাতিব পৰা নাই।
খকামকাকৈ তাই সাৰ পালে। গম পালে, তাইৰ আকৌ ভৰি সিৰামুৰি ধৰিছে। কোনোমতে বহাৰ চেষ্টা কৰি তাইৰ সোঁভৰিখন পোনাবলৈ চেষ্টা কৰিলে। দুস্বপ্নটো পাহৰি আকৌ টোপনি যাবৰ চেষ্টা কৰিলে। কিন্তু কিছুপৰৰ পিছতে গাৰুৰ কাষত থোৱা ফোনটোৰ মিহি সুৰে তাইৰ টোপনিৰ জাল ভাঙি পেলালে।
ৰায়ান! থাপ মাৰি উঠোৱাদি তাই ফোন উঠালে ।
‘হেল্ল’ ৰায়ান, কেনে আছা? ক’ত আছা? মোৰ বহুত চিন্তা হৈ আছে। বাতৰিত শুনা কথাবোৰ কিমান সঁচা, ৰায়ান?’ তাইৰ প্ৰশ্নবোৰ উপৰাউপৰিকৈ ওলাল।
‘তুলিকা!’ ৰায়ানৰ গম্ভীৰ কণ্ঠ। ‘মোক ক্ষমা কৰি দিবানে? ক’ম ক’ম বুলিও তোমাক কিছুমান কথা কোৱা নহ’ল আজিলৈকে।’
ৰায়ানৰ কথাৰ সুৰটোতে যেন তুলিকাৰ মনটো ক’লা পৰি গ’ল।
‘তাৰমানে, তাৰমানে কথাবোৰ সঁচা? তুমি সঁচাকৈয়ে আই আৰ এ-ৰ হৈ কাম কৰা, ৰায়ান?’
এটা মুহূৰ্তৰ নীৰৱতা। ৰায়ানে যেন কথাবোৰ কেনেকৈ ক’ব ভাৱি চালে।
‘কথাবোৰ ইমান পোনপটীয়া নহয়, তুলিকা। সকলো ক’ম তোমাক। মোক অলপ সময় দিয়া। এসপ্তাহ এই ডেৰীতে কটাব লাগিব। মোক ইয়াত নজৰবন্দী কৰি ৰাখিছে। ইয়াৰপৰা ওলায়ে প্ৰথম তোমাকে লগ কৰিম। সকলো কথা বুজাই ক’ম।’
এইবাৰ যেন তাইৰ সহ্যৰ সীমা পাৰ হৈ গ’ল। সকলো দুখ-অস্থিৰতা-হাঁহাকাৰ পাৰ ভাঙি ওলাই আহিব খুজিলে তীব্ৰ খঙৰ ৰূপত।
‘কিয় এনে কৰিলা তুমি? কিয়? তোমাক কিমান বিশ্বাস কৰিছিলোঁ, কিমান আপোন বুলি ভাৱিছিলোঁ, তুমিয়ে…’ তুলিকাৰ কথাত জঁট লাগি উচুপনি হৈ ওলাল।
‘তুলিকা! প্লিজ তুলিকা! মোৰ ওপৰত বিশ্বাস ৰাখা। মই কেতিয়াও কাৰো একো অনিষ্ট কৰা নাই-কাৰো অপকাৰ কৰা নাই। তুমি অন্তত: মোৰ বিষয়ে তেনেকৈ নাভাৱিবা। মোৰ প্ৰতি বিশ্বাস নেহৰুৱাবা। মোৰ কাৰণে যে তুমি বহুত গুৰুত্বপূৰ্ণ! তোমাৰ কাৰণে……’
ৰায়ানৰ কথাৰ মাজতে তুলিকাই অধৈৰ্য্য হৈ কৈ পেলালে,
‘নিজৰ আচল চিনাকি লুকুৱাই থৈয়ে তুমি প্ৰমাণ কৰি দিলা তোমাৰ কাৰণে মোৰ গুৰুত্ব কিমান! জীৱনত মই বহুত দুখ পাইছোঁ, বহুত যন্ত্ৰণা সহিছোঁ। সকলো সহিব পাৰিলেও বিশ্বাসঘাতকতা সহিব নোৱাৰোঁ। তুমি যিয়েই নোহোৱা, যিয়েই নকৰা মোৰ আগত যদি সততাৰে ক’লাহেঁতেন! আৰু একোকে শুনিব নোখোজো মই। একোকে। বহুত শুনিলোঁ এনে কথা। কিন্তু কামতহে মানুহৰ আচল পৰিচয় ওলায়। সেয়া মনত ৰাখিবা ৰায়ান।’
‘কিন্তু তুলিকা….’
ৰায়ানক আৰু একোকে কোৱাৰ সুযোগ নিদি তাই ফোন কাটি দিলে। কিছুপৰ ফোনটোলৈ একেথৰে চাই লৈ আকৌ এবাৰ এসোঁতা কান্দি পেলালে। কিন্তু তাৰ পিছত তাই মিচেলৰ কথা মনত পেলাই নিজকে সুস্থিৰ কৰাৰ চেষ্টা কৰিলে। দীঘলকৈ এটা উশাহ টানিলে। বিছনাৰ পৰা উঠি গৈ চাৱাৰৰ তলত থিয় দিলেগৈ তুলিকাই। চাৱাৰৰ বৰষুণজাকে তাইৰ চকুপানী ধুৱাই নিলে, সমগ্ৰ শৰীৰলৈ এক সতেজতা আনি দিলে। বহুপৰ তেনেদৰেই থাকি এটা সময়ত তাই নিজকে ক’লে, বহুত হ’ল! বহুত চকুপানী টুকিলে, বহুত কষ্ট পালে। ইটোৰ পিছত সিটোকৈ আঘাতে হৃদয় মুচৰি গ’ল। এতিয়া তাই কেৱল সহি নাথাকি নিজকে চোৱাৰ সময়, নিজে কিবা কৰাৰ সময়। জীৱন যুঁজত তাই নিয়তিৰ হাতৰ পুতলা হৈ নৰয়। তাই নিজে এক যুঁজাৰু হ’ব। এয়া তাইৰ জীৱনৰ এটা সন্ধিক্ষণ। এইবাৰ পলোৱাৰ সলনি তাই সাহসেৰে জীৱনৰ মুখামুখি হ’ব।
গা-ধোৱা ঘৰৰ পৰা ওলাই কফি একাপ লৈ তুলিকা বেলকনিত বহিলহি। ফাৰমানাৰ কোমল ৰ’দজাক তাইৰ মুখতে পৰিলহি। তাই কিছুপৰ নীলিম আকাশাৰ শুকুলা ডাৱৰবোৰলৈ চাই ৰ’ল। আকাশতে চকু থৈ তাই মিচেলৰ কথা সুঁৱৰিলে, ‘মাথোঁ এই মুহূৰ্তটো আমাৰ বৰ্তমান। ইয়াৰ অগতে যি হৈ গ’ল, সেয়া অতীত। সেয়া সলোৱাৰ কাৰো সাধ্য নাই। ইয়াৰ পিছত কি হ’ব তাকো জনাৰ কোনো উপায় নাই। কিবা যদি কৰিব পাৰোঁ এই মুহূৰ্ততে সেয়া সম্ভৱ।’ ঠিকেই! যি কৰিব খোজে সেয়া মাথোঁ সম্ভৱ এই মুহূৰ্তটোত। এই এটা মুহূৰ্তই নিৰ্দ্ধাৰণ কৰি দিব পাৰে পিছৰ মুহূৰ্তবোৰ কেনে হ’ব। সেই হজাৰটা মুহূৰ্তৰে গঢ়ি উঠা তাইৰ জীৱনটো কেনে হ’ব!
এনেতে ফোনত আকৌ মিহি সুৰটো বাজি উঠিল। মাক! অঁ, আজি দেওবাৰ কাৰণেই মাকৰ এই প্ৰাত্যহিক ফোন কল কিজানি।
‘মা!’
‘কি হ’ল? মনটো মাৰি আছ যে?’
তুলিকা অলপ আচৰিত হ’ল। এটা শব্দতে মাকে যে কেনেকৈ বুজি পালে! মাকৰ প্ৰশ্নটো এৰাই তাই ওলোটাই সুধিলে,
‘মা, আমাৰ ঘৰৰ ক’লা দুৱাৰখন একেই আছেনে?’
এইবাৰ মাকৰ আচৰিত হোৱাৰ পাল যেন। প্ৰসংগবিহীন সেই অপ্ৰত্যাশিত প্ৰশ্নটোৰ বাবে মাক যেন একেবাৰেই প্ৰস্তুত নাছিল!
‘বাৰাণ্ডাৰ দুৱাৰখন? একেই আছেতো। কিয় সুধিলি?’
‘কালি আকৌ আগৰ সপোনটো দেখিলোঁ জানা। দুৱাৰখন নেদেখা হৈ আহিছে। পিছচোতালৰ অন্ধকাৰবোৰ ঘৰৰ ভিতৰলৈকে সোমাই আহিছে। কিন্তু কালি নতুনকৈ দেখিলোঁ, সেই দুৱাৰেৰে এজাক বন্দুকধাৰী সেনা সোমাই আহিছে। আনকি হৰেন বৰদেউতা আৰু দেউতাকো দেখিলোঁ!’
মাক কিছুপৰ নীৰৱে ৰ’ল। এই দুৱাৰখনক লৈ দেখা সপোনৰ কথা তুলিকাই তেওঁক আগতেও কৈছে। কিন্তু আজি যেন তেওঁ তাৰ আঁৰৰ কাৰণবোৰ অলপ বুজি পালে। তথাপিও নজনাৰ ভাও ধৰিয়ে তেওঁ সুধিলে,
‘তই ঠিকে আছতো তুলিকা? দেউতালৈ মনত পৰিছে কিজানি! ফোন কৰি ভাল-বেয়া খৱৰ ল’বিচোন।’
মাকৰ কথা প্ৰায় আওকাণ কৰাদি কৰি তুলিকাই ক’লে,
‘মা, আমাৰ ঘৰলৈ যে এবাৰ মিলিটেৰী আহিছিল সেই কাহিনীটো কোৱাচোন!’
মাকে অলপ উচপিচ কৰাদি কৰিলে। যেন সেই অধ্যায় পাহৰণিৰ গৰ্ভত হেৰাই গ’লেই তেওঁ স্বস্তি পায়। কিন্তু তেওঁ নক’লে যে তুলিকায়ো নেৰে সেয়া জানিয়ে উপায়ন্তৰ হৈ তেওঁ ক’বলৈ আৰম্ভ কৰিলে,
‘তই একেবাৰে সৰু আছিলি তেতিয়া। দেৰবছৰমান হৈছিলনে নেকি! আমি তেতিয়াও শিৱসাগৰৰ ঘাইঘৰতে। সেইসময়ত তাত সকলোতে আলফাৰ ঘাটি। গাৱে-ভূঞে ডেকা-ল’ৰাছোৱালীবোৰে দলে-বলে আলফাত যোগ দিছে। তাৰ লগে লগে তীব্ৰ হৈ আহিল মিলিটেৰীৰ উৎপীড়ন। মিলিটেৰীৰ গাড়ী দেখিলেই ডেকা-বুঢ়াই পলাই গৈ বাঁহনিত লুকাব লগীয়া অৱস্থা। শিৱসাগৰৰ ঘইঘৰখনো এই ধুমুহাত বাদ পৰি যোৱা নাছিল। তহঁতৰ হৰেন বৰদেউতাই দুবছৰ মানৰ আগতেই আলফাত যোগ দিলে। সেয়া দেউতাৰ আৰু মোৰ বিয়াৰ আগৰে কথা। তাৰপিছত কিমানবাৰ যে আমাৰ ঘাইঘৰলৈ মিলিটেৰী আহিল! মই নকইনা হৈ অহাৰে পৰা কেইবাবাৰো সেই ধুমুহা আৰু আতংক দেখিলোঁ। বৰদেউতাৰক বিচাৰি আহি মিলিটেৰীয়ে পৰিয়ালটোক কৰা নাকনি-কাকনি আমাৰ জীৱনৰ এটা অংশ হৈয়ে পৰিছিল। কিন্তু এদিন সন্ধিয়া সেই ধুমুহাজাকৰ ৰূপ্টো যেন বেলেগ হৈ গ’ল। সেইদিনা আমি ভাত-পানী খা উঠিছোঁহে। মই তোক কোলাত লৈ শুৱাব খুজিছিলোঁ। দেউতাৰে গোহালি সামৰিছিল। এনেতে ঘাইঘৰৰ পদূলিয়েদি সোমাই আহিল মিলিটেৰীৰ গাড়ী এখন। অন্যদিনাৰ দৰেই মোৰ বুকু চিৰিংকৈ উঠিল। সিহঁতে আহিয়ে দাবী কৰিলে, হৰেনে দলে-বলে আহি ক’ত লুকাই আছে উলিয়াই দিব লাগে। আমি বোলোঁ নাই সি। সিহঁত নাচোৰ-বান্দা। বৰদেউতাৰক নাপাই ধৰি-বান্ধি দেউতাৰকে উঠাই নিলে। কিমান কান্দিলোঁ, কাকূতি-মিনতি কৰিলোঁ, একোৰেই সিহঁতৰ পাষাণ হৃদয় গলাব নোৱাৰিলোঁ।’
মাকৰ মাতত জড়তা। সেই নিষ্ঠুৰ নিশাটোৰ স্মৃতি পুনৰ সজীৱ কৰি তোলাৰ বাবে তুলিকাৰ অপৰাধবোধ হ’ল। কিন্তু তেতিয়ালৈ যেন বহু পলম হৈ গৈছে। সোঁৱৰণিৰ সেই পেৰা ইতিমধ্যে খোল খাই গৈছে। মাকে কৈ গ’ল,
‘দেউতাৰ তেতিয়া চফল ডেকা। পঁচিছ-ছাব্বিছ বছৰমান হ’বহে। সেই মানুহটো এসপ্তাহৰ পিছত এক ভিন্ন মানুহ হৈ উভতি আহিল যেন। গোটেই দেহতে আঘাতৰ চিন, খোজবোৰ কোঙা। কিন্তু তাতোকৈ যেন দেউতাৰৰ মনৰ আঘাত বহুত গভীৰ আছিল। সেই এসপ্তাহ ক’ত কেনেকৈ কটালে আজিলৈকে মোক খুলি একো নক’লে। কিন্তু মই জানো, সেইকেইটা দিনতে বহু নেদেখিবলগীয়া দেখিলে, বহু নাপাবলগীয়া যন্ত্ৰণা ভূগিলে। এদিনেই মাথোঁ কৈছিল যে কোনো কাল শতৰুৱেও সেই যাতনা নোভোগক!’
মাকে নিশব্দে চকুলো টুকিলে। একো নক’লেও ফোনৰ সিপাৰে তুলিকাই সেয়া ঠিকেই বুজিলে। তাই আজিও নাজানে, এই ঘটনাৰ আগতে দেউতাকৰ কেনে ৰূপ আছিল। মনত পৰাৰে পৰা মাথোঁ দেখিছে মদ নাখালে ৰাতি দেউতাকৰ টোপনি নাহে। কেতিয়াবা টোপনিতে ভয় লগাকৈ চিৎকাৰ কৰি উঠে। কাৰোৱাক উদেশ্যি তীব্ৰ শাওপাত দিয়ে। আজি প্ৰথমবাৰৰ বাবে তুলিকাৰ ভাৱ হ’লে যেন, ঠিক তেতিয়াৰ পৰাই অসুখী দেউতাকৰ বাবে সুখী সংসাৰ এখনৰ সপোন দেখাৰ ক্ষমতা নোহোৱা হৈ গ’ল। সেই সপোনৰ বাবে চেষ্টা কৰিবলৈও এৰি দিলে দেউতাকে। দিনৰ পিছত দিন সেই ভয়াবহ যন্ত্ৰণাৰ সৈতে যুঁজি যুঁজি জীয়াই থকাতে দেউতাক কিজানি বন্দী হৈ ৰ’ল। নিয়তিৰ যেন এক পৰিহাস। সেই হৰেন বৰদেউতাই আত্মসমৰ্পন কৰি এদিন ছালফা হ’ল। কেইবাখনো চাহবাগানৰ মালিক হ’ল। অসমৰ সেই ইতিহাসৰ সৈতে যেন এই অজান্তি মুলুকৰ ইতিহাসৰো কিছুমান বিন্দু মিলি গ’ল। মিলি গ’ল হাজাৰ-বিজাৰ নিৰপৰাধ জনতাৰ আতংক আৰু যন্ত্ৰণাৰ ধাৰা!
.jpg)
‘কিয় উলিয়াইছ সেই পুৰণি কথাবোৰ?’ নিজকে সুস্থিৰ কৰি মাকে সুধিলে।
‘নাই এনেয়ে।’
‘লণ্ডনলৈ যোৱাৰ কথা ভাৱিছ নেকি?
মাকক তাই এতিয়াও ৰায়ানৰ কথা কোৱা নাই। কিন্তু বিদ্যুতৰ কথাবোৰ তেওঁ গম পাইছে। তাইৰ পৰাও, বিদ্যুতৰ পৰাও।
‘নাজানো মা!’
‘তোৰ জীৱনৰ সিদ্ধান্ত এয়া- গতিয়ে নিজেই ভাৱি-গুণি ল’বি। মই মাত্ৰ এটাই ক’ম, সম্পৰ্ক গঢ়া টান কিন্তু ভঙা খুবেই সহজ। তই কিজানি ভাৱিছিলি, ইমান কষ্ট খাই দেউতাৰৰ লগত অতবছৰেনো কিয় সংসাৰ কৰি আছিলোঁ! মই নিজেই সেই কথাটো বহুদিন ভাৱি চাইছোঁ। দেউতাৰৰ কষ্ট দেখি ময়ো সমানেই দুখী হৈছিলোঁ। ভাৱিছিলোঁ, সেই বোজাৰ ভাৰ যিমান কষ্ট হ’লেও দুয়ো ভগাই ল’ম। সেইকাৰণেই সেই বহুবাৰ সেই মাতাল ৰাতিৰ আঘাতবোৰ গাত পাতি লৈছিলোঁ। ভাৱিছিলোঁ, মোক কষ্ট দি যদি তেওঁৰ যন্ত্ৰণাৰ কোব অলপ হ’লেও কমিছে তেনে সেয়াই হওক। সংসাৰখন চলাই নিবলৈ মই নিজৰ ফালৰ পৰা সকলো দিব বিচাৰিছিলোঁ। কিন্তু ত্ৰিছটা বছৰ তেনেকৈ কটোৱাৰ পিছত মোৰ উপলব্ধি হ’ল, সংসাৰ কেৱল এজনৰ চেষ্টাৰে নচলে। নিজৰ জীৱনৰ সকলো যন্ত্ৰণা-হাঁহাকাৰ দেও দি গৈয়ে দুয়ো চেষ্টা কৰাৰ দৰকাৰ। যেতিয়াই সেই আশাটো হেৰাই গ’ল, দেউতাৰৰ সৈতে সংসাৰ কৰি থকাৰ শেষ বান্ধোনখিনি নোহোৱা হৈ গ’ল। মই জানো, নিজৰ ফালৰ পৰা সম্পুৰ্ণ চেষ্টা কৰিলোঁ, যিমান পাৰি সময় দিলোঁ। দেউতাৰে নিজৰ মাজতে সেই দানৱক লালন কৰি থাকিল। কেতিয়াও মোকো নক’লে, কাৰো সহায়ো নল’লে। মই নিজে যি পাৰোঁ, বুজাৰ চেষ্টা কৰিলোঁ, সেই যন্ত্ৰণা কমোৱাৰ চেষ্টা কৰিলোঁ। কিন্তু দেউতাৰৰ সেই যুঁজৰ বলি হ’বলৈতো নিজকে এৰি দিব নোৱাৰোঁ! সেয়ে মোৰ কোনো অনুশোচনা নাই। দেউতাৰৰ সৈতে ইমানদিন থকাতো- আৰু এতিয়া সেই সংসাৰৰ মায়া এৰি নিজৰ জীৱন নিজে গঢ়াতো।’
মাক এপলক ৰ’ল। তুলিকাই আশ্চৰ্য্যৰে শুনিলে মাকৰ সেই স্বীকাৰোক্তি। শৈশৱৰ বহু কথা, বহু ঘটনাৰ ৰহস্য যেন মুকলি হৈ গ’ল তাইৰ দুচকুৰ সমুখত। মাকে আকৌ ক’লে,
‘তোকো এটাই ক’ব খোজো, যিয়েই সিদ্ধান্ত নলৱ, নিজকে এবাৰ সুধি চাবি সম্পৰ্ক এটা ভঙাৰ আগেয়ে সেই সম্পৰ্কটো জীয়াই ৰখাৰ বাবে সকলোখিনি কৰিছনে! নিজৰ সন্মুখত থিয় দি ক’ব পাৰিবিনে, সেই সম্পৰ্কত আৰু একোৱে বাকী ৰোৱা নাই? যদি সেয়া অন্তৰেৰে বিশ্বাস কৰ, তেন্তে সেয়াই তোৰ উত্তৰ। যিয়ে সিদ্ধান্ত নলৱ মই সদায়ে তোৰ কাষত আছোঁ, তই জানই!’
মাকৰ মাতটো থোকাথোকি হৈ আহিল। তুলিকা মূক হৈ ৰ’ল। কিমানখিনি সাহসেৰে আৰু সততাৰে মাকে এইখিনি কথা ক’লে তাইৰ যেন সিৰাই সিৰাই সেয়া উপলব্ধি কৰিলে।
সিদিনা আবেলি তাই দৌৰিবলৈ ওলাই গ’ল। আৰ্ণ নৈৰ পাৰে পাৰে। ফাৰমানাৰ সতেজ বতাহ, নৈৰ দুয়োপাৰৰ সেউজীয়া, চৰাই-চিৰিকটিৰ কাকলিয়ে তাইৰ মনটো বহুখিনি শান্ত কৰিলে। ভৰিৰ চালনাৰ লগে লগে মন্ত্ৰ জপ কৰাৰ দৰে তাই মনৰ ভিতৰতে কৈ গ’ল, ‘মই সুখী হ’ব বিচাৰোঁ, সকলো হাহাঁকাৰ এৰি এটা শান্তিময় জীৱন বিচাৰোঁ।’ মিচেলে শিকোৱা কিটিপ সেয়া। যিমানেই জপ কৰিলে সিমানেই তাই নিজৰ ভৰি দুখন মাটিত পৰা যেন অনুভৱ কৰিলে। সেই মাটিৰে বহু তললৈকে দুয়োখন ভৰিতে শিপা গজি অহা যেন ভাৱ হ’ল। এই পৃথিৱীয়ে তাইক কেতিয়াও হামথুৰি নপৰাকৈ ধৰি থকা যেন ভাৱ হ’ল। যিমানেই দৌৰিলে সিমানেই এই পৃথিৱীৰ অপাৰ মমতাৰে তাইক শক্তি আৰু সাহস দিয়া যেন অনুভৱ কৰিলে। বতাহৰ হো-হোৱনি তীব্ৰ হ’ল। এজাক পাতলীয়া বৰষুণ নামিল। কিবা এক যাদুকৰী মায়াত বন্দী হৈ তুলিকাই দৌৰিয়ে থাকিল।
সন্ধিয়া লগাৰ পৰত ঘৰ পাই দেখে, দুৱাৰমুখত লিছা আৰু ফিয়না!
‘হাই তুলিকা! দৌৰিবলৈ গৈছিলা নেকি? গোটেইজনীচোন জুৰুলি-জুপুৰি! কেইবাবাৰো ফোন কৰিও তোমাক নাপাই আমি গুচিয়ে আহিলো!’
তুলিকাৰ ৰূপ দেখি সিহঁত দুয়ো কিজানি দুশ্চিন্তাতে পৰিল। ফোনটোও এপাৰ্টমেণ্টতে এৰি গ’ল। কথাটো উপলব্ধি কৰি তুলিকাই হাঁহি পেলালে।
লিছা আৰু ফিয়না আচৰিত হ’ল। কিন্তু দুয়ো একো নক’লে। যেন তুলিকাই যেনেকৈয়ে বিচাৰে তেনেকৈয়ে কোনো প্ৰশ্ন নকৰাকৈ তাইৰ কাষত থিয় দিবলৈ সিহঁত সাজু!
‘আহা, ভিতৰলৈ সোমাই আহা।’
দুয়োকে বহিবলৈ দি তুলিকাই লৰালৰিকৈ গা ধুলেগৈ। কাপোৰ-কানি সলাই মেলি আহি দেখে, দুয়ো মিলি খোৱা টেবুলত প্লেট সজাইছে।
‘তুমি ভালপোৱা আইৰিছ ষ্টিউ আনিছোঁ চোৱা। লগতে চ’ডা ব্ৰেড!’ লিছাই ক’লে।
দুয়োলৈকে মৰম লাগি গ’ল তুলিকাৰ। তিনিও খাবলৈ বহিল। অফিচৰ দুই এটা কথাৰেই সিহঁতে খোৱা সামৰিলে। ৰায়ানৰ কথা উলিয়াবলৈ যেন লিছা আৰু ফিয়না দুয়োৰে সংকোচ হ’ল। সেয়া বুজিয়ে খোৱাৰ শেষত তুলিকাই ক’লে,
‘তোমালোকে মাৰ্কক কথাবোৰ বুজাই ক’ব পাৰিবানে? মই এসপ্তাহৰ ছুটি বিচাৰি ইমেইল এটা কৰি থৈছোঁ।’
‘পাৰিম পাৰিম। সেইবোৰ তুমি চিন্তাই নকৰিবা।’
তুলিকাই হয়ভৰ দি লিভিং ৰুমৰ কাপবৰ্ডৰ পৰা চ্যুটকেছ এটা উলিয়াই আনিলে। তাইৰ পিছে পিছে গৈ লিছা আৰু ফিয়না শোৱকোঠাত বহিলগৈ। তুলিকাই নীৰৱে চ্যুটকেছত কাপোৰ ভৰাবলৈ আৰম্ভ কৰিলে।
লিছাই লাহেকৈ মাত দিলে, ‘কাইলৈ পুৱাই ওলাবা নেকি?’
‘অঁ’
‘ডেৰীলৈ?’ এইবাৰ ফিয়নাই সুধিলে।
‘নহয়, লণ্ডনলৈ!’
তুলিকাৰ দুচকুত ফুটি উঠা দৃঢ়তা আৰু সংকল্প সিহঁত দুয়ো ঠিকেই দেখিলে। সিহঁতৰ আশ্চৰ্য্যচকিত মুখ দুখখন তুলিকাই দেখিও নেদেখাৰ ভাও ধৰিলে।
পূৰ্বৰ খণ্ডসমূহ:
অফিচলৈ সোমায়ে তুলিকাৰ চকুত পৰিল, আজি গোটেইবোৰ ন বজাতে আহি অফিচ পাইছেহি। গোটেইবোৰ মানে সিহঁতৰ উপৰিও সাধাৰণতে ফিল্ডতে বেছি সময় কটোৱা ডেৰেন, টম আৰু পিটাৰো আছেহি। তাই দুৱাৰ খুলি সোমোৱাৰ লগে লগে টমে উত্তেজিতভাৱে চিঞৰি উঠিল,
‘খৱৰটো পালানে তুলিকা?’ তাইৰ মুখৰ অভিব্যক্তি দেখি তেওঁৰ লগতে সকলোৱে বুজিলে, নাই, তুলিকাই একো গমকে নাপায়। টম বা অফিচৰ কোনোৱে হয়তো কল্পনাই কৰিব নোৱাৰিলে, কি এক মানসিক অৱস্থা লৈ তাই আজি অফিচত ভৰি দিছেহি। কালি নিশাটোৰ ভিতৰতে তাই নিবিচৰাকৈয়ে যে অতীতে পুনৰ ধৰা দিছেহি এই বৰ্তমানত! সেই সকলো অস্থিৰতা লুকুৱাবলৈ চেষ্টা কৰি তুলিকাই সুধিলে,
‘কি খৱৰ কওকচোন?’
টমে একেই উদ্যমেৰে কৈ উঠিল, ‘মাৰ্কৰ চাকৰি ইয়াতে খাটাং হ’ল! আজি পুৱাই খৱৰ আহিছে। সেয়ে আমি সকলো ঢপলিয়াই আহি অফিচ পাইছোঁহি!’
সেয়া শুনিয়ে তুলিকাৰ মনৰ সকলো অৱসাদ-যন্ত্ৰণা আঁতৰি যোৱা যেন ভাৱ হ’ল! সাংঘাতিক এক স্বস্তি আৰু সন্তুষ্টিয়ে ভৰ কৰিলেহি তাইৰ হৃদয়ত।
‘কি সঁচাই? ইমান ভাল খৱৰ!!’
আজি প্ৰথমবাৰৰ বাবে তাই মাৰ্কক কৰমৰ্দন নকৰি পোনেই সাৱটি ধৰিলেগৈ, ‘অভিনন্দন মাৰ্ক। মোৰ যে কিমান ভাল লাগিছে বুজাই ক’ব নোৱাৰোঁ।’
মাৰ্কে তেওঁৰ স্বভাৱসুলভ মিঠা হাঁহিটোৰে তাইকো আকোঁৱালি ল’লে। তাৰপিছত ক’লে,
‘বৰ সকাহ পাইছোঁ, বুজিছা! নিজকে ভাগ্যৱান যেন লাগিছে- মনে-প্ৰাণে ভালপোৱা ঠাই এখনত ভাল লগা কামবোৰ কৰি থাকিব পাৰিছোঁ। তাকো সেয়া কৰাৰ সুযোগ পাইছোঁ ভালপোৱা মানুহ এখিনিৰ লগত একেলগে। আৰু কি লাগিছে কোৱাচোন!’
‘ভাল পোৱা বা নোপোৱা আমি তোমাক নেৰিছোঁ দেই, মাৰ্ক। আমাৰ দলৰ গুৰি বঠা তোমাৰ দৰে অন্য কোনেও ধৰিব নোৱাৰে! এতিয়া গোটেই জীৱন আমাক সকলোকে সহ্য কৰি থাকিবলৈ সাজু হোৱা।’ ফিয়নাই নাটকীয় ভংগীৰে কোৱা কথাষাৰত সকলোৱে হাঁহি পেলালে।
কিন্তু ভিতৰি যেন সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে। এই খৱৰটো যেন কেৱল মাৰ্কৰ বাবেই নহয় গোটেই দলটোৰ বাবেই দিকনিৰ্দেশক যেন হৈ পৰিছিল! নেচাৰৰ পুনৰ্সংগঠনৰ ধুমুহাজাক যেন আজিহে থামিল- সকলোৰে তেনে ভাৱ হ’ল। দলটোৰ দৰেই তুলিকাৰ বাবেও মাৰ্ক কেৱল সিহঁতৰ দলপতিয়ে নহয়, সঁচা অৰ্থত তেওঁ পথনিৰ্দেশক। এই অজান্তি মুলুকত প্ৰথম ভৰি থোৱাৰ দিনাৰে পৰা কৰ্মক্ষেত্ৰৰ প্ৰতিটো খোজতে তেওঁ তুলিকাক হাতত ধৰি শিকাইছে, ইয়াৰ প্ৰকৃতি আৰু মানুহৰ বিষয়ে মাৰ্কৰ পৰাই তাই বহু নতুন কথা জানিছে। জটিল পৰিস্থিতিতো কেনেকৈ এই দল আৰু দলীয় আদৰ্শৰ ধাৰা আগবঢ়াই নিব পাৰি, অগাধ জ্ঞান আৰু অভিজ্ঞতা লৈও কেনেকৈ মাটিৰ মানুহ হৈ থাকিব পাৰি তাৰ যেন আজীৱন দৃষ্টান্ত এই মাৰ্ক! বিছবছৰৰ আগৰ ট্ৰাবলছৰ ভয়াবহ দিনবোৰত যেনেকৈ স্থিতপ্ৰজ্ঞ হৈ ফাৰমানাৰ প্ৰকৃতিৰ বাবে কাম কৰি গৈছিল, তেনেদৰেই নেচাৰৰ পুনৰ্সংগঠন, সুখৰ সংসাৰৰ বাস্তৱ পৰিণতি সকলো দেও দি আজিও তেওঁ একেদৰেই জীৱনৰ মুখামুখি হৈছে।
সিদিনা সন্ধিয়া এই সুখৱৰটো উদযাপন কৰিবলৈ নেচাৰৰ সকলো ডেভেনিছ পাবত লগ হ’ল। তাৰে এচুকৰ ডাঙৰ টেবুলখনত বহি লৈ ডেৰেনে ক’লে,
‘প্ৰথমে ময়ে পিটচাৰ এটা আনোঁ- গিনিছেৰেই আৰম্ভ কৰোঁ, নহয় জানো?’
গোটেইবোৰে হয়ভৰ দিলে। এনে ডাঙৰ গোটত পাবলৈ আহিলে ইয়াত সাধাৰণতে সেয়াই নিয়ম। এজন এজনকৈ পাল পাতি বীয়েৰৰ পিটচাৰ অৰ্থাৎ জগ একোটা কিনে।
হাতে হাতে গিনিছ বীয়েৰৰ গিলাচ লৈ সকলোৱে মাৰ্কক এটা ট’ষ্ট দিবলৈ অৰ্থাৎ দুআষাৰ ক’বলৈ অনুৰোধ কৰিলে। গিলাচটো কিছু ওপৰলৈ ধৰি লৈ মাৰ্কে ক’লে,
‘তোমালোকে জানাই, দুটা দশকৰ আগতে মই ফাৰমানাত প্ৰথম ভৰি থৈছিলোঁ। তেতিয়া ট্ৰাবলছৰ ভয়াবহতাৰ মাজতে ইয়াত এটা নতুন জীৱন আৰম্ভ কৰিছিলোঁ। তেতিয়াই ফাৰমানাৰ সেউজীয়াৰ মায়াত বন্দী হৈ পৰিছিলোঁ। জীৱনটো থানথিত লাগিল বুলি ধৰি লোৱাৰ পিছত এই বছৰটোৱে কি যে এজাক ধুমুহা লৈ আহিল। নেচাৰ একে হৈ নাথাকিল, মোৰ পৰিয়ালো একে হৈ নাথাকিল। কিন্তু আজি ভাৱ হৈছে, আমি মানুহবোৰতো একে আছোঁ- আমাৰ মাজৰ আন্তৰিক টান আৰু হেঁপাহবোৰতো একেই আছে, হাজাৰ সংঘাত দেও দি এই ফাৰমানাওতো একেই আছে, নহয় জানো? আজি আকৌ এবাৰ সেয়ে কৃতজ্ঞ অনুভৱ কৰিছোঁ আৰু তাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ জনাব খুজিছোঁ। তোমালোকৰ সহায়-সহযোগিতা আৰু একতাৰ জোৰতে মই আজি ইয়াত আছোঁ, আমাৰ দলটো আছে। আমিবোৰ যেন সদায়ে একেদৰেই থাকোঁ!……চিয়েৰ্ছ!’
সকলোৱে একেলগে গিলাচ ওপৰলৈ দাঙি কৈ উঠিল, ‘চিয়েৰ্ছ!’
আজি প্ৰথমবাৰৰ বাবে মাৰ্কে সমজুৱাকৈ নিজৰ পৰিয়ালৰ কথা ক’লে। সকলোৱে গম পালেও লিছাৰ বাহিৰে মাৰ্কৰ সৈতে অন্য কোনেও সেই সম্পৰ্কে পতা নাই। লিছাৰ পৰাই তুলিকাই গম পাইছে, আন্যাই সেই একেটা বাটতে চুবুৰীয়াৰ ঘৰত নতুনকৈ সংসাৰ পাতিছে, মিনলাৰ জীৱন দুলিব ধৰিছে আন্যা আৰু মাৰ্কৰ ক’পেৰেণ্টিঙৰ দোলকত। প্ৰথমে জটিল যেন লাগিলেও লাহে লাহে পৰিয়ালটোৰ এই নতুন ৰূপতে তিনিও যেন অভ্যস্ত হৈ আহিব ধৰিছে। আনকি মাৰ্কে হেনো লিছাক মাজে মাজে ক’বলৈ লৈছে, এতিয়া মিনলাৰ সৈতে নিজাকৈ সময় কটাবলৈ পাই, একেলগে খেলি আৰু ফুৰি তেওঁৰো ভাল লগা হৈ আহিছে। কোনে জানে, আন্যাৰ সৈতে একেলগে থকা হ’লে সেই সময়বোৰে কেনে ৰূপ ল’লেহেঁতেন। তুলিকাৰ ভাৱ হ’ল যেন, মাৰ্কে বাস্তৱক অন্ত:কৰণেৰে মানি লোৱাৰ অহৰহ চেষ্টা কৰিছে। এই এটা বছৰত ব্ৰেক্সিটৰ অনিশ্চয়তাই ফাৰমানা কঁপাই তুলিছে, ট্ৰাবলছৰ ভয়াবহ দিনবোৰ সোঁৱৰাই দিছে। তাতে ভূতৰ ওপৰত দানহ পৰাদি নেচাৰৰ পুনৰ্সংগঠন আৰু মাৰ্কৰ ডিভৰ্চে হয়তো কত যন্ত্ৰণা আৰু অস্থিৰতাৰে মাৰ্কৰ জীৱনটো আৱৰি পেলালে। তথাপি- তথাপি তেওঁ থিয় দি ৰৈছে সেই সকলোবোৰ আকোঁৱালি লৈ। কি এক জীৱনবোধে মানুহক এনে বাস্তৱমুখী আৰু আশাবাদী কৰি ৰাখিব পাৰে সেয়া তুলিকাই নাজানে!
‘কি বীয়েৰ খাবা, তুলিকা? এইবাৰ মোৰ পাল!’ টমে টেবুলৰ সিমূৰৰ পৰা ডিঙি বেঁকা কৰি সোধাত তুলিকাৰ সম্বিত আহিল।
‘তোমালোকৰ দৰে ইমান জোৰত আমি শেষ কৰিব নোৱাৰোঁ দেই!’ তুলিকাই কিবা কোৱাৰ আগতেই ফিয়নাই মাত দিলে। কৈ তাই নিজৰ গিলাচত এতিয়াও বাকী ৰোৱা গিনিছখিনিও দেখুৱালে।
তুলিকাই নিজৰ গিলাচটো চাই ফিয়নাৰ কথাতে হয়ভৰ দিলে। টম উঠি গ’ল। পিটচাৰ এটা ভৰাই নতুনকৈ বীয়েৰ আনিলে। কিন্তু লগতে এজগ পানী আৰু দুটা আধা পাইণ্টৰ সৰু গিলাচ আনি সিহঁত দুজনীৰ সন্মুখত থ’লেহি। তাৰপিছত ক’লে,
‘তোমালোক দুজনীয়ে হাফ পাইণ্টৰ গিলাচেৰে কাম চলোৱা তেনে! লগতে এয়া পানী আনিছোঁ, লোৱা। আজি দৰকাৰ হ’ব!’
টমৰ আগজাননী শুনি সকলোৱে হাঁহিলে। তাৰমানে আজি আড্ডা সোনকালে সামৰাৰ লক্ষণ নাই। কিমান দিনৰ মূৰতযে দলটোৱে মুকলি মনেৰে একেলগে পাবত বহিছেহি। গতিকে বহুদিনৰ মূৰত আড্ডাও জমি উঠিছে।
তাৰ মাজতে লিছাই একাষৰীয়াকৈ তুলিকাক সুধিলে,
‘ৰায়ানৰ কি খৱৰ, তুলিকা?’
‘ভালেই। সি ৰিপৰ্টিঙৰ কামত এইকেইদিন খুউব ঘুৰা-ঘুৰি কৰিব লগা হৈছে।’
প্ৰায় লগে লগেই লিছাই সুধিলে, ‘ফাৰমানাৰ বোমা বিস্ফোৰণৰ ঘটনাটোৰ কাৰণে নেকি?’
তুলিকা আচৰিত হ’ল। তাই একো গমেই পোৱা নাছিল। কি, ক’ত, কেতিয়া হৈছে সেইবোৰ? লিছাইহে সবিশেষ ক’লে,
যোৱা সপ্তাহটোতে ফাৰমানা আৰু ওচৰে-পাজৰে কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা ঘটিছে। যোৱা কেইবাসপ্তাহত পুলিচে অ’ত ত’ত বোমা উদ্ধাৰ কৰিয়ে আছে- সিদিনা ডেৰীতো এটা পালে। কোনোবাই সাক্ষাৎ পুলিচ অফিচাৰ গৰাকীৰ গাড়ীতে থৈ গৈছিল। অ’মাৰ বিস্ফোৰণত পুলিচ এগৰাকী আহতও হৈছে। গোটেইবোৰৰ ধৰণ আৰু ঠাই চাই পুলিচে সন্দেহ কৰিছে এয়া আই আৰ এ-ৰ কাম।
‘মানে বিৰোধী ৰিপাব্লিকান আৰ্মি?’ তুলিকাই সুধিলে।
‘অঁ, ঠিকেই কৈছা। ১৯৯৮ চনৰ গুড ফ্ৰাইডে’ৰ দিনা হোৱা শান্তি চুক্তিয়ে ট্ৰাবলছৰ ভয়াবহ দিনবোৰৰ অন্ত পেলাইছিল, কিন্তু সেই চুক্তিত সন্মত নোহোৱা এদল বিৰোধী ৰিপাব্লিকান অসন্তুষ্ট হৈয়ে ৰৈ গৈছিল। লাহে লাহে সেই সকলেই পুনৰ গোট বান্ধিলে। অস্ত্ৰ-শস্ত্ৰ আৰু মূলধন গোটালে। লক্ষ্য এটাই ব্ৰিটেইনৰ পৰা পৃথক আৰু দুয়োখন আয়াৰলেণ্ড মিলাই এক স্বাধীন আয়াৰলেণ্ড গঠন। এতিয়া ব্ৰেক্সিটৰ অনিশ্চয়তাই যেন সেই গোটবোৰক আগতকৈও অস্থিৰ কৰি পেলাইছে। অ’ত ত’ত হিংসাত্মক ঘটনাবোৰেও পুনৰ মূৰ দাঙি উঠিবলৈ লৈছে।’
‘আই আৰ এ-ৰ কথা কৈছা? মই ভাৱোঁ, এই গোটবোৰ অ’ত ত’ত সিচঁৰতি হৈ নিজৰ মতে কাম কৰি আছে- সেই লক্ষ্যতকৈও গোটবোৰৰ আচল লক্ষ্য হৈছে, মানুহৰ মাজত আতংক বিয়পোৱা!’ কাষতে বহি থকা ফিয়নাই মাত দিলে।
 |
| উৎস: ৱিকিকমন্স |
সেই আলোচনাবোৰে তুলিকাৰ বাবে যেন এটা অশনি সংকেত এৰি গ’ল। ৰায়ানৰ কথা ভাৱি তাইৰ বেছিকৈ চিন্তা লাগিবলৈ ধৰিলে। কি পৰিৱেশতযে তাই ৰায়ানক বিদায় জনাব লগা হ’ল সিদিনা। তাৰপিছত এবাৰো কথা পতাও হোৱা নাই। সিদিনা পাবৰ পৰা ওলায়ে তাই তালৈ মেচেজ পঠালে,
‘ঠিকে আছানে ৰায়ান? ইয়াত বাতৰি কিছুমান শুনি আছোঁ বাবে চিন্তা হৈ আছে। খৱৰ দিবাচোন!’
সিদিনা ৰায়ানৰ কোনো উত্তৰ নাহিল। তাৰ সলনি আহিল বিদ্যুতৰ কেইবাটাও মেচেজ। মাক-দেউতাকৰ কথাটো মনত পেলাই দিলে সি। তাই গ’লে কি কি কৰাৰ পৰিকল্পনা সেয়াও জনালে। আৰু শেষত লিখি পঠালে,
‘তুমি আহিবা তুলিকা, প্লিজ আহিবা!’
পিছদিনা সন্ধিয়া তুলিকা থেৰাপিষ্ট মিচেলৰ ওচৰ পালেগৈ। যোৱা দুটা সপ্তাহতে ইমানবোৰ ঘটনা ঘটি গৈছে যে সেই সকলোবোৰ ভাৱি চাই কৰ্তব্য স্থিৰ কৰিবলৈকে তাইৰ কষ্ট হৈছে। মিচেলে ক’লে,
‘সকলো সমস্যাৰ সমাধানসূত্ৰ প্ৰত্যেক মানুহৰ নিজৰ মাজতে থাকে, তুলিকা। প্ৰত্যেক মানুহৰ হৃদয়ৰ নিভৃত কোণত সেই সাহস আৰু অন্তৰ্শক্তি লুকাই থাকে। মাথোঁ সেয়া সময়ত বিচাৰি পাবলৈ টান। নিজৰ হৃদয়ৰ আহ্বান শুনিবলৈ টান। তোমাৰ জীৱন আৰু সুখ-দুখৰ চাবি-কাঠিও কেৱল তোমাৰ লগতে আছে। সেয়া মই ঠিক কৰি দিব নোৱাৰোঁ। সেয়া মোৰ কামো নহয়। মোৰ কাম হৈছে, তোমাক তাৰবাবে দৰকাৰী সঁজুলিখিনি দেখুৱাই দিয়া।’
তুলিকাই কিছু আবেগেৰে ক’লে,
‘মিচেল, অতীতত লেটি লৈ থকাৰ পৰা ওলাই বৰ্তমানটোত জীবলৈ তুমিয়ে মোক শিকাইছিলা। এই দেওনাখন পাৰ হোৱাৰ বাবেও তোমাৰ সহায়ৰ বহুত প্ৰয়োজন। নাজানো কিয়, কেৰিয়াৰৰ বাবে আমি ইমানবোৰ শিক্ষা আৰু অভিজ্ঞতা লওঁ, কিন্তু জীৱনটো পৰিপূৰ্ণভাৱে জীয়াই থাকিবলৈ যি শিক্ষা আৰু প্ৰক্ৰিয়াৰ দৰকাৰ- তাকে কেতিয়াও শিকা নহয়! কোৱা মোক- কি সঁজুলি আছে! কি মোক সহায় কৰিব মই নিজেনো কি বিচাৰোঁ জানিবলৈ!’
‘তুমি ইতিমধ্যে সেয়াও শিকিছা তুলিকা। নিজৰ যত্ন লোৱা। নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱা- মন আৰু শৰীৰে কিনো বিচাৰে কাণপাতি শুনি চোৱা। আমাৰ শৰীৰতেইতো মনে বাস কৰে। গতিকে নিজৰ মনটোক চুই চোৱাৰ আটাইতকৈ সহজ উপায় হৈছে শৰীৰৰ যত্ন লোৱা। ভালকৈ খোৱা আৰু শুৱা। আগৰদৰেই দৌৰিবলৈ ওলাই যোৱা। চেষ্টা কৰা যাতে জীৱনৰ এটা অংশত আৰম্ভ হোৱা ধুমুহাজাক সকলো প্ৰান্তলৈ ঠেলি নিদিয়া, বৰ্তমানটো তচ-নচ হ’বলৈ নিদিয়া। শান্ত আৰু স্বাস্থ্যকৰ শৰীৰটোৱে মনটোক শক্তি দিব। মনটোকো শান্ত কৰিব আৰু তেতিয়াই কুঁৱলী ফালি সূৰ্য ওলোৱাৰ দৰে তোমাৰ উত্তৰো ওলাব।’
মিচেলে সেয়া কৈয়ে ক্ষান্ত নাথাকিল, তুলিকাক ঘৰত অভ্যাস কৰিবলৈ বুলি কেইবাটাও কৌশল শিকালে। কেইবাবাৰো দীঘল উশাহৰ লগে লগে শৰীৰৰ প্ৰতিটো অংশলৈ মনোযোগ দিয়াৰ অভ্যাস কৰি লাহে লাহে তাই যেন শান্ত হৈ আহিল। ভাৱ হ’ল, তাই পাৰিব। নিজৰ সিদ্ধান্ততে অটল হৈ ৰ’ৱ পাৰিব।
শান্ত আৰু পৰিতৃপ্ত মন এটা লৈ তাই উভতিল। কিন্তু এপাৰ্টমেণ্ট পাই দেখে, লিছা দুৱাৰমুখতে ৰৈ আছে। তাইড় মুখখন শুকান, দুচকুত হাজাৰ উৎকণ্ঠা!
‘হাই লিছা! হুৱাটছ্ দ্য ক্ৰেইক? ঘপকৈ ওলালাহি যে।’ তুলিকাই লৰালৰিকৈ আগবাঢ়ি আহি ক’লে।
লিছাই চেপা উৎকণ্ঠাৰে ক’লে, ‘কথা এটা আছে। তোমাক ফোনত কোৱাতকৈ মুখামুখিকৈ পাতিম বুলিয়ে গুচি আহিলোঁ। ভিতৰলৈ যাওঁ?’
অজান আশংকাত তুলিকাৰ বুকুখন চিৰিংকৈ গ’ল। মিচেলৰ পৰা কঢ়িয়াই অনা নিৰিবিলি শান্তিৰ ছায়া যেন মুহূৰ্ততে ভাপ হৈ উৰি গ’ল!
তাই কোনোমতে দুৱাৰ খুলি বহা কোঠা পালেহি। পিছে পিছে লিছা। তাইৰ মুখামুখিকৈ বহি সোঁহাতখন খামুচি ধৰি লিছাই ক’লে,
‘তুলিকা, কালি যে পাতিছিলো বোমা বিস্ফোৰণৰ কথা, মনত আছে?’
‘আছে! সকলো ঠিকে আছেতো? কাৰোৱাৰ কিবা হ’ল নেকি?’ তুলিকাৰ অজানিতে মাতটো কঁপিল।
‘দুদিন আগতে অ’মাত হোৱা বিস্ফোৰণটোৰ লগত জড়িত বুলি দুজনক পুলিচে এৰেষ্ট কৰিছে। আজিৰ ‘ফাৰমানা ট্যুডে’ত এয়া কি প্ৰকাশ পাইছে চোৱা।’
লিছাই কাকতৰ প্ৰথম পৃষ্ঠাটো মেলি ধৰিলে। বৰ বৰ হৰফেৰে লিখা আছে, অ’মাৰ বোমা বিস্ফোৰণত আই আৰ এ জড়িত’। তাৰ পৰা তাইৰ চকু গ’ল লিছাই আঙুলীয়াই দিয়া বিতং বাতৰিটোলৈ। ‘এই বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত পুলিচে ৰায়ান অ’কন’ৰ আৰু বেৰী ৰ’বছন নামৰ দুগৰাকী ব্যক্তিক আটক কৰিছে।’
‘এই ৰায়ান আমাৰ ৰায়ান নহয়নে? সেই কাৰণেই চাগৈ ফাৰমানা হেৰ’ল্ডে এই বাতৰি ছপোৱা নাই!’
সেই বাতৰি আৰু লিছাৰ কথাত তুলিকা যেন চকিত হৈ পৰিল! কি কয় লিছাই? এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে? কেনেকৈ? তাইৰ ৰায়ান সাংবাদিক! সেই ৰায়ান কেনেকৈ সন্ত্ৰাসবাদী হ’ব পাৰে? নে বিপ্লৱী? তাই নাজানে এই আই আৰ এ কি! নাজানে কোন এই ৰায়ান!
এইবাৰ তাই লিছাৰ পৰা কাকতখন আজুৰি অনাদি লৈ বাতৰিটো প্ৰথমৰ পৰা পঢ়ি চালে। দেখিলে তাত আগৰ বিস্ফোৰণৰ কথাও উল্লেখ কৰিছে। তাই খপজপকৈ তাৰিখবোৰ মিলাই চালে। কি কৈছিল ৰায়ানে? কি কৈছিল? অঁ ঠিকেই, প্ৰথমে অ’মা, তাৰপিছত ডেৰীত ৰিপৰ্টিঙৰ কাম। সেইবাবেই এসপ্তাহৰ যাত্ৰা। এয়া কি? তাৰিখবোৰ কেনেকৈ মিলি গৈছে তাৰ সৈতে? তেনে কি ফাৰমানাৰ বিস্ফোৰণতো? তাইৰ চাৰিওফালে যেন এই পৃথিৱীৰ সকলো ঘূৰিবলৈ লাগিল। যেন একোৱে নেদেখা হৈ আহিল তুলিকাই। সকলো ধুৱঁলী কুঁৱলী- সকলো। তাৰ মাজত মাথোঁ জিলিকি থাকিল এষাৰি কথা- টকে’ গাৰ লা! ৰায়ানৰ ডিঙিৰ সেই গেলিক ভাষাৰ শ্ল’গান- ‘এদিন আমাৰো দিন আহিব! টকে’ গাৰ লা!’
পূৰ্বৰ খণ্ডসমূহ:
কেতিয়াবা ভাৱ হয় যেন জীৱনৰ দৃশ্যপটত মানুহ ৰছী টনা পুতলাৰ দৰে। জীৱনৰ কোনটো কেঁকুৰিত কি ৰৈ আছে জনাৰ সাধ্য নাই, বিধিৰ বিধান সলোৱাৰ কোনো উপায় নাই। মানুহে যি কাৰণতে নহওক, যিফালেই বাট বুলিবলৈ মন নকৰক, জীৱনে অবাধ্য নদীৰ দৰে নিজৰ বাট নিজে কাটি লয়। ফাৰমানাৰ সেমেকা সন্ধিয়া এটাত বিদ্যুতৰ মুখামুখিকৈ চকীখনত বহি ৰোৱা তুলিকাৰ মনত তেনে এটা অনুভৱেই দোলা দি গ’ল। তেতিয়ালৈ ৰায়ান ঘৰৰ সন্মুখৰ পদপথৰ পৰাই নিজৰ ঘৰলৈ উভতি গৈছে। সেই কিংকৰ্তব্যবিমূঢ় মুহূৰ্তটোত তুলিকায়ে কৈ পেলাইছিল,
‘তুমি যোৱা ৰায়ান। পিছত সকলো বুজাই ক’ম!’
তাইৰ চকুৰ আকূতি দেখি ৰায়ানে নিজৰ সকলো আশ্চৰ্য্য আৰু প্ৰশ্ন সামৰি নিমাতে গুচি গৈছিল। আৰু বিদ্যুৎ! ৰায়ান যোৱাৰ দিশলৈ তুলিকাই চাই ৰওঁতেই বিদ্যুতে গাড়ীখন ৰখাই আহি তাইৰ সন্মুখত থিয় দিছিলহি। শ্লাইগ’ পথৰ সেই পদপথতে দুয়ো যেন প্ৰস্তৰ মূৰ্ত্তি হৈ গৈছিল! তাৰপৰা গৈ তুলিকাৰ এপাৰ্টমেণ্ট ওলোৱাৰ পৰলৈকে দুয়োৰে মাজত কোনো শব্দ বিনিময় নহ’ল। আনকি যেন চকুৱে চকুৱে চোৱাৰো মানসিক শক্তি নাথাকিল দুয়োৰে। ঘৰ সোমায়ে ঘট্ ঘট্কৈ এগিলাচ পানী খাই লৈ তুলিকাই নিজকে শান্ত কৰিবলৈ চেষ্টা কৰিলে। প্ৰথমে বিদ্যুতেই মুখ খুলিলে,
‘কেনে আছা, তুলিকা?’
তুলিকা নীৰৱে ৰ’ল। কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে তাই। বিদ্যুতে পুনৰ ক’লে,
‘বাৰম্বাৰ চেষ্টা কৰিও তোমাক ফোনত নাপাই গুচি আহিলোঁ। আহি পাই দেখোঁ নেচাৰৰ অফিচ ইতিমধ্যেই বন্ধ হৈ গৈছে। সকলো ঘৰাঘৰি গৈছে। জেনিটৰ পলেহে ক’লে, তুমি শ্লাইগ’ পথৰে কোনোবা এখিনিত থাকা বুলি। সেয়ে কেনেবাকৈ তোমাক দেখা পাই যাম বুলিয়ে এই বাটতে তহল দি আছিলোঁ। বহুপৰ অহা-যোৱা কৰি কৰি অধৈৰ্য হৈয়ে এক্সিলেটৰত ভৰি ডবাই পাইছিলোঁ নেকি! কি জানো……’
‘কিয় আহিলা তুমি??’ বিদ্যুতৰ কথাৰ মাজতে ঘপকৈ বহাৰ পৰা উঠি তুলিকাই কৈ পেলালে!
তাই যেন বিদ্যুতৰ একো কথাই শুনিব খোজা নাই। শুনিবলৈ তাইৰ ধৈৰ্য নাই। তাৰ ৰুক্ষ দাঢ়ি-মুখৰ ভাষা পঢ়িব খোজা নাই। চাব খোজা নাই চৌখিন বিদ্যুতৰ অবিন্যস্ত কাপোৰ-কানি, দুচকুৰ তলৰ গভীৰ ক’লা দাগ! মাথোঁ জানিব খুজিছে, কি বিচাৰিছে সি? কি আশা কৰি সি এনেকৈ তুলিকাৰ জীৱনত অনাধিকাৰ প্ৰৱেশ কৰিছেহি?
বিদ্যুৎ যেন কিছু স্তম্ভিত হ’ল। এপলক ৰৈ আহত কণ্ঠ এটাৰে ক’লে,
‘তোমাকে বিচাৰি আহিছোঁ, তুলিকা। তোমাক। এবাৰতো মোৰ কথাখিনি শুনি লোৱা। কেনে আছোঁ এবাৰ সোধা!’
বিদ্যুতৰ কথাত সেই মুহূৰ্ততো তুলিকাৰ হাঁহি উঠি গ’ল! সি কেনে আছে সুধিব? তাৰবাবে বহুত পলম হৈ যোৱা নাইনে? সেই কাল নিশাটোৰ পিছত সিহঁতৰ বাবে সেই প্ৰশ্নটোৰ কিবা অৰ্থ থাকিলনে?
তুলিকাই একো নোকোৱাকৈয়ে বিদ্যুতে যেন তাইৰ মুখৰ অভিব্যক্তি পঢ়ি পেলালে! আবেগ সনা মাতেৰে সি কৈ গ’ল,
‘তুলিকা, মই জানো, মই বহুত ভুল কৰি পেলাইছোঁ। তোমাৰ বিশ্বাস হেৰুৱাই পেলাইছোঁ। মই কৰা ভুলবোৰৰ হৈ একো অজুহাত দিব নোখোজোঁ। কিন্তু তুমি গোটেইবোৰ কথা জনাটো বিচাৰোঁ। এই গোটেই বছৰটোৰ এটা এটা দিন মই বহুত কষ্টত কটাইছোঁ। প্ৰতিদিনেই তোমাৰ কথা ভাৱিছোঁ, প্ৰতি নিশা পাৰ কৰিছোঁ অনুশোচনাত লেটি লৈ। আৰু এই সময়খিনিতে প্ৰথমবাৰৰ কাৰণে মই যেন নিজকে বুজিবলৈ আৰম্ভ কৰিছোঁ, উপলব্ধি কৰিছোঁ ক’ৰ পৰা কেনেকৈ এইখিনি পালোঁহি। সেয়ে আজি গুচি আহিলোঁ। কাৰণ মই জানোঁ, তোমাক যদি মোৰ মনৰ কথাখিনি নকওঁ, এবাৰ যদি তাৰ চেষ্টাও নকৰোঁ- তেন্তে জীৱনলৈ সেই আত্মগ্লানিয়ে মোক জ্বলাই মাৰিব।’
তুলিকা এইবাৰ ধুপুচকৈ বহি পৰিল। একোৱেই ক’ব নোৱাৰিলে তাই। মাত্ৰ দুয়ো হাতেৰে মুখ ঢাকি নিশব্দে এবাৰ উচুপিলে। বিদ্যুতে কেতিয়াও আগতে এনেদৰে কথা কোৱা নাই। তুলিকাই বহু বিচৰা স্বত্বেও তাৰ অন্তৰ্জগতখন উদঙাই দিব খোজা নাই। দুস্বপ্ন হৈ পৰা সিহঁতৰ সাংসাৰিক জীৱনটোত এনে এক সততা আৰু অকপট মুহূৰ্তৰ বাবে কিমান যে হাহাঁকাৰ কৰিছিল তাই। কিন্তু তেতিয়া বিদ্যুতে অহৰহ তুলি ৰাখিছিল অবোধ্য প্ৰাচীৰৰ দেৱাল। তাই বুজিব পৰা নাছিল কিহে কুটি কুটি খাই নিছিল সিহঁতৰ সুখ আৰু ভালপোৱা। সেই দিনবোৰৰ স্মৃতিয়ে তাইক পুনৰ এবাৰ কন্দুৱাই পেলালে। তাইৰ কাষ চাপি গৈ এবাৰ আলফুলে আকোঁৱালি লোৱাৰ প্ৰবল ইচ্ছাটো দমাই বিদ্যুৎ নিজৰ ঠাইতে বহি ৰ’ল। সি জানে, সেই অধিকাৰ ইতিমধ্যে হেৰুৱাই পেলাইছে!
কিছুপৰ নীৰৱে ৰোৱাৰ পিছত তুলিকা স্থিৰ হ’ল। চকুপানী মোহাৰি লৈ বৰ দুৰ্বল কণ্ঠেৰে ক’লে, ‘কোৱা।’ সেই এটা শব্দ ক’বলৈকো যেন তাই অন্তৰৰ বহু বাধা দেও দি আহিব লগা হ’ল।
বিদ্যুতে বহা ঠাইতে কিছু লৰচৰ কৰি উঠিল। তাৰপিছত তাইৰ চকুত চকু থৈ ক’লে,
‘আমাৰ সংসাৰখনৰ এই অৱস্থাটোৰ বাবে ময়ে সম্পূৰ্ণ দায়ী, তুলিকা। মোৰ নিজৰ ভিতৰতে বহু যুঁজ-বাগৰ আছে যিবোৰ তোমাক আগতে কেতিয়াও কোৱা নহ’ল। হয়তো তোমাক বুজাই ক’ব পৰাকৈ মই নিজেই সেয়া বুজি পোৱা নাছিলোঁ। আজি ছমাহে কাউন্সেলিং কৰি কৰিহে সেই কথাবোৰৰ মৰ্ম উপলব্ধি কৰিছোঁ। বুজিছোঁ, সেইবোৰে কেনেকৈ মোৰ জীৱনটো তচ-নচ কৰি পেলালে।’
সি কিছু ৰৈ দীঘলকৈ এটা উশাহ টানি ল’লে। তাৰপিছত পুনৰ কৈ গ’ল,
‘তোমাক বহু আগৰ পৰা কথাবোৰ ক'ব লাগিব। তুমিতো জানাই, মই ডেৰাডুনৰ ইণ্টাৰনেশ্যনেল স্কুলত পঢ়িছিলোঁ। মোৰ কেৰিয়াৰক লৈ মা-দেউতাৰ সপোনৰ সীমা নাছিল। সেইবাবেই কিজানি একমাত্ৰ ল’ৰা যদিও তেনেকৈ ইমান দূৰৈত ৰাখিছিল। ইমান সৰুতেই খেলাৰ সমনীয়া, ঘৰৰ মুকলিমুৰীয়া পৰিৱেশ সকলো এৰি বৰ্ডিং স্কুলৰ নীতি-নিয়মত খাপ খাবলৈ মোৰ বৰ কষ্ট হৈছিল। মা-দেউতাৰো। ডিগবৈৰ পৰা যেতিয়াই গৈ ওলায়, মোক হোষ্টেলত এৰি অহাৰ পৰত মায়ে সদায়ে কান্দিছিল। ময়ো লুকুৱাই লুকুৱাই উচুপিছিলোঁ। কিন্তু এটা ভাল কেৰিয়াৰ আৰু ভাল জীৱনৰ স্বাৰ্থতে ঘৰ আৰু অসমৰ পৰা ইমান আঁতৰত থকাটো আমি প্ৰত্যেকেই মানি লৈছিলোঁ কিজানি। সেইকাৰণেই মা-দেউতাৰ সপোনবোৰ পূৰাবলৈ মই দিনে-ৰাতিয়ে কষ্ট কৰিছিলোঁ। পঢ়া-শুনাৰ বাহিৰে একোলৈকে ধ্যান দিব খোজা নাছিলোঁ। শুৱা-খোৱা আৰু পঢ়াই মোৰ জীৱন হৈ পৰিছিল। সেইমতেই ৰিজাল্টো ভাল হৈছিল। তাৰপিছত দিল্লী বিশ্ববিদ্যালয়ত পঢ়িলোঁ। মা-দেউতাৰ সুখ আৰু গৌৰৱৰ সীমা নাছিল। তাৰ লগে লগে সপোনৰ পৰিধিও বাঢ়ি গৈছিল। যেন প্ৰতিবাৰেই গৈ পোৱাৰ লগে লগেই লক্ষ্যৰ ঘাইখুঁটিটো আগলৈ ঢাপলি মেলিছিল। নিজেও কিজানি সেই দৌৰতে অভ্যস্ত হৈ গৈছিলোঁ। মোৰ চাৰিওদিশে কি হৈছে-নহৈছে, মোৰ ইচ্ছা-অনিচ্ছা সকলো একাষে থৈ বছৰ বছৰ ধৰি মাথোঁ দৌৰাতে লাগি থাকিলোঁ।
লণ্ডন স্কুল অব ইক’নমিকছত এম বি এ কৰিবলৈ স্ক’লাশ্বিপ পোৱাৰ দিনাহে প্ৰথম বাৰৰ বাবে ভাৱ হৈছিল, আই হেভ মেইড ইট! মই লক্ষ্য চুইছোঁহি। মা-দেউতাৰ প্ৰতি ঋণমুক্ত হৈছোঁ। কিন্তু ভাৰত এৰি বিদেশ পাইহে যেন লাহে লাহে মোৰ উপলব্ধি হ’বলৈ ধৰিলে, কেৰিয়াৰৰ পিছত দৌৰি থাকোঁতে কত কি এৰি আহিলোঁ! মোৰ লগৰবোৰে সৰুৰে পৰা স্বাধীনভাৱে জীৱন গঢ়া- ফুৰা-চকা-খেলা-ধূলা কৰাৰ কাহিনী শুনি আৰু দেখি প্ৰথমবাৰৰ বাবে মোৰ নিজৰ ওপৰতে সন্দেহ উপজিল। মা-দেউতাৰ আলাসৰ লাড়ু হৈ থাকি যেন নিজাকৈ জীৱনৰ বাট বুলিবলৈ, নিজৰ সুখ-দুখ চিনিবলৈকে অৱকাশ নাপালোঁ।বিশ্বাস কৰিবানে, লণ্ডনত ভৰি দিয়াৰ আগলৈকে মই নিজৰ কাপোৰ-কানি এটাও নিজে কিনি পোৱা নাছিলো? যেতিয়াই যি লাগে সকলো যোগাৰ কৰি দিছিল মা-দেউতাই! কেতিয়াও ক’লৈকো কেৱল ফুৰিবলৈ গৈ পোৱা নাছিলোঁ, নিজে ক’তো কাম কৰি উপাৰ্জন কৰি পোৱা নাছিলোঁ, বন্ধু-বান্ধৱৰ লগতো একো স্ফূৰ্তি কৰি পোৱা নাছিলোঁ, কেতিয়াও আনকি কাৰো প্ৰেমতো পৰি নাপালোঁ। এনে নহয় যে, সুবিধা পোৱা নাছিলোঁ। কিন্তু মোৰ চকুত সেই সকলোবোৰ আছিল পঢ়া-শুনাৰ পৰা মনোযোগ আঁতৰোৱা বিলাস!
লণ্ডনে মোৰ ভিতৰখনত পৰিৱৰ্তনৰ উকমুকনি এটা আনি দিছিল। মোৰ লগৰ বোৰৰ স্বাধীন মানসিকতা আৰু জীৱন-ধাৰাই মোক নিজৰ বিষয়ে বহুত প্ৰশ্ন আনি দিছিল। মোৰ ৰুমমেট ব্ৰাজিলৰ পাবল’ই বাইছ বছৰ বয়সতো মোৰ অসহায় অৱস্থাটো দেখি প্ৰথমে হাঁহিছিল। কিন্তু পিছলৈ ইটো সিটো দেখুৱাই-বুজাই দিবলৈ লৈছিল। পাবল’ৰ লগতে ঘৰৰ সকলো কাম-কাজ কৰিবলৈ, ৰান্ধিব-বাঢ়িবলৈ শিকিছিলোঁ। প্ৰতি শনিবাৰে পাবলৈ যাবলৈ লৈছিলোঁ। লণ্ডনৰ জীৱনটোৱে নতুন স্বাধীনচিতীয়া জীৱন এটাৰ স্বাদ আনি দিছিল। সেই আমেজৰ উম ভালকৈ ল’বলৈ নাপাওঁতেই মা-দেউতাই বিয়াৰ কথা উলিয়ালে। এতিয়াও মনত আছে, গ’ল্ডমেন চেকচৰ চাকৰিটোত জইন কৰাৰ এমাহ নহওঁতেই মাই এদিন পুৱাতে তোমাৰ নাম লৈছিল। তোমাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল মা। পিছত গম পাইছিলোঁ, লণ্ডনত থকা দূৰসম্পৰ্কীয় মামাৰ মুখেৰে মাহঁতে শুনা পাইছিল, পাবল’ৰ লগত মই ঘনাই পাবলৈ যাবলৈ লৈছোঁ। কোনোবা শ্বেতাংগ ছোৱালীৰ লগতো মোক দেখা পাই মাহঁতৰ কাণ চোৱাইছিলগৈ হেনো। সেইবাবেই কিজানি মাই কৈছিল, তোমাৰ দৰে অসমীয়া ছোৱালী এজনী বিয়া পাতিলে মা-দেউতা কিমান সুখী হ’ব। কিন্তু একেবাৰে সঁচা কথা ক’বলৈ হ’লে, তেতিয়া প্ৰথমেই মোৰ মনলৈ অহা ভাৱটো আছিল, মা-দেউতাৰ মোক লৈ সপোনবোৰ এতিয়াও আগলৈকে গৈ আছে। মই ৰৈ দিব খুজিছোঁ যদিও মা-দেউতা এতিয়াও দৌৰিয়ে আছে। সেই আশা আৰু সপোনৰ পৰিধি নাই- ঋণৰ পৰা মুক্তি নাই। মোৰ নিজা সুখ-দুখ আৰু ইচ্ছা-অনিচ্ছাই প্ৰথমবাৰৰ বাবে যেন মূৰ দাঙি উঠিব খুজিছিল।
কিন্তু তুমি জানাই, তথাপিও মাৰ কথামতেই মই তোমালৈ অনলাইন কল কৰিলোঁ। তোমাৰ স’তে কথা পাতি মোৰ মনো কিছু সলনি হ’ল। লগ পোৱাৰ পিছত ভাৱ হ’ল, মা-দেউতাৰ কথাই সঁচা। মোৰ ভিতৰৰ শূন্যতা আৰু অস্থিৰতাখিনি তুমিয়েই শাম কটাব পাৰিবা যেন বিশ্বাস এটা হ’ল। তোমাৰ স’তেই সুখী হোৱাৰ সপোন এটা দেখিবলৈ ল’লোঁ। বিশ্বাস কৰা, বিয়াৰ বাবে পৰিয়ালৰ কোনো হেঁচা নোহোৱাকৈ মই নিজেই মত দিলোঁ। আৰু তোমাৰ সৈতে লণ্ডনত সংসাৰ এখন পাতিও মই সঁচা অৰ্থত সুখী হৈছিলোঁ তুলিকা। সেয়া কোনেও মোৰ পৰা আঁতৰাই নিব নোৱাৰে।’
বহু ক্ষোভ চেপা মাৰি লৈ তুলিকাই নীৰৱে শুনি ৰ’ল। যোৱা এটা বছৰে বহু যন্ত্ৰণা আৰু ক্ষোভে তাইক বিধস্ত কৰি ৰাখিছে। কিন্তু আজি প্ৰথমবাৰৰ বাবে আগতে কেতিয়াও অনুভৱ নকৰা এক সহমৰ্মিতাৰ ভাৱে তাইক চুই যাব খুজিলে।
‘তেনে কিয় কৰিলা? মোৰ স’তে এনে কিয় কৰিলা বিদ্যুৎ?’ এই প্ৰথমবাৰৰ বাবে তাই বহুদিনৰ মূৰত বিদ্যুতৰ নাম মুখত ল’লে।
বিদ্যুতে চলচলীয়া চকুৰে ক’লে,
‘মই পথভ্ৰষ্ট হৈ গৈছিলোঁ, তুলিকা। তাৰ কোনো অজুহাত নাই- ক্ষমা নাই। বিয়াৰ পিছৰ আবগে-উত্তেজনা শাম কাটি অহাৰ লগে লগে দৈনন্দিন ব্যস্ততাত ডুবিব ধৰিছিলোঁ। ইনভেষ্টমেণ্ট বেংকিঙৰ তীব্ৰ হেঁচা আৰু ব্যস্ততাই প্ৰতিদিনেই যেন জেওৰা খৰি চেপাদি মোৰ সকলো শক্তি আৰু উদ্যম শেষ কৰি দিছিল। দিনৰ পিছত দিন, মাহৰ পিছত মাহ তেনেকৈ খাঁটি থাকি, গতানুগতিকতাত বন্দী হৈ মোৰ মন দমি গৈছিল। ভাৱ হৈছিল, জীৱন যেন ৰৈ গৈছে। কেৰিয়াৰৰ বাবেই জীৱনৰ পঁচিশটা বছৰ পাত কৰি দি কি পালোঁ যেন ভাৱ হ’বলৈ লৈছিল। এইখিনি পাবলৈকে জীৱনৰ বাটত বহু হেৰুৱাই আহিলোঁ বুলি খেদ হৈছিল। তাৰ লগতে আমাৰ সংসাৰখনৰ সমীকৰণটো যেন সনাপিটিকা হৈ পৰিল। দিনটো কাম শেষ কৰি ঘৰ আহি পাই তোমাক দেখিলেই মনত পৰা হ’ল, তুমিও মা-দেউতাৰ আশা আৰু সপোনৰ মায়াজালৰ এটা অংশ। মা-দেউতাই জাপি দিয়া সম্পৰ্কৰ বোজা এটা। সেই কথাটোৱে তিক্ততা এটা আনি দিছিল মোৰ মনলৈ। সেইবাবেই তোমাৰ পৰা দুৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিছিলোঁ কিজানি!’
তুলিকাৰ মনত পৰিল, তাই লাহে লাহে উপলব্ধি কৰিবলৈ লৈছিল- ক’ৰবাত আঁতডাল হেৰাই যাবলৈ লৈছে। বিদ্যুৎ তাইৰ পৰা আঁতৰি যাব ধৰিছে। কিন্তু তাই তাক কোনোদিনেই পোনপটিয়াকৈ সোধা নাছিল। যেন সুধিলেই তাইৰ ভয় আৰু আশংকাবোৰ সঁচা হৈ পৰিব। তাই যেন স্বীকাৰ কৰিব খোজা নাছিল যে সিহঁতৰ সম্পৰ্কতো বিয়াৰ পিছৰ সময়ৰ দৰে হৈ ৰোৱা নাই। বিদ্যুতে কথাই কথাই তাইৰ খুঁত ধৰিবলৈ আৰম্ভ কৰিছিল। হকে-বিহকে শ্লেষ সানি কথা কৈছিল।
‘দিনৰ দিনটো শুই বহি কটোৱা তুমি। অফিচত মোৰ কামৰ কিমান বোজা- কিমান কষ্ট কি বুজিবা?’
‘মোৰ লগত একেলগে খাবলৈ কিয় বাট চাই থাকা তুমি? অকণমান স্বাধীনচিতিয়া হ’বলৈ শিকাচোন!’
কিয় পাহৰিব খুজিছিল তাই সেইবোৰ- তেতিয়াও, এতিয়াও! কিয় অতদিনে মাথোঁ সযতনে স্মৃতিৰ টোপোলাত ৰাখি থৈছিল ভাল লগা, কিন্তু দিনে দিনে কমি অহা সুখৰ মুহূৰ্তবোৰ! তাৰ আঁৰত লুকাই ৰোৱা সত্য অসহনীয়, আপোন জনৰ সেই আঘাত অবিশ্বাস্য, সেইবাবে?
বিদ্যুতৰ ডিঙিটো শুকাই যোৱা যেন লাগিল। কফি টেবুলৰ পৰা গিলাচটো হাতত লৈ পানী অলপ খালে। তাৰপিছত দুয়ো হাতেৰে গিলাচটো ধৰি থাকি সি ক’লে,
‘তুমি যিমানেই মৰম আৰু আশ্বাসেৰে আৱৰিব খুজিছিলা, সিমানেই ভিতৰি মোৰ অস্থিৰতা বাঢ়ি গৈছিল। ভিতৰি তোমাৰ প্ৰতি ঈৰ্ষাও হৈছিল কিজানি। এনেকৈ পৰিয়ালে ঠিক কৰি দিয়া সম্পৰ্ক এটাকে ইমান সহজে আকোঁৱালি ল’ব পৰা দেখি। কেৱল মোৰ বাবেই নিজৰ মানুহ, ঠাই সকলো এৰি বিদেশত জীৱন এটা আৰম্ভ কৰাৰ চেষ্টা দেখি। মই তেনেকৈ একোৱে সহজভাৱে ল’ব পৰা নাছিলোঁ। তোমাৰ প্ৰতিটো আন্তৰিক প্ৰচেষ্টাই মোৰ নিজৰ শূন্যতা আৰু অস্থিৰতাত যেন ঘিউহে ঢালিছিল!
সেই খেলিমেলি অৱস্থাটোতে তোমাৰ সৈতে আছমাৰ ঘৰলৈ যাওঁতে উলুপীক লগ পাই গৈছিলোঁ। উলুপীৰ চৌখিনতা আৰু উচ্ছলতাখিনি অতদিনে মই হাঁহাকাৰ কৰি বিচাৰি ফুৰা নতুন অভিজ্ঞতা আৰু উত্তেজনাৰ প্ৰকাশ যেন লাগি গৈছিল। আমি লুকাই লুকাই লগ কৰিবলৈ লৈছিলোঁ। হঠাতে মোৰ একঘেয়ামী জীৱনলৈ নাটকীয় উত্তেজনা আহি পৰা যেন ভাৱ হৈছিল। ক’ব নোৱাৰাকৈয়ে সেই উচ্ছলতাৰ ঢৌত উটি ভাঁহি গৈছিলোঁ মই। তাৰ তীব্ৰতাই মোৰ সকলো ক্ষোভ আৰু অস্থিৰতা ধুই নিকা কৰি দিয়া যেন লাগিছিল।
কিন্তু তাৰ মূল্য মই দিব লগা হ’ল। প্ৰতিদিনেই ঘৰলৈ উভতি আহি তোমাৰ ওচৰত অপৰাধবোধে মোক খুলি খুলি খাইছিল। ভীষণ অন্তৰ্দ্বন্দত ভূগিছিলোঁ। সেইবোৰ তুমি একো জনা নাছিলা কিন্তু তাৰ অসহায় প্ৰকাশ হৈ ওলোৱা মোৰ অনাহক খঙৰ ৰূপ দেখিছিলা। সমগ্ৰ জীৱন যি নিবিড়তাৰ বাবে হাঁহাকাৰ কৰি আছিলোঁ, সেয়া তোমাৰ মাজত পায়ো ভাৰ বব নোৱাৰা হৈ গৈছিলোঁ মই। তোমাৰ দৰে কাকো পোৱাৰ মই যোগ্য নহয় যেন ভাৱ হ’বলৈ লৈছিল। ছমাহৰ পিছত যেতিয়া উলুপীয়ে ক’লে, তাই প্ৰেগনেণ্ট- সেইদিনা মোৰ অপৰাধবোধ আৰু অনুশোচনাৰ সীমা নাথাকিল। সেইবাবেই পোনে পোনে আহি সেইনিশা তোমাক কৈছিলোঁহি। আৰু একোকে তোমাৰ পৰা লুকুৱাই ৰাখিব খোজা নাছিলোঁ। তোমাক কোৱাৰ পিছত উলুপীৰ লগত কথাবোৰ একে হৈ নাথাকিল। যি বিচাৰি আমি সেই সম্পৰ্কত বান্ধ খাই পৰিছিলোঁ, সেইবোৰ কাৰক একে নাথাকিল। উলুপীৰ বাবে মই হয়তো আগৰদৰে তাইৰ উচ্ছলতাৰ বাহক হৈ নৰ’লোঁ। মোৰ বাবে তাত কোনো উত্তেজনা নাথাকিল- কোনো নিষিদ্ধ আনন্দ নাথাকিল। তুমি আয়াৰলেণ্ডলৈ গুচি অহাৰ পিছত উলুপীয়ে যেতিয়া এদিন ক’লে, মোৰ লগত এবাৰো নপতাকৈয়ে তাই নিজে এব’ৰ্ট কৰি আহিল, তাৰ পিছত তাত একোৱে নাথাকিল মোৰ বাবে।’
তুলিকা যেন স্তব্ধ হৈ গ’ল। ইমানবোৰ কথা আৰু যন্ত্ৰণা কি স’তে সামৰি লয় তাই? কি স’তে বুজাৰ চেষ্টা কৰে? চকুৰ পানীও যেন শুকাই গৈছে। দুচকু উখহি পৰিছে। ভাগৰি পৰিছে তাই। ভীষণ ভাগৰি গৈছে।
তাইৰ অৱস্থাটো দেখি বিদ্যুত থিৰেৰে থাকিব নোৱাৰিলে। কাষ চাপি আহি সি লাহেকৈ তাইৰ কাষতে বহিলহি। তাৰপিছত বৰ আলফুলে তাই এখন হাতত ধৰি লৈ ক’লে,
‘মই বহুত ভুল কৰিছোঁ। সেই ভুলৰ শাস্তিও ভূগিছোঁ তুলিকা। কিন্তু তোমাক কোনো কাৰণতে হেৰুৱাব নোখোজোঁ! মোক মাত্ৰ এটা সুযোগ দিয়া। এবাৰ কামেৰে দেখুৱাবলৈ দিয়া, তোমাক কিমান ভাল পাওঁ! আমাৰ সংসাৰখন আগৰ দৰেই সুখৰ কৰি গঢ়িবলৈ এটা সুযোগ দিয়া। মই মা-দেউতাক সকলো কৈছোঁ। সকলো কথাই খোলাখুলিকৈ পাতিছোঁ। মা-দেউতাই মোৰ বাবে যিটোৱে ভাল হ’ব বুলি ভাৱিছিল, তেনেকৈয়ে কৰি আহিছিল। তাৰবাবে মই মা-দেউতাক দোষ দিব নোৱাৰোঁ। সেইখিনি লৈ মই কি কৰিম, নিজৰ জীৱনটো কেনেকৈ গঢ়িম সেয়া মোৰ নিজৰ দায়বদ্ধতা। এতিয়াও আমাৰ কাৰণে বহুত চিন্তা হৈছে মাহঁতৰ। অহা সপ্তাহতে লণ্ডন পোৱাকৈ টিকেট কৰি পেলাইছে। মা-দেউতাই তোমাকো লগ পাব খুজিছে। ভালকৈ কথা পাতিব খুজিছে। তুমি যাবানে মোৰ সৈতে?’
তুলিকাই একো উত্তৰ দিব নোৱাৰিলে। মাথোঁ ভাৱি থাকিল, কিয় এনে হ’য়! কিয় জীৱনে বাৰে বাৰে মুখামুখি কৰি দিয়ে এনে জটিল প্ৰশ্নবোৰৰ সৈতে? এনেকৈয়ে জানো সকলো পাহৰি যাব পাৰি? ইমান সহজে ফাৰমানাৰ এই জীৱন নিশ্চিহ্ন কৰি উভতি যাব পাৰি?
এপাৰ্টমেণ্টৰ দেৱাল ঘড়ীটোত চিকাডি চৰাইৰ গান ভাঁহি আহিল। নিশা এক বাজিছে। সম্বিত অহাৰ দৰে তুলিকা উঠিল। ক্ল’জেটৰ পৰা গাৰু দুটা আৰু কম্বল এখন আনি ক’লা লেডাৰৰ কাউচ্চখনত থ’লেহি। বিদ্যুতৰ প্ৰশ্নবোধক চাৱনিৰ উত্তৰত ক’লে,
‘মোৰ গ্যেষ্ট বেডৰুম নাই। ইয়াতে শুব পাৰা। বাথৰুমো এই ফ্ল’ৰতে সৌ দুৱাৰখন।’
বিদ্যুতে মাথোঁ মূৰ দুপিয়াই গাৰু আৰু কম্বল হাতত ল’লে। তুলিকাই শিথিল খোজেৰে খটখটীৰে উঠি গৈ নিজৰ শোৱাকোঠাৰ দুৱাৰখন জপাই দিলেগৈ।
পিছদিনা বিদ্যুত সাৰ পালে পাকঘৰৰ ব্ৰেড ট’ষ্টাৰৰ ট্ৰিইইইইইং শব্দত। তেতিয়াও তাৰ টোপনিৰ জাল ভগাই নাই। আধা মেল খোৱা চকুৰেই সি দেখিলে, তুলিকাই নীলা সৰু সৰু ফুল থকা চাৰ্ট এটাৰে সৈতে কটনৰ ধোৱাঁবৰণীয়া পেণ্ট এটা পিন্ধিছে। বাহুত একাষৰীয়াকৈ অফিচৰ বেগটো ওলমাই লৈ থিয়ৈ থিয়ৈ ব্ৰেডত পিনাট বাটাৰ লগাইছে। ব্ৰেডডোখৰত একামোৰ মাৰিয়ে তাই যাবলৈ ওলাল।
বিদ্যুতৰ কাষ চাপি আহি ক’লে,
‘বিদ্যুৎ, মোৰ আজি ন বজাতে খেতিয়কৰ সৈতে মিটিং এখন আছে। তুমি যাওঁতে দুৱাৰখন ভালদৰে লগাই থৈ যাবা। অ’ট’লক আছে।’
এইবাৰ সি জাপ মাৰি উঠাৰ দৰে কাউচ্চৰ পৰা উঠি বহিল। অলপ ডাঙৰকৈয়ে সুধিলে,
‘মা-দেউতাৰ সৈতে কথাবোৰ পাতিবলৈ এবাৰ লণ্ডনলৈ আহিবানে? আৰু এটা মাত্ৰ সুযোগ দিবানে মোক? মোক কৈ যোৱা, তুলিকা!’
যাবলৈ লৈও থমকি ৰৈ তুলিকাই অনুস্ব কণ্ঠেৰে মাথোঁ ক’লে, ‘ভাবি চাম!’
কৈয়ে এবাৰো ঘুৰি নোচোৱাকৈ তাই ওলাই আহিল। এপাৰ্টমেণ্ট এৰি শ্লাইগ’ পথত ভৰি দিয়াৰ আগতে চলচলীয়া দুচকু এবাৰ মোহাৰি ল’লে। কেনেকৈ বিদ্যুতক ক’ব তুলিকাই, তাই একে হৈ ৰোৱা নাই। একে হৈ ৰোৱা নাই তাইৰ জীৱন! বিদ্যুতৰ লগত সংসাৰখনেই তাইৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ থকা নাই। এই ফাৰমানাই তাইক এটা নতুন জীৱন দিছে, বহু নতুন আশা আৰু সপোন দিছে। সেয়া আঠমাহৰ আগৰ সেই কাল নিশাটোৰ দৰে এই এটা ৰাতিয়েই সলনি কৰি দিব নোৱাৰে। বিদ্যুতেই নালাগে অন্য কাকোৱে তাই সেই অধিকাৰ নিদিয়ে। তাইৰ জীৱনৰ বাবে, সুখ-দুখৰ বাবে কেৱল তাই নিজে দায়বদ্ধ। তাই নিজে!
অ’ব্ৰায়ান পাবত মুখামুখিকৈ বহি আছে ৰায়ান আৰু তুলিকা। পাবৰ এমূৰে এজাক ডেকা-গাভৰুয়ে গীটাৰত ঝংকাৰ তুলিছে। আইৰিছ পাব মানেই সংগীতৰ মূৰ্চ্ছনা থকাটো যেন বাধ্যতামূলক। সিহঁতৰ সন্মুখত এইমাত্ৰ ৱেইটাৰে দুখন প্লেটত ফিছ এণ্ড চিপছ আৰু দুগিলাচ ড্ৰাফট বীয়েৰ থৈ গৈছে। ইয়াত চিপছ্ মানে আচলতে আলুৰ ফ্ৰাইজ। তাৰ লগত কড মাছৰ টুকুৰাত ময়দাৰ লেপন দি তেলত উপঙাই ভাজি দিছে। অসমত মিহিকৈ কাটি লোৱা ৰঙালাউ ভজাৰ দৰে। মাথোঁ মচমচীয়া ময়দাৰ লেপটো ফালি চালে ৰঙালাউৰ সলনি কাঁইট নোহোৱা মাছৰ টুকুৰাটো ওলাই পৰে।
তাৰে এটুকুৰা মুখলৈ নি ৰায়ানে সুধিলে, ‘তেন্তে কি ভাৱিছা?’
নেচাৰৰ পুনৰ্সংগঠনৰ কথাই পাতি আছিল সিহঁতে। অফিচৰ পৰা ওলায়েই দুয়ো বাহিৰে বাহিৰে লগ হোৱাৰ বাবেই হয়তো পোনেই কামৰ কথাকে ওলাইছিল।
‘নেচাৰত কাম কৰি ভাল লাগিছে। কাম নহয় যেন মোৰ নিজৰ হেঁপাহ পুৰাইছোঁ। প্ৰকৃতিৰ কাৰণে, ইয়াৰ খেতিয়কৰ কাৰণে কিবা এটা কৰিছোঁ। যিমানদিনলৈ পাৰোঁ ইয়াতে কাম কৰাৰ ইচ্ছা। তোমাৰ কি প্লেন?’
তুলিকাই সদায়ৰ দৰে তাইলৈ কৰা প্ৰশ্নটো ওলোটাই ৰায়ানলৈ ঠেলি দিছে। ৰায়ানে সেয়া বুজা হৈছে আজিকালি। সি যে কেৱল কামৰ কথা নহয়, জীৱনৰ কথাহে সুধিছিল সেয়া তায়ো নুবুজাকৈ থকা নাই। কিন্তু কিয়েই বা ক’ব তাই। তাইৰ বাবে যেন বৰ্তমান মানেই কেৱল নেচাৰ- নেচাৰৰ কাম। জানি-বুজিয়ে যেন তাই সিহঁতৰ সম্পৰ্কটোলৈ ৰায়ানে বিচৰা আশ্বাসখিনি আনিব পৰা নাই! বিদ্যুতৰ লগত সংসাৰখন যে এতিয়াও সিহঁতৰ মাজত ওলোমা বাদুলী হৈ ৰৈ আছে। বিদ্যুৎ আৰু তাই পৃথক হৈছে- কিন্তু বিবাহ-বিচ্ছেদৰ বাবে কোনেও খোজ আগবঢ়োৱা নাই। সেই যন্ত্ৰণাই তচ-নচ কৰি যোৱা দিনটোৰ পিছৰে পৰা অজান্তি মুলুকৰ এই নতুন জীৱনটো চলাই নিয়াতেইচোন তুলিকা ব্যতিব্যস্ত হৈ ৰৈছে। বিদ্যুতেনো কি ভাৱিছে বা কি পৰিকল্পনা কৰিছে- সেয়া জনাৰ তাইৰ সাধ্য নাই। যোৱা এমাহমানৰ পৰা সি বাৰম্বাৰ কল কৰি থকা স্বত্বেও তাৰ সৈতে এবাৰো কথা পাতিবলৈ তাইৰ সত যোৱা নাই। সেইবোৰ কথা ৰায়ানক বুজাবই বা কেনেকৈ?
অগ্যতা ৰায়ানেও কামৰে প্ৰসংগ টানিছে।
‘মোৰো ফাৰমানা হেৰ’ল্ডৰ কামত নিচা। যোৱা আঠবছৰমান ধৰি সেই কাকততেই সাংবাদিকতা কৰিছোঁ। কিন্তু যিমানেই ব্ৰেক্সিটৰ ওচৰ চাপিছে, কথাবোৰ জটিল হৈ গৈ আছে। বেয়া খৱৰবোৰ বাঢ়ি গৈ আছে। সেইটোৱে কষ্ট দিবলৈ ধৰিছে জানা।’
তুলিকাই কিছু বুজিছে, বহু কথা এতিয়াও নুবুজাকৈ ৰৈ গৈছে। ব্ৰেক্সিটে যেন উনৈশৰ ট্ৰাবলছৰ ভয়াবহ সময়বোৰ পুনৰ উদঙাই দিব খুজিছে। আইৰিছ আৰু ইংৰাজ পৰিচয়ৰ সংঘাত বোৰ উদঙাই তুলিছে। লগতে কেথলিক আৰু প্ৰটেষ্টাণ্টৰ মাজৰ বেঁৰাখনো ক্ৰমাৎ ওখ হৈ যাবলৈ ধৰিছে। ইমান অসময় এয়া! কিন্তু যেন এই অসময়কো আওকান কৰি সিহঁতৰ হৃদয় দুখনত নিৰলে এটা সপোনে ঘৰ সাজিবলৈ আৰম্ভ কৰিছে। অতীত আৰু বৰ্তমানৰ জটিল সময়বোৰ দেও দি গৈ ভৱিষ্যতৰ বাবে এখন ৰামধেনু সাজিব খুজিছে।
কথাৰ মাজতে ৰায়ানে টাৰটাৰ চচত ডুবাই লৈ মাছৰ টুকুৰা এটা মুখত ভৰালে। তাৰ অজানিতে ওঁঠৰ ঠিক তলতে চিকুণকৈ ৰখা দাঢ়ি দুডালমানত বগা চচখিনিৰ অকণমান লাগি ৰ'ল। আলুৰ চিপছ এটা মুখত দিবলৈ লৈও ঠিক সেইখিনিতে তুলিকাৰ দুচকু থৰ হৈ ৰ'ল। বেছ কিছুপৰৰ বাবে। বহু চেষ্টা কৰিও তাৰ পৰা চকু আঁতৰাই তাই খোৱাত বা তাৰ কথাত মনোযোগ দিব নোৱাৰিলে। মনতে নিজক কিছু ভৰ্ৎসনা কৰি লৈ কিছুপৰৰ পিছত তাই সংকোচেৰে কৈ পেলালে,
'ৰায়ান, তোমাৰ মুখত অলপ চচ লাগি আছে।'
ৰায়ানৰ কথা ক্ষন্তেকৰ কাৰণে ৰৈ গ'ল। কিন্তু অকণো বিব্ৰত হোৱা যেন নেদেখাই সি মাথোঁ হাঁহিলে। লাহেকৈ নেপকিন এখন টান মাৰি লৈ মুখখন মোহৰিলে।
'গ'ল নে?' সি সুধিলে।
'হা অঁ, আৰু অলপ ওপৰলৈ। অঁ, তাতে।'
তাৰ ওঁঠ যুৰিলৈ ইমান দীঘলীয়াকৈ চাই থাকি তুলিকা অলপ ৰঙা-চিঙা পৰাৰ দৰে হ'ল। ৰায়ানৰ মিচিকিয়া হাঁহিয়ে ঠেলি পঠোৱা ঢৌ জাকে তাৰ দুচকু যেন ঢাকি পেলাব খুজিছে। মুদ খাই যাব খোজা চকুযুৰিত সেয়া নীলিম সাগৰখনৰ ঢৌবোৰে খেলা কৰিছে। তাইৰ মূৰৰ পৰা ভৰিলৈ এটা শিহৰণ বৈ গ’ল!
‘অসমৰ কথা কোৱাচোন!’ তাইৰ দুচকুত চকু থৈ ৰায়ানে এইবাৰ সুধিলে। সেই প্ৰথম লগ পোৱাৰ দিনটোৰ দৰেই তেওঁৰ দুচকুত অদম্য হেঁপাহ। হেঁপাহ তুলিকাক জনাৰ, তাইক আপোন কৰি লোৱাৰ।
কি ক’ব তাই। সেইবাৰ ৰ’ৰি জিৰ উৎসৱতে কোৱাৰ পিছত আজিলৈকে বিদ্যুতৰ কথা উলিওৱা নাই তুলিকাই। মাক-দেউতাকৰ কথাও যেন কেনেকৈ ক’ব তাকে ভাৱি পোৱা নাই এতিয়াও। মাক সুখী হৈছে- তাই জানে। তেওঁ নতুন উদ্যমেৰে নিজা জীৱন এট গঢ়ি লৈছে। আনকি ওচৰৰে চেণ্টাৰ এটালৈ গৈ ব্যায়াম কৰিবলৈও লৈছে। প্ৰায়ে তুলিকাক উৎসাহেৰে ক’বলৈ লৈছে, প্ৰথমবাৰৰ বাবে নিজৰ দেহ আৰু মনৰ যত্ন লৈ কেনে সন্তুষ্টিয়ে ভৰ কৰিছেহি তেওঁৰ হৃদয়ত। দেউতাকে বুজি পাইছে, আগৰদৰে তেওঁ বিয়াৰ বান্ধোনৰ নামত মাকক মনাব নোৱাৰা হৈছে। মাকৰ গাত হাত তোলা মাতাল নিশাবোৰে সেই অধিকাৰ কাঢ়ি লৈ গৈছে কেতিয়াবাই!
‘কি ভাৱিছা ইমানকৈ?’ ৰায়ানেই নীৰৱতা ভাঙিলে।
‘কিনো ক’ম ভৱিছোঁ।’
‘মই চোন অসমৰ কথা বিশেষ একো নাজানোৱে- গতিকে সকলো কোৱা। তোমাৰনো কি ভাল লাগে তাকে কোৱা!’ ৰায়ানে হাঁহি পেলালে। তেওঁৰ চিক্মিক্ দুচকুৱেও যেন বহু কথা ক’ব খুজিছে। অ’ব্ৰায়ান পাবৰ ভিতৰলৈকে ফাগুণৰ পছোৱা এছাটি সোমাই আহিছে!
তুলিকায়ো হাঁহিছে। হাঁহি হাঁহি কৈ গৈছে তাই এৰি অহা দিখৌ নৈৰ দুয়োপাৰৰ সেউজীয়াৰ কথা, পাটী চাইকেলখন লৈ অলৌ টলৌকৈ ঘুৰি ফুৰা উদঙীয়া দুপৰীয়াবোৰৰ কথা আৰু মাকৰ হাতৰ ঔটেঙা দিয়া মাটিডাইলৰ সোৱাদৰ কথা। ৰায়ানে পৰীৰ দেশৰ সাধুকথা শুনাদি হেঁপাহেৰে শুনিছে। তেওঁৰ বাবে যেন সেই অসমহে এক অজান্তি মুলুক। য’ত এই তুলিকাৰ জন্ম হৈছে- যাৰ মাটিয়ে বালিয়ে খেলি তাই ডাঙৰ হৈছে- কেতিয়াও কল্পনাও নকৰাকৈ যে এদিন সিহঁত দুয়ো এইদৰে ফাৰমানাৰ এটি পাবত বহি ৰ’ৱ। মুখৰ ভাষাতকৈ বহু বেছি কথা সিহঁতৰ দুচকুৱে কৈ যাব। কৈ যাব ক্ৰমাৎ কাষ চাপি অহা সিহঁতৰ হৃদয় দুখনে। ইমান অচিনাকি অথচ ইমান চিনাকি!
‘তোমাৰ মা-দেউতাৰ কেনে?’ তুলিকাই সুধিলে। অন্যমনস্ক ৰায়ান উভতি আহিল পাবৰ গানলৈ, সিহঁতৰ মাজত টেবুলত ৱেইটাৰে চিন থৈ যোৱা সেউজ-হালধীয়া পুতলা হাঁহটোলৈ। সেইটোকে লিৰিকি বিদাৰি থাকি সি ক’লে,
‘মাৰতো জানাই। ডেৰীতে আছে- গীৰ্জা আৰু লিখা-মেলাৰ কামত ব্যস্ত। দেউতা এতিয়াও শ্লাইগ’ত।’
‘মা-দেউতাক বেলেগে থকা দেখি তোমাৰ বেয়া লাগে নেকি, ৰায়ান?’ বহুদিন সোধোঁ সোধোঁকৈও নোসোধা প্ৰশ্নটো আজি তুলিকাই সুধি পেলালে। কৈ উঠিয়ে আশংকা কৰাৰ দৰে ৰায়ান অসহজ নহ’ল। ফিছ এণ্ড চিপছ্ৰ সোৱাদ লৈ থাকিয়ে সহজভাৱে উত্তৰ দিলে,
‘অভ্যস্ত হৈ গৈছোঁ জানা। মা-দেউতা চিৰদিন একেলগে থকাটোৱে সকলোৰে সহজাত সপোন, নহয় জানো? কিন্তু তাত সুখৰ প্ৰশ্নটো যেন বাদ পৰি যায় কেতিয়াবা! একেলগে থাকিও দুয়ো দুটা পৃথক জীৱন চলাই নিয়া বা দুয়ো ভিতৰি চিৰদিন অসুখী হৈ ৰোৱাটো কেনেকৈ যুক্তিকৰ হ’ল কোৱাচোন? অন্তত: মোৰ মা-দেউতাৰ ক্ষেত্ৰত মই সেয়াই দেখিছোঁ। বিচ্ছেদৰ পিছতহে দুয়ো সঁচা অৰ্থত সুখী হোৱা দেখিছোঁ।’
তুলিকাই একো নক’লে। ভাৱিলে মাথোঁ, কোনটো বেছি ডাঙৰ? পাৰস্পৰিক সুখ নে বিয়াৰ বান্ধোন? নে দুয়োটা একেলগে তুলাচালনীত উঠাটোৱে আধুনিক সমাজৰ এক ব্যাধি?
‘বিয়াক তুমি কেনেকৈ লোৱা, ৰায়ান?’ ক’ব নোৱাৰাকৈয়ে যেন প্ৰশ্নটো ওলাই আহিল তুলিকাৰ মুখেৰে।
ৰায়ান ক্ষন্তেক ৰ’ল। যেন ভাৱি চালে বহুদিন ভাৱি নোপোৱা প্ৰশ্নবোৰ। তুলিকাৰ অতীতটোৰ ঢুকি নোপোৱা কথাবোৰ!
‘মোৰ কাৰণে বিয়া মাথোঁ এটা সামাজিক স্বীকৃতি। তাতোকৈ বহু বেছি দৰকাৰী হৃদয়ৰ বান্ধোন। বিয়াৰ বান্ধোন আৰু সংসাৰখন চলাই নিবলৈ কষ্ট কৰাৰ দৰকাৰ। কিন্তু কিমান কষ্টৰ পিছত সেই কষ্ট এই জীৱনৰ বিকল্প হ’ব নোৱাৰে সেয়াও জনাটো খুউব দৰকাৰী।’
তুলিকাই যেন কেতিয়াও কথাবোৰ তেনেকৈ ভৱা নাই! ভাৱিবলৈকে শিকা নাই! কিন্তু এই মুহূৰ্তত ৰায়ানৰ কথাখিনি যেন খাপ খাই পৰিল সিহঁতৰ দুয়োৰে মাক আৰু দেউতাকৰ সংসাৰ দুখনত। আনকি তাইৰ আৰু বিদ্যুতৰ সংসাৰখনতো।
পাবত গানৰ মূৰ্ছনা শেষ হৈছে। তাৰ লগে লগে যেন পৰিৱেশটোও সলনি হৈছে। একোণৰ বিশাল স্ক্ৰীণত ছ’কাৰ খেল ভাঁহি আহিছে। চাৰিওফালে মানুহবোৰ গোট খাইছে। ছ’কাৰ মানে ইয়াৰ ফুটবল। জনপ্ৰিয় দলৰ মাজত হোৱা খেল এনেকৈ পাবত একেলগে হৈ চৈ কৈ চোৱাটোও এটা পৰম্পৰা।
‘ব’লা আৰ্ণ নৈৰ পাৰে পাৰে অলপ খোজ কাঢ়োঁগৈ।’ ৰায়ানে টিভিৰ স্ক্ৰীণ আৰু গমগমাই অহা পৰিৱেশটো মন কৰিয়ে কিজানি ক’লে।
দুয়ো ওলাই আহিল। এনিছকিলেন টাউনৰ মাজেৰেই বৈ গৈছে আৰ্ণ নৈখন। নৈৰ পাৰে পাৰে পদচাৰীৰ বাবে পকা কৰি দিয়া এটা ঠেক বাট। সেইবাটেৰেই দুয়ো আগবাঢ়িল। ৰায়ানৰ কাষে কাষে খোজ দি তুলিকা যেন কিছু আনমনা হৈ ৰ’ল। আৰ্ণ নৈৰ কঁপি থকা নীলিম ঢৌবোৰৰ দৰেই যেন তাইৰ অনুভৱৰ পৃথিৱীখন কঁপাই গ’ল ৰায়ানৰ সান্নিধ্যই, ৰায়ানৰ দৃষ্টি আৰু কথাই। বহু কথাই কৈ পেলাবলৈ মন গ’ল। ক’বলৈ মন গ’ল কেনেদৰে এখন উমাল কম্বলৰ দৰে ৰায়ানে ছাটি ধৰিব খুজিছে তাইক। অতদিনে যন্ত্ৰণাই কোঙা কৰি ৰখা তাইৰ হৃদয়খন সেই উমাল পৰশত নিজাৰ পৰি আহিছে। কেতিয়াও নভৱাকৈ তাইৰ জীৱনলৈ যেন বসন্ত নামিছে। অথচ ইমান ভিন্ন এই দ্বিতীয় বসন্ত! ইমান ভিন্ন এই সম্পৰ্ক। অতদিনে ৰোমাণ্টিক উপন্যাস- চিনেমাই বৰ্ণনা কৰাৰ দৰে তায়ো ভাৱিছিল, প্ৰেম মানেই এক উচ্ছল আবেগৰ জোৱাৰ। যি উটুৱাই লৈ যাব পাৰে সকলো হতাশা আৰু যন্ত্ৰণা। সকলো পাহৰি দিবাস্বপ্ন দেখিব পাৰি সিপাৰৰ সেউজীয়াৰ। কিন্তু ৰায়ানৰ সৈতে যেন তাইৰ এক ভিন্ন সংযোগ এয়া। তেওঁক কাষত পালে তাইৰ বুকুৰ ধপধপনিবোৰ কমি যায়। অস্থিৰতাৰ বতাহজাক থামে। সংঘাতে তচনচ কৰি দিয়া হৃদয়খনে যেন অকণমান জিৰাই লয়। সিদিনা এইখিনিকে শুনি লৈ থেৰাপিষ্ট মিচেলে তাইক বুজাইছিল, সেয়াই প্ৰকৃতাৰ্থত সহমৰ্মিতাৰ চিন। এই দুসঃহ জীৱনটো সহনীয় কৰি তোলাৰ বাবে, সঁচা অৰ্থত উদযাপন কৰিবৰ বাবে তেনে এক সহযাত্ৰীৰেইতো প্ৰয়োজন তাইক। সকলো বুজিও স্বীকাৰ কৰি লোৱা নাই তাই। সেয়ে ৰায়ানকো একোকে কোৱা হোৱা নাই। সেই বাটেৰে আগুৱাই যোৱা হোৱা নাই। যিমান অস্বীকাৰ কৰিলেও সেই বাটত যেন বিদ্যুত থিয় দি আছে। এতিয়াও।
‘সেইবোৰ গাল চৰাই, নহয়?’ ৰায়ানে হঠাৎ থমকি ৰৈ নৈৰ সিটো পাৰলৈ আঙুলীয়াই সুধিলে।
আনমনা হৈ গৈ থকা তুলিকাই ক’ব নোৱাৰাকৈয়ে ৰায়ানৰ বাহুত খুন্দিয়াই দিলেগৈ। এছাটি বিজুলীয়ে যেন জিলিকাই গ’ল দুয়োৰে মুখ! ৰায়ানে হাঁহিলে, তায়ো। তাইৰ বাহুত লাহেকৈ ধৰি ৰায়ানে মৰমেৰে ক’লে,
‘ইমানকৈ কি ভাৱিছানো?’
তুলিকাৰ কৈ পেলাবৰ মন গ’ল, ৰায়ানৰ কথাকে ভাৱিছে তাই। লাহে লাহে যেন সপোন দেখাৰ হেঁপাহ এটাই বাহ লৈছে তাইৰ বুকুত। দেহে-মনে আবেগবোৰে শিহৰণ তুলিবলৈ লৈছে। মুখৰ পৰা হাঁহিটো নাঁতৰা হৈছে। ৰায়ানে বুজিছেনে? তাইৰ দৰেই তাৰ দেহতো ফাগুণৰ পছোৱা লাগিছেনে? তাৰ সলনি তাই মাথোঁ ক’লে,
‘একো ভৱা নাই! অঁ সেয়া ক’লা-মূৰীয়া গাল। বৰ ধুনীয়া নহয়নে ক’লা মূৰেৰে সৈতে সিহঁতৰ শুধ বগা দেহ?’
‘অঁ, ইয়াত পিছে গাল চৰাইৰ চোৰ বুলি বদনাম, জানা নহয়? কোন পলকত মানুহৰ বেগ, হাত আনকি মুখৰ আগৰ পৰাই খাদ্য কাঢ়ি নিয়ে ক’বই নোৱাৰি।’
তুলিকাই যেন নকৈ নোৱাৰিলে, ‘সেয়াই সিহঁতৰ মানুহৰ সমাজৰ লগত টিকি থকাৰ বাবে অভিযোজন। সিহঁতৰ প্ৰাকৃতিক খাদ্য কম হৈ অহা এই দিনবোৰত তেনে সহজ উপায়েৰে খাদ্য বিচৰাৰ বাদে কিয়েইবা কৰিব!’
ৰায়ান কাষ চাপি আহিল। বৰ আলফুলে তাইৰ কান্ধত হাতখন থ’লে। তাৰপিছত স্বগতোক্তি কৰাৰ দৰে তাইৰ কাণে কাণে ক’লে,
‘তুমি এই চৰাইবোৰক, এই প্ৰকৃতিক ইমান বুজা। ইমান ভাল পোৱা। এই কথাটো মোৰ খুউব ভাল লাগে জানা, তুলিকা!’
তুলিকাৰ মন ভৰি গ’ল। যেন এপলকৰ বাবে অদৃশ্য দেৱালখন খহি পৰিল। ৰায়ানৰ দৰেই তাইৰো এটা বাহুৰে তেওঁৰ কঁকালত মেৰিয়াই ধৰিবলৈ তীব্ৰ ইচ্ছা হ’ল। সকলো দেও দি গৈ ৰায়ানৰ দুচকুৰ নীলিম সাগৰখনত ডুব যোৱাৰ বাসনা জাগিল। কিন্তু তাই লৰচৰেই নহ’ল। একোকে ক’বও নোৱাৰিলে। ৰায়ানৰ সোঁহাতখন তেনেদৰেই তুলিকাৰ কান্ধত ৰ’ল। দুয়ো নীৰৱে থিয় দি আৰ্ণ নৈলৈ চাই ৰ’ল। লাহে লাহে পশ্চিমৰ আকাশখনলৈ ফাকু গুড়ি ছটিয়াই আৰ্ণ নৈৰ সিপাৰে বেলিটো ডুবিবলৈ ধৰিলে।

‘উভতো ব’লা। কাইলৈ ৰাতিপুৱাই এঠাইত জৰীপ আছে!’ অৱশেষত তুলিকাই লাহেকৈ উচ্চাৰিলে। মনে মনে ভাৱিলে, সিদিনাৰ দৰে আজিও ৰায়ানে ক’ব নেকি, ‘আজি ৰৈ যোৱা!’ সেইদিনা ডেৰীৰ পৰা ৰায়ানৰ মাক পেট্ৰিচিয়া আহিছিল। মাকৰ সৈতে একেলগে ৰাতিৰ সাঁজ খাবলৈ ৰায়ানে তুলিকাক ঘৰলৈ মাতিছিল। কিছু অসহজ ভাৱেৰে হ’লেও প্ৰথমবাৰৰ বাবে ৰায়ানৰ অকণমানি এপাৰ্টমেণ্টটোত ভৰি দিছিলগৈ তুলিকাই। অৱশ্যে ক্ষন্তেকৰ ভিতৰতে আগৰ দৰেই পেট্ৰিচিয়াৰ সান্নিধ্যই পৰিৱেশটো জীপাল কৰি পেলাইছিল। ৰাতিৰ সাঁজ খাই কথাৰ মহলা মাৰি এটা সময়ত আহিবলৈ উঠোঁতেই ৰায়ানে কৈ পেলাইছিল, ‘আজি ৰৈ যোৱা নহ’লে!’ তুলিকা মূক হৈ পৰিছিল। যেন কাহানিও নুশুনা অবোধ্য কথা এষাৰ শুনা পালে তাই! তাৰপিছত খপজপকৈ কৈ পেলাইছিল, ‘নাই নাই, মই যাব লাগে!’ ৰায়ানৰ আহত চকুযুৰি চাবলৈ তাইৰ সাধ্য নাছিল।
সিদিনাৰ পিছত কেতিয়াও ৰায়ানে তাইক ঘৰলৈ মতা নাই। আজিও যাবলৈ সাজু হৈ ক’লে,
‘ঠিকেই। মোৰো কাইলৈকে ৰিপৰ্টিঙৰ কাৰণে এঠাইলৈ যাব লগা আছে। এসপ্তাহ পিছতহে উভতিম। তেতিয়াও আকৌ লগ হ’ম দিয়া।’
দুয়ো উভতনি বাটত খোজ দিলে। খোজৰ লগে লগে কেইবাবাৰো সিহঁতৰ দুবাহু ঘঁহা খালে। প্ৰতিবাৰেই দুয়োৰে দেহ আৰু মনৰ মাজেৰে পাৰ হৈ যোৱা শিহৰণটো এক হৈ ধৰা দিলে। কিন্তু একোৱে যেন হোৱা নাই এনে ভাৱেৰে দুয়ো গৈ থাকিল। শ্লাইগ’ পথৰ পদপথতে দুয়ো ৰ’ল। সেই পথৰ সিপাৰে দুখোজমান গ’লেই তুলিকাৰ এপাৰ্টমেণ্ট।
বতাহত বিয়লিৰ ছাঁ। বাটত ঘৰমুৱা লোকৰ ভিৰ। পদচাৰীৰ বাবে থকা ক্ৰছিং পইণ্টত হালধীয়া ছুইচটো টিপি তুলিকা থিয় দি ৰ’ল। পদচাৰীৰ সংকেতৰ ৰং ৰঙাৰ পৰা বগা হোৱালৈ অপেক্ষা কৰিলে। বগা হোৱাৰ লগে লগে যাবলৈ উদ্যত হৈ তাই এবাৰ ৰায়ানলৈ ঘুৰি চালে। সেই দুচকুৰ সুতীব্ৰ আকৰ্ষণে যেন মুহূৰ্ততে চুম্বকৰ দৰে টানি লৈ যাব খুজিলে। সেই উখল মাখলৰ মাজতেই বাটটো পাৰ হ’ব খোজোঁতেই ৰায়ানৰ চিৎকাৰ ভাঁহি আহিল।
‘ৱাটছ আউট তুলিকা- চাই লোৱা!’
তুলিকাই কিবা তলকিবলৈ পোৱাৰ আগতেই ৰায়ানে বাওঁহাতখনত টানি তাইক পুনৰ পদপথলৈ উভতাই আনিলে। লগে লগে ৰৈ গ’ল ঘাইপথত তীব্ৰ গতিৰে আহি থকা শুধ বগা টেছলাখন।
খৰৰৰৰচ্………
কোনোমতেহে গতি থমাই গাড়ীখনে পদচাৰী পাৰ হ’বলৈ ৰখা বগা আঁচডাল চুই ৰ’ৱলৈ সক্ষম হ’ল। ৰায়ানে তেতিয়াও তাইৰ বাওঁহাতখনত জোৰেৰে খামোচ মাৰি আছিল। কিছু বিব্ৰতভাৱেৰে তুলিকাই সেই গাড়ীলৈ চালে।
এইখন গাড়ী তাই চিনি পায়। খুউব ভালকৈ চিনি পায়!
সেই উপলব্ধিৰ লগে লগে তাইৰ চকু গ’ল গাড়ীৰ চালকলৈ। আৰু লগে লগেই যেন তাই এক প্ৰস্তৰ মূৰ্ত্তি হৈ পৰিল। ভূত দেখাৰ দৰে সেই একেই চকিত ৰূপেৰে সেয়া গাড়ীৰ ভিতৰত বহি আছে বিদ্যুৎ!!!!
পূৰ্বৰ খণ্ডসমূহ:
সিদিনা মাৰ্ক অফিচলৈ সোমাই অহাৰ লগে লগে লিছা আৰু তুলিকাই অবাক হৈ তেওঁলৈ চালে। দুয়ো ইজনীয়ে সিজনীৰ চকুলৈ চাই নীৰৱে হাঁহিলে কিন্তু মাৰ্কক একো নক’লে। মাৰ্কে অন্যদিনাৰ দৰেই সিহঁতক হাই-হেল্ল’কৈ মাত লগালে। তাৰপিছত ৱাটাৰৱেইজ আয়াৰলেণ্ডৰ পাকঘৰত কফি কৰি আনি দুয়োকে যাঁচিলেহি। সেই নিত্য নৈমিত্তিক কামখিনি শেষ কৰি এটা সময়ত তেওঁ নিজৰ ডেস্কত বহি লেপটপৰ স্ক্ৰীণত চকু ফুৰালেহি।
ক্ষন্তেক পিছতে অফিচৰ দুৱাৰ ঠেলি ফিয়না সোমাই আহিল। সকলোকে ‘গুড মৰ্ণিং’ বুলি কৈয়ে তাইৰ মাৰ্কলৈ চকু গ’ল। লিছা আৰু তুলিকাৰ দৰে মনে মনে নাথাকি তাই হোহোৱাই হাঁহি পেলালে। হাঁহি হাঁহিয়ে ক’লে,
‘আহ মাৰ্ক! চুলিখিনি কি কৰি পেলালা তুমি!!’
তাইৰ হাঁহি আৰু কথাত তিনিও থতমত খাই গ’ল। মাৰ্কে লাহেকৈ মূৰত হাত বুলাই কৈফিয়ৎ দিয়াৰ সুৰত ক’লে,
‘চুলিখিনি অলপ কটালোঁ। মিনলায়ে ক’লে- ইণ্টাৰভিউৰ কাৰণে দাড়ি-চুলি কটাই অলপ চিকুণকৈ যাবলৈ। কাইলৈকে আছেতো!’
সেই নতুন চুলিৰে ইমান বেলেগ যেন দেখাইছে মানুহজনক! মূৰৰ দুয়োফালে চুলিখিনি একেবাৰে চুটিকৈ কাটি ওপৰৰ কেকুঁৰা চুলিখিনি তেনেকৈয়ে অবিন্যস্তকৈ ৰাখি থ’লে। মাৰ্ক মানুহজন এনেয়ে ওখ-পাখ- মুখখনো দীঘলীয়া। এতিয়া চুলিখিনিয়ে তেওঁক আগতকৈও বেছি ওখ আৰু ক্ষীণ যেন দেখাইছে। দেখিলে ভাৱ হয়, কোনোবা নাপিতে যেন এই পঞ্চাছোৰ্ধৰ মানুহজনক চেঙেলীয়া সজোৱাৰহে ব্যৰ্থ চেষ্টা এটা কৰিলে।
লিছাৰ ইংগিতত ফিয়নাই কোনোমতে হাঁহি সামৰিলে। এইবাৰ লিছাই ক’লে,
‘ইণ্টাৰভিউ কাইলৈকে তেনে! ভালেই দিয়া- তাৰ কাৰণে যে সাজু হৈছা সেয়া ইণ্টাৰভিউ পেনেলেও দেখা পাব।’
মুখ ফুটাই নক’লেও ইণ্টাৰভিউৰ বাবে মাৰ্কে ইমানখিনি প্ৰস্তুতি কৰা বুলি জানি তিনিও স্বস্তিৰ নিশ্বাস পেলালে। মাৰ্কে এই ‘সমন্বয়ক’ পদটো পোৱাতো যে সকলোৰে বাবে বহুত জৰূৰী! ফাৰমানাৰ বাবে। মাৰ্কৰ বাবে আৰু নেচাৰৰ এই সৰু দলটোৰ বাবে। ভাগ্যৰ পাকচক্ৰত পৰি মাৰ্কে আজি নিজৰ পদবীতকৈ তলৰ এটা চাকৰিৰ বাবে ইণ্টাৰভিউ দিব লগা হৈছে। অতবছৰৰ কৰ্মজীৱনৰ পিছত চাকৰিক লৈ ইমান অনিশ্চয়তাত ভূগিছে। তথাপি সেইবোৰ একোকে লৈ যে মানুহজনে তিক্ততা লৈ থকা নাই – তাৰ সলনি বিধিৰ বিপাক মানি লৈ যে নিজৰ ফালৰ পৰা যি পাৰে চেষ্টা কৰিছে। সেই কথাটোত তুলিকাৰ অন্তৰ ভৰি গ’ল।
এনেতে ফোনটোত বাজি উঠা মিহি সুৰ এটাই তাইৰ চিন্তাত আউল লগাই দিলেহি।
‘হেল্ল’, মই কনজাৰ্ভেশ্যন অফিচাৰ তুলিকাই কৈছোঁ!’
‘হেল্ল’ তুলিকা, মই মেগান।’
‘অঁ মেগান! হুৱাটছ দ্য ক্ৰেইক?’ সেইষাৰ কৈ তুলিকাৰ নিজৰে হাঁহি উঠি গ’ল। তাইচোন ইয়াত শুনি শুনি আইৰিছ লোকৰ দৰেই কথা ক’বলৈ লৈছে!
‘তুমি কৰিবলৈ দিয়া পথাৰৰ চাৰ্ভে খিনি শেষ হ’ল। কিন্তু যুৱ খেতিয়কৰ আবেদনখন এতিয়াও বাকী!’
সেইজনী জন মেকভিটিৰ ছোৱালী মেগান। আগৰ লাজকুৰীয়া কিশোৰী মেগানৰ ঠাইত এতিয়া নেচাৰৰ সপ্ৰতিভ স্বেচ্ছাসেৱিকা মেগান। এইবাৰ তাই পূৰ্ণোদ্যমে তুলিকাৰ সৈতে চৰকাৰী বহনক্ষম কৃষি আঁচনিত কম কৰিছে। নিজৰ খেতি-পথাৰৰ কামো চম্ভালিছে।
‘অঁ তুমি যুৱ খেতিয়কৰ আঁচনিত যোগ দিলে খুউব ভাল হ’ব মেগান। বহুকেইটা প্ৰশিক্ষণ পাবা। জনৰ খেতিতো আধুনিক প্ৰযুক্তি খটুৱাব পৰা হ’বা।’
‘জানো তুলিকা- মোৰো বহুত মন আছে মোৰ দৰেই খেতিয়ক হ’ব খোজা হাইস্কুলীয়া ল’ৰা-ছোৱালীবোৰৰ লগত একেলগে ট্ৰেইনিং ল’বলৈ। কিন্তু আবেদন জমা দিয়াৰ শেষ তাৰিখ যে কাইলৈকে?’ মেগানৰ চিন্তিত মাত।
‘কিয়? আবেদনৰ কিমানখিনি পূৰালা? মই অফিচতে আছোঁ, তোমাক সহায়ৰ দৰকাৰ হৈছে যদি ইয়ালৈকে লৈ আহা তেন্তে! দুয়ো মিলি আজিয়ে জমা কৰি দিম।’
‘কিন্তু…কিন্তু মই যে যাব নোৱাৰোঁ, তুলিকা!’
‘কিয়?’ তুলিকা অলপ আচৰিত হ’ল।
‘মই দেউতাৰ লগত আছোঁ। দেউতা হস্পিতেলত আছে।’
এইবাৰ তুলিকা যেন চমকি উঠিল। জন মেকভিটি হস্পিতেলত আছে! কি হৈছে তেওঁৰ? কি হৈছে? সোধাত মেগানে কোনোমতে ক’লে,
‘দেউতাৰ গা বেয়া- সেইকাৰণেই মই জমা দিব নোৱাৰিম তুলিকা। কি কৰোঁ কোৱা!’
তুলিকা বহাৰ পৰা উঠিল। এখন হাতেৰে ফোন ধৰি থাকি ইখন হাতেৰে তাই দৰকাৰী বস্তু কেইপদ বেগত ভৰালে। লেপটপটোও ল’বলৈ নাপাহৰিলে। বস্তুবোৰ সাজু কৰি থকাৰ পৰাই মেগানক ক’লে,
‘মই গৈ আছোঁ মেগান। কোনখন হস্পিতেলত আছা কোৱাচোন!’
দহমিনিটৰ ভিতৰতে তুলিকাৰ ৰঙা-বগা মিনি কুপাৰখন আৰ্ণ হস্পিতেলৰ সন্মুখত ৰ’লগৈ । লৰালৰিকৈ তাই ৰিচেপশ্যনিষ্টক সুধি সোমাই গ’ল দ্বিতীয় মহলাৰ খটখটীৰে। তাতে ভিজিটিং ৰুমত মেগান ৰৈ আছিল। তুলিকাক দেখি তাই চিন্তাক্লিষ্ট মুখেৰে কাষ চাপি আহিল। তুলিকাই তাইক হাতত ধৰি বহালে। সন্মুখৰ চকীখনতে নিজেও বহি লৈ তাই মেগানক সুধিলে,
‘কি হ’ল ভালকৈ কোৱাচোন মেগান!’
‘নাজানো তুলিকা, আজি স্কুলৰ পৰা আহি দেখিছোঁহি দেউতা বহা-কোঠাৰ আৰামী চকীখনতে কাতি হৈ পৰি আছে। ওচৰলৈ গৈ দেখোঁ সা-সুৰ নাই। ভয় খাই মই ৯১১ লৈ ফোন কৰি দিলোঁ। লগে লগে গাড়ীয়ে হস্পিতেল পোৱালেহি।’
চিন্তা আৰু ভয়ত মেগানৰ ক’লা পৰি যোৱা মুখখন দেখি তুলিকাৰ মনটো মমৰ দৰে গলি গ’ল যেন। মাক নোহোৱা এই তেৰবছৰীয়া ছোৱালীজনীয়ে কিজানি বৰ অকলশৰীয়া আৰু অসহায় অনুভৱ কৰিছে।
‘সকলো ঠিক হৈ যাব, মেগান!’ মেগানৰ হাতত জোৰেৰে খামুচি ধৰি থাকি তুলিকাই ক’লে। মেগানৰ দুচকুত দুটোপাল চকুপানীয়ে জিলমিল কৰিলে। ‘জনক চাব পাৰিলানে?’ তুলিকাই তাইলৈ টিছ্যু এখন আগবঢ়াই দি সুধিলে।
‘নাই, অহাৰে পৰা ইয়াতে ৰৈ আছোঁ। আণ্ট অ’ৰলাই কৈছে অলপ পিছতে সোমাবলৈ দিব। তেওঁ ইয়াৰে নাৰ্ছ!’
ইয়াৰ হস্পিতেলত সাধাৰণতেই ৰোগীৰ কোঠালৈ পৰিয়ালৰ মানুহৰ বাহিৰে অন্য কাকো সোমাবলৈ নিদিয়ে। পৰিয়ালৰ মানুহ থকাৰো প্ৰয়োজন নাই। কাৰণ নাৰ্ছেই ৰোগীৰ স্বাস্থ্য-খোৱা-লোৱা সকলো যত্ন লয়। গতিকে দুয়ো সেই নাৰ্ছগৰাকী আহি খৱৰ দিয়ালৈকে বাট চালে। দহমিনিটমানৰ পিছতে ক’ৰিড’ৰেদি আগবাঢ়ি আহিল নীলা এপ্ৰ’ন পৰিহিতা এগৰাকী নাৰ্ছ। শুকুলা চুলিটাৰিৰে এগৰাকী মধ্যবয়সীয়া মহিলা।
‘হাই মেগান। কেনে আছা?’ তেওঁ কোমল মাতেৰে মাত দিলে।
‘মই ঠিকেই আছোঁ আণ্ট অ’ৰলা।’ মেগান তেতিয়ালৈ প্ৰকৃতিস্থ হৈছিল কিন্তু মাতটো তেতিয়াও সেমেকা। তথাপিও জোৰ কৰি হাঁহিবৰ চেষ্টা কৰি তাই ক’লে, ‘এয়া তুলিকা। তুলিকা, এয়াই মোৰ আণ্ট অ’ৰলা।’
এইবাৰ অ’ৰলাই তুলিকালৈ চালে। তেওঁলৈ চাই চাই তুলিকাই ভাৱিলে, নামে-মুখে মানুহগৰাকী ইমান চিনাকি যেন লাগিছে! তাই মনত পেলাবৰ চেষ্টা কৰিলে। কিন্তু তাই কিবা কোৱাৰ আগতেই অ’ৰলাই কৈ পেলালে,
‘তুলিকা……তুলিকা- তুমিয়ে নেচাৰৰ তুলিকা নহয় জানো?’
তাই আচৰিত হৈ গ’ল। কিন্তু লগে লগে স্মৃতিৰ একোণ যেন চমকি উঠিল। এয়া অ’ৰলা। কেলামৰ পত্নী অ’ৰলা। কাৰলিউ ক্ৰুজত শেষ দেখা পাইছিল! তেওঁকে কাৰলিউ চৰাইৰ পোৱালি দেখুৱাবলৈ ৰায়ানৰ ওচৰলৈ লৈ গৈছিল তাই!
‘তুমি সেই অ’ৰলা, মানে কেলামৰ অ’ৰলা নহয়নে?’
অ’ৰলাই মিঠাকৈ হাঁহিলে। ‘ঠিকেই কৈছা। সেয়া ময়েই!’
‘তুমি ইয়াত কাম কৰা বুলি জনা নাছিলোঁ। তুমিয়ে মেগানৰ আণ্ট বুলিয়ো ভবাই নাছিলোঁ!’
‘কেনেকৈনো জানিবা! বহুত দিনৰ মূৰত তোমাক লগ পাই ভাল লাগিল তুলিকা!’
‘মোৰো তোমাক লগ পাই বহুত ভাল লাগিছে। ইমান দিন হৈ গ’ল! কেলামৰ ভাল নে?’
‘ভাল ভাল! কেলামেও তোমাক লগ পোৱা বুলি জানিলে বৰ ভাল পাব।’
এইবাৰ মেগানৰ মুখলৈ এপলক চাই তুলিকাই প্ৰসংগ সলালে, ‘অ’ৰলা, তুমিয়ে কোৱাচোন, জনৰ কি হৈছে? মেগানে বৰ চিন্তা কৰি আছে।’
‘হাই প্ৰেছাৰৰ সমস্যা তেওঁৰ আগৰে পৰা আছিল। দুদিনমান টেবলেট নিয়মীয়াকৈ খোৱা নাছিল নেকি- সেয়ে এই ঘটনা। আজিৰ ৰাতিটো ইয়াতে থাকিব লাগিব। কিন্তু এতিয়া বিশেষ চিন্তাৰ কাৰণ নাই।’ তাৰপিছত অ’ৰলাই মেগানৰ ফালে চাই ক’লে,
‘একো চিন্তা নকৰিবা মেগান। দেউতা ঠিকে আছে। অলপ আগতে সাৰ পাইছে। তুমি এবাৰ মাত লগাই আহাগৈ যোৱা।’
মেগান উঠি গ’ল। অ’ৰলাই তাইক জনক ৰখা কোঠাটোৰ দুৱাৰমুখলৈকে আগবঢ়াই দিলে। তুলিকা বাহিৰতে ৰ’ল। সেই ব্যক্তিগত মুহূৰ্তত আমনি দিবৰ ইচ্ছা নহ’ল তাইৰ। ভিজিটিং ৰুমতে মেগাজিনৰ পাত লুটিয়াই তাই বহি ৰ’ল। কিছুসময়ৰ পিছতে মেগান আৰু অ’ৰলা দুয়ো ওলাই আহিল। মেগানৰ মুখখন অলপ মুকলি হৈছে তেতিয়ালৈ। তাকে মন কৰি তুলিকাই স্বস্তিৰ নিশ্বাস পেলালে। অ’ৰলাই ক’লে,
‘জন আজি হস্পিটেলতে থাকিব কাৰণে মেগানক মোৰ ঘৰতে ৰাতিটোৰ কাৰণে থাকিবলৈ কৈছোঁ। স্কুলৰ পৰা আহি বেচেৰীয়ে একো এটা মুখত দিবলৈকে নাপালে। মোৰো শ্বিফট শেষ হ’বৰ হৈছে। একেলগেই যাব পাৰিম।’
‘কিন্তু মোৰ যে যুব খেতিয়কৰ আবেদনখন জমা দিবলৈ আছে! তুলিকাই মোক সহায় কৰি দিয়াৰ কথা আছিল।’ মেগানে অ’ৰলালৈ চাই ক’লে।
‘জমা দিয়াৰ শেষ তাৰিখ কাইলৈহে। মই কাইলৈ আকৌ আহিম দিয়া মেগান। আজি তুমি জিৰণি লোৱাগৈ।’ তুলিকাই ক’লে।
এইবাৰ অ’ৰলাই ক্ষন্তেক ভাৱি ক’লে,
‘তাতকৈ এটা কাম কৰোঁ দিয়া। তুলিকা, তুমিও ওলোৱা। মেগান আৰু মোৰ লগতে আমাৰ ঘৰলৈকে ব’লা। তাতে কামখিনি সামৰিব পাৰিবা। তোমাক লগ পালে কেলামেও খুউব ভাল পাব।’
মেগানেও তাতে জোৰ দি ধৰাত উপায়ন্তৰ হৈ তুলিকা ওলাল। জনৰ অৱস্থাটোৰ কথা কৈ মাৰ্কলৈ এটা মেচেজ দি থ’লে। কিছুসময়ৰ পিছতে তিনিও হস্পিটেলৰ পৰা ওলাই আহিল। অ’ৰলাই কোৱাৰ দৰেই তেওঁৰ বগা ভক্সৱাগেন গাড়ীৰ পিছে পিছে তুলিকাৰ গাড়ী আগবাঢ়িল। মেগানে তাইৰ কাষৰ আসনতে আঁউজি নিমাতে বহি ৰ’ল।
‘চিন্তা নকৰিবা মেগান। অ’ৰলাই কৈছে নহয়- জন ভাল হৈ যাব!’ ছোৱালীজনীক যেন কেনেকৈ আশ্বাস দিব তুলিকাই ভাৱিয়ে নাপালে।
‘আগতেও দুবাৰ এনে হৈছে জানা তুলিকা। দেউতাই একেবাৰেই নিজৰ যত্ন নলয় - সেইকাৰণেইতো মোৰ চিন্তা হয়।’
‘হয় নেকি? আগতেও এনেকৈয়ে হস্পিতেলত আছিল?’
‘অঁ, মাত্ৰ তিনিমাহ আগতে ৯১১ ৰ গাড়ীয়ে লৈ আনিছিল দেউতাক। ডক্তৰে কৈছিল প্ৰেছাৰৰ ঔষধ খোৱা বন্ধ কৰাৰ কাৰণে সেই অৱস্থা। সেইবাৰো আণ্ট অ’ৰলাই বহুত সহায় কৰিছিল।’
মেগানৰ কথাখিনিয়ে তুলিকাক অলপ চিন্তাত পেলালে। এনে ঘটনা যদি আগতেও হৈছে তেনে চিন্তা কৰিব লগীয়া কথাই। কিন্তু সেয়া মেগানক এই সময়ত বেছিকৈ সোধাৰ ইচ্ছা নহ’ল তাইৰ। এই সৰু ছোৱালীজনীয়ে আৰু কিমান চিন্তা কৰিব! অ’ৰলাকে সুধিব লাগিব, তাই ভাৱিলে।
‘অ’ৰলা তোমাৰ আণ্ট কেনেকৈ, মেগান?’ তুলিকাই সেই প্ৰসংগতে সুধিলে।
‘মোৰ মাৰ বান্ধৱী আছিল আণ্ট অ’ৰলা। সৰুৰে পৰা একেলগে ডাঙৰ হোৱা খেলৰ লগৰীয়া। মা ঢুকুৱাৰ পৰা আজি পাঁচবছৰ ধৰি আণ্ট অ’ৰলায়ে মোৰ খৱৰ ৰাখে। প্ৰয়োজনত সহায় কৰে। দেউতাৰ খঙৰ কোবতে পৰিয়ালৰ বাকী মানুহবোৰ বা ওচৰ-চুবুৰীয়া কোনো আমাৰ খৱৰ ল’বলৈ বৰকৈ নাহে।’
অ’ৰলাৰ গাড়ীৰ ওপৰত চকু ৰাখিয়ে তুলিকাই শুনি গ’ল। মেগানৰ কথাবোৰ শুনি শুনি তাইৰ বুকুখন যেন মোচৰ খাই উঠিল। কিন্তু এইবাৰ তাইৰ মনোযোগ আকৰ্ষণ কৰিলে সন্মুখৰ বাটটোৱে। এনিছকিলেন টাউনৰ পৰা ওলাই সিহঁতৰ গাড়ী দুখন ইতিমধ্যে আইৰিছ কান্ট্ৰিছাইডত সোমাইছেগৈ। ঠেক বাটটোৰ কাষতে চাইনবৰ্ড খন দেখি তুলিকা খুউব কৌতুহলী হৈ পৰিল। এয়া টেম্প’ ৰ’ড৷ সেইবাবেইতো এই বাট ইমান চিনাকি চিনাকি যেন লাগিছে। এই টেম্প’ ৰ’ডতে কেলামৰ সৈতে তাই গাড়ী চলাবলৈ শিকিছিল। তেনে কেলাম আৰু অ’ৰলা অ’মা টাউনৰ ঘৰত নহয়, আজিকালি ইয়াতহে থাকে! ঠেক হেলনীয়া বাটটোৰে গাড়ী যিমানেই আগবাঢ়িল সিমানেই তুলিকাৰ কৌতুহল বাঢ়ি গ’ল। কিছু পৰৰ পিছতে অ’ৰলাৰ গাড়ীখন ৰ’লগৈ তুলিকাৰ চিনাকি সেই পাহাৰৰ শিখৰত। টপড্ মাউণ্টেইন এয়া। ইয়ালৈকে আজি এবছৰমানৰ আগতে কেলামে তাইক লৈ আনিছিল। তেওঁৰ অতীতৰ এক অধ্যায়ৰ সৈতে চিনাকি কৰাই দিছিল তাইক।
অ’ৰলাৰ গাড়ীৰ কাষতে মিনি কুপাৰখন ৰ’ল। অ’ৰলাৰ পিছে পিছে মেগান আৰু তুলিকাও সোমাই গ’ল। যোৱাবাৰৰ দৰে শুকুলা ডাৱৰে আজি আকাশখন গিলি থোৱা নাই। আজি গ্ৰীষ্মৰ ফটফটীয়া নিলীম আকাশ সিহঁতৰ সন্মুখত। সেয়ে কেলামে কোৱাৰ দৰেই দূৰৈৰ উজনি আৰু নামনি লখ আৰ্ণৰ লগতে গোটেই ফাৰমানা খনে সিহঁতৰ চকুৰ সন্মুখত ধৰা দিছে। আকৌ এবাৰ সেই অপূৰ্ব দৃশ্যই তুলিকাক শিহৰিত কৰি তুলিছে।
টপড মাউণ্টেইনৰ বিশাল ফাৰ্মহাউছটোৰ ৰং বদলিছে। ডাঠ নীলা বেৰত বগা ৰং দিয়া দুৱাৰ-খিৰিকিবোৰেৰে ঘৰটো আঁকি থোৱা ঘৰ যেন দেখাইছে। ফাৰ্মহাউছৰ মুকলি ঘাঁহনি আগৰদৰে অযত্নপালিত হৈ ৰোৱা নাই। বগা কাঠৰ গেইটৰ পৰা ঘৰৰ দুৱাৰমুখলৈ এতিয়া শিল পৰা বাটচ’ৰা। তাৰ দুয়োফালে গ্ৰীষ্মৰ ফুলনিত বগা হাইড্ৰেঞ্জিয়া, গোলাপী ফুকছিয়া আৰু লাইলাক ফুলৰ বাহাৰ। তেনে, তেনে কেলাম আৰু অ’ৰলা পূৰ্বৰ ঘৰলৈকে ঘূৰি আহিল? সেই বাটেৰে আগবাঢ়ি যাওঁতে নানা প্ৰশ্নই তুলিকাৰ মনত খেলা কৰি থাকিল।
দুৱাৰ খুলি অ’ৰলাই মাত দিলে, ‘সোমাই আহা, পিছচোতালতে বহিবাহি।’
দুৱাৰ খোলাৰ লগে লগে দৌৰি আহিল এহাল ল’ৰা-ছোৱালী। দুয়ো দুই-তিনিবছৰীয়া হ’ব। কোনোমতে মুখ ফুটাই ল’ৰাটোৱে ক’লে, ‘মেগান!’
সিহঁতক দেখি মেগানৰ চকু-মুখ উজলি উঠিল। আঠুকাঁঢ়ি লৈ তাই দুয়োকে দুয়োহাতেৰে সাৱটি ধৰিলে। তাইৰ পিছে পিছে কেলাম। কেলামৰ ভৰিত আঁঠুলৈকে পৰা গামবুট। দেহত খাকী অভাৰ অল। খেতিয়কৰ চিৰাচৰিত এটা সাঁজ। কিমান দিনৰ মূৰতযে তাই দেখা পালে কেলামক!
‘হাই তুলিকা, হুৱাটছ্ দ্য ক্ৰেইক। অ’ৰলাই মোক কোৱাৰ পিছত বাট চায়ে আছিলোঁ! আহা আহা।
‘এয়া কেলি আৰু হেনৰি। মোৰ নাতি-নাতিনী। মোৰ ডাঙৰ ছোৱালীৰ ল’ৰা-ছোৱালী।’ কেলামেই কণমানি দুটিৰ লগত চিনাকি কৰাই দিলে। সিহঁত ইতিমধ্যে মেগানৰ লগত খেলাত ব্যস্ত হৈ পৰিল। অ’ৰলাই সিহঁতক খাবলৈ ইটো-সিটো যতনাই দিলে। কেলামৰ পিছে পিছে গৈ তুলিকা পিছছোতালতে কাঠেৰে সজা পৰ্চতে বহিল। সেইখিনিতে কাঠৰ চকী-মেজ আৰু বাৰ্বিকিউ এটাৰে আলহী সোধাৰ ব্যৱস্থা কৰি লৈছে তেওঁলোকে।
কফি মাগতে টিবেগ একোটা দি লৈ তাত ষ্টিলৰ কেটলটোৰ পৰা উতলা পানী বাকি দি কেলামে সুধিলে,
‘কেনে লাগিছে মোৰ নতুন ঘৰ?’ তেওঁ দুচকুত সুখ আৰু গৌৰৱৰ জিলিঙলি, ‘আচলতে পুৰণি কিন্তু নতুন ঘৰ!’ তেওঁ স্বগতোক্তি কৰাৰ দৰে ক’লে।
তুলিকা যেন অভিভূত হৈ পৰিল। সেই একেই শান্ত কপৌৰ দৰে মাতেৰে কেলামে কৈ গ’ল, তেওঁলোকৰ এই ঘৰলৈ অহা এমাহমানহে হৈছে। জীৱনৰ একাল পাৰ কৰা এই পৈতৃক ঘৰ-বাঁৰী পৰিস্থিতিৰ দায়ত পৰি জৰ্ডি পৰিয়ালটোক বেচি দিব লগা হৈছিল। কিন্তু সেই কথাটোৱে অহৰহ যেন কেলামক পীড়া দি আছিল। অ’ৰলাৰ ঘৰত সুখৰ সংসাৰ এখন গঢ়িলেও সেই স্মৃতিবোৰে দুখ দিছিল তেওঁক। অ’ৰলাই বুজিছিল, সান্তনা দিছিল। আজি কেইমাহমানৰ আগতে পিছে তেওঁলোকে গম পালে যে জৰ্ডি পৰিয়ালটোৱে এই ঘৰ-মাটি বেচিবলৈ ওলাইছে। তেওঁলোকে হেনো ৰিপাব্লিকৰ ক’ৰৱাত সাগৰৰ পাৰত হ’লিডে’ হোম কিনিব খুজিছে।
এই ঘৰটো আকৌ আনৰ হাতলৈ যোৱাটো কেলামৰ সহ্য কৰিবলৈ টান হ’ল। অ’ৰলা আৰু তেওঁৰ সাঁচতীয়া টকা মিলাই এই ঘৰ-মাটিৰ ডাউন পেমেণ্ট কৰি দিলে। কেলামৰ ডাঙৰ ছোৱালী আৰু জোৱায়েও সহায়ৰ হাত আগবঢ়ালে। ঠিক হ’ল, দুয়োটি পৰিয়াল ইয়াতে থাকিব। তিনিমাহৰ আগতে তেওঁলোক অ’ৰমা টাউনৰ ঘৰৰ পৰা ইয়ালৈ উঠি আহিল। সেই ঘৰ অ’ৰলাৰ পুতেকে সামৰি ল’লে। ইয়ালৈ আহি কেলাম আৰু জোৱায়েক বাৰ্কে মিলি গোটেই ঘৰটো মেৰামতি কৰি নতুনকৈ ৰং কৰি পেলালে।
‘অ’ৰলাই ক’লে, ঘৰ-মাটি ইয়াতে হ’ল যেতিয়া এতিয়া খেতিতো লাগিব পাৰিবা। ড্ৰাইভিং প্ৰশিক্ষণৰ কষ্ট বাদ দিয়া আৰু!’ কেলামে চাহত শোহা এটা মাৰিলে। তাৰপিছত দিগন্তৰ লখ আৰ্ণলৈ চাই চাই ক’লে, ‘লোণ লৈ আইৰিছ মইল গৰু এহাল কিনিলোঁ বুজিছা। গ্ৰীণ হাউচ এটাও সাজিছোঁ। আলু খেতি কৰিম।’

তুলিকা যেন অভিভূত হৈ পৰিল। একোকে ক’ব নোৱাৰিলে তাই। কেলামে দেখুৱাই গ’ল, দেউতাকে ৰুৱা চোতালৰ বাৰ্চ্চ আৰু হেজেল গছ কেইজোপাৰ তলি তেওঁ চিকুণাই পেলাইছে, একোণৰ অপতৃণই ছাটি ধৰা কণমানি পুখুৰীটো মোকলাই দিছে। এই ঘৰ আৰু বাঁৰী যেন নতুনকৈ জীপাল হৈ পৰিছে।
‘আগৰ এই ঘৰ আৰু খেতিত মন দি আকৌ নতুনকৈ জীৱন এটা পোৱা যেন লাগিছে জানা, তুলিকা!’ কেলামে কৈ উঠিল।
তুলিকাৰ মন ভৰি গ’ল। যেন হাজাৰ নিৰাশাৰ মাজতো আশাৰ এটা সোপান দেখা পালে তাই। ভাৱ হ’ল যেন, অন্তৰেৰে বিচাৰিলে এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডই জীৱনক বাট উলিয়াই দিয়ে সেই লক্ষ্যৰ দিশে। যেন এই পৃথিৱীত এতিয়াও বিশ্বাস আছে, হেৰুৱাই পোৱাৰ এনে বহু কাহিনী আছে। তাকে বুজিবলৈ মাথোঁ লাগে এক অন্তৰ্দৃষ্টি আৰু সততা। কেলাম আৰু অ’ৰলাৰ বাবে সুখী হৈ পৰিল তাই।
এইবাৰ মেগান আহি তুলিকাৰ লগত বহা-কোঠাতে বহিল। দুয়ো মিলি যুৱ খেতিয়কৰ আবেদনখনত লাগি পৰিল। কেলামে অ’ৰলাৰ সৈতে পাকঘৰত লাগিলগৈ। আঠজনীয়া খোৱা মেজখনত অ’ৰলাৰ পৰিয়ালৰ সকলোৰে সৈতে তুলিকা আৰু মেগানে হাঁহি স্ফূৰ্তিৰে ৰাতিৰ সাঁজ খালে। খাই উঠি আকৌ কেলী আৰু হেনৰীক কেলামে সাধু কিতাপ পঢ়ি দিব লগা হ’ল। অ’ৰলাই মেগানক শুবলৈ কোঠাটো ঠিক কৰি দিলেগৈ।
তুলিকা যাবলৈ উঠিব খুজিছিল। অ’ৰলাই ক’লে, ‘চাহ একাপ খাই যোৱা। ৰ’য়েল বেংগল হাৰ্বেল টি। টোপনিত একো আমনি নকৰে।’
তাই বহা-কোঠাতে অ’ৰলাৰ সৈতে বহিল। অ’ৰলাই হাততে চাহকাপ দিলে। তাৰপিছত তুলিকাৰ সন্মুখৰ আৰামী চকীখনতে বহি অ’ৰলাই কূৰ্চাই কৰিবলৈ উলিয়াই ল’লে।
এই ফুটগধূলিতে ঘৰটো নিজান হৈ পৰিল। বহা-কোঠাৰ ৱালক্লকটোৰ টিক টিক শব্দ পৰ্যন্ত শুনা গ’ল। কূৰ্চাইৰ লগে লগে ব্যস্ত হৈ পৰা অ’ৰলালৈ চাই তাই সুধিলে,
‘ইমান ধুনীয়াকৈ কি কৰিছে, অ’ৰলা?’
‘কেলীৰ কাৰণে স্কাৰ্ফ।’ তাৰপিছত কাষতে থকা ঊলৰ এজাৰ বৰণীয়া বলটোলৈ দেখুৱাই ক’লে, ‘এয়া মেগানৰ কাৰণে ৰাখিছোঁ। তাইৰ স্কাৰ্ফত আকৌ বগাত বেঙুনীয়া ফুল তুলি দিব লাগে!’
তুলিকাৰ মাকলৈ মনত পৰিল। মনত পৰিল মাকে গোঁথা ঊলৰ চুৱেটাৰৰ উমলৈ। ভাল লাগিল মাক নাথাকিলেও মেগানে সেই উম অনুভৱ কৰিবলৈ পোৱাত।
‘মেগানক তুমি সৰুৰে পৰাই পাইছা, নহয় অ’ৰলা?’
‘অঁ, তাইৰ মাক ন’ৰা মোৰ বৰ নলেগলে লগা বন্ধু আছিল জানা! সৰুতে একেলগে খেলিছিলোঁ। সকলো কথা পাতিছিলোঁ। একেলগে হাঁহিছিলোঁ-কান্দিছিলোঁ। কোনোদিনে কাৰো একো বেয়া নভৱা, খেতিত দিনে ৰাতিয়ে পৰিশ্ৰম কৰি ঘৰখন সজোৱা মানুহজনীক কেন্সাৰে লৈ গ’ল! মেগান মাথোঁ তিনিবছৰীয়া তেতিয়া। আমিবোৰ দুখত নিথৰ হৈ গৈছিলোঁ।’ অ’ৰলাৰ মাতটো কঁপিল। যেন আকৌ এবাৰ তেওঁ অনুভৱ কৰিলে সেই অসহায় যন্ত্ৰণা, হেৰুওৱাৰ সেই বেদনা!
‘সময়ৰ লগে লগে আমি সেই দুখ সহজে ল’বলৈ চেষ্টা কৰিলোঁ। কিন্তু ন’ৰাই এৰি যোৱাৰ পৰাই যেন জন মানুহটো সলনি হৈ গ’ল! বিশ্বাস কৰিবানে, ন’ৰা থকালৈকে জনৰ খঙাল ৰূপ কোনেও দেখা নাছিল। এতিয়া যেন মানুহটোৰ জীৱনটোৰ ওপৰতে খং। কোনো মানুহকেই সহ্য কৰিব নোৱাৰে। আনকি কেতিয়াবা মানুহজনীৰ ফটোলৈ চায়ো খং কৰে। নিজে সৰগলৈ গৈ তেওঁক এই সংসাৰত এৰি গ’ল বুলি। মানুহটোৰ খঙৰ প্ৰকোপতে আত্মীয়-স্বজন ওচৰ নচপাই হৈছে। মই সকলোবোৰ জানো আৰু বুজোঁ- সেয়ে সেইবোৰ ধৰি নাথাকোঁ। কিন্তু চিন্তা হয় জানা, জনে এনেকৈ থাকিলে মেগানৰ কি হ’ব!’
‘আগতেও এনেকৈ এবাৰ হস্পিতেলত ভৰ্তি হৈছিল হেনো?’ তুলিকাই নুসুধি নোৱাৰিলে।
‘তাকে, মোৰ সন্দেহ হয়, জনে ইচ্ছা কৰিয়ে প্ৰেছাৰৰ ঔষধ নাখায়। কিবা হয় যদি হওকেই বুলি!’ কথাষাৰ অ’ৰলাই ফুচফুচাই কোৱাৰ দৰে ক’লে।
তুলিকাই নক’লে কিশোৰী মগজুৰেই মেগানেও সেই সন্দেহেই কৰিবলৈ লৈছে। নক’লেও দুয়ো বুজিলে, জন আশাহীন হৈ পৰিছে। পত্নীৰ অকাল বিয়োগে তেওঁক বিষণ্ণতাত ভোগাইছে। আজি অতবছৰৰ পিছতো সেই ঘটনা তেওঁ সহজভাৱে ল’ব পৰা নাই। সেই অকথিত যন্ত্ৰণা আৰু বিষণ্ণতাই খঙৰ ৰূপ লৈ প্ৰকাশৰ বাট বিচাৰি লৈছে।
সিদিনা টপড্ মাউণ্টেইন এৰি ওলোৱাৰ পৰত তুলিকাই অ’ৰলাৰ হাতত মিচেলৰ কাৰ্ডখন তুলি দি ক’লে,
‘সুযোগ-সুবিধা পালে এওঁৰ ওচৰলৈ এবাৰ যাবলৈ জনক বুজাবাচোন। বহুত সহায় হ’ব- জনৰ বাবেও, মেগানৰ বাবেও।’
অ’ৰলাই মিচেলৰ কাৰ্ডখন চালে। কিবা এটা বুজিলে। কিন্তু একো নকৈ মাথোঁ মূৰ দুপিয়ালে। মেগান তেতিয়া ভৰ টোপনিত!
আবেলিৰ বেলিটো মুখতে লৈ তুলিকা তাইৰ এপাৰ্টমেণ্টৰ পৰা ওলাই আহিল। শনিবাৰ বাবেই কিজানি ফাৰমানাৰ বাটত গাড়ী-মটৰৰ যথেষ্ট ভিৰ। এপাৰ্টমেণ্টৰ মুখে মুখে থকা গাৰ্ডেন চেণ্টাৰটোৰ কাষতে তাই থিয় দিলেহি। সেইখিনিত গাড়ী ৰখাবলৈ আহল-বহলকৈ ঠাই আছে। নহ’লে শ্লাইগ পথৰ ব্যস্ততাৰ মাজত তাইৰ এপাৰ্টমেণ্টৰ সন্মুখত গাড়ী ৰখোৱাই মস্কিল। তাই ফোনতে কিমান সময় হৈছে চালে। তাৰপিছত তাইৰ নীলা বুটকাট জিনছ্ আৰু বগা পাফ শ্লীভৰ টপটো এনেয়ে ঠিকঠাক কৰিলে। আচলতে কি পিন্ধিব-নিপিন্ধিব তাৰে হুৰামূৰাত তাই যি হাততে পালে তাকে পিন্ধি আহিল। আছমাইহে ভিডিঅ’ কলত বৰ উৎসাহেৰে উপদেশ দিছিল,
‘ক্ৰপ টপ এটা পিন্ধিবা দেই- তোমাক ভাল দেখায়! আৰু আহি পাই মোক খৱৰ দিবা- মই বাট চাই থাকিম।’
তুলিকা যে তেনেই অনভ্যস্ত এনে পৰিৱেশত। সপোনতো ভাৱিব নোৱাৰা এটা মুহূৰ্ত। তাই যে এয়া ৰৈ আছেহি ৰায়ানৰ বাবে!
সিদিনা থেৰাপিষ্ট মিচেলৰ চেম্বাৰত তাই কৈ গৈছিল ৰায়ানৰ সৈতে ডেটত নোযোৱাৰ অসংখ্যটা কাৰণ-
‘পশ্চিমীয়া দেশত এনে সম্পৰ্কৰ ভাষা আৰু স্বৰূপ বেলেগ। সেয়া তাই নুবুজে- চম্ভালিবও নোৱাৰে।’
‘বিদ্যুতৰ স্থান তাই কাকোৱে দিব নোৱাৰে। ইমান আপোন মানুহজনে হৃদয় ভাঙিলে। সেয়া কেনেকৈ জোৰা লগাই আন কাৰোৱাৰ বাবে আগবঢ়াই দিব?
‘পৰিয়াল আৰু সমাজে তাইক কি বুলিব? অসমলৈ কেনেকৈ ঘুৰি যাব তাই?’
তাই নোকোৱাকৈয়ে যেন মিচেলে বুজি পাইছিল ৰায়ানৰ প্ৰতি কি এক তীব্ৰ আকৰ্ষণ উফৰাই তুলিকাই নিজকে পতিয়ন নিয়াব খুজিছে, সপোন ভঙাৰ ভয়ত সপোন নেদেখাৰ চেষ্টা কৰিছে। সেয়ে সকলো শুনি শেষত তেওঁ কৈছিল,
‘ঠিক আছে- সেইখিনি বাৰু নোযোৱাৰ সপক্ষে ক’লা। যোৱাৰ সপক্ষে কিবা কাৰণ আছেনে তোমাৰ ওচৰত?
তুলিকা থমকি ৰৈছিল। কি আছে? কিয় যাব ৰায়ানৰ সৈতে? কি বিচাৰি যাব? নিজকে সুধিছিল তাই।
‘হয়তো.. .. ..এই আকৰ্ষণৰ নাম কি সেয়া চাবলৈকে।’ কিছু পৰৰ পিছত তাই কওঁ নকওঁকৈ কৈছিল। সেইবাৰ প্ৰথম মুখ খুলি স্বীকাৰ কৰিছিল, তাইৰ সঁচাই ৰায়ানক ভাল লাগে। প্ৰথম লগ পোৱাৰ দিনৰে পৰা কিবা এক আকৰ্ষণে তাইক বাৰে বাৰে ৰায়ানৰ কাষলৈ লৈ যাব খোজে!
‘ঠিকেই কৈছা তুলিকা। তুমি নোযোৱাৰ বাবে যিমানবোৰ যুক্তি দিলা, সকলোবোৰ সঁচা হ’ব পাৰে! কিন্তু নহ’বওতো পাৰে? আগতীয়াকৈ ধৰি লোৱাৰ আগতে এবাৰ নিজেই মুখামুখি হৈ চাব পাৰা, নহয় জানো? এবাৰ নিজে চাব পাৰা সেইপাৰেনো জীৱনে কি সাঁচি থৈছে? কেৱল সেই কৌতুহলটোৰ কাৰণেই?’
তুলিকাই যেন সিদিনা পুনৰ এবাৰ উপলব্ধি কৰিলে, জীৱনে সঁচাই মানুহক বাট দেখুৱাই লৈ যায়। মাথোঁ সেই বাট চিনাৰ আৰু সেই পথত যি আহে তাৰ মুখামুখি হোৱাৰ সৎ সাহস খিনি লাগে। সেইবাবেই বহুতো সংকোচ আৰু সন্দেহ দেও দি আজি তাই ওলাই আহিছে। মিচেলে কোৱাৰ দৰে মাথোঁ এটা কৌতুহল লৈ। ফাৰমানাৰ এই জীৱনে মুকলি কৰি যোৱা প্ৰতিটো অধ্যায় তাই চাব খোজে। ৰায়ানৰ সৈতে এই আকৰ্ষণৰ নাম কি জানিব খোজে!
‘হাই তুলিকা! হুৱাটছ্ দ্য ক্ৰেইক?’ তুলিকাৰ তেনেই কাষতে ৰৈ দিয়া গাঢ় নীলা টয়’টা কৰ’লা গাড়ীখনৰ পৰা ৰায়ানে মাত দিলে।
‘হাই ৰায়ান!!’ তুলিকাৰ খপজপ উত্তৰ। অন্যদিনাৰ দৰেই ভৰিৰ পৰা মূৰলৈ এক অনামী শিহৰণ!
খাকী চিন’ পেণ্টৰ ওপৰত ৰায়ানে আজি গাঢ় নীলা ফুল শ্লীভ চাৰ্ট পিন্ধিছে। বুটাম খোলা চাৰ্টটোৰ তলত শুধ বগা টি-চাৰ্ট। পনিটেইল আৰু চানগ্লাছৰ সৈতে সেই সাজজোৰে তেওঁক বৰ ভাল দেখাইছে। গাড়ীৰ পৰা নামি অন্যদিনাৰ দৰে সি সৌজন্যসূচকভাৱে কৰমৰ্দন নকৰি তাইক আকোঁৱালি ল’লেহি। তাৰপিছত ক’লে,
‘ইমান ধুনীয়া লাগিছে তোমাক!’
মুহূৰ্ততে তুলিকাৰ গাল দুখন ৰঙা পৰি গ’ল। কোনোমতে লাজ সামৰি থৈ তাই ক’লে, ‘তোমাকো!’
‘আহা। আজি তোমাক মোৰ প্ৰিয় ঠাই এখনলৈ লৈ যাম!’ ৰায়ানে গাড়ীৰ দুৱাৰ খুলি দি ক’লে।
তুলিকাই মিঠাকৈ হাঁহিলে মাথোঁ। ৰায়ানে ঠাইখনৰ নাম বা ঠিকনা একো নক’লেও তাই বিশেষ চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰিলে। ৰায়ানক তাই জানে- সিমানখিনি বিশ্বাসো কৰে। সিহঁতৰ গাড়ীখন ফাৰমানাৰ একা-বেঁকা বাটেৰে আগবাঢ়িল।
ৰায়ানে গাড়ীত ভাঁহি অহা ৰেডিঅ’ৰ বাতৰি বন্ধ কৰি তুলিকাক সুধিলে,
‘কি গান শুনিবা কোৱা?’
‘তোমাৰ যি ইচ্ছা!’ তাই ক’লে।
‘কিয়? তোমাৰ প্ৰিয় গান কি মোৰোতো জানিবলৈ মন যায়!’ কৌতুকৰ সুৰেৰে সি ক’লে।
তুলিকাই হাঁহিলে। কিন্তু একো নক’লে। ৰায়ানে যেন বুজিলে তুলিকাক এনেকৈ মনাব পৰা নাযাব। সেয়ে সি আকৌ ক’লে,
‘ঠিক আছে। প্ৰথমে মোৰ প্ৰিয় গান এটাই শুনা বাৰু। কিন্তু তাৰ পিছতে তোমাৰ পাল পৰিব।’
ৰায়ানে বজোৱা গানটো তুলিকাৰ চিনাকি চিনাকি যেন লাগিল। গানৰ গতি ক্ৰমান্বয়ে খৰ হ’বলৈ ধৰাতহে তাইৰ মনত পৰিল, এইটোচোন ৰ’টলিন বগৰ গানটো। এই গানৰ তালে তালেই লিছা আৰু ডেনিয়েলৰ বায়াৰত সিহঁতে হেঁপাহ পলুৱাই নাচিছিল! তাই ৰায়ানক সেই কাহিনী ক’লে। ৰায়ানে সেয়া শুনি তাইলৈ চাই মিঠাকৈ হাঁহিলে। ‘ৰ’টলিন বগ’ শেষ হোৱাৰ পিছতে ৰায়ানে ক’লে,
‘তোমাৰ পাল এইবাৰ। প্ৰিয় গান এটা বজোৱাচোন।’
তাই যেন কিছু অসুবিধাত পৰিল। অলপ ভাৱি ক’লে,
‘মোৰ আটাইতকৈ প্ৰিয় গান বুলি ক’লে অসমীয়া গানহে ওলাব!’
‘অসমীয়া? বজোৱা তেন্তে! শুনিম আকৌ।’
‘একো নুবুজিবা যে তুমি!’
‘বুজাই দিবা আকৌ! গানৰটো ভাষা নাথাকে। গানৰ ভাষা বিশ্বজনীন, নহয় জানো?’
ৰায়ানৰ কথাই তুলিকাক কিছু ভৰসা দিলে কিজানি। তাই স্পটিফাই এপত বিচাৰি প্লে’ টিপাৰ লগে লগেই গাড়ীত ভাঁহি আহিল দীপালী বৰঠাকুৰৰ দৰদী কণ্ঠ, ‘বন্ধু, সময় পালে আমাৰ ফালে এবাৰ আহি যাবা…।’
ৰায়ানে গান শুনি শুনি নীৰৱে গাড়ী চলাই গ’ল। কিন্তু সেই কণ্ঠ আৰু সুৰে যেন তুলিকাক আছন্ন কৰি পেলালে। গানটো শেষ হোৱাৰ পিছত সি মাত লগালে,
‘বেলেগ ঠাঁচ আৰু সুৰৰ গান- কিন্তু মাতটোত যে কি এক যাদু আছে! বুকুত লাগি যোৱা গান। গানটো কিহৰ বিষয়ে কোৱাচোন!’
গান শেষ হৈছিল কিন্তু তুলিকা তেতিয়াও সেই প্ৰিয় গানৰ মায়াত ডুবি আছিল। আবেগ সনা মাত এটাৰে তাই ক’লে,
‘এয়া দিপালী বৰঠাকুৰৰ গান। তেওঁ নগৰীয়া বন্ধুক নিজৰ গাঁৱলৈ মাতিছে। অসমীয়া গাঁৱৰ চিনাকি ৰূপ এটাৰ কথা কৈছে গানৰ মাজেৰে।’
‘তোমাৰ কাৰণে কিজানি বহুত নষ্টালজিক সেয়া, নহয় তুলিকা?’ তুলিকাৰ আবেগে যেন ৰায়ানকো স্পৰ্শ কৰিলে।
‘বহুত!’ পাৰ ভঙা নৈৰ দৰে তুলিকাৰ মুখেৰে ওলাই আহিল দিখৌৰ পাৰৰ অসমীয়া গাঁৱৰ ৰূপ আৰু ৰঙৰ কাহিনী। বহু হাঁহাকাৰ আৰু অভাৱৰ মাজতো শুকাই নোযোৱা গাঁৱৰ নিভাঁজ আন্তৰিকতাৰ কথাবোৰ। ৰায়ানে সকলো মন দি শুনি গ’ল- ইটো সিটো বহুতো প্ৰশ্ন সুধি গ’ল। তাৰ যেন কৌতুহলৰ শেষ নাই। যেন সি তুলিকাৰ সেই পৃথিৱীখন ভালকৈ চিনি ল’ব খুজিছে। দুয়োখন পৃথিৱীৰ মাজত এখন সাঁকো গঢ়াৰ হেঁপাহ কৰিছে!
ইতিমধ্যে সিহঁতৰ বাওঁকাষে নামনি লখ আৰ্ণৰ নীলিম ঢৌ দেখা দিছে। সেই সীমাৰে অলপ আগবাঢ়িয়ে পেটিগ’ টাউন। উত্তৰ আয়াৰলেণ্ডৰ এই সীমামূৰীয়া ঠাইখন তুলিকাই চিনি পায়। কেইমাহ মানৰ আগতে ইয়াৰে ৰাজহুৱা সভা এখনলৈ তাই ফিয়নাৰ সৈতে আহিছিল। টাউনখন পাৰ হওঁতে ৰায়ানে সুধিলে,
‘তোমাৰ ৰিপাব্লিকলৈ যোৱাৰ ভিজা আছে নহয়?’
‘ইমান সোনকালে সুধিলা!’ তুলিকাই জোকোৱাৰ সুৰত ক’লে। দুয়ো একেলগে হাঁহি পেলালে।
‘কথাটো ভবাই নহয় জানা! অৱশ্যে ব্ৰেক্সিটৰ পিছত আমিও হয়তো একেই পথৰে যাত্ৰী হ’বগৈ পাৰোঁ- কোনে জানে!’
ৰায়ানে এটা হুমুনিয়াহ কাঢ়িলে। সি একো নোকোৱাকৈয়ে তুলিকাই বুজিলে। কালি নিশা বাতৰিত তাই দেখিছে, যুক্তৰাজ্যৰ নতুন প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে ব্ৰেক্সিটৰ বাবে এইবছৰৰ ৩১ অক্টোবৰৰ সীমা বান্ধি দিছে। কৈছে, আয়াৰলেণ্ডৰ বেকষ্টপ চৰ্ততে ব্ৰেক্সিটৰ প্ৰত্যাহাৰ সন্ধি বা উইথড্ৰয়েল এগ্ৰীমেণ্টখনে বাৰে বাৰে উজুটি খাই থকাতো আৰু চাই থাকিব নোৱাৰি। সকলোৱে তলে তলে গুণাগথা কৰিবলৈ লৈছে যে ব’ৰিছ জনছনে যেনেকৈ হ’লেও ব্ৰেক্সিট কাৰ্যকৰী কৰিহে এৰিব। হয়তো কোনো বিষয়ৰ মীমাংসা নোহোৱাকৈয়ে ন’ ডিল ৰূপতে হয়তো ব্ৰেক্সিট কাৰ্যকৰী হ’বলৈ আগবাঢ়িছে। কিন্তু লণ্ডনৰ সেই ৰাজনীতিবিদসকলে যেন ভাৱি চাব খোজা নাই সেই চৰ্তত ওলমি ৰোৱা ওঠৰ লাখ আইৰিছ লোকৰ জীৱনৰ কথা।
‘ডনীগলত সোমাইছোঁ নহয় আমি?’ প্ৰসংগ সলাবলৈকে তাই সুধিলে।
‘অঁ, ৰিপাব্লিক অব আয়াৰলেণ্ডৰ এই ডনীগলৰ ৰং-ৰূপৰ কথা জানাই চাগৈ তুমি?’ ডনীগলে যেন ৰায়ানৰ মুখখন পুনৰ পোহৰাই তুলিলে।
জানে তাই। বহুতৰ পৰাই শুনিছে ৰিপাব্লিক অব আয়াৰলেণ্ডৰ একেবাৰে উত্তৰ মূৰৰ এই কাউণ্টিৰ কথা। অপৰূপা প্ৰকৃতি আৰু সংস্কৃতিৰে সমৃদ্ধ এই ডনীগল। আজি পিছে সিহঁত ডনীগল টাউনলৈ নোসোমাল। টাউনৰ কাষেৰে যোৱা ঘাইপথ পাৰ হৈ গাড়ীখনে সাগৰীয় বাট এটা ল’লে। বাটৰ বাওঁকাষে উত্তৰ আটলাণ্টিক মহাসাগৰৰ ঢৌয়ে সেউজীয়া পথাৰবোৰৰ সৈতে যেন লুকাভাকু খেলিবলৈ ল’লে! এপাকত সাগৰখন সিহঁতৰ নিচেই কাষ পায়হি- আনপাকত সেউজীয়া পথাৰবোৰে মূৰ দাঙি উঠে। সেই অপৰূপ শোভা চাই চায়ে কেতিয়ানো সিহঁতে ঘাইপথ এৰি আহিল তাই গমকে নাপালে যেন!
ক্ৰমান্বয়ে বাটটো ঠেক হৈ আহিল। বাটৰ দুয়োকাষে সৰু সৰু শিলাময় টিলা। চকুৰে মনালৈকে কোনো ডাঙৰ গছ-গছনি নাই। কেৱল চুটি চুটি বিস্তীৰ্ণ ঘাঁহ। অ’ত ত’ত দুই এটা সৰু ঘৰ। দেখাত ফাৰ্মহাউছ যেনেই লাগে। নীলা আকাশখন ইয়াৰ পৰা আৰু ডাঙৰ যেন লাগিল। কৌতুহলেৰে তুলিকাই সকলোফালে চাবলৈ লাগিল। কিছুপৰৰ পিছতে গাড়ীখন সোঁফালে ঘুৰিল। বাটটো আগতকৈও ঠেক হৈ আহিল। কিন্তু সেই উপপথৰ শেষত ধৰা দিলে এটা আহল-বহল পাৰ্কিং লট। তাৰে শাৰী শাৰী গাড়ীৰ লগত ৰায়ানে তাৰ টয়’টা কৰ’লাখন ৰখালে।
‘ইয়াৰ পৰা অলপ খোজকাঢ়িব লাগিব দেই! আহা!’ কৌতুহলত জিলমিলাই উঠা তুলিকাৰ দুচকুলৈ চাই ৰায়ানে সোঁহাতখন আগবঢ়াই দিলে।
পৰম বিস্ময় লৈ তুলিকা নামি আহিল। ওলায়ে দেখা পালে সিহঁতৰ বাওঁকাষে সীমাহীন সাগৰ। সোঁকাষে শিলাময় পাহাৰ। কংক্ৰীটৰ থিয় বাটটোৰে দুয়ো যিমানে আগবাঢ়িল সিমানেই খৰকৈ এক অপূৰ্ব দৃশ্যপটে সিহঁতৰ সন্মুখত ধৰা দিলেহি। বেলি লহিয়াবলৈ তেতিয়াও কিছুপৰ বাকী। বতাহত উৰি আহিল বনৰীয়া ফুল আৰু সাগৰৰ লুণীয়া গোন্ধ। তুলিকাৰ চুলিবোৰ উৰিবলৈ ধৰিলে। তাৰ মাজেৰেই তাই দেখা পালে, সিহঁতৰ সন্মুখত সেয়া উত্তাল আটলাণ্টিক মহাসাগৰ। তাৰ ঢৌবোৰে প্ৰচণ্ড গৰ্জন তুলি অবিৰত খুন্দা দিছেহি শিলাময় পাহাৰৰ থিয় গড়াবোৰত। প্ৰতিটো খুন্দাতে চৌদিশে ছিটিকি পৰিছে ঢৌবোৰৰ সহস্ৰ কণা। যেন বাৰে বাৰে সাগৰৰ ঢৌয়ে সেই পাহাৰটো গিলি পেলাব খুজিছে। কিন্তু বাৰে বাৰে সেই ৰুক্ষ বুকুত থাম কাটিবলৈ বাধ্য হৈছে। ইমান নাটকীয় আৰু ভয়ংকৰ কিন্তু কি এক অপূৰ্ব প্ৰকৃতিৰ সেই ৰূপ।
বাটৰ কাষত থকা ৰেলিঙত ধৰি থৰ হৈ সেই ৰূপ চাই ৰ’ল তুলিকাই। কাষ চাপি আহি ৰায়ানে ক’লে,
‘এয়াই শ্লিভ লীগ পৰ্বত। সমগ্ৰ ইউৰোপৰ ভিতৰতে সৰ্বোচ্চ সাগৰীয় ক্লিফ বোৰৰ এটা।’
লোহাৰ ৰেলিঙেৰে বেৰি থোৱা ভিউ পইণ্টলৈকে গৈ যিমান পাৰি ওচৰৰ পৰা দুয়ো সেই ৰূপ উপভোগ কৰিলেগৈ। তুলিকাৰ ভাৱ হ’ল তাই যেন পৃথিৱীৰ শেষ সীমা পালেহি- যেন সময় ৰৈ গৈছে সেই প্ৰান্তত- জলীয় বাষ্প হৈ উৰি গৈছে পোৱা-নোপোৱাৰ সকলো হিচাপ।
‘কি ধুনীয়া, ৰায়ান!’ তাই ফুচফুচাই কোৱাৰ দৰে ক’লে। যেন ক্ষন্তেকৰ বাবেও বতাহৰ সেই হোহোৱনি আৰু সাগৰৰ গৰ্জনৰ ৰোষত পৰিব নোখোজে তাই।
‘এই শ্লিভ লীগ ক্লিফছ মোৰ প্ৰিয় ঠাইবোৰৰ এখন জানা! আজিলৈকে বহুবাৰ আহিছোঁ যদিও প্ৰতিবাৰেই এই ৰূপে- প্ৰকৃতিৰ অপাৰ শক্তিৰ এই নমুনাই মোক বিস্মিত কৰি তোলে!’ মন্ত্ৰমুগ্ধৰ দৰে ৰায়ানেও ফুচফুচাই ক’লে।
ভিউপইণ্টৰ পৰা নামি আহি দুয়ো বতাহৰ কোবৰ পৰা আঁৰ লৈ মুকলি ঘাঁহনিতে বহিলহি। সিহঁতৰ সোঁকাষে শ্লিভ লীগৰ অপৰূপ খেলা। কিন্তু ভিউপইণ্টতকৈ এই ঠাইত গৰ্জনৰ শব্দ কিছু কম। সিহঁতৰ সন্মুখত আটলাণ্টিক মহাসাগৰ। তুলিকাই চুলিখিনি লাহেকৈ সামৰি পিছলৈ বান্ধি ল’লে। তাকে কৰোঁতে ৰায়ানৰ বাহুত লাহেকৈ খুন্ধা খালে তাইৰ সোঁবাহু। ৰায়ানে এপলকৰ বাবে তাইলৈ চালে। মাথোঁ এপলক। তাৰ পিছতে দুচকু আঁতৰাই নিলে সি। কিন্তু মুহূৰ্ততে যেন তুলিকাই পঢ়ি পেলালে সেই নীলিম দুচকুত আঁকি থোৱা ভাষা। ভৰিৰ পৰা মূৰলৈ এক তীব্ৰ শিহৰণ বৈ গ’ল তাইৰ!

বেছ কিছুপৰ দুয়ো অস্তগামী সুৰুযৰ ৰাঙলী আভাৰে আকাশখন কণ কণকৈ লাজুকী হৈ পৰা চাই ৰ’ল। এটা সময়ত ৰায়ানে ক’লে,
‘তুমি যে সঁহাৰি দিলা, এনেকৈ একেলগে এটা দিন কটাবলৈ ওলাই আহিলা সেইটোত মোৰ বহুত ভাল লাগিছে জানা!’
তুলিকাই একো নকৈ লাহেকৈ হাঁহিলে মাথোঁ। তাই যে বৰ অসহজ, বৰ অনিশ্চিত এই পৰিৱেশত! ৰায়ানে পুনৰ ক’লে,
‘সেই যে কাৰলিউ ক্ৰুজত প্ৰথম তোমাক দেখিছিলোঁ সেইদিনাও লখ আৰ্ণৰ বতাহে তোমাৰ চুলি উৰুৱাইছিল। সেইদিনাই কিবা এটা ভাল আগি গৈছিল তোমাক।’
তাই গাল দুখন অলপ ৰঙা পৰিল। ৰায়ানৰ দৰে ইমান মুকলিকৈ তাই হৃদয়ৰ অনুভৱ উদঙাই দিব নাজানে। কওঁ নকওঁকৈ তাই এইবাৰ কৈ পেলালে,
‘বহুত সংকোচ আৰু সন্দেহ দেও দি মই আহিছোঁ ৰায়ান- তুমি সেয়া কল্পনাও কৰিব নোৱাৰিবা কিজানি!’
‘হ’ব পাৰে। মাথোঁ এটা কথা ক’ব খোজো - মই তোমাক জানিব খোজো। সঁচা অৰ্থত। তোমাৰ সৈতে সময় কটাব বিচাৰোঁ। ডেটত আহিছোঁ মানেই বিশেষ কিবা সময় সীমা আৰু আশা বা প্ৰতিশ্ৰুতি মই বিচৰা নাই।’
তাই যেন অলপ আচৰিত হ’ল। তাইৰ বাবে যে সেয়া একেবাৰে নতুন ধাৰণা। বিদ্যুতক প্ৰথম লগ পোৱাৰ দিনাইতো এটা সময় সীমা আছিল- এটা উদেশ্য আছিল। এবছৰৰ ভিতৰত বিয়া এখনৰ। যিমানবাৰেই তাক লগ পাইছিল, প্ৰতিক্ষেত্ৰতে তাই নিজকে সুধিছিল- সেই ল’ৰাজনক তাই ভাল পাব পাৰিবনে, একেলগে এটা জীৱন কটাব পাৰিবনে! তাই সেইবোৰ একোকে ক’ব নোৱাৰিলে, আজি যেন সেয়া কোৱাৰ কথা নহয়। তাৰ সলনি সুধিলে,
‘কিয় জানিব খোজা মোক?’ যেন তাইৰ বিশ্বাস নহ’ল কোনোবাই সেই গভীৰতা আৰু আন্তৰিকতাৰে তাইক বুজিব খোজে; সঁচা অৰ্থত জানিব খোজে তাইৰ অন্তৰ্জগতত কিহৰ এক অবিৰত উখল-মাখল।
সেই প্ৰশ্নটোৱে ৰায়ানক বিব্ৰত নকৰিলে। বিশেষ নভৱাকৈয়ে সি ক’লে,
‘মনত আছেনে তোমাৰ, কাৰলিউ ক্ৰুজৰ দিনা তুমি একেথৰে চাই আছিলা মোলৈ! কাষ চাপি আহি মাত লগাওঁতে হাঁহিছিলা। পিছত মাৰ্কে আমাক চিনাকি কৰি দিওঁতেও খিলখিলাই হাঁহিছিলা। সেই হাঁহিয়ে মোৰ বুকুখন ভৰাই পেলোৱা যেন লাগিছিল। কিন্তু একেসময়তে অনুভৱ কৰিছিলোঁ তোমাৰ চকুহালত সেই হাঁহিৰ সলনি জিলমিলাইছিল কিবা এক অনামী দুখ। তাৰ পাছতো বহুকেইবাৰ তোমাক লগ পাইছোঁ- তোমাৰ সৈতে সময় কটাইছোঁ। প্ৰতিবাৰেই তোমাৰ দুচকুৰ সেই দুখে মোক বিহ্বল কৰি পেলাইছে। কৌতুহলী কৰিছে- কিবা এক মায়া হৈ টানি নিছে মোক তোমাৰ কাষলৈ।’
এইবাৰ যেন তুলিকাৰ কান্দি পেলাবৰ মন গ’ল। কেনেকৈ ৰায়ানে তাইৰ হৃদয়খন চিনি পেলাইছে? কেনেকৈ পঢ়ি পেলাইছে তাইক বাহিৰে-ভিতৰে? আজিলৈকে কাৰো সন্মুখত তাই এনেকৈ ধৰা পৰি যোৱা নাই। কাৰো পৰাই নিজকে লুকুৱাবলৈ বুলি এনেকৈ হাবাথুৰি খোৱা নাই।
‘ৰায়ান! সেইবোৰ পাতিবলৈ কষ্ট হয় মোৰ!’ তাই কোনোমতে ক’লে।
ৰায়ানে বুজিলে। নিজকে যেন সোঁৱৰালে। ৰ’ৰী জিৰ উৎসৱত সেইনিশা তুলিকাই কৈছিল শৈশৱৰ কথা। বিদ্যুতৰ সৈতে বিয়াৰ কথাওতো কৈছিল। এইবাৰ নিজকে সামৰি লৈ ৰায়ানে কোমল মাতেৰে ক’লে,
‘জানো, তুলিকা। সেয়া বুজোঁ মই। কিন্তু তোমাৰ সেই অতীতক অতীত হৈ থাকিবলৈকে দিব নোৱাৰিনে? সেয়া একাষৰীয়া কৰি এবাৰ বৰ্তমানটো চোৱাচোন। ৰাঙলী আকাশখনৰ তলত সৌৱা শ্লীভ লীগ ক্লিফৰ গৰ্জন শুনি পৃথিৱীৰ অপৰূপ শোভা চাই আমি ইয়াত বহি আছোঁ। এই মুহূৰ্তত কি এক সুন্দৰ পৃথিৱীত জীয়াই আছোঁ আমি, নহয়? সেইকাৰণেই এই ঠাই মোৰ ইমান প্ৰিয় জানা! এই ঠায়ে মোক সোঁৱৰাই দিয়ে বুকুত লৈ ফুৰা হাহাঁকাৰবোৰ দেও দিও বৰ্তমানটো লৈ যে সঁচা অৰ্থত সুখী হ’ব পাৰি। এই ঠাইখনে সোঁৱৰাই যায় এই পৃথিৱী কিমান মোহনীয়া- এই জীৱন কিমান সুন্দৰ। এই শ্লীভ লীগে প্ৰতিবাৰে মোক যে জীৱনশক্তি ঘুৰাই দিয়ে।’
ৰায়ানে যেন মিচেলৰ কথাকে দোহাৰিলে, এনে লাগিল তুলিকাৰ। সঁচাইতো, অতীতক অতীতৰ বুকুতে এৰি ফাৰমানাত তাই বৰ্তমানৰ জীৱনটো গঢ়িবলৈ শিকিছে। নিজৰ আশা- আকাংক্ষা, ভাল লগা-বেয়া লগা সকলোবোৰেই চোন নতুনকৈ চিনিছে। অতদিনে যেন অন্ধৰ দৰে পৰিয়াল বা সমাজে যেনেকৈ যি বিচাৰিছে তেনেকৈয়ে তাই সকলো বিনা প্ৰতিবাদে কৰি আহিছে। আনকি- আনকি সেই ঘৰ-সমাজ এৰি এই বিদেশত থিতাপি লোৱা তিনিবছৰ হৈ গ’ল- এতিয়াও সেই একেডাল শিকলিয়েই তাইক টানি লৈ ফুৰিছে। কিন্তু অতদিনে তাই জানো সঁচা অৰ্থত এবাৰো সুখী অনুভৱ কৰিছিল? তাই কৈ পেলালে,
‘ঠিকেই কৈছা ৰায়ান। মোৰো একেই অনুভৱ হৈছে আজি- এই জীৱনৰ কাৰণে নিজকে ভাগ্যৱান যেন লাগিছে। প্ৰথমবাৰৰ বাবে।’
ৰায়ানে যেন বহু আশাৰে বাট চাই থকা কথা এষাৰহে শুনিলে! তাতে খপকৈ থিয় দি লৈ সি ক্লিফৰ ফালে চাই হাতজোৰ কৰাদি কৰি চিঞৰ মাৰি ক’লে,
‘আহ, বহুত ধন্যবাদ শ্লীভ লীগ!’
তাৰ কাৰবাৰ দেখি তুলিকাই খিলখিলাই হাঁহি পেলালে। ৰায়ানে অযুত আবেগেৰে তাইলৈ চাই সোঁহাতখন আগবঢ়াই দি ক’লে,
‘ব’লা, এতিয়া গৈ আয়াৰলেণ্ডৰ বিখ্যাত ফিছ এণ্ড চিপছ খামগৈ।’
তুলিকাই হাঁহি হাঁহিয়ে এইবাৰ নিজৰ হাতখন আগবঢ়াই দিলে। বিনা সংকোচেৰে।