চিৰাচৰিতভাৱেই আজিও ন বজাৰ আগতেই তুলিকা অফিচ পালেহি। মূল দুৱাৰখন খুলি তাই বেগটো নিজৰ ডেস্কত থ’লে। তাৰপিছত খিৰিকীৰ ব্লাইণ্ডছবোৰ তুলি ফুলৰ টাববোৰত পানী দিলে। এনেতে পলে কোঠাটো মচি নি ‘ফাৰমানা হেৰল্ড’খন দি গ’লহি। ইচ্ছা নগ’লেও তুলিকাই মূখ্য বাতৰিকেইটা পঢ়িলে। বহু প্ৰতীক্ষা আৰু সংগ্ৰামৰ অন্তত ব্ৰিটেইন চৰকাৰ আৰু ইউৰোপীয়ান ইউনিয়ন ব্ৰেক্সিটৰ এক নতুন প্ৰত্যাহাৰ চুক্তিত একমত হৈছে। তাৰ লগতে আলোচনা হৈছে উত্তৰ আৰু ৰিপাব্লিক আয়াৰলেণ্ডৰ বাবে এক নতুন নীতিৰ বিষয়ে। এই সকলোখিনি কাৰ্যকৰী তোলাৰ বাবে ব্ৰেক্সিটৰ সময়সীমা এই বছৰৰ ৩০ অক্টোবৰৰ পৰা ২০২০ চনৰ ৩১ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে। ব্ৰেক্সিট কাৰ্যকৰী কৰিবলৈ প্ৰায় অধৈৰ্য হৈ পৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে অনিচ্ছাস্বত্বেও এই সময়সীমা মানি ল’বলৈ বাধ্য হৈছে। প্ৰথম পৃষ্ঠা লুটিয়াই তাই কাকতখনৰ বাকীবোৰ পৃষ্ঠাতো ওপৰে ওপৰে চকু ফুৰালে। নিজৰ অজানিতেই ক’ৰবাত সংবাদদাতা হিচাপে ৰায়ানৰ নামটো দেখা পাই বুলিয়ে কিজানি! নাই- ক’তোৱে নাই! হয়তো ৰায়ান অন্য কামত ব্যস্ত। হয়তো সেই ঘটনাৰ পিছত ৰায়ান ফাৰমানা হেৰল্ডৰ সাংবাদিক হৈ ৰোৱা নাই।
মাৰ্ক আহিলে কফি কৰিব বুলি ভাৱি তাই এইবাৰ পোনেই কামত ধৰিলে। এইমাহৰ ভিতৰতে তুলিকাই পৰামৰ্শদাতা হিচাপে দায়িত্ব লোৱা আঠগৰাকী খেতিয়কৰ বাবে মেনেজপ্লেন প্লেন সাজু কৰি উলিয়াব লাগে। চৰকাৰৰ পৰিৱেশ সাপেক্ষ কৃষি আঁচনিৰ বাবে সেয়া জমা দিয়াটো বাধ্যতামূলক। ইতিমধ্যে তুলিকাই সকলোৰে খেতি-পথাৰত জৰীপ কৰি চৰাই-চিৰিকটি আৰু উদ্ভিদৰ বৈচিত্ৰতাৰ তথ্য সাজু কৰিছে। প্ৰত্যেকগৰাকী খেতিয়কৰ সৈতে চৰকাৰী আঁচনিৰ অধীনত বন্য জীৱ-জন্তুক সহায় কৰিবৰ বাবে কি কি কৰিব পাৰিব সেইখিনিও আলোচনা কৰিলে। এতিয়া সেই সকলো তথ্যৰ ভিত্তিত তাই অহা পাঁচবছৰৰ পৰিচালনাৰ বাবে পৰিকল্পনা ঠিক কৰি দিব লাগে। প্ৰতিজন খেতিয়কে প্ৰতিবছৰে কি কি কৰিব, কোনটো উপায়ৰ বাবে চৰকাৰে কেনেকৈ আৰু কিমান পুঁজি আগবঢ়াব- আহ, মাৰ্কে ঠিকেই কৈছিল! এইখিনি সামৰিবলৈ তাইৰ যথেষ্ট সময় আৰু কষ্টৰ দৰকাৰ হ’ব। কফি একাপৰ বৰ প্ৰয়োজন অনুভৱ কৰিলে তাই। সেয়ে এইবাৰ আৰু কাৰোলৈ বাট চাই নাথাকি পাকঘৰলৈ গৈ কেৱল নিজৰ বাবে ফ্ৰেন্স প্ৰেছটোত কফি কৰি আনিলেগৈ। উভতি আহি দেখে, লিছা বহিছেহি নিজৰ ডেস্কত।
‘হাই তুলিকা! হুৱাটছ দ্য ক্ৰেইক?’ স্বভাৱসুলভ হাঁহিটোৰে লিছাই মাত লগালে।
‘ভাল ভাল। তোমাৰ? ভাল যে তুমি আহিলা। আজি অফিচ একেবাৰে নিমাও মাও!’ তুলিকাই তাইলৈকো কফি একাপ বাকিলে।
‘অঁ, ডেৰেনে ইয়াৰে মহাবিদ্যালয় এখনত পৰিৱেশ বিজ্ঞানৰ পাঠ্যক্ৰম এটা শিকাবলৈ গাত লৈছে। ফিয়না হয়তো প্লেটিগ’লৈ গ’ল খেতিয়কক লগ কৰিবলৈ। মাৰ্ক আজি ছুটিত- মিনলাই ফাৰমানাৰ হৈ বাস্কেটবল খেলিছে হেনো। আজি বেলফাষ্টত বাস্কেটবল মেটচ্। মাৰ্ক আৰু আন্যা তাতে আছেগৈ কিজানি!’
লিছাই যে সকলোৰে কেনেকৈ ইমান খৱৰ ৰাখে তুলিকাই নাজানে। সেইবাবেই কিজানি তাই সকলোৰে ইমান প্ৰিয়। কফিৰ লগত মাৰ্কে আনি থোৱা মচমচীয়া ৰাইচ কেক টুকুৰাত কামোৰ মাৰি লিছাই আকৌ ক’লে,
‘ময়ো পিছে তোমাক লগ পাম বুলিহে আহিলোঁ। বেছি পৰ নাথাকোঁ। বেন বাৰ্টনৰ গৰুবোৰ নাৱেৰে লখ আৰ্ণ পাৰ কৰি নি আমাৰ ৰিজাৰ্ভৰ দ্বীপত চৰিবলৈ দিব লাগে। তুমি চোৱা-চিতা কৰা পথাৰবোৰৰ দৰেই আমাৰ ৰিজাৰ্ভতো ওখ বনবোৰে গোটেইখন ছাটি নধৰাকৈ ৰাখিবলৈ গৰু চৰোৱাৰ দৰকাৰ-জানাই নহয়। সেয়ে পিটাৰ আৰু মই বেনৰ লগত যাম –এই এঘণ্টা পিছতে ইনিছকিলিন ঘাটত দুয়োকে লগ কৰাৰ কথা। তোমাক এইখন দিবলৈহে অফিচত সোমালোঁ।’
লিছাই আগবঢ়াই দিয়া ফুলাম খামটো হাতত লৈ তুলিকাই খুলি চালে। লিছা আৰু ডেনিয়েলৰ দৰেই অমায়িক সিহঁতৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ! পোনেই সিহঁতৰ এখন যুগ্ম ফটো। শ্লাইগ’ৰ সুউচ্চ শিলাময় গৰা আৰু তাত ঠেকা খাই ছিটিকি পৰা সাগৰৰ ঢৌৰ সন্মুখত সিহঁতৰ হাঁহিভৰা চকু-মুখ। তাৰ তলতে সোণালী আখৰেৰে লিখা আছে- ডিচেম্বৰৰ ২১ তাৰিখে বিয়া, সিহঁতৰে ঘৰৰ চৌহদ ‘দ্য বায়াৰ’ত!
তুলিকাই উৎসাহেৰে কৈ পেলালে, ‘কিমান হেঁপাহৰ বিয়া এইখন, নহয় লিছা?’
লিছাই মিঠাকৈ হাঁহিলে। তাৰপিছত ক’লে, ‘আমি আজি বহুবছৰেই একেলগে আছোঁ- হেঁপাহৰ ঘৰ এখনো কৰি লৈছোঁ। বিয়াখন আমাৰ কাৰণে এটা উদযাপন মাত্ৰ! ডেনিয়েলৰ প্ৰটেষ্টাণ্ট আৰু মোৰ কেথ’লিক পৰিয়াল এক হোৱাৰ উদযাপন! দুয়োটা পৰিয়ালে মিলি বিয়াৰ ৰন্ধা-বঢ়া- সজোৱাৰ সকলো দায়িত্ব লৈছে বুজিছা।’
‘সেয়াইতো ডাঙৰ কথা!’ তুলিকাই আবেগেৰে ক’লে। তাই জানে, এই পশ্চিমীয়া দেশত বিয়াৰ অৰ্থ পূবতকৈ বহুত ভিন্ন। কিন্তু পৃথিৱীৰ যি প্ৰান্ততে নহওক একেইতো মানুহৰ সুখ-দুখ আৰু ভালপোৱা! একেই মানুহৰ সম্পৰ্কৰ ৰূপ আৰু গতি।
‘তুমি অকলে আহিবা নে প্লাছ ৱান আনিবা আগেয়ে জনাবা দেই- আয়োজনৰ কাৰণে আলহীৰ হিচাপ ভালকৈ লাগিব যে।’
লিছাৰ ইংগিত বুজিও নুবুজাৰ দৰে তুলিকাই ক’লে, ‘মই অকলেই বিয়ালৈ যাম- কোনো প্লাছ ৱান নাই!’
‘কিয়….’ সুধিব খুজিও যেন লিছা ৰৈ গ’ল।
তাইৰ অসহজ ৰূপটো দেখি তুলিকাই নিজেই উপযাচি ক’লে, ‘লণ্ডনৰ পৰা উভতি অহাৰে পৰা মই ৰায়ানক লগ কৰা নাই। কৰিব খোজা নাই। তুমি জানাই, লণ্ডনত কেনে এক জটিল সময় পাৰ কৰি আহিলোঁ। এটা সম্পৰ্ক শেষ কৰিয়ে অন্য এটালৈ দেও দিবলৈ মোৰ ইচ্ছা বা সাৰ্মথ্য এটাও নাই, লিছা।’
লিছাই একো নকৈ মাথোঁ মূৰ দুপিয়ালে। আজি প্ৰায় দুসপ্তাহ হৈ গ’ল তুলিকা লণ্ডনৰ পৰা উভতি অহা। পিছৰ ছুটিৰ দিনকেইটা এপাৰ্টমেণ্টতে সোমাই থাকিল- একোকে কৰাৰ, ক’লৈকো যোৱাৰ ইচ্ছা নহ’ল। খৱৰ ল’বলৈ আহি লিছা আৰু ফিয়নাইহে সিদিনা কৈছিল, তাই যোৱাৰ দুদিন পিছতে ৰায়ানে ফাৰমানা আহি পাই বলিয়াৰ দৰে তাইক বিচাৰি ফুৰিছিল। মাৰ্কক লগ কৰিছিলগৈ হেনো। কৈছিল, তুলিকাই ভুল বুজিছে- সি আই আৰ এ-ৰ সদস্য নহয়! সকলোৱে ঘুনুক ঘানাককৈ কথাবোৰ শুনিছিল। মাথোঁ শুনিব খোজা নাছিল তুলিকাই।
লিছা লখ আৰ্ণলৈ ৰাওনা হোৱাৰ পিছত তুলিকাই মনৰ পৰা সেই কথাবোৰ আঁতৰাই কামত মনোযোগ দিয়াৰ চেষ্টা কৰিলে। পৰিকল্পনাবোৰৰ কামখিনি দিনটোলৈ সামৰি তাই ফাৰমানাৰ খেতিয়কৰ বাবে মাহেকীয়া পত্ৰিকাখন সাজু কৰাত লাগিল। পত্ৰিকাত মাহটোৰ ভালেমান খৱৰ- খেতিয়কৰ পথাৰতে মুঠ সাতযোৰা কাৰলিউ চৰায়ে বাহ সাজি পোৱালী ডাঙৰ কৰিলে। নেচাৰৰ কৰ্মীয়ে সিহঁতৰ ঠেঙত আঙঠি পিন্ধাই উৰিব পৰা হোৱালৈকে প্ৰতিদিনে পৰ্য্যবেক্ষণ কৰিছে। তাৰোপৰি এইবাৰ চৰাইৰ বছৰেকীয়া জৰীপত ধৰা পৰিছে, যোৱা পাঁচটা বছৰৰ তুলনাত ফাৰমানাত জলচৰ চৰাইৰ সংখ্যা বাঢ়িছে। পৰিৱেশ সাপেক্ষ আঁচনিৰ অধীনত খেতি-পথাৰৰ এনে সফলতাৰ বাবে তাই সকলো খেতিয়কক উদেশ্যি এটা শুভেচ্ছা বাৰ্তাও সাজু কৰিলে।
এনেতে ফোনত মিহি সুৰটো বাজি উঠিল। লগতে স্ক্ৰীণত ভাঁহি উঠিল মেগানৰ কৈশোৰ কোমল মুখ।
‘হেল্ল’, মেগান! হুৱাটছ্ দ্য ক্ৰেইক?’
‘হাই তুলিকা! তোমাক এটা ভাল খৱৰ দিবলৈ ফোন কৰিলোঁ!’ মেগানৰ উচ্ছল মাতটোৱে তুলিকাকো উত্তেজিত কৰি পেলালে।
‘মই যুৱ খেতিয়কৰ স্ক’লাৰশ্বিপ পাইছোঁ! অহামাহৰ পৰাই অ’মাৰ কৃষি মহাবিদ্যালয়ত আমাৰ ট্ৰেইনিং আৰম্ভ হ’ব।’
আহ- এই খৱৰটোৰ কাৰণেই তুলিকাই যে ইমানদিনে বাট চাই আছিল! সুখী হৈ পৰিল তাই। মনত পৰিল হস্পিতেলৰ পৰা গৈ দুয়ো মিলি আবেদনখন পূৰোৱা সেই সন্ধিয়াটোৰ কথা!
‘অভিনন্দন মেগান! ইমান ভাল খৱৰ এটা দিলা!’
‘ধন্যবাদ! দেউতাই কৈছে, এইবাৰ ট্ৰেইনিং লৈ আহি খেতিৰ সকলো কাম ময়ে চাব পাৰিম। দেউতাই হেনো খেতি-বাতিৰ পৰা অৱসৰ ল’ব।’
‘কেনে আছে জন?’ তুলিকাৰ মনত ভাঁহি উঠিল, খঙত ৰঙা পৰা মুখেৰে জন মেকভিটিৰ চেহেৰাটো।
‘আগতকৈ ভাল, বহুত শান্ত! অ’ৰলাই কোৱা থেৰাপিষ্ট গৰাকীৰ ওচৰলৈ এতিয়া নিয়মীয়াকৈ যাবলৈ আৰম্ভ কৰিছে। সেইবোৰ মোক বিশেষ একো নকয় কিন্তু দেউতাৰ খং আগতকৈ যে কমিছে, সেয়া মই নিজেই মন কৰিছোঁ।’ মেগানে একেই উৎসাহেৰে ক’লে।
সন্তুষ্টিৰে ভৰি পৰিল তুলিকাৰ মন। তাই অ’ৰলাক দি অহা থেৰাপিষ্ট মিচেলৰ বিজনেছ কাৰ্ডখন তেওঁ জনক ঠিকেই দিলেগৈ তেনে। মেগানৰ লগত কথা সামৰি তুলিকাই সেই বাতৰিটোও পত্ৰিকাখনত যোগ দিলে। তাইৰ আশা, মেগানৰ দৰেই ফাৰমানাৰ অন্য বহুতো কিশোৰ-কিশোৰী আগবাঢ়ি আহিব। বৈজ্ঞানিক প্ৰশিক্ষণ লৈ ফাৰমানাৰ কৃষি আৰু প্ৰকৃতিৰ হকে নতুন প্ৰজন্মটোৱে কাম কৰি যাব।
অফিচৰ কাম সামৰি তাই গাড়ী লৈ এনিছকিলেন টাউনলৈ বুলি ওলাল। সেই বাটৰ দুয়োকাষে অ’ক গছৰ শাৰীবোৰত সোণালী শৰতৰ বতৰা। অৱশ্যে এতিয়াও বনৰীয়া ফুলৰ ৰং মৰহা নাই। ঘাঁহনিৰ মাজে মাজে মূৰ দাঙি ৰৈ আছে ফায়াৰ ৱিডৰ বেঙুনীয়া আৰু গোলাপী ফুলবোৰ। দিনবোৰো লাহে লাহে চুটি হৈ আহিছে। ফাৰমানাৰ বতৰ আগতকৈও ঘনাই সলনি হ’বলৈ লৈছে। একেদিনাই ৰ’দ-বৰষুণ-বতাহে জোকাৰি যোৱা সময় এয়া। তথাপি প্ৰতিটো ঋতুতে ফাৰমানাখন যে ইমান অপৰূপা- ইমান মনোমোহা! মিচেলৰ কথা সুঁৱৰিলে তুলিকাই, এই অপূব মুহূৰ্তটোৱে তাইৰ বৰ্তমান, এই বৰ্তমানেই তাইৰ জীৱন। বাটৰ দুয়োকাষৰ শোভাখিনি তাই হেঁপাহেৰে হৃদয়লৈ টানি নিলে।

দহমিনিটমানৰ পিছতে ফাৰমানাৰ কাউণ্টিৰ ৰাজহুৱা গ্ৰন্থাগাৰত তুলিকাৰ মিনি কুপাৰখন ৰ’লহি। গ্ৰন্থাগাৰলৈ সোমায়ে তাইৰ প্ৰিয় দৃশ্য এটা চকুত পৰিল। মূল কোঠাৰ প্ৰকাণ্ড দেৱালখনতে ইমূৰ-সিমূৰ জুৰি এক ডিজিটেল পৰ্দা। তাত আইৰিছ সাগৰৰ নীলিম পানী আৰু পানীৰ তলৰ জগতখনৰ এক জীৱন্ত ৰূপ। পানীত ইফাল-সিফাল কৰিছে সৰু-বৰ মাছৰ জাকে। কত কি ৰং আৰু আকৃতি সিহঁতৰ! তাৰ উপৰি কাছ, ডলফিন, অক্টোপাছ, জেলীফিছ, ষ্টাৰফিছ, ৰে’ আদি অলেখ অসংখ্য সাগৰীয় জীৱ। সৰু ল’ৰা-ছোৱালীবোৰে পানীত চৰি ফুৰা ইটো সিটো প্ৰাণীৰ গাত হাত দিয়াৰ চেষ্টা কৰিছে। য’তেই হাত পৰিছে, তাতেই সেই প্ৰাণীবিধৰ নাম আৰু অন্যান্য তথ্য স্ক্ৰীণত জিলিকি উঠিছে। মানুহক সাগৰ তলিৰ এই অপূৰ্ব পৃথিৱীখনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ কি যে এক অভিনৱ উপায়! কিছু পৰ থৰ লাগি সেই খেলাকে চাই থাকি এটা সময়ত তুলিকাই ভিতৰলৈ খোজ দিলে। কম্পিউটাৰৰ সৈতে শাৰী শাৰী টেবুল-চকী থকা অংশটো পাৰ হৈ তাই পোনেই ‘বিজ্ঞান’ বিভাগটোলৈ গ’ল। তাৰ শাৰী শাৰী কিতাপৰ খাপবোৰৰ পৰা পৰিৱেশ বিজ্ঞান অংশটো বিচাৰি উলিয়ালে। কি বিচাৰিছে ঠিক নভৱাকৈয়ে তাই এফালৰ পৰা কিতাপবোৰত চকু ফুৰাই গ’ল।
যোৱা সপ্তাহত তাই মিচেলৰ ওচৰলৈ গৈছিল। মিচেলে সচৰাচৰ সোধাৰ দৰেই ভাল-বেয়াৰ খৱৰ লৈ কৈছিল, ‘তুমি নিজৰ কাৰণে কি কৰিব খোজা, তুলিকা?’
‘মোৰ কাৰণে?’ তুলিকা যেন থতমত খাই গৈছিল।
‘অঁ, এই ধৰা যেনেকৈ তুমি আকৌ দৌৰিবলৈ ল’লা, ফিটনেছৰ প্ৰতি আগৰ আগ্ৰহ ঘুৰাই আনিলা- তেনেকৈ কেৰিয়াৰৰ ক্ষেত্ৰত তোমাৰ তেনে কিবা বিশেষ আগ্ৰহ আছেনে? নে এতিয়াৰ চাকৰিকে গোটেই জীৱন কৰিবলৈ ভাল পাবা?’
তুলিকাই যেন ভাৱিব লগাত পৰিল। আগতে হয়তো বিশেষ চিন্তা নকৰাকৈয়ে সমাজ আৰু পৰিয়ালৰ আশা অনুসৰি পঢ়া-শুনা শেষ কৰিলে। ইয়ালৈ আহিহে প্ৰকৃতি সংৰক্ষণত এনেদৰে আগ্ৰহী হৈ পৰিল। কিন্তু এইখিনি সময়তো কেতিয়াও ভৱাই নাই তাই নিজে কিবা এটা বিচাৰিও ল’ব পাৰে বুলি।
‘এতিয়াৰ চাকৰিয়ে যিমান শিকাইছে, যিমানখিনি জীৱনবোধ আনি দিছে- সেয়া অন্য একোৱে আজিলৈকে মোক দিয়া নাই। গতিকে এই চাকৰিত মই সুখী। কিন্তু আজীৱন কৰিব পাৰিম নে নোৱাৰিম, সেয়া যে মোৰ নিয়ন্ত্ৰণত নাই! নেচাৰৰ পুনৰ্সংগঠনে আমাক সকলোকে উপলব্ধি কৰাই দিলে কথাবোৰ কিমান সোনকালে সলনি হৈ যাব পাৰে।’
‘তেনে?’ মিচেলে যেন তুলিকাৰ উপলব্ধিখিনিক এটা গতি দিবলৈ চেষ্টা কৰিলে।
‘মই অসমত পৰিৱেশ বিজ্ঞানত মাষ্টাৰ্চ কৰিছিলোঁ। তাৰে প্ৰকল্প আছিল, অসমৰ হাতী আৰু মানুহৰ সংঘাত। অসমত হাতীৰ বাসস্থান কিয় আৰু কেনেকৈ সলনি হৈছে সেয়া বুজিবলৈ কিতাপ আৰু গৱেষণা পত্ৰ খুঁচৰিছিলোঁ। স্থানীয় লোকে বনৰীয়া হাতীৰ জাকৰ সৈতে কেনেকৈ সহাৱস্থান কৰিছে জানিবলৈ বহুতো খেতিয়কৰ সাক্ষাৎকাৰ লৈছিলোঁগৈ। তেনেকৈ সঘনাই সংঘাত হোৱা ঠাইবোৰতো ক্ষেত্ৰ অধ্যয়ন কৰিছিলোঁগৈ। এই যে নিজৰ কৌতুহল উপজা বা আগ্ৰহ থকা বিষয় এটাৰ বৈজ্ঞানিক গৱেষণা কৰা গোটেই প্ৰক্ৰিয়াটো- তাৰ এটা অংশ হৈ মোৰ ভাল লাগিছিল। অহৰহ তেনে চিন্তাবোৰে মন আন্দোলিত কৰি ৰাখিছিল। তেতিয়াই ভাৱিছিলোঁ এই পৃথিৱীৰ মাটিকালিৰ তুলনাত সংৰক্ষিত বনাঞ্চল তেনেই নগণ্য। অথচ প্ৰকৃতি সংৰক্ষণৰ কথা ক’লে আমি কেৱল সেই প্ৰাকৃতিক অঞ্চলবোৰৰ কথা ভাৱোঁ। প্ৰকৃতি কেৱল সংৰক্ষিত বনাঞ্চলত নহয় সকলোতে সংৰক্ষণ কৰাৰ দৰকাৰ। মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক ওত:প্ৰোত। গতিকে এই সম্পৰ্কটো বুজাৰ আৰু আগতকৈও শক্তিশালী কৰাৰ দৰকাৰ। যোৱা এটা বছৰে ফাৰমানাৰ খেতিয়কৰ লগত কাম কৰি মোৰ এই বিশ্বাসটো আগতকৈও দৃঢ় হৈছে। কেতিয়াবা হেঁপাহ হয়, এনে বিষয় এটাৰ ওপৰত গৱেষণা কৰিবলৈ, বিশ্ববিদ্যালয়ৰ সেই সাধনাৰ দিনবোৰ ঘুৰাই পাবলৈ।’
‘এতিয়াওতো পাৰা? এতিয়াও তেনে কিবা এটা কৰাত তোমাক কোনে বাধা দিছে?’
তুলিকাই ভৱিলে, সঁচাইতো। কোনে বাধা দিছে তাইক?
‘কিন্তু কেনেকৈ ক’ত আৰম্ভ কৰিম?’ মনৰ প্ৰশ্নটো মুখ ফুটাই সুধিলে তাই।
‘সেয়াও তুমিয়ে জানিবা, নহয় জানো? মিচেলে হাঁহি মাৰি কৈছিল।
মিচেলৰ সেই হাঁহিৰ অৰ্থ তুলিকাই ঠিকেই বুজিছিল। তেওঁ প্ৰায়ে কয়, মানুহৰ সকলো প্ৰশ্নৰ সমিধান নিজৰ মাজতে লুকাই থাকে। হৃদয়ৰ নিভৃত কোণত সাৰে থাকে সকলো সমস্যাৰে মোকামিলা কৰিব পৰা অন্তৰ্শক্তি। মাথোঁ সেয়া বিচাৰিবলৈ জানিব লাগে। সেই বাটেৰে আগবাঢ়িবলৈ কিছুমান সঁজুলি লাগে- য’ত মিচেলে সহায় কৰিব পাৰে। আজি ছমাহে মিচেলৰ লগত সময় কটাই তুলিকাই সেয়া বুজা হৈছে। সেইবাবেই আজি তাই অফিচৰ পৰা বাহিৰে বাহিৰে ফাৰমানাৰ গ্ৰন্থাগাৰ ওলাইছেহি।
নামবোৰ চায়ে আগ্ৰহ ওপজা কেইবাখনো কিতাপ তুলিকাই খাপৰ পৰা উলিয়াই আনিলে। একোণত দেখা পালে, পাতল সেউজীয়া চোফাৰ সন্মুখত কাঠৰ কফিটেবুল এখন। সেইখিনিত মানুহ তেনেকৈ নাই। তাতে কিতাপকেইখন থৈ তুলিকাই এখন এখনকৈ পাত লুটিয়াই গ’ল। যিমানেই পঢ়িলে সিমানেই যেন মনলৈ এক নতুন উদ্যম আহি পৰিল! মিচেলৰ লগত পাতোঁতে ক’ত কেনেকৈ তেনে গৱেষণা কৰিব তাৰ চিন্তাই তাইক উজুটি খোৱাইছিল। এইবাৰ পিছে তাৰ সলনি ভাৱ হ’ল, কি হ’ব তাইৰ গৱেষণাৰ বিষয়? কোন ঠাইত কেনে তথ্য গোটালে তাইৰ গৱেষণাৰ প্ৰশ্নৰ উত্তৰ পাব? কিমান সময় সেই কিতাপবোৰৰ মাজতে ডুব গৈ আছিল ক’ব নোৱাৰে- এনেতে কাৰোৱাৰ মাতত তুলিকা উচপ খাই উঠিল।
‘তুলিকা!?’
মূৰ তুলি চাই দেখে তাইৰ নিচেই কাষতে সেয়া থিয় দি আছে ৰায়ান। সেই একেই নীলিম দুচকু, ফিৰ্ফিৰিয়া মুগা চুলিৰ পনিটেইল। তাৰ লগে লগে তাইড় হৃদয়ত সেই একেই উখল মাখল! কিয়? কিয়?
‘তুলিকা, তুমি ইয়াত?’
‘হাই ৰায়ান! কিতাপ দুখনমান বিচাৰি আহিছিলোঁ। তুমি?’ তুলিকাই সহজ হ’বৰ আপ্ৰাণ চেষ্টা কৰি ক’লে।
ৰায়ানে সেই সকলো কৃত্ৰিমতা আওকাণ কৰি তাইৰ কাষতে বহি পৰিল। তাৰপিছত লাহেকৈ তাইৰ সোঁহাতখনত ধৰি ক’লে,
‘কিমান ব্যাকুল হৈ তোমাক বিচাৰি ফুৰিছোঁ তুমি নুবুজিবা তুলিকা! মোৰ সৈতে এবাৰ কথাও পাতিব নোখোজা তুমি?’
তুলিকাই তলমূৰ কৰিলে। চকুলো ভৰি আহিব খুজিলে তাইৰ। ৰায়ানো আবেগিক হৈ পৰিল।
‘তোমাক লগ কৰাৰ মানসিক প্ৰস্তুতি নাছিল, ৰায়ান!’ তাই ক’লে।
‘তোমাৰ লগত বহুত কথা আছে! আজি তুমি শুনিবই লাগিব। প্লিজ না নকৰিবা।’
তুলিকাই অলপ বিব্ৰত হৈ ইফালে-সিফালে চালে। তাৰপিছত ক’লে, ‘ঠিক আছে দিয়া। কিন্তু বাহিৰলৈ যাওঁ নেকি?’
ৰায়ানে মূৰ দুপিয়ালে। তুলিকাই উলিয়াই অনা কিতাপ কেইখনৰ পৰা এখন বাচি লৈ মেচিনতে চেক আউট কৰিলেগৈ। তাৰপিছত দুয়ো ওলাই আহিল আৰ্ণ নৈৰ পাৰলৈ। আৰ্ণ নৈত তেতিয়া এজাক গাল চৰাইৰ জলকেলি চলিছে। পানীৰ ওপৰেৰে উৰি উৰি ভুটুংকৈ সিহঁতে চোঁ মাৰি মাছ ধৰি নিছে। দূৰৈত নৈৰ বুকুত দুখন কমলা ৰঙী কায়াক। আজিৰ আৰ্ণ নৈ যেন খুবেই শান্ত। সেই পৰিৱেশটোৱে তুলিকাকো যথেষ্ট শান্ত কৰিলে। পাৰৰ ঘাঁহনিতে দুয়ো বহি পৰিল।
‘কোৱা কি ক’ব খুজিছা?
‘মই আই আৰ এ-ৰ সদস্য নহয়- সন্ত্ৰাসবাদীতো নহয়েই!’ ৰায়ানে কোনো অৱতাৰণা নোহোৱাকৈ ক’লে।
‘লিছাই কৈছে মোক!’ তুলিকাই এইখিনি কথা ইতিমধ্যে গম পাইছে। কিন্তু জনা নাই তেনে কেনেকৈ ফাৰমানা আৰু অ’মাৰ বিস্ফোৰণৰ লগত ৰায়ান জড়িত হৈ পৰিল। ৰায়ানে তাইৰ মনৰ ভাৱ বুজিয়ে কিজানি ক’লে,
‘বিস্ফোৰণৰ লগত মোৰ নাম জড়িত হৈ পৰাৰ কাহিনী দীঘলীয়া। লগতে গোপনীয়ও। সেইবাবেই সিদিনা ফোনত ক’ব পৰা নাছিলোঁ। ভাৱিছিলোঁ পুলিচৰ কব্জাৰ পৰা মুকলি হৈ আহিয়ে তোমাক সকলো খুলি ক’ম। কিন্তু তাৰ আগতেই তুমি…………’
ৰায়ানৰ মাতটো ভাঙিব খুজিলে। তুলিকা যেন জ্বলি থকা মম এডালৰ দৰে গলিবলৈ ধৰিলে। আজি ইমান দিনৰ মূৰত লগ পাইছে। অতদিনে কোনো কথাই মুকলিকৈ আলোচনা কৰাৰ সলনি তাই আঁতৰি ফুৰিলে। আৰু আজিও যেন ভাল-বেয়া একো খৱৰ নলৈ পোনেই তাক জেৰা কৰিবলৈ আৰম্ভ কৰিছে!
‘বেয়া নাপাবা ৰায়ান! যোৱা কেইটামান সপ্তাহ মোৰো বৰ বেয়াকৈ গ’ল। সেইকাৰণেই অলপ দিন নিজাকৈ দৰকাৰ হৈছিল।’
‘মই জানো! লিছাই মোক সকলো কৈছে!’ ৰায়ানে ক’লে, ‘কিন্তু তোমাক যে কথখিনি মুকলিকৈ নোকোৱালৈকে মই শান্তিৰে থাকিব নোৱাৰোঁ। সেইবাবেই এনেদৰে ব্যাকুল হৈ তোমাক বিচাৰি আছিলোঁ।’
মান-অভিমানৰ ভেঁটা ভঙাৰ লগে লগেই যেন সিহঁতৰ কথাৰ শেষ নোহোৱা হ’ল। ৰায়ানে ক’লে, ডেৰীৰ ৰায়তত সহকৰ্মী চেৰাৰ মৃত্যু হোৱাৰ পিছৰে পৰা সি আই আৰ এ-ৰ কাৰ্যকলাপৰ অনুসন্ধানত লাগি পৰিল। ৰাজনৈতিক সংবাদদাতা হিচাপে ফাৰমানা হেৰল্ডৰ পৰাই সেই প্ৰকল্পটো পালে। কিন্তু একে কাৰণতেই ৰায়ানে সকলো তথ্য পৰম সাৱধানে আৰু সংগোপনে সংগ্ৰহ কৰিব লগাত পৰিল। আই আৰ এ-ৰ কেইবাখনো গোপনীয় সভাত আনকি ছদ্মবেশেৰে যোগ দিলে। সেইবাবেই বোমা বিস্ফোৰণৰ সময়ত স্বয়ং পুলিচেও জনা নাছিল ৰায়ান প্ৰকৃততে সাংবাদিকহে বুলি। সেয়ে দুয়ো ঠাইতে সেই সময়ত উপস্থিতিৰ সম্ভেদ পাই আটক কৰি নিছিল। পিছত ফাৰমানা হেৰল্ড কাকতে যুক্তি-প্ৰমাণ দিয়াতহে মুকলি কৰি দিলে।
‘কিন্তু ৰাজনৈতিক সাংবাদিকতা মোৰ দ্বাৰা নহয় আৰু তুলিকা! ইমান ক্ষোভ-হতাশা আৰু হিংসা মোৰ নিজৰ বাবেই বোজা হৈ পৰে প্ৰায়ে। বিস্ফোৰণৰ ঘটনাটোৱেই দেখুৱালে সেই পৃথিৱীখনে মোৰ ব্যক্তিগত সুখ-শান্তি পলকতে আঁজুৰি লৈ যাব পাৰে। কিছুদিন যুৱপ্ৰজন্মৰ ভাল বাতৰি লিখিম বুলি ভাৱিছোঁ। সেইকাৰণেই আজি গ্ৰন্থাগাৰলৈ আহিছিলোঁ!’
তুলিকাই স্বস্তিৰ নিশ্বাস পেলালে। কত যে কি দুৰ্ভাৱনা আহি পৰিছিল তাইৰ মনলৈ! কিছু অপৰাধবোধো কৰিলে, বিপদৰ সময়ত ৰায়ানৰ কাষত থাকিব নোৱাৰাৰ বাবে।
‘সন্ত্ৰাসবাদ আৰু স্বাধীনতা যুঁজৰ সৈতে মোৰ নিজৰো ওচৰ সম্পৰ্ক আছে, ৰায়ান। এদিন তোমাক তাৰো কাহিনী ক’ম। সেইবাবেই মই ইমান বিহ্বল হৈ পৰিছিলোঁ। তোমাৰ কোনো কথাই সুস্থিৰে শুনিব নোৱাৰা হৈ পৰিছিলোঁ।’
ৰায়ানে তাইলৈ চালে। সেই চকুযুৰিত যেন বহুতো নোকোৱা কথাই থুপ পাতিছেহি। লগতে ভাৱ হ’ল যেন এই প্ৰথমবাৰৰ বাবে সিহঁতৰ মাজত থিয় দি ৰোৱা অদৃশ্য দেৱালখন খহি পৰিছে। তুলিকাৰ দুভৰিৰ পৰা যেন শিকলি লগাই বান্ধি থোৱা শিলচটা এৰা খাই গৈছে। ৰায়ানে সদায় বিচাৰি অহাৰ দৰে আজি তুলিকাই তেওঁৰ প্ৰতি এখোজ আগবঢ়াই দিছে! প্ৰথমবাৰৰ বাবে!
‘কোৱা তুলিকা- আজি সকলো শুনিম।’ তুলিকাৰ হাতত হাত থৈ ৰায়ানে ক’লে।
লণ্ডনৰ গেট্ৱিক বিমানবন্দৰৰ পৰা ওলাই পোনেই চ’হ’লৈ বুলি তুলিকা ট্ৰেইনত উঠিল। ট্ৰেইন মানে লণ্ডনৰ আণ্ডাৰগ্ৰাউণ্ড টিউব। সেই এঘণ্টাৰ বাটতে তাইৰ লণ্ডনৰ অতীত জীৱনটোলৈ পুনৰ ঘুৰি যোৱা যেন ভাৱ হ’ল। টিউবত সোমালেই হোৱা ক্ল’ষ্ট্ৰ’ফ’বিক অনুভৱটো, দুলি দুলি গৈ থকা স্মাৰ্টফোনৰ স্ক্ৰীণত আৱদ্ধ চকুবোৰ আৰু সেই চকুবোৰৰ আঁৰত লুকাই থকা জীৱন এটাৰ সন্ধানত ব্যতিব্যস্ত হোৱা তুলিকা। আহ, সকলো যেন একেই আছে। একেই আছে এই লণ্ডন মহানগৰী- ইয়াৰ প্ৰাচুৰ্য আৰু মহানাগৰিক যান্ত্ৰিকতা। প্ৰথমবাৰৰ বাবে তুলিকাৰ ভাৱ হ’ল তাইৰ সন্মুখতে যেন ধৰা দিছেহি সেই অতীতে! যেন চুই দিলেই পলকতে তাই ঘুৰি যাব পাৰে বিদ্যুতৰ সৈতে লণ্ডনৰ অতীত জীৱনটোলৈ! কিন্তু একেসময়তে তাই উপলব্ধি কৰিলে, এই প্ৰথমবাৰৰ বাবে জীৱনে যেন তাইক এটা বিকল্প দিছে! প্ৰতিবাৰৰ দৰে অপ্ৰত্যাশিত ধুমুহা এজাকৰ মাজলৈ দলিয়াই নিদি নিজে বাচি ল’বলৈ দিছে জীৱনৰ বাট। সেইবাবেই এই সকলো মায়া, ইটোৰ পিছত সিটোকৈ ছন্দোময় বহু পৰিঘটনা।
পৰিচিত সুবাস, ব্যতিব্যস্ততা আৰু জাকজমক সজ্জাৰে চ’হ’ৰ গলিবোৰেও তাইক আগৰদৰেই আদৰিলে। আটকধুনীয়া পাব, ৰেষ্টোৰাঁ, দোকান-পোহাৰ আৰু দেশী-বিদেশী পৰ্য্যটকৰ ভিৰৰ মাজেৰে খোজ দি তাই থিয় দিলেগৈ এখন আকাশ নীলা দুৱাৰৰ সন্মুখত৷ দুৱাৰৰ দুকাষে থকা টাবত এতিয়াও পাম গছ দুজোপা, দুৱাৰমুখত আমডালিৰ আদৰণি। তুলিকাই দীঘলকৈ উশাহ এটা টানি সেই আমডালিলৈ চালে, লগতে তাৰ ওপৰত খোদিত কৰা নামটোলৈ- ‘আছমাছ কিচ্ছেন’ -আছমাৰ পাকঘৰ!
‘তুলিকা!!’ আছমাই কিজানি বাট চায়ে আছিল। তুলিকাক দেখা মাত্ৰকে তেওঁ দৌৰি অহাদি আহি তাইক সাবটি ধৰিলেহি। একেই আছে আছমাও।
‘আহ, ইমানদিনৰ মূৰত যে আকৌ লগ পালোঁ তোমাক! আহা- বহাহি!’ তেওঁ আথেবেথে তুলিকাক আদৰি নিলে। আছমাৰ ৰেষ্টোৰাঁখনৰ ভিতৰেদি গৈ বাওঁকাষে এখন মুকলি বাৰাণ্ডা। তাতে সোণাৰু হালধীয়া কুশ্বনৰ সৈতে কেইবাযোৰা টেবুল-চকী। সেইফালে থকা ৰেষ্টোৰাঁৰ দেৱালখনত ইমূৰ-সিমূৰ জুৰি লণ্ডনৰ এখন বিশাল মেপ। তাতে লণ্ডনৰ সকলো পৰ্য্যটনস্থলী চিহ্নিত কৰি থোৱা আছে।
‘এইখিনি নতুনকৈ কৰালা?’ তুলিকাই সুসজ্জিত বাৰাণ্ডাখনৰ চাৰিওফালে চাই সুধিলে।
‘অঁ, গৰম দিনত মানুহে বাহিৰত ৰ’দ লৈ বহিবলৈ ভাল পায়- সেয়ে এইখিনি বহলালো। কেনে দেখিছা?’ আছমাই ক’লে।
‘ধুনীয়া! তোমাৰ ৰেষ্টোৰাঁ ঠিকে চলি আছে নহয়?’
‘অঁ, সকলো ঠিকেই। যোৱামাহত নতুনকৈ তিনিগৰাকী কৰ্মী আনিলোঁ। আজিকালি হ’ষ্টেচৰ কাম মই নকৰোঁ- সুনন্দাই সকলো চম্ভালি লৈছে। সেয়ে মোৰো অলপ আহৰি হৈছে!’
দুয়ো আৰামকৈ বহোঁতেই লুক ওলালেহি। স্বভাৱসিদ্ধ উচ্ছল হাঁহিটোৰে মাত লগালে, ‘হাই তুলিকা!’
তুলিকাই উঠি গৈ লুকক আকোঁৱালি ধৰিলে। লুকৰ চকুৱে-মুখে যেন এটা সুখী সুখী অনুভৱ। কিবা এটা নতুন মাদকতা।
‘কেনে আছা, তুলিকা? বেয়া নাপাবা- মই লান্স ব্ৰেকতে মিলাব লগা হ’ল!’ লুকে ক’লে।
‘একো নাই- আহিলা যে! কিমানদিনযে আমাৰ কথা পতা হোৱা নাই!’
‘তাকেহে-কিমানদিন থাকিবা লণ্ডনত?’ আছমাৰ কাষৰ চকীখন টান মাৰি লৈ লুকে সুধিলে। কিন্তু প্ৰশ্নটো সুধিয়ে যেন তেওঁ অলপ থোতা-মোজা খালে। আছমা আৰু লুক দুয়ো জানে কিয় এনেকৈ হঠাতে তুলিকা লণ্ডন ওলাইছেহি। এই যাত্ৰাৰ লগতে ইয়াত থকাৰ সকলো কথাই যে অপৰিকল্পিত। অনিশ্চিত। তথাপি তুলিকাই সহজ্ভাৱেই ক’বলৈ চেষ্টা কৰিলে,
‘নাজানো! আজি সন্ধিয়া বিদ্যুৎ আৰু মাক-দেউতাকক লগ কৰিমগৈ। তাৰপিছতহে ভাৱিম কেতিয়ালৈ থাকিম! সেয়ে প্ৰথমেই তোমালোক লগ কৰিবলৈ আহিলোঁ।’
‘ভাল কৰিলা, তুলিকা। আমি সদায়ে তোমাৰ লগত আছোঁ, তুমি জানাই।’ লুকে ক’লে।
ইতিমধ্যে মমতাই সিহঁতৰ টেবুলত থৈ গ’ল বেঙেনা ভজা, মাছৰ টেঙা জোলৰ সৈতে ভাত এসাঁজ। বহুদিনৰ মূৰত যেন তুলিকাই তৃপ্তিৰে এসাঁজ খালে! দেহ-মন ভৰি উঠিল তাইৰ। লুকে অন্যদিনাৰ দৰে আজিও জ্বলা কুকুৰা মাংস বিচাৰিলে। প্ৰতিবাৰৰ দৰেই খোৱাৰ লগে লগে লুকৰ শ্বেতাংগ মুখ ৰঙা পৰি আহিল। তথাপি সেহাই সেহাই খাই গ’ল তেওঁ। আছমাই কৃত্ৰিম ককৰ্থনাৰ সুৰেৰে ক’লে,
‘তোমাৰ এইটো স্বভাৱ নগ’ল আৰু লুক! ইমান কষ্ট খায়ো জ্বলা বিচাৰা কিয়?’
‘নহ’লে মোৰ জ্বলা সহ্য কৰা ক্ষমতা কেনেকৈ বাঢ়িব! এয়া নিজকে ট্ৰেইনিং দি আছোঁ বুজিছা- তোমালোকৰ লগত ভাৰতলৈ গ’লে যাতে যিকোনো খাদ্যৰ জুতি ল’ব পাৰোঁ!’
ঘামি-জামি অহা লুকৰ ৰাঙলী মুখখনলৈ চাই তুলিকাই হাঁহি পেলালে। তেনেকৈয়ে খোৱা সামৰি লুকে এইবাৰ নেচাৰৰ পুনৰ্সংগঠনৰ কথা উলিয়ালে। সেই কঠিন সময়ছোৱাৰ কথাবোৰ মন উজাৰি ক’বলৈ পাই তুলিকাৰ যেন বুকুখন পাতল হৈ আহিল। সকলোবোৰ শুনি লৈ লুকে ক’লে,
‘মাৰ্ক আমাৰ হেডকোৱাৰ্টাৰত এক কিংবদন্তী বুজিছা! বেলফাষ্ট মহানগৰীৰ সলনি ফাৰমানাত থাকিবলৈকে পদোন্নতি বাদ দিয়া কেনে মানুহ বুলি! পিছত ডেৰেনেহে ক’লে মাৰ্কৰ ব্যক্তিগত জীৱনতো একেসময়তে কিমান সংগ্ৰাম গৈছে!’
তুলিকাই অলপ আচৰিত হৈ ক’লে, ‘ডেৰেনে? কেতিয়া ক’লে?’
এইবাৰ লুকে পুনৰ থতমত খালে। তাৰ লগে লগে আছমাৰ খুকখুক হাঁহি। দুয়োৰে প্ৰতিক্ৰিয়াই যেন তুলিকাক আৰু আচৰিত কৰি পেলালে।
‘কোৱা কোৱা- এয়াই ঠিক সময়! তুলিকা আহিলে নিজ মুখেৰে ক’ম বুলি কৈ আছিলা নহয়!’ আছমাই লুকৰ কিলাকুটিত হেঁচা এটা মাৰি কৈ উঠিল।
এইবাৰ অলপ লাজ আৰু অলপ আবেগেৰে লুকে ক’লে, ‘সেইবাৰ আমি তোমাক লগ কৰিবলৈ যাওঁতেই ডেৰেনক কিবা এটা ভাল লাগি গৈছিল জানা। সেইনিশা বায়াৰতে ফোন নাম্বাৰ লৈছিলোঁ। তাৰপিছত আমি কথা পাতোঁ মাজে মাজে!’
‘যোৱামাহত ডেৰেন লণ্ডন আহি গৈছে!’ আছমাই যোগ দিলে।
‘তাৰমানে?! কিন্তু…… কিন্তু ডেৰেন গে’ বুলিয়ে মই জনা নাছিলোঁ!’ তুলিকা যেন ভীষণ আচৰিত হ’ল।
‘তুমি নাজানিব পাৰা। মোৰ গে’ডাৰে হ’লে ঠিকে কাম কৰে।’ কৈয়ে লুকে হোহোৱাই হাঁহি উঠিল!
আহ- তাইৰ মনলৈ আহিল ডেৰেনৰ মুখখন। কেঁকুৰা ক’লা চুলি আৰু দাড়িৰে চিনাকি ডেৰেন যেন অচিনাকি হৈ ধৰা দিলে তুলিকাৰ সন্মুখত। কিন্তু একেসময়তে যেন আগৰ বহু কথা আৰু ঘটনাৰ জঁট ভাঙি পৰিল। কতদিন যে তাই ডেৰেনৰ লগত ফিল্ডত ঘুৰিছে, জিমত কতবাৰ পাহুৱাল ডেৰেনে তাইক ইটো সিটো মেচিনত কেনেকৈ ব্যায়াম কৰিব দেখুৱাই দিছে। কিন্তু কেতিয়াও নিজৰ কথা একো কোৱা নাই। কেতিয়াও কোনো আপোনজনৰ কথা উল্লেখ কৰা নাই। মনত পৰিল, ফিয়নাই কৈছিল ডেৰেন বৰ অন্তৰ্মুখী- কেতিয়াও নিজৰ কথাবোৰ খুলি নকয়। নিজৰ পৰিয়ালৰ কথাও মানুহে সুধিলেহে কয়। কিন্তু লিছা-ফিয়নাহঁতে জানে ডেৰেনৰ পৰিয়াল অতি ৰক্ষণশীল। ধৰ্ম আৰু ৰক্ষণশীল সমাজৰ বাবেই যেন নিজকে লুকুৱাই এক ভিন্ন সত্ত্বাৰ অভিনয় কৰি গৈছে ডেৰেনে। আহ, কি যে ভাল লগা খৱৰ! তাই চকীৰ পৰা উঠি আকৌ এবাৰ লুকক সাৱটি ধৰিলে।
‘মোৰ যে শুনি ইমান ভাল লাগিছে লুক!’ তাই আবেগেৰে ক’লে।
‘হেই ৰ’ৱাহে, একো হোৱাই নাই। আমি ইজনে সিজনক জানিবলৈ আৰম্ভ কৰিছোঁহে!’ ক’লে যদিও লুকৰ চকুৱে-মুখে জিলিকি উঠা সুখ আৰু পৰিপূৰ্ণতাৰ জিলিঙণি তুলিকাই ঠিকেই দেখিলে।
‘মই কৈছোঁ, ডেৰেনক লণ্ডনলৈ ট্ৰেন্সফাৰ ল’বলৈ কোৱা নহ’লে তুমি নিজেই ফাৰমানাৰ বাসিন্দা হৈ যোৱা। নহ’লে ইজনে সিজনৰ লগত নহৈ ফাৰমানা-লণ্ডন অহা-যোৱা কৰোঁতে আইৰিছ সাগৰৰ ঢৌবোৰৰ লগতহে বেছি সময় কটোৱা হ’ব।’ আছমাৰ কথাত তিনিও একেলগে হাঁহি পেলালে।
হাঁহি আৰু আড্ডাৰ মাজেৰে কেনেকৈনো সময় কাটিল তুলিকাই ক’বকে নোৱাৰিলে। ঘড়ী চাই লুক জাপ মাৰি উঠাদি উঠাতহে উপলব্ধি হ’ল, লান্সৰ সময় কেতিয়াবাই পাৰ হ’ল। লুক অফিচলৈ বুলি ওলাই যোৱাৰ পিছতো বহুপৰলৈ তুলিকা আৰু আছমা একেঠাইতে বহি ৰ’ল।
এইবাৰ চাহ আহিল। বৰ তৃপ্তিৰে শোহা এটা মাৰি তুলিকাই ক’লে, ‘কি যে নষ্টালজিক এই চাহকাপ!’
আছমাই তাইলৈ চালে। যেন জুমি চাব খুজিলে সেই শান্ত আৰু পৰিতৃপ্ত মুখখ্নৰ আঁৰত কিহৰ আখৰা চলিছে! এই বিদেশী মাটিত নতুন জীৱন আৰম্ভ কৰাৰ পৰাই তেওঁ তুলিকাক নিচেই কাষৰ পৰা পাইছে, তাইৰ ভিন্ন ৰূপ দেখিছে। এখন সুখৰ সংসাৰ আৰু এসাগৰ ভালপোৱাৰ সপোনে ভৰ কৰা তুলিকা, সময় আৰু পৰিস্থিতিয়ে উদঙাই দিয়া সেই সপোনৰ গৰা খহনীয়া অসহায় হৈ চাই ৰোৱা তুলিকা আৰু ধুমুহাই মুচৰি থৈ যোৱা ভগ্ন হৃদয় লৈ মূক হৈ পৰা তুলিকা। সকলো দেখিছে তেওঁ। কিন্তু আজিৰ এই তুলিকাৰ ৰূপ যেন ভিন্ন। তেওঁ জানে, তুলিকাই কষ্ট পাইছে। জীৱনৰ পাকচক্ৰই বহু যন্ত্ৰণাৰ বাট কাটি গৈছে তাইৰ হৃদয়ত। কিন্তু যেন প্ৰথমবাৰৰ বাবে তুলিকাই সেই সকলোবোৰ যন্ত্ৰণা জীৱনৰ বহু সুখৰ লগতে এটা অংশ বুলি গ্ৰহণ কৰি লৈছে। যেন কান্দি কান্দিও তুলিকাই হাঁহিবলৈ শিকিছে। তাই যেন মানি লৈছে, জীৱন মানেই সুখ-দুখৰ এক মণিমালা। কেৱল সুখক আদৰি লৈ দুখ আৰু হাঁহাকাৰৰ পৰা পলাই ফুৰা মানে কেৱল উটপক্ষীৰ দৰে বালিত মূৰ গুঁজি নিজকে প্ৰতাৰণা কৰা। সুখৰ লগতে দুখকো স্বীকাৰ কৰি লোৱাতেই যে জীৱন যুঁজাৰ শক্তি সোমাই আছে সেয়া তুলিকাই উপলব্ধি কৰিছে। সেইবাবেই কিজানি বিধিৰ এই দাৰুণ বিপাকতো তাই অটল হৈ ৰ’ৱ পাৰিছে। সাহসেৰে জীৱনৰ মুখামুখি হ’ব খুজিছে।
‘কি চাইছা এনেকৈ?’ আছমাৰ পূৰ্ণ দৃষ্টি দেখিয়ে কিজানি তুলিকাই অলপ হঁহাৰ দৰে কৰি সুধিলে।
‘তুমি বহুত সলনি হ’লা! ফাৰমানালৈ যোৱাৰ পিছতহে যেন তোমাৰ এই ৰূপটো দেখা পাইছোঁ! তুমি পাৰিবা- কোনো সমস্যাই, কোনো হাহাঁকাৰে টলাব নোৱাৰাকৈ তুমি থিয় দিব পাৰিবা তুলিকা।’ আছমাই বৰ মৰমেৰে কথা কেইষাৰ ক’লে।
তুলিকাই একো নকৈ মাথোঁ আছমাৰ সোঁহাতখনত খামোচ মাৰি ধৰিলে। জীৱন পৰিক্ৰমাই দুটা ভিন্ন কোণত থিয় কৰাই দিয়া দুয়ো নাৰীৰ হৃদয় দুখন সহমৰ্মিতাৰ ছন্দৰে এক হৈ ৰ’ল- সদায়ৰ দৰে।
সেই আবেলি পুনৰ টিউবত দুলি দুলি তুলিকা গ্ৰেনিচ্চ মিলেনিয়াম ভিলেজলৈ ৰাওনা হ’ল। গোটেই সময়খিনি তাই যেন নিজৰ মাজতে ডুবি ৰ’ল। সেই ষ্টেচনত নামি পাঁচমিনিটমান খোজেৰে গৈয়ে থেমছ্ মেন’ৰ নামৰ বিশাল অট্টালিকাটোৰ মূল দুৱাৰৰ মুখত থিয় দিলেগৈ। তাৰ লগে লগে যেন বাৰিষাৰ বানপানীৰ দৰে কোবেৰে নামি আহিল সোঁৱৰণীৰ ঢল। থেমছ্ নৈৰ পাৰৰ এই ঠাইতেইতো তাই বিদেশৰ মাটিত এখন সংসাৰ পতিছিলেহি! সেই সময়ৰ কিমান যে সপোন, সুখ-দুখৰ মায়া লৈ থিয় দি আছে এই অট্টালিকা!
‘গুড আফটাৰনুন!’ প্ৰায় এবছৰৰ আগৰ দৰে আজিও একেদৰেই তাই সম্ভাষণ জনালে কাউণ্টাৰৰ কনচিয়েৰ্জজনক। লিফটত আগৰ দৰেই অট্টালিকাৰ নিবাসীৰ নিৰ্লিপ্ত চকু-মুখ, সমান্তৰাল জীৱন-ধাৰা। অথচ এই সময়তে কিমান সলনি হৈ পৰিল তুলিকাৰ জীৱন! হয়তো তাইৰ অজানিতেই ইয়াৰ মানুহৰো জীৱনত বহু হিচাপ খেলিমেলি হৈ গৈছে, বহু ধুমুহাই বিপৰ্য্যস্ত কৰিছে সপোনৰ বালিঘৰ। কোনে জানে!
কিছু আবেগ আৰু কিছু উদ্বেগ লৈ তুলিকাই চতুৰ্থ মহলাৰ চিনাকি দুৱাৰখনত কলিংবেল টিপিলেগৈ। কিছুসময়ৰ পিছতে দুৱাৰ মেলি ধৰিলে বিদ্যুতৰ মাকে!
‘তুলিকা!!’ তেওঁৰ চকুৱে মুখে আশ্চৰ্য্য আৰু আনন্দৰ ৰেঙণি যেন একেলগে দেখা দিলে। ‘আহ! কিমান আশা কৰি আছিলোঁ তুমি আহিবা বুলি! আহা আহা। ভিতৰলৈ সোমাই আহা। হেৰি শুনিছেনে, তুলিকা আহিছে!’
তেওঁৰ উলাহে তুলিকাক যেন অলপ অপ্ৰস্তুত কৰি পেলালে। তাই লগত লৈ অহা সৰু চ্যুটকেছটোৰ চকা চলাই ভিতৰ সোমাল। সোমায়ে চকুত পৰিল, বহা কোঠাটোৰ আচবাব বোৰো একেই আছে। মাত্ৰ একাষৰ কফি টেবুলখন এতিয়া মাজত ৰাখিছে। দেৱালত এতিয়াও উলমি আছে তুলিকাই অঁকা থেমছ্ নৈৰ পাৰৰ বাটটোৰ শৰতবুলীয়া ছৱিখন।
‘ভালে আছেনে মা? দেউতাৰ কেনে?’ তাই বগা লেডাৰৰ কাউচ্চখনতে বহি লৈ সুধিলে। মাকো কাউচ্চ খনৰ ইমূৰত বহিল।
মাকে কিবা কোৱাৰ আগতে শোৱাকোঠাৰ পৰা দেউতাক ওলাই আহিল।
‘অঁ, ঠিকে ঠাকে পালাহি তুলিকা! ভালে আছানে?’ তেওঁৰ চকুৱে মুখে হাঁহি। দুয়োকে দেখি তুলিকাৰ ভাৱ হ’ল যেন এইটো মুহূৰ্তলৈকে দুয়ো বাট চাই আছিল। যিমান চেষ্টা কৰিও দুয়ো সেই প্ৰাপ্তিৰ উছাহ সামৰি ৰাখিব পৰা নাই।
‘আছোঁ- ভালেই আছোঁ। আপোনালোক কেনে আছে?’
দেউতাকে উৎসাহেৰে ক’লে, ‘আমাৰ ভালেই। ইয়ালৈ অহা আজি দহদিনমানেই হ’ল বুজিছা। কিন্তু এতিয়াও সপোন সপোন যেনেই লাগি আছে। লণ্ডনখন সপোন নগৰীয়ে নহয় জানো! যেনিয়ে চাওঁ চকু থৰ লাগি যোৱা যেন লাগে। বিদ্যুতৰতো কামৰ পৰা আহৰিয়ে নাই! গতিকে আমি দুয়ো অকলেই ফুৰিছোঁ বুজিছা। ইমান চিজিল -ইমান পৰিস্কাৰ পৰিচ্ছন্ন। খৰচহে বৰ বেছি যেন লাগিছে। সিদিনা মমৰ মিউজিয়ামটোও চালোগৈ। কি ক’বা আৰু………..’
তুলিকাৰ তেতিয়াহে খেয়াল হ’ল, এয়াতো বিদ্যুতৰ মাক-দেউতাকৰ প্ৰথম বিদেশ যাত্ৰা! ভিতৰি বেথাও উপজিল। বিদ্যুতৰ দেউতাক কথা চহকী মানুহ। তাতে প্ৰথমবাৰ এই লণ্ডন মহানগৰী নিজ চকুৰে চাইছে। গতিকে উৎসাহৰ অন্ত নাই। মাকেহে থাপ মাৰি ধৰাদি ধৰি ক’লে,
‘হেই ৰ’ৱচোন। ছোৱালীজনী আহি পাইছেহে- আপোনাৰ ভ্ৰমণকাহিনী আৰম্ভ নকৰিবচোন এতিয়াই! তুলিকা, কোৱাচোন তাত কেনেকৈ আছা? নতুন চাকৰি কেনে পাইছা?’ মাকে আথেবেথে সুধিলে।
বিয়াৰ পিছত মাত্ৰ এটা মাহ তুলিকাই বিদ্যুতৰ মাক-দেউতাকৰ সৈতে গুৱাহাটীৰ ঘৰত কটাইছিল। বিদ্যুৎ লণ্ডনলৈ উভতি গৈছিল। তুলিকাই বিয়াৰ প্ৰমাণপত্ৰ সহ সকলো কাগজ-পত্ৰ জমা দি ভিজা পোৱালৈ বাট চাই আছিল। সেই সময়খিনিতে সাদৰী মাকগৰাকীয়ে তুলিকাক আপোন কৰি লৈছিল। বেছিদিন কাষত নাপালেও পিছতো সদায়ে এনেকৈয়ে বৰ আন্তৰিকতাৰে তাইৰ খা-খৱৰ লৈছিল। দেউতাকৰ লগতো গুৱাহাটীৰ ঘৰৰ বাঁৰীত একেলগে শাকনিৰ বন খুঁচৰি তাই কিমান যে গল্প কৰিছিল। বহুদিনৰ মূৰত দুয়োকে কাষত পাই তুলিকাৰ যেন কিছু অপৰাধবোধ হ’ল। অতদিনে নিজৰ হাঁহাকাৰৰ মাজতে ডুবি থাকি তাই এবাৰো বিদ্যুতৰ মাক-দেউতাকৰ খৱৰ লোৱা নাই। সেই ভাৱ লুকুৱাই তাই যথাসম্ভৱ সহজ ভাৱেৰে ফাৰমানা আৰু নেচাৰৰ কথা কৈ গ’ল। মাকেও খৱৰ দিলে, তেওঁৰ চকুৰ কেটেৰেক্ট চাৰ্জাৰী হৈ গ’ল দুমাহ আগতে। এতিয়া আগৰ অসুবিধাবোৰ নোহোৱা হৈছে। দেউতাকে আকৌ এবাৰ বাথৰুমত পিচল খাই কঁকালত বৰ দুখ পালে। লগে লগে হস্পিটেললৈ নিব লগা হ’ল। অৱসৰৰ পিছত দুয়ো এতিয়া গুৱাহাটীৰ ঘৰত অকলশৰীয়া।
‘একেটাই ল’ৰা ইমান দূৰৈত।’ বিদ্যুতৰ মাকে কৈ গ’ল। ‘আচলতে তাৰ জীৱনটো ভালদৰে গঢ় লওক বুলিয়েতো সৰুৰে পৰা আঁতৰে আঁতৰেই ৰাখিলোঁ। ভালতকৈ ভাল স্কুল-কলেজত পঢ়ি আজি বিদেশত এটা চকুত লগা কেৰিয়াৰ। কিন্তু কেতিয়াবা সন্দেহ হয় জানানে, সঁচাই ঠিকে কৰিলোঁনে? কোনোদিনেই যে তাক ওচৰত নাপালোঁ!
‘তোমালোক দুয়োটা আমাৰ ওচৰতে থকা হ’লে কিজানি কথাবোৰ এনেকুৱা নহ’লহেঁতেন!’ দেউতাকে কৰুণ সুৰ এটাৰে ক’লে।
কথাবোৰে তুলিকাক খুন্দা মাৰি ধৰিলে। চকুপানী ওলাব খুজিলে তাইৰ। এই মানুহহালে যে কেৱল বিদ্যুতৰ ভাল হওক বুলিয়ে যি পাৰিছে সকলো কৰি আহিছে। তাই উপলব্ধি কৰিলে, বিদ্যুতে কোৱা শৈশৱ-যৌৱনৰ হেঁচা আৰু আশাবোৰৰ আঁৰত আছে তেওঁলোকৰ একমাত্ৰ ল’ৰাটোক লৈ কৰা অলেখ-অসংখ্য সপোন। এতিয়াও- সিহঁতৰ সংসাৰখন ভাঙি যোৱাৰ পিছতো মাক-দেউতাকে ভাৱিছে তেওঁলোকে সেই ধুমুহাৰ পৰা সিহঁতক আঁতৰাই ৰাখিব পাৰিলেহেঁতেন। সেই সপোনৰ বালিঘৰক বচাই ৰাখিব পাৰিলেহেঁতেন। মাক-দেউতাকৰ দৃষ্টিত যে তেওঁলোকৰ দায়িত্বৰ কোনো অন্ত নাই- এনে কোনো বিন্দু নাই য’ত মাক-দেউতাকৰ সন্তানৰ প্ৰতি দায়িত্ব শেষ হয় আৰু আৰম্ভ হয় সন্তানৰ নিজা বাট। বহুতৰ গতি তেনেকৈয়েতো ৰৈ যায়। প্ৰাপ্তবয়স্ক হ’লেও মাক-দেউতাকৰ সৈতে সেই বান্ধোনৰ স্বৰূপ একেই হৈ ৰয়। কিন্তু মাক-দেউতাকৰ পৰা নিজা আশা-আকাংক্ষা আৰু সপোনৰ পৰিধি সামৰি আনি জীৱনৰ বাটত নিজেই চালক হোৱাৰ দায়িত্ব কেৱল সন্তানৰ। মাক-দেউতাকে বাৰু সেয়া নুবুজে, কিন্তু বিদ্যুতেনো কিমান বুজে?
‘তেনেকৈ নক’বচোন দেউতা! আমাৰ মাজত যি হৈ গ’ল সেয়া আমাৰ বাহিৰে অন্য কোনোৱে সলাব নোৱাৰে। তেতিয়াও-এতিয়াও! সেই কথাবোৰত আপোনালোকে নিজকে দোষ নিদিবচোন!’ তুলিকাই আবেগেৰে ক’লে।
এনেতে এপাৰ্টমেণ্টৰ মূল দুৱাৰ খোল খালে। ক্লান্ত খোজেৰে সোমাই আহিল বিদ্যুৎ। তুলিকাৰ বাবে সেয়া হঠাতে জী উঠা অতীতৰে এক প্ৰতিচ্ছৱি। দিনৰ পিছত দিন, মাহৰ পিছত মাহ দেখি অহা এটা পৰিচিত দৃশ্য। পিছে তুলিকাক বহা কোঠাত দেখিয়ে তাৰ চকু-মুখ উজ্বলি উঠিল!
‘তুমি আহিলা? কেতিয়া পালাহি? মোক খৱৰ দিয়া নাই কিয়?’
তুলিকাক আকোঁৱালি ল’ব খুজিও যেন কিবা এটা সংকোচে বিদ্যুতক বাধা দিলে। অগ্যতা আগবাঢ়ি আহি সি তাইৰ সন্মুখৰ কাউচ্চতে বহি পৰিল। মাকে আথে-বেথে তাৰ অফিচ বেগটো লৈ গ’লহি। তাৰপিছত পাকঘৰৰ পৰা পানী এগিলাচ আনি তাৰ হাতত দিলেহি। স্বভাৱসিদ্ধ্বভাৱে বিদ্যুতে সেয়া লৈ কোট্কোট্কৈ খালে। তাকে চাই চাই তুলিকাৰ মনত পৰিল ফাৰমানাত বিদ্যুতে কোৱা কথাবোৰ। হঠাতে তুলিকাৰ বিদ্যুতক বৰ স্বাৰ্থপৰ যেন লাগি গ’ল। এনে ভাৱ হ’ল যেন সি নিজৰ স্বাৰ্থৰ বাবে এই সহজ-সৰল মানুহ হালক ব্যৱহাৰ কৰিছে। শৈশৱ বা কৈশোৰত যিয়ে নহওক- এতিয়া যেন ইচ্ছা কৰিয়ে বিদ্যুতে মাক-দেউতাকক সেই দায়িত্ববোধেৰে বান্ধি ৰাখিব খুজিছে। সেইবাবেই সি এনেকৈ থাকিব পাৰিছে। মাকে ইটো কৰিছে- সিটো কৰিছে, তাৰ বাবে ঢপলিয়াই ফুৰিছে। তাৰ সংসাৰৰ দায়তে মাক-দেউতাক দুয়ো লণ্ডন পাইছেহি। বিদ্যুতে আগৰ দৰেই মাথোঁ চলি গৈছে। একেদৰেই। কোনো পৰিৱৰ্তন নাই, কোনো প্ৰচেষ্টা নাই সেই গতি সলোৱাৰ নাইবা
সিদিনা নিশা বিদ্যুতৰ মাক আৰু তুলিকাই মিলি যতনাই ভাত এসাঁজ ৰান্ধিলে। বিদ্যুতৰ দেউতাকে লণ্ডনৰ ৰূপ-গুণ বখানি বখানি বাৰ্বিকিউত কুকুৰাৰ মাংস আৰু ফুলকবি-বেঙেনা পুৰিলে। বিদ্যুতে অসজা ভাৱেৰে পাকঘৰ আৰু বেলকনিৰ মাজত অহা-যোৱা কৰি ৰ’ল। তুলিকাই বুজিলে, সি তাইৰ লগত কথা পাতিবলৈ সুযোগ বিচাৰি আছে। সেয়া জানি-বুজিও তাই বিদ্যুতৰ মাক-দেউতাকৰ লগত কথা-বতৰা পতাতে ব্যস্ত হৈ থাকিল।
বিয়াৰ পিছৰ গুৱাহাটীৰ দিনবোৰৰ দৰেই চাৰিও কথা-বতৰা-হাঁহিৰ মাজেৰে ভাতসাঁজ খালে। খাই উঠি মাক-দেউতাক টিভিৰ সন্মুখত বহিল। তুলিকা ওলাই আহি বেলকনিত থিয় দিলেহি। নিশা ন বাজিবৰ হৈছে যদিও আকাশ এতিয়াও বিয়লিৰ বেলিৰে ৰাঙলী। তাৰ কাষেৰে যোৱা বাটতোৰ দুয়োকাষে তাইৰ প্ৰিয় অ’ক গছৰ শাৰীবোৰ। তাৰ পাতে পাতে শৰতে ৰং সানিবলৈ আৰম্ভ কৰিছে। আগৰ দৰেই বেলকনিৰ পৰা প্ৰকৃতি আৰু বাটৰুৱাৰ ৰং-ৰূপ চাই একান্ম হৈ ৰ’ল তাই। এনেতে থেমছ্ নদীৰ ফিৰফিৰিয়া বতাহ এজাকে তাইক চুই গ’লহি।
এনেতে বিদ্যুৎ আহি বেলকনিতে তাইৰ কাষত ৰ’লহি। তাইৰ দৃষ্টি অনুসৰণ কৰি ক’লে,
‘মনত আছেনে সেই অ’ক গছৰ তলেৰেই এদিন আমি যে এদিন টেণ্ডেম বাইক চলাই গৈছিলোঁ? হঠাতে অহা কিনকিনিয়া বৰষুণজাকত তিতি-বুৰিয়ে কিমান যে ঘুৰিছিলোঁ!’
সেই কথাষাৰে তুলিকাক যেন লৈ গ’ল বিয়াৰ পিছৰ সপোন সপোন লগা দিনবোৰলৈ। সিদিনা টেণ্ডেম বাইকৰ অগা-পিছা ছিট দুটাত বহি একে ক্ৰমত পেডেল মৰাই অসম্ভৱ যেন লাগিছিল। সেয়ে তাই দুই ভৰি ওলোমাই দিছিল। বিদ্যুতে অকলেই পেডেল মাৰি মাৰি চাইকেলখন আগবঢ়াই নিছিল। পিছতহে কথাটো টং কৰি সি তুলিকাক জোৰ কৰি সন্মুখৰ আসনত বহুৱাইছিল। বৰষুণৰ মাজেৰে দুয়ো হাঁহি হাঁহি চাইকেল চলাই থেমছ নৈৰ পাৰে পাৰে আগবাঢ়িছিল। কি যে মায়া সনা সময় আছিল সেইবোৰ! তাৰপিছত যে কি হয় গৈছিল সিহঁতৰ! কেনেকৈ কিহবাই কুটি কুটি খাই পেলাইছিল ভালপোৱাৰ সকলো ৰং! সেই সোঁৱৰণি আৰু বিদ্যুতৰ সান্নিধ্যই তুলিকাক যেন কিছু আবেগিক কৰি পেলালে। তাই বেলকনিৰ চকীখনতে বহি পৰিল। বিদ্যুতো কাষতে বহিল। সি লাহেকৈ ক’লে,
‘তুমি যে আহিলা মোৰ বহুত ভাল লাগিছে জানা! আমি বিচাৰিলে আকৌ সেই দিনবোৰলৈ ঘুৰি যাব পাৰোঁ। আকৌ নতুনকৈ সকলো গঢ়িব পাৰোঁ।’
‘আমি?!’ তুলিকাই ভাৱিলে। সেই শব্দটোৱেই বৰ আচহুৱা যেন লাগিল তাইৰ। হঠাৎ তাইৰ উপলব্ধি হ’ল, সেই সপোন আচলতে কেতিয়াবাই শেষ হৈছে। তাই একে হৈ ৰোৱা নাই। একে হৈ ৰোৱা নাই বিদ্যুৎ। সিহঁতে যিমানেই নিজকে পতিয়ন নিয়াবলৈ চেষ্টা নকৰক, একে হৈ ৰোৱা নাই সিহঁতৰ সম্পৰ্ক! ফাৰমানাৰ বহু ৰাতি বিদ্যুতৰ কথা ভাৱি, সিহঁতৰ হেৰোৱা সংসাৰখনৰ মায়াত বন্দী হৈ তাই উজাগৰে কটাইছে। কিন্তু আজি বাস্তৱত সেই অতীতৰ মুখামুখি হোৱাৰ পিছত যেন সেই হাঁহাকাৰবোৰে ভিন্ন ৰূপ লৈছে। আশাৰে চাই ৰোৱা বিদ্যুতলৈ চাই চাই তাই অনুভৱ কৰিলে, এই ব্যক্তিৰ বাবে তাই হৃদয়ত চিৰদিন জ্বলাই ৰাখিব খোজা ভালপোৱাৰ চাকিগছি কেতিয়াবাই নুমাই গৈছে। তাৰবাবে গঢ়া বিশ্বাসৰ ভেঁটি প্ৰতাৰণা আৰু যন্ত্ৰণাৰ বানে কেতিয়াবাই উটুৱাই নিছে। সেই মৰিশালীত সোঁৱৰণি থাকিব পাৰে, পায়ো হেৰুওৱাৰ বেদনা থাকিব পাৰে। কিন্তু সম্পৰ্ক এটা যুগমীয়া কৰাৰ বাবে দৰকাৰী সততা, পৰিপক্কতা আৰু অনুৰাগ তাত নাই! সেই কাহিনী কেতিয়াবাই শেষ হৈছে।
‘বিদ্যুৎ!’ শান্ত কণ্ঠ এটাৰে তুলিকাই ক’লে, ‘এটা কথা সোধোঁ!’
‘সোধা!’ বিদ্যুতে সেই এটা শব্দতে যেন হৃদয়ৰ সকলো আকুলতা সানি দিব খুজিলে।
‘তোমাৰ সলনি যদি মই কাৰোৱাৰ সৈতে এনে কৰিলোহেঁতেনে, তুমি মোক একেদৰেই গ্ৰহণ কৰিলাহেঁতেননে?’
‘কিন্তু তুলিকা, তোমাক কৈছোঁয়ে কিয় তেনে ভুল হৈ গ’ল…………!’ বিদ্যুতক আকৌ এবাৰ কৈফিয়তৰ সুযোগ নিদি তুলিকাই একেই শান্ত কিন্তু দৃঢ় মাতেৰে ক’লে,
‘কাৰণ যিয়ে নহওক কেৱল সততাৰে মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়া, বিদ্যুৎ! এবাৰ তুমি নিজকে সুধি চোৱা।’
বিদ্যুৎ নীৰৱ হৈ ৰ’ল। বেছ কিছুপৰলৈ। এটা সময়ত ভগ্ন কন্ঠেৰে সি ক’লে, ‘হয়তো নল’লোহেঁতেন!’
সি হুকহুকাই কান্দি পেলালে। তাৰ কাষতে বহি থাকি তুলিকায়ো কান্দিলে। প্ৰথমবাৰৰ বাবে দুয়ো যেন একেলগে উপলব্ধি কৰিলে, এয়াই সেই শেষবিন্দু- য’ৰ পৰা জীৱনৰ বাটটো সমান্তৰালকৈ দুভাগ হৈ গ’ল। য’ৰপৰা পিছলৈ উভতি চাই হাঁহিব পাৰি, খং কৰিব পাৰি, দুখ কৰিব পাৰি, কিন্তু একোৱেই চুই চাব নোৱাৰি। আলহী কোঠালৈ উঠি যোৱাৰ পৰত তুলিকাই মাথোঁ ক’লে,
‘মই নতুনকৈ জীৱনটো গঢ়িবলৈ চেষ্টা কৰিছোঁ বিদ্যুৎ৷ হৈ যোৱা কথাবোৰ জীৱনৰ এটা অংগ হিচাপে লৈ বৰ্তমানত জীয়াই থাকিব খুজিছোঁ৷ সুখ আৰু ভালপোৱাৰ ঠিকনা বিচাৰিছোঁ৷ তুমিও জীৱনত যাতে সেয়া বিচাৰি পোৱা৷’
বিদ্যুতক বেলকনিতে এৰি তাই বিছনাত পৰিলগৈ।
পিছদিনা দোকমোকালিতে শুই উঠি তুলিকাই চাহ কৰিলে। বিদ্যুতৰ মাক-দেউতাক উঠিছিলেই। অন্যদিনাৰ দৰেই দুয়ো বেলকনিত বহিল। তাত ওলোমা বাদুলি দি ৰোৱা ৰাতিৰ হাঁহাকাৰবোৰ ইতিমধ্যে ৰ’দজাকে ধুই নিছে। গুৱাহাটীৰ ঘৰৰ দৰে বহুদিনৰ মূৰত তুলিকাই নিজে নি দুয়োকে চাহ দিলে। তাৰপিছত আলহী কোঠাত নিজৰ বেগটো সামৰিলে। তেতিয়ালৈ বিদ্যুৎ উঠিছিলহে। চকু-মুখত তেতিয়াও আগনিশাৰ আঁচোৰ। ইতিমধ্যে সাজু হোৱা তুলিকালৈ চাই বিধস্ত মানুহৰ দৰে সি কোনোমতে ক’লে,
‘ওলালা?’
‘অঁ, যাওঁ!’ তুলিকাই ক’লে।
যেন আৰু একোকে ক’বলৈ বা পাতিবলৈ বাকী নাথাকিল। একোকে কৰিবলৈ বাকী নাথাকিল।
বিদ্যুতৰ মাক-দেউতাকৰ ভৰি চুই তুলিকা ওলাই আহিল। তেওঁলোকৰ বিস্ময়ভৰা মুখ দুখন চাবলৈ তাই নৰ’ল!
তুলিকাক এটা নিদাৰুণ খৱৰ দি সেইনিশা লিছা উভতি গৈছিল। যোৱাৰ পৰত বাৰে বাৰে সুধিছিল তাই,
‘তুমি ঠিকে আছাতো, তুলিকা? নহ’লে মই ৰৈ যাব পাৰোঁ আজিৰ নিশাটোৰ বাবে!’
অস্বাভাৱিকভাৱে শান্ত মাত এটাৰে তুলিকাই কৈছিল, ‘নাই নালাগে লিছা, আজি মোৰ অকলশৰে থকাৰহে ইচ্ছা হৈছে। তুমি চিন্তা নকৰিবা!’
লিছা পতিয়ন যোৱা নাছিল। কিন্তু তুলিকাৰ সেই ৰূপ দেখি জোৰ কৰিবলৈকো তাইৰ সত নগ’ল। অগ্যতা তাই পিছদিনা লগ পোৱাৰ কথা দি ঘৰমুৱা হ’ল।
লিছা ওলাই যোৱাৰ পিছত তুলিকা পোনেই গৈ লেপটপৰ সন্মুখত বহিল। ইণ্টাৰনেটত উত্তৰ আয়াৰলেণ্ডৰ ইতিহাস খুঁচৰি তাই জানিবলৈ চেষ্টা কৰিলে, কোন এই বিৰোধী আই আৰ এ? কি বিচাৰিছে সিহঁতে? মাৰ্কৰ পৰা তাই নব্বৈৰ দশকত উত্তৰ আয়াৰলেণ্ডক অশান্ত কৰি যোৱা ট্ৰাবলছৰ কথা শুনিছিল। তেৱেঁই কৈছিল, ট্ৰাবলছৰ সময়ত আইৰিছ ৰিপাব্লিকান আৰ্মী অৰ্থাৎ আই আৰ এ আটাইতকৈ সক্ৰিয় অৰ্ধসামৰিক গোট হৈ পৰিছিল। এই গোটৰ লক্ষ্য আছিল যুক্তৰাজ্যৰ পৰা পৃথক হৈ উত্তৰ আৰু ৰিপাব্লিক দুয়োখন আয়াৰলেণ্ডক একত্ৰিত কৰি এক আইৰিছ গণৰাজ্য গঠন কৰা। সেইবাৰ ডেৰীৰ পৰা ফাৰমানালৈ গাড়ীৰে উভতাৰ বাটত ৰায়ানৰ মুখেৰেও তাই শুনিছিল কেনেকৈ এই গোটে গেৰিলা কৌশল ব্যৱহাৰ কৰি ব্ৰিটিছ সেনাৰ বিৰুদ্ধে অস্ত্ৰ লৈছিল। যুক্তৰাজ্যত সেয়ে ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হৈছিল। পিছলৈ এই আই আৰ এ-ৰ পৰাই মতাদৰ্শগত পাৰ্থক্যৰ বাবে কেইবাটাও পৃথক গোটৰ উত্থান হ’ল। তাৰে এটা গোট অস্থায়ী আই আৰ এই ১৯৯৮ চনত গুড ফ্ৰাইডে চুক্তিত চহী কৰি সশস্ত্ৰ অভিযানৰ অন্ত পেলালে। তাৰ লগে লগে ট্ৰাবলছৰ দিনবোৰ শাম কাটি আহিল আৰু অস্থায়ী আই আৰ এ-ৰ ৰাজনৈতিক শাখা চিন ফেইনলৈ ক্ষমতা আহিল। পিছে এই চুক্তি গ্ৰহণ নকৰা এচাম সদস্যই মূল গোটৰ পৰা বিছিন্ন হৈ বিৰোধী আই আৰ এ গঠন কৰিলে। পূৰ্বৰ লক্ষ্যকে বাহাল ৰাখি এই সৰু গোটবোৰে উত্তৰ আয়াৰলেণ্ডৰ ঠায়ে ঠায়ে এতিয়াও হিংসাত্মক কাৰ্য্যকলাপ চলাই আহিছে। সেইবোৰ পঢ়ি থাকোঁতে তুলিকাৰ চকুত পৰিল, সশস্ত্ৰ আই আৰ এ জড়িত থকা বিভিন্ন হিংসাত্মক ঘটনাত মৃত্যু আৰু আঘাতপ্ৰাপ্ত হোৱা মানুহৰ পৰিসংখ্যা। আৰু চাব নোৱাৰিলে তাই। বিধস্ত মানুহৰ দৰে কোনোমতে গৈ বিছনাত পৰিলগৈ।
টোপনিৰ সলনি তাইৰ মনত হাজাৰটা প্ৰশ্নই দোলা দিলেহি। বাতৰিত দিয়া কথাবোৰ সঁচানে? যদি সেয়াই সঁচা, ৰায়ানো সেইবোৰত জড়িত নেকি? তেনে সি তাইৰ সৈতে অতদিনে অভিনয় কৰি থাকিল নেকি? যাৰ বাবে ইমান আবেগ সামৰি লৈ তাই ৰৈ আছিল, যাৰ বাবে আকৌ এবাৰ কাৰোৱাক আপোন বোলাৰ হেঁপাহ হৈছিল, সেই ৰায়ানেই এনে অচিনাকি হৈ ধৰা দিছে তাইৰ সন্মুখত? কিয় এনে হয়? তাইৰ লগতে কিয় এনে হয়? জীৱনটো সজাই ল’ব খোজোতেই বাৰে বাৰে কিয় অজান ঢৌয়ে সেই বালিঘৰ উটুৱাই লৈ যাব খোজে? চকুপানীৰে গাৰুৰ গিলিপ তিয়াই বহুপৰলৈকে উজাগৰে ৰ’ল তুলিকা।
শেষনিশালৈ চিলমিলকৈ টোপনি অহাৰ পৰতে তাই এটা সপোন দেখিলে। এখন কিচকিচীয়া ক’লা দুপতীয়া দুৱাৰ। ইমানেই ক’লা যে উজ্বল পোহৰ নাথাকিলে ৰাতি-বিয়লি তাত দুৱাৰ আছে নে নাই তাকে ধৰিব নোৱাৰি। ঘপকৈ চালে ভাৱ হয় সেয়া পিছচোতালৰ ঘোপমৰা অন্ধকাৰহে। সেই অন্ধকাৰৰ পৰা তুলিকাৰ কাণত পৰিছে দুপ্দুপ্ জোতাৰ শব্দ। একেটা কদমত ভৰি চলাই সেই দুৱাৰেদি সোমাই আহিছে এজাক সৈন্য। সিহঁতৰ সন্মুখৰ পৰা ক’লা দুৱাৰখন সঁচাই অদৃশ্য হৈ পৰিছে। সকলোৱে সমুখ সমৰত থকাদি জুপি জুপি আগবাঢ়ি আহিছে। হাতে হাতে দীঘল বন্দুক। চৌপাশে হাই-উৰুমি আৰম্ভ হৈছে। আতংকত তুলিকাৰ উশাহ বন্ধ হৈ যাব খুজিছে। কি হ’ব এতিয়া? কি হ’ব? কোনে ৰক্ষা কৰিব সিহঁতক? ইমান অসহায় আৰু অসুৰক্ষিত যেন তাই কেতিয়াও অনুভৱ কৰা নাই! এনেতে তাই দেখা পাইছে হৰেন বৰদেউতা সেই দুৱাৰেৰে দৌৰি ওলাই গৈছে। কিন্তু এয়া কি – এন্ধাৰ ফালিচোন এইবাৰ পিছে পিছে দৌৰদ্ব খুজিছে দেউতাকে। তাইৰ দেউতাক! দেউতাকৰ কোঙা শৰীৰটোৱে কোনোমতে একতীয়াকৈ পাৰ হৈছে সেই দুৱাৰৰ সীমা। তুলিকা পকী বেঁৰখনত আঠা লাগি ৰোৱাদি ৰৈছে। সকলো দেখিছে-শুনিছে। কিন্তু একো কৰিব পৰা নাই। এষাৰ মাতো মাতিব পৰা নাই।
খকামকাকৈ তাই সাৰ পালে। গম পালে, তাইৰ আকৌ ভৰি সিৰামুৰি ধৰিছে। কোনোমতে বহাৰ চেষ্টা কৰি তাইৰ সোঁভৰিখন পোনাবলৈ চেষ্টা কৰিলে। দুস্বপ্নটো পাহৰি আকৌ টোপনি যাবৰ চেষ্টা কৰিলে। কিন্তু কিছুপৰৰ পিছতে গাৰুৰ কাষত থোৱা ফোনটোৰ মিহি সুৰে তাইৰ টোপনিৰ জাল ভাঙি পেলালে।
ৰায়ান! থাপ মাৰি উঠোৱাদি তাই ফোন উঠালে ।
‘হেল্ল’ ৰায়ান, কেনে আছা? ক’ত আছা? মোৰ বহুত চিন্তা হৈ আছে। বাতৰিত শুনা কথাবোৰ কিমান সঁচা, ৰায়ান?’ তাইৰ প্ৰশ্নবোৰ উপৰাউপৰিকৈ ওলাল।
‘তুলিকা!’ ৰায়ানৰ গম্ভীৰ কণ্ঠ। ‘মোক ক্ষমা কৰি দিবানে? ক’ম ক’ম বুলিও তোমাক কিছুমান কথা কোৱা নহ’ল আজিলৈকে।’
ৰায়ানৰ কথাৰ সুৰটোতে যেন তুলিকাৰ মনটো ক’লা পৰি গ’ল।
‘তাৰমানে, তাৰমানে কথাবোৰ সঁচা? তুমি সঁচাকৈয়ে আই আৰ এ-ৰ হৈ কাম কৰা, ৰায়ান?’
এটা মুহূৰ্তৰ নীৰৱতা। ৰায়ানে যেন কথাবোৰ কেনেকৈ ক’ব ভাৱি চালে।
‘কথাবোৰ ইমান পোনপটীয়া নহয়, তুলিকা। সকলো ক’ম তোমাক। মোক অলপ সময় দিয়া। এসপ্তাহ এই ডেৰীতে কটাব লাগিব। মোক ইয়াত নজৰবন্দী কৰি ৰাখিছে। ইয়াৰপৰা ওলায়ে প্ৰথম তোমাকে লগ কৰিম। সকলো কথা বুজাই ক’ম।’
এইবাৰ যেন তাইৰ সহ্যৰ সীমা পাৰ হৈ গ’ল। সকলো দুখ-অস্থিৰতা-হাঁহাকাৰ পাৰ ভাঙি ওলাই আহিব খুজিলে তীব্ৰ খঙৰ ৰূপত।
‘কিয় এনে কৰিলা তুমি? কিয়? তোমাক কিমান বিশ্বাস কৰিছিলোঁ, কিমান আপোন বুলি ভাৱিছিলোঁ, তুমিয়ে…’ তুলিকাৰ কথাত জঁট লাগি উচুপনি হৈ ওলাল।
‘তুলিকা! প্লিজ তুলিকা! মোৰ ওপৰত বিশ্বাস ৰাখা। মই কেতিয়াও কাৰো একো অনিষ্ট কৰা নাই-কাৰো অপকাৰ কৰা নাই। তুমি অন্তত: মোৰ বিষয়ে তেনেকৈ নাভাৱিবা। মোৰ প্ৰতি বিশ্বাস নেহৰুৱাবা। মোৰ কাৰণে যে তুমি বহুত গুৰুত্বপূৰ্ণ! তোমাৰ কাৰণে……’
ৰায়ানৰ কথাৰ মাজতে তুলিকাই অধৈৰ্য্য হৈ কৈ পেলালে,
‘নিজৰ আচল চিনাকি লুকুৱাই থৈয়ে তুমি প্ৰমাণ কৰি দিলা তোমাৰ কাৰণে মোৰ গুৰুত্ব কিমান! জীৱনত মই বহুত দুখ পাইছোঁ, বহুত যন্ত্ৰণা সহিছোঁ। সকলো সহিব পাৰিলেও বিশ্বাসঘাতকতা সহিব নোৱাৰোঁ। তুমি যিয়েই নোহোৱা, যিয়েই নকৰা মোৰ আগত যদি সততাৰে ক’লাহেঁতেন! আৰু একোকে শুনিব নোখোজো মই। একোকে। বহুত শুনিলোঁ এনে কথা। কিন্তু কামতহে মানুহৰ আচল পৰিচয় ওলায়। সেয়া মনত ৰাখিবা ৰায়ান।’
‘কিন্তু তুলিকা….’
ৰায়ানক আৰু একোকে কোৱাৰ সুযোগ নিদি তাই ফোন কাটি দিলে। কিছুপৰ ফোনটোলৈ একেথৰে চাই লৈ আকৌ এবাৰ এসোঁতা কান্দি পেলালে। কিন্তু তাৰ পিছত তাই মিচেলৰ কথা মনত পেলাই নিজকে সুস্থিৰ কৰাৰ চেষ্টা কৰিলে। দীঘলকৈ এটা উশাহ টানিলে। বিছনাৰ পৰা উঠি গৈ চাৱাৰৰ তলত থিয় দিলেগৈ তুলিকাই। চাৱাৰৰ বৰষুণজাকে তাইৰ চকুপানী ধুৱাই নিলে, সমগ্ৰ শৰীৰলৈ এক সতেজতা আনি দিলে। বহুপৰ তেনেদৰেই থাকি এটা সময়ত তাই নিজকে ক’লে, বহুত হ’ল! বহুত চকুপানী টুকিলে, বহুত কষ্ট পালে। ইটোৰ পিছত সিটোকৈ আঘাতে হৃদয় মুচৰি গ’ল। এতিয়া তাই কেৱল সহি নাথাকি নিজকে চোৱাৰ সময়, নিজে কিবা কৰাৰ সময়। জীৱন যুঁজত তাই নিয়তিৰ হাতৰ পুতলা হৈ নৰয়। তাই নিজে এক যুঁজাৰু হ’ব। এয়া তাইৰ জীৱনৰ এটা সন্ধিক্ষণ। এইবাৰ পলোৱাৰ সলনি তাই সাহসেৰে জীৱনৰ মুখামুখি হ’ব।
গা-ধোৱা ঘৰৰ পৰা ওলাই কফি একাপ লৈ তুলিকা বেলকনিত বহিলহি। ফাৰমানাৰ কোমল ৰ’দজাক তাইৰ মুখতে পৰিলহি। তাই কিছুপৰ নীলিম আকাশাৰ শুকুলা ডাৱৰবোৰলৈ চাই ৰ’ল। আকাশতে চকু থৈ তাই মিচেলৰ কথা সুঁৱৰিলে, ‘মাথোঁ এই মুহূৰ্তটো আমাৰ বৰ্তমান। ইয়াৰ অগতে যি হৈ গ’ল, সেয়া অতীত। সেয়া সলোৱাৰ কাৰো সাধ্য নাই। ইয়াৰ পিছত কি হ’ব তাকো জনাৰ কোনো উপায় নাই। কিবা যদি কৰিব পাৰোঁ এই মুহূৰ্ততে সেয়া সম্ভৱ।’ ঠিকেই! যি কৰিব খোজে সেয়া মাথোঁ সম্ভৱ এই মুহূৰ্তটোত। এই এটা মুহূৰ্তই নিৰ্দ্ধাৰণ কৰি দিব পাৰে পিছৰ মুহূৰ্তবোৰ কেনে হ’ব। সেই হজাৰটা মুহূৰ্তৰে গঢ়ি উঠা তাইৰ জীৱনটো কেনে হ’ব!
এনেতে ফোনত আকৌ মিহি সুৰটো বাজি উঠিল। মাক! অঁ, আজি দেওবাৰ কাৰণেই মাকৰ এই প্ৰাত্যহিক ফোন কল কিজানি।
‘মা!’
‘কি হ’ল? মনটো মাৰি আছ যে?’
তুলিকা অলপ আচৰিত হ’ল। এটা শব্দতে মাকে যে কেনেকৈ বুজি পালে! মাকৰ প্ৰশ্নটো এৰাই তাই ওলোটাই সুধিলে,
‘মা, আমাৰ ঘৰৰ ক’লা দুৱাৰখন একেই আছেনে?’
এইবাৰ মাকৰ আচৰিত হোৱাৰ পাল যেন। প্ৰসংগবিহীন সেই অপ্ৰত্যাশিত প্ৰশ্নটোৰ বাবে মাক যেন একেবাৰেই প্ৰস্তুত নাছিল!
‘বাৰাণ্ডাৰ দুৱাৰখন? একেই আছেতো। কিয় সুধিলি?’
‘কালি আকৌ আগৰ সপোনটো দেখিলোঁ জানা। দুৱাৰখন নেদেখা হৈ আহিছে। পিছচোতালৰ অন্ধকাৰবোৰ ঘৰৰ ভিতৰলৈকে সোমাই আহিছে। কিন্তু কালি নতুনকৈ দেখিলোঁ, সেই দুৱাৰেৰে এজাক বন্দুকধাৰী সেনা সোমাই আহিছে। আনকি হৰেন বৰদেউতা আৰু দেউতাকো দেখিলোঁ!’
মাক কিছুপৰ নীৰৱে ৰ’ল। এই দুৱাৰখনক লৈ দেখা সপোনৰ কথা তুলিকাই তেওঁক আগতেও কৈছে। কিন্তু আজি যেন তেওঁ তাৰ আঁৰৰ কাৰণবোৰ অলপ বুজি পালে। তথাপিও নজনাৰ ভাও ধৰিয়ে তেওঁ সুধিলে,
‘তই ঠিকে আছতো তুলিকা? দেউতালৈ মনত পৰিছে কিজানি! ফোন কৰি ভাল-বেয়া খৱৰ ল’বিচোন।’
মাকৰ কথা প্ৰায় আওকাণ কৰাদি কৰি তুলিকাই ক’লে,
‘মা, আমাৰ ঘৰলৈ যে এবাৰ মিলিটেৰী আহিছিল সেই কাহিনীটো কোৱাচোন!’
মাকে অলপ উচপিচ কৰাদি কৰিলে। যেন সেই অধ্যায় পাহৰণিৰ গৰ্ভত হেৰাই গ’লেই তেওঁ স্বস্তি পায়। কিন্তু তেওঁ নক’লে যে তুলিকায়ো নেৰে সেয়া জানিয়ে উপায়ন্তৰ হৈ তেওঁ ক’বলৈ আৰম্ভ কৰিলে,
‘তই একেবাৰে সৰু আছিলি তেতিয়া। দেৰবছৰমান হৈছিলনে নেকি! আমি তেতিয়াও শিৱসাগৰৰ ঘাইঘৰতে। সেইসময়ত তাত সকলোতে আলফাৰ ঘাটি। গাৱে-ভূঞে ডেকা-ল’ৰাছোৱালীবোৰে দলে-বলে আলফাত যোগ দিছে। তাৰ লগে লগে তীব্ৰ হৈ আহিল মিলিটেৰীৰ উৎপীড়ন। মিলিটেৰীৰ গাড়ী দেখিলেই ডেকা-বুঢ়াই পলাই গৈ বাঁহনিত লুকাব লগীয়া অৱস্থা। শিৱসাগৰৰ ঘইঘৰখনো এই ধুমুহাত বাদ পৰি যোৱা নাছিল। তহঁতৰ হৰেন বৰদেউতাই দুবছৰ মানৰ আগতেই আলফাত যোগ দিলে। সেয়া দেউতাৰ আৰু মোৰ বিয়াৰ আগৰে কথা। তাৰপিছত কিমানবাৰ যে আমাৰ ঘাইঘৰলৈ মিলিটেৰী আহিল! মই নকইনা হৈ অহাৰে পৰা কেইবাবাৰো সেই ধুমুহা আৰু আতংক দেখিলোঁ। বৰদেউতাৰক বিচাৰি আহি মিলিটেৰীয়ে পৰিয়ালটোক কৰা নাকনি-কাকনি আমাৰ জীৱনৰ এটা অংশ হৈয়ে পৰিছিল। কিন্তু এদিন সন্ধিয়া সেই ধুমুহাজাকৰ ৰূপ্টো যেন বেলেগ হৈ গ’ল। সেইদিনা আমি ভাত-পানী খা উঠিছোঁহে। মই তোক কোলাত লৈ শুৱাব খুজিছিলোঁ। দেউতাৰে গোহালি সামৰিছিল। এনেতে ঘাইঘৰৰ পদূলিয়েদি সোমাই আহিল মিলিটেৰীৰ গাড়ী এখন। অন্যদিনাৰ দৰেই মোৰ বুকু চিৰিংকৈ উঠিল। সিহঁতে আহিয়ে দাবী কৰিলে, হৰেনে দলে-বলে আহি ক’ত লুকাই আছে উলিয়াই দিব লাগে। আমি বোলোঁ নাই সি। সিহঁত নাচোৰ-বান্দা। বৰদেউতাৰক নাপাই ধৰি-বান্ধি দেউতাৰকে উঠাই নিলে। কিমান কান্দিলোঁ, কাকূতি-মিনতি কৰিলোঁ, একোৰেই সিহঁতৰ পাষাণ হৃদয় গলাব নোৱাৰিলোঁ।’
মাকৰ মাতত জড়তা। সেই নিষ্ঠুৰ নিশাটোৰ স্মৃতি পুনৰ সজীৱ কৰি তোলাৰ বাবে তুলিকাৰ অপৰাধবোধ হ’ল। কিন্তু তেতিয়ালৈ যেন বহু পলম হৈ গৈছে। সোঁৱৰণিৰ সেই পেৰা ইতিমধ্যে খোল খাই গৈছে। মাকে কৈ গ’ল,
‘দেউতাৰ তেতিয়া চফল ডেকা। পঁচিছ-ছাব্বিছ বছৰমান হ’বহে। সেই মানুহটো এসপ্তাহৰ পিছত এক ভিন্ন মানুহ হৈ উভতি আহিল যেন। গোটেই দেহতে আঘাতৰ চিন, খোজবোৰ কোঙা। কিন্তু তাতোকৈ যেন দেউতাৰৰ মনৰ আঘাত বহুত গভীৰ আছিল। সেই এসপ্তাহ ক’ত কেনেকৈ কটালে আজিলৈকে মোক খুলি একো নক’লে। কিন্তু মই জানো, সেইকেইটা দিনতে বহু নেদেখিবলগীয়া দেখিলে, বহু নাপাবলগীয়া যন্ত্ৰণা ভূগিলে। এদিনেই মাথোঁ কৈছিল যে কোনো কাল শতৰুৱেও সেই যাতনা নোভোগক!’
মাকে নিশব্দে চকুলো টুকিলে। একো নক’লেও ফোনৰ সিপাৰে তুলিকাই সেয়া ঠিকেই বুজিলে। তাই আজিও নাজানে, এই ঘটনাৰ আগতে দেউতাকৰ কেনে ৰূপ আছিল। মনত পৰাৰে পৰা মাথোঁ দেখিছে মদ নাখালে ৰাতি দেউতাকৰ টোপনি নাহে। কেতিয়াবা টোপনিতে ভয় লগাকৈ চিৎকাৰ কৰি উঠে। কাৰোৱাক উদেশ্যি তীব্ৰ শাওপাত দিয়ে। আজি প্ৰথমবাৰৰ বাবে তুলিকাৰ ভাৱ হ’লে যেন, ঠিক তেতিয়াৰ পৰাই অসুখী দেউতাকৰ বাবে সুখী সংসাৰ এখনৰ সপোন দেখাৰ ক্ষমতা নোহোৱা হৈ গ’ল। সেই সপোনৰ বাবে চেষ্টা কৰিবলৈও এৰি দিলে দেউতাকে। দিনৰ পিছত দিন সেই ভয়াবহ যন্ত্ৰণাৰ সৈতে যুঁজি যুঁজি জীয়াই থকাতে দেউতাক কিজানি বন্দী হৈ ৰ’ল। নিয়তিৰ যেন এক পৰিহাস। সেই হৰেন বৰদেউতাই আত্মসমৰ্পন কৰি এদিন ছালফা হ’ল। কেইবাখনো চাহবাগানৰ মালিক হ’ল। অসমৰ সেই ইতিহাসৰ সৈতে যেন এই অজান্তি মুলুকৰ ইতিহাসৰো কিছুমান বিন্দু মিলি গ’ল। মিলি গ’ল হাজাৰ-বিজাৰ নিৰপৰাধ জনতাৰ আতংক আৰু যন্ত্ৰণাৰ ধাৰা!
.jpg)
‘কিয় উলিয়াইছ সেই পুৰণি কথাবোৰ?’ নিজকে সুস্থিৰ কৰি মাকে সুধিলে।
‘নাই এনেয়ে।’
‘লণ্ডনলৈ যোৱাৰ কথা ভাৱিছ নেকি?
মাকক তাই এতিয়াও ৰায়ানৰ কথা কোৱা নাই। কিন্তু বিদ্যুতৰ কথাবোৰ তেওঁ গম পাইছে। তাইৰ পৰাও, বিদ্যুতৰ পৰাও।
‘নাজানো মা!’
‘তোৰ জীৱনৰ সিদ্ধান্ত এয়া- গতিয়ে নিজেই ভাৱি-গুণি ল’বি। মই মাত্ৰ এটাই ক’ম, সম্পৰ্ক গঢ়া টান কিন্তু ভঙা খুবেই সহজ। তই কিজানি ভাৱিছিলি, ইমান কষ্ট খাই দেউতাৰৰ লগত অতবছৰেনো কিয় সংসাৰ কৰি আছিলোঁ! মই নিজেই সেই কথাটো বহুদিন ভাৱি চাইছোঁ। দেউতাৰৰ কষ্ট দেখি ময়ো সমানেই দুখী হৈছিলোঁ। ভাৱিছিলোঁ, সেই বোজাৰ ভাৰ যিমান কষ্ট হ’লেও দুয়ো ভগাই ল’ম। সেইকাৰণেই সেই বহুবাৰ সেই মাতাল ৰাতিৰ আঘাতবোৰ গাত পাতি লৈছিলোঁ। ভাৱিছিলোঁ, মোক কষ্ট দি যদি তেওঁৰ যন্ত্ৰণাৰ কোব অলপ হ’লেও কমিছে তেনে সেয়াই হওক। সংসাৰখন চলাই নিবলৈ মই নিজৰ ফালৰ পৰা সকলো দিব বিচাৰিছিলোঁ। কিন্তু ত্ৰিছটা বছৰ তেনেকৈ কটোৱাৰ পিছত মোৰ উপলব্ধি হ’ল, সংসাৰ কেৱল এজনৰ চেষ্টাৰে নচলে। নিজৰ জীৱনৰ সকলো যন্ত্ৰণা-হাঁহাকাৰ দেও দি গৈয়ে দুয়ো চেষ্টা কৰাৰ দৰকাৰ। যেতিয়াই সেই আশাটো হেৰাই গ’ল, দেউতাৰৰ সৈতে সংসাৰ কৰি থকাৰ শেষ বান্ধোনখিনি নোহোৱা হৈ গ’ল। মই জানো, নিজৰ ফালৰ পৰা সম্পুৰ্ণ চেষ্টা কৰিলোঁ, যিমান পাৰি সময় দিলোঁ। দেউতাৰে নিজৰ মাজতে সেই দানৱক লালন কৰি থাকিল। কেতিয়াও মোকো নক’লে, কাৰো সহায়ো নল’লে। মই নিজে যি পাৰোঁ, বুজাৰ চেষ্টা কৰিলোঁ, সেই যন্ত্ৰণা কমোৱাৰ চেষ্টা কৰিলোঁ। কিন্তু দেউতাৰৰ সেই যুঁজৰ বলি হ’বলৈতো নিজকে এৰি দিব নোৱাৰোঁ! সেয়ে মোৰ কোনো অনুশোচনা নাই। দেউতাৰৰ সৈতে ইমানদিন থকাতো- আৰু এতিয়া সেই সংসাৰৰ মায়া এৰি নিজৰ জীৱন নিজে গঢ়াতো।’
মাক এপলক ৰ’ল। তুলিকাই আশ্চৰ্য্যৰে শুনিলে মাকৰ সেই স্বীকাৰোক্তি। শৈশৱৰ বহু কথা, বহু ঘটনাৰ ৰহস্য যেন মুকলি হৈ গ’ল তাইৰ দুচকুৰ সমুখত। মাকে আকৌ ক’লে,
‘তোকো এটাই ক’ব খোজো, যিয়েই সিদ্ধান্ত নলৱ, নিজকে এবাৰ সুধি চাবি সম্পৰ্ক এটা ভঙাৰ আগেয়ে সেই সম্পৰ্কটো জীয়াই ৰখাৰ বাবে সকলোখিনি কৰিছনে! নিজৰ সন্মুখত থিয় দি ক’ব পাৰিবিনে, সেই সম্পৰ্কত আৰু একোৱে বাকী ৰোৱা নাই? যদি সেয়া অন্তৰেৰে বিশ্বাস কৰ, তেন্তে সেয়াই তোৰ উত্তৰ। যিয়ে সিদ্ধান্ত নলৱ মই সদায়ে তোৰ কাষত আছোঁ, তই জানই!’
মাকৰ মাতটো থোকাথোকি হৈ আহিল। তুলিকা মূক হৈ ৰ’ল। কিমানখিনি সাহসেৰে আৰু সততাৰে মাকে এইখিনি কথা ক’লে তাইৰ যেন সিৰাই সিৰাই সেয়া উপলব্ধি কৰিলে।
সিদিনা আবেলি তাই দৌৰিবলৈ ওলাই গ’ল। আৰ্ণ নৈৰ পাৰে পাৰে। ফাৰমানাৰ সতেজ বতাহ, নৈৰ দুয়োপাৰৰ সেউজীয়া, চৰাই-চিৰিকটিৰ কাকলিয়ে তাইৰ মনটো বহুখিনি শান্ত কৰিলে। ভৰিৰ চালনাৰ লগে লগে মন্ত্ৰ জপ কৰাৰ দৰে তাই মনৰ ভিতৰতে কৈ গ’ল, ‘মই সুখী হ’ব বিচাৰোঁ, সকলো হাহাঁকাৰ এৰি এটা শান্তিময় জীৱন বিচাৰোঁ।’ মিচেলে শিকোৱা কিটিপ সেয়া। যিমানেই জপ কৰিলে সিমানেই তাই নিজৰ ভৰি দুখন মাটিত পৰা যেন অনুভৱ কৰিলে। সেই মাটিৰে বহু তললৈকে দুয়োখন ভৰিতে শিপা গজি অহা যেন ভাৱ হ’ল। এই পৃথিৱীয়ে তাইক কেতিয়াও হামথুৰি নপৰাকৈ ধৰি থকা যেন ভাৱ হ’ল। যিমানেই দৌৰিলে সিমানেই এই পৃথিৱীৰ অপাৰ মমতাৰে তাইক শক্তি আৰু সাহস দিয়া যেন অনুভৱ কৰিলে। বতাহৰ হো-হোৱনি তীব্ৰ হ’ল। এজাক পাতলীয়া বৰষুণ নামিল। কিবা এক যাদুকৰী মায়াত বন্দী হৈ তুলিকাই দৌৰিয়ে থাকিল।
সন্ধিয়া লগাৰ পৰত ঘৰ পাই দেখে, দুৱাৰমুখত লিছা আৰু ফিয়না!
‘হাই তুলিকা! দৌৰিবলৈ গৈছিলা নেকি? গোটেইজনীচোন জুৰুলি-জুপুৰি! কেইবাবাৰো ফোন কৰিও তোমাক নাপাই আমি গুচিয়ে আহিলো!’
তুলিকাৰ ৰূপ দেখি সিহঁত দুয়ো কিজানি দুশ্চিন্তাতে পৰিল। ফোনটোও এপাৰ্টমেণ্টতে এৰি গ’ল। কথাটো উপলব্ধি কৰি তুলিকাই হাঁহি পেলালে।
লিছা আৰু ফিয়না আচৰিত হ’ল। কিন্তু দুয়ো একো নক’লে। যেন তুলিকাই যেনেকৈয়ে বিচাৰে তেনেকৈয়ে কোনো প্ৰশ্ন নকৰাকৈ তাইৰ কাষত থিয় দিবলৈ সিহঁত সাজু!
‘আহা, ভিতৰলৈ সোমাই আহা।’
দুয়োকে বহিবলৈ দি তুলিকাই লৰালৰিকৈ গা ধুলেগৈ। কাপোৰ-কানি সলাই মেলি আহি দেখে, দুয়ো মিলি খোৱা টেবুলত প্লেট সজাইছে।
‘তুমি ভালপোৱা আইৰিছ ষ্টিউ আনিছোঁ চোৱা। লগতে চ’ডা ব্ৰেড!’ লিছাই ক’লে।
দুয়োলৈকে মৰম লাগি গ’ল তুলিকাৰ। তিনিও খাবলৈ বহিল। অফিচৰ দুই এটা কথাৰেই সিহঁতে খোৱা সামৰিলে। ৰায়ানৰ কথা উলিয়াবলৈ যেন লিছা আৰু ফিয়না দুয়োৰে সংকোচ হ’ল। সেয়া বুজিয়ে খোৱাৰ শেষত তুলিকাই ক’লে,
‘তোমালোকে মাৰ্কক কথাবোৰ বুজাই ক’ব পাৰিবানে? মই এসপ্তাহৰ ছুটি বিচাৰি ইমেইল এটা কৰি থৈছোঁ।’
‘পাৰিম পাৰিম। সেইবোৰ তুমি চিন্তাই নকৰিবা।’
তুলিকাই হয়ভৰ দি লিভিং ৰুমৰ কাপবৰ্ডৰ পৰা চ্যুটকেছ এটা উলিয়াই আনিলে। তাইৰ পিছে পিছে গৈ লিছা আৰু ফিয়না শোৱকোঠাত বহিলগৈ। তুলিকাই নীৰৱে চ্যুটকেছত কাপোৰ ভৰাবলৈ আৰম্ভ কৰিলে।
লিছাই লাহেকৈ মাত দিলে, ‘কাইলৈ পুৱাই ওলাবা নেকি?’
‘অঁ’
‘ডেৰীলৈ?’ এইবাৰ ফিয়নাই সুধিলে।
‘নহয়, লণ্ডনলৈ!’
তুলিকাৰ দুচকুত ফুটি উঠা দৃঢ়তা আৰু সংকল্প সিহঁত দুয়ো ঠিকেই দেখিলে। সিহঁতৰ আশ্চৰ্য্যচকিত মুখ দুখখন তুলিকাই দেখিও নেদেখাৰ ভাও ধৰিলে।
পূৰ্বৰ খণ্ডসমূহ:
অফিচলৈ সোমায়ে তুলিকাৰ চকুত পৰিল, আজি গোটেইবোৰ ন বজাতে আহি অফিচ পাইছেহি। গোটেইবোৰ মানে সিহঁতৰ উপৰিও সাধাৰণতে ফিল্ডতে বেছি সময় কটোৱা ডেৰেন, টম আৰু পিটাৰো আছেহি। তাই দুৱাৰ খুলি সোমোৱাৰ লগে লগে টমে উত্তেজিতভাৱে চিঞৰি উঠিল,
‘খৱৰটো পালানে তুলিকা?’ তাইৰ মুখৰ অভিব্যক্তি দেখি তেওঁৰ লগতে সকলোৱে বুজিলে, নাই, তুলিকাই একো গমকে নাপায়। টম বা অফিচৰ কোনোৱে হয়তো কল্পনাই কৰিব নোৱাৰিলে, কি এক মানসিক অৱস্থা লৈ তাই আজি অফিচত ভৰি দিছেহি। কালি নিশাটোৰ ভিতৰতে তাই নিবিচৰাকৈয়ে যে অতীতে পুনৰ ধৰা দিছেহি এই বৰ্তমানত! সেই সকলো অস্থিৰতা লুকুৱাবলৈ চেষ্টা কৰি তুলিকাই সুধিলে,
‘কি খৱৰ কওকচোন?’
টমে একেই উদ্যমেৰে কৈ উঠিল, ‘মাৰ্কৰ চাকৰি ইয়াতে খাটাং হ’ল! আজি পুৱাই খৱৰ আহিছে। সেয়ে আমি সকলো ঢপলিয়াই আহি অফিচ পাইছোঁহি!’
সেয়া শুনিয়ে তুলিকাৰ মনৰ সকলো অৱসাদ-যন্ত্ৰণা আঁতৰি যোৱা যেন ভাৱ হ’ল! সাংঘাতিক এক স্বস্তি আৰু সন্তুষ্টিয়ে ভৰ কৰিলেহি তাইৰ হৃদয়ত।
‘কি সঁচাই? ইমান ভাল খৱৰ!!’
আজি প্ৰথমবাৰৰ বাবে তাই মাৰ্কক কৰমৰ্দন নকৰি পোনেই সাৱটি ধৰিলেগৈ, ‘অভিনন্দন মাৰ্ক। মোৰ যে কিমান ভাল লাগিছে বুজাই ক’ব নোৱাৰোঁ।’
মাৰ্কে তেওঁৰ স্বভাৱসুলভ মিঠা হাঁহিটোৰে তাইকো আকোঁৱালি ল’লে। তাৰপিছত ক’লে,
‘বৰ সকাহ পাইছোঁ, বুজিছা! নিজকে ভাগ্যৱান যেন লাগিছে- মনে-প্ৰাণে ভালপোৱা ঠাই এখনত ভাল লগা কামবোৰ কৰি থাকিব পাৰিছোঁ। তাকো সেয়া কৰাৰ সুযোগ পাইছোঁ ভালপোৱা মানুহ এখিনিৰ লগত একেলগে। আৰু কি লাগিছে কোৱাচোন!’
‘ভাল পোৱা বা নোপোৱা আমি তোমাক নেৰিছোঁ দেই, মাৰ্ক। আমাৰ দলৰ গুৰি বঠা তোমাৰ দৰে অন্য কোনেও ধৰিব নোৱাৰে! এতিয়া গোটেই জীৱন আমাক সকলোকে সহ্য কৰি থাকিবলৈ সাজু হোৱা।’ ফিয়নাই নাটকীয় ভংগীৰে কোৱা কথাষাৰত সকলোৱে হাঁহি পেলালে।
কিন্তু ভিতৰি যেন সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে। এই খৱৰটো যেন কেৱল মাৰ্কৰ বাবেই নহয় গোটেই দলটোৰ বাবেই দিকনিৰ্দেশক যেন হৈ পৰিছিল! নেচাৰৰ পুনৰ্সংগঠনৰ ধুমুহাজাক যেন আজিহে থামিল- সকলোৰে তেনে ভাৱ হ’ল। দলটোৰ দৰেই তুলিকাৰ বাবেও মাৰ্ক কেৱল সিহঁতৰ দলপতিয়ে নহয়, সঁচা অৰ্থত তেওঁ পথনিৰ্দেশক। এই অজান্তি মুলুকত প্ৰথম ভৰি থোৱাৰ দিনাৰে পৰা কৰ্মক্ষেত্ৰৰ প্ৰতিটো খোজতে তেওঁ তুলিকাক হাতত ধৰি শিকাইছে, ইয়াৰ প্ৰকৃতি আৰু মানুহৰ বিষয়ে মাৰ্কৰ পৰাই তাই বহু নতুন কথা জানিছে। জটিল পৰিস্থিতিতো কেনেকৈ এই দল আৰু দলীয় আদৰ্শৰ ধাৰা আগবঢ়াই নিব পাৰি, অগাধ জ্ঞান আৰু অভিজ্ঞতা লৈও কেনেকৈ মাটিৰ মানুহ হৈ থাকিব পাৰি তাৰ যেন আজীৱন দৃষ্টান্ত এই মাৰ্ক! বিছবছৰৰ আগৰ ট্ৰাবলছৰ ভয়াবহ দিনবোৰত যেনেকৈ স্থিতপ্ৰজ্ঞ হৈ ফাৰমানাৰ প্ৰকৃতিৰ বাবে কাম কৰি গৈছিল, তেনেদৰেই নেচাৰৰ পুনৰ্সংগঠন, সুখৰ সংসাৰৰ বাস্তৱ পৰিণতি সকলো দেও দি আজিও তেওঁ একেদৰেই জীৱনৰ মুখামুখি হৈছে।
সিদিনা সন্ধিয়া এই সুখৱৰটো উদযাপন কৰিবলৈ নেচাৰৰ সকলো ডেভেনিছ পাবত লগ হ’ল। তাৰে এচুকৰ ডাঙৰ টেবুলখনত বহি লৈ ডেৰেনে ক’লে,
‘প্ৰথমে ময়ে পিটচাৰ এটা আনোঁ- গিনিছেৰেই আৰম্ভ কৰোঁ, নহয় জানো?’
গোটেইবোৰে হয়ভৰ দিলে। এনে ডাঙৰ গোটত পাবলৈ আহিলে ইয়াত সাধাৰণতে সেয়াই নিয়ম। এজন এজনকৈ পাল পাতি বীয়েৰৰ পিটচাৰ অৰ্থাৎ জগ একোটা কিনে।
হাতে হাতে গিনিছ বীয়েৰৰ গিলাচ লৈ সকলোৱে মাৰ্কক এটা ট’ষ্ট দিবলৈ অৰ্থাৎ দুআষাৰ ক’বলৈ অনুৰোধ কৰিলে। গিলাচটো কিছু ওপৰলৈ ধৰি লৈ মাৰ্কে ক’লে,
‘তোমালোকে জানাই, দুটা দশকৰ আগতে মই ফাৰমানাত প্ৰথম ভৰি থৈছিলোঁ। তেতিয়া ট্ৰাবলছৰ ভয়াবহতাৰ মাজতে ইয়াত এটা নতুন জীৱন আৰম্ভ কৰিছিলোঁ। তেতিয়াই ফাৰমানাৰ সেউজীয়াৰ মায়াত বন্দী হৈ পৰিছিলোঁ। জীৱনটো থানথিত লাগিল বুলি ধৰি লোৱাৰ পিছত এই বছৰটোৱে কি যে এজাক ধুমুহা লৈ আহিল। নেচাৰ একে হৈ নাথাকিল, মোৰ পৰিয়ালো একে হৈ নাথাকিল। কিন্তু আজি ভাৱ হৈছে, আমি মানুহবোৰতো একে আছোঁ- আমাৰ মাজৰ আন্তৰিক টান আৰু হেঁপাহবোৰতো একেই আছে, হাজাৰ সংঘাত দেও দি এই ফাৰমানাওতো একেই আছে, নহয় জানো? আজি আকৌ এবাৰ সেয়ে কৃতজ্ঞ অনুভৱ কৰিছোঁ আৰু তাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ জনাব খুজিছোঁ। তোমালোকৰ সহায়-সহযোগিতা আৰু একতাৰ জোৰতে মই আজি ইয়াত আছোঁ, আমাৰ দলটো আছে। আমিবোৰ যেন সদায়ে একেদৰেই থাকোঁ!……চিয়েৰ্ছ!’
সকলোৱে একেলগে গিলাচ ওপৰলৈ দাঙি কৈ উঠিল, ‘চিয়েৰ্ছ!’
আজি প্ৰথমবাৰৰ বাবে মাৰ্কে সমজুৱাকৈ নিজৰ পৰিয়ালৰ কথা ক’লে। সকলোৱে গম পালেও লিছাৰ বাহিৰে মাৰ্কৰ সৈতে অন্য কোনেও সেই সম্পৰ্কে পতা নাই। লিছাৰ পৰাই তুলিকাই গম পাইছে, আন্যাই সেই একেটা বাটতে চুবুৰীয়াৰ ঘৰত নতুনকৈ সংসাৰ পাতিছে, মিনলাৰ জীৱন দুলিব ধৰিছে আন্যা আৰু মাৰ্কৰ ক’পেৰেণ্টিঙৰ দোলকত। প্ৰথমে জটিল যেন লাগিলেও লাহে লাহে পৰিয়ালটোৰ এই নতুন ৰূপতে তিনিও যেন অভ্যস্ত হৈ আহিব ধৰিছে। আনকি মাৰ্কে হেনো লিছাক মাজে মাজে ক’বলৈ লৈছে, এতিয়া মিনলাৰ সৈতে নিজাকৈ সময় কটাবলৈ পাই, একেলগে খেলি আৰু ফুৰি তেওঁৰো ভাল লগা হৈ আহিছে। কোনে জানে, আন্যাৰ সৈতে একেলগে থকা হ’লে সেই সময়বোৰে কেনে ৰূপ ল’লেহেঁতেন। তুলিকাৰ ভাৱ হ’ল যেন, মাৰ্কে বাস্তৱক অন্ত:কৰণেৰে মানি লোৱাৰ অহৰহ চেষ্টা কৰিছে। এই এটা বছৰত ব্ৰেক্সিটৰ অনিশ্চয়তাই ফাৰমানা কঁপাই তুলিছে, ট্ৰাবলছৰ ভয়াবহ দিনবোৰ সোঁৱৰাই দিছে। তাতে ভূতৰ ওপৰত দানহ পৰাদি নেচাৰৰ পুনৰ্সংগঠন আৰু মাৰ্কৰ ডিভৰ্চে হয়তো কত যন্ত্ৰণা আৰু অস্থিৰতাৰে মাৰ্কৰ জীৱনটো আৱৰি পেলালে। তথাপি- তথাপি তেওঁ থিয় দি ৰৈছে সেই সকলোবোৰ আকোঁৱালি লৈ। কি এক জীৱনবোধে মানুহক এনে বাস্তৱমুখী আৰু আশাবাদী কৰি ৰাখিব পাৰে সেয়া তুলিকাই নাজানে!
‘কি বীয়েৰ খাবা, তুলিকা? এইবাৰ মোৰ পাল!’ টমে টেবুলৰ সিমূৰৰ পৰা ডিঙি বেঁকা কৰি সোধাত তুলিকাৰ সম্বিত আহিল।
‘তোমালোকৰ দৰে ইমান জোৰত আমি শেষ কৰিব নোৱাৰোঁ দেই!’ তুলিকাই কিবা কোৱাৰ আগতেই ফিয়নাই মাত দিলে। কৈ তাই নিজৰ গিলাচত এতিয়াও বাকী ৰোৱা গিনিছখিনিও দেখুৱালে।
তুলিকাই নিজৰ গিলাচটো চাই ফিয়নাৰ কথাতে হয়ভৰ দিলে। টম উঠি গ’ল। পিটচাৰ এটা ভৰাই নতুনকৈ বীয়েৰ আনিলে। কিন্তু লগতে এজগ পানী আৰু দুটা আধা পাইণ্টৰ সৰু গিলাচ আনি সিহঁত দুজনীৰ সন্মুখত থ’লেহি। তাৰপিছত ক’লে,
‘তোমালোক দুজনীয়ে হাফ পাইণ্টৰ গিলাচেৰে কাম চলোৱা তেনে! লগতে এয়া পানী আনিছোঁ, লোৱা। আজি দৰকাৰ হ’ব!’
টমৰ আগজাননী শুনি সকলোৱে হাঁহিলে। তাৰমানে আজি আড্ডা সোনকালে সামৰাৰ লক্ষণ নাই। কিমান দিনৰ মূৰতযে দলটোৱে মুকলি মনেৰে একেলগে পাবত বহিছেহি। গতিকে বহুদিনৰ মূৰত আড্ডাও জমি উঠিছে।
তাৰ মাজতে লিছাই একাষৰীয়াকৈ তুলিকাক সুধিলে,
‘ৰায়ানৰ কি খৱৰ, তুলিকা?’
‘ভালেই। সি ৰিপৰ্টিঙৰ কামত এইকেইদিন খুউব ঘুৰা-ঘুৰি কৰিব লগা হৈছে।’
প্ৰায় লগে লগেই লিছাই সুধিলে, ‘ফাৰমানাৰ বোমা বিস্ফোৰণৰ ঘটনাটোৰ কাৰণে নেকি?’
তুলিকা আচৰিত হ’ল। তাই একো গমেই পোৱা নাছিল। কি, ক’ত, কেতিয়া হৈছে সেইবোৰ? লিছাইহে সবিশেষ ক’লে,
যোৱা সপ্তাহটোতে ফাৰমানা আৰু ওচৰে-পাজৰে কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা ঘটিছে। যোৱা কেইবাসপ্তাহত পুলিচে অ’ত ত’ত বোমা উদ্ধাৰ কৰিয়ে আছে- সিদিনা ডেৰীতো এটা পালে। কোনোবাই সাক্ষাৎ পুলিচ অফিচাৰ গৰাকীৰ গাড়ীতে থৈ গৈছিল। অ’মাৰ বিস্ফোৰণত পুলিচ এগৰাকী আহতও হৈছে। গোটেইবোৰৰ ধৰণ আৰু ঠাই চাই পুলিচে সন্দেহ কৰিছে এয়া আই আৰ এ-ৰ কাম।
‘মানে বিৰোধী ৰিপাব্লিকান আৰ্মি?’ তুলিকাই সুধিলে।
‘অঁ, ঠিকেই কৈছা। ১৯৯৮ চনৰ গুড ফ্ৰাইডে’ৰ দিনা হোৱা শান্তি চুক্তিয়ে ট্ৰাবলছৰ ভয়াবহ দিনবোৰৰ অন্ত পেলাইছিল, কিন্তু সেই চুক্তিত সন্মত নোহোৱা এদল বিৰোধী ৰিপাব্লিকান অসন্তুষ্ট হৈয়ে ৰৈ গৈছিল। লাহে লাহে সেই সকলেই পুনৰ গোট বান্ধিলে। অস্ত্ৰ-শস্ত্ৰ আৰু মূলধন গোটালে। লক্ষ্য এটাই ব্ৰিটেইনৰ পৰা পৃথক আৰু দুয়োখন আয়াৰলেণ্ড মিলাই এক স্বাধীন আয়াৰলেণ্ড গঠন। এতিয়া ব্ৰেক্সিটৰ অনিশ্চয়তাই যেন সেই গোটবোৰক আগতকৈও অস্থিৰ কৰি পেলাইছে। অ’ত ত’ত হিংসাত্মক ঘটনাবোৰেও পুনৰ মূৰ দাঙি উঠিবলৈ লৈছে।’
‘আই আৰ এ-ৰ কথা কৈছা? মই ভাৱোঁ, এই গোটবোৰ অ’ত ত’ত সিচঁৰতি হৈ নিজৰ মতে কাম কৰি আছে- সেই লক্ষ্যতকৈও গোটবোৰৰ আচল লক্ষ্য হৈছে, মানুহৰ মাজত আতংক বিয়পোৱা!’ কাষতে বহি থকা ফিয়নাই মাত দিলে।
 |
| উৎস: ৱিকিকমন্স |
সেই আলোচনাবোৰে তুলিকাৰ বাবে যেন এটা অশনি সংকেত এৰি গ’ল। ৰায়ানৰ কথা ভাৱি তাইৰ বেছিকৈ চিন্তা লাগিবলৈ ধৰিলে। কি পৰিৱেশতযে তাই ৰায়ানক বিদায় জনাব লগা হ’ল সিদিনা। তাৰপিছত এবাৰো কথা পতাও হোৱা নাই। সিদিনা পাবৰ পৰা ওলায়ে তাই তালৈ মেচেজ পঠালে,
‘ঠিকে আছানে ৰায়ান? ইয়াত বাতৰি কিছুমান শুনি আছোঁ বাবে চিন্তা হৈ আছে। খৱৰ দিবাচোন!’
সিদিনা ৰায়ানৰ কোনো উত্তৰ নাহিল। তাৰ সলনি আহিল বিদ্যুতৰ কেইবাটাও মেচেজ। মাক-দেউতাকৰ কথাটো মনত পেলাই দিলে সি। তাই গ’লে কি কি কৰাৰ পৰিকল্পনা সেয়াও জনালে। আৰু শেষত লিখি পঠালে,
‘তুমি আহিবা তুলিকা, প্লিজ আহিবা!’
পিছদিনা সন্ধিয়া তুলিকা থেৰাপিষ্ট মিচেলৰ ওচৰ পালেগৈ। যোৱা দুটা সপ্তাহতে ইমানবোৰ ঘটনা ঘটি গৈছে যে সেই সকলোবোৰ ভাৱি চাই কৰ্তব্য স্থিৰ কৰিবলৈকে তাইৰ কষ্ট হৈছে। মিচেলে ক’লে,
‘সকলো সমস্যাৰ সমাধানসূত্ৰ প্ৰত্যেক মানুহৰ নিজৰ মাজতে থাকে, তুলিকা। প্ৰত্যেক মানুহৰ হৃদয়ৰ নিভৃত কোণত সেই সাহস আৰু অন্তৰ্শক্তি লুকাই থাকে। মাথোঁ সেয়া সময়ত বিচাৰি পাবলৈ টান। নিজৰ হৃদয়ৰ আহ্বান শুনিবলৈ টান। তোমাৰ জীৱন আৰু সুখ-দুখৰ চাবি-কাঠিও কেৱল তোমাৰ লগতে আছে। সেয়া মই ঠিক কৰি দিব নোৱাৰোঁ। সেয়া মোৰ কামো নহয়। মোৰ কাম হৈছে, তোমাক তাৰবাবে দৰকাৰী সঁজুলিখিনি দেখুৱাই দিয়া।’
তুলিকাই কিছু আবেগেৰে ক’লে,
‘মিচেল, অতীতত লেটি লৈ থকাৰ পৰা ওলাই বৰ্তমানটোত জীবলৈ তুমিয়ে মোক শিকাইছিলা। এই দেওনাখন পাৰ হোৱাৰ বাবেও তোমাৰ সহায়ৰ বহুত প্ৰয়োজন। নাজানো কিয়, কেৰিয়াৰৰ বাবে আমি ইমানবোৰ শিক্ষা আৰু অভিজ্ঞতা লওঁ, কিন্তু জীৱনটো পৰিপূৰ্ণভাৱে জীয়াই থাকিবলৈ যি শিক্ষা আৰু প্ৰক্ৰিয়াৰ দৰকাৰ- তাকে কেতিয়াও শিকা নহয়! কোৱা মোক- কি সঁজুলি আছে! কি মোক সহায় কৰিব মই নিজেনো কি বিচাৰোঁ জানিবলৈ!’
‘তুমি ইতিমধ্যে সেয়াও শিকিছা তুলিকা। নিজৰ যত্ন লোৱা। নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱা- মন আৰু শৰীৰে কিনো বিচাৰে কাণপাতি শুনি চোৱা। আমাৰ শৰীৰতেইতো মনে বাস কৰে। গতিকে নিজৰ মনটোক চুই চোৱাৰ আটাইতকৈ সহজ উপায় হৈছে শৰীৰৰ যত্ন লোৱা। ভালকৈ খোৱা আৰু শুৱা। আগৰদৰেই দৌৰিবলৈ ওলাই যোৱা। চেষ্টা কৰা যাতে জীৱনৰ এটা অংশত আৰম্ভ হোৱা ধুমুহাজাক সকলো প্ৰান্তলৈ ঠেলি নিদিয়া, বৰ্তমানটো তচ-নচ হ’বলৈ নিদিয়া। শান্ত আৰু স্বাস্থ্যকৰ শৰীৰটোৱে মনটোক শক্তি দিব। মনটোকো শান্ত কৰিব আৰু তেতিয়াই কুঁৱলী ফালি সূৰ্য ওলোৱাৰ দৰে তোমাৰ উত্তৰো ওলাব।’
মিচেলে সেয়া কৈয়ে ক্ষান্ত নাথাকিল, তুলিকাক ঘৰত অভ্যাস কৰিবলৈ বুলি কেইবাটাও কৌশল শিকালে। কেইবাবাৰো দীঘল উশাহৰ লগে লগে শৰীৰৰ প্ৰতিটো অংশলৈ মনোযোগ দিয়াৰ অভ্যাস কৰি লাহে লাহে তাই যেন শান্ত হৈ আহিল। ভাৱ হ’ল, তাই পাৰিব। নিজৰ সিদ্ধান্ততে অটল হৈ ৰ’ৱ পাৰিব।
শান্ত আৰু পৰিতৃপ্ত মন এটা লৈ তাই উভতিল। কিন্তু এপাৰ্টমেণ্ট পাই দেখে, লিছা দুৱাৰমুখতে ৰৈ আছে। তাইড় মুখখন শুকান, দুচকুত হাজাৰ উৎকণ্ঠা!
‘হাই লিছা! হুৱাটছ্ দ্য ক্ৰেইক? ঘপকৈ ওলালাহি যে।’ তুলিকাই লৰালৰিকৈ আগবাঢ়ি আহি ক’লে।
লিছাই চেপা উৎকণ্ঠাৰে ক’লে, ‘কথা এটা আছে। তোমাক ফোনত কোৱাতকৈ মুখামুখিকৈ পাতিম বুলিয়ে গুচি আহিলোঁ। ভিতৰলৈ যাওঁ?’
অজান আশংকাত তুলিকাৰ বুকুখন চিৰিংকৈ গ’ল। মিচেলৰ পৰা কঢ়িয়াই অনা নিৰিবিলি শান্তিৰ ছায়া যেন মুহূৰ্ততে ভাপ হৈ উৰি গ’ল!
তাই কোনোমতে দুৱাৰ খুলি বহা কোঠা পালেহি। পিছে পিছে লিছা। তাইৰ মুখামুখিকৈ বহি সোঁহাতখন খামুচি ধৰি লিছাই ক’লে,
‘তুলিকা, কালি যে পাতিছিলো বোমা বিস্ফোৰণৰ কথা, মনত আছে?’
‘আছে! সকলো ঠিকে আছেতো? কাৰোৱাৰ কিবা হ’ল নেকি?’ তুলিকাৰ অজানিতে মাতটো কঁপিল।
‘দুদিন আগতে অ’মাত হোৱা বিস্ফোৰণটোৰ লগত জড়িত বুলি দুজনক পুলিচে এৰেষ্ট কৰিছে। আজিৰ ‘ফাৰমানা ট্যুডে’ত এয়া কি প্ৰকাশ পাইছে চোৱা।’
লিছাই কাকতৰ প্ৰথম পৃষ্ঠাটো মেলি ধৰিলে। বৰ বৰ হৰফেৰে লিখা আছে, অ’মাৰ বোমা বিস্ফোৰণত আই আৰ এ জড়িত’। তাৰ পৰা তাইৰ চকু গ’ল লিছাই আঙুলীয়াই দিয়া বিতং বাতৰিটোলৈ। ‘এই বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত পুলিচে ৰায়ান অ’কন’ৰ আৰু বেৰী ৰ’বছন নামৰ দুগৰাকী ব্যক্তিক আটক কৰিছে।’
‘এই ৰায়ান আমাৰ ৰায়ান নহয়নে? সেই কাৰণেই চাগৈ ফাৰমানা হেৰ’ল্ডে এই বাতৰি ছপোৱা নাই!’
সেই বাতৰি আৰু লিছাৰ কথাত তুলিকা যেন চকিত হৈ পৰিল! কি কয় লিছাই? এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে? কেনেকৈ? তাইৰ ৰায়ান সাংবাদিক! সেই ৰায়ান কেনেকৈ সন্ত্ৰাসবাদী হ’ব পাৰে? নে বিপ্লৱী? তাই নাজানে এই আই আৰ এ কি! নাজানে কোন এই ৰায়ান!
এইবাৰ তাই লিছাৰ পৰা কাকতখন আজুৰি অনাদি লৈ বাতৰিটো প্ৰথমৰ পৰা পঢ়ি চালে। দেখিলে তাত আগৰ বিস্ফোৰণৰ কথাও উল্লেখ কৰিছে। তাই খপজপকৈ তাৰিখবোৰ মিলাই চালে। কি কৈছিল ৰায়ানে? কি কৈছিল? অঁ ঠিকেই, প্ৰথমে অ’মা, তাৰপিছত ডেৰীত ৰিপৰ্টিঙৰ কাম। সেইবাবেই এসপ্তাহৰ যাত্ৰা। এয়া কি? তাৰিখবোৰ কেনেকৈ মিলি গৈছে তাৰ সৈতে? তেনে কি ফাৰমানাৰ বিস্ফোৰণতো? তাইৰ চাৰিওফালে যেন এই পৃথিৱীৰ সকলো ঘূৰিবলৈ লাগিল। যেন একোৱে নেদেখা হৈ আহিল তুলিকাই। সকলো ধুৱঁলী কুঁৱলী- সকলো। তাৰ মাজত মাথোঁ জিলিকি থাকিল এষাৰি কথা- টকে’ গাৰ লা! ৰায়ানৰ ডিঙিৰ সেই গেলিক ভাষাৰ শ্ল’গান- ‘এদিন আমাৰো দিন আহিব! টকে’ গাৰ লা!’
পূৰ্বৰ খণ্ডসমূহ:
কেতিয়াবা ভাৱ হয় যেন জীৱনৰ দৃশ্যপটত মানুহ ৰছী টনা পুতলাৰ দৰে। জীৱনৰ কোনটো কেঁকুৰিত কি ৰৈ আছে জনাৰ সাধ্য নাই, বিধিৰ বিধান সলোৱাৰ কোনো উপায় নাই। মানুহে যি কাৰণতে নহওক, যিফালেই বাট বুলিবলৈ মন নকৰক, জীৱনে অবাধ্য নদীৰ দৰে নিজৰ বাট নিজে কাটি লয়। ফাৰমানাৰ সেমেকা সন্ধিয়া এটাত বিদ্যুতৰ মুখামুখিকৈ চকীখনত বহি ৰোৱা তুলিকাৰ মনত তেনে এটা অনুভৱেই দোলা দি গ’ল। তেতিয়ালৈ ৰায়ান ঘৰৰ সন্মুখৰ পদপথৰ পৰাই নিজৰ ঘৰলৈ উভতি গৈছে। সেই কিংকৰ্তব্যবিমূঢ় মুহূৰ্তটোত তুলিকায়ে কৈ পেলাইছিল,
‘তুমি যোৱা ৰায়ান। পিছত সকলো বুজাই ক’ম!’
তাইৰ চকুৰ আকূতি দেখি ৰায়ানে নিজৰ সকলো আশ্চৰ্য্য আৰু প্ৰশ্ন সামৰি নিমাতে গুচি গৈছিল। আৰু বিদ্যুৎ! ৰায়ান যোৱাৰ দিশলৈ তুলিকাই চাই ৰওঁতেই বিদ্যুতে গাড়ীখন ৰখাই আহি তাইৰ সন্মুখত থিয় দিছিলহি। শ্লাইগ’ পথৰ সেই পদপথতে দুয়ো যেন প্ৰস্তৰ মূৰ্ত্তি হৈ গৈছিল! তাৰপৰা গৈ তুলিকাৰ এপাৰ্টমেণ্ট ওলোৱাৰ পৰলৈকে দুয়োৰে মাজত কোনো শব্দ বিনিময় নহ’ল। আনকি যেন চকুৱে চকুৱে চোৱাৰো মানসিক শক্তি নাথাকিল দুয়োৰে। ঘৰ সোমায়ে ঘট্ ঘট্কৈ এগিলাচ পানী খাই লৈ তুলিকাই নিজকে শান্ত কৰিবলৈ চেষ্টা কৰিলে। প্ৰথমে বিদ্যুতেই মুখ খুলিলে,
‘কেনে আছা, তুলিকা?’
তুলিকা নীৰৱে ৰ’ল। কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে তাই। বিদ্যুতে পুনৰ ক’লে,
‘বাৰম্বাৰ চেষ্টা কৰিও তোমাক ফোনত নাপাই গুচি আহিলোঁ। আহি পাই দেখোঁ নেচাৰৰ অফিচ ইতিমধ্যেই বন্ধ হৈ গৈছে। সকলো ঘৰাঘৰি গৈছে। জেনিটৰ পলেহে ক’লে, তুমি শ্লাইগ’ পথৰে কোনোবা এখিনিত থাকা বুলি। সেয়ে কেনেবাকৈ তোমাক দেখা পাই যাম বুলিয়ে এই বাটতে তহল দি আছিলোঁ। বহুপৰ অহা-যোৱা কৰি কৰি অধৈৰ্য হৈয়ে এক্সিলেটৰত ভৰি ডবাই পাইছিলোঁ নেকি! কি জানো……’
‘কিয় আহিলা তুমি??’ বিদ্যুতৰ কথাৰ মাজতে ঘপকৈ বহাৰ পৰা উঠি তুলিকাই কৈ পেলালে!
তাই যেন বিদ্যুতৰ একো কথাই শুনিব খোজা নাই। শুনিবলৈ তাইৰ ধৈৰ্য নাই। তাৰ ৰুক্ষ দাঢ়ি-মুখৰ ভাষা পঢ়িব খোজা নাই। চাব খোজা নাই চৌখিন বিদ্যুতৰ অবিন্যস্ত কাপোৰ-কানি, দুচকুৰ তলৰ গভীৰ ক’লা দাগ! মাথোঁ জানিব খুজিছে, কি বিচাৰিছে সি? কি আশা কৰি সি এনেকৈ তুলিকাৰ জীৱনত অনাধিকাৰ প্ৰৱেশ কৰিছেহি?
বিদ্যুৎ যেন কিছু স্তম্ভিত হ’ল। এপলক ৰৈ আহত কণ্ঠ এটাৰে ক’লে,
‘তোমাকে বিচাৰি আহিছোঁ, তুলিকা। তোমাক। এবাৰতো মোৰ কথাখিনি শুনি লোৱা। কেনে আছোঁ এবাৰ সোধা!’
বিদ্যুতৰ কথাত সেই মুহূৰ্ততো তুলিকাৰ হাঁহি উঠি গ’ল! সি কেনে আছে সুধিব? তাৰবাবে বহুত পলম হৈ যোৱা নাইনে? সেই কাল নিশাটোৰ পিছত সিহঁতৰ বাবে সেই প্ৰশ্নটোৰ কিবা অৰ্থ থাকিলনে?
তুলিকাই একো নোকোৱাকৈয়ে বিদ্যুতে যেন তাইৰ মুখৰ অভিব্যক্তি পঢ়ি পেলালে! আবেগ সনা মাতেৰে সি কৈ গ’ল,
‘তুলিকা, মই জানো, মই বহুত ভুল কৰি পেলাইছোঁ। তোমাৰ বিশ্বাস হেৰুৱাই পেলাইছোঁ। মই কৰা ভুলবোৰৰ হৈ একো অজুহাত দিব নোখোজোঁ। কিন্তু তুমি গোটেইবোৰ কথা জনাটো বিচাৰোঁ। এই গোটেই বছৰটোৰ এটা এটা দিন মই বহুত কষ্টত কটাইছোঁ। প্ৰতিদিনেই তোমাৰ কথা ভাৱিছোঁ, প্ৰতি নিশা পাৰ কৰিছোঁ অনুশোচনাত লেটি লৈ। আৰু এই সময়খিনিতে প্ৰথমবাৰৰ কাৰণে মই যেন নিজকে বুজিবলৈ আৰম্ভ কৰিছোঁ, উপলব্ধি কৰিছোঁ ক’ৰ পৰা কেনেকৈ এইখিনি পালোঁহি। সেয়ে আজি গুচি আহিলোঁ। কাৰণ মই জানোঁ, তোমাক যদি মোৰ মনৰ কথাখিনি নকওঁ, এবাৰ যদি তাৰ চেষ্টাও নকৰোঁ- তেন্তে জীৱনলৈ সেই আত্মগ্লানিয়ে মোক জ্বলাই মাৰিব।’
তুলিকা এইবাৰ ধুপুচকৈ বহি পৰিল। একোৱেই ক’ব নোৱাৰিলে তাই। মাত্ৰ দুয়ো হাতেৰে মুখ ঢাকি নিশব্দে এবাৰ উচুপিলে। বিদ্যুতে কেতিয়াও আগতে এনেদৰে কথা কোৱা নাই। তুলিকাই বহু বিচৰা স্বত্বেও তাৰ অন্তৰ্জগতখন উদঙাই দিব খোজা নাই। দুস্বপ্ন হৈ পৰা সিহঁতৰ সাংসাৰিক জীৱনটোত এনে এক সততা আৰু অকপট মুহূৰ্তৰ বাবে কিমান যে হাহাঁকাৰ কৰিছিল তাই। কিন্তু তেতিয়া বিদ্যুতে অহৰহ তুলি ৰাখিছিল অবোধ্য প্ৰাচীৰৰ দেৱাল। তাই বুজিব পৰা নাছিল কিহে কুটি কুটি খাই নিছিল সিহঁতৰ সুখ আৰু ভালপোৱা। সেই দিনবোৰৰ স্মৃতিয়ে তাইক পুনৰ এবাৰ কন্দুৱাই পেলালে। তাইৰ কাষ চাপি গৈ এবাৰ আলফুলে আকোঁৱালি লোৱাৰ প্ৰবল ইচ্ছাটো দমাই বিদ্যুৎ নিজৰ ঠাইতে বহি ৰ’ল। সি জানে, সেই অধিকাৰ ইতিমধ্যে হেৰুৱাই পেলাইছে!
কিছুপৰ নীৰৱে ৰোৱাৰ পিছত তুলিকা স্থিৰ হ’ল। চকুপানী মোহাৰি লৈ বৰ দুৰ্বল কণ্ঠেৰে ক’লে, ‘কোৱা।’ সেই এটা শব্দ ক’বলৈকো যেন তাই অন্তৰৰ বহু বাধা দেও দি আহিব লগা হ’ল।
বিদ্যুতে বহা ঠাইতে কিছু লৰচৰ কৰি উঠিল। তাৰপিছত তাইৰ চকুত চকু থৈ ক’লে,
‘আমাৰ সংসাৰখনৰ এই অৱস্থাটোৰ বাবে ময়ে সম্পূৰ্ণ দায়ী, তুলিকা। মোৰ নিজৰ ভিতৰতে বহু যুঁজ-বাগৰ আছে যিবোৰ তোমাক আগতে কেতিয়াও কোৱা নহ’ল। হয়তো তোমাক বুজাই ক’ব পৰাকৈ মই নিজেই সেয়া বুজি পোৱা নাছিলোঁ। আজি ছমাহে কাউন্সেলিং কৰি কৰিহে সেই কথাবোৰৰ মৰ্ম উপলব্ধি কৰিছোঁ। বুজিছোঁ, সেইবোৰে কেনেকৈ মোৰ জীৱনটো তচ-নচ কৰি পেলালে।’
সি কিছু ৰৈ দীঘলকৈ এটা উশাহ টানি ল’লে। তাৰপিছত পুনৰ কৈ গ’ল,
‘তোমাক বহু আগৰ পৰা কথাবোৰ ক'ব লাগিব। তুমিতো জানাই, মই ডেৰাডুনৰ ইণ্টাৰনেশ্যনেল স্কুলত পঢ়িছিলোঁ। মোৰ কেৰিয়াৰক লৈ মা-দেউতাৰ সপোনৰ সীমা নাছিল। সেইবাবেই কিজানি একমাত্ৰ ল’ৰা যদিও তেনেকৈ ইমান দূৰৈত ৰাখিছিল। ইমান সৰুতেই খেলাৰ সমনীয়া, ঘৰৰ মুকলিমুৰীয়া পৰিৱেশ সকলো এৰি বৰ্ডিং স্কুলৰ নীতি-নিয়মত খাপ খাবলৈ মোৰ বৰ কষ্ট হৈছিল। মা-দেউতাৰো। ডিগবৈৰ পৰা যেতিয়াই গৈ ওলায়, মোক হোষ্টেলত এৰি অহাৰ পৰত মায়ে সদায়ে কান্দিছিল। ময়ো লুকুৱাই লুকুৱাই উচুপিছিলোঁ। কিন্তু এটা ভাল কেৰিয়াৰ আৰু ভাল জীৱনৰ স্বাৰ্থতে ঘৰ আৰু অসমৰ পৰা ইমান আঁতৰত থকাটো আমি প্ৰত্যেকেই মানি লৈছিলোঁ কিজানি। সেইকাৰণেই মা-দেউতাৰ সপোনবোৰ পূৰাবলৈ মই দিনে-ৰাতিয়ে কষ্ট কৰিছিলোঁ। পঢ়া-শুনাৰ বাহিৰে একোলৈকে ধ্যান দিব খোজা নাছিলোঁ। শুৱা-খোৱা আৰু পঢ়াই মোৰ জীৱন হৈ পৰিছিল। সেইমতেই ৰিজাল্টো ভাল হৈছিল। তাৰপিছত দিল্লী বিশ্ববিদ্যালয়ত পঢ়িলোঁ। মা-দেউতাৰ সুখ আৰু গৌৰৱৰ সীমা নাছিল। তাৰ লগে লগে সপোনৰ পৰিধিও বাঢ়ি গৈছিল। যেন প্ৰতিবাৰেই গৈ পোৱাৰ লগে লগেই লক্ষ্যৰ ঘাইখুঁটিটো আগলৈ ঢাপলি মেলিছিল। নিজেও কিজানি সেই দৌৰতে অভ্যস্ত হৈ গৈছিলোঁ। মোৰ চাৰিওদিশে কি হৈছে-নহৈছে, মোৰ ইচ্ছা-অনিচ্ছা সকলো একাষে থৈ বছৰ বছৰ ধৰি মাথোঁ দৌৰাতে লাগি থাকিলোঁ।
লণ্ডন স্কুল অব ইক’নমিকছত এম বি এ কৰিবলৈ স্ক’লাশ্বিপ পোৱাৰ দিনাহে প্ৰথম বাৰৰ বাবে ভাৱ হৈছিল, আই হেভ মেইড ইট! মই লক্ষ্য চুইছোঁহি। মা-দেউতাৰ প্ৰতি ঋণমুক্ত হৈছোঁ। কিন্তু ভাৰত এৰি বিদেশ পাইহে যেন লাহে লাহে মোৰ উপলব্ধি হ’বলৈ ধৰিলে, কেৰিয়াৰৰ পিছত দৌৰি থাকোঁতে কত কি এৰি আহিলোঁ! মোৰ লগৰবোৰে সৰুৰে পৰা স্বাধীনভাৱে জীৱন গঢ়া- ফুৰা-চকা-খেলা-ধূলা কৰাৰ কাহিনী শুনি আৰু দেখি প্ৰথমবাৰৰ বাবে মোৰ নিজৰ ওপৰতে সন্দেহ উপজিল। মা-দেউতাৰ আলাসৰ লাড়ু হৈ থাকি যেন নিজাকৈ জীৱনৰ বাট বুলিবলৈ, নিজৰ সুখ-দুখ চিনিবলৈকে অৱকাশ নাপালোঁ।বিশ্বাস কৰিবানে, লণ্ডনত ভৰি দিয়াৰ আগলৈকে মই নিজৰ কাপোৰ-কানি এটাও নিজে কিনি পোৱা নাছিলো? যেতিয়াই যি লাগে সকলো যোগাৰ কৰি দিছিল মা-দেউতাই! কেতিয়াও ক’লৈকো কেৱল ফুৰিবলৈ গৈ পোৱা নাছিলোঁ, নিজে ক’তো কাম কৰি উপাৰ্জন কৰি পোৱা নাছিলোঁ, বন্ধু-বান্ধৱৰ লগতো একো স্ফূৰ্তি কৰি পোৱা নাছিলোঁ, কেতিয়াও আনকি কাৰো প্ৰেমতো পৰি নাপালোঁ। এনে নহয় যে, সুবিধা পোৱা নাছিলোঁ। কিন্তু মোৰ চকুত সেই সকলোবোৰ আছিল পঢ়া-শুনাৰ পৰা মনোযোগ আঁতৰোৱা বিলাস!
লণ্ডনে মোৰ ভিতৰখনত পৰিৱৰ্তনৰ উকমুকনি এটা আনি দিছিল। মোৰ লগৰ বোৰৰ স্বাধীন মানসিকতা আৰু জীৱন-ধাৰাই মোক নিজৰ বিষয়ে বহুত প্ৰশ্ন আনি দিছিল। মোৰ ৰুমমেট ব্ৰাজিলৰ পাবল’ই বাইছ বছৰ বয়সতো মোৰ অসহায় অৱস্থাটো দেখি প্ৰথমে হাঁহিছিল। কিন্তু পিছলৈ ইটো সিটো দেখুৱাই-বুজাই দিবলৈ লৈছিল। পাবল’ৰ লগতে ঘৰৰ সকলো কাম-কাজ কৰিবলৈ, ৰান্ধিব-বাঢ়িবলৈ শিকিছিলোঁ। প্ৰতি শনিবাৰে পাবলৈ যাবলৈ লৈছিলোঁ। লণ্ডনৰ জীৱনটোৱে নতুন স্বাধীনচিতীয়া জীৱন এটাৰ স্বাদ আনি দিছিল। সেই আমেজৰ উম ভালকৈ ল’বলৈ নাপাওঁতেই মা-দেউতাই বিয়াৰ কথা উলিয়ালে। এতিয়াও মনত আছে, গ’ল্ডমেন চেকচৰ চাকৰিটোত জইন কৰাৰ এমাহ নহওঁতেই মাই এদিন পুৱাতে তোমাৰ নাম লৈছিল। তোমাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল মা। পিছত গম পাইছিলোঁ, লণ্ডনত থকা দূৰসম্পৰ্কীয় মামাৰ মুখেৰে মাহঁতে শুনা পাইছিল, পাবল’ৰ লগত মই ঘনাই পাবলৈ যাবলৈ লৈছোঁ। কোনোবা শ্বেতাংগ ছোৱালীৰ লগতো মোক দেখা পাই মাহঁতৰ কাণ চোৱাইছিলগৈ হেনো। সেইবাবেই কিজানি মাই কৈছিল, তোমাৰ দৰে অসমীয়া ছোৱালী এজনী বিয়া পাতিলে মা-দেউতা কিমান সুখী হ’ব। কিন্তু একেবাৰে সঁচা কথা ক’বলৈ হ’লে, তেতিয়া প্ৰথমেই মোৰ মনলৈ অহা ভাৱটো আছিল, মা-দেউতাৰ মোক লৈ সপোনবোৰ এতিয়াও আগলৈকে গৈ আছে। মই ৰৈ দিব খুজিছোঁ যদিও মা-দেউতা এতিয়াও দৌৰিয়ে আছে। সেই আশা আৰু সপোনৰ পৰিধি নাই- ঋণৰ পৰা মুক্তি নাই। মোৰ নিজা সুখ-দুখ আৰু ইচ্ছা-অনিচ্ছাই প্ৰথমবাৰৰ বাবে যেন মূৰ দাঙি উঠিব খুজিছিল।
কিন্তু তুমি জানাই, তথাপিও মাৰ কথামতেই মই তোমালৈ অনলাইন কল কৰিলোঁ। তোমাৰ স’তে কথা পাতি মোৰ মনো কিছু সলনি হ’ল। লগ পোৱাৰ পিছত ভাৱ হ’ল, মা-দেউতাৰ কথাই সঁচা। মোৰ ভিতৰৰ শূন্যতা আৰু অস্থিৰতাখিনি তুমিয়েই শাম কটাব পাৰিবা যেন বিশ্বাস এটা হ’ল। তোমাৰ স’তেই সুখী হোৱাৰ সপোন এটা দেখিবলৈ ল’লোঁ। বিশ্বাস কৰা, বিয়াৰ বাবে পৰিয়ালৰ কোনো হেঁচা নোহোৱাকৈ মই নিজেই মত দিলোঁ। আৰু তোমাৰ সৈতে লণ্ডনত সংসাৰ এখন পাতিও মই সঁচা অৰ্থত সুখী হৈছিলোঁ তুলিকা। সেয়া কোনেও মোৰ পৰা আঁতৰাই নিব নোৱাৰে।’
বহু ক্ষোভ চেপা মাৰি লৈ তুলিকাই নীৰৱে শুনি ৰ’ল। যোৱা এটা বছৰে বহু যন্ত্ৰণা আৰু ক্ষোভে তাইক বিধস্ত কৰি ৰাখিছে। কিন্তু আজি প্ৰথমবাৰৰ বাবে আগতে কেতিয়াও অনুভৱ নকৰা এক সহমৰ্মিতাৰ ভাৱে তাইক চুই যাব খুজিলে।
‘তেনে কিয় কৰিলা? মোৰ স’তে এনে কিয় কৰিলা বিদ্যুৎ?’ এই প্ৰথমবাৰৰ বাবে তাই বহুদিনৰ মূৰত বিদ্যুতৰ নাম মুখত ল’লে।
বিদ্যুতে চলচলীয়া চকুৰে ক’লে,
‘মই পথভ্ৰষ্ট হৈ গৈছিলোঁ, তুলিকা। তাৰ কোনো অজুহাত নাই- ক্ষমা নাই। বিয়াৰ পিছৰ আবগে-উত্তেজনা শাম কাটি অহাৰ লগে লগে দৈনন্দিন ব্যস্ততাত ডুবিব ধৰিছিলোঁ। ইনভেষ্টমেণ্ট বেংকিঙৰ তীব্ৰ হেঁচা আৰু ব্যস্ততাই প্ৰতিদিনেই যেন জেওৰা খৰি চেপাদি মোৰ সকলো শক্তি আৰু উদ্যম শেষ কৰি দিছিল। দিনৰ পিছত দিন, মাহৰ পিছত মাহ তেনেকৈ খাঁটি থাকি, গতানুগতিকতাত বন্দী হৈ মোৰ মন দমি গৈছিল। ভাৱ হৈছিল, জীৱন যেন ৰৈ গৈছে। কেৰিয়াৰৰ বাবেই জীৱনৰ পঁচিশটা বছৰ পাত কৰি দি কি পালোঁ যেন ভাৱ হ’বলৈ লৈছিল। এইখিনি পাবলৈকে জীৱনৰ বাটত বহু হেৰুৱাই আহিলোঁ বুলি খেদ হৈছিল। তাৰ লগতে আমাৰ সংসাৰখনৰ সমীকৰণটো যেন সনাপিটিকা হৈ পৰিল। দিনটো কাম শেষ কৰি ঘৰ আহি পাই তোমাক দেখিলেই মনত পৰা হ’ল, তুমিও মা-দেউতাৰ আশা আৰু সপোনৰ মায়াজালৰ এটা অংশ। মা-দেউতাই জাপি দিয়া সম্পৰ্কৰ বোজা এটা। সেই কথাটোৱে তিক্ততা এটা আনি দিছিল মোৰ মনলৈ। সেইবাবেই তোমাৰ পৰা দুৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিছিলোঁ কিজানি!’
তুলিকাৰ মনত পৰিল, তাই লাহে লাহে উপলব্ধি কৰিবলৈ লৈছিল- ক’ৰবাত আঁতডাল হেৰাই যাবলৈ লৈছে। বিদ্যুৎ তাইৰ পৰা আঁতৰি যাব ধৰিছে। কিন্তু তাই তাক কোনোদিনেই পোনপটিয়াকৈ সোধা নাছিল। যেন সুধিলেই তাইৰ ভয় আৰু আশংকাবোৰ সঁচা হৈ পৰিব। তাই যেন স্বীকাৰ কৰিব খোজা নাছিল যে সিহঁতৰ সম্পৰ্কতো বিয়াৰ পিছৰ সময়ৰ দৰে হৈ ৰোৱা নাই। বিদ্যুতে কথাই কথাই তাইৰ খুঁত ধৰিবলৈ আৰম্ভ কৰিছিল। হকে-বিহকে শ্লেষ সানি কথা কৈছিল।
‘দিনৰ দিনটো শুই বহি কটোৱা তুমি। অফিচত মোৰ কামৰ কিমান বোজা- কিমান কষ্ট কি বুজিবা?’
‘মোৰ লগত একেলগে খাবলৈ কিয় বাট চাই থাকা তুমি? অকণমান স্বাধীনচিতিয়া হ’বলৈ শিকাচোন!’
কিয় পাহৰিব খুজিছিল তাই সেইবোৰ- তেতিয়াও, এতিয়াও! কিয় অতদিনে মাথোঁ সযতনে স্মৃতিৰ টোপোলাত ৰাখি থৈছিল ভাল লগা, কিন্তু দিনে দিনে কমি অহা সুখৰ মুহূৰ্তবোৰ! তাৰ আঁৰত লুকাই ৰোৱা সত্য অসহনীয়, আপোন জনৰ সেই আঘাত অবিশ্বাস্য, সেইবাবে?
বিদ্যুতৰ ডিঙিটো শুকাই যোৱা যেন লাগিল। কফি টেবুলৰ পৰা গিলাচটো হাতত লৈ পানী অলপ খালে। তাৰপিছত দুয়ো হাতেৰে গিলাচটো ধৰি থাকি সি ক’লে,
‘তুমি যিমানেই মৰম আৰু আশ্বাসেৰে আৱৰিব খুজিছিলা, সিমানেই ভিতৰি মোৰ অস্থিৰতা বাঢ়ি গৈছিল। ভিতৰি তোমাৰ প্ৰতি ঈৰ্ষাও হৈছিল কিজানি। এনেকৈ পৰিয়ালে ঠিক কৰি দিয়া সম্পৰ্ক এটাকে ইমান সহজে আকোঁৱালি ল’ব পৰা দেখি। কেৱল মোৰ বাবেই নিজৰ মানুহ, ঠাই সকলো এৰি বিদেশত জীৱন এটা আৰম্ভ কৰাৰ চেষ্টা দেখি। মই তেনেকৈ একোৱে সহজভাৱে ল’ব পৰা নাছিলোঁ। তোমাৰ প্ৰতিটো আন্তৰিক প্ৰচেষ্টাই মোৰ নিজৰ শূন্যতা আৰু অস্থিৰতাত যেন ঘিউহে ঢালিছিল!
সেই খেলিমেলি অৱস্থাটোতে তোমাৰ সৈতে আছমাৰ ঘৰলৈ যাওঁতে উলুপীক লগ পাই গৈছিলোঁ। উলুপীৰ চৌখিনতা আৰু উচ্ছলতাখিনি অতদিনে মই হাঁহাকাৰ কৰি বিচাৰি ফুৰা নতুন অভিজ্ঞতা আৰু উত্তেজনাৰ প্ৰকাশ যেন লাগি গৈছিল। আমি লুকাই লুকাই লগ কৰিবলৈ লৈছিলোঁ। হঠাতে মোৰ একঘেয়ামী জীৱনলৈ নাটকীয় উত্তেজনা আহি পৰা যেন ভাৱ হৈছিল। ক’ব নোৱাৰাকৈয়ে সেই উচ্ছলতাৰ ঢৌত উটি ভাঁহি গৈছিলোঁ মই। তাৰ তীব্ৰতাই মোৰ সকলো ক্ষোভ আৰু অস্থিৰতা ধুই নিকা কৰি দিয়া যেন লাগিছিল।
কিন্তু তাৰ মূল্য মই দিব লগা হ’ল। প্ৰতিদিনেই ঘৰলৈ উভতি আহি তোমাৰ ওচৰত অপৰাধবোধে মোক খুলি খুলি খাইছিল। ভীষণ অন্তৰ্দ্বন্দত ভূগিছিলোঁ। সেইবোৰ তুমি একো জনা নাছিলা কিন্তু তাৰ অসহায় প্ৰকাশ হৈ ওলোৱা মোৰ অনাহক খঙৰ ৰূপ দেখিছিলা। সমগ্ৰ জীৱন যি নিবিড়তাৰ বাবে হাঁহাকাৰ কৰি আছিলোঁ, সেয়া তোমাৰ মাজত পায়ো ভাৰ বব নোৱাৰা হৈ গৈছিলোঁ মই। তোমাৰ দৰে কাকো পোৱাৰ মই যোগ্য নহয় যেন ভাৱ হ’বলৈ লৈছিল। ছমাহৰ পিছত যেতিয়া উলুপীয়ে ক’লে, তাই প্ৰেগনেণ্ট- সেইদিনা মোৰ অপৰাধবোধ আৰু অনুশোচনাৰ সীমা নাথাকিল। সেইবাবেই পোনে পোনে আহি সেইনিশা তোমাক কৈছিলোঁহি। আৰু একোকে তোমাৰ পৰা লুকুৱাই ৰাখিব খোজা নাছিলোঁ। তোমাক কোৱাৰ পিছত উলুপীৰ লগত কথাবোৰ একে হৈ নাথাকিল। যি বিচাৰি আমি সেই সম্পৰ্কত বান্ধ খাই পৰিছিলোঁ, সেইবোৰ কাৰক একে নাথাকিল। উলুপীৰ বাবে মই হয়তো আগৰদৰে তাইৰ উচ্ছলতাৰ বাহক হৈ নৰ’লোঁ। মোৰ বাবে তাত কোনো উত্তেজনা নাথাকিল- কোনো নিষিদ্ধ আনন্দ নাথাকিল। তুমি আয়াৰলেণ্ডলৈ গুচি অহাৰ পিছত উলুপীয়ে যেতিয়া এদিন ক’লে, মোৰ লগত এবাৰো নপতাকৈয়ে তাই নিজে এব’ৰ্ট কৰি আহিল, তাৰ পিছত তাত একোৱে নাথাকিল মোৰ বাবে।’
তুলিকা যেন স্তব্ধ হৈ গ’ল। ইমানবোৰ কথা আৰু যন্ত্ৰণা কি স’তে সামৰি লয় তাই? কি স’তে বুজাৰ চেষ্টা কৰে? চকুৰ পানীও যেন শুকাই গৈছে। দুচকু উখহি পৰিছে। ভাগৰি পৰিছে তাই। ভীষণ ভাগৰি গৈছে।
তাইৰ অৱস্থাটো দেখি বিদ্যুত থিৰেৰে থাকিব নোৱাৰিলে। কাষ চাপি আহি সি লাহেকৈ তাইৰ কাষতে বহিলহি। তাৰপিছত বৰ আলফুলে তাই এখন হাতত ধৰি লৈ ক’লে,
‘মই বহুত ভুল কৰিছোঁ। সেই ভুলৰ শাস্তিও ভূগিছোঁ তুলিকা। কিন্তু তোমাক কোনো কাৰণতে হেৰুৱাব নোখোজোঁ! মোক মাত্ৰ এটা সুযোগ দিয়া। এবাৰ কামেৰে দেখুৱাবলৈ দিয়া, তোমাক কিমান ভাল পাওঁ! আমাৰ সংসাৰখন আগৰ দৰেই সুখৰ কৰি গঢ়িবলৈ এটা সুযোগ দিয়া। মই মা-দেউতাক সকলো কৈছোঁ। সকলো কথাই খোলাখুলিকৈ পাতিছোঁ। মা-দেউতাই মোৰ বাবে যিটোৱে ভাল হ’ব বুলি ভাৱিছিল, তেনেকৈয়ে কৰি আহিছিল। তাৰবাবে মই মা-দেউতাক দোষ দিব নোৱাৰোঁ। সেইখিনি লৈ মই কি কৰিম, নিজৰ জীৱনটো কেনেকৈ গঢ়িম সেয়া মোৰ নিজৰ দায়বদ্ধতা। এতিয়াও আমাৰ কাৰণে বহুত চিন্তা হৈছে মাহঁতৰ। অহা সপ্তাহতে লণ্ডন পোৱাকৈ টিকেট কৰি পেলাইছে। মা-দেউতাই তোমাকো লগ পাব খুজিছে। ভালকৈ কথা পাতিব খুজিছে। তুমি যাবানে মোৰ সৈতে?’
তুলিকাই একো উত্তৰ দিব নোৱাৰিলে। মাথোঁ ভাৱি থাকিল, কিয় এনে হ’য়! কিয় জীৱনে বাৰে বাৰে মুখামুখি কৰি দিয়ে এনে জটিল প্ৰশ্নবোৰৰ সৈতে? এনেকৈয়ে জানো সকলো পাহৰি যাব পাৰি? ইমান সহজে ফাৰমানাৰ এই জীৱন নিশ্চিহ্ন কৰি উভতি যাব পাৰি?
এপাৰ্টমেণ্টৰ দেৱাল ঘড়ীটোত চিকাডি চৰাইৰ গান ভাঁহি আহিল। নিশা এক বাজিছে। সম্বিত অহাৰ দৰে তুলিকা উঠিল। ক্ল’জেটৰ পৰা গাৰু দুটা আৰু কম্বল এখন আনি ক’লা লেডাৰৰ কাউচ্চখনত থ’লেহি। বিদ্যুতৰ প্ৰশ্নবোধক চাৱনিৰ উত্তৰত ক’লে,
‘মোৰ গ্যেষ্ট বেডৰুম নাই। ইয়াতে শুব পাৰা। বাথৰুমো এই ফ্ল’ৰতে সৌ দুৱাৰখন।’
বিদ্যুতে মাথোঁ মূৰ দুপিয়াই গাৰু আৰু কম্বল হাতত ল’লে। তুলিকাই শিথিল খোজেৰে খটখটীৰে উঠি গৈ নিজৰ শোৱাকোঠাৰ দুৱাৰখন জপাই দিলেগৈ।
পিছদিনা বিদ্যুত সাৰ পালে পাকঘৰৰ ব্ৰেড ট’ষ্টাৰৰ ট্ৰিইইইইইং শব্দত। তেতিয়াও তাৰ টোপনিৰ জাল ভগাই নাই। আধা মেল খোৱা চকুৰেই সি দেখিলে, তুলিকাই নীলা সৰু সৰু ফুল থকা চাৰ্ট এটাৰে সৈতে কটনৰ ধোৱাঁবৰণীয়া পেণ্ট এটা পিন্ধিছে। বাহুত একাষৰীয়াকৈ অফিচৰ বেগটো ওলমাই লৈ থিয়ৈ থিয়ৈ ব্ৰেডত পিনাট বাটাৰ লগাইছে। ব্ৰেডডোখৰত একামোৰ মাৰিয়ে তাই যাবলৈ ওলাল।
বিদ্যুতৰ কাষ চাপি আহি ক’লে,
‘বিদ্যুৎ, মোৰ আজি ন বজাতে খেতিয়কৰ সৈতে মিটিং এখন আছে। তুমি যাওঁতে দুৱাৰখন ভালদৰে লগাই থৈ যাবা। অ’ট’লক আছে।’
এইবাৰ সি জাপ মাৰি উঠাৰ দৰে কাউচ্চৰ পৰা উঠি বহিল। অলপ ডাঙৰকৈয়ে সুধিলে,
‘মা-দেউতাৰ সৈতে কথাবোৰ পাতিবলৈ এবাৰ লণ্ডনলৈ আহিবানে? আৰু এটা মাত্ৰ সুযোগ দিবানে মোক? মোক কৈ যোৱা, তুলিকা!’
যাবলৈ লৈও থমকি ৰৈ তুলিকাই অনুস্ব কণ্ঠেৰে মাথোঁ ক’লে, ‘ভাবি চাম!’
কৈয়ে এবাৰো ঘুৰি নোচোৱাকৈ তাই ওলাই আহিল। এপাৰ্টমেণ্ট এৰি শ্লাইগ’ পথত ভৰি দিয়াৰ আগতে চলচলীয়া দুচকু এবাৰ মোহাৰি ল’লে। কেনেকৈ বিদ্যুতক ক’ব তুলিকাই, তাই একে হৈ ৰোৱা নাই। একে হৈ ৰোৱা নাই তাইৰ জীৱন! বিদ্যুতৰ লগত সংসাৰখনেই তাইৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ থকা নাই। এই ফাৰমানাই তাইক এটা নতুন জীৱন দিছে, বহু নতুন আশা আৰু সপোন দিছে। সেয়া আঠমাহৰ আগৰ সেই কাল নিশাটোৰ দৰে এই এটা ৰাতিয়েই সলনি কৰি দিব নোৱাৰে। বিদ্যুতেই নালাগে অন্য কাকোৱে তাই সেই অধিকাৰ নিদিয়ে। তাইৰ জীৱনৰ বাবে, সুখ-দুখৰ বাবে কেৱল তাই নিজে দায়বদ্ধ। তাই নিজে!
অ’ব্ৰায়ান পাবত মুখামুখিকৈ বহি আছে ৰায়ান আৰু তুলিকা। পাবৰ এমূৰে এজাক ডেকা-গাভৰুয়ে গীটাৰত ঝংকাৰ তুলিছে। আইৰিছ পাব মানেই সংগীতৰ মূৰ্চ্ছনা থকাটো যেন বাধ্যতামূলক। সিহঁতৰ সন্মুখত এইমাত্ৰ ৱেইটাৰে দুখন প্লেটত ফিছ এণ্ড চিপছ আৰু দুগিলাচ ড্ৰাফট বীয়েৰ থৈ গৈছে। ইয়াত চিপছ্ মানে আচলতে আলুৰ ফ্ৰাইজ। তাৰ লগত কড মাছৰ টুকুৰাত ময়দাৰ লেপন দি তেলত উপঙাই ভাজি দিছে। অসমত মিহিকৈ কাটি লোৱা ৰঙালাউ ভজাৰ দৰে। মাথোঁ মচমচীয়া ময়দাৰ লেপটো ফালি চালে ৰঙালাউৰ সলনি কাঁইট নোহোৱা মাছৰ টুকুৰাটো ওলাই পৰে।
তাৰে এটুকুৰা মুখলৈ নি ৰায়ানে সুধিলে, ‘তেন্তে কি ভাৱিছা?’
নেচাৰৰ পুনৰ্সংগঠনৰ কথাই পাতি আছিল সিহঁতে। অফিচৰ পৰা ওলায়েই দুয়ো বাহিৰে বাহিৰে লগ হোৱাৰ বাবেই হয়তো পোনেই কামৰ কথাকে ওলাইছিল।
‘নেচাৰত কাম কৰি ভাল লাগিছে। কাম নহয় যেন মোৰ নিজৰ হেঁপাহ পুৰাইছোঁ। প্ৰকৃতিৰ কাৰণে, ইয়াৰ খেতিয়কৰ কাৰণে কিবা এটা কৰিছোঁ। যিমানদিনলৈ পাৰোঁ ইয়াতে কাম কৰাৰ ইচ্ছা। তোমাৰ কি প্লেন?’
তুলিকাই সদায়ৰ দৰে তাইলৈ কৰা প্ৰশ্নটো ওলোটাই ৰায়ানলৈ ঠেলি দিছে। ৰায়ানে সেয়া বুজা হৈছে আজিকালি। সি যে কেৱল কামৰ কথা নহয়, জীৱনৰ কথাহে সুধিছিল সেয়া তায়ো নুবুজাকৈ থকা নাই। কিন্তু কিয়েই বা ক’ব তাই। তাইৰ বাবে যেন বৰ্তমান মানেই কেৱল নেচাৰ- নেচাৰৰ কাম। জানি-বুজিয়ে যেন তাই সিহঁতৰ সম্পৰ্কটোলৈ ৰায়ানে বিচৰা আশ্বাসখিনি আনিব পৰা নাই! বিদ্যুতৰ লগত সংসাৰখন যে এতিয়াও সিহঁতৰ মাজত ওলোমা বাদুলী হৈ ৰৈ আছে। বিদ্যুৎ আৰু তাই পৃথক হৈছে- কিন্তু বিবাহ-বিচ্ছেদৰ বাবে কোনেও খোজ আগবঢ়োৱা নাই। সেই যন্ত্ৰণাই তচ-নচ কৰি যোৱা দিনটোৰ পিছৰে পৰা অজান্তি মুলুকৰ এই নতুন জীৱনটো চলাই নিয়াতেইচোন তুলিকা ব্যতিব্যস্ত হৈ ৰৈছে। বিদ্যুতেনো কি ভাৱিছে বা কি পৰিকল্পনা কৰিছে- সেয়া জনাৰ তাইৰ সাধ্য নাই। যোৱা এমাহমানৰ পৰা সি বাৰম্বাৰ কল কৰি থকা স্বত্বেও তাৰ সৈতে এবাৰো কথা পাতিবলৈ তাইৰ সত যোৱা নাই। সেইবোৰ কথা ৰায়ানক বুজাবই বা কেনেকৈ?
অগ্যতা ৰায়ানেও কামৰে প্ৰসংগ টানিছে।
‘মোৰো ফাৰমানা হেৰ’ল্ডৰ কামত নিচা। যোৱা আঠবছৰমান ধৰি সেই কাকততেই সাংবাদিকতা কৰিছোঁ। কিন্তু যিমানেই ব্ৰেক্সিটৰ ওচৰ চাপিছে, কথাবোৰ জটিল হৈ গৈ আছে। বেয়া খৱৰবোৰ বাঢ়ি গৈ আছে। সেইটোৱে কষ্ট দিবলৈ ধৰিছে জানা।’
তুলিকাই কিছু বুজিছে, বহু কথা এতিয়াও নুবুজাকৈ ৰৈ গৈছে। ব্ৰেক্সিটে যেন উনৈশৰ ট্ৰাবলছৰ ভয়াবহ সময়বোৰ পুনৰ উদঙাই দিব খুজিছে। আইৰিছ আৰু ইংৰাজ পৰিচয়ৰ সংঘাত বোৰ উদঙাই তুলিছে। লগতে কেথলিক আৰু প্ৰটেষ্টাণ্টৰ মাজৰ বেঁৰাখনো ক্ৰমাৎ ওখ হৈ যাবলৈ ধৰিছে। ইমান অসময় এয়া! কিন্তু যেন এই অসময়কো আওকান কৰি সিহঁতৰ হৃদয় দুখনত নিৰলে এটা সপোনে ঘৰ সাজিবলৈ আৰম্ভ কৰিছে। অতীত আৰু বৰ্তমানৰ জটিল সময়বোৰ দেও দি গৈ ভৱিষ্যতৰ বাবে এখন ৰামধেনু সাজিব খুজিছে।
কথাৰ মাজতে ৰায়ানে টাৰটাৰ চচত ডুবাই লৈ মাছৰ টুকুৰা এটা মুখত ভৰালে। তাৰ অজানিতে ওঁঠৰ ঠিক তলতে চিকুণকৈ ৰখা দাঢ়ি দুডালমানত বগা চচখিনিৰ অকণমান লাগি ৰ'ল। আলুৰ চিপছ এটা মুখত দিবলৈ লৈও ঠিক সেইখিনিতে তুলিকাৰ দুচকু থৰ হৈ ৰ'ল। বেছ কিছুপৰৰ বাবে। বহু চেষ্টা কৰিও তাৰ পৰা চকু আঁতৰাই তাই খোৱাত বা তাৰ কথাত মনোযোগ দিব নোৱাৰিলে। মনতে নিজক কিছু ভৰ্ৎসনা কৰি লৈ কিছুপৰৰ পিছত তাই সংকোচেৰে কৈ পেলালে,
'ৰায়ান, তোমাৰ মুখত অলপ চচ লাগি আছে।'
ৰায়ানৰ কথা ক্ষন্তেকৰ কাৰণে ৰৈ গ'ল। কিন্তু অকণো বিব্ৰত হোৱা যেন নেদেখাই সি মাথোঁ হাঁহিলে। লাহেকৈ নেপকিন এখন টান মাৰি লৈ মুখখন মোহৰিলে।
'গ'ল নে?' সি সুধিলে।
'হা অঁ, আৰু অলপ ওপৰলৈ। অঁ, তাতে।'
তাৰ ওঁঠ যুৰিলৈ ইমান দীঘলীয়াকৈ চাই থাকি তুলিকা অলপ ৰঙা-চিঙা পৰাৰ দৰে হ'ল। ৰায়ানৰ মিচিকিয়া হাঁহিয়ে ঠেলি পঠোৱা ঢৌ জাকে তাৰ দুচকু যেন ঢাকি পেলাব খুজিছে। মুদ খাই যাব খোজা চকুযুৰিত সেয়া নীলিম সাগৰখনৰ ঢৌবোৰে খেলা কৰিছে। তাইৰ মূৰৰ পৰা ভৰিলৈ এটা শিহৰণ বৈ গ’ল!
‘অসমৰ কথা কোৱাচোন!’ তাইৰ দুচকুত চকু থৈ ৰায়ানে এইবাৰ সুধিলে। সেই প্ৰথম লগ পোৱাৰ দিনটোৰ দৰেই তেওঁৰ দুচকুত অদম্য হেঁপাহ। হেঁপাহ তুলিকাক জনাৰ, তাইক আপোন কৰি লোৱাৰ।
কি ক’ব তাই। সেইবাৰ ৰ’ৰি জিৰ উৎসৱতে কোৱাৰ পিছত আজিলৈকে বিদ্যুতৰ কথা উলিওৱা নাই তুলিকাই। মাক-দেউতাকৰ কথাও যেন কেনেকৈ ক’ব তাকে ভাৱি পোৱা নাই এতিয়াও। মাক সুখী হৈছে- তাই জানে। তেওঁ নতুন উদ্যমেৰে নিজা জীৱন এট গঢ়ি লৈছে। আনকি ওচৰৰে চেণ্টাৰ এটালৈ গৈ ব্যায়াম কৰিবলৈও লৈছে। প্ৰায়ে তুলিকাক উৎসাহেৰে ক’বলৈ লৈছে, প্ৰথমবাৰৰ বাবে নিজৰ দেহ আৰু মনৰ যত্ন লৈ কেনে সন্তুষ্টিয়ে ভৰ কৰিছেহি তেওঁৰ হৃদয়ত। দেউতাকে বুজি পাইছে, আগৰদৰে তেওঁ বিয়াৰ বান্ধোনৰ নামত মাকক মনাব নোৱাৰা হৈছে। মাকৰ গাত হাত তোলা মাতাল নিশাবোৰে সেই অধিকাৰ কাঢ়ি লৈ গৈছে কেতিয়াবাই!
‘কি ভাৱিছা ইমানকৈ?’ ৰায়ানেই নীৰৱতা ভাঙিলে।
‘কিনো ক’ম ভৱিছোঁ।’
‘মই চোন অসমৰ কথা বিশেষ একো নাজানোৱে- গতিকে সকলো কোৱা। তোমাৰনো কি ভাল লাগে তাকে কোৱা!’ ৰায়ানে হাঁহি পেলালে। তেওঁৰ চিক্মিক্ দুচকুৱেও যেন বহু কথা ক’ব খুজিছে। অ’ব্ৰায়ান পাবৰ ভিতৰলৈকে ফাগুণৰ পছোৱা এছাটি সোমাই আহিছে!
তুলিকায়ো হাঁহিছে। হাঁহি হাঁহি কৈ গৈছে তাই এৰি অহা দিখৌ নৈৰ দুয়োপাৰৰ সেউজীয়াৰ কথা, পাটী চাইকেলখন লৈ অলৌ টলৌকৈ ঘুৰি ফুৰা উদঙীয়া দুপৰীয়াবোৰৰ কথা আৰু মাকৰ হাতৰ ঔটেঙা দিয়া মাটিডাইলৰ সোৱাদৰ কথা। ৰায়ানে পৰীৰ দেশৰ সাধুকথা শুনাদি হেঁপাহেৰে শুনিছে। তেওঁৰ বাবে যেন সেই অসমহে এক অজান্তি মুলুক। য’ত এই তুলিকাৰ জন্ম হৈছে- যাৰ মাটিয়ে বালিয়ে খেলি তাই ডাঙৰ হৈছে- কেতিয়াও কল্পনাও নকৰাকৈ যে এদিন সিহঁত দুয়ো এইদৰে ফাৰমানাৰ এটি পাবত বহি ৰ’ৱ। মুখৰ ভাষাতকৈ বহু বেছি কথা সিহঁতৰ দুচকুৱে কৈ যাব। কৈ যাব ক্ৰমাৎ কাষ চাপি অহা সিহঁতৰ হৃদয় দুখনে। ইমান অচিনাকি অথচ ইমান চিনাকি!
‘তোমাৰ মা-দেউতাৰ কেনে?’ তুলিকাই সুধিলে। অন্যমনস্ক ৰায়ান উভতি আহিল পাবৰ গানলৈ, সিহঁতৰ মাজত টেবুলত ৱেইটাৰে চিন থৈ যোৱা সেউজ-হালধীয়া পুতলা হাঁহটোলৈ। সেইটোকে লিৰিকি বিদাৰি থাকি সি ক’লে,
‘মাৰতো জানাই। ডেৰীতে আছে- গীৰ্জা আৰু লিখা-মেলাৰ কামত ব্যস্ত। দেউতা এতিয়াও শ্লাইগ’ত।’
‘মা-দেউতাক বেলেগে থকা দেখি তোমাৰ বেয়া লাগে নেকি, ৰায়ান?’ বহুদিন সোধোঁ সোধোঁকৈও নোসোধা প্ৰশ্নটো আজি তুলিকাই সুধি পেলালে। কৈ উঠিয়ে আশংকা কৰাৰ দৰে ৰায়ান অসহজ নহ’ল। ফিছ এণ্ড চিপছ্ৰ সোৱাদ লৈ থাকিয়ে সহজভাৱে উত্তৰ দিলে,
‘অভ্যস্ত হৈ গৈছোঁ জানা। মা-দেউতা চিৰদিন একেলগে থকাটোৱে সকলোৰে সহজাত সপোন, নহয় জানো? কিন্তু তাত সুখৰ প্ৰশ্নটো যেন বাদ পৰি যায় কেতিয়াবা! একেলগে থাকিও দুয়ো দুটা পৃথক জীৱন চলাই নিয়া বা দুয়ো ভিতৰি চিৰদিন অসুখী হৈ ৰোৱাটো কেনেকৈ যুক্তিকৰ হ’ল কোৱাচোন? অন্তত: মোৰ মা-দেউতাৰ ক্ষেত্ৰত মই সেয়াই দেখিছোঁ। বিচ্ছেদৰ পিছতহে দুয়ো সঁচা অৰ্থত সুখী হোৱা দেখিছোঁ।’
তুলিকাই একো নক’লে। ভাৱিলে মাথোঁ, কোনটো বেছি ডাঙৰ? পাৰস্পৰিক সুখ নে বিয়াৰ বান্ধোন? নে দুয়োটা একেলগে তুলাচালনীত উঠাটোৱে আধুনিক সমাজৰ এক ব্যাধি?
‘বিয়াক তুমি কেনেকৈ লোৱা, ৰায়ান?’ ক’ব নোৱাৰাকৈয়ে যেন প্ৰশ্নটো ওলাই আহিল তুলিকাৰ মুখেৰে।
ৰায়ান ক্ষন্তেক ৰ’ল। যেন ভাৱি চালে বহুদিন ভাৱি নোপোৱা প্ৰশ্নবোৰ। তুলিকাৰ অতীতটোৰ ঢুকি নোপোৱা কথাবোৰ!
‘মোৰ কাৰণে বিয়া মাথোঁ এটা সামাজিক স্বীকৃতি। তাতোকৈ বহু বেছি দৰকাৰী হৃদয়ৰ বান্ধোন। বিয়াৰ বান্ধোন আৰু সংসাৰখন চলাই নিবলৈ কষ্ট কৰাৰ দৰকাৰ। কিন্তু কিমান কষ্টৰ পিছত সেই কষ্ট এই জীৱনৰ বিকল্প হ’ব নোৱাৰে সেয়াও জনাটো খুউব দৰকাৰী।’
তুলিকাই যেন কেতিয়াও কথাবোৰ তেনেকৈ ভৱা নাই! ভাৱিবলৈকে শিকা নাই! কিন্তু এই মুহূৰ্তত ৰায়ানৰ কথাখিনি যেন খাপ খাই পৰিল সিহঁতৰ দুয়োৰে মাক আৰু দেউতাকৰ সংসাৰ দুখনত। আনকি তাইৰ আৰু বিদ্যুতৰ সংসাৰখনতো।
পাবত গানৰ মূৰ্ছনা শেষ হৈছে। তাৰ লগে লগে যেন পৰিৱেশটোও সলনি হৈছে। একোণৰ বিশাল স্ক্ৰীণত ছ’কাৰ খেল ভাঁহি আহিছে। চাৰিওফালে মানুহবোৰ গোট খাইছে। ছ’কাৰ মানে ইয়াৰ ফুটবল। জনপ্ৰিয় দলৰ মাজত হোৱা খেল এনেকৈ পাবত একেলগে হৈ চৈ কৈ চোৱাটোও এটা পৰম্পৰা।
‘ব’লা আৰ্ণ নৈৰ পাৰে পাৰে অলপ খোজ কাঢ়োঁগৈ।’ ৰায়ানে টিভিৰ স্ক্ৰীণ আৰু গমগমাই অহা পৰিৱেশটো মন কৰিয়ে কিজানি ক’লে।
দুয়ো ওলাই আহিল। এনিছকিলেন টাউনৰ মাজেৰেই বৈ গৈছে আৰ্ণ নৈখন। নৈৰ পাৰে পাৰে পদচাৰীৰ বাবে পকা কৰি দিয়া এটা ঠেক বাট। সেইবাটেৰেই দুয়ো আগবাঢ়িল। ৰায়ানৰ কাষে কাষে খোজ দি তুলিকা যেন কিছু আনমনা হৈ ৰ’ল। আৰ্ণ নৈৰ কঁপি থকা নীলিম ঢৌবোৰৰ দৰেই যেন তাইৰ অনুভৱৰ পৃথিৱীখন কঁপাই গ’ল ৰায়ানৰ সান্নিধ্যই, ৰায়ানৰ দৃষ্টি আৰু কথাই। বহু কথাই কৈ পেলাবলৈ মন গ’ল। ক’বলৈ মন গ’ল কেনেদৰে এখন উমাল কম্বলৰ দৰে ৰায়ানে ছাটি ধৰিব খুজিছে তাইক। অতদিনে যন্ত্ৰণাই কোঙা কৰি ৰখা তাইৰ হৃদয়খন সেই উমাল পৰশত নিজাৰ পৰি আহিছে। কেতিয়াও নভৱাকৈ তাইৰ জীৱনলৈ যেন বসন্ত নামিছে। অথচ ইমান ভিন্ন এই দ্বিতীয় বসন্ত! ইমান ভিন্ন এই সম্পৰ্ক। অতদিনে ৰোমাণ্টিক উপন্যাস- চিনেমাই বৰ্ণনা কৰাৰ দৰে তায়ো ভাৱিছিল, প্ৰেম মানেই এক উচ্ছল আবেগৰ জোৱাৰ। যি উটুৱাই লৈ যাব পাৰে সকলো হতাশা আৰু যন্ত্ৰণা। সকলো পাহৰি দিবাস্বপ্ন দেখিব পাৰি সিপাৰৰ সেউজীয়াৰ। কিন্তু ৰায়ানৰ সৈতে যেন তাইৰ এক ভিন্ন সংযোগ এয়া। তেওঁক কাষত পালে তাইৰ বুকুৰ ধপধপনিবোৰ কমি যায়। অস্থিৰতাৰ বতাহজাক থামে। সংঘাতে তচনচ কৰি দিয়া হৃদয়খনে যেন অকণমান জিৰাই লয়। সিদিনা এইখিনিকে শুনি লৈ থেৰাপিষ্ট মিচেলে তাইক বুজাইছিল, সেয়াই প্ৰকৃতাৰ্থত সহমৰ্মিতাৰ চিন। এই দুসঃহ জীৱনটো সহনীয় কৰি তোলাৰ বাবে, সঁচা অৰ্থত উদযাপন কৰিবৰ বাবে তেনে এক সহযাত্ৰীৰেইতো প্ৰয়োজন তাইক। সকলো বুজিও স্বীকাৰ কৰি লোৱা নাই তাই। সেয়ে ৰায়ানকো একোকে কোৱা হোৱা নাই। সেই বাটেৰে আগুৱাই যোৱা হোৱা নাই। যিমান অস্বীকাৰ কৰিলেও সেই বাটত যেন বিদ্যুত থিয় দি আছে। এতিয়াও।
‘সেইবোৰ গাল চৰাই, নহয়?’ ৰায়ানে হঠাৎ থমকি ৰৈ নৈৰ সিটো পাৰলৈ আঙুলীয়াই সুধিলে।
আনমনা হৈ গৈ থকা তুলিকাই ক’ব নোৱাৰাকৈয়ে ৰায়ানৰ বাহুত খুন্দিয়াই দিলেগৈ। এছাটি বিজুলীয়ে যেন জিলিকাই গ’ল দুয়োৰে মুখ! ৰায়ানে হাঁহিলে, তায়ো। তাইৰ বাহুত লাহেকৈ ধৰি ৰায়ানে মৰমেৰে ক’লে,
‘ইমানকৈ কি ভাৱিছানো?’
তুলিকাৰ কৈ পেলাবৰ মন গ’ল, ৰায়ানৰ কথাকে ভাৱিছে তাই। লাহে লাহে যেন সপোন দেখাৰ হেঁপাহ এটাই বাহ লৈছে তাইৰ বুকুত। দেহে-মনে আবেগবোৰে শিহৰণ তুলিবলৈ লৈছে। মুখৰ পৰা হাঁহিটো নাঁতৰা হৈছে। ৰায়ানে বুজিছেনে? তাইৰ দৰেই তাৰ দেহতো ফাগুণৰ পছোৱা লাগিছেনে? তাৰ সলনি তাই মাথোঁ ক’লে,
‘একো ভৱা নাই! অঁ সেয়া ক’লা-মূৰীয়া গাল। বৰ ধুনীয়া নহয়নে ক’লা মূৰেৰে সৈতে সিহঁতৰ শুধ বগা দেহ?’
‘অঁ, ইয়াত পিছে গাল চৰাইৰ চোৰ বুলি বদনাম, জানা নহয়? কোন পলকত মানুহৰ বেগ, হাত আনকি মুখৰ আগৰ পৰাই খাদ্য কাঢ়ি নিয়ে ক’বই নোৱাৰি।’
তুলিকাই যেন নকৈ নোৱাৰিলে, ‘সেয়াই সিহঁতৰ মানুহৰ সমাজৰ লগত টিকি থকাৰ বাবে অভিযোজন। সিহঁতৰ প্ৰাকৃতিক খাদ্য কম হৈ অহা এই দিনবোৰত তেনে সহজ উপায়েৰে খাদ্য বিচৰাৰ বাদে কিয়েইবা কৰিব!’
ৰায়ান কাষ চাপি আহিল। বৰ আলফুলে তাইৰ কান্ধত হাতখন থ’লে। তাৰপিছত স্বগতোক্তি কৰাৰ দৰে তাইৰ কাণে কাণে ক’লে,
‘তুমি এই চৰাইবোৰক, এই প্ৰকৃতিক ইমান বুজা। ইমান ভাল পোৱা। এই কথাটো মোৰ খুউব ভাল লাগে জানা, তুলিকা!’
তুলিকাৰ মন ভৰি গ’ল। যেন এপলকৰ বাবে অদৃশ্য দেৱালখন খহি পৰিল। ৰায়ানৰ দৰেই তাইৰো এটা বাহুৰে তেওঁৰ কঁকালত মেৰিয়াই ধৰিবলৈ তীব্ৰ ইচ্ছা হ’ল। সকলো দেও দি গৈ ৰায়ানৰ দুচকুৰ নীলিম সাগৰখনত ডুব যোৱাৰ বাসনা জাগিল। কিন্তু তাই লৰচৰেই নহ’ল। একোকে ক’বও নোৱাৰিলে। ৰায়ানৰ সোঁহাতখন তেনেদৰেই তুলিকাৰ কান্ধত ৰ’ল। দুয়ো নীৰৱে থিয় দি আৰ্ণ নৈলৈ চাই ৰ’ল। লাহে লাহে পশ্চিমৰ আকাশখনলৈ ফাকু গুড়ি ছটিয়াই আৰ্ণ নৈৰ সিপাৰে বেলিটো ডুবিবলৈ ধৰিলে।

‘উভতো ব’লা। কাইলৈ ৰাতিপুৱাই এঠাইত জৰীপ আছে!’ অৱশেষত তুলিকাই লাহেকৈ উচ্চাৰিলে। মনে মনে ভাৱিলে, সিদিনাৰ দৰে আজিও ৰায়ানে ক’ব নেকি, ‘আজি ৰৈ যোৱা!’ সেইদিনা ডেৰীৰ পৰা ৰায়ানৰ মাক পেট্ৰিচিয়া আহিছিল। মাকৰ সৈতে একেলগে ৰাতিৰ সাঁজ খাবলৈ ৰায়ানে তুলিকাক ঘৰলৈ মাতিছিল। কিছু অসহজ ভাৱেৰে হ’লেও প্ৰথমবাৰৰ বাবে ৰায়ানৰ অকণমানি এপাৰ্টমেণ্টটোত ভৰি দিছিলগৈ তুলিকাই। অৱশ্যে ক্ষন্তেকৰ ভিতৰতে আগৰ দৰেই পেট্ৰিচিয়াৰ সান্নিধ্যই পৰিৱেশটো জীপাল কৰি পেলাইছিল। ৰাতিৰ সাঁজ খাই কথাৰ মহলা মাৰি এটা সময়ত আহিবলৈ উঠোঁতেই ৰায়ানে কৈ পেলাইছিল, ‘আজি ৰৈ যোৱা নহ’লে!’ তুলিকা মূক হৈ পৰিছিল। যেন কাহানিও নুশুনা অবোধ্য কথা এষাৰ শুনা পালে তাই! তাৰপিছত খপজপকৈ কৈ পেলাইছিল, ‘নাই নাই, মই যাব লাগে!’ ৰায়ানৰ আহত চকুযুৰি চাবলৈ তাইৰ সাধ্য নাছিল।
সিদিনাৰ পিছত কেতিয়াও ৰায়ানে তাইক ঘৰলৈ মতা নাই। আজিও যাবলৈ সাজু হৈ ক’লে,
‘ঠিকেই। মোৰো কাইলৈকে ৰিপৰ্টিঙৰ কাৰণে এঠাইলৈ যাব লগা আছে। এসপ্তাহ পিছতহে উভতিম। তেতিয়াও আকৌ লগ হ’ম দিয়া।’
দুয়ো উভতনি বাটত খোজ দিলে। খোজৰ লগে লগে কেইবাবাৰো সিহঁতৰ দুবাহু ঘঁহা খালে। প্ৰতিবাৰেই দুয়োৰে দেহ আৰু মনৰ মাজেৰে পাৰ হৈ যোৱা শিহৰণটো এক হৈ ধৰা দিলে। কিন্তু একোৱে যেন হোৱা নাই এনে ভাৱেৰে দুয়ো গৈ থাকিল। শ্লাইগ’ পথৰ পদপথতে দুয়ো ৰ’ল। সেই পথৰ সিপাৰে দুখোজমান গ’লেই তুলিকাৰ এপাৰ্টমেণ্ট।
বতাহত বিয়লিৰ ছাঁ। বাটত ঘৰমুৱা লোকৰ ভিৰ। পদচাৰীৰ বাবে থকা ক্ৰছিং পইণ্টত হালধীয়া ছুইচটো টিপি তুলিকা থিয় দি ৰ’ল। পদচাৰীৰ সংকেতৰ ৰং ৰঙাৰ পৰা বগা হোৱালৈ অপেক্ষা কৰিলে। বগা হোৱাৰ লগে লগে যাবলৈ উদ্যত হৈ তাই এবাৰ ৰায়ানলৈ ঘুৰি চালে। সেই দুচকুৰ সুতীব্ৰ আকৰ্ষণে যেন মুহূৰ্ততে চুম্বকৰ দৰে টানি লৈ যাব খুজিলে। সেই উখল মাখলৰ মাজতেই বাটটো পাৰ হ’ব খোজোঁতেই ৰায়ানৰ চিৎকাৰ ভাঁহি আহিল।
‘ৱাটছ আউট তুলিকা- চাই লোৱা!’
তুলিকাই কিবা তলকিবলৈ পোৱাৰ আগতেই ৰায়ানে বাওঁহাতখনত টানি তাইক পুনৰ পদপথলৈ উভতাই আনিলে। লগে লগে ৰৈ গ’ল ঘাইপথত তীব্ৰ গতিৰে আহি থকা শুধ বগা টেছলাখন।
খৰৰৰৰচ্………
কোনোমতেহে গতি থমাই গাড়ীখনে পদচাৰী পাৰ হ’বলৈ ৰখা বগা আঁচডাল চুই ৰ’ৱলৈ সক্ষম হ’ল। ৰায়ানে তেতিয়াও তাইৰ বাওঁহাতখনত জোৰেৰে খামোচ মাৰি আছিল। কিছু বিব্ৰতভাৱেৰে তুলিকাই সেই গাড়ীলৈ চালে।
এইখন গাড়ী তাই চিনি পায়। খুউব ভালকৈ চিনি পায়!
সেই উপলব্ধিৰ লগে লগে তাইৰ চকু গ’ল গাড়ীৰ চালকলৈ। আৰু লগে লগেই যেন তাই এক প্ৰস্তৰ মূৰ্ত্তি হৈ পৰিল। ভূত দেখাৰ দৰে সেই একেই চকিত ৰূপেৰে সেয়া গাড়ীৰ ভিতৰত বহি আছে বিদ্যুৎ!!!!
পূৰ্বৰ খণ্ডসমূহ: